Class 12 Adv Assamese Chapter 5 কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী

Class 12 Adv Assamese Chapter 5 কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 5 কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী and select needs one.

Class 12 Advance Assamese Chapter 5 কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 5 কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী Solutions for All Subject, You can practice these here…

কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী – জ্যোতিপ্ৰসাদ আগৰৱালা

পাঠ:

পদ্যাংশ

চমু প্ৰশ্ন

১)  মহাদেৱৰ গুণ আৰু কাৰ্য কাঞ্চনজঙঘাত কিয় আৰোপ কৰা হৈছে ?

অথবা ,

‘মই কাঞ্চন জঙ্ঘা 

            তুষাৰ শুভ্ৰ শিৰ

            ময়ে অভ্ৰভেদী বীৰ’

ইয়াত কাঞ্চনজংঘাত কাৰ গুণ আৰোপ কৰা হৈছে আৰু কিয় আৰোপ কৰা হৈছে ?

উত্তৰঃ- মহাদেৱৰ গুণ আৰু কাৰ্য কাঞ্চনজংঘাত কবিয়ে আৰোপ কৰিছে।মহাদেৱৰ সৰ্বশৰীৰ ভস্মৰে ধুসৰিত । সেইদৰে কাঞ্চনজংঘাৰ দেহাও বৰফাবৃত প্ৰায় ধূসৰিত । ধ্যানস্থ মহাদেৱ শত বিপর্যয় , প্ৰাকৃতিক দুৰ্যোগ আদিতো অলৰ  – অচৰ থকাৰ দৰে কাঞ্চনজংঘাৰ ওপৰেদি তেনে কত শত বিপর্যয় – ধুমুহা আদি বাগৰি গলেও চিৰদিন থিৰ , অলৰ – অচৰ । মহাযোগী মহাদেৱৰ শিৰ জঁটাৰে আবৃত আৰু সেই জঁটাৰ পৰা পুতজল নিৰ্গত হৈ গংগা নামে অবিৰল কলকল ধ্বনিৰে বৈ আছে । কাঞ্চনজংঘাৰো জঁটা স্বৰূপ তুষাৰাবৃত শুভ্ৰ শিৰৰ পৰা  ‘ঝৰি নিজৰ নিজৰি’ অহৰহভাৱে সুৰধ্বনি গংগা বৈ আছে । 

এনেদৰেই কবিয়ে মহাদেৱৰ গুণ আৰু কাৰ্যৰ লগত মিল থকা কাৰণেই মহাদেৱৰ সেই গুণ আৰু কাৰ্যক কাঞ্চনজংঘাত আৰোপ কৰিছে । 

২) কাঞ্চনজংঘাক ভাৰতবৰ্ষৰ অতীত বৰ্তমানৰ সাক্ষী কিয় কৰা হৈছে ?

উত্তৰঃ- ভাৰতবৰ্ষৰ শিৰৰ মুকুট হিচাপে জিলিকি থাকি ভাৰতবৰ্ষৰ অতীত বৰ্তমানৰ সাক্ষীৰূপে কাঞ্চনজংঘা অতীতৰে পৰা বৰ্তমানলৈ আৰু বৰ্তমানৰ পৰা ভৱিষ্যতলৈ উত্তৰ দিশত থিয় দি আছে । ভাৰতবৰ্ষত অতীতৰে পৰা বৰ্তমানলৈ ঘটিছে , কি কি হৈছে , সভ্যতাৰ পৰিবৰ্তন কেনেদৰে ঘটিছে  ― এই সকলৰ সাক্ষী কাঞ্চনজংঘা । এই সুদীৰ্ঘ সময়ছোৱাত আন বহুতৰে লয় আৰু পৰিবৰ্তন হলেও কাঞ্চনজংঘাৰ লয় হোৱা নাই , পৰিবৰ্তন হোৱা নাই , ই এনেদৰেই থিৰ হৈ আছে । সেই কাৰণেই কাঞ্চনজংঘাই ভাৰতবৰ্ষৰ সকলো কথাৰে প্ৰত্যক্ষদৰ্শী আৰু সকলো কথাৰে সাক্ষী হৈ ৰৈ আছে , ভাৰতৰ সভ্যতা সংস্কৃতি কি আছিল আৰু বৰ্তমান ইয়াৰ কেনেদৰে পৰিবৰ্তন ঘটিছে , ভাৰতীয় মানুহে ইয়াত কেনেদৰে হাঁহি আৰু কান্দোনৰ নৱ নৱ খেলাৰ  ‘বিচিত্ৰ মেলা’ পাতিব লাগিছে ― এই সকলোৰে সাক্ষী কাঞ্চনজংঘা । 

কাঞ্চনজংঘা এইদৰেই ভাৰতবৰ্ষৰ অতীত বৰ্তমানৰ সাক্ষী হৈ আছে আৰু ভৱিষ্যত লৈও থাকিব । যুগৰ পৰিৱৰ্তনে ভাৰতবৰ্ষৰ স্বৰূপ সলনি কৰিলেও , সভ্যতাৰ পথত ধাৱমান হলেও অতীত বৰ্তমান আৰু হয়তো ভৱিষ্যতেও সুৰধনী গঙ্গাৰ দৰে কাঞ্চনজংঘাও ৰৈ আছে আৰু ৰৈ থাকিব।

৩) মানুহক  ‘প্ৰকৃতিৰ অভিনয় পুতলা’ বুলি কিয় কৈছে ?

উত্তৰঃ- মানুহক  ‘প্ৰকৃতি অভিনয় মানপী পুতলা’ বুলি এই কাৰণেই কোৱা হৈছে যে ‘প্ৰকৃতিৰ বুকুত মানুহে নানা ৰূপত অভিনয়ত ভাও লোৱাৰ দৰে বিচিত্ৰ মেলা পাতি হাঁহি আৰু কান্দোনৰ নৱ নৱ খেলা খেলি আছে । প্ৰকৃতিৰ বুকুত অৰ্থাৎ কাঞ্চনজংঘাৰ উপৰলৈ মানুহ পুতলাৰ দৰে উঠিছে আৰু নামিছে । ৰূপান্তৰেদি আহি মানুহে বৰণ সলাই ভাৰতৰ মঞ্চত হাঁহিছে , নাচিছে , নিজৰ কৰ্তব্য পথত কাম কৰি আছে । নতুন নতুন সভ্যতা – সংস্কৃতিৰ পোছাক পিন্ধি যুগৰ , কালৰ সুৰধনীৰে সৰুযৰ কিৰণ পৰি সোণালী হৈ পৰা ধূলিৰ মাজেৰেই পুৰণিক ভাঙি নতুনক গঢ়িব লাগিছে । এনেদৰেই প্ৰকৃতিৰ বুকুত মানুহে যুগে যুগে সুৰধনী গঙ্গাৰ দৰে অহৰহ সভ্যতাৰ ভঙা – গঢ়াৰ অভিনয় কৰাৰ কাৰণেই মানুহক প্ৰকৃতিৰ অভিনয় মানপী পুতলা বুলি কৈছে ।

৪) প্ৰাচীন আৰু নতুন ভাৰতৰ ছবি কবিয়ে কেনেদৰে কবিতাটিত দাঙি ধৰিছে ? অথবা , ‘ভাৰতবৰ্ষ

                        দেখি – শুনি জাগে মোৰ বিষাদতে হৰ্ষ ।’ 

― কবিতাফাকিৰ তাৎপৰ্য ফঁহিয়াই দেখুওৱা ।

উত্তৰঃ- প্ৰাচীন ভাৰতবৰ্ষত মানুহে প্ৰকৃতিৰ বুকুত নানা বচিত্ৰ মেলা পাতি , হাঁহি – কান্দোনৰ নৱ নৱ খেলা ‘ খেলি জীৱন কটাইছিল । জুহালত বহি অতীতৰ কত বুৰঞ্জী , সাধুকথা কৈছিল , শুনিছিল । চাৰিওফালৰ প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যই সকলোকে মুহিছিল । 

নতুন ভাৰতবৰ্ষৰ সভ্যতাই নতুন ৰূপ পৰিগ্ৰহন কৰিলে । পুৰণি সভ্যতা- সংস্কৃতিক নতুনৰ সোণোৱালী ধূলাই ঢাকি ধৰিলে , নতুনে পুৰণিক ভাঙি তাতেই গঢ়ি তুলিলে নৱযুগৰ নৱ সভ্যতাৰ অংগ । ৰূপান্তৰৰ মাজেদি নতুনৰ পিনে , উদিত সূৰ্যৰ পিনে ভাৰত আজি ধাবিত।ইয়াকে দেখি কবিয়ে বিষাদৰে আনন্দ লাভ কৰে ।

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top