Class 11 Advance Assamese Chapter 16 ছন্দ

Class 11 Advance Assamese Chapter 16 ছন্দ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 16 ছন্দ notes and select needs one.

Join Telegram channel

Class 11 Advance Assamese Chapter 16 ছন্দ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 16 ছন্দ Solutions for All Subject, You can practice these here

ছন্দ

Chapter – 16

সপ্তম গোট

চমু প্ৰশ্ন

১। কবিতাৰ  বুলিলে কি বুজা ? ছন্দ প্রধানত কেইপ্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ ছন্দ কবিতাৰ এক অপৰিহার্য উপাদান । ছন্দেৰে কবিতা ৰচনা কৰা এটা সৰ্বজন স্বীকৃতি ৰীতি । এই ছন্দ শব্দৰ সংজ্ঞা দিয়া সহজ নহয়।সাধাৰণ অৰ্থত ক’ব পাৰি সামায়িক বিৰতিয়ে গতিৰ মাজলৈ যি সৌন্দর্য আনি দিয়ে সেয়ে ছন্দ । সাহিত্যৰ ক্ষেত্ৰত বা কবিতাৰ ক্ষেত্ৰত ছন্দ হ’ল – উচ্চাৰিত ধ্বনি বিন্যাসৰ স্পন্দনজাত সৌন্দর্য । বাক্য যিদৰে অৰ্থৰ ফালৰ পৰা বিন্যস্ত শব্দৰ সমষ্টি , সেইদৰে ছন্দ হ’ল কণ্ঠ ধ্বনিৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰা বাক্য বিন্যাসত সাময়িক বিৰতিয়ে ধ্বনি প্ৰৱাহত স্পন্দন আনি দিয়ে আৰু এই স্পন্দনেই হ’ল ছন্দৰ প্ৰাণস্বৰূপ ৷ এনে স্পন্দনৰ পৰাই লয় ওপজে ৷ গতিকে নিয়মিত বিৰতিয়ে লয়যুক্ত কৰা ধ্বনি প্রবাহকেই ছন্দ অৰ্থত ব্যৱহাৰ কৰিব পাৰি।

উদাহৰণস্বৰূপে— পাচে ত্রিনয়ন / দিব্য উপবন / দেখিলন্ত বিদ্যামান / — এই শাৰীকেইটিত দেখুৱা ধৰণে বিৰতি নিদিলে কোনো স্পন্দন নাইবা লয়ব সৃষ্টি অসম্ভৱ , অর্থবোধো নহয় । 

ছন্দৰ প্ৰকাৰৰ ক্ষেত্ৰত ক’ব পাৰি ই প্ৰধানতঃ দুই প্ৰকাৰৰ এই প্ৰকাৰ দুটা হ’ল — মিত্রাক্ষৰ আৰু অমিত্রাক্ষৰ ছন্দ । 

অস্ত্যধ্বনিৰ মিলেৰে গঢ়ি উঠা ছন্দক মিত্রাক্ষৰ ছপ বোলা হয় । আনহাতে যি ছন্দত সজ্জাই ভাৱৰ প্ৰৱাহক অক্ষুন্ন ৰাখি যতিক ছেদৰ অনুগামি কৰি লয় সিয়েই প্রকৃত অমিত্রাক্ষৰ ছন্দ । আকৌ যৌগিক ৰীতিৰ ছন্দতহে অমিত্রাক্ষৰ ছন্দ সম্ভৱ ৷ তলত দুয়োবিধৰ উদাহৰণ দিয়া হ’ল— 

মিত্রাক্ষৰ → ছঁয়াময়া সুখৰ সি ক্ষন্তেকীয়া হাঁহি সুৰভি বিলাই যোৱা গোলাপৰ পাহি ৷ 

অমিত্রাক্ষৰ → প্রিয়া তুমি ঢালিলা কি মোহন মদিৰা হাঁহি কটাক্ষৰ ; যি হাঁহিত বনে বনে হৰতি ক্ষেত্ৰত তৰু তৃণ লতিকাৰো ভাগিল চমক । ঠায়ে ঠায়ে বিধে বিধে ফুলিল ৰঙেৰে কুটুম কুটুমৰ ৰাজি ৷

২। ছন্দৰ এটি সংজ্ঞা দিয়া ? যতি বুলিলে কি বুজা , ই কেই প্ৰকাৰৰ ? 

উত্তৰঃ সাহিত্যত ছন্দৰ অৰ্থ হ’ল উচ্চাৰিত ধ্বনি বিন্যাসৰ স্পন্দনজাত সৌন্দর্য । বাক্য যিদৰে অৰ্থৰ ফালৰ পৰা বিন্যস্ত শব্দৰ সমষ্টি , সেইদৰে ছন্দ হ’ল কণ্ঠ ধ্বনিৰ দৃষ্টিকোণৰ পৰা বিন্যাস কৰা বাক্য বিন্যাস । এনে বাক্য বিন্যাসত নিয়মিত আৰু সাময়িক ব্ৰিতিয়ে ধ্বনি প্রবাহত স্পন্দন আনি দিয়ে , স্পন্দনৰ পৰা লয় ওপজে আৰু ফলত ছন্দৰ সৃষ্টি হয় । সংজ্ঞাৰ আকাৰত ক’ব পাৰি নিয়মিত বিৰতিয়ে লয়যুক্ত কৰা ধ্বনি প্রবাহকেই ছন্দ বোলে । 

যতি শব্দৰ অৰ্থ বিৰাম । ছন্দৰ ক্ষেত্ৰত ধ্বনি প্রবাহৰ পৰ্যায়ক্ৰম তৰঙ্গ নিৰ্দেশক বিৰতিকে যতি বোলা হয় । 

যতি দুই প্ৰকাৰৰ — অৰ্ধ যতি আৰু পূৰ্ণ যতি । অৰ্ধ যতিয়ে ছন্দ হিল্লোলৰ এটা তৰঙ্গ নির্ণয় কৰে আনহাতে পূর্ণ যতিত সমগ্ৰ ছন্দ হিল্লোলটোৰ পৰিসমাপ্তি ঘটে । অৰ্ধ যতিয়ে বিভক্ত কৰা ধ্বনি প্ৰবাহৰ অংশক পৰ্ব আৰু পূৰ্ণ যতিতে বিভক্ত অংশক চৰণ বোলা হয় । 

উদাহৰণ— 

        পাচে ত্রিনয়ন ।              দিব্য উপবন ।

                       দেখিলন্ত বিদ্যামান ৷৷

       ফুল ফল ধৰি ।              জকমক কৰি । 

                       আছে যত বৃক্ষমান ।। 

ইয়াত ‘ । ’ আচেঁ ৰে অধতি আৰু ‘ ।। ’ আচেঁৰে পূৰ্ণযতি বুজোৱা হৈছে । 

৩ । ছন্দ কাক বোলে ? দুবিধ পুৰণি অসমীয়া ছন্দৰ বিষয়ে লিখা । 

উত্তৰঃ সাহিত্যত ছন্দৰ অৰ্থ হ’ল উচ্চাৰিত ধ্বনি বিন্যাসৰ স্পন্দনজাত সৌন্দর্য । অর্থাৎ উচ্চাৰিত ধ্বনি বিন্যাসত নিয়মিত অথচ সাময়িক বিৰতিয়ে স্পন্দনৰ সৃষ্টিৰ জৰিয়তে ধ্বনি প্রবাহক লয়যুক্ত কৰি তোলাকে ছন্দ বোলা হয় । পুৰণি অসমীয়া সাহিত্যত পোৱা দুবিধ ছন্দ হ’ল পদ বা পয়াৰ , আৰু ঝুমুৰা । 

পদ বা পয়াৰ ছন্দ :- পয়াৰ বা পদ ছন্দ সজ্জা দুই চৰণযুক্ত , প্রতি চৰণ দুটাকৈ পৰ্বত বিভক্ত । মাত্ৰা সংখ্যা ৮ + ৬ = ১৪ । আৰু চৰণাস্তিক ধ্বনি মিলযুক্ত ৷ পুৰণি অসমীয়া সাহিত্যত সাধাৰণ বৰ্ণনাত এই ছন্দ সজ্জাবোৰৰ ব্যৱহাৰ হৈছে । উদাহৰণ—

“ সত্য কৰি বুলি লোহোঁ শুনিয়োক মিতা । 

ত্ৰিভূৱন বিচাৰিয়া আনি দিবো সীতা । ” 

― ৰামায়ণ , মাধৱকন্দলি । 

“ ত্রিশূলক ফাল কৰি হালক জুৰিয়ো । 

এহিমতে কৃষি কাৰ্য বিধান কৰিয়ো ।। 

—ভীমচৰিত , ৰামসৰস্বতী 

ঝুমুৰী :- ঝুমুৰা ছন্দসজ্জা দুই চৰণৰ ৷ প্রত্যেক চৰণ দুই পৰ্বৰ মাত্ৰা সংখ্যা ৪ + ৪ অস্ত্যধ্বনি মিল যুক্ত । পুৰণি সাহিত্যত যুদ্ধৰ বৰ্ণনা দিবলৈ এই ছন্দসজ্জা প্ৰয়োগ কৰা হৈছে । 

উদাহৰণ— 

( ক ) পাছে বলি সৃত বান 

         দিলা হেন সমিধান । 

( খ ) হেন শুনি জাম্বৱস্ত । 

         ধাইলা মহাবলবস্ত ।। – শংকৰদেৱ । 

৪। পুৰণি অসমীয়া ছন্দ এটাৰ সংজ্ঞা আৰু উদাহৰণ দিয়া ৷ 

উত্তৰঃ পুৰণি অসমীয়া কাব্যত বিবিধ ছন্দ ব্যৱহাৰ হৈছে । এনে বিবিধ ছন্দৰ ভিতৰত এটা উল্লেখযোগ্য ছন্দ হ’ল দুলড়ী ছন্দ । 

দুলড়ী নামৰ ছন্দ হ’ল দুই চৰণ বিশিষ্ট ছন্দ সজ্জা । প্রত্যেক চৰণ আকৌ তিনিটাকৈ পৰ্বত বিভক্ত । প্রত্যেক চৰণৰ শেষৰ ধ্বনিৰ মিল লক্ষ্য কৰা যায় । মাত্ৰা পৰিমাণ হ’ল ৬ + ৬ + ৮ = ২০ যেনে— 

পাচে ত্রিনয়ন                দিব্য উপবন

             দেখিলস্ত বিদ্যামান

ফল ফুল ধৰি               জমকম কৰি 

             আছে যত বৃক্ষমান । — শংকৰদেৱ 

৫। মিত্ৰাক্ষৰ আৰু অমিত্রাক্ষৰ ছন্দৰ পাৰ্থক্য কি ? উদাহৰণ দি বুজাই লিখা । 

উত্তৰঃ ছন্দক দুটা ভাগত ভাগ কৰিব পাৰি । মিত্রাক্ষৰ আৰু অমিত্রাক্ষৰ।সাধাৰণতে চৰণান্তিক ধ্বনিৰ মিল প্ৰধান ছন্দকে মিত্রাক্ষৰ ছন্দ বোলা হয় । মিত্রাক্ষৰ ছন্দত যতি আৰু ছেদৰ পূৰ্বাপৰ সম্পর্ক নাথাকে ৷ মিত্রাক্ষৰ ছন্দ যি কোনো ছন্দৰীতিতে , যিকোনো সজ্জাতে সম্ভৱ । অসমীয়া কবিতাত চৰণাস্তিক ধ্বনিৰ মিলৰ ক্ষেত্ৰত একদল , দ্বিদল আৰু ত্ৰিদল মিলৰ প্ৰচলন বেছি । তলত মিত্ৰাক্ষৰ ছন্দৰ উদাহৰণ দিয়া হ’ল । 

মুকুতা মণিটি                পাহিত জিলিকে 

             ফটিক পানীত ধোৱা , 

নিশাৰ তৰা এটি            সৰিয়েহে আছে 

সৰগত টোপনি যোৱা । নিয়ৰ – চন্দ্ৰকুমাৰ আগৰৱালা

― ই দ্বিদল মিলৰ উদাহৰণ 

ভাগি গল বীণখনি ছিগি গ’ল তাৰ 

ৰৈ গ’ল অৱশেষ অমিয় জোকাৰ 

―চন্দ্ৰ কুমাৰ আগৰৱালা 

নমো নিৰঞ্জন পাতক ভঞ্জন । 

দানৱ গঞ্জন গোপিকা ৰঞ্জন ।। –শংকৰদেৱ

অমিত্রাক্ষৰ ছন্দ :- অমিত্রাক্ষৰ ছন্দ সজ্জাৰ অৰ্থ চৰণাস্তিক ধ্বনিৰ অমিল নহয় । প্রকৃততে যি ছন্দ সজ্জাই ভাৱৰ প্ৰবাহ অক্ষুণ্ণ ৰাখি যতিক ছেদৰ অনুগামী কৰি লয় সেই ছন্দ সজ্জাই প্রকৃত অমিত্রাক্ষৰ ছন্দ সজ্জা । প্রবাহমানতাৰ ব্যৱহাৰেই অমিত্রাক্ষৰ ছন্দ সজ্জাৰ প্ৰাণ । অসমীয়া ভাষাত পদ বা পয়াৰ নামৰ ছন্দ সজ্জাৰ প্রবাহমান ৰূপকেই অমিত্রাক্ষৰ ছন্দ সজ্জা বোলা হয় । প্রবাহমানতাৰ কাৰণেই এনে ছন্দ সজ্জা কেৱল যৌগিক ৰীতিতহে সম্ভৱ । তলত উদাহৰণ দিয়া হল —

( ক ) ৰাত্ৰি চৰ চয় বিনে আৰু যত প্ৰাণী 

        জগতে ৰজনী যোগে সুখদ বিশ্রাম 

        লভিছে শয়নে শুই চিন্তা পৰি হৰি । 

—ভোলানাথ দাস 

( খ ) মদনৰ কামশৰ আছিলানে প্রিয়া ? 

        গিৰি কৈলাসত , যিদিনা মোহিনীৰূপ  

        ধৰিছিলা ধূর্জটিৰ ধ্যান ভঙ্গ হেতু । 

        কোপ অনলত পৰি সাপভ্ৰষ্ট হৈ 

        ভ্ৰমিছা নে কি দেৱী শৈল শিখৰত । 

― ৰঘুনাথ চৌধাৰী । 

Sl. No.Contents
Chapter 1প্ৰহ্লাদ চৰিত্ৰ
Chapter 2শিৱৰ কৃষি কর্ম
Chapter 3প্রিয়তমাৰ চিঠি
Chapter 4পানেশৈ
Chapter 5পছোৱাৰ ডাক
Chapter 6চামুৰাই
Chapter 7শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত
Chapter 8ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা
Chapter 9অঙ্কীয়া নাটৰ ৰস বিচাৰ
Chapter 10টিকেন্দ্রজিৎ
Chapter 11যীশুখৃষ্টৰ ছবি
Chapter 12ভ্ৰষ্টলগ্ন
Chapter 13কবিতা
Chapter 14নাটক
Chapter 15অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়
Chapter 16ছন্দ

৬। চমুটোকা লিখাঃ 

( ক ) ছন্দ : সাহিত্যত ছন্দৰ অৰ্থ হ’ল উচ্চাৰিত ধ্বনি বিন্যাসৰ স্পন্দন জাত সৌন্দর্য বাক্য যদি অৰ্থৰ ফালৰ পৰা বিন্যস্ত শব্দৰ সমষ্টি সেইদৰে ছন্দ হ’ল কণ্ঠ ধ্বনিৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰা বাক্য বিন্যাস । ছন্দৰ সৃষ্টিত বিৰাম অপৰিহাৰ্য । নিয়মিত আৰু সাময়িক বিৰতিয়ে উচ্চাৰিত ধ্বনি প্রবাহত স্পন্দনৰ সৃষ্টিৰে লয়যুক্ত কৰি যি সৌন্দৰ্য সুষমাৰ সৃষ্টি কৰিবলৈ সক্ষম হয় তেনে ধ্বনি প্রবাহকেই ছন্দ বোলা হয় । যেনেঃ— 

উঠাহে ফুলৰা , উঠাহে চতলা , উঠা দেৱবালা স্বৰূপধৰি ‘ পূৰ্ণ হ’ল আজি শতেক বছৰ আৰু কতকাল থাকিবা পৰি ।

এই ধ্বনি বিন্যাসে পাঠক শ্রোতাৰ অনুভূতিক জোকাৰি যোৱাৰ কাৰণ হ’ল নিয়মিত বিৰতিয়ে সৃষ্টি কৰা স্পন্দনজাত লয় । এয়ে ছন্দ । 

( খ ) যতি :- যতি শব্দৰ অৰ্থ বিৰাম । ছন্দৰ ক্ষেত্ৰত যতি হ’ল গুৰুৰ পূৰ্ণ বিষয় । ছন্দৰ ক্ষেত্ৰত যতিয়ে অনুভূতি পৰিচালিত কিন্তু নির্দিষ্ট পর্যায়ক্রমে বিন্যস্ত বিৰতিক বুজায় । যতিৰ অৰ্থ নিৰপেক্ষ , ধ্বনি বিন্যাসত সুবিন্যাস তৰঙ্গ সৃষ্টি কৰাটোৱে ইয়াৰ কাম । চমুকৈ উচ্চাৰিত ধ্বনি প্রবাহত অনুভূতি পৰিচালিত সুনিয়ন্ত্ৰিত আৰু সাময়িক বিৰামকে যতি বোলা হয় । যতিক সময়গত পার্থক্য আৰু তীব্রতা অনুসৰি দুটা ভাগত ভাগ কৰিব পাৰি — যতি বা অৰ্দ্ধতি আৰু পূৰ্ণ যতি । ছন্দ হিল্লোলৰ এটা তৰঙ্গ বিষয়ক বিৰতিক যতি আৰু ছন্দ হিল্লোলৰ সামগ্ৰিক পৰিসমাপ্তি ঘটোৱা যতিক পূর্ণ যতি বোলা হয় । যেনে— 

কৃষ্ণৰ বিক্ৰম /             দেখি ঋক্ষৰাজ | 

               পৰম বিস্ময় মনে //

স্বামী হেন জানি /          জানি বুলিবা লাগিল / 

               প্ৰণামি কৃষ্ণ চৰণে // 

ইয়াত এডাল আচেঁ যতি আৰু দুডাল আচেঁ পূৰ্ণ খতি নিৰ্দেশ কৰিছে । 

( গ ) ছেদ :- কবিতাৰ ক্ষেত্ৰত উচ্চাৰিত ধ্বনি প্রবাহত অর্থ আৰু ভাব অনুযায়ীয়ো বিৰতি দিব লগা হয় । এনে অর্থ প্রসূত বা ভাব প্রকৃত বিৰতিকে ছেদ বোলা হয় । ছেদ সদায় অৰ্থৰ অনুগামী । ছন্দ বিচাৰত ‘ ছেদ ’ যতিৰ সহায়ক মাত্র । অর্থগত বাক্যাংশৰ বিৰতিক কেৱল ছেদ বোলা হয় ; আনহাতে পূৰ্ণছেদত ভাবৰ পূৰ্ণ সমাপ্তি ঘটে । 

উদাহৰণ — 

উত্তৰিলা ঋষিৰাজ * / ফলিবে অচিৰে /

আশালতা * সিঞ্চাযদি / ধৈর্য কবি মুলে ।। **

ইয়াত * চিহ্নই ছেদ আৰু ** চিহ্নই পূৰ্ণছেদ বুজাইছে । উদাহৰণটো ছেদযে ছন্দ বিচাৰৰ সহায়ক মাত্ৰ বুজা যায় । 

( ঘ ) পূৰ্ব :- যতিৰ দ্বাৰা বিভক্ত ধ্বনি প্রবাহৰ অংশবোৰক পৰ্ব বোলে । পর্ব সামগ্রিক ছন্দ হিল্লোলৰ একো একোটি তৰংগ বিশেষ । ছান্দিক লয়ৰ ক্ষেত্ৰত সেয়ে পৰ্বই মূল আধাৰ । যেনে — চিনবোৰে পূৰ্ব বুজাইছে ।

কতো নেমেলিবি |            ফুলো নিচিঙিবি |

                 কৰে নাৱৰীয়া তই ; | 

মানুহে ফুলৰ |                 কি জানে আদৰ |

                  তেজীমলাহে মই ৷ |  

পৰ্ববোৰ কি মন কৰিলে দেখা যায় এইবোৰ বিৰামহীন ধ্বনি প্রবাহ নহয়। তাতো মাজে মাজে সূক্ষ্ম বিৰতিৰ অৱকাশ আছে । এনে সূক্ষ্ম বিৰতিতে বিভাজিত পৰ্বৰ অংশক অনুপৰ্ব বোলে । 

( ঙ ) চৰণ :- যতিৰ দ্বাৰা বিভক্ত পৰ্ববোৰ লগ লাগি ছন্দ হিল্লোলৰ সমাপ্তি ঘটোৱা ধ্বনি প্ৰবাহৰ অংশক একেলগে চৰণ বোলে । চৰণত পূৰ্ণ যতি পৰে , কেতিয়াবা পূর্ণছেদো পৰা দেখা যায় । অৱশ্যে একোটা চৰণ ছন্দময়তাৰ অসম্পূৰ্ণ ৰূপ । যেনে— 

বিশ্বৰ কথা                   আছে হেৰ গথা 

         পখিলা এটিব পাখিতে , 

―চৰণ 

তাকে তুমি লৈ              বালাঁ হেৰ ম‍ই

           মোৰ হাঁহি আৰু পাহিতে ।। 

―চৰণ 

( চ ) স্তৱক :- একাধিক চৰণ সুসংবদ্ধভাৱে বিন্যস্ত হৈ সৃষ্টি কৰা অৰ্থময় ছন্দোবদ্ধতাকে স্তৱক বোলে ৷ 

যেনে ― 

       ফুলবাৰী খনি              পাৰিয়েহে আছে 

                     চৰে নে হৰিণা জনী

      কোনে ভুলাইছে            মৰমৰ তোৰ 

                     শাৱলী পোৱালি কণি । 

–চন্দ্ৰ কুমাৰ আগৰৱালা

( ছ ) লয় :- ধ্বনিৰ প্ৰবাহত যতিয়ে যি স্পন্দনৰ সৃষ্টি কৰে তাকে লয় বুলি কোৱা হয় । লয়ে হ’ল ছন্দৰ প্ৰাণ ৷ মই লয় নিয়ন্ত্রিত কৰে যতিয়ে । আৰু লয়যুক্ত ধ্বনি প্রবাহকেই ছন্দ বোলা হয় । 

যৌৱন যৌৱন 

         সৃষ্টিৰ যৌৱন 

অনাগত জীৱনৰ অনাহূত দান । ইয়াত যতিৰ সুনিয়ন্ত্রিত বিৰতিয়ে ধ্বনি প্রবাহত স্পন্দনৰ জৰিয়তে লয়ৰ সৃষ্টি কৰি সৌদন্দৰ্যৰ সৃষ্টি কৰিছে । 

( জ ) ছবি :- ছবি ছন্দ সজ্জাত প্রত্যেক স্তৱক দুটা চৰণেৰে গঠিত । প্রত্যেক চৰণ আকৌ তিনিটা পদৰে গঠিত হয় আৰু চৰণাস্তিক ধ্বনিৰ মিল থাকে । মাত্ৰাৰ পৰিমাণ হ’ল ৮ + ৮ + ১০ = ২৬ যেনে—

অব্যক্ত ঈশ্বৰ হৰি 

             কিমতে পুঁজিবা তাক 

              ব্যাপকক কিবা বিসৰ্জন 

কৱন্ত মূৰ্তি শূন্য               কেমতে চিন্তিবাহা

              ৰাম বুলি শুদ্ধ কৰা মন 

― মাধৱদেৱ 

নাইবা

দুখীয়াৰ ভগা পজা              একোখনি তীর্থ তাত

                 একোখনি পূণ্যৰ আশ্ৰম ৷

মৰিলে পুনৰ আহি              দুখীয়া দেশত মোৰ 

                 লওঁ যেন পুনৰ জনম ।

( ঝ ) লেছাৰি :- লেছাৰি ছন্দ সজ্জা দুই চৰণেৰে গঠিত স্তৱক । প্রত্যেক চৰণ আকৌ চাৰিটাকৈ পৰ্বৰে গঠিত । মাত্রা বিন্যাস হ’ল ১০ + ১০ + ৮ + ৬ = ৩৪ । ইয়াতে অন্তধ্বনিৰ মিল থাকে । এইবিধ ছন্দ সজ্জাৰ ব্যৱহাৰ পুৰণি সাহিত্যত পৰিলক্ষিত হয় । যেনে—

কৃষ্ণ এক দেৱ দুঃখহাৰী । ১০ 

কালমায়াদিৰো অধিকাৰী ১০ 

কৃষ্ণ বিনে শ্রেষ্ঠ দেৱনাহি নাহি আৰ ৮ + ৬-১৪ 

সৃষ্টি স্থিতি অন্ত কাৰী দেৱ ১০ 

তান্ত বিনে আন নাহি কেৱ ১০ 

জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ ১৪ – মাধৱদেৱ 

( ঞ ) ঝুমুৰী বা ঝুমুৰা :- এইবিধ ছন্দ সজ্জাৰ প্ৰচুৰ ব্যৱহাৰ পুৰণি অসমীয়া সাহিত্যত পোৱা যায় ৷ ঝুমুৰী চাৰি চৰণৰ স্তৱক । মাত্ৰা চৰণ দুই পৰ্বৰ , অস্ত্যধ্বনিৰ মিল আছে । মাত্রা বিন্যাস ৪ + ৪ = ৮ যেনে –

হেন শুনি জাম্ববন্ত

ধাইলা মহা বলবন্ত 

নিচিনি স্বামীক পাছে।

ধৰিলন্ত যুদ্ধ কাছে।   ― শংকৰদেৱ 

( ট ) কুসুমমালা :- আটাইতকৈ সৰু আৰু খৰতকীয়া সমছন্দ হৈছে কুসুমমালা । কুসুমমালা ছন্দক ‘ গুণমালা ’ ছন্দ বুলিলেও ভুল বোলা নহয় । শংকৰদেৱৰ গুণমালায়ে এই ছন্দক বিখ্যাত কৰি দিলে । খুব সম্ভব তেৱেঁই এই ছন্দৰ প্ৰবৰ্তকো । পিছত বহুতে এই ছন্দৰ কম – বেছি ব্যৱহাৰ কৰি গৈছে ।

কুসুমমালাৰ চাৰিটা চৰণ আৰু প্ৰতি চৰণত ছয়টাকৈ আখৰ , চৰণবোৰ মিলিতান্ত । পাদাস্তত কেৱল যতি পৰে ।।

( ক ) “ নমো নাৰায়ণ । 

         সংসাৰ তাৰণ ৷ 

         ভকত তাৰণ ৷ 

         তোমাৰ চৰণ । ” 

― গুণমালা 

( খ ) “ কৃষ্ণ যদুপতি 

         জগতৰ পতি 

         মোৰ ৰথ বৰ 

         কৃষ্ণ পাণ্ডৱৰ 

         মধ্যত সৱাৰ 

         থাপিও ঈশ্বৰ । ” — গীতা গুণমালা 

( ঠ ) দুলড়ী :- দুলড়ীত যতি নিয়ন্ত্রিত তিনিটাকৈ পৰ্ব থাকে । এই কাৰণেই বঙালীত ইয়াক ত্রিপদী বোলে ৷ প্ৰথম আৰু দ্বিতীয় ফাকিত ছটাকৈ , তৃতীয় শাৰীত আঠোটা আখৰ থাকে । প্রত্যেক ফাঁকিৰ শেহত যতি পৰে । এনেকুৱা ছটা ফাঁকিৰে ছন্দটো পূর্ণ হয় ৷ 

কৃষ্ণ বিক্রম ।               দেখি ৠক্ষৰাজ ৷ 

            পৰম বিষ্ময় মনে ।। 

স্বামী -হেন জানি         বুলিবা লাগিল 

            প্ৰণামি কৃষ্ণ চৰণে ।। 

তৃতীয় আৰু ষষ্ঠ ফাঁকিৰ মিত্ৰাক্ষৰতা থাকে । যেনেঃ মনে , চৰণে । আধুনিক দুলড়ীতে মিত্ৰাক্ষৰতা থাকে । কেতিয়াবা কোনো কোনোৱে প্ৰথম আৰু দ্বিতীয় চৰণৰো শেষৰ আখৰো মিলাই দিয়ে । বিহুনাম বিলাকৰ সৰহ ভাগেই দুলড়ীত ৰচা ।।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising