Class 12 Adv Assamese Chapter 12 হাতী

Class 12 Adv Assamese Chapter 12 হাতী The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 12 হাতী and select needs one.

Class 12 Adv Assamese Chapter 12 হাতী – হোমেন বৰগোহাঞি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Advance Assamese Chapter 12 হাতী Solutions for All Subject, You can practice these here…

আমাৰ ছাৰ – যোগেশ দাস

পাঠ:

চুটি গল্প

চমু প্ৰশ্ন

১) ‘হাতী গল্পত মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ কেনেদৰে অংকিত হৈছে , তাৰ এটি আভাস দিয়া ।

উত্তৰঃ- ‘হাতী’ গল্পটিত অসমৰ স্বনামধন্য সাহিত্যিক ঐপন্যাসিক গল্পকাৰ হোমেন বৰগোহাঞিয়ে এটা হাতীৰ কেন্দ্ৰ কৰি মূল্যবোধৰ অৱক্ষয়ৰ এটি সুন্দৰ  চিত্ৰ অংশকন কৰিছে । 

বলোৰাম মেধিৰ বাপধন নামৰ হাতীটো আছিল ঘৰৰ লক্ষ্মী । বলোৰাম মেধি যেতিয়া পঁচিছ বছৰীয়া সফল ডেকা সেই সময়তে তেওঁ এদিন হঠাৎ অনুভৱ কৰিলে যে ধনে ধানে মাটিয়ে বাৰীয়ে তেওঁৰ অৱস্থা মৌজাটোৰ ভিতৰতে জাকত জিলিকা হৈছে । সেয়ে পদূলিত হাতী এটা বান্ধিব পাৰিলে তেওঁৰ আভিজাত্য আৰু বাঢ়িব । হাতীয়েই একোখন ঘৰৰ সন্তান আৰু আভিজাত্য বঢ়ায় । ভবা মতে চাৰি কুঠলীয়া ভঁৰাল এটা বিক্ৰী কৰি তেওঁ হাতী এটা কিনি আনিলে । এই হাতীটো কিনাৰ পৰাই কৃষক বলোৰাম মেধিৰ আভিজাত্য বাঢ়িল । 

মৌজাখনৰ মানুহে তেওঁক সমীহ আৰু সন্ধান কৰিব ধৰিলে । জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিব লগা হলে মেধিৰ বাপধনেই বৰচাহাবক পিঠিত তুলি আদৰি আনিছিল । বৰচাহাবে মেধিক আৰু হাতীটোক বৰ প্ৰশংসা কৰিছিল । তাৰ পিছতেই হাতীটোৰ কাৰণে মেধি ঘৰৰ প্ৰতিপত্তি আৰু সন্ধান অভাৱনীয়ভাৱে বাঢ়িল । ঘৰৰ অৱস্থা দোপতদোপে আৰু উন্নত হবলৈ ধৰিলে । সাতোটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যাৰে ঘৰ ভৰি পৰিল । জিলাৰ ডা – ডাঙৰীয়া আৰু হাকিম বিষয়া আহিলে বঢ়াৰ ঘৰতে আলহী থকা হল । এই কাৰণেই এইবোৰ দেখি শুনি মানুহে কবলৈ ধৰিলে আৰু বলোৰামৰো বিশ্বাস হল , বাপধনৰ মহতেই এই সকলোবোৰ হৈছে , বাপধন বলোৰাম মেধিৰ ঘৰৰ লক্ষ্মী । তেওঁৰ সাতোজন পুতেকৰ ছয়জনেই এই বাপধনৰ পিঠিত উঠি মহাপয়োভৰ আৰু জাকজমকতাৰে বিয়া হৈছিল । মেধিৰ ঘৰৰ প্ৰত্যেকেই আৰু লগতে আন সকলেও অনুভৱ কৰিছিল হাতীটো ঘৰখনৰ অতি অপৰিহাৰ্য অংগ , অতি মহামূল্যৱান সম্পদ , অতি মৰমৰ , অতি চেনেহৰ এটি পৰিয়াল । হাতীটো পদূলিত নাথাকিলে যেন ঘৰখনেই শূণ্য। 

কিন্তু এইহেন হাতীটোৰ প্ৰতি থকা মূল্যবোধৰ লাহে লাহে অৱক্ষয় ঘটিল। সময়ৰ পৰিৱৰ্তনে আৰু বলোৰাম মেধিৰ ডেকা পুতেকহতৰ মানত হাতীৰ প্ৰয়োজন নোহোৱাৰ মানসিকতা গঢ়ি তুলিলে । পুতেকহতে চকচকীয়া গাড়ী কিনি পদূলিৰ মুখত হাতীৰ সলনি গাড়ী থৈ গৰ্ব অনুভৱ কৰিলে । গাড়ীৰ তুলনাত হাতীটোৰ মূল্য নাইকিয়া হল । গাড়ীক লৈ সিহঁতে যিদৰে গৰ্ব কৰে হাতীক লৈ সিহঁতে গৰ্বতো নকৰেই , হাতীটোৰ প্ৰতি দাৰুন অৱহেলা আৰু অৱজ্ঞা কৰিলে । দেউতাক বলোৰাম মেধিৰ ভাষাত পুতেকহঁতৰ চকুত বাপধন ভতুৱা কুকুৰতকৈয়ো হীন হল । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

ঘৰত বহি বহি খাই থকা অতি অপ্ৰয়োজনীয় জন্তু বুলি পুতেকহঁতে হাতীটোক বেচি দিব খুজিলে অথবা মাহে কেইশমান টকা উপাৰ্জন হওক বুলি সিহঁতৰ চকুৰ পৰা আঁতৰত ৰাখিবলৈ শদিয়ালৈ কাঠ টানিবলৈ ঠিকাদাৰক দিব খুজিলে । এই লৈ নিজৰ জীউটোৰ দৰে ভবা বলোৰামে পুতেকহঁতৰ লগত সততে দাৰুণ কাজিয়াত লিপ্ত হব লগীয়া হয় । যিটো হাতীয়ে ঘৰখনক ইমানখিনি ওপৰতে তুলিলে , চাৰিওফালে প্ৰতিপত্তি আৰু সন্মান বঢ়ালে সেই হাতী বাপধনৰ প্ৰতি পুতেকহঁতৰ কাৰ্য আৰু মনোভাৱে তেওঁৰ অন্তৰত বাৰুকৈয়ে আঘাত সানিলে । হাতীটোৰ প্ৰতি তেওঁ এতিয়া মৰম দেখুৱালে সকলোৱে তেওঁক ঠাট্টা মস্কৰা কৰিবলৈ ললে । 

বাকী ছয় জন পুতেক বাপধনৰ ওপৰত উঠি বিয়া হোৱাৰ লেখিয়াকৈ সৰু পুতেকেও বিয়াত বাপধনৰ ওপৰতেই বিয়া হবলৈ যাব – এই আশা কৰিছিল বলোৰাম মেধিয়ে । সেই লৈ বৰপুতেকৰ লগত কিছু তৰ্কা তৰ্কিও হল তেওঁৰ । হলেও বিয়াৰ দিনা মাউত ৰাতিয়াৰ হতুৱাই হাতীটো গা পা ধুৱাই মূৰত কক্লা সাজি হাতীটো সজাই পৰাই তুলিলে । কিন্তু হাতীটোক নিষ্ঠুৰভাৱে অৱজ্ঞা কৰি সৰু পুতেকক মটৰত তুলি সকলোৱে কইনা ঘৰলৈ ঢাপলি মেলিলে । হাতীটোৰ প্ৰতি আৰু পিতৃ বলোৰাম মেধিৰ প্ৰতি সহিব নোৱাৰা এই নিষ্ঠুৰ অৱজ্ঞাই মূল্যবোধৰ চৰম অৱক্ষয়ৰ কথাকেই উদঙাই দেখুৱাইছে ।

২) প্ৰজন্মৰ ব্যৱধানে ( Generation Gap ) মূল্যবোধৰ অৱক্ষয়ত কেনেদৰে অৰিহণা যোগাইছে , ‘হাতী’ গল্পৰ আধাৰত বিশ্লেষণ কৰা ।

অথবা

‘হাতী’ গল্পত মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ কেনেদৰে অংকিত হৈছে তাক বিশ্লেষণ কৰি দেখুওৱা ।

উত্তৰঃ- একোটা প্ৰজন্মৰ বাবে কোনো এটা বস্তুক মহামূল্যবান বুলি ভবা হয় , সেই  বস্তুটোৱেই পিছৰ আন এটা প্ৰজন্মত একেবাৰে মূল্যহীন হৈ পৰে । ইয়াকেই প্ৰজন্মৰ ব্যৱধানত ( Generation Gap ) মূল্যবোধৰ অৱক্ষয় হোৱা বুলি কোৱা হয় ।  ‘হাতী’  গল্পটিত মূল্যবোধৰ অৱক্ষয়ত প্ৰজন্মৰ ব্যৱধানে যোগোৱা অৰিহণাৰ কথাকে গল্পকাৰে সুন্দৰভাৱে দাঙি ধৰিছে । 

ধনে ধানে মৌজাটোৰ ভিতৰতে জাকত জিলিকা খেতিয়ক বলোৰাম মেধিয়ে মাত্ৰ পঁচিছ বছৰ বয়সতে চাৰি কুঠলীয়া ভঁৰাল এটা বেচি হাতী এটা কিনি আনিলে । এনেও প্ৰতিপত্তি আৰু সন্মানত মৌজাটোত অতুলনীয় বলোৰাম মেধিৰ পদূলিত হাতীটো বন্ধাৰ পিছত আৰু প্ৰতিপত্তি আৰু সন্মান বাঢ়িল । জিলাৰ ইংৰাজ বৰচাহাব আহোঁতে মেধিৰ হাতীটোৱেই আদৰি আনিছিল । বৰচাহাৱে হাতীটোৰ লগতে হাতীৰ গৰাকী মেধিকো বৰ প্ৰশংসা কৰিলে । ইয়াৰ পিছতে মেধিৰ ঘৰৰ দোপত দোপে উন্নতি হবলৈ ধৰিলে । সাতোটি পুত্ৰ সন্তান আৰু তিনিজনী কন্যাৰ তেওঁৰ ঘৰ ভৰি পৰিল । জিলাৰ হাকিম বিষয়া আহিলেও তেওঁৰ ঘৰতে আলহী হয় । হাতীটো মেধিৰ ঘৰৰ লক্ষ্মী বুলি সকলোৱে ভাবি ললে । ঘৰৰ আটাইৰে আনকি অন্যলোকৰো হাতীটোৰ প্ৰতি এটা এৰাব নোৱাৰা মৰম আৰু মোহ । বলোৰামৰ অতি মৰমৰ বাপুকন নামৰ এই হাতীটো তেওঁৰ যেন জীউ , এটা ডাঙৰ সম্পদ ।

কিন্তু বলোৰামৰ হাতীটোৰ প্ৰতি থকা এই মূল্যবোধ , এই মোহ , এই আকৰ্ষণ তেওঁৰ পিছৰ প্ৰজন্মই অনুভৱ কৰিব নোৱাৰিলে । তেওঁ লৰাহঁত ডাঙৰ হল , কৰ্মথ হল । এই লৰাহঁতৰ দিনত যান্ত্ৰিক মটৰৰ যুগ আহিল । হাতীৰে অলৈ তলৈ যোৱা , বস্তু বাহিনী টানি বা কঢ়িয়াই অনাৰ যুগ উকলিল । তাৰ ঠাইত যন্ত্ৰৰ দ্বাৰা , মটৰৰ দ্বাৰা সেইবোৰ কাম কৰিব পৰা হল । হাতীৰে যোৱা এবেলাৰ বাট মটৰেৰে মাত্ৰ এঘণ্টাতে যাব পৰা হল । এনেক্ষেত্ৰত বলোৰাম মেধিয়ে বা আনসকলে তেওঁলোকৰ সময়ত হাতীটোক যি গুৰুত্ব দিছিল , যি মূল্যবান সম্পত্তি বুলি ভাবিছিল , আভিজাত্য আৰু প্ৰতিপত্তি , সন্মানৰ আহিলা বুলি ভাবিছিল , তেওঁ পিছৰ প্ৰজন্ম অৰ্থাৎ পুতেক হঁতৰ দিনত সেই হাতীটোৰ ঘৰখনৰ এক অদৰকাৰী প্ৰাণী , মূল্যহীন বিৰম্বনাৰ বস্তু বুলিহে পৰিগণিত হল । 

সেই কাৰণে বলোৰাম মেধিয়ে হাতীটোক যিদৰে মৰম কৰিছিল , আগৰ দৰেই হাতীটো প্ৰয়োজনীয়তা অনুভৱ কৰিছিল পুতেকহঁতে তাৰ বিপৰীতহে অনুভৱ কৰিছিল । প্ৰজন্মৰ এই ব্যৱধানৰ কাৰণেই পিতা পুত্ৰৰ মাজত সততে কাজিয়া আৰু অশান্তিৰ সৃষ্টি হৈছিল । প্ৰজন্মৰ ব্যৱধানে মূল্যবোধৰ অৱক্ষয়ত অৰিহণা যোগোৱাৰ কাৰণেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল । 

৩) এন্ধাৰত নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা প্ৰনীয়া যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে – দুয়ো আড়ষ্ট হৈ ৰল ।’ – ইয়াত ‘বুঢ়া’ বুলি কাৰ কথা কোৱা হৈছে ? বাপধন কোন ? এই সম্পৰ্কত দৃশ্যমান হোৱা পৰিস্থিতিটো বৰ্ণনা কৰা ।

উত্তৰঃ- ইয়াত ‘বুঢ়া’ বুলি ধনী আৰু প্ৰতিপত্তি শীল খেতিয়ক বলোৰাম মেধিৰ কথা কোৱা হৈছে । বাপধন হল বলোৰাম মেধিৰে অতি মৰমৰ পোহনীয়া হাতীটো ।

মৌজাটোৰ ভিতৰতে ধনে ধানে , সা সম্পত্তিৰে জাকত জিলিকা পঁচিছ বছৰীয়া বলোৰাম মেধিয়ে নিজৰ আৰু পতিপত্তি আৰু সন্মান বঢ়াবলৈ হাতী এটা কিনি আনিলে আৰু মৰমতে হাতীটোৰ নাম দিলে বাপধন । হাতীটো কিনাৰ পৰাই সঁচাকৈয়ে তেওঁৰ ঘৰৰ দোপতদোপে উন্নতি  হবলৈ ধৰিলে , প্ৰতিপত্তি আৰু সন্মানো বাঢ়িল । সাতোটাকৈ পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে ঘৰ ভৰিল । জিলাৰ ইংৰাজ বৰ চাহাব আহি তেওঁৰ হাতীটোতহে উঠে , প্ৰশংসা কৰে , হাকিম – বিষয়া আহিলে তেওঁৰ ঘৰতহে আলহী হয় । তেওঁৰ কাৰণে হাটীটোৱেই তেওঁৰ ঘৰৰ লক্ষ্মী , মহান সম্পদ , মৰমৰ , প্ৰাণৰ জীউ ।

কিন্তু তেওঁৰ পুতেকসকল ডাঙৰ হোৱাত , যান্ত্ৰিক যুগৰ সৃষ্টি হোৱাত মটৰ গাড়ীৰ প্ৰচলন হোৱাত বলোৰাম মেধিৰ বাহিৰে ঘৰখনৰ কাৰোৰে হাতীটোৰ প্ৰতি মোহ নোহোৱা হল । সেইসকলৰ হাতীটো অৰ্থাৎ বাপধন অদৰকাৰী আৰু অনাহক বোজাস্বৰূপ হল । বাপধন সকলোৰে অৱজ্ঞা আৰু অৱহেলাৰ পাত্ৰ হল । পৰিয়ালৰ আনসকলে বাপধনক মৰমতো নকৰেই বলোৰাম বুঢ়ায়ো মৰম কৰিলে বেয়া পায় , ঠাট্টা মস্কৰা কৰে । পুতেকহতে হাতীৰ সলনি গাড়ী দৌৰায় । হলেও বুঢ়া বয়সতো এই পৰিস্থিতিতো বলোৰাম মেধিয়ে হাতীটো মৰম কৰে , শুৰডাল আঁকোৱালি লৈ কত কথা পাতে , বাপধনৰ লগত কিমান সময় এনেদৰে পাৰ কৰে ! বাপধনৰ লগত বলোৰাম বুঢ়াৰ এই মিতিৰালি বৰপুতেক বৰমইনাই অকণো ভাল নাপায় , তেওঁ দেউতাকৰ এয়া পাগলামি বুলি ভাবে । এই লৈ বাপেক পুতেকৰ মাজত প্ৰায়ে খকা খুন্দাও লাগে ।

এদিন সন্ধিয়া এন্ধাৰ নামি অহাৰ সময়তে মাউত ৰাতিয়াই বাপধনক পদূলিতে থৈ ঘৰৰ ভিতৰলৈ গলগৈ । তাতেই এন্ধাৰতে বলোৰাম বুঢ়া পিৰালিত জুপুকা মাৰি বহি আছিল । বাপধন অহাৰ গম পাই বুঢ়া আগবাঢ়ি যাওঁতেই বাপধনে শুৰডাল মেলি  বুঢ়াৰ কপালখন স্পৰ্শ কৰিলে । বাপধনৰ সেই চিৰপৰিচিত স্নেহ স্পৰ্শত বুঢ়াৰ কংকালসাৰ দেহটো ভৰিৰ পৰা মুৰলৈকে এটা অদ্ভুত আৱেগত শিহৰিত হৈ উঠিল । হেৰোৱা মাণিক বিচাৰ পোৱাৰ দৰে খপ কৰে বাপধনৰ শুৰডালত ধৰি তেওঁ পৰম আৱেগেৰে হাত বুলাবলৈ ধৰিলে , – যেনে বহু দিনৰ মূৰত ঘৰলৈ ঘূৰি অহা পুতেক এটাকহে তেওঁ আদৰ কৰিছে । বুঢ়াই বাপধনৰ শুৰডালত হাত বুলাই বুলাই কবলৈ ধৰিলে – ‘ইস , তোৰ গাত এইবোৰ ঘা লাগিল কেনেকৈ ? ৰাতিয়াটো কম পাষণ্ড নহয় । সি নিশ্চয় তোক কৰবাত কাঁইটীয়া জংঘলত সুমুৱাই দিছিলগৈ । তাক মই ইমান কৈছোঁ , বাপধনৰ গাটো বৰ ভাল নহয় , এইকেইদিন তাক জংঘললৈ নিব নালাগে।নাই , মোৰ কথাক কথা বুলিয়েই কান নকৰে । ইহঁত গোটেই মখাৰে একে ষড়যন্ত্ৰ । এনেকুৱা নিমখ হাৰামী মানুহ আৰু মই দেখা নাই।বাবু , বাবু অ’ মোৰ বাপধন ।’ …..

ঠিক সেই সময়তেই হেডলাইটনৰ তীব্ৰ পোহৰত চোতালখন আলোকিত কৰি বলোৰাম বুঢ়াৰ বৰ পুতেক বৰমইনাৰ বিশাল মটৰ গাড়ীখন ঘৰৰ দুৱাৰমুখ আহি থিয় হল । এন্ধাৰত নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা কোনোবা প্ৰণয়ী যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো মৰমৰ আৱেগত বিভোৰ হৈ থকা অৱস্থাতেই লাইটৰ পোহৰ পৰাত দুয়ো অতি সংকুচিত দৃষ্টিৰে মটৰখনলৈ চালে আৰু কিংকৰ্তব্যবিমূঢ় হৈ দুয়ো আড়ষ্ট হৈ ৰল । 

৪) বাপধনক কেন্দ্ৰ কৰি বাপেক পুতেকৰ মাজত কেনে ধৰণৰ কাজিয়াৰ সূত্ৰপাত হৈছিল লিখা ।

উত্তৰঃ- বাপধনক কেন্দ্ৰ কৰি বাপেক পুতেকৰ মাজত কিছুদিন ধৰি বলোৰাম বুঢ়াৰ ঘৰত কাজিয়া আৰু তৰ্কা তৰ্কি এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছিল । কাজিয়াৰ সূত্ৰপাতৰ কাৰণ সামান্য । বলোৰাম বুঢ়াৰ ডেকা বয়সত অৰ্থাৎ আজিৰ পৰা প্ৰায় তিনিকুৰি বছৰ আগতে , আজিকালিৰ দৰে আলি পদূলিও নাছিল , মটৰ গাড়ীও নাছিল। একমাত্ৰ হাতী ঘোঁৰাই সেই বয়সত গাঁৱে ভূঞে অভিজাত বাহন বুলি বিবেচিত হৈছিল । বলোৰাম মেধি তেতিয়া পঁচিছ বছৰীয়া সফল ডেকা। সেই বয়সত তেওঁ হঠাৎ আৱিষ্কাৰ কৰিলে যে ধনে ধানে , মাটিয়ে বাৰীয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিছে , এই বয়সতে ঘৰৰ পদূলিত দঁতাল হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ আভিজাত্যৰ গৰিমা ষোলকলা পূৰ্ণ হয় । এই মতেই তেওঁ চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি হাতী এটা কিনি আনিলে আৰু আদৰতে তাৰ নাম থলে বাপধন । সেইদিন ধৰি বাপধনে তেওঁৰ হৃদয়ত বৰপুত্ৰৰ দৰেই আসন পাই আহিছে ।

বাপধনক বলোৰাম মেধিয়ে কোনোদিন ভাৰবাহী পশু হিচাপে ব্যৱহাৰ কৰা নাই । তেওঁৰ কাৰণে সি সংসাৰৰ এটা মহামূল্য অলংকাৰ । বাপধন অনাৰ পৰাই তেওঁৰ ঘৰৰ দোপতদোপে উন্নতি আৰু প্ৰতিপত্তি বাঢ়িবলৈ ধৰিলে । সাতোটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে তেওঁৰ ঘৰ ভৰি পৰিল । জিলাৰ ইংৰাজ বৰচাহাব আহোঁতেও তেওঁক আদৰিবলৈ বাপধনকেই পছন্দ কৰিছিল । জিলাৰ হাকিম বিষয়া আহিলেও তেওঁৰ ঘৰতেই আলহী হৈ ৰয় । 

এনে অভাৱনীয় প্ৰতিপত্তি আৰু সন্মানৰ কাৰণেই মানুহে কবলৈ ধৰিলে আৰু বলোৰামৰো বিশ্বাস হবলৈ ধৰিলে যে বাপধনৰ জহতেই এই সকলোবোৰ হৈছে , বাপধন বলোৰাম মেধিৰ ঘৰৰ লক্ষ্মী । বাপধনক তেওঁ নয়নৰ  মণি যেন জ্ঞান কৰিবলৈ ধৰিলে । নিজে সদায় আগত থাকি তেওঁ তাৰ গা পা ধুৱাই দিয়ে , যত্ন কৰি আহাৰ  খুৱায় , গধূলি সি ঘৰ সোমোৱাৰ লগে লগে তেওঁ তাৰ গা মূৰ পিটিকি আদৰ কৰি কথা পাতে । আচলতে এটা পুতেকতকৈ বাপধনৰ মূল্য তেওঁৰ চকুত কোনো গুণে কম নহয় । কাৰণ সিটো কেৱল এটা হাতী নহয় , কেৱল এটা অভিজাত বাহনো নহয় , সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক । সেই কাৰণেই তেওঁৰ হাতীটোৰ প্ৰতি ইমান মোহ , ইমান দৰদ ।

কিন্তু ধনী মহাজন আৰু খেতিয়ক বলোৰাম মেধিৰ লৰা বৰমইনাহঁত ডাঙৰ হৈ ধনী ঠিকাদাৰ আৰু ব্যৱসায়ী হল আৰু চাৰিটা মৌজাৰ ভিতৰতে আগতকৈয়ো জাকত জিলিকা হল । সেয়ে পদূলি মুখৰ গেৰেজত মটৰ এখন থিয় কৰাব পাৰিলেই সিহঁতৰ আভিজাত্যৰ গৰিমা আগতকৈয়ো বাঢ়িব । হাজাৰ টকা পইচা থাকক গাড়ী এখন নাথাকিলে  কোনেও কাকো আচল ধনী বুলি নাভাবে বা সন্মান নকৰে । আজিৰ গাড়ীৰ যুগত ব্যৱহাৰিক প্ৰয়োজন নোহোৱা , আভিজাত্যৰ প্ৰতীক হিচাপে পুৰণিকলীয়া আৰু মূল্যহীন হৈ পৰা হাতীটো বেচি গাড়ী এখন লোৱাৰ কথা আটাইকেইজন  পুতেকে বাপেকৰ আগত উলিয়াওঁতেই কাজিয়াৰ সূত্ৰপাত হল । 

বৰমইনাকে ধৰি আটাইকেইজন পুতেক আৰু ঘৰৰ আন পৰিয়াল সমন্বিতে সকলোৱে হাতীটোৰ প্ৰতি চৰম অৱজ্ঞাৰ আৰু অৱহেলাৰ ভাব অনবৰতে প্ৰদৰ্শন কৰাত বুঢ়াৰ মনত বৰ ক্ষোভ আৰু ঘাইকৈ বাপেক পুতেকৰ মাজত সততে তৰ্কা তৰ্কি , কাজিয়া আদি লাগি থাকে । বাপেকে বাপধনক ইমান মৰম কৰা দেখিবলৈ , তাৰ ওপৰত ইমান গুৰুত্ব দি ব্যস্ত হৈ পৰিলে বৰমইনাৰ একেবাৰে সহ্য নহয় । এবাৰ সহ্য কৰিব নোৱাৰি বৰ মইনাই বাপেকক এনেদৰে কৈয়েই পেলালে , ‘পিতা , সংসাতৰ বহুত ধৰণৰ পাগল আছে । কিন্তু এটা জানোৱাৰৰ কাৰণে যে মানুহ কিমান পাগল হব পাৰে , তোমাক নেদেখিলে সেই কথা কোনেও বিশ্বাসেই নকৰিব ।’

বৰমইনাই বাপেকক বাপধনক মৰম কৰিবলৈ মাত্ৰ আৰু এসপ্তাহ সময় দিয়াৰ কথা শুনাই কলে যে এসপ্তাহৰ পিছত হয় হাতীটো বেচি দিব নহয় শদিয়ালৈ কাঠ টানিবলৈ পঠিয়াই দিব । এই কথা শুনি বাপেকে আৰু সহ্য কৰিব নোৱাৰিলে । ঘৰখন থৰ হৰি কম্পমান কৰি তেওঁ গৰ্জি উঠিল ,  ‘কি ক’লি ? কি ক’লি পাষণ্ড ? বাপধনক তই বিক্ৰী কৰিবি , নহলে শদিয়াত কাঠ টানিবলৈ পঠাবি ? মই মৰিলো বুলি ভাবিচনেকি ? এনেদৰে বাপেক পুতেকৰ মাজত বাপধনক লৈ সততে কাজিয়াৰ সূত্ৰপাত হৈছিল ।

৫) বলোৰাম মেধি কোন ? তেওঁ কিয় হাতীটো কিনিছিল ? হাতীটো পিছত কি হল ?

উত্তৰঃ- বলোৰাম মেধি হল মৌজাখনৰ ভিতৰতে ধনে ধানে , মাটিয়ে বাৰীয়ে জাকত জিলিকা এগৰাকী ধনী আৰু প্ৰতিপত্তি শীল খেতিয়ক । 

বলোৰাম মেধি যেতিয়া পঁচিছ বছৰীয়া সফল ডেকা আছিল , তেতিয়া তেওঁ এদিন হঠাৎ নিজকে আৱিষ্কাৰ কৰিলে যে ধনে ধানে , মাটিয়ে বাৰীয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিছে । সেই সময়তে ঘৰৰ পদূলিত দঁতাল হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ আভিজাত্যৰ গৰিমা যোলকলা পূৰ্ণ হয় । কথাষাৰ মনত উদয় হোৱাৰ লগে লগেই এই কাৰণেই চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি তেওঁ হাতীটো কিনি আনিছিল ।

বলোৰাম মেধিয়ে হাতীটো কিনি আনিয়েই আদৰতে তাৰ নাম থলে বাপধন । সেইদিন ধৰি বাপধনে তেওঁৰ হৃদয়ত বৰ পুত্ৰৰ দৰেই আসন পাই আহিছে । কাৰণ সিতো কেৱল এটা হাতী নহয় , কেৱল এটা অভিজাত বাহনো নহয় , সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক । হাতীটোক তেওঁ কোনোদিন ভাৰবাহী পশু হিচাপে ব্যৱহাৰ কৰা নাই , তেওঁৰ কাৰণে সি সংসাৰৰ এটা মহামূল্য অলংকাৰ । 

এবাৰ জিলাৰ ইংৰাজ বৰ চাহাব মৌজালৈ আহিবলগীয়া হোৱাত তেওঁক আদৰি আনিবলৈ এই হাতীটোকেই  বাছি লৈছিল । বৰ চাহাবেও তেওঁক আৰু হাতীটোক বৰ প্ৰশংসা কৰিছিল । হাতীটো কিনি অনাৰ পৰাই তেওঁৰ ঘৰৰ দোপতদোপে উন্নতি হবলৈ ধৰিলে , – বলোৰাম মেধিৰ চাৰিফালে প্ৰতিপত্তি আৰু সন্মান বাঢ়িল । জিলাৰ হাকিম বিষয়া মৌজালৈ আহিলে তেওঁৰ ঘৰতেই আলহী হয় । সাতোটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে তেওঁৰ ঘৰ ভৰি পৰিল । সেই কাৰণেই হাতীটো তেওঁৰ কাৰণে তেওঁৰ ঘৰৰ লক্ষ্মী ।

কিন্তু প্ৰজন্মৰ ব্যৱধানত তেনে এটি হাতীৰো মূল্যবোধৰ অৱক্ষয় ঘটিল। বলোৰাম মেধিৰ পুতেকহঁতৰ মানত মটৰ গাড়ীৰ দিনত হাতীটোৰ কোনো মূল্য নোহোৱা হল – প্ৰয়োজন নোহোৱা হল , ঘৰৰ অদৰকাৰী বস্তুত পৰিণত হল । সেয়ে পুতেক বৰ মইনাই হাতীটো বেচি দিয়া নাইবা ঘৰৰ পৰা আঁতৰ কৰি শদিয়াত কাঠ টানিবলৈ ঠিকাদাৰক দিয়াৰ কথা বাপেকক খাটাংভাৱে কলে । এই লৈ বাপেক পুতেকৰ মাজত কাজিয়াৰ সূত্ৰপাতো হল । তথাপি হাতীটো বলোৰাম বুঢ়াৰ মানত মহা মূল্যবান নয়নৰ মনিস্বৰূপে হৈ থাকিল । সাতোজন পুতেকৰ ছজনৰ বিয়াত হাতীটোৰ পিঠিত উঠিয়েই কইনাঘৰলৈ দৰা ছয়োজন গৈছিল । সৰু পুতেকৰ বিয়াতো তেওঁ হাতীটোৰ পিঠিত উঠিয়েই পুতেক বিয়া কৰাবলৈ যাব বুলি ভাবিছিল যদিও পুতেকহতে মটৰতহে দৰাক পঠিয়ালে । বুঢ়াই হাতীটো সজাই পৰাই ৰখাতে থাকিল । মনৰ ক্ষোভ আৰু বেদনাত হাতীটো মাউত ৰাতিয়াকে একেবাৰে নিবলৈ বুলি এনেদৰে কৈছিল – ‘ৰাতিয়া , এইখন ঘৰত আৰু এক মুহূৰ্তও বাপধনৰ থকা নচলিব । বাপধনক তোৰ হাতত মই দান কৰি দিলোঁ , আজিৰ পৰা তই বাপধনৰ মাউত নহয় , গৰাকী । যা , যা , সিহঁত ঘূৰি অহাৰ আগতেই তই বাপধনক লৈ তোৰ নিজৰ ঘৰলৈ গুচি যা ।’

শেষত এনেদৰেই বলোৰাম মেধিয়ে হাতীটো মাউত ৰাতিয়াক দান দিলে ।

See Next Page No Below…

2 thoughts on “Class 12 Adv Assamese Chapter 12 হাতী”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top