Class 11 Advance Assamese Chapter 6 চামুৰাই Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 6 চামুৰাই notes and select needs one.
Class 11 Advance Assamese Chapter 6 চামুৰাই
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 6 চামুৰাই Solutions for All Subject, You can practice these here
চামুৰাই – মহেন্দ্ৰ বৰা
Chapter – 6
প্ৰথম গোট
চমু প্ৰশ্ন
১। ‘ চামুৰাই ’ কবিতাটোৰ কবিজনাৰ এটি পৰিচয় দাঙি ধৰা।
উত্তৰঃ ড° মহেন্দ্ৰ বৰা অসমৰ এগৰাকী খ্যাতনামা কবি আৰু সমালোচক । ১৯২৯ চনত ডিব্ৰুগড়ৰ টিংখাঙত ড° বৰাদেৱৰ জন্ম হয়৷তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম , এ , পাছ কৰি কেইবাখনো কলেজত অধ্যাপনা কৰে আৰু শেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান দিয়ে । পিছলৈ তেওঁ এই বিভাগত লক্ষ্মীনাথ বেজবৰুৱা অধ্যাপকৰ আসন অলংকৃত কৰে আৰু ইয়াৰ পৰাই অৱসৰ গ্ৰহণ কৰে ।
সাহিত্য আৰু গৱেষণাৰ প্ৰতি দায়ৱদ্ধ ড° বৰা কৃষি সমালোচক হিচাপে যিমান আদৰণীয় , আধুনিক কবি হিচাপেও তেওঁ সমানেই প্রতিষ্ঠিত । ‘ জাতিষ্কাৰ ’ , ‘ এই নদীয়েদি ’ , ‘ ৰূপৰ টিলিঙাৰ মাত ’ আদি তেওঁৰ কবিতাৰ সংকলন । আনহাতে অসমীয়া কবিতাৰ ছন্দ , অসমীয়া ছন্দ শিল্প তত্ত্ব , সাহিত্য উপক্রমণিকা , সাহিত্য আৰু সাহিত্য আদি তেওঁৰ উল্লেখনীয় সাহিত্য সমালোচনাৰ গ্রন্থ । ডন কুইকছচোট , গালিভাৰ , নীল সাগৰৰ সাধু আদি অনুবাদৰ মাজেৰে অনুবাদক হিচাপেও বৰাদেৱে সুখ্যাতি অর্জন কৰিছে ৷ বিশেষকৈ আধুনিক ছন্দত গীতা শাস্ত্ৰৰ অনুবাদ ড° বৰাদেৱৰ অনুপম কাব্যকীর্তি । জাতীয় জীৱনৰ প্ৰতিও তেখেতৰ বৰঙণি উল্লেখনীয় । অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সভাপতি হিচাপে থাকি তেওঁ সভাক সবল নেতৃত্ব প্ৰদান কৰিছিল । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থকা কালছোৱাত ভালেমান কৃতী ব্যক্তিক আমন্ত্রণ জনাই বক্তৃতা দিয়াইছিল আৰু সেইবোৰ গ্ৰন্থ আকাৰে প্ৰকাশত তেওঁ আগভাগ লৈছিল ।
২। ‘ চামুৰাই ’ কবিতাটোৰ মূলভাৱ তোমাৰ নিজৰ ভাষাত লিখা ।
উত্তৰঃ চামুৰাই হ’ল জাপানৰ এটি যুঁজাৰু জাতি । চামুৰাই কবিতাটিত কবিয়ে অসিজীৱী চামুৰাই শব্দটিৰে অসমৰ কপিলী পাৰত বাস কৰা অসমৰ শিখ লোকসকলক বুজাব বিচাৰিছে আৰু কবিতাটোত দেশ আৰু জাতিৰ প্ৰতি থকা তেওঁলোকৰ বৰঙণিৰ কথা বর্ণনা কৰিছে । কবিতাটিৰ প্রথম স্তৱকটি এটি পৰিচয়মূলক স্তৱক , কিন্তু এই পৰিচয় প্ৰহেলিকাময় ৷ পাঠকে মাত্র ইয়াকে অনুমান কৰিব পাৰে যে তৰোৱাল লৈ দেশৰ বাবে যুঁজ কৰা জাপানৰ ‘ চামুৰাই ’ সকলৰ দৰে কোনোবা এজন সৈনিকে কপিলী পাৰত বাস কৰে । তেওঁক চিনি নোপোৱাৰ বাবে তেওঁ আক্ষেপ কৰা নাই , কাৰণ তেওঁৰ পূৰ্বপুৰুষ দেশৰ কোনো কেৰাণী – মহৰী বা আৰ্হি চাই কাজত লোৱা ধৰণৰ মানুহ নাছিল ৷ তেওঁলোকৰ পিতাকে আইতাকক সেৱা কৰি বিদেশী শত্ৰুৰ বাবে যুঁজিবৰ বাবে ওলাই গৈ নিজৰ জীৱন দিলেগৈ । কনকলতা , কুশলকোৱৰ , ক্ষুদিৰাম , কানাইলালে নিজৰ জীৱন দিয়াৰ দৰেই তেওঁলোকেও পুৰুষে পুৰুষে দেশৰ কাৰণে প্ৰাণ দি আহিছে । আনকি তেওঁৰ দেউতাক যেতিয়া দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ দিবলৈ ওলাই গৈছিল তেওঁৰ তেতিয়া জন্মই হোৱা নাছিল , মাক আছিল সন্তান – সম্ভৱা ৷
এওঁলোকে কপিলীপাৰত গাঁওপাতি বাস কৰে । মানুহে কয় যে তেওঁলোক ৰজাৰ পোৱালি ৷ বহুদূৰৰ বিপাশা নদীৰ তীৰৰ পৰা কেতিয়া , কেনেকৈ তেওঁলোক অসম পালেহি কোনেও নাজানে ৷ সম্ভৱত এওঁলোকৰ উপৰিপুৰুষ ফিৰিঙি সেনাৰ সৈতে আহি বিদ্রোহী মৰাণ খেদি ৰজাক ৰাজপাটত বহুৱাইছিল । তেতিয়াই তিনিহাত দীঘল চুলিৰ স’তে খাপৰ কৃপান খুলি মূৰৰ পাগেৰে ভূমি চুই তেওঁ পূৰ্বপুৰুষে স্বৰ্গদেউক প্রণাম জনাই ইয়াতে থাকি যোৱাৰ শপত লয় ৷ লগতে দেশৰ আহ্বানত বুকুৰ শোণিতেৰে তেওঁলোক ৰজা আৰু ৰাইজৰ কৰ দিবলৈও সদায় প্রস্তুত থাকিব বুলিও জনালে । পিছত এই শপত ৰাখি পূৰ্বপুৰুষে আহোমৰ হৈ যুদ্ধ কৰি হাদিৰাচকীৰ যুঁজত হৰাৰ পিছত নিজকে নিজে আঘাত কৰি আত্মহত্যা কৰিছিল ।
এই সৈনিকজনৰ দেউতাক গান্ধীৰ নিৰ্দেশত স্বৰাজ আন্দোলনত যুক্ত হৈ ফাঁচীকাঠত ওলমিছে । কিন্তু এই দেশসেৱাৰ বাবে কোনো মাহিলী বানচ তেওঁলোকে লোৱা নাই । এই বাটেদি ল’বাৰ পঢ়াৰ খৰছো উলিওৱা নাই৷ তেওঁৰ কথা হ’ল পাৰিলে তাক ভঁৰালৰ জহাধান বেচি পঢ়াৰ নোৱাৰিলে ৰাজবংশৰ পোৱালি সি সেনা বাহিনীত নাম লিখি খ্যাতি ৰাখিব ।
পুৰুষে পুৰুষে এওঁলোকে দেশৰ সেৱাত তেজৰ অঞ্জলি যাচিছে । চীনা যুদ্ধৰ সময়ত অৰুণাচলৰ ‘ ছে – লা’ৰ পতন হোৱা শুনি খোচোনাত ধন – চিত লৈ সকলো পলাবৰ সময়ত তেওঁ বিজুলী ডাকত গম – পাইছিল ভায়েকৰ লাডাখৰ ৰণত মৃত্যু হোৱাৰ কথা । আইতাকে মৰমতে গদাধৰ চিং নাম দিয়া কপিলীপাৰৰ এই বীৰ যোদ্ধা শিল হৈ শুই পৰিছিল লাডাখ প্ৰান্তত । এই বীৰ সৈনিকজনে আক্ষেপেৰে কৈছে যে তেওঁক চিনি নোপোৱাত কোনো অস্বাভাৱিকতা নাই , কাৰণ তেওঁ জননীৰ এনে বিপদৰ বেলিকা পলাই যোৱাও নাই , নেতাগিৰি কৰি তেওঁ এহাত মাটিৰ বাবে যুঁজ দিম , ইয়াতে থাকিম বুলিও কাকো কোৱা নাছিল , বা কনকলতা , কুশলকোঁৱৰৰ বংশ বুলিও জহাই ফুৰা নাছিল । এনেদৰে ফুৰাবোৰ পলাবৰ বেলিকা আগ হ’ল । তেওঁলোকে কিন্তু ‘ মৰিলে মৰিম আৰু তৰা হৈ জননীৰ দেউলত আৰতি কৰিম বুলি প্ৰতিশ্ৰুতিৰে ইয়াতে থাকিল ।
ইয়াৰ পিছত তেওঁ বিপাশা নদীৰ তীৰত থকা দিনৰ পৰা তেওঁলোকৰ বংশৰ গৌৰৱময় বীৰ গাঁথাৰ কথা উল্লেখ কৰিছে । তেওঁ উল্লেখ কৰিছে যে তেওঁলোকৰ তেজত আছে লাচিত বৰফুকন , প্রতাপসিংহ , শিৱাজী আদি দেশপ্রেমিক বীৰৰ ঐতিহ্য । হয়তো বা খোৰা টাউমূৰ এদিন তেওঁলোকৰে কোনোবা পূৰ্বপুৰুষৰ তৰোৱালৰ আঘাত লৈ উভতিব লগা হৈছিল । হয়তো চেংগিজখাৰ দৰে প্ৰলয় নাচোন নাচি লুটি খাইছিল ।
তেওঁ দেশৰ নতুন পুৰুষৰ প্ৰতি খেদ কৰি কৈছে যে তেওঁক চিনি পাব বা লাডাখ ৰণত মৰা ভায়েকৰ বাবে চকুপানী টুকিব নালাগে অথবা তেওঁৰ শ্বহীদত পিতাকৰ ছবিখনো চিনি পাব নালাগে ৷ আনকি ৰবীন্দ্রনাথ , গান্ধী , সুভাষ বসু বা সৰোজিনী নাইডুক চিনি পোৱাতো প্রয়োজন নাই । কাৰণ এতিয়া দেৱালত আঁৰি থোৱা মধুমতীৰ দৰে চিনেমাৰ নায়িকাসকলকহে চিনি পোৱাৰ দিন । সেয়েহে কেতিয়াবা যদি কেনেবাকৈ দেশ – মাতৃৰ দুৱাৰে দুৱাৰে কোনোবাই আঘাত কৰেহি তেতিয়াই মাত্ৰ তেওঁক স্মৰণ কৰিবলৈ তেওঁ আহ্বান জনাইছে । এতিয়াও এই ৰজাৰ পোৱালিয়ে কপিলীপাৰত বাস কৰে , বিপাশাৰ পাৰৰ পূৰ্বপুৰুষসকলৰ শিৰত কীৰ্তিৰ স্মৃতি ৰাখি ধুন কৰি এটা আটিল পাগুৰি মাৰে আৰু চুলিৰ জঁটাত এখন ধুনীয়া ফণি খুচি ৰাখে । দেশমাতৃৰ আহ্বানত সঁহাৰি দিবলৈ তেওঁ জাপানৰ চামুৰাইসকলৰ দৰে আজিও প্রস্তুত ।
৩। চামুৰাই কোন ? কবিতাটিত চামুৰাইৰ কথা কিয় কোৱা হৈছে ?
উত্তৰঃ চামুৰাই হ’ল জাপানৰ এটি যুঁজাৰু জাতি । দেশ আৰু জাতিৰ বাবে যুঁজা এই জাতিটোৰ দৰেই হ’ল অসমৰ কপিলীপাৰত বাস কৰা শিখসকল । সেয়েহে তেওঁলোকক চামুৰাই আখ্যা দি কবিতাটিত তেওঁলোকৰ গৌৰৱ গাঁথাৰ বৰ্ণনা কৰিছে ।
অসমৰ কপিলীপাৰত বাস কৰা এই শিখসকল কেতিয়া আহিছিল , কোনেও নাজানে । হয়তোবা মৰাণৰ আক্ৰমণ ৰোধ কৰিবলৈ অহা ফিৰিঙি সেনাৰ লগতে তেওঁলোকে আহিছিল আৰু তেতিয়াও স্বৰ্গদেউৰ ওচৰত শপত লৈ এই মাটিতেই থাকি এই মাতৃভূমিৰ হকে প্রাণ দিয়াৰ প্রতিশ্রুতি দি ইয়াতে থাকি গৈছিল । কবিয়ে ইয়াত নজন সেই বংশৰ সৈনিকৰ কথা কৈছে,যাৰ দেউতাকে স্বাধীনতা ৰণত প্ৰাণ আহুতি দিছে । তাক লৈ তেওঁলোকৰ খেদ নাই আৰু তাৰ বাবে তেওঁলোকে পেঞ্চনো বিচৰা নাই ।
এই সৈনিকজনৰ ভায়েকে চীনা সৈন্যৰ আক্ৰমণৰ সময়ত লাডাখ ৰণত প্ৰাণ দিছে আৰু যি সময়ত বৰ বৰ কথা কোৱা দেশপ্রেমিক আৰু নেতাসকল ‘ ছে – লা’ৰ পতন সংবাদ পাই টকা – সিকা আঁচলত বান্ধি পলাইছিল সেই সময়তো তেওঁলোকে ‘ ইয়াতে মৰিম ইয়াতে তৰিম ’ মন্ত্ৰ লৈ বীৰৰ দৰে স্থিৰ হৈ আছিল । তেওঁলোকৰ পূৰ্বপুৰুষৰ তেজত যুঁজাৰু জাতিৰ সকলো ঐতিহ্য বিদ্যামান । শিখসকলৰ বুৰঞ্জীয়ে বাৰে বাৰে প্রমাণ কৰে তেওঁলোকৰ এই যুঁজাৰু ঐতিহ্যৰ কথা ৷ গতিকে তেওঁলোকৰ এই চাৰিত্ৰক উজ্জ্বল কৰি তুলিবলৈ লেখকে তেওঁলোকক চামুৰাইৰ লগত তুলনা কৰিছে ।
৪। জননীৰ জঠৰ-কাৰাত বন্দী বুলি কিয় কোৱা হৈছে ?
উত্তৰঃ কবিতাটিত বর্ণিত সৈনিকজনৰ পিতৃ স্বাধীনতা যুঁজৰ শ্বহীদ আছিল । কনকলতা , কুশলকোৱৰৰ দৰেই তেওঁ এদিন ওলাই গৈ কোনোদিন ঘূৰি অহা নাছিল । এইবোৰ কথা তেওঁ পিছতহে শুনিছে , কাৰণ যি সময়ত তেওঁৰ দেউতাক স্বাধীনতাৰ ৰণলৈ গৈছিল , সেই সময়ত তেওঁ আছিল মাতৃগৰ্ভত । মাতৃগৰ্ভত থকা এই অৱস্থাটোৰে কবিয়ে জননীৰ জঠৰ – কাৰাত বন্দী অৱস্থা হিচাপে বৰ্ণাইছে । কাৰণ কাৰাগাৰত বন্দী সেনাৰ দৰেই মাকৰ গৰ্ভত সন্তানটি বন্দী হৈ থাকে হাত – ভৰি কোচ – মোচ খাই এক জঠৰ প্ৰায় অৱস্থাত ৷
৫। ‘ চামুৰাই’ৰ উপৰিপুৰুষসকল অসমত ভূমিত কেনেকৈ আৰু কেতিয়া পদাৰ্পণ কৰিছিল ।
উত্তৰঃ ‘ চামুৰাই’অর্থাৎ কবিতাটিৰ বক্তা সৈনিকজনে আইতাকৰ মুখত শুনামতে স্বৰ্গদেউক বিদ্ৰোহী মৰাণৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি পুনৰ ৰাজপাটত বহুৱাবলৈ অহা ফিৰিঙি সেনাৰ লগতে তেওঁলোকৰ পূৰ্বপুৰুষ অসমলৈ আহিছিল । পিছত অসমৰ সুন্দৰ পাহাৰ আৰু সোণালী ধানৰ পথাৰ দেখি তেওঁলোকে খাপৰ কৃপান খুলি , মূৰৰ পাগুৰিৰে মাটি চুই স্বৰ্গদেউক প্রণাম জনালে আৰু ইয়াত ৰাইজ আৰু ৰজাক বন্ধুৰ শোণিতেৰে কৰ দিম বুলি প্রতিশ্রুতি দি ইয়াতে থাকি যোৱাৰ সিদ্ধান্ত ল’লে । এনেদৰেই কপিলীপাৰত গঢ়ি উঠিল অসমীয়া শিখসকলৰ গাঁও ।
অৱশ্যে বাণীকান্ত কাকতিদেৱে প্রথম শিখগুক নানকদেৱ অসমলৈ আহিছে বুলি কৈছে । তদুপৰি তেওঁ গুৰু টেগবাহাদুৰৰ দিনত কামৰূপৰ লগত হোৱা তেওঁৰ সম্পৰ্কৰো বিশদ বর্ণনা কৰিছে । কিন্তু কপিলীপৰীয়া এই শিখসকলৰ লগত আমাৰ কবিয়ে উল্লেখ কৰা কাহিনীটোহে অধিক ৰজিতাখোৱা ৷
Sl. No. | Contents |
Chapter 1 | প্ৰহ্লাদ চৰিত্ৰ |
Chapter 2 | শিৱৰ কৃষি কর্ম |
Chapter 3 | প্রিয়তমাৰ চিঠি |
Chapter 4 | পানেশৈ |
Chapter 5 | পছোৱাৰ ডাক |
Chapter 6 | চামুৰাই |
Chapter 7 | শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত |
Chapter 8 | ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা |
Chapter 9 | অঙ্কীয়া নাটৰ ৰস বিচাৰ |
Chapter 10 | টিকেন্দ্রজিৎ |
Chapter 11 | যীশুখৃষ্টৰ ছবি |
Chapter 12 | ভ্ৰষ্টলগ্ন |
Chapter 13 | কবিতা |
Chapter 14 | নাটক |
Chapter 15 | অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় |
Chapter 16 | ছন্দ |
৬। চামুৰাইৰ উপৰিপুৰুষে আহোম ৰজাৰ ওচৰত কি প্রতিজ্ঞা কৰিছিল ?
উত্তৰঃ চামুৰাইৰ উপৰিপুৰুষসকল অসমলৈ আহিছিল স্বৰ্গদেউৰ মৰাণ বিদ্ৰোহৰ পৰা ৰক্ষা কৰিবলৈ অহা ফিৰিঙি সেনাৰ লগত । তেওঁলোকে ইয়াতে থাকি যোৱাৰ সংকল্প লৈছিল । তেওঁলোকে খাপৰ কৃপাণ খুলি , মূৰৰ পাগুৰিৰে মাটি চুই স্বৰ্গদেউক প্রণাম কৰি কৈছিল যে তেওঁলোক এই দেশতে থাকিব আৰু ৰজা আৰু ৰাইজৰ প্ৰয়োজনত বুকুৰ তেজেৰে কৰ দি তৃভূমিৰ ঋণ পৰিশোধ কৰিব ।
৭। হাৰাকিৰি কি ?
উত্তৰঃ হাৰাকিৰি নিজকে নিজে আঘাত কৰি কৰা আত্মহত্যা । মানৰ বিৰুদ্ধে আহোমে চলোৱা জত ‘ চামুৰাই’ৰ বংশৰ লোকসকলে ৫০০ জনীয়া এটি দল লৈ চৈতন্য সিঙৰ নেতৃত্বৰ যুঁজ কৰে । ১৮২১ খৃঃত এই যুঁজত নিজৰ পতন দেখি চামুৰাইৰ ককাদেউতাৰ ককাকে হাৰাকিৰি কৰি মৰিছিল ।
৮। চামুৰাইৰ দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰা ।
উত্তৰঃ চামুৰাই হ’ল জাপানৰ এটি যুঁজাৰু জাতি । কবি মহেন্দ্ৰ বৰাদেৱে অসমৰ কপিলীপাৰত সকৰা অসমীয়া শিখসকলক এই চামুৰাইৰ লগত তুলনা কৰিছে । এওঁলোকৰ আদিপুৰুষ গদেউক মৰাণ বিদ্ৰোহৰ পৰা ৰক্ষা কৰিবলৈ আহি ইয়াৰ ধুনীয়া পাহাৰ আৰু সোণালী পথাৰ দেখি ইয়াতে থকাৰ সংকল্প লৈছিল । তেওঁলোকে খাপৰ কৃপাণ খুলি , মূৰৰ পাগুৰি মাটিত থৈ গদেউক প্রণাম কৰি কৈছিল যে তেওঁলোকে ইয়াতে থাকিব বিচাৰে । তাৰ বাবে ৰাইজ আৰু জাৰ প্ৰয়োজনত বুকুৰ শোণিতেৰে কৰ দিবলৈ তেওঁলোক সাজু ৷ মাতৃভূমিৰ প্ৰতি থকা এনে ভীৰ অনুৰাগ প্ৰতিশ্ৰুতিয়েই চামুৰাইৰ দেশপ্ৰেমৰ উৎকৃষ্ট প্রমাণ ।
ইয়াৰ পিছত তেওঁলোকে তেওঁলোকৰ প্ৰতিশ্ৰুতি সদায় ৰক্ষা কৰি আহিছে।মানৰ আক্ৰমণৰ ময়ত হাদিৰা চকীত চৈতন্য সিঙৰ নেতৃত্বত তেওঁলোকে ৫০০ জনীয়া এটা সৈন্যদলেৰে আহোম ৰজাক সহায় কৰিছে আৰু ৰজাৰ বাবে প্রাণ দিছে । গান্ধীৰ আহ্বানত স্বাধীনতাৰ ৰণত তওঁৰ পিতাক শ্বহীদ হৈছে আৰু চীনা যুদ্ধত সীমান্ত সুৰক্ষা দিবলৈ গৈ লাডাখ ৰণত তেওঁৰ পিতৃৰ মৃত্যু হৈছে । তথাপি তেওঁ শ্বহীদৰ পৰিয়ালৰ পেঞ্চন বিচৰা নাই বা সেই সুবিধা লৈ ৰাটোক পঢ়াব বিচৰা নাই । তেওঁ পাৰিলে তাক ভঁৰালৰ জহাধান বেচি পঢ়াব , নোৱাৰিলে ৰজাৰ পোৱালি সি সৈন্যবাহিনীত ভৰ্তি হৈ ঘৰৰ খিয়াতি ৰাখিব । ইমান ত্যাগ আৰু গৌৰৱময় ইতিহাস থকাৰ পাছতো তেওঁলোকক আজি কোনেও নাজানে। তথাপি তেওঁৰ কোনো আক্ষেপ নাই আৰু আজিও তেওঁ মাতৃৰ দুৱাৰত কোনোবাই আঘাত হানিলে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ ৷ চামুৰাইৰ এনে বক্তব্যই তেওঁৰ দেশৰ প্ৰতি থকা গভীৰ নিদৰ্শন দাঙি ধৰিছে ।
৯। ‘ চামুৰাই ’ কবিতাটোৰ কবিজনৰ নাম কি ?
উত্তৰঃ মহেন্দ্ৰ বৰা ।
১০। ‘ চামুৰাই ’ মানে কি ?
উত্তৰঃ জাপানৰ এটা যুজাৰু জাতি ।
১১৷ ‘ ফিৰিঙি সেনা’ই কাক বুজায় ?
উত্তৰঃ ভাৰতীয় আৰু ইউৰোপীয় মিশ্রিত বংশোদ্ভৱ জাতি আৰু সেই জাতিৰ সৈন্যক বুজায়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.