Class 12 Adv Assamese Chapter 13 চুটি গল্প Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Advance Assamese Chapter 13 চুটি গল্প and select needs one.
Class 12 Adv Assamese Chapter 13 চুটি গল্প
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 13 চুটি গল্প Solutions for All Subject, You can practice these here.
চুটি গল্প
পাঠ: ১৩
সাহিত্য সমালোচনা
চমু প্ৰশ্ন
১) চুটি গল্প কাক বোলে ? চুটিগল্পৰ এটি সংজ্ঞা দি ইয়াৰ জন্ম আৰু বিকাশ সম্পৰ্কে এটি আলোচনা কৰা ।
অথবা
“চুটিগল্প আকৌ সাধুকথাও নহয় , আখ্যানো নহয় । সাধু আৰু আখ্যানৰ মাজত থকা ই এবিধ স্বতঃসম্পূৰ্ণ সাহিত্য ।” – এই উক্তিৰ আলমত চুটিগল্প সম্পৰ্কে এটি চমু আলোচনা আগবঢ়াৱা ।
অথবা
‘চুটিগল্প কেনেকৈ লিখিব লাগে নাইবা ই কিমান দীঘল হোৱা উচিত ইত্যাদি বিষয়ে একো ধৰা বন্ধা নিয়ম নাই । ‘ – এই উক্তিৰ আলমত চুটিগল্পৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ- চুটিগল্প আধুনিক কথা সাহিত্যৰ এক বিশিষ্ট অংগ জীৱনৰ এটা মাথোন মুহূৰ্তৰ ঘটনাৰ কেন্দ্ৰ কৰি পল্লৱীত হৈ উঠা এই সাহিত্যিক ৰূপটো সাধাৰণভাৱে চুটি কাহিনী বুলি অভিহিত কৰিব পাৰি । চুটিগল্পই আধুনিক সাহিত্যত বিশেষ স্থান লাভ কৰাৰ গুৰিতে হৈছে ইয়াৰ বৈশিষ্ট্য প্ৰসাৰতা আৰু বিশিষ্ট শিক্ষাৰীতি । ঊনবিংশ শতিকাৰ পৰাই আধুনিক চুটিগল্পৰ নিজস্ব আংগিক আৰু শ্ৰেণী স্বাতন্ত্ৰ্য গঢ়ি উঠিছে ।
গল্প কোৱা বা শুনা মানুহৰ স্বাভাৱিক আৰু আদিম প্ৰবৃত্তিয়েই মানুহৰ মাজত সাধুকথা, উপাখ্যান আখ্যান কাহিনী আদিৰ ৰূপ লৈছে । পিছে গল্প কোৱাৰ প্ৰাচীন বা মধ্যযুগীয়া শিল্পৰীতিয়ে লগত আধুনিক চিটিগল্পৰ পাৰ্থক্য আছে । পৌৰাণিক আখ্যান উপাখ্যান আদিৰ ৰূপ আছিল সহজ সৰল , সিবোৰত মনস্তাত্ত্বিক দ্বন্দ্ব আৰু ঘাত প্ৰতিঘাতৰ সম্ভাৱনা আছিল যদিও স্পষ্টৰূপে ব্যঞ্জিত হোৱা নাছিল । প্ৰাচীন কাহিনীবোৰৰ উদ্দেশ্য আছিল প্ৰধানতঃ নীতি শিক্ষা দিয়া । প্ৰাচীন মানৱৰ গল্প কোৱা বা শুনাৰ ৰীতিতেই আধুনিক চুটিগল্পৰ বীজ নিহিত আছে । অৱশ্যে বিষয় বস্তু , ৰচনা কৌশল , উদ্দেশ্য আদিত প্ৰাচীন কাহিনীৰ লগত আধুনিক চুটিগল্পৰ পাৰ্থক্য স্পষ্ট । ইয়োদশ শতিকাত ইটালীত চমু গদ্যত ৰচিত গদ্য ৰচনাক Novelliro বুলি কোৱা হৈছিল । ইয়াৰ পৰাই Novella শব্দৰ উৎপত্তি আৰু শেষলৈ Novella শব্দৰ পৰাই Short Story ৰ ইতিহাস আৰম্ভ হৈছে ।
বিভিন্ন লেখক আৰু সাহিত্য সমালোচকে চুটিগল্পৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে । এড্গাৰ এলেন পোৱে চুটিগল্পৰ সংজ্ঞা নিৰূপণ কৰি কৈছে:- “In the whole composition there should be no word written of which the tendency , direct or indirect , is not to the pre established design .” চুটিগল্পৰ আৰম্ভণিৰ পৰাই এটা নিৰ্দিষ্ট লক্ষ্য থাকিব লাগিব , ঘটনা , চৰিত্ৰৰ আনকি সামান্য এটি কথাও সেই লক্ষ্যৰ অভিমুখী হব লাগিব । চুটিগল্পৰ এই একমুখীতাই ইয়াৰ প্ৰবাহক অনিবাৰ্য কৰি তুলিছে । এই লক্ষ্যভেদী সংঘত আৰু সংহত অনিবাৰ্য গতিয়েই চুটিগল্পৰ ধৰ্ম ।
ইংৰাজী সাহিত্যৰ বিখ্যাত সমালোচক হাডছনে চুটিগল্পৰ এই লক্ষ্যভেদী আৰু একমুখী প্ৰকৃতিৰ বিষয়ে মন্তব্য দি কৈছে : “Singleness of aim and singleness of effect are , therefore the two great canons by which we have to try the value of short story as a piece of art .” লক্ষ্যৰ এই একমুখীতা আৰু ফলশ্ৰুতিৰ একমুখীতাই চুটিগল্পৰ প্ৰধান বিশেষত্ব ।
ব্ৰেণ্ডাৰ মেথিউজ নামৰ আন এজন সমালোচকে চুটিগল্পৰ প্ৰকৃতি বিশ্লেষণ কৰি কৈছে যে ই হল Unity of impression অর্থ্যাৎ ধাৰণাৰ সমগ্ৰতাই চুটিগল্পৰ প্ৰাণ । ছমাৰছেট মমে চুটিগল্পৰ বিষয়ে কবলৈ গৈ কৈছে :- ” I show the short story as a narrative of single event , material of spiritual to which by the elimination of everything that ৱাছ not essential to its elucidation a dramatic unity could be gain .” অৰ্থাৎ চুটিগল্পত অপ্ৰয়োজনীয় অংশ নিষ্ঠুৰভাৱে বৰ্জন কৰি কাহিনীভাগ এটি স্থিৰ নাটকীয় ঐক্যসূত্ৰত গঁথা হয় ।
আন এজন সমালোচক আৰ . জে . ৰেচম মতে – “It does not have solution to offer , in just states the human situation .” অর্থ্যাৎ চুটিগল্পই কোনো সমস্যাৰ মীমাংসা দিব নালাগে , মাথোন মানুহৰ অৱস্থাহে দাঙি ধৰিব লাগে । তেওঁ চুটিগল্পৰ আংগিক , প্ৰকাশৰীতি , ভাব আৰু বিষয় , প্ৰেৰণা আৰু লক্ষ্য , প্রতীতি আৰু ফলশ্ৰুতিৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব দিছে ।
চুটিগল্পৰ সম্পৰ্কত এনেদৰে বিভিন্ন সংজ্ঞা লক্ষ্য কৰা যাব যদিও সকলো সমালোচকেই এই কথাত একমত যে লক্ষ্য ( aim ) , প্ৰতীতি ( impression ) আৰু ফলশ্ৰুতি – এই তিনিটাই ‘চুটিগল্পৰ’ প্ৰধান বিশেষত্ব । সমালোচক বেৰী পেইনে কৈছে : ‘উপন্যাস হৈছে এটা তৃপ্তি আৰু চুটিগল্প হৈছে এটা প্ৰেৰণা ।’ কাৰণ চুটিগল্পত সামগ্রিকতা বা বিশালতা নাই । ৰবীন্দ্ৰনাথ ঠাকুৰে অৱশ্যে কাব্যিকভাৱেই চুটিগল্পৰ গুণাগুণ নিৰ্ণয় কৰিছে : ‘শেষ হয়ে হইল না শেষ ।’ – ইয়েই চুটিগল্পৰ চিত্তাকর্ষক উপাদান ।
চুটিগল্প ঊনবিংশ শতিকাৰ সৃষ্টি । ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধৰ পৰাই ই এক বিশিষ্ট সাহিত্য – কৰ্মৰূপে স্বীকৃতি লাভ কৰে আৰু শেষত ঊনবিংশ শতিকাত পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হয় । আধুনিক চুটিগল্পৰ পথিকৃতসকলৰ ভিতৰত প্ৰথমেই উল্লেখযোগ্য ‘ৰিপ ভান উংইকল’ গল্পৰ লেখক ৱাছিংটন আৰভিঙ । এওঁৰ পিছতে আন উল্লেখযোগ্য আমেৰিকান গল্পকাৰ সকল হল নাথানিয়েল হৰ্ণন , এডগাৰ এলেন পো , হেনৰি জেমছ আৰু অ’ হেনৰি । বহুতো সমালোচকে আধুনিক চুটিগল্পৰ বাটকটীয়া হিচাপে ফ্ৰান্সৰ বালজাকৰ নাম লোৱাটো উচিত বুলি ভাবে ।
বালজাকৰ পিছতে আন উল্লেখযোগ্য ফৰাচী গল্পকাৰ সকল হল ভিক্টৰ হিউগ , প্ৰেছমাৰ মেৰিমি , ফ্লবেয়াৰ , মোপাঁচা , আলফা দোতে ইত্যাদি । ফ্ৰান্সৰ পিছতে চুটিগল্পৰ ক্ষেত্ৰত উল্লেখযোগ্য দেশখন হল ৰাছিয়া । পুছকিন , গগল , এণ্টন ছেকভ ৰাছিয়ান চুটিগল্পৰ ইতিহাসত স্মৰণীয় নাম । জাৰ্মান সাহিত্যত গ্যেট , হফমেন , স্কীলাৰ , হেইন , ৰেখ হাইনে আদি বিখ্যাত চুটিগল্প লেখক । ষ্টিফেন জোৱাইগ আৰু ইমাছ মেনৰ হাতত আধুনিক চুটিগল্পই বিকাশ লাভ কৰিলে । ইংৰাজী সাহিত্যৰ বিখ্যাত গল্পকাৰসকল হল আৰ এল ষ্টিভেনছন , লৰেন্স , মেন্সফিল্ড , ছিটৱেল , গ্ৰাহাম গ্ৰীণ ফষ্টাৰ ইত্যাদি ।
২) চুটিগল্পৰ জনপ্ৰিয়তাৰ কাৰণ কি বুজাই লিখা ।
উত্তৰঃ- বৰ্তমানৰ সকলোবোৰ সাহিত্যিক মাধ্যমৰ ভিতৰত চুটিগল্পৰ জনপ্ৰিয়তাই সৰ্বাধিক । চুটিগল্পৰ এনে জনপ্ৰিয়তালৈ লক্ষ্য কৰি কোনো কোনো সমালোচকে মত প্ৰকাশ কৰে যে এদিন হয়তো চুটিগল্পই উপন্যাসৰ জনপ্ৰিয়তা হ্ৰাস কৰি পেলাব । কিন্তু এনে ধাৰণা ভ্ৰমাত্মক । কাৰণ , একাংকিকাই যেনেদৰে পূৰ্ণাৱয়ব নাটকক স্থানচ্যুত কৰিব নোৱাৰে সেই একেদৰে চুটিগল্পয়ো উপন্যাসক স্থানচ্যুত কৰিব নোৱাৰে । চুটিগল্পৰ জনপ্ৰিয়তাৰ প্ৰধান কাৰণ এইটোৱেই যে ইয়াক কম সময়তে আৰু কম আয়াসতে অধ্যয়ন কৰি আনন্দ লাভ কৰিব পাৰি । পিছে ইয়েই চুটিগল্পৰ জনপ্ৰিয়তাৰ একমাত্ৰ কাৰণ বুলি কব নোৱাৰি । এনে গল্প কোৱা বা শুনাৰ আগ্ৰহ মানুহৰ এক আদিম প্ৰবৃত্তি । এই প্ৰবৃত্তিৰ বাবেই মানুহে গল্প কবলৈ বা শুনিবলৈ ভাল পায় । এইটোৱেই চুটিগল্পৰ প্ৰতি মানুহৰ আকৰ্ষণৰ প্ৰধান কাৰণ । এনে গল্প কোৱা বা শুনাৰ প্ৰবৃত্তিয়েই অতি প্ৰাচীনকালতে মানুহৰ সমাজত সাধুকথা বা আখ্যান উপাখ্যানবোৰৰ জন্ম দিছিল ।
চুটিগল্পৰ জনপ্ৰিয়তাৰ আন এক প্ৰধান কাৰণ হৈছে কম সময় আৰু কম আয়াসতে পঢ়িব পৰা ইয়াৰ ক্ষুদ্ৰাৱয়বৰ ৰূপটো । আধুনিক সভ্যতাত সমাজৰ প্ৰতিজন মানুহেই পোৱাৰ পৰা ৰাতিলৈকে অসম্ভৱ ব্যস্ত । এনে ব্যস্ততাৰ মাজত সময় উলিয়াই দীৰ্ঘ কাহিনীযুক্ত এখনি উপখ্যান পঢ়িবলৈ মানুহৰ অৱসৰ নাথাকে । সেয়ে কম সময় আৰু কম আয়াসতে পঢ়ি আনন্দ লাভ কৰিব পৰা চুটিগল্পৰ প্ৰতি মানুহৰ আদৰ বেছি । তদুপৰি চুটিগল্পৰ জীৱনৰ পূৰ্ণৱয়ব ৰূপৰ চিত্ৰ নাথাকে , একোজন ব্যক্তিৰ জীৱনৰ একোটা মুহুৰ্তৰ ঘটনাহে ইয়াত ৰূপায়িত হয় । সেয়ে উপন্যাসৰ বিস্তৃত ৰূপটো চুটিগল্পৰ সংহত ৰূপত প্ৰকাশিত হয় । উপন্যাসত পৰিতৃপ্ত থাকে , কিন্তু চুটিগল্পত ব্যঞ্জনাৰ অতৃপ্তি । এনে ব্যঞ্জনাৰ অতৃপ্তিৰ বাবে চুটিগল্পৰ প্ৰতি মানুহৰ সমাদৰ অধিক ।
৩) চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য বা উপাদান সমুহ কি কি – বুজাই লিখা ।
অথবা
‘চুটিগল্প আধুনিক সাহিত্যৰ এটি বিশিষ্ট অংগ ।’ – এই উক্তিৰ আলমত চুটিগল্পৰ বৈশিষ্ট্য সম্পৰ্কে এটি আলচ যুগুত কৰা ।
উত্তৰঃ- প্ৰতিটো সাহিত্যিক ৰূপৰে কিছুমান নিৰ্দিষ্ট উপাদান থকাৰ দৰে চুটিগল্পৰো কিছুমান বিশিষ্ট উপাদান আছে । চুটিগল্পৰ উপাদানসমূহ হল– বিষয়বস্তু , ঐক্য , কাহিনী , চৰিত্ৰ , সংলাপ বা কথোপকথন , পৰিৱেশ সৃষ্টি , লেখকৰ জীৱন জিজ্ঞাসা আৰু ৰচনা ৰীতি । উপাদানসমূহৰ সম্যক আলোচনা তলত দাঙি ধৰা হল –
বিষয়বস্তু :- চুটিগল্পৰ বিষয়বস্তু এনে হব লাগে নিৰ্দিষ্ট পৰিধিৰ মাজত যাৰ বিকাশ সম্ভৱপৰ হয় । সেইবুলি চুটিগল্প যে একোটা ঘটনা বা একোটা মুহূৰ্ততে সীমাবদ্ধ থাকিব , তাৰো কোনো অৰ্থ নাই । কাৰণ চুটিগল্প একোটা ঘটনাৰ প্ৰকাশকো হব পাৰে , নাইবা বিক্ষিপ্ত জটিল ঘটনাৰো বাহক হব পাৰে । আনহাতে ই উপন্যাসতকৈ বহল পটভূমিত সুদীৰ্ঘকাললৈ খেলা কৰিব পাৰে । উদাহৰণ স্বৰূপে ৱাছিংটন আৰভিঙৰ ‘ৰিপ ভান উইংকল’ গল্পৰ কাল সুদীৰ্ঘ , ৰিপ ভানৰ সমগ্ৰ জীৱনৰ পূৰ্ণ চিত্ৰ , তথাপি সি গল্প । কাৰণ কাহিনীৰ কাল দীর্ঘম্যাদী হলেও তাত কাৰ্যৰ ঐক্য আৰু কাৰণৰ ঐকান্তিকতা বিৰাজ কৰিছে । সেই কাৰণে সি চুটিগল্পত নকৰে , নিৰ্ভৰ কৰে ইয়াৰ প্ৰয়োগৰ ওপৰতহে ।
বিষয়বস্তুৰ ফালৰ পৰা চুটিগল্পকো কবিতাৰ দৰে দুটা ভাগত ভগাব পাৰি – ব্যক্তিনিষ্ট বা আত্মবিবৃতিমূলক ( Subjective ) আৰু বস্তুনিষ্ঠ বা বৰ্ণনামূলক ( Objective ) । যি গল্পৰ বিষয়বস্তু লেখকৰ ব্যক্তিগত জীৱন সম্পৰ্কীয় হয় , তাকে ব্যক্তিনিষ্ঠ বুলিব পাৰি । এইবোৰ গল্পত লেখকে নিজ চৰিত্ৰৰ ভূমিকা লৈ সকলো কথা প্ৰথম পুৰুষত ব্যক্ত কৰি যায় । আধুনিক যুগৰ বেছিভাগ গল্প এই শ্ৰেণীৰ । বস্তুনিষ্ঠ গল্পত লেখকে নিজৰ কথা নকৈ আনৰ কথা বৰ্ণনা কৰে এই বোৰ গল্প তৃতীয় পুৰুষত লেখা হয় ।
ঐক্য :- ঐক্য চুটিগল্পৰ আন এক উল্লেখযোগ্য উপাদান । পিছে নাটকীয় ঐক্য চুটিগল্পৰ ঐক্য সমাৰ্থক নহয় । চুটিগল্পৰ ঐক্যই উদ্দেশ্যৰ ঐক্য , ঘটনাৰ ঐক্য আৰু ধাৰণাৰ ঐক্যকে নিৰ্ণয় কৰে । অৰ্থাৎ ইয়াৰ প্ৰতিপাদ্য ভাবাদৰ্শ এটা হব লাগিব ।
কাহিনী :- চুটিগল্পৰ আন এক উল্লেখযোগ্য উপাদান হল কাহিনী । অৱশ্যে নাটক বা উপন্যাসৰ কাহিনীৰ দৰে ইয়াৰ কাহিনী শক্তিশালী আৰু বিচিত্ৰধৰ্মী নহয় । চুটিগল্পৰ কাহিনী বিশেষ সহজ সৰল আৰু পোনপটীয়া হোৱা বাঞ্ছনীয় । কিছুমান চুটিগল্পত কাহিনীৰ প্ৰয়োজন নাই বুলিয়েই কব খোজে । তেওঁলোকৰ মতে চুটিগল্পৰ উদ্দেশ্য একোটা সসংবদ্ধ কাহিনী প্ৰতিপাদন কৰা নহয় , কাহিনীৰ স্বীকৃতি দান কৰাহে তাৰ উদ্দেশ্য ।
তথাপি ইয়াত কাহিনীৰ আৱশ্যকতা একেবাৰে ওলাই কৰিব নোৱাৰি । অৱশ্যে চুটিগল্পৰ কাহিনী নাটক বা উপন্যাসৰ কাহিনীতকৈ দুৰ্বল হব পাৰে । কিন্তু দুর্বলেই হওক বা সবলেই হওক গল্পৰ মাজেদি বৈ থকা কাহিনীয়ে ধ্বনিত কৰে জীৱনৰ কোনো এক মুহুৰ্তৰ ঘনীভূত ইতিহাস । পিছে সেই বুলি ঘটনা এটাৰ এফালৰ পৰা কৰা বৰ্ণনাই গল্প হব নোৱাৰে। গল্প হব লাগিলে সি শিল্পসংগত ভাবে প্ৰকাশিত হব লাগিব । কাহিনী আৰু প্ৰকাশভংগীৰ মণিকাঞ্চন সংযোগেহে উৎকৃষ্ট গল্প সৃষ্টি কৰিব পাৰে ।
কাহিনীৰ প্ৰকাশভংগীৰ কৌশলেই চুটিগল্পৰ মাধুৰ্য বঢ়ায় । কাহিনীৰ চুটি অথচ আৰম্ভণি আকস্মিক আৰু সামৰণি নাটকীয় হব লাগে ।
চৰিত্ৰ :- চৰিত্ৰও চুটিগল্পৰ অন্যতম উপাদান । চৰিত্ৰই চুটিগল্পৰ কাহিনী বা ঘটনা বিকাশত সহায় কৰে । চৰিত্ৰৰ কাৰ্যকলাপ আৰু মনস্তাত্ত্বিক বিশ্লেষণৰ দ্বাৰাহে কাহিনী বা চুটিগল্পৰ সৌন্দৰ্য প্ৰকাশ পোৱাৰ লগতে উদ্দেশ্যও সাধিত হয় । একোটা চৰিত্ৰই সমাজৰ বিভিন্ন লোকৰ প্ৰতিনিধিত্ব কৰি তাৰ প্ৰকৃত স্বৰূপ আৰু বক্তব্য বিষয় উপস্থাপন কৰে । আনকি চৰিত্ৰৰ জৰিয়তে লেখক আৰু পাঠকৰ মাজত সম্পৰ্কও স্থাপিত কৰে । সংলাপ বা কথোপকথন : কথা বতৰাৰ জৰিয়তে যিদৰে মানুহৰ মাজত সংহৃদয়তা বাঢ়ে সেইদৰে চুটিগল্পত ব্যৱহৃত সংলাপ বা কথোপকথনেও লেখক , চৰিত্ৰ আৰু পাঠকৰ অন্তৰত সহৃদয়তা আনি দিয়ে । আনহাতে চৰিত্ৰৰ বিকাশ সাধনত , আৰু গুণাগুণ প্ৰকাশত সংলাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । চুটিগল্পৰ সংলাপ চুটি আৰু ইংতিতপূৰ্ণ হব লাগে । এষাৰ বাক্যত , এটা শব্দত বহু কথা প্ৰকাশ পাব লাগিব । দীঘলীয়া সংলাপ বা সংলাপৰ জৰিয়তে দীঘলীয়া বৰ্ণনাই চুটিগল্পৰ ৰস , উৎসুক্য আৰু সৌন্দৰ্য নাইকিয়া কৰে ।
পৰিবেশ সৃষ্টি :- পৰিৱেশ সৃষ্টি চুটিগল্পৰ আন এটা উল্লেখযোগ্য উপাদান। চুটিগল্পত বৰ্ণিত কাহিনী বা ঘটনাৰ গুৰুত্ব বঢ়াবলৈ উপযুক্ত পৰিবেশ সৃষ্টি কৰিব নোৱাৰিলে পটুৱৈৰ অন্তৰত সেই গল্পই একেবাৰেই ৰেখাপাত কৰিব নোৱাৰে । পৰিৱেশে পটুৱৈৰ মনত এনে এটা ভাবৰ সৃষ্টি কৰিব পাৰিব লাগিব যেন তেওঁ সেই ঘটনা বা কাহিনী নিজ চকুৰেহে প্ৰত্যক্ষ কৰিছে । অৱশ্যে পৰিবেশৰ দীঘলীয়া বৰ্ণনা সম্পূৰ্ণভাৱে বৰ্জনীয় ।
লেখকৰ জীৱন জিজ্ঞাসা :- চুটিগল্পত লেখকৰ জীৱন জিজ্ঞাসাৰ অতি প্ৰয়োজন । সমাজ বা মানুহৰ জীৱনৰ যিকোনো মুহূৰ্তৰ ঘটনাকেই লেখকে চুটিগল্পত ৰূপায়িত কৰিব বিচাৰিলে সেই সম্পৰ্কত লেখকৰ সম্পূৰ্ণ অভিজ্ঞতা , পুংখানুপুংখ জ্ঞান আৰু সূক্ষ্ম দৃষ্টি থাকিব লাগিব । তেতিয়াহে লেখকে ইয়াক সঁচা আৰু জীৱন্ত ৰূপত প্ৰকাশ কৰিব পাৰে ।
ৰচনা ৰীতি :- চুটিগল্পৰ ৰচনাভংগীৰো কোনো নিৰ্দিষ্ট ৰীতি নাই । গল্প একোটা সম্পূৰ্ণ বৰ্ণনামূলক নাইবা বিশুদ্ধ কথোপকথন মূলক অথবা বৰ্ণনা আৰু কথোপকথনৰ সমন্বয়ত ৰচিত হব পাৰে । এই তিনিটা ৰীতিৰ ভিতৰত সচৰাচৰ শেষটোৱেই ব্যৱহৃত হোৱা দেখা যায় । কাৰণ, গল্প কেৱল বৰ্ণনামূলক হলে সি যেনেকৈ গতানুগতিক , বৈচিত্ৰ্যবৰ্জিত , অনাটকীয় হোৱাৰ সম্ভাৱনা তেনেকৈ বিশুদ্ধ কথোপকথন মূলক হলেও প্ৰতিপাদ্য আটাইবোৰ কথা ব্যক্ত কৰা জটিল হৈ পৰে । সেই কাৰণে আৰু কথোপকথনৰ মিশ্ৰ ৰীতিটো সচৰাচৰ গ্ৰহনীয় ।
৪) ৰচনা ৰীতি অনুসৰি চুটিগল্পৰ বিভাজন দেখুওৱা ।
উত্তৰঃ- ৰচনা ৰীতি অনুসৰি চুটিগল্পক এনেদৰে বিভাজন কৰিব পাৰি,– কাহিনীপ্ৰধান , চৰিত্ৰ প্ৰধান আৰু পৰিবেশ প্ৰধান গল্প । চুটিগল্পৰ এই তিনিটা ৰচনাৰীতি অনুসৰি কেতিয়াবা প্ৰথমে এটা কাহিনী লৈ তাক ৰূপায়িত কৰাৰ কাৰণে প্ৰয়োজনীয় চৰিত্ৰৰ সংযোজন কৰা হয় , কেতিয়াবা চৰিত্ৰ এটাৰ কল্পনা প্ৰথমে কৰি , তাৰ বিকাশৰ কাৰণে ঘটনা আৰু অৱস্থাৰ সৃষ্টি কৰা হয় , কেতিয়াবা আকৌ কোনো এটা পৰিৱেশ আগতে কল্পনা কৰি , ঘটনা আৰু চৰিত্ৰৰ জৰিয়তে তাক ফুটাই তোলা হয় । ৰচনাৰ এই ভংগীৰ পৰা চুটিগল্পত সেয়ে তিনি ভাগত ভগাব পৰা যায় – কাহিনীপ্ৰধান গল্প , চৰিত্ৰপ্ৰধান গল্প আৰু পৰিবেশ প্ৰধান গল্প ।
কাহিনীপ্ৰধান গল্পত কাহিনী প্ৰকাশেই লেখকৰ মুখ্য উদ্দেশ্য, চৰিত্ৰৰ প্ৰতি গল্প লেখক বিশেষ উদাসীন হোৱা লক্ষ্য কৰা যায় । কাহিনী প্ৰধান গল্পৰ বিপৰিতধৰ্মী গল্প হল চৰিত্ৰপ্ৰধান গল্প । কাহিনী প্ৰধান গল্পত লেখকে চৰিত্ৰৰ চাৰিত্ৰপতি প্ৰতি যি উদাসীনতা অৱলম্বন কৰে , চৰিত্ৰপ্ৰধান গল্পত কাহিনীৰ প্ৰতি সেই উদাসীনতা অৱলম্বন কৰা হয় । পৰিবেশেপ্ৰধান গল্পত আকৌ কাহিনী আৰু চৰিত্ৰত কোনোটোৱেই মুখ্য স্থান লাভ নকৰি , কোনো অৱস্থা প্ৰধান হৈ উঠে ।
৫) বিষয় অনুসৰি চুটিগল্পক কি কি ভাগত ভাগব পাৰি উদাহৰণ স্বৰূপে আলোচনা কৰাৱ ।
অথবা
চুটিগল্পৰ শ্ৰেণী বিভাজন সম্পৰ্কে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ- বিষয়বস্তু ৰূপায়ন অনুসৰি চুটিগল্পক প্ৰধানকৈ এইকেইটা ভাগত বিভক্ত কৰিব পাৰি – প্ৰেমমূলক , সামাজিক , প্ৰকৃতি বিষয়ক , অতি প্ৰাকৃতিক , হাস্যৰসাত্মক , পাৰিবাৰিক মনস্তত্ত্বমূলক আৰু ডিটেকটিভ ।
প্ৰেমমূলক :- মানৱীয় প্ৰেমৰ কিবা এটা পৰিণতি গল্পৰ মাজেৰে ৰূপায়িত হৈ উঠে সেইবোৰকে প্ৰেমমূলক গল্প বোলে । বেজবৰুৱাৰ ‘ভদৰী’ , ‘ৰতন মুণ্ডা’ , ৰমা দাসৰ ‘অচল টকা’ আৰু চৈয়দ আব্দুল মালিকৰ ভালেমান গল্প এই শ্ৰেণীৰ ।
সামাজিক :- এনে ধৰণৰ গল্পত কোনো এটা সামাজিক নাইবা অৱস্থাই বিশেষ প্ৰাধান্য লাভ কৰে । এই শ্ৰেণীৰ গল্পত লেখকৰ সংস্কাৰকামী মনৰ বিদ্যুৎ বিকাশ পৰিদৃষ্ট হয় । সেই কাৰণে এই শ্ৰেণীৰ গল্পক উদ্দেশ্যধৰ্মী গল্পও বুলিব পাৰি । বেজবৰুৱাৰ ‘যেনে চোৰ তেনে টাঙোন’, শৰৎচন্দ্ৰ গোস্বামীৰ ‘ৰক্ত বীজ’ আদি এই শ্ৰেণীৰ ।
প্ৰকৃতি বিষয়ক :- যিবোৰ গল্পত প্ৰাকৃতিক পটভূমিত মানৱ জীৱনৰ চিত্ৰ অংকন কৰা হয় , নাইবা মানুহৰ সুখ দুখৰ পটভূমিস্বৰূপে প্ৰকৃতি ব্যৱহৃত হয় , সেইবোৰকে প্ৰকৃতি বিষয়ক গল্প বোলে । যেনে – বেজবৰুৱাৰ ‘জল কুঁৱৰী’ আৰু ‘কন্যা’ এই শ্ৰেণীৰ ।
অতি প্ৰাকৃতিক :- এই শ্ৰেণীৰ গল্পত অতি প্ৰাকৃতিকতাৰ মধুৰ আচ্ছাদনে বক্তব্য বিষয়ক ৰহস্যপূৰ্ণ বা ভয়াৱহ কান্তি দান কৰে । ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘ক্ষুধিত পাষান’ , বেজবৰুৱাৰ ‘স্বৰ্গৰোহন’ এই শ্ৰেণীৰ গল্প ।
হাস্যৰসাত্মক :- যিবোৰ গল্পত আখ্যান বা চৰিত্ৰতকৈ হাস্যৰসে অধিক প্ৰাধান্য লাভ কৰে নাইবা হাস্যৰস সৃষ্টিয়েই গল্পৰ প্ৰধান উদ্দেশ্য হয় সেইবোৰক হাস্যৰসাত্মক গল্প বোলা হয় । এই শ্ৰেণীৰ কিছুমান গল্পত হাঁহিৰ অন্তৰালত কাৰুণ্যৰ ফাল্গুধাৰ প্ৰবাহিত হয় । বেজবৰুৱাৰ ‘ধোঁৱা খোৱা’ , ‘ভেমপুৰীয়া মৌজাদাৰ’ আদি এই শ্ৰেণীৰ গল্প ।
পাৰিবাৰিক :- এই শ্ৰেণীৰ গল্পত পাৰিবাৰিক বা গাৰ্হস্থ্য জীৱনৰ কথাই প্ৰধান হৈ উঠে । বেজবৰুৱাৰ ‘ভদৰী’ , ‘লক্ষ্মীনাথ ফুকনৰ ‘মহিমাময়ী’ আদি এনে গল্পৰ নিদৰ্শন ।
মনস্তত্ত্বমূলক :- যিবোৰ গল্পৰ মাজেৰে মানৱ চৰিত্ৰৰ অন্তৰ্নিহিত ক্ৰিয়া প্ৰতিক্ৰিয়া ৰূপায়িত হৈ উঠে সেইবোৰকে মনস্তত্ত্বমূলক গল্প বোলা হয় । আধুনিক যুগৰ গল্পকাৰ সকলৰ অধিকাংশ গল্প এই শ্ৰেণীৰ ।
ডিটেকটিভ :- এই শ্ৰেণীৰ গল্পত কাৰোবাৰ অপৰাধৰ মাজেৰে পুলিচ বিভাগীয় কৰ্মচাৰীৰ বুদ্ধি চাতুৰ্য আৰু কৰ্মতৎপৰতা দেখুওৱা । এই দিশৰ পৰা এই শ্ৰেণীৰ গল্পক অপৰাধমূলক গল্প ( crime story ) বুলিও অভিহিত কৰিব পাৰি । বুদ্ধিনিষ্ঠতা এই শ্ৰেণীৰ গল্পৰ মূল বস্তু । অসমীয়া সাহিত্যত ড° ভবেন্দ্ৰনাথ শইকীয়া , ৰঞ্জু হাজৰিকা আদিয়ে এই শ্ৰেণীৰ গল্প ৰচনা কৰিছে । ইয়াক ৰহস্য গল্পও বোলা হয় ।
| Sl. No. | Contents |
| Chapter 1 | বৰ্ষা বৰ্ণন |
| Chapter 2 | মানৱ বন্দনা |
| Chapter 3 | ই যে অগ্নি |
| Chapter 4 | মোৰ গাঁও |
| Chapter 5 | কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী |
| Chapter 6 | অন্বেষণ |
| Chapter 7 | বুৰঞ্জীৰ দৌৰাত্ম্য |
| Chapter 8 | মাধৱদেৱ |
| Chapter 9 | ব’হাগ বিহুৰ পৰম্পৰা |
| Chapter 10 | কপিলীপৰীয়া সাধু |
| Chapter 11 | আমাৰ ছাৰ |
| Chapter 12 | হাতী |
| Chapter 13 | চুটি গল্প |
| Chapter 14 | উপন্যাস |
| Chapter 15 | অলংকাৰ |
| Chapter 16 | (ক) উপন্যাস সাহিত্য |
| Chapter 16 | (খ) চুটিগল্প সাহিত্য |
৬) সাধুকথা আৰু চুটিগল্পৰ মাজত কিবা পাৰ্থক্য আছেনে বুজাই লিখা ।
উত্তৰঃ- গল্প কোৱা বা শুনাৰ মানুহৰ আদিম প্ৰবৃত্তিয়েই সাধুকথা আৰু চুটিগল্পক জন্ম দিছে যদিও দুয়োৰে মাজত যথেষ্ট পাৰ্থক্য আছে । সাধুকথাসমূহত কিছুমান নীতিমূলক , উপদেশমূলক কথা থাকে । বাস্তৱ অবাস্তৱ , লৌকিক অলৌকিক সকলো কথাই সাধুকথাত স্থান পায় । কিন্তু চুটিগল্প সদায় বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত । বৰ্তমানৰ জটিল জীৱন চিত্ৰ চুটিগল্পত প্ৰকাশিত হয় । অলৌকিকতা সাধুকথাৰ অন্যতম উপাদান । কিন্তু চুটিগল্পৰ বৰ্ণনা সীমাবদ্ধ বিষয়বস্তু , চৰিত্ৰ , প্ৰকাশভংগী সকলোতে এই সীমাবদ্ধতাৰ চিন । তদুপৰি অলৌকিকতা বা অবাস্তৱতাৰ কোনো স্থান চুটিগল্পত নাই ।
সাধুকথাবোৰ বৰ্ণনাত্মক । সাধুকথাৰ ঘটনা পৰম্পৰাৰ সংযোগ শিথিল। ইবোৰৰ উদ্দেশ্য একোটা নৈতিক শিক্ষা দিয়া । কিন্তু গল্পৰ ঘটনা পৰম্পৰা শিথিল নহয় আৰু গল্পৰ জৰিয়তে কোনো নীতিশিক্ষা দিয়া নহয় । সাধুকথাত মানুহৰ উপৰি বিভিন্ন জীৱ জন্তু , জড় চেতন সকলো পদাৰ্থই অংশগ্ৰহণ কৰে । চুটিগল্পত এনেবোৰ অবাস্তৱ কথা নাথাকে । চুটিগল্পৰ চৰিত্ৰ সদায় মানুহ । মানুহৰ জীৱনৰ আশা – নিৰাশা , প্ৰেম – প্ৰীতি , হাঁহি – কান্দোনেই চুটিগল্পৰ বিষয়বস্তু । চুটিগল্পত জীৱনৰ বিশ্লেষণ কৰা হয় , লেখকৰ জীৱন জিজ্ঞাসা থাকে । সাধুকথাত এইবোৰ অনুপস্থিত । সাধুকথা নিৰক্ষৰ জনসাধাৰণৰ ৰুচিৰ প্ৰতি লক্ষ্য কৰি ৰচিত । কিন্তু চুটিগল্প আধুনিক যুগৰ সৃষ্টি আধুনিক যুগৰ যুক্তিপ্ৰৱল মানুহৰ মনৰ খোৰাক যোগাব পৰাতেই চুটিগল্পৰ সাৰ্থকতা ।
৭) চুটি গল্পৰ চৰিত্ৰৰ বিষয়ে চমুকৈ লিখা ।
অথবা
চুটিগল্পৰ উপাদান বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ- চুটিগল্পৰ ঘাই উপজীৱ্য হৈছে ইয়াৰ চাৰিত্ৰসমূহ । কেইটিমান চৰিত্ৰৰ কাৰ্যকলাপৰ জৰিয়তে চুটিগল্পৰ কাহিনীভাগে বিকাশ লাভ কৰে। চৰিত্ৰৰ সহায়ত মানুহৰ মনস্তাত্ত্বিক সংঘাত পৰিস্ফুট কৰা হয় । এই চৰিত্ৰবোৰ আমি বাস্তৱ জীৱনত লগ পোৱা বিভিন্ন ধৰণৰ আদৰ্শ আৰু ৰুচিসম্পন্ন লোকৰ প্ৰতিনিধিস্বৰূপ । এইবোৰ জীৱনৰ ভুল ত্ৰুটিৰ মাজেৰে ডাঙৰ দীঘল হোৱা আৰু গল্পকাৰৰ জীৱন জিজ্ঞাসাৰ মাজেদি উপস্থাপিত হোৱা ব্যক্তি চৰিত্ৰ । জৈৱিক আশা আকাংক্ষাৰ পৰা এইবোৰ আঁতৰি গলে পাঠকৰ মনৰ বিশ্বাস অপহৃত হয় । চৰিত্ৰবোৰ বিশ্বাসযোগ্য কৰিব খুজিলে যি সংঘাতৰ মাজেদি চৰিত্ৰবোৰ সৃষ্টি হয় সেই সংঘাতো বিশ্বাসযোগ্য হব লাগে ।
সৰহভাগ গল্পতে এটা কেন্দ্ৰীয় চৰিত্ৰ থাকে । কেন্দ্ৰীয় চৰিত্ৰৰ কাৰ্যকলাপক কেন্দ্ৰ কৰি গল্পৰ আখ্যান ভাগ গঢ়ি উঠে । কেন্দ্ৰীয় চৰিত্ৰৰ লগত আন কিছুমান তলতিয়া চৰিত্ৰ থাকে । গল্পকাৰৰ বৰ্ণনা আৰু তলতিয়া চৰিত্ৰবোৰৰ ঘাই চৰিত্ৰৰ লগত ঘটা সংস্পৰ্শৰ পৰা পাঠকে ঘাই চৰিত্ৰ সম্পৰ্কে নিজ নিজ ধাৰণা পোষণ কৰে । সকলো গল্পতে চৰিত্ৰবোৰ সুস্পষ্ট হৈ নাথাকে । গল্পকাৰে কম কথা আৰু কম সময়ৰ ভিতৰত গল্প সৃষ্টি কৰিব লাগে । গতিকে চৰিত্ৰৰ কোনো এক মুহূৰ্তত সমুজ্জ্বল হৈ উঠা কোনো এটি দিশৰ প্ৰতিহে সাধাৰণতে গল্প লেখকৰ লক্ষ্য থাকে ।
৮) চুটিগল্প আৰু উপন্যাসৰ তুলনামূলক আলোচনা কৰা ।
অথবা
উপন্যাস আৰু চুটিগল্পৰ মাজত কি কি প্ৰভেদ পৰিলক্ষিত হয় , আলোচনা কৰা ।অথবা , চুটিগল্প আৰু উপন্যাসৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ আলোচনা কৰা ।
উত্তৰঃ- চুটিগল্প আৰু উপন্যাস আকৃতি আৰু প্ৰকৃতিত একে যেন লাগিলেও আৰু দুয়োটাৰে বিষয়বস্তু একে যেন হলেও সাহিত্যিক মাধ্যম হিচাপে ইহঁত দুয়োটাৰে মাজত যথেষ্ট পাৰ্থক্য আছে । একোখন উপন্যাসত একোজন ব্যক্তিৰ জীৱনৰ সমস্ত ঘটনা ৰূপায়ন কৰাৰ অৱকাশ থাকে , কিন্তু চুটিগল্পত গুৰুত্ব লাভ কৰে জীৱনৰ খণ্ডাঙশইহে , চুটিগল্প আৰু উপন্যাসৰ পাৰ্থক্য কেৱল আকৃতিগত নহয় প্ৰকৃতিগত ।
একোখন উপন্যাসৰ কাহিনীভাগ পল্লৱীত হৈ উঠে বিস্তৃত পটভূমিত । পল্লৱীত কথাবস্তুৰ গতি ধীৰ আৰু মন্থৰ । ইয়াত জীৱনৰ ব্যাখ্যাও কৰা হয় আৰু তাৰ সমাধানো থাকে । কিন্তু চুটিগল্পত কাহিনী অতি চমু । ইয়াত এজন ব্যক্তিৰ জীৱনৰ এটা মুহূৰ্তৰ ঘটনাইহে মাথোন গুৰুত্ব লাভ কৰে ।
উপন্যাসত মূল বা প্ৰধান কাহিনীৰ লগে লগে প্ৰাসংগিক কাহিনী আৰোপ কৰাৰ সুবিধা থাকে , কিন্তু চুটিগল্পত তেনে ধৰণে প্ৰাসংগিক কাহিনীৰ অৱকাশ নাথাকে ।
চুটিগল্পত এটা মাথোন কেন্দ্ৰীয় ভাব থাকে , গল্পৰ চৰিত্ৰ পৰিস্থিতি সকলো সেই কেন্দ্ৰাভিমুখী হৈ থাকে । ইয়াত বিক্ষিপ্ততাৰ কোনো অৱকাশ নাই । কিন্তু উপন্যাসৰ কাহিনীভাগ বিক্ষিপ্ত হব পাৰে ।
চুটিগল্প আৰু উপন্যাসৰ পাৰ্থক্য প্ৰদৰ্শন কৰিবলৈ সমালোচক বেৰিপেইনে কৈছে উপন্যাস এক তৃপ্তি , চুটিগল্প এক প্ৰেৰণা । উপন্যাসে সকলো কথা পাঠকক বুজাই দিয়ে কিন্তু চুটিগল্পই পাঠকক বুজি লবলৈ অৱকাশ দিয়ে। ব্যঞ্জনাৰ অতৃপ্তিতেই চুটিগল্পৰ প্ৰধান আনন্দ ।
৯) চুটিগল্পৰ ৰচনা কৌশলৰ বিষয়ে মন্তব্য দি এটি আলচ যুগুত কৰা ।
অথবা
চুটিগল্পৰ কলা কৌশল সম্পৰ্কে চমুটোকা লিখা ।
উত্তৰঃ- চুটিগল্প হৈছে এটি সুসংগঠিত কলা বা আৰ্ট । ইয়াৰ যোগেদি কোনো এটি কেন্দ্ৰীভূত ভাব প্ৰকাশ কৰা হয় । বিক্ষিপ্ত বা বিস্তৃত ভাব প্ৰকাশৰ ঠাই চুটিগল্পত নাই । কোনো এটি বিশেষ মুহূৰ্তৰ ওপৰত আলোকপাত কৰি তাক ৰমনীয় কৰি দাঙি ধৰাই ইয়াৰ উদ্দেশ্য । ইয়াৰ কাৰণে গল্পকাৰে নিজস্ব অথচ নিপুণ কৌশল প্ৰয়োগ কৰে , যি কৌশলৰ সহায়ত তেওঁৰ কথাবস্তুৱে পাঠকৰ মন প্ৰাণ ছুই যাব পাৰে । কেতিয়াবা নাটকীয় ভঙ্গীৰে আৰম্ভণি কৰে আৰু নাটকীয় ভংগীৰেই তাক শেষো কৰে । কেতিয়াবা আকৌ সৰল ভাষাৰ মাধ্যমেৰে গল্পকাৰে বৰ্ণনাত্মক ৰীতি প্ৰয়োগ কৰে । নাটকীয় বা বৰ্ণনাত্মক যি ৰীতিকেই প্ৰয়োগ নকৰক কিয় গল্পকাৰৰ কলা কৌশলৰ নিপুনতাৰ ওপৰতেই গল্পৰ সাৰ্থকতা নিৰ্ভৰ কৰে । গল্পত দুৰ্বল আৰম্ভণি আৰু দুৰ্বল সামৰণীয়ে একোটা সুন্দৰ বিষয়বস্তুকো দুৰ্বল আৰু অনাকর্ষণীয় কৰি তোলে । গল্পত ভাব ভাষা সংযত , অৰ্থব্যঞ্জক আৰু ইংগিতপূৰ্ণ হব লাগে ।
চুটিগল্পৰ আৰম্ভণি আকস্মিক আৰু সমাপ্তিও আকস্মিক । আকস্মিক তথা নাটকীয় সমাপ্তিয়ে “শেষ হৈয়ো শেষ নহ’ল” এনেভাব পাঠকৰ মনলৈ আনি বিশেষ চিন্তাৰ উদ্ৰেক কৰে ।
চুটি গল্প ক্ষুদ্ৰায়তন । গতিকে ইয়াত মানৱ জীৱনৰ অথবা বিচিত্ৰ সংসাৰৰ কোনো এটা মুহূৰ্তৰ কথাহে চিত্ৰিত হয় । কম কথাতে বহু কথা প্ৰকাশ হব পৰা ভাষা ইয়াত ব্যৱহাৰ হয় । সেয়ে কোৱা হৈছে ইয়াৰ ভাষা সংযত , অৰ্থব্যঞ্জক আৰু ইংগিতপূৰ্ণ । চুটিগল্পত বাহুল্যৰ ঠাই নাই। চুটিগল্পত অলৌকিকতা , অৰ্থাৎ অবাস্তৱতাৰ নাম গোন্ধ থাকিব নোৱাৰে । বাস্তৱতাৰ ওপৰতহে ইয়াৰ বিষয়বস্তু নির্ধাৰিত হয় । চুটি গল্পত লেখকৰো জীৱনৰ অভিজ্ঞতা আৰু ব্যক্তিত্ব প্ৰকাশ পায় । জীৱনৰ মৰ্মান্তশায়ী নিগুড় সত্য সাৰ্থক চুটিগল্পৰ মাজেদিহে প্ৰকাশ পায় । এনেবোৰ কলা কৌশলপূৰ্ণ , বিশেষ লক্ষণযুক্ত চুটিগল্পইহে সাৰ্থক চুটিগল্প হিচাপে স্বীকৃতি পায় । সেই কাৰণেই চুটিগল্প প্ৰকৃততে এক বিশেষ ধৰণৰ কলা বা আৰ্ট ।
১০) চুটিগল্পত মনস্তত্ত্ব বিশ্লেষণ সম্পৰ্কে এটি টোকা লিখা ।
উত্তৰঃ- যিবোৰ গল্পৰ মাজেৰে মানৱ চৰিত্ৰৰ অন্তৰ্নিহিত ক্ৰিয়া প্ৰক্ৰিয়া ৰূপায়িত হৈ উঠে , সেইবোৰ গল্পকে মনস্তত্ত্বমূলক গল্প বোলে । মানসিক ক্ৰিয়া প্ৰক্ৰিয়া , মনোদ্বন্দ্ব , দৈৱিক কামনা বাসনা আৰু আশা আকাংক্ষা আদি এনেবোৰ গল্পৰ মাজেৰে প্ৰকট হৈ উঠে । অসমীয়া গল্পকাৰ প্ৰায়সকলৰ গল্পতেই এনে বিশ্লেষণ পোৱা যায় । এইক্ষেত্ৰত চেকভ , মুপাঁছা , ফ্ৰয়েড , এডলাৰ আদি মনোবিজ্ঞানীৰ মনস্তত্ব বিশ্লেষণৰ প্ৰভাৱ এইসকল গল্পকাৰৰ ওপৰত পৰা যেন লাগে । আৱাহন যুগৰ গল্পকাৰ ৰমা দাস , হলিৰাম ডেকা , লক্ষ্মীধৰ শৰ্মা , ৰাধিকা মোহন গোস্বামী , বীণা বৰুৱা , ত্ৰৈলোক্য নাথ গোস্বামী , চৈয়দ আব্দুল মালিক , কৃষ্ণ ভূঞা আদিকে ধৰি বৰ্তমানৰ অনেক গল্পকাৰৰ গল্পৰ এই মনস্তত্ত্বৰ বিশ্লেষণ পোৱা যায় ।
১১) চুটিগল্পত গল্পৰ ঐক্যৰ বিষয়ে চমু টোকা লিখা ।
উত্তৰঃ- চুটিগল্পৰ ঐক্যও চুটিগল্পৰ আন এটা উল্লেখযোগ্য উপাদান । পিছে নাটকীয় ঐক্য আৰু চুটিগল্পৰ ঐক্য সমাৰ্থক নহয় । চুটিগল্পৰ ঐক্যই উদ্দেশ্যৰ ঐক্য , ঘটনাৰ ঐক্য আৰু ধাৰণাৰ ঐক্যকে নিৰ্ণয় কৰে।অৰ্থাৎ ইয়াৰ প্ৰতিপাদ্য ভাৱাদৰ্শ মাত্ৰ এটা হব লাগিব আৰু একেটা লক্ষ্য সন্মুখত ৰাখি প্ৰত্যক্ষ পদ্ধতিৰে সি বৰ্ণিত হব লাগিব । ইংৰাজী সাহিত্যৰ প্ৰসিদ্ধ সমালোচক সাহিত্যক হাডচনে এই সম্পৰ্কত এনেদৰে মন্তব্য আগবঢ়াইছে – ‘Singleness of aim and singleness of effect are the two great canous by which we have to try the value of a short story as a piece of art .’

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


