Class 11 Advance Assamese Chapter 12 ভ্ৰষ্টলগ্ন

Class 11 Advance Assamese Chapter 12 ভ্ৰষ্টলগ্ন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 12 ভ্ৰষ্টলগ্ন notes and select needs one.

Class 11 Advance Assamese Chapter 12 ভ্ৰষ্টলগ্ন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Advance Assamese Question Answer Chapter 12 are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 12 ভ্ৰষ্টলগ্ন Solutions for All Subject, You can practice these here

ভ্ৰষ্টলগ্ন – নিৰুপমা বৰগোহাঞি

Chapter – 12

চতুর্থ গোট

চমু প্ৰশ্ন

১। নিৰুপমা বৰগোহাঞিৰ এটি চমু পৰিচয় দিয়া ৷ 

উত্তৰঃ অসমীয়া সাহিত্যৰ এগৰাকী প্রতিষ্ঠাবান লেখিকা নিৰুপমা বৰগোহাঞিৰ জন্ম হয় ১৯৩২ চনত । গুৱাহাটীতে জন্ম যদিও শ্রীমতী বৰগোহাঞিৰ পৰিয়াল নলবাৰী অঞ্চলৰহে তেখেত বিশিষ্ট সমাজ সেৱক অধ্যাপক বিনয় কুমাৰ তামুলীদেৱৰ ভনীয়েক । 

ইংৰাজী আৰু অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্রী লাভ কৰা শ্ৰীমতী বৰগোহাঞিয়ে ১৯৫৪ চনৰ পৰা ১৯৬৫ চনলৈকে গোৱালপাৰা কলেজত অধ্যাপনা কৰিছিল । পৰৱৰ্তী কালত অৱশ্যে তেওঁ অধ্যাপনা বাদ দি সাংবাদিকতাত জড়িত হৈছিল । গুৱাহাটীৰ পৰা প্ৰকাশিত সাপ্তাহিক জনজীৱন কাকতৰ সম্পাদিকা আৰু নীলাচল কাকতৰ সম্পাদক হিচাপে তেওঁ সেৱা আগবঢ়ায় । 

শ্ৰীমতী বৰগোহাঞি একেধাৰে গল্পকাৰ , ঔপন্যাসিক আৰু নিবন্ধকাৰ । এতিয়ালৈকে ১২ খন গল্প সংকলন আৰু ৩০ খন উপন্যাসৰ প্রকাশেৰে তেখেতে অসমীয়া সাহিত্যলৈ এক বৃহৎ বৰঙণি আগবঢ়াইছে । শ্রীমতী বৰগোহাঞি এগৰাকী সমাজ সচেতন লেখিকা । সেই হিচাপে তেখেতৰ লেখনিত সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ জীৱনৰ নিৰ্ভাঁজ চিত্ৰ প্ৰকাশ পাইছে । বিশেষকৈ নিস্পেষিতসকলৰ মনোবেদনা আৰু নাৰীৰ সমস্যাক লৈ শ্ৰীমতী বৰগোহাঞি যথেষ্ট সচেতন আৰু এই ক্ষেত্ৰত লেখিকা হিচাপে বলিষ্ঠ ভূমিকা পালন কৰিছে ৷ 

শ্ৰীমতী বৰগোহাঞিৰ উল্লেখনীয় গল্পপুথি হ’ল – ‘ অনেক আকাশ ’ , ‘ নিৰুপমা বৰগোহাঞিৰ শ্ৰেষ্ঠ গল্প ’ , ‘ জীৱন আৰু ফেন্টাচী ‘ , নিৰুপমা বৰগোহাঞিৰ গল্প সমগ্র ইত্যাদি আৰু উল্লেখযোগ্য উপন্যাসসমূহ হ’ল – ‘ সেই নদী নিৰৱধি ’ , ‘ এজন বুঢ়া মানুহ ’ , ‘ দিনৰ পিছত দিন ’ , ‘ হৃদয় এটা নির্জন দ্বীপ ’ , ‘ ইপাৰৰ পৰা সিপাৰ ঘৰ ’ , ‘ অভিযাত্রী ’ ‘ অন্য জীৱন ’ , ইত্যাদি ‘ অভিযাত্রী’ উপন্যাসৰ বাবে তেখেতে ১৯৯৬ চনত সাহিত্য একাডেমী বঁটাও লাভ কৰিছে । 

২। ‘ অন্তৰত অতি গুপুত কোণত সেইবোৰ কি কথা লুকাই আছে ? মঞ্জুলাৰ অন্তৰত কি কথা লুকাই আছিল বহলাই আলোচনা কৰা ৷

উত্তৰঃ ভ্ৰষ্টলগ্ন গল্পত গল্পকাৰ নিৰুপমা বৰগোহাঞিয়ে এগৰাকী নাৰীৰ মনৰ বেদনাৰ কথা অতি সুক্ষ্ম ৰূপত পর্যবেক্ষণ কৰিছে আৰু নিখুঁতভাবে উপস্থাপন কৰিছে । 

গল্পটোৰ নায়িকা মঞ্জুলা অধ্যাপক ত্রিদিপৰ পত্নী । বিশ বছৰ আগতে বি . এ . টো পাছ নকৰোতেই তাই ত্রিদিপৰ লগত বিয়া হৈ আহিছিল । এতিয়া তাই চাৰিটা ল’ৰা – ছোৱালীৰ মাক । এখন ভৰা ঘৰৰ বোৱাৰী তাই । তাতে আকৌ ত্রিদিপৰ বিধবা ভনীয়েক পুতুলীও তিনিটা ল’ৰা – ছোৱালীৰে সৈতে তাত থাকেহি । গতিকে গোটেই ঘৰখনৰ দায়িত্ব মূৰ পাতি লৈ মঞ্জুলাই – সংসাৰ চলাই গৈছে । বি . এ পাছ কৰাৰ ইচ্ছা এটা আছিল যদিও সি আৰু কেতিয়াও বাস্তৱত ৰূপায়িত নহ’ল । কেতিয়াবা দুবছৰৰ মূৰত মাকৰ ঘৰলৈ এপাক যোৱাৰ বাদে আজি বিশ বছৰে তাই কলৈকো যাব পৰা নাই । শাহুয়েকৰ লগতে ঘৰ ধৰি আছে । 

দুবছৰৰ আগতে তাইৰ শহুৰেক ঢুকাইছে যদিও ঘৰখনৰ সকলো নীতি নিয়ম শাহুয়েকে ধৰি ৰাখিছে । শাহুৱেকৰ চকুৰ আগতে তাইৰ কিশোৰী চঞ্চলতা , মধুৰতা আঁতৰি গৈ পকা গৃহিণী হৈ পৰিছে । তাইৰ চকুৰ আগতে শাহুৱেক জনীও বুঢ়ী হৈছে । এতিয়া আশী বছৰৰ ওচৰত শাহুৱেকৰ মৃত্যু হৈছে । 

লেখিকাই শাহুৱেকৰ মৃত্যুৰ এই পৰিবেশটো সমুখত ৰাখিয়েই গল্পটো ৰচনা কৰিছে । শাহুৱেকৰ মৃত্যুত ঘৰখনত এক শোকাকুল পৰিবেশ । সকলোৱে চকুলো টুকিছে । মঞ্জুলাৰো বিশ বছৰৰ লগৰী , সুখে দুখে মাত মাতোতা মানুহজনী হঠাতে আঁতৰি যোৱাত বেজাৰ লাগিছে ৷ তেওঁৰো চকুলো ওলাইছে । কিন্তু দুখৰ মাজতে মঞ্জুলাৰ অন্তৰত এক আনন্দও বিৰাজ কৰিছে । তেওঁ নিজেই চকিত হৈছে অন্তৰৰ অতি গুপুত কোণত থকা সেই ভাবনাৰ কথা ভাবি । 

গল্পকাৰে এক অনুপম পৰিবেশ ৰচনাৰ মাজেৰে মঞ্জুলাৰ অন্তৰৰ কথা প্ৰকাশ কৰিছে । এফালে তেওঁ দুখত ভাগি পৰিছে , আনফালে তেওঁ এক স্বস্থিৰ নিশ্বাস পেলাইছে । তেওঁ যেন মুক্তি পাইছে । কি মধুৰ এই উপলব্ধি।গল্পকাৰে দেখুৱাইছে যে এনে ভাবনা মনলৈ অহাৰ বাবে মঞ্জুলাৰ অন্তৰত এক পাপবোধো আহিছে কিন্তু তেওঁ ভাবিছে যে তেওঁৰ জীৱনৰ অমূল্য কুৰিটা বছৰ যে পাকঘৰত জুই আৰু ধোঁৱাৰ মাজত অকলে বন্দী কৰি ৰখা হ’ল তাৰ বাবে জানো শাহুৱেকৰ পাপ লগা নাছিল । গতিকে মঞ্জুলাৰ মনৰ গোপনত এক মুক্তিৰ বাসনা আছিল ৷ ঘৰখনৰ বান্ধোনৰ পৰা মুক্তি লৈ নিজৰ স্বামী আৰু সস্তান কেইটিৰ সৈতে এপাক ওলাই যোৱাৰ ইচ্ছা , পাকঘৰৰ নৈমিত্তিক জঞ্জালৰ পৰা অকণমান আঁতৰি যোৱাৰ ইচ্ছা , মন ভাল লগাকৈ অকণমান সময় নিজৰ চিলাই বা পঢ়াৰ মাজত আবদ্ধ হোৱাৰ ইচ্ছা এনে বহুত গুপুত বাসনাই তেওঁক ভিতৰৰ পৰা জৰ্জৰিত কৰি ৰাখিছিল । তেওঁৰ স্বামী ত্রিদিপ আছিল অত্যন্ত সৎ আৰু চৰিত্ৰবান ব্যক্তি । কিন্তু তেওঁ নিজৰ অধ্যয়ন আৰু অধ্যাপনাতে ব্যক্ত আছিল আৰু কোনো কাৰণতে ঘৰখনৰ কাৰো কথাতে প্রতিবাদ কৰাৰ সাহস নাছিল । 

মঞ্জুলাক অত্যন্ত ভাল পোৱা সত্বেও তেওঁ মঞ্জুলাৰ মনটোৰ এই কথাবোৰ বুজিব পৰা নাছিল বা বুজাৰ চেষ্টাও কৰা নাছিল ৷ মঞ্জুলায়ো ভালদৰে বুজিছিল যে এনেবোৰ কথা তেওঁৰ স্বামীক কৈ লাভ নাই । গতিকে মঞ্জুলাৰ মনৰ ক্ষোভবোৰ গুজৰি গুমৰি আছিল । সেয়েহে শাহুৱেকক হেৰুৱাই মনত বেজাৰ পালেও , তেওঁ এক আনন্দ অনুভৱ কৰিছিল । তেওঁ যেন মুকলিকৈ উশাহ লোৱাৰ সুবিধা পাইছিল ৷ 

৩ । “ নাই বাইদেউ , এনেকৈ পাকঘৰতে জীৱনটো শেষ কৰি নিদিবি— এটা ৰান্ধনি চান্ধনি ৰাখ ” —কথাষাৰ কোনে কি প্ৰসংগত কৈছিল ? 

উত্তৰঃ উক্ত কথাষাৰ কৈছিল ‘ ভ্ৰষ্টলগ্ন ’ গল্পৰ নায়িকা মঞ্জুলাৰ ভনীয়েক মৃদুলাই । 

‘ ভ্ৰষ্টলগ্ন ’ গল্পৰ নায়িকা মঞ্জুলাৰ বিয়া হৈছে কলেজৰ অধ্যাপক ত্রিদিপৰ লগত । অধ্যাপক ত্রিদিব সৎ আৰু চৰিত্ৰবান ল’ৰা । চহৰৰ ভিতৰতে তেওঁলোক আঢ্যৱন্ত খোৱা পিন্ধা একোৰে আকাল নাই , দহজনক খুৱাব , পিন্ধাবও পাৰে । সেইমতে ঘৰখন আলহী অতিথিৰে ভৰা । সেই ফালৰ পৰা মঞ্জুলাই বোৱাৰী হিচাপে গৌৰৱ কৰিব পাৰে । 

কিন্তু ঘৰখন পুৰণি নীতি নিয়মেৰে শৃঙ্খলিত । ঘৰত প্রচলিত প্রথাক উলাই কৰি আধুনিক জীৱনৰ সুখ স্বাচ্ছন্দ্যৰ কথা ভাবিবৰ কোনো ব্যৱস্থা নাই । আনহাতে ত্রিদিব অত্যন্ত ভাল যদিও মাক পিতাকৰ বাধ্য সন্তান । তেওঁ কোনো কাৰণতে মাক পিতাকৰ মতৰ ওপৰত কথা নকয়। তেওঁ নিজৰ অধ্যয়ন আৰু অধ্যাপনাতে ব্যস্ত । 

ঘৰখনৰ শাহু শহুৰৰ উপৰি বিধৱা ভনীয়েক পুতুলী আৰু তাইৰ তিনিটা সন্তান । গতিকে বিয়া হৈ অহাৰ দিন ধৰি কুৰিটা বছৰে মঞ্জুলাই পাকঘৰৰ জুই আৰু ধোঁৱাৰ মাজতে নিজক আবদ্ধ কৰি ৰাখিছে । কেতিয়াবা এখন চিনেমা চাবলৈ , কেতিয়াবা অকণমান কৰবাত ফুৰিবলৈ ওলাই যাবলৈ কোনো আহৰি নাই । আনকি এনেবোৰ কাৰণত মাক পিতাকক এবাৰ কোৱাৰো সাহস নাই তেওঁৰ স্বামীৰ । 

কিন্তু মঞ্জুলাৰ ভনীয়েক মৃদুলাৰ বিয়া হৈছে এজন সৰু ব্যৱসায়ীৰ লগত। বিধৱা বুঢ়ী আৰু সৰু দেওৰেক এটা ৷ সুন্দৰ সংসাৰ । ভাত পানী মৃদুলায়ে বান্ধে যদিও সামান্য আয়োজন । অন্ততঃ তাই দিনটো পাকঘৰতে সোমাই থাকিব নালাগে । সিঁহতে মন ভৰি ফুৰিছে , চলিছে , চিনেমা চাইছে আৰু জীৱনটোক উপভোগ কৰিছে । 

এবাৰ মৃদুলা আহি বায়েকৰ ঘৰত চাৰি দিন থাকি গৈছিলহি । প্রথমে তেওঁ মঞ্জুলাহঁতৰ ঐশ্বর্য বৈভৱ , খোৱা লোৱাৰ আয়োজন , মানুহ দুনুহ , গাড়ী ঘোঁৰাৰ আহ – যাহ দেখি চমৎকৃত হৈছিল । কিন্তু চাৰিদিন থকাৰ পাছত তাই হতাশ হৈছিল আৰু বায়েকক কৈছিল যে ঘৰখন কেৱল ৰন্ধা খোৱাতে ব্যস্ত । বঙালীত কোৱাৰ দৰে– “ বান্নাৰ পৰ খাওয়া আৰ খাওয়াৰ পৰ ৰান্না ” । সেয়েহে তাই বায়েকক বান্ধনি চান্ধনি এটা ৰাখি অলপ আজৰি হৈ লোৱাৰ পৰামৰ্শ দিছিল । এনেদৰে পাকঘৰতে জীৱনটো শেষ নকৰিবলৈ পৰামৰ্শ দিছিল । 

৪। “ মুক্তি আঃ কি মধুৰ ” — মঞ্জুলাই কি ধৰণৰ মুক্তি বিচাৰিছিল । সেই মুক্তি তেওঁ পালেনে ? বুজাই লিখা । 

উত্তৰঃ ভ্ৰষ্টলগ্ন গল্পটোত নাৰীৰ অন্তৰৰ মনোবেদনাৰ এক যথার্থ প্রকাশ ঘটিছে । গল্পটোৰ নায়িকা মঞ্জুলা বি . এ পঢ়ি থাকোতেই অধ্যাপক ত্রিদিবৰ লগত বিয়াত বহিছে । ত্রিদিব এজন অধ্যাপক আৰু আঢ্যৱস্ত ঘৰৰ ল’ৰা । শাহু – শহুৰ , বিধৱা ভনীয়েক পুতুলী আৰু তেওঁৰ তিনিটা সন্তান সহ ভৰা ঘৰ । সময়ত মঞ্জুলাও চাৰিটা সন্তানৰ মাতৃ হৈছে । চিৰন্তন ৰীতিত চলা ঘৰখনত এই বিশাল সংসাৰখনৰ দায়িত্ব লৈ পাকঘৰৰ জুই আৰু ধোঁৱাৰ মাজতে মঞ্জুলাই বিশটা বসন্তপাৰ কৰিছে । এক গতানুগতিক জীৱন । 

মঞ্জুলাৰ স্বামী ত্রিদিব অত্যন্ত ভাল মানুহ , কিন্তু তেওঁ নিজৰ অধ্যয়ন অধ্যাপনাতে ব্যস্ত । তেওঁ পিতৃ মাতৃৰ ইমানেই ভক্ত যে তেওঁলোকক সুধি তেওঁ মঞ্জুলাক এপাক ফুৰাবলৈও উলিয়াই নিব নোৱাৰে । মঞ্জুলাই বি . এ টো পাছ কৰাৰ কথা ভাবিছিল । সিও হৈ নুঠিল । তেওঁ ভাল চিলাই কৰিছিল , সেইবোৰো চাঙত উঠিল ৷ এক চিৰাচৰিত নিয়ম পালন কৰি কৰি বিশটা বছৰ তেওঁৰ পাৰ হৈ গ’ল । 

গল্পটোত দেখুওৱা হৈছে যে ধন – সম্পদ , ঐতিহ্য , ঐশ্বৰ্য আৰু ভাল মানুহ এটাই নাৰীৰ বাবে সকলো নহয় ৷ নাৰীৰ মনতো জীৱনৰ একঘেঁয়া ব্যৱস্থাৰ পৰা মুক্তি লৈ অকণমান জীৱনটো উপভোগ কৰাৰ ইচ্ছা থাকে । স্বামীৰ লগতে আনন্দৰে এপাক ওলাই যাবলৈ বা নিজৰ মন পছন্দ মতে অলপ সময় কটাবলৈ ইচ্ছা থাকে । এনেবোৰ ইচ্ছাক ঘৰৰ নিয়মে হেঁচা মাৰি থয় ৷ কোনো প্রশাসন নাই । তথাপি এক অলিখিত আইনে এনেবোৰ মুক্তিৰ স্বপ্ন চাৰখাৰ কৰে । মঞ্জুলাই এই গতানুগতিক জীৱন বন্ধনৰ পৰাই অলপ মুক্তি বিচাৰিছিল । শাহুৱেক ঢুকুৱাৰ পিছত তেওঁ সেই মুক্তি পোৱা বুলি অনুভৱ কৰিছিল । 

Sl. No.Contents
Chapter 1প্ৰহ্লাদ চৰিত্ৰ
Chapter 2শিৱৰ কৃষি কর্ম
Chapter 3প্রিয়তমাৰ চিঠি
Chapter 4পানেশৈ
Chapter 5পছোৱাৰ ডাক
Chapter 6চামুৰাই
Chapter 7শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত
Chapter 8ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা
Chapter 9অঙ্কীয়া নাটৰ ৰস বিচাৰ
Chapter 10টিকেন্দ্রজিৎ
Chapter 11যীশুখৃষ্টৰ ছবি
Chapter 12ভ্ৰষ্টলগ্ন
Chapter 13কবিতা
Chapter 14নাটক
Chapter 15অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়
Chapter 16ছন্দ

কিন্তু শাহুৱেকৰ মৃত্যুৰ পিছত ঘৰত ৰান্ধনি এটা ৰখাৰ পিছতো তাই মুক্তি নাপালে । ঠাকুৰে ভাতৰ কোনো দিহা নাপায় ৷ খোৱাৰ পৰত সকলো অসন্তুষ্ট হয় । আনকি মঞ্জুলাৰ নিজৰো বিবক্তি লাগে । কাগজ – পত্র গোটাই পঢ়া শুনা কৰিবলৈ লয় তাতো তেওঁ দীর্ঘ সময় বহাৰ ধৈৰ্য নাথাকে । চিলাই কৰিবলৈ লয় , চকু জ্বলা পোৰা কৰে । অনভ্যাসত হাত নচলা হয় । জীয়েকৰ লগত এখন চিনেমা চাবলৈ ওলাই যায় । চিনেমাৰ বিষয়বস্তু দৃশ্য সজ্জাই আমনি দিয়ে মঞ্জুলাক । জীয়েকক এনে অসভ্য বাজে চিনেমা চাবলৈ অনাৰ বাবে খং কৰে । ৰঙীন গান – বাজনা আৰু ভীষণ শব্দৰে ভৰা চিনেমা চাই মঞ্জুলাই ৰাতি মূৰৰ বিষত শুব নোৱাৰা হৈ পৰে । তেওঁ মনৰ ভিতৰত এক অস্থিৰ ছটফটনি অনুভৱ কৰে । মঞ্জুলাই ভাবিলে তেওঁ ইমান দিনে আশা কৰি থকা ‘ মুক্তি ’ পোৱাৰ পিছতো কিহৰ এই অস্থিৰতা ? তেওঁ অনুভৱ কৰিলে যে কুৰিটা বছৰৰ ব্যৱধানত তাই বিচৰা মুক্তিৰ স্বাদ তাইৰ বাবে অসহনীয় হৈছে , বিস্বাদ লাগিছে ৷ লগ্ন ভ্ৰষ্ট হৈছে । কুৰি বছৰীয়া গাভৰু মনটোৱে বিচৰা বস্তুবোৰ দুকুৰি বছৰীয়া জীৱনটোৱে গ্ৰহণ কৰিব পৰা নাই । গতিকে মঞ্জুলাই মুক্তি বিচাৰিছিল যদিও এই মুক্তিৰ অনুভৱ তেওঁৰ বাবে আনন্দকৰ নহ’ল । আচলতে তেওঁ মুক্তি নাপালে । 

৫। ‘ মাহীয়েকৰ দৰে স্পষ্ট বক্তা হৈছে ভাগিনীয়েকজনী — ইয়াত মাহীয়েক আৰু ভাগিনীয়েক কোন ? 

উত্তৰঃ ইয়াত মাহীয়েক হ’ল মঞ্জুলাৰ ভনীয়েক মৃদুলা আৰু ভাগিনিয়েক হ’ল মঞ্জুলাৰ জীয়েক মন্দিৰা । 

৬। ঠাকুৰে ৰন্ধা বঢ়া কৰিবলৈ লোৱাৰ পিছত মঞ্জুলাৰ কেনেধৰণৰ সুবিধা আৰু অসুবিধা হৈছিল বুজাই লিখা ।

উত্তৰঃ ঘৰলৈ ঠাকুৰ অহাৰ পিছত প্ৰথম দিনাই ঠাকুৰে ৰন্ধা খাই ল’ৰা ছোৱালীবোৰে আপত্তি কৰিলে— ঠাকুৰে মাকৰ দৰে ৰান্ধিব পৰা নাই । আঞ্জাত জ্বলা বেছি হোৱা বুলিও সিঁহতে আপত্তি কৰিলে । 

ঠাকুৰে ৰন্ধা ভাত খাই মঞ্জুলাই নিজেও জুতি নাপালে । তাই ঠাকুৰক জ্বলা কমকৈ দিবলৈ কোৱা কথাটো মনত পেলাই দিলে । উত্তৰত ঠাকুৰে টেষ্ট উঠিব কেনেকৈ বুলি তাইকহে ওলোটাই প্রশ্ন কৰিলে । মঞ্জুলা হতবাক হৈ গ’ল ৷ 

ঠাকুৰে ৰন্ধা বঢ়া কৰিবলৈ লোৱাত মঞ্জুলাৰ বাবে এটাই সুবিধা হৈছিল যে তাই অন্ততঃ বিশ বছৰ ধৰি সোমাই থকা পাক ঘৰটোৰ পৰা মুক্তি পাইছিল । তাইৰ ইচ্ছামতে তাই চলিব পৰা হৈছিল । নিজৰ মন পছন্দৰ কাম কৰিব পাৰিছিল । কিন্তু ঠাকুৰৰ কাণ্ড কাৰখানাবোৰ দেখি তেওঁৰ মূৰ গৰম হৈ যায় । কোনো কথাই ঠিকমতে মনত নাৰাখে । গতিকে মঞ্জুলাৰ উপলব্ধি এনেকুৱা “ এই মানুহবোৰক ৰাখিও উপাই নাই । নাৰাখিলে দেহে দুখ পায় , আকৌ ৰাখিলেও মনে অশাস্তি পাই মৰে । ” 

৭। “ তুমি কিয় ইমান বাধ্য হৈ চলিব লাগে ” — এই কথষাৰ কোনে কি প্ৰসংগত কৈছে ? 

উত্তৰঃ উক্ত কথাষাৰ ‘ ভ্ৰষ্টলগ্ন ’ গল্পত মঞ্জুলাই কৈছে । মঞ্জুলাৰ গিৰিয়েক অধ্যাপক ত্রিদিব ইমানেই শান্ত আৰু বাধ্য আছিল যে তেওঁ ঘৰখনৰ কোনো কথাতে নামাতিছিল । ইমানটো বয়স হোৱাৰ পিছতো তেওঁ মঞ্জুলাক লৈ কেনিও ওলাই যাব নোৱাৰে । আনকি মাক দেউতাকৰ অনুমতি লৈ হলেও এখন চিনেমা চাবলৈ বা এখন্তেক ফুৰি আহিবলৈ সাহস গোটাব নোৱাৰে । তেওঁ আচলতে মঞ্জুলাক বিয়া কৰাই আনি সম্পূর্ণভাৱে শাহুৱেকৰ তলত এৰি দিলে । মঞ্জুলাৰ সৈতে তেওঁ সামান্য জীৱন এটা গঢ়ি তোলাৰ কথা তেওঁ কোনোদিনে নাভাবিলে । সেয়েহে মঞ্জুলাৰ আপত্তি । ইমান বেছি বাধ্য হোৱাৰ ফলত যে তাইৰ জীৱনটো পাকঘৰত জুই আৰু ধোঁৱাৰ মাজতে শেষ হৈ গ’ল , তাক বুজি নোপোৱাৰ দুখতে তেওঁ তেনেদৰে কৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top