Class 11 Advance Assamese Chapter 4 পানেশৈ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC HS 1st Year Advance Assamese Chapter 4 পানেশৈ notes and select needs one.
Class 11 Advance Assamese Chapter 4 পানেশৈ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Advance Assamese Question Answer Chapter 4 are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 4 পানেশৈ Solutions for All Subject, You can practice these here
পানেশৈ – আনন্দ চন্দ্ৰ আগৰৱালা
Chapter – 4
প্ৰথম গোট
চমু প্ৰশ্ন
১। কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ চমু পৰিচয় দিয়া ।
উত্তৰঃ প্রত্নতত্ত্ববিদ , কবি আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ জন্ম শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ বৰঙাবাৰীত । ১৯৭৪ চনত তেখেতৰ জন্ম হয় বিখ্যাত আগৰৱালা পৰিয়ালত । আগৰৱালাদেৱে পুৰাতত্ত্ব সম্পর্কে ভালেমান উল্লেখনীয় প্রবন্ধ ৰচনা কৰে । কবি হিচাপেও তেখেতৰ অৱদান উল্লেখনীয় ৷ বিশেষকৈ অনুবাদৰ ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিকাতাৰ বাবে তেখেতক ভাঙনি কোঁৱৰ ‘ আখ্যা দিয়া হয় ।
আৰক্ষী অধীক্ষক হিচাপে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা আগৰৱালাদেৱ ‘ জোনাকী ’ আৰু ‘ বিজুলী ’ কাকতৰ লগত বিশেষভাৱে জড়িত হৈ আছিল । ১৯৩৪ চনৰ মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ পঞ্চদশ অধিবেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰে । তেখেতৰ কবিতাপুথি হ’ল ‘ জিলিকনি ‘ ।
২। পানেশৈক বাপেকে কি বুলি কৈছিল ? তাৰ উত্তৰত পানেশৈয়ে কি কলে ?
উত্তৰঃ পানেশৈক নীল সাগৰৰ মাজত দেখি বাপেকে তেওঁৰ ঘাটলৈ নাও চপাবৰ বাবে অনুৰোধ জনাইছে ৷ তেওঁ কৈছে যে তেওঁ পানেশৈক সকলো দিব— ধন সম্পত্তি , আ – অলংকাৰ সকলো দিয়াৰ আগতে খাটলি পীৰাত বহুৱাই ভাত খুৱাব । বেটী বান্দীসকলে পানেশৈক আল পৈচান ধৰিব ।
দুহাতে দুমুঠি দি যাওঁ চৰিমুঠি , গলত দি যাম হাৰ । খাটলি পীৰাতে বহি ভাতে খাবা , বেটীয়ে ধৰিব আল ।।
ইয়াৰ উত্তৰত পানেশৈয়ে কৈছে তেওঁ খাটলি পীৰাত বহি ভাতো নাখায় আৰু বেটীয়েও তেওঁক আল ধৰিব নালাগে । তেওঁ যেনেকৈ আছে তেনেকৈয়ে সুখেৰে আছে । মানুহৰ মাজত থকাৰ তেওঁৰ একেবাৰে ইচ্ছা নাই । তাৰ পৰিবৰ্তে আঁতৰে আঁতৰে থকাই উচিত । পানেশৈৰ উত্তৰৰ মাজেৰে মানুহৰ সমাজখনৰ প্ৰতি থকা তেওঁৰ এক বিতৃষ্ণা বা বিৰাগ ভাব ফুটি উঠিছে ।
৩। পানেশৈ কোন শ্ৰেণীৰ কবিতা ? কবিতাটোৰ কথাখিনি বর্ণনা কৰা ।
উত্তৰঃ পানেশৈ এটি ‘ বেলাড ’ শ্রেণীৰ কবিতা- অর্থাৎ এটি কাহিনীগীত।
বেলাড বা কাহিনীগীত হ’ল এক শ্ৰেণীৰ বিশেষ কবিতা । বেলাডত সাধাৰণতে লোক জীৱনৰ এটি কাহিনী প্রতিফলিত হয় । লোকজীৱনৰ পৰা বুটলি লোৱা একোটা কাহিনীক পুৰণি লোকগীতৰ ছন্দত সজাই তোলাৰ চেষ্টা কৰা হয় । নৈসর্গিক জনগন নিষ্ঠ ভাৱ কল্পনা আদি বেলাডৰ বিশেষ লক্ষণ ।
পানেশৈ কবিতাটিও ‘ পানেশৈ ’ শীর্ষক এটি লোক কাহিনীৰ আধাৰত ৰচিত । ‘ পানেশৈ ’ নামৰ এই লোক কাহিনীটি বেজবৰুৱাদেৱৰ ‘ বুঢ়ী আইতাৰ সাধুত ’ সন্নিবিষ্ট কৰা হৈছে ।
কবিতাটোত কাহিনীটোৰ পূৰ্ণৰূপ নাই । মাত্র দেখুওৱা হৈছে যে পানেশৈয়ে নীল সাগৰৰ মাজত নাও বাই আছে । তেওঁৰ সোণৰ প্ৰতিমাৰ দৰে ৰূপ দেখি সাগৰপৰীয়াসকলো অবাক হৈছে । তেখেতে নৈৰ ঘাটত নাও বন্ধা পানেশৈৰ বাপেকে জীয়েকক দেখি আথে বেথে গৈ তেওঁৰ ঘাটত নাও চপাবৰ বাবে অনুৰোধ কৰিছে । বাপেকে তাইক কৈছে— “
দুহাতে দুমুঠি দি যাওঁ চাৰিমুঠি , গলত দি যাম হাৰ খাটলি পীৰাত বহি ভাতে খাবা , বেটীয়ে ধৰিব আল । ”
কিন্তু বাপেকৰ আহ্বান শুনাৰ পিছতো পানেশৈ বাপেকৰ ওচৰ চাপিব খোজা নাই । পানেশৈয়ে কৈছে তেওঁ খাটলি পীৰাত বহি ভাতো নাখায় আৰু বন্দী বেটীয়েও তেওঁক আল ধৰিব নালাগে ৷ তেওঁ বাপেকক উভতি যাবলৈ কৈছে আৰু জনাইছে যে মানুহৰ মাজত থকাতকৈ এনে অৱস্থাই ভাল । বাপেকক এনেদৰে কৈ পানেশৈয়ে সাগৰৰ মাজ পালেগৈ । এনেদৰেই সাগৰৰ ঢৌৱে ঢৌৱে খেলি তেওঁ সময় অতিবাহিত কৰিব ধৰিলে । বাপেক মাকেও বহুদিন গৈ সাগৰৰ মাজত থকা পানেশৈক মাতিলেগৈ , কিন্তু তাই ঘূৰিয়েই নাচালে ।
এদিন পুৱা সাগৰৰ পাৰত এজোপা গছৰ তলত মানুহে আৱিস্কাৰ কৰিলে পানেশৈৰ মৃতদেহ । দুইফালে পৰি থকা দুই তাঁৰি চুলিত নিয়ৰৰ টোপাল।কোমল মুখত সুৰুযৰ কোমল কিৰণ । এনেদৰেই নিষ্ঠুৰ মানুহৰ চলনাত আঁতৰি যোৱা পানেশৈ পৃথিৱীৰ পৰাই আঁতৰি গ’ল । অকালতে এগৰাকী গাভৰৰ জীৱন নাটৰ কৰণ পৰিসমাপ্তি ঘটিল । নিজানত ফুলা সুগন্ধি গোলাপ নিজানতে সৰি গ’ল ।
৪। ‘পানেশৈ’ৰ লগত জড়িত সাধুকথাটো অতি সংক্ষেপে লিখা ।
উত্তৰঃ ‘পানেশৈ ’ আমাৰ লোক জীৱনৰ কাহিনী । এই পুৰণি সাধুকথাটি বেজবৰুৱাদেৱে সযতনে তেওঁৰ বুঢ়ী আইৰ সাধুত স্থান দিছে ।
সাধুটোৰ মতে গাঁৱৰ এগৰাকী বুঢ়ীৰ মৰমৰ লৰাটোৱে পান চুৰি কৰি থাকোতে বাৰীত এটা হাঁহকণী পাই মাকক দিলেগৈ । পিছত তাৰ পৰা এগৰাকী দিব্য ছোৱালী হ’ল । তাই দিনত বুঢ়ী গাঁৱলৈ ওলাই গলে বুঢ়ীৰ পইতা ভাত কেইটা খাই গৰম ভাত ৰান্ধি থৈ চাঙত উঠি থাকে । বুঢ়ীয়ে ধৰিবই নোৱাৰে ৷ পিছে বুঢ়ীয়ে এদিন খাপ লৈ থাকি তাইক ধৰিলে । তাই বুঢ়ীক সকলো ভাঙি পাতি কলে আৰু তেতিয়াৰ পৰা বুঢ়ীৰ লগতে থাকিল । বুঢ়ীয়েও তাইকে নিজৰ জীয়েক বুলিয়েই পৰিচয় দিয়ে ।
পিছে বুঢ়ীৰ পুতেক ডেকা হৈ অহাত সি পানেশৈক বিয়া কৰাব খুজিলে । বুঢ়ীয়ে এৰাব নোৱাৰি পানেশৈয়ে গম নোপোৱাকৈ বিয়া ঠিক কৰিলে । বিয়াৰ দিনা নৈৰ ঘাটত মাহ হালধি বটি থাকোতে মগনীয়া বুঢ়ী এজনী আহি পানেশৈক আচল কথাতো কোৱাত তাই ইকৰাৰ নাও আৰু বঠা লৈ বৰপুখুৰীত পৰিলগৈ ৷ সকলোৱে তাইক তাৰ পৰা অনাৰ চেষ্টা কৰিলে যদিও তাই তাৰ পৰা নাহিল । তাই দিনত এইদৰে নাও খেলে আৰু ৰাতিছোৱা গছৰ মুঢ়াতে শুই থাকে । এদিন ককায়েকে বৰশী বাই থাকোতে তাই ছোৱাত মাজৰ পৰা মাত দিলে । কৰ পৰানো এনে শব্দ আহে বুলি ভাবি ককায়েকে ছোৱাৰ মুঢ়াতো চিৰা চিৰ কৰিলেহি । এনেতে পানেশৈক নৈৰ পাৰত লগ পোৱা মগনীয়াগৰাকী আহিল আৰু খৰি বিচাৰিলেহি । পানেশৈৰ ককায়েকে তাইক বিয়া ভাঙতী বুলি মতি নিদিলে । বুঢ়ীয়ে দূৰৈত পলসত চিটিকি পৰা খৰি এচটা তুলি নিলে আৰু ধোৱাঁচাঙত থলেগৈ তাতে পানেশৈ আছিল । ইয়াতো পানেশৈয়ে পইতা ভাত খাই তলত ভাত ৰান্ধি থয় । এদিন বুঢ়ীৰ হাতত ধৰা পৰাত তাই দিনত খুৰীহাঁহ এজনী হৈ থাকি ৰাতি ৰূপ সলাই ছোৱালী হৈ মগনিয়াৰ বুঢ়ীৰ লগতে শুবলৈ ধৰিলে ।
এদিন ককায়েকে মগনীয়াৰ বুঢ়ীৰ চোতালত ঘিলা খেলোতে ককায়েকে মাৰি পঠিওৱা ঘিলাটো খুৰী হাঁহজনীয়ে খপকৰে ধৰিলে । ইয়াকে দেখি ককায়েকে জানিলে যে এইজনী সাধাৰণ হাঁহ নহয় ৷ ককায়েকে গৈ ৰোহ পাতিলে যে তাক হাঁহজনী লাগিব । এইবাৰ ককায়েকৰ মাকে মগনীয়াৰ বুঢ়ীক ধনবিত দি সৈমান কৰালে আৰু হাঁহজনী নিজৰ ঘৰলৈ নিলে । ককায়েকে হাঁহজনী অতি মৰমত ৰাখে আৰু বাতিও নিজৰ লগতে শুৱাই থয় । এদিন মগনীয়া বুঢ়ীজনীয়ে সকলো কথা গম পাই লৰাটোক বুজালে যে সেইজনী আচলতে হাঁহ নহয় , পানেশৈ । ৰাতি টোপনি আহিছেনে নাই চাবলৈ হাঁহজনীয়ে তোক খুটিব । তেতিয়া তই টোপনিৰ ভাও জুৰি পৰি থাকিবি । তেতিয়া তাই মোট সলাই বাহিৰলৈ যাওঁতে তাইৰ মোটটো তুঁহজুইত সুমুৱাই দিবি । তাই তেতিয়া ভিতৰলৈ আহি মুচকচ যাব ৷ তেতিয়া তাইৰ মুৰত তেল পানী নেমুটেঙা চেপি দি বিচনিৰে বিচিলে তাই জ্ঞান পাব ৷ এই বুলি মগনীয়াৰ গ’লগৈ ৷ লৰাই তেনে কৰি পানেশৈক পালে আৰু বিয়া কৰাই ঘৰ সংসাৰ কৰি সুখেৰে থাকিল । এয়ে বেজবৰুৱাই‘বুঢ়ী আইৰ সাধু’ত সন্নিবিষ্ট কৰা ‘ পানেশৈ ’ সাধুৰ মূল কথা।
Sl. No. | Contents |
Chapter 1 | প্ৰহ্লাদ চৰিত্ৰ |
Chapter 2 | শিৱৰ কৃষি কর্ম |
Chapter 3 | প্রিয়তমাৰ চিঠি |
Chapter 4 | পানেশৈ |
Chapter 5 | পছোৱাৰ ডাক |
Chapter 6 | চামুৰাই |
Chapter 7 | শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত |
Chapter 8 | ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা |
Chapter 9 | অঙ্কীয়া নাটৰ ৰস বিচাৰ |
Chapter 10 | টিকেন্দ্রজিৎ |
Chapter 11 | যীশুখৃষ্টৰ ছবি |
Chapter 12 | ভ্ৰষ্টলগ্ন |
Chapter 13 | কবিতা |
Chapter 14 | নাটক |
Chapter 15 | অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় |
Chapter 16 | ছন্দ |
৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্য কৰা ৷
( ক ) ‘ নপৰে নিশাহ কপালত চোৱা
মৃত্যুৰ কলীয়া ৰেখ ।
নিষ্ঠুৰ মানুহ শেষ হ’ল আজি
জীৱন দিনৰ লেখ ।।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলনৰ সন্নিবিষ্ট আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ পানেশৈ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে ।
পানেশৈৰ মৃত্যু হোৱাৰ পিছত কবিয়ে পানেশৈৰ জীৱনৰ পৰিসমাপ্তিক বুজাবৰ বাবে এই কথাষাৰ অৱতাৰণা কৰিছে ।
এদিন মানুহে ৰাতিপুৱাই দেখিলে যে সাগৰৰ পাৰৰ গছ এজোপাৰ তলত পানেশৈ শুই আছে । চুলিটাৰি দুই ফালে মেলা আছে আৰু মুখত সূৰ্য্যৰ কোমল কিৰণ পৰিছে । পিছত মানুহে ভালকৈ চাই যে তাই উশাহ নিশাহ লোৱা নাই , তাইৰ কপালত জিলিকি উঠিছে মৃত্যুৰ কলীয়া ৰেখা ৷ নিষ্ঠুৰ মানুহৰ জীৱন বুজিলে দিনৰ লেখ , শেষ কৰি পানেশৈয়ে চিৰকাললৈ বিদায় ললে । মানুহ যে স্বাৰ্থপৰ বা মানুহ জীৱন যে নিষ্ঠুৰতাৰে ভবা , তাৰো কথা ইয়াত কোৱা হৈছে , কাৰণ পানেশৈ আছিল এগৰাকী দিব্য ছোৱালী । মানুহৰ স্বাৰ্থপৰতাৰ বাবেই তাই আঁতৰি গ’ল ।
৬। পানেশৈ ’ কোন যুগৰ কবিতা ?
উত্তৰঃ ৰোমান্টিক আৰু জোনাকী যুগৰ কবিতা ৷
৭। আনন্দচন্দ্ৰ আগৰৱালাই লিখা কবিতা পুথিখনৰ নাম কি ?
উত্তৰঃ জিলিকনি ।
৮। শব্দার্থ লিখা ।
উত্তৰঃ
শব্দ | অৰ্থ |
আথে বেথে | অতি আদৰেৰে |
খাটলিপীৰা | চাৰিচুকীয়া পীৰা |
বেটী | লগুৱা |
নীলিমা | নীল বৰণীয়া ( নীল বৰণীয়া পানী) |
ভূৱন | পৃথিৱী |
কেশ | চুলি |
কনককিৰণ | সূৰ্যৰ কিৰণ |
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Thank you sir.apunar pora moi bohut hohai palu