Class 12 Adv Assamese Chapter 14 উপন্যাস

Class 12 Adv Assamese Chapter 14 উপন্যাস The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Advance Assamese Chapter 14 উপন্যাস and select needs one.

Class 12 Adv Assamese Chapter 14 উপন্যাস

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 14 উপন্যাস Solutions for All Subject, You can practice these here…

উপন্যাস

পাঠ: ১৪

সাহিত্য সমালোচনা

চমু প্ৰশ্ন

১) উপন্যাস কাক বোলে ? বুজাই লিখা ।

অথবা

উপন্যাসৰ সংজ্ঞা এটি দিয়া । বাস্তৱ আৰু কল্পনাৰ সংমিশ্ৰণত উপন্যাসে কেনেকৈ গঢ় লৈ উঠে , তাৰ চমু বিৱৰণ দিয়া ।

অথবা

উপন্যাস কাক বোলে ? উপন্যাসৰ উৎপত্তি সম্পৰ্কে এটি চমু বিৱৰণ দিয়া ।

অথবা

উপন্যাসৰ এটি নিৰ্ভৰযোগ্য সূত্ৰ দি এইবিধ সাহিত্য সমলৰ উৎপত্তি সম্পৰ্কে এটি চমু আলচ কৰা ।

উত্তৰঃ- মানৱ জীৱনৰ বাস্তৱ ঘটনা গদ্য ভাষাৰ মাধ্যমত শৈল্পিক ৰীতিৰ ৰূপায়িত হলে তেনে ৰচনাক সাধাৰণভাৱে উপন্যাস বুলিব পাৰি। ইংৰাজী Novel শব্দৰ প্ৰতিশব্দৰূপে অসমীয়াত উপন্যাস শব্দটো ব্যৱহৃত হয় । ইংৰাজী Novel শব্দটো আহিছে ৰোমান শব্দৰ পৰা । অৱশ্যে আধুনিক উপন্যাসৰ স্বাভাৱিক বিকাশ বুলি কব নোৱাৰি ।

উপন্যাসৰ এটা নিৰ্দিষ্ট সংজ্ঞা দিয়া টান । সমালোচকসকলে উপন্যাসৰ সংজ্ঞা বিভিন্ন ধৰণে দিছে । Percy Lubbock নামৰ এজন সমালোচকে কৈছে : উপন্যাস হৈছে এটি চিত্ৰ । কিন্তু আমি পাহৰিব নালাগে যে , ‘সদৃশ’ বা ‘নিচিনা’ আদি শব্দগত ভাব কথাতকৈ চিত্ৰিত অধিক অৰ্থ নিহিত থাকে । আনবোৰ শিল্পকৰ্মৰ দৰে উপন্যাসতো ৰূপ , নক্সা , ৰচনা কৌশল ইত্যাদিৰ সম্যক উপন্যাসেই উৎকৃষ্ট মাধ্যম । এনেল প্ৰাইচ জন্স নামৰ এজন সমালোচকে কৈছে  :  “Novel gets written not because some writer has no tele to tell, but because he is plunged by the clusive nature of truth .” সুপ্ৰসিদ্ধ ইংৰাজ ঐপন্যাসিক আৰু সমালোচক ই .এম . ফষ্টাৰ – এ কৈছে :-  ‘সাহিত্য জগতৰ আৰ্দ্ৰ অঞ্চলৰ সবাতোকৈ স্পষ্ট বিষয়টো হৈছে উপন্যাস । ‘ আকৌ Clara Reeve নামৰ এগৰাকী সমালোচকে কৈছে :  ‘The novel is a picture of real life and manners and of times in which it is written .’ হেনৰি জেমছ নামৰ এজন সমালোচকে কৈছে : The only reason for the existence of a novel is that is does attempt to represent life . 

তেওঁ উপন্যাসক জীৱনৰ ব্যক্তিগত ৰচনা বুলিহে অভিহিত কৰে । ড°  আৰ্ণল্ড কোটলে উপন্যাসৰ এটি তথ্যপূৰ্ণ আৰু চিন্তাশীল সংজ্ঞা দিছে । তেওঁৰ মতে  ‘উপন্যাস হৈছে আৱশ্যকীয় দৈৰ্য্যৰ স্বয়:সম্পূৰ্ন বাস্তৱধৰ্মী গদ্য কাহিনী ।’ এনেদৰে উপন্যাস কলাৰ পৰিচয়জ্ঞাপক ভালেমান সংজ্ঞা সাহিত্য সমালোচকসকলে আগবঢ়াইছে । এই সংজ্ঞাবোৰৰ কোনো এটাকে শেষ সিদ্ধান্ত বুলি গ্ৰহণ কৰিব নোৱাৰি যদিও এনেবোৰ সংজ্ঞাৰ জৰিয়তে উপন্যাস কলাৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰি । সামগ্ৰিকভাৱে মানৱ জীৱন আৰু সমাজৰ প্ৰতিফলন হোৱা ৰচনাকে উপন্যাসৰূপে অভিহিত কৰিব পাৰি । ৰালফ ফক্স নামৰ এজন বিখ্যাত সমালোচকে সেয়েহে কৈছে :  “It is the prose of man’s life , the first art to attempt , to take the whole man and give him expression.” 

উপন্যাসৰ কেইটামান নিৰ্দিষ্ট উপাদান আছে । সেইকেইটা হৈছে – কাহিনী , চৰিত্ৰ , সংলাপ , পৰিবেশ আৰু ঐপন্যাসিকৰ জীৱন দৰ্শন । এইকেইটা উপাদানৰ লগতে উপন্যাস সৃষ্টিৰ বাবে সমালোচক ফিল্ডিং – এ ঐপন্যাসিকৰ আৰু চাৰিটা গুণৰ কথা উল্লেখ কৰিছে । সেইকেইটা হল প্ৰতিভা , জ্ঞান , জীৱনৰ অভিজ্ঞতা আৰু অন্ত:কৰণ ।

উপন্যাসৰ প্ৰধান উপাদান কাহিনী । কাহিনী নিৰ্বাচনত লেখকৰ বিচাৰ শক্তিৰ প্ৰয়োজন । মেথিল আৰ্ণল্ড – এ কৈছে : উপন্যাসৰ সাৰ্থকতা নিৰ্ভৰ কৰে বিষয়বস্তুৰ ওপৰত । কাহিনীৰ ঠিক পিছতে উপন্যাসৰ প্ৰধান উপাদান চৰিত্ৰ । উপন্যাসত কাহিনীৰ স্থান মুখ্য আৰু চৰিত্ৰৰ স্থান গৌণ বুলি কোনোৱে কব খোজে যদিও প্ৰকৃততে কাহিনী আৰু চৰিত্ৰৰ পৰস্পৰে পৰস্পৰৰ সম্পৰ্কান্বিত । ইটোৰ পৰা সিটো পৃথক কৰা টান । চৰিত্ৰসমূহে নিজৰ চাৰিওফালে মকৰাৰ দৰে ঘটনাৰ জাল নিৰ্মান কৰি ঘটনা প্ৰবাহৰ সৃষ্টি কৰে আকৌ এই ঘটনা প্ৰবাহেই চৰিত্ৰ সৃষ্টিত সহায়তা কৰে । 

উপন্যাসৰ তৃতীয় উপাদান সংলাপ । কাহিনীত উপস্থাপন কৰা চৰিত্ৰসমূহৰ বিকাশৰ বাবে সংলাপ অপৰিহাৰ্য । উপন্যাসৰ সংলাপ সদায় সাৱলীল , সহজ সৰল আৰু স্বাভাৱিক হোৱা উচিত  । উপন্যাসৰ চতুৰ্থ উপাদান পৰিৱেশ সৃষ্টি । যি দেশ কাল সময়ক লৈ উপন্যাস ৰচনা কৰা হয় , সেই দেশ কাল আৰু সমাজৰ ৰুচি , আচাৰ ব্যৱহাৰ , ৰীতি নীতি অনুযায়ী পটভূমি নিৰ্বাচন আৰু যুগ চিত্ৰ অংকনৰ প্ৰচেষ্টা উপন্যাসত থকা উচিত । উপন্যাসৰ শেষৰ উপাদানটো হৈছে লেখকৰ জীৱন দৰ্শন । কাহিনীৰ মাজত লেখকৰ কবলগীয়া কথাখিনি লুকাই থাকে । তদুপৰি উপন্যাসত যিহেতু মানৱ জীৱনৰ ছবিকেই অংকন কৰা হয় , গতিকে তাত মানৱ জীৱন সম্পৰ্কিত লেখকৰ দৃষ্টিভংগী ওলাই পৰে । অৱশ্যে লেখকে ইচ্ছাকৃতভাৱে জীৱনাদৰ্শ প্ৰচাৰ কৰিলে উপন্যাসৰ সৌন্দৰ্য হানি হয় । 

উপন্যাসৰ প্ৰকৃতি অনুযায়ী ইয়াক বিভিন্ন ভাগত ভগাব পাৰি । যেনে – ঘটনাপ্ৰধান উপন্যাস , চৰিত্ৰ আৰু কাৰ্যপ্ৰধান উপন্যাস , পৰিবেশপ্ৰধান উপন্যাস ইত্যাদি । বিষয়বস্তু আৰু ৰূপায়নকলা অনুসৰি উপন্যাসক এনেদৰেও ভগোৱা হয় – সামাজিক , বুৰঞ্জীমূলক , আঞ্চলিক , আত্মজীৱনী মূলক , পত্ৰ উপন্যাস , ডিটেকটিভ উপন্যাস আদি । 

২) উপন্যাসৰ জনপ্ৰিয়তাৰ কাৰণ কি , বুজাই লিখা ।

উত্তৰঃ- সাহিত্যৰ বিভিন্ন অংগৰ ভিতৰত অন্যতম উল্লেখযোগ্য অংগ হল উপন্যাস সাহিত্য । সাম্প্ৰতিক কালত এই উপন্যাস সাহিত্যই বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিছে । উপন্যাস সাহিত্যৰ এই জনপ্ৰিয়তাৰ কাৰণ হল উপন্যাসত মানুহৰ জীৱনৰ কথা , দৈনন্দিন সুখ দুখ , হাঁহি কান্দোন , উচ্চ আধ্যাত্মিক বা ৰাজনৈতিক কথা আদি অতি সহজ সৰল ভাষাত বৰ্ণনা কৰা থাকে । তদুপৰি উপন্যাসে মানুহৰ গোপন জীৱনকো দৃশ্যমান কৰি তোলে । প্ৰতিজন পাঠকে উপন্যাসৰ কাহিনী , ঘটনাৱলী আৰু চৰিত্ৰত নিজৰ জীৱনৰ ভালেখিনি মিল দেখা পায় । সেই কাৰণেই ই নিজৰ জীৱনৰ সঁচা কাহিনী বুলি পাঠকৰ মনত ধাৰণা হয় । এই কাৰণেই এই কাহিনী অৰ্থাৎ উপন্যাস পঢ়ি পাঠকে কিবা এক অপূৰ্ব ৰোমাঞ্চ , তৃপ্তি আৰু আনন্দ অনুভৱ কৰে ।

এই কাৰণতেই উপন্যাসে আজি সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয়তা অর্জন কৰিছে । 

৩) উপন্যাসৰ শ্ৰেষ্ঠত্ব আৰু আনুষংগিক  উপাদান কি ?

উত্তৰঃ- ঔপন্যাসিকৰ কাৰ্যক্ষেত্ৰ আদি সুবিস্তৃত , অৰ্থাৎ ঐপন্যাসিকে দীঘলীয়া জীৱনত এই সংসাৰত যিকোনো পৰিস্থিতিতে যিকোনো ঠাই আৰু সময়ত লাভ কৰা অভিজ্ঞতাক অৱলম্বন কৰি উপন্যাস ৰচনা কৰিব পাৰে । পিছে , এই ৰচনাত বাহ্যিক ৰূপৰেখা অংকন কৰাতকৈ মানৱ জীৱনৰ সুগভীৰ অনুভূতিৰ স্বৰূপ চিত্ৰণ কৰিব পৰাতহে উপন্যাসৰ শ্ৰেষ্ঠত্ব নিৰ্ভৰ কৰে । তদুপৰি উপন্যাসৰ শ্ৰেষ্ঠত্ব নিৰ্ভৰ কৰে এইকেইটা আনুষংগিক উপাদানৰ ওপৰত । সেয়া হল –

১) উৎকৃষ্ট কথা বস্তু বা বিষয়বস্তু ।

২) লেখকৰ ৰচনানৈপুণ্য ।

৩) কাৰিকৰিক চাতুৰ্য ।

৪) লেখকৰ জীৱনৰ বিচিত্ৰ আৰু বাস্তৱ অভিজ্ঞতা । লেখকৰ এই অভিজ্ঞতাক আকৌ দুই ভাগত ভগাব পাৰি –

ক) প্ৰত্যক্ষ অভিজ্ঞতা ।

খ) পৰোক্ষ অভিজ্ঞতা ।

লেখকে নিজ চকুৰে বা নিজে লাভ কৰা অভিজ্ঞতাক প্ৰত্যক্ষ অভিজ্ঞতা আৰু কিতাপ আদি পঢ়ি , আনৰ মুখে শুনি লাভ কৰা অভিজ্ঞতাক পৰোক্ষ অভিজ্ঞতা বোলে ।

৪) উপন্যাসৰ বিশিষ্ট উপাদানসমূহ কি কি , – আলোচনা কৰা ।

অথবা

কি কি মূল উপাদানৰ ওপৰত ভিত্তি কৰি এখন উপন্যাস ৰচনা কৰা হয় ? সেই উপদানসমূহৰ চমু বিৱৰণ দিয়া । 

উত্তৰঃ- উপন্যাসৰ বিশিষ্ট উপাদানসমূহ হল , – কাহিনী , চৰিত্ৰ , সংলাপ বা কথোপকথন , পৰিবেশ সৃষ্টি আৰু লেখকৰ জীৱন দৰ্শন । তলত এই উপদানসমূহৰ সম্যক আলোচনা কৰা হল :-

কাহিনী :-  উপন্যাস হল সঁচা জীৱনৰ সজা কাহিনী বা গল্প । কাহিনী উপন্যাসৰ অপৰিহাৰ্য অংগ বা উপাদান । এই কাহিনী সৰল , উৎকৃষ্ট আৰু আকৰ্ষণীয় হব লাগিব । যিমানেই ভাল কাহিনী হয় উপন্যাসো সিমানেই ভাল আৰু আকৰ্ষণীয় হয় । অৱশ্যে ইয়াৰ প্ৰকাশ ভংগীয়ে পটুৱৈৰ মনত এক কৌতুহল সৃষ্টি কৰিব পাৰিব লাগিব । তেতিয়াহে উপন্যাস আকৰ্ষণীয় হৈ পৰে । ইয়াৰ বাবে লেখকৰ ৰচনা আৰু বৰ্ণনা নৈপুণ্যৰ অতি প্ৰয়োজন । লেখকৰ বৰ্ণনা নৈপুণ্যৰ অভাৱত ভাল কাহিনীযুক্ত উপন্যাসো কেতিয়াবা নিৰস অনাকর্ষণীয় হৈ পৰে।উপন্যাসৰ কাহিনী পৰিবেশনৰ ৰীতি তিনিটা , – প্ৰত্যক্ষ বা কাব্যিক , আত্মভাষনমূলক আৰু পত্ৰমূলক ।

প্ৰত্যক্ষ বা কাব্যিক ৰীতিত ঐপন্যাসিকে বাহিৰত থাকি সকলো কথা খৰচী মাৰি বৰ্ণনা কৰে । আত্মভাষন ৰীতিত ঐপন্যাসিকে নিজেই উপন্যাসৰ মূল চৰিত্ৰ হিচাপে থাকি সকলো কথা প্ৰথম পুৰুষত বৰ্ণনা কৰে । ‘ৰবিন্সন ক্ৰুছ’ , ৰজনীকান্ত বৰদলৈৰ  ‘নিৰ্মল ভকত’ , হোমেন বৰগোহাঞিৰ  ‘আত্মানুসন্ধান’ , নিৰুপমা বৰগোহাঞিৰ ‘বিশ্বাস আৰু সংশয়ৰ মাজেদি’ আদি এই ৰীতিৰ উপন্যাস । পত্ৰমূলক উপন্যাসত চিঠিৰ আকাৰত সকলো কথা বৰ্ণনা কৰা হয় । হলিৰাম ডেকাৰ  ‘অলকালৈ চিঠি’  ডঃ ললিত বৰুৱাৰ  ‘ইলা ভনীতিলৈ চিঠি’ আদি এই শ্ৰেণীৰ উপন্যাস ।

চৰিত্ৰ :- চৰিত্ৰ উপন্যাসৰ এটি গুৰুত্বপূৰ্ণ উপাদান । নামমাত্ৰ এটা কাহিনী লৈ চৰিত্ৰৰ ওপৰত অধিক গুৰুত্ব দি লিখা উপন্যাসেও পাঠকক আকৰ্ষণ কৰিব পাৰে । এনে বাস্তৱ আৰু জীৱন্ত চৰিত্ৰ সৃষ্টিৰ কাৰণে ঐপন্যাসিকৰ গভীৰ চিন্তা শক্তি , সূক্ষ্ম দৃষ্টি , বাস্তৱধৰ্মী অনুভূতি আৰু সৃষ্টি শীল প্ৰতিভাৰ প্ৰয়োজন । 

উপন্যাসৰ চৰিত্ৰ সৃষ্টিৰ প্ৰণালী দুটা , প্ৰত্যক্ষ বা বিশ্লেষণাত্মক  আৰু পৰোক্ষ বা নাটকীয় । প্ৰথম প্ৰণালীত ঐপন্যাসিকে চৰিত্ৰবোৰ নিজৰ নিয়ন্ত্ৰণত ৰাখি অংকন কৰে । দ্বিতীয় প্ৰণালীত ঐপন্যাসিকে চৰিত্ৰবোৰ নিজৰ নিয়ন্ত্ৰণৰ পৰা এৰি দি আপোনা আপুনি প্ৰস্ফুটিত হবলৈ দিয়ে । 

উপন্যাসৰ চৰিত্ৰসমূহক দুটা ভাগত ভগাব পাৰি , – টাইপ চৰিত্ৰ আৰু মুক্তক চৰিত্ৰ । টাইপ চৰিত্ৰবোৰ গতানুগতিক , বৈচিত্ৰ্যহীন । মুক্তক চৰিত্ৰবোৰ বৈচিত্ৰ্যপূৰ্ণ , একক আৰু অনন্যসাধাৰণ । এই চৰিত্ৰসমূহে পঢ়ুৱৈৰ মনত অসীম কৌতুহল আৰু গভীৰ উৎসুক্যৰ উদ্ৰেক কৰে । 

সংলাপ বা কথোপকথন :- উপন্যাসৰ অন্যতম উল্লেখযোগ্য উপাদান হল সংলাপ বা কথোপকথন । সুন্দৰ কথা বতৰাৰ মাজেদি মানুহৰ মাজত যিদৰে সহৃদয়তাৰ সৃষ্টি হয় , সেইদৰে সুপৰিবেশিত কথোপকথনৰ মাজেৰে উপন্যাস আকৰ্ষণীয় হোৱাৰ উপৰি লেখক , পাঠক আৰু চৰিত্ৰৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ সৃষ্টি হয় । সুপৰিবেশিত কথোপকথনৰ মাজেৰে চৰিত্ৰৰ গুণাগুণ , কাহিনীৰ বৈশিষ্ট্য স্পষ্ট ৰূপত প্ৰকাশ পায় । আনহাতে ইয়াৰ দ্বাৰা উপন্যাস নাটকীয় গুণসমৃদ্ধ হৈ পৰে ।

কথোপকথন কাহিনী আৰু চৰিত্ৰৰ লগত সম্পূৰ্ণ সম্পৰ্ক নথকা হব লাগে। কাহিনী আৰু চৰিত্ৰৰ লগত সম্পৰ্ক নথকা বাহুল্য ধৰণৰ কথোপকথন উপন্যাসত বৰ্জনীয় । কথোপকথন সততে যথাৰ্থধৰ্মী , যথোপযোগী আৰু নাটকীয় গুনধৰ্মী হব লাগে , অৰ্থাৎ বক্তাৰ ব্যক্তিত্ব সাপেক্ষেহে প্ৰতিষাৰ কথা ৰচিত হব লাগে ।

পৰিবেশ সৃষ্টি :- পৰিবেশ সৃষ্টি উপন্যাসৰ অন্যতম উপাদান । উপন্যাসৰ পৰিবেশ সৃষ্টি সহজ নহয় । উপন্যাসত বৰ্ণনাৰ মাজেৰে একোটা প্ৰয়োজনীয় পৰিবেশ সৃষ্টি কৰিব লাগে অথচ সেই বৰ্ণনা ৰচনাধৰ্মী আৰু আমনিদায়ক কেতিয়াও হব নালাগিব । চৰিত্ৰৰ আচাৰ ব্যৱহাৰ , ৰীতি নীতি , জীৱন ধাৰণ প্ৰণালী , আখ্যানৰ পটভূমি , পাৰিপাৰ্শ্বিক অৱস্থা আদি সকলো কথা পৰিবেশৰ অন্তৰ্গত । 

উপন্যাসৰ এই পৰিবেশ দুই ধৰণৰ হব পাৰে  , সামাজিক ( Social ) আৰু বাস্তৱিক ( Material ) পৰিবেশ । সমাজৰ বিভিন্ন পৰিৱেশৰ কথা বিচিত্ৰ কৰিলে সামাজিক পৰিবেশ আৰু বস্তুগত অৰ্থাৎ প্ৰকৃতিৰ বিভিন্ন বস্তুৰ বৰ্ণনাৰে প্ৰাকৃতিক পৰিবেশৰ চিত্ৰ বিচিত্ৰ কৰিলে বাস্তৱিক পৰিবেশৰ সৃষ্টি হয় ।

লেখকৰ জীৱন দৰ্শন :- উপন্যাসত মানৱ জীৱনৰ চিত্ৰ বিচিত্ৰ হয় । মানৱ জীৱনৰ চিত্ৰ বিচিত্ৰ কৰিব লাগিলে জীৱন সম্পৰ্কে লেখক তথা ঐপন্যাসিকৰ ব্যক্তিগত ধাৰণা শুদ্ধ , সুন্দৰ আৰু নিৰপেক্ষ হব লাগিব । কিয়নো তেওঁৰ লিখনিত মানৱ জীৱন সম্পৰ্কে তেওঁৰ ব্যক্তিগত ধাৰণাই প্ৰতিফলিত হয় । এই ধাৰণাত ঐপন্যাসিকৰ সততা আৰু নৈতিকতা দুয়োটা কথাই নিহিত হৈ থাকে । মানৱ জীৱনৰ সত্য কথা প্ৰকাশ কৰাৰ লগতে জীৱনৰ নৈতিক আদৰ্শ একোটাও ঐপন্যাসিকে উপন্যাসত প্ৰতিফলিত কৰে । আদর্শবিহীন উপন্যাস কেতিয়াও ভাল উপন্যাস হব নোৱাৰে । 

৫) উপন্যাসৰ কাহিনী আৰু চৰিত্ৰ কেনে হোৱা উচিত ? কাহিনী আৰু চৰিত্ৰৰ মাজত সম্পৰ্ক বিচাৰ কৰা । 

উত্তৰঃ- উপন্যাস মূলতঃ এটা গল্প । উপন্যাসৰ গল্পৰ ক্ষেত্ৰত দুটা কথা মন কৰিবলগীয়া – প্ৰথম , গল্পটো সৰল আৰু আকৰ্ষণীয় হব লাগে আৰু দ্বিতীয়তে ইয়াৰ প্ৰকাশ ভংগীয়ে পঢ়ুৱৈৰ মনত যিমানে কৌতুহলৰ সৃষ্টি কৰিব পাৰে , সিমানে আকৰ্ষণীয় হৈ উঠে । এই আকৰ্ষণ সৃষ্টিৰ বাবে লেখকৰ ৰচনাৰ নৈপুণ্যৰ বিশেষ প্ৰয়োজন । 

উপন্যাসৰ কাহিনী :-  উপন্যাসৰ কাহিনী পৰিবেশ ৰীতি তিনিটা – প্ৰত্যক্ষ বা কাব্যিক ( Direct Epic ) , আত্মভাষণমূলক (Autobiographical ) আৰু পত্ৰমূলক ( Documentary ) । প্ৰত্যক্ষ প্ৰণালীত ঐপন্যাসিকে বুৰঞ্জী লেখকৰ দৰে বাহিৰত থাকি সকলো কথা খৰচি মাৰি বৰ্ণনা কৰে । দ্বিতীয় কথা প্ৰথম পুৰুষত বৰ্ণনা কৰি যায় । তৃতীয় প্ৰণালীত চিঠিৰ আকাৰত সকলো কথা বৰ্ণনা কৰা হয় । 

কাহিনীৰ দিশৰ পৰা উপন্যাস দুটা ভাগত বিভক্ত – এক কাহিনীযুক্ত বা সৰল কাহিনীৰ উপন্যাস আৰু একাধিক কাহিনী বা যৌগিক কাহিনীযুক্ত উপন্যাস । এক কাহিনীযুক্ত উপন্যাসত কেৱল এটা কাহিনীয়ে উপন্যাসৰ আৰম্ভৰ পৰা শেষলৈ বৰ্ণিত হয় । কিন্তু যৌগিক কাহিনীযুক্ত উপন্যাসত একাধিক কাহিনীয়ে স্থান লাভ কৰে । তাৰ এটা হয় মূল বা আধিকাৰিক কাহিনী আৰু বাকীবোৰ হয় উপকাহিনী । কিন্তু একাধিক কাহিনী থাকিলেও সেই কাহিনীবোৰ পৰস্পৰে সম্বন্ধযুক্ত হব লাগে ।

কাহিনী উপস্থাপনৰ দিশৰ পৰা উপন্যাস দুই ভাগত বিভক্ত – শিথিলবন্ধী উপন্যাস আৰু কঠোৰবন্ধী উপন্যাস । যিবোৰ উপন্যাসত কিছুমান বিক্ষিপ্ত ঘটনা অসংলগ্ন ভাবে সংলগ্ন কৰা হয় সেইবোৰক কোৱা হয় শিথিলবন্ধী উপন্যাস । এই শ্ৰেণীৰ উপন্যাসত কাহিনীৰ বিভিন্ন অংগবোৰ বিশ্লিষ্টৰূপে বৰ্ণনা নকৰি সংশ্লীষ্টৰূপে বৰ্ণনা কৰা হয় সেইবোৰক কোৱা হয় কঠোৰবন্ধী উপন্যাস । এনে উপন্যাসৰ দুটা প্ৰধান অন্তৰায় আছে । ইয়াৰ ঘটনা বিন্যাস গতানুগতিকহৈ যোৱাৰ সম্ভাৱনা । আনহাতে বহল বৰ্ণনাৰ সুবিধা নথকাৰ কাৰণে ইয়াৰ বহুকথা আকস্মিক ধৰণৰ হৈ পৰিব পাৰে । তেতিয়া উপন্যাসৰ বিষয়বস্তু আৰু চৰিত্ৰ অপৰিচিত হৈ পৰাৰ সম্ভাৱনা থাকে । 

উপন্যাসত কাহিনীতকৈও চৰিত্ৰৰ গুৰুত্ব অধিক । বহুতো ঐপন্যাসিকে নামমাত্ৰ কাহিনীৰ আলম লৈ কেৱল চৰিত্ৰ সৃষ্টিতে মনোনিবেশ কৰে । কাৰণ উপন্যাসৰ শ্ৰেষ্ঠত্ব নিৰ্ভৰ কৰে চৰিত্ৰৰ ওপৰতহে , কাহিনীৰ ওপৰত নহয় । উপন্যাসৰ চৰিত্ৰবোৰ বাস্তৱ , জীৱন্ত আৰু স্বতঃসম্পূৰ্ণ হোৱা বাঞ্ছনীয় । জীৱন্ত চৰিত্ৰ সৃষ্টিৰ কাৰণে ঐপন্যাসিকৰ গভীৰ চিন্তাশক্তি , বাস্তৱধৰ্মী ভাৱপ্ৰৱণতা আৰু সৃষ্টিশীলতা প্ৰতিভাৰ প্ৰয়োজন। 

উপন্যাসৰ চৰিত্ৰ :- উপন্যাসৰ চৰিত্ৰ সৃষ্টিৰ প্ৰণালী দুটা প্ৰত্যক্ষ বা বিশ্লেষণাত্মক ( Direct or Analytical ) আৰু পৰোক্ষ বা নাটকীয় ( Indirect or Dramatical ) । প্ৰথম প্ৰণালীত ঐপন্যাসিকে বাহিৰৰ পৰা চৰিত্ৰবোৰ অংকন কৰে , সেইবোৰৰ অংগ অনুভূতি , চিন্তা ভাৱনাৰ বিশ্লেষণ কৰে আৰু সেইবোৰৰ সমালোচনা কৰি তাৰ ওপৰত মতামত দিয়ে । দ্বিতীয় প্ৰণালীত ঐপন্যাসিকে চৰিত্ৰবোৰক আপোনা আপুনি প্ৰস্ফুটিত হৈ উঠিবলৈ নিজৰ নিয়ন্ত্ৰণৰ পৰা এৰি দিয়ে । চৰিত্ৰবোৰৰ কথোপকথন , আলাপ আলোচনা আৰু ইটোৱে সিটোৰ ওপৰত কৰা মন্তব্যৰ পৰা চাৰিত্ৰিক বৈশিষ্ট্য ফুটাই তোলা হয় । 

উপন্যাসৰ চৰিত্ৰ দুই প্ৰকাৰৰ – টাইপ চৰিত্ৰ আৰু মুক্তক চৰিত্ৰ । যিবোৰ চৰিত্ৰ প্ৰসিদ্ধিৰ দৰে গতানুগতিক , বৈচিত্ৰ্য বৰ্জিত সেইবোৰক টাইপ চৰিত্ৰ বোলা হয় । এইবোৰ চৰিত্ৰৰ মাজেৰে জীৱনৰ পূৰ্ণবৃত্তি চিত্ৰিত হৈ নুঠা বাবে এইবোৰক আংশিক চৰিত্ৰ বোলা হয় । কিন্তু যিবোৰ চৰিত্ৰ বৈশিষ্ট্য পূৰ্ণ একক আৰু অনন্যসাধাৰণ সেইবোৰক বোলা হয় মুক্তক চৰিত্ৰ । এই শ্ৰেণীৰ চৰিত্ৰৰ মাজেৰে জীৱনৰ সম্পূৰ্ণ ৰূপ প্ৰতিভাত হৈ উঠে কাৰণে এই চৰিত্ৰক পূৰ্ণবৃত্ত চৰিত্ৰও বোলা হয় । 

উপন্যাসত কাহিনী আৰু চৰিত্ৰৰ সম্পৰ্ক অতি ঘনিষ্ঠ । এটাৰ অভিহনে আনটোৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি । কাহিনী অবিহনে যেনেদৰে চৰিত্ৰৰ বিকাশ সম্ভৱপৰ নহয় , তেনেকৈ চৰিত্ৰৰ অভিহনে কাহিনীয়েও পূৰ্ণ পৰিণতি লাভ কৰিব নোৱাৰে । গতিকে উপন্যাসত কাহিনী আৰু চৰিত্ৰৰ যোগসূত্ৰ ৰক্ষা কৰা এটা বিশেষ গুৰুত্বপূৰ্ণ কথা । এই দিশৰ পৰা উপন্যাসক দুটা ভাগত ভাগ কৰিব পাৰি – কাহিনীপ্ৰধান আৰু চৰিত্ৰপ্ৰধান । যিবোৰ উপন্যাসত লেখকৰ উদ্দেশ্য এটা বিশেষ কাহিনী দাঙি ধৰা , সেইবোৰক কাহিনীপ্ৰধান উপন্যাস বোলে । এই শ্ৰেণীৰ উপন্যাসত চৰিত্ৰৰ নিজস্ব মূল্য একো নাথাকে , কেৱল কাহিনীটো প্ৰকাশৰ বাবে চৰিত্ৰ অৱলম্বন স্বৰূপে লোৱা হয় । আনহাতে যিবোৰ উপন্যাসৰ মুখ্য উদ্দেশ্য চৰিত্ৰ সৃষ্টি কৰা সেইবোৰক বোলা হয় চৰিত্ৰ প্ৰধান উপন্যাস । এই শ্ৰেণীৰ উপন্যাসত চৰিত্ৰ মুখ্য , কাহিনী গৌণ । এনে উপন্যাসত উপন্যাসৰ সকলো কথা , সকলো ঘটনা চৰিত্ৰৰ প্ৰকাশৰ কাৰণে প্ৰয়োগ কৰা হয় । এই দুয়ো শ্ৰেণীৰ উপন্যাসৰ ভিতৰত চৰিত্ৰপ্ৰধান উপন্যাসৰ মূল্যই অধিক । 

উপন্যাসত কাহিনী আৰু চৰিত্ৰৰ সমানুপাত ৰক্ষা কৰা বেছি জটিল কাম। কাহিনীৰ ওপৰত অধিক গুৰুত্ব দিবলৈ গলে চৰিত্ৰৰ গুৰুত্ব কমি যোৱাৰ সম্ভাৱনা আৰু চৰিত্ৰৰ ওপৰত গুৰুত্ব দিবলৈ গলে কাহিনীৰ গতিত আউল লগাৰ সম্ভাৱনা । তথাপি কাহিনীপ্ৰধান উপন্যাসতকৈ চৰিত্ৰ প্ৰধান উপন্যাসেহে শ্ৰেষ্ঠতাৰ বিশেষ দাবী কৰা দেখা যায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top