Class 11 Advance Assamese Chapter 10 টিকেন্দ্রজিৎ

Class 11 Advance Assamese Chapter 10 টিকেন্দ্রজিৎ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 10 টিকেন্দ্রজিৎ notes and select needs one.

Class 11 Advance Assamese Chapter 10 টিকেন্দ্রজিৎ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Advance Assamese Question Answer Chapter 10 are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 10 টিকেন্দ্রজিৎ Solutions for All Subject, You can practice these here

টিকেন্দ্রজিৎ – অতুলচন্দ্ৰ হাজৰিকা

Chapter – 10

তৃতীয় গোট

চমু প্ৰশ্ন

১। বুৰঞ্জীমূলক নাটক কাক বোলে ? বুৰঞ্জীমূলক নাটক হিচাপে ‘ টিকেন্দ্ৰজিৎ ’ নাটখনিৰ এটি আলোচনা আগবঢ়োৱা । 

উত্তৰঃ ইতিহাস বা বুৰঞ্জীক পটভূমি হিচাপে লৈ ৰচনা কৰা নাটককে ঐতিহাসিক নাটক বা বুৰঞ্জীমূলক নাটক বোলা হয় । অতীত বুৰঞ্জীৰ লগত জড়িত ৰাজনৈতিক , সামাজিক জীৱনক কেন্দ্ৰ কৰি বুৰঞ্জীমূলক নাটকবোৰ সৃষ্টি হয় । বুৰঞ্জীমূলক নাটক জাতীয় জাগৰণৰ পৰিচায়ক । এনে নাটক ৰচনাৰ মূল প্ৰেৰণা হ’ল— স্বদেশ প্রীতি আৰু অতীতৰ প্রতি শ্রদ্ধাশীল মনোভাৱ । ইয়াৰ লগতে যুদ্ধবিগ্রহাদি , চিত্ৰ চমৎকাৰী ঘটনাই ঐতিহাসিক নাট ৰচনাৰ অতিৰিক্ত প্ৰেৰণা দান কৰে ৷ বুৰঞ্জীমূলক নাটসমূহ ইতিহাস কেন্দ্ৰিক হ’লেও ইয়াক ইতিহাসৰ পুনাৰাবৃত্তি বুলি অভিহিত কৰিব নোৱাৰি । ইয়াৰ নিজস্ব বৈশিষ্ট্য বা লক্ষণ কিছুমান পৰিলক্ষিত হয় । 

ইতিহাস আৰু বুৰঞ্জীমূলক বা ঐতিহাসিক নাটকৰ মাজত পাৰ্থক্য আছে । ইতিহাস অতীত ঘটনাৰ নিৰপেক্ষ বিচাৰক । কিন্তু ঐতিহাসিক নাটক অতীত ঘটনা আৰু মানৱ অভিব্যক্তিৰ কলাত্মক ৰূপ । ঐতিহাসিক ঘটনা মাত্র শুকান জকাহে , তাত কল্পনাৰ কলাত্মক অভিব্যক্তিৰ বহনেৰে অস্থি মাংস সংযোগ কৰিব পৰাতেই নাটকৰ সাৰ্থকতা নিৰ্ভৰ কৰে । নাট্যকাৰে ঐতিহাসিক ঘটনাক ইচ্ছানুসাৰে পৰিৱৰ্তন বা বিকৃত নকৰাকৈ ইতিহাসৰ অস্পষ্ট দিশবোৰ কল্পনাৰে স্পষ্ট কৰিব পাৰে । 

ঐতিহাসিক নাটকসমূহে ইতিহাসৰ একোটি বিশেষ যুগৰ সম্যক চিত্র প্রতিফলিত কৰে । ইয়াৰ বাবে কেৱল ৰাজনৈতিক ঘটনাৱলীয়ে যথেষ্ট নহয় ; সেই যুগৰ সামাজিক ৰূপো পার্শ্ব চিত্ৰৰূপে দাঙি ধৰিব পাৰিলেহে যুগৰ প্রকৃত প্রতিফলন হয় । কিন্তু ইয়াকে কৰোঁতে কল্পনাই যাতে যুগ সম্ভাৱনাক অতিক্ৰম কৰি নাযায় তালৈ লক্ষ্য ৰাখিব লাগিব । অর্থাৎ যি যুগত যেনেকুৱা ঘটনা , ব্যৱহাৰ , ৰীতি – নীতি আদৱ – কায়দা সম্ভৱ , সেইফালে দৃষ্টি ৰাখি ঘটনা চৰিত্ৰ , সাজ – পোচাক , ব্যৱহাৰ আৰু আদৱ – কায়দা প্ৰয়োগ কৰিব লাগে ৷ 

ঐতিহাসিক নাটক ৰচনা কৰোঁতে নাট্যকাৰে নাটকীয় স্বাৰ্থত কাহিনী আৰু চৰিত্ৰত কল্পনাৰ বহন দিয়া বাবে কেতিয়াবা উপঘটনা আৰু পাৰ্শ্ব চৰিত্ৰ সৃষ্টি হয় । কিন্তু এনে উপঘটনা আৰু পার্শ্ব চৰিত্ৰই যাতে মূল ঘটনা আৰু পাৰ্শ্বচৰিত্ৰক হেঁচা মাৰি ধৰিব নোৱাৰে তালৈ সচেতন থাকিব লাগে। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

ঐতিহাসিক নাটকৰ ভাষাশৈলী বা সংলাপো বৈশিষ্ট্যপূর্ণ । ঐতিহাসিক ঘটনা আৰু চৰিত্ৰ সম্পূৰ্ণ সত্য বা বাস্তৱ আৰু এনে বাস্তৱতাৰ ফালে দৃষ্টি ৰাখি ক’ব পাৰি গদ্যই ঐতিহাসিক নাটকৰ স্বাভাৱিক মাধ্যম । অৱশ্যে নাট্যকাৰৰ দৃষ্টিভংগী অনুসৰি কাব্যিক সংলাপো প্ৰয়োগ কৰিব পাৰি । তথাপি ঐতিহাসিক নাটকৰ বাবে এক প্ৰকাৰৰ উন্নীত গদ্য বা ওজস্বী গদ্য সংলাপে নাটকক গাম্ভীর্যতা প্রদান কৰে । সংলাপ প্রয়োগত যাতে কালোচিত দোষ নঘটে তালৈ সচেতন থাকিব লাগে ৷ 

এনেবোৰ বিষয়েই ঐতিহাসিক নাটকৰ সাধাৰণ বিশেষত্ব । 

২। ‘ টিকেন্দ্ৰজিৎ’ নাটকৰ কাহিনীভাগ নাট্যকাৰে ক’ৰ পৰা লৈছে ? মূল বিষয়বস্তুৰ লগত নাট্যকাৰে নিজাকৈ কি কি কথা সংযোগ কৰিছে ? আলোচনা কৰা ৷ 

উত্তৰঃ ‘ টিকেন্দ্ৰজিৎ ’ এখন ঐতিহাসিক নাটক । নাট্যকাৰ হ’ল অতুল চন্দ্ৰ হাজৰিকা ৷ তেখেতে এই নাটখনিৰ কাহিনী বা বিষয়বস্তু সংগ্রহ কৰিছে অধ্যাপক শ্রীযুত জ্যোর্তিময় ৰায়দেৱৰ History of Manipur নামৰ গ্ৰন্থৰ পৰা । বুৰঞ্জীৰ পৰা সংগ্ৰহ কৰা মূল বিষয়বস্তুটো হ’ল এনেধৰণৰ— ‘ 

টিকেন্দ্ৰজিৎ ’ নাটকৰ বিষয়বস্তুৰ পটভূমি হ’ল ঊনবিংশ শতিকাৰ শেষ ভাগ । ১৮৫৭ খৃঃৰ ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম ব্যৰ্থ হোৱাৰ পিছত ভালেমান স্বদেশ প্রেমী ভাৰতীয়ৰ অন্তৰত দুখৰ গধুৰ বোজা লৈ জীৱন অতিবাহিত কৰিব লগা হৈছিল ৷ এনে এক পৰিস্থিতিৰ পটভূমিত ঊনবিংশ শতিকাৰ শেষ ভাগত ১৮৯১ চনত মণিপুৰী ৰাজ পৰিয়ালৰ বীৰ টিকেন্দ্ৰজিতৰ নেতৃত্বত বৃটিছ শাসনৰ বিৰুদ্ধে নতুনকৈ সংগ্ৰাম আৰম্ভ হয় । দুর্ভাগ্যক্রমে এই সংগ্ৰামত মণিপুৰে পৰাজয়হে বৰণ কৰিব লগা হয় । ইংৰাজে বিদ্রোহৰ অভিযোগত দোষী সাব্যস্ত কৰি টিকেন্দ্ৰজিতক ফাঁচী দিয়ে ৷ এনেদৰে মণিপুৰৰ ৰাজকুমাৰ টিকেন্দ্ৰজিতে মণিপুৰৰ স্বাধীনতা ঘোষণা কৰি বৃটিছ শাসকৰ বিৰুদ্ধে মণিপুৰৰ জনগণক উদ্বুদ্ধ কৰি মণিপুৰৰ জাতীয় বুৰঞ্জীত দেশাত্মকবোধৰ যি জ্বলন্ত চানেকি হৈ ছহিদ হ’ল সেই বীৰত্বৰ অমৰ কাহিনীৰ আলমতে টিকেন্দ্রজিৎ নাটখন ৰচনা কৰা হৈছে । 

বুৰঞ্জীৰ এই সত্য বিষয়ক লৈ নাট ৰচনা কৰোঁতে নাট্যকাৰে বুৰঞ্জীৰ মূল কাহিনীটো প্ৰায় অব্যাহত ৰাখিছে । নাটকীয় প্রয়োজনৰ স্বাৰ্থত নাট্যকাৰে নিজাকৈ কিছু চৰিত্ৰ সংযোগ কৰিব লগাত নিজা কথাও সংযোগ কৰিছে । এনে স্বকীয় সংযোজনৰ ক্ষেত্ৰত নাট্যকাৰে সচেতন ভাৱেই এনে সংযোজনে যাতে মূল বিষয়বস্তুক বিকৃত বা ঢাকি নধৰে তালৈ গুৰুত্ব দিছে । 

নাটকৰ দুটা প্রধান নাৰী চৰিত্ৰ মধুমঞ্জৰী আৰু চন্দ্ৰলেখা নাট্যকাৰে নিজাকৈ সৃষ্টি কৰি মূল বিষয়বস্তুৰ সৈতে জড়িত কৰি দিছে । এই দুটি চৰিত্ৰক ফুটাই তুলিবলৈ নাট্যকাৰে নিজা কথা কিছু সংযোগ কৰিছে । এই ক্ষেত্ৰত মধুমঞ্জৰীৰ চৰিত্ৰটো মনকৰিবলগীয়া । মধুমঞ্জৰীৰ জৰিয়তে ৰজা সুৰচন্দ্ৰৰ বিলাসী জীৱনৰ আভাস দিছে । আনহাতে চৰিত্ৰটোক ঠঙাল জেনেৰেলৰ সৈতে সম্বন্ধিত কৰি নাটকৰ এটি প্রয়োজনীয় চৰিত্ৰ ৰূপে ৰূপদান কৰিছে । চন্দ্ৰলেখা চৰিত্ৰটোৰ জৰিয়তে টিকেন্দ্ৰজিতৰ পাৰিবাৰিক জীৱনৰ আভাস দিয়াৰ লগতে মণিপুৰৰ সাংস্কৃতিক পৰম্পৰাকো স্পষ্ট কৰিছে । অৱশ্যে নাটকীয় কাহিনীৰ বিকাশত চন্দ্ৰলেখাৰ চৰিত্ৰই বিশেষ অৱদান যোগোৱা নাই । 

আনহাতে ৰঘুনন্দন আৰু ভম্বলসিংৰ চৰিত্ৰ দুটিও নাট্যকাৰৰ নিজা উদ্ভাৱন ৷ ৰঘুনন্দনৰ চৰিত্ৰ সৃষ্টিত নাট্যকাৰে ঘনকান্ত বৰুৱাৰ অপ্রকাশিত ‘ উমা ’ নাটৰ ধুলিৰাম ওস্তাদৰ সহায় লৈছে । নাটকৰ এই চৰিত্ৰ দুটাই কোনো গুৰুত্বপূৰ্ণ কাৰ্য সংঘটিত কৰে । এই চৰিত্ৰসমূহৰ কাৰ্যকলাপ অপ্রয়োজনীয় হ’লেও নাটকত হাস্যৰস সৃষ্টিত সহায় কৰিছে । ইয়াৰে সৈতে নাট্যকাৰে নাটখনিত ৰঘুনন্দন ওস্তাদৰ মুখত দিয়া গীত দুটা লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা লৈছে আৰু ৰাজনৰ্তক মধুমঞ্জৰীৰ সুখৰ গীতটো সঙ্গীত কবি উমেশচন্দ্র চৌধুৰীদেৱৰ পৰা লৈ প্ৰয়োগ কৰিছে । মূল ঐতিহাসিক ঘটনাক নাটকীয় ৰূপদান কৰোঁতে এনেদৰে নাট্যকাৰে নিজস্ব সংযোজনাৰে কাহিনীক নাটকৰ উপযোগী কৰি তুলিছে । এনেদৰে মৌলিক সংযোজনাৰে নাটখনিৰ কাহিনীক আকর্ষণীয় কৰি তুলিবলৈ সক্ষম হৈছে । 

৩। ‘ টিকেন্দ্ৰজিৎ ’ নাটকৰ নায়ক কোন ঠঙাল জেনেৰেল নে টিকেন্দ্রজিৎ ? নায়ক জনৰ বিষয়ে আলোচনা কৰা ? 

উত্তৰঃ টিকেন্দ্ৰজিৎ নাটকৰ বিভিন্ন পুৰুষ চৰিত্ৰৰ ভিতৰত দুটা চৰিত্ৰই প্রধান আৰু সেই দুটা হ’ল— টিকেন্দ্ৰজিৎ আৰু ঠঙাল জেনেৰেল । এই দুজনৰ ভিতৰত নায়ক কোন বুলি কলে নাটখনিত চৰিত্ৰ দুটাৰ ভূমিকা আৰু প্ৰভাৱ বিচাৰ কৰিবলগীয়া হয় । ঘটনা প্ৰৱাহৰ পৰা দেখা যায় যে ঠঙাল জেনেৰেল নাটকৰ এটা প্রধান সক্ৰিয় চৰিত্ৰ হ’লেও মূল ঘটনাৰ আধাৰ হ’ল টিকেন্দ্ৰজিৎ আৰু গোটেই ঘটনাখনিত টিকেন্দ্রজিতেই প্রভাৱ বিস্তাৰ কৰি আছে ৷ সেই দিশৰ পৰা নাটখনিৰ নায়ক হিচাপে টিকেন্দ্রজিতকে গ্রহণ কৰিব পাৰি । 

নাট্যকাৰ অতুল চন্দ্ৰ হাজৰিকাদেৱে টিকেন্দ্ৰজিতক বিদ্রোহী নায়কৰূপে চিত্ৰিত কৰিবলৈ প্ৰয়াস কৰিছে । মণিপুৰত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰধান হোতাই হ’ল টিকেন্দ্রজিৎ । নাটখনিত টিকেন্দ্ৰজিতক ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ বাবে সজাগ কৰিছে ঠঙাল জেনেৰেল । অৱশ্যে ঠঙাল জেনেৰেল আৰু টিকেন্দ্ৰজিৰ ভাৱ চিন্তা আৰু আদৰ্শত পার্থক্য দেখা যায় । সেয়ে টিকেন্দ্রজিতে নভবা নিচিন্তাকৈ ঠঙালৰ কথাত হয় ভৰ দিয়া নাই । তেওঁ সকলো ক্ষেত্ৰতে ধীৰ স্থিৰ আৰু সুস্থিৰ বিবেচনাৰেহে আগবাঢ়িব বিচাৰিছে । ফলত চৰিত্ৰটো ইংৰাজ বিদেশী ভাৱ প্রৱল ব্যক্তি ৰূপেহে ফুটি উঠিছে । দেশপ্রেম টিকেন্দ্ৰজিৰ চৰিত্ৰৰ এটা স্বাভাৱিক বৈশিষ্ট্য ১ ম অঙ্কৰ ১ ম দৃশ্যত টিকেন্দ্রজিতে ঠঙাল জেনেৰেলৰ আগত ঘোষণা কৰিছিল যে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত মণিপুৰবাসীয়ে যুঁজ দিবলৈ সাৰ পোৱা নাছিল যদিও মণিপুৰত সেই একেধৰণৰ অৱস্থা এতিয়া হ’বলৈ নিদিয়ে । মণিপুৰৰ পৰাধীন অৱস্থাই টিকেন্দ্রজিতক ব্যথিত কৰি তুলিছিল । মণিপুৰৰ বিলাসী ৰজা সুৰচন্দ্ৰক ৰজাৰ কৰ্তব্য সম্বন্ধে সোঁৱৰাই দিয়াৰ মাজেৰে টিকেন্দ্ৰজিতৰ স্বদেশপ্ৰেমৰ মনোভাৱ প্ৰকাশ পাইছে । 

নাটখনিৰ দ্বিতীয় অংকৰ চতুর্থ দৃশ্যত টিকেন্দ্ৰজিতৰ ঘৰুৱা জীৱনৰ ছৱিৰ মাজেৰেও টিকেন্দ্ৰজিতক দেশৰ চিন্তাই কেনেদৰে ব্যাকুল কৰি ৰাখিছিল তাৰ আভাস পোৱা যায় । দেশৰ চিন্তাত ব্যস্ত হৈ থাকিলেও পত্নীৰ প্ৰতি নিজৰ দায়িত্ব পালন পাহৰা নাছিল ৷ 

বিদ্রোহী নেতা হ’লেও অন্যায় কাৰ্যৰ প্ৰতি অনাস্থা আৰু মানৱীয়তা টিকেন্দ্ৰজিতৰ চৰিত্ৰত লক্ষ্য কৰা যায় । ইংৰাজে তেওঁৰ বাসগৃহ আক্ৰমণ কৰাত পাঁচজন ইংৰাজ সৈন্য বন্দী হয় । এই শত্ৰুসকলৰ প্ৰতি টিকেন্দ্ৰজিতৰ মানৱীয় ব্যৱহাৰৰ পৰিচয় পোৱা যায় । ঠঙাল জেনেৰেলে এওঁলোকক হত্যাৰ আশা দিলেও টিকেন্দ্রজিতে ইয়াত আপত্তি কৰিছিল । কিন্তু ঠঙালে তথাপি হত্যা কৰাত বৃটিছে টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেলক দোষী সাব্যস্ত কৰে । ইয়াৰ পিছতে টকেন্দ্ৰজিতৰ বিদ্ৰোহী সৈন্যৰ সৈতে ইংৰাজৰ যুদ্ধ হয় । যুদ্ধত মণিপুৰ বাসীয়ে পৰাজয় বৰণ কৰিবলগীয়া হয় আৰু টিকেন্দ্ৰজিতো ইংৰাজৰ হাতত বন্দী হয় । ইংৰাজৰ বিচাৰত টিকেন্দ্ৰজিতক ফাঁচী দিয়া হয় । ফাঁচীৰ আগমূহূর্তত টিকেন্দ্রজিতে সমস্ত মণিপুৰ বাসীক যি আৱেগিত আহ্বান জনাইছে তাৰ মাজেৰে টিকেন্দ্ৰজিতৰ গভীৰ স্বদেশপ্রেম অনুৰণিত হৈছে । 

৪। টিকেন্দ্রজিৎ নাটকৰ নায়ক কোন ? টিকেন্দ্রজিৎ নে ঠঙাল জেনেৰেল যুক্তিৰে বিচাৰ কৰা ।  

উত্তৰঃ নাটকৰ নায়ক চৰিত্ৰ হ’ল প্রধান চৰিত্ৰ । নাটকীয় সকলো কার্যকলাপৰ মুলতে নায়ক চৰিত্ৰৰ প্ৰভাৱ জড়িত হৈ থাকে । তদুপৰি এই চৰিত্ৰটিৰ কাৰ্যকলাপক আধাৰ কৰিয়ে নাটকীয় বিষয়বস্তুৰ বিকাশ আৰু পৰিণতি লাভ কৰা দেখা যায় । নাটকীয় ৰস পৰিৱেশনৰ ক্ষেত্ৰতো এই নায়ক চৰিত্ৰই প্রধান হোৱা দেখা যায় । 

অধ্যাপক অতুলচন্দ্র হাজৰিকাদেৱৰ টিকেন্দ্ৰজিৎ নাটখনিত দুটা প্রধান পুৰুষ চৰিত্ৰ পোৱা যায় টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেল । এই দুটা চৰিত্ৰৰ কোনটো চৰিত্ৰক নায়ক হিচাপে ধৰা যাব তাক নিৰ্দ্ধাৰণ কৰিবলৈ দুয়োটা চৰিত্ৰৰ বিশ্লেষণ আৱশ্যক । 

নাটকৰ বিষয়বস্তুৰ পৰা পোৱা যায় যে দুয়োটা চৰিত্ৰই বিদ্রোহী নায়ক , ইংৰাজৰ হাতৰ পৰা মণিপুৰৰ স্বাধীনতা উদ্ধাৰৰ বাবে দুয়োটা চৰিত্ৰই বিদ্ৰোহৰ নেতৃত্ব দিছে । বৃদ্ধ ঠঙাল জেনেৰেলক মণিপুৰৰ স্বাধীনতাৰ কামনাই উদ্বাউল কৰি তুলিছে । সেয়ে দুর্বল ৰজা সৰচন্দ্ৰৰ ঠাইত টিকেন্দ্ৰজিতক মণিপুৰৰ নেতা কৰি দেশোদ্ধাৰৰ মন্ত্ৰত দীক্ষিত কৰিছে । অকল এয়ে নহয় , কেনেকৈ ক’ত , কি কৰিব লাগিব তাৰো পৰামৰ্শ দিছে । কিন্তু এই ক্ষেত্ৰত দেখা গৈছে টিকেন্দ্ৰজিতৰ সৈতে তেওঁৰ ভাৱ চিন্তা আৰু আদৰ্শৰ মাজত পার্থক্য আছে । আৰু এই মত পার্থক্যৰ চূড়ান্ত প্রকাশ পাইছে বন্দী ইংৰাজ বিষয়াক হত্যা কৰা কার্যত । টিকেন্দ্ৰজিতৰ অমত স্বত্বেও ঠঙাল জেনেৰেলে পাঁচজন ইংৰাজ বন্দীক মৃত্যুদণ্ড দিছে বিদ্ৰোহৰ কৰুণ পৰিণতিৰ কথা চিন্তা কৰা নাই । এনে নেতাৰ দেশপ্রেম সাহস , বীৰত্বৰ অভাৱ নাই । কিন্তু তেওঁ আকোঁৰগোজ মনোভাৱৰ আৰু অদূৰদৰ্শী । তদুপৰি নাটকীয় বিষয়বস্তুৰ বিকাশত তেওঁ বিশেষ ভূমিকা ল’ব পৰা নাই । 

আনহাতে টিকেন্দ্ৰজিতৰ চৰিত্ৰতো স্বদেশপ্রেম আৰু ইংৰাজ বিদেশ পৰিলক্ষিত হয় । কিন্তু ঠঙাল জেনেৰেলৰ দৰে অদূৰদৰ্শীতা সলনি দূৰদৰ্শীতাৰ আৰু চিন্তা টিকেন্দ্ৰজিত চৰিত্ৰত লক্ষ্য কৰা যায় ৷ মানবীয়তা তেওঁৰ চৰিত্ৰৰ এক বিশেষ গুণ । ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ মন্ত্ৰত ঠঙাল জেনেৰেলক দীক্ষিত কৰিলেও নাটকীয় কাহিনীৰ প্ৰত্যেকটো ক্ষেত্ৰতে টিকেন্দ্ৰজিতৰ প্ৰভাৱ লক্ষ্য কৰা যায় । বিলাসী ৰজা সুৰচন্দ্ৰৰ বিপৰীতে টিকেন্দ্রজিতৰ সাহস , দেশপ্রেম , ইংৰাজৰ প্রতি বিদ্বেষীখনো ভাৱৰ বাবেই টিকেন্দ্ৰজিতৰ সৈতে ইংৰাজৰ সংঘাত সৃষ্টি হৈছে । ইংৰাজে যেনে তেনে প্রকাৰে টিকেন্দ্ৰজিতক দমন কৰাৰ বাবে প্ৰয়াস কৰিছে আৰু অৱশেষত টিকেন্দ্রজিতৰ বন্দী হোৱা আৰু ফাঁচী দিয়াতে নাটকীয় কাহিনীৰ পৰিসমাপ্তি ঘটিছে । নাটখনিৰ সকলো কাৰ্যকাৰণ টিকেন্দ্ৰজিতৰ সৈতে জড়িত । ঠঙাল জেনেৰেল সক্ৰিয় আৰু প্ৰধান চৰিত্ৰ হ’লেও তেওঁৰ কাৰ্যকলাপৰ আধাৰ হ’ল টিকেন্দ্ৰজিতহে । 

গতিকে ওপৰৰ আলোচনাৰ পৰা এইটো ক’ব পাৰি যে নাটকীয় কাৰ্য সাধন আৰু প্ৰভাৱৰ দিশৰ পৰা টিকেন্দ্ৰজিতকে নাটকৰ নায়ক বুলি অভিহিত কৰিব পাৰি । 

৫। টিকেন্দ্ৰজিৎ নাটকৰ নাৰী চৰিত্ৰ কেইটিৰ চমু পৰিচয় দিয়া৷ 

উত্তৰঃ ‘ টিকেন্দ্ৰজিৎ ’ নাটকত নাৰী চৰিত্ৰৰ সংখ্যা দুটা । এই দুটা চৰিত্ৰ হ’ল মধুমঞ্জৰী আৰু চন্দ্রলেখা । গুৰুত্বপূৰ্ণ কথা হ’ল এই দুয়োটা চৰিত্ৰ বুৰঞ্জীৰ পৰা লোৱা নহয় , বৰং দুয়োটা চৰিত্ৰই নাট্যকাৰৰ নিজা সৃষ্টি । কাল্পনিক চৰিত্র দুটিক নাট্যকাৰে যথোচিতভাৱে বুৰঞ্জীৰ ঘটনাত সংস্থাপিত কৰিবলৈ সক্ষম হৈছে । তলত দুয়োটা চৰিত্ৰৰ চমু পৰিচয় দিয়া হ’ল— 

মধুমঞ্জৰী:- টিকেন্দ্রজিৎ নাটকৰ উল্লেখযোগ্য নাৰী চৰিত্রটি হৈছে ৰাজনৰ্তকী মধুমঞ্জৰী । কাল্পনিক হ’লেও নাটকত নাট্যকাৰে এই চৰিত্ৰটোক গুৰুত্বপূৰ্ণ কৰি তুলিছে ।

মধুমঞ্জৰী হ’ল ৰাজসভাৰ নৰ্তকী । প্রথম স্তৰত মধুমঞ্জৰীয়ে মণিপুৰৰ বিলাসী ৰজা সুৰচন্দ্ৰৰ আগত নৃত্য গীত পৰিবেশনেৰে ৰজাৰ মন জয় কৰি নিজ স্বাৰ্থ পুৰণৰ অভিপ্রায় ৰখা দেখা যায় । আনহাতে নাট্যকাৰে এই চৰিত্ৰটোৰ নৃত্যগীতৰ মাজেৰে একে সময়ত মণিপুৰৰ সাংস্কৃতিক জীৱনৰ চৰিত্ৰ ফুটাই তুলিছে । মধুমঞ্জৰী , সাহসী , চতুৰ আৰু উপস্থিত বুদ্ধি সম্পন্না । টিকেন্দ্রজিতে সুৰচন্দ্ৰক সাৱধানবাণী শুনোৱাত মধুমঞ্জৰীয়ে ৰজাক ভৎসনা কৰাৰ মাজেৰে ৰজা সুৰচন্দ্ৰৰ দুর্বলতা উদঙাই দিছে । 

দ্বিতীয় স্তৰত মধুমঞ্জৰীৰ বিৰাট পৰিবৰ্তন হোৱা দেখা যায় । ৰজা সুৰচন্দ্ৰ পলাই যোৱাত মধুমঞ্জৰী আশ্রয়হীন হৈ ঘুৰি ফুৰোতে বৃটিছ চিপাহী দুজনে তাইৰ সতীত্ব হৰণ কৰে । এই অৱস্থাত তাইক আশ্রয় দিয়া ঠঙাল জেনেৰেলক তাই ধর্মপিতা হিচাপে গ্ৰহণ কৰি এক নতুন জীৱন আৰম্ভ কৰে । ঠঙাল জেনেৰেলৰ সান্নিধ্যত তাইৰ অন্তৰতো দেশপ্রেম জাগ্রত হয় । সেয়ে দেখা যায় মধুমঞ্জৰীয়ে ইংৰাজৰ দৰবাৰত নৃত্যগীত কৰি ইংৰাজৰ গোপন খবৰ সংগ্ৰহ কৰি টিকেন্দ্ৰজিৎ আৰু ঠঙাল জেনেৰেলক যোগান ধৰিছে । এনেদৰেই এসময়ৰ আত্ম স্বাৰ্থপৰ বিলাসী নর্তকী পিছত দেশ উদ্ধাৰৰ সাহসী সৈনিক হৈছেগৈ । অকল এয়ে নহয় , টিকেন্দ্ৰজিতৰ ফাঁচীৰ আগমুহূৰ্তত মধুমঞ্জৰীয়ে মণিপুৰৰ নাৰী সমাজৰ মাজতো দেশ – প্ৰেমৰ মন্ত্ৰ সিঁচি বিদ্রোহিনী হ’বলৈ সংগঠিত কৰিবলৈ সক্ষম হৈছে । টিকেন্দ্ৰজিতৰ ফাঁচীৰ মুহূৰ্তত মধুমঞ্জুৰীৰ আক্ষেপৰ মাজেৰে মণিপুৰৰ বিষাদ গ্ৰস্ততা আৰু দেশ প্ৰেমৰ মনোভাৱ প্ৰকাশ পাইছে । 

মধুমঞ্জৰী নাট্যকাৰৰ স্বকল্পিত চৰিত্র । নাটখনিত এই চৰিত্ৰটোক একেবাৰে অপৰিহাৰ্য কৰি তুলিব নোৱাৰিলেও কাহিনীৰ বিচিত্ৰতা প্ৰদান আৰু ৰস ঘণীভূত কৰাত এই চৰিত্ৰই সহায় কৰিছে । মধুমঞ্জৰীৰ কাৰ্যকলাপ আৰু প্ৰাধান্যৰ পৰা চৰিত্ৰটিক নাটখনিৰ নায়িকা ৰূপত ধৰিব পৰা যায়।

চন্দ্ৰলেখা:- ‘ টিকেন্দ্রজিৎ ‘ নাটকৰ অন্য এটি নাৰী চৰিত্ৰ হ’ল চন্দ্ৰলেখা । চন্দ্ৰলেখা হ’ল সেনাপতি টিকেন্দ্ৰজিতৰ মৰমিয়াল পত্নী । এই চৰিত্ৰটোৱে নাট্যকাৰৰ স্বকল্পিত । এই চৰিত্ৰটিৰ মাজেৰে নাট্যকাৰে টিকেন্দ্ৰজিতৰ পাৰিবাৰিক জীৱনৰ আভাস দিবলৈ প্ৰয়াস কৰিছে । টিকেন্দ্ৰজিৎ নাটকত চন্দ্ৰলেখাৰ প্ৰথম সাক্ষাৎ ঘটে দ্বিতীয় অংকৰ চতুৰ্থ দৃশ্যত । এই দৃশ্যটোত টিকেন্দ্ৰজিতৰ পাৰিবাৰিক জীৱনৰ আভাস দিয়া হৈছে । চন্দ্ৰলেখা এগৰাকী পতিব্রতা নাৰী । স্বামীৰ প্ৰতি তেওঁৰ মৰম চেনেহ অগাধ । তেওঁ স্বামীৰ উপযুক্ত সহধর্মিনী । চিন্তাগ্রস্থ স্বামীক উপযুক্ত পৰামৰ্শ আৰু প্ৰেৰণা দি নিজৰ কৰ্তব্য পালন কৰা আমি দেখা পাওঁ । ইংৰাজৰ সৈতে টিকেন্দ্ৰজিতৰ বিৰোধক তেওঁৱো সমৰ্থন কৰি স্বামীক প্ৰেৰণা দান কৰিছিল ৷ 

অৱশ্যে নাটখনিত এই চৰিত্ৰটোৰ কাৰ্যকলাপৰ ভূমিকা গুৰুত্বপূৰ্ণ কৰাৰ অৱকাশ থকা স্বত্বেও সাট্যকাৰে এগৰাকী সাধাৰণ নাৰী ৰূপেই চন্দ্ৰলেখাক ৰূপায়িত কৰিছে । বিশেষকৈ টিকেন্দ্ৰজিতৰ বন্দীত্ব আৰু ফাঁচীৰ সময়ত চৰিত্ৰটোৰ কোনো ধৰণৰ সক্রিয়তা পৰিলক্ষিত নহয় । ফাঁচীৰ সময়ত স্বামীৰ ডিঙিত তুলসীৰ মালা আৰু চন্দনৰ ফোট দিয়ে নিজৰ কাৰ্য সম্পাদন কৰা দেখা গৈছে । ফলত চৰিত্ৰটো যিমান উজ্জ্বল কৰি তোলাৰ সম্ভাৱনা আছিল সেই অনুযায়ী হ’ব পৰা নাই ৷ তথাপি নিজৰ পতি প্রেম , ধীৰ সুস্থিৰ স্বভাৱ আৰু স্বামীৰ প্ৰতি নিজৰ কৰ্তব্যৰ মাজেৰে চন্দ্ৰলেখাই দৰ্শকৰ সহানুভূতি লাভ নকৰাকৈ থকা নাই ।

৬। ‘ টিকেন্দ্ৰজিৎ ’ নাটকৰ সমল নাট্যকাৰে ক’ৰ ক’ৰ পৰা সংগ্ৰহ কৰিছে ? নাটকৰ কাহিনী ভাগ চমুকৈ লিখা । 

উত্তৰঃ অধ্যাপক অতুলচন্দ্ৰ হাজৰিকাদেৱৰ ‘ ‘ টিকেন্দ্রজিৎ ’ এখন ঐতিহাসিক নাটক । এই নাটখনি ৰচনা কৰোঁতে নাট্যকাৰে বিভিন্ন ক্ষেত্ৰৰ পৰা সমল লৈ নাটখনিক পূৰ্ণ ৰূপ দিছে । নাট্যকাৰে মূল বিষয়বস্তু সংগ্ৰহ কৰিছে অধ্যাপক জ্যোতিৰ্ময় ৰায়দেৱৰ ‘ The History of Manipur ‘ নামৰ গ্ৰন্থৰ পৰা । আনহাতে নাটখনিৰ এটি Comic চৰিত্ৰ ৰঘুনন্দন সিং ছৰ্দাৰৰ সৃষ্টিত নাট্যকাৰ ঘনকান্ত বৰুৱাৰ অপ্রকাশিত নাট‘ উমা’ৰ ধূলি ৰাম ওস্তাদৰ ছাঁ পৰা বুলি উল্লেখ কৰিছে । লগতে নাটকত ব্যৱহাৰ কৰা গীতৰ ক্ষেত্ৰত ৰঘুনন্দনৰ মুখত দিয়া হাস্য ৰসাত্মক গীত দুটা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘ কৃপাবৰী ’ গীত আৰু মধুমঞ্জৰীৰ মুখত দিয়া গীতটো সঙ্গীতজ্ঞ উমেশ চন্দ্ৰ চৌধাৰীদেৱৰ পৰা লোৱা বুলি উল্লেখ কৰিছে । এনে বিভিন্ন উৎসৰ পৰা সমল লৈ নাটখনি ৰচনা কৰা হৈছে । 

‘ টিকেন্দ্ৰজিৎ’ নাটখনিৰ কাহিনীভাগ চমুকৈ এনেধৰণৰ । মণিপুৰৰ বিলাসী দুৰ্বল ৰজা সুৰচন্দ্ৰৰ ৰাজত্বকালত ইংৰাজসকলে মণিপুৰৰ ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী হৈ উঠে । ইয়াৰ বাবে যুৱৰাজ টিকেন্দ্ৰজিৎ আৰু ঠঙাল জেনেৰেলে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ আয়োজন কৰে । মণিপুৰৰ জনগণেও এই বিদ্রোহত সমর্থন দিয়ে । ইয়াত বৃটিছ সকলে ভয় খাই টিকেন্দ্রজিতক ধৰিবলৈ চল চক্রান্ত কৰি ব্যর্থ হয় । ইয়াতে বৃটিছ চীফ কমিছনাৰ মিঃ কুইণ্টন ক্ষুদ্ধ হৈ টিকেন্দ্ৰজিতক জীয়াই ধৰিবলৈ চেষ্টা কৰি ব্যর্থ হয় । মণিপুৰত বিদ্রোহ জাগি উঠি বৃটিছ সন্ধিৰ প্ৰস্তাৱ দিয়ে যদিও টিকেন্দ্রজিতে অগ্রাহ্য কৰে । এই সময়তে ইংৰাজ বিষয়া পাঁচজন টিকেন্দ্ৰজিতৰ ওচৰত বন্দী হয় । টিকেন্দ্ৰজিতৰ অমত স্বতেও ঠঙাল জেনেৰেলে তেওঁলোকক মৃত্যুদণ্ড দিয়ে । ইয়াত ক্ষুদ্ধ হৈ ইংৰাজসকলে বাহিৰৰ পৰা নতুন সৈন্য আনি মণিপুৰ আক্ৰমণ কৰে ৷ ৰজা কুলচন্দ্ৰ , ঠঙাল জেনেৰেল ইংৰাজৰ হাতত বন্দী হয় । ইপিনে আত্মগোপন কৰি থকা টিকেন্দ্ৰজিৎ ৰোগাক্রান্ত হোৱাত বৃটিছৰ ওচৰত আত্ম সমৰ্পন কৰে । 

বৃটিছ মণিপুৰত বিদ্রোহ সংগঠিত কৰা আৰু পাঁচজন ইংৰাজ বিষয়াক হত্যা কৰাৰ অভিযোগত টিকেন্দ্ৰজিৎ আৰু ঠঙাল জেনেৰেলক ফাঁচীৰ আদেশ দিয়ে । সেই মতে দুয়োকে ফাঁচী দিয়া হয় । 

টিকেন্দ্ৰজিতৰ আৰু মণিপুৰৰ ইংৰাজ বিদেশ আৰু বিদ্ৰোহ আৰু শেষত তাৰ কৰুণ পৰিণতি এইখিনিয়ে হ’ল নাটকৰ মূল বিষয় বস্তু । 

৭। ‘টিকেন্দ্ৰজিং ’ নাটৰ প্ৰথম দৰ্শনত থকা ঠঙাল জেনেৰেল আৰু টিকেন্দ্ৰজিতৰ কথোপকথনৰ সাৰাংশ লিখা ? 

উত্তৰঃ ‘ টিকেন্দ্ৰজিং’ নাটকৰ প্ৰথম অংকৰ প্ৰথম দৃশ্যত লোকটাক হ্ৰদৰ নিৰ্জন , শ্যামল শোভাৰে ভৰপুৰ গিৰিমালা পৰিবেশত ঠঙাল জেনেৰেলে টিকেন্দ্ৰজিতক এই স্থানলৈ লৈ অহাৰ ৰহস্য ব্যক্ত কৰে ৷ ঠঙাল জেনেৰেলে মণিপুৰৰ অতীত ইতিহাস , মহান ৰজা , টিকেন্দ্ৰজিতৰ পূৰ্বপুৰুষ গৰিব নৱাজৰ কথা উল্লেখ কৰে । ঠঙালৰ মতে গৰিব নৱাজ এজন ডাঙৰ ৰজা আছিল । তেওঁৰ দিনত মণিপুৰৰ ওখ মুৰ তললৈ নমা নাছিল । তেওঁৰ দিনত নলাকুকী প্ৰজাৰ কথা বাদেই বগা বণিক অর্থাৎ ইংৰাজসকলেও খোপনি পুতিবলৈ সুবিধা পোৱা নাছিল । কিন্তু ঠঙালৰ মতে সেই গৌৰৱ ম্লান পৰিছিল টিকেন্দ্ৰজিতৰ পিতৃৰ দিনত । টিকেন্দ্ৰজিতৰ পিতৃ চন্দ্ৰকীৰ্তিৰ দিনত মণিপুৰৰ গৌৰৱ উজ্জ্বল হোৱা বুলি মানুহে ভাবিলেও ঠঙালে নাভাৱে । অৱশ্যে বিদেশী ইংৰাজৰ ডেউকাৰ ছাঁত বহি তেওঁ সুকলমেই ৰাজ্য শাসন কৰি গ’ল । বিদেশী ইংৰাজক বিভিন্ন কার্যত সহায় কৰি সকলোৰে প্ৰশংসা বুটলিলেও সেইদিনা কিন্তু ঠঙাল জেনেৰেলৰ চকুলো ওলাইছিল । 

টিকেন্দ্রজিতে কৈছিল যে তেওঁ ঠঙালৰ অন্তৰৰ বেদনা উপলব্ধি কৰিব পাৰিছে , কিন্তু চন্দ্ৰকীর্তিৰ ওপৰত সকলো দোষ জাপি দিয়াটো তেওঁ মানি ল’ব নোৱাৰে । তেতিয়া ঠঙালে কৈছিল যে যিয়ে নহওক চন্দ্ৰকীর্তিয়ে ভুল কৰিছিল তাৰ বাবেই আজি মণিপুৰত ইংৰাজে বহতীয়া পুতলা ৰজা পাতি মণিপুৰৰ স্বাধীনতা হৰণ কৰিছে । গতিকে টিকেন্দ্রজিতে পিতৃৰ ভুলৰ প্ৰায়চিত্ত কৰিবলৈ মণিপুৰৰ বুৰঞ্জী নতুনকৈ ৰচনা কৰিব লাগিব । ইংৰাজক খেদি মণিপুৰৰ হৃত গৌৰৱ উদ্ধাৰ কৰিব লাগিব ৷ টিকেন্দ্রজিতৰ ওপৰত ঠঙালৰ গভীৰ আস্থা আছে । 

টিকেন্দ্রজিতে ঠঙালক সোঁৱৰাই দিছিল যে লক্ষ্য মহৎ যদিও পথ দূৰ্গম । প্ৰৱল প্ৰতাপী ইংৰাজৰ বিৰুদ্ধে থিয় দিয়াৰ আগতে ভাবি চিন্তি চাব লাগিব । কাৰণ ইংৰাজৰ সন্মুখত ভাৰতৰ কোনো অঞ্চলেই তিষ্ঠিব পৰা নাই । সকলো স্বাধীনতা বেপাৰী ইংৰাজে গ্ৰাস কৰিছে । গতিকে টিকেন্দ্ৰজিতে এনে পৰিস্থিতিত ইংৰাজক জোকাই কেনেকৈ প্ৰতিৰোধ দিব তাক লৈ সংকোচ কৰিছে । তেতিয়া ঠঙালে কৈছিল যে সুযোগৰ অপেক্ষা কৰিব লাগিব । টিকেন্দ্ৰজিতৰ মতে ১৮৫৭ খৃঃৰ চিপাহী বিদ্রোহৰ সময়ত সুযোগ এটা আহিছিল যদিও তেতিয়া মণিপুৰ বাসী আছিল গভীৰ নিদ্ৰাত । কোনেও সাৰ নাপালে । ঠঙালে কৈছিল সাৰ নাপালেও তেওঁ সেইদিনা চিপাহীৰ শাৰীত থিয় দিছিল যদিও কোনো আগবাঢ়ি নাহিল । টিকেন্দ্ৰজিতৰ বিশ্বাস এইবাৰ আৰু মণিপুৰ বাসীয়ে মৰটোপনিত নাযায় । যিদৰে মহাভাৰতৰ যুগত ভাৰত বিজয়ী অর্জুনক মণিপুৰী কোঁৱৰ বব্ৰুবাহনে ধৰাশয়ী কৰিছিল অনুৰূপ গৌৰৱ গাথাঁৰ পুনৰাবৃত্তি মণিপুৰত তেওঁ সংঘটিত কৰিব । 

ঠঙালে টিকেন্দ্ৰজিতৰ এই মনোভাৱৰ শলাগ ল’লে । তেওঁৰ মতে টিকেন্দ্ৰজিতে পাৰিব । কাৰণ এপাট মাথো অস্ত্ৰৰে ভয়ঙ্কৰ ঢেকীয়াপতীয়া বাঘক মাটিত বগবাই টিকেন্দ্রজিতেই ব্যাঘ্র বিজয়ী বা কৈৰেং উপাধি লৈছিল , গতিকে সেই টিকেন্দ্ৰজিতে ইংৰাজক খেদি মণিপুৰৰ স্বাধীনতা উদ্ধাৰ কৰিব নোৱাৰিব বুলি কোনে ক’ব । অৱশ্যে টিকেন্দ্ৰজিতৰ এই মহান কাৰ্য্যত তেওঁ সকলো ক্ষেত্ৰতে সহায় কৰিব । এনেদৰে মণিপুৰৰ আলোচনা কৰি টিকেন্দ্রজিতক সেনাপতি পাতি দুয়ো বিদায় লয় । এইয়ে হ’ল প্ৰথম অঙ্কৰ প্ৰথম দৃশ্যৰ সাৰাংশ । 

৯। চমু উত্তৰ দিয়া : 

( ক ) বাঘৰ তেজত যি স্নান কৰিব জানে , মানুহৰ তেজো সি পান কৰিব পাৰিব লাগিব বুজিছা— এই কথাবোৰ কোনে , কেতিয়া আৰু কি প্ৰসংগত কৈছিল ? 

উত্তৰঃ উক্ত কথাবোৰৰ বক্তা হ’ল – ঠঙাল জেনেৰেল । লোক্‌টাক্ হ্ৰদৰ পাৰত টিকেন্দ্ৰজিতৰ সৈতে মণিপুৰৰ অতীত বর্তমান আৰু ভৱিষ্যত সম্বন্ধে আলোচনা কৰোঁতে এই কথা কৈছিল । 

ঠঙালে টিকেন্দ্ৰজিতক মণিপুৰৰ অতীতৰ গৌৰৱ উজ্জ্বল ইতিহাস আৰু বৰ্তমান ইংৰাজৰ হাতত স্বাধীনতা হেৰুৱা মণিপুৰৰ অৱস্থাৰ কথা কৈ এই অৱস্থাৰ পৰিবৰ্তনৰ কথা কৈছিল লগতে কৈছিল যে মণিপুৰৰ হৃত গৌৰৱ উদ্ধাৰৰ বাবে ইংৰাজৰ বিৰুদ্ধে যি বিদ্ৰোহ গঢ়ি তোলা হ’ব তাৰ সেনাপতি হ’ব লাগিব টিকেন্দ্ৰজিৎ । কাৰণ বৰ্তমান ৰাজপৰিয়ালত সাহস , বীৰত্ব বিক্রম আৰু দেশপ্রেমত টিকেন্দ্রজিতেই হ’ল উপযুক্ত । এনেদৰে টিকেন্দ্ৰজিতক ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ মন্ত্ৰ দিয়াৰ প্ৰসংগত ঠঙাল জেনেৰেলে টিকেন্দ্ৰজিতৰ সাহস বীত্বসূচক কাৰ্যৰ কথা কৈ উক্ত কথাবোৰ কৈছিল । টিকেন্দ্রজিতে এপাট অস্ত্ৰৰে বাঘ নিধন কৰি ব্যাঘ্ৰবিজয়ী বা কৈবেং উপাধি লৈছিল , গতিকে এতিয়া দেশৰ প্ৰয়োজন , মানুহকো বধ কৰিব পাৰিব লাগিব । 

( খ ) লক্ষ্য মহৎ , কিন্তু পথ দুর্গম’— কোনে কাক এনেদৰে কৈছিল ? ইয়াত কি লক্ষ্যৰ কথা কোৱা হৈছে ? 

উত্তৰঃ এই কথাষাৰ টিকেন্দ্ৰজিতে ঠঙাল জেনেৰেলক কৈছিল । ইয়াত উল্লেখ কৰা লক্ষ্য হ’ল মণিপুৰৰ হৃত স্বাধীনতা ইংৰাজৰ হাতৰ পৰা উদ্ধাৰ কৰা । ঠঙাল জেনেৰেলে মণিপুৰৰ অদূৰদৰ্শী ৰজাসকলে যেনেদৰে ইংৰাজক আদৰি আনি বর্তমান মণিপুৰৰ শাসন তেওঁলোকৰ অধীনত কৰালে সেই কথা কৈ টিকেন্দ্ৰজিতক ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ কৰাৰ বাবে দীক্ষা দিছিল ৷ ঠঙালৰ মতে টিকেন্দ্ৰজিতে বিদ্ৰোহৰ নেতৃত্ব দি ইংৰাজৰ হাতৰ পৰা মণিপুৰক উদ্ধাৰ কৰি মণিপুৰৰ হৃত গৌৰৱ পুনৰ উদ্ধাৰ কৰক । তেতিয়া টিকেন্দ্রজিতে এনেদৰে কৈছিল যে লক্ষ্য মহৎ , কিন্তু পথ দুৰ্গম । কাৰণ ইংৰাজসকলৰ প্ৰৱল শক্তিৰ মুখামুখি হোৱা সহজ নহয় । 

Sl. No.Contents
Chapter 1প্ৰহ্লাদ চৰিত্ৰ
Chapter 2শিৱৰ কৃষি কর্ম
Chapter 3প্রিয়তমাৰ চিঠি
Chapter 4পানেশৈ
Chapter 5পছোৱাৰ ডাক
Chapter 6চামুৰাই
Chapter 7শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত
Chapter 8ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা
Chapter 9অঙ্কীয়া নাটৰ ৰস বিচাৰ
Chapter 10টিকেন্দ্রজিৎ
Chapter 11যীশুখৃষ্টৰ ছবি
Chapter 12ভ্ৰষ্টলগ্ন
Chapter 13কবিতা
Chapter 14নাটক
Chapter 15অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়
Chapter 16ছন্দ

( গ ) মধুমঞ্জৰীয়ে কি পৰিস্থিতিত কেনেকৈ ঠঙাল জেনেৰেলক লগ পাইছিল লিখা । 

উত্তৰঃ মধুমঞ্জৰী মণিপুৰৰ বিলাসী ৰজা সুৰচন্দ্ৰৰ ৰাজসভাৰ নৰ্তকী আছিল । আগুচা কোঁৱৰে ৰাজসভাত আহি চাৰিজাই গুলী কৰাত ৰজা সুৰচন্দ্ৰ ভয়তে ৰাজপাট এৰি পলাই যায় । ফলত মধুমঞ্জৰী আশ্রয়হীনা হৈ পৰে । তেতিয়া মধুমঞ্জৰীয়ে আশ্রয় বিচাৰি নগৰৰ বাটে বাটে ঘুৰি ফুৰোতে ইংৰাজ চিপাহীৰ কামনাৰ বলি হ’ব লগা হয় । তেতিয়া উপায়হীন মধুমঞ্জৰীয়ে ঠঙাল জেনেৰেলৰ ওচৰত আহি আশ্ৰয় বিচাৰে । নাটকৰ কাহিনী অনুসৰি ৰজা সুৰচন্দ্ৰ পলাই যোৱাত কুলচন্দ্ৰ মণিপুৰৰ ৰজা হয় আৰু আৰ্শীবাদ বিচাৰি ঠঙাল জেনেৰেলৰ কাষ চাপে । ঠঙালৰ আৰ্শীবাদ লৈ কুলচন্দ্ৰ যোৱাৰ পাছতেই মধুমঞ্জৰী কান্দি কাটি ঠঙাল জেনেৰেলৰ কাষ চাপে আৰু নিজৰ চৰম দুখ দুর্দশাৰ কথা কৈ আশ্রয় বিচাৰে । ঠঙালে মধুমঞ্জৰীক নিজৰ ধৰ্মপুত্ৰী হিচাপে আশ্রয় দিয়ে । 

( ঘ ) মধুমঞ্জৰী কোন ? ‘ টিকেন্দ্ৰজিৎ ’ নাটকত তেওঁৰ ভূমিকা কি ? 

উত্তৰঃ মধুমঞ্জৰী হ’ল মণিপুৰৰ ৰজা সুৰচন্দ্ৰৰ ৰাজসভাৰ ৰাজ নর্তকী । টিকেন্দ্ৰজিৎ’ নাটখনিত মধুমঞ্জৰীৰ কোনো গুৰুত্বপূৰ্ণ ভূমিকা পৰিলক্ষিত নহয় ৷ এই চৰিত্ৰটো নাট্যকাৰৰ নিজস্ব সৃষ্টি । সেয়ে মূল বিষয়বস্তুৰ সৈতে পোনপটীয়া সম্বন্ধ দেখা নাযায় । মধুমঞ্জৰীক ৰাজনৰ্তকী হিচাপে দেখুওৱা হৈছে , ৰজা সুৰচন্দ্ৰ পলায়ন কৰাত মধুমঞ্জৰী আশ্রয়হীনা হৈ ঘুৰি ফুৰোতে বগা চিপাহীৰ হাতত নিজৰ সতীত্ব বিসর্জন দিব লগা হয় । পিছত উপায়হীন মধুমঞ্জৰীয়ে ঠঙাল জেনেৰেলৰ ধৰ্ম কন্যা হিচাপে আশ্রয় লয় । এইখিনিতে মূল বিষয়ৰ সৈতে জড়িত কৰি দিছে । বৃটিছৰ ৰাজ দৰবাৰত মধুমঞ্জৰীয় নৃত্য কৰাৰ ছলেৰে ইংৰাজসকলৰ গোপন মন্ত্ৰণাৰ খবৰ সংগ্ৰহ কৰি টিকেন্দ্ৰজিৎ আৰু ঠঙাল জেনেৰেলক জনাইছে। এইখিনিৰ বাহিৰে অন্য কোনো ভূমিকা চৰিত্ৰটোৰ ক্ষেত্ৰত পোৱা নাযায়।ৰাজকুমাৰী চন্দ্ৰলেখাক সান্ত্বনা আৰু সহযোগ দিয়া মণিপুৰৰ নাৰী সমাজক সংগঠিত কৰা এই সকলোবোৰ কাৰ্য আনুষঙ্গিক মাত্ৰ ৷ 

( ঙ ) শুই থকা সাপক গচকি ধৰিলে সি নিশ্চয় ফেট মেলি উঠিব , ময়ো বিচাৰিছো তাকেই । — কোনে , কেতিয়া আৰু কি প্ৰসঙ্গত কৈছিল ? 

উত্তৰঃ ‘ টিকেন্দ্ৰজিৎ’ নাটকৰ তৃতীয় অংকৰ তৃতীয় দৰ্শনত ঠঙাল জেনেৰেলে এই কথাখিনি মধুমঞ্জৰীক কৈছিল । 

ঠঙালে নিজৰ ঘৰত মধুমঞ্জৰীৰ লগত কথা বতৰা পাতোতে মণিপুৰৰ বৰ্তমান অৱস্থাৰ বিষয়ে কওঁতে এইদৰে কৈছিল । 

ঠঙালে মধুমঞ্জৰীৰ আগত নিজৰ অন্তৰত থকা ইংৰাজ বিদ্বেষৰ কথাখিনি প্ৰকাশ কৰিছিল । তেওঁ ইয়াকো কৈছিল যে তেওঁৰ মনৰ ভাববোৰ টিকেন্দ্ৰজিতৰ মনত সুমুৱাই দিব পৰা নাই । কাৰণ টিকেন্দ্রজিতে হিংসাতকৈ অহিংসাত গুৰুত্ব দিয়ে , ৰক্তপাত নোহোৱা বিপ্লৱ বিচাৰে । কিন্তু বর্তমান ঘটনাৰ সোঁত সলনি হৈছে । ইংৰাজ সকলেই টিকেন্দ্রজিতক ধৰিব বিচাৰিছে গতিকে এইটো তেওঁৰ বাবে ভাল কথা । ইংৰাজে টিকেন্দ্ৰজিতক জোকাই ললে টিকেন্দ্রজিতৰ ইংৰাজ বিদ্বেষ জাগি উঠিব আৰু তেতিয়াই ঠঙালৰ মনৰ আশা পূৰণ হ’ব । সেই প্রসঙ্গতে ঠঙালে এই কথাখিনি কৈছিল । 

( চ ) ‘ টিকেন্দ্রজিৎ নাটকত স্বদেশ প্রেম কেনেকৈ ফুটি উঠিছে , এটা উদাহৰণ দিয়া ৷ 

উত্তৰঃ ‘ টিকেন্দ্ৰজিৎ ‘ অতুলচন্দ্ৰ হাজৰিকাদেৱৰ ৰচিত নাট এই বুৰঞ্জীমূলক নাটখনিৰ মূল বিষয় হ’ল স্বদেশপ্রেম ৷ ইংৰাজৰ হাতৰ পৰা মণিপুৰৰ স্বাধীনতা আৰু হৃত গৌৰৱ উদ্ধাৰৰ কামনা নাটখনিত মূল বিষয় । গতিকে নাটখনিৰ প্ৰায়বোৰ চৰিত্ৰৰ কাৰ্যকলাপ আৰু ঘটনাৰ মাজেৰে স্বদেশপ্রেমৰ ভাব ফুটি উঠিছে । তেনে এটি বিষয়ৰ উদাহৰণ তলত উল্লেখ কৰা হ’ল । 

নাটখনিৰ দ্বিতীয় অংকৰ চতুৰ্থ দৰ্শনত টিকেন্দ্ৰজিৎ আৰু তেওঁৰ পত্নী চন্দ্ৰলেখাৰ কথা বতৰা পতা দেখুৱাইছে চন্দ্ৰাই টিকেন্দ্ৰজিতৰ চিন্তাৰ কাৰণ জানিব বিচাৰিছে । তেতিয়া টিকেন্দ্রজিতে কেনেকৈ ষড়যন্ত্র কৰি মণিপুৰৰ স্বাধীনতা হস্তগত কৰিব তাকে কৈ তেওঁৰ মনত বাহ লৈ থকা চিন্তাৰ কথা মুকলি কৰি দিছে । টিকেন্দ্ৰজিতে কয় যে সৌসিদিনালৈকে মণিপুৰ ধনে ধানে ধন্যা , ফুলে – ফলে পৰিপূৰ্ণা আছিল অথচ সেই মণিপুৰৰ আজি অস্থি – চর্মসাৰ অৱস্থা হৈছে , ইয়াৰ বাবে অৱশ্যেই মণিপুৰবাসীয়ে দায়ী । মণিপুৰৰ ৰাজ পৰিয়ালৰ দুৰ্বলতা , অকর্মণ্যতা আৰু গৃহকন্দলৰ সুযোগ লৈ ইংৰাজে মণিপুৰৰ সকলো হৰণ কৰি নিলে । টিকেন্দ্রজিতে লগতে কৈছে যে এই উপলব্ধিৰ বাবেই যিদিনা সুযোগ মিলিব সেই দিনা মাতৃৰ শিকলি সোলোকাবলৈ নিজকে উচৰ্গা কৰি দিব। 

টিকেন্দ্ৰজিতৰ এই কথাখিনিৰ মাজেৰে মণিপুৰৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেমৰ কথা দাঙি ধৰিছে । 

( ছ ) ৰজা সুৰচন্দ্ৰক কোনে কিয় হত্যা কৰিব খুজিছিল ? 

উত্তৰঃ মণিপুৰৰ সৰু ৰাজকোঁৱৰ আগুচাই ৰজা সুৰচন্দ্ৰক হত্যা কৰিব খুজিছিল । মণিপুৰৰ ৰজা সুৰচন্দ্ৰ আছিল অকর্মণ্য , বিলাসী ৰজা । উত্তৰাধিকাৰী সুত্ৰে ৰাজসিংহাসন লাভ কৰিলেও প্ৰকৃততে তেওঁ আছিল এগৰাকী অযোগ্য ৰজা । ৰাজকাৰ্যৰ প্ৰতি পিঠি দি ৰাজনৰ্তকীৰ নৃত্য গীতত বিভোল হৈ এক বিলাসী জীৱন – যাপন কটাইছিল । বিশেষকৈ ৰাজনৰ্তকী মধুমঞ্জৰীৰ নৃত্যগীত যাৰ ৰূপত সুৰচন্দ্ৰ আছিল বিভোল । তেওঁৰ এনে অকর্মণ্যতাৰ সুযোগ লৈ বিদেশী ইংৰাজ সকলে ক্ৰমে মণিপুৰৰ শাসন নিজৰ হাতত লৈ মণিপুৰৰ স্বাধীনতা হৰণ কৰিব লৈছিল । অথচ দেশৰ এনে দুর্দিনতো ৰজা সুৰচন্দ্ৰ নিজৰ ভোগ – বিলাসত মত্ত হৈ আছিল । সুৰচন্দ্ৰৰ এই কার্য কলাপ টিকেন্দ্রজিৎ আৰু আগুচা কোঁৱৰে ভাল পোৱা নাছিল । সেয়ে অসহ্য হৈ আগুচা কোঁৱৰে ৰজা সুৰচন্দ্ৰক হত্যা কৰিবলৈ হাতত বন্দুক লৈ ৰাজ কাৰেঙত প্ৰৱেশ কৰিছিল ৷ 

( জ ) “ দুমৰ্তি হোৱা নাই , সুমতিয়ে হৈছে বুলি ধৰি লোৱা ” — এই উক্তি কাৰ ? কাক কি বাবে কৈছিল ? 

উত্তৰঃ এই উক্তিটো হ’ল টিকেন্দ্ৰজিতৰ । টিকেন্দ্ৰজিতে এই উক্তিষাৰ কৈছিল ৰজা সুৰচন্দ্ৰক । সুৰচন্দ্ৰই ৰাজকাৰ্যত পিঠি দি ভোগ বিলাসিতাত মত্ত হোৱাত ইংৰাজ শাসকে মণিপুৰৰ শাসন নিজৰ হাতত লৈছিল । টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেলে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ বাবে জনসাধাৰণক সংগঠিত কৰিছিল । এই কাৰ্যক ৰজা সুৰচন্দ্ৰই টিকেন্দ্ৰজিতৰ দুৰ্মতি হোৱা বুলি কৈছিল । তেতিয়া টিকেন্দ্ৰজিতে ৰজা সুৰচন্দ্ৰক কৈছিল দুর্মতি নহয় , সুমতিহে হৈছে । কাৰণ প্ৰজা বা জনসাধাৰণক বিদ্রোহী কৰি তুলিব পাৰিলেই মণিপুৰৰ পৰা ইংৰাজক খেদিব পৰা যাব ৷ সেয়ে দুর্মতিৰ সলনি ইয়াক সুমতি বুলি কৈছে । 

( ঝ ) “ টিকেন্দ্রজিৎ নাটকত থকা যিকোনো এটা প্ৰধান ইংৰাজ চৰিত্ৰৰ বিষয়ে চমু পৰিচয় দিয়া ৷ 

উত্তৰঃ ‘ টিকেন্দ্ৰজিৎ ’ নাটকত থকা এটা প্রধান ইংৰাজ চৰিত্ৰ হ’ল গ্ৰিমউদ । 

গ্রিমউদ হ’ল ইংৰাজৰ পলিটিকেল এজেণ্ট । ইংৰাজৰ অধীনস্ত মণিপুৰৰ তেওঁ শাসনকর্তা বা ইংৰাজ চৰকাৰৰ ৰাজনৈতিক শাসকীয় বিষয় । প্রথম অৱস্থাত গ্রিমউদৰ টিকেন্দ্ৰজিতৰ মধুৰ , বন্ধুত্বৰ সম্পৰ্ক আছিল । তেওঁলোকে অবাধে মিলামিচা , খেল – ধেমালি কৰিছিল । সেয়ে ৰজা সুৰচন্দ্ৰ বৃন্দাবনলৈ যাব ওলোৱাত গ্রিমউদে টিকেন্দ্ৰজিতক ৰজা হোৱাৰ প্ৰস্তাৱ দিছিল । 

মণিপুৰত বিদ্ৰোহৰ জাগৰণ অহাত ইংৰাজ চৰকাৰে ইয়াৰ নেতা বুলি টিকেন্দ্ৰজিতক ধৰি লৈছিল । কুইণ্টন চাহাবে টিকেন্দ্ৰজিতক মণিপুৰৰ পৰা নিৰ্বাসন দিয়াৰ বাবে কুলচন্দ্ৰলৈ চৰ্ত আৰোপ কৰিছিল ৷ তেতিয়া ইংৰাজ বিষয়া স্বত্বেও গ্ৰিমউদে টিকেন্দ্ৰজিতৰ প্ৰতি এনে আদেশে গিমউদৰ মনত মিশ্রিত প্রতিক্রিয়া সৃষ্টি কৰিছিল । সেয়ে ইংৰাজ চৰকাৰৰ আদেশ গ্রিমউদেই টিকেন্দ্রজিতক জনাই দি দুখ প্ৰকাশ কৰিছিল। গ্রিমউদ ইংৰাজ হ’লেও মানবীয় আৰু বন্ধুত্ব গুণৰ অধিকাৰী আছিল ৷ 

( ঞ ) চন্দ্ৰলেখা কোন ? নাটখনৰ শেষ দৃশ্যত তেওঁৰ ভূমিকা কি আছিল ? 

উত্তৰঃ চন্দ্ৰলেখা হ’ল টিকেন্দ্ৰজিতৰ পত্নী । নাটকখনৰ শেষ দৃশ্যত দেখা যায় যে ফাঁচী দিয়াৰ বাবে টিকেন্দ্ৰজিৎ আৰু ঠঙাল জেনেৰেলক ফাঁচীৰ মঞ্চৰ কাষলৈ লৈ অহা হয় । তাতে মধুমঞ্জৰীৰ সৈতে টিকেন্দ্ৰজিতৰ পত্নী চন্দ্ৰাও আহে । এই সময়ত স্বামীৰ আসন্ন বিদায়ৰ বাবে চন্দ্ৰলেখাই কান্দি আছিল ৷ ফাঁচীৰ মঞ্চত উঠোৱাৰ আগমুহূৰ্তত পত্নী হিচাপে দেশপ্রেমিক স্বামীৰ মৃত্যুক অমৰ কৰিবলৈ এধাৰি তুলসীৰ মালা পিন্ধাই দি চন্দনৰ ফোট আঁকি দিয়ে । টিকেন্দ্রজিতে ইয়াক জয় তিলক বুলি কৈ ইয়ে তেওঁক সমগ্ৰ মণিপুৰ বাসীৰ বাবে অমৰ কৰি ৰাখিব বুলি কয় ৷ এনেদৰে নাটখনিৰ শেষ দৃশ্যত এগৰাকী বীৰৰ উপযুক্ত পত্নীৰ কাৰ্য চন্দ্ৰলেখাই সম্পাদন কৰা দেখা যায়।

 ( ট ) ” তোকনো আদা বেপাৰীক সেইবোৰ জাহাজৰ খবৰ কেলেই অ ’ ? ” — কোনে কি প্রসঙ্গত কাক এইদৰে কৈছিল ? 

উত্তৰঃ এই কথাখিনি ৰঘুনন্দন ওস্তাদে কৈছিল । ‘ টিকেন্দ্ৰজিৎ ’ নাটকৰ পঞ্চম অঙ্কৰ দ্বিতীয় দৰ্শনত দেখুওৱা অনুসৰি ৰাজ আলিৰে গৈ থকা অৱস্থাত কলামণি সিং , ভম্বল সিং আৰু ৰঘুনন্দন ওস্তাদে মণিপুৰত দেখা দিয়া অৰাজক অৱস্থাৰ বিষয়ে আলোচনা কৰিছিল । তেওঁলোকৰ মতে ঠঙালৰ নেতৃত্বত পাঁচজন ইংৰাজ বিষয়াক হত্যা কৰাৰে পৰা মণিপুৰত কালিকা লাগিল । ভাটিমুলুকৰ পৰা অধিক সৈন্য আনি ইংৰাজে মণিপুৰৰ বিদ্ৰোহৰ দমনৰ নামত অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছে । কোনেও সাৰি যাব পৰা নাই । আনকি তেওঁলোক তিনিওজন এই অত্যাচাৰ ভুক্তভোগী ল’ব লগা হ’ল । ৰঘুনন্দন ওস্তাদৰ ভৰিত গুলী লাগি ঘুণীয়া হ’ল ৷ এইটো কথা কওঁতে ভম্বল সিঙে জানিব বিচাৰিলে যে অত্যাচাৰী ইংৰাজ চিপাহীৰ বিৰুদ্ধে যুঁজিবলৈ গৈ তেওঁৰ ভৰি ঘুণীয়া হ’ল নে অত্যাচাৰৰ ভয়ত পলাই যাওঁতে ঘুণীয়া হ’ল । সেই প্রসঙ্গতে ৰঘুনন্দন ওস্তাদে ভম্বল সিঙক এনেদৰে কৈছিল । 

( ঠ ) “ অভিনয় শেষ হৈ গ’ল ! কান্দা , কান্দা , মণিপুৰ হিয়া – মূৰ ঢাকুৰি কান্দা । ” – কোনে কেতিয়া এইদৰে আহান জনাইছিল লিখা । 

উত্তৰঃ ‘ টিকেন্দ্ৰজিৎ’ নাটকৰ শেষ দৃশ্যত মধুমঞ্জৰীয়ে এইদৰে আহ্বান জনাইছিল । নাটকৰ শেষ দৃশ্যত টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেলক ফাঁচী দিবলৈ ফাঁচী মঞ্চলৈ লৈ যোৱা সময়ত মধুমঞ্জৰী উপস্থিত হয়হি আৰু টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেলক বিদায় দিয়ে । টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেলৰ ফাঁচী শেষ হোৱাৰ পিছত তেওঁলোক দুয়োজনৰ সাহস , বীৰত্ব আৰু দেশপ্ৰেমক সুঁৱৰি মধুমঞ্জৰীয়ে মণিপুৰ বাসীলৈ এনে দৰে আহ্বান জনাইছিল ৷ 

১০। প্রসঙ্গ সঙ্গতি দেখুৱাই ব্যাখ্যা কৰা : 

( ক ) ভাৰতমাতৃ শৃঙ্খলমুক্তা হ’ব , মণিপুৰত জয়ধ্বজা উৰিব ।’ 

উত্তৰঃ অতুলচন্দ্ৰ হাজৰিকাদেৱৰ টিকেন্দ্ৰজিৎ নাটকৰ প্ৰথম অংকৰ প্ৰথম দৰ্শনৰ পৰা লোৱা হৈছে । উক্ত কথাষাৰি ঠঙাল জেনেৰেলে টিকেন্দ্রজিতক কৈছে । 

লোকটাক হ্ৰদৰ পাৰত ঠঙাল জেনেৰেল আৰু টিকেন্দ্ৰজিতে মণিপুৰৰ অতীত আৰু বৰ্তমান সম্বন্ধে আলোচনা কৰিছিল । বৰ্তমান মণিপুৰত ইংৰাজ আধিপত্যৰ প্ৰসংগত তাক কেনেকৈ উফৰাব পাৰি সেই কথাও আলোচনা কৰিছিল । কথাৰ প্ৰসংগতে টিকেন্দ্রজিতে কৈছিল যে ভাৰতে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ইংৰাজক খেদাৰ এটা সুযোগ আহিছিল কিন্তু সেই সময়ত সমগ্ৰ মণিপুৰবাসী ঘোৰ নিদ্ৰাত মগ্ন হৈ আছিল । সেই প্রসঙ্গতে ঠঙাল জেনেৰেলে এই কথাষাৰ কৈছিল । 

ঠঙালে কৈছিল যে ১৮৫৭ খৃঃ সমগ্ৰ মণিপুৰবাসী নিদ্রামগ্ন হৈ থাকিলেও তেওঁ সেইদিনা চিপাহীৰ শাৰীত থিয় দিছিল । উদ্দেশ্য আছিল সমগ্ৰ ভাৰতবৰ্ষ ইংৰাজ শাসনৰ পৰা শৃঙ্খলামুক্ত হ’ব , তাৰ লগতে মণিপুৰতো ইংৰাজৰ আধিপত্য নোহোৱা হৈ বিজয়ৰ ধ্বজা উৰিব । কিন্তু কাৰ্যত সেয়া নহ’লগৈ । 

( খ ) “ কোৱা , উত্তৰ দিয়া । ৰজাৰ নিচিনা ৰজা হ’ব পাৰিবা নে নোৱাৰা ? ” 

উত্তৰঃ উক্ত কথাষাৰি টিকেন্দ্ৰজিৎ নাটকৰ দ্বিতীয় অংকৰ দ্বিতীয় দৰ্শনৰ পৰা উল্লেখ কৰা হৈছে ৷ এই কথাষাৰি ঠঙালৰ উক্তি । তেওঁ ৰজা কুলচন্দ্ৰক এইদৰে কৈছিল । 

ৰজা সুৰচন্দ্ৰই ৰাজসিংহাসন এৰি গুচি যোৱাত ইংৰাজৰ অনুমোদন ক্ৰমে কুলচন্দ্ৰ ৰজা হয় । ৰজা হোৱাৰ পাচত তেওঁ বৃদ্ধ ঠঙাল জেনেৰেলৰ আৰ্শীবাদ লৈছিল , তেতিয়াই ঠঙালে এনেদৰে কৈছিল । 

ঠঙালৰ মতে মণিপুৰৰ বৰ্তমান অৱস্থাৰ বাবে দায়ী হ’ল মণিপুৰৰ দুৰ্বল ৰজা ৷ এওঁলোকেই নিজৰ বীৰত্ব সাহস পাহৰি ইংৰাজক আদৰি আনিছিল আৰু ৰজা সুৰচন্দ্ৰৰ অকর্মণ্যতাৰ সুযোগ লৈ তেওঁলোক মণিপুৰৰ অধিপতি হৈ পৰিল । মণিপুৰৰ প্ৰকৃত ৰজা হ’ব বিচাৰিলে মণিপুৰৰ এই হৃত গৌৰৱ উদ্ধাৰ কৰিব লাগিব । তাৰ বাবে প্ৰয়োজন হ’লে ইংৰাজৰ বিৰুদ্ধে যুদ্ধও কৰিব লাগিব । এতিয়া ৰজা কুলচন্দ্ৰই সেয়াই পাৰিবনে নাই তাৰে প্ৰসংগত ঠঙালে এনেদৰে কৈছিল । ঠঙালৰ মতে যদি মণিপুৰক ভাল পায় , মণিপুৰৰ প্ৰকৃত ৰজা হ’ব বিচাৰে , তেন্তে অৱশ্যেই বিদ্রোহ কৰিব লাগিব । ইংৰাজক খেদি মণিপুৰৰ স্বাধীনতা ঘূৰাই আনিব লাগিব ।

( গ ) ” যিদিনা মাতৃপূজাৰ মাহেন্দ্ৰক্ষণ মিলিব সেইদিনা মই ভীষণ কঠোৰ হম । ” 

উত্তৰঃ উক্ত কথাষাৰি অতুলচন্দ্ৰ হাজৰিকাদেৱৰ ‘ টিকেন্দ্ৰজিৎ ’ নাটকৰ দ্বিতীয় অংকৰ চতুৰ্থ দর্শনৰ পৰা উল্লেখ কৰা হৈছে । 

এই কথাষাৰি টিকেন্দ্রজিতে তেওঁৰ পত্নী চন্দ্রলেখাক কৈছে । 

আপোন ঘৰত টিকেন্দ্রজিতে পত্নীৰ সৈতে কথা বতৰা পাতোতে পত্নী চন্দ্রলেখাই টিকেন্দ্রজিতক চিন্তা কৰি থকা বুলি কয় । এই চিন্তা কিহৰ বুলি জানিব বিচৰাত টিকেন্দ্ৰজিতে মণিপুৰৰ পৰাধীনতাই তেওঁৰ চিৰ অন্যতম কাৰণ বুলি কয় । চন্দ্ৰলেখাই এই প্ৰসংগত মণিপুৰৰ মুক্তিৰ বাবে ইংৰাজৰ সৈতে সকলো সম্পর্ক ছেদ কৰিবলৈ কোৱাত টিকেন্দ্রজিতে এনেদৰে কৈছিল ৷ 

টিকেন্দ্ৰজিতৰ ইংৰাজৰ সৈতে সু – সম্পর্ক থাকিলেও অন্তৰৰ পৰা তেওঁ মণিপুৰৰ বৰ্তমান দুৰৱস্থাৰ বাবে ইংৰাজকে দোষী বুলি ধৰিছিল । চল কৰি ইংৰাজে মণিপুৰৰ স্বাধীনতা হৰণ কৰি লৈছিল ৷ সেয়ে ইংৰাজৰ প্ৰতি তেওঁৰ তীব্ৰ বিদ্বেষ আছিল । সেয়ে চন্দ্রাই যেতিয়া সম্পর্ক ছেদ কৰাৰ কথা কৈছিল তেতিয়া টিকেন্দ্ৰজিতে নিজৰ মনৰ কথা খুলি কৈছিল যে সেয়া তেওঁ অৱশ্যেই কৰিব ৷ মাথো সুযোগৰ অপেক্ষা কৰিছে।যিদিনা সুযোগ লাভ কৰিব সেইদিনা তেওঁ সকলো সম্পর্ক ছেদ কৰি পূৰ্ণশক্তিৰে মণিপুৰৰ স্বাধীনতাৰ বাবে সংগ্ৰামত জপিয়াই পৰিব । সেইদিনা কোনোৱে তেওঁক নিজৰ পথৰ পৰা আঁতৰ কৰিব নোৱাৰে । মণিপুৰৰ স্বাধীনতা ঘৰাই অনাৰ বাবে তেওঁ সকলো প্ৰয়াস কৰিব ।

( ঘ ) “ সাপৰ বিশ্বাস নাই , বাঘৰ বিশ্বাস নাই , বগা বণিকৰ বিশ্বাস নাই । ” 

উত্তৰঃ উক্ত কথাষাৰি অতুলচন্দ্ৰ হাজৰিকা দেৱৰ ৰচিত ‘ টিকেন্দ্ৰজিৎ ’ নাটক তৃতীয় অংকৰ তৃতীয় দৰ্শনৰ পৰা লোৱা হৈছে । 

এইষাৰ কথাৰ বক্তা হ’ল ঠঙাল জেনেৰেল ৷ ঠঙাল জেনেৰেল আৰু মধুমঞ্জৰীয়ে নিজৰ ঘৰত বহি কথা পাতোতে ঠঙালে ইংৰাজৰ প্ৰতি থকা তেওঁৰ বিদ্বেষ প্ৰকাশ কৰাৰ প্ৰসংগত এনেদৰে কৈছিল । 

মধুমঞ্জৰীয়ে টিকেন্দ্ৰজিৎ আৰু ইংৰাজৰ মাজত প্ৰকট হৈ উঠা বিৰোধিতা প্ৰসংগত কৈছিল যে টিকেন্দ্রজিতৰ সৈতে ইংৰাজসকলৰ প্ৰতি তেওঁৰ কোনো অহিত চিন্তা নাই তাতে এজেণ্ট চাহাবৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক । গতিকে ইংৰাজে টিকেন্দ্রজিতক কিয় শত্রু বুলি অনিষ্ট কৰিব । তেতিয়া ঠঙালে কৈছিল যে ইংৰাজ সকল এনে যে সিহঁতৰ কোনো বিশ্বাস নাই । নিজৰ স্বার্থ পুৰাবলৈ সিহঁতে যি কোনো কাম কৰিব পাৰে । যেনেদৰে সাপত বিশ্বাস কৰিব নোৱাৰি , বাঘত বিশ্বাস কৰিব নোৱাৰি , তেনেদৰে ইংৰাজ সকলকো বিশ্বাস কৰিব নোৱাৰি । এনেদৰে ঠঙাল জেনেৰেলে ইংৰাজৰ প্ৰতি থকা তেওঁৰ বিদ্বেষ প্ৰকাশ কৰিছিল । 

( ঙ ) “ টিকেন্দ্ৰজিৎ বণিয়া ইংৰাজৰ গোলাম নহয় । লগতে ইয়াকো ক’বা— স্বাধীন মণিপুৰে ইংৰাজ চৰকাৰে উপহাৰ দিয়া সোনৰ শিকলি ছিঙি পেলাবলৈ সাজু হৈছে । ” 

উত্তৰঃ উক্ত কথা কেইশাৰী অতুলচন্দ্ৰ হাজৰিকাদেৱে লিখা ‘ টিকেন্দ্ৰজিৎ’ নাটকৰ চতুৰ্থ অংকৰ প্ৰথম দৰ্শনৰ পৰা উল্লেখ কৰা হৈছে । কথাষাৰিৰ বক্তা হ’ল মণিপুৰৰ সেনাপতি টিকেন্দ্ৰজিতৰ । তেওঁ কোম্পানীৰ এজেণ্ট গ্রিমউদক এইদৰে কৈছিল । 

এই দৃশ্যৰ পৰা জনা যায় যে ইংৰাজে দৰবাৰ পাতি কুলচন্দ্ৰক মণিপুৰৰ ৰজা আৰু টিকেন্দ্রজিতক নিৰ্বাসন দিয়াৰ কথা ঘোষণা কৰিব বিচাৰিছিল । কিন্তু টিকেন্দ্রজিৎ উপস্থিত নথকা বাবে দৰবাৰ স্থগিত ৰখা হয় । ইংৰাজে মণিপুৰৰ জাগি উঠা বিদ্ৰোহৰ মূল নেতা ‘ টিকেন্দ্রজিৎ ’ বুলি ধৰি লৈছিল আৰু সেয়ে বিদ্রোহ দমনৰ বাবে চক্রান্ত কৰি টিকেন্দ্ৰজিতক নির্বাসন দিব বিচাৰিছিল । ‘ টিকেন্দ্ৰজিৎ ’ নোযোৱা বাবে কোম্পানীৰ এজেণ্ট গ্রিমউদে টিকেন্দ্রজিতৰ কাৰেঙলৈ আহি এই সিদ্ধান্ত জনাই দিয়ে । লগতে গ্রিমউদে বন্ধুত্বক সুঁৱৰি কয় যে তেওঁ চৰকাৰৰ গোলাম মাত্র , সেযে তেওঁৰ ইচ্ছাৰ বিপৰীত হ’লেও তেওঁ আদেশ জনাবলৈ বাধ্য । 

এই প্রসঙ্গতে টিকেন্দ্রজিতে এনেদৰে কৈছিল যে গ্রিমউদ চৰকাৰৰ গোলাম, গতিকে আদেশ মানিবই লাগিব , কিন্তু টিকেন্দ্ৰজিৎ‍ ইংৰাজৰ গোলাম নহয় গতিকে নিজৰ জন্ম ভূমিৰ পৰা স্ব ইচ্ছাৰে কিয় নির্বাসিত হ’ব । লগতে ইয়াকো কৈছিল যে মণিপুৰ স্বাধীন ৰাজ্য আছিল ৷ মিত্ৰতাৰ ছলেৰে পৰাধীনতা যি শিকলি ইংৰাজে পিন্ধাই দিছে এতিয়া সেয়া মণিপুৰবাসীয়ে বুজি উঠিছে । আৰু এই পুনৰ স্বাধীন হ’বলৈ সাজু হৈছে । এনেদৰে টিকেন্দ্ৰজিত ইংৰাজৰ প্ৰতি থকা তেওঁৰ বিদ্বেষ প্ৰকাশ কৰি বিদ্ৰোহৰ আগজাননী দিছিল । 

( চ ) “ সিহঁতে আউসী ধাৰ পূৰ্ণিমাত শুজিহে এৰিব । ” 

উত্তৰঃ আলোচ্য কথাফাঁকি অতুলচন্দ্ৰ হাজৰিকা দেৱৰ ৰচিত ‘ টিকেন্দ্ৰজিৎ ’ নাটকৰ পঞ্চম অংকৰ প্ৰথম দৰ্শনৰ পৰা উল্লেখ কৰা হৈছে।এই কথা শাৰীৰ বক্তা হ’ল মধুমঞ্জৰী । মধুমঞ্জৰীয়ে কথাখিনি চন্দ্ৰলেখাক কৈছিল । 

এই দৃশ্যৰ পৰা জনা যায় যে ঠঙালে পাঁচজন ইংৰাজ বিষয়াক হত্যা কৰাত ইংৰাজৰ সৈন্যই মণিপুৰ আক্ৰমণ কৰে । ফলত বিদ্ৰোহৰ নেতা ৰজা সকলোৱে আত্মগোপন কৰিব লগা হয় । টিকেন্দ্রজিতে পত্নী চন্দ্ৰলেখাক মধুমঞ্জৰীৰ তত্বাৱধানত হাবিৰ মাজত এৰি যায় । চন্দ্ৰলেখাই তেনে অৱস্থাত মধুমঞ্জৰীৰ পৰা মণিপুৰৰ বাতৰি , ৰজা – যুৱৰাজৰ বাতৰি জানিব বিচৰাত মধুমঞ্জৰীয়ে মণিপুৰৰ অৰাজক অৱস্থাৰ কথা বর্ণনা কৰে । লগতে জনায় যে , ঠঙাল জেনেৰেল , ৰজা কুলচন্দ্ৰ সকলো এজন এজনকৈ বন্দী হৈছে । টিকেন্দ্রজিতো আত্মসমৰ্পন কৰিবলৈ বাধ্য হৈছে । চন্দ্ৰলেখাৰ মতে এয়া অভাৱনীয় । মণিপুৰৰ বন্দী নেতাসকলৰ ভৱিষ্যত সম্বন্ধে চন্দ্ৰলেখাই জানিব বিচৰাত মধুমঞ্জৰীয়ে কৈছিল যে সম্ভৱ আটাইকেইজনৰে প্ৰাণদণ্ড হ’ব । সিহঁতে আউসীৰ ধাৰ পূৰ্ণিমাত শুজিহে এৰিব । অর্থাৎ সিহঁতৰ পাঁচজন বিষয়াৰ হত্যা কৰাৰ পোটক এই সুযোগত অৱশ্যেই ল’ব । ইয়াকে এনেদৰে কৈছিল । 

( ছ ) নুবুৰো মানে বাম , নমৰো মানে চাম । 

উত্তৰঃ উক্ত কথাষাৰি অতুলচন্দ্ৰ হাজৰিকাদেৱে ৰচনা কৰা টিকেন্দ্রজিত নাটকৰ পঞ্চম অংকৰ প্ৰথম দৰ্শনৰ পৰা উল্লেখ কৰা হৈছে । এই কথাখিনি মধুমঞ্জৰীয়ে কৈছে । 

১১। চমুটোকা লিখা : 

( ক ) ঠঙাল 

উত্তৰঃ ঠঙালে পাঁচজন ইংৰাজ বিষয়াক হত্যা কৰাত ইংৰাজ চিপাহীয়ে আহি মণিপুৰ আক্ৰমণ কৰেহি । ইংৰাজৰ শক্তিৰ সন্মুখত মণিপুৰবাসীৰ থৰকাছুটি হোৰায় ৷ ৰজা , যুৱৰাজ টিকেন্দ্ৰজিৎ ঠঙাল পলায়ন কৰি শেষত বন্দী হয় । এনেদৰে মণিপুৰৰ নেতাসকল বন্দী হোৱাত মণিপুৰৰ

ভৱিষ্যত অন্ধকাৰ হৈ পৰে । মণিপুৰৰ স্বাধীনতা চিৰকালৰ বাবে মাৰ যোৱাৰ উপক্ৰম হ’ল । চন্দ্ৰলেখা আৰু মধুমঞ্জৰীয়ে এনেবোৰ কথাকে আলোচনা কৰি আছিল । মণিপুৰৰ বিপৰ্য্যক্ত অৱস্থাত আতুৰ হৈ পৰা চন্দ্ৰলেখাক মধুমঞ্জৰীয়ে এনেদৰে সান্তনা দিছিল যে এতিয়াও সকলো শেষ হৈ যোৱা নাই । দেশৰ প্ৰতি বন্দী নেতাসকলৰ প্ৰতি তেওঁলোকৰ কৰণীয় এতিয়াও আছে । সেয়ে কৈছিল যে অধৈৰ্য্য হৈ নিৰাশ হোৱাৰ সময় হোৱা নাই । কাৰণ , নুবুৰালৈ বায়ে থাক , নমৰালৈ চেষ্টা কৰি থাকিব লাগিব। 

উত্তৰঃ ঠঙাল :- ঠঙাল জেনেৰেল টিকেন্দ্রজিৎ নাটকৰ এটা সক্রিয় চৰিত্ৰ । বৃদ্ধ ঠঙাল জেনেৰেলৰ অন্তৰ মণিপুৰৰ স্বাধীনতাৰ কামনাই উদ্বাউল কৰি তুলিছিল । সেয়ে দুর্বল ৰজা সুৰচন্দ্ৰৰ ঠাইত টিকেন্দ্ৰজিতক মণিপুৰৰ নেতা কৰি দেশোদ্ধাৰৰ মন্ত্ৰত দীক্ষিত কৰিছিল৷অকল এয়ে নহয় , কেনেকৈ , ক’ত , কি কৰিব লাগিব তাৰো পৰামৰ্শ দিছিল । কিন্তু এই ক্ষেত্ৰত দেখা গৈছিল টিকেন্দ্ৰজিতৰ সৈতে তেওঁৰ ভাব – চিন্তা আৰু আদৰ্শৰ পাৰ্থক্য আছিল আৰু এই মত পার্থক্যৰ চূড়ান্ত প্রকাশ পাইছিল বন্দী ইংৰাজ বিষয়াৰ হত্যা কৰাৰ কাৰ্যত । টিকেন্দ্ৰজিতৰ অমত স্বতেও ঠঙাল জেনেৰেলে তেওঁলোকক মৃত্যুদণ্ড দিছিল । ইয়াত ক্ষুদ্ধ হৈ ইংৰাজসকলে বাহিৰৰ পৰা নতুন সৈন্য আনি মণিপুৰ আক্ৰমণ কৰিছিল । ৰজা কুলচন্দ্ৰ আৰু ঠঙাল জেনেৰেল ইংৰাজৰ হাতত বন্দী হৈছিল । ব্ৰিটিছে মণিপুৰত বিদ্রোহ সংঘটিত কৰা আৰু পাঁচজন ইংৰাজ বিষয়াক হত্যা কৰাৰ অভিযোগত বন্দী টিকেন্দ্রজিৎ আৰু ঠঙাল জেনেৰেলক ফাঁচীৰ আদেশ দিয়ে । সেই মতে দুয়োকে ফাঁচী দিয়া হৈছিল । 

১২। “ ৰাজসিংহাসনৰ প্ৰতি মোৰ আকাংক্ষা নাই চাহাব ৰজাৰ অবিহনে যুৱৰাজে ৰাজপাটত বহাটো মণিপুৰৰ প্ৰচলিত নিয়ম । ” এই সংলাপটিৰ বক্তা কোন ? কাক , কি প্ৰসংগত এনেকৈ কৈছে ? 

উত্তৰঃ ৰাজকুমাৰ টিকেন্দ্ৰজিৎ ৷ তেওঁ মহাৰাজ সুৰচন্দ্ৰ বৃন্দাবনলৈ যাবলৈ ওলোৱা কথা এজেন্ট গ্রিমউদ চাহাবক কোৱাত চাহাবে ৰজাৰ অনুপস্থিতিত টিকেন্দ্ৰজিতক ৰজা হ’বলৈ কোৱাত টিকেন্দ্রজিতে সংলাপটো কৈছে ।

১৩। “ বিদেশী ব’গা ৰণিকে এই যুদ্ধৰ নাম দিছিল – চিপাহী বিদ্রোহ । ” এই সংলাপটিৰ বক্তা কোন ? ‘ ব’গা বণিক ’ কোন ? কি যুদ্ধৰ নাম ‘ চিপাহী বিদ্ৰোহ’ দিছে ? 

উত্তৰঃ সংলাপটিৰ বক্তা টিকেন্দ্ৰজিৎ । ব’গা বণিক ইংৰাজসকল । ১৮৫৭ চনত ৰাণী লক্ষ্মীবাই নানাচাহে টান্টিয়া টোপী , মণিৰাম দেৱান আদিয়ে ইংৰাজক ভাৰতৰ পৰা খেদি পঠাবলৈ যি বিদ্ৰোহ কৰিছিল ইংৰাজসকলে সেই যুদ্ধৰ নাম চিপাহী বিদ্রোহ দিছে ।

1 thought on “Class 11 Advance Assamese Chapter 10 টিকেন্দ্রজিৎ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top