Class 12 Adv Assamese Chapter 4 মোৰ গাঁও

Class 12 Adv Assamese Chapter 4 মোৰ গাঁও The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 4 মোৰ গাঁও and select needs one.

Class 12 Advance Assamese Chapter 4 মোৰ গাঁও – ডিমেশ্বৰ নেওগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 4 মোৰ গাঁও Solutions for All Subject, You can practice these here…

মোৰ গাঁও – ডিমেশ্বৰ নেওগ

পাঠ:

পদ্যাংশ

চমু প্ৰশ্ন

১) ‘মোৰ গাঁও’ কবিতাটিত প্ৰকাশ পোৱা কবিৰ অতীত ৰোমন্থনৰ এটি বিৱৰণ দিয়া ।

উত্তৰঃ- অসমীয়া সাহিত্যৰ বুৰঞ্জী প্রনেতা আৰু কবি হিচাপে খ্যাত ডিম্বেশ্বৰ নেওগে ‘মোৰ গাঁও’ কবিতাটিৰ জৰিয়তে তেওঁৰ শৈশৱ কালৰ স্মৃতি ৰোমন্থন কৰি বৰ্তমান সেই গাঁৱৰ আমূল পৰিৱৰ্তনৰ কথা বৰ্ণনা কৰিছে । শৈশৱ কালৰ কথা মনলৈ অহাৰ লগে লগে কবিৰ মনত সেই সময়ৰ গাঁওখনৰ ছবিয়ে ছয়া – ময়াকৈ লুকাভাকু খেলিবলৈ আৰম্ভ কৰেহি । ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ স্বৰূপ তেওঁৰ সৰু গাঁওখনৰ নাম কমাৰফদিয়া । এই সৰু গাঁওখনতেই তেওঁ জন্মগ্ৰহণ কৰি শৈশৱ কাল অতিবাহিত কৰি যৌৱনত ভৰি দিছিলহি । 

ইয়াতেই আপোন আই বাই ভনীৰ মৰম চেমেহৰ মাজত ডাঙৰ – দীঘল হৈ কত লগৰ লগৰীৰ সৈতে হিয়া দিয়া – দিই কৰিছিল , ডিঙিত সাৱটি ধৰি চেনেহেৰে কথা পাতিছিল , পোহৰ জাৰত গাৰ ছকঠীয়াখন মেজি খৰি গোটাই , পথাৰে পাথাৰে গৰু – যুজঁ চাই কত আনন্দ লাভ কৰিছিল।সেই গাঁৱতেই ডেকা লৰা সকলোটি মিলি বাটত আনন্দেৰে জুমা – জুমে ফুৰিছিল ― গাঁৱত ভাওনা সবাহ পাতি গাঁওখন উৎসৱ মুখৰ কৰি তুলিছিল , ডেকা গাভৰুহঁতে বিহুৰ সময়ত ঢোলৰ মাতত মতলীয়া হৈ নাছিল । জাতীয় উৎসৱ আদিত মানুহবোৰৰ মিলা প্ৰীতি , একতাৰ ভাব দেখি হ্ৰদয় নাচি উঠিছিল । সৰু গাঁওখনক জন্ম জন্মান্তৰে শতবাৰ ভালপোৱা কবিৰ অন্তৰ শৈশৱৰ সেই স্মৃতিয়ে আজিও উতলা কৰি তোলে ।

২)  কবিয়ে  ‘মোৰ গাঁও’ কবিতাটিত কামৰফদিয়া গাঁৱৰ কেনে ধৰণৰ পৰিৱৰ্তন হোৱাৰ কথা উল্লেখ কৰিছে লিখা ।

উত্তৰঃ- ‘মোৰ গাঁও’ কবিতাটিত কবি ডিম্বেশ্বৰ নেওগে তেওঁৰ জন্মস্থান কমাৰফদিয়া গাঁওখনত কটোৱা শৈশৱ কালৰ কথা ৰোমন্থন কৰাৰ লগতে বৰ্তমান ইয়াৰ অস্বাভাৱিক পৰিৱৰ্তনত মনত দুখ অনুভৱ কৰিছে ।

শৈশৱত লগপোৱা তেওঁ সেই সৰু গাঁওখন বৰ্তমান ভাবিব নোৱাৰাকৈ পৰিবৰ্তন হল । গহীন দিখৌ নৈখন গাঁওখনৰ মাজেৰে আজিও আগৰদৰে বৈ আছে যদিও তেওঁ সেই শৈশৱৰ লগ – লগৰীসকল তাৰ পাৰত মেজি খৰি গোটাই , গৰু যুজঁ চাই আনন্দ কৰিবলৈ অহা নাই । তাৰ পৰিৱৰ্তে তেওঁৰ লগৰ অনেকৰেই তাৰ পাৰত ইতিমধ্যে চিতা জুই জ্বলিছে । বৰ্তমানৰ ডেকাসকলেও তেওঁলোকে শৈশৱত গাৰ ছকঠীয়াখন কৈ মেজি খৰি গোটাই , গৰু যুজঁ চাবলৈ ডেকাসকলে আজি সকলোটি মিলি আনন্দেৰে জুমা – জুমে বাটত নুফুৰে , ভাওনা – সবাহ পাতি গাঁওখন আনন্দমুখৰ নকৰে , বিহুৰ কাষ চাপিলেও আগৰদৰে ডেকা – গাভৰুসকলৰ দৰে আজি ডেকা – গাভৰুৰ মন ঢোলৰ মাতত মতলীয়া হৈ নাচি নুঠে ।

‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ তেওঁৰ গাঁওখনৰ আগৰ সেই সৌন্দৰ্য নাইকিয়া হোৱা দেখি কৰিব দুচকুৰে পানী বৈ আহিছে । তেওঁ লক্ষ্য কৰিছে গঞাৰাইজৰ মাজত আগৰ সেই সমাজ বান্ধোনো নাই , মানুহৰ মাজত মিলা প্ৰীতি একতাৰ কেৱল জঁকাটোহে আছেগৈ । জাতীয় উৎসৱ আদিত ৰং – ধেমালিত কোনো আন্তৰিকতা নাই , কোনো প্ৰাণ নাই । মানুহে মানুহৰ মৰম নিচিনা হল , কেৱল ধনকহে চিনা হল , মানুহ কেৱল ধনৰ পিছে পিছে দৌৰি হল । ইয়াৰ লগে লগে অনেকক দাৰিদ্ৰই বেয়াকৈ পীড়িব ধৰিলে , বছৰ জোঁৱাই খাবলৈ নাটনি হল । সেই কাৰণে গাঁৱৰ মানুহে খাদ্যৰ কাৰণে গাঁও এৰি অনাই – বনাই ফুৰিছেগৈ , হয়তো এটা সময়ত গাঁও গুচি  ‘নতুন পাতনি’ হবলৈ । গাঁওখনৰ এনে পৰিৱৰ্তনে কবিৰ মনত দাৰুণভাৱে আঘাত দিছে 

৩) কবি ডিম্বেশ্বৰ নেওগে কোনখন গাঁৱক কিয় ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ বুলি কৈছে ?

উত্তৰঃ- কমাৰফদিয়া গাঁওখনক কবিয়ে ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ বুলি কৈছে । 

সৰু সৰু চুবুৰী লগ লাগি একোখন গাঁও ― বহুতো গাঁও লগ লাগি একোখন জিলা , কেইবাখনো জিলা লগ লাগি একোখন ৰাজ্য  , তাৰ পিছত দেশ , মহাদেশ আৰু মহাদেশ – মহাসাগৰ আদি লগ লাগি ব্ৰহ্মাণ্ডৰ সৃষ্টি । ব্ৰহ্মাণ্ডৰ ভিতৰত সেয়ে একোখন গাঁও নিচেই ক্ষুদ্ৰ একোখনি ঠাই মাত্ৰ । ব্ৰহ্মাণ্ডৰ তুলনাত গাওঁবিলাক ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ । সেয়ে কবিয়ে নিজৰ সৰু গাঁও কমাৰফদিয়া  ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি কৈছে ।

৪)  প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।

ক) ‘বিশ্বৰ সৌন্দৰ্য খিনি     জনমভূমি তই মাথোঁ

                  এচমকা ব্ৰহ্মাণ্ডৰ হিয়া ,

উত্তৰঃ- উদ্ধৃত কবিতাফাকি কবি ডিম্বেশ্বৰ নেওগে ৰচিত  ‘মোৰ গাঁও’ কবিতাটিৰ অন্তৰ্গত ।

নিজ জন্মঠাই সৰু গাঁওখন কবিৰ কিমান মৰমৰ এই কথাকে কবিতাফাকিত প্ৰকাশ পাইছে ।

কবিৰ জন্মগাঁও কমাৰফদিয়া কবিৰ কাৰণে অতি মৰমৰ , হিয়াৰ আমঠু স্বৰূপ । কমাৰফদিয়া গাঁওখনক কবিয়ে  ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্র তাঙৰণ’ বুলি অভিহিত কৰি এই গাঁওখনত কটোৱা শৈশৱ কালৰ কথা ৰোমন্থন কৰিছে । গাঁওখনৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য কবিক আত্মহাৰা কৰি তোলে । তেওঁ অনুভৱ কৰে বিশ্বৰ আটাইবোৰ সৌন্দৰ্যৰ খনি যেন এই গাঁওখন । জন্মভূমি গাঁওখন বিশ্ব ব্ৰহ্মাণ্ডৰ যেন এচমকা হিয়া , যত থুপখাই আছে মনোমোহা সৌন্দৰ্যৰ আকৰ । অন্তৰেৰে ভালপোৱা বস্তুৰ অনিন্দিয় সৌন্দৰ্য অনুভৱ কৰা যায় । কবিয়ে নিজ জন্মভূমি এই ক্ষুদ্ৰ গাঁওখনত এনে সৌন্দৰ্য অনুভৱ কৰাৰ অৰ্থই হৈছে তেওঁৰ কাৰণে তেওঁৰ গাঁওখন অতি মৰমৰ , অতি চেনেহৰ । 

খ) ব্ৰহ্মাণ্ডত চালি – জাৰি কতো হলে পোৱা নাই 

           এদিনৰ কাৰণেও

           সৰলতা আজি তেনেকুৱা ।’

উত্তৰঃ- উদ্ধৃত কবিতাফাকি অসমীয়া সাহিত্যৰ বুৰঞ্জী প্রনেতা , গৱেষক, কবি ডিম্বেশ্বৰ নেওগ ৰচিত  ‘মোৰ গাঁও’  কবিতাটিৰ অন্তৰ্গত।

কবিৰ নিজ জন্ম গাঁওখনৰ প্ৰতি থকা অসীম ভালপোৱাৰ কথাকেই কবিতাফাকিৰ মাজেৰে প্ৰকাশ পাইছে । 

কবিয়ে নিজ জন্মগাঁও কমাৰফদিয়া  ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি অভিহিত কৰিছে । সেই গাঁওখনতে জন্ম লাভ কৰি যৌৱনপ্ৰাপ্ত হোৱা সময়লৈকে লগৰ লগৰীৰ সৈতে খেলা – ধুলা কৰি , জাৰৰ মেজি খৰি বিচাৰি , পথাৰে পথাৰে গৰু যুজঁ চাই , ইটিয়ে সিটিয়ে মৰম – চেনেহ দিয়া – দিই কৰি আই বাই ভনীৰ মৰম – চেনেহৰ মাজত সেই কালছোৱা অতিবাহিত কৰিছিল । আজিও সেই শৈশৱ কালৰ স্মৃতিৰ ৰোমন্থনে কবিক ব্যাকুল কৰি তোলে । মানুহৰ মাজত কি মধুৰ সম্পৰ্ক ― কি সৰলতা । তেওঁৰ গাঁওখনৰ সেই আন্তৰিকতা , সৰলতা বিশ্ব ব্ৰহ্মাণ্ডৰ কতো তেওঁ বিচাৰি নাপায় । কবিয়ে ব্ৰহ্মাণ্ডত চালি – জাৰি চাই এদিনৰ কাৰণেও কতো তেনে সৰলতা বিচাৰি পোৱা নাই । ভালপোৱা বস্তুত সৰলতা , মধুৰতা আৰু অসীম সৌন্দৰ্য অনুভৱ হয় । কবিয়েও নিজ গাঁওখন অতিকে ভাল পাই কাৰণেই ব্ৰহ্মাণ্ডত নোপোৱা সৰলতা তাত বিচাৰি পাইছে । 

গ)  ‘সেই গাঁও , সেই দিন         গ’ল আজি সকলোটি 

                     একেলগে সকলো হেৰাল , 

      আগৰ সকলো আছে          তথাপিও কিবা যেন 

                      কাহ পৰি জীন যোৱা 

                      সকলোটি নিমাত নিতাল !

উত্তৰঃ- উদ্ধৃত কবিতাফাকি অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা , গৱেষক, কবি ডিম্বেশ্বৰ নেওগ ৰচিত  ‘মোৰ গাঁও’ কবিতাটিৰ অন্তৰ্গত ।

কবিয়ে ইয়াত শৈশৱ কালত কটাই অহা নিজৰ গাঁওখনৰ বৰ্তমান অভূতপূৰ্ব পৰিৱৰ্তনৰ কথা উল্লেখ কৰিছে । 

কবিয়ে  ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি ভবা নিজ গাঁওখনতে জন্ম লাভ কৰি যৌৱনপ্ৰাপ্ত হোৱা সময়লৈকে লগৰ লগৰীৰ সৈতে খেলা – ধূলা কৰি, জাৰৰ মেজিৰ বাবে খৰি বিচাৰি , পথাৰে পথাৰে গৰু যুজঁ চাই , ইটিয়ে সিটিক মৰম – চেনেহ দিয়া দিই কৰি , আই বাই ভনীৰ মৰম চেনেহৰ মাজত সেই কালছোৱা অতিবাহিত কৰিছিল । সেইবোৰ শৈশৱ কালৰ স্মৃতিয়ে কবিক সততে ব্যাকুল কৰি তোলে । কিন্তু আজি  ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ কবিৰ গাঁওখনৰ আগৰ সেই সৌন্দৰ্য নাইকিয়া হৈ আহিছে । গঞাৰাইজৰ মাজত আগৰ সেই সমাজ বান্ধোনো নাই , মানুহৰ মাজত মিলা প্ৰীতি একতাৰ কেৱল জঁকাটোহে আছেগৈ । জাতীয় উৎসৱ আদিত ৰং – ধেমালিত কোনো আন্তৰিকতা নাই , কোনো প্ৰাণ নাই । 

মানুহে মানুহৰ মৰম নিচিনা হল , কেৱল ধনকহে চীনা হল , মানুহ কেৱল ধনৰ পিছে পিছে দৌৰা হল । ইয়াৰ লগে লগে অনেকক দাৰিদ্ৰই বেয়াকৈ পীড়িব ধৰিলে , বছৰ জোৰাই খাবলৈ নাটনি হল । সেই কাৰণে গাঁৱৰ মানুহে খাদ্যৰ কাৰণে গাঁও এৰি অনাই – বনাই ফুৰিছেগৈ , হয়তো এটা সময়ত গাঁও গুচি  ‘নতুন পাতনি’  হবগৈ । গাঁওখনৰ এনে পৰিবৰ্তনে কবিৰ মনত দাৰুণভাৱে আঘাত দিছে । 

৫) চমু উত্তৰ দিয়া :-

ক)  ‘কমাৰফদিয়া ! এই     সৰু গাওঁখনি মোৰ 

                 ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ 

― কবিয়ে নিজ গাওঁখনিক ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি কিয় কৈছে , বুজাই লিখা ।

উত্তৰঃ- সৰু সৰু চুবুৰি লগ লাগি একোখন গাঁও ― বহুতো গাঁও লগ লাগি একোখন জিলা , কেইবাখনো জিলা লগ লাগি একোখন ৰাজ্য , তাৰ পিছত দেশ , মহাদেশ আৰু মহাদেশ – মহাসাগৰ আদি লগ লাগি ব্ৰহ্মাণ্ডৰ সৃষ্টি ।  ব্ৰহ্মাণ্ডৰ ভিতৰত সেয়ে একোখন গাঁও নিচেই ক্ষুদ্ৰ একোখনি ঠাই মাত্ৰ । ‘ব্ৰহ্মাণ্ডৰ তুলনাত গাওঁবিলাক ক্ষুদ্ৰ তকৈ ক্ষুদ্ৰ । সেয়ে কবিয়ে নিজৰ সৰু গাঁও কমাৰফদিয়াক ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি কৈছে ।

খ)  ‘মোৰ আই , বাই , ভনী

       সকলোটি কেনে হেঁপাহৰ’ ― বুলি কবিয়ে কি প্ৰসংগত কৈছে , বুজাই লিখা । 

উত্তৰঃ- কবিয়ে জন্ম লাভ কৰা নিজ গাঁওখনৰ শৈশৱ কালৰ স্মৃতি ৰোমন্থন কৰিছে । সেই গাঁওখনত জন্ম লাভ কৰি আপোন আই , বাই , ভনীৰ মৰম চেনেহৰ মাজত ডাঙৰ দীঘল হৈছিল , লগ লগৰীৰ সৈতে খেলা ধূলা কৰি  ‘হিয়া দিয়া দিই’ কৰিছিল , ডিঙিত ধৰি আনন্দেৰে মনৰ কথা পাতিছিল । শৈশৱৰ এইবোৰ কথা মনত পৰাৰ লগতে আই , বাই , ভনীৰে প্ৰৱেষ্টিত মৰমৰ , হেঁপাহৰ ঘৰখনলৈ কৰিব মনত পৰিছে।

গ)  ‘নতুন সি জোন – বেলি         নতুন সি গছ – লতা

                সেই সকলোকে লই ―

                ন মোৰ শৈশৱ আকউ ।’ ― কবিয়ে এনেকৈ অনুভৱ কৰাৰ কাৰণ কি ?

উত্তৰঃ- কবিয়ে শৈশৱ কালৰ নিজ জনস্থান সৰু গাঁওখনৰ স্মৃতি ৰোমন্থন কৰিছে । শৈশৱ কালত নিজ গাঁওখনত জোন – বেলি , গছ – লতাৰ সৌন্দৰ্য চাই , লগ – লগৰীৰ সৈতে খেলা – ধূলা কৰি , জাৰৰ মেজি – খৰি বিচাৰি , পথাৰে পথাৰে গৰু যুজঁ চাই আনন্দত মতলীয়া হৈ ফুৰিছিল । আজি এই পৌৰ অৱস্থাত কবিৰ মনলৈ সেই অতীত স্মৃতি আহি পৰাত সেই জোন – বেলি , গছ – লতা সকলোকে কবিয়ে নতুন ৰূপত দেখিবলৈ পাইছে ― তেওঁ নতুনকৈ শৈশৱ কাল পোৱা যেন অনুভৱ কৰিছে । 

ঘ)  ‘তেতিয়া , তেতিয়া মোৰ এই গাঁও , এই স্বপ্ন

              হব নেকি সচাঁকৈয়ে 

              সকলোটি এথানি – এবানি !’

― কবিৰ মনত এনে সংশয় উপজাৰ কাৰণ কি ― বুজাই লিখা ।

উত্তৰঃ- কবিয়ে শৈশৱ কালত লগ পোৱা গাঁওখনৰ বৰ্তমান অভূতপূৰ্ব পৰিবৰ্তন দেখিবলৈ পাইছে । আগৰ দৰে গঞা সমাজত একতা নাই , মিলা – প্ৰীতি নাই । ডেকা লৰবোৰে ভাৱনা – সবাহ নাপাতে , বিহু ঢোলৰ মাত শুনি ডেকা – গাভৰুসকল আনন্দত উত্ৰাৱল নহয় । মানুহৰ মাজত মৰম , চেনেহৰ সলনি ধনকহে চিনি পোৱা হল । এচাম মানুহ দিনে দিনে গঢ়িব হৈ খাদ্যৰ কাৰণে গাঁও এৰি অনাই – বনাই ফুৰিছে । এনেকৈ তেওঁৰ মৰমৰ গসুখন থান বান হল । এই অৱস্থাৰ যদি আৰু অৱনতি হয় তেতিয়া তেওঁৰ মৰমৰ , স্বপ্নৰ গাঁওখনৰ চিন – চাবেই নাথাকিব নেকি বুলি কবিৰ মনত সংশয় উপজিছে । 

ঙ)   ‘ধনকে মাথোন চিনি    মৰম নিচিনা হল 

                 ধনেই কেৱল হল

                 দয়া স্নেহ মূলতে সবাৰ ।’

― কবিয়ে এনেদৰে আক্ষেপ কৰাৰ কাৰণ কি , ― বুজাই লিখা ।

উত্তৰঃ- কবিয়ে শৈশৱ কালত লগ পোৱা নিজৰ গাঁওখনৰ বৰ্তমান অভূতপূৰ্ব পৰিবৰ্তন দেখিবলৈ পাইছে । আগৰ দৰে গাঁওখনৰ মানুহৰ মাজত মৰম স্নেহ নোহোৱা হল । মানুহে কেৱল ধনকেহে সকলোৰে মূল বুলি ভাবি ধনৰ চিন্তা আৰু উপাৰ্জনত ব্যস্ত থাকি মানুহৰ প্ৰতি মানুহৰ মৰম স্নেহ পাহৰি গল । কাৰো প্ৰতি কাৰো দয়া প্ৰীতি নাইকিয়া হল । সেই কাৰণেই কবিয়ে এনেদৰে আক্ষেপ কৰিছে ।

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

৬) অতি চমু উত্তৰ দিয়া :-

ক) ডিম্বেশ্বৰ নেওগক কিহৰ কবি বোলা যায় ?

উত্তৰঃ- ‘ইন্দ্ৰধনু’ৰ কবি ।

খ) ডিম্বেশ্বৰ নেওগৰ জন্ম গাঁওখনৰ নাম কি ?

উত্তৰঃ- কমাৰফদিয়া । 

গ) ডিম্বেশ্বৰ নেওগৰ কবিতা পুথি এখনৰ নাম লিখা ।

উত্তৰঃ- ‘ইন্দ্ৰ ধনু’ । 

ঘ) ডিম্বেশ্বৰ নেওগৰ গীতিকবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ- ‘সঁফুৰা’ ।

ঙ) ডিম্বেশ্বৰ নেওগৰ ছনেট কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ- ‘মুকুতা’ ।

চ) ডিম্বেশ্বৰ নেওগে কি কি পত্ৰিকা সম্পাদনা কৰিছিল ?

উত্তৰঃ- ছাত্ৰ সন্মিলনীৰ মুখপত্ৰ  ‘মিলন’ আৰু  ‘সাহিত্য – সভা পত্ৰিকা’ । 

ছ) ডিম্বেশ্বৰ নেওগৰ ৰচিত অসমীয়া সাহিত্যৰ বুৰঞ্জী এখনৰ নাম লিখা।

উত্তৰঃ- ‘আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’ ।

জ) ‘মোৰ গাঁও’ কবিতাটিৰ কবিজনৰ নাম কি ?

উত্তৰঃ- ডিম্বেশ্বৰ নেওগ ।

ঝ) ডিম্বেশ্বৰ নেওগে কোন চনত অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিত্ব কৰিছিল ?

উত্তৰঃ- ১৯৬৬ চনত নলবাৰী অধিবেশনত ।

ঞ) ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি কবিয়ে কাৰ কথা কৈছে ?

উত্তৰঃ- নিজৰ সৰু গাঁওখনৰ কথা কৈছে ।

ট) পুহৰ জাৰত কবিয়ে গাৰ ছকটঠিয়াখন থৈ কি গোটাইছিল ?

উত্তৰঃ- মেজি – খৰি ।

ঠ) পথাৰে পথাৰে ঘূৰি কবিয়ে কি চাই ফুৰিছিল ?

উত্তৰঃ- গৰু – যুজঁ ।

ড) ‘বিশ্বৰ সৌন্দৰ্য খনি !’ বুলি কবিয়ে কিহক কৈছে ?

উত্তৰঃ- নিজ গাঁওখনক ।

ঢ) তেওঁৰ গাঁওখনৰ ওচৰেৰে বৈ যোৱা নৈখনৰ নাম কি ?

উত্তৰঃ- দিখৌ নৈ ।

ণ) ‘ব্ৰহ্মাণ্ডত চালি – জাৰি কতো হলে পোৱা নাই’ ― বুলি কবিয়ে কি নোপোৱাৰ কথা কৈছে ?

উত্তৰঃ – নিজৰ গাঁৱত পোৱা সৰলতা ।

ত) ‘কমাৰফদিয়া গাঁও অসমৰ কোনখন নদীৰ পাৰত অৱস্থিত ?

উত্তৰঃ – দিখৌ নদীৰ পাৰত অৱস্থিত ।

থ) ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি আছিল ?

উত্তৰঃ- মাণিক চন্দ্ৰ নেওগ ।

দ) ইন্দ্ৰধনুৰ কবি বুলি কাক কোৱা হয় ?

উত্তৰঃ- ডিম্বেশ্বৰ নেওগক ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top