Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন and select needs one.
Class 12 Advance Assamese Chapter 1 বৰ্ষা বৰ্ণন
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন Solutions for All Subject, You can practice these here.
বৰ্ষা বৰ্ণন
পাঠ: ১
পদ্যাংশ
চমু প্ৰশ্ন
১) ‘গ্ৰীষ্ম গৈল ঋতু আসি বাৰিষা মিলিল’।এই বৰ্ষা ঋতুৰ বৰ্ণনা শ্ৰীশঙ্কৰদেৱে কেনেদৰে দিছে তোমাৰ নিজৰ ভাষাত লিখা ।
নাইবা
শংকৰদেৱৰ ‘বৰ্ষা বৰ্ণন’ত বাৰিষাকালৰ যি বৰ্ণনা দিছে , তাৰ এটি চমু বিৱৰণ তোমাৰ নিজৰ ভাষাত লিখা ।নাইবা , “পশু – পক্ষী বৃক্ষৰো আনন্দে মগ্ন মন । বাৰিষা ঋতুৰ শ্ৰীক চান্তে ঘনে ঘন ।” – এই উক্তিৰ আলম লৈ শ্ৰী শংকৰদেৱৰ বৰ্ষা ঋতুৰ বৰ্ণনাৰ এটি চমু বিৱৰণ তোমাৰ নিজৰ ভাষাত লিখা ।অথবা ,’বৰ্ষা বৰ্ণন’ কবিতাটিৰ মাজেৰে বৰ্ষাকালৰ চিত্ৰ কিদৰে প্ৰকাশ পাইছে , আলোচনা কৰা ।
উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱৰ বৰ্ষা বৰ্ণন কাব্যাংশ দশম স্কন্ধ ভাগৱতৰ পৰা অনা হৈছে । কাব্যাংশত বাৰিষা কালৰ এটি মধুৰ চিত্ৰ কবিয়ে অংকন কৰিছে ।
গ্ৰীষ্মকালৰ অৱসানৰ অন্তত বৰ্ষাকাল আৰম্ভ হল । বৰ্ষাকালত আকাশত সূৰ্যৰশ্মি বিচিত্ৰ ৰূপত প্ৰকাশিত হয় । তীৰ বেগী বতাহৰ প্ৰবল শব্দত কাৰো মাত – বোল নুশুনা হয় । সমগ্ৰ আকাশখনি মেঘেৰে ঢাক খাই থাকে । মেঘে মেঘে হোৱা সংঘৰ্ষত উৎপন্ন হোৱা বিজুলীয়ে সকলোৰে চকু ছাট মাৰি ধৰে । চন্দ্ৰ , সূৰ্য , অনু , নক্ষত্ৰৰাজি আকাশত হেৰাই যায় । বছৰৰ আঠ মাহ সময়ত সূৰ্যৰ তাপে আহৰণ কৰা জলীয় ভাপখিনি বাৰিষা কালতেই সূৰ্যই এৰি দিয়ে । মুখলধাৰে হোৱা বৰষুণৰ পানীয়ে পৃথিৱী ধুৱাই নিয়ে , খাল – বাম একাকাৰ কৰি তোলে । জান – জুৰিৰে পানী প্ৰবাহিত হয় ।
গ্ৰীষ্মৰ প্ৰখৰ উত্তাপত শুকাই যোৱা সকলোবোৰ বস্তুৱেই বাৰিষাৰ জীপাল পৰশত ঠন ধৰি উঠে । সেউজ প্ৰকৃতিয়ে মনোমোহা সাজ ধাৰণ কৰে । মেঘৰ নাদ শুনি ভেকুলীবোৰে টোৰ – টোৰাবলৈ ধৰে । গছ – লতা , ফুলে – ফলে পৃথিৱী জাতিষ্কাৰ হৈ উঠে । ঠায়ে ঠায়ে বেঙছতা বা কাঠফুলাই শোভাবৰ্ধন কৰে । মেঘৰ গুৰু গুৰু শব্দত মৰা চৰায়ে চালি ধৰি নাচে । গছৰ শিপাই পানী পোৱাত ডাল – পাতবোৰৰ শ্ৰীবৃদ্ধি হয় । ফল – মূল ভক্ষণ কৰি গছৰ ডালে – ডালে চৰাই – চিৰিকটিবোৰে গীত গাই নাচি ফুৰে আৰু এনে গীতৰ সুৰ শুনি বনৰ হৰিণাও আত্মহাৰা হয় । একেদৰে বাৰিষা কালত পশু – পক্ষী , গছ – লতিকা সকলোৱে যেন এক নতুন জীৱন লাভ কৰে ।
বাৰিষাকালত বসুমতিৰ ৰূপ মোহনীয় হৈ উঠে । লহপহকৈ বাঢ়ি অহা শস্য দেখি কৃষকৰো শুকান মুখত হাঁহি বিৰিঙি উঠে । বাৰিষাৰ নতুন পানীত জল – স্থলবাসীয়ে স্নান কৰি যেন এক নতুন জীৱন লাভ কৰে । বাৰিষাৰ এনে মধুৰ সৌন্দৰ্যত গোপ শিশুসকলো আত্মহাৰা হৈছে । বাৰিষাৰ এই শ্ৰী দেখি শ্ৰীকৃষ্ণই প্ৰশংসা কৰিছে ।
২) ‘আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ব ।
দুনাই সূর্যে এৰি দেন্ত বাৰিষা কালত ।।,
– কি কি আঠ মাহৰ কথা কোৱা হ’ল ? দুনাই সূৰ্যই কি এৰি দিনে চমুকৈ লিখা । নাইবা , এই কবিতাৰ স্তৱকটো কোনগৰাকী কবিৰ ৰচনা ?এই স্তৱকটোৰ মাজেদি কবিগৰাকীয়ে বাৰিষা কালৰ বিৱৰণ কেনেদৰে প্ৰকাশ কৰিছে – তোমাৰ ভাষাত বৰ্ণনা কৰা ।
উত্তৰঃ- এই কবিতাৰ স্তৱকটো মহাপুৰুষ শংকৰদেৱেৰ ৰচনা । মহাপুৰুষ শংকৰদেৱেৰ ভাগৱতৰ দশম স্কন্ধৰ অন্তৱৰ্তী ‘বৰ্ষা বৰ্ণন’ কবিতাৰ উল্লেখিত পাদ্যাংশত বাৰিষাৰ প্ৰকৃতিৰ পৰিবৰ্তনৰ কাৰণ দৰ্শোৱা হৈছে। ই এক প্ৰকাৰ নৈসৰ্গিক তথা ভৌগোলিক তাৎপৰ্য সূচাইছে ।
আচলতে বাৰিষাকাল বোলোতে গ্ৰীষ্ম আৰু বৰ্ষা ঋতুকে বুজোৱা হয় । গ্ৰীষ্ম নাইবা জেঠ , আহাৰ আৰু বৰ্ষা নাইবা শাওন , ভাদকে বুজায় । এই চাৰি মাহ বাদ দিলে শৰৎ , হেমন্ত , শীত , বসন্তকাল অৰ্থাৎ চাৰি ঋতুৰ অন্তৰ্ভুক্ত আহিন , কাতি , আঘোণ , পুহ , মাঘ , ফাগুন , চ’ত , ব’হাগ – এই আঠমাহকে বুজায় । কোনো কোনোৱে অৱশ্যে ব’হাগ-জেঠকো গ্ৰীষ্মকাল বোলে । পিছে বৰষুণ আৰু বানপানীৰ গতিলৈ চাই জেঠ , আহাৰ , শাওন , ভাদহে প্ৰকৃততে গ্ৰীষ্ম আৰু বৰ্ষা । এই আঠ মাহত সূৰ্যই পৃথিৱীৰ ভূমিপৃষ্ঠৰ পৰা জলীয় ভাগ আহৰণ কৰে ।আনহাতে পুনৰ সূৰ্যই আহৰণ কৰা জলীয় ভাপ বাৰিষাকালত পৃথিৱীত এৰি দিয়ে অৰ্থাৎ বৰষুণৰূপে সিঁচি দিয়ে ।
৩) ‘তথাপি পৰ্বতে পীড়া কিছু নজানিল’ ।
–পৰ্বতে কিহৰ পীড়া নজনাৰ কথা কবিয়ে কৈছে আৰু কিয় কৈছে ?
উত্তৰঃ- একান্ত ভক্তসকলে পাৰ্থিৱ সকলো দুখ – কষ্টত জৰ্জৰিত হৈও যে কৃষ্ণভক্তিত ৰত হৈ থাকে সেই কথাৰ উপমা দিবলৈ কবিয়ে বৰ্ষাকালৰ প্ৰবল বৰষুণে পৰ্বতৰ কোনো ক্ষতিসাধন কৰিব নোৱাৰাৰ উপমা দাঙি ধৰিছে ।
বৰ্ষা ঋতুৰ আগমনৰ লগে লগে প্ৰবল বৰিধাৰাই পৃথিৱী ঢৌত কৰি তোলে। সূৰ্যৰ তাপত ক্লিষ্ট হৈ থকা গছ- গছনিবোৰ বৰ্ষাৰম্ভৰ লগে লগে পুনৰ সজীৱ হৈ উঠে। বৰ্ষাকালত মুখলধাৰে বাৰিপ্ৰপাত ঘটে । এনে প্ৰবল বৰষুণতো কিন্তু পৰ্বতে কোনো কাতি-কূটা নকৰে , পৰ্বতে পূৰ্বৰ দৰে সকলো বাৰীপ্ৰপাত মূৰ পাতি লয় । ঠিক এনেদৰে যিসকল হৃদয় কৃষ্ণত অৰ্পিত হৈছে , যাৰ মন-প্ৰাণ সম্পূৰ্ণ ভগৱানৰ প্ৰতি আসক্ত , পাৰ্থিৱ দুখ-ক্লেশ জ্বালা-যন্ত্রণাই তেওঁক কণমানো কৃষ্ণভক্তি পথৰ পৰা বিচ্যুত কৰিব নোৱাৰে। ওখ পৰ্বতে বৰষুণৰ আঘাত নিৰ্বিবাদে সহ্য কৰিব পৰাৰ দৰে একান্ত ভক্তজনেও সাংসাৰিক দুখ-কষ্ট ভগৱানৰ দান বুলি মানি লৈ ভগৱানৰ প্ৰতি অনুৰক্ত হৈ থাকে ।
৪) ‘যেন তিনি গুণময় জগত যতেক’ । – তিনি গুণ কি ? বুজাই লিখা ।
উত্তৰঃ- মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে ‘বৰ্ষা বৰ্ণন’ কবিতাত বাৰিষাৰ ৰূপ বৰ্ণনা কৰিবলৈ বাৰিষাৰ মেঘত গুণৱন্ত মেঘ বুলি অভিহিত কৰিছে। কাৰণ মেঘে গাজে, সেই গাজনিত বিজুলীৰ সৃষ্টি হয় আৰু তাৰ ফলতেই বৰষুণৰ সৃষ্টি হয় । সেই বৰষুণে উখৰ ভূমিক সৰস কৰি তোলে । বসুমতী জীপাল আৰু প্ৰাণৱন্ত হৈ উঠে । সূৰ্যৰ ৰশ্মিৰ মাজেৰে বৰষুণৰ কণিকা বাগৰি অহাত সাতবৰণীয়া ইন্দ্ৰধনু আকাশত প্ৰতিভাত হয় । এই ইন্দ্ৰধনু নিৰ্গুণ । শূন্যত ভাহি উঠা এই ইন্দ্ৰধনু নিৰ্গুণ যদিও তাৰ প্ৰকাশ ঘটে গুণৱন্ত মেঘতহে । এই কথাখিনিৰ অন্তনিৰ্হিত তাৎপৰ্য হ’ল এয়ে যে সমগ্ৰ সৃষ্টি গুণময় । গুণ তিনিটা – সত্ব , ৰজ আৰু তম । জাত প্ৰতিটো বস্তুৰ মাজতে এই তিনি গুণৰ প্ৰকাশ ঘটে । সেয়ে সমগ্ৰ পৃথিৱীখনেই গুণাত্মক । এই গুণাত্মক পৃথিৱীখনতে কিন্তু গুণৰহিত অথবা নিৰ্গুণ পৰমব্ৰহ্মৰ প্ৰকাশ ঘটে । গুণৰহিত ইন্দ্ৰধনু গুণাত্মক মেঘত প্ৰতভাত হোৱাৰ দৰে নিৰ্গুণ ভগৱানৰ ৰূপো পৃথিৱীৰ গুণাত্মক বস্তুবোৰৰ মাজতে প্ৰকাশ পায় ।
৫) ‘সেহি অহংকাৰে ঢাকে জ্যোতি জীৱাত্মাৰ ।’ – অহংকাৰ শব্দৰ দ্বাৰা কবিয়ে কি নিৰ্দেশ কৰিছে ? জীৱাত্মাৰ জ্যোতি অহংকাৰে কেনেকৈ ঢাকে – বুজাই লিখা ।
উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱে ‘বৰ্ষা বৰ্ণন’ কাব্যাংশৰ ওপৰৰ পদফাকিৰে ‘অহংকাৰ’ শব্দৰ দ্বাৰা পাৰ্থিৱ জ্ঞান-বুদ্ধি , কামনা-বাসনাৰ মাজত ডুব গৈ ভগৱানৰ স্হিতিৰ কথা পাহৰি যোৱা কাৰ্যক নিৰ্দেশ কৰিছে ।
বৰ্ষাকালত আকাশ মেঘাচছন্ন হৈ থাকে । বৰ্ষাৰ ঘনঘোৰ মেঘে ৰাতিৰ আকাশৰ চন্দ্ৰৰ জ্যোতি ঢাকি ৰাখে । কিন্তু মেঘৰ আঁৰত যে চন্দ্ৰ লুকাই আছে সেই কথা সকলোৱে জানে । একেদৰে প্ৰতিটো জীৱৰ মাজতে আত্মা আছে । এই আত্মা পৰমাত্মাৰে খণ্ডাঙশ মাথোন । আত্মাৰ মাজত পৰমাত্মাৰ জ্যোতি প্ৰকাশিত হয় ।কিন্তু পাৰ্থিৱ কামনা , বাসনা , মোহ ইত্যদিয়ে মানুহক পৰমাত্মা বা ভগৱানৰ স্হিতিৰ কথা পাহৰাই দিয়ে । তেনে ধৰণৰ অহংকাৰত মতলীয়াসকলে মেঘে ঢকা চন্দ্ৰৰ দৰে পৰামাত্মাৰ জ্যোতি অনুভৱ নকৰে । বাৰিষাকালত ডাঠ মেঘে চন্দ্ৰ জ্যোতি ঢাকি ৰখাৰ দৰে মানুহৰ অহংকাৰেও ভগৱানৰ স্বৰূপ উপলব্ধি কৰা জ্ঞান ঢাকি ৰাখে ।
৬) ‘যেন জীৱ আত্মা শৰীৰত ভৈল ছন্ন ।’ –কথাফাকিৰ তাৎপৰ্য মুকলিকৈ বুজাই লিখা ।
উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱৰ তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত বৰ্ষাৰ ৰূপৰ বৰ্ণনা দিবলৈ যাওঁতে এই আধ্যাত্মিক তত্ত্বৰ কথা উল্লেখ কৰিছে ।
বৰ্ষাৰ আগমনৰ লগে লাগে সমগ্ৰ আকাশ ঘনঘোৰ মেঘে আৱৰি ধৰে । আকাশৰ শূন্যতাত চন্দ্ৰ – সূৰ্য বা আন কোনো গ্ৰহ – নক্ষত্ৰই প্ৰকাশ লাভ নকৰে । অৰ্থাৎ নক্ষত্ৰৰ পোহৰ মেঘৰ আঁৰত হেৰাই যায় । অৱশ্যে পোহৰৰ প্ৰকাশ নঘটিলেও নক্ষত্ৰৰাজিৰ অস্তিত্বৰ কথা সকলোৱে জানে । ঠিক এনেদৰে আমাৰ দেহৰ মাজত লুকাই থকা জীৱাত্মাক আমি দেখা নাই । মেঘে চন্দ্ৰ – সূৰ্যৰ জ্যোতি ঢাকি ৰখাৰ দৰে আমাৰ হৃদয়তে থকা পৰম শক্তিমান ভগৱানৰ অংশবিশেষ জীৱাত্মাৰ কথা সাংসাৰিক মায়া – মোহত আসক্ত হৈ আমি ঘুণাক্ষৰেও অনুভৱ কৰিব নোৱাৰো । পাৰ্থিৱ আশা – আকাংক্ষাই আমাক ভগৱানবিমুখ কৰি তোলে । কবিয়ে মেঘৰ অন্ধকাৰক বিষয়সুখৰ জ্বালা – যন্ত্ৰণা আৰু চন্দ্ৰ – সূৰ্য নক্ষত্ৰক জীৱাত্মাৰ লগত তুলনা কৰিছে ।
৭) ‘কৰিলে গুৱালী পলু ৰঙা থানে থান ।
অসংখ্যাত বেঙছতা দেখি বিদ্যমান ।।’ – ‘গুৱালী’ আৰু ‘বেঙছতা’ কি ? কবিয়ে কি প্ৰসংগত ইহঁতৰ উল্লেখ কৰিছে , বুজাই লিখা ।
উত্তৰঃ- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত ‘গুৱালী’ আৰু ‘বেঙছতা’ৰ উল্লেখ কৰিছে । গুৱালী এবিধ ৰঙা বৰণৰ পোক আৰু বেঙছত হ’ল কাঠফুলা । বাৰিষাকালৰ এটি সজীৱ আৰু বাস্তৱাণুগ বৰ্ণনা দিবলৈ গৈ শংকৰদেৱে এইবোৰৰ উল্লেখ কৰিছে ।
বৰ্ষাৰ আৰম্ভৰ লগে লগে বৃষ্টিধাৰাই সমগ্ৰ পৃথিৱী ঢৌৱাই পেলায় । শস্য- শ্যামলা পৃথিৱীখনি কেউদিশে সেউজ ৰঙেৰে পৰিপূৰ্ণ হৈ উঠে । বৰ্ষাৰ বাৰিধাৰাই পৃথিৱী কোমল কৰি তোলাৰ লাগে লাগে মাটিৰ তলত থকা গুৱালী পলুবোৰ জাকে জাকে ওলাই আহে । এই পলুবোৰৰ বৰণ ৰঙা । এই ৰঙা পলুবোৰে যেন ঠায়ে ঠায়ে ৰঙৰ মেলাহে পাতে । আনহাতে বেঙছতা হ’ল কাঠফুলা । ই নীলা , সেউজীয়া , বগা বা কজলা বৰণৰ হয় । বৰ্ষাৰ আগমনৰ লাগে লাগে এই কাঠফুলাবোৰ গজি উঠি এক বৰ্ণাঢ্য শোভাৰ সৃষ্টি কৰে । কবিয়ে গুৱালী পলু আৰু বেঙছতাই সৃষ্টি কৰা শোভাৰাশি বৰষাৰে দান বুলি কৈছে ।
৮) শুখাই পড়ৈ জল পুনু অত্যন্ত আসুখ ।
দেৱাধীন নজানিলে মিলৈ মহাদুখ ।
– কবিয়ে কি প্ৰসংগত কথাষাৰ কৈছে ? কথাষাৰৰ দাৰ্শনিক তাৎপৰ্য ব্যাখ্যা কৰা ।নাইবা , উক্ত স্তৱকটি কোনগৰাকী কবিৰ ৰচনা ? স্তৱকটিৰ অন্তনিৰ্হিত কথাখিনি বুজাই লিখা ।
উত্তৰঃ- কবি শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত বাৰিষাৰ ৰূপ বৰ্ণনা কৰিবলৈ যাওঁতে এনেদৰে কৈছে । বৰ্ষাৰ বৰিধাৰাই পৃথিৱী শস্য – শ্যামলা কৰি তোলে । লহপহকৈ বাঢ়ি অহা শস্য দেখি কৃষকৰ মনত আনন্দ হয় । কিন্তু পানী শুকাই গ’লেই সেই আনন্দ অন্তৰ্হিত হয় । প্ৰকৃতিৰ এনে পৰিৱৰ্তন দৈৱৰে অধীন । প্ৰকৃতি জগতৰ দৰে মানৱ জীৱনতো সুখ – দুখ চিৰলগৰীয়া । মানৱ – জীৱনো দৈৱৰ অধিন । বিধাতা বা দৈৱৰ অদৃশ্য সংকেতত মানৱ জীৱনৰ সুখ – দুখ নিৰূপিত হয় । মানৱ – জীৱনৰ সুখ – দুখ যে দৈৱাধীন এই কথা নজান জন দুখত পতিত হয় । লহপহীয়া শস্যৰ পানী শুকাই যোৱাত কৃষক দুখিত হোৱাৰ দৰে সুখ – দুখ ভাগ্যৰ লিখন বুলি মানি লব নোৱাৰাজনে সদায় দুখ অনুভৱ কৰে কবিতা ফাঁকিৰ দাৰ্শনিক তাৎপৰ্য এইখিনিয়েই ।
৯) ‘যেন যিটো যোগীৰ নুগুচে কাম কষ্ট ।
বিষয়ক পাইলৈ পুনৰপি হৱৈ ভ্ৰষ্ট ।।’ – কবিতাফাকিৰ তাৎপৰ্য বিচাৰ কৰা ।
উত্তৰঃ- কবি শ্ৰীমন্ত শংকৰদেৱে ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত বাৰিষাৰ ৰূপৰ বৰ্ণনা দিবলৈ গৈ কৈছে যে বাৰিষাৰ ঘনঘোৰ দিনবোৰত ধাৰাসাৰে হোৱা বৰষুণৰ ফলত নদ – নদীবোৰ ফেনে – ফুটুকাৰে উপচি পৰে । নদ- নদী মিলি সাগৰসদৃশ সংগম স্থলত বিপুল ঢৌ আৰু সোঁতৰ সৃষ্টি কৰে । নদীবোৰৰ এনে প্লাৱন প্ৰয়সী ৰূপৰ পৰা এনেহে অনুভৱ হয় যেন তপস্যাৰত কোনো যোগিয়ে বিষয় বাসনাত মত্ত হৈ সাধনাৰ সন্ধি হেৰুৱায় । কাৰণ কাম কষ্ট এৰা নিদিয়াৰ ফলত তেওঁ পুনৰ বিষয় – বাসনাতে আবদ্ধ হৈ পৰে । বৰ্ষাৰ পূৰ্বৰ শান্ত – সৌম্য নদীক কবিয়ে তপস্যাৰত যোগীৰ লগত আৰু বৰ্ষাৰ বাৰিধাৰাৰে প্লাৱিত নদ – নদীক যোগীৰ বিষয় – বাসনাত মত্ত অৱস্থাৰ লগত তুলনা কৰিছে ।
১০) ‘যেন কলিযুগে বেদশাস্ত্ৰ ছন্ন ।
প্ৰকাশে পাষণ্ডে শুনৈ তাৰেসে বচন ।।’ – তাৎপৰ্য বিচাৰ কৰা ।
উত্তৰঃ- ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত বৰ্ষাৰ ভয়াৱহ আৰু মনোৰম ৰূপৰ মাজেদি কবিয়ে কিছুমান তাত্ত্বিক কথাৰ অৱতাৰণা কৰিছে । বৰ্ষাৰ আগমনৰ লগে লগে সমগ্ৰ আকাশ ঘনঘোৰ মেঘেৰে আবৃত হৈ থাকে আৰু সেয়ে চন্দ্ৰ সূৰ্য আৰু নক্ষত্ৰৰাজি আকাশত দৃশ্যমান নহয় । আকাশত কেৱল মেঘে মেঘে হোৱা সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা জুইৰ আঙনি বা বিজুলীয়েহে প্ৰকাশ লাভ কৰে । একেদৰে কলিযুগত পৰম সত্যৰ সন্ধান দিব পৰা বেদ শাস্ত্ৰ ( বেদ – গীতা – ভাগৱত আদি ) অদৃশ্য বা আবৃত হৈ থাকে । অৰ্থাৎ সেই পৰম সত্য সততে বোধগম্য নহয় । মাথোন বেদশাস্ত্ৰ জনা বুলি যহাই ফুৰা পাষণ্ড অৰ্থাৎ ভাগৱত বিমুখী লোকসকলে যি কয় অথবা বেদৰ যি বিপজ্জনক ব্যাখ্যা কৰে তাকেই লোকে শুনে । কবিয়ে জুইৰ আঙনি সৃষ্টি কৰা বাৰিষাকালক কলিযুগ আৰু জ্যোতিষ্মান নক্ষত্ৰৰ পোহৰক বেদশাস্ত্ৰৰ লগত তুলনা কৰিছে ।
১১) ‘কৰৈ অকাৰ্য্যক যেন ধনৰ গৰ্বত ।’ – কবিয়ে কোনে অকাৰ্য কৰে বুলি কৈছে ?
উত্তৰঃ- বৰ্ষা ঋতু অহাৰ লগে লগে আকাশত ঘন মেঘ দেখা দিয়ে আৰু তাৰ লগে লগে ধাৰাসাৰে বৰষুণ হয় । বৰষুণৰ পানীত বিল – পুখুৰী , নৈ – নিজৰা উপচি পৰে । প্ৰবল বাৰিধাৰাত উফন্দি উঠা নৈবোৰ তেতিয়া পাৰ ভাঙি পৱাহিত হয় । সেই প্ৰবাহিত পানী যেনি – তেনি বৈ গৈ খেতিপথাৰ নষ্ট কৰে , বাট – পথত চলাচল ব্যাহত কৰে । নদ – নদীৰ এনে কাৰ্যক কবিয়ে ‘বহৱৈ বিপথে’ বুলি কৈ তাৰ লগত ধনৰ গৰ্বত উফন্দি ফুৰাসকলে কৰা অকাৰ্যৰ তুলনা কৰিছে । যিসকল ধনী মানুহ তেওঁলোকে ধনৰ জোৰতে নানা অশালীন আৰু অশোভনীয় কাম কৰে । কবিয়ে সেয়ে ক্ষুদ্ৰ নদীক ধনীৰ লগত আৰু নদীৰ পানী যেনি – তেনি বৈ যোৱা কাৰ্যক ধনী মানুহে কৰা অকাৰ্যৰ লগত তুলনা কৰিছে ।
১২) ‘লাগৈ তিৰিমিৰি আসি চক্ষুত ঝমক ।।’
― কি প্ৰসংগত এনেদৰে কোৱা হৈছে বুজাই লিখা ।
উত্তৰঃ- ‘বৰ্ষা বৰ্ণন’ কবিতাটিত কবি শ্ৰী শংকৰদেৱে বাৰিষাকালৰ এটি মনোৰম বৰ্ণনা দিছে । বাৰিষা কালত বৰ জোৰেৰে বতাহ ব’বলৈ ধৰে । গোটেই আকাশ আৱৰি মেঘৰ মহা আন্দোলন হয় । আকাশত মেঘৰ মাজত ঘনে ঘনে বিজুলীৰ তিৰবিৰণী দেখিবলৈ পোৱা যায় । বিজুলীৰ তিৰবিৰনি আহি চকুত ছাট মাৰি ধৰে ; একো নেদেখা নহয় । এই প্ৰসংগতেই কবিয়ে এনেদৰে কৈছে ।
১৩) ‘যেন মহামহন্তে দুখীক দিলা দান ।।’ – কথাষাৰিৰ তাৎপৰ্য বুজাই লিখা ।
উত্তৰঃ- ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত মহাপুৰুষ মাধৱদেৱে বাৰিষাকালৰ এটি মনোৰম বৰ্ণন দিছে ।
বাৰিষা কালত প্ৰচণ্ড জোৰেৰে বতাহ বলিবলৈ ধৰে । গোটেই আকাশ মেঘ আৱৰি ধৰে , মেঘৰ হুৰহুৰ গুৰগুৰ শব্দই কান তাল মাৰি ধৰে । বাৰে বাৰে মৰা বিজুলীৰ চিকমিকনিত চকু ছাট মাৰি ধৰে । মুষলধাৰে বৰষুণ দিবলৈ ধৰে । খৰালিকালত শুকাই থকা নৈ , নলা , বিল , খাল , সকলো পানীৰে পূৰ হৈ পৰে । মহা মহন্তসকলে দুখীয়াক মন পূৰ কৰি যিদৰে দান দিয়ে , ঠিক তেনেদৰেই যেন মেঘে বাৰিষা কালত খৰালি ৰদত শুকাই থকা এই নৈ – নলা – বিল , খালসমূহ পানীৰে পূৰ কৰি সন্তুষ্ট কৰিছে ।
১৪) ‘তপ উপবাসে দেহা আছিল শুকাই ।
দুনাই ভোগ ভূঞ্জিলাত আপুনি পুষ্টাই ।।’ – কবিতাফাকিৰ তাৎপৰ্য কি ?
উত্তৰঃ- ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত বাৰিষা কালৰ এটি মনোৰম বৰ্ণনা দিছে । এই প্ৰসংগতে তেওঁ কৈছে যে তপস্বী , সন্ন্যাসী সকলে ভগৱানক লাভ কৰিবলৈ উপবাসে থাকি নাখাই- নবৈ কঠোৰ তপস্যা কৰে । উপবাসে তেনেকৈ তপস্যা কৰাৰ ফলত তেওঁলোকৰ দেহা শুকাই – খিনাই যায় । তপস্যা সাধনৰ অন্তত পুনৰ ভালদৰে খোৱা – বোৱা কৰিলে তেওঁলোকৰ সেই শুকাই – খিনাই যোৱা- দেহা পুনৰ পৰিপুষ্ট হৈ পৰে ।
ঠিক তেনেকৈ গ্ৰীষ্মকালত বৰষুণৰ অভাৱত শুকাই যোৱা পৃথিবীও বাৰিষা কালত বৰষুণৰ পানী পাই পৰিপুষ্ট হৈ পৰে । অৰ্থাৎ বৰষুণৰ অভাৱত গ্ৰীষ্মকালত শুকাই যোৱা খাল – বিল , নৈ – নলা আদি বাৰিষাৰ পানীৰে পৰিপুষ্ট হয় ।
১৫) “হবৈ সুকুমাৰ মহাৰূপ মনোহৰ ।
হৰি ভক্তি কৰৈ যেন লোকক সুন্দৰ ।।” ― কথাষাৰি বুজাই লিখা ।
উত্তৰঃ- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন কথাৰ উপমা দি তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কবিতাত বাৰিষা কালৰ এটি মনোৰম বৰ্ণনা দাঙি ধৰিছে ।
নানান পাপ কাৰ্য আৰু চিন্তাই মানুহৰ দেহ – মন কুৎসিত হয় । কেৱল বেয়া চিন্তাহে মনলৈ আহে ; বেয়া কামতহে লিপ্ত হয় । সংসাৰ তাপত দেহ- মন দগ্ধ হয় । কিন্তু পৰম পৱিত্ৰ হৰি নাম স্মৰণে , হৰিভক্তিয়ে তেনে মন আৰু দেহলৈ শান্তি আনে । সকলো কু – চিন্তা আঁতৰাই দেহ – মন পৱিত্ৰ কৰে , সুন্দৰ কৰে ।
ঠিক সেইদৰে গ্ৰীষ্মকালত পানীৰ অভাৱত , ৰদৰ প্ৰখৰ তাপত পৃথিৱী শুকাই পৰে ; গছ – গছনি , হাবি –বননি , ঘাঁহ – বন ― আনকি প্ৰাণীসমূহ নীৰস আৰু ম্ৰিয়মান হৈ পৰে । কিন্তু বাৰিষা কালত বৰষুণৰ পানী পাই প্ৰকৃতিৰ ৰূপ মনোমোহা হৈ পৰে আৰু প্ৰাণীবোৰৰো ছিৰি – চেহেৰা সুন্দৰ হৈ পৰে । বাৰিষাৰ পানীয়ে পৃথিৱীৰ বুকুত সকলো মলি – জাবৰ ধুই নি সুন্দৰ আৰু পৱিত্ৰ কৰি তোলে ।
১৬) “যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ ।
তাক যেন লঙিঘবে নপাৰে দুখ ক্লেশ ।।” – কথাষাৰি বুজাই লিখা ।
উত্তৰঃ- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কবিতাৰ মাজেৰে বাৰিষা কালৰ বৰ্ণনা দিবলৈ গৈ নানান উপমাৰে তাক মনোৰম কৰি তুলিছে ।
বাৰিষা কালত ধাৰাসাৰে বৰষুণ হয় । বৰষুণৰ উৎপাতত প্ৰকৃতিৰ যিদৰে উপকাৰ হয় , সেইদৰে অনেক অপকাৰো হয় । কিন্তু বাৰিষাৰ বৰষুণে পৰ্বতৰ একো হানি – বিঘিনি কৰিব নোৱাৰে । বাৰিষাৰ বৰষুণৰ সকলো অত্যাচাৰ , দুখ – কষ্ট পৰ্বতে নিৰ্বিবাদে মোৰ পাতি লয়, সহ্য কৰে ।
ঠিক তেনেদৰে যিসকলৰ হৃদয় অকান্তভাৱে ভগৱানৰ পদত নিয়োজিত হৈছে তেওঁলোকক পাৰ্থিৱ দুখ – যাতনাই একো কৰিব নোৱাৰে । স্থিৰ পৰ্বতৰ দৰে তেওঁলোকে কৃষ্ণভক্তিৰ বলত ধীৰ – স্থিৰ অবিচলিত হৈ থাকে । কোনো ক্ষেত্ৰতেই সাংসাৰিক দুখ – ক্লেশে তেওঁলোকক লঙিঘব নোৱাৰে ।
১৭) “যেন গৃহবাসী দুখে পৰম তাপিত ।
হৰি ভকতিক পাবলৈ শান্ত হোৱৈ চিত ।।’
– কথাষাৰিৰ তাৎপৰ্য বুজাই লিখা ।
উত্তৰঃ- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন উপমাৰে তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কবিতাটিত বাৰিষা কালৰ মনোৰম চিত্ৰ এটি দাঙি ধৰিছে ।
বাৰিষা কালৰ আগে আগে গ্ৰীষ্মকালত ৰদৰ প্ৰখৰ তাপত প্ৰকৃতিৰ সকলো বস্তু , জীৱ – জন্তু আদি শুকাই – খিনাই অতিষ্ঠ হৈ পৰে । দেহ – মন তাপিত হৈ পৰে । কিন্তু বাৰিষা বৰষুণৰ পানী পোৱাৰ লগে লগেই সকলো শান্ত হৈ পৰে , সুন্দৰ হৈ পৰে ।
ঠিক সেইদৰে যিসকল গৃহবাসী , সাংসাৰিক লোক , তেওঁলোকে সাংসাৰিক নানান দুখ – কষ্ট , অভাৱ – অভিযোগত সততে তাপিত হৈ থাকে ; মন – প্ৰাণ অশান্ত হৈ থাকে । কিন্তু তেওঁলোকে এনে অৱস্থাতো যেতিয়াই হৰিভক্তিত মন নিয়োজিত কৰে তেতিয়াই তেওঁলোকৰ এই সাংসাৰিক তাপ , দুখ – শোক আঁতৰি যায় , মন – প্ৰাণ শান্ত হৈ পৰে । কেৱল হৰিভক্তিয়েহে সংসাৰ – তাপিত লোকৰ চিন্তা শান্ত কৰিব পাৰে ।
১৮) ‘প্ৰশংসন্তে কৃষ্ণে বাৰিষাৰ শ্ৰীক চাই ।
উপকাৰী প্ৰাণীৰ ইহঁতে পৰে নাই ।।’ ― কথাষাৰি কি প্ৰসংগত লোৱা হৈছে বুজাই লিখা ।অথবা , বৰ্ষা ঋতুৰ সৌন্দৰ্যই কৃষ্ণৰ লগতে গোপ সকলক কেনেদৰে বিমোহিত কৰিছিল , পাঠটিৰ আধাৰত লিখা ।
উত্তৰঃ- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কাব্যাংশৰ মাজেৰে বাৰিষা কালৰ মনোৰম বৰ্ণনা দাঙি ধৰিছে ।
গ্ৰীষ্মকালত শুকাই লেৰেলি পৰা গছ – গছনি , ঘাঁহ – বন বাৰিষাৰ বৰষুণৰ পানী পাই সজীৱ হৈ উঠে , প্ৰকৃতি সুন্দৰ হৈ পৰে । জীৱ – জন্তুবোৰেও পানী পাই সাঁতুৰি – নাদুৰি উলাহত আনন্দিত হৈ পৰে । পানী খাবলৈ নাপাই কষ্ট পোৱা প্ৰাণীবোৰো পানী পাই আনন্দিত হয় । বাৰিষা কালত হোৱা প্ৰকৃতিৰ এই মনোমোহা সৌন্দৰ্য দেখি লগৰীয়াসকলৰ সৈতে বৃন্দাবনত গৰু চৰাই থকা বালক কৃষ্ণই অতি প্ৰশংসা কৰি কৈছে যে প্ৰকৃতিক ইমান সুন্দৰ কৰি তোলা বাৰিষাৰ দৰে পানী দি পৰম উপকাৰ সাধন কৰে ।
১৯) “গ্ৰীষ্মত আছিল শুখাই দৌদ্ৰতাপ সহি ।
বাৰিষা কালত দুনাই পুষ্ট ভৈল মহী ।।”
― এই কবিতাৰ স্তৱকটো কোনগৰাকী কবিৰ ৰচনা ? এই স্তৱকটোৰ মাজেদি কবিগৰাকীয়ে কি ক’বলৈ বিচাৰিছে , তোমাৰ ভাষাত বুজাই লিখা ।
উত্তৰঃ- এই কবিতাৰ স্তৱকটো বৈষ্ণৱ কবি শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা ।
কবিজনাৰ ‘বৰ্ষা বৰ্ণন’ কবিতাৰ এই স্তৱকটিৰ মাজেদি কবিয়ে গ্ৰীষ্ম আৰু বাৰিষা কালৰ পৃথিৱীৰ অৱস্থাৰ এটি ছবি দাঙি ধৰিব খুজিছে ।
গ্ৰীষ্ম কালত প্ৰখৰ ৰদৰ তাপত পৃথিৱী আৰু ইয়াৰ গছ – গছনি , ঘাঁহ – বন আদি শুকাই যায় । সকলো নিস্তেজ হৈ পৰে । কিন্তু বাৰিষা কাল অহাৰ লগে লগে বৰষুণৰ পমীয়ে এই সকলো জীপাল কৰি তোলে । গছ – গছনি , ঘাঁহ – বনবোৰ সজীৱ আৰু পুষ্ট হৈ পৰে । শুকাই যোৱা নদ – নদী ,. বিল – খাল , পুখুৰীসমূহ পানীৰে পুৰ হৈ পৰে ।
২০) ‘বৰ্ষা বৰ্ণন’ কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাব বুজাই লিখা ।
উত্তৰঃ- ‘বৰ্ষা বৰ্ণন’ কবিতাটিত মহাপুৰুষ শংকৰদেৱে বিভিন্ন উপমাৰ প্ৰয়োগ ঘটাই অনেক তত্বমূলক কথা প্ৰকাশ কৰিছে । তাৰে দুটা উপমাৰ ভিতৰুৱা ভাব তলত বুজাই লিখা হল ,
ক) “যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ ।
তাক যেন লঙিঘবে নাপাৰে দুঃখ ক্লেশ ।।”
ভিতৰুৱা ভাব :- কৃষ্ণত একান্তভাৱে যিজনৰ মন অৰ্পিত হৈ থাকে , তেওঁক সংসাৰৰ কোনো দুখ – ক্লেশে তলাব নোৱাৰে । ঠিক তেনেদৰে মূখলধাৰে দিয়া বৰষুণেও স্থিৰ , গহীন – গভীৰ পৰ্বতৰো একে হানি – বিঘিনি কৰিব নোৱাৰে ।
খ) “নাকলিয় চন্দ্ৰ – সূৰ্য জ্যোতি তৰাগণ ।
যেন জীৱ – আত্মা শৰীৰতে ভৈল চন ।।”
ভিতৰুৱা ভাব :- শৰীৰতে জীৱ – আত্মা লুকাই থাকে । ইয়াক আমি চকুৰে নেদেখোঁ । ঠিক তেনেদৰে মেঘে ঢাক আকাশত চন্দ্ৰ – সূৰ্য জ্যোতি তৰাগণক আমি চকুৰে নেদেখোঁ যদিও তাৰ ভিতৰতেই আকাশত এইসমূহ সদা বিদ্যমান হৈ থাকে ।
২১) প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।
ক) যদ্যপি মূষলধাৰে মেঘে বৰষিল ।
তথাপি পৰ্বতে পীড়া কিছু নাজানিল ।
যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ ।
তাক যেন লঙিঘবে নাপাৰে দুঃখ ক্লেশ ।।
উত্তৰঃ- উল্লিখিত কবিতাৰ স্তৱকটি শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘বৰ্ষা বৰ্ণন’ কাব্যাংশৰ পৰা উদ্ধৃত কৰা হৈছে । বৰ্ষা কালৰ সৌন্দৰ্যৰ বিষয়ে কবলৈ গৈ কবিয়ে এনেদৰে এটি তাত্ত্বিক কথাৰ অৱতাৰণা কৰিছে । একান্ত ভকতসকলে পাৰ্থিৱ দুখ – কষ্টত জৰ্জৰিত হৈও যে কৃষ্ণভক্তি ৰসত ডুব গৈ থাকে তাৰ উপমা স্বৰূপে কবিয়ে বৰষুণে পৰ্বতৰ কোনো ক্ষতি কৰিব নোৱাৰা কথাৰ অৱতাৰণা কৰিছে ।
বৰ্ষা কালত আকাশ ঘনঘোৰ মেঘেৰে আবৃত হৈ থাকে । এনে মেঘৰ পৰা বাৰিষা কালত হোৱা মুষলধাৰ বর্ষণত কিন্তু পৰ্বতৰ কোনো হানি – বিঘিনি নহয় , পৰ্বত নিৰ্বিবাদে সকলো বাৰিপ্ৰপাত মূৰ পাতি লয় । ঠিক একেদৰে যি সকলৰ হৃদয় অকান্তভাৱে ভগৱানৰ পদপান্তত অৰ্পিত হৈছে, যাৰ চিত্ত লয় । ঠিক একেদৰে যি সকলৰ হৃদয় একান্তভাৱে ভগৱানৰ পদপ্ৰান্তত অৰ্পিত হৈছে , যাৰ চিত্ত সম্পূৰ্ণৰূপে ভগৱানৰ প্ৰতি আসক্ত , পাৰ্থিৱ দুখ – ক্লেশ – যাতনাই তেওঁক কৃষ্ণভক্তি পথৰ পৰা কনমানো বিচ্যুত কৰিব নোৱাৰে । ওখ পৰ্বতবোৰে বৰষুণৰ আঘাত নিৰ্বিবাদে সহ্য কৰিব পৰাৰ দৰে একান্ত ভকতসকলেও সাংসাৰিক দুখ – কষ্ট ভগৱানৰ দান বুলি মানি লৈ ভগৱানৰ ভক্তিত অনুৰক্ত হৈ থাকে ।
খ) পঞ্চবৰ্ণে ৰঞ্জিত নিৰ্গুণ ইন্দ্ৰধনু ।
গুনৱন্ত মেঘত প্ৰকাশে পুনু পুনু ।।
যেন তিনি গুনময় জগত যতেক ।
নিৰ্গুণ পুৰুষ তাত প্ৰকাশে প্ৰত্যেক ।।
উত্তৰঃ- উল্লেখিত কবিতাৰ স্তৱকটি কবি শ্ৰীমন্ত শংকৰদেৱে ৰচনা ‘বৰ্ষা বৰ্ণন ‘ কাব্যাংশৰ পৰা তুলি অনা হৈছে । কবিয়ে বৰ্ষাকালত সৃষ্টি হোৱা সন্দৰ্যৰ বিষয়ে কবলৈ গৈ এক তাত্ত্বিক কথাৰ অৱতাৰণা কৰিছে ।
কবিৰ মতে বাৰিষাৰ মেঘ গুনৱন্ত । কাৰণ মেঘে গাজে , সেই গাজনিত বিজুলীৰ উৎপত্তি হয়, ঢেৰেকণিৰ সৃষ্টি হয় আৰু ইয়াৰ ফলস্বৰূপে প্ৰচুৰ বৰষুণ হয় । সেই বৰষুণে পৃথিৱী সজীৱ কৰি তোলে । সূৰ্যৰ ৰশ্মিৰ মাজেদি সৰকি অহা বৰুষণৰ কণিকাই আকাশত ৰামধেনুৰ সৃষ্টি কৰে । সেই ৰামধেনু শূন্যত ভাঁহি থাকে । এই ৰামধেনু নিৰ্গুণ যদিও গুনৱন্ত মেঘতহে হয় প্ৰতিফলিত হয় । কবিৰ এই মন্তব্যৰ অন্তৰ্নিহিত তাৎপৰ্য হল সমগ্ৰ সৃষ্টিয়েই গুনময় । গুণ তিনিটা – সত্ত্ব, ৰজ আৰু তম । জগতৰ প্ৰতিটো অনু – পমানুতে এই তিনিবিধ গুণৰ প্ৰকাশ ঘটে । সেই দিশৰ পৰা চালে সমগ্ৰ জগতখনেই গুণাত্মক । এই গুণাত্মক জগতখনত কিন্তু প্ৰতিটো বস্তুৰ মাজতে নিৰ্গুণ ইন্দ্ৰধনু বা ৰামধেনুৰ প্ৰকাশ ঘটাৰ দৰে নিৰ্গুণ পৰম ব্ৰহ্ম বা ভগৱানৰ ৰূপো জগতৰ প্ৰতিটো গুণাত্মক বস্তুৰ মাজতে প্ৰকাশিত হয় ।
গ) ‘ নাদ শুনি মেঘৰ বেঙৰ ৰোল চড়ে ।
গুৰু পাঠ দিলে যেন শিষ্যে পাছে পঢ়ে ‘ ।।
উত্তৰঃ- উল্লেখিত কাব্যাংশ শ্ৰীমন্ত শংকৰদেৱ ৰচিত ‘ বৰ্ষা বৰ্ণন ‘ ৰ পৰা উদ্ধৃত কৰা হৈছে । কবিয়ে বৰ্ষা ঋতুৰ ৰূপ বৰ্ণনা কৰিবলৈ গৈ এটি চিত্ৰৱৎ উপমা কবিতাফাকিৰ জৰিয়তে দাঙি ধৰিছে ।
বৰ্ষা ঋতুৰ মেঘৰ গুৰু গম্ভীৰ গাজনীয়ে বৰষুণৰ বতৰা কঢ়িয়াই আনে । মেঘৰ গাজনীৰ শব্দ শুনি খাল বিলত থকা ভেকুলীবোৰে আনন্দত টোৰটোৰাবলৈ ধৰে । বৰষুণৰ বাবে অপেক্ষা কৰি থকা ভেকুলীবোৰে মেঘৰ শব্দ শুনিয়েই একেলগে মাতি আনন্দ প্ৰকাশ কৰে । কবিয়ে মেঘৰ নাদ শুনি ভেকুলিয়ে টোৰটোৰোৱা কাৰ্যৰ লগত পাঠশালাত গুৰুৱে পাঠ শিকাই যোৱাৰ লগে লগে শিষ্যসমূহক ভেকুলীৰ লগত তুলনা কৰি কবিয়ে অতি স্বাভাৱিক ৰূপত বৰ্ষাকালৰ এখনি চিত্ৰ অংকন কৰিছে।
ঘ) নাকলিয় চন্দ্ৰ সূৰ্য্য জ্যোতি তাৰাগণ ।
যেন জীৱ আত্মা শৰীৰতে ভৈলা ছন ।।
উত্তৰঃ- উদ্ধৃত কবিতাফাকি মহাপুৰুষ শ্ৰী শংকৰদেৱ বিৰচিত ‘বৰ্ষা বৰ্ণন’ কাব্যাংশৰ অন্তৰ্গত । বাৰিষাকালত মেঘৰ আন্দোলনৰ কাৰণে চন্দ্ৰ সূৰ্য নেদেখা হোৱাৰ অৱস্থাটোক এক আধ্যাত্মিক তুলনাৰে কবিয়ে উল্লেখ কৰিছে ।
জীৱিত মানুহৰ শৰীৰত জীৱ আত্মা সততে থাকে । কিন্তু পাৰ্থিৱ আশা আকাংক্ষা , মায়া মমতা, লোভ মোহে আমাক এনেভাৱে আচ্ছন্ন কৰি ৰাখে যে আমাৰ শৰীৰত লুকাই থকা জীৱাত্মার কথা আমি অনুভৱেই নকৰোঁ । চন্দ্ৰ সূৰ্য আকাশত সততে থাকে । কিন্তু বাৰিষা কালত আকাশ মেঘে এনেদৰে ছানি ধৰে যে চন্দ্ৰ সূৰ্যকতো দেখা পোৱা নাযায়েই আনকি তাৰ পোহৰো দেখিবলৈ পোৱা নাযায় । এই বাৰিষা কালৰ মেঘে ঢকা চন্দ্ৰ সূৰ্যৰ লগত সাংসাৰিক মায়া মমতাই আৱৰি ৰখা জীৱাত্মাক আৰু মায়া মমতাক মেঘৰ লগত কবিয়ে তুলনা কৰি এক আধ্যাত্মিক তাৎপৰ্য দাঙি ধৰিছে ।
ঙ) যেন যিটো চৈতন্য প্ৰকাশে অহংকাৰ ।
সেহি অহংকাৰে ঢাকে জৌতি জীৱাত্মাৰ ।।
উত্তৰঃ- উদ্ধৃত কবিতাফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘বৰ্ষা বৰ্ণন’ নামৰ কাব্যাংশৰ অন্তৰ্গত ।
বাৰিষা কালত মেঘে চন্দ্ৰ সূৰ্যৰ জ্যোতি কিদৰে ঢাকি ধৰি অন্ধকাৰময় কৰি তোলে এই কথা বৰ্ণনা কৰিবলৈ যাওতে তুলনামূলকভাৱে এই কবিতাফাকি উল্লেখ কৰিছে ।
চন্দ্ৰ সূৰ্য্যৰ জ্যোতি সদায় বিৰাজমান । তথাপি তাৰ জ্যোতি সময়িকভাৱে হলেও বাৰিষা কালৰ কলীয়া ডাৱৰে ঢাকি নেদেখা কৰি পেলায় , চন্দ্ৰ সূৰ্যৰ জ্যোতি ম্লান কৰি পেলায় । ঠিক তেনেদৰে জীৱত্মাৰ জ্যোতিত চিৰ বিৰাজমান । যি ব্যক্তি অহংকাৰ শূণ্য , বিনয়ী , সৎ জ্ঞানী , তেওঁৰ শৰীৰত জীৱত্মার এই জ্যোতি প্ৰতিভাত হয় । সেই জ্যোতিয়ে তেওঁক আলোকিত কৰে, কিন্তু যিজন ব্যক্তি অহংকাৰী , অসৎ তেওঁৰ সেই জ্যোতি অহংকাৰে ঢাকি ধৰে , নাশ কৰে । তেওঁ সংসাৰত অন্ধকাৰত পতিত হয় । কবিয়ে উক্ত কবিতাফাকিৰে মানৱ জীৱনৰ এক তাৎপৰ্যপূৰ্ণ আধ্যাত্মিক তত্ত্ব দাঙি ধৰিছে ।
চ) যেন গৃহবাসী দুখে পৰম তাপিত ।
হৰি ভকতিক পাইলে শান্ত হোৱৈ চিত ।।
উত্তৰঃ – উদ্ধৃত কবিতাফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘বৰ্ষা বৰ্ণন’ নামৰ কাব্যাংশৰ অন্তৰ্গত ।
বাৰিষা কালত মেঘৰ মাত শুনি ময়ূৰ চৰায়ে কিদৰে আনন্দত নাচিবলৈ ধৰে তাকে কবলৈ যাওঁতে কবিয়ে এক মাধ্যাত্মিক তত্ত্বৰে তুলনা কৰি এনেদৰে উল্লেখ কৰিছে ।
খৰালি কালত ময়ূৰ চৰায়ে নাচ নানাচে । কাৰণ মেঘৰ মাত শুনিলেহে সিহঁতে আনন্দ পায় ; আনন্দত চালি ধৰি নাচিবলৈ ধৰে । মেঘৰ মাত নুশুনা পৰ্যন্ত যেন সিহঁতৰ মনত বৰ দুখ আৰু মেঘৰ মাত শুনাৰ লগে লগেই যেন সিহঁতৰ সেই দুখ আঁতৰি যায় । হৃদয় শান্ত হৈ পৰে । ঠিক তেনেদৰে সাংসাৰিক দুখ – কষ্টৰে মানুহৰ অন্তৰ সদায় জর্জৰিত , তাপিত কৰি ৰাখে । তেনে অৱস্থাত মানুহক একমাত্ৰ সন্তৱনা দিব পাৰে, তাপিত হৃদয় শাত পেলাব পাৰে হৰি ভকতিয়েহে । হৰি ভকতিত যি সদায় একান্ত ৰত সাংসাৰিক দুখ – কষ্ট, জ্বালা – যন্ত্ৰণাৰ মাজতো তেওঁ শান্ত লাভ কৰে ।
এই কথাৰে কবিয়ে হৰি ভকতিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিব বিচাৰিছে ।
ছ) ‘বহৱৈ বিপথে আতি ক্ষুদ্ৰ নদী যত ।
কৰৈ অকাৰ্যক যেন ধনৰ গৰ্বত ।।’
উত্তৰঃ- উদ্ধৃত কবিতাফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘বৰ্ষা বৰ্ণন’ কাব্যাংশৰ অন্তৰ্গত ।
বাৰিষা কালত পানীৰে উপচি পৰা সৰু সৰু নদীবোৰেও কিদৰে অপকাৰ সাধন কৰে তাকে কবলৈ যাওঁতে কাব্যকৰে তুলনাৰে কথাষাৰিৰ অৱতাৰণা কৰিছে ।
বাৰিষা কালত ধাৰাসাৰে বৰষুণ হয় । বৰষুণৰ পানীৰে নৈ নিজৰা, বিল খাল ভৰি পৰে । প্ৰবল বাৰিধাৰাত ওফন্দি উঠা নৈবোৰ তেতিয়া পাৰ বাগৰি যেনি তেনি ববলৈ ধৰে । ইয়াৰ ফলত খেতি বাতি , বাট পথ নষ্ট হয়, বাট পথত চলাচল ব্যাহত হয়। নদ নদীৰ এনে কাৰ্যক কবিয়ে ‘বহৱৈ বিপথে’ বুলি কৈ তাৰ লগত ধনৰ গৰ্বত ওফন্দি ফুৰা লোকসকলে কৰা অকাৰ্যক তুলনা কৰিছে। ধনৰ গৰ্বত ওফন্দি ফুৰা লোকসকলে ধনৰ গৰ্বতে নানান অকাৰ্য আৰু অশালীন কামবোৰ কৰে । ক্ষুদ্ৰ নদীবোৰৰ অকাৰ্যক এই লোকসকলৰ তেনে কাৰ্যৰ লগত তুলনা কৰিছে।ক্ষুদ্ৰ নদীবোৰৰ বিপথে বৈ যোৱা পানীয়ে যিদৰে আনৰ অপকাৰ কৰে , তেনেদৰে ধনীৰ অকার্যয়ো আনৰ প্ৰভূত অপকাৰ কৰে ।
| Sl. No. | Contents |
| Chapter 1 | বৰ্ষা বৰ্ণন |
| Chapter 2 | মানৱ বন্দনা |
| Chapter 3 | ই যে অগ্নি |
| Chapter 4 | মোৰ গাঁও |
| Chapter 5 | কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী |
| Chapter 6 | অন্বেষণ |
| Chapter 7 | বুৰঞ্জীৰ দৌৰাত্ম্য |
| Chapter 8 | মাধৱদেৱ |
| Chapter 9 | ব’হাগ বিহুৰ পৰম্পৰা |
| Chapter 10 | কপিলীপৰীয়া সাধু |
| Chapter 11 | আমাৰ ছাৰ |
| Chapter 12 | হাতী |
| Chapter 13 | চুটি গল্প |
| Chapter 14 | উপন্যাস |
| Chapter 15 | অলংকাৰ |
| Chapter 16 | (ক) উপন্যাস সাহিত্য |
| Chapter 16 | (খ) চুটিগল্প সাহিত্য |
জ) ‘ আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ব ।
দুনাই সূর্যে এৰি দেন্ত বাৰিষা কালত ।।’
উত্তৰঃ- উদ্ধৃত পদফাকি মহাপুৰুষ শংকৰদেৱ বিৰচিত দশমস্কন্ধ ভাগৱতৰ পৰা লোৱা ‘ বৰ্ষা বৰ্ণন’ কাব্যাংশৰ অন্তৰ্গত ।
বাৰিষাৰ প্ৰকৃতিৰ পৰিৱৰ্তন বৰ্ণনা কৰিবলৈ গৈ মহাপুৰুষ জনাই কাব্যাংশত এনেদৰে উল্লেখ কৰিছে ।
বছৰৰ বাৰ মাহৰ জেঠ, আহাৰ, শাওন, ভাদ এই চাৰি মাহক সাধাৰণতে বাৰিষা বোলে আৰু বাকী আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ’ত আৰু বহাগ এই আঠ মাহক খৰালি কাল বা শুকান বতৰ বোলে । এই আঠ মাহত সূৰ্যই পৃথিৱীৰ ৰস পানী ভাপৰূপে শুহি নিয়ে আৰু বাৰিষাকালত পুনৰ বৰষুণ ৰূপে সেই ভাপবোৰ এৰি দিয়ে । তেতিয়াই শুকান পৃথিৱী পুনৰ পানীৰে উপচি পৰে ।
ঝ) ” যেন যিটো যোগীৰ নুগুচৈ কাম কষ্ট ।
বিষয়ক পাইলে পুনৰপি হৱৈ ভ্ৰষ্ট ।।”
উত্তৰঃ- উদ্ধৃত পদফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘বৰ্ষা বৰ্ণন’ নামৰ কাব্যাংশৰ অন্তৰ্গত ।
বৰ্ষা কালৰ বৰ্ণনা দিবলৈ যাওঁতে বিভিন্ন উপমা প্রয়োগ কৰি এনেদৰে উল্লেখ কৰিছে । বাৰিষাৰ ঘনঘোৰ দিনবোৰত ধাৰাষাৰে হোৱা বৰষুণৰ ফলত নদ নদীবোৰ ফেনে ফুটুকাৰে উপচি পৰে । নদ নদী মিলি সাগৰ সদৃশ সংগম স্থলত বিপুল ঢৌ আৰু সোঁতৰ সৃষ্টি কৰে । নাদিবোৰৰ এনে প্লাৱন প্ৰয়াসী ৰূপৰ পৰা এনেহে অনুভৱ হয় যেন তপস্যাৰত কোনো যোগীয়ে বিষয় বাসনাতে আবদ্ধ হৈ পৰে । বৰ্ষাৰ পূৰ্বৰ শান্ত সৌম্য নদীক কবিয়ে তপস্যাৰত যোগীৰ লগত আৰু বৰ্ষাৰ বাৰিধাৰাৰে প্লাৱিত নদ নদীক যোগীৰ বিষয় বাসনাত মত্ত অৱস্থাৰ লগত তুলনা কৰিছে ।
২২) শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী আৰু সাহিত্য কৃতিৰ বিশদ পৰিচয় দি এটি আলোচনা কৰা ।
উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱ অসমৰ যুগান্তকাৰী মহাপুৰুষ । অসমৰ ধৰ্ম , সমাজ, সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত মহাপুৰুষ শংকৰদেৱে যি অৱদান দি গল তাৰ তুলনা পাবলৈ বিৰল । তেওঁ আছিল একাধাৰে কবি, সমাজ সংস্কাৰক , ধৰ্ম প্ৰৱৰ্তক, নাট্যকাৰ, অভিনেতা, সংগীতজ্ঞ আৰু পৰম ভক্ত । বহু দেৱতাৰ ঠাইত এক দেৱতাৰ উপাসনাৰ প্ৰৱৰ্তন আৰু নানা ধৰ্মমতৰ সলনি সৰল, বিশুদ্ধ ভাগৱতী ধৰ্ম মাতবাদ স্থাপন কৰাৰ উদ্দেশ্যে তেওঁ সংস্কৃত বৈষ্ণৱ গ্ৰন্থৰাজিক অৱলম্বন কৰি জনসাধাৰণৰ ভাষাত কাব্য নাটক গীত আদি ৰচনা কৰি অসমৰ ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত এক নৱজাগৰণৰ সৃষ্টি কৰে।
শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ বৰদোৱাত । বাল্য কালৰে পৰাই তেওঁ অসাধাৰণ মেধাৰ পৰিচয় দি মহেন্দ্ৰ কন্দলিৰ টোলত শিক্ষা সাং কৰে । শিক্ষা সমাপ্ত কৰি সূৰ্যৱতী নামৰ কন্যাৰ পানিগ্ৰহন কৰি গৃহাশ্ৰম ধৰ্ম পালন কৰে । কিন্তু এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পিছত সূৰ্যৱতীৰ মৃত্যু হোৱাত তেওঁৰ বৈৰাগ্য উপজি বাৰ বছৰ ধৰি ভাৰতৰ বিভিন্ন তীৰ্থ পৰ্যটন কৰে । তীৰ্থৰ পৰা ঘূৰি আহি জ্ঞাতিসকলৰ অনুৰোধ এৰাব নোৱাৰি তেওঁ দ্বিতীয়বাৰ বিবাহ কৰে । তাৰ পিছতে তেওঁ নামঘৰ মণিকূট স্থাপন কৰি ভক্তি ধৰ্মৰ পাতনি মেলে। প্ৰথম অৱস্থাত ভক্তিধৰ্ম প্ৰচাৰত সমাজৰ প্ৰতিক্ৰিয়াশীল আৰু গোড়া লোকসকলৰ পৰা তেওঁ যথেষ্ট বাধাৰ সন্মুখীন হৈছিল । তেতিয়াই তেওঁ ‘ চিহ্নযাত্ৰা ‘ অভিনয় কৰি সকলো শ্ৰেণীৰ লোকক ভক্তিধৰ্মলৈ আকৃষ্ট কৰবলৈ সক্ষম হয় ।
ষোড়শ শতিকাৰ দ্বিতীয় দশকমানত কছাৰীৰ উপদ্ৰব্যৰ বাবে তেওঁ উত্তৰপাৰে গাংমৌ আৰু ধুৱাহাটা বেলগুড়িত বসতি কৰিবলৈ লয় । ইয়াতেই মাধৱদেৱৰ লগত তেওঁৰ মিলন হয় আৰু ইয়েই অসমৰ ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত এক যুগান্তকাৰী অভ্যূত্থানৰ সূচনা কৰে । কিছুদিন তাত থকাৰ পিছত আহোম ৰজাৰ অত্যচাৰৰ বাবে তেওঁ ভটিয়াই আহি কামৰূপৰ পাঠবাউসীত সত্ৰ পাতে । ইয়াৰে পৰাই তেওঁ মাধৱদেৱৰ সৈতে দ্বিতীয়বাৰ তীৰ্থলৈ যায় । তীৰ্থ ভ্ৰমণৰ পৰা আহি পুনৰ ধৰ্ম প্ৰচাৰত মনোনিবেশ কৰে । এই সময়তে খল সূচকবিলাকে তেওঁৰ বিৰুদ্ধে কোচ ৰজা মহাৰাজ নৰণাৰায়নক লগায় । সেই সময়ত কামৰূপ কোচ ৰজা সকলৰ অধীনত আছিল । পিছে ৰজা নাৰণাৰায়নে শংকৰদেৱৰ প্ৰকৃত পৰিচয় পাই সন্মানেৰে ভেলা মধুপুৰত সত্ৰ পাতি দি ধৰ্ম প্ৰচাৰৰ সুবিধা কৰি দিয়ে । এই সত্ৰতে প্ৰায় ছকুৰি বছৰ বয়সত ১৫৬৮ খ্ৰীষ্টাব্দত মহাপুৰুষগৰাকীয়ে ইহলীলা সম্বৰণ কৰে ।
শঙ্কৰদেৱৰ সাহিত্যিক অৱদান : – ধৰ্ম প্ৰচাৰতকৈও সাহিত্যিক হিচাপেহে শংকৰদেৱ অধিক প্ৰসিদ্ধ । অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ শংকৰদেৱৰ বহুমুখী অৱদানৰ কথা বাদ দিলেও কেৱল সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ যি অৱদান সেয়েই তেওঁক অমৰত্ব দান কৰাৰ পক্ষে যথেষ্ট । ৰচনাৰ গঢ় আৰু ৰূপ অনুসৰি শংকৰদেৱ বিৰচিত পুথিসমূহ ছটা ভাগত বিভক্ত কৰিব পাৰি–
১) কাব্য।
২) ভক্তিতত্ব প্ৰকাশক সংগ্ৰহ ।
৩) অনুবাদমূলক ৰচনা।
৪) অংকীয়া নাট।
৫) বৰগীত । আৰু
৬) নাম প্ৰসংগৰ গ্ৰন্থ ।
ক) কাব্য : – শংকৰদেৱ বিৰচিত কাব্যৰ সংখ্যা হল সাতখন । সেইকেইখন হল – হৰিশচন্দ্ৰ উপাখ্যান , ৰুক্মিণী হৰণ , অ অজামিল উপাখ্যান , গ্ৰাহ – গজেন্দ্ৰৰ যুদ্ধ , অমৃত মন্থন বলিছলন আৰু কুৰুক্ষেত্ৰ । হৰিশচন্দ্ৰ উপাখ্যানেই শংকৰদেৱৰ প্ৰথম ৰচনা । এই কাব্যকেইখন মূলতঃ ভাগৱত পুৰাণৰ কাহিনীৰ পৰাই শংকৰদেৱে ৰচনা কৰিছে যদিও বৰ্ণনাৰ সৌন্দৰ্যৰ বাবে তেওঁৰ মৌলিকত্বৰ স্বাক্ষৰো কাব্যকেইখনত আছে ।
খ) ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ :- শংকৰদেৱ বিৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখন হল – ভক্তি প্ৰদীপ , অনাদি পাতন আৰু মিনি নৱসিদ্ধ সংবাদ । এই পুথিকেইখনত কাব্যসুলভ ৰসৰ পৰিবেশন নাই । কিন্তু গধুৰ দাৰ্শনিক কথা সহজ সৰলভাৱে প্ৰকাশ কৰিব পৰা ক্ষমতা পৰিস্ফুট হৈছে ।
গ) অনুবাদমূলক ৰচনা :- শংকৰদেৱে ৰচনা কৰা সকলোবোৰ গ্ৰন্থই অনুবাদমূলক । তথাপি কেইখনমান গ্ৰন্থ অনুবাদ কৰোতে তেওঁ মূলৰ ফালে সততে দৃষ্টি ৰাখি কল্পনা সংযত কৰি ৰাখিছিল । এনে অনুবাদমূলক গ্ৰন্থকেইখন হল – ভাগৱত পুৰাণৰ প্ৰথম , দ্বিতীয় , দশম, একাদশ , দ্বাদশস্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ । এই গ্ৰন্থসমূহৰ ভিতৰত দশম স্কন্ধই মহাপুৰুষৰ শ্ৰেষ্ঠ ৰচনা ।
ঘ) অংকীয়া নাট :- শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জনক । এনে নাট্য সাহিত্য বৈষ্ণৱ আন্দোলনৰে ফল । শংকৰদেৱে ভগৱানৰ লীলা আৰু মাহাত্ম্য জনসাধাৰণৰ মাজত সৰবৰহী কৰিবৰ কাৰণে আৰু জনসাধাৰণক বিমল আৰু পবিত্ৰ বিনোদনৰ এটা উপকৰণ দিবৰ বাবেই এই শ্ৰেণীৰ নাটক উদ্ভাৱন কৰে । এই নাটকবোৰত এটা অংক থকাৰ বাবেই অংকীয়া নাটক বোলা হয় । শংকৰদেৱে প্ৰথমে চিহ্নিযাত্ৰা নাটকৰ অভিনয় কৰি জনসাধাৰণক চমৎকৃত কৰিছিল । শংকৰদেৱ বিৰচিত অংকীয়া নাটককেইখন হল – পত্নীপ্ৰসাদ , কালিয় দমন , কেলিগোপাল , ৰুক্মিণী হৰণ , পাৰিজাত হৰণ আৰু ৰাম বিজয় ।
ঙ) গীত :- বৰগীতসমূহ শংকৰদেৱৰ অভিনৱ অৱদান । বৰগীত নামটো অৱশ্যে মহাপুৰুষে দিয়া নাই , পৰৱৰ্তী বৈষ্ণৱ ভক্তসকলেহে মহাপুৰুষ দুজনাৰ ৰচনা কৰা গীতসমূহক বৰগীত বুলি অভিহিত কৰিছে।দৰাচলতে বিষয়বস্তুৰ মহত্ত্ব , ৰচনা ভংগীৰ সৌষ্ঠৱ , শাস্ত্ৰীয় গাম্ভীৰ্য আৰু কল্পনাৰ সঙ্ঘমে মহাপুৰুষ বিৰচিত এই গীতসমূহক আন শাস্ত্ৰীয় সুৰযুক্ত গীতৰ পৰা পৃথক কৰিছে । শংকৰদেৱ বিৰচিত প্ৰথম বৰগীতটো হল – ‘মন মোৰ ৰাম চৰনেহি লাগু’ । শংকৰদেৱৰ গীতৰ শ্ৰেণীৰ ভিতৰতে ভটিমা , চপয় আৰু তোটয় গীতখিনিও পৰে ।
চ) নাম – প্ৰসংগৰ পুথি :- কীৰ্ত্তন আৰু গুণমালা শংকৰদেৱে বিৰচিত নাম – প্ৰসংগৰ পুথি । কীৰ্ত্তন গ্ৰন্থখনি মহাপুৰুষৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন । ই বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থ । বিষয়বস্তুৰ মনোৰম প্ৰকাশ , ছন্দৰ বৈচিত্ৰ্য আৰু লালিত্যৰ উপযুক্ত শব্দৰ ব্যৱহাৰ আৰু ভক্তিৰ মধুৰ প্ৰলেপে কীৰ্ত্তন পুথিখনি সকলোৰে আদৰণীয় কৰি তুলিছে । গুণমালা ছয় আখৰীয়া কুসুমমালা ছন্দৰ ৰচিত এখনি সৰু গ্ৰন্থ । এই গ্ৰন্থ ভগৱানৰ সাৰস্বৰূপ ।
এনেদৰে শংকৰদেৱৰ বহুমুখী প্ৰতিভাই অসমীয়া সাহিত্যত এক নৱজাগৰণৰ সূচনা কৰিলে । তেওঁৰ সাহিত্যক আদর্শই পৰৱৰ্তী কবি সাহিত্যিক সকলক অনুপ্ৰাণিত কৰি বিশাল বৈষ্ণৱ সাহিত্য সৃষ্টিত বৰঙণি যোগালে ।
২৩) বৰ্ষা কালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তিধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে , পাঠৰ আধাৰত আলোচনা কৰা ।
উত্তৰঃ- ‘বৰ্ষা বৰ্ণন’ কবিতাত বৰ্ষা কালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তিধৰ্মৰ তাত্ত্বিক কথাৰো বৰ্ণনা কৰিছে । আকাশৰ চন্দ্ৰ , সূৰ্য , তৰা , নক্ষত্ৰসমূহক বাৰিষাৰ মেঘে ঢাকি ধৰি থকাৰ দৰে আমাৰ শৰীৰতো জীৱত্মা ঢাক খাই থাকে । খৰালিত শুকাই পৰা খাল – বিল , নদ – নদী , জান – জুৰিসমূহ বাৰিষা কালৰ বৰষুণে ওপচাই পেলায় , – যিদৰে মহামহন্তই দুখীয়াক উদাৰচিত্তে দান দিয়ে । তপ – উপবাসে শুকাই – খিনাই যোৱা তপসিসকলে তপৰ অন্তত খাই – বৈ পুষ্ট হোৱাৰ দৰে শুকাই যোৱা খাল – বিল , জান – জুৰিকো বৰষুণে পুষ্ট কৰি তোলে ।
কলিযুগত শাস্ত্ৰৰ বচন নুশুনি পাষণ্ডৰ বচনহে সাৰোগত কৰাৰ দৰে বতাহ , ধুমুহা, মেঘৰ গজনিতো বাৰিষা কাৰো মাত – বোল নুশুনি । গুৰুৱে বেদৰ পাঠ দিওঁতে শিষ্যই লগে লগে আওৰাই যোৱাৰ দৰে মেঘৰ মাতৰ লগে লগে বেঙেও টোৰটোৰায় । পৰম সা – সম্পত্তিৰে ৰাজ্য শ্ৰীবৃদ্ধি হোৱাৰ দৰে বাৰিষাৰ পানী পাই বসুমতীয়েও সেউজীয়া ৰূপেৰে মনোমোহা হৈ পৰে । অসম্ভৱ ৰূপে শুকাই পৰা পৃথিবীও দৈৱৰ বলত সুন্দৰ হৈ পৰে , যিদৰে হৰিভক্তিয়ে মানুহৰ মন – শৰীৰ সকলোকে সুন্দৰ পবিত্ৰ কৰি তোলে ।
যিসকল যোগী – ঋষি – মুনিৰ কাম – কষ্ট মনৰ পৰা আঁতৰ নহয় , সিসকলে বিষয় বাসনাত পৰিলেই পুনৰপি সেই কাম কষ্ট জাগি উঠে । মুষলধাৰে বৰষুণ দিলেও সেই বৰষুণে পৰ্বতৰ একো ক্ষতি কৰিব নোৱাৰে । ঠিক সেইদৰে কৃষ্ণত যাৰ মন আসক্ত তেওঁক কোনো দুখ – ক্লেশ , অপায় অমংগলেও কেতিয়াও টলাব নোৱাৰে । গুনৱন্ত , ভক্তিৱান লোকৰ গাত সত্ব , ৰজ : , তম এই তিনি গুণ প্ৰকাশিত হলেও তেওঁলোক সৎ , গুনৱান হৈ থাকে । মেঘে চন্দ্ৰক ঢাকি ধৰাৰ দৰে কিন্তু অহংকাৰী লোকৰ গুণসমূহ অহংকাৰেই ঢাকি ৰাখে , ― সেই গুণ কেতিয়াও প্ৰকাশ নাপায় । মেঘৰ শব্দ শুনি ময়ূৰৰ আনন্দ লগাৰ দৰে গৃহবাসীসকলে কেতিয়াবা দুখত তাপিত হলেও হৰিভক্তিত তেওঁলোকৰ মন শান্ত হৈ পৰে।
এইদৰেই বাৰিষাৰ বিবিধ ৰিজনিৰে শংকৰদেৱে ভক্তিধৰ্মৰ তত্ত্বৰ কথা ব্যক্ত কৰিছে ।
২৪) তলৰ প্ৰশ্ন বোৰৰ চমু উত্তৰ দিয়া ।
ক) ‘গ্ৰীষ্মত আছিল শুখাই ৰৌদ্ৰতাপ সহি ‘ । – কোনে ৰৌদ্ৰ তাপ সহিছিল ?
উত্তৰঃ- পৃথিৱীখনে ৰৌদ্ৰতাপ সহিছিল ।
খ) পৰীক্ষিত ৰজা কাৰ পুতেক ?
উত্তৰঃ- পৰীক্ষিত ৰজা মহাভাৰতখ্যাত অভিমন্যুৰ পুতেক ।
গ) শুকমুনি কোন ?
উত্তৰঃ- শুকমুনি মহাভাৰত প্রানেতা বেদব্যাসৰ পুত্ৰ ।
ঘ) ‘মুষলধাৰে মেঘ বৰষিল’ । – ইয়াত মুষলধাৰ কি অৰ্থত ব্যৱহাৰ হৈছে ?
উত্তৰঃ- ইয়াত মুষলধাৰ শব্দই ডাঙৰ ডাঙৰ টোপালেৰে অহা বৰষুণক বুজাইছে ।
ঙ) ‘পলুৰঙ্গা থানে থান’ – ইয়াত পলুৰঙ্গা কি অৰ্থত ব্যৱহাৰ হৈছে ?
উত্তৰঃ – ইয়াত পলুৰঙ্গা শব্দই বাৰিষা কালত সৃষ্টি হোৱা কণ কণ মাটিৰ দম বা কেঁচুমটা অৰ্থত ব্যৱহাৰ হৈছে ।
চ) ‘পৰ্বতৰ নিৰঝৰৰ নাদ শুনি অতি ‘ । ― নিৰঝাৰ মানে কি ?
উত্তৰঃ- নিৰঝাৰ মানে নিজৰা , জুৰি ।
ছ) বৰ্ষা বৰ্ণন কাব্যাংশ কোন পুথিৰ পৰা অনা হৈছে ?
উত্তৰঃ- বৰ্ষা বৰ্ণন কাব্যাংশ শ্ৰীমন্ত শংকৰদেৱৰ দশম স্কন্ধ ভাগৱতৰ পৰা অনা হৈছে ।
জ) বৰ্ষা বৰ্ণন কাব্যাংশ কোনে কাৰ আগত বৰ্ণন কৰিছে ?
উত্তৰঃ- বৰ্ষা বৰ্ণন কাব্যাংশ শুকুমনিয়ে পৰীক্ষিত ৰজাৰ আগত কৈছে ।
ঝ) গুৱালী পলু কি ?
উত্তৰঃ – গুৱালী পলু এবিধ পোক , ইহঁতৰ বৰণ ৰঙা ।
ঞ) বেঙছতা কি ?
উত্তৰঃ- বেঙছতা মানে কাঠফুলা ।
ট) ‘লাগৈ তিৰিমিৰি আসি চক্ষুত ঝমক’ ― ‘তিৰমিৰি’ শব্দৰ অৰ্থ কি ?
উত্তৰঃ- তিৰবিৰণি ।
ঠ) ‘আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ তত্ব ।’ ― ‘সত্ত্ব’ শব্দই কি বুজাইছে ?
উত্তৰঃ- পৃথিৱীৰ ৰস বা জীপ বুজাইছে ।
ড) ‘যান্ত কৃষ্ণে গোষ্ঠক আগত ধেনু লৈ ‘ ― ইয়াত গোষ্ট কি অৰ্থত ব্যৱহাৰ হৈছে ?
উত্তৰঃ- ‘গৰু বন্ধা ঠাই’ অৰ্থত ।
ঢ) ‘নিৰন্তৰে মেঘগণে বৰষিল জল ।।’ – কেতিয়া ?
উত্তৰঃ- বাৰিষা কালত ।
ণ) ‘বৰ্ষা বৰ্ণন’ কবিতাংশ ভাগৱতৰ কোনটো স্কন্ধত পোৱা যায় ?
উত্তৰঃ- ভাগৱতৰ দশম স্কন্ধত ।
ত) ‘যেন মহামহন্তে দুখীক দিলা দান ।।’ ― এই দান কিহৰ লগত তুলনা কৰিছে ?
উত্তৰঃ – খাল – বাম ভৰি উপচি পৰা বাৰিষাৰ পানীৰ লগত ।
থ) ‘নানাবিধ বস্ত্ৰে কাঁচি – পাৰি সামৰাজ ।’ ― সামৰাজ মানে কি ?
উত্তৰঃ- সমজুৱা , সভাসদ ।
দ) নিৰ্গুণ ইন্দ্ৰধনুৰ বৰণ কেইটা ?
উত্তৰঃ- পাঁচটা ।
ধ) শ্ৰী শংকৰদেৱ কোন যুগৰ কবি ?
উত্তৰঃ- শংকৰী যুগৰ কবি ।
ন) বৰ্ষা বৰ্ণন কবিতাটিৰ কবিজনৰ এখন কাব্যগ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ- ‘ৰুক্মিণী হৰণ কাব্য’ ।
প) শ্ৰীমন্ত শংকৰদেৱৰ নাম প্ৰসংগমূলক এখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ- কীৰ্ত্তন ঘোষা ।
ফ) শ্ৰীমন্ত শংকৰদেৱৰ এখন কাব্য গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ- ‘ৰুক্মিণী হৰণ’ ।
ব) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম লিখা ।
উত্তৰঃ- কীৰ্ত্তন ঘোষা ।
ভ) শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ডৰ পদ ভাঙনি কৰিছিল ?
উত্তৰঃ- উত্তৰাকাণ্ডৰ ।
ম) পৰীক্ষিত ৰজাৰ আগত কোনো বৰ্ষাৰ বৰ্ণনা দিছিল ?
উত্তৰঃ- শুকমুনিয়ে ।
য) শংকৰদেৱৰ শেষ নাটকখনৰ নাম লিখা ।
উত্তৰঃ- ৰাম – বিজয় ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



Thank you
Welcome
Tq sir
Thank u sir question bankar parau diba sun aeikhini sale letter ahib nee
99% Common
Thank you sir
Thank you 💫😊sir