Class 11 Advance Assamese Chapter 13 কবিতা

Class 11 Advance Assamese Chapter 13 কবিতা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 13 কবিতা notes and select needs one.

Class 11 Advance Assamese Chapter 13 কবিতা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Advance Assamese Question Answer Chapter 13 are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 13 কবিতা Solutions for All Subject, You can practice these here

কবিতা

Chapter – 13

পঞ্চম গোট

চমু প্ৰশ্ন

১। কবিতাৰ সংজ্ঞা আৰু বিভিন্ন সমালোচকসকলে কবিতা সম্বন্ধে কি কৈছে লিখা । 

উত্তৰঃ কবিতাৰ সংজ্ঞা দিয়া সহজ নহয় ৷ কাৰণ ইয়াৰ পৰিধি ইমান বিস্তৃত আৰু প্ৰকাশ ইমান বৈচিত্র্য যে এটা নির্দিষ্ট সংজ্ঞাৰে ইয়াক বুজোৱা সহজ নহয়। সেয়ে চেণ্ট আগষ্টানে কবিতাৰ সংজ্ঞা এনেদৰে দিছিল — যাৰ বিষয়ে নুসুধিলে বহুত কিবা কিবি ক’ব পাৰি , অথচ সুধিলে একো ক’ব নোৱাৰি । তথাপি কবিতা সম্বন্ধে যি সাধাৰণ ধাৰণা তাৰ আধাৰত এনে ভাবে ক’ব পাৰি যে কবিতা হ’ল — কবি হৃদয়ৰ ভাবানুভূতিৰ বহিঃ প্রকাশ । অর্থাৎ কবি হৃদয়ৰ ভাব অনুভূতিয়ে যেতিয়া কল্পনাৰ বহণেৰে ৰঞ্জিত হৈ ভাষাৰ ছন্দ লহৰত আৱদ্ধ হৈ হৃদয়ত সংবাদী ৰূপত প্ৰকাশ লাভ কৰে তাকেই কবিতা বুলিব পাৰি । 

বিভিন্ন সাহিত্যিক সমালোচকে কবিতা সম্বন্ধে নানান কথা কৈছে । ভাৰতীয় আৰু পাশ্চাত্যৰ সমালোচকে আগবঢ়োৱা কবিতাৰ ধাৰণা কিছুমান তলত উল্লেখ কৰা হ’ল— 

সংস্কৃত আলংকাৰিক ভামহৰ মতে কবিতা হ’ল — শব্দ আৰু অৰ্থৰ মিলন ‘ শব্দাথৌ সহিতৌ কাব্যম্‌ ” । বিশ্বনাথ কবিৰাজৰ মতে ‘ ৰসযুক্ত বাক্যৰ সমষ্টিয়ে কবিতা ’ “ বাক্যংৰসাত্মকং কাব্যম্ ” । আনহাতে পাশ্চাত্যৰ সমালোচক সকলৰ ভিতৰত জনচনৰ মতে , ‘ কবিতা হ’ল ছন্দোৱদ্ধ ৰচনা ‘ । কবি শ্বেলীৰ মতে কবিতা হ’ল ‘ কল্পনাৰ সুপ্রকাশ।’ৱৰ্ডচ ৱৰ্থৰ মতে— “ উপচি উঠি আপোনা আপুনি পাৰ বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা । ক’লৰিজৰ মতে কবিতা হ’ল উৎকৃষ্ট শব্দ উৎকৃষ্ট বিন্যাস । মেথিউ আর্ণল্ডৰ মতে কবিতা হ’ল ‘ জীৱন ভাষ্য’।এনে বিবিধ সংজ্ঞাত দেখা যায় যে কোনো এটা সংজ্ঞায়ে কবিতাক পৰিপূৰ্ণভাৱে বুজাবলৈ সক্ষম নহয় । কবিতা সম্বন্ধে নিজস্ব দৃষ্টিভংগীৰ পৰা দাঙি ধৰা এনে সংজ্ঞাই সেয়ে পৰিপূৰ্ণভাৱে কবিতাক বুজাব নোৱাৰে । গতিকেই ক’ব পাৰি কবিতা হ’ল এক মায়াবী সৃষ্টি , যাক ধৰিও ধৰিব নোৱাৰি । এটা নির্দিষ্ট সংজ্ঞাই সেয়ে ইয়াক বুজাবলৈ অক্ষম ৷ তথাপি এই বিভিন্ন সংজ্ঞাবোৰৰ যোগফলৰ আধাৰত কবিতাৰ এটি সন্তোষজনক অখণ্ড ধাৰণা আমাৰ চকুৰ আগত ভাহি উঠে ৷ 

২। কবিতাৰ সংজ্ঞা কি ? কবিতাক প্ৰধানকৈ কেই ভাগত ভগাব পাৰি ? লিখা ।

উত্তৰঃ কবিতা জীৱনৰ বৈচিত্র্যময় আৰু জটিল সৃষ্টি । ইয়াৰ সংজ্ঞা সহজ নহয় । তেনেই সহজ ভাষাত কবি হৃদয়ৰ ভাবানুভূতিৰ কল্পনাৰে মণ্ডিত, ভাষাৰ ছন্দ লহৰত অভিব্যক্ত কলাত্মক সৃষ্টিয়ে হ’ল কবিতা । 

সমালোচকসকলে কবিতাক বহলভাৱে দুটা ভাগত ভাগ কৰিছে– বস্তুনিষ্ঠ কবিতা আৰু ব্যক্তিনিষ্ঠ কবিতা ৷ কাব্য বিষয়ৰ প্ৰতি কবিৰ দৃষ্টিভংগী আৰু উপস্থাপনৰ বৈচিত্র্যই হ’ল এনে শ্রেণী বিভাগৰ মূল আধাৰ।

( ক ) বস্তুনিষ্ঠ কবিতা :- বস্তুনিষ্ঠ কবিতাত কবিয়ে নিজৰ পৰা দৃষ্টি আঁতৰাই নি বৰ্হিজগতৰ ঘটনাৰ ওপৰত দৃষ্টি নিৱেশ কৰে । অর্থাৎ ব্যক্তিগত ভাব অনুভূতি ৰূপায়িত নকৰি বাহ্যিক জগতৰ ঘটনা সংঘাত বৰ্ণনা কৰে । সেয়ে এনে কবিতাক যিমানেই নিজৰ মনৰ পৰশ নিদিয়াৰ চেষ্টা কৰক কবিৰ সম্পূৰ্ণ আত্মবিলুপ্তি সম্ভৱ নহয় । বস্তুনিষ্ঠ কবিতাক আকৌ বিভিন্ন ভাগত ভাগ কৰা হয় । যেনে– মহাকাব্য , খণ্ডকাব্য , মালিতা বা বেলাড , ব্যঙ্গ কবিতা , পেৰোডি ইত্যাদি । অসমীয়া সাহিত্যৰ শংকৰদেৱৰ ৰুক্মিণী হৰণ , হৰিশ্চন্দ্ৰ উপাখ্যান , অনন্ত কন্দলিৰ কুমাৰ হৰণ , ৰামসৰস্বতীৰ বধকাব্য এনে বস্তুনিষ্ঠ কবিতাৰ উদাহৰণ । 

( খ ) ব্যক্তিনিষ্ঠ কবিতা :- যি কবিতাত কবিয়ে আপোন মনৰ ভাব অনুভূতি আৰু অভিজ্ঞতাক ৰূপায়িত কৰে তেনে কবিতাক ব্যক্তিনিষ্ঠ কবিতা বোলা হয় । এনে কবিতাৰ পৰিসৰ ব্যাপক ভাব – অনুভূতিয়ে প্রধান হোৱা বাবে এনে কবিতাবোৰ নাতিদীর্ঘ হয় । ব্যক্তিনিষ্ঠ কবিতাকে গীতি কবিতা বুলিও কোৱা হয় । আৱেগ অনুভূতিৰ তন্ময়তা, ভাবৰ একময়তা আৰু প্ৰকাশৰ গীতিময়তা এনে কবিতাৰ মূল সম্পদ । ব্যক্তিনিষ্ঠ কবিতাক আকৌ বিভিন্ন ভাগত ভাগ কৰিব পাৰি যেনে — গীতি কবিতা , প্রশস্তি কবিতা , প্রেমমূলক কবিতা , প্রকৃতি বিষয়ক কবিতা , শোক কবিতা , নাটকীয় একোক্তি ইত্যাদি । অসমীয়া সাহিত্যত চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী , নিয়ৰ , ৰঘুনাথ চৌধাৰীৰ কেতেকী , দহিকতৰা , যতীন দুৱৰাৰ শূন্য পৰিচয় আদি এনে ব্যক্তিনিষ্ঠ কবিতা ।

৩। “ কবিতা হ’ল নিলাত সোঁৱৰা হিয়াৰ আৱেগ ” —কথাষাৰ বুজাই লিখা । 

উত্তৰঃ কবিতা জীৱনৰ দৰেই বৈচিত্র্যময় আৰু জটিল সৃষ্টি । এটা বাক্যৰে ইয়াক বুজোৱা সহজ নহয় । কবিতাৰ সংজ্ঞা দিবলৈ গৈ বিভিন্ন সময়ত বিভিন্ন কবি সমালোচকে এনে বিভিন্ন সংজ্ঞা দিছে যে তাৰ পৰা কবিতাৰ স্বৰূপ উপলব্ধি কৰা সহজ নহয় । সেয়ে যিয়ে নহওঁক এইটো স্পষ্ট যে কবিতাৰ সম্বন্ধ আৱেগ অনুভূতিৰ সৈতে । সংবেদনশীল কবি চিত্তৰ আৱেগ অনুভূতিৰ বহিঃপ্রকাশেই হ’ল কবিতা । কথা হ’ল কবিয়ে তেওঁৰ আৱেগ অনুভূতিক কাব্য ৰূপ দিয়ে কেনেকৈ ? 

কেৱল আৱেগ অনুভূতিৰ প্ৰকাশেই কবিতা হ’ব নোৱাৰে । তাৰ সৈতে হৃদয় সংবাদিতা আৰু সার্বজনীনতাৰ বিষয়টো জড়িত হৈ আছে । সেয়ে সাধাৰণ আৱেগ অনুভূতিৰ প্রকাশে কবিতা হ’ব নোৱাৰে । কবিৰ আৱেগ অনুভূতিৰ সঞ্চাৰ হয় বাস্তৱ জীৱনৰ বিভিন্ন ঘটনা পৰিস্থিতি আৰু অভিজ্ঞতাৰ পৰা । এইবোৰৰ পৰা সংবেদনশীল কবি চিত্তক আলোড়িত কৰি আৱেগ অনুভূতিৰ উদ্রেক ঘটায় । আকৌ এই আৱেগ অনুভূতিক কাব্যৰ কলা ৰূপ দিওঁতে প্রয়োজন হয় কবি নির্ব্যক্তিকতাৰ । অর্থাৎ কবিয়ে কাব্যৰূপ দিওঁতে উদ্ৰিত আৱেগ – অনুভূতিক এইবোৰৰ পৰা আঁতৰাই ল’ব লাগিব । 

মনৰ এনে এক নিৰাসক্ত অৱস্থাতে কলা সৃষ্টিৰ বাবে প্ৰয়োজনীয় সংযম , নির্বাচন বর্জন আৰু সংশ্লেষণ সম্ভৱ হৈ উঠে । আৱেগ অনুভূতিৰ এনে পৰিশোধনৰ বাবেই পোৱা হয় কবিতা । কবিতা হ’ল নিৰলাত সোঁৱৰা হিয়াৰ আৱেগ । অর্থাৎ এক মানসিক প্রশান্তিৰ মাজত আৱেগ অনুভূতিৰ ৰোমন্থনে কবিতাৰ জন্ম দিয়ে । নিলা বা মানসিক প্রশান্তিয়ে কবিৰ নৈব্যক্তিক দৃষ্টিভংগীকে নিৰূপিত কৰে । সেয়ে কবিতা ব্যক্তিগত ভাব অনুভূতিৰ বাহক হৈয়ো এক সার্বজনীন আৱেদনযুক্ত হৈ পৰে । ইয়াতেই কবিতাৰ সাৰ্থকতা । 

৪। কবিতা কাক বোলে ? কাহিনী কবিতা বা বেলাড কি ? উদাহৰণ দি বুজাই দি লিখা । 

উত্তৰঃ কবিতা কাক বোলে ইয়াৰ উত্তৰ একে আযাৰতে দিয়া টান । কাৰণ কবিতাৰ পৰিধি ইমান বিস্তৃত আৰু ইয়াৰ প্রকৃতি ইমান বিচিত্র যে একেটা সংজ্ঞাৰ মাজত কবিতাৰ আটাইখিনি বৈশিষ্ট্য অন্তর্ভুক্ত কৰা সম্ভৱ নহয় । তথাপি সাধাৰণ অৰ্থত কবিতা হ’ল – কবি হৃদয়ৰ আৱেগ অনুভূতি কল্পনাৰে মণ্ডিত হৈ ভাষাৰ ব্যঞ্জনাৰে ছন্দৰ লহৰত হৃদয় সংবাদীৰূপত অভিব্যক্ত হোৱাকেই কবিতা বুলি অভিহিত কৰিব পাৰি । 

কাহিনী কবিতা বা বেলাড বর্ণনাত্মক বা বস্তুনিষ্ঠ কবিতাৰ এটা প্রধান ভাগ । ইংৰাজীত ইয়াক ‘ Ballad ’ বোলা হয় । এনে কবিতাৰ প্রধান বিষয় হ’ল ইয়াত ছন্দৱদ্ধ আকাৰত কোনো কাহিনী দাঙি ধৰা হয় । সাহিত্যৰ পৰম্পৰাত এই বেলাড বা কাহিনী কবিতাবোৰেই হ’ল প্রাচীনতম সৃষ্টি ।কাহিনী কবিতাৰ নিজস্ব বৈশিষ্ট্য কিছুমান আছে । প্রথমতে , এই কাহিনী কবিতা বা মালিতাসমূহ মৌখিক সাহিত্যৰ অন্তর্ভুক্ত । মুখে মুখে বাগৰি অহা বাবে এই শ্রেণীৰ কবিতা ৰচকৰ নাম পোৱা নাযায় । দ্বিতীয়তে , কাহিনী কবিতাত এটা সুসংবদ্ধ কাহিনী দাঙি ধৰা হয় । এই কাহিনী জনশ্ৰুতিমূলক , বুৰজ্ঞীমূলক নাইবা কাল্পনিক হ’ব পাৰে । 

তৃতীয়তে , কাহিনী কবিতাৰ কাহিনী কিছু পৰিমাণে বৈষয়িক ধৰণৰ আৰু এইবোৰত দুঃসাহসিক কার্য যুদ্ধ – বিগ্রহ আদিৰ বৰ্ণনাত বিশেষ জোৰ দিয়া হয় । চতুর্থতে , অলৌকিকতা বা অতি প্রাকৃতিকতা কাহিনী কবিতাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য । অতিৰঞ্জিত বা অবাস্তৱ বর্ণনাই এইবোৰত বিশেষ প্রাধান্য লাভ কৰে । পঞ্চমতে , কাহিনী কবিতাৰ কাহিনীত মানৱীয় ভাব অনুভূতিৰ প্রকাশ লক্ষ্য কৰা যায় । প্রেম প্রীতি , ঘৃণা , বিদ্বেষ , হিংসা আদি মানৱীয় প্রবৃত্তিৰ প্রকাশ ইয়াত থাকে । ষষ্ঠতে , কাহিনী কবিতাৰ বৰ্ণনাৰ সৰলতা লক্ষণীয় । তদুপৰি ক্ষিপ্রতাও মন কৰিবলগীয় বর্ণনাৰ মাজত নাটকীয় গুণো পৰিদৃষ্ট হয় । 

আধুনিক যুগত পুৰণি কাহিনী কবিতাৰ আদৰ্শত কৃত্রিম কাহিনী কবিতা বা মালিতা ৰচনা কৰা দেখা যায় । 

অসমীয়া সাহিত্যত পোৱা — মণিকোৱৰৰ গীত , ফুলকোৱৰৰ গীত , জনাগাভৰুৰ গীত এনে কাহিনী কবিতা । বুৰঞ্জীমূলক কাহিনী কবিতাৰ ভিতৰত বৰফুকনৰ গীত , মণিৰামৰ গীত , উল্লেখযোগ্য । অসমীয়া ৰোমাণ্টিক যুগত লক্ষ্মীনাথ বেজবৰুৱা , আনন্দচন্দ্ৰ আগৰৱালাই কৃত্রিম কাহিনী কবিতাও ৰচনা কৰিছিল । যেনে — ধনবৰ ৰতনী , তেজিমলা, পানেশই ইত্যাদি । 

Sl. No.Contents
Chapter 1প্ৰহ্লাদ চৰিত্ৰ
Chapter 2শিৱৰ কৃষি কর্ম
Chapter 3প্রিয়তমাৰ চিঠি
Chapter 4পানেশৈ
Chapter 5পছোৱাৰ ডাক
Chapter 6চামুৰাই
Chapter 7শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত
Chapter 8ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা
Chapter 9অঙ্কীয়া নাটৰ ৰস বিচাৰ
Chapter 10টিকেন্দ্রজিৎ
Chapter 11যীশুখৃষ্টৰ ছবি
Chapter 12ভ্ৰষ্টলগ্ন
Chapter 13কবিতা
Chapter 14নাটক
Chapter 15অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়
Chapter 16ছন্দ

৫। চমুটোকা লিখাঃ 

কবিতা আৰু নাটকৰ পাৰ্থক্য , পদ্য আৰু কবিতা , মহাকাব্য , গীতি কবিতা , ছনেট , শোক কবিতা , স্তোত্র কবিতা , ৰোমাণ্টিক কবিতাৰ লক্ষণ । 

উত্তৰঃ কবিতা আৰু নাটকৰ পাৰ্থক্য :- কবিতা আৰু নাটক এই দুয়োবিধ শিল্পকর্মই মানৱ জীৱনক ৰূপায়িত কৰে । সেই হিচাপে কবিতা আৰু নাটকৰ মাজত সম্পর্ক নথকা নহয় । তথাপি কবিতা আৰু নাটকৰ মাজত পাৰ্থক্যৰ মাত্ৰাই অধিক । কবিতা হ’ল বিশুদ্ধ সাহিত্য । ই শ্রব্যগুণ প্রধান । কবিতাৰ গঠন বা শ্ৰৱণৰ পৰাই ইয়াৰ ৰস উপলব্ধি কৰিব পাৰি । কিন্তু নাটক বিশুদ্ধ সাহিত্যৰ অন্তৰ্ভুক্ত নহয় । ই এবিধ যৌথ কলা য’ত শ্ৰব্য আৰু দৃশ্য গুণ জড়িত হৈ থাকে । নাটকীয় ৰসৰ প্ৰকৃত উপলব্ধি কেৱল গঠনৰ জৰিয়তে সম্ভৱ নহয় , অভিনয় হ’লেহে প্রকৃত উপলব্ধি হয় ।

আকৌ কবিতাৰ উপাদান আৰু নাটকৰ উপাদানৰ মাজত বিশেষ প্রভেদ আছে । এই উপাদানৰ বৈচিত্র্যই দুয়োবিধক সুকীয়া শিল্পকর্ম কৰি তুলিছে।কবিতাত আৱেগ অনুভূতি , কল্পনা , ছন্দ আৱশ্যকীয় উপাদান।আনহাতে নাটকৰ কাহিনী , চৰিত্ৰ , সংলাপ , নাট্যকাৰৰ জীৱন দৰ্শন, বিষয়ৰ অভিনয় — এইবোৰেই প্রধান উপাদান । 

গতিকে কবিতা আৰু নাটক দুয়ো মানৱ জীৱনক ৰূপায়িক কৰিলেও দুয়োবিধ শিল্পকৰ্মৰ মাজত প্ৰচুৰ পাৰ্থক্য আছে । 

পদ্য আৰু কবিতা :- সাধাৰণ দৃষ্টিত পদ্য আৰু কবিতা সমার্থক যেন লাগিলেও দুয়োৰে মাজত প্রকৃততে বেচ অমিল হে লক্ষ্য কৰা যায় । সহজ অর্থত কথাক যদি গদ্য বোলা হয় , ছন্দৱদ্ধ ৰচনাই হ’ল পদ্য । সেই হিচাপে কবিতাও একধৰণৰ পদ্য । কিন্তু কিছু ব্যাপক অৰ্থত পদ্য আৰু কবিতা একে নহয় ৷ পদ্য আৰু কবিতাৰ মাজত বিভিন্ন ক্ষেত্ৰত পার্থক্য আছে । 

পদ্যৰ মাধ্যমো ছন্দ ইয়াৰ ছন্দৱদ্ধ ৰূপে অনুভূতিৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে , ইয়াৰ ছন্দ বাহ্যিক আৱৰণ মাত্ৰ ৷ আনহাতে কবিতাত ছন্দ ভাৱ – অনুভূতিৰ সৈতে সম্পর্কিত বিষয় । 

পদ্য সদায় তথ্যমূলক , উপদেশ বা নীতিমূলক । কিন্তু কবিতাও জ্ঞানদায়ক যদিও উপদেশ বা নীতিধর্মিতা ইয়াত নাই । ইয়াত উপদেশ সদায় পৰোক্ষ ৰূপতহে প্রকাশ পায় । পদ্য সহজ সৰল , কিন্তু কবিতাৰ অৰ্থ সদায় পৰোক্ষ আৰু জীৱনৰ সৈতে সম্পর্কিত বাবে সকলো সময়ত ইয়াৰ অর্থ সহজবোধ্য নহয় । 

তদুপৰি পদ্যত কল্পনা আৰু অনুভূতিৰ কোনো প্রাধান্য নাই । কিন্তু কবিতাৰ ক্ষেত্ৰত এই দুটা অপৰিহাৰ্য সম্পদ বিশেষ ৷ 

গতিকে সাধাৰণ অৰ্থত পদ্যই কবিতাকো সামৰি ল’লেও প্ৰকৃততে পদ্য আৰু কবিতা একে নহয় , দুয়ো সুকীয়া সৃষ্টি ।

মহাকাব্য :- মহাকাব্য বর্ণনাত্মক কাব্যৰ এটি প্রধান ৰূপ । ইংৰাজীত ইয়াক Epic বোলা হয় । ইয়াত লেখকৰ ব্যক্তিগত আৱেগ – অনুভূতিৰ পৰিচয় পোৱা নাযায় । ইয়াত বিভিন্ন ৰকমৰ বাহ্যিক ঘটনা সংঘাতে প্রাধান্য বিস্তাৰ কৰে । ভাৰতীয় আৰু পাশ্চাত্যৰ সমালোচকসকলৰ ব্যাখ্যা অনুযায়ী আকৃতিত বিশাল , ইয়াৰ বিষয়বস্তুৰ মাজেদি একেটা যুগৰ সামগ্রিক প্রতিফলন ঘটে । ইয়াত বীৰত্ব ব্যঞ্জন , দুঃসাহসিক ঘটনাই প্রাধান্য লাভ কৰে , লগতে অন্যান্য মানৱীয় প্রবৃত্তি যেনে প্রেম , ঘৃণা , প্রতিহিংসা আদিও প্রকাশ পায় । অলৌকিক বা অতি প্রাকৃতিক বর্ণনাও মহাকাব্যতে লক্ষ্য কৰা যায় । মহাকাব্যৰ ভাষা ওজস্বী আৰু গাম্ভীৰ্য্যপূর্ণ । 

ছন্দৰ ওজস্বীতাও মহাকাব্যৰ এটি প্রযোজনীয় গুণ । প্রাচীন মহাকাব্যসমূহ মূলত মৌখিক কাব্যৰ আধাৰত গঢ় লৈ উঠে । সাহিত্যৰ লিখিত পৰম্পৰা গঢ় লৈ উঠাত প্রাচীন মহাকাব্যৰ আদৰ্শত কবি বিশেষৰ দ্বাৰা ৰচিত মহাকাব্যত পোৱা যায় । প্রথমবিধক বৰ্দ্ধিত মহাকাব্য আৰু দ্বিতীয়বিধক সাহিত্যিক মহাকাব্য বুলি অভিহিত কৰা হয় । ভাৰতীয় সাহিত্যত ৰামায়ণ , মহাভাৰত , ‘ ৰঘুবংশ ’ আদি মহাকাব্যৰ উদাহৰণ । 

গীতি কবিতা :- ব্যক্তিনিষ্ঠ কবিতাকে গীতি কবিতা বুলি অভিহিত কৰা হয় । এনে কবিতাৰ বিষয়বস্তু হ’ল কবিৰ সম্পূর্ণ ব্যক্তিগত ভাৱ – অনুভূতিৰ সহজ আৰু সাৱলীল প্রকাশ । এই শ্ৰেণীৰ কবিতাৰ গণ্ডী সেয়ে বৰ বহল আৰু বিচিত্র । ব্যক্তিগত ভাব – অনুভূতিৰ প্ৰকাশ হোৱা বাবে এনে কবিতাবোৰ বেছি দীঘলীয়া নহয় । অনুভূতিৰ যথাৰ্থতা , প্ৰকাশৰ আন্তৰিকতা , ভাষা আৰু উপমাৰ সংহতি , উদ্দেশ্যৰ একময়তা আদি এনে কবিতাৰ কেইটিমান বিশিষ্ট লক্ষণ । সহজ ভাষাত এনে কবিতাত বৰ্হিজগতৰ সকলো বস্তুৱে কবিৰ নিজা অভিজ্ঞতা , নিজা দৃষ্টিভংগীৰ মাজেদি স্বকীয়তা লাভ কৰে , সেয়ে সকলো ৰচনাত কবিৰ ব্যক্তিমনৰ পৰিচয় স্পষ্ট । 

গীতি কবিতা ইংৰাজী Lyric শব্দৰ প্ৰতিশব্দ :- Lyric শব্দটো Lyre শব্দৰ পৰা অহা , পোনতে এইবোৰ গীত হিচাপে গোৱা হৈছিল । কিন্তু গীতি কবিতাৰ অৰ্থই গীতৰ সমাৰ্থ নুবুজায় ৷ গীতৰ সৈতে গীতি কবিতাৰ পাৰ্থক্য আছে । এনে কবিতাত কবি হৃদয়ৰ ভাৱ চিন্তা গীতিময় ৰূপত প্ৰকাশৰ পায় ৷ সেয়ে ইয়াৰ নাম গীতি কবিতা । বিষয় বস্তু অনুসৰি গীতি কবিতা বিভিন্ন ৰূপৰ হ’ব পাৰে যেনে প্রকৃতি বিষয়ক , প্রেমবিষয়ক , স্বদেশ প্রীতিমূলক , শোক কবিতা ইত্যাদি । 

ছনেট :- ব্যক্তিনিষ্ঠ বা গীতি কবিতাৰ এটি বিশেষ ৰূপ হ’ল ছনেট । অসমীয়াত ইয়াক চতুর্দশপদী কবিতা বুলিও কোৱা হয় ৷ ‘ ছনেট ’ এই শব্দটো ইটালীয় ভাষাৰ Sonetto শব্দৰ পৰা অহা যাব অৰ্থ হ’ল ক্ষুদ্ৰ গীত বা কবিতা বিশেষ । চতুর্দশপদী হোৱা বা চৈধ্যটাশাৰী থকাটো ইয়াৰ এটা আঙ্গিক বৈশিষ্ট্য মাত্ৰ । গতিকে সংজ্ঞাৰ আকাৰত ক’ব পাৰি একোটি মাত্র ভাৱ কল্পনা বা অনুভূতিক যেতিয়া চৈধ্যশাৰীয়া কবিতাৰ ৰূপত প্ৰকাশ কৰা হয় তাকে ছনেট বোলে । 

ধনেটৰ কিছুমান বৈশিষ্ট্য থাকে । যেনে চৈধ্যশাৰীৰ হোৱাৰ লগতে প্ৰতিটো শাৰী সমান মাত্ৰাৰ হোৱা বাঞ্ছনীয় । ইয়াৰ চৰণান্তিক ধ্বনিৰ মিলৰ বৈশিষ্ট্য আছে । এনে মিলৰ বাবেই ছনেটৰ দুটা ৰূপ পেট্ৰাকীয় আৰু ছেক্সপীয়েৰীয় আৰ্হিৰ ছনেট পোৱা যায় । বিষয় বস্তুৰ ক্ষেত্ৰত ভাবৰ একময়তা বা অখণ্ডতা চনেটত থকা বাঞ্ছনীয় । তদুপৰি চৈধ্যশাৰীৰ মাজত সীমাৱদ্ধ হলেও ই পূৰ্ণাংগ গীতি কবিতা বিশেষ ৷ অৱশ্যে ছনেট ৰচনাৰ ক্ষেত্ৰত নীতি নিয়মৰ কঠোৰতা থকা বাবে চনেটৰ সংখ্যা তুলনামূলকভাৱে কম । অসমীয়া সাহিত্যত পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ‘ প্ৰিয়তমাৰ চিঠি ’ প্রথম ছনেট । হিতেশ্বৰ বৰবৰুৱা‘ চকুলো ’ প্রথম ছনেট কবিতাৰ পুথি ।

তলত ৰোমান্টিক কবিতাৰ কিছুমান লক্ষণ আলোচনা কৰা হ’ল— 

( ক ) ব্যক্তিসত্বাৰ প্রাধান্য আৰু ব্যক্তিগত ভাৱ অনুভূতিৰ প্ৰকাশ এনে কবিতাৰ মূল আধাৰ। 

( খ ) কল্পনাৰ মুক্ততা বা অবাধ স্বাধীনতা ৰোমান্টিক কবিতাত লক্ষ্য কৰা যায় । 

( গ ) অতীতৰ প্রতি শ্রদ্ধা আৰু বিপৰীতে ভৱিষ্যতৰ ৰঙীন কল্পনা ৰোমান্টিক কবিতাৰ অন্যতম বিষয় ।

( ঘ ) সাধাৰণত অসাধাৰণত্বৰ আৰোপ কৰি এক নতুন ৰূপত দাঙি ধৰা ৰোমান্টিক কবিতাত লক্ষ্য কৰা যায় । 

( ঙ ) প্রকৃতি প্রীতি বা প্ৰকৃতিৰ প্ৰতি আকৰ্ষণ , এটি প্রধান বিষয় ৷ 

( চ ) প্ৰেম আৰু সৌন্দৰ্যৰ আৰাধনা , প্ৰেমৰ বিচিত্ৰ ৰূপৰ প্ৰকাশ , সৌন্দৰ্যৰ সাধনা , বিশ্ব প্ৰকৃতিত প্রিয়তমাৰ ৰূপ সৌন্দৰ্যৰ প্ৰতিফলন আদি ৰোমান্টিক কবিতাৰ ঘাই বিষয় । 

( ছ ) বিষয় বস্তুৰ সৈতে সঙ্গতি ৰাখি ন – ন – ছন্দ সম্ভাৰ ব্যৱহাৰ আৰু ভাষাৰ ক্ষেত্ৰত কৃত্রিমতা বর্জনো ৰোমান্টিক কবিতাৰ লক্ষণীয় । 

এনেবোৰেই হ’ল ৰোমান্টিক কবিতাৰ সাধাৰণ লক্ষণ । এনে লক্ষণবোৰ কম – বেছি পৰিমাণে যি কবিতাত প্ৰকাশ পায় তাকে ৰোমান্টিক কবিতা আখ্যা দিয়া হয় । 

৬। কবিতাৰ দুটা উপাদানৰ নাম লিখা । 

উত্তৰঃ অনুভূতি আৰু শব্দ সজ্জা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top