Class 12 Adv Assamese Chapter 2 মানৱ বন্দনা

Class 12 Adv Assamese Chapter 2 মানৱ বন্দনা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Advance Assamese Chapter 2 মানৱ বন্দনা and select needs one.

Class 12 Adv Assamese Chapter 2 মানৱ বন্দনা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 2 মানৱ বন্দনা Solutions for All Subject, You can practice these here.

মানৱ বন্দনা

পাঠ: ২

পদ্যাংশ

চমু প্ৰশ্ন

১) ‘মানৱ বন্দনা’  কবিতাটিৰ অন্তর্নিহিত সাৰমৰ্মৰ আভাস দিয়া । 

অথবা ,

মানৱ বন্দনা কবিতাটিৰ মাজেৰে কবিয়ে কিদৰে মানুহৰ জয়গান গাইছে , লিখা ।

উত্তৰঃ- ‘মানৱ – বন্দনা’  কবিতাটিত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই এই সংসাৰত মানুহৰ জন্ম , মৃত্যু আৰু প্ৰাণীশ্ৰেষ্ঠ মানুহৰ প্ৰকৃত কৰ্তব্য তথা মানুহৰ প্ৰতি মানুহৰ কৰ্তব্যৰ কথা উল্লেখ কৰিছে ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

এই পৃথিৱীলৈ মানুহ অহৰহ চামে চামে আহিয়েই আছে আৰু পৃথিৱীৰ পৰা সেইদৰে গৈয়েই আছে , অৰ্থাৎ পৃথিৱীত মানুহৰ অহৰহ জন্ম হৈ আছে , সেইদৰে মৃত্যুও হৈ আছে ।  ‘ময়াপি জীৱ’  হিচাপে এচাম জন্মিছে আৰু এচামৰ মৃত্যু হৈছে । পৃথিৱী জনশূন্য কেতিয়াও হোৱা নাই , সেয়ে পৃথিৱীক  ‘মৰত’  অৰ্থাৎ মৃত্যুময় ঠাই বুলি কোৱাৰ কোনো অৰ্থ নাই , কিয়নো পৃথিৱীত জন্ম মৃত্যুৰ সোতৰ কেতিয়াও অন্ত নহয় । সেই কাৰণে মানুহে পৃথিৱীত জীয়াই থকাকেইদিন মানুহৰ কাম কৰিব লাগে – মানুহে মানুহৰ মৰম বুজিব লাগে । মানুহে মানুহৰ প্ৰতি কৰা মৰম , চেনেহ দয়াই হৈছে মানুহৰ প্ৰকৃত ধৰ্ম । এই পৃথিৱীত মানুহেই হৈছে মানুহৰ সংগ বা লগ ; – । মানুহেই হৈছে মানুহৰ বাবে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ  ― পৰম সত্য । মানুহে মানুহৰ প্ৰতি এনেভাব পোষণ কৰিলে মানুহে এই পৃথিৱীকে স্বৰ্গতকৈয়ো অধিক বুলি অনুভৱ কৰিব , এই পৃথিৱীকে নিজৰ ঘৰ বুলি ভাবিব পাৰিব । এই পৃথিৱীত মানুহৰ বাবে মানুহ বিনে আৰু কোনো নাই , মানুহৰ বাবে মানুহেই দেৱতা , মানুহেই সেৱাৰ যোগ্য । সেই কাৰণে পাদ্য –  অৰ্য্য লৈ মানুহে মানুহকেই পূজা – সেৱা কৰিব লাগে , অৰ্থাৎ মানুহে মানুহৰ কল্যাণৰ কাৰণে কাম কৰাটো উচিত । 

২)  ‘এই যে পৃথিৱী         স্বৰ্গতো অধিক 

             মানুহৰ নিজাপি ঘৰ ।’ 

―  কবিয়ে কিয় , কি প্ৰসংগত এনেদৰে কৈছে ? কবিয়ে ইয়াৰ দ্বাৰা মানুহক কি উপদেশ দিব খুজিছে ?

উত্তৰঃ- এই পৃথিৱীত চামে চামে মানুহৰ জন্ম হব লাগিছে আৰু সেইদৰে চামে চামে মানুহৰ মৃত্যুও হৈ আছে । মানুহৰ পৃথিৱীলৈ এই অহা – যোৱাৰ সোতৰ কাহানিও অন্ত পৰা নাই – অন্ত নপৰে । সেই কাৰণে পৃথিৱীখন মানুহৰ  ‘নিজাপি ঘৰ’ । মানুহৰ এই  ‘নিজাপি ঘৰ’ পৃথিৱী মানুহে মানুহৰ প্ৰতি মৰমীয়াল হলে , দয়াশীল হলে , মানুহক দেৱতাৰ দৰে সেৱা – পূজা কৰিলে পৃথিৱীখন মানুহৰ কাৰণে স্বৰ্গতো অধিক সুখকৰ আৰু মনোৰম হৈ পৰিব । এই প্ৰসংগতে কবিয়ে এনেদৰে কৈছে আৰু সেয়ে পৃথিৱীত মানুহেই মানুহৰ লগ – সংগ , মানুহেই শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ , পৰম সত্য  ― মানুহবিনে সেৱাৰ যোগ্য আৰু কোনো নাই , এই কথা ভাবি সকলোকে মানুহৰ কল্যাণৰ কাৰণে সেৱা আগবঢ়াবলৈ কবিয়ে উপদেশ দিছে ।

৩) প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ―

ক)  ‘মানুহেই দেৱ       মানুহেই দেৱ 

             মানুহ বিনে নাই কেৱ ।’

অথবা , ‘মানুহেই লগ      মানুহেই সংগ 

             মানুহেই পৰাৎপৰ , 

এই যে পৃথিৱী     স্বৰ্গতো অধিক 

             মানুহৰ নিজাপি ঘৰ ।’ 

উত্তৰঃ- উৰ্ধত কবিতাফাকি ৰোমান্টিক তথা  ‘জোনাকী যোগ’ৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত  ‘মানৱ বন্দনা’ কবিতাটি অন্তৰ্গত ।

এই পৃথিৱীত প্ৰাণীশ্ৰেষ্ঠ মানুহৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰিবলৈ কবিতাফাকিত কবিয়ে এনেদৰে উল্লেখ কৰিছে । 

এই পৃথিৱীত মানুহৰ চামে চামে জন্ম আৰু মৃত্যু হব লাগিছে । পৃথিৱীৰ পৰা মানুহৰ এই সোতৰ অন্ত কোনোদিন হোৱা নাই আৰু নহয়ো । সেয়ে মানুহৰ  ‘নিজাপী ঘৰ’ এই পৃথিৱীত মানুহেই হৈছে শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ – পৰম সত্য । সেয়ে মানুহৰ কাৰণে মানুহেই হৈছে পৰম দেৱতাস্বৰূপ আৰু একমাত্ৰ সেৱাৰ যোগ্য । মৰম – চেনেহ , প্ৰেম – প্ৰীতিৰে মানুহে মানুহৰ সেৱা – পূজা কৰিলে , অৰ্থাৎ মানুহে মানুহৰ কল্যাণৰ কাৰণে সেৱা আগবঢ়ালে  , কাম কৰিলে পৃথিৱীখনেই মানুহৰ কাৰণে স্বৰ্গতো অধিক সুখকৰ হৈ পৰিব , পৃথিৱী সুখ – শান্তিৰে পৰিপূৰ্ণ হব ।

খ)  ‘মানুহৰ মৰম     বুজিব মানুহে 

                ধৰম যে মৰমতে ।’

উত্তৰঃ- উৰ্ধত কবিতাফাকি জোনাকী যুগৰ প্ৰখ্যাত কবি চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত  ‘মানৱ – বন্দনা’  কবিতাটিৰ অন্তৰ্গত ।

মানুহ মানুহৰ প্ৰতি কেনে হোৱা উচিত আৰু মানুহৰণো প্ৰকৃত ধৰ্ম কি এই সম্পৰ্কে কবলৈ গৈ কবিয়ে কবিতাফাকিত এনেদৰে উল্লেখ কৰিছে।

এই পৃথিৱীত মানুহৰ জন্ম মৃত্যুৰ অহৰহ এটি সোত বৈ আছে।এই সোতৰ কোনোদিন অন্ত হোৱা নাই।অর্থ্যাৎ পৃথিৱীত মানুহৰ অন্ত হোৱা নাই । গতিকে পৃথিৱীখন মানুহৰ  ‘নিজাপী ঘৰ’।এই নিজাপী ঘৰত অৰ্থাৎ পৃথিৱীত মানুহৰ কাৰণে মানুহেই শ্রেষ্টতকৈয়ো শ্ৰেষ্ঠ , পৰম সত্য। আনহাতে পৃথিৱীত মানুহেই মানুহৰ একমাত্ৰ সংগ , লগ । সেয়ে মানুহে মানুহৰ মৰম বুজিব লাগে , মানুহে মানুহৰ  প্ৰতি দয়াশীল , মৰমীয়াল হব লাগে । মানুহৰ প্ৰতি মানুহৰ মৰমেই হৈছে মানুহৰ পৰম ধৰ্ম । এই ধৰ্মই দ্বাৰাই পৃথিৱীক স্বৰ্গটো অধিক সুখকৰ কৰিব পৰা যায় , পৃথিৱীক সুখ – শান্তিৰে পৰিপূৰ্ণ কৰিব পৰা যায় ।

৪) চমু উত্তৰ দিয়া :

ক)  আহিছে মানুহ           গৈছে মানুহ 

               মানুহ মায়পী জীৱ ।

― মানুহক  ‘মায়পী জীৱ’  বুলি কিয় কৈছে বুজাই লিখা ।

উত্তৰঃ- এই পৃথিৱীলৈ চামে চামে মানুহ আহিছে আৰু গৈছে , অৰ্থাৎ মানুহ জন্মি আছে । আৰু মানুহৰ মৃত্যুও হৈ আছে । এই জন্ম মৃত্যু সোতৰ কোনো কোলেই অন্ত হোৱা নাই । মানুহে পৃথিৱী মোহ এৰিব নোৱাৰে । মানুহে পৃথিৱীত পৰা গুচি গলেও পৃথিৱীলৈ পুনৰ আহিছে । পৃথিৱীৰ প্ৰতি থকা মোহৰ কাৰণেই পৃথিৱীলৈ মানুহৰ এই অহা যোৱা । কবিয়ে এই কাৰণেই  ‘মানুহ মায়পী জীৱ’ বুলি কৈছে । 

খ) ‘মায়পী জনম দিয়া উটুৱাই’ ― বুলি কবিয়ে কিহৰ কথা কৈছে ― বুজাই লিখা ।

উত্তৰঃ- এই পৃথিৱীত মানুহৰ সোতৰ অন্ত নাই । মানুহ আহি আছে গৈ আছে , অৰ্থাৎ চামে চামে মানো জন্মি আছে , চামে চানে মানুহ মৰি আছে । সেই কাৰণেই পৃথিৱীত মানুহ শূণ্য হোৱা নাই । মানুহেৰে পৃথিৱী পূৰ হৈয়েই আছে । মানুহৰ কাৰণে পৃথিৱী  ‘নিজাপী ঘৰ’ । পৃথিৱীত মানুহেই মানুহৰ লগ , মানুহৰ সংগ । সেই কাৰণে মানুহে মানুহৰ মৰম বুজিব লাগে , মানুহৰ প্ৰতি মানুহৰ মৰমেই প্ৰকৃত ধৰম । মানুহে মানুহৰ কামত অৰ্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰি , মানুহৰ সেৱা কৰি জীৱন অতিবাহিত কৰিব লাগে । তেতিয়াহে পৃথিৱী স্বৰ্গতো অধিক সুখকৰ হৈ পৰিব ।

গ) ‘কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই’ বুলি কবিয়ে কাক পূজা কৰাৰ কথা কৈছে বুজাই লিখা ।

উত্তৰঃ- ‘কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই’ বুলি কবিয়ে মানুহে মানুহকেই পূজা কৰাৰ কথা কৈছে ।

পৃথিৱীলৈ মানুহৰ জন্ম মৃত্যুৰ এটি অহৰহ বৈ আছে । এচাম মৃত্যু হলেও এচামৰ জন্ম হৈছে । পৃথিৱীত মানুহ শূণ্য হোৱা নাই । ইয়াত মানুহৰ একমাত্ৰ সংগী হল মানুহ । মানুহৰ বাবে মানুহতকৈ শ্ৰেষ্ঠ কোনো নাই । সেয়ে মানুহে মানুহৰ প্ৰতি সতেত দয়াশীল , সহানুভূতিশীল , মৰমীয়াল হব লাগে । মানুহৰ প্ৰতি মানুহৰ মৰমেই হৈছে প্ৰকৃত ধৰম । মানুহৰ বাবে মানুহেই দেৱতা । মানুহৰ সেৱা কৰিলে অন্য দেৱ দেৱীক সেৱা কৰাৰ প্ৰয়োজন নাই । সেয়ে আন্তৰিকভাৱে পাদ্য – অৰ্ঘ্য লৈ দেৱতাক পূজা কৰাৰ দৰে মানুহক পূজা কৰাৰ কথা কবিয়ে কৈছে , অৰ্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰিবলৈ আহ্বান জনাইছে । 

৫)  অতি চমু উত্তৰ দিয়া :

১) চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কত আৰু কোন চনত হৈছিল ?

উত্তৰঃ- তেজপুৰৰ কলং মৌজাৰ ব্ৰহ্মজানত ১৮৬৭ চনত ।

২) চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতাকৰ নাম কি আছিল ?

উত্তৰঃ- হৰিবিলাস আগৰৱালা ।

৩) ‘জোনাকী’ কাকত কোন চনত প্ৰথম প্ৰকাশ পায় ?

উত্তৰঃ- ১৮৮৯ চনত ।

৪) ‘জোনাকী’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল ?

উত্তৰঃ-  চন্দ্ৰকুমাৰ আগৰৱালা ।

৫) সাদিনীয়া বাতৰি ‘অসমীয়া’ কোন চনত প্ৰথম প্ৰকাশ পায় ?

উত্তৰঃ-  ১৯১৮ চনত ।

৬) চন্দ্ৰকুমাৰ আগৰৱালাৰ  ‘বন – কুঁৱৰী’ গীত কবিতাটি কত প্ৰকাশ পাইছিল ?

উত্তৰঃ- ‘জোনাকী’ৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত ।

৭) ‘জোনাকী’ৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ গীত কবিতাটিৰ নাম কি আছিল ?

উত্তৰঃ- ‘বন – কুঁৱৰী’ ।

৮) চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰকাশিত কাব্য পুথিখনৰ নাম কি আছিল ?

উত্তৰঃ- ‘প্ৰতিমা’ ।

৯) অসমীয়া কাব্য জগতত চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায়?

উত্তৰঃ- ‘প্ৰতিমাৰ খনিকৰ’ বুলি জনা যায় ।

১০) চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰতিমা’ কাব্য পুথিখনৰ ওপৰত লক্ষ্মীনাথ বেজবৰুৱাই কি বুলি মন্তব্য কৰিছিল ?

উত্তৰঃ- ‘প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণ’ৰ বুলি ।

১১) চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্য পুথিকেইখনৰ নাম লিখা ।

উত্তৰঃ-  ‘প্ৰতিমা’  আৰু  ‘বীণ বৰাগী’ ।

১২) ‘মানৱ – বন্দনা’ কবিতাটিৰ কবি কোন ?

উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালা ।

১৩) ‘মানুহ সোতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয় ? ― ‘মৰত’ শব্দৰ অৰ্থ কি ?

উত্তৰঃ- ‘মৰত’ শব্দৰ অৰ্থ ― পৃথিৱী , মৰ্ত্য , মৰণৰ ঠাই ।

১৪) ‘মানুহেই পৰাৎপৰ’ ― ‘পৰাৎপৰ’ শব্দৰ অৰ্থ কি ?

উত্তৰঃ- শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ , পৰম সত্য ।

১৫) ‘ কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই ― বুলি কোনে কাক পূজা কৰাৰ কথা কৈছে ?

উত্তৰঃ- মানুহে মানুহক পূজা কৰাৰ কথা কৈছে ।

১৬) ‘প্ৰতিমাখন সৰু , কিন্তু নিভাঁজ সোণৰ ।’ ― কোনে এনেদৰে মন্তব্য কৰিছিল ?

উত্তৰঃ- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ।

১৭) অসমীয়া সাহিত্যত গীতি – কবিতাৰ প্ৰৱৰ্তক কোন ?

উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালা ।

১৮) শব্দাৰ্থ :-

উত্তৰঃ- ময়াপী ― মায়াময় , ভ্ৰান্তি ওপজোৱা জীৱ ।

মৰত ― পৃথিৱী , মৰ্ত্য , মৰমৰ ঠাই ।

পৰাৎপৰ ― শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ , পৰম সত্য ।

নিজাপী ― সম্পূৰ্ণ নিজৰ , স্থায়ী ।

কেৱ ― কোনে , কেও ।

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

2 thoughts on “Class 12 Adv Assamese Chapter 2 মানৱ বন্দনা”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top