Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Advance Assamese Chapter 10 কপিলীপৰীয়া সাধু and select needs one.
Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু Solutions for All Subject, You can practice these here.
কপিলীপৰীয়া সাধু
পাঠ: ১০
উপন্যাস
চমু প্ৰশ্ন
১) কপিলী নদী আৰু কপিলীপৰিয়া মানুহৰ জীৱন সম্পৰ্কে এটি আভাস দিয়া । অথবা , ‘কপিলীপৰিয়া সাধু’ উপন্যাসত প্ৰকৃতিৰ সৈতে মানৱ জীৱনৰ নিবিড় সম্পৰ্ক কেনেদৰে প্ৰকাশ পাইছে , আলোচনা কৰা ।
অথবা
‘কপিলীপৰিয়া সাধু’ত বৰ্ণিত বানপানীৰ দৃশ্য তোমাৰ ভাষাৰে বিৱৰি লিখা । অথবা , “কপিলী দুখৰো চকুলো ― আনন্দৰো চকুলো” ― এই উক্তিৰ আধাৰত ‘কপিলীপৰিয়া সাধু’ উপন্যাসৰ এটি আলোচনা আগবঢ়োৱা ।
উত্তৰঃ- পশ্চিম নগাঁৱৰ মাজেৰে বৈ যোৱা কপিলী এখনি জীয়া নৈ । খাচিয়া , জয়ন্তীয়া আৰু মিকিৰ পাহাৰৰ পৰা বিভিন্ন জান – জুৰিয়ে শিলদল ভাঙি বৈ অহা প্ৰচুৰ পানীৰে পৰিপুষ্ট হয় এই নৈখনি । বাৰিষা তিনিওখন পাহাৰে যোগোৱা পানীৰে কপিলী উপচি পৰে । কপিলীৰ পৰা বাগৰে । পথাৰ বুৰ যায় । একাঠু , এককাল , তামোল – টেঙাৰ বাৰীত এবুকু পানী হয় । পানীয়ে চোতাল চোৱে , – চোতালত ঢোৰাসাপে কিলকিলায় । মজিয়াত উজাই অহা কাৱৈ মাছৰ লানি । ৰাতিপুৱা চোতালত একাঠু , আবেলিলৈ এবুকু , ― ৱেৰৰ মাৰি পানীত চপৰাচপৰে খহে । গধূলি পানী বাঢ়ি গৈ পানীয়ে ৰুৱা – মাৰলী চোৱেগৈ । পশ্চিম নগাঁও এখন অথাই সমুদ্ৰ হয় । মাজে মাজে ওলাই থাকে মাত্ৰ কেইখনমান গাঁও । গৰু গাই উটি যায় । মানুহে আশ্ৰয় লয় দ্বীপ হৈ পৰা ওখ ঠাইবোৰত । মানুহ আৰু আন আন জীৱ জন্তু মৰে ― পানীত , মাটিত , ― বেমাৰত আৰু অনাহাৰত ।
ৰিলিফৰ নাও আহি মানুহবোৰৰ মাজত দিনে আধাপোৱা চাউল , দুৰ্দিনত এক ছটাক দাইল , সপ্তাহটোত আধা ছটাক তেল , কিছু কাপোৰ কানি , ― দুগজ মাৰ্কিন , এফাল কম্বল আদি বিলায় । বেমাৰ ভাল কৰিবলৈ ডাক্তৰ আহে , কুইনাইন আদি সামান্য ঔষধ পাতি দিয়েহি ।
আকৌ কপিলী শুকায় । কপিলীয়ে পলস পেলোৱা সাৰুৱা মাটিত প্ৰচুৰ শালি ধান হয় । ছেদেলি ভেদেলি হোৱা গাওঁবোৰ লাহে লাহে পুনৰ ঠন ধৰিবলৈ ধৰে । মানুহে দুখৰ কথা পাহৰি যায় ।
বাতৰিকাকতে লিখা মতে কপিলী নগাঁৱৰ চকুলো । কপিলীপৰিয়া মানুহে জানে তেওঁলোকৰ কপিলীৰ পানীয়েই তেওঁলোকৰ মাটিত পলস পেলাই সাৰুৱা কৰে , জীপ দিয়ে । কপিলীৰ নিৰ্মল পানীয়েই তেওঁলোকৰ পিয়াহ গুচায় । কপিলীৰ বুকুৱেদিয়েই তেওঁলোকৰ বেহা – বেপাৰ চলে ৰজাদিনৰে পৰা । গোভা , নেলী , ডিমৰুৱাত ৰজা , গোৱালীবোৰৰ ৰাজ্য বোৰ কপিলী পাৰৰে । আহোম – জয়ন্তীযাৰ বিবাদৰ কেইবাখনো যুদ্ধৰ থলী কপিলীৰ পাৰ । জয়ন্তীয়াৰ ধেমেলীয়া কটকী কপিলীয়ে দি আহি জাগীৰ চকীত পত্ৰ সন্দেশ দিছিল । এনেদৰে কপিলীয়েই কপিলীপৰিয়া মানুহৰ জীৱন ।
২) গায়ন – বায়নৰ ঘুলিটোৰ লগত জড়িত কাহিনীটো বৰ্ণনা কৰা ।
উত্তৰঃ- বৰপানী কপিলীৰে লগলগা ঠাইডোখৰৰ পাকটোৰ ওচৰতে গায়ন বায়নৰ ঘুলিটো । এই আগ নবঢ়োৱাকৈ নাও নেমাৰে । কাহিনী তথা জনশ্ৰুতি মতে তাত হেনো জলকোঁৱৰৰ তলাতল ঘৰ আছে তাতে কমলা কুঁৱৰী জলকোঁৱৰী হৈ আছে । কমলা কুঁৱৰী আগেয়ে মানুহ আছিল । দেশৰ মংগলৰ কাৰণে জলকোঁৱৰক বৰিলে । মানুহৰ জীয়ৰী হোৱাৰ কাৰণেই কমলা কুঁৱৰীয়ে ছবিৰ মানুহৰ মুখ চাবলৈ বিয়াকুল হৈ পৰে । সেই কাৰণেই জলকোঁৱৰে কপিলীৰ পৰা পাৰৰ শইচবোৰে সেউজীয়াৰ পৰা সোণালী ৰূপ লবলৈ ধৰে । ঘূণীয়া মানুহক কিন্তু কেতিয়াবা ধৰি নিলেও জলকোঁৱৰে এৰি দিয়ে , নামাৰে । অৱশ্যে ঘুলিটোৰ নাম গায়ন বায়ন কিয় হল ― এই সম্পৰ্কে একো জনা নাযায়। আজো ককাৰ দিনৰে পৰা মানুহৰ মুখে মুখে এই নামেৰেই চলি আহিছে ।
৩) গোৱালপৰীয়াৰ এৰাবাৰী আৰু সন্তোষ বঙালৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰঃ- গায়ন বায়নৰ ঘুলিটোত জলকুঁৱৰী কমলা কুঁৱৰীৰ সন্তুষ্টিৰ কাৰণেই ছবিৰ দুখনকৈ নাও ডুব যায় । নাৱত যোৱা মানুহ দুনুহ পানীত তল গৈ মৃত্যুমুখত পৰে । সেই কাৰণেই বেপাৰী নাওবোৰে পানীত জলকোঁৱৰলৈ সভক্তিৰে পাণ – তাপোল আগবঢ়াইহে নাও মেলে । জলকোঁৱৰৰ দেশলৈ যি এৰাব যায় সি আৰু উভতি নাহে ।
কিন্তু জলকোঁৱৰৰ দেশৰ পৰা উভতি অহা মানুহো আছে । তেওঁলোকক গোৱালপৰীয়াৰ ঘৰ বুলি কয় । গোৱালপাৰাৰ নাও এখন কাজলিয়েদি উজাই আহিছিল বৈঠালাংচুৰ পৰা লা আৰু কপাহ বিনলৈ । জলকুঁৱৰীৰ অশান্ত মন শান্ত কৰিবলৈ জলকোঁৱৰে নাৱে সৈতে গোৱালপৰীয়াক টানি লৈ গল । লগৰ মানুহ দুনুহ সকলো মৰিল । কিন্তু গোৱালপৰীয়াক হেনো ঘুনিয়া বুলি এৰি দিলে । তাৰ সোঁ চকুটো ফুলপৰা । গোৱালপৰীয়া কপিলীৰ বালিতে পৰি আছিল । গৰখীয়া লৰাই পাই সন্তোষ বঙালৰ খেৰণিতে থৈছিলহি ।
সন্তোষ বঙাল কেতিয়াৰ মানুহ গঞাই নাজানে । সি হেনো পাণ্ডুৱাৰ বেপাৰী আছিল । শেষত দিমৰুৱাৰ ৰজাই বৰুৱা পাতি থৈছিল । পিছত সিহঁতৰ সতী – সন্ততি কলৈ গল কোনোৱে কব নোৱাৰে । ঢাপ মৰা বাৰী এডোখৰ আছে , – এতিয়া চৰণীয়া পথাৰ । সেয়াই সন্তোষ বঙালৰ টোল।
গোৱালপৰীয়া ভাল হল , কিন্তু কমলা কুঁৱৰীৰ খবৰ মানুহক কয়হি বুলি জলকোঁৱৰে হেনো তাক বলিয়া কৰি ৰাখিলে । গোৱালপৰীয়া গোৱালপাৰা লৈ উভতি নগল । তাতেই আৰ – তাৰ বন কৰি থাকিল । কিছুদিনৰ পিছত ফুটুকিবাইৰ কালৰী নাতিনিয়েক সোণতৰাৰ লগত লেঠা হল । গাঁৱৰ লৰবোৰে ধৰি এজাউৰী দিলে । দেশত সোণতৰালৈকে সি চাপিল । সেইবোৰ বহুদিনীয়া কথা ।
গোৱালপৰীয়াৰ এৰাবাৰীখন এতিয়াও আছে । গৰখীয়া লৰাই পৰা আমলখি বিচাৰি যায় । গোৱালপৰীয়াৰ ঘৰ ইংৰাজ ‘জাৰমন’ৰ ধেৱাই পিছত হোৱা ইফালে জ্বৰ মৰকত ভেটি উচন হল । ঠাইডোখৰ চুৱা হল। সেই কাৰণে গোৱালপৰীয়াৰ এৰাবাৰীখন কপিলীয়ে নোচোৱে । সন্তোষ বঙালৰ বাৰীৰ ঢাপকেইটা মাথাউৰিৰ দৰে ওখ । তাতো কপিলীৰ পানী নোসোমায় ।
৪) ভকতধূলি বৈৰাগীক কপিলীয়ে কি সপোন দেখুৱাইছিল ?
উত্তৰঃ- কপিলী পাৰৰ গাওঁবোৰ বছৰি পানীত তল যায় । তথাপি গাওঁবোৰ তাৰ পৰা উঠি নাযায় । ‘ৰজা পোৱালী’ মনচিং এবাৰ উঠি যাব খুজিছিল ক্ষেত্ৰীয় পিনে । কপিলীয়ে সেইবোৰ তেওঁৰ হালৰ বলদহাল লৈ গল । ৰাতি ভকতধূলি বৈৰাগীক কপিলীয়ে সপোন দেখুৱালে – ৰজা পোৱালী ঘৰৰ লৰা যদি কপিলীৰ পাৰৰ পৰা উঠি যায় , ময়ো পিছে পিছে যাম । চুলি মেলা , আউলী বাউলী চকু দুটা জোৰ দুটাৰ দৰে জ্বলিছে , – মাতটো ঢেৰেকণীৰ দৰে । এই সপোনৰ কথা শুনি গঞাই মনচিঙ্ক হাক দিলে । মনচিঙেও ভয় খালে । ৰাইজে কপিলীয়ে নিয়া বলদহালৰ কাৰণে বৰঙণি তুলি দিলে । ফুলগুৰিৰ হাটৰ পৰা পুতেক বিৰচিঙৰ লগত গৈ মনচিঙে তিনি দাঁতিয়া বলদ এহাল কিনি আনিলেগৈ।
৫) ৰূপাই কোন ? ৰূপাইক বেথাৰাম পণ্ডিতে কিয় আৰু কেনে ধৰণৰ শাস্তি দিছিল ?
উত্তৰঃ- ৰূপাই ‘ৰজা পোৱালী’ মনচিং ৰজাৰ নাতি আৰু ধীৰচিং ৰজাৰ পুতেক বুলি সকলোৱে জানে যদিও সি ধীৰচিংৰ তোলনীয়া পুতেকহে ।
ৰূপাই পঢ়া ‘পাতচেলা স্কুলৰ পণ্ডিত আছিল বেথাৰাম পণ্ডিত । তেওঁৰ আচল ঘৰ আছিল জাগীত , ― বনুৱাবৰাৰ সৰু ঠালৰ । লৰাবোৰে গৰু ৰাখিব আৰু হাট বাট কৰিব লাগে কাৰণেই স্কুল বহে ৰাতিপুৱা । ৰূপায়ে তিনি দিনৰ মূৰত স্কুললৈ আহিছে । সেইবাবেই সি অনুপস্থিত থকা দিনকেইটাত বেথাৰাম পণ্ডিতে ছাত্ৰসকলক শিকোৱা মিশ্ৰ বিয়োগ অংক ৰূপায়ে নোৱাৰাত শাস্তি হিচাপে তাক এচুকত এঠেঙীয়া বগলী হৈ থিয় দি থাকিবলৈ দিছিল । স্কুললৈ সেইকেইদিন কিয় অহা নাছিল বুলি ধমক দি বেথাৰাম পণ্ডিতে ৰূপাইক সোধাত পেট চলা বুলি সি আসৈ মতাত আৰু তাৰ লগৰে নোমলে সি কপিলীত মাছ মৰা চাবলৈ গৈছিল বুলি কোৱাত বেথাৰাম পণ্ডিতে তাৰ শাস্তিটো বঢ়াই দি তাক দলি চপৰা এটা লৈ লাৰুৱা গোপাল হৈ থাকিবলৈ দিছিল ।
৬) ৰূপাই নিশা বিছনাৰ পৰা নোহোৱা হোৱা আৰু দাদায়েকৰ মৃত্যু সম্পৰ্কীয় কথা খিনি চমুকৈ লিখা ।
উত্তৰঃ- ৰাতি বুঢ়ীমাকে সাৰ পাই উঠি দুৱাৰ খেপিয়াই ৰূপাইক বিছনাত নাপাই সৰু পুতেক অৰ্থাৎ ৰূপাইৰ দদায়েকক ৰূপাই বিছনাত নোহোৱাৰ কথাটো কলে । দদায়েকে জাপ মাৰি উঠি আহি ‘হেৰৌ ৰূপাই’ বুলি চিঞৰি মাতিলে , কিন্তু ৰূপাইৰ কোনো শুংসূত্ৰ নাপালে । ৰূপাইৰ মাক ৰাংলীয়ে কান্দিবলৈ ধৰিলে । ৰূপাইৰ দেউতাক ধীৰচিঙে ৰাঙলীক কন্দা কটাখন নকৰিবলৈ কৈ ভাঙোৰী ভকতৰ লগত দীঘলদৰীলৈ ভাওনা চশবলৈ হয়তো ৰূপাই গৈছে বুলি সান্তনা দিবলৈ আৰু নিজেও সান্তনা লভিবলৈ চেষ্টা কৰিলে ।
ইতিমধ্যে ৰূপাই দেউতাক ধীৰচিঙে দুই – এটা মানুহ লগত লৈ আৰু মিনাৰাম দোকানীৰ পৰা লেমটো লৈ ৰূপাইক বিচাৰি গল । দদায়েকেও ইতিমধ্যে অকলেই কপিলী নৈৰ পাৰলৈ ৰূপাইক বিচাৰি গল ।
ৰূপাইৰ পুতাক ধীৰচিঙে পোনে পোনেই ভাঙুৰী ভকতৰ তালৈ গৈ দেখিলে ভাঙোৰী ভকত শুই আছে । তেওঁক জগাই ৰূপাই নোহোৱা হোৱাৰ কথাটো কোৱাত ভকতো তেওঁলোকৰ লগতে কপিলীৰ পাৰত ৰূপাইক বিচাৰি গল ।
কপিলী পাৰত উই হাফলু এটাৰ ওপৰত ৰূপাইক অকলে বহি থকা দেখি মানুহবোৰে দেও ভূত বুলি প্ৰথমে ভয়েই খাইছিল । সেই কাৰণেই জোনৰ পোহৰত ৰূপাইৰ ছাঁ মাৰিত পৰিছে নে নাই চাই ললে । কাৰণ তেওঁলোকৰ বিশ্বাস , দেও ভূতৰ ছাঁ নাথাকে । তদুপৰি ভাঙুলী ভকতে ৰূপাইক ‘ৰাম’ বুলিবলৈও কলে । দেও ভূতে হেনো ‘ৰাম’ বুলিব নোৱাৰে । ৰূপাইৰ ছাঁ দেখি আৰু ৰূপায়ে ‘ৰাম’ বুলি কোৱাটো সি যে সঁচাকৈয়ে ৰূপাই এই কথা মানি লৈ পিতাক ধীৰচিঙে এই ৰাতি খন কিয় কপিলীৰ পাৰলৈ আহিছিল বুলি ধমক দিলে । কিয় তেনেকৈ কপিলীৰ পাৰলৈ আহিল ৰুপায়ে হেনো নিজেই কব নোৱাৰে ।
তেনেতে দদায়েক তিতি বুৰী সেইখিনি পালেহি । দদায়েকে নৈত কিবা এটা উটি যোৱা দেখি সন্দেহ কৰি সাঁতুৰী ধৰিবলৈ গৈছিল , পিছে কাঠ এচটাহে । তাৰ পৰা লেমন পোহৰ দেখি তেওঁ এৰাবাৰীৰ মাজৰ বাটটোৰে এইখিনি ওলালহি । দদায়েক তেনেকৈ তিতি বুৰী অহাত ভূতে- চুতে ধৰা বুলিহে মানুহবিলাকে ভাবিছিল ।
পিছদিনাৰ পৰাই দাদায়েকৰ জ্বৰ । তেওঁৰ উদফাইৰ দোষ টোও চৰি আহিল । ভূতে চুতে ধৰা বুলি জাৰিলে , ফুকিলে , জলকীয়া পুৰি ধোৱা দিলে । ভূত গল । ভূত যোৱাৰ চিন হিচাপে বাৰীৰ চুকৰ ৰবাব টেঙাজোপাৰ ডাল এটা ভঙা অৱস্থাত ৰাইজে দেখিলে । ৰূপাইৰ কিন্তু সন্দেহ হল । ডালটো কটাহে , – ভঙা নহয় । তথাপি দদায়েক নাবাচিল। তিনি ‘পাত’ পুহৰক লগাই দদায়েক মৰিল ।
৭) ৰূপাই বৃত্তি পৰীক্ষা দিবলৈ গৈ কাৰ ঘৰত আছিল ? তেওঁ ৰূপাইক পৰীক্ষা সম্পৰ্কে কি কি সুধিছিল ? প্ৰথমদিনা পৰীক্ষা দি আহোঁতে সি কাৰ কাৰণে যি আনিছিল , – তাৰ এটি বিৱৰণ দিয়া ।
অথবা
উকিলৰ ঘৰত থকা কালচোঁৱাত ৰূপাই কি কি ঘটনাৰ সন্মুখীন হৈছিল , এটি চমু বিৱৰণ দিয়া ।
উত্তৰঃ- ৰূপাই বৃত্তি পৰীক্ষা দিবলৈ গৈ নগৰত দিনবন্ধু উকিলৰ ঘৰত আছিল । দিনবন্ধু উকিলে সি বৃত্তি পাবলৈ বুলি সোঁধাত ‘পাম আইগা’ বুলি কৈছিল । তাৰ পিছত তাৰ পঢ়া – শুনাৰ পৰীক্ষা কৰিবলৈকে তাক ‘চাতক’ কিহৰ বাবে বিখ্যাত , যোজক কাক বোলে আদি প্ৰশ্ন সোধাত ৰূপায়ে যথাযথ শুদ্ধ উত্তৰ দিয়াত দিনবন্ধু উকীল সন্তুষ্ট হৈছিল ।
পৰীক্ষাৰ প্ৰথম দিনা সি আধা ঘণ্টাৰ ছুটিতে ফুলৰী খালে । আবেলি উভতি আহোঁতে বাটত মিঠাইৱালাৰ দোকানত সোমাই দুপইচাৰ নকুলদানা কিনিলে । দুপইচাত দোকানীয়ে তাক বহুতখিনি নকুলদানা দিলে ― ত্ৰিছ পঞ্চাছ ― এশ ছকুৰি মানেই হব কিজানি ! সি তাৰ আধাৰখিনি বেলেগাই কাগজেৰে বান্ধি জেপত ভৰাই ললে উকিলৰ কীয়েকক দিবলৈ বুলি ।
সি পদূলিমুখ পাওঁতেই উকিলৰ জীয়েকে তাক দেখিয়েই মাত দিলে ― ‘কি পৰীক্ষা কেনে দিলি ?’ কথাৰ ধৰণটো হুটা যদিও মাতটো সি বৰ মিঠা পালে । সি কি কব ভাবি নাপালে । তাৰ কান দুখন ৰঙা পৰি উঠিল । জেপত হাত ভৰাই সি নকুলদানাৰ টোপোলাটো চিকুটিবলৈ ধৰিলে । কাগজ ফুটি নকুলদানাবোৰ ওলাই তাৰ জেপ ভৰি গল । সি একো উত্তৰ নিদিয়াকৈ তাৰে এমুঠি উলিয়াই তাইলৈ আগবঢ়াই দিলে । ছোৱালীজনীয়ে চালে । কোনো আগ্ৰহ নেদেখুৱাই কলে ― ‘ছি: আমি এইবোৰ নাখাও , কলেৰা হব ।’ কলেৰা বা হাইজা । সি স্বাস্থ্য সমাচাৰত পঢ়িছে । ভেদবমি হয় । শিৰামুৰী ধৰে । গেলা মাখি পৰা বা বাহি বস্তু খালে কলেৰা হয় । ৰূপায়ে বৰ লাজ পালে ।
৮) কলং পাৰৰ সন্ন্যাসী আৰু সেই সন্ন্যাসীজনৰ ওচৰলৈ ৰূপাই যোৱাৰ কাহিনীটো চমুকৈ লিখা ।
উত্তৰঃ- বৃত্তি পৰীক্ষা শেষ হোৱাৰ পিছত আজৰি পাই ৰূপায়ে চহৰৰ ইফালে সিফালে এনেয়ে ঘূৰি চাই চিতি কেছাৰীঘাটৰ দলংখন পাৰ হৈ হয়বৰ গাঁৱৰ পিনে আহিব খুজিছিল । দলং পাৰ হৈ যাব খুজোঁতেই দলং পাৰ হোৱা লোকৰ পৰা পইচা লোৱা মানুহ এজনে তাক পইচা খুজিলে । পঢ়া লৰাৰ পৰা পইচা নলয় বুলি সি উকিলৰ ৰান্ধনী হৰিয়াৰ পৰা জানিছিল । কিন্তু সি তাৰে পঢ়া লৰা নহয় , আৰু বৃত্তি পৰীক্ষা দিবলৈহে সি তালৈ আহিছে বুলি জানি মানুহজনে তাক পইচাৰ পৰা ৰেহাই নিদিলে।সি মানুজনক পইচা এটা দি দলংখন পাৰ হল ।
দলংখন পাৰ হৈ আগবাঢ়ি যাওঁতেই সি দেখিলে এজোপা আহত গছৰ তলত বৰ ডাঙৰ ধুনি এটা জ্বলাই এজন সন্ন্যাসী বহি আছে । চাৰিওফালে বহুতো মানুহ , ― মতা , তিৰোতা । মাজতে এখন তামৰ থাল । তাত সিকি , দুৱানী , চৰতিয়া পইচা । আধলিও দুই এটা আছে । গছজোপাৰ গাত টিঙৰ পাত এচলা মৰা আছে , তাত লেখা আছে ‘ডাক্তৰ বেনাৰ্জীৰ ফিবাৰিন । জ্বৰেৰ যম । সৰ্বত্ৰ পাওয়া যায় ।’
ৰূপায়ে মানুহ জুমৰ ওচৰলৈ গৈ দেখিলে সন্ন্যাসীজনে ধুনিৰ ছাইৰে মানুহবোৰৰ কপালত ফোঁট দি পিঠিত চপৰিয়াই কৈছে – ‘চব ঠিক হো যায়গা বাবা কেদাৰবদ্ৰীকো ধ্যান কৰো ।
ৰূপায়ে ওচৰৰ মানুহবোৰৰ পৰা সন্ন্যাসীৰ বিষয়ে কিছু তথা সংগ্ৰহ কৰিলে । বাবা বোলে বদ্ৰীকাশ্ৰমৰ পৰা আহিছে । সকলোৰে ভূত ভৱিষ্যত সকলো কথা কব পাৰে , আনকি পূৰ্বজন্মৰ কথাও । তেওঁৰ বয়স হেনো এশ , ― কোনোৱে কয় দুশ , কোনোৱে এহাজাৰ বুলিও কয়। তেওঁ পিঠিত ঢকা এটা মাৰিলে বোলে সকলো বেমাৰ ভাল হয় ।
সি বৃত্তি পাবনে নাপায় তাৰ জানিবৰ মন গল । মানুহৰ ভিৰ হাতেৰে ঠেলি যি বাবৰ সন্মুখত গৈ পইচা এটা জনকংম কৰে থালত পেলাই দি বহি সি সুধিলে ‘বাবা , মই বৃত্তি পামনে ?
আন মানুহক দিয়াৰ দৰে বাবাই তাৰ কপালতো ফোঁট দি পিঠিত চপৰিয়াই কলে , ‘চব ঠিক হো যায়গা ‘ ৰূপায়ে ভাবিলে বাবাই তাৰ কথা বুজি পোৱা নাই । সি আকৌ বা বাবাক সি বৃত্তি পাবনে নাপায় এই কথা সোধাত বাবাই ৰঙা চকু দুটাৰ তালৈ চালে , ভাবটো এই যে এক পইচাত ইমান খবৰ বিচবাৰিবলৈ তই কোন ? সি ভয় খাই তাৰ পৰা আঁতৰি আহিল ।
৯) ৰূপায়ে কিয় ভলণ্টিয়াল দলত সোমাইছিল , ― এই বিষয়ে বহলাই বুলাই লিখা ।
উত্তৰঃ- আৰ্থিক দুৰৱস্থাৰ কাৰণে ধীৰচিঙে পুতেক ৰূপাইক বৃত্তি পৰীক্ষা দিয়াৰ পিছত পঢ়াবলৈ ইচ্ছা কৰা নাছিল যদিও ভাঙোৰী ভকতৰ উপদেশ মতে নগৰত দিনবন্ধু উকিলৰ ঘৰতে ৰাখি পঢ়ুৱাৰ ব্যৱস্থা কৰিলে । উকিলেউ ধীৰচিঙক কৈছিল তেওঁৰ ঘৰতে ৰূপাই থাকি পঢ়ক । থকা খোৱা বোৱা , মাচুল আদি তেৱেঁই বহন কৰিব । সি মাথোঁ আজৰি পৰত তেওঁৰ দুই এটা কাম বন কৰি দিব ।
ৰূপাইক বাপেকে জিলাত ( নগৰত ) উকিলৰ ঘৰত থৈ অহা কেইবাবছৰো হল । সি প্ৰথমে কৰ পথাৰৰ মাজত থকা দচন ইচকুলতে পৰিছিল । পিছে উকিলৰ ঘৰত সকলো সময়তে কাম বন কৰি থাকিবলগীয়া হোৱাত সি অকণো পঢ়িবকে সময় নাপায় । সেয়ে সি ফেল কৰিলে । উকিলেও মাচুল নিদিয়া হল । তাত তাৰ নাম কটা গল ।
বঙলা স্কুলত মাচুল কম কাৰণে এইবাৰ তাক সেই স্কুলত নাম লগাই দিলে । তাত পঢ়া সময়তো বজাৰ কৰা , খৰি ফলা আদি সকলো কাম কৰোতে গোটেই বছৰটোতে সি কিতাপ আগত লবলৈ সময়কে নাপায় ।
এদিন উকিলৰ ৰান্ধনি হৰিয়ে বজাৰৰ পইচাৰে বিড়ি আনিবলৈ কলে । সি ঘৰৰ অন্যান্য বজাৰ কৰাৰ লগতে হৰিৰ কাৰণে বিড়িও আনিলে । বজাৰ কৰা হিচাবৰ কাগজখন উকিলনীক দিব লাগে । ৰূপায়ে কাগজ দিয়াত বিড়ি কিনাৰ কথা দেখি বাবুৱনীয়ে তাক ঠাঁচ কৰে চৰ এটা মাৰি কলে – ‘চোৱাৰ বাচ্চা , ইচকুলেৰ ছেলে হয়ে তুই বিড়ি খাচ , তাৰ উপৰি আবাৰ বজাৰেৰ পইচা চুৰি কৰে ? সি থোতা মোজাকৈ কলে – মই বিড়ি নাখাও মাই , – হৰি কাকায়ে আনিবলৈ দিছিল , – তেওঁৰ কাৰণেহে আনিছিলোঁ । ‘
তেতিয়া বাবুৱনীয়ে হৰিক মাতি আনি বৰ ধমক দিলে । হৰিয়ে বৰ লাজ আৰু অপমান পাই গধূলি তাৰ কাণ দুখনত ধৰি মূৰটো ঘটালি দি কলে – ‘তোক বিড়ি আনবাহে কৈছিলোঁ , – হিচাপত লিখিব কুনি কৈছিল ? ‘
অথনি বাবুৱনীয়ে তাক ছোৱালীটিৰ আগতে চৰ মাৰিলে । এতিয়া হৰিয়াইও কাণত ধৰিলে । ইতিমধ্যে মহাত্মা গান্ধীয়ে চলোৱা ‘চৰাজ’ আন্দোলনে চাৰিওফালে গা কৰি উঠিছে । ৰাস্তাই ৰাস্তাই আন্দোলনকাৰীৰ শুভাযাত্ৰা সি বহুত বাৰ দেখিছে । মনৰ দুখত পলাই গৈ ৰূপায়ে পূৰ্ণ উকিলৰ ভলণ্টিয়াৰ দলত সোমাইছিল । গান্ধী টুপী পিন্ধি মদৰ দোকানৰ আগত পিকেটিং কৰোতে তাক মাতাল মেতৰ এটাই নাল লগোৱা বাঢ়নিডালেৰেই খোচা এটা মাৰিলে । তাৰো খং উঠিছিল – একেপাত চৰতে কৰ মাতাল কলৈ যায় ঠিক নাই । পিছে তাক লীলা মাষ্টৰৰ পুতেকে হাক দিয়াত জানিবা নামাৰিলে । গান্ধী মহাৰাজে হেনো মাৰ খাবলৈহে কৈছে , – মাৰিবলৈ কোৱা নাই ।
১০) ৰূপাইৰ জেল জীৱনৰ কথা চমুকৈ বৰ্ণনা কৰা ।অথবা , জেলত থকা সময়চোৱাত ৰূপায়ে লাভ কৰা অভিজ্ঞতা সমূহ চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ- ৰূপায়ে পূৰ্ণ উকিলৰ ভলণ্টিয়াৰ দলত সোমাই আন আন ভলণ্টিয়াৰৰ লগত ‘পছেছন’ কৰোঁতে এদিন চিপাহীয়ে সিহঁতক ধৰি লৈ গৈ জেলত ভৰালে । জেলত সোমাই বুজিলে বন্দী মানুহৰ মাজতো উকীল, মহৰী , খেতিয়ক , বনুৱাৰ ভাগ আছে । হোৱা বোৱাও বেলেগ বেলেগ ।
এটা মস্ত ঘৰত চোৰ , ডকাইত সকলো ৰকমৰ কয়েদিৰ লগত সিহঁতক থাকিবলৈ দিয়া হৈছিল । অন্যান্য কয়দিবোৰে অপৰাধৰ বৰ্ণনা বোৰ সিহঁতে বৰ গৌৰৱেৰে কৈছিল । সিহঁতক প্ৰত্যেককে বিভিন্ন কামত খটুৱায় । তাত আনাৰসৰ খেতি আছে । বনপাত গুচাই ৰখাৰ ভাৰ সিহঁতৰ ওপৰত । এদিন তাৰ লগত কয়েদি এটাই তাৰ ভাগত পৰা আনাৰস এজোপাৰ শিপা কটাত গছজোপা মৰি থাকিল । মেতৰটোৱে ধৰি তাক চৰ কেইটামান মাৰিলে । মেতৰটোও এটা খুনী কয়েদিয়েই । সেই মেতৰটোৱে আন কয়দীক বৰ অত্যাচাৰ কৰিছিল ।
আবেলি পাঁচ বজাতেই সিহঁতক ঘৰৰ ভিতৰত সুমুৱাই থৈছিল কাৰণে সি বৰ আমনি পাইছিল । সি ওৱাৰ্ডাৰক চালাম দি আপত্তি কৰিছিল যদিও কোনো ফল নধৰিলে । ওৱাৰ্ডাৰে তাক হাঁহি মাৰি উপলুঙা কৰি কৈছিল– ‘কয়েদিৰ বাচ্চা কয়েদি , – চচুৰ বাৰীৰ আৰাম চাওঁ ? ‘
ৰূপাইৰ আৰু একো কবলৈ সাহক নহল । সি মনে মনে গৈ কম্বলৰ তলত শুই থাকে । ৰাতিপুৱা শুই উঠাত দেৰি হলে ওৱাৰ্ডাৰে ‘বেটা নবাব’ বুলি বুটৰ গোৰেৰেহে সিহঁতক জগায় । সি ধৰমৰকৈ উঠি লপচী খাই কামত ধৰেগৈ ।
এদিন মেতৰটোৱে ৰূপাইৰ লগত ভলণ্টিয়াৰ কেইটামানক গুৰিয়ালে । চালা খুনী আচামীৰ ইমান সাহ । গান্ধী মহাৰাজৰ সত্যাগ্ৰহীৰ গাত হাত তোলে । তাৰ সেইদিনা খং উঠি মেতৰটোক দুটামান লপা থপাও দিলে । আগৰে পৰা মেতৰটোক বেয়া পায় থকা মৈমনশিঙিয়া এটাই মেতৰটোক বগৰাই তাৰ বুকুৰ ওপৰত বহি নেলু চেপি ধৰিলে । ৰূপাইহঁতে তাক এৰুৱাই দিবলৈ যাওঁতে পুলিচ চপাহী আহি সিহঁতক যধেমধে কোবাবকৈ ধৰিলে । কাৰো কাৰোবাৰ হাত ভৰি মূৰ আদি ভাঙিল । কাৰোবাক চঙীত তুলি লৈ গল । ডাক্তৰ আহি পটি বান্ধি দিলে । তাৰ বেছি জখম হোৱা নাছিল – মূৰত অলপ দুখ পাইছিল ।
পিছদিনা এই মাৰ পিটৰ শাস্তি হিচাপে তাক অকণমান কোঠা এটাত সুমুৱাই লৈ হাত দুখন ওপৰলৈ তুলি বান্ধি থলে , – গোটেই দিনটো । ভৰিৰ আগটোৰে কোনোমতেহে মজিয়াখন চুই থাকিব পাৰিছিল । সি অসহ্য যন্ত্ৰণা পালে । পিছত আগৰ থকা ঠাইলৈকে তাক লৈ আহিল ।
কিছুদিন জেল চাবলৈ অহা এচাম চাহাবক লীলা মাষ্টৰৰ পুতেকে আৰু বাৰপুজিয়াৰ ভলণ্টিয়াৰে ইংৰাজীতে কিবা কোৱাত সত্যাগ্ৰহীবোৰক বেলেগে একেলগে থাকিবলৈ দিলে । তাতেই বৰভগীয়াৰ তুলাৰাম গায়ন আৰু গেলা পোতনিৰ তিলক গোসাঁইৰ লগত তাৰ চিনাকি হল । তিলক গোঁসায়ে গান্ধীজীৰ আদৰ্শৰ কথা , অহিংসাৰ কথাবোৰ সিহঁতক বৰ সুন্দৰকৈ বুজায় কলে । মহাত্মা গান্ধীয়েও হেনো আফ্ৰিকাৰ পুলিচৰ গোৰ খাইছিল । বন্দুকৰ কুন্দাত তেওঁৰ আগদাঁত ভাঙি গৈছিল । তথাপি তেওঁ সিহঁতক টান কথা কোৱা নাছিল । তেওঁহে আচল সত্যাগ্ৰহী । সাঁচৰ কাৰণে প্ৰাণ দিব , কিন্তু কেতিয়াও অন্যায় কৰোঁতাক হিংসা নকৰে । সত্যৰ প্ৰতি যাৰ আগ্ৰহ তেওঁহে সত্যাগ্ৰহী ।
মহাত্মা গান্ধীৰ সম্পৰ্কে তিলক গোঁসায়ে আৰু বহুত কথা কৈছিল । ৰূপায়ে তিলক গোসাঁইৰ কথাবোৰ শুনি তেওঁৰ প্ৰতি ভক্তিত গদগদ হৈ পৰিছিল । মেতৰটোক মৰাৰ কাৰণে সি বৰ লাজ পালে ।
বিলাতী কাপোৰ কিয় পিন্ধিব নালাগে এই সম্পৰ্কেও তিলক গোঁসায়ে বুজাই কলে । কেনেকৈ আমাৰ দেশৰ কপাহবোৰ বিলাতলৈ যায় , কেনেকৈ তাৰ পৰা কাপোৰ হৈ আহে , সেই সকলো পইচা কেনেকৈ বিলাতলৈ যায় সেই কাৰণেই আমাৰ দেশখন ইমান দুখীয়া , বিলাতী কাপোৰ নিপিন্ধিলে দেশৰ ধন দেশতে ৰব , দেশ নদনবদন হব , – এইবোৰ কথা গোঁসায়ে সুন্দৰকৈ আটাইকে বুজালে ।
ৰূপায়ে ইমানদিনে ইমানবোৰ কথা কেতিয়াও বুজা নাছিল । সি ভাবিলে, জেলৰ পৰা ওলাই গৈ সিও গাঁৱৰ মানুহবোৰক , এই কথাবোৰ বুজাই কব ।
এদিন ৰেলেৰে তাক আন এজনৰ লগত গুৱাহাটী জেললৈ চালান দিলে । বহু দিনৰ মূৰত বাহিৰৰ মুকলি বতাহ আৰু কপিলীখন দেখা পোৱাৰ আশাত তাৰ মনটো বৰ ভাল লাগিছিল । তিলক গোঁসাইৰ দৰে ঈশ্বৰতুল্য লোকজনক এৰি আহিবলগীয়া হোৱাত অৱশ্যে তাৰ বৰ বেয়াও লাগিছিল ।
গুৱাহাটী জেলত সি চুধংচু বাবুৱেও মহাত্মা গান্ধীৰ অহিংসা নীতিৰ বিষয়ে বিৱৰি কৈছিল । তদুপৰি তেওঁ ‘সাতাৱান চাল’ৰ কথা , হিন্দু – মুছলমানৰ মিলৰ কথা , তান্তিয়া টুপী , নানা চাহাব আদিৰ কথা কৈছিল।এইবোৰ শুনি শুনি ৰূপায়ে নিজকে বৰ জনা যেন লাগিল । মনটো কিবা ফৰকাল হৈ যোৱা যেন লাগিল । তাৰ কাৰণে জেলকানাখন তীৰ্থক্ষেত্ৰ যেন লাগিল ।হঠাৎ কিবা এটা হল । গান্ধী আৰু বৰলাটে হেনো কিবা মকামিলা কৰাত সিহঁত আটাইকে মুকলি কৰি দিলে । জেলৰ দুৱাৰমুখত আহি লৰা ছোৱালী কিছুমানে সিহঁতক মালা পিন্ধালে । পিছত ফটোও তুলিলে ।
১১) জেলৰ পৰা ওলাই আহি ৰূপায়ে গাঁৱত কি দেখিছিল ? গাঁওখনৰ বাবে ৰূপায়ে কি কাম কৰিবলৈ ললে , – বুজাই লিখা ।
উত্তৰঃ- জেলৰ পৰা ওলাই আহি ৰূপায়ে গাঁৱত কি দেখিলে আন্দোলনে সিহঁতৰ গাওঁখনো বাৰুকৈয়ে চুই গৈছে । সিহঁতৰ গাঁৱৰ বহুতো লৰাই পুলিচৰ মাৰ খালে , – জেলতো পৰিল । জেলৰ পৰা উভতি অহা বহুত কামিলা লৰা ধিতিঙা হল । সি কেনেকৈ কি কৰিব কিছুদিন ভাবিলে ।
ৰূপাইৰ কথাবোৰত ৰাইজে সিমান মন কাণ নিদিলে । আনকি পাতচেলা স্কুলখনো আজি ভালেমান দিন বন্ধ । বেথাৰাম পণ্ডিত জেলত পৰিল আৰু জেলতে মৰিল । পাতচেলা স্কুলখনো উঠি যোৱাদি গল । সি স্কুলখন আকৌ খোলাৰ বিষয়ে গঞাক কোৱাত গঞাই তাকেই পণ্ডিত হৈ স্কুলখন চলাবলৈ কলে ।
সকলোৰে গা এৰা দিয়াৰ ভাব । সি গৈ ভাঙোৰী ভকতৰ ওচৰত গৈ গাঁও আৰু স্কুলখনৰ দুৰৱস্থাৰ কথা আলোচনা কৰিলে । তাৰ পিছত ভাঙোৰী ভকতৰ ওপৰতে ভৰসা কৰি ৰূপায়ে কৰ্মপন্থা ঠিক কৰি ললে । অসমীয়া গাঁৱৰ নিয়ম অনুসৰি গাঁৱৰ আটাইতকৈ জৰাজীৰ্ণ ঘৰটোৱেই সিহঁতৰ পাঠশালা । বহুত দিন ব্যৱহাৰ নোহোৱাত ঘৰটো একেবাৰে জহি খহি গৈছিল । সি নিজে হাবিৰ পৰা সোনাৰু খুটা আনি বাৰীৰ বাঁহ কাটি ঘৰৰ কাম অকলেই বহুত আগবঢ়ালে । ইফালে ভাঙোৰী ভকতেও ৰূপাইক সহায় কৰিবলৈ ধৰিলে । ইয়াকে দেখি গাঁৱৰ মানুহেও ঘৰে পতি তিনিডালকৈ বাঁহ আনি স্কুলৰ চোতালত পেলালে । তাৰ পিছত খেৰ আহিল আৰু মানুহবোৰেও আহি কামত লাগিল । দেশত স্কুলঘৰ সজা হল।
গঞাই তাক পণ্ডিত হবলৈ কলে যদিও লৰা পঢ়াবৰ জোখাৰে তাৰ যে বিদ্যা নাছিল এই কথা সি বুজিছিল । সি গঞাক এই কথা বুজাই কলে যে খেতিয়কৰ লৰা সি খেতিয়কে কৰিব ।
বোৰ্ডে সহায় নকৰালৈকে পণ্ডিতজনৰ খাই খৰচ দি থাকিবলৈকো ৰাইজৰ সন্মত হল । তেতিয়া ৰূপায়ে তিলক গোসাঁইলৈ এখন চিঠি লিখি সিহঁতৰ গাঁৱৰ স্কুলখনলৈ এজন জনা বুজা পণ্ডিত পঠিয়াই দিবলৈ অনুৰোধ কৰিলে । লগতে লিখিলে যে লোকেল বোৰ্ডে সাহায্য নকৰালৈকে গঞাই পইচা তুলি মহিলা ১২ থকাকৈ দিব ।
ৰূপাইৰ চিঠি পাই তিলক গোঁসায়ে এসপ্তাহমানৰ ভিতৰতে ভতিজাক বসুক পঠালে । বসু মেট্ৰিক পাছ বুলি জানি ৰাইজে বৰ ভাল পালে ।
এইদৰে গাঁৱৰ পাঠশালা স্কুলখন পুনৰ থানথিত লগাই ৰূপায়ে খেতি – বাতিত মন দিলে ।
১২) ৰূপায়ে কাৰ ওচৰত শৰণ লবলৈ গৈছিল ? তেওঁ ৰূপাইক শৰণ কিয় নিদিলে , – বুজাই লিখা ।
উত্তৰঃ- জেলত থাকোতে ৰূপায়ে তিলক গোসাঁইৰ কথা – বতৰা আৰু চাল – চলনত ইমানেই মোহিত হৈছিল যে তাতেই সি থিৰাং কৰিছিল কেতিয়াবা যদি শৰণ লবলগীয়া হয় সি তিলক গোসাঁইতে শৰণ লব । জেলৰ পৰা ওলাই আহি খেতি বাতিত ধৰোঁতে তাৰ এই কথা মনত পৰি বাপেকক কথাটো কলে । বাপেকে নানা যুক্তি দেখুৱাই তাৰ কথাত আপত্তি কৰিছিল যদিও ভাঙোৰী ভকতৰ কথাত বাপেকে মনে মনে থাকিল । ৰূপায়ে তিলক গোসাঁইতে শৰণ লোৱাটো ঠিক কৰিলে ।
এদিন পুৱাতে গা ধুই ৰেলেৰে গৈ জিলাত এখন্তেকো নৰৈ আক তাক সুধি পোতনি গাঁও পালেগৈ । তিলক গোসাঁইৰ ঘৰটো কোনফালে এই কথা ভাবি আগবাঢ়ি গৈ থাকিল । তেতিয়া সন্ধিয়া সময় – গৰু গাইবোৰ চাপৰিৰ পৰা ঘৰলৈ উভতিছে ।
বাটত এজন মানুহক তিলক গোসাঁইৰ ঘৰটোৰ কথা সোধাত সেই মানুহজনে তিলক গোসাঁইৰ বিষয়ে যা – তা কোৱাত খং উঠিছিল । অলপ দূৰ আহিয়েই সি বকুল দুজোপাৰ মাজেৰে এটা বাটচৰা দেখিলে । তাত লেখা আছে ‘ওঁ নমো ভগৱতে বাসুদেৱায় ।’ বসু গোসাঁয়ে দিয়া বৰ্ণনা মতে হুবহু মিলে । বাটচৰাতে সেৱা এটা জনাই সি আগবাঢ়িল । সি শুনিলে কোনোৱাই প্ৰসংগ কৰিলে । মাতটো সি চিনি পালে । সি আগবাঢ়ি গৈ পৰালিতে বহিল । সি দেখিলে ঘিউৰ চাকিটোৰ পোহৰত তিলক গোসাঁইৰ মূৰ্তিটো একোবাৰ জিলিকিছে , একোবাৰ ছাঁ পৰি আন্ধাৰ হৈছে । ধূপৰ গোন্ধে , বকুলৰ গোন্ধে ঠাইখিনি মনোৰম কৰি তুলিছিল ।
প্ৰসংগ আৰু পাঠৰ অন্তত তিলক গোঁসাই ওলাই অহাত ৰূপাই বহাৰ পৰা থিয় হল । তিলক গোঁসায়ে কোন , কোন বুলি সুধাত সি ‘মইহে ঈশ্বৰ’ বুলি সমিধান দিলে । গোঁসায়ে ওচৰলৈ আহি তাক চিনি পালে । তাক মাতি নি চৰাতে বহিবলৈ কৈ গোঁসাই গল । গোসাঁইৰ কণমানি জীয়েকে এলোটা পানী আনি তাক হাত মুখ ধুবলৈ দিলে । গোসাঁইৰ জীয়েকে তালৈ পানী অনা দেখি সি আচৰিত হল । সি ভাবিলে ‘তিলক গোঁসাই দেৱতা নেকি ?’
‘পিতাদেৱে হাত মুখ ধুবলৈ কৈছে’ , – ছোৱালীটিয়ে কলে – ‘এ আপুনিচোন মাটিতে বহিছে’ , – এই বুলি কঠখন আগুৱাই দিলে ।
ৰূপায়ে হাত মুখ ধুলে । তিলক গোঁসাই সোমাই আহিল লগতে মানুহ এটাৰ হাতত এটা ডাঙৰ বাতিত কোমল চাউল আৰু দৈ গাখীৰ , অলপ গুৰ , দুটা চেনিচম্পা কল ।
ইয়াৰ পিছত দুয়োৰে মাজত কলে – ‘জেলখানাত থাকোতেই পাঙি থৈছিলোঁ আপোনাতে শৰণ লম বুলি , – সেই কামফেৰা কৰি থওঁ বুলিয়েই – । ‘
গোঁসায়ে মিচিকিয়া হাঁহি এটা মাৰি কলে যে তেওঁ শিচ ভজাবলৈ এৰিলে । তাকে শুনি ৰূপাই বৰ হতাশ হল । গোঁসায়ে কলে – ‘দুখীয়া শিচে লৰা ছোৱালীৰ মাচুলৰ ধনেৰে পঁচা – বৰঙণি পঠাব , লৰা ছোৱালীক লঘোন দিয়াই চোৱাচোন বাৰু ? মই সেইবোৰ এৰিলোঁ ।’ ইয়াৰ পিছত তেওঁ কলে যে তেওঁ হালত ধৰি খেতি বাতিত লাগিব খুজিছিল । মাকে বাধা দিয়াত মানুহ এজন ৰাখি সেইবোৰ কৰোৱায় । তেওঁ বাৰীখন চোৱা চিতা কৰে । তেওঁ এখন ৰাতিৰ স্কুলো পাতিছে । তেওঁ ৰূপাইক কলে যে শুদ্ধচিত্তে কাম কৰি গলে ঘৰ সংসাৰ , দেশ সকলোৰে বাট নিজেই ওলায়, – বাট বাহিৰৰ নহয় অন্তৰৰ ।
তিলক গোসাঁইৰ কথাবোৰ শুনি ৰূপাইৰ ভাল লাগিছিল যদিও তেওঁ শৰণ নিদিয়ে বুলি জানি বৰ দুখ লাগিল । তিলক গোঁসাই শৰণ নললে যেন তাৰ কোনোমতেই নচলিব । ‘মোক শৰণ দি উদ্ধাৰ কৰক মোৰ ঈশ্বৰ’ বুলি তিলক গোসাঁইক বাৰে বাৰে খাটনি ধৰিলে । তিলক গোঁসায়ে তাক বুজালে – দুয়ো হৰিভক্তক , একেজনতে শৰণ লৈছে – মহাত্মা গান্ধীৰ । এতিয়া নিজ নিজ কৰ্ম কৰি গলেই হল । গোসাঁয়ে আহিবৰ পৰত ৰূপাইক পুথি এখন দি কলে ‘পঢ়িবা ।’ ৰূপায়ে পুথিখনৰ নাম পঢ়িলে ‘হিন্দু স্বৰাজ’ , – ভাঙোতা শ্ৰীৰত্নকান্ত বৰকাকতি ।
সি পুথিখনকে লৈ গোসাঁইক প্ৰণাম কৰি গাঁৱলৈ উভতি আহিল ।
১৩) ৰূপায়ে তিলক গোসাঁইৰ ঘৰলৈ যাওঁতে বাটত লগ পোৱা মানুহজনৰ বিষয়ে চামগুৰীয়াই কি কৈছিল ?
উত্তৰঃ- ৰূপায়ে তিলক গোসাঁইৰ ঘৰলৈ যাওঁতে বাটতে এজন মানুহ লগ পাই তিলক গোসাঁইৰ ঘৰটো কোনফালে বুলি সুধোতে মানুহজনে খং কৰি তিলক গোসাঁইৰ ওপৰত বৰ বেয়াকৈ মন্তব্য কৰি কিবা কিবি কৈছিল । তিলক গোসাঁইৰ দৰে মানুহ এজনৰ ওপৰত তেনেদৰে মন্তব্য কৰাত ৰূপাইৰ বৰ দুখ লাগিছিল আৰু মানুহজনৰ ওপৰত খঙো উঠিছিল । ৰূপায়ে সেই মানুহজনৰ কথা তিলক গোসাঁইৰ ঘৰত চামগুৰীয়াক কৈছিল ।
চামগুৰীয়া হল তিলক গোসাঁইৰ ঘৰত থাকি হাল খেতি কৰা মানুহ । চামগুৰীয়াই ৰূপাইৰ কথাৰ পৰা সেই মানুহজন কোন ধৰিব পাৰিলে । চামগুৰীয়াই কলে সেইজন এজন সাংঘাতিক মানুহ । নাম সুলভ দোকানী। বসু গোসাঁইৰ দোকান থাকোতে তাৰ কাৰবাৰ বেয়া হৈছিল । তাৰ ঠগবাজিবোৰ ধৰা পৰাত তাৰ বৰ খং । গোঁসাই জেললৈ যাওঁতে সিয়েই পুলিচক কিবা কথা লগাই বসু গোসাঁইৰ দোকানখন ভঙালে । তাক ৰাইজে এঘৰীয়াকৈ থৈছিল । পিছে বসু গোসাঁয়ে দোকান খন তুলি দিলত তাৰ দোকানৰ পৰা বস্তু নিকিনিলে নচলা হল । সেই বাবে সি জানিবা ৰক্ষা পালে । কিন্তু তিলক গোসাঁইৰ ওপৰত তাৰ ভয়ানক অক্ৰুহ । তেঁওজবেলি সি বাৰী মানুহ এজনীৰ পৰা মাটি এচমকা দোকানৰ বাকীত মাৰি থৈছিলেই ; ― গোঁসায়ে বিধি পথালি দিয়াত যেনিবা নোৱাৰিলে । ৰাইজেও তাক ভাল নাপায় ; কিন্তু তাৰ দোকানৰ পৰা কালীয়নে নানিলে নচলে ।
১৪) ৰূপাইহঁতে বানপানীৰ সময়ত কেনেকৈ গছৰ আগডালত আশ্ৰয় লৈ থকা এজন মানুহ আৰু এজনী ছোৱালীক উদ্ধাৰ কৰিছিল ,– বৰ্ণনা কৰা।
উত্তৰঃ- কপিলীত সেইবাৰ ভয়ানক বান । চনটো আছিল ১৯৩৪ চনত । বানে গোটেই অঞ্চলটোৰ অনেক গাঁও – ভূই – চিন – মোকাম নোহোৱা কৰি পেলাইছিল । ওখ ওখ ঠাইত , ৰাজআলি আদিত মানুহ গৰু আদিয়ে আশ্ৰয় লৈছিল । বিভিন্ন উদ্ধাৰ আৰু সহায্যকাৰী দল আহি কামত লাগিছিল ।
ৰূপাই আৰু ভাঙোৰী ভকতেও এজন চাহাবৰ লগত উদ্ধাৰ আৰু সহায্যৰ উদ্দেশ্যেই বিশাল সমুদ্ৰসদৃশ খৰস্ৰোতা পানীত নাও মেলি দিছিল । ভকতে গুৰি ধৰে , ৰূপায়ে বঠা মাৰে । চাহাবে জেপৰ পৰা বহী এখন উলিয়াই কিবাকিবি বোৰ লিখে ।
প্ৰৱল সোঁতৰ মাজেৰে নাও আগবঢ়াই নিওঁতে সিহঁতে দেখিলে কিছু গছৰ আগত উঠি থকা মানুহ এটাই হাত জোকাৰি সিহঁতক মাতিছে । কপিলী পাৰ হল । চাহাবে ঘড়ী চাই দেখিলে চাৰে চাৰি বাজিছে । গছডালৰ ওপৰলৈ বৰ কষ্ট কৰি নাওখন নি দেখিলে গছজোপাৰ একেবাৰে আগডালত দুটা মানুহ , – নাওখন আৰু আগবাঢ়ে । এজনী ছোৱালীও । এটা আদহীয়া মানুহে কোনোমতে গছডালত ধৰি আছে , – ঘনাই ঈশ্বৰৰ নাম লৈছে । ওচৰতে ছোৱালীজনী , গাভৰু , গাত একো নাই অজ্ঞান , তাইৰ গাৰ চাদৰখনেৰে গছজোপাত বান্ধি থৈছে । নাওখন ওচৰ চপাত মানুহজনে জাপ মাৰি নাৱত উঠি ভগৱানৰ নাম ললে । নাৱত উঠিয়েই মানুজন অজ্ঞান হৈ পৰিল । চাহাবে মানুজনক পতি কৰিলে । পানীৰ সোঁত আছে , নাওখন বাৰে বাৰে আঁতৰি যায় । ভকতে আকৌ চপাই আনে । ৰূপায়ে নাৱৰ পৰা হাত মেলি ছোৱালীজনীৰ চাদৰৰ গাঁঠিটো খুলিবলৈ চেষ্টা কৰে , পৰা নাই । অৱশেষত গছৰ ডালটো হাতেৰে ধৰি দাঁতেৰে কামুৰি সি কোনোমতে গাঁঠিটো খোলে । গবামাৰি ধৰি নাঙঠ ছোৱালীজনী সি নাৱত তুলিলে । তাইৰ উদং দেহাটোৱে তাৰ শৰীৰটো চোৱে । সি লৰালৰিকৈ ছোৱালীজনী নাৱত শুৱাই দি তাইৰ চাদৰখনেৰেই ঢাকি দিলে । চাহাবে শাড়ী এখন উলিয়াই – তিতা কাপোৰখন গুচাই শৰীৰে ছোৱালীজনীৰ গাটো ঢাকি দিলে ।
ইয়াৰ পিছত বৰ বিপদসংকুল অৱস্থাৰে নাও ধৰমতুললৈ লৈ আহি তাত থকা আশ্ৰয় শিবিৰত মানুজন আৰু ছোৱালীজনীক ৰাখি চিকিৎসা কৰালে । দুদিনমান পিছতে দুয়ো সুস্থ হৈ উঠিল । মানুহজনৰ মুখত শুনিছিল ছোৱালীজনীৰ নাম সোণপাহী ।
১৫) মি: পিল্লায়ে ঘৈণীয়েকলৈ লিখা চিঠিত এচাম অসমীয়া মানুহৰ চৰিত্ৰৰ কথা কেনেদৰে উল্লেখ কৰিছে ?
উত্তৰঃ- মি: পিল্লাই হল জিলাৰ বৰ চাহাব । কপিলীৰ বানত ৰিলিফৰ কামত তেওঁ বৰ ব্যস্ত । গাঁৱে গাঁৱে ঘূৰি সাদিনমানৰ মূৰত চহৰলৈ আহে।সাদিনৰ ডাক জমা হৈ আছে – চৰকাৰী , নিজা । ত্ৰিবান্দ্ৰমৰ পৰা তেওঁৰ ঘৈণীয়েকৰ পৰাও এখন চিঠি আহিছে – অসমৰ বানপানী , মহামাৰী আদিৰ কথা কাকতে পত্ৰই পাই গিৰিয়েকৰ খা খবৰ সুধি চিঠিখন লিখিছে । ঘৈণীয়েকৰ চিঠিৰ উত্তৰত মি: পিল্লায়ে বানপানীত হোৱা মানুহৰ দুখ দুৰ্গতি আৰু নিজে কিমান বিপদজনকভাৱে কাম কৰিবলগীয়া হৈছে , ইয়াৰ মাজতে তেওঁৰ কেনেদৰে দুবাৰ কোনোৰকমে প্ৰাণ ৰক্ষা পৰিছে , ইয়াত কাম কৰি তেওঁ কেনে আনন্দ লভিছে এই সমূহ বৰ্ণনা কৰি লিখাৰ উপৰি ইয়াৰ মানুহৰ চৰিত্ৰ সম্পৰ্কেও লিখিলে । তেওঁ লিখিছে – ইয়াৰ মানুহবোৰ সৰল । খেতিৰ বাবে সদায় প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে বাবে কিছু অদৃষ্টবাদী । মানুহবোৰ অত্যন্ত সাহসী , – এই সাহস তেওঁ ভৰ বাৰিষা বানৰ সময়ত দেখি বিস্মিত হৈছে ।
কিন্তু আচৰিত কথা কাম কৰিব পৰা মানুহ ইয়াত কম । স্কুলীয়া ছাত্ৰকেইজনমান আৰু গাঁৱলীয়া ডেকাকেইজন মানেহে নিয়াৰিকৈ কামবোৰ কৰি আছে । ইয়াত বহুতো ঠগ প্ৰবঞ্ছক আৰু হৃদয়হীন লোকো আছে । পঞ্জাৱৰ পৰা প্ৰচুৰ পৰিমাণৰ সাহায্য পঠিয়াইছে যদিও পাবলগীয়াবোৰে এতিয়া পোৱা নাই । কাকো বিশ্বাস কৰিব নোৱাৰি । পঞ্জাৱৰ পৰা পঠোৱা শাৰী বোৰ বানপানীত কষ্ট পোৱা মানুহবোৰে পোৱা নাই । সিদিনা জেলখানাৰ ঠিকাদাৰে দিয়া কম্বলবোৰৰ মাজত ৰিলিফৰ কম্বলো ওলাইছে । এইবোৰেই মানুহ । মানুহ যে ইমান হৃদয়হীন হব পাৰে ,আচৰিত লাগে । নিজে থাকি চাই চিতি বস্তু বাহিনী নিদিলে বস্তুবোৰে কেইজনমান উকিলক চহকী কৰিব ।
সিদিনা এজন অফিচাৰৰ ঘৰৰ পৰ্দাবোৰ যে অফিচৰ পৰ্দাৰ লগত একে এই কথাও তেওঁ ধৰিব পাৰিলে । আন এজন বিশিষ্ট ভদ্ৰলোকৰ কথাও তেওঁ উল্লেখ কৰিলে । সেই ভদ্ৰলোকজনে ৰিলিফৰ সুন্দৰ বক্তৃতা দিয়ে । যিদিনা কপিলীত প্ৰথম বান আহিছে সেইদিনাৰ পৰাই তেওঁৰ কামৰ হিচাপ দেখুৱাইছে । অথচ এওঁলোকৰ প্ৰথম নাওখন ৪৮ ঘণ্টা পিছতহে পঠিয়াব পাৰিছে । এইবোৰেই মানুহ , – ঘিণ কৰিবলৈকেও ঘিণ লাগে । ইহঁতৰে কিছুমান মানুহ মাৰিছে – আৰু ইহঁত ? সংসাৰৰ আন্ধাৰ ফালটোৰ কথা আৰু নজনাও বুলি মি: পিল্লায়ে চিঠি সামৰিলে ।
১৬) ৰূপায়ে পিতাক ধীৰচিঙৰ পিণ্ড কিয় দিব নোৱাৰিলে ? ৰূপায়ে তাৰ পিছত কি কৰিলে ?
উত্তৰঃ- বানপানীৰ পৰাই ৰূপাইৰ পিতাক ধীৰচিঙৰ অসুখ হল আৰু অসুখীয়া গাৰেই বানপানীত নষ্ট হোৱা ঘৰ দুৱাৰবোৰ ঠিক কৰিলে । অতিপাত কষ্ট কৰাৰ কাৰণে তেওঁৰ অসুখ বেছি হল আৰু কপিলী পাৰৰ হাজাৰ হাজাৰ মানুহৰ দৰে ধীৰচিঙো এদিন মৰিল । ৰূপায়ে লঘোন দিলে।সিহঁতৰ গাঁওখন এঘাৰদিনীয়া । যথাৰীতি সি পিতাকৰ কাম কৰিবলৈ আৰু পিণ্ড দিবলৈ সাজু হল ।
কিন্তু সি মন কৰিলে গাঁৱৰ বুঢ়া – মেথাবোৰে আহি ৰঙিলী আৰু বুঢ়ী মাকক ফুচফুচাই কিবা কিবিবোৰ কলে । দহাৰ আগদিনা দূৰৰ গাঁৱৰ পৰা ধীৰচিঙৰ ভতিজাক এজন ওলালহি । সি বিড়ি খায় , – দাঁতবোৰ কলা । দেখিলেই ৰূপাইৰ বেয়া লাগিল । সি কিয় ওলালহি ৰূপায়ে কব পৰা নাছিল ।
সাঁতোলা আহি তাক যিষাৰ কথা কলে – সি গৰ্জি উঠিল । সি শৰণ লোৱা মানুহ । সি কিয় পিতাকৰ কাম নধৰিব , পিণ্ড নিদিব । তেতিয়া তাক আচল কথাষাৰ কলে । সি হেনো আচলতে ধীৰচিঙ – ৰঙিলীৰ জন্মদিয়া পুতেক নহয় ।
ধীৰচিঙৰ লৰা ছোৱালী নাছিল । গাঁৱৰ বহুতে , মাকে , আনকি ঘৈণীয়েক ৰঙিলীয়েও ধীৰচিঙক সন্তানৰ কাৰণে পুনৰ বিয়া কৰাবলৈ জোৰ দিছিল । ধীৰচিঙে কপালকে ধীয়াই মান্তি নহল ।
এবাৰ কপিলীৰ বৰ ধল আহিল । গাঁও ভূঁই তল গল । ৰেলৰ আলি দুঠাইত চিঙিল । ধীৰচিঙহতৰো চোতালত পানী উঠোঁ উঠোঁ ।
এদিন নাও এখন লৈ গাঁৱৰ কেইজনমানৰে ধীৰচিঙ ভিন গাঁৱৰ মানুহ আনিবলৈ গৈছিল । পথাৰ নৈৰ ছেদ ভেদ নাই । গাঁৱৰো চিন মোকাম নাই । অলপ দূৰ যাওঁতেই তেওঁলোকে এটা ক্ষীণ কান্দোনৰ শব্দ শুনি সেইফালে গল । উঠি অহা কলাকৈ ঘৰৰ চাল এখনৰ ওপৰত এটা লৰা । শগুন দুটাই সেইটো ধৰিবলৈ পোনাইছিল । ধীৰচিঙহতে নাওখন চপাই থাপমাৰী কেঁচুৱাটো চালৰ ওপৰৰ পৰা তুলি আনিলে । কৰ লৰা কোনেও নাজানে । খা খবৰ কৰিও একো শুংসূত্ৰ উলিয়াব নোৱাৰিলে । অৱশেষত লৰাটো আনি মাকৰ আগত থৈ ধীৰচিঙে কলে নবৌ, তোৰ নাতি ।’ সেই লৰাটিয়েই ৰূপাই । ধীৰচিঙৰ নিজৰ সন্তান নোহোৱাৰ কাৰণেই ৰূপায়ে ধীৰচিঙৰ কাম ধৰিব আৰু পিণ্ড দিয়াৰ পৰা বিৰত থাকিবলগীয়া হল ।
মনৰ দুখত ৰূপায়ে নিশা সাৰ পাই ঘৰৰ পৰা ওলাই কপিলীৰ পাৰলৈ গল।কপিলীৰ লৰা সি , সি কপিলী লৈয়ে যাব বুলি বৈত জাঁপ দিলে ।
সি মৰিব নোৱাৰিলে । সাঁতুৰিব জনা মানুহে পানীত আপোনঘাতী হব নোৱাৰে । সি উটি গৈ কেতিয়া পাৰত লাগিল কব নোৱাৰে ।
সোণপাহীহঁতে পানী আনিবলৈ গৈ নৈৰ ঘাটত তাক পৰি থকা দেখি পিতাকক খবৰ দিয়াত তাক ঘৰলৈ নি শুশ্ৰূষা কৰিলে । তেওঁলোক ৰূপাইক চিনি পালে । সিয়েই তেওঁলোকক বানপানীত উদ্ধাৰ কৰিছিল । সুস্থ হোৱাত সকলো কথা জানি সোণপাহীৰ পিতাকে বুজাই – বঢ়াই তাক ঘৰলৈ পঠিয়াই দিলে ।
১৭) ৰূপায়ে কপিলীত জাঁপ মাৰি কিয় আপোনঘাতী হব বিচাৰিছিল – বুজাই লিখা ।
উত্তৰঃ- ৰূপায়ে সৰুৰে পৰাই জানিছিল ধীৰচিঙ তাৰবাপেক আৰু ৰঙিলীতাৰ মাক । তেওঁলোকৰ বুকুৰ উম লৈয়েই সি ডাঙৰ দীঘল হৈছিল । বানপানীৰ পিছত বাপেক ধীৰচিঙৰ অসুখ হল । অসুখীয়া গাৰেই তেওঁ বানপানীত ভাঙি চিঙি যোৱা ঘৰ দুৱাৰখিনি ঠিক ঠাক কৰিলে । তেওঁৰ অসুক বেছি হল আৰু কপিলী পাৰৰ হাজাৰ হাজাৰ মানুহৰ দৰে ধীৰচিঙো এদিন মৰি থাকিল । বাপেক ধীৰচিঙৰ মৃত্যুত সি লঘোন দিলে । কিন্তু তেতিয়া দহাৰ আগদিনা দূৰ গাঁৱৰ পৰা দাঁত কলা,– বিড়ি হোপা এজন মানুহ আহি ধীৰচিঙৰ কাম ধৰা আৰু পিণ্ড দিয়া কাম কৰিবলৈ ওলাল ৰূপাই গৰ্জি উঠিল ।
মানুহজন হেনো ধীৰচিঙৰ ভতিজাক । ধীৰচিঙৰ পুতেক হৈ ৰূপাইয়েহে এই কাম কৰিব লাগে বুলি ৰূপায়ে তৰ্জন গর্জন কৰিব ধৰিলে । তেতিয়া গাঁৱৰ সাতোলা আৰু বুঢ়া – মেথাই তাক বুজাই কলে সি যে আচলতে ধীৰচিঙৰ পুতেক নহয় । ধীৰচিঙৰ কোনো লৰা ছোৱালী নাছিল । এবাৰ প্ৰবল বানত ভিন গাঁৱৰ মানুহক উদ্ধাৰ কৰিবলৈ কেইজনমানৰ লগত নাও লৈ যাওঁতে প্ৰবল সোঁতত উঠি অহা পকণীয়াত পাক খাই ঘূৰি থকা চালৰ ওপৰত এটি কান্দি থকা লৰা সন্তান পাই ধীৰচিঙহতে লৈ আনিছিল । কৰ লৰা কোনেও নাজানে । খা খবৰ কৰিও শুংসূত্ৰ উলিয়াব নোৱাৰিলে । ধীৰচিঙেই লৰাটো আনি নিজৰ পুতেক হিচাপে তুলি তালি ডাঙৰ দীঘল কৰিলে । সেয়েই ৰূপাই । গতিকে ৰূপাই ধীৰচিঙৰ আচল সন্তান নহয় কাৰণে সকলোৱে তাক পিণ্ড দিয়াত বাধা প্ৰদান কৰিলে ।
ৰূপায়ে এই সকলো কথা জানি ধীৰচিঙৰ পিণ্ড দিব নোৱাৰাৰ দুখত নিশা সাৰ পাই কপিলী পাৰলৈ গৈ পাৰে পাৰে সি দৌৰিবলৈ ধৰিলে । সি উই হাফলুটো পালে । সি তেতিয়া কাৰো সন্তান নহয় , – সি কপিলীৰে লৰা । কপিলীয়েই তাক মাতিছে । কপিলীয়েই সামৰি লওক , কপিলীৰ বুকুতেই সি ঠাই পাব , – এই ভাবি সি কপিলীৰ বুকুলৈকে জাঁপ দিলে ― আত্মহত্যা কৰা ভাৱেৰে ।
কিন্তু সি মৰিব নোৱাৰিলে । সি সাঁতুৰিব জানে । সাঁতুৰিব জনা মানুহে পানীত পৰি আপোনঘাতী হব নোৱাৰে । উঠি গৈ নৈৰ পাৰত পৰি থাকিল । সোণপাহীহঁতে পানী আনিবলৈ গৈ তাক পৰি থকা দেখি সোণপাহীয়ে দৌৰি আহি পিতাকক খবৰ দিলে । পিতাকে গৈ তাক দাঙি আনি শুশ্ৰূষা কৰাত তাৰ জ্ঞান আহিল । সোণপাহী আৰু পিতাক তাক চিনি পালে , – সিয়েই বানপানীৰ সময়ত তেওঁলোকক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিছিল । তাৰ মুখৰ পৰা আপোনঘাতী হব খোজাৰ সকলো কথা শুনি সোণপাহীৰ পিতাকে তাক বুজাই বঢ়াই ঘৰলৈ পঠিয়াই দিলে ।
১৮) ‘পুখুৰীটোৰ বিষয়ে এটা কাহিনী বুঢ়া – মেথাই কয় , – বহুত পুৰণি কথা ।’ – এই পুখুৰীটোৰ নাম কি ? পুখুৰীটোৰ কি কাহিনীনো বুঢ়া – মেথাই কয় ?
অথবা
পৰীয়া সাধুত বৰ্ণিত গোঁসাই পুখুৰী এটি বৰ্ণনা দিয়া ।
উত্তৰঃ- পুখুৰীটোৰ নাম গোঁসাই পুখুৰী । বহুদিনীয়া পুখুৰী । কিমান দিনৰ পৰা আছে কোনেও নাজানে । ঠাইডোখৰ গাঁৱৰ বাহিৰত । কপিলীৰ পাৰৰ পৰা বেছি দূৰত নহয় । পুখুৰীৰ আৰু বাঁহ । ৰবাব টেঙা পকি সৰে , তাতেই গজে ; ― গৰখীয়া লৰায়ো নোবোটলে । তালৈ দিনতো মানুহ নাযায় , – বৰ জয়াল । পুখুৰীটোৰ কাছবোৰৰ পিঠিত হেনো শেলুৱৈ গজিছে । মাছে গোটেইটো ঠাই খাই আছে , ― কোনেও নামাৰে ।
এই পুখুৰীটোৰ বিষয়েই এটা কাহিনী বুঢ়া – মেথাই কয় । কাহিনীটো এনে ধৰণৰ , ― এবাৰ কালীয় দমন নাটক হৈছিল । গোসাঁইৰ ভাও গোসাঁইৰ লৰাইহে লয় । তাতে কালীয় দমন নাটক ভাও ভয়ে ভয়ে থাকে। ৰাইজে ঢোল খোল লৈ তামোল পানেৰে যি ঘৰত গোসাঁইৰ ভাও লবলৈ লৰা বিচাৰিব দিবই লাগিব । নিদিলে বৰ ডাঙৰ জগৰ । কি হয় ঠিক নাই । আনহাতে লৰা দিয়াও টান । কেনিবাদি কিবা ছিদ্ৰ ওলালে ভাওনাৰ দিনা গোঁসাই থিত লয় । কুঁহিলা তুলাপাতেৰে সজা কালীনাগ জীৱন্ত হৈ উঠে । হোলোকা হোলোকে তেজ বঁতিয়ায় । গোটেইখন তালফাল লাগে । কৃষ্ণই ফনাত উঠি মচা ঠাইডোখৰত এটা পুখুৰী হয় ,– লাহে লাহে চাপটোৱে সৈতে ভাও লোৱা লৰাজন পানীৰ তললৈ সোমাই যায় ।
গোঁসাই পুখুৰীটো তেনেকৈয়ে হোৱা । সেইবাবে জয়ায় । তাত এতিয়াও শনিবাৰ মঙলবাৰে খোল তাল বাজে । নাগ পত্নীসকলৰ বিলাপৰ সুৰ শুনা যায় ।
১৯) ৰূপাই আৰু সোণপাহী কত কেনেকৈ লগালগি হৈছিল ? সোণপাহীৰ শেষত কি হল আৰু ৰূপায়ে কি কৰিলে – চমুকৈ লিখা ।
উত্তৰঃ- কপিলীৰ বানত এবাৰ গাঁও ভূঁইবোৰ তল যোৱাত এজন চাহাবৰ নাৱত ৰূপাই আৰু ভাঙোৰী ভকতে উদ্ধাৰ আৰু সাহায্যৰ কামত যাওঁতে পানীৰ সোঁতৰ মাজতে গছৰ আগডাল এটাত মানুহ এজন আৰু ছোৱালী এজনী আশ্ৰয় লৈ থকা দেখিছিল । মানুহজনে অজ্ঞান ছোৱালীজনীক তাইৰ গাৰ চাদৰখনেৰেই গছৰ ডালটোত বান্ধি কোনোৰকম পৰি নোযোৱাকৈ ৰাখিছিল । ছোৱালীজনীৰ গাত অন্য কাপোৰ নাই , একেবাৰে নঙঠা । মানুহজন ৰূপাইহঁতৰ নাওখন ওচৰ চপাত জাঁপ মাৰি উঠিল ।
ৰূপায়ে ডালটোত ধৰি চাদৰৰ গাঁঠিটো দাঁতেৰে কামুৰি খহাই ছোৱালীটোক আকোলা মাৰি ধৰি আনি নাৱত শুৱাই দি ধৰমতুলত থকা আশ্ৰয় আৰু চিকিৎসা শিবিৰলৈ নি চিকিৎসা কৰাই সুস্থ কৰাইছিল।গছৰ ডালটোৰ পৰা নঙঠা ছোৱালীজনী নমাই আনোতে তাইৰ গোটেই নঙঠা দেহাটো ৰূপাইৰ গাত লগাত তাৰ গাৰ শিৰশিৰণী উঠিছিল । এই ছোৱালীজনী আছিল সোণপাহী । এয়াই আছিল সোণপাহী আৰু ৰূপাইৰ প্ৰথম লগালগি । তাৰ পিছত সোণপাহীৰ লগত তাৰ কোনো যোগসূত্ৰ নাছিল ।
ইয়াৰ বহু দিন পিছত । বাপেক ধীৰচিঙৰ মৃত্যুত জন্মগত পুতেক নোহোৱাৰ বাবে ৰূপাইক বাপেকৰ পিণ্ড দিয়াত বাধা দিলে । সি আছিল বানপানীত ঘৰৰ চাল এখনৰ ওপৰত উঠি অহা কাৰোবাৰ সন্তান । সন্তান হীন ধীৰচিঙে পাই উদ্ধাৰ কৰি আনি নিজৰ সন্তান কৰি ৰাখিলে । এইবোৰ কথা ধীৰচিঙৰ দহাৰ আগদিনা জানি আৰু বাপেক ধীৰচিঙৰ পিণ্ড দিব নোৱাৰাৰ দুখত কপিলীৰ লৰা কপিলীয়েই লওক বুলি নিশা গৈ কপিলীতে জাঁপ দিলে । সি সাঁতুৰিব জানে । সাঁতুৰিব জনা মানুহে পানীত আত্মঘাতী হব নোৱাৰে । সিত্ত নমৰিল সি সোঁতত উঠি গৈ অচেতন অৱস্থাত নৈৰ বালিচৰত পৰি থাকিল ।
ওচৰৰ গাঁৱৰে সোণপাহীহঁতে নৈৰ ঘাটলৈ পানী নিবলৈ আহি মানুহ এটা তেনেকৈ বালিচৰত পৰি থকা দেখি সোণপাহীয়ে পিতাকক খবৰ দিয়াত পিতাকে আহি তাক তাৰ পৰা ঘৰলৈ উঠাই নি শুশ্ৰূষা কৰাত সি ভাল হৈ উঠিল । সোণপাহী আৰু পিতাকে তাক চিনি পালে । সিয়ো চিনি পালে । সোণপাহীয়ে গাখীৰ এগিলাচ খাবলৈ দিওঁতে তাৰ হাতখন তাইৰ হাতত লাগিছিল । সি তাইৰ ফালে এক বুজাব নোৱাৰা চাৱনিৰে একেথৰে চাই থাকিল । তায়ো যেন তাৰ মনৰ , অন্তৰৰ বহুত কথা বুলি পালে । এনেকৈয়ে সোণপাহীৰ লগত তাৰ দ্বিতীয়বাৰৰ কাৰণে লগালগি হল আৰু এই লগালগিয়েই তাইৰ প্ৰতি তাৰ এক এৰাব নোৱাৰা মোহ জাগি উঠিল।
সোণপাহী পিতাকৰ বুজনিত ৰূপাই ঘৰলৈ ঘূৰি আহি ধীৰচিঙৰ শ্ৰাদ্ধত সহযোগ কৰাৰ উপৰি খেতি বাতিত মন দিলে যদিও সোণপাহীক সি এটা মুহূৰ্তও পাহৰিব নোৱাৰিলে । সি এদিন নিশা ভৰ বাৰিষা নাও বাই সোণপাহীহঁতৰ গাঁও পালেগৈ ।
সোণপাহীক সি চোতালতে লগ পালে । তায়ো যেন তাইলৈকে অপেক্ষা কৰি আছিল । তাই তাৰ কাষ চাপি আহিল আৰু কলে – ‘মই জানিছিলোঁ তুমি আহিবা বুলি । শেষ নিশাৰ চেঁচা বতাহজাকে সোণপাহীৰ চুলিখিনি উৰুৱাই আনি তাৰ গালত পেলাই তাক পিৰপিৰাই দিলে । সোণপাহীৰ কথা মতে পিছদিনা নিশা গোঁসাই পুখুৰীৰ এক জয়াল ঠাইত লগালগি হল। সেইদৰে এদিন দুদিনকৈ কেইবাদিনো তাতেই সিহঁত লগ লাগিল । দুয়ো দুয়োকে যেন কাকো এৰিব নোৱাৰে ।
শেষত ৰূপায়ে মনবান্ধি সোণপাহীহঁতৰ গাঁৱলৈ যোৱা বাদ দিলেও সি প্ৰায়ে অন্যমনস্ক হৈ থাকিবলৈ ধৰিলে । মাক ৰঙিলী আৰু বুঢ়ী মাকে তাৰ মনৰ অৱস্থাটো লক্ষ্য কৰি বসু পণ্ডিতৰ হতুৱাই তাৰ বিয়াৰ কথা উলিয়ালে । সি সোনপাহীক মনে প্ৰাণে ভাল পালেও পত্নী হিচাপে গ্ৰহণ কৰিবলৈ যেন সি অকণো সাজু নহয় । বিয়াৰ কথা , ছোৱালীৰ কথা উলিয়ালেও সি মনে মনে থকা হল ।
এদিন সি নানা কথা চিন্তা কৰি কপিলী পাৰত সি প্ৰায়ে বহা উই হাফলুটোৰ ওপৰতে বহি আছিল । হঠাতে তাৰ কাষত নাও এখন ৰলহি। নাৱত সোণপাহী ।
ৰূপাই সোণপাহীক দেখি চকখাই উঠিল । তাই আহি তাৰ কান্ধত হাত এখন থলে । তাইৰ গোটেই শৰীৰটো কপিছে । ৰূপায়ে আচৰিত হোৱাদি সুধিলে – তুমি কিয় আহিলা সোণপাহী ?
ৰূপাইৰ প্ৰশ্নত কিছু কঠোৰতাৰ আভাস । তাই কৰে ― ‘এনেয়ে , আজি জানিবা ময়েই আহিলোঁ । তাই হাতখনেৰে তাৰ ডিঙিটো সাৱটি ধৰিলে ।
ৰূপায়ে উচাট মাৰি তাইৰ হাতখন এৰুৱাই দিলে । তাৰ ব্যৱহাৰত তাই বৰ আঘাত পালে । ইয়াৰ পিছত দুয়োৰে মাজত বহুত কথাৰ কটাকটি হল । তাৰ পিছত বাৰিষা সি সোণপাহীৰ ওচৰলৈ আকৌ যাব বুলি কৈ তাইক যাবলৈ কলে ।
সোণপাহী থিয় হল আৰু কলে – এটা কথা কবলৈ আহিছিলোঁ ৰূপাই । দাঁতেৰে তল ওঁঠটো ধৰি নিজক কোনোৰকম সংযত কৰি সোণপাহীয়ে কলে – ‘মোৰ গাত তিনি মাহ ……… ‘
কথাষাৰ কৈয়েই সোণপাহী নাৱত উঠিল । – ‘মই যাওঁ ৰূপাই …. তোমাৰ পৰা আৰু মই একো নিবিচাৰোঁ …. ।’
মুহুৰ্তৰ বাবে তাৰ মন বহুতো ভাবৰ বিজুলী খেলি গল । তাৰ সন্তান ! তাৰ মানে সি সোণপাহীক বিয়া কৰাব লাগিব । কপিলী তই তাকেই বিচাৰিছ ! সেয়ে হওক ।’
কিন্তু ইতিমধ্যে সোণপাহী নাও লৈ অদৃশ্য হৈ পৰিছিল । ৰূপায়ে সোণপাহীক আতুৰভাৱে বিচাৰিলে । কুঁৱলীৰ মাজেৰে সি চাই পঠিয়ালে। কিন্তু কতো দেখা নাপালে । কিছুদূৰ গৈ সি দেখিলে নদীৰ বুকুত সোণপাহীৰ খালি নাওখন । সি ভাবিলে তাৰ মানে কপিলীতে সোণপাহী বুৰিল ।
সি মনৰ দুখেৰে ঘৰলৈ আহি তাৰ বিয়া ঠিক কৰিবলৈ বসু গোসাঁইক কলে । হঠাতে তাৰ কথা শুনি সকলো আচৰিত হল ।
| Sl. No. | Contents |
| Chapter 1 | বৰ্ষা বৰ্ণন |
| Chapter 2 | মানৱ বন্দনা |
| Chapter 3 | ই যে অগ্নি |
| Chapter 4 | মোৰ গাঁও |
| Chapter 5 | কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী |
| Chapter 6 | অন্বেষণ |
| Chapter 7 | বুৰঞ্জীৰ দৌৰাত্ম্য |
| Chapter 8 | মাধৱদেৱ |
| Chapter 9 | ব’হাগ বিহুৰ পৰম্পৰা |
| Chapter 10 | কপিলীপৰীয়া সাধু |
| Chapter 11 | আমাৰ ছাৰ |
| Chapter 12 | হাতী |
| Chapter 13 | চুটি গল্প |
| Chapter 14 | উপন্যাস |
| Chapter 15 | অলংকাৰ |
| Chapter 16 | (ক) উপন্যাস সাহিত্য |
| Chapter 16 | (খ) চুটিগল্প সাহিত্য |
২০) ৰূপাইৰ জীৱন বৃত্তান্ত চমুকৈ বৰ্ণনা কৰা ।
অথবা
উকিলৰ ঘৰত থকা কালছোৱাত ৰূপাই কি কি ঘটনাৰ সন্মুখীন হৈছিল , ― তাৰ এটি চমু বিৱৰণ দিয়া ।
উত্তৰঃ- ‘কপিলীপৰিয়া সাধু’ উপন্যাসখনিৰ মূল চৰিত্ৰ তথা মূল নায়ক হল ৰূপাই । উপন্যাসখনিত ধীৰচিঙ , ৰঙিলী , মি: পিল্লাই চাহাব , ভাঙোৰী ভকত , বেথাৰাম পণ্ডিত , ৰূপাই দদায়েক , মিনাৰাম দোকানী, দিনবন্ধু উকীল , হাৰীয়া ৰান্ধনি , চুধংচু বাবু , তিলক গোঁসাই, তুলাৰাম গায়ন , বসু গোঁসাই , সোণপাহী আদি ভালেমান চৰিত্ৰৰ সমাবেশ ঘটিছে যতিও সেইবোৰক পাৰ্শ্ব চৰিত্ৰ বুলি কব পাৰি । অৱশ্যে ৰূপাইৰ চৰিত্ৰত আৰু উপন্যাসখনিৰ কাহিনীভাগ গতিশীল হোৱাত ঘাইকৈ তিলক গোঁসাই আৰু সোণপাহীৰ চৰিত্ৰই বিশেষভাবে প্ৰভাৱ বিস্তাৰ কৰিছে ।
ৰূপাই , ধীৰচিঙ আৰু ৰঙিলীৰ বুকুৰ উম লৈয়েই ডাঙৰ দীঘল হলেও তেওঁলোক দুয়োকে বাপেক মাক হিচাপে জানি আহিলেও প্ৰকৃতপক্ষে সি তেওঁলোকৰ জন্মগত পুত্ৰ নহয় । ধীৰচিঙ ৰঙিলী নিঃসন্তান আছিল । দৈৱক্ৰমে বানপানীৰ সময়ত প্ৰৱল সোঁতত উঠি অহা চাল এখনৰ ওপৰত কান্দি থকা লৰা সন্তান এটা পাই ধীৰচিঙ – ৰঙিলীয়ে নিজৰ সন্তান হিচাপে তুলি তালি ডাঙৰ দীঘল কৰে । কাৰ লৰা বহুত বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ নাপালে । সিয়েই ৰূপাই । ৰূপায়ে কিন্তু বাপেক ধীৰচিঙৰ মৃত্যুৰ সময়লৈকে এই কথা জনা নাছিল ।
সৰুতে গাঁৱৰে স্কুলত বেথাৰাম পণ্ডিতৰ তলত পঢ়িছিল যদিও তাৰ পঢ়া শুনাত অকণো মন নাছিল – কপিলীৰ মাছ ধৰা চাইহে সি ভাল পাইছিল। পঢ়া – শুনা নোৱাৰাৰ কাৰণে আৰু স্কুল খতি কৰাৰ কাৰণে সি প্ৰায়ে বেথাৰাম পণ্ডিতৰ হাতত শাস্তি খাব লাগিছিল ।
চহৰৰ দিনবন্ধু উকিলৰ ঘৰত থাকি বৃত্তি পৰীক্ষা দিছিল । বৃত্তি নাপালে। আৰ্থিক অৱস্থাৰ কাৰণে বাপেক ধীৰচিঙে পঢ়াব খোজা নাছিল যদিও দিনবন্ধু উকিলৰ কথাত আৰু গাঁৱৰ দুই চাৰি লোকৰ কথাত উকিলৰ ঘৰতে ৰাখি তাক পঢ়ুৱাইছিল । চহৰত থকা তাৰ কেইবা বছৰো হল যদিও উকিলৰ ঘৰত সকলো সময়তে কাম কৰিবলগীয়া হোৱাত সি কিতাপ আগত লবলৈকে সময় নাপালে । ফলত সি বাৰে বাৰে ফেইল কৰিলে । প্ৰথমে সি দচন হাইস্কুলত আৰু তাৰ পিছত বঙাল স্কুলত পৰিছিল ।
এদিন উকিলৰ ৰান্ধনি হৰিয়াৰ কাৰণে বিড়ি কিনি আনোতে উকিলনীয়ে তেওঁৰ ছোৱালীটিৰ আগতে ৰূপাইৰ এচৰ মাৰিলে । হৰিয়াই আনিব দিয়া বুলি উকিলনিক কৈ দিয়াৰ কাৰণে হাৰীয়ায়ো তাৰ কান মুচৰিলে । মনৰ দুখত সি মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনৰ ভলণ্টিয়াৰত যোগদান কৰিলে । তাৰ পিছত ‘পচেছন’ কৰাৰ কাৰণে সিহঁতক চিপাহীয়ে জেলত ভৰালে ।
জেলতো অনেক নিৰ্যাতন , শাস্তি , মাৰ পিট খালে । জেলতে তিলক গোসাঁইক সি লগ পালে । তিলক গোসাঁয়ে বন্দী সত্যাগ্ৰহীসকলক মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আৰু অহিংস আন্দোলনৰ বিষয়ে সুন্দৰভাৱে বুজাই কলে । দক্ষিণ আফ্ৰিকাত পুলিচত গুৰ খায়ো মহাত্মা গান্ধীয়ে খং নকৰিলে , মাৰ খালেও মাৰিব নালাগে , কোনোবাই হিংসা কৰিলেও তাক কেনেকৈ ক্ষমা কৰিব লাগে – ইত্যাদি কথাবোৰ ৰূপায়ে শুনি তিলক গোসাঁইৰ প্ৰতি তাৰ অসীম শ্ৰদ্ধা উপজিল আৰু মনে মনে তেওঁতে শৰণ লব বুলি থলে ।
এটা সময়ত সিহঁতে জেলৰ পৰা মুক্তি পালে । জেলতে পাঙি থকা মতে এদিন গৈ তিলক গোসাঁইৰ শৰণ লব বিচাৰিছিল যদিও একেজন মহাত্মা গান্ধীৰে দুয়ো শৰণ লৈ থৈছে যেতিয়া আৰু শৰণ লোৱাৰ প্ৰয়োজন নাই বুলি অনেক তাত্ত্বিক কথাৰে বুজনি দি তিলক গোঁসায়ে তাক ঘূৰাই পঠিয়ালে । জেলৰ পৰা ওলাই আহি গাঁৱৰ ভাঙি যোৱা স্কুলখনি একক প্ৰচেষ্টাৰে গাঁৱৰ মানুহৰ সহযোগত নতুনকৈ বান্ধিলে । তাত কাম কৰা বেথাৰাম পণ্ডিতেও জেল খাটিছিল আৰু জেলতে মৰিল । তিলক গোসাঁইলৈ চিঠি লিখি সি তেওঁৰ ভতিজাক বসু গোসাঁইক আনি তাত পণ্ডিত কৰি ৰাখিলে ।
সেই অঞ্চলত হোৱা কপিলীৰ বানপানীৰ সময়তো ৰূপায়ে চাহাবৰ লগত আৰু অন্যান্য মানুহৰ লগত নাৱেৰে গৈ উদ্ধাৰ আৰু সহায্যৰ কামত লাগিছিল । এবাৰ তেনে বানপানীতে চাহাবৰ নাৱত গৈ গছৰ ডাল এটাৰ পৰা পানীৰ সোঁতত মুমূৰ্ষু অৱস্থাত সোণপাহী নামৰ গাভৰু ছোৱালী এজনী আৰু তাইৰ দেউতাকক উদ্ধাৰ কৰি ধৰমতুল আশ্ৰয় শিবিৰত ৰাখি চিকিৎসা কৰাইছিল ।
এদিন ৰূপাইৰ বাপেক ধীৰচিঙৰ মৃত্যু হল । ধীৰচিঙৰ পুতেক হিচাপে সি লঘোন দিলে , কিন্তু দহাৰ আগদিনাহে সি জানিলে যে সি ধীৰচিঙৰ প্ৰকৃত পুত্ৰ নহয় , ধীৰচিঙৰ পিণ্ড সি দিব নোৱাৰে । তাৰ জীৱন বৃত্তান্ত জানি , বাপেকৰ পিণ্ড দিয়াৰ পৰা বঞ্চিত হৈ মনৰ দুখতে নিশা সি আত্মঘাতী হবলৈ কপিলীত আহি জাঁপ দিলে । সি মৰিব নোৱাৰিলে । সি উঠি গৈ অচেতন অৱস্থাত বালিচৰত লাগি ৰল । তাই পানী নিবলৈ আহি তেনেদৰে মানুহ এটা নৈৰ বালিচৰত পৰি থকাত পিতাকক খবৰ দিলে । পিতাকে তাক ভাঙি নি ঘৰত শুশ্ৰূষা কৰি সুস্থ কৰিলে । তেওঁলোকে ৰূপাইক আৰু ৰূপায়েও তেওঁলোকক চিনি পালে । সোণপাহীক দেখি ৰূপাইৰ এক এৰাব নোৱাৰা মোহ উপজিল । সোণপাহীৰ পিতাকৰ বুজনিত ঘৰলৈ ঘূৰি আহি কাম বনত লাগিল যদিও সি সোণপাহীক এক মুহূৰ্তও পাহৰিব নোৱাৰিলে । সোণপাহীয়েও ।
তাৰ পিছত এদিন ৰূপাই নাও বাই সোণপাহীৰ ওচৰলৈ গল । সোণপাহীৰ কথামতেই পিছদিনাৰ পৰা কেইবা নিশাও সিহঁত গোঁসাই পুখুৰীৰ জয়াল পাৰত লগালগি হল । কিছুদিন পিছত ৰূপায়ে সোণপাহীৰ কোনো খা খবৰ নকৰাত এদিন সোণপাহীয়েই তাৰ ওচৰলৈ নাও বাই আহিছিল , কিন্তু ৰূপাইৰ পৰা তাই ভাল ব্যৱহাৰ নাপাই তাই তিনিমহীয়া অন্ত : সত্ত্বা এই খবৰটো দিলে । সোণপাহীৰ পেটৰ সন্তান তাৰেই সন্তান , এতিয়া সোণপাহীক সি বিয়া নকৰিলে কোনো গত্যন্তৰ নাই ― এই কথা চিন্তা কৰি সি শিয়ৰি উঠিল – ভয় খালে । ইতিমধ্যে সোণপাহী তাৰ ওচৰৰ পৰা আঁতৰি গৈ কপিলীৰ বুকুত জাঁহ গল । ৰূপাইৰ চৰিত্ৰত ই একপ্রকাৰ নিৰ্মমতা , প্ৰতাৰমা আৰু ভীৰুতাৰ চিন । শেষত সি বিয়া বাৰু কৰাই ঘৰ সংসাৰত মন কাণ দিবলৈ আগবাঢ়িল যদিও সোণপাহীৰ শেষ পৰিণতিয়ে তাৰ চৰিত্ৰত বাৰুকৈয়ে কলংক সানিলে ।
২১) সামাজিক উপন্যাস হিচাপে ‘কপিলীপৰিয়া সাধু’ উপন্যাস খনিৰ এটি আলোচনা দাঙি ধৰা ।
উত্তৰঃ- সুসাহিত্যিক , কবি , গীতিকাৰ নৱকান্ত বৰুৱাৰ ‘কপিলীপৰিয়া সাধু’ এখনি সফল সামাজিক উপন্যাস । কপিলী নৈৰ উৎস আৰু কপিলীপৰিয়া মানুহৰ সংগ্ৰামী জীৱনৰ কথাৰে উপন্যাস খনিৰ আৰম্ভণি কৰিছে । প্ৰায় প্ৰতি বছৰে হোৱা কপিলীৰ প্ৰবল বানে অঞ্চলৰ গাঁও ভূঁই তল নিয়াই মানুহৰ গৰু আৰু অন্যান্য জীৱ জন্তুৰ আলাই অথানি কৰা , বানপানী আৰু বানপানীৰ পিছত হোৱা মহামাৰীয়ে হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটোৱা আদিৰ বৰ্ণনা উপন্যাসখনিত পোৱা যায় ।
সমাজ জীৱনৰ বিভিন্ন প্ৰতিচ্ছবিৰে সমৃদ্ধ উপন্যাসখনিত কপিলীপৰিয়া ৰাইজ তথা সেই অঞ্চলৰ সহজ সৰল মানুহৰ দুখ কষ্টেৰে ভৰা সংগ্ৰামী জীৱনৰ কথা এনেদৰে দাঙি ধৰিছে , প্ৰতি বছৰেই কপিলীৰ বানে গাঁও ভূঁই তল নিয়ায় । মানুহে সংগ্ৰাম কৰে জীয়াই থকাৰ । বানৰ অন্তত মানুহে ঘৰ দুৱাৰ , গাঁও ভূঁই পুনৰ থিত লগায় , খেতি বাতি কৰি জীয়াই থাকিবলৈ চেষ্টা কৰে ।
গাঁৱত ‘পাতচেলা’ স্কুলত বেথাৰাম পণ্ডিতে ৰূপাইহঁতৰ দৰে ছাত্ৰক গঢ়ায়।পঢ়া নোৱাৰিলে পণ্ডিতে ছাত্ৰক শাস্তি দিয়ে । গাঁৱৰ ছাত্ৰ , উৰুঙা মন । পঢ়া শুনাতকৈ ৰূপাইৰ দৰে কোনো কোনো ছাত্ৰৰ গৰু চৰোৱা , বজাৰলৈ যোৱা , কপিলীত মাছমৰীয়াই মাছ মৰা চোৱা – এইবোৰতেই বেছি ৰাপ । তেনে লৰাক অভিভাৱক , বুঢ়ীমাকহতেওঁ শাসন কৰিবলৈ চায় ।
গাঁৱলীয়া হোজা সমাজত বহুত বস্তুৰেই অভাৱ । সেই খন সমাজতো অভাৱৰ সীমা নাই । আনকি ৰূপাই ৰাতি বিছনাৰ পৰা নোহোৱা হওঁতে ৰাতি বিচাৰি যাবলৈ গাঁৱৰ একমাত্ৰ লেমটো আনিবলগীয়া হৈছিল মিনাৰাম দোকানীৰ পৰা ।
সামাজিক জীৱনত লোক বিশ্বাসৰ প্ৰভাৱ এৰাব নোৱাৰা ধৰণৰ । এই লোক বিশ্বাস কপিলী নৈখনৰ ওপৰতো । নৈখনিৰ গায়ন বায়নৰ গুলিত নাও তল যোৱা , কমলা কুঁৱৰী জলকোঁৱৰী হোৱা , মানচিং ৰাজা কপিলী পৰা এৰি যাব নোৱাৰা , ভকতধূলি বৈৰাগীক কপিলীয়ে সপোন দেখুওৱা , গোৱালপৰীয়া আৰু সন্তোষ বঙাকৰ কাহিনী , গোৱালপৰীয়া এৰাবাৰীত যখিনি থকা , ৰূপাইক কপিলী পাৰত বিচাৰি পাই ৰূপাই ভূত নে সঁচাকৈয়ে মানুহ তাৰ প্ৰমানৰূপে জোনৰ পোহৰত তাৰ ছাঁ নিৰীক্ষণ কৰা , ‘ৰাম’ বুলিবলৈ দিয়া , ৰূপাইৰ দদায়েকে ৰূপাইক বিচাৰি গৈ তিতি বুৰী অহাত ভূতে চুতে , বাকে চাকে , ধৰিছিল নেকি বুলি সোধা , ৰূপাইৰ দাদায়েকৰ জ্বৰত ভূতে ধৰা বুলি বৈদ্যৰ হতুৱাই জৰা ফুকা কৰোৱা , – ভূতে এৰা দিয়াৰ চিন হিচাপে বাৰীৰ ৰবাব টেঙাৰ ডাল ভঙা , তিনিপাত পুহকৰ লগাই ৰূপাইৰ দাদায়েকৰ মৃত্যু হোৱা , ৰূপায়ে সন্যাসীক হাত দেখুৱাই বৃত্তি পাব নে নাপায় তাক জানিব বিচৰা , বানপানীত নিশা নাৱেৰে আহি এৰাবাৰীখন বিচাৰি উলিয়াব নোৱাৰি , পৰুৱাই পালে নেকি ৰূপাই – বুলি ভকতে সোধা কথা , ৰাতিৰ জুই দেখি ‘উল্কামূৰী’ বুলি ভাবি ঈশ্বৰৰ নাম লবলৈ কোৱা , ধীৰচিঙ ৰঙিলীৰ সা – সন্তান নোহোৱাত মাদলী লৈ , তাবিজ ধোঁৱা পানী খাই সন্তান লাভৰ ব্যৱস্থা কৰা , আৰু কলিকতীয়া কোম্পানীৰ পৰা দেৱাই আনি সন্তান লাভৰ বাবে ৰঙিলীৰ খুওৱা , গোঁসাই পুখুৰী সৃষ্টি হোৱা অলৌকিক কাহিনী – আদি সমাজ জীৱনত থকা এশ এবুৰি লোক কাহিনী , লোক বিশ্বাসৰ কথাই সামাজিক উপন্যাস হিচাপে কপিলীপৰিয়া সাধুক এক বিশেষত্ব দান কৰিছে ।
তদুপৰি চহা জীৱনৰ চহা ভাষা , যেনে ইনফেলে জ্বৰ ( ইনফ্লুয়েঞ্জা ) , পাতচেলা ( পাঠশালা ) , কংৰেজী ( কংগ্ৰেছি ) আদি শব্দ প্ৰয়োগ কৰিও সামাজিক উপন্যাস হিচাপে সোণত সুৱগা চৰাইছে ।
সমাজ জীৱনত থকা সাংসাৰিক জীৱনৰ কথা , খেতি বাতিৰ কথা আদি বৰ্ণনা থকাৰ উপৰি সামাজিক পৰম্পৰা ৰীতি নীতিৰ কথাও উপন্যাসখনিত উল্লেখ কৰিছে । নিজৰ সন্তান নোহোৱা কাৰণে তোলনীয়া সন্তান ৰূপায়ে ধীৰচিঙৰ পিণ্ড দিব নোৱাৰা , এঘাৰদিনীয়া সকাম হোৱা আৰু মৃতকৰ উদ্দেশ্যে পালিবলগীয়া সামাজিক ৰীতি নীতি উল্লেখ কৰি গাঁৱলীয়া তথা সমাজ জীৱনৰ চৰিত্ৰ দাঙি ধৰিছে ।
ৰূপাই আৰু সোণপাহীৰ মাজত গঢ়ি উঠা প্ৰেম – পিৰীতিয়ে দৈহিক প্ৰেমৰ পৰিণতি লাভ কৰিছিল যদিও সিহঁতৰ কৰুণ বিচ্ছেদে সমাজৰ এক কৰুণ ছবি ভাঙি ধৰিছে ।
ভাৰতৰ স্বাধীনতা আন্দোলনত সমাজৰ সাধাৰণ লোকেও অংশগ্ৰহণ কৰি কিদৰে জীয়াতু ভুগিবলগীয়া হৈছিল , সমাজ আৰু গাওঁবোৰৰ অৱস্থা কিদৰে থানবান হৈছিল তাৰ চিত্ৰও আমি এই উপন্যাসখনিত পাব পাৰো । প্ৰকৃতপক্ষে উপন্যাসখনিৰ মূল নায়ক ৰূপাইৰ শিক্ষা দীক্ষা , ঘৰ সংসাৰ , খেতি বাতি , প্ৰেম প্ৰীতি , কপিলীৰ লগত সম্পৰ্ক , স্বাধীনতা আন্দোলনত অংশগ্ৰহণ , শৰণ ভজনৰ চিন্তা , বানপানীৰ সময়ত কৰা কাম আৰু নেতাসকলৰ দুৰ্নীতিত অন্তৰত পোৱা নানান দুখ বেদনা আৰু শেষত বিয়া বাৰু কৰাই ঘৰ সংসাৰত মন দিবলৈ কৰা ইচ্ছা ― আদিৰ বৰ্ণনাৰে উপন্যাসখনিত কপিলীপৰিয়া সমাজ জীৱ্নৰেই এটি হুবহু চিত্ৰ অংকন কৰিছে ঐপন্যাসিকে ।
২২) চমু উত্তৰ দিয়া –
ক) ‘কপিলীপৰিয়া সাধু’ৰ ৰচক কোন ?
উত্তৰঃ- নৱকান্ত বৰুৱা ।
খ) কমলা কুঁৱৰী জলকুঁৱৰী হোৱা ঘুলিটোৰ নাম কি ?
উত্তৰঃ- গায়ন – বায়নৰ গুছলি ।
গ) জলকোঁৱৰে গোৱালপৰীয়াক নামাৰি কিয় এৰি দিছিল ?
উত্তৰঃ- গোৱালপৰীয়া ঘুনীয়া আছিল কাৰণে ।
ঘ) কপিলীয়ে কাক সপোন দেখুৱাইছিল ?
উত্তৰঃ- ভকতধূতি বৈৰাগীক ।
ঙ) ৰূপাইহঁতৰ প্ৰাথমিক স্কুলত কোন পণ্ডিতে পঢ়ুৱাইছিল ?
উত্তৰঃ- বেথাৰাম পণ্ডিতে ।
চ) বেথাৰাম পণ্ডিতৰ কত কেনেকৈ মৃত্যু হৈছিল ?
উত্তৰঃ- স্বাধীনতা আন্দোলনত জেলত থাকোঁতে জেলতে মৃত্যু হৈছিল ।
ছ) ৰূপাইক বিচাৰি যাবলৈ কাৰ পৰা লেমটো আনিছিল ?
উত্তৰঃ- মিনাৰাম দোকানীৰ পৰা ।
জ) ৰূপায়ে বৃত্তি পৰীক্ষা দিবলৈ জিলালৈ গৈ কাৰ ঘৰত আছিল ?
উত্তৰঃ- দিনবন্ধু উকীলৰ ঘৰত ।
ঝ) পৰীক্ষা দি আহোঁতে উকীলৰ ছোৱালীজনীলৈ ৰূপায়ে কি কিনি আনিছিল ?
উত্তৰঃ- নকুলদানা ।
ঞ) দিনবন্ধু উকীলৰ ৰান্ধনিজনৰ নাম কি ?
উত্তৰঃ- হাৰিয়া ।
ট) ৰূপাইৰ বাপেক আৰু মাকৰ নাম কি ?
উত্তৰঃ- ধীৰচিঙ আৰু ৰঙিলী ।
ঠ) মহাত্মা গান্ধীয়ে সাগৰৰ পাৰলৈ লোণ আনিবলৈ কোন চনত গৈছিল ?
উত্তৰঃ- ১৯৩০ চনত ।
ড) ৰূপায়ে কিয় ভলণ্টিয়াৰৰ দলত যোগদান কৰিছিল ?
উত্তৰঃ- বাবুৱনীয়ে ছোৱালীজনীৰ আগতে চৰ মৰাৰ কাৰণে আৰু হাৰিয়াৰ হাততো শাস্তি খোৱাৰ দুখত ।
ঢ) জেলত ৰূপায়ে লগ পোৱা গোসাঁইজনৰ নাম কি ?
উত্তৰঃ- তিলক গোঁসাই ।
ড) ৰূপায়ে কিয় ভলণ্টিয়াৰৰ দলত যোগদান কৰিছিল ?
উত্তৰঃ- বাবুৱনীয়ে ছোৱালীজনীৰ আগতে মৰাৰ কাৰণে আৰু হাৰিয়াৰ হাততো শাস্তি খোৱাৰ দুখত ।
ঢ) জেলত ৰূপায়ে লগ পোৱা গোসাঁইজনৰ নাম কি ?
উত্তৰঃ- তিলক গোঁসাই ।
ণ) তিলক গোসাঁইৰ ঘৰ কত আছিল ?
উত্তৰঃ- গেলা পোতনি গাঁৱত ।
ত) গুৱাহাটী জেলত ৰূপায়ে কাক লগ পাইছিল ?
উত্তৰঃ- চুধংচু বাবুল ।
থ) ৰূপায়ে জেলৰ পৰা আহি স্কুল পুনৰনিৰ্মান কৰি কাক শিক্ষক হিচাপে আনিছিল ?
উত্তৰঃ- তিলক গোসাঁইৰ ভতিজা বসু গোসাঁইক ।
দ) ৰূপায়ে কাৰ ওচৰত শৰণ লব বিচাৰিছিল ?
উত্তৰঃ- তিলক গোসাঁইৰ ওচৰত ।
ধ) তিলক গোসাঁইৰ খেতিবাতিৰ কাম কোনে কৰিছিল ?
উত্তৰঃ- চামগুৰীয়াই ।
ন) তিলক গোসাঁয়ে ৰূপাইক পঢ়িবলৈ কি পুথি দিছিল ?
উত্তৰঃ- শ্ৰীৰত্নকান্ত বৰকাকতিয়ে ভাঙনি কৰা ‘হিন্দু স্বৰাজ’ নামৰ পুথিখন ।
প) ৰূপাইহঁতক লগত লৈ কোন চাহাবে বানপানীৰ সাহায্য আৰু উদ্ধাৰৰ কাম কৰিছিল ?
উত্তৰঃ- মি: পিল্লাই নামৰ চাহাবজনে ।
ফ) ৰূপায়ে পিতাক ধীৰচিঙৰ পিণ্ড কিয় দিব নোৱাৰিলে ?
উত্তৰঃ- ধীৰচিঙৰ প্ৰকৃত সন্তান নহয় কাৰণে ।
ব) ৰূপাই অচেতন হৈ নৈৰ বালিত পৰি থাকোতে প্ৰথমে কোণত দেখিছিল ?
উত্তৰঃ- সোণপাহী নামৰ ছোৱালী এজনীয়ে ।
ভ) ৰূপায় কাৰ প্ৰেমত পৰিছিল ?
উত্তৰঃ- সোণপাহীৰ প্ৰেমত ।
ম) সোণপাহীৰ শেষত কি হল ?
উত্তৰঃ- ৰূপাইৰ দ্বাৰা অন্ত :- সত্ত্বা হোৱাত আৰু ৰূপাইৰ পৰা পাবলগীয়া প্ৰয়োজনীয় সঁহাৰি নোপোৱাৰ দুখত কপিলীত বুৰী মৃত্যু হল ।
য) ৰূপায়ে শেষত কি কৰিলে ?
উত্তৰঃ- সোণপাহীৰ আত্মহত্যাৰ অনুশোচনাত দগ্ধ হৈ ঘৰ সংসাৰ পাতিবলৈ মন মেলিলে ।
ৰ) ‘সন্তোষ বঙালৰ টোলৰ বিষয়ে ‘কপিলীপৰিয়া সাধু’ত কি কথা পোৱা যায় , লিখা ।
উত্তৰঃ- কপিলীৰ পাৰতে ঢাপ মৰা বাৰী এডোখৰ আছে , এতিয়া চৰণীয়া পথাৰ । সেয়েই ‘সন্তোষ বঙালৰ টোল’ বুলি উল্লেখ আছে ।
ল) ‘পৰভু , জানেই আমি দাঁতিয়লীয়া মানুহ । শৰণ নললে জাতত নোঠু।’ – কোনে , কাক এই কথাষাৰ কৈছিল ?
উত্তৰঃ- ৰূপায়ে তিলক গোসাঁইক কৈছিল ।
ৱ) ‘লোকে হাতৰ , কাণৰ বেচি বেচিও লৰা চৰা পঢ়ায় । ঈশ্বৰৰ কৃপাত তোমাৰ তামোল টেঙাৰ বাৰীখনেই দুই ডেৰকুৰি টকা দিয়ে – তুমিনো নোৱাৰিবা কিয় ?’ – কোনে , কাক এনেদৰে কৈছিল ?
উত্তৰঃ- ভাঙোৰী ভকতে ধীৰচিঙক এনেদৰে কৈছিল ।
শ) ‘গোঁসাই পুখুৰী’ সম্বন্ধে ‘কপিলী পৰীয়া আধু’ত কি কথাৰ উল্লেখ আছে , – লিখা ।অথবা , ‘গোঁসাই পুখুৰী’ সৃষ্টিৰ নেপথত থকা কিম্বদন্তিটো লিখা ।
উত্তৰঃ- ‘গোঁসাই পুখুৰী’টো বহুদিনীয়া পুখুৰী , কিমান দিনৰ পৰা আছে কোনোৱে নাজানে । এই পুখুৰীটো হোৱাৰ এটা জনশ্ৰুতিমূলক কাহিনী আছে । কাহিনীটো এনে ধৰণৰ –
এবাৰ সেই ঠাইত কালিয় দমন নাট হৈছিল । গোসাঁইৰ ভাও গোসাঁইৰ লৰাইহে লয় । গাঁৱত কালিয় দমন নাট মেলিলে ওচৰে পাজৰে গোঁসাই কেইঘৰ বৰ ভয়ে ভয়ে থাকে । ৰাইজে ঢোল খোল লৈ তামোল পানেৰে যি ঘৰত গোঁসাই ভাও লবলৈ লৰা বিচাৰিব দিবই লাগিব । নিদিলে বৰ জগৰ লাগে । কি হয় ঠিক নাই । আনহাতে লৰা দিয়াও টান । কিনিবাদি কৰবাত ‘ছিদ্ৰ’ ওলালে ভাওনাৰ দিনাই গোঁসাই থিত লয় । কুঁহিলা – তুলাপাতেৰে সজা কালীনাথ জীৱন্ত হৈ উঠে , – হোলাকা হোলোকে তেজ বতিয়ায় । গোটেইখন তালফাল লাগে , —কৃষ্ণই ফনাত উঠি নচা ঠাইডোখৰত এটা পুখুৰী হয় , লাহে লাহে চাপটোৱে সৈতে ভাওলোৱা লৰাজন পানীৰ তললৈ সোমাই যায় ।
এনেকৈয়ে এই পুখুৰীটো হোৱা বুলি মানুহে বিশ্বাস কৰে । বৰ্তমানেও গোঁসাই পুখুৰীটোৰ পৰা চাৰিটা বৰ ওখ বাহিৰৰ পৰা পানী নোসোমায় । পাৰত হাবি , তামোল আৰু বাঁহ , ৰবাব টেঙা পৰি সৰে , তাতে গাযে । গৰখীয়া লৰায়ো নোবোটলে । তালৈ দিনটো মানুহ হিচাপে কয়াল পুখুৰীটোৰ কাছবোৰৰ পিঠিত হেনো শেলুৱৈ গজিছে । মাছ গোটেইটো পুখুৰীত খাই আছে , কোনেও মাৰিবলৈ সাহস নিকৰে ।
ষ) ৰূপাইহঁতৰ গাঁৱৰ দোকানীননৰ নাম কি আছিল ?
উত্তৰঃ- মিনাৰাম ।
স) ‘কপিলীয়েই আমাক চিনাকি কৰিলে – কেতিয়াবা কপিলীয়েই আঁতৰাই লৈ যাব ।’ – কোনে , কাক এনেদৰে কৈছিল ?
উত্তৰঃ- সোণপাহীয়ে ৰূপাইক কৈছিল ।
হ) সুলভ দোকানীৰ বিষয়ে চামগুৰীয়াই কি কথা কৈছিল ? চমুকৈ লিখা।
উত্তৰঃ- সুলভ দোকানীৰ বিষয়ে চামগুৰীয়াই এই বুলি কৈছিল যে সি বৰ সাংঘাতিক মানুহ । সি নানান ঠগ বাজি কৰি দোকান দিছিল । গোঁসাই জেললৈ যাওঁতে সিয়েই পুলিচক লগাই গোসাঁইৰ দোকানখন ভঙালে । বাৰী মানুহ এজনৰ মাটিও সি বাকীত মাৰি নিজৰ কৰি লৈছিল ।
ক্ষ) ৰূপাইহঁতৰ গাঁৱৰ দোকানী জনৰ নাম কি ? ‘কপিলীপৰিয়া সাধু’ উপন্যাসত উকীলনীক দিয়া বজাৰৰ হিচাপ মতে কাৱৈ মাছ একুৰিৰ মূল্য কিমান ?
উত্তৰঃ- মিনাৰাম । ২ আনা ৬ পাই ।
ড়) ‘মই শিচ ভজাবলৈ এৰিলো নহয় , এজনৰ শিচহে ।’ কোনে , কাক এনেদৰে কৈছিল ?
উত্তৰঃ- তিলক গোসাঁইয়ে ৰূপাইক এনেদৰে কৈছে ।
ঢ়) “মই তেওঁত শৰণ লব খোজা নাই নহয় পিতাই , তেওঁতহে শৰণ লম।” – ইয়াত কোনে , কাৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে ?
উত্তৰঃ- ৰূপায়ে তিলক গোসাঁইৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে ।
য়) ৰূপায়ে ‘চুধংচু’ বাবুক প্ৰথম কত লগ পাইছিল ?
উত্তৰঃ- গুৱাহাটীৰ জেলত ।
অ) বেথাৰাম কোন ? তেওঁৰ আচল ঘৰ কত আছিল ?
উত্তৰঃ- পণ্ডিত । তেওঁৰ আচল ঘৰ জাগীত ।
আ) ‘কপিলীপৰিয়া সাধু’ কোন শ্ৰেণীৰ সাহিত্য ? ইয়াৰ লেখক কোন ?
উত্তৰঃ- উপন্যাস শ্ৰেণীৰ সাহিত্য । লেখক ― নৱকান্ত বৰুৱা ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



You are verey great sir
Thank You!
Sir কপিলী পৰিয়া সাধু short question answer nai aase jadi diyakn ???but .. thanks you so much sir ans dibolo thanks…………………?
Short question dise
Short Answer ye dise sn