Class 11 Advance Assamese Chapter 15 অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়

Join Telegram channel

Class 11 Advance Assamese Chapter 15 অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 15 অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় notes and select needs one.

Class 11 Advance Assamese Chapter 15 অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 15 অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় Solutions for All Subject, You can practice these here

অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়

Chapter – 15

ষষ্ঠ গোট

চমু প্ৰশ্ন

১। “ জোনাকী যুগ ” ৰ অসমীয়া কবিতাৰ বিষয়ে এটি প্রবন্ধ লিখা ৷ 

উত্তৰঃ ১৮৮৯ খৃঃ জানুৱাৰি মাহত কলিকতাৰ পৰা প্ৰকাশিত জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যলৈ এক নতুন ধাৰা কঢ়িয়াই আনে । প্রকৃতপক্ষে পাশ্চাত্যৰ ৰোমাণ্টিক ভাৱাদৰ্শক জোনাকী কাকতে অসমীয়া সাহিত্যলৈ বোৱাই আনে , অসমীয়া ৰোমাণ্টিক সাহিত্যৰ জন্ম আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লয় ৷ সেয়ে ৰোমাণ্টিক সাহিত্যৰ অৰ্ধশতাব্দীকাল নামান্তৰে ‘ জোনাকী যুগ ’ বুলিও কোৱা হয় । সাহিত্যৰ অন্যান্য দিশৰ তুলনাত এই সময়ছোৱাত কাব্য সাহিত্যৰ বিশেষ চৰ্চা আৰু বিকাশ সম্ভৱ হয় । 

জোনাকী যুগৰ অসমীয়া কবিতাৰ বিষয়ে ক’বলৈ গ’লে অসমীয়া ৰোমাণ্টিক কবিতাৰ কথাই ক’ব লাগিব । কলিকতাত উচ্চ শিক্ষাৰ বাবে যোৱা ভাষা প্রেমিক অসমীয়া ছাত্ৰসকলে ঘাইকৈ ইংৰাজী ৰোমাণ্টিক কাব্য আৰু সমসাময়িক বাংলা কাব্যৰ আদৰ্শ আৰু অনুপ্ৰেৰণাৰে অসমীয়া ৰমন্যাসিক কবিতাৰ ভড়াঁল বান্ধে ৷ ‘ জোনাকী’ৰ বুকুত অসমীয়া ৰমন্যাসিক কবিতাৰ দুৱাৰ মুকলি কৰোতাসকলৰ অন্যতম হ’ল ‘ বিখ্যাত ত্ৰিমুৰ্ত্তি চন্দ্ৰকুমাৰ আগৰৱালা , লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ নাম ল’ব পাৰি ৷ চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘ বনকুঁৱৰী ‘ নামৰ কবিতাটিয়ে প্রথম অসমীয়া ৰমন্যাসিক কবিতা । ‘ 

জোনাকী যুগ’ৰ কবিসকলৰ জৰিয়তে অসমীয়া গীতি কবিতাই পৰিপূর্ণতা লাভ কৰে । অনুভূতিৰ সূক্ষ্ম ব্যঞ্জনা , আৱেগ – সঞ্চাৰী ভাব , ছন্দৰ বৈচিত্র্য আৰু প্ৰকাশন ৰীতিৰ মধুৰতা জোনাকী যুগৰ কবিসকলৰ ৰচনাত ৰামধেনুৰ বৰ্ণ বৈচিত্র্য লৈ প্ৰকাশ পায় । ব্যক্তিনিষ্ঠতা আৰু মন্ময়ধর্মীতা এই যুগৰ কবিতাৰ সাধাৰণ ধৰ্ম হৈ পৰিল । ইউৰোপীয় ঘাইকৈ ইংৰাজী সাহিত্যৰ আদৰ্শত চনেট , শোক কবিতা , দীর্ঘ বর্ণনাত্মক কবিতা , সাহিত্যিক মালিতা , ব্যঙ্গ কবিতা আদি বিবিধ কাব্যৰূপে অসমীয়া সাহিত্যৰ পুষ্টিসাধন কৰিলে ৷

জোনাকী যুগৰ অসমীয়া কবিতাৰ ক্ষেত্ৰত কেতবোৰ বিশেষত্ব সাধাৰণ বৈশিষ্ট্য ৰূপে প্রতিভাত হয় ৷ সেইবোৰ হ’ল— 

( ১ ) এই যুগৰ কবিতাত প্ৰকৃতিৰ বহিঃ সৌন্দৰ্যৰ বৰ্ণনা , প্রকৃতিব শাস্ত স্নিদ্ধ শান্তিময়ী ৰূপৰ আকৰ্ষণ আৰু তাপক্লিষ্ট মানৱ জগতৰ লগত তাৰ বৈপৰিত্য প্রদর্শন , প্রাকৃতিক পদাৰ্থৰ মানৱীকৰণ বা দৈৱীকৰণ ৰূপ , প্ৰকৃতিত প্রিয়তমাৰ সৌন্দৰ্যৰ প্ৰতিবিম্ব দর্শন , খণ্ড প্রাকৃতিক সৌন্দৰ্যৰ অন্তৰালত অখণ্ড সৌন্দৰ্যৰ উপলব্ধি প্ৰকৃতিত আত্ম – মুখ যুগৰ আধ্যাৰূপ, প্ৰকৃতিৰ স্বাভাৱিক সৌন্দর্য আদি বহুতো বিশেষত্ব প্রকৃতি বিষয়ক কবিতাত চিত্রিত হৈছে । কবিভেদে প্ৰকৃতিৰ স্থানৰ হীন – দেড়ি দেখা যায় । ৰঘুনাথ চৌধাৰীৰ কবিতাত প্ৰকৃতিয়ে যি প্ৰাধান্য লাভ কৰিছে আন কবিৰ ৰচনাত সিমান নহয় , কিন্তু সকলো কবিৰ ৰচনাতেই প্রাকৃতিক সৌন্দৰ্যৰ আকৰ্ষণ সাধাৰণ বিশেষত্ব । 

এই যুগৰ কবিতাৰ আন এটা বিশেষত্ব হ’ল চহা বা আদিম আৰু সৰল জীৱনধাৰাত মূল্যৰোপণ আৰু ব্যক্তিসত্বাৰ জয়গান । কৃত্রিম নগৰীয়া সভ্যতালৈ পিঠি দি বা সেই সভ্যতাত কেৱল জীৱনৰ অন্ধকাৰ দিশটোহে দেখা পাই ৰোমাণ্টিক কবিসকলে সহজ আৰু স্বাভাৱিক জীৱন অতিবাহিত কৰা গাঁৱৰ জীৱনলৈ সৌন্দর্য পিপাসু দৃষ্টিয়ে চাইছিল । আনহাতে প্রাচীন সাহিত্যৰ দ্বাৰা পৰিত্যক্ত সাধাৰণ পদার্থ বা ঘটনাক বুটলি লৈ সৰগৰ বতৰা সুধিছিল । 

অতীতৰ জয়গান , পৰাধীনতাৰ গ্লানি – অৱসাদ , জাতীয় ঐক্যৰ কাৰণে উদাত্ত আহ্বান আনকথাত কবিতাত স্বদেশ প্রীতি এই যুগৰ কবিতাত বিশেষভাৱে স্থান লাভ কৰে । বিনন্দ বৰুৱা , ডিম্বেশ্বৰ নেওগ, প্রসন্নলাল চৌধুৰী , অতুল চন্দ্ৰ হাজৰিকা , অম্বিকাগিৰি ৰায় চৌধুৰীৰ কবিতাত স্বদেশ প্ৰীতিৰ নিদৰ্শন পোৱা যায় । 

প্ৰাণৰ ৰসৰ প্ৰাচুৰ্য এই যুগৰ কবিতাৰ আন এটা বৈশিষ্ট্য । কবিসকলৰ দৃষ্টিত জীৱন ক্ষণভংগুৰ কিন্তু প্রেম শাশ্বত , স্বর্গীয় বস্তু । কাল্পনিক প্রিয়াৰ অষ্টশোভাৰ বৰ্ণনা , বিশ্ব প্ৰকৃতিত প্ৰিয়াৰ ৰূপদৰ্শন , বিৰহৰ গৌৰৱ আদি ভাবেৰে এই কালৰ প্ৰণয় কবিতা ৰঞ্জিত । বেজবৰুৱাৰ ‘ প্রিয়তমা ’ , ‘ প্রিয়তমাৰ সৌন্দৰ্য ’ গণেশ গগৈৰ ‘ পাপৰি’ত এনে প্ৰেমৰ স্বৰূপ স্পষ্ট । কোনো কোনো কবিৰ হাতত আকৌ প্ৰণয়ে আধ্যাত্মিক স্তৰলৈ উন্নীত হৈ ৰহস্যবাদৰ সৃষ্টি কৰিছে । অম্বিকাগিৰি ৰায় চৌধুৰী , নলিনীবালা দেৱীৰ নাম এই প্রসঙ্গত ল’ব পাৰি । কিছুমানৰ কবিতাত আকৌ ভাৰতীয় দার্শনিক ভাৱৰ সর্বাত্মবাদ , জন্মান্তববাদ , কর্মকলাবাদ আদিৰ সুৰ শুনা যায় ।

এই যুগৰ কেইগৰাকীমান উল্লেখযোগ্য কবি হ’ল – চন্দ্ৰকুমাৰ আগৰৱালা , লক্ষ্মীনাথ বেজবৰুৱা , পদ্মনাথ গোহাঞি বৰুৱা , হেমচন্দ্ৰ গোস্বামী , আনন্দচন্দ্ৰ আগৰৱালা , হিতেশ্বৰ বৰবৰুৱা , চন্দ্ৰধৰ বৰুৱা , ৰঘুনাথ চৌধাৰী , অম্বিকাগিৰি ৰায়চৌধুৰী , নলিনীৱালা , দেবী , দুৰ্গেশ্বৰ শৰ্মা , যতীন দুৱৰা , গণেশ গগৈ আদিৰ নাম ল’ব পাৰি । 

এই যুগৰ কবিতা সম্বন্ধে এনে মত দিয়া হয় যে ৰোমান্টিক কবিসকল পলায়নবাদী , ভাববিলাসী আৰু বাস্তৱ বিমুখ । তথাপি ক’ব লাগিব তেওঁলোকৰ কবিতা হৃদয় সংবাদী , সহজবোধ্য , ৰসঘন আৰু মধুৰ কোমল । তেওঁলোকৰ কবিতাত যিয়ে দোষ নাথাকক ই সহজে পাঠকৰ অনুভূতিৰ সূক্ষ্ম তন্ত্ৰীদালত মৃদু মধুৰ জোকাৰণি এটি দি যায়। 

২। কবি হিচাপে চন্দ্ৰকুমাৰ আগৰৱালাৰ এটি পৰিচয় দিয়া ৷ 

উত্তৰঃ অসমীয়া গীতি কবিতাৰ প্রকৃত প্ৰৱৰ্তক আৰু ” জোনাকী’কাকতৰ প্ৰথম সম্পাদক চন্দ্ৰ কুমাৰ আগৰৱালাৰ ( ১৮৬৭-১৯৩৭ ) জন্ম হয় তেজপুৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত ৷ তেওঁৰ উদ্যোগতে কলিকতাত ‘ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’আৰু ‘ জোনাকী ’ কাকতৰ প্ৰতিষ্ঠা হয় । জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা তেওঁৰ ‘ বনকুঁৱৰী ’ কবিতাটিয়ে প্রথম অসমীয়া ৰোমাণ্টিক কবিতা ৷ 

অসমীয়া ৰোমাণ্টিক কাব্য সাহিত্যৰ ইতিহাসত চন্দ্ৰকুমাৰ আগৰৱালাৰ নাম শীৰ্ষত । তেওঁৰ প্রকাশিত কাব্যগ্রন্থ দুখন ‘প্ৰতিমা’ আৰু ‘ বীণ বৰাগী ’ । এই দুখন পুথিৰ বিভিন্ন কবিতাৰ মাজেৰে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি মনৰ পৰিচয় পোৱা যায় । তেওঁ এই কবিতাসমূহে অসমীয়া গীতি কবিতাৰ পৰম্পৰা সৃষ্টিত সহায় কৰা বুলি ক’ব পাৰি ।

চন্দ্ৰকুমাৰৰ ‘ প্ৰতিমা ’ মুঠ দুকুৰি পাঁচটা কবিতাৰ সংগ্ৰহ । ইয়াত কবিয়ে জগতৰ বৰ্ণবৈভৱৰ ৰামধেনুৰ ছবিত আপ্লুত হৈছে আৰু ই যেন কবিৰ যৌৱনৰ স্বাভাৱিক সৌন্দর্য স্পৃহাৰ প্ৰকাশ । ‘ বীণ বৰাগী’ ত কবিৰ দৃষ্টি বহিঃ সৌন্দৰ্যতকৈ অন্তৰৰ সৌন্দৰ্যৰ প্ৰতিহে নিবন্ধ হৈছে । ‘প্ৰতিমা’ৰ ফুলা সৰিয়হ ডৰা , পখিলা ফুলৰ চাৰিওফালে গুণগুণাই ফুৰা ভোমোৰা বা নিয়ৰৰ টোপালে কবিৰ মন যেনেকৈ আকৃষ্ট আৰু আপ্লুত কৰিছে , ‘ বীণ বৰাগী ত অধিক অন্তর্মূখী হৈ আনন্দতীৰ্থৰ পথত আগবাঢ়িছে আৰু মানৱৰ আপাত দানৱ ৰূপৰ অন্তৰালত প্রকৃত দেৱৰূপৰ সন্ধান পাইছে  আৰু মুকলি মনৰ মানৱ মূৰ্তিৰ অকলংক মধুৰিমা দেখা পাইছে । সংখ্যাত তাকৰ হ’লেও এই দুখন পুথিয়ে চন্দ্ৰকুমাৰৰ উচ্চমানৰ কবি প্রতিভাৰ পৰিচয় দিয়ে । 

চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত সৌন্দৰ্যৰ সন্ধান , মানৱ প্রীতি , বৈদান্তিক প্রভাৱ বা অদ্বৈত দৃষ্টি , বৈষম্যপূৰ্ণ পুৰণি পৃথিৱীক ধ্বংস কৰি সাম্যভাবৰ ওপৰত প্রতিষ্ঠিত নতুন সমাজৰ আহ্বান , সৰল আশাবাদ আদি বিশেষত্ব ৰূপে পোৱা যায় ৷ তেওঁৰ কবিতাত দৰ্শনৰ গুৰু – গম্ভীৰতা আৰু প্রকাশভংগীত লোকগীতৰ লয়লাস পোৱা যায় । তেওঁৰ দৃষ্টিত সত্য আৰু সুন্দৰৰ প্ৰভেদ নাই ৷ তেওঁৰ কবিতাত মানুহক শ্রেষ্ঠ স্থান দিয়া হৈছে । তেওঁৰ দৃষ্টিত “ মানৱেই দেৱ মানৱেই সেৱ ” । মানুহৰ অসীম সম্ভাৱনা সম্পর্কে তেওঁৰ কবিতাত গভীৰ আস্থা প্রকাশ পাইছে । 

চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত প্ৰাচ্য আৰু পাশ্চাত্য ভাৱাদর্শ আৰু কাব্য ৰীতিৰ অপূর্ব সংযোগ ঘটাইছে । কিন্তু তেওঁ যি পৰিমাণে ভাবুক সেই পৰিমাণে শিল্পী নাছিল ৷ তেওঁৰ ভাৱসত্ত্বাই সকলো সময়তে সৌন্দর্যময় ৰূপ পৰিগ্ৰহ কৰিব পৰা নাই । ভাবৰ গাম্ভীর্যই লীলায়িত গতি লাভ কৰিব পৰা নাই । তথাপি অসমীয়া ৰোমাণ্টিক কবিতাৰ অন্যতম প্রৱর্তক ৰূপে , অসমীয়া গীতি কবিতাৰ ৰচিয়তা ৰূপে আৰু ৰোমাণ্টিক কবিতাৰ সাৰ্থক কলাকাৰ ৰূপে অসমীয়া সাহিত্যত চন্দ্ৰকুমাৰ আগৰৱালাৰ এটা সুকীয়া স্থান আছে । 

৩। হেমচন্দ্ৰ গোস্বামীৰ সাহিত্য কর্ম সম্বন্ধে এটি আলোচনা আগবঢ়োৱা৷ 

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল ১৮৭২ খৃঃ গোলাঘাট জিলাৰ গৌৰাঙ্গ সত্ৰত । তেওঁৰ পিতৃৰ নাম ডম্বৰুধৰ গোস্বামী । ১৮৮৮ খৃঃ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাত উচ্চ শিক্ষা লাভ কৰে । চাৰি বছৰৰ মুৰত বি , এ , ডিগ্রী নোলোৱাকৈ উভতি আহে । ১৮৯৭ খৃঃ চাবডেপুটি কালেক্টৰৰ কামত ভৰ্ত্তি হয় আৰু পিচত এক্সট্রা এচিষ্টেণ্ট কমিছনাৰৰ পদ পাই ১৯২৫ খৃঃত অৱসৰ লয় । ১৯২৮ খৃঃ গুৱাহাটীৰ নিজা ঘৰত মৃত্যু হয় । 

স্কুলীয়া ছাত্ৰ অৱস্থাতে বিভিন্ন সাহিত্যিকৰ সৈতে সম্পৰ্ক আৰু সান্নিধ্যই তেওঁক সাহিত্য চৰ্চাত অনুপ্ৰেৰণা দান কৰে ৷ পিচত কলিকতাত গৈ লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ সৈতে লগ লাগি ‘ জোনাকী’ৰ ত্ৰিমূৰ্ত্তিৰ এজন হৈ অসমীয়া ৰোমাণ্টিক সাহিত্যৰ এগৰাকী সেৱক হৈ পৰে ৷ ‘ জোনাকী ’ কাকতৰ সৈতে ঘনিষ্ঠভাৱে জড়িত গোস্বামী দুই বছৰ জোনাকীৰ সম্পাদকো আছিল । 

সাহিত্যক্ষেত্ৰত গোস্বামীৰ প্ৰথম পৰিচয় এগৰাকী কবি হিচাপে । স্কুলীয়া ছাত্ৰ অৱস্থাত ‘ আসাম বন্ধু’ৰ পাতত তেওঁৰ প্রথম কবিতা প্রকাশ পালেও প্রকৃত কবি হিচাপে আত্মপ্রকাশ ঘটে জোনাকীৰ বুকুত । এই সময়ত কবি আছিল ১৮/২০ বছৰীয়া চফল ডেকা আছিল , ফলত এই সময়ৰ কবিতাত অনুভূতি , কল্পনা আৰু ৰচনা সৌষ্ঠৱৰ পৰিপূৰ্ণতা লক্ষ্য কৰা যায় ৷ তেওঁৰ কবিতাৰ সংখ্যা বৰ বেছি নহয় ৷ তেওঁৰ কবিতা স্বদেশ প্রীতি , হাস্যৰস আৰু প্ৰেমৰ তিনিটা ক্ষীণ সুতিৰ দ্বাৰা ৰসসিক্ত হৈছে । অৱশ্যে কম বয়সৰ ৰচনা বাবেই ভাৰ গভীৰতা সকলোতে নাই আৰু জীৱনোপলব্ধি বহু ক্ষেত্ৰত তৰাং । তেওঁৰ প্ৰকাশিত কাব্যগ্রন্থ এখনেই ‘ ফুলৰ চাকি ’ ।

হেমচন্দ্র গোস্বামী প্রথম ছনেট ৰচক ৷ তেওঁৰ ‘ প্রিয়তমাৰ চিঠি ’ শীর্ষক ছনেটটে । প্রথম ছনেট হোৱাৰ লগতে ইটালীৰ পেট্ৰাৰ্কীয় আৰ্হিৰ বৈশিষ্ট্যৰ প্ৰতিফলন ইয়াত পোৱা যায় ৷ তেওঁৰ কাকো আৰু হিয়া নিবিলাও ’ , ‘ কাকূতি ’ , ‘ প্রিয়তমাৰ চিঠি ’ , ‘ ধৰাপৰা ’ ৰোমাণ্টিক প্ৰেম – কবিতাৰ পুঁৱতি তৰা সদৃশ ৷ তেওঁৰ ‘ জোনাকী ’ কাকতক উদ্দেশি লিখা ‘ পুৱা ’ কবিতাত সংযত কল্পনা , গাম্ভীৰ্য আৰু আশাবাদেৰে মহিমান্বিত হৈছে । 

চৰকাৰী চাকৰি কৰাৰ পাছত কবিতাৰ কল্পনাৰ ৰাজ্য এৰি দেশৰ অতীত ইতিহাস আৰু ঐতিহ্যৰ প্ৰতি আকৃষ্ট হৈ বাস্তৱলৈ নামি আহে । অসম চৰকাৰৰ দ্বাৰা নিযুক্ত হৈ ১৯১২-১৩ চনত পুৰণি পুথি অনুসন্ধান আৰু উদ্ধাৰৰ কাৰ্যত আত্মনিয়োগ কৰে ‘ কামৰূপ অনুসন্ধান সমিতি ’ প্রতিষ্ঠা কৰি পুৰণি পুথিসমূহ তাতে সংৰক্ষণৰ ব্যৱস্থা কৰে । এই সমিতিৰ জৰিয়তে ‘ পুৰণি অসম বুৰঞ্জী ’ আৰু ভট্টদেৱৰ ‘ কথাগীতা ’ সম্পাদনা কৰি উলিয়ায় । আশুতোষ মুখাৰ্জীৰ উৎসাহত , ভোলানাথ দাসৰ দানৰ টকাৰে সাতোটা খণ্ডত বিভক্ত বিৰাট ‘ অসমীয়া সাহিত্যৰ চানেকী ’ তেওঁ সংগ্ৰহ আৰু সম্পাদনা কৰে । এওঁৰ ‘ অসমীয়া পুথিৰ তালিকা ’ নামৰ পুথি কলিকতা বিশ্ববিদ্যালয়ৰ যোগেদি ১৯৩০ চনত প্ৰকাশ পায় । এওঁৱেই এডৱাৰ্ড গেইটৰ সহায়ত হেমচন্দ্ৰ বৰুৱাৰ ‘ হেমকোষ’খন ছপা কৰি উলিয়ায় । এইবোৰৰ সৈতে ‘ উষা ’ , ‘ বাঁহী ’ আলোচনী আদি বিভিন্ন কাকতত তেওঁৰ ভালেসংখ্যক বুৰঞ্জী আৰু প্ৰত্নতত্বমূলক আৰু চমু জীৱনী প্রকাশ হৈছিল । 

অসমীয়া প্রথম ছনেট লেখক হিচাপে , ৰোমাণ্টিক কবিতাৰ অন্যতম প্ৰৱৰ্তৰ্ক ৰূপে গোস্বামীদেৱৰ নাম অসমীয়া সাহিত্যই পাহৰিব নোৱাৰে ৷ 

৪। পদ্মনাথ গোহাঞি বৰুৱাৰ জীৱন আৰু সাহিত্যকৃতিৰ বিষয়ে জুকিয়াই লিখা । 

উত্তৰঃ অসমীয়া ৰোমাণ্টিক সাহিত্যৰ অন্যতম সাধক পদ্মনাথ গোহাঞি বৰুৱাৰ জন্ম হয় ১৮৭১ খৃঃ উত্তৰ লক্ষীমপুৰৰ নকাৰী গাঁৱত । পিতাক ঘিণাৰাম বৰুৱা মৌজাদাৰ আছিল । শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কিছুদিন কলিকতাৰ কলেজত অধ্যয়ন কৰে , কিন্তু , এফ , এ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি উভতি আহি কহিমা আৰু যোৰহাটৰ ইংৰাজী স্কুলত কিছুদিন শিক্ষকতা কৰে । কেইবছৰ মান পিছত চাকৰি এৰি তেজপুৰত নিগাৰ্জীকৈ বসতি কৰিবলৈ লয় আৰু নানান সামাজিক কামত জড়িত হৈ পৰে ৷ তাৰ কাৰণে তেওঁ চৰকাৰৰ পৰা পেন্সনো লাভ কৰিছিল । এখেতৰ মৃত্যু হয় ১৯৪৬ খৃঃত । 

অসমীয়া সাহিত্যত পদ্মনাথ গোহাঞি বৰুৱাৰ অৱদান বহুমুখী । তেওঁ একেধাৰে কবি , নাট্যকাৰ , ঔপন্যাসিক , জীৱনীকাৰ , আলোচনীৰ সম্পাদক আছিল । গোহাঞি বৰুৱাৰ কাব্য পুথি দুখন— ‘ লীলা ‘ আৰু ‘ জুৰণি ’ । ‘ ফুলন চানেকি ’ নামৰ কাব্যসংকলনখন পুৰণি আৰু নাটকৰ পৰা লোৱা কবিতাৰ সংকলন ৷ তেওঁৰ ‘ লীলা ’ কাব্য গ্রন্থক এখন বর্ণনাত্মাক শোক কবিতাৰ পুথি বুলি ক’ব পাৰি । তেওঁৰ প্ৰথমা পত্নীৰ বিয়োগত তেওঁৰ স্মৃতিক সুঁৱৰি মুঠ ২৫ টা খণ্ডত এই কাব্যখন ৰচনা কৰা হৈছে । একান্ত ব্যক্তিগত আৰু ঘৰুৱা জীৱনৰ বিৱৰণকে কোনো কাব্যিক মহত্ব দান নকৰাকৈ আৰু নৈব্যক্তিক স্তৰলৈ নিনিয়াকৈ ‘ লীলা ’ কাব্যত প্ৰকাশ কৰিছে । অৱশ্যে প্রকৃত কাব্য হ’বলৈ যিখিনি গুণৰ প্ৰয়োজন তাৰ অভাৱ বহুখিনি এই কাব্যত অনুভৱ কৰিব পৰা যায় ৷ ‘ জুৰণি ’ ছনেট আৰু খণ্ড কবিতাৰ সংকলন । এইবোৰৰ ৰচনাত তেওঁ কিছু সফল হোৱা দেখা যায় । ‘ কবি , কবিতা কল্পনা’আদি কিছুমান ছনেটত ভাবৰ ক্রমবিকাশ , সংযত কল্পনা আৰু প্ৰকাশভংগীৰ গাম্ভীর্য লক্ষ্য কৰা যায় । 

অৱশ্যে ছনেটবোৰত মিল বিন্যাস তেনেই শিথিল । তেওঁৰ ‘ ওৰণি ’ , ‘ মেঘাই ’ , ‘ লুকোৱা হাঁহি’আদি কবিতাত ৰোমাণ্টিক ভাৱৰ প্ৰাধান্য দেখা যায় । অৱশ্যে তেওঁৰ বহুতো কবিতা কষ্ট , কল্পনাৰ পৰিচায়ক আৰু প্ৰয়াস লব্ধ যেন লাগে । গীতি কবিতাৰ অনুভৱ তীব্ৰতা আৰু প্ৰকাশ ব্যকুলতা গোহাঞি বৰুৱাৰ কবিতাত নাই ৷ তেওঁৰ শ্ৰেষ্ঠ কবি হোৱাৰ জোখাৰে প্ৰতিভা নাথাকিলেও নুন্যতম প্রতিভাৰ পৰা তেওঁ বঞ্চিত নাছিল । 

গোহাঞি বৰুৱাৰ নাট্য অৱদান লেখত ল’বলগীয়া । তেওঁৰ জয়মতী ( ১৯০০ ) , গদাধৰ ( ১৯০১ ) , সাধনী ( ১৯১১ ) , লাচিত বৰফুকন ( ১৯১৫ ) –এইকেইখন ঐতিহাসিক নাটক , গাওঁবুঢ়া , টোটন তামুলী আৰু ভূত নে ভ্রম — এই তিনিখন প্রহসন আৰু একমাত্ৰ পৌৰাণিক নাট হ’ল — ‘ বাণৰজা ’ । এই আটাইবোৰ নাটকৰ ভিতৰত তেওঁৰ শ্ৰেষ্ঠ ৰচনা হ’ল — গাঁওবুঢ়া । 

গোহাঞি বৰুৱা অসমীয়া উপন্যাসৰ জন্মদাতা । তেওঁৰ ভানুমতি ( ১৭৯০-৯১ ) প্ৰথম অসমীয়া উপন্যাস । তেওঁৰ দ্বিতীয় উপন্যাস হ’ল ‘ লাহৰী ‘ । এই দুয়োখন উপন্যাস নায়িকা প্রধান আৰু আহোম যুগৰ পটভূমিত ৰচিত । উপন্যাস দুখনত চাঞ্চল্যকৰ ঘটনা আছে কিন্তু চৰিত্ৰ সৃষ্টি আৰু মানসিক বিশ্লেষণ নাই । ঐতিহাসিক ঘটনাৰ দিশৰ প্ৰভাৱ নথকা বাবে দুয়োখনক সামাজিক নাট হিচাপে গণ্য কৰিব পাৰি । গদ্য ৰচনাৰ ভিতৰত তেওঁৰ প্ৰসিদ্ধ গ্রন্থ হ’ল — শ্ৰীকৃষ্ণ । তিনিটা খণ্ডত বিভক্ত এই গ্রন্থখনি শ্ৰীকৃষ্ণৰ জীৱন চৰিত । গীতামাতো গদ্য পুথি । ‘ জীৱন সোঁৱৰণ ’ মৰণোত্তৰ শতবার্ষিকী সংকলন । গোহাঞি বৰুৱা আলোচনীৰ প্ৰতিষ্ঠাপক আৰু সম্পাদকো আছিল । ছাত্ৰাৱস্থাতে তেওঁ ‘ বিজুলী ’ কাকত উলিয়াই আৰু ২ য় -৩ য় বছৰ তেওঁ ইয়াৰ সম্পাদক আছিল । ‘ বিজুলী’ৰ পিছত উষা নামৰ কাকত এখনো তেওঁৰ সম্পাদনাত প্ৰকাশ পাইছিল । 

এই দুয়োখন কাকতে অসমীয়া সাহিত্যৰ প্ৰতিষ্ঠা আৰু বিকাশত প্রভূত বৰঙণি যোগাইছিল । 

পদ্মনাথ গোহাঞি বৰুৱাৰ সাৰ্থক সৃষ্টিৰ সংজ্ঞা কম তথাপি বহুমুখী অৱদানেৰে অসমীয়া সাহিত্যৰ আত্ম প্রতিষ্ঠাত তেওঁ যি বৰঙণি দি গ’ল সেইবাবে তেওঁৰ নাম অসমীয়া সাহিত্যৰ বুৰঞ্জীত চিৰযুগমীয়া হৈ থাকিব । 

৫। ৰঘুনাথ চৌধাৰীৰ কবি পৰিচয় দিয়া ৷ তেওঁক কিয় বিহগী কবি বোলা হয় উদাহৰণসহ লিখা । 

উত্তৰঃ বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জন্ম হয় ১৮৭৯ খৃঃ কামৰূপৰ পশ্চিম বংসৰ মৌজাৰ লাওপাৰা গাঁৱত ৷ তেওঁৰ পিতৃৰ নাম আছিল ভোলানাথ চৌধাৰী ৷ সৰুতে ভৰিত দুখ পাই চিৰকালৰ বাবে ঘুণীয়া হয়।দেউতাকৰ মৃত্যুৰ পিছত সম্পৰ্কীয় ককায়েক এজনে ৰঘুনাথক গুৱাহাটীলৈ আনি পঢ়াশালিত নাম লগাই দিয়ে যদিও অষ্টমমান শ্রেণীত শিক্ষা সাং কৰি ঘৰতে অধ্যয়ন কৰিবলৈ ধৰে । বিশেষকৈ সংস্কৃত আৰু বঙলা কাব্য সাহিত্য মনোযোগ দি অধ্যয়ন কৰিছিল । কিছুদিন শিক্ষকতা কৰাৰ পাছত খেতিবাতিত আত্মনিয়োগ কৰে আৰু তাৰ লগে লগে সাহিত্য চর্চাও কৰি থাকে ৷ 

অসমীয়া সাহিত্যত ৰঘুনাথ চৌধাৰীৰ পৰিচয় এগৰাকী কবি হিচাপে ৷ তেওঁৰ প্ৰকাশিত কাব্য গ্ৰন্থসমূহ হ’ল — সাদৰী , কেতেকী , কাৰবালা , দহিকতৰা আৰু নবমল্লিকা । মৰণোত্তৰ কালত ‘ মনাই বৰাগী ’ আৰু ‘ পচতীয়া ’ নামে গল্পপুথি প্রকাশ পায় । চৌধাৰীৰ কবিতাসমূহ ঘাইকৈ প্রকৃতি বিষয়ক । তেওঁৰ কবিতাত দুটা সুৰ অনুৰণিত হৈছে । এটি বৰ্হি জগতৰ পাৰ বাগৰি যোৱা সৌন্দর্য প্ৰেমৰ হেন্দোলনিত কবিৰো কাম গন্ধহীন প্ৰেমৰ দুৱাৰ মুকলি হোৱাৰ ধ্বনি শুনিবলৈ পোৱা যায় আৰু আনটোত সাংসাৰিক ভোগ লালসাৰ প্ৰতি বৈৰাগ্য অৱলম্বন কৰি তেওঁৰ সংসাৰ বিক্ত জীৱন , চৰাইৰ সুৰ আৰু বসন্তৰ সৌন্দৰ্যানুভূতিৰে পৰিপূৰ্ণ কৰাৰ কৰুণ আকৃতি স্পন্দিত হোৱা অনুভৱ কৰা যায় । 

তেওঁৰ সাদৰীৰ সৰহভাগ প্রকৃতি বিষয়ক কবিতা , প্রিয় বিহঙ্গনী , কেতেকী , দহিকতৰা আদিত মানৱ সংস্পৰ্শবিহীন প্ৰকৃতিৰ আনন্দোৎসৱৰ চিত্ৰ বৰ্ণনা , শব্দ সৌন্দৰ্যৰ মাধুৰ্যৰ সন্মোহিনী শক্তিৰ বলত ৰসময়ী হৈ প্ৰকাশ পাইছে । ৰঘুনাথ চৌধাৰীৰ কবিতাত ইংৰাজী কবিতাৰ পোনপটীয়া প্ৰভাৱ নাই , প্রাচীন সংস্কৃত সাহিত্যৰ দ্বাৰা তেওঁ অধিক প্ৰভাৱান্বিত হৈছে । তেওঁৰ শব্দ প্রয়োগ , উপমাদি অলংকাৰৰ প্ৰয়োগ আৰু চিত্ৰ ৰচনাত সংস্কৃত সাহিত্যৰ পৰা আদৰ্শ গ্ৰহণ কৰিছে । তেওঁৰ কবিতাসমূহ বৰ্ণনা বৈভৱপূৰ্ণ আৰু চিত্র সমুজ্জল হ’লেও অস্তৰ প্ৰসাৰী গভীৰ দৃষ্টি আৰু তত্বানুভূতিৰ পৰিচয় পোৱা যায় । 

কবি ৰঘুনাথ চৌধাৰীক ‘ বিহগী কবি ’ আখ্যা দিয়া হৈছে । ৰঘুনাথ চৌধাৰীৰ কবিতাত প্ৰকৃতিৰ বিবিধ বস্তুৰ সৈতে বিহগ অর্থাৎ চৰাই – চিৰিকতিয়ে সদায় প্রাধান্য লাভ কৰিছে ৷ বাস্তৱ জীৱনত নানান দুখ কষ্ট পাই নিসঙ্গ আৰু বেদনাহত কবিয়ে প্ৰকৃতিৰ বৰ্ণ বৈচিত্র্যৰ লগত বিহগীৰ সমুধুৰ ধ্বনি শুনি নিজৰ দুখ যন্ত্ৰণা পাহৰি বিহগৰ সৈতে সম্বন্ধ গঢ়ি নিজেও প্রকৃতি জগতত চামিল হোৱাৰ কামনা কৰিছে । তেওঁৰ দৃষ্টিত প্ৰকৃতিৰ বুকুত কল – কাকলি কৰি ফুৰা বিহগবোৰ যেন বিহগ নহয় , স্বৰ্গৰ দেৱদূত হে ; এইবোৰে হিংসা দ্বেষ স্বাৰ্থপৰতাৰে পৰিপূৰ্ণ মানৱ জগতত শাশ্বতঃ প্ৰেমৰ বতৰা দিবলৈ আহিছে । চৰাইৰ প্রতি এনে দৃষ্টিভংগী পোষণ কৰাৰ লগতে তেওঁৰ প্ৰধান কাব্যগ্রন্থসমূহো বিহগৰ নামেৰে নামকৰণ কৰা হৈছে । যেনে — কেতেকী , দহিকতৰা আদি ৷ দুখ দৈন্যতাৰে জৰ্জৰিত , মানৱ সমাজৰ স্বাৰ্থপৰতা , নীচতাৰ প্ৰকাশ দেখি ব্যথিত কবিৰ অন্তৰত বিহগৰ কোমল মধুৰ মাতে অমৃতৰ আৰ্জলি আনি ধৰিছে । এনেদৰে তেওঁৰ কবিতাত বিহগে প্রাধান্য পোৱা বাবে তেওঁক বিহগী কৰি আখ্যা দিয়া হৈছে । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top