Class 11 Advance Assamese Chapter 11 যীশুখৃষ্টৰ ছবি

Class 11 Advance Assamese Chapter 11 যীশুখৃষ্টৰ ছবি Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 11 যীশুখৃষ্টৰ ছবি notes and select needs one.

Join Telegram channel

Class 11 Advance Assamese Chapter 11 যীশুখৃষ্টৰ ছবি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 11 যীশুখৃষ্টৰ ছবি Solutions for All Subject, You can practice these here

যীশুখৃষ্টৰ ছবি – চৈয়দ আব্দুল মালিক

Chapter – 11

চতুর্থ গোট

চমু প্ৰশ্ন

১। গল্পকাৰ চৈয়দ আব্দুল মালিকৰ এটি চমু পৰিচয় দিয়া ৷ 

উত্তৰঃ ১৯১৯ চনৰ ১৬ জানুৱাৰীত গোলাঘাট জিলাৰ দেৰগাৱঁৰ ওচৰৰ নাহৰণিত চৈয়দ স্বাব্দুল মালিকৰ জন্ম হয় । প্রবেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ উচ্চ শিক্ষা লাভার্থে কটন কলেজত পঢ়াশুনা কৰে । ইংৰাজী বিষয়ত অনাৰ্ছসহ বি . এ . পাছ কৰাৰ পিছত মালিকদেৱে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াশুনা কৰি স্নাতকোত্তৰ ডিগ্রী লাভ কৰে । গোলাঘাটত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল যদিও পিছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু সেই বিভাগৰে মূৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে ৷  

১৯৭৭ চনত অসম সাহিত্য সভাৰ চতুশ্চত্বাৰিংশ অভয়াপুৰী অধিবেশনত সভাপতিৰ পদ অলংকৃত কৰা মালিক ডাঙৰীয়াই ভাৰত চৰকাৰৰ পদ্মশ্ৰী , পদ্মভূষণ আদি বঁটাও লাভ কৰে আৰু অসম চৰকাৰেও তেখেতক শংকৰদেৱ বঁটাৰে সন্মানিত কৰে ৷ 

মালিকদেৱে সাহিত্যৰ এটি মেট মৰা ভাণ্ডাৰ আমাক দি থৈ গৈছে । তেখেত একেধাৰে কবি , উপন্যাসিক , গল্পকাৰ , গীতিকাৰ , নাট্যকাৰ , অনুবাদক আৰু প্ৰবন্ধকাৰ । তেখেতৰ প্ৰকাশিত উপন্যাস সাতষষ্ঠিখন , সূৰ্যমুখীৰ স্বপ্ন , অঘৰী আত্মাৰ কাহিনী , ড° অৰুনঙৰ অসম্পূর্ণ জীৱনী, বিপাবৰীৰ পলস , ইত্যাদি তেখেতৰ উল্লেখনীয় উপন্যাস । অসমীয়া উপন্যাস আৰু চুটি গল্পৰ ক্ষেত্ৰত মালিকে এখন বিশিষ্ট আসন অধিকাৰ কৰি আছে । ২০০০ চনৰ ১৯ ডিচেম্বৰত তেখেতে ইহলীলা সম্বৰণ কৰে।

২। ‘ যীশুখৃষ্টৰ ছবি ’ গল্পটোত মিলিটাৰা সম্পর্কে কেনে ধৰণৰ ধাৰণা প্ৰকাশ পাইছে ? 

উত্তৰঃ ‘ যীশুখৃষ্টৰ ছবি ’ গল্পটোত মিলিটাৰী সম্পৰ্কত প্রথমে এনে এক ধাৰণা দিবৰ যত্ন কৰা হৈছে যে মিলিটাৰীসকল সাধাৰণ মানুহৰ লেখীয়া নহয় ৷ যিমান পাৰি তেওঁলোকৰ পৰা আঁতৰত থকাই উচিত । 

গল্পটো আৰম্ভই হৈছে ভয়ৰ পৰা । “ মই ভয় কৰিছিলোঁ লুকুৱাই আৰু সিঁহতে ভয় কৰিছিল দেখুৱায় । “ প্ৰথম পুৰুষত লিখা গল্পটোত লেখকে খুপী আৰু ৰূপীক সাহস দিবলৈ কৈছে “ চিপাহী হ’ল কি হ’ল ! সিহঁতো আমাৰ নিচিনা মানুহহে । চিপাহী হ’ল বুলি সিঁহতে আমাক চোবাই খাবনে ? কিন্তু পিছমূহুৰ্ত্ততে কৈছে যে দাঁতেৰে চোবাই নাখালেও সিহঁতে ভৰিৰে গচকি যাব পাৰে আৰু বহু সময়ত গচকি যায় । সিঁহতে মাৰে কাটে যাকে তাকে উৎপাত কৰে , অত্যাচাৰ কৰে । ” 

মিলিটাৰীৰ লগত সাধাৰণতে মানুহৰ সংশ্ৰৱ নাথাকে । কেতিয়াবা কোনোবাই দুই এটা কথা পাতিলেও বেছিভাগ সময়তে সিহঁতে মাতবোল নকৰে আৰু মানুহেও সিহঁতৰ পৰা আঁতৰি ফুৰে । লেখকে নিজে সিঁহতৰ পৰা কোনো বিপৰীত ব্যৱহাৰ পোৱা নাই যদিও মানুহৰ পৰা পোৱা ধাৰণাৰ ভিত্তিত তেওঁ এই কথা উল্লেখ কৰিছে যে সিঁহতক বিশ্বাস কৰিব নোৱাৰি । মানুহৰ মাজত কোৱাকুই চলে যে অমুক ঠাইত এটা গোৰা চিপাহীয়ে এনে কৰিলে ৷ এনেবোৰ কথা বতৰাৰ পৰাও মিলিটাৰী বুলিলে মনত ভয়ৰ সঞ্চাৰ হোৱাই স্বাভাৱিক । 

গল্পটোৰ কোনো ঠাইতে পিছে প্রত্যক্ষভাৱে মিলিটাৰীয়ে কাৰো অন্যায় কৰাৰ কথা নাই । কিন্তু তেওঁলোকৰ সম্পৰ্কত থকা সাধাৰণ ধাৰণা এয়ে যে সিঁহত সাধাৰণ মানুহৰ লেখীয়া নহয় আৰু সিঁহতে যিকোনো সময়তে সাধাৰণ মানুহৰ অন্যায় কৰিব পাৰে । কিন্তু গল্পটোৰ মাজত পৰিস্কাৰ হৈ উঠা গোৰা চিপাহীজনৰ চৰিত্ৰই এনে ধাৰণা সদায় সঁচা নহয় বুলিহে প্ৰমাণ কৰে । তেওঁলোকো যে মানুহ , তেওঁলোকৰ অন্তৰতো যে মানৱীয় মমতাৰ একেই সোঁত প্রবাহিত হৈ থাকে তাকে গল্পটোৰ মাজেৰে প্ৰকাশ কৰা হৈছে ৷ 

৩। ‘ যীশুখৃষ্টৰ ছবি নহয় , যীশুখৃষ্টৰ ফটো’— কথাষাৰৰ আঁত ধৰি গল্পটোৰ মূল কথাখিনি লিখা । 

উত্তৰঃ ‘ যীশুখৃষ্টৰ ছবি নহয় , যীশুখৃষ্টৰ ফটো’— এই ব্যাক্যটিয়ে যীশুখৃষ্টৰ ছবি শীৰ্ষক গল্পটোৰ অন্তিম উপলব্ধিক প্রতিফলিত কৰিছে ।

গল্পটো আৰম্ভ হৈছে মিলিটাৰীৰ বৰ্ণনাৰে । প্ৰথমেই মিলিটাৰী সম্পৰ্কত এটা ধাৰণা দিয়া হৈছে যে মিলিটাৰীবোৰক বিশ্বাস কৰিব নোৱাৰি । সিঁহতে মানুহক ভৰিৰে গচকি যাব পাৰে । সিঁহতৰ দয়া মমতা নাই ইত্যাদি । 

যুদ্ধকালীন পৰিবেশত গোৰা চিপাহীবোৰে মানুহৰ গাওঁ ভূঁইবোৰৰ ওচৰে পাজৰে কেম্প পাতে যদিও সাধাৰণ মানুহৰ লগত সিঁহতৰ তেনেদৰে সংশ্রৱ নহয় । সিঁহতে মাজে মাজে অহা যোৱা কৰে , ভৰিত ভৰি মিলাই মাৰ্চ কৰে , কেতিয়াবা চিঞৰি চিঞৰি ইজনে সিজনে কথা পাতে ৷ মাজে মাজে সিঁহতৰ কোনোবাই ক’ৰবাত কিবা কৰা বুলিও শুনা যায় । গতিকে মানুহে সিঁহতক এৰাই চলা ভাল । 

প্রথম পুৰুষত লিখা গল্পটোত লেখকৰ বায়েকৰ ঘৰৰ পৰা দুশ গজ মান দূৰত তেনে এটি মিলিটাৰীৰ কেম্প । ইয়াতো মিলিটাৰীসকলৰ কাৰু কাৰ্য একে । লেখকে পৰাপক্ষত তেওঁলোকৰ পৰা আঁতৰি থাকে । তেওঁৰ মনতো ক’ব নোৱাৰাকৈয়ে তেওঁলোকৰ প্ৰতি এক ধৰণৰ ভয় নথকা নহয় । 

লেখকৰ ভিনিহিয়েক দাঁতৰ অপাৰেশ্যনৰ বাবে কলিকতালৈ যোৱাত তেওঁ বায়েকৰ ঘৰ ৰখীয়া হৈ আছেগৈ । দুজনী ভাগিনীয়েক খুপী আৰু ৰূপী । সিহঁতক তেওঁ অভয় দি থাকে যদিও নিজে মনে মনে ভয় খাই থাকে । লাহে লাহে তেওঁৰ ভয় ভাগিল আৰু সাহস বাঢ়িল । অইন বহুতকে দেখি তেওঁ নিজেও পদূলিমূৰত ৰৈ থাকি ভাগিনীয়েক দুজনীক চোতালত খেলাৰ সাহস দিব ধৰিলে । খেলাৰ মাজে মাজে মিলিটাৰীৰ কেম্পটোৰ ফালে ভয়ে ভয়ে চায় আৰু আকৌ খেলাত ধৰে । 

এবাৰ খুপীয়ে খেলা এৰি— তেওঁৰ কাষলৈ গৈ ফুচ ফুচাই কলেগৈ যে এজন চিপাহীয়ে তেওঁলোকৰ ফালে একেথৰে চাই থাকে । তেওঁ নিজেও চাই দেখিলে যে এজন গোৰা চিপাহীয়ে কেম্পৰ আগৰ ঘাঁহনিডৰাত কাঠ এডালৰ ওপৰত বহি ৰূপীহঁতৰ খেলা চাই আছে । তেওঁ সি এৰোপ্লেনহে চাই আছে বুলি ৰূপী খুপীহঁতক অভয় দিলে । বায়েকে গম পাই খেলিবলৈ মানাই কৰিলে । খুপীহঁতো খেলিবলৈ নোলাল । 

তেওঁ কথাটো মনে মনে ভালেই পালে যদিও গোৰাটোৰ কাৰ্যৰ প্ৰতি তেওঁৰ কৌতূহল বাঢ়িল । তেওঁ খিৰিকিৰ পৰ্দা আঁতৰাই চালে আৰু চিপাহীজনক আগৰ দৰেই খুপীহঁতে খেলা চোতালখনলৈ উদাসভাৱে চাই থকা দেখিলে । খুপীহঁত নোলাল যদিও তেওঁ তাতেই বহি তেনে দৰে চাই থাকিল ৷

চাৰিদিনমান পিছত খুপীহঁত আকৌ খেলিবলৈ ওলাল । কিন্তু সেইদিনা চিপাহীটোক দেখা নগ’ল । তাৰ মানে মিলিটাৰীৰ দলটো তাৰ পৰা ক’ৰবালৈ গ’ল । গতিকে খুপীহঁতেও মুকলিভাৱে খেলিবলৈ ললে । গোৰা চিপাহীটো নথকা বুলি শুনি বায়েকো আশ্বস্ব হ’ল । 

কিন্তু তিনিদিন মানৰ পিছতে দলটো ঘূৰি আহিল । কিন্তু গোৰা চিপাহীটো দেখা নগ’ল । কিন্তু অলপ পিছতে তেওঁ দেখিলে যে খুপীহঁতে নিচিন্ত মনে খেলি আছে আৰু গোৰাটোৱে সিঁহতৰ পিঠিৰ কাষতে কম্পাউণ্ডৰ বেৰখনত ধৰি সিহঁতৰ খেলা চাই আছে । এবাৰ ৰূপীৰ হাতৰ খেলা গুটিটো আঁতৰলৈ উফৰি গ’ল আৰু গুটিটো আনিবলৈ গৈ তাই গোৰাটোৰ আগতে ওলালগৈ ৷ ভয়তে তাই আই ঔ বুলি চিঞৰি উঠিল । খুপীয়েও একেদৰে চিঞৰি একে জাপেই ৰূপীক সাৱটি ধৰিলেগৈ । পৰিস্থিতি দেখি গোৰাজনেও “ বেবি বেবি হিয়েৰছ লজেঞ্চ ফৰ ইউ — ৱন্ট ৰাণ — ” বুলি চিঞৰিলে । ৰূপীহঁত কঁপি কঁপি ভিতৰ সোমালহি । চিপাহীজনে অপৰাধীৰ দৰে হাত মেলি জপনাখন খুলি চোতাল পালেহি । তেওঁ লজেঞ্ছ দেখুৱাই সিহঁতক বুজাব বিচাৰিলে । 

লেখকে স্কুলীয়া দিনৰ মেনাৰ্ছৰ কথালৈ মনত পেলাই চিপাহীজনক আবেলিৰ অভিনন্দন জনাই ভিতৰলৈ মাতি বহিবলৈ দিলে । বহুত প্ৰচেষ্টাৰ পিছত সি ৰূপী আৰু খুপীক কোলালৈ নিলে । লজেঞ্ছ দিলে । লাহে লাহে ৰূপীহঁতৰো ভয় ভাগিল । চিপাহীটোৱে সিহঁতক হেঁপাহ পলুৱাই মৰম কৰিলে । মাজতে ৰেডি অত লণ্ডনৰ বাতৰি দিলে । চিপাহীজনৰ অপেক্ষাৰ শেষ নাই । তেওঁক যেন আৰু বাতৰি লাগে । 

বহুপৰৰ পাছত চিপাহীজনে জনালে যে তেওঁৰো দুজনী ছোৱালী আছে- ইলিনা আৰু ডেইজী । দ্বিতীয় মহাসমৰৰ পিছতে তেওঁৰ বিয়া হৈছিল । তেওঁ আশা কৰিছিল যে তেওঁৰ যিহেতু অলপ বয়স হৈছে গতিকে তেওঁক যুদ্ধলৈ নপঠাব । কিন্তু যুদ্ধই একো নামানিলে । তেওঁ ঘৰত থকাৰ সময়ত ইলিনা আৰু ডেউজীয়েও তেওঁৰ ঘৰৰ আগফালৰ ঘাঁহনিডৰাত একেদৰে খেলিছিল । কৰুণতাত কাতৰ মাতটোৰে তেওঁ কথাবোৰ কলে । কথাৰ মাজে মাজে ৰূপী আৰু থুপীক প্রাণভৰি মৰম কৰিলে । তেওঁ ক’লে যে সিহঁত দুজনীক দেখি তেওঁৰ ঘৰলৈ মনত পৰে । এনেকুৱা ছোৱালী দেখিলেই তেওঁৰ বুকুৰ কান্দোন আৰম্ভ হয় । তেওঁ দুখ প্রকাশ কৰিলে যে কোনেওটো তেওঁক ‘ ডেডি ’ বুলি নামাতে । 

বাকী থকা আঠটা দিনৰ প্রত্যেক দিনেই চিপাহীজনে এমুঠি লজেঞ্ছ আনি ৰূপীহঁতক দিয়েহি আৰু সিঁহতক মৰম কৰে ৷ যিদিনা সিহঁতে কেম্প এৰি গ’ল সেইদিনা ৰূপী থুপীহঁতৰো চকুবোৰ চলচলীয়া হ’ল । তেওঁ গ’ললৈ । যাবৰ সময়ত দি গ’ল এখন ছবি । ছবিখনত তেওঁ আৰু তেওঁৰ ছোৱালী দুজনী । বাহিৰৰ ঘাঁহনিত উঠা ছবি । ছবিখন চাই থাকোতেই লেখকৰ বায়েকে সুধিলেহি যীশুখৃষ্টৰ ছবি নেকি ? লেখকে মাত্ৰ উত্তৰ দিলে নহয়, যীশুখৃষ্টৰ ছবি নহয় , যীশুখৃষ্টৰ ফটো । লেখকে মাত্র ভাবিলে যে গোৰাটো উভতি যোৱালৈ তেওঁৰ ছোৱালী দুজনী বৰ একোজনী হৈ পৰিবগৈ । তেওঁ বাৰু কেতিয়া উভতি ঘৰ ওলাবগৈ । 

গল্পটোত যীশুখৃষ্টৰ ছবি নামটোৰে মানুহৰ মাজত থকা চিৰন্তন অনুভূতিক প্ৰকাশ কৰা হৈছে । দেখুওৱা হৈছে যে ধর্ম বা জাত কুলে মানবীয় মমতাক ভেটা দি ৰাখিব নোৱাৰে । দেখাত কঠোৰ যেন লগা মিলিটাৰী এজনৰ হৃদয়তো থাকে একেই পিতৃত্বৰ মমতা । এই মানবীয় অনুভৱেই হ’ল গল্পটোৰ সাৰ কথা ৷ 

Sl. No.Contents
Chapter 1প্ৰহ্লাদ চৰিত্ৰ
Chapter 2শিৱৰ কৃষি কর্ম
Chapter 3প্রিয়তমাৰ চিঠি
Chapter 4পানেশৈ
Chapter 5পছোৱাৰ ডাক
Chapter 6চামুৰাই
Chapter 7শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত
Chapter 8ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা
Chapter 9অঙ্কীয়া নাটৰ ৰস বিচাৰ
Chapter 10টিকেন্দ্রজিৎ
Chapter 11যীশুখৃষ্টৰ ছবি
Chapter 12ভ্ৰষ্টলগ্ন
Chapter 13কবিতা
Chapter 14নাটক
Chapter 15অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়
Chapter 16ছন্দ

৪। যীশুখৃষ্টৰ ছবি গল্পটোত গোৰা চিপাহীজনৰ পিতৃ হৃদয়ৰ স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে আলোচনা কৰা । 

উত্তৰঃ “ যীশুখৃষ্টৰ ছবি ” গল্পটোত এজন গোৰা চিপাহীৰ পিতৃ হৃদয়ৰ মমতাক প্রতিফলিত কৰাৰ চেষ্টা কৰা হৈছে । 

গল্পটোৰ মূল চৰিত্ৰ দুজনী ছোৱালী খূপী আৰু ৰূপী । সিহঁতৰ দেউতাক দাঁতৰ অপাৰেশ্যন এটা কৰাবৰ বাবে কলিকতালৈ যোৱাত সিহঁত এই কেইদিন মামাহঁতৰ লগতে আছে বা খেলা ধুলা কৰিছে । 

কিছুদিন ধৰি খুপী – ৰূপীহঁতৰ ঘৰৰ পৰা দশ গজমান দূৰত মিলিটাৰীৰ কেম্প এটা বহিছে । মিলিটাৰীৰ কেম্প বহাত সকলোৰে ভয় । পৰাপক্ষত সকলো তেওঁলোকৰ পৰা আঁতৰি থাকে । ৰূপীহঁতে ভয়ে ভয়েহে চোতালত খেলিবলৈ ওলায় । এদিন চোতালত খেলি থাকোঁতে সিহঁতে দেখিলে যে এটা গোৰা চিপাহীয়ে কাঠ এডালৰ ওপৰত বহি সিহঁতলৈ অপলক দৃষ্টিৰে চাই থাকে । সিহঁতে ভয় খালে আৰু মাকক কথাটো কোৱাত খেল বন্ধ হ’ল । কিন্তু সিহঁতৰ মোমায়েকে দেখিলে যে গোৰা চিপাহীজনে সদায় আবেলি কাঠডালৰ ওপৰত বহি উকা চোতালখনলৈকে আকুলভাবে চাই থাকে । পিছে কেইদিনমান ধৰি সিহঁতৰ দলটো আন ঠাইলৈ যোৱাত সেই পৰ্বৰ সিমানতে ইতি পৰিল । থুপীহঁতেও মুকলি মনেৰে খেলিবলৈ ধৰিলে । 

কেইদিনমানৰ পিছত পিছে দলটো ঘূৰি আহিল । সেইদিনা চোতালত খুপী ৰূপীহঁতে খেলি থাকোঁতে চিপাহীজন ওচৰৰ চাপি আহি কম্পাউণ্ডৰ বেৰত ধৰি সিহঁতৰ খেলা চালেহি । এবাৰ ৰূপীৰ হাতৰ গুটিটো আঁতৰি যোৱাত তাই গৈ গোৰাজনৰ সন্মুখতে ওলালগৈ । ভয়তে চিঞৰি দিলে । খুপীয়েও চিঞৰিলে ৷ দুয়ো কঁপি কঁপি ঘৰৰ ভিতৰ পালেহি । অপ্রস্তুত হৈ চিপাহীজনো সোমাই আহিল ৷ তেওঁ বুজাবলৈ যত্ন কৰিলে যে তেওঁ সিহঁতক মৰমহে কৰিব বিচাৰে । তেওঁ সিহঁতক লজেঞ্ছ যাচিলে ৷ কাষলৈ মাতিলে আৰু এটা সময়ত সিহঁতৰ অন্তৰ জয় কৰি সিহঁতৰ কোলালৈ টানি আনিলে । 

পিছত তাত থকা বাকী আঠদিন সময়তো তেওঁ ৰূপী খুপীহঁতক তেনেকৈয়ে মৰম কৰিলে । যাবৰ দিনা তেওঁ নিজৰ জীয়েক দুজনীৰ সৈতে ঘাঁহনিত উঠা ফটো এখন দি সিঁহতৰ পৰা বিদায় ললে ৷ ৰূপীহঁতৰ মন বিষন্ন হ’ল । চকু চলচলীয়া হৈ পৰিল ৷ 

গল্পটোত কেইটামান চিত্ৰৰ মাজেৰে তেওঁৰ পিতৃ হৃদয়ৰ মমতা অতি সুন্দৰ ৰূপত ফুটি উঠিছে । এখন অচিনাকী ঠাইত অচিনাকী মানুহৰ মাজত তেওঁ নিজৰ ছোৱালী দুজনীৰ দৰে দুজনী ছোৱালী দেখিছে ৷ প্ৰাণ ভৰি মৰম কৰিবৰ মন গৈছে কিন্তু তেওঁ জানে যে মিলিটাৰীক মানুহে সহজভাবে নলয় । সেয়েহে তেওঁ আগবাঢ়িও আহিব পৰা নাই । কিন্তু তেওঁ মনতে বহুত আশা লৈ লজেঞ্ছ কেইটামানো কিনি থৈছে । 

পৰিস্থিতিত পৰি তেওঁ ঘৰলৈ অহাৰ পিছত সেই কথা ৰূপী খুপীহঁতক বুজাবলৈ অপ্ৰাণ চেষ্টা কৰিছে । এটা সময়ত তেওঁৰ পিতৃ স্নেহে সিহঁতৰ মন জয় কৰিছে । সিহঁত তেওঁৰ কোলাত উঠিছেগৈ , তেওঁ সিহঁতক প্ৰাণ ভৰি মৰম কৰিছে । 

সিহঁতক মৰম কৰি থাকোঁতেই তেওঁৰ নিজা ছোৱালী দুজনী ইলিনা আৰু ডেইজীলৈ মনত পৰিছে । “ মোৰো দুজনী ছোৱালী আছে , আছে নে নাই ক’ব নোৱাৰোঁ ” তেওঁ স্মৰণ কৰিছে নিজৰ ঘৰৰ পিছে চোতালত ইলিনা আৰু ডেইজীয়ে খেলি থকাৰ কথা , তেওঁ কৈছে যে যুদ্ধৰ পিছে তেওঁ যিমান দূৰ ঘূৰি ফুৰিছে সিমানেই তেওঁৰ মনটো সিহঁতক পাবলৈ আকুল হৈ উঠিছে । সেয়েহে তেওঁ এনেকুৱা ছোৱালী দেখিলে মৰম কৰে । কিন্তু কোনেও তেওঁক ‘ ডেডী ’ বুলি নামাতে । তেওঁৰ পিতৃহৃদয় ‘ ডেডি ’ বুলি মতা মৰমৰ মাত এষাৰ শুনিবৰ বাবে ব্যাকুল হৈ উঠিছে । ৰেডিঅ’টো বাজিলেই তেওঁ লণ্ডনৰ বাতৰিৰ বাবে কাণ থিয় কৰে । 

আটাইতকৈ ডাঙৰ কথা যে সেই অচিনাকী মিলিটাৰীজনে ৰূপী খুপীহঁতৰ শিশু হৃদয় জয় কৰিলে । সিহঁতক পিতৃত্বৰ স্নেহেৰে ভৰাই তুলিলে । তেওঁ যাবৰ সময়ত সিহঁতৰ মন বিষন্ন হৈ পৰিল ৷ চকু চলচলীয়া হ’ল । এইবোৰেই প্ৰমাণ কৰে যে তেওঁ এক চিৰন্তন পিতৃস্নেহৰ গৰাকী । তেওঁৰ চৰিত্ৰটিয়ে ৰবীন্দ্ৰনাথৰ কাবুলিৱালা গল্পৰ কাবুলিৱালা চৰিত্ৰটিলৈ মনত পেলায় । সেই গল্পতো ৰবীন্দ্ৰনাথে পিতৃত্বৰ মমতাৰ ছবিকে অংকণ কৰিছে ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising