Class 12 Adv Assamese Chapter 15 অলংকাৰ

Class 12 Adv Assamese Chapter 15 অলংকাৰ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Advance Assamese Chapter 15 অলংকাৰ and select needs one.

Class 12 Adv Assamese Chapter 15 অলংকাৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 15 অলংকাৰ Solutions for All Subject, You can practice these here.

অলংকাৰ

পাঠ: ১৫

চমু প্ৰশ্ন

১) অলংকাৰ কাক বোলে ? কাব্যত অলংকাৰৰ প্ৰয়োজন সম্পৰ্কে এটি চমু আলচ কৰা । 

উত্তৰঃ- অলম শব্দৰ পৰাই অলংকাৰ শব্দৰ উৎপত্তি হৈছে । ‘অলং’ – এই অব্যয় শব্দৰ নিষেধ অৰ্থত নাইবা সমৰ্থ্য বা প্ৰচুৰ অৰ্থাৎ যথেষ্ট অৰ্থত ব্যৱহৃত হয় । ভূষণ বা সাজ পাৰ নিষেধ অৰ্থত নাইবা সমৰ্থ্য বা প্ৰচুৰ অর্থাৎ যথেষ্ট অৰ্থত ব্যৱহৃত হয় । ভূষণ বা সাজ পাৰ অৰ্থতো আকৌ ‘অলং’ শব্দৰ ব্যৱহাৰ হয় । তেনেহলে যি বস্তুৱে যথেষ্ট বা পৰ্যাপ্ত কৰি দিয়ে বা সুশোভিত কৰে সিয়েই অলংকাৰ । 

সাধাৰণ কথাত অলংকাৰ বুলি কলে আমি ভূষণ বা প্ৰসাধন সামগ্ৰিক বুজো । অলংকাৰ স্বভাৱতে দেহৰ শোভাবৰ্ধক বস্তু । অলংকাৰ পিন্ধিলে দেহৰ সৌন্দৰ্য বাঢ়ে । হাৰ ,খাৰু , আঙুঠি আদি অলংকাৰেৰে সুসজ্জিত হৈ মানৱ দেহ যিদৰে ৰমনীয় হয় , নানাবিধ অলংকাৰেৰে সুসজ্জিত হৈ শব্দ আৰু অৰ্থও সেইদৰে ৰমনীয় হৈ উঠে আৰু পাঠক বা শ্ৰোতাৰ চিত্ত আকৃষ্ট কৰি অলৌকিক আনন্দ দান কৰে । যি শব্দ বা অৰ্থবোধ আমি আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আমাৰ সকলো কাম সম্পাদন কৰোঁ , সেই শব্দ আৰু অৰ্থই যেতিয়া প্ৰতিভাৱান কবিৰ কাব্য শিল্পকলাৰ মাজেদি স্বকীয় এটি বিশেষ ৰূপ গ্ৰহণ কৰে , তেতিয়া সেই বাঙ্ময় ৰূপত চিত্তচমৎকাৰী এক অপৰূপ সৌন্দৰ্যৰ সৃষ্টি হয় । 

অলংকাৰ পিন্ধা মানুহৰ জেউতি চৰাৰ দৰে অলংকাৰযুক্ত সাহিতৰো জেউতি চৰে আৰু পঢ়িবলৈ মধুৰ লাগে । গতিকে যিটো বস্তু থকাৰ ফলত শব্দ আৰু অৰ্থত বৈচিত্ৰ্য বা সৌন্দৰ্য সৃষ্টি হয় সিয়েই অলংকাৰ । সহজ কথাত অলংকাৰ হৈছে কাব্যৰ সৌন্দৰ্য । অলংকাৰিক আচাৰ্য বামনে সেয়ে হৈছে :- ‘কাব্যাং গ্ৰাহ্যম অলংকাৰাৎ – সৌন্দৰ্য্যম আলংকাৰ :’ অৰ্থাৎ কাব্য উপাদেয় হয় অলংকাৰৰ পৰা আৰু সৌন্দৰ্যই অলংকাৰ ।

সংস্কৃত আলংকাৰিকসকলেও কাব্যক সুন্দৰী নাৰীৰ লগত তুলনা কৰিছে। সুন্দৰী নাৰীৰ সৌন্দৰ্য বিচিত্ৰ সাজ পাৰ আৰু প্ৰসাধন কৌশলত উজ্জ্বলতৰ হৈ প্ৰকাশ পায় । ঠিক একেদৰে কাব্য সুন্দৰীৰ সৌন্দৰ্যও উপমা আৰু ভাষাৰ নিপুন প্ৰয়োগত বৃদ্ধি পায় । সেয়ে অলংকাৰিক 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

ভামহে হৈছে :- ‘ন কান্ত – মপি নিৰ্ভুখং বিভাতি বনিতামুখম ‘ অৰ্থাৎ বনিতাৰ মুখ মানোহৰ হলেও অলংকাৰহীন হলে শোভা নাপায় । গতিকে কাব্য শৰীৰত সৌন্দৰ্য সৃষ্টিত অলংকাৰৰ যে এক বিশেষ স্থান আছে ই অনস্বীকাৰ্য ।

অলংকাৰৰ প্ৰয়োজন :- কাব্যত অলংকাৰৰ প্ৰয়োজন প্ৰধানকৈ তিনিটা– প্ৰথম প্ৰয়োজন হল বাক্যক প্ৰভাৱশালী কৰা , দ্বিতীয় প্ৰয়োজন বৰ্ণনীয় বিষয়ৰ স্পষ্টীকৰন আৰু তৃতীয় অথচ মুখ্য প্ৰয়োজন ৰমনীয়তা সম্পাদন ।

প্ৰভাৱশালীতা :- শুনোতাৰ মনত লাগি যোৱাকৈ , মনত দকৈ বহাকৈ কোৱাকে বাক্যক প্ৰভাৱশালী কৰা বোলে । ৰূপ – গুণ ক্ৰিয়া আদি যিহকে বৰ্ণনা কৰা নহওক লাগে তাক দৃঢ় বা তীব্ৰভাৱে ফুটাই তুলিবলৈ হলে উকাকৈ নকৈ অলংকাৰ দি কথা কব লগা হয় । উদাহৰণ স্বৰূপে ধুনীয়া মুখ বুলি কলেই মুখখন যে দেখিবলৈ ভাল সেই কথা বুজা যায় । কিন্তু পূৰ্ণিমাৰ জোন যেন মুখ বুলি কলে মনত আহ্লাদ জন্মাব পৰা মুখৰ অতিশয় কান্তিৰ কথা মনলৈ আনি দি মুখৰ সৌন্দৰ্যৰ বোধটো তীব্রতৰ কৰি দিয়ে । আকৌ ৰঙা গাল নুবুলি যেতিয়া গোলাপী গাল বুলি গালৰ বৰ্ণনা দিয়া হয় যেতিয়া গোলাপ ফুলৰ ৰক্তিম ৰমনীয়তা আৰু কোমলতা গোটেইখিনি গাভৰুৰ গালত কল্পনা কৰি গলৰ সৌন্দৰ্য দুগুণে উপলব্ধি কৰা হয় । এনেবোৰ উদাহৰণত উপমা অলংকাৰে কব খোজা অৰ্থক প্ৰভাৱশালী কৰি আমাৰ আগত দাঙি ধৰিছে । বাক্যত অন্তৰ স্পৰ্শ কৰিব পৰা , অনুভূতিক তীব্রতৰ কৰিব পৰা , বৰ্ণনীয় বিষয়ক দৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰিব পৰা গুণৰ অধীন কৰাটো , চমুকৈ কবলৈ গলে বাক্যক প্ৰভাৱশালী কৰাটো অলংকাৰৰ প্ৰথম প্ৰয়োজন ।

স্পষ্টীকৰণ :- অলংকাৰৰ দ্বিতীয় প্ৰয়োজন বৰ্ণনীয় বিষয়ৰ স্পষ্টীকৰণ । বিষয়গত , গুণ , ৰূপ , ক্ৰিয়া আদি আৰু বিষয়গত ভাবক স্পষ্ট কৰিব লাগিলেও বহুক্ষেত্ৰত অলংকাৰৰ আশ্ৰয় নললেই নহয় । উদাহৰণ স্বৰূপে :

বক্ষস্থলে মুকুতাৰ হাৰ । 

আকাশী গংগাৰ যেন ধাৰ ।।

ইয়াত প্ৰথম শাৰীটোত শ্ৰীকৃষ্ণই বুকুত মুকুতাৰ হাৰ পিন্ধাৰ কথা কোৱা হৈছে । কিন্তু কেৱল এইখিনি মাত্ৰ কৈ থলে মুকুতাৰ হাৰৰ সৌন্দৰ্য আমাৰ মনত অস্পষ্ট হৈ ৰয় । কৃষ্ণৰ বুকুত মুকুতাৰ হাৰে যি সৌন্দৰ্যৰ সৃষ্টি কৰিছে তাৰ ৰোধ হব পৰাকৈ আমাৰ কল্পনাত উদ্দীপ্ত কৰিবলৈ আৰু কিবা এটা অৱলম্বন লগা হয় । সেই অৱলম্বনৰ যোগাৰ ধৰিছে তলৰ শাৰী কাব্যই ‘আকাশী গংগাৰ যেন ধাৰ ‘ । আকাশী গংগাৰ সাদৃশ্যটো লগতে জুৰি দিয়াত প্ৰকৃত সৌন্দৰ্য আমাৰ আগত চিত্ৰবৎ প্ৰতিভাত হৈ পৰিল জলমলীয়া জলাধাৰাৰে আকাশী গংগাই বহল নীলা আকাশত যি সৌন্দৰ্যৰ সৃষ্টি কৰিছে শ্ৰীকৃষ্ণৰ বহল মেঘবৰণীয়া বুকুত জলমলীয়া মুকুতাৰ হাৰে অপৰূপ শোভাৰ বিস্তাৰ কৰিছে । উদাহৰণটোত উৎপ্ৰেক্ষা অলংকাৰৰ প্ৰয়োগৰ দ্বাৰা বৰ্ণনীয় বিষয় স্পষ্ট কৰি তোলা হৈছে ।

ৰমনীয়তা সম্পাদন :- অলংকাৰৰ তৃতীয় অথচ সৰ্বোপৰি প্ৰধান প্ৰয়োজন ৰমনীয়তা  আম্পাদন । প্ৰভাৱশালিতা আৰু স্পষ্টতা অলংকাৰৰ গৌণ প্ৰয়োজন । সাধাৰণ কথাৰ পাকে বুদ্ধিক আলোড়িত আৰু উদ্বুদ্ধ কৰে । অলংকাৰে বুদ্ধিৰ উপৰি কল্পনাক জাগ্ৰত কৰি ভাবত মাধুৰ্য আনে । উদাহৰণ স্বৰূপে ‘টেকেলি কলহৰ নিচিনা বস্তু’ বুলি কলে সাদৃশ্য আছে যদিও ই উপমা অলংকাৰ নহয় । কাৰণ ইয়াত সাদৃশ্যহে আছে , মনোহাৰিত্ব নাই । কিন্তু ‘নীল পদুমৰ নিচিনা চকু’ বুলি কলে ইয়াৰ সাদৃশ্য ধৰা পৰে । চকুৰ সৌন্দৰ্য ফুটাই তুলি ই মনত এটা মনোহাৰিণী অৱস্থিতিৰ উদ্ভৱ কৰা হৈছে ।

আকৌ – 

শ্যাম ৰুচিৰ তনু পীত পিচোৰা ।

নবীন নীৰোদ যচ বিজুলী উজোৱা ।

নতুনকৈ উঠি অহা কলীয়া মেঘৰ ওপৰত বিজুলীৰ চিকমিকণীয়ে যেনে শোভা কৰে শ্ৰীকৃষ্ণৰ শ্যাম শৰীৰত হালধীয়া বসনেও তেনে শোভা বিস্তাৰ কৰিছে । ইয়াত কবিয়ে মেঘ বিজুলীৰ শোভা আনি শৰীৰৰ আৰু বস্তুত লগাই কল্পনাৰ বিস্তাৰ আৰু সাদৃশ্যত ৰং চৰোৱাৰ লগতে ৰমনীয়ত্বও সম্পাদন কৰিছে । সেয়ে ৰমনীয়তা সম্পাদনেই কাব্যত অলংকাৰৰ মুখ্য প্ৰয়োজন । 

২) সাহিত্যত অলংকাৰ বুলিলে কি বুজা লিখা । অথবা , সাহিত্যত কিয় অলংকাৰৰ প্ৰয়োজন হয় ? উপযুক্ত কাৰণ দৰ্শাই এই সম্পৰ্কে এটি আলচ যুগুত কৰা ।

অথবা

সাহিত্যৰ অলংকাৰ বুলিলে কি বুজা ? অলংকাৰ কেইবিধ আৰু কি কি ?

অথবা

‘নৱৰসত বাজেও সাহিত্যৰ জেউতি চৰোৱা আৰু এবিধ বস্তু আছে , তাক অলংকাৰ বোলে ? – সাহিত্যৰ জেউতি চৰোৱা অলংকাৰ বুলিলে কি বুজা , লিখা ।

অথবা

অলংকাৰৰ এটা সংজ্ঞা আগবঢ়াৱা । অলংকাৰ কেইবিধ আৰু কি কি ?

উত্তৰঃ- নৱবৰ্ষৰ বাহিৰেও সাহিত্য বা কাব্যৰ সৌন্দৰ্য বঢ়োৱা আৰু এবিধ বস্তু আছে তাকে অলংকাৰ বোলে । অলংকাৰিক দণ্ডীৰ মতে , কাব্যৰ শোভা বৰ্ধন কৰা ধৰ্মই অলংকাৰ –  ‘কাব্যশোভাকৰাণ ধৰ্মান অলংকাৰান প্ৰচকতে ।’ সাহিত্যক্ষেত্ৰত অলংকাৰৰ স্থান বৰ ওখত আৰু গুৰুত্বপূৰ্ণ । কাব্যশাস্ত্ৰত ৰসতত্ত্বৰ পিছতেই অলংকাৰৰ স্থান । 

‘অলম’ শব্দৰ পৰাই অলংকাৰ শব্দৰ উৎপত্তি হৈছে । অলম শব্দৰ এটা অৰ্থ ভূষণ । গতিকে কাব্য বা সাহিত্যক যাৰ দ্বাৰা অলম ভূষিত কৰা হয় সিয়ে অলংকাৰ । ব্যাপক অৰ্থত অলংকাৰ শব্দৰ অৰ্থ সৌন্দৰ্য আৰু সংকীৰ্ণ অৰ্থত অনুপ্ৰাস , উপমা , ৰূপক আদি সাহিত্যৰ বিশিষ্ট অলংকাৰ। প্ৰাচীন অলংকাৰিকসকলে এই দুই অৰ্থতেই অলংকাৰ শব্দ গ্ৰহণ কৰিছিল । 

অলংকাৰ স্বভাৱতে দেহৰ শোভাবৰ্ধন বস্তু । অলংকাৰ পৰিধান কৰিলে দেহৰ সৌন্দৰ্য বৃদ্ধি পায় । মানুহে পৰিধান কৰা ভূষণ বা আভৰনেই অলংকাৰ । অলংকাৰৰ সহায়ত শব্দাৰ্থৰ সৌন্দৰ্য বৃদ্ধি পায় আৰু কাব্য বা সাহিত্যৰ ৰমনীয়তা বাঢ়ে । অলংকাৰ পিন্ধা মানুহৰ জেউতি দৰাৰ দৰে অলংকাৰযুক্ত সাহিত্যৰো জেউতি চৰে আৰু পঢ়িবলৈ মধুৰ লাগে । সংস্কৃত আলংকাৰিক ভামহ আৰু দণ্ডীয়ে অলংকাৰৰ ওপৰতে কাব্যৰ বৈশিষ্ট্য নিৰ্ভৰ কৰে বুলি মত প্ৰকাশ কৰিছে । আনকি কোনো কোনো আলংকাৰিকৰ মতে , অলংকাৰ বিহীন বাক্য কাব্য নামেৰেই উপযুক্ত নহয় । অলংকাৰৰ দ্বাৰাইহে কাব্যৰ প্ৰকৃতি পৰিচয় মিলে , কাব্যগ্ৰাহৃম অলংকাৰত । ( বামন ) 

সংস্কৃত আলংকাৰিকসকলে কাব্যক সুন্দৰী নাৰীৰ লগত তুলনা কৰিছে । সুন্দৰী নাৰীৰ সৌন্দৰ্য , বিচিত্ৰ সাজ পাৰ আৰু প্ৰসাধন কৌশলত উজ্জ্বলতাৰ হৈ প্ৰকাশ পায় , কাব্যসুন্দৰীৰ সৌন্দৰ্যও উপমা আৰু ভাষাৰ নিপুণ প্ৰয়োগত সেইদৰে বৃদ্ধি পায় । সংস্কৃত আলংকাৰিক বিশ্বনাথ কবিৰাজে  তেওঁৰ  ‘সাহিত্য দৰ্পন’ গ্ৰন্থৰ শব্দৰ আৰু কাব্যৰ শৰীৰ , ৰসক আত্মা , গুণক শৌৰ্য , ৰীতিসমূহক অৱয়বৰ গঢ় আৰু অলংকাৰৰ কটক কুণ্ডল বুলি মত প্ৰকাশ কৰিছে । 

কোনো ৰাজাধিৰাজে মণি মুক্তা খচিত সাজপাৰেৰে সজ্জিত হৈ কটক কুণ্ডল আদি অলংকাৰেৰে বিভূষিত হৈ যেতিয়া সিংহাসনত আৰোহণ কৰে সেই সাজ সজ্জা আৰু অলংকাৰে বজাৰ মৰ্যাদা আৰু গৌৰৱ বঢ়োৱাৰ দৰে অলংকাৰৰ প্ৰয়োগত কাব্যসুন্দৰীৰো মৰ্যাদা আৰু গৌৰৱ বাঢ়ে । গতিকে , যি শব্দ বা বাক্যই সাহিত্যৰ শোভা আৰু মৰ্যাদা বঢ়ায় তাকে কাব্যৰ অলংকাৰ বোলে । আচাৰ্য বামনে স্পষ্টভাৱেই কৈছে যে কাব্যৰ সৌন্দৰ্যই হৈছে অলংকাৰ  ‘সৌন্দৰ্যম অলংকাৰ : ‘ । 

কাব্যৰ বৰ্ণনীয় বস্তুক উজ্জ্বল আৰু তীব্ৰ কৰি সহৃদয়জনৰ অন্তৰ পৰশাকৈ বৰ্ণনা কৰাই কাব্যৰ মুখ্য উদ্দেশ্য । কাব্যৰ প্ৰধান ভাগ দুটা – ভাব আৰু কলা । ভাবক তীব্ৰ কৰাই অলংকাৰৰ প্ৰধান লক্ষ্য । সেইহেতু অলংকাৰক কেৱল বাহিৰৰ পৰা আৰোপিত কাব্যৰ অপ্ৰধান বা উপৰুৱা ধৰ্ম বুলি কব নোৱাৰি । আলংকাৰিকসকলৰ হাতত ই কাব্যৰ স্বাভাৱিক আত্মভূত ধৰ্ম বুলিয়েই বিবেচিত হৈ আহিছে । ভাবক তীব্ৰ কৰাৰ উপৰি অলংকাৰে কলাপক্ষৰো সৌন্দৰ্য বঢ়াই কাব্যৰ সম্পূৰ্ণতা অনাত সহায় কৰে ।

কাব্যৰ আত্মা ৰসৰ লগতো অলংকাৰৰ অতীৱ ঘনিষ্ঠ সম্পৰ্ক । ৰস সৃষ্টিৰ বাবেও কাব্যত অলংকাৰৰ প্ৰয়োজন হয় । দেহৰ মাজেৰে যিদৰে মানৱাত্মাৰ পৰিচয় মিলে সেইদৰে ভাষাৰ বিচিত্ৰ গতিভংগীৰ যোগেদিহে কাব্যৰ আত্মা ৰসৰ উপলব্ধি হয় । ভাষাক ভাব প্ৰকাশৰ ক্ষমতা দিবলৈ আৰু সহৃদয় পঢ়ুৱৈৰ অন্তৰত ৰসানুভূতি জন্মাবলৈ কাব্যত অলংকাৰৰ সহায় অপৰিহাৰ্য । কাব্যত  ‘লোকাতিক্ৰান্ত – গোচৰতা’ অৰ্থাৎ লৌকিক সীমাক অতিক্ৰম কৰি অলৌকিক গোচৰিভূত কৰিবলৈ আৰু অমূৰ্তক মূৰ্ত কৰিবলৈ অলংকাৰৰ প্ৰয়োজন নিতান্ত বেছি । 

অলংকাৰ প্ৰধানকৈ দুবিধ – শব্দলঙ্কাৰ আৰু অৰ্থালংকাৰ । শব্দালংকাৰৰ ভাগ হল – অনুপ্ৰাস , যমক , শ্লেষ , পুনৰুক্তবদাভাষ , বক্ৰোক্তি ইত্যাদি । অৰ্থালংকাৰৰ ভাগ হল – উপমা , ৰূপক , ব্যতিৰেক, নিদৰ্শনা , উৎপ্ৰেক্ষা , ব্যজস্তুতি , বিৰোধ , বিৰোধাভাস ইত্যাদি ।

৩) অলংকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি ? প্ৰত্যেকৰে সূত্ৰ লিখি উদাহৰণ দিয়া ।

উত্তৰঃ- আলংকাৰিকসকলে কাব্যৰ অলংকাৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছে – শব্দালংকাৰ আৰু অৰ্থালংকাৰ । অন্তৰৰ বিচিত্ৰ ভাবানুভূতি বিচিত্ৰ ৰূপত প্ৰকাশ কৰিবলৈ হলে ভাষা বিচিত্ৰ গুনেৰে পৰিপূৰ্ণ হব লাগে । ভাষাৰ এই গুণ বা ধৰ্মক দুই ভাগত ভগাব পাৰি – সংগীতধৰ্ম আৰু চিত্ৰধৰ্ম । প্ৰত্যেক শব্দৰে দুটাকৈ ৰূপ আছে – ধ্বনি ( Sound ) আৰু অৰ্থ ( Sense ) , ধ্বনিৰ আশ্ৰয়ত শব্দালংকাৰৰ সৃষ্টি হয় আৰু অৰ্থৰ আশ্ৰয়ত অৰ্থালংকাৰৰ সৃষ্টি হয় । ভাষাৰ সংগীতধৰ্ম আৰু চিত্ৰধৰ্মৰ যথাক্ৰমে শব্দালংকাৰ আৰু অর্থালংকাৰৰ সহায়ত বিকাশ লাভ কৰে । 

শব্দালংকাৰ :- যি অলংকাৰে তাৰ স্বাৰ্থকতাৰ কাৰণে সম্পূৰ্ণভাবে শব্দৰ ওপৰত নিৰ্ভৰ কৰে তাকে শব্দালংকাৰ বোলে । এই শব্দৰ প্ৰয়োগৰ ফলত যদি অলংকাৰ হয় আৰু সেই শব্দটো উঠাই লৈ তাৰ ঠাইত একে অৰ্থৰ আন এটা শব্দ ব্যৱহাৰ কৰিলে যদি অলংকাৰ হৈ নাথাকে তেনেহলে সেই অলংকাৰ শব্দ নিৰ্ভৰশীল । গতিকে তেনে অলংকাৰেই শব্দালংকাৰ ।

যেনে :- 

কুবুজ কাম মনোৰথ পুৰল 

বৰদ বৰদ বনমালী ।

এইটো যমক অলংকাৰ । উদাহৰণটোত প্ৰথম ‘বৰদ’ অৰ্থ বৰদাতা আৰু দ্বিতীয় শব্দৰ অৰ্থ শ্ৰেষ্ঠ । অৰ্থাৎ বৰদাতা সকলৰ ভিতৰত শ্ৰেষ্ঠ শ্ৰীকৃষ্ণ।কবিতাৰ শাৰীটো যদি  ‘বৰদ শ্ৰেষ্ঠ বনমালী’ বা ‘শ্ৰেষ্ঠ বৰদ বনমালী’ কৰা হয় তেনেহলে অৰ্থ ঠিকেই থাকিব । কিন্তু  ‘বৰদ বৰদ’  বুলি উচ্চাৰণ কৰোতে যি ধ্বনি বৈচিত্ৰ্যৰ সৃষ্টি হৈছিল সি ধ্বংস হব আৰু তেতিয়া আৰু সি যমক অলংকাৰ হৈ নাথাকে । গতিকে শব্দালংকাৰত শব্দৰ পৰিবৰ্তন কৰিলে সি আৰু শব্দালংকাৰ হৈ নাথাকে । শব্দালংকাৰৰ প্ৰধান ভাগ পাঁচটা – সেইকেইটা হল অনুপ্ৰাস , যমক , শ্লেষ , পুনৰুক্তবদাভাব আৰু বক্ৰোক্তি ।

অর্থালংকাৰ – যি অলংকাৰৰ দ্বাৰা বাক্যৰ অন্তৰ্গত ভাব বা অৰ্থ সমুজ্জ্বল হৈ উঠে তাকে অর্থালংকাৰ বোলে । অর্থালংকাৰত অলংকাৰৰ সাৰ্থকতা বা অস্তিত্ব নিৰ্ভৰ কৰে অৰ্থৰ ওপৰত । শব্দৰ পৰিবৰ্তন কৰি একে অৰ্থযুক্ত আন শব্দ ব্যৱহাৰ কৰিলেও অলংকাৰৰ কোনো ক্ষতি খুন নহয়।অৰ্থৰ প্ৰাধান্য থকাৰ কাৰণে আৰু শব্দ অপ্ৰধান কাৰণে অলংকাৰক অর্থালংকাৰ বোলে । যেনে  ‘সীতাৰ মুখখন ইন্দু সদৃশ্য’  বুলি কেলেই উপমা অলংকাৰ হৈছে । ইয়াক যদি  ‘সীতাৰ মুখখন চন্দ্ৰ সদৃশ’  কৰা হয় তেতিয়াও ই উপমা অলংকাৰেই হৈ থাকিব । গতিকে অর্থালংকাৰত একে অৰ্থসূচক অইন এটা শব্দৰ দ্বাৰা শব্দটোৰ পৰিবৰ্তন ঘটালেও অলংকাৰৰ কোনো ব্যাঘাত নহয় । 

অর্থালংকাৰ সংখ্যাত অসংখ্য । শ্ৰেণীগতভাৱে অর্থালংকাৰসমূহ পাঁচ ভাগত ভগাব পাৰি , সেইবোৰ যেনে – সাদৃশ্যমূলক , বিৰোধমূলক , শৃঙ্খলামুলক , ন্যায়মূলক আৰু গূঢ়াৰ্থ প্ৰতীতিমূলক । 

৪) শব্দালংকাৰ কাক বোলে ? শব্দালংকাৰৰ প্ৰধান ভাগকেইটা উদাহৰণসহ আলচ কৰা ।

উত্তৰঃ- যি অলংকাৰে তাৰ সাৰ্থকতাৰ বাবে সম্পূৰ্ণভাৱে শব্দৰ ওপৰত নিৰ্ভৰ কৰে তাক শব্দালংকাৰ বোলে । প্ৰত্যেক শব্দৰে দুটাকৈ ৰূপ থাকে- ধ্বনি ( Sound ) আৰু অৰ্থ ( Sense ) । ধ্বনিৰ আশ্ৰয়ত শব্দালংকাৰৰ সৃষ্টি হয় । শব্দালংকাৰৰ আবেদন আমাৰ শ্ৰৱনেন্দ্ৰিয় আৰু মনত ।  শব্দালংকাৰৰ প্ৰধান বিশেষত্ব এয়ে যে এনে অলংকাৰত শব্দৰ পৰিৱৰ্তন কৰিব নোৱাৰি । শব্দৰ পৰিবৰ্তন কৰি একে অৰ্থবাচক আন শব্দ দিলে অৰ্থ হয়তো ওলাব কিন্তু অলংকাৰটো লোপ পায় ।

শব্দালংকাৰ প্ৰধানকৈ পাঁচবিধ । যেনে – অনুপ্ৰাস , যমক , শ্লেষ , পুনৰুক্তবদাভাব আৰু বক্তোক্তি । 

ক) অনুপ্ৰাস :- একেবিধ বৰ্ণ বা বৰ্ণগুচ্চ যুক্ত বা বিযুক্তভাৱে একাধিকবাৰ আবৃত্তি বা ধ্বনিত হলে তাক অনুপ্ৰাস অলংকাৰ বোলে । অনুপ্ৰাস শব্দৰ অৰ্থ হল ৰসাদিৰ অনুকূলে ( অনু ) প্ৰকৃষ্টভাৱে ( প্ৰ ) বৰ্ণৰ ন্যাস ( আস ) গতিকে ৰস আদিৰ ব্যঞ্জক অনুৰূপ বৰ্ণাৱলীৰ যথোপযুক্ত স্থানত প্ৰকৃষ্টৰূপে সন্নিবেশ হলেই অনুপ্ৰাস নামেৰে অভিহিত হয় ।

উদাহৰণ স্বৰূপে –

জগজন জীৱন অজন জনাৰ্দন 

দনুজদমন দুখহাৰী 

মোহদানন্দ কন্দ পৰমানন্দ 

নন্দ নন্দন বনচাৰী ।

এই উদাহৰণত প্ৰথম দুটা শাৰীত ‘জ’ আৰু ‘ন’ আন তৃতীয় চতুৰ্থ শাৰীত ‘ন’ আৰু ‘দ’ যুক্ত আৰু বিযুক্তভাৱে আবৃত্ত হোৱাত অনুপ্ৰাস অলংকাৰ হৈছে ।

আকৌ – 

মধুচন্দা মদনৰ 

মোহন মূৰ্ছনা ধ্বনি 

মুখৰিত মঞ্জুবন 

মুকুলিত ফুল মণি ।

এই উদাহৰণত  ‘ম’ ধ্বনিটো সঘনে ব্যৱহৃত হোৱাত অনুপ্ৰাস অলংকাৰ হৈছে ।

খ) যমক :- স্বৰ ব্যঞ্জন বৰ্ণৰ একেটা সমূহৰ একে ক্ৰমতে সাৰ্থক বা নিৰৰ্থকভাৱে যদি পুনৰুক্তিৰ হয় তেতিয়া যমক অলংকাৰ হয় । যি কেইটা স্বৰ ব্যঞ্জনৰ পুনৰুক্তি হয় সেইকেইটা লগলাগি অৰ্থ থকা শব্দও হব পাৰে আৰু অৰ্থ নথকা শব্দও হব পাৰে । কিন্তু যদিহে অৰ্থ থাকে তেনেহলে একেটা অৰ্থতে পুনৰুক্তি হব নোৱাৰে । সাৰ্থক যমকৰ উদাহৰণ

যেনে –

অশ্ৰুৰ নিজৰা সহবেদনাৰ 

অমৃত দলিতা ধৰাৰ ।

এই উদাহৰণত প্ৰথম  ‘অমৃত’ শব্দৰ অৰ্থ অক্ষয় , অমৰ আৰু দ্বিতীয়  ‘অমৃত’ শব্দৰ অৰ্থ সুধা । ইয়াত দুয়োটাই সাৰ্থক ।

আকৌ : 

মেধাবী মঞ্জৰী লৈ আহিল মাধাৱী

গীতি গন্ধ ৰসে ভৰপূৰ ।

এই উদাহৰণত প্ৰথম  ‘মাধাৱী’ শব্দৰ অৰ্থ ফুল আৰু দ্বিতীয় ‘মাধৱী’ শব্দৰ অৰ্থ বসন্ত ঋতু । সাৰ্থক – নিৰৰ্থক যমকৰ উদাহৰণ

যেনে – 

বিৰিন্দা বিপিন           বিহাৰ বিশাৰদ 

শাৰদ চন্দ্ৰ সমান ।

এই উদাহৰণত দ্বিতীয়  ‘শাৰদ’ শব্দৰ অৰ্থ শৰৎকালীন । ই সাৰ্থক । কিন্তু প্ৰথমটো  ‘বিশাৰদ’ৰ ‘বি’ বাদ দিলে  ‘শাৰদ’ নিৰৰ্থক ।

আকৌ – 

মধু মূৰ নৰক নিবাৰণ বাৰণ 

কুবলয় জীৱন হাৰী ।

এই উদাহৰণত ‘নিবাৰণ’ৰ  ‘নি’ বাদ দিলে  ‘বাৰণ’ শব্দৰ কোনো সাৰ্থকতা নাই গতিকে নিৰৰ্থক আৰু দ্বিতীয় ‘বাৰণ’ শব্দটো হাতী অৰ্থত সাৰ্থক ।

গ) শ্লেষ :- বাক্যত ব্যৱহৃত এটা পদত যদি এটাৰ বেছি অৰ্থ লগলাগি থাকে তেনেহলে তাত শ্লেষ অলংকাৰ হয় । শ্লেষ মানে লগলাগি থকা । দুটা বা তাতকৈ বেছি অৰ্থ একেটা শব্দত লগলাগি থকা কাৰণে এই অলংকাৰক শ্লেষ বোলে ।

যেনে – 

অঘনাশন মাধৱ পাৱে নমো 

এই উদাহৰণত  ‘অঘ’ মানে পাপ । যি মাধৱ শ্ৰীকৃষ্ণই মনৰ সকলো পাপ দূৰ কৰি দিয়ে এই অৰ্থত  ‘অঘনাশৰ’ শব্দৰ প্ৰয়োগ হৈছে । কিন্তু  ‘অঘনাশন’ পদত ‘অঘ’ নামৰ অসুৰৰ নিৰাশকাৰী অৰ্থও লগলাগি আছে।গতিকে ইয়াত শ্লেষ অলংকাৰ হৈছে ।

আকৌ – 

সুধাকৰ স্পৰ্শ তাৰ গুচালে সন্তাপ ।

এই উদাহৰণত সুধাকৰ শব্দৰ অৰ্থ চন্দ্ৰ , জোন । জোনৰ শীতল স্পৰ্শই তাৰ জহকালীৰ  দিনৰ উত্তাপ প্ৰশমিত কৰিলে । পিছে সুধাকৰটো ভাঙি  ‘সুধা’ আৰু  ‘ক’  এই দুটা পদ কৰিলে  ‘সুধা’ অৰ্থাৎ মৰমৰ অমিয়া সনা সুখদায়ক  ‘কৰ’ অৰ্থাৎ হাতৰ স্পৰ্শ ই তাৰ মনৰ সকলো সুখৰ উপশম কৰিলে । এনেদৰে  ‘সুধাকৰ’ শব্দৰ দুটা অৰ্থ পাব পাৰি । সেয়ে ই শ্লেষ অলংকাৰ । 

ঘ) পুনৰুক্তবদাভাষ :- পুনৰুক্ত মানে কোৱাকে কোৱা , বৎ মানে নিচিনা, আভাষ মানে যেন লগা অৰ্থাৎ কোৱাৰ নিচিনা লগা । তেতিয়া একেই অৰ্থ বুজোৱা একোটা শব্দৰ প্ৰতিশব্দ এটা ওচৰা উচৰিকৈ ব্যৱহৃত হলে পুনৰুক্তি হোৱা যেন লাগে । আচলতে পৃথক অর্থতহে প্ৰয়োগ হয় তেতিয়াই পনৰুক্তবদাভাষ অলংকাৰ হয় ।

যেনে – 

উৰু কৰিকৰ ভুজ ভুজঙ্গ সাক্ষাৎ ।

এই উদাহৰণত  ‘কৰ’ আৰু ‘ভুজ’ শব্দৰ অৰ্থ একে যেন লাগে । কিন্তু প্ৰকৃততে ইয়াত ‘কৰ’ শব্দৰ অৰ্থ হাতীৰ শুৰ আৰু ভুজ মানে হাত ।

আকৌ – 

সেই নিৰলাত           থাকিম নিজানে 

কাষত তোমাৰ মধুৰ গান । 

এই উদাহৰণত  ‘নিৰলা’ আৰু  ‘নিজান’ সমাৰ্থক শব্দ যেন লাগে । পিছে ‘নিৰলা’ শব্দৰ অৰ্থ ইয়াত গৃহ আদি আশ্রয়হীন , জনকোলাহলশূণ্য স্থান আৰু ‘নিজান’ শব্দৰ অৰ্থ জনপ্ৰাণীবিহীন নি:সংগ । সেয়ে ই পুনৰুক্তবদাভাষ অলংকাৰ । 

ঙ) বক্ৰোক্তি :- যেতিয়া কোনো বক্তাই কয় এক অৰ্থত আৰু শ্ৰোতাই জানি- শুনিও আন অৰ্থত লৈ আচল অৰ্থটো লুকুৱাব খোজে তেতিয়া বক্ৰোক্তি অলংকাৰ হয় ।

যেন – 

এনে কাৰিকৰী শিলত কটোৱা 

অসভ্য আছিলনে সিজাতি সিদিন ;

এই অসমৰ অসভ্য জাতিৰ 

পূৰ্ব পুৰুষৰ হয় বা ই চিন ?

এই উদাহৰণতে অসভ্য আছিলনে বুলি কবিয়ে প্ৰশ্ন কৰিলেও বক্তব্য হল কেতিয়া অসভ্য নাছিল । এই অসভ্য জাতিৰ পূৰ্বপুৰুষসকল যে অতি সুসভ্য আছিল সেই কথাকে কবিয়ে কব খুজিছে । আকৌ –মোক বিহা কৰিবাক আইলা শিশুপাল 

মোৰ মনে টেৰেতো জীৱন ভৈল ভাল । 

এই উদাহৰণত ৰুক্মিণীয়ে শিশুপালৰ লগত বিবাহ হলে তেওঁৰ জীৱন ভাল হব বুলি কৈছে যদিও আচলতে নিজৰ জীৱন ভাল নহব অৰ্থাৎ নিজৰ জীৱনৰ ব্যৰ্থতাৰ কথাহে তেওঁ ইয়াৰ মাজেদি প্ৰকাশ কৰিছে । সেইবোৰ ই বক্ৰোক্তি অলংকাৰ ।

৫) উপমা অলংকাৰ কাক বোলে ? উপমা অলংকাৰৰ প্ৰধান ভাগসমূহ উদাহৰণসহ আলোচনা কৰা ।

উত্তৰঃ- স্পষ্ট আৰু বৈচিত্ৰ্যজনিত সাদৃশ্যকে উপমা অলংকাৰ বোলে । এই সাদৃশ্য গুণগত হব পাৰে , ক্ৰিয়াগত হব পাৰে বা গুণ আৰু ক্ৰিয়া উভয়তে হব পাৰে । উপমাৰ সাদৃশ্য হল বিভাগীয় বস্তুৰ মাজত সমধৰ্মৰ সাদৃশ্য । 

উপমা সাদৃশ্যমূলক অলংকাৰ । সাধাৰণতে সাদৃশ্যমূলক অলংকাৰ বিলাকৰ লুকাই হওক বা দেখাদেখিকৈয়ে হওক চাৰিটা অংগ থাকে – উপমেয় , উপমান , সাধাৰণ ধৰ্ম আৰু উপমাবাচক শব্দ । যাক তুলনা কৰা যায় তাক উপমেয় , যাৰ লগত তুলনা কৰা যায় তাক উপমান , যিহৰ গুণৰ তুলনা কৰা যায় তাক সাধাৰণ ধৰ্ম আৰু যি শব্দৰে তুলনাৰ অৰ্থটো ওলাই পৰে তাক উপমাবাচক শব্দ বোলে । 

মোৰ এই হিয়াখনি   জেতুকা পাতৰ দৰে 

সেউজীয়া বননিৰ বৰণেৰে ঢকা ।

এই উদাহৰণত উপমেয় হিয়াখনি , উপমান জেতুকা পাত , সাধাৰণ ধৰ্ম সেউজীয়া , বননিৰ বৰণ আৰু উপমাবাচক শব্দৰ দৰে । 

ক) পূৰ্ণোপমা :- যি উপমাত উপমাৰ আটাইকেইটা অংগ অৰ্থাৎ উপমেয়, উপমান , সাধাৰণ ধৰ্ম আৰু উপমাবাচক শব্দ উপস্থিত থাকে তাকে পূৰ্ণোপমা বোলে । যেনে – 

ক) ঘৰতো নবহে মন সমনীয়া 

পথাৰতো নবহে মন 

কমোৱা তুলাবোৰ যেনেকৈ উৰিছে 

তেনেকৈ উৰিবৰ মন ।

এই উদাহৰণত উপমেয় মন ; উপমান কমোৱা তুলা ; সাধাৰণ ধৰ্ম উৰা আৰু উপমাবাচক শব্দ যেনেকৈ তেনেকৈ । 

খ)  কৰিকৰ সম উৰু , বৰ্তুল বলিত । 

এই উদাহৰণত উপমেয় উৰু , উপমান কৰিকৰ ( হাতীৰ শুৰ ) , সাধাৰণ ধৰ্ম বৰ্তুল  বলিত আৰু উপমাবাচক শব্দ সম । উপমাৰ চাৰিওটা অংগ প্ৰকাশিত হোৱাৰ ই পূৰ্ণোপমা হৈছে । 

খ) লুপ্তোপমা :- যেতিয়া উপমাৰ অংগসমূহৰ কোনোবা এটা বা দুটা লুপ্ত হৈ থাকে , বিচৰাত কিন্তু আটাইকেইটাই ধৰা পৰে , তেনে উপমাকে লুপ্তোপমা বোলে ।

যেনে – 

ক) কমলদল জল চিত্ত চঞ্চল 

থিৰ নোহে এক তিল ।

এই উদাহৰণত উপমেয় চিত্ত , উপমান কমলদল জল , সাধাৰণ ধৰ্ম চঞ্চলতা । ইয়াত উপমাবাচক শব্দটো লুপ্ত হৈ আছে । বাক্যটো পুৰাকৈ লিখিলে হব – কমলদল জলৰ দৰে চিত্ত চঞ্চল । 

খ) জলে উৎপল যেন সূৰ্যৰ উদয় ।

দশৰথ সমে সোমহত ৰাজাচয় ।।

এই উদাহৰণত উপমেয় ৰাজাচয় , উপমান উৎপল , উপমাবাচন শব্দ যেন । ইয়াত সাধাৰণ ধৰ্মটো ( সংকুচিত হোৱা ) লুপ্ত হৈ আছে । 

গ) মালোপমা :- একোডাল সূতাতে বহুত ফুল দি মালা গাঁথাৰ দৰে এটা উপমেয়ৰ লগত কেইবাটাও উপমাৰ সম্বন্ধ ঘটালে তাক মালোপমা বোলা হয় । যেনে – 

ক) কণ্টকে কেতেকী , পংকে পংকজিনি 

কিংবা আন্ধাৰ ভূ – গৰ্ভে মুক্তা ৰত্ন যথা 

এই ৰমণী ৰতন , 

 কৰিল অথলে ভীক্ষাৰীৰ হাতে ।

ওপৰৰ উদাহৰণটোত উপমেয় এই ৰমণীৰতন ( সীতা ) । সেই উপমেয়ৰ লগত কণ্টকে কেতেকী , পংকে পংকজিনী আৰু আন্ধাৰ ভূ – গৰ্ভৰ মুক্তা ৰত্ন – এই তিনিটা উপমান যুক্ত হোৱাত মালোপমা অলংকাৰ হৈছে । 

খ) কৃষ্ণ বক্ষে জলে যেন স্ফটিকৰ মণি 

কিম্বা শ্যাম দুৰ্বাদলে 

যথা জলবিন্দু জলে 

ছায়াবৃত জলে যেন শোভে কমলিনী 

বিস্তীৰ্ণ সমুদ্রে কিম্বা ধৱল তৰণী । 

এই উদাহৰণত উপমেয় নীলা আকাশৰ বুকুত থকা এটুকুৰা বগা মেঘক যথাক্ৰমে কলা বুকুত জিলিকি থকা স্ফটিকৰ মণি , সেউজীয়া বননিত জিলিকি থকা পানীৰ টোপাল , ছাঁ পৰি থকা বিলত পদুম আৰু সাগৰত বগা পালতৰা নাৱৰ উপমানৰ লগত তুলনা কৰাত মালোপমা অলংকাৰ হৈছে ।

৬) ৰূপক অলংকাৰৰ এটি সংজ্ঞা দি এই অলংকাৰৰ সকলো ভাগ সামৰি এটি আলচ যুগুত কৰা ।

উত্তৰঃ- অতি সদৃশ হেতুকে উপমেয়ৰ ওপৰত উপমান আৰোপ কৰাতে ৰূপক অলংকাৰৰ সৃষ্টি । যেনে – ‘মুখচন্দ্ৰ’ অথবা  ‘মুখখন এপাহ পদুম’– এই দুটা উদাহৰণত উপমেয়ৰ ওপৰত উপমান আৰোপিত হৈছে । সেয়েই ৰূপক অলংকাৰ । 

ৰূপক অলংকাৰ তিনিবিধ – ১) নিৰংগৰূপক , ২) সাংগৰূপক আৰু ৩) পাৰস্পৰিক ৰূপক ।

১) নিৰংগৰূপক :- যেতিয়া এটা উপমেয়ৰ ওপৰত এটা উপমান আৰোপ কৰা হয় তেতিয়া  নিৰংগৰূপক হয় ।

যেনে : 

  শত বৰষৰ ধূলিত হেৰোৱা 

জীৱন কুসুমে মেলিব পাহি ।

এই উদাহৰণত জীৱক কুসুম বুলি কৈ জীৱনৰ ওপৰত কুসুমক আৰোপ কৰা হৈছে । কুসুমৰ পাহি আছে , ৰেণু আছে আৰু সেই কুসুম ফুলা ফুলনি আছে । কিন্তু সেইবোৰ উল্লেখ ইয়াত নাই । জীৱন কুসুম এটা অকলশৰীয়া ৰূপক ।

২) সাংগৰূপক :- এটা অংগী উপমেয় ওপৰত এটা অংগী উপমান আৰোপ কৰি সেই উপমেয়ৰ অংগবিলাকৰ ওপৰতো বিভিন্ন অংগ উপমান আৰোপ কৰা হলে তাক সাংগৰূপক বোলে ।

যেনে : 

হিয়াৰ ফুলনি উজলাই পুনু 

ফুলিব চেনেহ কুসুম পাহি ।

ইয়াত প্ৰথমে হিয়াখনক ফুলনি বুলি কল্পনা কৰা হল অৰ্থাৎ হিয়াক ফুলনিত আৰোপ কৰা হল । ফুলনি থাকিলেই তাৰ অংগস্বৰূপ ফুল থাকিব লাগিব । হিয়াখন যদি ফুলনি তেনেহলে সেই ফুলনিৰ ফুল হল চেনেহ কুসুম ‘ । ফুলনি আৰু তাৰ অংগ ফুলেৰে সৈতে আৰোপ পোৱা বাবে ই সাংগৰূপক ।

৩) পৰস্পৰিক ৰূপক :- যদি এটা উপমেয়ত উপমানৰ আৰোপ আন এটা উপমেয়ত উপমান আৰোপৰ কাৰণ হয় তেতিয়া পৰস্পৰে ক্ৰমে ইটোৰ পাছত সিটোকৈ যি ৰূপক হয় তাকে পৰস্পৰিক ৰূপক বোলে ।

যেনে : 

তৰ্কশাস্ত্ৰ মহাব্যাঘ্ৰী তাহান নিপুণ পতি 

তাৰ শিষ্য ভৈল পুত্ৰ প্ৰায় । 

সংসাৰ বনত পশি পতি পুত্ৰ সমন্বিতে 

উপনিষৎ ধেনু ধৰি খায় । 

এই উদাহৰণত তৰ্কশাস্ত্ৰত ব্যাঘ্ৰীত্ব আৰোপ কৰা হৈছে । এইটোৱেই হল প্ৰধান ৰূপক । এই ৰূপকটো নোহোৱা হলে নিপুণ পতি , শিষ্য – পুত্ৰ , সংসাৰ বন , উপনিষদ ধেনু আদি বিভিন্ন ৰূপকৰ প্ৰয়োজন নহলহেঁতেন। 

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

৭) তলৰ অলংকাৰ বোৰৰ সূত্ৰ লিখি উদাহৰণ দিয়া :-

ক) শ্লেষ :- বাক্যত এটা শব্দৰেই দুটা বা ততোধিক অৰ্থ একেলগে কোৱাকে শ্লেষ অলংকাৰ বোলে । শ্লেষ মানে লগলাগি থকা । দুটা বা তাতকৈ বেছি অৰ্থ একেটা শব্দত লগ লাগি থাকে কাৰণে এই অলংকাৰক শ্লেষ বোলে ।

যেনে :- খৰ শৰ কৰিলেক ভস্মৰাশি । 

এই উদাহৰণত  ‘খৰ’ শব্দটোৰ তিনিটা অৰ্থ প্ৰতিভাত হয় – দ্ৰুতভাৱে নিক্ষীপ্ত , তীক্ষ্ণ আৰু খৰ নামৰ ৰাক্ষস ।

আকৌ :

নিৰ্গুণ কৃষ্ণৰ গাঁৱে সদা

সিয়া তথাত ।।

এই উদাহৰণত নিৰ্গুণ শব্দৰ অৰ্থ – গুণৰ অতীত আৰু গুণহীন । এনেদৰে একেটা শব্দৰে দুটা অৰ্থ লাগি থকাত ই শ্লেষ অলংকাৰ হৈছে । 

২) উৎপ্ৰেক্ষা :- উৎপ্ৰেক্ষা শব্দৰ ব্যুৎত্তিগত অৰ্থ হল – উৎ – অৰ্থ বা প্ৰবল আৰু প্ৰেক্ষা মানে দৰ্শন বা আশংকন । উপমেয়ক উপমান বুলি কৰা একপক্ষীয় প্ৰবল সন্দেহৰ ভিত্তিক উপমেয় উপমানৰ যি একৰূপতাৰ কল্পনা কৰা হয় তাকে উৎপ্ৰেক্ষা অলংকাৰ বোলে । উৎপ্ৰেক্ষাবাচক কিছুমান শব্দ আছে । সেইবোৰ হৈছে যেনে , যেনিবা , কিজানি , বোধহয় ইত্যাদি । উৎপ্ৰেক্ষাবাচক শব্দ ব্যৱহাৰ কৰি যি উৎপ্ৰেক্ষা অলংকাৰ সৃষ্টি কৰা হয় তাক বাচ্যা উৎপ্ৰেক্ষা বোলে ।

যেনে :

পৰ্ব তীয়া জুৰিটিৰ জিৰণিত 

শুনো যেন বিননিৰ সুৰ ।

এই উদাহৰণত উপমেয় জিৰ জিৰণি আৰু উপমান বিননি । জিৰজিৰণিটো বিননি ৰূপত প্ৰতিফলিত হৈছে । যদিও তাৰ কাৰণ হল কবিৰ দোষভৰা অন্তৰত কিন্তু প্ৰকাশৰ ভংগীত উপমান বিননিয়ে গুৰুত্ব বেছিকৈ পাইছে । 

তেতিয়া উৎপ্ৰেক্ষাবাচক শব্দ নাথাকে অথচ অৰ্থৰ পৰাই উৎপ্ৰেক্ষাৰ প্ৰতীত হয় এনে উৎপ্ৰেক্ষাক প্ৰতীয়মানা উৎপ্ৰেক্ষা বোলে ।

যেনে :

তাজ তুমি ৰঙা তেজ 

বিৰহীৰ অন্তৰৰ 

গোট মাৰি শিলা হোৱা 

মৰ্মভেদী ব্যথা ।

এই উদাহৰণত তাজমহল মৰ্মৰ সৌধ হৈ নাথাকে বিৰহীৰ ব্যথা গোট মাৰি শিলা হৈ পৰিছে । কবি কল্পনাত তাজমহল উপমেয়ৰ ওপৰত সন্দেহটো নাথাকি সন্দেহটো ৰলগৈ বিৰহ ব্যথাৰ গোট মাৰি হোৱা শিলাৰ ওপৰত । ইয়াত উৎপ্ৰেক্ষাবাচক যেন শব্দটো নাই । উৎপ্ৰেক্ষাটো উপমানত পাব পৰাৰ কাৰণে ই প্ৰতীয়মান উৎপ্ৰেক্ষা । 

৩) ৰূপক :- অতিসাদৃশ্য হেতুকে উপমেয়ৰ ওপৰত উপমান আৰোপ কৰাকে ৰূপক অলংকাৰ বোলে । যেনে  ‘মুখচন্দ্ৰ’ বা ‘মুখখন এপাহ পদুম’ এই উদাহৰণ দুটাত মুখ উপমেয়ৰ ওপৰত চন্দ্ৰ আৰু পদুম উপমান আৰোপ কৰাত ৰূপক অলংকাৰ হৈছে । ৰূপক অলংকাৰ দুবিধ – সাংগৰূপক আৰু নিৰংগৰূপক । কেৱল এটা উপমেয়ৰ ওপৰত আন এটা উপমানৰ আৰোপ থাকিলে তাক নিৰংগৰূপক বোলে ।

যেনে :

শত বৰষৰ ধূলিতে হেৰোৱা 

জীৱন কুসুমে মেলিব পাহি ।

এই উদাহৰণত জীৱনক কুসুম বুলি কৈ জীৱনৰ ওপৰত কুসুমক আৰোপ কৰা হৈছে । কুসুমৰ পাহি আছে , ৰেণু আছে আৰু সেই কুসুম ফুলা ফুলনি আছে । কিন্তু সেইবোৰৰ উল্লেখ ইয়াত নাই । এনে ধৰণৰ অংগ বিলাকৰ আৰোপ নথকা অকলশৰীয়া ৰূপকক নিৰংগৰূপক বোলে ।

যেতিয়া এটা অংগী উপমেয়ৰ ওপৰত এটা অংগী উপমান আৰোপ কৰি সেই উপমেয়ৰ অংগবিলাকৰ ওপৰতে বিভিন্ন অংগ উপমান আৰোপ কৰা হয় তেতিয়া তাক সাংগৰূপক বোলে ।

যেনে : 

দুৰ্ঘোৰ সাগৰ সেনাবল কৌৰৱৰ ।

দ্ৰোণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ ।

মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই । 

লীলায়ে তাৰিলা তাক গোখোজ পৰায় ।।

এই উদাহৰণত কৌৰৱৰ সেনাবল সাগৰৰূপে কল্পিত হৈছে । সাগৰ থাকিলে তাত কুম্ভীৰ – মগৰ আদি থাকিব । দ্ৰোণ , ভীষ্ম আদি কুৰু সেনাপতিসকল তেনে কুম্ভীৰ মগৰ । পাণ্ডৱসকলে কৃষ্ণ – নৌকাৰে সেই সাগৰ পাৰ হল । ইয়াত সাগৰ , সাগৰৰ জন্ম , সাগৰ পাৰ হব পৰা নাও আদি সকলো ৰূপটোত সোমাই থকাত ই সাংগৰূপক হৈছে ।

৪) ছেকানুপ্ৰাস :- দুটা বা ততোধিক বৰ্ণ একেটা ক্ৰমতে যুক্ত বা বিযুক্তভাৱে দুবাৰ ধ্বনিত হলে অৰ্থাৎ এবাৰ মাত্ৰ আবৃত হলে ছেকানুপ্ৰাস অলংকাৰ হয় । ছেক মানে চতুৰ । ছেকানুপ্ৰাস শব্দৰ অৰ্থ হল বিদগ্ধ কবিয়ে প্ৰয়োগ কৰা অনুপ্ৰাস ।

যেনেঃ 

ক) ললিত ৰলিত ভুজ ভুজংগৰ কায় । / নখ আৰকত কব কিশলয় প্ৰায়: 

খ) মৰণ যাচোঁ বাণী / তোমাৰ চৰণ কমল চুমি ।

ওপৰত ‘ক’ উদাহৰণত ললিতৰ  ‘লিত’ আৰু বলিতৰ ‘লিত’ । ভুজ আৰু ভুজংগৰ ভুজ আৰু  ‘খ’ উদাহৰণত মৰণ আৰু চৰণত  ‘ৰণ’ দুবাৰ ধ্বনিত হোৱাত ছেকানুপ্ৰাস অলংকাৰ হৈছে ।

৫) অন্ত্যানুপ্ৰাস :- কবিতাৰ স্তৱকৰ পংক্তিৰ অন্তিম ধ্বনিৰ হোৱাত পুনৰাবৃত্তিয়েই হল অন্ত্যানুপ্ৰাস অলংকাৰ ।

যেনেঃ 

এইটো নহয় হাঁহি ধেমালিৰ 

ভাগৰ জুৰোৱা গান ,

ই যেন জীৱন মৰণ একাকাৰ কৰা 

অগ্নি বীণাৰ তান ।

ওপৰৰ উদাহৰণটোত  ‘গান’ আৰু  ‘তান’ অন্ত্যমিলন অনুপ্ৰাস অলংকাৰ হৈছে । অনুপ্ৰাস স্বৰবৰ্ণৰ স্থান নাই বুলি কোৱা হয় যদিও অসমীয়াত অন্ত্যানুপ্ৰাস অলংকাৰত স্বৰবৰ্ণৰ সাম্যও ধৰা পৰে ।

যেনেঃ 

গড় গাঁও গড় গাঁও 

কথা শুনি তল যাওঁ 

বাট দেখি পিছলে যে পাওঁ ।

এই উদাহৰণত কবিতাৰ শাৰীৰ শেষৰ বৰ্ণ স্বৰবৰ্ণৰে শেষ হোৱাত অন্ত্যানুপ্ৰাস অলংকাৰ হৈছে ।

৬)  বৃত্তানুপ্ৰাস :- বৃত্তি মানে গুণ । ৰসাদিৰ অনুকূলে ব্যঞ্জনবৰ্ণৰ বিন্যাসেই বৃত্তানুপ্ৰাস অলংকাৰ । এটা বা ততোধিক বৰ্ণ দুবাৰ বা ততোধিকবাৰ আবৃত্ত হলেই বৃত্তানুপ্ৰাস অলংকাৰ হয় ।

যেনেঃ

দিনমণি দীন প্ৰায় , অমল সমল 

মৃত্যুপতি মৃত যেন , বিষন্ন বৰণ । 

ইয়াত প্ৰথম শাৰীত  দ  আৰু  ল  দ্বিতীয় শাৰীত  ম  আৰু  ব  দুবাৰকৈ ধ্বনিত হোৱাত বৃত্তানুপ্ৰাস অলংকাৰ হৈছে ।

আকৌ :

পৰম পুৰুষ পুৰাতণ পাপী পাবন ।

এই উদাহৰণত  প  আৰু  ৰ  বৰ্ণ সঘনাই আবৃত্ত হোৱাত বৃত্তানুপ্ৰাস অলংকাৰ হৈছে ।

৭) পূৰ্ণোপমা :- যি উপমাত উপমাৰ চাৰিওটা অংগ অৰ্থাৎ উপমেয় , উপমান , সাধাৰণ ধৰ্ম আৰু উপমাবাচক শব্দ সকলোকেইটা থাকে তাকে পূৰ্ণোপমা বোলে ।

যেনেঃ 

কৰতল ৰাতুল উৎপল তুল । 

হাতৰ তলুৱা পদুম ফুলৰ দৰে ৰঙা । এই উদাহৰণত উপমেয় কৰতল , উপমান উৎপল সাধাৰণ ধৰ্ম ৰাতুল আৰু উপমাবাচক শব্দ তুল – এইকেইটা অংগ থকাত ই পূৰ্ণোপমা হৈছে ।

আকৌ :

নৃপতিৰ মাজে ৰজা প্ৰকাশন্ত বসি 

গ্ৰহগণ মধ্যে যেন পূৰ্ণিমাৰ শশী । 

এই উদাহৰণত উপমেয় নৃপতি আৰু ৰজা উপমান , শশী আৰু গ্ৰহগণ সাধাৰণ ধৰ্ম  ‘মাজে বসি প্ৰকাশন্ত’  আৰু উপমাবাচক শব্দ যেন । 

৮) লুপ্তোপমা :- যেতিয়া উপমাৰ অংগকেইটাৰ এটা বা দুটা অংগ লুপ্ত হৈ থাকে অথচ বিচাৰ কৰিলে কিন্তু কেইটাই ধৰা পৰে তেনে উপমাকে লুপ্তোপমা বোলে ।

উদাহৰণ যেনেঃ 

কমলদল জল চিত্ত চঞ্চল 

থিৰ নোহে তিল এক । 

এই উদাহৰণত উপমেয় চিত্ত উপমান কমলদল জল , সাধাৰণ ধৰ্ম চঞ্চলতা , উপমাবাচক শব্দ ইয়াত লুপ্ত হৈ আছে । বাক্যটো পুৰাকৈ লিখিলে হব – কমলদল জলৰ দৰে চিত্ত চঞ্চল । আকৌ , কৰতল উৎপল ৰাতা । 

এই উদাহৰণত উপমেয় কৰতল , উপমান উৎপল , সাধাৰণ ধৰ্ম ৰাতা 

( ৰঙা ) কিন্তু উপমাবাচক শব্দ লুপ্ত হৈ থকাত ই লুপ্তোপমা হৈছে । 

৯)  মালোপমা :- একেডাল সূতাতে বহুতো ফুল দি মালা গাঁথাৰ দৰে এই উপমেয়ৰ লগত কেইবাটাও উপমানৰ সম্বন্ধ ঘটালে তাকে মালোপমা বোলে ।

যেনেঃ

তাসম্বাৰ মাজে দেৱী সংসাৰত সাৰা । 

   মেঘে যেন ঢাকি আছে সৰ্বোত্তম তাৰা ।।

   কেশ যেন ঢাকি আছে , চম্পক মল্লিকা ।

  ভস্মে যেন ঢাকি আছে অগণিত শিখা ।।

এই উদাহৰণত উপমেয় দেৱীৰ লগত তিনিটা উপমান সংযুক্ত কৰা হৈছে– মেঘে ঢকা তৰা , মল্লিকা ফুল আৰু ছাইৰ মাজত লুকাই থকা অগ্নিকণা । এনেদৰে এটা উপমেয়ৰ লগত কেইবাটাও উপমান সংযুক্ত কৰাত ই মালোপমা অলংকাৰ হৈছে । 

১০) ব্যতিৰেক :- উপন্যাসতকৈ ( যাৰ লগত তুলনা কৰা হয় ) উপমেয়ক ( যাক তুলনা কৰা হয় ) গুণত অধিক বুলি দেখুৱালে ব্যতিৰেক অলংকাৰ হয় । যেনে : 

ক) সৎলোক পৰ্বতৰ দৰে উন্নত , কিন্তু তেওঁলোক স্বভাৱতে কোমল ।

খ) “শাৰদ ইন্দুনিন্দি আনন শোভিত ….” । ( বৰগীত ) 

গ) “উষাৰ বদনে পূৰ্ণ চন্দ্ৰক জিনয় ।’

১১) নিদৰ্শন :-  কোনো বস্তুৰ অসম্ভৱ কাৰ্য বা ধৰ্মৰ সাদৃশ্য কল্পনা কৰাকে নিদৰ্শন অলংকাৰ বোলে ।

যেনেঃ 

ক)      “হাতী হৈ মাখি ভৈলো          গো খোজত তল গৈলো 

কচুত ভাঙিলো মই কাচি ।”

খ)       “একো নিজিজ্ঞামি ফুৰ শৰীৰৰ বলে ।

           অগ্নিক ৰাখিতে যাহা বস্ত্ৰৰ অঞ্চলে ।।”

১২) বিৰোধ :- যি বস্তুৰ যি ধৰ্ম তাৰ ওলোটা ভাব মনলৈ আহিলে বা প্ৰকাশ কৰিলে বিৰোধ অলংকাৰ হয় ।

যেনেঃ

ক)  “চন্দনৰ লেপে কৰে শৰীৰ শীতল ।

          মই দেখোঁ তাপ কৰে মেমত অনল ।।’ ( শকুন্তলা কাব্য ) 

খ) ‘যদিও ৰামৰ হাত শিলৰ নিচিনা , 

         তুলা যেন পাবা কিন্তু তোমাৰ দেহত ।’ 

গ) ‘দিৱস নাযাই সুখে নুপুহে ৰয়ণী । 

         চান্দ , চন্দন মন্দ পবন বৈৰিণী ।।’ ( বৰগীত ) 

১৩) বিৰোধাভাস :- দেখাত বিৰোধ হলেও গমি চালে যত বিৰোধ নাথাকে সেয়ে বিৰোধাভাস অলংকাৰ । 

ক)  “চকু নাই দেখিছে সকল , 

       আকাশ , পাতাল , জল , স্থল । 

       কাণ নাই সকলো শুনিছে , 

       হাত নাই সকলো ধৰিছে , 

       ভৰি নাই সৰ্বত্রতে কৰিছে গমন ।” 

খ) “বন বাস ব্ৰত যত গৃহত কৰিবো ।” 

      ( ভৰতে ৰামৰ আগত কোৱা কথা ) 

১৪) লক্ষণা :- পৰম্পৰ ঘনিষ্ঠ সম্বন্ধ থকা এটা বস্তুৰ নামত যদি আন এটা বস্তুৰ বোধ হয় তেতিয়া তাক লক্ষণা অলংকাৰ বোলা হয় ।

যেনেঃ

ক)  ‘দৈনিক অসমে’ কয় কিতাপখন ভাল হৈছে ।

( ইয়াত ‘দৈনিক অসম’ৰ সম্পাদকক বুজা হৈছে । )’ 

খ)  সৌ ওখ গছডালেই মোৰ ঘৰ । 

( ইয়াত গছডালৰ ওচৰ ঠাইক বুজোৱা হৈছে । ) 

১৫) ব্যজস্তুতি বা বিপৰীত লক্ষণা :- নিন্দাৰ চলেৰে প্ৰশংসা আৰু প্ৰশংসাৰ চলেৰে নিন্দা কৰাকে ব্যজস্তুতি বা বিপৰীত লক্ষণা অলংকাৰ বোলে ।

যেনেঃ 

ক)  নিন্দাৰ চলেৰে প্ৰশংসা – 

‘নিকৰুণ চোৰ আৰু ভীৰু অতিশয় । 

চল কৰি অবলাৰ মন কাঢ়ি লয় ।।’ 

খ) প্ৰশংসাৰ চলেৰে নিন্দা – শিশু কৃষ্ণই গুৱালী পাৰাত চুৰি কৰি লৱণু খাবলৈ গৈ ধৰা পৰাত পৰুৱা গুচাবলৈহে লৱণুভাণ্ডৰ হাত ভৰাইছিলোঁ বুলি কোৱাত গোপীয়ে কৃষ্ণৰ চতুৰী বুজিব পাৰি প্ৰশংসাৰ চলেৰে নিন্দা কৰিছে –

“গোপীবোলে উপকাৰ কৰি আছ ভাল ।

       কিসক জগাইলা মোৰ নিদ্ৰাৰ ছৱাল ।।” ( মাধৱদেৱ )

৮) শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ মাজত কেনে ধৰণৰ পাৰ্থক্য আছে , উদাহৰণসহ বুজাই দিয়া ।

উত্তৰঃ- সাহিত্যৰ অলংকাৰৰ ভাগ দুটা ; শব্দালংকাৰ আৰু অৰ্থালংকাৰ। একে সাহিত্যৰ অলংকাৰ হলেও ইয়াৰ মাজত পাৰ্থক্য আছে । 

ক) শব্দালংকাৰত শব্দ বা আখৰৰ বিবিধ ভংগী বা ব্যৱহাৰে ভাষা সাহিত্যৰ জেউতি বঢ়ায় ।

যেনেঃ 

‘দীননাথ দীন দয়াল দীন দান দিয়া ।’ 

ইয়াত ‘দীন’ শব্দ তথা দ , ন-ৰ বিবিধ ভংগী বা ব্যৱহাৰত বাক্যটিৰ জেউতি বঢ়াইছে । 

অৰ্থালংকাৰত শব্দ আৰু বাক্যক নানা অৰ্থত নানাভাবে ব্যৱহাৰ কৰি অৰ্থৰ চমৎকাৰিত্ব বা সৌন্দৰ্য বঢ়োৱা হয় ।

যেনেঃ 

“ফুলিবিনে মোৰ মানস কুঞ্জত 

    অ’ মোৰ দৰদী ফুলাম পাহি – ” 

ইয়াত ‘মন’ শব্দৰ সলনি ‘মানস কুঞ্জত’ আৰু কোনোবা মৰমৰ প্ৰেয়সীৰ সলনি “দৰদী ফুলাম পাহি” আদি শব্দ মনোৰম অৰ্থত ব্যৱহাৰ কৰি অৰ্থৰ চমৎকাৰিত্ব বা সৌন্দৰ্য বঢ়োৱা হৈছে । 

খ) শব্দালংকাৰত ব্যৱহৃত শব্দৰ সলনি একে অৰ্থাবোধক অন্য শব্দ প্ৰয়োগ কৰিলে বাক্যৰ চমৎকাৰিত্ব বা সৌন্দৰ্য অৰ্থা অলংকাৰ নাইকিয়া হয় ।

যেনে – দীননাথ , দীনদয়াল , দীনদান , [ ( ক ) ত দিয়া উদাহৰণৰ বাক্যটিৰ ] আদি শব্দৰ সলনি একে অৰ্থবোধক শব্দ  “দুখীয়াৰ গৰাকী , দুখীয়াক মৰম কৰোঁতা দুখীয়াক কৃপা কৰা”  বুলিলে বাক্যটিৰ অলংকাৰ বা সৌন্দৰ্য নাথাকিব । 

কিন্তু অৰ্থালংকাৰত কোনো শব্দৰ সলনি একে অৰ্থবোধক অন্য শব্দ প্ৰয়োগ কৰিলেও তাৰ অলংকাৰ বা সৌন্দৰ্য নোহোৱা নহয় ।

যেনে –

“ফুলিবিনে মোৰ  ‘মন ফুলনিত’ ( ‘মানস কুঞ্জত’ৰ সলনি ) 

অ’ মোৰ ‘মৰমী’ ( ‘দৰদী’ শব্দৰ সলনি ) ফুলাম পাহি । ” 

– বুলি কলেও কবিতাফাঁকিৰ আৰু অৰ্থৰ সৌন্দৰ্য বা অলংকাৰ একেই থাকিল । কিন্তু কোনো কবি বা বক্তাৰ হুবহু কবিতা বা যুক্তি পৰিৱৰ্তন কৰি কব বা লিখিব নোৱাৰি ।

1 thought on “Class 12 Adv Assamese Chapter 15 অলংকাৰ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top