Class 12 Adv Assamese Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য

Class 12 Adv Assamese Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Advance Assamese Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য and select needs one.

Class 12 Adv Assamese Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য Solutions for All Subject, You can practice these here…

বুৰঞ্জীৰ দৌৰাত্ম্য – লক্ষ্মীনাথ বেজবৰুৱা

পাঠ:

পদ্যাংশ

চমু প্ৰশ্ন

১)  অতীত ভাৰতবৰ্ষৰ আৰ্য ঋষি মুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মক ভাৱে কোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা ।

উত্তৰঃ- ভাৰতবৰ্ষৰ আৰ্য ঋষি মুনি সকলেবুৰঞ্জী নিলিখাৰ সন্দৰ্ভত লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই তেওঁৰ  ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ নামৰ লেখাটিত তীৰ্যকভাৱে কিছু কথা উল্লেখ কৰিছে  । তেওঁ কৈছে যে ভাৰতবৰ্ষৰ ঋষি মুনি সকলে বৰ্তমান যুগৰ দৰে বুৰঞ্জী ৰচনা কৰা নাছিল । তেওঁলোকে বেদ , বেদান্ত , ষড়দর্শন  , জ্যোতিৰ্বদ্যা , আয়ুৰ্বেদ , ৰসায়ন আদি জ্ঞান – বিজ্ঞানৰ গ্ৰন্থ আৰু আধ্যাত্মিক বিদ্যাৰ গ্ৰন্থ লেখি বিখ্যাত হৈ গৈছে । ন্যায় , নীতি , পুৰাণ , সংহিতা গ্ৰন্থ আদি তেওঁলোকে অপৰ্যাপ্ত ৰচনা কৰিলে , কিন্তু তেওঁলোকে আজিৰ যি গ্ৰন্থক বুৰঞ্জী বোলা হয় , তেনে বুৰঞ্জী গ্ৰন্থ ৰচনাৰ প্ৰতি অকণো মনোযোগ নিদিলে নে তেওঁলোকৰ বিদ্যাৰেই নাটনি হল । 

ধনুৰ্বিদ্যা , নৃত্য , গীত , প্ৰভূতি চৌষষ্ঠি ক্লাছমৃদ্ধ অনেক পুথিও তেওঁলোকে ৰচনা কৰি সেইবোৰৰ শিক্ষা ছাত্ৰসকলক উৰাই – ঘূৰাই দিলে।যোগীজনসুলভ যোগ দৃষ্টিৰে তেওঁলোকে ভূত , ভৱিষ্যত , বৰ্তমান সকলোবোৰ দেখিলে । ভাৱিষ্য পুৰানো ৰচনা কৰিলে , কিন্তু কাশীনাথ ফুকন আৰু হৰকান্ত সদৰামিনৰ বুৰঞ্জীৰ নিচিনা নাইবা ইংৰাজ ফ্ৰেন্স জাৰ্মান ‘হিষ্টৰী’ প্রনেতাসকলৰ নিচিনাকৈ ইতিহাসৰ কিতাপ লিখাৰ ক্ষেত্ৰতহে তেওঁলোকে অকণো মন কান নকৰিলে । বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মক ভাবে কলে যে চকুৰ বেমাৰত চকুত বটি দিবলৈকেইতো ― তোমালোকে খোৰা বুৰঞ্জীকে এখনি লিখি থৈ যাব পাৰিলেহেঁতেন । তেওঁলোক এই ক্ষেত্ৰত কিয় নিবোকা চামোন হৈ থাকিল কব নোৱাৰি । 

২) ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ লেখাটোৰ মূল কথাখিনি তোমাৰ ভাষাত লিখি বেজবৰুৱাৰ ব্যংগাত্মক ভাৱধাৰা কেনেদৰে প্ৰকাশ পাইছে , – আলোচনা কৰা ।

অথবা

‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি ? বেজবৰুৱাই অসমীয়া বুৰঞ্জী কাৰ দাস বুলি কৈছে ? বুৰঞ্জী লিখিবলৈ গৈ অনেকে অজ্ঞাতসাৰে অসভ্য কথাটো লিপিবদ্ধ কৰাৰ কাৰণ কি ? ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ পাঠটিৰ আধাৰত চমুকৈ লিখা । 

উত্তৰঃ- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই  ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ লেখাটোত প্ৰথমতে উল্লেখ কৰিছে যে ভাৰতবৰ্ষত ঋষি মুনি সকলে বেদ , বেদান্ত , ষড়দৰ্শন , জ্যোতিৰ্বিদ্যা , আয়ুৰ্বেদ , ৰসায়ন আদি জ্ঞান বিজ্ঞানৰ গ্ৰন্থ আৰু আধ্যাত্মিক বিদ্যাৰ গ্ৰন্থ , ন্যায় , নীতি , পুৰাণ , সংহিতা , নৃত্য , গীত আদি চৌষষ্ঠি কলাৰ গ্ৰন্থকে ধৰি অসংখ্য গ্ৰন্থ ৰচনা কৰি থৈ গল । এইবোৰৰ শিক্ষাও তেওঁলোকৰ শিষ্য – প্ৰশিষ্যাদিক সুন্দৰভাৱে দিলে । অথচ আজিৰ যি বুৰঞ্জী ৰচিত হৈছে সেই বুৰঞ্জী ৰচনা কৰিবলৈ তেওঁলোকে অকণো মন কান নকৰিলে নে বুৰঞ্জী এখন ৰচনা কৰিবলৈ তেওঁলোকৰ বিদ্যাৰ নাটনি হল বুলি বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মক ভাবে উল্লেখ কৰিছে ।

অভাৰতীয় বিদেশীয়ে কোৱা – মেলা কৰে যে ভাৰতীয়সকলৰ Historical sense অৰ্থাৎ বুৰঞ্জী জ্ঞানৰ অভাৱ । এই কথা কিন্তু বেজবৰুৱাদেৱে মানি লব খোজা নাই । তেওঁ নিজকে পণ্ডিত বুলি নকলেও তেওঁ কিন্তু পুৰাণ , ভাৰত আৰু বুৰঞ্জী ইতিহাসৰ ৰত্নাৱলী অনেক  পঢ়িছে । পুৰাণবোৰ ভঙুৱাৰ গল্প , কানীয়াৰ কীৰ্তন নাইবা মতলীয়াৰ অপলাপ বা প্ৰলাপ বুলি তেওঁ কেতিয়াও নাভাবে । তেওঁৰ দৃঢ় বিশ্বাস যে পুৰাণ বোৰ আধ্যাত্মিক জীৱনৰ অমূল্য ইতিহাস আৰু অক্ষয় অব্যয় সেই বাঞ্ছিতৰ জীৱনৰ বুৰঞ্জী । অৱশ্যে বৰ্তমানৰ বুৰঞ্জীকহে যিয়ে প্ৰকৃত বুৰঞ্জী বুলি বিশ্বাস কৰে তেওঁলোকে হয়তো বেজবৰুৱাই পুৰাণবোৰকো বুৰঞ্জী বোলা কথাষাৰ ঢিলিকতে উৰুৱাই দিব । তথাপি বেজবৰুৱাই ইয়াৰ বাবে অনুশোচনা নকৰে । 

মুঠতে বেজবৰুৱাই বিশ্বাস কৰে আগৰ কানীয়া ঋষি মুনি জ্ঞানীসকলে আমাক যিহকে লাগে তাকে দি গল , আৰু তাকে লৈ আমি বৰ্তমান বৰ্তি আছোঁহক । সেই কাৰণেই পুৰাণক কল্পতৰু বুলি আখ্যা দিয়া হৈছে ।

আজিৰ হিচাপ মতে পুৰাণ বুৰঞ্জী নহলেও ই সকলোবোৰ লাগতিয়াল সংবাদৰ ৰহঘৰা । সেই সংবাদ হৈছে – ধৰ্ম , কৰ্ম সম্পৰ্কীয় আধ্যাত্মিক উন্নতি পৰকালৰ মহাবিত্ত লভি সংসাৰৰ কৰ্ম – বন্ধনৰ পৰা মুক্তি লাভ কৰাৰ , পৰম বিষ্ণুপদ লভিবৰ সংবাদ । অকল এয়ে নহয় , ইয়াত আছে পৰমপদ লভিবৰ উদ্দেশ্যে উদাহৰণ , আৰ্হি , উপাখ্যান ৰূপক , নীতি আৰু সজ উপদেশ আৰু সেই সম্পৰ্কে ইতিহাস , ভূগোল , বংশৱলী আদিৰ বৰ্ণনা । সেই কাৰণেই বেজবৰুৱাৰ কাৰণে পুৰাণ is a mine of wealth , অৰ্থাৎ ৰত্নৰ ভাণ্ডাৰ । তদুপৰি পুৰাণত আছে পুণ্যশ্লোক ভগৱন্তৰ গুণানুকীৰ্তনৰ অৰ্থে ঈশ্বৰ পৰায়ন সাধুসকলৰ চৰিত্ৰ আৰু কাৰ্যকলাপৰ বিৱৰণ । 

ঈশ্বৰৰ গুণ – চৰিত্ৰৰ সৈতে সম্পৰ্ক নথকা কোনো লোকৰে তাত কাৰ্যকলাপ , যুদ্ধ – বিগ্ৰহ , বংশৱলী , জন্ম তাৰিখ আদি একেবাৰে অসাৰ্থক আৰু অবান্তৰ বুলি ঋষি মুনি সকলে উল্লেখ কৰা নাই । কিয়নো এনেবোৰ বিৱৰণত যদি বিপক্ষৰ মানুহে লেখে তাত অনেক অসত্যও সোমাই পৰে । যুদ্ধ বিগ্ৰহৰ এনে অতিৰঞ্জিত আৰু অসত্য বিৱৰণৰ উদাহৰণ অনেক আছে আৰু একেটা ঘটনা বা কাহিনীৰে বিভিন্নজনৰ লিখনিত বেলেগ বেলেগ । আনকি নিজৰ ধৰ্ম আৰু ধৰ্মগুৰুজনাহে উত্তম , আনবোৰ ধৰ্ম আৰু ধৰ্মগুৰু উত্তমতো নহয়েই লায়কৰো নহয় বুলি ধাৰণা কৰা লোকৰো অভাৱ নাই । এয়া একেবাৰে উচিত থকা নহয় । আত্মজীৱনী লেখকসকলৰ কোনো কোনোৱে নিজকে বৰটো আৰু আনসকলৰ জৰ্জৰিত উঠি অহা বুলিও নভবা নহয় । এনে বুৰঞ্জী বা আত্মজীৱনীৰ কোনো অৰ্থ নাই বুলি বেজবৰুৱাই বিশ্বাস কৰে ।

বুৰঞ্জী আহোমসকলৰ দান । ইয়াত সাধাৰণতে মুখ্য মুখ্য কিছুমান সৰ্ববাদীসন্মত কথাৰ বাহিৰে স্ববংশ আৰু স্বজনৰ জয়জয়কাৰ , আৰাও আৰু যাক ভাল পোৱা নাযায় তাৰ কলংক আৰু অধঃপতনৰ ঠেলা আদিৰ বিৱৰণ পোৱা গৈছিল । এনে অনেক বুৰঞ্জী সেই সময়ত ৰচিত হৈছিল যতিও ভালেমান বুৰঞ্জী পুৰিও পেলাইছিল ।

অনেকে বুৰঞ্জী লিখিবলৈ গৈ অনাৰ কথা শুনি বা চকুত যি পৰে তাৰ সত্যাসত্য বিচাৰ নকৰি লেখাৰ কাৰণেই কিছুমান বুৰঞ্জীত নানা অসত্য কথাও সোমাই পৰে । সেই কাৰণেই বুৰঞ্জীৰ অনেক কথাৰ প্ৰকৃত সত্য উদ্ঘাটন কৰাটো টান হৈ পৰে ।  বেজবৰুৱাই এইকাৰনেই কৈছে যে বুৰঞ্জী বিহীন প্ৰাচীন আৰ্য হিন্দুজাতি আজিও জীয়াই আছে কিছু বুৰঞ্জীৰ মেতমৰা প্ৰাচ্য আৰু পাশ্চাত্যৰ অনেক জাতি বিলুপ্ত হৈছে । 

বেজবৰুৱা ডাঙৰীয়াই তেওঁৰ লেখাটো ব্যংগাত্মক ভাৱধাৰাৰে উপস্থাপন কৰিছে । প্ৰথমে প্ৰাচীন ঋষি মুনি সকলে আজিৰ যি বুৰঞ্জী সেই বুৰঞ্জী নিলিখাৰ কাৰণে ইমানবোৰ পুৰাণ , বেদ , বেদন্তাদি শাস্ত্ৰ লিখা সেইসকলৰ বুৰঞ্জী লিখাৰ কাৰণে বিদ্যাৰ নাটনি পৰিল নেকি বুলি কৈছে।তেওঁলোকেনো অন্ততঃ চকুত বেমাৰত চকুৰ বটি দিবলৈকে খোৰা বুৰঞ্জী এখন লেখি থৈ যাব নাপায় নে ?

তাৰ পিছত পুৰাণবিলাক যে এক প্ৰকাৰ বুৰঞ্জীয়েই এই কথা বেজবৰুৱাই যুক্তিসহকাৰে দাঙি ধৰোঁতে ব্যংগ কৰি কৈছে যে পুৰাণ বিলাক  ‘ভঙুৱাৰ গল্প , কানীয়াৰ কীৰ্তন নাইবা মতলীয়াৰ অপলাপ বা প্ৰলাপ’ নহয় । আমাৰ পণ্ডিতসকলৰ হিচাপমতে ক বুলিব পাৰিলোঁ বা নোৱাৰাকৈ – বুলি কিছুমান পণ্ডিতৰ আনৰ প্ৰতি থকা হেয়জ্ঞান ভাবৰ কথা ব্যংগ কৰিছে । তেওঁ এই ক্ষেত্ৰত তেনে পণ্ডিতক ব্যংগ কৰি হাল বোৱাৰে পৰা জবকাৰে জাৱৰ টানি , বোকাত ভূঁই ৰুই খেতি কৰি পোৱা আনন্দৰ শইচৰ কথাৰে মহাপুৰুষৰ এটি পদৰো উদাহৰণ দিছে । 

ইয়াৰ পিছত ‘মোৰ এই গেন্ধেলা মুখৰ পৰা ওলোৱা গেন্ধেলা কথা’ , ‘আমাৰ সেই কাৰ্যত ৰাম বিষ্ণু বা আল্লা খোদা বুলিবলৈ একোকে নাই’ , ‘ৰত্ন চিনি নোপোৱা হনুমন্তৰ নিমিত্তে যি অকিঞ্চিৎকৰ পাথৰ’ , ‘নিজৰ পো – টো অঘাইটং হলেও মাকৰ চকুত সি সোনামুৱা , আৰু পৰৰ পো – হে লাঠুৱা জহনীত যোৱা’ , ‘মোৰ গুৰুজনা বৈকুণ্ঠৰ পৰা সোঁশৰীৰে সোণৰ জখলাইদি নামি আহিছে আৰু তোমাৰজনা বাঁহ তলৰ  খালত থকা এডোঙা পানীৰ পৰা পূৰ্বকায় পৰিত্যাগ কৰি জপিয়াই পৰাত উঠা ভেকুলীৰ পোৱালি । মোৰ গুৰুজনাহে তোমাৰ পথপ্ৰদর্শক । তোমাৰ জনা তেওঁৰ পাছে পাছে কমলি ধৰি যোৱা লেমঢৌ । মোৰ অৱলম্বিত ধৰ্ম সত্যৰ দানা বন্ধা মিচিৰি , তোমাৰ ধৰ্ম নাক জনজনাই যোৱা পানী কাহুদী ।’ ― আদি অনেক ব্যংগাত্মক কথাৰে আজিৰ মানুহৰ , আজিৰ কেতবোৰ পণ্ডিতৰ মনোভাব আৰু চৰিত্ৰ প্ৰকাশ কৰিছে । আজিৰ নিজক সাধু মহন্ত বোলোওতা কিছুমান লোকে মুখেৰে গীতা –  ভাগবত মতি সত্যৰ গুৰি ধৰোঁতা হৈ কাৰ্যত  সেইবোৰ  ‘সোপায়ং নাম : ‘ কৰি মিছাৰ আশ্ৰয় লোৱাৰ কথাকো তেওঁ ব্যংগ কৰিছে । আত্মজীৱনী লেখকসকলকো তেওঁ ব্যংগ কৰিবলৈ এৰা নাই । এইসকল লেখকে যে নিজকে কলিকতিয়া বাবু আৰু উচৰচুবুৰীয়াক পৰুৱা আৰু উই হাফলু ভাবে ― এই কথাও ব্যংগভাবে ব্যক্ত কৰিছে । 

আহোমসকলে বুৰঞ্জী লিখাৰ ক্ষেত্ৰতো যে কিছুমান খুট ৰৈ গৈছিল তাকো তেওঁ ব্যংগাত্মক ভাবে উল্লেখ কৰিছে । মিছলিয়া নহলে সৰৱজান নহয় বুলি কণাই হাতী দেখা সাধুটোৰ কথা উল্লেখ কৰিছে । লেলাই – ধেন্ধাই হলেও প্ৰাচীন আৰ্য হিন্দু জাতি যে আজিও জীয়াই আছে , আৰু বুৰঞ্জী লেখক তথা প্ৰাচ্য – প্ৰাশ্চাত্য অনেক জাতি যে কালৰ বুকুত হেৰাই গৈছে ― এই কথাৰেও বুৰঞ্জীৰ সত্যা – সত্যক বেজবৰুৱাই ব্যংগাত্মক ভাৱে ব্যক্ত কৰিছে । 

এনেদৰে  ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ লেখাটোত বেজবৰুৱাৰ ব্যংগাত্মক ভাব ধাৰা প্ৰকাশ পাইছে ।

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

৩) ‘ সেই দেখি আমাৰ পৰম জ্ঞানী ঋষি – মুনি সকলে তেনে অস্বাৰ্থক মূল বুৰঞ্জী আৰু ইতিহাসত হাত দি সেইবোৰ কটা – ছিঙাকৈ এৰি হৈছে ।’ 

অতীত ভাৰতৰ ঋষি – মুনি সকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই কোৱা কথাখিনি নিজৰ ভাষাত লিখা ।

অথবা

প্ৰাচীন ভাৰতীয় ঋষি মুনি মণ্ডিত সকলে কোনে ধৰণৰ গ্ৰন্থ লিখি থৈ গৈছে , ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ পাঠৰ আধাৰত আলোচনা কৰা ।অথবা ,  ‘মুঠতে কও আগৰ কলীয়া জ্ঞানীসকলে আমাক যিহকে লগে তাকেই দি গৈছিল’ ―  ‘বুৰঞ্জীৰ দৌৰাত্ম্য’  পাঠৰ আধাৰত কথাষাৰ বিশ্লেষণ কৰা ।

উত্তৰঃ- ‘বুৰঞ্জীৰ দৌৰাত্ম্য’  শীৰ্ষক পাঠত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই মত প্ৰকাশ কৰিছে যে আজি কালি আমি যাক বুৰঞ্জী বোলোহক , অতীত ভাৰতৰ ঋষি মুনি সকলে তেনে বুৰঞ্জী বা ইতিহাস ৰচনা কৰা নাছিল । যিসকল ঋষি মুনিয়ে বেদ , বেদান্ত ষড়দর্শন জ্যোতিবিৰদ্যা , আয়ুৰ্বেদ , ৰসায়ন আদি জ্ঞান বিজ্ঞানৰ গ্ৰন্থ ৰচনা কৰিছিল , ন্যায় – নীতি পুনৰ , সংহিতা আদিও ৰচনা কৰিছিল তেওঁলোকে বুৰঞ্জী ৰচনাত কিয় হাত দিয়া নাছিল , সেই কথাই লেখকৰ মনত নানা প্ৰশ্নৰ অৱতাৰণা কৰিছে । কোনো কোনো অভাৰতীয় বিদেশীয়ে কোৱা শুনা যায় যে ভাৰতীয় সকলৰ Historical sense অৰ্থাৎ বুৰঞ্জী – জ্ঞানৰ অভাৱ আছিল । কিন্তু লেখকে কৈছে ই সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় । 

লেখকে স্পষ্ট ভাৱে কৈছে যে অতীত ভাৰতৰ ঋষি মুনি সকলে ৰচনা কৰা পুৰাণ বোৰ ভঙুৱাৰ গল্প , কানীয়াৰ কীৰ্ত্তন নাইবা মতলীয়াৰ অপলাপ বা প্ৰলাপ নাই । বৰং লেখকৰ দৃঢ় বিশ্বাস যে পুৰাণ বোৰ আধ্যাত্মিক জীৱনৰ অমূল্য ইতিহাসহে আৰু অক্ষয় অব্যয় সেই বাঞ্ছিত্যৰ জীৱন বুৰঞ্জী । পুৰাণ বোৰ পাৰ্থিৱ সম্পৰ্কৰ মুখ্য উদ্দেশ্য কৰি লিখিত নহয় । পুৰাণ বোৰত পৰম পদ লভিবৰ নিমিত্তে উদাহৰণ , আৰ্হি , উপাখ্যান , ৰূপক নীতি আৰু সজ উপদেশ আদি প্ৰয়োজনীয় সকলো বস্তুৰে বিৱৰণ আছে । ইচ্ছাৰৰ গুণ – চৰিত্ৰৰ লগত সম্পৰ্কৰহিত অকল মানুহৰ কাৰ্য কলাপ , যুদ্ধ বিগ্ৰহ , তাৰ – বাৰ – তাৰিখ , কোনোলোকৰ জীৱন – চৰিত ইত্যাদি পদাৰ্থ প্ৰাচীন ঋষি মুনি সকলে লিপিবদ্ধ নকৰিছিল । কাৰণ , তেওঁলোকৰ হিচাপত সেইবোৰ অপদাৰ্থ আৰু অসাৰ্থক আৰু ঘাইকৈ পক্ষপাত দোষত ঘোৰ দোষী হবৰ সম্ভাৱনা থকা। সাম্প্ৰতিক কালত বিভিন্ন জাতিৰ ইতিহাস বা বুৰঞ্জীত সত্যৰ অপলাপ লক্ষ্য কৰা যায় । এটা পক্ষৰ যুদ্ধৰ কাহিনী বিপক্ষৰ লেখকে লিখিলেই তাত অসত্যতাই ঠাই পাই । এপক্ষৰ বীৰত্বৰ বুৰঞ্জী আন পক্ষৰ হাতত বিপৰ্যস্ত হৈ ওলোটা হয় । তাৰ উদাহৰণ স্বৰূপে লেখকে ইংৰাজৰ লেখকে লিখা মহাবীৰ নিপুলিয়ন বোনাপাৰ্টৰ জীৱন চৰিত্ৰৰ কথা কৈছে । একেদৰে প্ৰথম যুদ্ধৰ ইংৰাজ আৰু জাৰ্মান লেখকে লিখা বিৱৰণ পঢ়িলেই এই পাৰ্থক্য ওলাই পৰে । এইবোৰ কাৰণতে আমাৰ প্ৰাচীন ভাতৰত ঋষি মুনি সকলে তেনে অস্বাৰ্থক মূল বুৰঞ্জী বা ইতিহাস হাত নিদি সেইবোৰ কটা – ছিঙাকৈ এৰি গৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top