Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ

Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ and select needs one.

Join Telegram channel

Class 12 Advance Assamese Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ Solutions for All Subject, You can practice these here…

বৰ্ষা বৰ্ণন – শংকৰদেৱ

পাঠ: ১

পদ্যাংশ

চমু প্ৰশ্ন

১)  ‘গ্ৰীষ্ম গৈল ঋতু আসি বাৰিষা মিলিল’।এই বৰ্ষা ঋতুৰ বৰ্ণনা শ্ৰীশঙ্কৰদেৱে কেনেদৰে দিছে তোমাৰ নিজৰ ভাষাত লিখা ।

নাইবা

শংকৰদেৱৰ  ‘বৰ্ষা বৰ্ণন’ত বাৰিষাকালৰ যি বৰ্ণনা দিছে , তাৰ এটি চমু বিৱৰণ তোমাৰ নিজৰ ভাষাত লিখা ।নাইবা ,  “পশু – পক্ষী বৃক্ষৰো আনন্দে মগ্ন মন । বাৰিষা ঋতুৰ শ্ৰীক চান্তে ঘনে ঘন ।”  – এই উক্তিৰ আলম লৈ শ্ৰী শংকৰদেৱৰ বৰ্ষা ঋতুৰ বৰ্ণনাৰ এটি চমু বিৱৰণ তোমাৰ নিজৰ ভাষাত লিখা ।অথবা ,’বৰ্ষা বৰ্ণন’ কবিতাটিৰ মাজেৰে বৰ্ষাকালৰ  চিত্ৰ কিদৰে প্ৰকাশ পাইছে , আলোচনা কৰা । 

উত্তৰঃ-  শ্ৰীমন্ত শংকৰদেৱৰ বৰ্ষা বৰ্ণন কাব্যাংশ দশম স্কন্ধ ভাগৱতৰ পৰা অনা হৈছে । কাব্যাংশত বাৰিষা কালৰ এটি মধুৰ চিত্ৰ কবিয়ে অংকন কৰিছে ।

গ্ৰীষ্মকালৰ অৱসানৰ অন্তত বৰ্ষাকাল আৰম্ভ হল । বৰ্ষাকালত আকাশত সূৰ্যৰশ্মি বিচিত্ৰ ৰূপত প্ৰকাশিত হয় । তীৰ বেগী বতাহৰ প্ৰবল শব্দত কাৰো মাত – বোল নুশুনা হয় । সমগ্ৰ আকাশখনি মেঘেৰে ঢাক খাই থাকে । মেঘে মেঘে হোৱা সংঘৰ্ষত উৎপন্ন হোৱা বিজুলীয়ে সকলোৰে চকু ছাট মাৰি ধৰে । চন্দ্ৰ , সূৰ্য , অনু , নক্ষত্ৰৰাজি আকাশত হেৰাই যায় । বছৰৰ আঠ মাহ সময়ত সূৰ্যৰ তাপে আহৰণ কৰা জলীয় ভাপখিনি বাৰিষা কালতেই সূৰ্যই এৰি দিয়ে । মুখলধাৰে হোৱা বৰষুণৰ পানীয়ে পৃথিৱী ধুৱাই নিয়ে , খাল – বাম একাকাৰ কৰি তোলে । জান – জুৰিৰে পানী প্ৰবাহিত হয় । 

গ্ৰীষ্মৰ প্ৰখৰ উত্তাপত শুকাই যোৱা সকলোবোৰ বস্তুৱেই বাৰিষাৰ জীপাল পৰশত ঠন ধৰি উঠে । সেউজ প্ৰকৃতিয়ে মনোমোহা সাজ ধাৰণ কৰে । মেঘৰ নাদ শুনি ভেকুলীবোৰে টোৰ – টোৰাবলৈ  ধৰে । গছ – লতা , ফুলে – ফলে পৃথিৱী জাতিষ্কাৰ হৈ উঠে । ঠায়ে ঠায়ে বেঙছতা বা কাঠফুলাই শোভাবৰ্ধন কৰে । মেঘৰ গুৰু গুৰু শব্দত মৰা চৰায়ে চালি ধৰি নাচে ।  গছৰ শিপাই পানী পোৱাত ডাল – পাতবোৰৰ শ্ৰীবৃদ্ধি হয় । ফল – মূল ভক্ষণ কৰি গছৰ ডালে – ডালে চৰাই – চিৰিকটিবোৰে গীত গাই নাচি ফুৰে আৰু এনে গীতৰ সুৰ শুনি বনৰ হৰিণাও আত্মহাৰা হয় । একেদৰে বাৰিষা কালত পশু – পক্ষী , গছ – লতিকা সকলোৱে যেন এক নতুন জীৱন লাভ কৰে ।

বাৰিষাকালত বসুমতিৰ ৰূপ মোহনীয় হৈ উঠে । লহপহকৈ বাঢ়ি অহা শস্য দেখি কৃষকৰো শুকান মুখত হাঁহি বিৰিঙি উঠে । বাৰিষাৰ নতুন পানীত জল – স্থলবাসীয়ে স্নান কৰি যেন এক নতুন জীৱন লাভ কৰে । বাৰিষাৰ এনে মধুৰ সৌন্দৰ্যত গোপ শিশুসকলো আত্মহাৰা হৈছে । বাৰিষাৰ এই শ্ৰী দেখি শ্ৰীকৃষ্ণই প্ৰশংসা কৰিছে ।  

২) ‘আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ব । 

     দুনাই সূর্যে এৰি দেন্ত বাৰিষা কালত ।।, 

– কি কি আঠ মাহৰ কথা কোৱা হ’ল ? দুনাই  সূৰ্যই কি এৰি দিনে চমুকৈ লিখা । নাইবা , এই কবিতাৰ স্তৱকটো কোনগৰাকী কবিৰ ৰচনা ?এই স্তৱকটোৰ মাজেদি কবিগৰাকীয়ে বাৰিষা কালৰ বিৱৰণ কেনেদৰে প্ৰকাশ কৰিছে – তোমাৰ ভাষাত বৰ্ণনা কৰা ।

উত্তৰঃ- এই কবিতাৰ স্তৱকটো মহাপুৰুষ শংকৰদেৱেৰ ৰচনা । মহাপুৰুষ শংকৰদেৱেৰ ভাগৱতৰ দশম স্কন্ধৰ অন্তৱৰ্তী ‘বৰ্ষা বৰ্ণন’ কবিতাৰ উল্লেখিত পাদ্যাংশত বাৰিষাৰ প্ৰকৃতিৰ পৰিবৰ্তনৰ কাৰণ দৰ্শোৱা হৈছে। ই এক প্ৰকাৰ নৈসৰ্গিক তথা ভৌগোলিক তাৎপৰ্য সূচাইছে ।

আচলতে বাৰিষাকাল বোলোতে গ্ৰীষ্ম আৰু বৰ্ষা ঋতুকে বুজোৱা হয় । গ্ৰীষ্ম নাইবা জেঠ , আহাৰ আৰু বৰ্ষা নাইবা শাওন , ভাদকে বুজায় । এই চাৰি মাহ বাদ  দিলে শৰৎ , হেমন্ত , শীত , বসন্তকাল অৰ্থাৎ চাৰি ঋতুৰ অন্তৰ্ভুক্ত আহিন , কাতি , আঘোণ , পুহ , মাঘ , ফাগুন , চ’ত , ব’হাগ – এই আঠমাহকে বুজায় । কোনো কোনোৱে অৱশ্যে ব’হাগ-জেঠকো গ্ৰীষ্মকাল বোলে । পিছে বৰষুণ আৰু বানপানীৰ গতিলৈ চাই জেঠ , আহাৰ , শাওন , ভাদহে প্ৰকৃততে গ্ৰীষ্ম আৰু বৰ্ষা । এই আঠ মাহত সূৰ্যই পৃথিৱীৰ ভূমিপৃষ্ঠৰ পৰা জলীয় ভাগ আহৰণ কৰে ।আনহাতে পুনৰ সূৰ্যই আহৰণ কৰা জলীয় ভাপ বাৰিষাকালত পৃথিৱীত এৰি দিয়ে অৰ্থাৎ বৰষুণৰূপে সিঁচি দিয়ে ।

৩) ‘তথাপি পৰ্বতে পীড়া কিছু নজানিল’ ।

–পৰ্বতে কিহৰ পীড়া নজনাৰ কথা কবিয়ে কৈছে আৰু কিয় কৈছে ? 

উত্তৰঃ- একান্ত ভক্তসকলে পাৰ্থিৱ সকলো দুখ – কষ্টত জৰ্জৰিত হৈও যে কৃষ্ণভক্তিত ৰত হৈ থাকে সেই কথাৰ উপমা দিবলৈ কবিয়ে বৰ্ষাকালৰ প্ৰবল বৰষুণে পৰ্বতৰ কোনো ক্ষতিসাধন কৰিব নোৱাৰাৰ উপমা দাঙি ধৰিছে ।

বৰ্ষা ঋতুৰ আগমনৰ লগে লগে প্ৰবল বৰিধাৰাই পৃথিৱী ঢৌত কৰি তোলে। সূৰ্যৰ তাপত ক্লিষ্ট হৈ থকা গছ- গছনিবোৰ বৰ্ষাৰম্ভৰ লগে লগে পুনৰ সজীৱ হৈ উঠে। বৰ্ষাকালত মুখলধাৰে বাৰিপ্ৰপাত ঘটে । এনে প্ৰবল বৰষুণতো কিন্তু পৰ্বতে কোনো কাতি-কূটা নকৰে , পৰ্বতে পূৰ্বৰ দৰে সকলো বাৰীপ্ৰপাত মূৰ পাতি লয় । ঠিক এনেদৰে যিসকল হৃদয় কৃষ্ণত অৰ্পিত হৈছে , যাৰ মন-প্ৰাণ সম্পূৰ্ণ ভগৱানৰ প্ৰতি আসক্ত , পাৰ্থিৱ দুখ-ক্লেশ জ্বালা-যন্ত্রণাই তেওঁক কণমানো কৃষ্ণভক্তি পথৰ পৰা বিচ্যুত কৰিব নোৱাৰে। ওখ পৰ্বতে বৰষুণৰ আঘাত নিৰ্বিবাদে সহ্য কৰিব পৰাৰ দৰে একান্ত ভক্তজনেও সাংসাৰিক দুখ-কষ্ট ভগৱানৰ দান বুলি মানি লৈ ভগৱানৰ প্ৰতি অনুৰক্ত হৈ থাকে ।

৪) ‘যেন তিনি গুণময় জগত যতেক’ । – তিনি গুণ কি ? বুজাই লিখা ।

উত্তৰঃ- মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে ‘বৰ্ষা বৰ্ণন’ কবিতাত বাৰিষাৰ ৰূপ বৰ্ণনা কৰিবলৈ বাৰিষাৰ মেঘত গুণৱন্ত মেঘ বুলি অভিহিত কৰিছে। কাৰণ মেঘে গাজে, সেই গাজনিত বিজুলীৰ সৃষ্টি হয় আৰু তাৰ ফলতেই বৰষুণৰ সৃষ্টি হয় । সেই বৰষুণে উখৰ ভূমিক সৰস কৰি তোলে । বসুমতী জীপাল আৰু প্ৰাণৱন্ত হৈ উঠে । সূৰ্যৰ ৰশ্মিৰ মাজেৰে বৰষুণৰ কণিকা বাগৰি অহাত সাতবৰণীয়া ইন্দ্ৰধনু আকাশত প্ৰতিভাত হয় । এই ইন্দ্ৰধনু নিৰ্গুণ । শূন্যত ভাহি উঠা এই ইন্দ্ৰধনু নিৰ্গুণ যদিও তাৰ প্ৰকাশ ঘটে গুণৱন্ত মেঘতহে । এই কথাখিনিৰ অন্তনিৰ্হিত তাৎপৰ্য হ’ল এয়ে যে সমগ্ৰ সৃষ্টি গুণময় । গুণ তিনিটা – সত্ব , ৰজ আৰু তম । জাত প্ৰতিটো বস্তুৰ মাজতে এই তিনি গুণৰ প্ৰকাশ ঘটে । সেয়ে সমগ্ৰ পৃথিৱীখনেই গুণাত্মক । এই গুণাত্মক পৃথিৱীখনতে কিন্তু গুণৰহিত অথবা নিৰ্গুণ পৰমব্ৰহ্মৰ প্ৰকাশ ঘটে । গুণৰহিত ইন্দ্ৰধনু গুণাত্মক মেঘত প্ৰতভাত হোৱাৰ দৰে নিৰ্গুণ ভগৱানৰ ৰূপো পৃথিৱীৰ গুণাত্মক বস্তুবোৰৰ মাজতে প্ৰকাশ পায় ।

৫) ‘সেহি অহংকাৰে ঢাকে জ্যোতি জীৱাত্মাৰ ।’ – অহংকাৰ শব্দৰ দ্বাৰা কবিয়ে কি নিৰ্দেশ কৰিছে ? জীৱাত্মাৰ জ্যোতি অহংকাৰে কেনেকৈ ঢাকে – বুজাই লিখা ।

উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱে ‘বৰ্ষা বৰ্ণন’ কাব্যাংশৰ ওপৰৰ পদফাকিৰে ‘অহংকাৰ’ শব্দৰ দ্বাৰা পাৰ্থিৱ জ্ঞান-বুদ্ধি , কামনা-বাসনাৰ মাজত ডুব গৈ ভগৱানৰ স্হিতিৰ কথা পাহৰি যোৱা কাৰ্যক নিৰ্দেশ কৰিছে ।

বৰ্ষাকালত আকাশ মেঘাচছন্ন হৈ থাকে । বৰ্ষাৰ ঘনঘোৰ মেঘে ৰাতিৰ আকাশৰ চন্দ্ৰৰ জ্যোতি ঢাকি ৰাখে । কিন্তু মেঘৰ আঁৰত যে চন্দ্ৰ লুকাই আছে সেই কথা সকলোৱে জানে । একেদৰে প্ৰতিটো জীৱৰ মাজতে আত্মা আছে । এই আত্মা পৰমাত্মাৰে খণ্ডাঙশ মাথোন । আত্মাৰ মাজত পৰমাত্মাৰ জ্যোতি প্ৰকাশিত হয় ।কিন্তু পাৰ্থিৱ কামনা , বাসনা , মোহ ইত্যদিয়ে মানুহক পৰমাত্মা বা ভগৱানৰ স্হিতিৰ কথা পাহৰাই দিয়ে । তেনে ধৰণৰ অহংকাৰত মতলীয়াসকলে মেঘে ঢকা চন্দ্ৰৰ দৰে পৰামাত্মাৰ জ্যোতি অনুভৱ নকৰে । বাৰিষাকালত ডাঠ মেঘে চন্দ্ৰ জ্যোতি ঢাকি ৰখাৰ দৰে মানুহৰ অহংকাৰেও ভগৱানৰ স্বৰূপ উপলব্ধি কৰা জ্ঞান ঢাকি ৰাখে ।

৬) ‘যেন জীৱ আত্মা শৰীৰত ভৈল ছন্ন ।’ –কথাফাকিৰ তাৎপৰ্য মুকলিকৈ বুজাই লিখা ।

উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱৰ তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত বৰ্ষাৰ ৰূপৰ বৰ্ণনা দিবলৈ যাওঁতে এই আধ্যাত্মিক তত্ত্বৰ কথা উল্লেখ কৰিছে ।

বৰ্ষাৰ আগমনৰ লগে লাগে সমগ্ৰ আকাশ ঘনঘোৰ মেঘে আৱৰি ধৰে । আকাশৰ শূন্যতাত চন্দ্ৰ – সূৰ্য বা আন কোনো গ্ৰহ – নক্ষত্ৰই প্ৰকাশ লাভ নকৰে । অৰ্থাৎ নক্ষত্ৰৰ পোহৰ মেঘৰ আঁৰত হেৰাই যায় । অৱশ্যে পোহৰৰ প্ৰকাশ নঘটিলেও নক্ষত্ৰৰাজিৰ অস্তিত্বৰ কথা সকলোৱে জানে । ঠিক এনেদৰে আমাৰ দেহৰ মাজত লুকাই থকা জীৱাত্মাক আমি দেখা নাই । মেঘে চন্দ্ৰ – সূৰ্যৰ জ্যোতি ঢাকি ৰখাৰ দৰে আমাৰ হৃদয়তে থকা পৰম শক্তিমান ভগৱানৰ অংশবিশেষ জীৱাত্মাৰ কথা সাংসাৰিক মায়া – মোহত আসক্ত হৈ আমি ঘুণাক্ষৰেও অনুভৱ কৰিব নোৱাৰো । পাৰ্থিৱ আশা – আকাংক্ষাই আমাক ভগৱানবিমুখ কৰি তোলে । কবিয়ে মেঘৰ অন্ধকাৰক বিষয়সুখৰ জ্বালা – যন্ত্ৰণা আৰু চন্দ্ৰ – সূৰ্য নক্ষত্ৰক জীৱাত্মাৰ লগত তুলনা কৰিছে ।

৭) ‘কৰিলে গুৱালী পলু ৰঙা থানে থান ।

     অসংখ্যাত বেঙছতা দেখি বিদ্যমান ।।’ – ‘গুৱালী’ আৰু ‘বেঙছতা’ কি ? কবিয়ে কি প্ৰসংগত ইহঁতৰ উল্লেখ কৰিছে , বুজাই লিখা ।

উত্তৰঃ- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত ‘গুৱালী’ আৰু ‘বেঙছতা’ৰ উল্লেখ কৰিছে । গুৱালী এবিধ ৰঙা বৰণৰ পোক আৰু বেঙছত হ’ল কাঠফুলা । বাৰিষাকালৰ এটি সজীৱ আৰু বাস্তৱাণুগ বৰ্ণনা দিবলৈ গৈ শংকৰদেৱে এইবোৰৰ উল্লেখ কৰিছে । 

বৰ্ষাৰ আৰম্ভৰ লগে লগে বৃষ্টিধাৰাই সমগ্ৰ পৃথিৱী ঢৌৱাই পেলায় । শস্য- শ্যামলা পৃথিৱীখনি কেউদিশে সেউজ ৰঙেৰে পৰিপূৰ্ণ হৈ উঠে । বৰ্ষাৰ বাৰিধাৰাই পৃথিৱী কোমল কৰি তোলাৰ লাগে লাগে মাটিৰ তলত থকা গুৱালী পলুবোৰ জাকে জাকে ওলাই আহে । এই পলুবোৰৰ বৰণ ৰঙা । এই ৰঙা পলুবোৰে যেন ঠায়ে ঠায়ে ৰঙৰ মেলাহে পাতে । আনহাতে বেঙছতা হ’ল কাঠফুলা । ই নীলা , সেউজীয়া , বগা বা কজলা বৰণৰ হয় । বৰ্ষাৰ আগমনৰ লাগে লাগে এই কাঠফুলাবোৰ গজি উঠি এক বৰ্ণাঢ্য শোভাৰ সৃষ্টি কৰে । কবিয়ে গুৱালী পলু আৰু বেঙছতাই সৃষ্টি কৰা শোভাৰাশি বৰষাৰে দান বুলি কৈছে ।

৮) শুখাই পড়ৈ জল পুনু অত্যন্ত আসুখ ।

     দেৱাধীন নজানিলে মিলৈ মহাদুখ ।

– কবিয়ে কি প্ৰসংগত কথাষাৰ কৈছে ? কথাষাৰৰ দাৰ্শনিক তাৎপৰ্য ব্যাখ্যা কৰা ।নাইবা , উক্ত স্তৱকটি কোনগৰাকী কবিৰ ৰচনা ? স্তৱকটিৰ অন্তনিৰ্হিত কথাখিনি বুজাই লিখা ।

উত্তৰঃ- কবি শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত বাৰিষাৰ ৰূপ বৰ্ণনা কৰিবলৈ যাওঁতে এনেদৰে কৈছে । বৰ্ষাৰ বৰিধাৰাই পৃথিৱী শস্য – শ্যামলা কৰি তোলে । লহপহকৈ বাঢ়ি অহা শস্য দেখি কৃষকৰ মনত আনন্দ হয় । কিন্তু পানী শুকাই গ’লেই সেই আনন্দ অন্তৰ্হিত হয় । প্ৰকৃতিৰ এনে পৰিৱৰ্তন দৈৱৰে অধীন । প্ৰকৃতি জগতৰ দৰে মানৱ জীৱনতো সুখ – দুখ চিৰলগৰীয়া । মানৱ – জীৱনো দৈৱৰ অধিন । বিধাতা বা দৈৱৰ অদৃশ্য সংকেতত মানৱ জীৱনৰ সুখ – দুখ নিৰূপিত হয় । মানৱ – জীৱনৰ সুখ – দুখ যে দৈৱাধীন এই কথা নজান জন দুখত পতিত হয় । লহপহীয়া শস্যৰ পানী শুকাই যোৱাত কৃষক দুখিত হোৱাৰ দৰে সুখ – দুখ ভাগ্যৰ লিখন বুলি মানি লব নোৱাৰাজনে সদায় দুখ অনুভৱ কৰে কবিতা ফাঁকিৰ দাৰ্শনিক তাৎপৰ্য এইখিনিয়েই ।

৯) ‘যেন যিটো যোগীৰ নুগুচে কাম কষ্ট ।

বিষয়ক পাইলৈ পুনৰপি হৱৈ ভ্ৰষ্ট ।।’ – কবিতাফাকিৰ তাৎপৰ্য বিচাৰ কৰা ।

উত্তৰঃ-  কবি শ্ৰীমন্ত শংকৰদেৱে ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত বাৰিষাৰ ৰূপৰ বৰ্ণনা দিবলৈ গৈ কৈছে যে বাৰিষাৰ ঘনঘোৰ দিনবোৰত ধাৰাসাৰে হোৱা বৰষুণৰ ফলত নদ – নদীবোৰ ফেনে – ফুটুকাৰে উপচি পৰে । নদ- নদী মিলি সাগৰসদৃশ সংগম স্থলত বিপুল ঢৌ আৰু সোঁতৰ সৃষ্টি কৰে । নদীবোৰৰ এনে প্লাৱন প্ৰয়সী ৰূপৰ পৰা এনেহে অনুভৱ হয় যেন তপস্যাৰত কোনো যোগিয়ে বিষয় বাসনাত মত্ত হৈ সাধনাৰ সন্ধি হেৰুৱায় । কাৰণ কাম কষ্ট এৰা নিদিয়াৰ ফলত তেওঁ পুনৰ বিষয় – বাসনাতে আবদ্ধ হৈ পৰে । বৰ্ষাৰ পূৰ্বৰ শান্ত – সৌম্য নদীক কবিয়ে তপস্যাৰত যোগীৰ লগত আৰু বৰ্ষাৰ বাৰিধাৰাৰে প্লাৱিত নদ – নদীক যোগীৰ বিষয় – বাসনাত মত্ত অৱস্থাৰ লগত তুলনা কৰিছে ।

১০)  ‘যেন কলিযুগে বেদশাস্ত্ৰ ছন্ন । 

প্ৰকাশে পাষণ্ডে শুনৈ তাৰেসে বচন ।।’ – তাৎপৰ্য বিচাৰ কৰা ।

উত্তৰঃ-  ‘বৰ্ষা বৰ্ণন’  কাব্যাংশত বৰ্ষাৰ ভয়াৱহ আৰু মনোৰম ৰূপৰ মাজেদি কবিয়ে কিছুমান তাত্ত্বিক কথাৰ অৱতাৰণা কৰিছে । বৰ্ষাৰ আগমনৰ লগে লগে সমগ্ৰ আকাশ ঘনঘোৰ মেঘেৰে আবৃত হৈ থাকে আৰু সেয়ে চন্দ্ৰ সূৰ্য আৰু নক্ষত্ৰৰাজি আকাশত দৃশ্যমান নহয় । আকাশত কেৱল মেঘে মেঘে হোৱা সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা জুইৰ আঙনি বা বিজুলীয়েহে প্ৰকাশ লাভ কৰে । একেদৰে কলিযুগত পৰম সত্যৰ সন্ধান দিব পৰা বেদ শাস্ত্ৰ  ( বেদ – গীতা – ভাগৱত আদি ) অদৃশ্য বা আবৃত হৈ থাকে । অৰ্থাৎ সেই পৰম সত্য সততে বোধগম্য নহয় । মাথোন বেদশাস্ত্ৰ জনা বুলি যহাই ফুৰা পাষণ্ড অৰ্থাৎ ভাগৱত বিমুখী লোকসকলে যি কয় অথবা বেদৰ যি বিপজ্জনক ব্যাখ্যা কৰে তাকেই লোকে শুনে । কবিয়ে জুইৰ আঙনি সৃষ্টি কৰা বাৰিষাকালক কলিযুগ আৰু জ্যোতিষ্মান নক্ষত্ৰৰ পোহৰক বেদশাস্ত্ৰৰ লগত তুলনা কৰিছে । 

১১)  ‘কৰৈ অকাৰ্য্যক যেন ধনৰ গৰ্বত ।’ – কবিয়ে কোনে অকাৰ্য কৰে বুলি কৈছে ?

উত্তৰঃ- বৰ্ষা ঋতু অহাৰ লগে লগে আকাশত ঘন মেঘ দেখা দিয়ে আৰু তাৰ লগে লগে ধাৰাসাৰে বৰষুণ হয় । বৰষুণৰ পানীত বিল – পুখুৰী , নৈ – নিজৰা উপচি পৰে । প্ৰবল বাৰিধাৰাত উফন্দি উঠা নৈবোৰ তেতিয়া পাৰ ভাঙি পৱাহিত হয় । সেই প্ৰবাহিত পানী যেনি – তেনি বৈ গৈ খেতিপথাৰ নষ্ট কৰে , বাট – পথত চলাচল ব্যাহত কৰে । নদ – নদীৰ এনে কাৰ্যক কবিয়ে  ‘বহৱৈ বিপথে’  বুলি কৈ তাৰ লগত ধনৰ গৰ্বত উফন্দি ফুৰাসকলে কৰা অকাৰ্যৰ তুলনা কৰিছে । যিসকল ধনী মানুহ তেওঁলোকে ধনৰ জোৰতে নানা অশালীন আৰু অশোভনীয় কাম কৰে । কবিয়ে সেয়ে ক্ষুদ্ৰ নদীক ধনীৰ লগত আৰু নদীৰ পানী যেনি – তেনি বৈ যোৱা কাৰ্যক ধনী মানুহে কৰা অকাৰ্যৰ লগত তুলনা কৰিছে । 

১২)   ‘লাগৈ তিৰিমিৰি আসি চক্ষুত ঝমক ।।’ 

― কি প্ৰসংগত এনেদৰে কোৱা হৈছে বুজাই লিখা ।

উত্তৰঃ- ‘বৰ্ষা বৰ্ণন’  কবিতাটিত কবি শ্ৰী শংকৰদেৱে বাৰিষাকালৰ এটি মনোৰম বৰ্ণনা দিছে । বাৰিষা কালত বৰ জোৰেৰে বতাহ ব’বলৈ ধৰে । গোটেই আকাশ আৱৰি মেঘৰ মহা আন্দোলন হয় । আকাশত মেঘৰ মাজত ঘনে ঘনে বিজুলীৰ তিৰবিৰণী দেখিবলৈ পোৱা যায় । বিজুলীৰ তিৰবিৰনি আহি চকুত ছাট মাৰি ধৰে ; একো নেদেখা নহয় । এই প্ৰসংগতেই কবিয়ে এনেদৰে কৈছে । 

১৩)  ‘যেন মহামহন্তে দুখীক দিলা দান ।।’ –  কথাষাৰিৰ তাৎপৰ্য বুজাই লিখা ।

উত্তৰঃ- ‘বৰ্ষা বৰ্ণন’  কাব্যাংশত মহাপুৰুষ মাধৱদেৱে বাৰিষাকালৰ এটি মনোৰম বৰ্ণন দিছে ।

বাৰিষা কালত প্ৰচণ্ড জোৰেৰে বতাহ বলিবলৈ ধৰে । গোটেই আকাশ মেঘ আৱৰি ধৰে , মেঘৰ হুৰহুৰ গুৰগুৰ শব্দই কান তাল মাৰি ধৰে । বাৰে বাৰে মৰা বিজুলীৰ চিকমিকনিত চকু ছাট মাৰি ধৰে । মুষলধাৰে বৰষুণ দিবলৈ ধৰে । খৰালিকালত শুকাই থকা নৈ , নলা , বিল , খাল , সকলো পানীৰে পূৰ হৈ পৰে । মহা মহন্তসকলে দুখীয়াক মন পূৰ কৰি যিদৰে দান দিয়ে , ঠিক তেনেদৰেই যেন মেঘে বাৰিষা কালত খৰালি ৰদত শুকাই থকা এই নৈ – নলা – বিল , খালসমূহ পানীৰে পূৰ কৰি সন্তুষ্ট কৰিছে ।

See Next Page No Below…

6 thoughts on “Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising