Class 12 Adv Assamese Chapter 16 (ক) উপন্যাস সাহিত্য

Class 12 Adv Assamese Chapter 16 (ক) উপন্যাস সাহিত্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Advance Assamese Chapter 16 (ক) উপন্যাস সাহিত্য and select needs one.

Class 12 Adv Assamese Chapter 16 (ক) উপন্যাস সাহিত্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 16 (ক) উপন্যাস সাহিত্য Solutions for All Subject, You can practice these here…

(ক) উপন্যাস সাহিত্য

পাঠ: (ক)

সাহিত্যৰ বুৰঞ্জী  ( ১৮৮০ – ১৯৪০ )

চমু প্ৰশ্ন

১) উপন্যাস ৰচনাত পদ্মনাথ গোহাঞিবৰুৱাই কি দৰে কৃতকাৰ্যতা লাভ কৰিছে লিখা । 

উত্তৰঃ- অসমীয়া উপন্যাস সাহিত্যৰ শুভাৰম্ভ ঘটে পদ্মনাথ গোহাঞিবৰুৱাৰ হাততে । গোহাঞিবৰুৱাৰ উপন্যাস দুখন – ভানুমতী আৰু লাহৰী । ভানুমতী বিজুলী কাকতত ১৮৯০ চনত ছোৱা ছোৱাকৈ প্ৰকাশিত হৈছিল আৰু লাহৰী উপন্যাস ১৮৯২ চনত প্ৰকাশ পায় । এই দুখন উপন্যাসৰ জুৰিয়তে পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া সাহিত্যত বাটকটীয়াৰূপে নিজকে প্ৰতিষ্ঠা কৰি গল ।

ভানুমতী এখনি পাৰিবাৰিক উপন্যাস । উপন্যাসখনৰ কাহিনী সংস্থাপিত কৰিছে ঐতিহাসিক পটভূমিত । উপন্যাসখনিত দুগৰাকী প্ৰেমিকাই এজন যুৱকক আৰু তাৰ বিপৰীতে দুজন প্ৰতিদ্বন্দ্বী পুৰুষে এগৰাকী যুৱতীক লাভ কৰিবলৈ প্ৰায়স কৰাৰ চেষ্টা ৰূপায়িত হৈছে । কাহিনীটোৰ আৰম্ভণিৰ পৰা শেষলৈকে আৱেগত তীব্ৰতা , উৎকণ্ঠা , জটিল ঘটনাৰ উৎসুক্য প্ৰকাশৰ সুযোগ আছিল যদিও লেখকৰ কল্পনাই সেইবোৰ সম্যকভাৱে ঢুকি পোৱা নাই । 

গোহাঞিবৰুৱাৰ দ্বিতীয়খনি উপন্যাস লাহৰীও এখন পাৰিবাৰিক উপন্যাস । এইখনি উপন্যাসৰ কাহিনীও মানৰ আক্ৰমণৰ পটভূমিত অৰ্থাৎ ঐতিহাসিক পটভূমিতে সংস্থাপিত হৈছে । কাহিনী ভানুমতীতকৈ জটিল যদিও সুসংবদ্ধ নহয় । দুটা সমান্তৰাল প্ৰেম কাহিনী ক্ষীণ যোগসূত্ৰেৰে উপন্যাসখনিত গাঁথি থোৱা হৈছে ।

গোহাঞিবৰুৱাৰ এই দুয়োখন উপন্যাসৰ মাজত কেইটিমান সাধাৰণ বৈশিষ্ট্য চকুত পৰে । দুয়োখনি উপন্যাসৰ কাহিনীৰ পৃষ্ঠভূমি ঐতিহাসিক হলেও দৰাচলতে ইতিহাসৰ কোনো বিশেষ ঘটনাৰ লগত কাহিনী দুটাৰ ঘনিষ্ঠ সম্পৰ্ক নাই ।  ‘ভানুমতী’ত ৰজা শিৱসিংহৰ কাল আৰু ‘লাহৰী’ত মানৰ আক্ৰমণৰ শেষ কালছোৱাৰ পটভূমিত কাহিনী সংস্থাপন কৰিছে । কিন্তু ইতিহাসৰ লগত কাহিনীৰ সম্পৰ্ক বৰ ক্ষীন । উপন্যাস দুখনিত কাহিনী বিকাশৰ কৌশলৰ সাদৃশ্য ঠায়ে ঠায়ে লক্ষ্য কৰা যায় । উপন্যাস দুখনিৰ দুয়োজন নায়কেই সমধৰ্মী – তেওঁলোক নিষ্ক্ৰিয় , সামাজিক বিধি নিষেধ উলংঘা কৰিব নোখোজা যুৱক , দৈৱ মুখাপেক্ষী ।

গোহাঞিবৰুৱাৰ উপন্যাসৰ আলোচনা প্ৰসংগত এই কথা মনত ৰাখিব লাগিব যে উপন্যাস দুখনি ৰচনাৰ সময়ত লেখকৰ জীৱন অভিজ্ঞতা পুৰঠ নহয় , কেঁচা । বয়সো কোমল আৰু উপন্যাস সাহিত্য ৰচনাৰ সেয়া প্ৰথম প্ৰায়স । গতিকে এনে পৰিপ্ৰেক্ষিতত ৰচিত উপন্যাস দুৰ্বল আৰু ত্ৰুটিপূৰ্ণ হোৱা স্বাভাৱিক । পূৰ্বৱৰ্তী অসমীয়া উপন্যাস কোনো আৰ্হি নথকা অৱস্থাত গোহাঞিবৰুৱাই প্ৰকৃত উপন্যাসৰ আদৰ্শ সৃষ্টি কৰাত যি বৰঙণি আগবঢ়ালে তাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ ৰব ।

২) অসমীয়া উপন্যাস সাহিত্যলৈ দণ্ডীনাথ কলিতাৰ অৱদান সম্পৰ্কে এটি আলচ কৰা ।

অথবা

দণ্ডীনাথ কলিতাৰ প্ৰথম উপন্যাসখনৰ নাম কি ? ঔপন্যাসিক হিচাপে তেখেতৰ এটি পৰিচয় দিয়া ।

উত্তৰঃ- দণ্ডীনাথ কলিতাৰ প্ৰথম উপন্যাসখনৰ নাম ‘ফুল’ । এই উপন্যাসখনি ছাত্ৰৱস্থাতে ১৯০৮ চনত প্ৰকাশ পায় । 

অসমীয়া উপন্যাস সাহিত্যত ৰজনীকান্ত বৰদলৈৰ পিছত ঔপন্যাসিক সকলৰ ভিতৰত দণ্ডীনাথ কলিতা অন্যতম । কলিতাৰ উপন্যাসকেইখন হল – ফুল , পৰিচয় , গনবিপ্লৱ , সাধনা আৰু আৱিষ্কাৰ । তেওঁৰ এই উপন্যাসকেইখনত সামাজিক শ্ৰেণী বা স্তৰ বিশেষৰ ভণ্ডামি , ব্যভিচাৰ আৰু দুৰ্নীতিৰ চিত্ৰ প্ৰচুৰ । সমাজ সমালোচনাই তেওঁৰ উপন্যাসত প্ৰধান স্থান লাভ কৰিছে । বিদ্ধৰূপ বা ব্যংগই তেওঁৰ কাহিনীত বিশেষ গুৰুত্ব লাভ কৰিছে । লেখকৰ স্বকীয় আদৰ্শবাদৰ ধ্বজাবাদী নায়ক চৰিত্ৰৰ বাহিৰে উপন্যাসৰ সৰহভাগ  চৰিত্ৰক ব্যংগ বিদ্ধৰূপৰ দৃষ্টিৰে তেওঁ অংকন কৰিছে ।

কলিতাৰ প্ৰথম উপন্যাস ফুল । স্কুলীয়া ছাত্ৰ অৱস্থাত ৰচনা কৰা কাৰণে কেঁচা হাতৰ স্থূল প্ৰলেপ উপন্যাসখনিত স্পষ্ট । মানৰ শেষ আক্ৰমণৰ সময়ৰ অৰাজকতা আৰু অস্থিৰ অৱস্থাৰ পটভূমিত উপন্যাসখনিত দুগৰাকী গাভৰুৰ নানা বিপদ আপদৰ পিছত প্ৰণয় পাত্ৰৰ লগত এই উপন্যাসত প্ৰদৰ্শিত হৈছে । মানৰ আক্ৰমণৰ পটভূমিত কাহিনী সংস্থাপিত হলেও প্ৰকৃততে ঐতিহাসিক ঘটনাৰ লগত উপন্যাসৰ কাহিনীৰ কোনো সম্পৰ্ক নাই । 

কলিতাৰ দ্বিতীয় উপন্যাস সাধনাই  ১৯২৮ চনত সেই সময়ৰ শ্ৰেষ্ঠ সামাজিক উপন্যাস ৰূপে পুৰস্কাৰ লাভ কৰিছিল । তেওঁৰ উপন্যাসৰাজিৰ ভিতৰত এইখন উপন্যাসেই শ্ৰেষ্ঠ । উপন্যাসখনিৰ কেন্দ্ৰস্থ বিষয় হল ভণ্ড , প্ৰতিক্ৰিয়াশীল , স্বাৰ্থাম্বেষী গোষ্ঠীৰ সংস্কাৰগামী আদৰ্শ প্ৰয়াসীৰ সংঘৰ্ষ , এহাতে তথাকথিত আধুনিক শিক্ষাপ্ৰাপ্ত চহৰৰ মধ্যবিত্ত শ্ৰেণীৰ ইন্দ্ৰিয় লালসা পূৰণকামী ভণ্ডৰ দল আৰু আনহাতে সিহঁতৰ বিৰুদ্ধে নিৰ্ভীক ভাবে থিয় দিয়া এজন যুৱকৰ কাহিনী উপন্যাসখনিত বৰ্ণিত হৈছে । 

কলিতাৰ তৃতীয় উপন্যাস আৱিস্কাৰৰ কাহিনীভাগ গঢ়ি উঠিছে মাধৱ নামৰ এজন উৎকট আদৰ্শবাদী , সংস্কাৰ প্ৰয়াসী যুৱকৰ কাৰ্যকলাপৰ ভেটিত । উপন্যাসখনিৰ কাহিনীৰ আৰু চৰিত্ৰ সৃষ্টি দুয়োটাই দুৰ্বল । তেওঁৰ  ‘গণবিপ্লৱ’ উপন্যাসখনি ঐতিহাসিক মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত ৰচিত হৈছে যদিও লেখকে মোৱামৰীয়া বিদ্ৰোহক আহোম ৰজাৰ স্বেচ্ছাচাৰিতা আৰু অত্যাচাৰৰ বিৰুদ্ধে সদৌ জনগণৰ বিদ্ৰোহ বুলি কৈছে , কাৰ্যত : কিন্তু জনতাৰ বিপ্লৱ বা বিদ্ৰোহলৈ লিখনিৰ তাক ৰূপান্তৰ কৰি দেখুৱাব পৰা নাই । কলিতাৰ শেষৰ উপন্যাস পৰিচয় । এই গ্ৰন্থখনি উপন্যাস হিচাপে সাৰ্থক হৈছে বুলি কব নোৱাৰি ।

দণ্ডীনাথ কলিতাৰ উপন্যাসৰ চাৰিত্ৰসমূহ সততে টাইপ চৰিত্ৰ । সাধনা আৰু আৱিস্কাৰত সমাজৰ দোষ ত্ৰুটি আৰু সমস্যাৰ বিশ্লেষণ আছে । উৎকট আদৰ্শবাদী আৰু সংস্কাৰকামী মনোবৃত্তিয়ে তেওঁৰ উপন্যাসক কলাৰ স্বাভাৱিক বিকাশত সহায়ক নহৈ প্ৰতিবন্ধক হৈ পৰা যেনহে লাগে।কৃত্ৰিম পৰিস্থিতি আৰু দীৰ্ঘ আলোচনাই আখ্যানৰ ৰস আস্বাদনত ব্যাঘাত জন্মইছে । সেয়ে তেওঁৰ উপন্যাসৰাজি ৰসোত্তীৰ্ন হৈছে বুলি কব নোৱাৰি ।

৩)  অসমীয়া উপন্যাস সাহিত্যলৈ দৈৱচন্দ্ৰ তালুকদাৰৰ অৱদানৰ বিষয়ে এটি  আলচ যুগুত কৰা ।

অথবা

ঔপন্যাসিক হিচাপে দৈৱচন্দ্ৰ তালুকদাৰৰ এটি চমু পৰিচয় দিয়া ।

উত্তৰঃ- ৰজনীকান্ত বৰদলৈৰ পিছত অসমীয়া ঔপন্যাসিক সকলৰ ভিতৰত দৈৱচন্দ্ৰ তালুকদাৰো অন্যতম । দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাস ছখন , সেইকেইখন হল – ধুৱলী – কুঁৱলী , অপূৰ্ণ , আগ্নেয়গিৰি  , বিদ্ৰোহ, আদর্শপীঠ আৰু দুনীয়া । দৈৱচন্দ্ৰ তালুকদাৰৰ উদ্ভাৱৰ সময়ছোৱাত জাতীয় জাগৰণ আৰু স্বাধীনতা আন্দোলনৰ সময় , গতিকে সমাজ সংস্থাৰৰ আদর্শই আৰু জাতীয় উন্নতিৰ পৰিকল্পনাই আনসকল লেখকৰ দৰে দৈৱচন্দ্ৰ তালুকদাৰকো অনুপ্ৰাণিত কৰিছিল । দৈৱচন্দ্ৰ তালুকদাৰে তেওঁৰ উপন্যাসৰাজিৰ জৰিয়তে সমাজৰ আৱৰ্জনাৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰিছে আৰু সংস্কাৰ অটো উন্নতিৰ পৰিকল্পনাও উপন্যাসৰ যোগেদি দাঙি ধৰিছে ।

তেওঁৰ প্ৰথম উপন্যাস ধুৱলী কুঁৱলী ছাত্ৰ অৱস্থাৰ ৰচনা । কাহিনীটোত চপল কল্পনাৰ প্ৰগাঢ় অনুলেপন আছে । ডেকা বয়সৰ ৰোমান্টিক ভাব কল্পনাৰ স্বাক্ষৰ ইয়াত বৰ্তমান । দ্বিতীয় উপন্যাস আগ্নেয়গিৰিত বিধৱাৰ সমস্যা দাঙি ধৰা হৈছে । কাহিনীটোত বিশেষ অভিনৱত্ব বা জটিলতা নাই । এইখন উপন্যাসৰে দ্বিতীয় খণ্ড হল বিদ্রোহী । এইখনি উপন্যাসৰ চৰিত্ৰবোৰ লেখকৰ আদৰ্শবাদৰ পুতলা হৈ পৰিছে ।

দৈৱচন্দ্ৰ তালুকদাৰৰ চতুৰ্থ উপন্যাস – অপূৰ্ব অসহযোগ আন্দোলনৰ সময়ৰ ৰচনা । মাদক দ্ৰব্য আৰু বিদেশী বস্তু বৰ্জন , স্বাৱলম্বিতাৰ চেষ্টা, প্ৰচলিত শিক্ষানীতিৰ সমালোচনা , পাশ্চাত্য ধৰণ কৰণৰ নিৰৰ্থক অনুকৰণৰ প্ৰতি হেয় দৃষ্টি , প্ৰাচীন ভাৰতীয় জীৱনাদৰ্শত পুনৰ আস্থা আদি গান্ধীবাদী আদৰ্শৰ প্ৰতিফলন এই উপন্যাসত লক্ষ্য কৰা যায় । অৱশ্যে উপন্যাসখনিৰ কাহিনীৰ গঠনত কিছু পৰিমাণে কৃত্ৰিম হৈছে । তেওঁৰ পঞ্চম উপন্যাস ‘আদর্শপীঠ’  আৱাহন কাকতত ছোৱা ছোৱাকৈ প্ৰচাৰিত হৈছিল ; গ্ৰন্থৰূপত এতিয়াও প্ৰকাশ হোৱা নাই । এজন আদৰ্শবাদী যুৱকৰ সংস্কাৰ প্ৰচেষ্টা আৰু স্বাৱলম্বী উদ্যোগৰ শোকাৱহ পৰিণতি উপন্যাসখনিত দেখুৱাবৰ প্ৰয়াস কৰা হৈছে । উপন্যাসখনিৰ কাহিনীভাগ কিছু দুৰ্বল । দৈৱচন্দ্ৰ তালুকদাৰৰ শেহতীয়া উপন্যাস ‘দুনীয়া’ । লেখকৰ পৌঢ় বয়সৰ ৰচনা হলেও শিল্প সৌন্দৰ্যৰ দিশত এইখিনি উপন্যাসো বিশেষ আগবঢ়া বুলি কব নোৱাৰি । পূৰ্বৰ উপন্যাসকেইখনৰ দৰে আদৰ্শসন্ধানী ভাৱবিলাসী নায়কৰ বক্তৃতাধৰ্মী সমাজ সমালোচনা আৰু মন্তব্যৰ এইখন উপন্যাসো ভাৰাক্ৰান্ত । উপন্যাসখনিৰ কাহিনী বিক্ষিপ্ত আৰু পৰিসমাপ্তি কৃত্ৰিম । 

মুঠতে দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাসকেইখনিত আদৰ্শবাদৰ প্ৰচাৰ আৰু সমাজ সংস্কাৰৰ মনোভাব অতি প্ৰবল । উপন্যাসকেইখনি অপ্ৰয়োজনীয় বৰ্ণনা আৰু পৰিস্থিতিৰে পৰিপূৰ্ণ আৰু সেই কাৰণেই আখ্যান ৰচনাত শিথিলতা লক্ষ্য কৰা যায় । তেওঁৰ উপন্যাসত সমাজৰ এশ এটা সমস্যাই মূৰ দাঙি উঠিছে আৰু এনে সমস্যাৰ মেৰপাকত উপন্যাস কলাই বিস্তাৰ লাভ কৰিব পৰা নাই । তথাপি সমসাময়িক সামাজিক সমস্যাক উপন্যাসৰ মাধ্যমেৰে প্ৰতিফলিত কৰি এহাতে পাঠকক সাহিত্যৰ আস্বাদ দান কৰাত আৰু আনহাতে সামাজিক চৈতন্য হাজিৰ কৰাত দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাসকেইখনে কিছু পৰিমানে বৰঙণি নোযোগোৱাকৈ থকা নাই । 

)  ‘অসমীয়া উপন্যাসে প্ৰতিষ্ঠা লাভ কৰে ৰজনীকান্ত বৰদলৈৰ হাতত ‘– এই মন্তব্য বিচাৰ কৰি এটি আলচ যুগুত কৰা ।

নাইবা

ৰজনীকান্ত বৰদলৈক কিয় উপন্যাস সম্ৰাট বোলা হয় আলোচনা কৰা ।

নাইবা

ৰজনীকান্ত বৰদলৈৰ উপন্যাস সম্পৰ্কে এটি টোকা লিখা ।

উত্তৰঃ- উপন্যাস সাহিত্যত পূৰ্ণাংগ উপন্যাসৰ সৃষ্টি হয় জোনাকী যুগত । ইয়াৰ আগতে যি কেইখন উপন্যাসধৰ্মী পুথি ৰচিত হৈছিল সেইকেইখনৰ মাজত উপন্যাসৰ জুমুঠিটো আছে সঁচা কিন্তু উপন্যাসৰ পূৰ্ণাংগ কলাত্মক ৰূপৰ অভাৱ এইবোৰত স্পষ্ট । ঊনবিংশ শতিকাৰ শেষ দশকত চাৰিখন উপন্যাস প্ৰকাশিত হয় । সেইকেইখন হৈছে পদ্মনাথ গোহাঞিবৰুৱাৰ ‘ভানুমতী’ আৰু  ‘লাহৰী’ , লক্ষ্মীনাথ বেজবৰুৱাৰ  ‘পদুম কুঁৱৰী’ আৰু ৰজনীকান্ত বৰদলৈৰ  ‘মিৰিজীয়ৰী’ । এইকেইখন উপন্যাস অনভিজ্ঞ লেখকৰ প্ৰথম স্তৰৰ ৰচনা বুলিয়েই উপন্যাসৰ কলাৰ ফালৰ পৰা এইবোৰ ত্ৰুটি শূণ্য নোহোৱাটো স্বাভাৱিক । তথাপি এই চাৰিখনৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ মিৰিজীয়ৰী নিঃসন্দেহে শ্ৰেষ্ঠতম ৰচনা বুলি কব পৰা যায় । 

বৰদলৈয়ে মিৰিজীয়ৰীৰ পিছত আৰু সাতখন বুৰঞ্জীমূলক উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ভেটি দৃঢ় ৰূপত প্ৰতিষ্ঠিত কৰি গল । বৰদলৈ ৰচিত এই উপন্যাসমূহত হল – মিৰিজীয়ৰী ( ১৮৯৪ ) , মনোমতী ( ১৯০১ ), ৰঙিলী ( ১৯২৫ ) , ধাৰা- ৰুক্মিণী ( ১৯২৫ ) , নিৰ্মল ভকত ( ১৯২৫ ) , দন্দুৱা দ্রোহ ( ১৯২৮ ) , ৰহদৈ লিগিৰী ( ১৯৩০ ) আৰু তাম্ৰেশ্বৰী মন্দিৰ ( ১৯২৬ ) । মিৰিজীয়ৰী বাদ দি বাকী সাতখন বুৰঞ্জীমূলক উপন্যাস । তদুপৰি মণিপুৰ সাধুৰ অনুদিত ৰূপ  ‘খাম্বা – থুইবীৰ সাধু’ও ১৯৩২ চনত প্ৰকাশিত হয় । অসমীয়া উপন্যাস সাহিত্যলৈ বৰদলৈৰ এই বিশিষ্ট অৱদানৰ বাবে তেওঁক  ‘উপন্যাস সম্ৰাট’ বুলি অভিহিত কৰা হয় । যিটো সময়ত কলামোদীসকলে অসমীয়া উপন্যাসৰ ৰসাস্বাদন কৰাৰ সুবিধা পোৱা নাছিল আৰু যিটো সময়ত সামাজিক জীৱনৰ স্থৈৰ্য্য আৰু বৈচিত্ৰ্যহীনতাই উপন্যাস ৰচনাৰ বাট ৰুদ্ধ কৰা বুলি ভবা হৈছিল সেই সময়ত এখনৰ পিছত এখনকৈ নখন উপন্যাস ৰচনা কৰা বৰদলৈদেৱে এই সন্মানৰ যোগ্য অধিকাৰী । 

মিৰিজীয়ৰী বৰদলৈদেৱৰ প্ৰথম উপন্যাস । মিৰিজীয়ৰী এনে এটা সময়ত ৰচিত হৈছিল যি সময়ত অসমীয়া উপন্যাসৰ পুলিটো মাত্ৰ ৰোপন কৰা হৈছিল , পল্লৱিত হোৱা নাছিল । যি সময়ত জনজাতীয় জীৱনৰ সহানুভূতিপূৰ্ণ অধ্যয়নৰ ভেটিত কাহিনী ৰচনাৰ প্ৰচেষ্টা এক প্ৰকাৰৰ অভাৱনীয় আছিল । মিৰিজিয়েৰী প্ৰণয়ৰ ট্ৰেজেডি । উপন্যাসখিনিৰ কাহিনী সৰল । পিতৃ – মাতৃৰ অজ্ঞাত প্ৰণয় – পাশত আবদ্ধ হোৱা যুৱক – যুৱতী নিজ পিতৃ – মাতৃয়েই ডাঙৰ অন্তৰায় তাৰে এশ – এটা নিদৰ্শনৰ  ভিতৰতে ইও এটা । মিৰিজীয়ৰী প্ৰথম অসমীয়া আঞ্চলিক উপন্যাস । মিৰিজিয়ৰীৰ বাদে বৰদলৈৰ আন সকলোবোৰ উপন্যাসেই বুৰঞ্জীমূলক । মিৰিজিয়ৰীৰ পিছত সামাজিক উপন্যাসৰ ক্ষেত্ৰ পৰিহাৰ কৰি বৰদলৈয়ে ঘটনা বৈচিত্ৰৰ বাবে অসমৰ অতীত জগতত প্ৰৱেশ কৰিলে । বুৰঞ্জীৰ কাহিনীৰ উপন্যাস ৰচনা কৰাৰ তেওঁ কেইবাটাও উদ্দেশ্য আছিল – সেই উদ্দেশ্যবোৰ হল – 

(১) অতীতৰ অসমীয়া জাতিৰ সাহস , শৌৰ্য্য – বীৰ্য্যৰ নিদৰ্শন দাঙি ধৰি সমসাময়িক মুমূৰ্ষু ভীৰু অসমীয়াৰ প্ৰাণত দেখান্তবোধ  জগাই মৃত প্ৰায় প্ৰাণত আদৰ্শ সঞ্জীৱনী ঢলা।

(২) এসময়ৰ স্বাধীনতিটিয়া  বীৰ অসমীয়া জাতিৰ স্বাধীনতা লুপ্ত হোৱাৰ কাৰণ নিৰ্দেশ কৰা।

(৩) ইংৰাজৰ ৰাজত্ব পতনৰ অব্যৱহৃত পূৰ্বৱৰ্তী অসমীয়া সমাজৰ ৰীতি- নীতি , ধৰ্ম সংস্কাৰ, আচাৰ বিচাৰ, ৰাজ্যিক আৰু সামাজিক ব্যৱস্থা আদিৰ চিত্ৰ দাঙি ধৰা । আৰু 

(৪) ঐতিহাসিক বা ৰাজনৈতিক ধুমুহাৰ অন্তৰালত প্ৰবাহিত জীৱনৰ চিৰন্তন সহজাত প্ৰবৃত্তিবোৰৰ ক্ৰিয়া – প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰা । 

বৰদলৈদেৱে বুৰঞ্জীৰ ঘটনাৱলী উপন্যাসসমূহত  তিনিধৰণে প্ৰয়োগ কৰিছে । সেই দিশৰ পৰা তেওঁৰ বুৰঞ্জীমূলক উপন্যাসসমূহৰ  তিনিটা শ্ৰেণী লক্ষ্য কৰা যায় – 

(১) বুৰঞ্জীৰ ঘটনাৱলী আৰু পাত্ৰ – পাত্ৰীয়ে যি কাহিনীৰ উপজীৱ্য।

(২) বুৰঞ্জীৰ যত নায়ক নায়িকাৰ জীৱন তৰীৰ অগ্ৰগতিৰ জলস্ৰোতস্বৰূপ।

(৩) বুৰঞ্জীৰ ঘটনাৱলী যত নায়ক নায়িকাৰ জীৱন তৰিৰ অগ্ৰগতিৰ অনুকূল বায়ুস্বৰূপ । প্ৰথম শ্ৰেণীত ‘ দন্দুৱা – দ্ৰোহ ‘ আৰু ‘ ৰাধা ৰুক্মিণী’ , দ্বিতীয় শ্ৰেণীত ‘ মনোমতী’ ,’ ৰঙিলী’ , ‘নিৰ্মল ভকত’ আৰু তৃতীয় শ্ৰেণীত ‘ তাম্ৰেশ্বৰী মন্দিৰ ‘ আৰু ‘ ৰহদৈ লিগিৰী ‘ ক অন্তৰ্ভুক্ত কৰিব পৰা  যায় । 

বৰদলৈৰ  উপন্যাসৰ কিছুমান সাধাৰণ বৈশিষ্ট লক্ষ্য কৰা যায় । কাহিনী বিন্যাসত প্ৰেমৰ সংযোগ কেউখন উপন্যাসতে লক্ষ কৰা যায় । প্ৰেমৰ আকৰ্ষণ – বিকৰ্ষণ প্ৰদৰ্শন কৰোঁতে তেওঁ সততে সামাজিক বন্ধন আৰু পৰম্পৰাগত প্ৰথাৰ প্ৰতি সচেতন । কাহিনীৰ সংঘাত সৃষ্টি কৰাৰ ক্ষেত্ৰত বৰদলৈদেৱে ৰাজনৈতিক বিপর্যয় ,নায়ক নায়িকাৰ পিতৃ মাতৃৰ বিৰোধ আৰু তেওঁলোকৰ মাজত থকা পুৰণি শত্ৰুতাকে গ্ৰহণ কৰিছে । উপন্যাসসমূহৰ অধিকাংশই নায়িকাপ্ৰধান । পুৰুষ চৰিত্ৰসমূহ নাৰী চৰিত্ৰ সমূহৰ তুলনাত নিষ্প্ৰভ । উপন্যাসৰাজিত অতি প্ৰকৃত বা অলৌকিক উপাদানৰ প্ৰয়োগেৰে কাহিনী আগবঢ়াই নিয়াৰ প্ৰচেষ্টা লক্ষ কৰা যায় । উপন্যাসৰ কাহিনীসমূহত ৰাজনৈতিক ঘটনাৱলীৰ লগে লগে সামাজিক ৰীতি নীতি , ধৰ্ম বিশ্বাস আৰু আচৰণ সংযোগ কৰি কাহিনীৰ কলেবৰ পুষ্ট লক্ষ্য কৰা যায় । 

বৰদলৈৰ উপন্যাসৰাজিত ইংৰাজ ঔপন্যাসিক ৱাল্টাৰ স্কটৰ প্ৰভাৱ স্পষ্ট। স্কটৰ উপৰি বৰদলৈৰ ঔপন্যাসিক চেতনা গঢ় দিয়াত ঊনবিংশ শতিকাৰ কেইবাগৰাকীও বিদেশী কথা শিল্পৰ অনুপ্ৰেৰনাও লক্ষ্য কৰা যায় । এইক্ষেত্ৰত মেৰী কেলেৰী , ভিক্টৰ হিউগ , আলেকজেণ্ডাৰ ডুমা , চাৰ্লছ দিকেন্স , খেকাৰে আদি যোৱা শতিকাৰ খ্যাতনামা কাহিনীকাৰসকলৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ অনুমান কৰিব পাৰি । 

৫) ‘ মনোমতী’ উপন্যাস খনৰ অতি পৰিচয় দিয়া । 

উত্তৰঃ- অসমীয়া উপন্যাস জগতত  “উপন্যালখ সম্ৰাট” উপাধিৰে পৰিচিত ৰজনীকান্ত বৰদলৈ  “মিৰিজিয়েৰী” ( ১৮৯৫ ) ―এই সামাজিক উপন্যাসখনিৰ বাহিৰে বাকী আটাইকেইখন উপন্যাসেই বুৰঞ্জীমূলক উপন্যাস । তেঁওৰ বুৰঞ্জীমূলক উপন্যাসসমূহ হল – ‘মনোমতী’ ( ১৯০০ ) , ‘দন্দুৱাদ্ৰোহ’ ( ১৯০৯ ) ‘ৰঙিলী’  ( ১৯২৫ ) , ‘নিৰ্মল ভকত’  ( ১৯২৬ ) , ‘ৰহদৈ লিগিৰী’  (  ১৯৩০ ) আৰু  ‘তাম্ৰেশ্বৰী মন্দিৰ’  ( ১৯৩৬ ) । 

‘মনোমতী’ হল বৰদলৈৰ প্ৰথম প্ৰকাশিত বুৰঞ্জীমূলক উপন্যাস । এই উপন্যাসত বৰপেটা সত্ৰৰ ভকতীয়া পৰিবেশ এটা চিত্ৰিত হৈছে । কাৰণ বৰদলৈয়ে বৰপেটা সত্ৰত বৈষ্ণৱ ধৰ্মত শৰণ লোৱাৰ পিছত তেওঁৰ উপন্যাস বোৰত সেই ধৰ্মৰ কিছু প্ৰভাৱ পৰিছে । বৰ ভূঁইকপৰ আগতে লিখা এই উপন্যাসখনিৰ পটভূমি বুৰঞ্জী । কাহিনী , ভাষা , চৰিত্ৰ আদিও উপন্যাসখনিত উন্নত হৈছে । শ্বেক্সপয়েৰৰ  ‘ৰোমিঅ’ এণ্ড ‘জুলিয়েট’ নাটৰ প্ৰভাৱ এই উপন্যাসখনিত লক্ষ্য কৰা যায় ।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top