Class 11 Advance Assamese Chapter 14 নাটক

Class 11 Advance Assamese Chapter 14 নাটক Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 14 নাটক notes and select needs one.

Class 11 Advance Assamese Chapter 14 নাটক

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 14 নাটক Solutions for All Subject, You can practice these here

নাটক

Chapter – 14

পঞ্চম গোট

চমু প্ৰশ্ন

১। নাটকৰ এটা সংজ্ঞা দিয়া ? নাটক ৰচনাৰ মূল উপাদান কি কি বুজাই লিখা ? 

উত্তৰঃ নাটক এবিধ কলা । ইয়াৰ সংজ্ঞা দিয়া সহজ নহয় । সংস্কৃত আলংকাৰিক ধনঞ্জয়ে ইয়াক অৱস্থানুকৃতি ’ বোলাৰ দৰে পাশ্চাত্যত এৰিষ্টটলে ইয়াক কাৰ্য্যনুকৃতি বুলি কৈছে । সহজ ভাষাত নাটক কেৱল সাহিত্যিক অভিব্যক্তি মাত্ৰ নহয় , ইয়াৰ পূৰ্ণতা প্রকাশ পায় অভিনয়ৰ সাজেৰে । অৰ্থাৎ নাটকৰ ক্ষেত্ৰত অভিনয় অপৰিহাৰ্য । সেয়ে পাশ্চাত্যৰ পণ্ডিতৰ মতে নাটক একক নহয় এবিধ মিশ্র কলাহে । সেই দিশৰ পৰা সহজ ভাষাত নাটকৰ সংজ্ঞা এনেদৰে দিব পাৰি নাটক হ’ল যনে এবিধ কলা যত মানৱ জীৱন শৈল্পিক অভিব্যক্তি অভিনয়ৰ জৰিয়তে ৰূপায়িত কৰা হয় । 

নাটক এখনৰ পূৰ্ণাংগ ৰূপ পোৱাৰ ক্ষেত্ৰত অৰ্থাৎ গঠন হোৱাৰ ক্ষেত্ৰত কেইটামান বিশিষ্ট পাদান অপৰিহার্য । এই উপাদানসমূহহ’ল – কাহিনী , চৰিত্ৰ , সংলাপ , পৰিৱেশ সৃষ্টি , নাট্যকাৰৰ জীৱন দর্শন । 

আখ্যান বা কাহিনী :- কাহিনী বা আখ্যান নাটকৰ প্ৰথম আৰু প্ৰয়োজনীয় উপাদান । কাহিনী বুলিলেই তাত এটা গল্পৰ কথা আহি পৰে।গতিকে নাটক হ’ল কাৰ্য্যৰ মাজেৰে ৰূপায়িত কৰা গল্প মাত্র । নাটকৰ কাহিনী ৰচনাত সংযম অপৰিহাৰ্য । নাট্যকাৰে সীমাৱদ্ধ পৰিসৰত সংযম ৰক্ষা কৰি আকৰ্ষণীয় কাহিনী ৰচনা কৰাৰ বাবে দক্ষতাৰ প্রয়োজন । নাটকৰ কাহিনীৰ মূল প্ৰাণ হ’ল সংঘাত । সংঘাতেই নাট্যকাহিনীৰ পাতনি মেলে আৰু সংঘাতৰ সামৰণিত নাট্যকাহিনীৰো পৰিসমাপ্তি ঘটে । নাটকীয় কাহিনীৰ ক্ৰমবিকাশক পাঁচটা ভাগ বা স্তৰত ভাগ কৰা হয় ৷ সেইবোৰ হ’ল — মুখ , প্ৰতিমুখ , গৰ্ভ বা শীর্ষ দ্বন্দ , অবমর্শ বা গ্রন্থিমোচন , নির্বহন বা উপসংহাৰ । নাট্যকাৰে কাহিনী উপস্থাপনৰ ক্ষেত্ৰত কেতবোৰ কলা – কৌশলৰ আশ্ৰয় লয় এইবোৰ হ’ল , সুষম , বিষম , নাটকীয় পৰিহাস , উপকাহিনীৰ সংযোগ , পশ্চাৎ অৱলোকন পদ্ধতি ইত্যাদি । এইবোৰ কলা কৌশলৰ প্রয়োগে নাট্যকাহিনীক আকর্ষণীয় আৰু গতিশীলতা প্রদান কৰে ৷ নাট্যকাহিনীৰ ক্ষেত্ৰত পূর্ণাংগতা এটি গুৰুত্বপূর্ণ বিষয় ।

চৰিত্ৰ :- কাহিনীৰ পাছতে নাটকৰ উল্লেখযোগ্য উপাদান হ’ল চৰিত্ৰ । কাহিনীৰে চৰিত্ৰৰ বিকাশ ঘটায় যদিও , চৰিত্ৰ অবিহনে নাটকীয় কাহিনী ৰূপায়িত কৰা সম্ভৱপৰ নহয় । গতিকে কাহিনী আৰু চৰিত্ৰ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি । আকৌ চৰিত্ৰই হ’ল নাটকৰ মহত্ব আৰু অমৰ্ত্তৰ প্রধান উপাদান ৷ সেই কাৰণে হাডছনে কৈছে যে “ চৰিত্ৰাংকনেই হ’ল নাটকৰ প্ৰাণ ” । নাটকৰ চৰিত্ৰাংকন সহজ নহয় , সীমাবদ্ধ পৰিসৰত সম্পৰ্ক ঘটনাৰ বাহক ৰূপে চৰিত্ৰাংকন কৰা এটা জটিল বিষয়৷ইয়াৰ বাবে চৰিত্ৰ সৃষ্টিত কেতবোৰ গুণৰ প্ৰয়োজন ৷ ইয়াৰে এটা সংক্ষিপ্ততা । ইয়াৰে সৈতে প্রয়োজন নৈব্যক্তিকতাৰ । নাটকত চৰিত্ৰক বিকশাই তোলে কাৰ্যৰ দ্বাৰাই একেটা চৰিত্ৰৰ সকলোখিনি বৈশিষ্ট্য ফুটি উঠে । 

সংলাপ :- নাটকৰ গুৰুত্বপূর্ণ উপাদান হ’ল সংলাপ । সংলাপবিহীন নাটকত না অসম্ভৱ ৷ সংলাপেই হ’ল ঘটনা আৰু চৰিত্ৰ বিকাশৰ মূল আধাৰ । নাটকত সংলাপ চুটি চুটি আৰু অৰ্থব্যঞ্জক হোৱাৰ প্রয়োজন । সংলাপ বলিষ্ঠ মধুৰ আৰু গতিশীল হ’ব লাগে । নিৰস দুর্বল সংলাপ নাটকৰ বিফলতাৰ অন্যতম কাৰক সেয়ে সংলাপ ৰচনাত নাট্যকাৰৰ বিশেষ দক্ষতাৰ প্ৰয়োজন । 

পৰিৱেশ সৃষ্টি :- পৰিৱেশ সৃষ্টিও নাটকৰ অন্য এক গুৰুত্বপূর্ণ বিষয় । নাটকীয় ঘটনা আৰু চৰিত্ৰক পৰিপূৰ্ণতা প্ৰদান কৰে পৰিৱেশ সৃষ্টিয়ে । নাটকৰ পৰিৱেশ দুটা ভাগত ভগাব পাৰি –

( ক ) অন্তৰঙ্গ পৰিৱেশ । আৰু 

( খ ) বহিঙ্গ পৰিৱেশ । 

চৰিত্ৰৰ সাজ – পাৰ , আচাৰ – ব্যৱহাৰ , মঞ্চসজ্জা এই সকলোবোৰেই নাটকৰ বহিঙ্গ পৰিৱেশ সৃষ্টি কৰে । যুগোচিত পৰিৱেশ সৃষ্টি নাটকীয় বল স্বাদনৰ ঘাই বিষয় ৷ আনহাতে নাটকৰ অন্তৰঙ্গ পৰিৱেশ সৃষ্টি কৰিব পাৰে ভাষা আৰু গীতে । নাটকৰ ভাষা বা সংলাপ যুগোচিত হোৱা বাঞ্ছনীয় । আৱেগ অনুভূতি প্রকাশৰ ক্ষেত্ৰত গীতে প্রধান ভূমিকা লয় । 

নাট্যকাৰৰ জীৱন দৰ্শন :- নাটকৰ জৰিয়তে মানৱ জীৱনৰ কথাই ৰূপায়িত হয় । কিন্তু এই জীৱন হ’ল নাট্যকাৰৰ নিজস্ব কল্পনাৰ জীৱন । ফলত নাটকীয় ঘটনা আৰু ঘাইকৈ চৰিত্ৰবোৰৰ ওপৰত নাট্যকাৰৰ নিজস্ব দৃষ্টিভংগীৰ প্ৰভাৱ সুন্দৰভাৱে নিৰূপিত হয় । অর্থাৎ জীৱন সম্বন্ধে নাট্যকাৰৰ যি দৃষ্টিভংগী , সিয়ে কাহিনী আৰু চৰিত্ৰৰ মাজেৰে প্রতিভাত হয় । ইয়াকে নাট্যকাৰৰ জীৱন দৰ্শন বোলা হয় । নাট্যকাৰৰ জীৱনবোধ কিমান গভীৰ হয় সিমানেই নাটকৰ গভীৰতা বৃদ্ধি পায় আৰু মহত্ব প্রদান কৰে । এইখিনিয়ে হ’ল নাটকৰ উপাদানসমূহৰ চমু আলোচনা । 

২। নাটকৰ প্ৰধানকৈ কি কি শ্ৰেণীত ভাগ কৰিব পাৰি আলোচনা কৰা । নাইবা , নাটক কাক বোলে ? নাটকক কি কি শ্রেণীত ভাগ কৰিব পাৰি, অসমীয়া নাটৰ উদাহৰণেৰে লিখা ৷ 

উত্তৰঃ নাটক এবিধ কলা । ইয়াৰ সংজ্ঞা সহজ নহয় । প্ৰাচ্যৰ আলংকাৰিক ধনঞ্জয়ে নাটকক ‘ অৱস্থানুভূতি ‘ বুলি কোৱাৰ বিপৰীতে পাশ্চাত্যৰ এৰিষ্টটলে ইয়াক ‘ কাৰ্যৰ অনুভূতি ’ বুলি কৈছে । সহজ ভাষাত নাটক হ’ল এনে এক কলা য’ত মানৱ জীৱনক শৈল্পিক ৰূপক অভিনয়ৰ জৰিয়তে ৰূপায়িত কৰা হয় । 

নাটকক বিভিন্ন দৃষ্টিভংগীৰে বিভিন্ন ভাগত ভাগ কৰিব পাৰি । এইক্ষেত্ৰত বিষয়বস্তু অনুযায়ী কৰা শ্রেণী বিভাজন প্রধান । বিষয়বস্তু অনুসৰি নাটকক প্ৰধানকৈ এই কেইটা ভাগত ভাগ কৰিব পাৰি , যেনে— 

( ক ) পৌৰাণিক ।

( খ ) বুৰঞ্জীমূলক বা ঐতিহাসিক ।

( গ ) সামাজিক । আৰু 

( ঘ ) কাল্পনিক নাটক । 

তলত প্রত্যেকৰে চমু আলোচনা দাঙি ধৰা হ’ল । 

( ক ) পৌৰাণিক নাটক :- পৌৰাণিক কাহিনী অর্থাৎ মহাকাব্য পুৰাণ আদিৰ পৰা বিষয়বস্তু লৈ ৰচনা কৰা নাটককেই পৌৰাণিক নাটক বোলে।পৌৰাণিক নাটকত দুঃসাহসিক বীৰত্বব্যঞ্জক ঘটনা , দৈৱ প্ৰভাৱ বা অলৌকিক বা অতিপ্রাকৃত উপাদান , ধৰ্মৰ প্ৰভাৱ এইবোৰ সাধাৰণ বৈশিষ্ট্য । পৌৰাণিক নাটক ৰচনা সৃষ্টিত মূল কথা হ’ল যে ইয়াত এটা প্রস্তুত কাহিনী পোৱা যায় ; তদুপৰি নাট্যকাৰৰ কল্পনাৰ স্বাধীনতা এনে নাটকত লক্ষ্য কৰা যায় । অসমীয়া নাট্য সাহিত্যত ৰমাকান্ত চৌধুৰী , সীতাহৰণ , জ্যোতিপ্ৰসাদৰ ‘ শোণিতকুঁৱৰী ’ অতুলচন্দ্ৰ হাজৰিকাৰ ‘ নৰকাসুৰ ’ এনে পৌৰাণিক নাটক । 

( খ ) বুৰঞ্জীমূলক নাটক :- সাধাৰণতে বুৰঞ্জীৰ ঘটনাৰ আধাৰত ৰচনা কৰা নাটককেই বুৰঞ্জীমূলক নাটক বোলা হয় । অতীতৰ প্ৰতি শ্ৰদ্ধাসূচক মনোভাৱ আৰু স্বদেশ প্ৰেম বুৰঞ্জীমূলক নাটক ৰচনাৰ অন্যতম প্ৰেৰণা ৷ বুৰঞ্জীমূলক নাটক ৰচনা কৰোতে নাট্যকাৰক কল্পনাৰ সংযম প্রয়োজনীয় ৷ বুৰঞ্জীৰ সত্য যাতে বিকৃত নহয় তালৈ নাট্যকাৰে সচেতন থাকিব লাগে ৷ অসমীয়া সাহিত্যত বেজবৰুৱাৰ ‘ বেলিমাৰ ’ , প্ৰসন্নলাল চৌধাৰীৰ ‘ নীলাম্বৰ ’ অতুলচন্দ্ৰ হাজৰিকাৰ ‘ টিকেন্দ্ৰজিৎ ’ ঐতিহাসিক নাটক । 

( গ ) সামাজিক নাটক :- সমাজ বা তাৰ অন্তর্ভুক্ত ব্যক্তি জীৱনৰ বিভিন্ন সমস্যাক প্রধান কৰি লৈ ৰচনা কৰা নাটককেই সামাজিক নাটক বোলে । বাস্তৱতা সামাজিক নাটকৰ প্ৰাণ ৷ সামাজিক নাটকৰ বিষয়বস্তু সমাজৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায় । অসমীয়া নাট্য সাহিত্যত গুণাভিৰাম বৰুৱাৰ ‘ বাম নৱমী ’ , লক্ষ্যধৰ চৌধুৰীৰ ‘ নিমিলা অংক ’ , সাবদাকান্ত বৰদলৈৰ ‘ পহিলা তাৰিখ ’ এনে সামাজিক নাটক । 

কল্পনাই যাতে ঐতিহাসিক সত্যক বিকৃত নকৰে তাৰ প্ৰতি নাট্যকাৰ সচেতন হ’ব লাগে । ঐতিহাসিক নাটকত ৰাজনৈতিক ঘটনাৰ লগতে যুগটোকে প্রতিফলিত কৰা হয় । আৰু এইক্ষেত্ৰত নাট্যকাৰৰ কাল্পনিক বিষয়বস্তু আৰু চৰিত্ৰই প্রধান ভূমিকা লয় । কিন্তু এনে কাল্পনিক ঘটনা বা চৰিত্ৰই যাতে মূল বিষয়ক হেঁচা মাৰি নধৰে তাৰ প্ৰতি সচেতন হ’ব লাগে । ঐতিহাসিক নাটকৰ ভাষা আৰু সংলাপো মন কৰিবলগীয়া । সাধাৰণতে বাস্তৱ ঘটনাৰ প্ৰকাশৰ উপযুক্ত মাধ্যম হ’ল গদ্য । সেয়ে গদ্য সংলাপেই ঐতিহাসিক নাটকৰ প্ৰধান মাধ্যম । অৱশ্যে সংলাপ ওজস্বী আৰু গাম্ভীৰ্যপূৰ্ণ হোৱা বাঞ্ছনীয় । নাট্যকাৰে পৰিৱেশ সৃষ্টিত সচেতন নহ’লে কালোনোচিত্য দোষ ঘটে । 

ঐতিহাসিক নাটকৰ বিষয়বস্তু দৰ্শকৰ পৰিচিত হোৱা বাবে এনে নাটকৰ প্ৰতি এটি সহজ আকর্ষণ থাকে । তদুপৰি এনে নাটকৰ দৰ্শনে স্বদেশপ্রেমো জাগ্রত কৰে । 

( ঘ ) সামাজিক নাটক :- সমাজৰ প্রতি বিশেষ গুৰুত্ব আৰোপ কৰি ৰচনা কৰা নাটককেই সামাজিক নাটক আখ্যা দিয়া হয় । সহজ কথাত , সমাজ আৰু তাৰ অনুৰ্ভূক্ত ব্যক্তিৰ সমস্যা , অৱস্থা আৰু পৰিৱেশৰ ভিত্তিত ৰচনা কৰা নাটেই সামাজিক নাটক । সামাজিক নাটকৰ বিষয়বস্তু প্রত্যক্ষভাৱে সমাজৰ প্ৰভাৱৰ দ্বাৰা পৰিচালিত হয় । এনে নাটকত কেতিয়াবা সামাজিক প্রভাৱত ব্যক্তি জীৱনে নিজৰ স্বতন্ত্রতা বাদ দি সমাজৰ সৈতে খাপখুৱাই জীৱন চলাই নিয়ে কেতিয়াবা আকৌ সমাজ , ব্যক্তি সত্ত্বাৰ স্বাতন্ত্ৰ আৰু বিকাশৰ পথত অন্তৰায় ৰূপে থিয় দি ব্যক্তি জীৱনৰ যুগাত্মক বা দুখাত্মক পৰিণতি কঢ়িয়াই আনে । কেতিয়াবা আকৌ কেৱল বাহ্যিকভাৱে সমাজৰ ৰেহৰূপ দাঙি ধৰা হয় ৷ 

সামাজিক নাটকৰ মূল বৈশিষ্ট্য হ’ল ইয়াত প্ৰকাশ পোৱা বাস্তৱতা । বিষয়বস্তু , চৰিত্ৰাংকন , পৰিৱেশ চিত্রন , সংলাপ আদি বাস্তৱ জীৱনৰ অনুৰূপ হোৱাটো বাঞ্ছনীয় ৷ সেয়ে এনে নাটকত দৈৱিক বা অদৃষ্টৰ প্ৰভাৱ পৰিলক্ষিত নহয় ৷ সংঘাত বা দ্বন্দ্বৰ ক্ষেত্ৰত বহিদ্বন্দ্বতকৈ চৰিত্ৰৰ মানসিক অন্তর্দ্বন্দ্বৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় । সামাজিক নাটকৰ চৰিত্ৰৰ ক্ষেত্ৰত দেখা যায় যে চৰিত্ৰৰ বংশমৰ্য্যাদা , আভিজাত্য , অসাধাৰণ ব্যক্তিত্বৰ সলনি সাধাৰণ জীৱনৰ পৰা বুটলি লোৱা চৰিত্ৰইহে স্থান পায় । ইয়াত ব্যক্তিৰ আভিজাত্যৰ সলনি পাৰিপাৰ্শ্বিক অৱস্থা আৰু সমাজে ব্যক্তিৰ জীৱনৰ ওপৰত কেনে প্রভাৱ বিস্তাৰ কৰে তাৰ ওপৰতহে গুৰুত্ব দিয়া হয় । সামাজিক নাটক বাস্তৱধৰ্মী হোৱা বাবে ইয়াৰ বাস্তৱবাদী নাটকো বোলা হয় । একেদৰে এনে নাটত ঘাইকৈ সমস্যা বিশেষৰ ৰূপায়ণ কৰা হয় বাবে সমস্যামূলক নাটকো কোৱা হয়। 

( ঙ ) কাল্পনিক নাটক :- নাট্যকাৰৰ স্ব – কল্পিত কাহিনীৰ আধাৰত ৰচিত নাটককে কাল্পনিক নাটক বোলা হয় । এনে নাটৰ পটভূমি পুৰাণ , ইতিহাস আৰু সমাজ নিৰপেক্ষ হোৱা দেখা যায় । এই শ্ৰেণীৰ নাটত কেতিয়াবা কোনো সমাজ বা ঐতিহাসিক পৰিৱেশ একোটিক কাহিনীৰ পটভূমি ৰূপে প্ৰয়োগ কৰা দেখা যায় যদিও নাটৰ প্ৰধান প্রদর্শনীয় বিষয় সামাজিক অৱস্থা বা ঐতিহাসিক ঘটনা নহয় , ব্যক্তি বিশেষৰ কাৰ্য্য আৰু পৰিণতিহে । কাহিনীৰ বৈচিত্র্য আৰু জটিলতা , চাঞ্চল্যজনক ঘটনাৰ অভিব্যক্তি আৰু পৰিণতি স্থান আৰু কাল বিষয়ক ঐক্যৰ প্ৰতি উদাসীনতা , কাব্যিকতাৰ প্ৰাচুৰ্য , দুখৱহ আৰু আনন্দজনক উপাদানৰ সহজ ব্যৱহাৰ ইত্যাদি বৈশিষ্ট্যও এনে নাটকত লক্ষ্য কৰা যায় । 

এনে কাল্পনিক নাটকক দুটা ভাগত ভাগ কৰিব পাৰি — ঘটনা বা ক্রিয়া প্রধান আৰু ভাৱ বা তত্ত্ব প্রধান । ক্রিয়া প্রধান নাটকত আদর্শ বা ইপ্সিত বস্তুক উপলক্ষ্য কৰি সংঘাত আছে যদিও কল্পনাৰ প্রাধান্য বেছি । আনহাতে ভাৱ বা তত্ত্ব প্রধান নাটকত তত্ত্বৰ প্রতিফলনৰ ওপৰত গুৰুত্ব দিয়া হয় । অসমীয়া নাট্য সাহিত্যত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ কাৰেঙৰ লিগিৰী ’ , ‘ ৰূপালীম ’ এনে কাল্পনিক নাটৰ উদাহৰণ । 

( চ) প্রহসন বা ফার্চ :- যি নাটকৰ মাজেদি জীৱনৰ বাহ্যিক ৰূপটো হাস্যোদ্দীপক ৰূপে চিত্ৰিত কৰা হয় , তাকে প্রহসন বোলে । এই শ্রেণী নাটকৰ ঘটনা উপস্থাপন আৰু চৰিত্ৰায়ন অতিবঞ্জন দোষদৃষ্ট হয় । ইয়াত চৰিত্ৰতকৈ ঘটনাই অধিক গুৰুত্ব লাভ কৰে । প্ৰহসনত দ্বন্দ্ব থাকে যদিও সেই দ্বন্দ্ব গভীৰ আৰু ব্যাপক নহয় । প্ৰহসনৰ বিষয়বস্তুৰ উপস্থাপন বিশৃঙ্খল আৰু সংগতিবিহীন সেয়ে এনে নাটকৰ গাঁথনি বৰ শিথিল । ইয়াৰ যি হাস্যৰস সি কেতিয়াবা যুক্তিনিষ্ঠ , বিদ্রূপাত্মক আৰু কেতিয়াবা নির্ভাজ হাস্যৰস মাত্র হয় । বিষয়বস্তু অনুসৰি প্ৰহসনক বিভিন্ন ভাগত ভাগ কৰিব পাৰি । যেনে — বিদ্রূপাত্মক , বিশুদ্ধ প্রহসন, ব্যক্তিগত প্রহসন , গহীন প্রহসন , উদ্ভট গ্রহসন ইত্যাদি । 

( ছ ) পঞ্চসন্ধি :- পঞ্চসন্ধি নাটকৰ সৈতে জড়িত বিষয় । নাটকীয় কাহিনী এটাক ইয়াৰ গতি অনুসৰি পাঁচোটা স্তৰত ভাগ কৰা হয় । এই পাঁচটা স্তৰ বা ভাগ হ’ল ক্ৰমে — মুখ বা আৰম্ভ , প্রতিমুখ বা যত্ন , গর্ভ বা প্রাপ্তাশা , অৱমর্শ বা নিয়তাপ্তি , আৰু নির্বহন বা ফলাগম ৷ নাটকীয় কাহিনীৰ এই পাঁচটা ভাগ বা স্তৰকে পঞ্চসন্ধি বোলা হয় । যুগ বা আৰম্ভত কাহিনীৰ পাতনি মেলা হয় , প্রতিমুখ বা যত্নত কাহিনীৰ বিকাশ ঘটে , গর্ভ বা প্রাপ্তাসাত কাহিনীয়ে চূড়ান্ত শিখৰত উপনীত হয় , নিয়তাপ্তিত নাটকীয় কাহিনীয়ে পৰিণতিব পিনে ঢাল খায় আৰু ফলাগমত চূড়ান্ত পৰিণতি ঘটে । নাটকৰ এই পঞ্চসন্ধি অনুযায়ী পাঁচ অক্ষত বিজন কৰাৰ ৰীতি এটা মানি চলা হয় যদিও বর্তমান এনে বিভাজনত শিথিলতা আহি পৰিছে । দৰাচলতে , পূর্ণাংগ কাহিন । এটাত এই পঞ্চসন্ধিৰ অৱস্থান বিচাৰি পাব পাৰি , যি পঞ্চ সংঘাত নহ’লেও হয়। 

( জ ) নাটকীয় শ্লেষ :- নাটকৰ কাহিনী উপস্থাপনৰ বিভিন্ন কলা কৌশলৰ এটা হ’ল নাটকীয় শ্লেষ ( Dramatic Irony ) । নাটকীয় শ্লেষব প্রয়োগে নাট্য কাহিনীক আকর্ষণীয় আৰু গতিশীল কৰাত সহায় কৰে । নাটকত নাটকীয় শ্লেষ নিৰ্ভৰ কৰে বস্তু এটাৰ দ্বৈত বৈশিষ্ট্যৰ ওপৰত ৷ নাটকীয় শ্লেষত মঞ্চৰ ওপৰত এনে কাৰ্য দেখুওৱা হয় বা এনে কথা উক্ত কৰা হয় যাৰ অৰ্থ নাটকীয় চৰিত্ৰৰ কাৰণে হ’ব এক ৰকমৰ , দৰ্শকৰ কাৰণে হয় অন্য ৰকমৰ ৷ কেতিয়াবা আকৌ চৰিত্ৰসমূহ মঞ্চত উপস্থিত হৈ যেতিয়া নিজৰ স্বভাৱ বা আচৰণৰ সৈতে নিমিলা কথা বা কাৰ্য কৰিবলৈ ধৰে তেতিয়াও নাটকীয় শ্লেষৰ সৃষ্টি হয় । উদাহৰণস্বৰূপে গণেশ গগৈৰ ‘ শকুনিৰ প্রতিশোধ ’ নাটকত শকুনি আৰু শল্যৰ কথোপকথনত অনুমান হয় যদিওবা শকুনিয়ে দুর্যোধনব মান ৰক্ষাৰ ওপৰত গুৰুত্ব দিছে প্রকৃততে শকুনিয়ে যে দুর্যোধনৰ বিনাশ বিচাৰে তাক দৰ্শক পাঠক সকলোৱে জানে । গতিকে ইয়াতে নাটকীয় শ্লেষৰ সৃষ্টি হৈছে। 

( ঝ ) একাংকিকা :- ‘ একাংকিকা’ নামেৰে প্ৰচলিত বৰ্তমান যুগৰ জনপ্রিয় নাট্যৰূপ পাশ্চাত্য নাটৰ আদৰ্শ আৰু প্ৰভাৱত গঢ় লৈ উঠা আধুনিক যুগৰ স্বাভাৱিক সৃষ্টি । অৱশ্যে সংস্কৃত নাট্যশাস্ত্ৰত এক অংকযুক্ত বিভিন্ন একাংকিকাৰ উল্লেখ পোৱা যায় । আধুনিক একাংকিকাতো এটা অংক থাকিলেও তাৰ কলাকৌশল আৰু আদৰ্শত পার্থক্য আছে । 

একাংকিকাৰ উৎপত্তিৰ মূলতে হ’ল আধুনিক যুগৰ স্বাভাৱিক ব্যস্ততা । একাংকিকা এটা অংকত পৰিসমাপ্ত হোৱা স্বল্পায়তন নাট । স্বল্পায়তনৰ হোৱা বাবে এনে নাটকত জীৱনৰ পূৰ্ণ প্ৰতিফলনতকৈ জীৱনৰ এটি দিশ, একো একোটি মহত্বপূর্ণ ঘটনা , এক বিশেষ পৰিস্থিতি , কোনো উদ্দীপ্ত ক্ষণ বা চৰিত্ৰৰ একোটি ৰূপৰ অভিব্যক্তি ইয়াত পোৱা যায় । একাংকিকাৰ কাৰণে ঐক্য , একাগ্রতা আৰু সংহতিৰ প্ৰয়োজন আছে ; বিক্ষিপ্ত ভাৱনাই দৰ্শকৰ মনত দোদুল্যমান কৰে , ফলত তেনে একাংকিকা সার্থক হ’ব নোৱাৰে । 

অসমীয়া নাট্য সাহিত্যত আকৃতিগতভাৱে একাংকিকাৰ সৃষ্টি বৈষ্ণৱ যুগৰ অংকীয়া নাটৰ জৰিয়তে হোৱা বুলি ক’ব পাৰি , কিন্তু প্রকৃতিগতভাৱে একাংকিকা নাটক গঢ় লৈ উঠিছে আধুনিক যুগতহে । বীণা বৰুৱাৰ ‘ এবেলাৰ নাট ’ লক্ষ্মীধৰ শৰ্মাৰ ‘ আত্মসন্মান ’ আদিৰ নাম ল’ব পাৰি ।

( ঞ ) অংকীয়া নাট :- মহাপুৰুষ শংকৰদেৱে বৈষ্ণৱধৰ্মৰ প্ৰচাৰৰ অৰ্থে সৃষ্টি কৰা অসমীয়া নাটককে অংকীয়া নাট বোলা হৈছে । অংকীয়া নাট নামকৰণ এটা অংক থকাৰ বাবেই যে হৈছে সেইটো নহয় ৷ শংকৰদেৱে বা মাধৱদেৱে এনে নাম দিয়া নাছিল । পৰৱৰ্তী বৈষ্ণৱ ভক্ত – সম্ভ সকলে পৰৱৰ্তী যুগৰ নাটৰ পৰা পৃথকে দেখুৱাবৰ কাৰণে গুৰুজনাৰ নাট আৰু সেই সাঁচত ঢলা নাটবোৰক বুজাবলৈ অংকীয়া নাট শব্দটো ব্যৱহাৰ কৰিছিল বুলি অনুমান কৰা হয় । 

মহাপুৰুষ শংকৰদেৱে অংকীয়া নাটৰ সৃষ্টিৰ ক্ষেত্ৰত প্ৰাচীন সংস্কৃত নাটক , অসমৰ থলুৱা নাট্যানুষ্ঠান , মধ্যযুগীয় ভাৰতত বিভিন্ন প্ৰান্তৰ নাট্যানুষ্ঠানৰ পৰা সমল আহৰণ কৰি নিজস্ব প্ৰতিভাৰ সংযোগত অংকীয়া নাটৰ সৃষ্টি কৰিছিল । অংকীয়া নাটৰ নিজস্ব বৈশিষ্ট্য কিছুমান আছে সেইবোৰ হ’ল —

১ । সূত্ৰধাৰৰ প্ৰাধান্য ।

২। কাব্যধর্মী গীত ,শ্লোক আৰু পয়াৰৰ প্ৰাচুৰ্য ।

৩। ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ ।

৪। লয়যুক্ত ( সংলাপৰ ) ব্যৱহাৰ । 

অংকীয়া নাটসমূহ প্ৰধানকৈ ধৰ্ম প্ৰচাৰৰ বাবেহে ৰচনা কৰা হৈছিল । সেয়ে ইয়াৰ বিষয়বস্তু বিভিন্ন ধর্মীয় গ্ৰন্থৰ পৰা লোৱা হৈছিল । অংকীয়া নাটৰ অভিনয় নামঘৰৰ চাৰিবেৰৰ মাজত হৈছিল আৰু অভিনয়ৰ ক্ষেত্ৰত মঞ্চসজ্জা আৰু বিভিন্ন আহিলাৰ ব্যৱহাৰৰ ক্ষেত্ৰত মহাপুৰুষ শংকৰদেৱে নিৰ্দ্দিষ্ট বিধি – বিধানৰ প্ৰচলন কৰি গৈছিল । 

মহাপুৰুষ শংকৰদেৱে মুঠ ছখন অংকীয়া নাট ৰচনা কৰিছিল — পত্নীপ্রসাদ , কালীয় দমন , কেলিগোপাল , ৰুক্মিণীহৰণ , পাৰিজাত হৰণ আৰু ৰামবিজয় । 

( ট ) নাটকৰ উপাদান :- নাটক দৃশ্য আৰু শ্ৰব্য গুণযুক্ত এক মিশ্র কলা । নাটক এখন পূর্ণাংগ হ’বলৈ কেতবোৰ বিশেষ উপাদানৰ প্ৰয়োজন হয় । এই উপাদানবোৰ হ’ল – 

( ক ) কাহিনী ।

( খ ) চৰিত্ৰ ।

( গ ) সংলাপ ।

( ঘ ) পৰিৱেশ সৃষ্টি । আৰু 

( ঙ ) নাট্যকাৰৰ জীৱন দৰ্শন । 

নাটক আখ্যান প্রধান ৰচনা হোৱা বাবে কাহিনী ইয়াৰ প্ৰাথমিক উপাদান আৰু মূল আধাৰ । নাটকৰ কাহিনী সংঘটিত কৰে চৰিত্ৰই ৷ সেয়ে কাহিনীৰ পাচতে প্রয়োজন চৰিত্ৰৰ । নাটকত বৰ্ণনাৰ সুবিধা নাই , সেয়ে কাহিনী আগবঢ়াই নিয়া হয় চৰিত্ৰৰ কথোপকথন বা সংলাপৰ জৰিয়তে । নাটকত পৰিৱেশৰো গুৰুত্ব আছে । সর্বশেষত নাটকত যি জীৱন ৰূপায়িত হয় সি নাট্যকাৰৰ কল্পিত , নাট্যকাৰৰ ভাষ চিন্তা আদৰ্শৰ বাহক । গতিকে এই সংলাপবোৰৰ মাজেদি নাট্যকাৰৰ

জীৱন সম্বন্ধীয় দৃষ্টিভংগী প্রকাশ পাব । ইয়াকে নাট্যকাৰৰ জীৱন দৰ্শন বোলা হয় । নাট্যকাৰৰ জীৱনবোধ আৰু জীৱনৰ প্রতি দৃষ্টিভংগীয়ে জীৱন দৰ্শনৰ আধাৰ ৷ জীৱনবোধ যিমানে গভীৰ হয় , সিমানেই নাটকৰ মহত্ব প্রকাশ পায় । এনেদৰে এইকেইটা বিশিষ্ট উপাদানৰ সমন্বয়ত নাটকে পৰিপূৰ্ণতা লাভ কৰে । 

৩। নাট্যকাৰ হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ এটি পৰিচয় দিয়া। 

উত্তৰঃ অসমীয়া ৰোমাণ্টিক সাহিত্যৰ অন্যতম কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ১৮৬৪ খৃঃত ৷ কলিকতাত উচ্চ শিক্ষাৰ বাবে গৈ অধ্যয়নৰ সৈতে ভাষা সাহিত্যৰ আন্দোলনত ব্ৰতী হয় । অন্য কেইজনমানৰ সৈতে লগ লাগি ‘ জোনাকী ’ কাকত উলিয়াই অসমীয়া ৰোমাণ্টিক সাহিত্যৰ চৰ্চা আৰু বিকাশৰ বাট মুকলি কৰি দিয়ে। বেজবৰুৱাই নিজে অসমীয়া সাহিত্যৰ প্ৰতিটো ক্ষেত্ৰতে নিজস্ব অৱদান আগবঢ়াই সাহিত্যৰ ভেটি নিৰ্মাণ কৰে । কবিতা , চুটিগল্প , উপন্যাস , প্ৰৱন্ধ , ব্যঙ্গ ৰচনা জীৱনীৰ লগতে নাটক ৰচনাত বিশেষ অৱদান আগবঢ়াই গৈছে । 

নাট্যকাৰৰূপে বেজবৰুৱাৰ আত্মপ্রকাশ ঘটে ‘ লিতিকাই ’ ( ১৮৯৪ ) নামৰ ধেমেলীয়া নাটখনৰ জৰিয়তে । এইখন ‘ জোনাকী ’ কাকতত ছোৱা ছোৱাকৈ প্ৰকাশ পাইছিল । ইয়াৰ পাছত আৰু তিনিখন প্রহসন বা ধেমেলীয়া নাট ৰচনা কৰে – ‘ নোমল ’ , ‘ পাচনি ’ আৰু ‘ চিকৰপতি নিকৰপতি ’ বেজবৰুৱাৰ প্ৰহসন কেইখনৰ প্লট বা কাহিনী বৰ দুৰ্বল । প্রচলিত সাধু কেইখনকে তেওঁ নাট্যৰূপ দিছে । বহুত ক্ষেত্ৰত উদ্ভট আৰু অতিৰঞ্জিত পৰিস্থিতিৰ ৰূপায়ণৰে নাটখনিত নিভাঁজ হাস্যৰ ৰস উদ্রেক কৰা হৈছে । সৰল আৰু নির্বোধ চহা চৰিত্ৰৰ ব্যৱহাৰ আৰু কথা – বতৰাৰ হাস্যপদ ৰূপ নাটকেইখনত দাঙি ধৰিছে । বেজবৰুৱাৰ ‘ জয়মতী কুঁৱৰী ’ , ‘ বেলিমাৰ ’ আৰু ‘ চক্ৰধ্বজ সিংহ ’ ঐতিহাসিক নাটক । 

প্রথম দুখন বিয়োগান্তক আৰু শেষৰখন সুখাত্মক নাট ৷ গহীন নাটৰ ৰচনাত বেজবৰুৱাই ইংৰাজ নাট্যকাৰ ছেক্সপীয়েৰৰ কিছুদূৰ অনুসৰণ কৰিছে আৰু দুই চাৰিটা চৰিত্ৰ উক্ত ইংৰাজ নাট্যকাৰৰ চৰিত্ৰৰ আদৰ্শত সৃষ্ট । ‘ চক্ৰধ্বজ সিংহ’ৰ চৰিত্ৰত সেই প্ৰভাৱ স্পষ্ট । বিষয়বস্তুৰ বিকাশত ইতিহাসৰ তথ্যৰ পৰা আঁতৰি যোৱা নাই যদিও উপবস্তুৰ বাহুল্য , কাল্পনিক চৰিত্ৰৰ সংখ্যাধিক্য আৰু সংলাপৰ অনাটকীয়তাই নাটকেইখনিত ৰস ঘণীভূত কৰাত বাধা দিছে , গাঁথনি শিথিল হৈ পৰিছে । বেজবৰুৱাই নাট ৰচনাৰ ক্ষেত্ৰত মঞ্চৰ বা অভিনয়ৰ প্রতি বিশেষ সচেতন আছিল যেন নালাগে । তথাপি নাটসমূহত কিছুমান স্বকীয় চৰিত্ৰই বেজবৰুৱাৰ দক্ষতা আৰু নাট্যপ্ৰতিভাৰ পৰিচয় নিদিয়া নহয় । এইক্ষেত্ৰত ‘ জয়মতী ’ নাটকৰ ডালিমী চৰিত্ৰ উল্লেখযোগ্য । ঐতিহাসিক পৰিৱেশত ৰচনা কৰা ‘ গদাধৰ ’ এখন সৰু ধেমেলীয়া নাট । 

এইখন বেজবৰুৱাৰ একাংকিকা নাটিকা । এজন বনুৱা গাঁৱলীয়া মানুহক ছদ্মবেশী গদাধৰ কোৱৰ বুলি ভাবি ৰাজকীয় সন্মানেৰে আতিথ্য দান কৰিবলৈ যাওঁতে যি অসংগত আৰু হাস্যজনক পৰিৱেশ সৃষ্টি হৈছে , সেয়ে নাটকৰ বিষয়বস্তু । ইয়াৰ বাহিৰেও ‘ বাৰেমৰা’আৰু ‘ হ – য – ব – ৰ – ল’নামৰ দুখন তিনিটা দৃশ্যযুক্ত লঘু নাটক বাঁহীত প্রকাশ পাইছিল । বেজবৰুৱাৰ নাটসমূহত নাটকীয় বিষয় বস্তুৰ বৈচিত্র্য কম আৰু নাটকীয় কলাকৌশলৰ দিশৰ পৰাও শিথিল তথাপি অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰাত তেওঁৰ বৰঙণি নগণ্য নহয় । 

৪। অসমীয়া নাট্য সাহিত্যলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্বন্ধে চমুকৈ লিখা । 

উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এগৰাকী প্রতিভাশালী আৰু প্ৰগতিশীল নাট্যকাৰ । অসমীয়া নাট্য সাহিত্যলৈ তেওঁ বিষয়বস্তুৰ বৈচিত্র্য আৰু কলা – কৌশলৰ অভিৱত্বেৰে অসমীয়া নাটকক গতানুগতিকতাৰ বান্ধোনৰ পৰা মুক্তি দি নতুনত্ব কঢ়িয়াই আনিছিল । তেওঁ আছিল এগৰাকী বিপ্লৱী , নাটকৰ অভিনৱত্বৰ মাজেৰে সেই বিপ্লৱী শিল্পী সত্ত্বাৰে প্ৰকাশ ঘটিছে । তেওঁৰ প্ৰকাশিত নাটসমূহ হ’ল – শোণিত কুঁৱৰী , কাৰেঙৰ লিগিৰী , ৰূপালীম , লভিতা , খনিকৰ আৰু শিশু নাট নিমাতী কন্যা । 

শোণিত কুঁৱৰী তেওঁৰ প্রথম নাট । ছাত্ৰ অৱস্থাৰ কুমলীয়া মনৰ সৃষ্টি হ’লেও ই আগৰৱালাৰ মৌলিক নাট্য প্রতিভাৰ স্বাক্ষৰ । পৌৰাণিক কাহিনীৰ মূল বিষয় একে ৰাখিও কল্পনাৰ অভিনৱত্বেৰে এক নতুন সৌন্দৰ্যৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । শোণিত কুঁৱৰী নাটখনিত ঊষা , অনিৰুদ্ধ আৰু চিত্ৰলেখা চৰিত্ৰৰ ওপৰত নাট্যকাৰে বিশেষ গুৰুত্ব আৰোপ কৰি কাব্যিক সৌন্দৰ্যৰে বিভূষিত কৰি তুলিছে । নাটখনিত পটভূমি ৰচনাত গুৰুত্ব আৰু লোক সঙ্গীতৰ ব্যৱহাৰ নতুনত্বৰ পৰিচায়ক । 

আগৰৱালাৰ শ্ৰেষ্ঠ নাটক ‘ কাৰেঙৰ লিগিৰী ’ । এইখন মধ্যযুগীয় পটভূমিত ৰচিত এখন কাল্পনিক নাট । নাটখনিৰ নায়ক সুন্দৰ কোঁৱৰক প্ৰগতিবাদৰ প্রতীক স্বৰূপে সৃষ্টি কৰিছে । সুন্দৰ কোঁৱৰ সৰু শেৱালীৰ অব্যক্ত প্ৰেমক আধাৰ কৰি নাটখনিত আভিজাত্যৰ মিচা ভেম,- যুগান্তৰৰ মঞ্চত সংস্কাৰ আৰু সামাজিক বাধা নিষেধৰ বিৰুদ্ধে ব্যক্তিৰ সংঘৰ্ষ ইয়াত ঘোষণা কৰিছে । চৰিত্ৰ চিত্ৰণত প্ৰত্যেকটো চৰিত্ৰই স্বকীয় সৌন্দৰ্যৰে বিভূষিতা । বলিষ্ঠ আৰু বুদ্ধিদীপ্ত সংলাপ নাটখনিৰ অন্যতম আকর্ষণ । 

Sl. No.Contents
Chapter 1প্ৰহ্লাদ চৰিত্ৰ
Chapter 2শিৱৰ কৃষি কর্ম
Chapter 3প্রিয়তমাৰ চিঠি
Chapter 4পানেশৈ
Chapter 5পছোৱাৰ ডাক
Chapter 6চামুৰাই
Chapter 7শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত
Chapter 8ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা
Chapter 9অঙ্কীয়া নাটৰ ৰস বিচাৰ
Chapter 10টিকেন্দ্রজিৎ
Chapter 11যীশুখৃষ্টৰ ছবি
Chapter 12ভ্ৰষ্টলগ্ন
Chapter 13কবিতা
Chapter 14নাটক
Chapter 15অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়
Chapter 16ছন্দ

ৰচনাকাল হিচাপে ‘ ৰূপালীম ’ জ্যোতিপ্ৰসাদৰ তৃতীয় নাট । এই নাটখনৰ ৰচনাত মৰিচ মেটাৰ লিংকৰ ‘ মান্না ভান্না ’ নাটৰ ছাঁ অনুভৱ হয় । তেওঁৰ কল্পনা প্রৱণ ৰোমাণ্টিক দৃষ্টিভংগীৰ পৰিচয়

এই নাটতো ফুটি উঠিছে । জনজাতীয় সমাজৰ পটভূমিত এই কাল্পনিক নাটখনি ৰচনা কৰা হৈছে । নাটখনিৰ অন্যতম আকর্ষণ হ’ল ইয়াৰ চৰিত্ৰ ৷ চৰিত্ৰৰ বৈচিত্র্য আৰু জটিলতা , জনজাতীয় চৰিত্ৰৰ বৈশিষ্ট্য , নাৰীসূলভ ঈর্ষা আদি আকর্ষণীয়ভাৱে দাঙি ধৰিছে । গদ্য সংলাপৰ গীতি ধৰ্মীৰূপে সৌন্দর্যময় নাটখনিক কাব্যিকতা প্ৰদান কৰিছে । নাটখনিত মণিমুগ্ধ আৰু ইতিভেন অনবদ্য সৃষ্টি ৷ মণিমুগ্ধৰ মাজেৰে নাট্যকাৰৰ বিপ্লৱী শিল্পী সত্বাৰ পৰিচয় ফুটি উঠিছে । 

‘ লভিতা ’ আগৰৱালাৰ চতুৰ্থ নাটক । দ্বিতীয় মহাসমৰৰ পটভূমিত ভাৰতীয় জাতীয় বাহিনীত যোগ দিয়া অসমীয়া গাভৰুৰ শক্তিমত্তা , স্বদেশ প্রীতি আৰু সাহসৰ বাস্তৱ আলেখ্যৰূপে এই নাটক মূল্যবান । গতানুগতিক নাটকীয় কলা কৌশল ইয়াত ব্যৱহৃত হোৱা নাই । 

‘ খনিকৰ’ শিল্পীজীৱনৰ ঐকান্তিক সাধনা প্ৰদৰ্শন কৰি ৰচনা কৰা নাট । আনহাতে ‘ নিমাতী কন্যা ’ গীতনাট্য । ই কবিত্ব কল্পনা আৰু সুৰৰ অপূৰ্ব সম্বন্বয় । 

অসমীয়া নাট্যসাহিত্যত জ্যোতিপ্ৰসাদ আগৰৱালা এক বিৰল প্রতিভা । বিষয়বস্তুৰ বৈচিত্র্য , চৰিত্ৰ সৃষ্টিত দেখুৱা দক্ষতা আৰু কলা – কৌশলৰ ক্ষেত্ৰত প্ৰদৰ্শিত অভিনৱত্ব তেওঁৰ এনে প্ৰতিভাৰে পৰিচায়ক । 

৫। নাট্যকাৰ হিচাপে গণেশ গগৈৰ পৰিচয় আৰু তেওঁ ৰচনা কৰা নাটক এখনৰ চমু আলোচনা কৰা । 

উত্তৰঃ অসমীয়া নাট্য সাহিত্যত প্ৰতিভাৰ প্ৰতিশ্ৰুতি দাঙি ধৰি অকাল মৃত্যুত বিনাশ হোৱা নাট্যকাৰেই হ’ল গণেশ গগৈ । ১৯১০ চনত জন্ম হোৱা কবি নাট্যকাৰ গৰাকীক মাত্র ২৮ বছৰ বয়সতে নিষ্ঠুৰ মৰণে সাৱটি লয় । তেওঁৰ কম সময়কালৰ ভিতৰতে ৰচিত দুখন নাটক হ’ল ক্ৰমে ‘ শকুনিৰ প্ৰতিশোধ ’ আৰু ‘ কাশ্মীৰ কুমাৰী ‘ । এই দুখন নাটইে তেওঁৰ নাট্য প্ৰতিভাৰ পৰিচায়ক ৷ গগৈদেৱে কেইখনমান গ্রামফোন নাটিকাও ৰচনা কৰিছিল । অৱশ্যে এটা কথা ক’ব লাগিব অকালমৃত্যুত তেওঁৰ নাট্য প্রতিভাই পূর্ণ বিকাশ লাভ কৰিব নোৱাৰিলে । 

গণেশ গগৈৰ ‘ কাশ্মীৰ কুমাৰী ’ নাটখন ঐতিহাসিক পটভূমিত ৰচিত এখন কাল্পনিক নাটক । নাটখনিত কাশ্মীৰৰ ৰজা বিশ্বসিংহ ৰজাৰ পুত্ৰ অনঙ্গৰ প্ৰণয়ক কেন্দ্ৰ কৰি নাটকীয় বিষয়বস্তু গঢ় লৈ উঠিছে । নাটখনি কৰুণ ৰসাত্মক । চাৰি অংকীয়া এই নাটখনিত বলিষ্ঠ সংলাপ আৰু চৰিত্র সৃষ্টিত মৌলিকতা মন কৰিবলগীয়া ৷ গণেশ গগৈ আনখন নাট ‘ শকুনিৰ প্ৰতিশোধ ’ নাটকখন জনপ্রিয় । এইখন পৌৰাণিক নাট । মহাভাৰতৰ বিষয়বস্তু লৈ ৰচনা কৰা নাটখন ৰঙ্গমঞ্চৰ উপযোগী আৰু সেয়ে এইখন বেচ জনপ্রিয় । তলত নাটখনিৰ চমু আলোচনা দাঙিধৰা হ’ল ।

গণেশ গগৈৰ ‘ শকুনিৰ প্ৰতিশোধ ’ নাটকৰ বিষয়বস্তু গ্ৰহণ কৰা হৈছে মহাভাৰতৰ দ্ৰোণ আৰু কৰ্ণ পৰ্বৰ পৰা । তিনি অংকত সমাপ্ত নাটখনৰ ঘটনা আৰম্ভ হৈছে দ্ৰোণচাৰ্য্যৰ মৃত্যুৰ অব্যৱহিত পাছতে আৰু শেষ হৈছে শৈল্য আৰু শকুনিৰ মৃত্যুৰ লগে লগে । নাট্যকাৰে শকুণিৰ প্রতিহিংসা  বৰণৰ কাহিনীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি অতি সংযতভাৱে মূলৰ কথাবস্তু ৰূপায়িত কৰিছে । শকুনিৰ স্বগোতোক্তিৰ যোগেদি আৰু আন চৰিত্ৰৰ সংলাপনৰ যোগেদি কুৰুক্ষেত্ৰৰ ইতিবৃত্ত সুকৌশলভাৱে ব্যক্ত কৰিছে । নাটখনিত সৰু বৰ বিভিন্ন চৰিত্ৰ থাকিলেও শকুনি , কর্ণ গুৰু শ্ৰীকৃষ্ণ চৰিত্ৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে । 

এই চৰিত্ৰসমূহৰ উপস্থাপনত নাট্যকাৰৰ স্বকীয়তাই চৰিত্ৰসমূহক নতুনত্ব প্ৰদান কৰিছে । আনকথাত চৰিত্ৰ ৰূপায়ণত নাট্যকাৰৰ “ স্বকীয় দৃষ্টিভংগীৰ প্ৰতিফলন ঘটিছে । নাটখনিত অমিত্রাক্ষৰ আৰু গদ্য সংলাপৰ সুপ্ৰয়োগ টছে । সংলাপৰ বলিষ্ঠ ভাষা আৰু গতিশীলতা মন কৰিবলগীয়া । ফলত ৰঙ্গমঞ্চৰ উপযোগী হৈ উঠিছে । নাটখনিত শকুনিৰ চৰিত্ৰ ৰূপায়ণত প্ৰসন্নলাল চৌধুৰীৰ নীলাম্বৰ নাটৰ ‘ নন্দ ’ চৰিত্ৰ আৰু ছেক্সপীয়েৰৰ ‘ ওথেলো ’ নাটৰ ইগাগো চৰিত্ৰৰ সৈতে সমপৰ্যায়ৰ বুলি ক’ব পাৰে । শকুনিৰ সংলাপ আৰু কার্যকলাপে নাট্যশ্লেষ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । 

পৗৰাণিক বিষয়বস্তুৰ নাট এখনিক মঞ্চসফল নাট হিচাপে ৰচনা কৰাৰ পৰা গণেশ গগৈৰ নাট্য প্রতিভাৰ উমান পাব পাৰি । এনে এগৰাকী নাট্যকাৰৰ অকাল মৃত্যুৱে অসমৰ নাট্য সাহিত্যত অতভূত ক্ষতি কৰিলে। 

৬। চমু উত্তৰ দিয়া :

১। গুণভিৰাম বৰুৱাৰ নাটখনিৰ নাম কি ?

উত্তৰঃ ৰামনৱমী ।

২। প্ৰথম অসমীয়া সামাজিক নাটখনিৰ নাম কি ? 

উত্তৰঃ ৰামনৱমী ।

৩। ‘ অসমীয়া ল’ৰাৰ মিত্ৰ ’ কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকন । 

৪। অসমীয়া ভাষাত প্রকাশিত প্রথম অভিধানখনৰ প্ৰণেতা কোন আছিল ? 

উত্তৰঃ ডক্টৰ মাইলছ্ ব্ৰন্সন ।

৫। ‘ হেমকোষ ’ কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই । ‘ 

৬। ‘ জোনাকী ’ কাকত কেতিয়া প্ৰকাশ পাইছিল ? 

উত্তৰঃ ১৮৮৯ খৃষ্টাব্দত ।

৭। ‘ জোনাকী’ ৰ প্ৰথম সম্পাদক কোন আছিল ? 

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ৷ 

৮। ‘ প্রতিমাৰ খনিকৰ ’ কাক কোৱা হয় ? 

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাক ৷ 

৯। চন্দ্ৰকুমাৰ আগৰৱালাৰ এখন কবিতা পুথিৰ নাম লিখা ? 

উত্তৰঃ প্ৰতিমা । 

১০। লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম কি ? 

উত্তৰঃ কৃপাবৰ বৰুৱা । 

১১। “ লিতিকাই’ কাৰ ৰচনা । 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা ৷ 

১২। ‘ বেলিমাৰ’ নাট কাৰ ৰচনা ? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা ৷ 

১৩। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি ? 

উত্তৰঃ মোৰ জীৱন সোঁৱৰণ । 

১৪। অগ্নি কবি বুলি কাক কোৱা হয় ? 

উত্তৰঃ কমলাকান্ত ভট্টাচাৰ্য্যক । 

১৫। ‘ চিত্তানল’ আৰু ‘ চিন্তাতৰঙ্গ ’ কাৰ ৰচনা ? 

উত্তৰঃ কমলাকান্ত ভট্টাচাৰ্য্যৰ । 

১৬। গাঁওবুঢ়া কাৰ ৰচনা ? 

উত্তৰঃ পদ্মনাথ গোহাঞি বৰুৱাৰ ।

১৭৷ অসমীয়া প্রথম উপন্যাসৰ ৰচক কোন ? 

উত্তৰঃ পদ্মনাথ গোহাঞি বৰুৱা ৷ 

১৮৷ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি ? 

উত্তৰঃ ভানুমতি । 

১৯। পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা এখন নাটৰ নাম লিখা । 

উত্তৰঃ গাঁওবুঢ়া বা লাচিত বৰফুকন ৷ 

২০। পদ্মনাথ গোহাঞি বৰুৱাৰ এখন কাব্যৰ নাম লিখা ? 

উত্তৰঃ লীলা । 

২১। ‘ কুকুৰিকণাৰ আঠ মঙ্গলা ’ কি ? 

উত্তৰঃ মিত্ৰদেৱ মহন্তৰ এখন ধেমেলীয়া নাটক । 

২২। আধুনিক অসমীয়া সাহিত্যত কোনে প্ৰথমতে অমিত্রাক্ষৰ ছন্দ ব্যৱহাৰ কৰে ? 

উত্তৰঃ ৰমাকান্ত চৌধুৰীয়ে । 

২৩। এটা অসমীয়া কৃত্রিম মালিতাৰ নাম লিখা ? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘ ধনবৰ ৰতনী ’ ।

২৪। হেমচন্দ্ৰ গোস্বামীৰ কবিতা পুথিখনৰ নাম কি ? 

উত্তৰঃ ‘ ফুলৰ চাকি ’ । 

২৫। ‘ যুদ্ধক্ষেত্ৰত আহোম ৰমণী ’ কোনে লিখিছিল ? 

উত্তৰঃ কবি হিতেশ্বৰ বৰবৰুৱাই ৷

২৬। প্রথম অসমীয়া ছনেটৰ ৰচক কোন ? 

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী । ( তেওঁৰ ‘ প্রিয়তমাৰ চিঠি ’ প্ৰথম অসমীয়া ছনেট । ) 

২৭। অসমীয়া প্রথম ছনেট কবিতা পুথিৰ নাম কি ? 

উত্তৰঃ ‘ মালচ ’ । 

২৮। বিহগী কবি কাক কোৱা হয় ? 

উত্তৰঃ ৰঘুনাথ চৌধাৰীক ।

২৯। ধৰ্মেশ্বৰ দেৱী বৰুৱানীৰ এখন কবিতা পুথিৰ নাম লিখা ? 

উত্তৰঃ ‘ ফুলৰ শৰাই ’ বা ‘ প্ৰাণৰ পৰশ ’ । 

৩০। ‘ ৰূপকোঁৱৰ ’ আখ্যা কাক দিয়া হৈছে ? 

উত্তৰঃ জ্যোতি প্ৰসাদ আগৰাৱালাক । 

৩১। ‘ নিৰলাৰ কবি ‘ বুলি কাক কোৱা হয় ? 

উত্তৰঃ কবি যতীন্দ্ৰ নাথ দুৱৰাক । 

৩২। অসমীয়া সাহিত্যৰ দুজন ব্যঙ্গ সাহিত্যিকৰ নাম লিখা ? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা আৰু দণ্ডীনাথ কলিতা । 

৩৩৷ ‘ সপোনৰ সুৰ’কাৰ কবিতাৰ পুথি ? 

উত্তৰঃ কবি নলিনীৱালা দেৱীৰ । 

৩৪৷ সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখন কি ? 

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ ‘ বনফুল ’ কাব্য গ্রন্থ । 

৩৫ ৷ ‘ দহিকতৰা ’ পুথিখন কাৰ ৰচনা ? 

উত্তৰঃ ৰধুনাথ চৌধাৰীৰ ৰচনা । 

৩৬। জ্ঞানপীঠ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া লেখকজনৰ নাম কি ? 

উত্তৰঃ ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য । 

৩৭। ‘ মহৰী ‘ নামৰ নাটখন কোনে লিখা ? 

উত্তৰঃ দুর্গাপ্রসাদ মজিন্দাৰ বৰুৱা ৷ 

৩৮। ভাঙনি কোৱৰ’কাক কোৱা হয় ? 

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাক ৷ 

৩৯। “ অসমীয়া সাহিত্যৰ চানেকী ’ কোনে যুগুতাইছিল ? 

উত্তৰঃ পণ্ডিত হেমচন্দ্র গোস্বামীয়ে । 

৪০। “ ধ্বনি কবি ’ বুলি কাক কোৱা হয় ? 

উত্তৰঃ বিনন্দ চন্দ্ৰ বৰুৱাক ৷

৪১। আন সাহিত্য অংগৰ সৈতে নাটকৰ দুটা প্রধান পার্থক্য । 

উত্তৰঃ ( ক ) নাটকৰ ব্যৱহাৰিক মূল্য দুটা – এটা পাঠ্যমূল্য আৰু আনটো অভিনয়িক মূল্য । নাটক এখন গল্প উপন্যাস বা প্ৰবন্ধৰ দৰে পঢ়িব পাৰি নাইবা তাৰ অভিনয় চাব পাৰি । অভিনয়ত দুটা গুণ নিহিত থাকে ‘ – দৃশ্য আৰু শ্ৰাৱ্য । 

( খ ) উপন্যাস আদিত লেখকৰ জীৱন – দৰ্শন নিয়োগৰ যি সুবিধা নাটকত সেয়া নাই ৷ কাৰণ নাটকত নাট্যকাৰে প্ৰত্যক্ষভাৱে কোনো কথা ক’ব নোৱাৰে ৷ সকলো কথা চৰিত্ৰৰ মুখেদি উক্ত কৰিব লাগে ৷ নাট্যকাৰৰ অভিপ্রেত সকলো কথা চৰিত্ৰৰ মুখেদি কোৱাব লগা হোৱা বাবে বহুত ক্ষেত্ৰত নাট্যকাৰৰ নিজস্ব দৃষ্টিভঙ্গী নিয়োগত অপৰাগ হয়। 

৪২। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি ? 

উত্তৰঃ বনকুঁৱৰী । 

৪৩। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ? 

উত্তৰঃ ‘ কদম কলি ’ ( ১৯১৩ খৃঃ ) 

৪৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটখনৰ নাম কি ? 

উত্তৰঃ ‘ শোণিত কুঁৱৰী ’ । 

৪৫। দুৰ্গেশ্বৰ শৰ্মাৰ এখন নাটকৰ নাম লিখা । 

উত্তৰঃ ‘ চন্দ্ৰাৱলী ’ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top