Class 11 Advance Assamese Chapter 8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা notes and select needs one.
Class 11 Advance Assamese Chapter 8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Advance Assamese Question Answer Chapter 8 are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Solutions for All Subject, You can practice these here
ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা – কৃষ্ণকান্ত সন্দিকৈ
Chapter – 8
দ্বিতীয় গোট
চমু প্ৰশ্ন
১। কৃষ্ণকান্ত সন্দিকৈদেৱৰ এটি পৰিচয় দাঙি ধৰা ।
উত্তৰঃ ইংৰাজী ১৮৯৮ চনৰ ১০ জুলাইত যোৰহাটত জন্মগ্রহণ কৰা কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়া হ’ল ভাৰত তথা বিদেশতো পণ্ডিত হিচাপে স্বীকৃতি পোৱা এগৰাকী খ্যাতিমান ব্যক্তি । তেখেতৰ পিতৃৰ – মাতৃৰ নাম আছিল দানবীৰ ৰাধানাথ সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈ ৷ কৃষ্ণকান্ত সন্দিকৈদেৱে ১৯১৩ চনত প্ৰৱেশিকা , ১৯১৫ চনত কটন কলেজৰ পৰা আই এ আৰু ১৯১৭ চনত কলিকতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃতত সন্মান সহকাৰে সুখ্যাতিৰে বি এ পাছ কৰাৰ পিচত ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বৈদিক শাখাত এম এ পৰীক্ষাত প্রথম স্থান লাভ কৰি উচ্চ – শিক্ষাৰ বাবে বিদেশলৈ যাত্ৰা কৰে । তেখেতে ১৯২৩ চনত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা মডার্ণ হিষ্ট্রীত এম এ ডিগ্রী লয় আৰু তেতিয়াৰ পাশ্চাত্য শিল্প – কলাৰ প্রাণকেন্দ্ৰ স্বৰূপ পেৰিছত বিভিন্ন ভাষা – সাহিত্য অধ্যয়ন কৰেগৈ । ১৯২৭ চনত পৃথিৱীৰ বিভিন্ন ভাষা – সাহিত্যৰ অজস্র কিতাপৰ মেটমৰা টোপোলাৰে তেখেত স্বদেশলৈ ঘূৰি আহে ।
১৯৩০ চনত জগন্নাথ বৰুৱা কলেজৰ অধ্যক্ষ হিচাপে তেখেতে কৰ্মজীৱন আৰম্ভ কৰে আৰু ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচার্য হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । ১৯৫৫ চনত তেখেতে ভাৰত চৰকাৰৰ পদ্মশ্রী সন্মান লাভ কৰে । ১৯৫১ চনত তেখেতে অখিল ভাৰতীয় প্রাচ্যবিদ্যা সন্মিলনৰ লৌকিক সংস্কৃত শাখাৰ সভাপতিৰ আসন অলংকৃত কৰে ।
সন্দিকৈদেৱ এগৰাকী নিষ্ঠাৱান পণ্ডিত আছিল । এগৰাকী শিক্ষাব্ৰতী হিচাপে সুকীয়া মান , যশস্যাৰ পিছে পিছে দৌৰি ফুৰাৰ পৰিৱর্তে তেখেত ব্ৰতী হৈ আছিল গভীৰ জ্ঞানৰ সাধনাত । তেখেতৰ ইংৰাজীত ৰচিত ‘ Naishadha Charita of Sri Harsa ‘ ( 1934 ) , ‘ Yasastilaka and Indian Culture ( 1949 ) . ‘ Setubandha ‘ ( 1976 ) – সমগ্র পৃথিৱীৰ পণ্ডিতসকলৰ দ্বাৰা উচ্চভাৱে প্রশংসিত কর্ম । অসমীয়াত তেখেতে ৰচনা কৰা এমুঠি প্রবন্ধই অসমীয়া সাহিত্যৰ আজিও বিভিন্ন দিশত বাট দেখুৱাৰ কৃতিত্ব দাবী কৰিব পাৰে । তদুপৰি তেখেতৰ অভিভাষণ কেইখনো অসমৰ সমাজ – সংস্কৃতিৰ উজ্জ্বল ৰত্ন হিচাপে বিবেচিত হৈ আছে । অসমীয়া ভাষাত সন্দিকৈদেৱৰ ৰচনা সৰহ নহয় , তথাপি সেই এমুঠি প্ৰবন্ধ আৰু উল্লিখিত তিনিখন ইংৰাজী পুথিৰেই তেখেতে বিশ্বৰ বৰেণ্য পণ্ডিত হিচাপে স্বীকৃতি লাভ কৰিছে ।
২। ‘ ভাবৰ যি ঘাত – প্রতিঘাতৰ কথা কোৱা হৈছে , তাৰ প্ৰথম জিলিঙনি সকলো ঠাইত বৃত্র সমাজেই আগেয়ে পায় । — কৃষ্ণকান্ত সন্দিকৈৰ প্ৰবন্ধটিৰ আলমত উক্ত মন্তব্যৰ বিশ্লেষণ কৰা ।
উত্তৰঃ ১৯২৯ চনৰ অসম ছাত্ৰ সন্মিলনীৰ চতুৰ্দশ অধিৱেশন উপলক্ষে গোলাঘাটত প্রদান কৰা সভাপতিৰ অভিভাষণত অতি সময়োপযোগীভাৱে সন্দিকৈদেৱে পৃথিৱীত বিভিন্ন সভ্যতাৰ কাশৰ ধাৰাটোৰ লগত ছাত্র সমাজ কেনেদৰে জড়িত তাক আলোচনা কৰি দেখুৱাইছে । সন্দিকৈদেৱে যি সময়ত এই ভাষণ প্রদান কৰিছে সেই সময়ত ভাৰতবৰ্ষত দুটি নতুন আন্দোলন কাৰু নতুন ভাবৰ ঢৌ উঠিছে, পৰিৱৰ্তনৰ বতাহ বলিছে । এই পৰিৱৰ্তনৰ লগত অসমৰ ছাত্ৰ সমাজে নিজকে যিমান দূৰ খাপ খুৱাব পাৰিছে সেই প্ৰসংগৰ অৱতাৰণা কৰি তেখেতে দেখুৱাইছে যে সমাজলৈ অহা সকলো পৰিৱৰ্তনৰ সম্ভেদ সদায় ছাত্ৰসকলেহে প্রথমে পায় । কথাটো অসমৰ জাতীয় উন্মেষ ; অ.ভা.উ.সা. সমিতি গঠন আৰু জোনাকীৰ মাজেৰে অহা ৰোমাণ্টিক ভাৱধাৰাৰ মাজতে স্পষ্ট হৈ আছে ৷ কাৰণ এই সকলোবোৰ আছিল সেই সময়ত কলিকতাত পঢ়িবলৈ যোৱা এমুঠিমান প্ৰবসুৱা ছাত্ৰৰ চিন্তা – চৰ্চাৰ ফল ৷ সন্দিকৈদেৱে এই সময়ত ছাত্ৰসকলক উৎসাহিত কৰিবলৈ বিভিন্ন দেশৰ উদাহৰণেৰে ছাত্ৰৰ এই ঐতিহাসিক ভূমিকাৰ কথা বিশ্লেষণ কৰিছে ।
যিকোনো ভাবৰ ঘাত – প্রতিঘাতৰ প্ৰথম জিলিঙনি যে সকলো ঠাইত ছাত্র সমাজেই আগেয়ে পায় আৰু ছাত্ৰ সমাজৰ ওপৰত সি যি প্ৰভাৱ বিস্তাৰ কৰে তাৰ ওপৰত জাতীয় অৱস্থাৰ ক্ৰমবিকাশৰ ৰূপ আৰু প্ৰকৃতি যে অনেক পৰিমাণে নিৰ্ভৰ কৰে তাৰ প্ৰথম উদাহৰণ হিচাপে তেখেতে টানি আনিছে ঊনবিংশ শতিকাৰ প্রথম ভাগৰ ৰুছ সাহিত্যৰ উত্থান আৰু ছাত্ৰসকলৰ ভূমিকা । ঊনবিংশ শতিকাৰ প্ৰথম ভাগত পশ্চিমীয়া সভ্যতা ৰুছ দেশত সোমাবৰ বেছি দিন হাৱা নাছিল । কিন্তু অতি কম দিনৰ ভিতৰতে শিক্ষিত কছ ছাত্ৰ – যুৱকৰ মাজত পাশ্চাত্যৰ পৰা হুহা এই নতুন সভ্যতা আৰু ভাৱৰাশিৰ ওপৰত প্ৰৱল উৎসাহপূর্ণ সমালোচনা আৰম্ভ হৈছিল । বিশেষকৈ জার্মান দার্শনিক হেগেলৰ জাতি আৰু ৰাষ্ট্ৰ সম্পৰ্কীয় মতবিলাক যে অতি আগ্রহ গাৰু উৎসাহেৰে ছাত্ৰসকলৰ মাজত আলোচনা হৈছিল তাক বিখ্যাত লেখক টুৰ্গেনিভে তেওঁৰ লেখনিত বৰ্ণনা কৰি গৈছে ।
ছাত্ৰসকলৰ এনে প্ৰৱল উৎসাহৰ ফলস্বৰূপেই পাশ্চাত্য সভ্যতা আৰু ৰুছ দেশৰ নিজৰ পৰম্পৰাগত শ্লাভ সভ্যতাৰ গুণাগুণ লৈ নানান আলোচনা আৰু বাদ প্রতিবাদ আৰম্ভ হৈছিল । ইয়াৰ ফলস্বৰূপে এদল পশ্চিমীয়া সভ্যতাৰ অনুগামী ‘ জাপাদনিকি ’নামৰ লোক ওলাইছিল আৰু আন এদলে পুৰণি শ্লাভ সভ্যতাৰ পক্ষপাতী আছিল । দুয়োদল জাতীয় ভাবৰ দ্বাৰা অনুপ্রাণিত হৈছিল আৰু পশ্চিম ইউৰোপৰ সভ্যতা সংস্কৃতি কেনেকৈ অৱলম্বন কৰিলে জাতীয় মান – মর্যাদা অক্ষুণ্ণ থাকিব তাক তেওঁলোকে বিচাৰ বিশ্লেষণ কৰিছিল । এই আন্দোলনৰ ফলত পাশ্চাত্য সভ্যতাৰ সংঘৰ্ষত ৰুছ ছাত্ৰ আৰু শিক্ষিত ডেকাসকলৰ মাজত ভাবৰ ঢৌ উঠিছিল তাক সহজে বুজিব পাৰি । এনেবোৰ উদাহৰণৰে সন্দিকৈদেৱে ছাত্ৰসকলৰ মাজত কিদৰে সকলো ভাব প্রথমেই উদয় হয় আৰু তেওঁলোকৰ সক্ৰিয় আৰু অগ্রণী সহযোগিতাই কিদৰে জাতীয় ভাবক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাক বহলাই বর্ণনা কৰিছে ।
৩। “ আদর্শই নতুন নতুন ভাব আৰু অনুভূতিৰ সোঁত বোৱাই আহুকাল, অসন্তোষ আৰু আনকি বিপ্লৱ সৃষ্টি কৰে , কিন্তু ইয়াতে প্ৰাণৰ স্পন্দন আৰু জাতীয় জীৱনৰ হেন্দোলনি আৰম্ভ হয় । ” –কৃষ্ণকান্ত সন্দিকৈৰ ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা ’ প্ৰৱন্ধৰ আলমত উক্ত মস্তব্যৰ সত্যতা বিচাৰ কৰা ।
উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈদেৱে ‘ ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা ‘ নামৰ অভিভাষণটোত ছাত্ৰৰ কৰ্তব্যৰ বিভিন্ন দিশ আঙুলিয়াই দেখুৱাবৰ যত্ন কৰিছে । এই প্ৰসংগতে তেওঁ মানুহৰ জীৱনত আদৰ্শৰ প্রয়োজনীয়তা বা আদৰ্শৰ সামগ্রিক ভূমিকা সম্পর্কতো আলোচনা কৰিছে ৷
খাই লৈ জীয়াই থাকিবলৈ কোনো আদৰ্শৰ প্ৰয়োজন নাই । আনকি ব্যক্তিগত লাভালাভৰ চিন্তাত ব্যস্ত লোকৰ বাবেও আদৰ্শৰ বিশেষ ভূমিকা নাথাকিব পাৰে । কিন্তু জাতি এটাক জাতীয় মর্যাদা আৰু আত্মসন্মানেৰে গঢ়ি তুলিবলৈ আদৰ্শৰ প্ৰয়োজন আছে । তেখেতে দেখুৱাইছে যে ডিগ্রী বা উপাধিৰ ওপৰতো চৰিত্ৰ বা জ্ঞানৰ এক গৌৰৱ আছে আৰু খোৱা – পিন্ধাৰ ওপৰতো কিছুমান চিৰন্তন সত্য আৰু Spiritual values আছে । ছাত্ৰসকলে এনেবোৰ আদৰ্শ অনুশীলন কৰা প্ৰয়োজনীয় আৰু ছাত্ৰ জীৱনেই তাৰ সাধনাৰ বাবে উপযুক্ত সময় । সময়ৰ সোঁতত বা পৰিৱৰ্তিত পৰিস্থিতিত বহুবোৰ আদর্শ বৰ্তি থাকিব পাৰে কিন্তু যি দুই এটা আদর্শ থাকিব তাৰেই আমাৰ জাতীয় আৰু সামাজিক জীৱন পবিত্ৰ হৈ থাকিব ।
আদৰ্শৰ এনে প্ৰয়োজনীয়তাৰ কথা মনত ৰাখিয়েই প্রাচীন সময়ত প্ৰভাৱশালী লেটিন লেখক কুইণ্টিলিয়ানে শিক্ষাত জ্ঞানৰ প্ৰেৰণাতকৈ চৰিত্ৰৰ সাধন বেছি মূল্যৱান বুলি ভাবিছিল । আধুনিক কালত জার্মান দার্শনিক নিচেই জার্মেনিৰ বিৰাট শিক্ষা ব্যৱস্থা আৰু জ্ঞান – সাধনাকো প্ৰৱল আক্ৰমণ কৰিছিল ৷ কাৰণ তেওঁ শিক্ষাৰ মূলকথা , চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশ বুলিহে ভাবিছিল । সন্দিকৈদেৱে নিচেৰ সকলো মতামত গ্রহণযোগ্য বুলি মন্তব্য কৰিছে যদিও এই কথাও কৈছে যে আধ্যাত্মিক শক্তি আৰু নৈতিক প্ৰেৰণাৰ বাবেই তেওঁৰ লেখনিয়ে জার্মান সাহিত্যত উচ্চস্থান লাভ কৰি আছে ।
বিষয়টোৰ আৰু গভীৰলৈ গৈ সন্দিকৈদেৱে দেখুৱাইছে যে খোৱা – পিন্ধা আৰু সংসাৰ যাত্ৰাৰ বাহিৰে যিকোনো ভাবৰ বা প্ৰেৰণাৰ আৱশ্যকতা অনুভৱ নকৰে তেওঁৰ কোনো স্বতন্ত্র ব্যক্তিত্ব আছে বুলিব নোৱাৰি । কথাটো সমাজ বা জাতিৰ ক্ষেত্ৰটো একেই । কিন্তু স্থিতাৱস্থাতে সন্তুষ্ট আনৰ বাবে বা খাই , লৈ জীয়াই থকাই জীৱন বুলি ভবাজনৰ কাৰণে আদৰ্শৰ বোজা বহন কৰাও কম কঠিন নহয় । কাৰণ আদর্শ মানেই বিভিন্ন নতুন নতুন অনুভূতিৰ সঞ্চাৰ । এটাৰ লগত আনটোৰ সংঘাত , অসন্তোষ । আনকি আদর্শই বিভিন্ন ভাবৰ ঢল বোৱাই বিপ্লৱো সৃষ্টি কৰে।তাৰ বাবে সাধাৰণ জীৱনৰ স্বাভাৱিক হাঁহি – আনন্দ বা আৰাম – এলাহো বহু সময়ত এফলীয়া কৰি থৈ আদৰ্শৰ আহুকলীয়া বস্তু , অসন্তোষৰ কাৰণ । কিন্তু এনে আদর্শ থাকিলেহে জাতীয় জীৱনত ন – ন ভাবত হেন্দোলনি উঠিব পাৰে । আদর্শ নাথাকিলে ব্যক্তিৰ জীৱন যিদৰে খোৱা , পিদ্ধা , সংসাৰ যাত্ৰাৰ মাজতে সীমাবদ্ধ , জাতিৰ জীৱনো তেনেদৰে সেইবোৰৰ মাজতে আৱদ্ধ হৈ থাকিবলৈ বাধ্য ।
৪। ইউৰোপীয় আৰু ভাৰতীয় শিক্ষাৰ পাৰ্থক্যসমূহ কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়াৰ প্ৰৱন্ধৰ উলমত বিশ্লেষণ কৰা ।
উত্তৰঃ সন্দিকৈ ডাঙৰীয়াৰ ‘ ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা’নামৰ অভিভাষণখনিত ইউৰোপীয় আৰু ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশ আলোচিত হৈছে । তেখেতে নানান উদাহৰণেৰে এই দিশটোহে ডাঙি ধৰিবৰ চেষ্টা কৰিছে যে ইউৰোপীয় শিক্ষাত জ্ঞানৰ দিশটোত গুৰুত্ব প্ৰদান কৰা হয় যদিও জীৱনৰ কাৰ্যকৰী দিশটোৰ প্ৰতি তেওঁলোক অতি সচেতন অর্থাৎ শিক্ষা জ্ঞান প্রধান হ’লেও জীৱনৰ বিমুখ নহয় ৷ আনহাতে আমাৰ ভাৰতীয় শিক্ষাত জীৱনৰ প্ৰয়োজনীয় দিশবোৰৰ একেবাৰে অৱহেলা কৰা হয় ।
তেখেতে দেখুৱাইছে যে জার্মেনিৰ প্রত্যেক বিশ্ববিদ্যালয়তে নানা কুস্তি , জাপানী যুযুৎসু বিদ্যা , ক্ৰিঙ , মাল – যুঁজ আদিৰ ব্যৱস্থা আছে । এনেবোৰ শিক্ষাৰ বাবে সুকীয়া শিক্ষক আৰু ডাক্তৰৰো ব্যৱস্থা আছে । ঠিক একেদৰে তৰোৱাল – খেল ফৰাচী ছাত্ৰবিলাকৰ এটি বিশেষত্ব । গোটেই উৰোপতে অস্ত্র – শস্ত্ৰ ব্যৱহাৰ কৰিব পৰাটো ছাত্ৰসকলৰ পক্ষে অতি সাধাৰণ কথা । তেখেতে বোজে এনেবোৰ বিদ্যাভাস ফুটবল বা টেবুল টেনিছতকৈ কোনোগুণে কম বুলি নাভাৱে আৰু নেবোৰ শিক্ষাই আমাৰ মনোবল বঢ়াব বুলি ভাবে । এনেবোৰ বিদ্যাৰ অভাৱৰ বাবেই ভাৰতীয় ছাত্ৰসকল ইউৰোপৰ ছাত্ৰৰ তুলনাত নিৰ্জু আৰু জুৰুলা ।
জার্মান দেশৰ ছাত্ৰসকলৰ মাজত জনপ্রিয় ‘ উৰণীয়া চৰাই ’ নামৰ আন্দোলনটোৰ কথাও এই প্রসংগত তেখেতে উল্লেখ কৰিছে । এইমতে জার্মেনিৰ এদল ছাত্ৰই জুম বান্ধি দেশৰ বেলেগ বেলেগ ঠাই খোজকাঢ়ি ভ্রমণ কৰে । এই আন্দোলনৰ জাতীয় উপযোগিতা দেখুৱাই তেখেতে লিখিছে যে আজি হাবিয়ে বননিয়ে অনাই – বনাই ফুৰি অভিজ্ঞতা অর্জন কৰা সকলৰ পৰাই ভৱিষ্যতে দেশৰ শক্তিমান পদাতিক হ’ব । প্রাচীন গ্ৰীচৰ উদাহৰণ দি তেখেতে দেখুৱাইছে যে শাৰীৰিক সাধনাৰ লগত জাতীয় অস্তিত্বৰ সম্পর্ক আছে বুলিয়েই অলিম্পিক খেল গ্ৰীচৰ জাতীয় জীৱনৰ প্ৰধান উপাদান বুলি পৰিগণিত হৈছিল । আনকি অলিম্পিকত জয়লাভ কৰা বীৰসকলৰ জয়গান ৰচনা কৰি গ্ৰীক গীতি কবি পিন্দাৰ বিশ্বসাহিত্যত অমৰ হৈছে । একেদৰে গ্রীক নাট্যকাৰ ইউৰিপিডিচে শাৰীৰিক বল আৰু চৰিত্ৰৰ বলৰ অপূৰ্ব সমাৱেশেৰে বীৰ হিপলিটাচৰ চৰিত্ৰ অংকন কৰিছে ।
এনেবোৰ পাৰ্থক্য আঙুলিয়াই দি সন্দিকৈদেৱে ইউৰোপীয় আৰু ভাৰতীয় শিক্ষা প্ৰণালীৰ মূল পার্থক্য দেখুৱাইছে স্কুলীয়া শিক্ষাৰ দ্বাৰা । পাশ্চাত্যত এই কথা স্পষ্ট যে ওখ – খাপৰ জ্ঞান গৱেষণা সকলো দেশতে তাকৰীয়া মানুহৰ কাম আৰু ই এক জীৱনব্যাপী সাধনা । কিন্তু স্কুলীয়া শিক্ষা সকলোৰে বাবে আৰু সিয়েই হ’ল ব্যক্তিক জীৱনৰ প্ৰয়োজনীয় জ্ঞানেৰে সমৃদ্ধ কৰি তোলাৰ চাবি – কাঠী । ইংলেণ্ডৰ স্কুলবিলাকতে ছেক্ছপীয়েৰ ভালকৈ পঢ়োৱা হয় , ইতিহাসত বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰীৰ বাবে প্ৰয়োজনীয় কিতাপ ল’ৰাই পঢ়িব লাগে । গ্ৰীক আৰু লেটিনৰ পাঠ্যক্ৰম আমাৰ বি . এ – ৰ সংস্কৃততকৈও বেছি । বিজ্ঞান ৰীতিমতে পঢ়োৱা হয়।শিক্ষাৰ মাধ্যম মাতৃভাষা । ইউৰোপৰ স্কুলীয়া শিক্ষাৰ মূল মন্ত্ৰটোৱেই হ’ল এনেধৰণৰ যাতে বিশ্ববিদ্যালয়ৰ শিক্ষা নহ’লেও মানুহ শিক্ষিত হ’ব পাৰে । তদুপৰি আমাৰ বিশ্ববিদ্যালয়বোৰত ডিগ্ৰীৰ কাৰণে যিখিনি পঢ়োৱা হয় তেওঁলোকে স্কুলতে প্রায় সিমানখিনি পঢ়ি যোৱাৰ বাবে বিশ্ববিদ্যালয়ৰ শিক্ষা একমাত্ৰ তাৰ প্ৰসাৰস্বৰূপ হৈ পৰে ।
ইউৰোপৰ বিশ্ববিদ্যালয়লৈ যাব নোৱাৰাসকলৰ কাৰণে বিশ্ববিদ্যালয়ে বাহিৰা শিক্ষা ( External Studies ) ৰ ব্যৱস্থা কৰিছে । ইংলেণ্ডৰ বিশ্ববিদ্যালয়ে ওচৰৰ ঠাইবোৰত শিক্ষা শ্রেণী ( Tutorial Class ) পাতে।স্কুল এৰি কামত সোমোৱা বা ডিগ্ৰীৰ প্ৰয়োজন নথকা লোকে এনেবোৰ ব্যৱস্থাৰ মাজেৰে শিক্ষাগ্রহণ কৰিব পাৰে । এনেবোৰ শ্ৰেণীত বিশ্ববিদ্যালয়ত পঢ়োৱা কথাবোৰ সাধাৰণে বুজিব পৰাকৈ শিকোৱা হয় । পেৰিছ বিশ্ববিদ্যালয়ত ছাত্রক দিয়া কোনো কোনো বক্তৃতাত জনসাধাৰণকো সোমাবলৈ দিয়া হয় । নামমাত্র মালৰ বিনিময়ত ইউৰোপৰ প্ৰায়বোৰ বিশ্ববিদ্যালয়তে ছাত্ৰ নোহোৱাকৈয়ে অনেক বক্তৃতা শুনিব পৰাৰ ব্যৱস্থা আছে । ইয়াৰ মূল কাৰণ হ’ল তাৰ মানুহে উচ্চ শিক্ষা বা জ্ঞানৰ আৱশ্যকতা বোধ কৰে , কিন্তু উপাধি নিবিচাৰে । গোটেই শিক্ষা ব্যৱস্থাটোৱে ডিগ্ৰীতকৈ শিক্ষাক জীৱন বা জাতিৰ কাৰণে অধিক প্রয়োজনীয় বুলি অনুভৱ কৰাব পৰাটোৱেই হ’ল ইউৰোপীয় শিক্ষাৰ মূল লক্ষণীয় দিশ । কিন্তু সন্দিকৈ ডাঙৰীয়াই খেদ কৰি কৈছে যে ৰাজকীয় শিক্ষা – প্ৰণালীয়ে আমাৰ ভাৰতীয় শিক্ষাক তেনেদৰে গঢ় দিব পৰা নাই । বর্তমান সময়ত পাশ্চাত্য সাধনা আৰু ভাৰতীয় সাধনা এই দুয়োটাৰে আভাস হোৱাকৈ আমাৰ জ্ঞান লাভ হ’ব লাগিব আৰু তাৰ বাবে ছাত্ৰসকলে নিজেই যত্নৱান হ’ব লাগিব ৷
৫। ব্যাখ্যা কৰাঃ
( ক ) ‘তেজী সবল মন আৰু নিৰ্জীৱ মনৰ পাৰ্থক্য ইয়াতে ।’
উত্তৰঃ উল্লেখিত বাক্যটি আমাৰ পাঠ্যপুথি ‘ অসমীয়া উচ্চতৰ সাহিত্য সংকলন ’ ত সন্নিৱিষ্ট পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ ‘ ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা ‘ নামৰ প্ৰৱন্ধটিৰ পৰা লোৱা হৈছে ।
সন্দিকৈদেৱে ১৯২৯ চনৰ অসম ছাত্ৰ সন্মিলনৰ চতুৰ্দশ অধিৱেশনত সভাপতিৰ অভিভাষণ হিচাপে প্ৰদান কৰা এই ভাষণটি অসমৰ জাতীয় জীৱনৰ এক উল্লেখনীয় সম্পদ । এই ভাষণটিত সম – সাময়িক সময়ছোৱাৰ পাশ্চাত্য ভাবৰ ঢৌৱে আমাৰ মনত কেনে জোকাৰণিৰ সৃষ্টি কৰা উচিত তাকে ব্যাখ্যা কৰিবলৈ গৈ সন্দিকৈদেৱে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে ।
যিকোনো সবল সুষ্ঠ মানুহেই বাহিৰৰ পৰা অহা এটা ভাব – চিন্তা সম্পৰ্কত সচেতনভাৱে তাৰ প্রতিক্রিয়া ব্যক্ত কৰিব । ৰুচ দেশত পাশ্চাত্যৰ এনে ভাবধাৰাৰ প্ৰতি ছাত্রসমাজ অতি সচেতন হৈছিল । সচেতন আলাপ – আলোচনা চলিছিল আৰু তাৰ ফলত পুৰণি শ্লাভ সভ্যতাৰ পক্ষপাতী আৰু ‘ জাপাদনিকি’বা পশ্চিমীয়া নামেৰে দুটা দল সৃষ্টি হৈছিল । সেয়েহে অলপ দিনৰ ভিতৰতে ৰুছ দেশত পৰিৱৰ্তন আৰু আন্দোলন আৰম্ভ হৈছে । তাৰ মূল হ’ল ভাবৰ এই ঘাত – প্রতিঘাত । কাৰণ ভাবৰ সংঘাত হ’লেহে বিকাশ তৰান্বিত হ’ব । তাৰ উদাহৰণ দি তেওঁ কৈছে যে নপাত কাড় যদি এটা শিলৰ ওপৰত পৰে সি তাৰ এটা চিন বহুৱাই উফৰি পৰিব । কিন্তু বোকাত পৰিলে লাগি ধৰিব । তেজী মন আৰু দুর্বল নিৰ্জীৱ মনো তেনেধৰণৰ । ভাৰতবৰ্ষৰ মানুহৰ বেছিভাগেই পাশ্চাত্য সভ্যতাক দেৱতাৰ বৰ হিচাপে গ্ৰহণ কৰিছে ফলস্বৰূপে সি বোকাত সোমোৱা কাড়ৰ দৰে আমাৰ জাতীয় জীৱনত লিপিত খাই পৰিছে । আমাৰ মন তেজী হোৱা হলে সি তাত দাগ কাটিলেও উফৰি পৰিবলৈ বাধ্য । সন্দিকৈদেৱে এই প্ৰসংগতে উক্ত উপমাৰ প্ৰয়োগ কৰিছে ।
Sl. No. | Contents |
Chapter 1 | প্ৰহ্লাদ চৰিত্ৰ |
Chapter 2 | শিৱৰ কৃষি কর্ম |
Chapter 3 | প্রিয়তমাৰ চিঠি |
Chapter 4 | পানেশৈ |
Chapter 5 | পছোৱাৰ ডাক |
Chapter 6 | চামুৰাই |
Chapter 7 | শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত |
Chapter 8 | ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা |
Chapter 9 | অঙ্কীয়া নাটৰ ৰস বিচাৰ |
Chapter 10 | টিকেন্দ্রজিৎ |
Chapter 11 | যীশুখৃষ্টৰ ছবি |
Chapter 12 | ভ্ৰষ্টলগ্ন |
Chapter 13 | কবিতা |
Chapter 14 | নাটক |
Chapter 15 | অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় |
Chapter 16 | ছন্দ |
( খ ) ‘ চৰিত্ৰৰ বলৰ লগত শাৰীৰিক বলৰ সম্পৰ্ক আছে । ‘
উত্তৰঃ উদ্ধৃত কথাফাঁকি কৃষ্ণকান্ত সন্দিকৈদেৱৰ ‘ ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা ‘ নামৰ প্ৰৱন্ধটিৰ পৰা লোৱা হৈছে ।
প্ৰৱন্ধটিত সন্দিকৈদেৱে শিক্ষাৰ লগত চৰিত্ৰ তথা আদর্শ গঠনৰ আৰু চৰিত্ৰ গঠনৰ বাবে শাৰীৰিক বলৰ প্ৰয়োজনীয়তাৰ প্ৰসংগ ব্যাখ্যা কৰিবলৈ গৈ কথাষাৰ উল্লেখ কৰিছে । এই প্ৰসংগত তেওঁ ইউৰোপৰ বিভিন্ন বিশ্ববিদ্যালয়ত শৰীৰ – চৰ্চাক কিভাৱে গুৰুত্ব দিয়া হয় তাকো আলোচনা কৰিছে ।
আচলতে ভাৰতীয় শাস্ত্ৰতে ‘ শৰীৰমদ্যং খলু ধৰ্ম সাধনম ’ বুলি শৰীৰটোক গুৰুত্ব দিয়া হৈছে । যদিও আধুনিক শিক্ষা ব্যৱস্থাত শৰীৰৰ প্রতি মনোযোগ দিয়া হোৱা নাই । কিন্তু সন্দিকৈদেৱে উল্লেখ কৰিছে যে জার্মেনিৰ প্ৰত্যেক বিশ্ববিদ্যালয়তে কুস্তি , জাপানী যুযুৎসা বিদ্যা , বক্সিং, মাল – যুঁজ আদিৰ ব্যৱস্থা আছে । আনকি এনেবোৰ শিক্ষাৰ কাৰণে সুকীয়া শিক্ষক আৰু ডাক্তৰৰো ব্যৱস্থা আছে । তেনে তৰোৱাল খেল শিকাটো ফৰাচী ছাত্ৰসকলৰ এটি বিশেষত্ব ৷ এনেবোৰ দিশৰ চৰ্চা নোহোৱাৰ বাবে ইউৰোপীয় ছাত্ৰৰ তুলনাত ভাৰতীয় ছাত্ৰ তেনেই নির্জু আৰু জুৰুলা । আনহাতে ইউৰোপীয় ছাত্ৰসকল হ’ল সবল , স্বাস্থ্যৱান আৰু যুঁজাৰু । উল্লেখনীয় সুন্দৰ , সবল স্বাস্থ্যই মানুহৰ মনোবল আৰু কৰ্মক্ষমতা বঢ়াই তোলে । চৰিত্ৰৰ বলে তেতিয়া দুগুণ বল পায় ৷ অর্থাৎ বলবান চৰিত্ৰক ধৰি ৰাখিবলৈ এক নিৰোগী সবল দেহৰো প্ৰয়োজন ।
( গ ) “ ওখ খাপৰ গৱেষণা সকলো ঠাইতে সদায় তাকীয়া মানুহৰ কাম ।”
উত্তৰঃ উল্লেখিত কথাফাঁকি কৃষ্ণকান্ত সন্দিকৈদেৱৰ ‘ ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা ’ নামৰ প্ৰৱন্ধটিৰ পৰা উদ্ধৃত ।
সন্দিকৈদেৱে উক্ত প্ৰৱন্ধটি ১৯২৯ চনৰ ছাত্ৰ সন্মিলনৰ গোলাঘাট অধিৱেশনৰ সভাপতিৰ অভিভাষণ হিচাপে প্ৰদান কৰিছিল । প্ৰৱন্ধটিত প্ৰাচ্য আৰু পাশ্চাত্য শিক্ষাৰ কেতবোৰ দিশ আলচ কৰিবলৈ গৈ সন্দিকৈদেৱে এই কথাৰ উল্লেখ কৰিছে ।
ইউৰোপত স্কুলীয়া শিক্ষাৰ ওপৰত অত্যধিক গুৰুত্ব দিয়া হয় । যিহেতু তাত উচচশিক্ষা সকলোৰে বাবে নহয় , গতিকে স্কুলতে শিক্ষাৰ সকলো দিশ সামৰিব পৰাকৈ ল’ৰাক সাজু কৰি তোলা হয় । আনহাতে ওখ – খাপৰ জ্ঞান গৱেষণা হ’ল তাকৰীয়া মানুহৰ কাম । আচলতে ই একধৰণৰ জীৱনব্যাপী সাধনা আৰু এচাম মানুহহে এনে কামত ব্ৰতী হৈ থাকিব পাৰে ৷ গৱেষণা সকলো ঠাইতেই তাকৰীয়া মানুহৰ কাম । অধ্যৱসায়ৰ লগতে মন আৰু মগজুৰ নতুনত্ব থাকিলে তাৰ বাট আপোনা – আপুনি মুকলি হ’ব বুলি তেখেতে অনুভৱ কৰে । আচলতে তেখেতে দেখুৱাব বিচাৰিছে যে ওখ – খাপৰ জ্ঞান – গৱেষণা – উপাধি সবস্ব হ’ব নালাগে ৷ অধ্যৱসায়ী এচাম লোকে নিজেই এনে পথ বিচাৰি ল’ব আৰু তেওঁলোকেহে এনে কাম চলাই যাব পাৰিব ।
( ঘ ) ৰাণী এলিজাবেথৰ জীৱনীতকৈ মুচলিনী বা গেবিল্ডিৰ জীৱনী নিশ্চয় বেছি উপকাৰী ।
উত্তৰঃ উল্লেখিত কথাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য সংকলনত সন্নিৱিষ্ট ‘ ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা ’ নামৰ প্ৰৱন্ধটিৰ পৰা উদ্ধৃত ।
প্রাচ্য আৰু পাশ্চাত্য শিক্ষাৰ বিষয়ে ঘৰলৈ গৈ বৰ্তমান ভাৰতবাসীক কেনে ধৰণৰ শিক্ষাৰ প্ৰয়োজন তাৰ বিষয়ে সন্দিকৈদেৱে ব্যাখ্যা কৰিছে। এই প্ৰসংগতে তেওঁ দেখুৱাইছে যে প্রাচীন আৰু আধুনিক ভাৰতৰ সভ্যতা, ধর্ম , সাহিত্য আৰু আৰ্থিক জীৱনৰ এটা আভাস নাপালে বা দেশখনৰ অতীত আৰু বৰ্তমানৰ বিষয়ে সাধাৰণ কথাবোৰ নাজানিলে অকল বিদেশী শিক্ষাৰেই আমাৰ নচলিব ।
এই প্রসংগটিক অধিক তথ্য পূর্ণ কৰি তুলি তেওঁ দেখুৱাইছে যে ৰাণী এলিজাবেথ ইংলেণ্ডৰ বাণী হিচাপে নাম আৰু যশস্যাৰ অধিকাৰিণী যদিও তেওঁৰ নিজৰ জীৱন সংঘাত বা সংগ্ৰামেৰে পৰিপূৰ্ণ হয় । বৰং সমসাময়িক ঘটনাৱলীৰ ওপৰত স্বাভাৱিকভাৱেই ৰাণী হিচাপে তেওঁৰ নামৰ মোহৰ লাগি যায় । আনহাতে ১৮৮৩ খৃঃত জন্মগ্রহণ কৰা মুচলিনীয়ে কমাৰৰ পৰিয়াল এটাত জন্মগ্ৰহণ কৰি শিক্ষকতাৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰি ইটালীৰ ফেচিষ্ট দলৰ নেতা আৰু ১৯২২ চনত প্ৰধানমন্ত্ৰী হয়গৈ । একেদৰে গেৰিবল্ডি আছিল ইটালীৰ বিখ্যাত সৈনিক আৰু দেশপ্রেমিক । তেওঁ চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ কৰাৰ অভিযোগত মৃত্যুদণ্ডৰে দণ্ডিত হৈ আমেৰিকালৈ পলাই যায় যদিও ১৮৪৮ খৃষ্টাব্দত মাতৃভূমিলৈ ঘূৰি আহি ১৮৫৯ খৃষ্টাব্দৰ ইটালীৰ যুদ্ধত লিপ্ত হয় । অষ্টিয়ানসকলৰ বিৰুদ্ধে Red Shirt নামৰ এক বিৰাট সেনাবাহিনীৰ অধিনায়ক হিচাপে যুঁজি তেওঁ স্বাধীনতা ঘূৰাই আনিবলৈ সক্ষম হয় । গতিকে এনেবোৰ লোকৰ জীৱনী ৰাণী এলিজাবেথৰ জীৱনীতকৈ অধিক গতিশীল আৰু সংঘাতেৰে ভৰা । পাশ্চাত্য শিক্ষাৰ নামত আমাৰ প্ৰশাসকসকলৰ জীৱন বুৰঞ্জী পঢ়াৰ লগতে ইউৰোপৰ সভ্যতাৰ উত্থান পতনৰ অন্যান্য কথাবোৰো অতি লাগতিয়াল । সন্দিকৈদেৱে এই গুৰুত্বৰ কথাকে আঙুলিয়াই দিছে ।
( ঙ ) আমাৰ সমাজৰ বৰ্তমান গঠন আধুনিক ৰাষ্ট্ৰৰ উপযোগী নহয় ।
উত্তৰঃ উল্লেখিত মন্তব্যটি আমাৰ পাঠ্যপুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলনত সন্নিৱিষ্ট কৃষ্ণকান্ত সন্দিকৈদেৱৰ ‘ ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা ‘ নামৰ প্ৰৱন্ধটিৰ পৰা উদ্ধৃত ।
লেখক কৃষ্ণকান্ত সন্দিকৈদেৱে শিক্ষাৰ লগত জাতীয় মর্যাদা আৰু ৰাষ্ট্ৰৰ সম্পৰ্কৰ কথা আলচ কৰিবলৈ লৈ উক্ত মন্তব্যটি কৰিছে ।
ভাৰতৰ বৰ্তমান সমাজ গাঁথনিৰ কথা উল্লেখ কৰি তেখেতে লিখিছে যে ইয়াত ৰাষ্ট্ৰৰ বন্ধনতকৈ সমাজৰ বন্ধনহে অধিক শকত , সেয়েহে ৰাষ্ট্ৰীয় বিপ্লৱৰ সময়তো ভাৰতীয় সমাজ বিপ্লৱৰ পৰা হাত সাৰি থাকিল । কিন্তু নির্ধাৰিত কৰ্ম – বিভাগৰ ফলত মানুহে নিজ নিজ গোষ্ঠী বা জাতিৰ কৰ্ত্বব্যহে বুজিলে ৷ নিজৰ স্বাৰ্থ যে লাগিব তাক তেওঁ অস্বীকাৰ কৰা নাই । ইউৰোপীয় সমাজৰ বুৰঞ্জীতো বেলেগ বেলেগ ব্যৱসায়ৰ মানুহে নিজৰ সংঘ বা Guild স্থাপন কৰিছিল নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে । ইটালীৰ ছাত্ৰসকলেও নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে ডাঙৰ দল বান্ধি দৰ – ভাও কৰি অধ্যাপক নিযুক্ত কৰি লৈছিল ৷ গতিকে সংঘীয় স্বার্থৰ প্রয়োজনীয়তাক কোনেৱো নুই কৰিব নোৱাৰে । কিন্তু ৰাষ্ট্ৰৰ অংশীদাৰ হৈ এটা বিৰাট জাতি গঠনৰ বাবে জাতি আৰু সম্প্ৰদায়ৰ বিভাগ দূৰ কৰিব লাগিব । সেই দিশত আমাৰ সমাজ যে এখন আধুনিক ৰাষ্ট্ৰ গঠনৰ বাবে উপযুক্ত হৈ উঠা নাই তাকে সন্দিকৈদেৱে আঙুলিয়াই দিছে ।
৬। চমুটোকা লিখা :
উত্তৰঃ ( ক ) হেগেল :- হেগেল হ’ল জাৰ্মানীৰ খ্যাতনামা দার্শনিক । ১৭৭০ চনত ষ্টাটগাটৰ্ত তেওঁৰ জন্ম হয় আৰু টিউৰিনগেন বিশ্ববিদ্যালয়ত তেওঁ শিক্ষালাভ কৰে । ১৭৯৩ চনত তেওঁ ডক্টৰেট ডিগ্রী লাভ কৰে আৰু হাইডেনবার্গ তথা বার্লিন বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে সেৱা আগবঢ়ায় । তেখেতৰ উল্লেখনীয় কীর্তি হ’ল— Phenomenology of the Spirit Logic Philosophy of Right আদি গ্রন্থ । তেওঁৰ দৰ্শনে ইউৰোপীয় চিন্তাৰ জগতত ঊনবিংশ শতিকাত খলকনি তুলিছিল ৷
উত্তৰঃ ( খ ) টুর্গেনিভ :- আইভান চেৰগেয়েভিচ টুৰ্গেনিভ হ’ল কছ দেশৰ এজন বিখ্যাত লেখক । A Nest of Gentlefolk , Father and Sons , Smoke Virgin Soil আদি তেওঁৰ প্ৰখ্যাত উপন্যাস । প্রখ্যাত জার্মান দার্শনিক হেগেলৰ জাতি ৰাষ্ট্ৰ সম্পৰ্কীয় কথাবোৰ ৰুছ দেশৰ ছাত্ৰসকলে কি উৎসাহেৰে আলোচনা কৰিছিল সেইটো টুৰ্গেনিভে তেওঁৰ লেখনিত বৰ্ণনা কৰিছিল ।
উত্তৰঃ ( গ ) পিণ্ডাৰ :- গ্ৰীচৰ জাতীয় খেল অলিম্পিকৰ বিজয়ী বীৰসকলৰ বিজয়গাথা ৰচনা কৰি পুৰস্কাৰ লাভ কৰাৰ লগতে গ্রীক সাহিত্যত উচ্চস্থান লাভ কৰিবলৈ সক্ষম হোৱা পিণ্ডাৰ আছিল এগৰাকী উল্লেখনীয় কবি । খৃঃ পূঃ ৫১৮ ৰ পৰা ৪৩৮ ৰ ভিতৰৰ এই সময়ছোৱাতে তেওঁ কাব্য ৰচনা কৰিছিল । বর্তমানে মাত্ৰ তেওঁৰ Epinicia ( Victory Odes ) নামৰ গ্ৰন্থখনিহে পোৱা যায় ।
উত্তৰঃ ( ঘ ) ইউৰিপিডিচ :- প্রাচীন গ্ৰীচৰ খ্ৰীঃ পূঃ ৪০০-৪০৭ ) শ্রেষ্ঠ নাট্যকাৰ । তেওঁ একৈশখন নাট ৰচনা কৰি নিজৰ স্থান গজগজীয়া কৰি থৈ গৈছে । তেওঁৰ অমৰ নাটসমূহৰ ভিতৰত উল্লেখনীয় কেইখনমান হ’ল — ‘ মিডিয়া ’ , ‘ আল চেষ্টিছ ’ , ‘ ইলেক্ট্ৰ , হিপলিটাচ’ ইত্যাদি ।
উত্তৰঃ ( ঙ ) ভাৰবি :- ভাৰবি হ’ল কালিদাসৰ পৰৱৰ্তী সময়ৰ প্রখ্যাত সংস্কৃত কবি । তেওঁক কালিদাসৰ দৰে শ্ৰেষ্ঠ কবি বুলি দ্বিতীয় পু’লকেলীৰ আইহোল অভিলেখত বর্ণনা কৰা হৈছে । অষ্টাদশ সর্গবিশিষ্ট ‘ কিৰাতাৰ্জুনীয় ’ ভাৰবিৰ অমৰ কাব্য । তেওঁৰ অপৰূপ প্ৰকাশ ভংগীয়ে তেওঁক সংস্কৃত সাহিত্যত সদায় অমৰ কৰি ৰাখিব ।
উত্তৰঃ ( চ ) ৰাণী এলিজাবেথ ( ১৫৩৩-১৬০৩ ) :- ১৫৫৮ খৃষ্টাব্দত ২৫ বছৰ বয়সত ইংলেণ্ডৰ ৰাজপাটত উপবিষ্ট হৈ ৪৫ বছৰ ৰাণী এলিজাবেথে ৰাজত্ব কৰে । ১৫৯৯ খৃষ্টাব্দত এইগৰাকী মহাৰাণীৰ পৰা অনুমতি লৈয়েই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বাণিজ্যৰ বেহা মেলিবলৈ আহে । ছেক্ছপীয়েৰকে ধৰি বিভিন্ন কবি নাট্যকাৰৰ উত্থান এওঁৰ ৰাজত্বকালৰ উল্লেখনীয় ঘটনা ৰাণী এলিজাবেথৰ দিনতে প্রটেষ্টাণ্ট ধৰ্মই ইংলেণ্ডৰ ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰে ।
উত্তৰঃ ( ছ ) মুচলিনী :- চিনৰ বেনিটো মুচলিনী ইটালীৰ প্ৰধানমন্ত্ৰী আৰু ফেচিষ্ট দলৰ নেতা আছিল । এটা কমাৰৰ পৰিয়ালত জন্মগ্রহণ কৰা মুচলিনীয়ে ফাৱেনজাৰ কলেজত পঢ়া – শুনা কৰে আৰু শেষত গাঁৱলৈ ঘূৰি আহি শিক্ষকতাৰ চাকৰি আৰম্ভ কৰে । কর্তৃপক্ষৰ সৈতে হোৱা সংঘাতৰ বাবে তেওঁ চাকৰি এবি ১৯০৮ চনত II ‘ Poplo ‘ নামৰ কাকত এখনৰ সৈতে সম্পৰ্ক কৰে তেতিয়াই অষ্টিয়াত থকা অৱস্থাত তেওঁৰ নিৰ্বাসন হয় । পিছত তেওঁ ‘ La – lotta di Classe ’ নামৰ পত্রিকা এখন উলিয়াই জনপ্রিয়তা লাভ কৰে আৰু ১৯১৭ চনৰ ফেচিষ্ট দল গঠন কৰি ১৯২২ চনত ইটালীৰ প্ৰধানমন্ত্ৰী হয় । ১৯৪০ চনত তেওঁ জার্মেনীৰ লগ লাগি ব্ৰিটেইন আৰু ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷ পিছে মিত্র শক্তিৰ ওচৰত পৰাজয় বৰণ কৰি তেওঁ কাবাৰুদ্ধ হয়। শেষত তেওঁ আততায়ীৰ হাতত প্ৰাণ দিব লগা হয় ।
উত্তৰঃ ( জ ) টলষ্টয় :- কাউণ্ট লিও টলষ্টয়ৰ জন্ম হয় ১৮২৮ চনত ৰুছ দেশত । কাজান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ পিছত তেওঁ ক্রিমিয়াৰ যুদ্ধলৈ যায় আৰু যুদ্ধৰ বিভীষিকাই তেওঁক অহিংসা নীতিৰ প্ৰতি আকৃষ্ট কৰে । সেয়েহে তেওঁ সাহিত্য সাধনাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰে আৰু ‘ War and Peace ‘ , ‘ Anna Karenina ‘ , ‘ The End of the Age ‘ , ‘ The Power of Darkness ‘ আদি প্রখ্যাত গ্রন্থ ৰচনা কৰি বিশ্বসাহিত্যৰ বৰেণ্য ব্যক্তি হিচাপে নিজকে প্রতিষ্ঠা কৰি থৈ যায় ।
৭। ইউৰিপিডিচ কোন ? তেওঁ লিখা এখন নাটৰ নাম লিখা ।
উত্তৰঃ প্রাচীন গ্ৰীচৰ ( খ্ৰীঃ পূঃ ৪০০-৪০৭ ) শ্রেষ্ঠ নাট্যকাৰ ৷ তেওঁ নব্বৈখন নাট ৰচনা কৰি নিজৰ স্থান গজগজীয়া কৰি থৈ গৈছে । তেওঁৰ অমৰ নাটসমূহৰ ভিতৰত উল্লেখনীয় কেইখনমান হ’ল — ‘ মিডিয়া ’ , ‘ আল চেষ্টিছ ’ , ‘ ইলেক্ট্রা ’ , ‘ হিপলিটাচ’ ইত্যাদি ।
৮। কৃষ্ণকান্ত সন্দিকৈদেৱে ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ সেতুবন্ধ ( ১৯৭৬ ) ।
৯। ভাৰতৰ এখন প্রাচীন বিশ্ববিদ্যালয়ৰ নাম লিখা।
উত্তৰঃ নালন্দা বিশ্ববিদ্যালয় ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.