Class 11 Advance Assamese Chapter 4 পানেশৈ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC HS 1st Year Advance Assamese Chapter 4 পানেশৈ notes and select needs one.
Class 11 Advance Assamese Chapter 4 পানেশৈ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 11 Advance Assamese Question Answer Chapter 4 are part of AHSEC All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 4 পানেশৈ Solutions for All Subject, You can practice these here
পানেশৈ
Chapter – 4
প্ৰথম গোট
চমু প্ৰশ্ন
১। কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ চমু পৰিচয় দিয়া ।
উত্তৰঃ প্রত্নতত্ত্ববিদ , কবি আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ জন্ম শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ বৰঙাবাৰীত । ১৯৭৪ চনত তেখেতৰ জন্ম হয় বিখ্যাত আগৰৱালা পৰিয়ালত । আগৰৱালাদেৱে পুৰাতত্ত্ব সম্পর্কে ভালেমান উল্লেখনীয় প্রবন্ধ ৰচনা কৰে । কবি হিচাপেও তেখেতৰ অৱদান উল্লেখনীয় ৷ বিশেষকৈ অনুবাদৰ ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিকাতাৰ বাবে তেখেতক ভাঙনি কোঁৱৰ ‘ আখ্যা দিয়া হয় ।
আৰক্ষী অধীক্ষক হিচাপে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা আগৰৱালাদেৱ ‘ জোনাকী ’ আৰু ‘ বিজুলী ’ কাকতৰ লগত বিশেষভাৱে জড়িত হৈ আছিল । ১৯৩৪ চনৰ মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ পঞ্চদশ অধিবেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰে । তেখেতৰ কবিতাপুথি হ’ল ‘ জিলিকনি ‘ ।
২। পানেশৈক বাপেকে কি বুলি কৈছিল ? তাৰ উত্তৰত পানেশৈয়ে কি কলে ?
উত্তৰঃ পানেশৈক নীল সাগৰৰ মাজত দেখি বাপেকে তেওঁৰ ঘাটলৈ নাও চপাবৰ বাবে অনুৰোধ জনাইছে ৷ তেওঁ কৈছে যে তেওঁ পানেশৈক সকলো দিব— ধন সম্পত্তি , আ – অলংকাৰ সকলো দিয়াৰ আগতে খাটলি পীৰাত বহুৱাই ভাত খুৱাব । বেটী বান্দীসকলে পানেশৈক আল পৈচান ধৰিব ।
দুহাতে দুমুঠি দি যাওঁ চৰিমুঠি , গলত দি যাম হাৰ । খাটলি পীৰাতে বহি ভাতে খাবা , বেটীয়ে ধৰিব আল ।।
ইয়াৰ উত্তৰত পানেশৈয়ে কৈছে তেওঁ খাটলি পীৰাত বহি ভাতো নাখায় আৰু বেটীয়েও তেওঁক আল ধৰিব নালাগে । তেওঁ যেনেকৈ আছে তেনেকৈয়ে সুখেৰে আছে । মানুহৰ মাজত থকাৰ তেওঁৰ একেবাৰে ইচ্ছা নাই । তাৰ পৰিবৰ্তে আঁতৰে আঁতৰে থকাই উচিত । পানেশৈৰ উত্তৰৰ মাজেৰে মানুহৰ সমাজখনৰ প্ৰতি থকা তেওঁৰ এক বিতৃষ্ণা বা বিৰাগ ভাব ফুটি উঠিছে ।
৩। পানেশৈ কোন শ্ৰেণীৰ কবিতা ? কবিতাটোৰ কথাখিনি বর্ণনা কৰা ।
উত্তৰঃ পানেশৈ এটি ‘ বেলাড ’ শ্রেণীৰ কবিতা- অর্থাৎ এটি কাহিনীগীত।
বেলাড বা কাহিনীগীত হ’ল এক শ্ৰেণীৰ বিশেষ কবিতা । বেলাডত সাধাৰণতে লোক জীৱনৰ এটি কাহিনী প্রতিফলিত হয় । লোকজীৱনৰ পৰা বুটলি লোৱা একোটা কাহিনীক পুৰণি লোকগীতৰ ছন্দত সজাই তোলাৰ চেষ্টা কৰা হয় । নৈসর্গিক জনগন নিষ্ঠ ভাৱ কল্পনা আদি বেলাডৰ বিশেষ লক্ষণ ।
পানেশৈ কবিতাটিও ‘ পানেশৈ ’ শীর্ষক এটি লোক কাহিনীৰ আধাৰত ৰচিত । ‘ পানেশৈ ’ নামৰ এই লোক কাহিনীটি বেজবৰুৱাদেৱৰ ‘ বুঢ়ী আইতাৰ সাধুত ’ সন্নিবিষ্ট কৰা হৈছে ।
কবিতাটোত কাহিনীটোৰ পূৰ্ণৰূপ নাই । মাত্র দেখুওৱা হৈছে যে পানেশৈয়ে নীল সাগৰৰ মাজত নাও বাই আছে । তেওঁৰ সোণৰ প্ৰতিমাৰ দৰে ৰূপ দেখি সাগৰপৰীয়াসকলো অবাক হৈছে । তেখেতে নৈৰ ঘাটত নাও বন্ধা পানেশৈৰ বাপেকে জীয়েকক দেখি আথে বেথে গৈ তেওঁৰ ঘাটত নাও চপাবৰ বাবে অনুৰোধ কৰিছে । বাপেকে তাইক কৈছে— “
দুহাতে দুমুঠি দি যাওঁ চাৰিমুঠি , গলত দি যাম হাৰ খাটলি পীৰাত বহি ভাতে খাবা , বেটীয়ে ধৰিব আল । ”
কিন্তু বাপেকৰ আহ্বান শুনাৰ পিছতো পানেশৈ বাপেকৰ ওচৰ চাপিব খোজা নাই । পানেশৈয়ে কৈছে তেওঁ খাটলি পীৰাত বহি ভাতো নাখায় আৰু বন্দী বেটীয়েও তেওঁক আল ধৰিব নালাগে ৷ তেওঁ বাপেকক উভতি যাবলৈ কৈছে আৰু জনাইছে যে মানুহৰ মাজত থকাতকৈ এনে অৱস্থাই ভাল । বাপেকক এনেদৰে কৈ পানেশৈয়ে সাগৰৰ মাজ পালেগৈ । এনেদৰেই সাগৰৰ ঢৌৱে ঢৌৱে খেলি তেওঁ সময় অতিবাহিত কৰিব ধৰিলে । বাপেক মাকেও বহুদিন গৈ সাগৰৰ মাজত থকা পানেশৈক মাতিলেগৈ , কিন্তু তাই ঘূৰিয়েই নাচালে ।
এদিন পুৱা সাগৰৰ পাৰত এজোপা গছৰ তলত মানুহে আৱিস্কাৰ কৰিলে পানেশৈৰ মৃতদেহ । দুইফালে পৰি থকা দুই তাঁৰি চুলিত নিয়ৰৰ টোপাল।কোমল মুখত সুৰুযৰ কোমল কিৰণ । এনেদৰেই নিষ্ঠুৰ মানুহৰ চলনাত আঁতৰি যোৱা পানেশৈ পৃথিৱীৰ পৰাই আঁতৰি গ’ল । অকালতে এগৰাকী গাভৰৰ জীৱন নাটৰ কৰণ পৰিসমাপ্তি ঘটিল । নিজানত ফুলা সুগন্ধি গোলাপ নিজানতে সৰি গ’ল ।
৪। ‘পানেশৈ’ৰ লগত জড়িত সাধুকথাটো অতি সংক্ষেপে লিখা ।
উত্তৰঃ ‘পানেশৈ ’ আমাৰ লোক জীৱনৰ কাহিনী । এই পুৰণি সাধুকথাটি বেজবৰুৱাদেৱে সযতনে তেওঁৰ বুঢ়ী আইৰ সাধুত স্থান দিছে ।
সাধুটোৰ মতে গাঁৱৰ এগৰাকী বুঢ়ীৰ মৰমৰ লৰাটোৱে পান চুৰি কৰি থাকোতে বাৰীত এটা হাঁহকণী পাই মাকক দিলেগৈ । পিছত তাৰ পৰা এগৰাকী দিব্য ছোৱালী হ’ল । তাই দিনত বুঢ়ী গাঁৱলৈ ওলাই গলে বুঢ়ীৰ পইতা ভাত কেইটা খাই গৰম ভাত ৰান্ধি থৈ চাঙত উঠি থাকে । বুঢ়ীয়ে ধৰিবই নোৱাৰে ৷ পিছে বুঢ়ীয়ে এদিন খাপ লৈ থাকি তাইক ধৰিলে । তাই বুঢ়ীক সকলো ভাঙি পাতি কলে আৰু তেতিয়াৰ পৰা বুঢ়ীৰ লগতে থাকিল । বুঢ়ীয়েও তাইকে নিজৰ জীয়েক বুলিয়েই পৰিচয় দিয়ে ।
পিছে বুঢ়ীৰ পুতেক ডেকা হৈ অহাত সি পানেশৈক বিয়া কৰাব খুজিলে । বুঢ়ীয়ে এৰাব নোৱাৰি পানেশৈয়ে গম নোপোৱাকৈ বিয়া ঠিক কৰিলে । বিয়াৰ দিনা নৈৰ ঘাটত মাহ হালধি বটি থাকোতে মগনীয়া বুঢ়ী এজনী আহি পানেশৈক আচল কথাতো কোৱাত তাই ইকৰাৰ নাও আৰু বঠা লৈ বৰপুখুৰীত পৰিলগৈ ৷ সকলোৱে তাইক তাৰ পৰা অনাৰ চেষ্টা কৰিলে যদিও তাই তাৰ পৰা নাহিল । তাই দিনত এইদৰে নাও খেলে আৰু ৰাতিছোৱা গছৰ মুঢ়াতে শুই থাকে । এদিন ককায়েকে বৰশী বাই থাকোতে তাই ছোৱাত মাজৰ পৰা মাত দিলে । কৰ পৰানো এনে শব্দ আহে বুলি ভাবি ককায়েকে ছোৱাৰ মুঢ়াতো চিৰা চিৰ কৰিলেহি । এনেতে পানেশৈক নৈৰ পাৰত লগ পোৱা মগনীয়াগৰাকী আহিল আৰু খৰি বিচাৰিলেহি । পানেশৈৰ ককায়েকে তাইক বিয়া ভাঙতী বুলি মতি নিদিলে । বুঢ়ীয়ে দূৰৈত পলসত চিটিকি পৰা খৰি এচটা তুলি নিলে আৰু ধোৱাঁচাঙত থলেগৈ তাতে পানেশৈ আছিল । ইয়াতো পানেশৈয়ে পইতা ভাত খাই তলত ভাত ৰান্ধি থয় । এদিন বুঢ়ীৰ হাতত ধৰা পৰাত তাই দিনত খুৰীহাঁহ এজনী হৈ থাকি ৰাতি ৰূপ সলাই ছোৱালী হৈ মগনিয়াৰ বুঢ়ীৰ লগতে শুবলৈ ধৰিলে ।
এদিন ককায়েকে মগনীয়াৰ বুঢ়ীৰ চোতালত ঘিলা খেলোতে ককায়েকে মাৰি পঠিওৱা ঘিলাটো খুৰী হাঁহজনীয়ে খপকৰে ধৰিলে । ইয়াকে দেখি ককায়েকে জানিলে যে এইজনী সাধাৰণ হাঁহ নহয় ৷ ককায়েকে গৈ ৰোহ পাতিলে যে তাক হাঁহজনী লাগিব । এইবাৰ ককায়েকৰ মাকে মগনীয়াৰ বুঢ়ীক ধনবিত দি সৈমান কৰালে আৰু হাঁহজনী নিজৰ ঘৰলৈ নিলে । ককায়েকে হাঁহজনী অতি মৰমত ৰাখে আৰু বাতিও নিজৰ লগতে শুৱাই থয় । এদিন মগনীয়া বুঢ়ীজনীয়ে সকলো কথা গম পাই লৰাটোক বুজালে যে সেইজনী আচলতে হাঁহ নহয় , পানেশৈ । ৰাতি টোপনি আহিছেনে নাই চাবলৈ হাঁহজনীয়ে তোক খুটিব । তেতিয়া তই টোপনিৰ ভাও জুৰি পৰি থাকিবি । তেতিয়া তাই মোট সলাই বাহিৰলৈ যাওঁতে তাইৰ মোটটো তুঁহজুইত সুমুৱাই দিবি । তাই তেতিয়া ভিতৰলৈ আহি মুচকচ যাব ৷ তেতিয়া তাইৰ মুৰত তেল পানী নেমুটেঙা চেপি দি বিচনিৰে বিচিলে তাই জ্ঞান পাব ৷ এই বুলি মগনীয়াৰ গ’লগৈ ৷ লৰাই তেনে কৰি পানেশৈক পালে আৰু বিয়া কৰাই ঘৰ সংসাৰ কৰি সুখেৰে থাকিল । এয়ে বেজবৰুৱাই‘বুঢ়ী আইৰ সাধু’ত সন্নিবিষ্ট কৰা ‘ পানেশৈ ’ সাধুৰ মূল কথা।
| Sl. No. | Contents |
| Chapter 1 | প্ৰহ্লাদ চৰিত্ৰ |
| Chapter 2 | শিৱৰ কৃষি কর্ম |
| Chapter 3 | প্রিয়তমাৰ চিঠি |
| Chapter 4 | পানেশৈ |
| Chapter 5 | পছোৱাৰ ডাক |
| Chapter 6 | চামুৰাই |
| Chapter 7 | শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত |
| Chapter 8 | ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা |
| Chapter 9 | অঙ্কীয়া নাটৰ ৰস বিচাৰ |
| Chapter 10 | টিকেন্দ্রজিৎ |
| Chapter 11 | যীশুখৃষ্টৰ ছবি |
| Chapter 12 | ভ্ৰষ্টলগ্ন |
| Chapter 13 | কবিতা |
| Chapter 14 | নাটক |
| Chapter 15 | অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় |
| Chapter 16 | ছন্দ |
৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্য কৰা ৷
( ক ) ‘ নপৰে নিশাহ কপালত চোৱা
মৃত্যুৰ কলীয়া ৰেখ ।
নিষ্ঠুৰ মানুহ শেষ হ’ল আজি
জীৱন দিনৰ লেখ ।।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলনৰ সন্নিবিষ্ট আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ পানেশৈ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে ।
পানেশৈৰ মৃত্যু হোৱাৰ পিছত কবিয়ে পানেশৈৰ জীৱনৰ পৰিসমাপ্তিক বুজাবৰ বাবে এই কথাষাৰ অৱতাৰণা কৰিছে ।
এদিন মানুহে ৰাতিপুৱাই দেখিলে যে সাগৰৰ পাৰৰ গছ এজোপাৰ তলত পানেশৈ শুই আছে । চুলিটাৰি দুই ফালে মেলা আছে আৰু মুখত সূৰ্য্যৰ কোমল কিৰণ পৰিছে । পিছত মানুহে ভালকৈ চাই যে তাই উশাহ নিশাহ লোৱা নাই , তাইৰ কপালত জিলিকি উঠিছে মৃত্যুৰ কলীয়া ৰেখা ৷ নিষ্ঠুৰ মানুহৰ জীৱন বুজিলে দিনৰ লেখ , শেষ কৰি পানেশৈয়ে চিৰকাললৈ বিদায় ললে । মানুহ যে স্বাৰ্থপৰ বা মানুহ জীৱন যে নিষ্ঠুৰতাৰে ভবা , তাৰো কথা ইয়াত কোৱা হৈছে , কাৰণ পানেশৈ আছিল এগৰাকী দিব্য ছোৱালী । মানুহৰ স্বাৰ্থপৰতাৰ বাবেই তাই আঁতৰি গ’ল ।
৬। পানেশৈ ’ কোন যুগৰ কবিতা ?
উত্তৰঃ ৰোমান্টিক আৰু জোনাকী যুগৰ কবিতা ৷
৭। আনন্দচন্দ্ৰ আগৰৱালাই লিখা কবিতা পুথিখনৰ নাম কি ?
উত্তৰঃ জিলিকনি ।
৮। শব্দার্থ লিখা ।
উত্তৰঃ
| শব্দ | অৰ্থ |
| আথে বেথে | অতি আদৰেৰে |
| খাটলিপীৰা | চাৰিচুকীয়া পীৰা |
| বেটী | লগুৱা |
| নীলিমা | নীল বৰণীয়া ( নীল বৰণীয়া পানী) |
| ভূৱন | পৃথিৱী |
| কেশ | চুলি |
| কনককিৰণ | সূৰ্যৰ কিৰণ |

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



Thank you sir.apunar pora moi bohut hohai palu