Class 11 Advance Assamese Chapter 7 শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত

Class 11 Advance Assamese Chapter 7 শঙ্কৰদেৱৰ বাল্যকাল Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 7 শঙ্কৰদেৱৰ বাল্যকাল notes and select needs one.

Class 11 Advance Assamese Chapter 7 শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Advance Assamese Question Answer Chapter 7 are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 7 শঙ্কৰদেৱৰ বাল্যকাল Solutions for All Subject, You can practice these here

শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত

Chapter – 7

দ্বিতীয় গোট

চমু প্ৰশ্ন

১। ‘ কথা গুৰুচৰিত ’ সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ ‘ কথা গুৰুচৰিত ’ পুৰণি অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য গ্রন্থ । এইখন হ’ল কথা অৰ্থাৎ গদ্যতে ৰচনা কৰা চৰিত পুথি । ইয়াত মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ লগতে অন্যান্য বৈষ্ণৱ সম্ত – মহন্তৰ জীৱনৰ বিতং বিৱৰণ পোৱা যায় । এই পুথিখন ড° বাণীকান্ত কাকতিয়ে বৰপেটা সত্ৰৰ পৰা সংগ্ৰহ কৰে । 

অসমৰ বৈষ্ণৱ ঐতিহ্যত , শঙ্কৰদেৱৰ মৃত্যুৰ পিছত নিত্য নাম প্রসঙ্গৰ অন্তত গুৰুজনাৰ চৰিত শ্ৰৱণ , কীৰ্তন কৰা হৈছিল । পিছলৈ ই এটা পৰম্পৰাত পৰিণত হয় । ইয়াক ‘ চৰিত তোলা ’ প্রথা বুলি জনা যায় । এই চৰিত তোলা প্ৰথাৰ গদ্যত লিপিৱদ্ধ ৰূপেই হ’ল কথা গুৰু চৰিত ৷ 

পুথিখনৰ কোনো নির্দিষ্ট লেখক নাই । ইয়াৰ শেষবক্তা হিচাপে পোৱা যায় চক্ৰপাণি বৈৰাগীৰ নাম । অষ্টদশ শতিকাত এই পুথিখন ৰচিত হয় বুলি অনুমান কৰা হৈছে । জনশ্রুতি , প্রচলিত পৰম্পৰা , আলৌকিক ঘটনা আৰু ভক্তসকলৰ মুখ বাগৰি অহা উপাদানৰ ভিত্তিত এই বিৰাট চৰিত পুথিখন গঢ় লৈ আছে । 

কথাগুৰু চৰিত গুৰুসকলৰ জীৱনৰ বিতং বিৱৰণ পোৱা যায় । দৈনন্দিন জীৱনৰ সৰু সুৰা কথাৰ পৰা বিভিন্ন গীত – মাত – পুথি সৃষ্টি , পটভূমি পর্যন্ত ইয়াত বৰ্ণনা কৰা হৈছে । পুথিখন কেৱল ধর্মীয় উপাদানৰ কাৰণেই নহয় , সমসাময়িক অসমৰ ৰাজনৈতিক , অর্থনৈতিক আৰু সামাজিক জীৱনৰ বিভিন্ন নিৰ্ভৰযোগ্য বর্ণনাও ইয়াত পোৱা যায় । জীৱনীগ্রন্থ হিচাপে কথা – গুৰু চৰ্তিক শুদ্ধ জীৱনী বুলি অভিহিত কৰিব নোৱাৰি তথাপি অসমৰ সামাজিক জীৱনৰ প্রামাণ্য দলিল হিচাপে আৰু অষ্ঠাদশ শতিকাৰ অসমীয়া ভাষা আৰু গদ্যৰ ইতিহাসত ইয়াৰ এক বিশেষ মূল্য আছে । 

২। ‘ কথা গুৰুচৰিত ’ ৰ গদ্য সম্বন্ধে এটি চমু টোকা লিখা । 

উত্তৰঃ ‘ কথা গুৰুচৰিত ’ গদ্যত ৰচনা কৰা জীৱনী গ্রন্থ । ইয়াত মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱ আৰু অন্যান্য বিভিন্ন সত্ত – মহন্তৰ জীৱন কথা বর্ণনা কৰা হৈছে । এই পুথিখনৰ ৰচনা কাল আনুমানিক অষ্টদশ শতিকাৰ শেষ ভাগ । অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত এই পুথিখনৰ সুকীয়া মূল্য আছে । 

অষ্টাদশ শতিকাত অসমীয়া গদ্য সাহিত্যৰ দুটা সুকীয়া ধাৰা দেখা যায়। এটা সত্ৰত গঢ় লৈ উঠা চৰিত পুথিৰ গদ্য আনটো ৰজাঘৰীয়া বুৰঞ্জী পুথিৰ গদ্য । ‘ কথা গুৰু চৰিত ’ প্রথম ধাৰাৰ প্রতিনিধি । 

‘ কথা গুৰু চৰিত’ৰ গদ্যই সমসাময়িক সত্ৰীয়া সমাজৰ কথন ৰীতিৰ আভাস দিয়ে । ভকতীয়া ঠাঁচ ইয়াৰ গদ্য ৰীতিত আছে । সাধাৰণতে চুটি চুটি বাক্য সংযোগেৰে পদ্যৰীতি গঢ়ি তোলা হৈছে । পাচে , আৰু বোলা আদি শব্দৰে বাক্য আৰম্ভ কৰা হৈছে । কেবাটাও সৰু বাক্যৰ শেষত একোটা দীঘলীয়া বাক্যৰে ভাবৰ পূর্ণ সমাপ্তি ঘটোৱা হৈছে । সাধাৰণ কথন ৰীতিৰ দৰে বাক্যত জতুৱা ঠাঁচ , প্রবাদ – প্রবচন যোজনা আদি প্ৰয়োগ কৰি কথন ৰীতিক প্ৰভাৱশালী কৰা হৈছে । প্রত্যক্ষ উক্তিৰ ব্যৱহাৰ আছে । শব্দৰ ক্ষেত্ৰত তদ্ভৱ শব্দৰ লগতে তৎসম, অর্ধতৎসম শব্দৰো প্ৰচুৰ প্ৰয়োগ হৈছে । 

মুঠতে , কথা গুৰু চৰিত্ৰ গদ্যই অষ্টাদশ শতিকাৰ অসমীয়া গদ্যৰ চিনাকী দিয়াৰ লগতে অসমীয়া কথিত ভাষা সম্বন্ধেও এটি ধাৰণা দিয়ে । এই গদ্য শৈলীক আধাৰ কবিয়ে ঊনবিংশ শতিকাত আধুনিক অসমীয়া গদ্য শৈলীৰ জন্ম হোৱা বুলি ক’ব পাৰি ৷ 

৩। ‘ শঙ্কৰদেৱৰ বাল্যকাল ’ নামৰ পাঠটিৰ মূল কথাখিনি চমুকৈ বৰ্ণনা কৰা ৷ 

উত্তৰঃ কথা গুৰু চৰিৰ পৰা উদ্ধৃত ‘ শঙ্কৰদেৱৰ বাল্যকাল ’ পাঠটিৰ পৰা মহাপুৰুষ শঙ্কৰদেৱৰ বাল্য জীৱনৰ বিভিন্ন কথা জানিব পাৰি । 

মহাপুৰুষ শঙ্কৰদেৱে বাল্যকালত শ্ৰীকৃষ্ণই বৃন্দাবনত গোপ বালক সকলৰ সৈতে লীলা খেলা কৰি কটোৱাৰ দৰে সমনীয়াৰ সৈতে খেল – ধেমালি কৰি পাৰ কৰিছিল । খেল – ধেমালি কৰোঁতে মহাপুৰুষে কেতিয়াবা আশ্চর্য্যজনক কাম কৰি লগৰীয়াসকলক বিস্মিত কৰিছিল ৷ কেতিয়াবা নৈত বুৰ মাৰি কাছ ধৰি আনিছিল , কেতিয়াবা বঁটা চৰাই ধৰিছিল । এদিনাখন ভতৰা গৰুক খেদি ফুৰা অজগৰ সাপক কাটি সকলোকে আশ্চর্য্য কৰিছিল । কেতিয়াবা আকৌ সমনীয়াৰ ঘৰত সোমাই শ্ৰীকৃষ্ণৰ দৰেই দধি মাখন চুৰ কৰি খাইছিল । এনেদৰে খেল – ধেমালি কৰোঁতে কেতিয়াবা কেতিয়াবা অলৌকিক কাৰ্যও কৰিছিল ৷ 

এবাৰ ভাদ্র মাহৰ ভৰা লুইত সাতুৰি ইপাৰ সিপাৰ হৈছিল । এবাৰ ডুগডুগলি খেদোতে লগৰীয়া ভেকুৰিব হাত ভাঙিল , গুৰুজনে চুই দিয়াত ভালহৈ গ’ল । আৰু এদিন খেলোতে চান্দৰ বস্ত্র ছিঙি গ’ল , গুৰুজনে চুই দিয়াত ঠিক হৈ গ’ল । তেনেদৰে ভটা খেলোতে তিতাৰামৰ কাণ ছিগাত গুৰুজনে চুই দিয়াত ভাল হৈ গ’ল । গুৰুজনৰ সৰুকালতে দেউতাকৰ মৃত্যু হয় , মাকো ঢুকায় , বুঢ়ীমাক খেৰসুতিয়ে তেওঁৰ দায়িত্ব লয় । এনেদৰে বাৰ বছৰ বয়স হোৱাত বুঢ়ীমাকে শঙ্কৰদেৱক নানান বুজনি দি মহেন্দ্ৰ কন্দলিৰ টোলত পঢ়িবলৈ পঠায় । 

গুৰুগৃহত মহাপুৰুষে নিজৰ পাণ্ডিত্যৰে সকলোকে তবধ লগাইছিল । এদিনাখন গুৰুৱে সকলো ছাত্রকে শ্লোক লিখিবলৈ দিয়াত শঙ্কৰদেৱে আকাৰ – ইকাৰ নোহোৱাকৈ ‘ খগচৰ নগধৰ ‘ শ্লোক ৰচনা কৰি সকলোকে আশ্চৰ্য্য কৰে । গুৰু গৃহত গুৰুৱে শঙ্কৰদেৱক দুৰ্গাৰ স্তুতি মাত্র শিকাব বিচাৰিছিল যদিও কৃষ্ণৰ কৃপাত দুৰ্গাৰ সলনি কৃষ্ণ স্তুতি শিকায় দিয়ে । এনেদৰে গুৰুগৃহত শিক্ষা লাভ কৰি শেষত কুসুম্বৰৰ শ্ৰদ্ধতৰ্পণ কৰি আশীবাদ লৈ বিদায় লয় । গুৰুগৃহৰ পৰা অহাৰ পিছতে মার্কণ্ডেয় পুৰাণৰ পৰা বিষয় বস্তুলৈ হৰিচন্দ্ৰ উপাখ্যান ৰচনা কৰি ভক্তি – ধৰ্মৰ পাতনি মেলে । এনেদৰেই শঙ্কৰদেৱৰ বাল্যকাল অতিবাহিত হৈছিল । 

৪। শঙ্কৰদেৱে শিশুকালত কি কি অলৌকিক কাৰ্য প্ৰদৰ্শন কৰিছিল , তোমাৰ পাঠ্য প্ৰৱন্ধৰ আধাৰত বৰ্ণনা কৰা । 

উত্তৰঃ ‘ শঙ্কৰদেৱৰ বাল্যকাল ’ পাঠটিৰ পৰা শঙ্কৰদেৱৰ শিশুকালত সংঘটিত অলৌকিক কাৰ্যৰ বিৱৰণ পোৱা যায় । এনে কিছুমান অলৌকিক কাৰ্যৰ কথা তলত উল্লেখ কৰা হ’ল । 

মহাপুৰুষ শঙ্কৰদেৱে আঠ মাহত ব্ৰহ্মপুত্ৰত বুৰ মাৰি কাছ ধৰি আনিছিল।চৈধ্য মাহ বয়সত ভতৰা গৰুক খেদি ফুৰা অজগৰ সাপক কাটি ডোখৰ ডোখৰ কৰিছিল । শিশুকালতে এবাৰ ভাদমহীয়া ভৰা লুইত সাঁতুৰি ইপাৰ সিপাৰ হৈ লগৰীয়া সকলক তবধ লগাইছিল । 

মহাপুৰুষ শঙ্কৰদেৱে শিশুকালত বাৰ ভুঞাৰ অন্যান্য শিশুৰ সৈতে খেল – ধেমালি কৰিছিল । এনেদৰে এবাৰ ডুগডুগলি খেলোতে লগৰীয়া ভেকুৰিৰ হাত ভাঙিছিল , শঙ্কৰদেৱে ভঙা ঠাইত চুই দিয়াত ভাল হৈ গ’ল । তেনেকৈ আৰু এদিন ঢোপ খেলোতে চান্দৰ কাপোৰ ছিঙি খণ্ড খণ্ড হ’ল , বাপেক কেতাই খাঁ ভূঞাক গোচৰ দিলে । শঙ্কৰদেৱে হাতেৰে চুই দিয়াত ছিঙা বস্ত্ৰ ভাল হৈ গ’ল ৷ আৰু এদিন ভটা খেলোতে লগৰীয়া তিতাৰাম আতৈৰ কাণ ছিঙিল । কুসুম্বৰ ভূঞাই শুনি পুনৰ জোৰা লাগিল । শঙ্কৰদেৱক গালি পাবিলে , গুৰুজনে ক’তনো ছিঙিল বুলি ছিগা ঠাইত হাতেৰে টিপা মাৰি দিয়াত মহাপুৰুষ শঙ্কৰদেৱৰ বাল্যকালত এনে ধৰণৰ অলৌকিক কাৰ্য সংঘটিত হোৱাৰ বিৱৰণ পোৱা যায় ।

৫। আমাৰ বংশত অপণ্ডিত নাই ।। তই মূর্খ হ’ব খুইছনে ? – ” কোনে , কাক , কিয় এইদৰে কৈছিল , বিৱৰি লিখা ? 

উত্তৰঃ এই কথাষাৰ বুঢ়ীমাক খেসুতীয়ে শঙ্কৰদেৱক কৈছিল । তেওঁ এনেদৰে কোৱাৰ কাৰণ আছিল বিদ্যা শিক্ষাৰ প্ৰতি শঙ্কৰদেৱৰ অনাগ্রহ। মাক দেউতাকৰ মৃত্যুৰ পিছত বুঢ়ীমাকে শঙ্কৰদেৱৰ দায়িত্ব লয় ৷ কিন্তু শঙ্কৰদেৱে বাৰ বছৰ বয়সলৈকে পঢ়া – শুনা নকৰি খেল – ধেমালি কৰি গৰু চৰাই ফুৰিছিল । তাতে বুঢ়ীমাকৰ চিন্তা হৈছিল । কিয়নো তেওঁলোকৰ বংশ হ’ল পণ্ডিতৰ বংশ । দৈৱজ্ঞই শঙ্কৰদেৱো পণ্ডিত হ’ব বুলি কৈছিল কিন্তু শঙ্কৰদেৱে যদি পঢ়া শুনা নকৰে তেন্তে বংশৰ গৌৰৱ নাশ হ’ব । দৈৱজ্ঞৰ বাণীও মিছা হ’ব ৷ সেয়ে বুঢ়ীমাকে শঙ্কৰদেৱক বিদ্যা – শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিবলৈ এনেদৰে তিৰস্কাৰ কৰিছিল ৷ 

৬। গুৰুগৃহৰ পৰা শঙ্কৰদেৱ কেনেকৈ পলাইছিল ? ( আয়ে কি কৈছিল ?) ফলত কি হ’ল ? 

উত্তৰঃ শঙ্কৰদেৱৰ বুঢ়ীমাক খেৰশুতিয়ে শঙ্কৰদেৱক নানা তিৰস্কাৰ কৰি বিদ্যা শিক্ষাৰ বাবে মহেন্দ্ৰ কন্দলীৰ টোলত ভৰ্তি কৰি দিয়ে ৷ পঢ়াশালিৰ পৰা ঘৰলৈ যাবলৈ শঙ্কৰদেৱে কেবাদিনো গুৰুৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যদিও গুৰুৱে যাব দিয়া নাছিল । তেতিয়া শঙ্কৰদেৱে এদিন ঘৰৰ পৰা নোকোৱাকৈ বস্ত্ৰ আৰু টকা এটা আনি গুৰুক দি ঘৰলৈ গুছি গ’ল । 

গুৰু মহেন্দ্ৰ কন্দলিয়ে বুঢ়ীমাকৰ ওচৰত সকলো কৈ দিলে ৷ তেতিয়া বুঢ়ীমাকে শঙ্কৰদেৱক আৰু তিৰস্কাৰ কৰিলে যে পঢ়াশুনা কৰিব নালাগে।টকা আৰু বস্ত্ৰ আনি ক’লে যে এইখিনি গুৰুক দি পঢ়াশালিৰ পৰা গুচি আহি গৰুজাক লৈ ফুৰক । এনেদৰে ককৰ্থনা কৰাত শঙ্কৰদেৱে লাজ পাই তলমূৰ কৰিলে । আৰু পঢ়াশুনাত মনোযোগ দিলেগৈ । 

৭। তৈল লোণ নাই , শুদা ব্যঞ্জনৰ এনে স্বাদ ’ , – কোনে , কি প্ৰসংগত এই উক্তি কৰিছিল বিৱৰি লিখা । 

উত্তৰঃ মহাপুৰুষ শঙ্কৰদেৱৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলিয়ে শঙ্কৰদেৱৰ প্ৰথম শ্লোকটো পঢ়ি এই উক্তি কৰিছিল ৷ 

অধ্যাপক কন্দলিৰ টোলত এদিনাখন অধ্যাপকে সকলো ছাত্রকে শ্লোক ৰচনা কৰিবলৈ দিলে । আন ছাত্ৰসকলে কোনোৱে এফাঁকি , কোনেৱে আধা ৰচিলে , তাৰো অর্থ নাই । কিন্তু মহাপুৰুষ শঙ্কৰদেৱে বৈকুণ্ঠৰ পৰা পাতি , কাপ , মৈলাম আৰু শংখ অক্ষৰ শক্তি নমাই গদ্য কৰিলে ‘ খগচৰ নগধৰ ’ আকাৰ – ইকাৰ নোহোৱাকৈ ৰচনা কৰা এই শ্লোকৰ অৰ্থই ত্ৰিলোক ভেদি গ’ল । গুৰু কন্দলিয়ে এই শ্লোক পঢ়ি আচৰিত হ’ল । আকাৰ ইকাৰ নোহোৱাকৈ এনে অর্থপূর্ণ কবিতা ৰচনা কৰা দেখি মন্তব্য দিছিল- তৈল , লোণ নাই , শুদা ব্যঞ্জনৰ এনে স্বাদ । অর্থাৎ আকাৰ ইকাৰ নোহোৱাকৈ ই উৎকৃষ্ট ৰচনা হৈছে । শঙ্কৰদেৱৰ এনে মহিমা দেখি গুৰুৱে শঙ্কৰদেৱ আলৌকিক শক্তিৰ অধিকাৰী বুলি ভাবি লৈছিল । 

৮। শঙ্কৰদেৱে গুৰুগৃহত কটোৱা কালছোৱাৰ বৰ্ণনা দিয়া ? বা শঙ্কৰদেৱৰ বাল্যকাল ’ পাঠটিত শঙ্কৰদেৱৰ বিদ্যা আৰম্ভ , শিক্ষাগ্রহণ সম্পর্কে কি দৰে উল্লেখ কৰিছে চমুকৈ লিখা ? 

উত্তৰঃ মহাপুৰুষ শঙ্কৰদেৱে বাৰ বছৰ বয়সলৈকে খেল – ধেমালি কৰিয়ে কটাইছিল । এদিন বুঢ়ীমাক খেৰশুতিয়ে নানান বুজনি দিয়াত পঢ়াশালিলৈ যাবলৈ সন্মত হয় । বুঢ়ীমাকে ভাৰ ভৈটি লৈ গুৰু মহেন্দ্ৰ কন্দলিৰ টোলত শঙ্কৰদেৱক নাম লগাই দিলে । 

গুৰুৱে এদিন বাৰ চাই শঙ্কুৰদেৱৰ হাতত ফলি দিলে । তেওঁ চোকা ছাত্র আছিল । কোনো বস্তুকে দুবাৰ দেখুৱাই দিব নালাগে । দিনে নিশাই কেৱল পঢ়াত ব্যস্ত , আনকি শুবৰ সময়ত দুকাষে কিতাপ ৰাখি শোৱে । 

পঢ়াশালিত এদিন গুৰুৱে সকলো ছাত্রকে শ্লোক লিখিবলৈ দিলে । কোনোৱে আধা , কোনোৱে এফাঁকি ৰচনা কৰিলে , তাৰো কোনো অর্থ নাই । শঙ্কৰদেৱে আকাৰ – ইকাৰ নোহোৱাকৈ ৰচনা কৰিলে ‘ খগচৰ – নগধৰ’ ইয়াৰ অৰ্থই কিন্তু স্বৰ্গ , মর্ত্য পাতাল ভেদি গ’ল । গুৰুৱে পঢ়ি আচৰিত হ’ল । 

আন এদিনাখন গুৰুৱে শঙ্কৰদেৱক মাতি দুৰ্গা স্তুতি শিকাব বিচাৰিলে । আৰু সেইমতে মাহ চাউল , হাঁহ , পাৰ আদি যোগাৰ কৰিবলৈ ক’লে । শঙ্কৰদেৱে এনে কৰিবলৈ অপৰাগ হোৱাত এনেয়ে শিকাই দিব বিচাৰিলে।কিন্তু কৃষ্ণৰ কৃপাত গুৰুৱে দুৰ্গাৰ স্তুতি পাহৰি কৃষ্ণ স্তুতি শিকাই দিলে । 

এনেদৰে গুৰুগৃহত থাকি শিক্ষা সাং কৰি শঙ্কৰদেৱে ঘৰলৈ উভতি আহে । 

Sl. No.Contents
Chapter 1প্ৰহ্লাদ চৰিত্ৰ
Chapter 2শিৱৰ কৃষি কর্ম
Chapter 3প্রিয়তমাৰ চিঠি
Chapter 4পানেশৈ
Chapter 5পছোৱাৰ ডাক
Chapter 6চামুৰাই
Chapter 7শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত
Chapter 8ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা
Chapter 9অঙ্কীয়া নাটৰ ৰস বিচাৰ
Chapter 10টিকেন্দ্রজিৎ
Chapter 11যীশুখৃষ্টৰ ছবি
Chapter 12ভ্ৰষ্টলগ্ন
Chapter 13কবিতা
Chapter 14নাটক
Chapter 15অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়
Chapter 16ছন্দ

৯। গুৰুগৃহৰ পৰা শঙ্কৰদেৱ কেনেকৈ পলাইছিল ? ফলত কি হ’ল ?

উত্তৰঃ মহাপুৰুষ শঙ্কৰদেৱক বাৰ বছৰ বয়সত বুঢ়ীমাক খেৰশুতিয়ে মহেন্দ্ৰ কন্দলিৰ পঢ়াশালিত ভৰ্তি কৰি দিয়ে । শঙ্কৰদেৱে ঘৰলৈ যোৱাৰ বাবে কেবা দিনো সুধি গুৰুৰ অনুমতি নোপোৱাত এদিন ঘৰৰ পৰা নোকোৱা কৈ টকা বস্ত্ৰ আনি গুৰুক দি ঘৰলৈ পলাই গ’ল । 

পিছত গুৰুৱে সকলো কথা বুঢ়ীমাকক কৈ দিয়াত , বুঢ়ীমাকে শঙ্কৰদেৱক পুনৰ তিৰস্কাৰ কৰিলে ৷ এই কথাত শঙ্কৰদেৱে লাজত তলমুখ কৰিলে আৰু গুৰু গৃহলৈ উভতি গ’ল । 

১০। অতি চমু উত্তৰ দিয়া : 

( ক ) শঙ্কৰদেৱৰ বাল্যকাল পাঠটি ক’ৰ পৰা লোৱা হৈছে ? 

উত্তৰঃ ‘ কথা গুৰুচৰিত’ৰ পৰা । 

( খ ) ‘ কথা গুৰুচৰিত ’ কি ? 

উত্তৰঃ ‘ কথা গুৰুচৰিত ’ শঙ্কৰদেৱ , মাধৱদেৱ আৰু অন্যান্য বৈষ্ণৱ সন্ত – মহন্তৰ জীৱনী । 

( গ ) শঙ্কৰদেৱৰ সমনীয়া সকলৰ নাম কি আছিল ? 

উত্তৰঃ জয়ৰাম , বিতোপন , চান্দ , ভেকুৰি , কেতাই , সনাতন , হৰিহৰ , সতানন্দ , ৰাম ৰাম আৰু ৰাম ৰাই । 

( ঘ ) শঙ্কৰদেৱৰ পিতৃৰ নাম কি আছিল ? 

উত্তৰঃ কুসুম্বৰ ভূঞা । 

( ঙ ) শঙ্কৰদেৱৰ মাতৃৰ নাম কি ? 

উত্তৰঃ সত্যসন্ধ্যা । 

( চ ) শঙ্কৰদেৱক কাৰ পঢ়াশালিত দিয়া হৈছিল ? বা শঙ্কৰদেৱৰ শিক্ষা গুৰুৰ নাম কি ? 

উত্তৰঃ মহেন্দ্ৰ কন্দলি । 

( ছ ) শঙ্কৰদেৱৰ প্ৰথম ৰচনা কি ? 

উত্তৰঃ ‘ খগচৰ নগধৰ ’ নামৰ কবিতাটি । 

( জ ) শঙ্কৰদেৱৰ প্ৰথম ৰচিত গ্ৰন্থখনৰ নাম কি ? 

উত্তৰঃ হৰিচন্দ্ৰ উপাখ্যান ৷ 

( ঝ ) ‘ আমাৰেসে কৰ্মতৰে , পণ্ডিতৰো বাক্য লৰে’— কথাষাৰ কোনে কৈছিল ? 

উত্তৰঃ শংকৰদেৱে কৈছিল । 

( ঞ ) “ পাচে মহাপুৰুষ নিতে নিতে যৌৱন হৈ আহিছে ’ — ইয়াত মহাপুৰুষ বুলি কাৰ কথা কোৱা হৈছে ?

উত্তৰঃ শংকৰদেৱৰ কথা কোৱা হৈছে । 

( ট ) ‘ শংকৰদেৱৰ বাল্যকাল ’ নামৰ পাঠটিৰ উৎস গ্রন্থ কি ? 

উত্তৰঃ কথা গুৰু চৰিত । 

১১। চমু টোকা লিখা : 

( ক ) মহেন্দ্ৰ কন্দলি।

( খ ) কুসুমদেউ।

( গ ) খেৰশুতি।

( ক ) মহেন্দ্ৰ কন্দলি।

উত্তৰঃ মহেন্দ্ৰ কন্দলী :- মহেন্দ্ৰ কন্দলি হ’ল শঙ্কৰদেৱৰ শিক্ষাগুৰু । শঙ্কৰদেৱৰ বাৰ বছৰ বয়সত বুঢ়ীমাক খেৰশুতিয়ে শঙ্কৰদেৱক মহেন্দ্ৰ কন্দলিৰ টোলত ভৰ্তি কৰি দিয়ে । শঙ্কৰদেৱ তেনেই চোকা ছাত্ৰ আছিল আৰু সেয়ে গুৰুৰ পৰা আদৰ সন্মান লাভ কৰিছিল । এই মহেন্দ্ৰ কন্দলীৰ টোলত গুৰুৰ আদেশ অনুসৰি শঙ্কৰদেৱে ‘ খগচৰ নগধৰ ’ এই কবিতাটি ৰচনা কৰে । গুৰু মহেন্দ্র কন্দলীয়ে শঙ্কৰদেৱক মৰমতে উপযাচি দুৰ্গাৰ স্তুতি শিকাব বিচাৰিছিল । কিন্তু কৃষ্ণৰ কৃপাত তেওঁ সেয়া পাহৰি কৃষ্ণ স্তুতি শিকাই দিয়ে । শঙ্কৰদেৱৰ বিদ্যাবুদ্ধি চাই গুৰুৱে তেওঁক আলৌকিক মহিমাৰ অধিকাৰী বুলি ভাবিছিল। 

উত্তৰঃ কুসুমদেউ বা কুসুম্বৰ ভূঞা :- শঙ্কৰদেৱৰ পিতৃৰ নামেই হ’ল কুসুম্বৰ ভূঞা বা কুসুম দেউ ৷ তেওঁ বাৰ ভূঞাসকলৰ ভিতৰত শিৰোমণি ভূঞা আছিল । শঙ্কৰদেৱৰ নিচেই কম বয়সত কুসুম্বৰ ভূঞাৰ মৃত্যু হয় । তেওঁৰ মৃত্যুৰ পিচত পত্নী সত্যসন্ধ্যাৰো মৃত্যু হয় । এনে সময়ত বুঢ়ীমাক খেৰশুতিয়ে শঙ্কৰদেৱৰ দায়িত্ব লয় ।

উত্তৰঃ খেশুতি :- মহাপুৰুষ শঙ্কৰদেৱৰ বুঢ়ীমাকৰ নাম হ’ল খেৰশুতি । শঙ্কৰদেৱৰ পিতৃ মাতৃৰ মৃত্যুৰ পাছত শিশু শঙ্কৰদেৱৰ লালন – পালনৰ দায়িত্ব খেশুতিয়ে লয় । পণ্ডিত বংশত জন্ম হোৱা স্বত্বেও বাৰ বছৰ বয়সলৈ পঢ়া – শুনা নকৰা বাবে এই খেৰশুতিয়ে শঙ্কৰদেৱক নানান বুজনি দি মহেন্দ্ৰ কন্দলিৰ পঢ়াশালিত থৈ আহে । এবাৰ শঙ্কৰদেৱে তাৰ পৰা পলাই হাত বুঢ়ীমাকে নানা কথাৰে ককৰ্থনা কৰাত লাজপাই গুৰু গৃহত উভতি গৈ মনোযোগেৰে পঢ়িবলৈ ধৰে । এনেদৰে খেৰশুতিয়ে শঙ্কৰদেৱৰ বাল্যকালত উপযুক্ত তত্ত্বাৱধান লৈছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top