Class 11 Advance Assamese Chapter 5 পছোৱাৰ ডাক Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 5 পছোৱাৰ ডাক notes and select needs one.
Class 11 Advance Assamese Chapter 5 পছোৱাৰ ডাক
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 11 Advance Assamese Question Answer Chapter 5 are part of AHSEC All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 5 পছোৱাৰ ডাক Solutions for All Subject, You can practice these here
পছোৱাৰ ডাক
Chapter – 5
প্ৰথম গোট
চমু প্ৰশ্ন
১। কবি প্ৰসন্নলাল চৌধুৰীৰ চমু পৰিচয় দিয়া ৷
উত্তৰঃ বৰপেটাৰ এটি বিশিষ্ট পৰিয়ালৰ সন্তান শ্যামলাল চৌধুৰীৰ ঔৰ্ষত প্রমীলা চৌধুৰীৰ গৰ্ভত প্ৰসন্নলাল চৌধুৰীৰ জন্ম হয় ১৮৯৮ চনত । অৱশ্যে তেওঁৰ জন্ম স্থান হ’ল পলাশবাৰী ৷ পলাশবাৰীত প্রাথমিক শিক্ষা লাভ কৰি তেওঁ বৰপেটা চৰকাৰী হাইস্কুলত ভর্তি হয় । পিছত তেওঁ কটন কলেজত উচ্চ শিক্ষা লাভ কৰে । শিক্ষকতাকে ব্রত হিচাপে লোৱা চৌধুৰীদেৱে প্রথমে পলাশবাৰীত আৰু পিছত বৰপেটা বিদ্যাপীঠত শিক্ষকতা কৰে । ইয়াত তেওঁ প্ৰধান শিক্ষকৰ দায়িত্বত থাকি অৱসৰ গ্ৰহণ কৰে ।
চৌধুৰীদেৱ আছিল একেধাৰে কবি , নাট্যকাৰ , অভিনেতা , শৰীৰ চৰ্চাকাৰী আৰু সুদক্ষ চিকাৰী । তেওঁৰ কাব্যপুথি দুখন ‘ অগ্নিমন্ত্ৰ ‘ আৰু ‘ চানেকি কবিতা ’ । তেওঁৰ কবিতাত এক বিদ্ৰোহৰ সুৰ দেখা যায় । স্বদেশপ্ৰেমৰ উদ্দাম প্রকাশ আৰু নতুনক প্রতিষ্ঠা কৰাৰ দুৰ্বাৰ আকাঙ্খা তেওঁৰ কবিতাত স্পষ্ট ।
২। পছোৱাৰ ডাক কবিতাটিত কৰিয়ে পছোৱাৰ বৈশিষ্ট্য কেনে ধৰণে ব্যক্ত কৰিছে লিখা ।
উত্তৰঃ পছোৱাৰ ডাক কবিতাটো এটি বিপ্লৱী কবিতা । কবিতাটোত স্বদেশ প্ৰেমৰ কথা , নতুনক প্রতিষ্ঠা কৰাৰ আকাঙ্খা আদি প্রতিফলিত হৈছে । ইয়াত পছোৱাই প্রাকৃতিক পৰিবৰ্তনতকৈ মানসিক পৰিবৰ্তনৰ কাৰক হিচাপেহে গুৰুত্ব পাইছে ।
পছোৱা হ’ল পশ্চিমৰ পৰা অহা বেগী বতাহ । এই পছোৱা জাকে বিপ্লৱৰ বাণী বহন কৰিছে আৰু দুৰ্বাৰ গতিত বৈ থাকি আহ্বান জনাইছে জাগি উঠিবলৈ । পছোৱাৰ ডাক শুনি তেওঁ যুৱশক্তিক জগাই তুলিব বিচাৰিছে।পছোৱাক এফালে হিংস্র ঈগলৰ সংগীও বুলিছে আৰু আনফালে আন্ধাৰ আঁতৰাই আকাশ বিদাৰি ফুৰাৰ কথাও কৈছে ।
পছোৱাৰ বাবেই জগত সুন্দৰ আঙ্গুৰৰ ৰসেৰে ভৰপুৰ হৈ আছে । তাকেই পান কৰি তেওঁ মৃত্যুঞ্জয় হৈছে । এইখিনিতেই কবিয়ে অন্তৰৰ মূল উদ্দেশ্যক প্রকট কৰি পছোৱাৰ ভিতৰফালে থকা তেওঁৰ ভাবনাক তুলি ধৰিছে । স্পষ্টভাৱেই তেওঁ পশ্চিমৰ ৰণমত্ত জাতিৰ বাবে কৈছে , যি জাতিৰ কথা বিষপাঙ্গ বৰ্ষণ কৰিছে । পৃথিৱীত আতংকৰ সৃষ্টি কৰিছে আৰু ধুমকেতুৰ দৰে আমাৰ ওপৰত পৰিছেহি । গতিকে পছোৱা বতাহেৰে তেওঁ বৃটিছ সাম্রাজ্যবাদী শক্তিকহে বুজাইছে যেন লাগে , কিন্তু কবিয়ে তাৰো প্ৰতিকাৰ আছে বুলি আশ্বাসো দিছে ৷
ইয়াৰ পিছতে তেওঁ যুৱশক্তিৰ প্ৰতি কৈছে যে ইয়াতকৈ ভীষণ কাৰাগাৰৰ অন্ধকাৰ জীৱন ৰৈ আছে । তিলে তিলে মৰণ মিলিব আৰু জীৱনতে যমৰ যাতনা ভোগ কৰিব লাগিব । সকলো মনোবল , প্রাণশক্তি লাহে লাহে নাইকীয়া হ’ব । কিন্তু তথাপি আমি নির্ভয় হ’ব লাগিব । যিফালে নির্ভীকভাৱে এই পৰিবেশত থিয় দি থাকিব তেওঁলোকৰ অৱশ্যেই আত্মাৰ জাগৰণ হ’ব ।
কবিয়ে জানে যে সাগৰ মহনত উৎপত্তি হোৱা বিষ নীলকন্ঠ শিৱই পান কৰিব লাগিব । সেই কথাকে পছোৱাই কৈছে । পছোৱাৰ মাজেৰে এই ডাকেই শুনা গৈছে যে আজিৰ দিনত এনে কোনো শক্তিধৰ পৃথিৱীত নাই যে তেওঁলোকে এনে লোৰ প্ৰাচীৰ বনাব , যাক যুৱশক্তিয়ে মূচৰি খণ্ড খণ্ড কৰিব নোৱাৰিব । ষ্টীল কংক্রিটৰ এনে দূর্গ গথাঁ হোৱা নাই যি এই অনিৰুদ্ধ শক্তিৰ গতি ৰোধ কৰিব পাৰিব । কবি নিশ্চিত যে দুর্যোগে ৰুদ্রমুৰ্ত্তি বা তাণ্ডৰ মুৰ্ত্তি ধৰি আহিলেও এই শক্তিৰ পথ ৰুধিব নোৱাৰে । শাওণ মাহ বিজুলী ঢেকেনিৰ মাজতো প্রশস্ত হৈ থাকিব পথ । যুগে যুগে জ্যোতিৰে প্ৰকাশমান হৈ থাকিব । কবিয়ে এই শক্তিক আহ্বান জনাইছে যে তোমাৰ বাবে পক্ষীৰাজ ঘোঁৰা উন্মাদ হৈ ৰৈ আছে ।
অগ্নিগড়ত বন্দী উষাই সপোন দেখিছে , চিত্রলেখাই আকাশত মায়া স্ৰজিছে , গতিকে এয়েই সময় ৷ এই সময়তে যাত্ৰা আৰম্ভ কৰিব লাগিব । কঠোৰ ভাবে নামিব লাগিব সংগ্ৰামত আৰু শত্ৰুৰ ৰক্তেৰে ৰঞ্জিন কৰিব লাগিব হাত ।
কবিয়ে শেষ আহ্বান জনাইছে যে আজি কঠোৰ বক্ষ ভেদি কুঁহিপাত ফুলাৰ গোপন ভাবনা মনত থাকিব লাগিব । নিৰস হৈ পৰা পৰিবেশৰ মাজতে ৰঙা ৰঙৰ ফুল ফুলাবৰ বাবে তীব্র জাগৰণ হ’ব লাগিব ৷ নিদ্রিত অৱসন্ন অতীতক জগাই তুলিবৰ বাবে এক শক্তি মন্ত্ৰময় প্ৰাণৰ পৰশ লাগিব । এই পৰশৰ সন্মোহনতে সকলো জাগি উঠিব , সকলো পিনে সার্থকতা আহিব , বিকাশ হ’ব ওঠৰ সমুখতে চুম্বন উন্মুখ হৈ প্রিয়তমাই ধৰা দিবহি । কবিৰ মূল বক্তব্য ইমানেই যে যৌৱনৰ উদ্দাম শক্তিৰে আমি এই সঠিক সময়ত জাগি উঠিব পাৰিলে নিশ্চিত ভাৱেই আমাৰ সমুখত সুদিন উপস্থিত হ’ব ।
৩। পছোৱাৰ আগমনত প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা দাঙি ধৰা ।
উত্তৰঃ পছোৱা হ’ল পশ্চিমৰ পৰা পুবলৈ মৰা বেগী বতাহ । এই বতাহ বলিলে প্রকৃতি জগতত এক উত্তাল অৱস্থাৰ সৃষ্টি হয় । পছোৱাই প্ৰকৃতিলৈ কোনো স্থায়ী পৰিবর্তন নানে । কেতিয়াবা এই বতাহত গতি ইমানেই প্রমত্ত , দুৰ্বাৰ হয় যে প্রকৃতিৰ গছ লতা মহটিয়াই যায় । পাঠ্যপুথিত সন্নিবিষ্ট কবিতাটিত কিন্তু পছোৱাই প্ৰকৃতিত ঘটোৱা কোনো পৰিবৰ্তন বা প্রতিক্ৰিয়াৰ পোনপটীয়া বর্ণনা নাই । তথাপি ৰঙা পাত , পাহি উৰুৱাই দুৰ্বাৰ গতিত পছোৱা অহাৰ কথা কবিতাটিত উল্লেখিত হৈছে ।
সাধাৰণতে দুৰ্বাৰ পছোৱাই গছৰ পাত সৰুৱাই লঠঙা কৰে । তলসৰি ভৰি পৰে শুকান ডাল পাত ৷ বিভিন্ন গছ ফুল আদিৰ বীজ , ৰেণু বোৰক উৰুৱাই লৈ ফুৰে । সিহঁতক গজি উঠাৰ ঠাই দিয়ে ৷ এঠাইৰ পৰা আন এঠাইলৈ পাত ফুলবোৰ উৰুৱাই নিয়ে ৷ নৈ – বিল খাল আদিৰ পানীকো অস্থিৰ কৰি তোলে । এইদৰে পছোৱাই প্ৰকৃতিৰ জগতত এক ৰূপান্তৰৰ স্বপ্ন জগাই তোলে । সেয়েই কবিয়ে শেষত কুঁহিপাত ফুটি উঠিবৰ গোপন উন্মেষৰ কথা কৈছে ।
৪। ব্যাখ্যা কৰাঃ
( ক ) “ লাগে এটি শক্তি মন্ত্রময়
কেন্দ্ৰীভূত প্ৰাণৰ পৰশ ,
সম্মোহন লীলাময় আনন্দ উজান
ইঙ্গিত সৰস । ”
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্য পুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলনত সন্নিবিষ্ট প্রসন্নলাল চৌধুৰীদেৱৰ ‘ পছোৱাৰ ডাক ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
কবিতাটিত কবিয়ে যুৱ শক্তিক ভীষণ ৰূপত জাগি উঠাৰ আহ্বান জনাইছে আৰু সেই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ।
‘ পছোৱাৰ ডাক ’ কবিতাটিত তেখেতে দেখুৱাইছে যে পছোৱাই এই সংবাদ দিছে যে দুর্দমনীয়ভাৱে জাগি উঠা এই যৌৱন শক্তিক কোনেও প্রতিহত কৰিব নোৱাৰে । কাৰাগাৰৰ অন্ধ কোঠাৰ ভিতৰতেই আত্মাৰ দীপ্ত জাগৰণ আৰম্ভ হ’ব আৰু সেই শক্তিয়ে সকলো প্ৰাচীৰ ভাঙি আগুৱাই যাব । এয়াই উপযুক্ত সময় । এই সময়ৰ আহ্বান গ্ৰহণ কৰি দুৰন্ত ৰূপত আগুৱাই যোৱাহে কথা । সেই প্ৰসংগতে কবিয়ে কৈছে যে এই জাগৰণৰ বাবে এক মন্ত্রময় শক্তি লাগিব । অর্থাৎ প্ৰাণতৰক পণ লাগিব যি মন্ত্র শক্তিৰ দৰে প্ৰেৰণা দিব আৰু লাগিব এক কেন্দ্ৰীভূত প্ৰাণৰ পৰশ ।
অর্থাৎ বিশৃংখল হলে নহ’ব । সকলো সন্মিলিত হ’ব লাগিব আৰু এক কেন্দ্ৰীভূত সত্বাৰ চৌপাশে সমবেত হৈ আগুৱাব লাগিব । তেতিয়াহে সার্থকতা আহিব । মানুহে বিকাশৰ মুখ দেখা পাব আৰু ওঁঠৰ আগত চুম্বনোদ্যত প্রিয়তমা ফুলি উঠিব ।
| Sl. No. | Contents |
| Chapter 1 | প্ৰহ্লাদ চৰিত্ৰ |
| Chapter 2 | শিৱৰ কৃষি কর্ম |
| Chapter 3 | প্রিয়তমাৰ চিঠি |
| Chapter 4 | পানেশৈ |
| Chapter 5 | পছোৱাৰ ডাক |
| Chapter 6 | চামুৰাই |
| Chapter 7 | শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত |
| Chapter 8 | ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা |
| Chapter 9 | অঙ্কীয়া নাটৰ ৰস বিচাৰ |
| Chapter 10 | টিকেন্দ্রজিৎ |
| Chapter 11 | যীশুখৃষ্টৰ ছবি |
| Chapter 12 | ভ্ৰষ্টলগ্ন |
| Chapter 13 | কবিতা |
| Chapter 14 | নাটক |
| Chapter 15 | অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় |
| Chapter 16 | ছন্দ |
৫। কোন চনত প্ৰসন্ন লাল চৌধুৰীৰ জন্ম হৈছিল ?
উত্তৰঃ ইংৰাজী ১৮৯৮ চনত ।
৬। প্রসন্নলাল চৌধুৰীৰ কাব্যগ্রন্থ দুখনৰ নাম লিখা।
উত্তৰঃ অগ্নিমন্ত্ৰ আৰু চানেকি কবিতা ।
৭। অসমীয়া সাহিত্য জগতত কোনজন কবি ‘ বিদ্রোহী কবি ’ নামেৰে পৰিচিত ?
উত্তৰঃ প্ৰসন্নলাল চৌধুৰী ।
৮। শব্দ শব্দাৰ্থ লিখা ।
উত্তৰঃ
| শব্দ | অৰ্থ |
| পছোৱা | পশ্চিমৰ পৰা পুবলৈ বলা বেগী বতাহ |
| ৰক্তপত্র | ৰঙা পাত |
| প্রমত্ত | অতিশয় উত্তেজিত |
| দল | গছৰ পাত , ফুলৰ পাহি |
| দুৰ্বাৰ | বাধা দি ৰাখিব নোৱাৰা |
| তমোৰাশি | আন্ধাৰবোৰ |
| ব্যোম | আকাশ |
| দ্রাক্ষা | আঙ্গুৰ জাতীয় ফল |

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



Short question answer Assamese midium