Class 11 Advance Assamese Chapter 1 প্ৰহ্লাদ চৰিত্ৰ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 Advance Assamese Chapter 1 প্ৰহ্লাদ চৰিত্ৰ notes and select needs one.
Class 11 Advance Assamese Chapter 1 প্ৰহ্লাদ চৰিত্ৰ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. Class 11 Advance Assamese Question Answer Chapter 1 are part of AHSEC All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 1 প্ৰহ্লাদ চৰিত্ৰ Solutions for All Subject, You can practice these here.
প্ৰহ্লাদ চৰিত্ৰ
Chapter – 1
প্ৰথম গোট
চমু প্ৰশ্ন
১। কবি হেম সৰস্বতীৰ এটি পৰিচয় দিয়া ৷
উত্তৰঃ কবি হেম সৰস্বতী ‘ প্রহ্লাদ চৰিত্ৰ ’ নামৰ এখন সৰু পুথিৰ বাবেই বিখ্যাত । অৱশ্যে পিছত তেওঁৰ নাম থকা হৰগৌৰী সংবাদ নামৰ পুথি এখনো পোৱা হৈছে । কিন্তু ‘ প্রহ্লাদ চৰিত্ৰ ’ পুথিখনি যিহেতু প্রাক শঙ্কৰী যুগৰ বৈষ্ণৱ প্ৰভাৱ থকা পুথি সেই ফালৰ পৰাহে তেওঁক বিশেষ গুৰুত্ব দিয়া হৈছে ।
‘ প্রহ্লাদ চৰিত্ৰত তেওঁ নিজেই লিখিছে—
| কমতা মণ্ডল | দুর্লভ নাৰায়ণ | নৃপবৰ অনুপাম। |
| তাহান ৰাজ্যত | ৰুদ্ৰ সৰস্বতী | দেৱযানী কন্যা নাম। |
| তাহান নয়ন | হেম সৰস্বতী | ধ্ৰুৱৰ অনুজ ভাই। |
| পদবন্ধে তোহো | প্ৰচাৰ কৰিলা | বামন পুৰাণ চাই।। |
যিয়েই নহওক কমতা ৰজা দুর্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত থকা কবিসকলৰ এগৰাকী অন্যতম কবি হ’ল হেম সৰস্বতী । তেখেতক সাহিত্যৰ বুৰঞ্জীত প্রাক – শঙ্কৰী যুগত স্থাপন কৰা হৈছে ৷
২। ‘ প্রহ্লাদ চৰিত্ৰ ’ কবিতাংশত হৰিৰ প্ৰতি প্ৰহ্লাদে কেনেদৰে ভক্তি প্ৰকাশ কৰিছে লিখা ।
উত্তৰঃ ‘ প্ৰহ্লাদ চৰিত্ৰ ’ নামৰ আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট কবিতাংশটি হেম সৰস্বতীৰ ‘ প্ৰহ্লাদ চৰিত্ৰ ’ নামৰ পুথিখনৰ পৰা লোৱা হৈছে । কবিতাংশটি পাঠ্যপুথিত যিদৰে আৰম্ভ কৰা হৈছে তালৈ চাই বুজিব পাৰি যে প্ৰহ্লাদক ইয়াৰ আগতে হৰিক নিন্দা কৰিবলৈ বা মাধৱক গালি পাৰিবলৈ কোৱা হৈছে । সেই কথাত আপত্তি জনাই প্ৰহ্লাদে হৰিক স্মৰণ কৰিছে আৰু কৈছে যে মাধৱেই তেওঁৰ পিতা – মাতা আৰু মাধৱেই তেওঁৰ প্ৰাণ , তেওঁৰ একমাত্র বন্ধু ৷ গতিকে সেই মাধৱক তেওঁ কোনোপধ্যেই গালি পাৰিব নোৱাৰে ।
প্রহ্লাদে কৈছে যে এই পৃথিৱীত য’ত পাহাৰ – পৰ্বত , নদ – নদী বা গছ – বিৰিখ আছে , য’ত দেৱতা আছে সকলোৰে মাজত হৰিয়ে আছে । তিনিও জগতৰ সৰ্বত্ৰতে ব্যাপ্ত হৈ আছে তেওঁ । এনেদৰে প্ৰহ্লাদে তেওঁৰ হৰিৰ প্ৰতি থকা একান্ত ভক্তি প্রকাশ কৰিছে ।
প্ৰহ্লাদৰ কথা শুনি বাপেক হিৰণ্যকশিপুৱে পুনৰাই গৰজি উঠিছে যে যদি সকলোতে ঈশ্বৰ আছে তেনেহ’লে সকলো সমান হব লাগিছিল । প্ৰহ্লাদে পুনৰ উত্তৰ দিছে যে নিৰ্মল দৃষ্টি থাকিলেহে হৰি দৰ্শন সম্ভৱ । কিন্তু সকলোতে ঈশ্বৰ থকা সত্বেও সকলো সমান নহয় এই বাবেই যে জীৱই নিজৰ কৰ্ম অনুসাৰে ফল ভোগ কৰে । ঈশ্বৰ আকাৰত বেলেগ কিন্তু বিচাৰত এক । লগতে প্রহ্লাদে স্ফটিকৰ স্তম্ভতো হৰি আছে বুলি নিষ্ঠাৰে ঘোষণা কৰিলে আৰু বাপেকক তাতেই হৰিক প্ৰত্যক্ষ কৰিবলৈ কলে ।
সামান্য আলাপৰ মাজতেই প্ৰহ্লাদৰ কথা আৰু কাৰ্যত হৰিৰ প্ৰতি থকা ভক্তি , অটল বিশ্বাসৰ কথা প্রকাশ পাইছে । তেওঁ সম্পূর্ণ কায় – মনো – বাক্যে হৰিৰ আৰাধনা কৰিছে । হৰিক তেওঁ সকলো বস্তুৰ মাজতে প্রত্যক্ষ কৰিছে । তিনিও জগতৰ সকলো সম্পদৰ মাজতে হৰিক প্রত্যক্ষ কৰিব পৰা অৱস্থা প্রাপ্ত মানেই বুজিব পাৰি যে প্ৰহ্লাদৰ হৰি ভক্তিৰ নমুনা কিমান গভীৰ । সেয়েহে প্ৰহ্লাদৰ এই হৰিভক্তি আজিও ভক্ত সমাজৰ পাথেয় হৈ আছে ।
৩। হিৰণ্যকশিপু কেনেদৰে নিধন হ’ল লিখা ।
উত্তৰঃ প্ৰহ্লাদে পিতৃ হিৰণ্যশিপুক কলে যে হৰি সৰ্বত্ৰতে বিদ্যমান , কিন্তু দৃষ্টি নিৰ্মল হ’লেহে ঈশ্বৰক দৰ্শন কৰা সম্ভৱ । তেওঁ এইটোও জনালে যে যদিও তেওঁৰ পিতৃয়ে হৰিক দেখিবলৈ পোৱা নাই , তেওঁ কিন্তু সকলোতে ঈশ্বৰক দেখি আছে । লগতে তেওঁ সন্মুখত থকা স্ফটিকৰ স্তম্ভটোত হৰিক প্ৰত্যক্ষ কৰিবৰ বাবে পিতাকক অনুৰোধ জনালে ।
খঙত একে নাই যেন হৈ হিৰণ্যকশিপুৱে স্ফটিকৰ স্তম্ভত প্ৰহাৰ কৰিবলৈ ধৰিলে আৰু স্তম্ভটো চিৰাচিৰ হোৱাৰ উপক্ৰম হ’ল । স্তম্ভটো ফাটি চিৰাচিৰ হোৱাৰ আগতেই প্রচণ্ডভাৱে স্তম্ভটো কঁপিবলৈ ধৰিলে আৰু ফাটি চিৰাচিৰ হোৱাৰ লগে লগে তাৰ পৰা ওলাই আহিল নৰসিংহৰূপী নাৰায়ণ । নৰসিংহই গৰ্জন কৰি হিৰণ্যকশিপুৰ ফালে চোচা ললে আৰু হিৰণ্যকশিপুৱেও নাৰায়ণক গবামাৰি ধৰিলে ৷ দুয়োজনৰ পদ চালনাত পৃথিৱী কঁপিবলৈ ধৰিলে । তেওঁলোকৰ বিকট চিঞৰত স্বৰ্গ মর্ত – পাতালত ত্ৰাসৰ সৃষ্টি হ’ল । জল , স্থল , পাহাৰ , পৰ্বত সকলো মোহাৰি মুচৰি একাকাৰ কৰিবলৈ ধৰিলে ৷ মাজতে হিৰণ্যই ছেগ চাই নৰসিংহক ওপৰলৈ দলিয়াই দিলে । ওপৰৰ পৰা মাটিত পৰি নৰসিংহ অচেতন হৈ পৰিল ।
নৰসিংহৰ এনে অৱস্থা দেখি অসুৰসকলে জয়ধ্বনি কৰিবলৈ ধৰিলে । লগতে পতংগই অগ্নিক স্পৰ্শ কৰিবলৈ সাহস কৰা বুলি তাচ্ছিল্যও কৰিলে।দৈত্যসকলে তেওঁলোকৰ ৰজাৰ লগত যুদ্ধ কৰিবলৈ সাহস কৰা এই নৰসিংহক তৎকালে বধ কৰিবৰ বাবে হিৰণ্যকশিপুক আহ্বান জনালে।দৈত্যসকলৰ আহ্বান শুনি হিৰণ্যকশিপুৱে গর্জি উঠিল আৰু ধৰ – ধৰ , মাৰ – মাৰ কৰি সকলোৱে খেদি গ’ল ।
ইতিমধ্যে নৰসিংহৰূপী নাৰায়ণে চেতনা লাভ কৰিলে আৰু এক জাপ মাৰি হিৰণ্যকশিপুক জব্দ কৰি ধৰিলে । তৎকালে তেওঁ হিৰণ্যকশিপুক চিৎ কৰি পেলাই ললে । ইতিমধ্যে দিন পাৰ হৈ সাঁজ লাগিবৰ হ’ল । হিৰণ্যকশিপুৰ মৃত্যু সম্পৰ্কত থকা সকলো বাধা আঁতৰি গ’ল । কাৰণ হিৰণ্যকশিপুৱে এনে বৰ লাভ কৰিছিল যে – দিনত কিম্বা ৰাত্ৰি , পৃথিৱীত কিম্বা আকাশত অস্ত্ৰে কিম্বা শস্ত্রে , ভিতৰত কিবা চোতালত , জলত কিম্বা স্থলত তেওঁক কোনোও বধ কৰিব নোৱাৰিব । সেই হিচাপে নৰসিংহই প্রথম সুযোগটো লাভ কৰিছিল যে তেতিয়া দিনো নহয় ৰাতিও নহয় ৷ কালসন্ধ্যাৰ সুযোগ লৈ নৰসিংহই হিৰণ্যকশিপুক চোঁচোৰাই নি পানী – পোতাৰ ওচৰ পোৱালেগৈ । ভিতৰতো নহয় , চোতালতো নহয় এনে এক স্থান পোৱাৰ পিছত নৰসিংহই হিৰণ্যকশিপুক জল স্থল একেৱেই স্পৰ্শ কৰিব নোৱাৰাকৈ পৃথিৱীত বা আকাশত নাৰাখি নিজৰ উৰৰ ওপৰত উঠাই ললে । এইবাৰ অস্ত্র শস্ত্র একে ব্যৱহাৰ নকৰাকৈ নখেৰে চিৰি হিৰণ্যকশিপুৰ হৃদয় চিৰাচিৰ কৰিলে আৰু এনেকৈয়ে নৰসিংহৰূপী নাৰায়ণে হিৰণ্যকশিপুক বধ কৰিলে ।
| Sl. No. | Contents |
| Chapter 1 | প্ৰহ্লাদ চৰিত্ৰ |
| Chapter 2 | শিৱৰ কৃষি কর্ম |
| Chapter 3 | প্রিয়তমাৰ চিঠি |
| Chapter 4 | পানেশৈ |
| Chapter 5 | পছোৱাৰ ডাক |
| Chapter 6 | চামুৰাই |
| Chapter 7 | শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত |
| Chapter 8 | ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা |
| Chapter 9 | অঙ্কীয়া নাটৰ ৰস বিচাৰ |
| Chapter 10 | টিকেন্দ্রজিৎ |
| Chapter 11 | যীশুখৃষ্টৰ ছবি |
| Chapter 12 | ভ্ৰষ্টলগ্ন |
| Chapter 13 | কবিতা |
| Chapter 14 | নাটক |
| Chapter 15 | অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় |
| Chapter 16 | ছন্দ |
৪। প্ৰসংগ সংগতি দর্শাহ ব্যাখ্যা কৰা –
( ক ) মাধবেসে পিতা মাতা মাধবেসে প্রাণ ।
মাধৱত পৰে কোন বন্ধু আছে আন ।।
উত্তৰঃ উল্লেখিত কবিতাফাঁকি হেম সৰস্বতী ৰচিত ‘ প্রহ্লাদ চৰিত্ৰ’ৰ পৰা লোৱা হৈছে ।
আমাৰ পাঠ্যপুথি ‘ অসমীয়া উচ্চতৰ সাহিত্য সংকলন’ত হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰৰ এটি অংশ তুলি দিয়া হৈছে ।
প্ৰহ্লাদ আছিল কৃষ্ণৰ পৰম ভক্ত । দৈত্যকুলত জন্মি হৰিৰ প্ৰতি এনে ভক্তিবান হৈ পৰাত পিতৃ হিৰণ্যকশিপু অত্যন্ত চিত্তিত হৈ পৰিল আৰু প্ৰহ্লাদৰ মুখৰ পৰা হৰিৰ নাম আঁতৰাবৰ বাবে তেওঁক অকথ্য অত্যাচাৰ কৰিবলৈ ধৰিলে । মাধৱক অতি নিকৃষ্টভাৱে গালি পাৰিবলৈ প্ৰহহ্লাদক নির্দেশ দিলে ৷ মাধৱৰ প্ৰতি এনে নিন্দাবানী উচ্চাৰণ কৰিবলৈ কোৱাত প্ৰহ্লাদৰ অন্তৰত হোৱা প্রতিক্রিয়াকে উল্লেখিত কবিতা দুশাৰীত বর্ণনা কৰা হৈছে ।
হৰিক বা মাধৱক এনেদৰে গালি – শপনি পাৰিবলৈ কোৱাত প্ৰহ্লাদে অস্তৰত অতি কষ্ট পাইছে আৰু কৈছে যে মাধৱেই তেওঁৰ পিতৃ মাতৃ আৰু মাধৱেই তেওঁৰ প্ৰাণ । মাধৱৰ বাদে এই জগতত আৰু আন কোন বন্ধু আছে ? জল , স্থল , গিৰি – বন , জীৱ – জন্তু সকলোতে নাৰায়ণ বিদ্যমান । এই ত্ৰিভূৱনত প্ৰতিটো বস্তুৰ মাজতে তেওঁ অব্যক্ত ৰূপত স্থিতিমান হৈ আছে । গতিকে তেওঁ তেনে ভগবন্তৰ প্ৰতি নিন্দাবাণী উচ্চাৰণ কৰিব কেনেকৈ !
( খ ) লৱঙ্গ মালতী সুগন্ধিত পুষ্প যত ।
হৰিৰ শিৰত বৃষ্টি কৰে অসংখ্যাত ।।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলনত সন্নিবিষ্ট হেম সৰস্বতীৰ ‘ প্ৰহ্লাদ চৰিত্ৰ ‘ শীর্ষক কবিতাংশৰ পৰা লোৱা হৈছে ।
দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ আছিল হৰিৰ একান্ত ভক্ত । দৈত্যৰাজে তেওঁক হৰি বিৰোধী কৰিবৰ বাবে নানা যাতনা দিয়াৰ পাছতো সৈমান কৰাব নোৱাৰিলে । তাৰ বিপৰীতে মাত্ৰ প্রহ্লাদে কলে যে যিজন হৰিক ত্ৰিভূৱনৰ প্ৰতিটো বস্তুতে প্রত্যক্ষ কৰিব পাৰি , যিজন জগতৰ একমাত্র বন্ধু আৰু পিতা মাতা সেইজনক তেওঁ কোনোপধ্যেই নিন্দা কৰিব নোৱাৰে । হিৰণ্যকশিপুৱে গৰজি উঠিল যে তেওঁ সেই হৰিক কিয় নেদেখে । প্রহ্লাদে ক’লে যে – দৃষ্টি নিৰ্মল হ’লেহে হৰিক প্ৰত্যক্ষ কৰিব পাৰি । তুমি এই স্ফটিকৰ স্তম্ভটো হৰিক প্ৰত্যক্ষ কৰিব পাৰিবা ।
খঙত ৰুদ্ৰ মুৰ্ত্তি ধৰি হিৰণ্যকশিপুৱে স্ফটিকৰ স্তম্ভ প্ৰহাৰ কৰিবলৈ ধৰিলে।প্রচণ্ড গৰ্জন কৰি ভিতৰৰ পৰা নৰসিংহৰূপী নাৰায়ণ ওলাই আহিল । দুয়োটাৰ যুদ্ধৰ শেষত নৰসিংহই হিৰণ্যকশিপুক নিজৰ উৰুৰ ওপৰত উঠাই লৈ সন্ধ্যা সময়ত নখেৰে চিৰি বধ কৰিলে ।হিৰণ্যকশিপুৰ বৰ আছিল যে তেওঁক জল – স্থল , বাহিৰ – ভিতৰ , পৃথিৱী – আকাশ , মনুষ্য – দেৱতা , দিন – ৰাতি , অস্ত্রে -শস্ত্ৰে বধ কৰিব নোৱাৰিব ৷ সেয়েহে নৰসিংহৰূপী নাৰায়ণে সন্ধ্যা বেলাৰ সুযোগ লৈ পানী পোতালৈ চোঁচোৰাই নি আঠুৰ ওপৰত উঠাই লৈ নখেৰে চিৰি হিৰণ্যকশিপুক বধ কৰিলে ৷ নাৰায়ণৰ এই কাৰ্য্যত দেৱতা সকলো পৰম সন্তুষ্ট হ’ল আৰু তেওলোকে আকাশৰ পৰা লৱঙ্গ মালতী আদি সুগন্ধিত পুষ্প বৰ্ষণ কৰি ভগবানক অভিবাদন জনালে ।
৫। হেম সৰস্বতী কোন যুগৰ কবি ?
উত্তৰঃ প্ৰাক্ – শঙ্কৰী যুগৰ কবি ।
৬। হিৰণ্যকশিপুৰক কোনে বধ কৰিছিল ?
উত্তৰঃ নৰসিংহৰূপী বিষ্ণুয়ে ।
৭। শব্দাৰ্থক শব্দ লিখা ।
উত্তৰঃ
| শব্দ | অৰ্থ |
| সৰে | স্মৰণ কৰা |
| গজ | হাতী |
| বেকত | প্রকাশ |
| ভূজ | সর্প |
| মলচখু | বেয়া বা লেতেৰা দৃষ্টি |
| বদতি | কোৱা ( কথা কোৱা ) |
| তৰাস | ত্রাস – ভয় |
| ফটিক | বগা বহুমূলীয়া পাথৰ |
| খেপিয়া অর্থ | ক্ষেপন কৰা,দলিয়াই দিয়া |

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



Thank u.
Nice bro
I’m very interested for all the questions answer..
And it is helpful for me….
Thnk uhhh so muchhhhhh
Yes