Class 12 Adv Assamese Chapter 12 হাতী Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 12 হাতী and select needs one.
Class 12 Adv Assamese Chapter 12 হাতী
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Advance Assamese Chapter 12 হাতী Solutions for All Subject, You can practice these here.
হাতী
পাঠ: ১২
চুটি গল্প
চমু প্ৰশ্ন
১) ‘হাতী গল্পত মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ কেনেদৰে অংকিত হৈছে , তাৰ এটি আভাস দিয়া ।
উত্তৰঃ- ‘হাতী’ গল্পটিত অসমৰ স্বনামধন্য সাহিত্যিক ঐপন্যাসিক গল্পকাৰ হোমেন বৰগোহাঞিয়ে এটা হাতীৰ কেন্দ্ৰ কৰি মূল্যবোধৰ অৱক্ষয়ৰ এটি সুন্দৰ চিত্ৰ অংশকন কৰিছে ।
বলোৰাম মেধিৰ বাপধন নামৰ হাতীটো আছিল ঘৰৰ লক্ষ্মী । বলোৰাম মেধি যেতিয়া পঁচিছ বছৰীয়া সফল ডেকা সেই সময়তে তেওঁ এদিন হঠাৎ অনুভৱ কৰিলে যে ধনে ধানে মাটিয়ে বাৰীয়ে তেওঁৰ অৱস্থা মৌজাটোৰ ভিতৰতে জাকত জিলিকা হৈছে । সেয়ে পদূলিত হাতী এটা বান্ধিব পাৰিলে তেওঁৰ আভিজাত্য আৰু বাঢ়িব । হাতীয়েই একোখন ঘৰৰ সন্তান আৰু আভিজাত্য বঢ়ায় । ভবা মতে চাৰি কুঠলীয়া ভঁৰাল এটা বিক্ৰী কৰি তেওঁ হাতী এটা কিনি আনিলে । এই হাতীটো কিনাৰ পৰাই কৃষক বলোৰাম মেধিৰ আভিজাত্য বাঢ়িল ।
মৌজাখনৰ মানুহে তেওঁক সমীহ আৰু সন্ধান কৰিব ধৰিলে । জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিব লগা হলে মেধিৰ বাপধনেই বৰচাহাবক পিঠিত তুলি আদৰি আনিছিল । বৰচাহাবে মেধিক আৰু হাতীটোক বৰ প্ৰশংসা কৰিছিল । তাৰ পিছতেই হাতীটোৰ কাৰণে মেধি ঘৰৰ প্ৰতিপত্তি আৰু সন্ধান অভাৱনীয়ভাৱে বাঢ়িল । ঘৰৰ অৱস্থা দোপতদোপে আৰু উন্নত হবলৈ ধৰিলে । সাতোটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যাৰে ঘৰ ভৰি পৰিল । জিলাৰ ডা – ডাঙৰীয়া আৰু হাকিম বিষয়া আহিলে বঢ়াৰ ঘৰতে আলহী থকা হল । এই কাৰণেই এইবোৰ দেখি শুনি মানুহে কবলৈ ধৰিলে আৰু বলোৰামৰো বিশ্বাস হল , বাপধনৰ মহতেই এই সকলোবোৰ হৈছে , বাপধন বলোৰাম মেধিৰ ঘৰৰ লক্ষ্মী । তেওঁৰ সাতোজন পুতেকৰ ছয়জনেই এই বাপধনৰ পিঠিত উঠি মহাপয়োভৰ আৰু জাকজমকতাৰে বিয়া হৈছিল । মেধিৰ ঘৰৰ প্ৰত্যেকেই আৰু লগতে আন সকলেও অনুভৱ কৰিছিল হাতীটো ঘৰখনৰ অতি অপৰিহাৰ্য অংগ , অতি মহামূল্যৱান সম্পদ , অতি মৰমৰ , অতি চেনেহৰ এটি পৰিয়াল । হাতীটো পদূলিত নাথাকিলে যেন ঘৰখনেই শূণ্য।
কিন্তু এইহেন হাতীটোৰ প্ৰতি থকা মূল্যবোধৰ লাহে লাহে অৱক্ষয় ঘটিল। সময়ৰ পৰিৱৰ্তনে আৰু বলোৰাম মেধিৰ ডেকা পুতেকহতৰ মানত হাতীৰ প্ৰয়োজন নোহোৱাৰ মানসিকতা গঢ়ি তুলিলে । পুতেকহতে চকচকীয়া গাড়ী কিনি পদূলিৰ মুখত হাতীৰ সলনি গাড়ী থৈ গৰ্ব অনুভৱ কৰিলে । গাড়ীৰ তুলনাত হাতীটোৰ মূল্য নাইকিয়া হল । গাড়ীক লৈ সিহঁতে যিদৰে গৰ্ব কৰে হাতীক লৈ সিহঁতে গৰ্বতো নকৰেই , হাতীটোৰ প্ৰতি দাৰুন অৱহেলা আৰু অৱজ্ঞা কৰিলে । দেউতাক বলোৰাম মেধিৰ ভাষাত পুতেকহঁতৰ চকুত বাপধন ভতুৱা কুকুৰতকৈয়ো হীন হল ।
ঘৰত বহি বহি খাই থকা অতি অপ্ৰয়োজনীয় জন্তু বুলি পুতেকহঁতে হাতীটোক বেচি দিব খুজিলে অথবা মাহে কেইশমান টকা উপাৰ্জন হওক বুলি সিহঁতৰ চকুৰ পৰা আঁতৰত ৰাখিবলৈ শদিয়ালৈ কাঠ টানিবলৈ ঠিকাদাৰক দিব খুজিলে । এই লৈ নিজৰ জীউটোৰ দৰে ভবা বলোৰামে পুতেকহঁতৰ লগত সততে দাৰুণ কাজিয়াত লিপ্ত হব লগীয়া হয় । যিটো হাতীয়ে ঘৰখনক ইমানখিনি ওপৰতে তুলিলে , চাৰিওফালে প্ৰতিপত্তি আৰু সন্মান বঢ়ালে সেই হাতী বাপধনৰ প্ৰতি পুতেকহঁতৰ কাৰ্য আৰু মনোভাৱে তেওঁৰ অন্তৰত বাৰুকৈয়ে আঘাত সানিলে । হাতীটোৰ প্ৰতি তেওঁ এতিয়া মৰম দেখুৱালে সকলোৱে তেওঁক ঠাট্টা মস্কৰা কৰিবলৈ ললে ।
বাকী ছয় জন পুতেক বাপধনৰ ওপৰত উঠি বিয়া হোৱাৰ লেখিয়াকৈ সৰু পুতেকেও বিয়াত বাপধনৰ ওপৰতেই বিয়া হবলৈ যাব – এই আশা কৰিছিল বলোৰাম মেধিয়ে । সেই লৈ বৰপুতেকৰ লগত কিছু তৰ্কা তৰ্কিও হল তেওঁৰ । হলেও বিয়াৰ দিনা মাউত ৰাতিয়াৰ হতুৱাই হাতীটো গা পা ধুৱাই মূৰত কক্লা সাজি হাতীটো সজাই পৰাই তুলিলে । কিন্তু হাতীটোক নিষ্ঠুৰভাৱে অৱজ্ঞা কৰি সৰু পুতেকক মটৰত তুলি সকলোৱে কইনা ঘৰলৈ ঢাপলি মেলিলে । হাতীটোৰ প্ৰতি আৰু পিতৃ বলোৰাম মেধিৰ প্ৰতি সহিব নোৱাৰা এই নিষ্ঠুৰ অৱজ্ঞাই মূল্যবোধৰ চৰম অৱক্ষয়ৰ কথাকেই উদঙাই দেখুৱাইছে ।
২) প্ৰজন্মৰ ব্যৱধানে ( Generation Gap ) মূল্যবোধৰ অৱক্ষয়ত কেনেদৰে অৰিহণা যোগাইছে , ‘হাতী’ গল্পৰ আধাৰত বিশ্লেষণ কৰা ।
অথবা
‘হাতী’ গল্পত মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ কেনেদৰে অংকিত হৈছে তাক বিশ্লেষণ কৰি দেখুওৱা ।
উত্তৰঃ- একোটা প্ৰজন্মৰ বাবে কোনো এটা বস্তুক মহামূল্যবান বুলি ভবা হয় , সেই বস্তুটোৱেই পিছৰ আন এটা প্ৰজন্মত একেবাৰে মূল্যহীন হৈ পৰে । ইয়াকেই প্ৰজন্মৰ ব্যৱধানত ( Generation Gap ) মূল্যবোধৰ অৱক্ষয় হোৱা বুলি কোৱা হয় । ‘হাতী’ গল্পটিত মূল্যবোধৰ অৱক্ষয়ত প্ৰজন্মৰ ব্যৱধানে যোগোৱা অৰিহণাৰ কথাকে গল্পকাৰে সুন্দৰভাৱে দাঙি ধৰিছে ।
ধনে ধানে মৌজাটোৰ ভিতৰতে জাকত জিলিকা খেতিয়ক বলোৰাম মেধিয়ে মাত্ৰ পঁচিছ বছৰ বয়সতে চাৰি কুঠলীয়া ভঁৰাল এটা বেচি হাতী এটা কিনি আনিলে । এনেও প্ৰতিপত্তি আৰু সন্মানত মৌজাটোত অতুলনীয় বলোৰাম মেধিৰ পদূলিত হাতীটো বন্ধাৰ পিছত আৰু প্ৰতিপত্তি আৰু সন্মান বাঢ়িল । জিলাৰ ইংৰাজ বৰচাহাব আহোঁতে মেধিৰ হাতীটোৱেই আদৰি আনিছিল । বৰচাহাৱে হাতীটোৰ লগতে হাতীৰ গৰাকী মেধিকো বৰ প্ৰশংসা কৰিলে । ইয়াৰ পিছতে মেধিৰ ঘৰৰ দোপত দোপে উন্নতি হবলৈ ধৰিলে । সাতোটি পুত্ৰ সন্তান আৰু তিনিজনী কন্যাৰ তেওঁৰ ঘৰ ভৰি পৰিল । জিলাৰ হাকিম বিষয়া আহিলেও তেওঁৰ ঘৰতে আলহী হয় । হাতীটো মেধিৰ ঘৰৰ লক্ষ্মী বুলি সকলোৱে ভাবি ললে । ঘৰৰ আটাইৰে আনকি অন্যলোকৰো হাতীটোৰ প্ৰতি এটা এৰাব নোৱাৰা মৰম আৰু মোহ । বলোৰামৰ অতি মৰমৰ বাপুকন নামৰ এই হাতীটো তেওঁৰ যেন জীউ , এটা ডাঙৰ সম্পদ ।
কিন্তু বলোৰামৰ হাতীটোৰ প্ৰতি থকা এই মূল্যবোধ , এই মোহ , এই আকৰ্ষণ তেওঁৰ পিছৰ প্ৰজন্মই অনুভৱ কৰিব নোৱাৰিলে । তেওঁ লৰাহঁত ডাঙৰ হল , কৰ্মথ হল । এই লৰাহঁতৰ দিনত যান্ত্ৰিক মটৰৰ যুগ আহিল । হাতীৰে অলৈ তলৈ যোৱা , বস্তু বাহিনী টানি বা কঢ়িয়াই অনাৰ যুগ উকলিল । তাৰ ঠাইত যন্ত্ৰৰ দ্বাৰা , মটৰৰ দ্বাৰা সেইবোৰ কাম কৰিব পৰা হল । হাতীৰে যোৱা এবেলাৰ বাট মটৰেৰে মাত্ৰ এঘণ্টাতে যাব পৰা হল । এনেক্ষেত্ৰত বলোৰাম মেধিয়ে বা আনসকলে তেওঁলোকৰ সময়ত হাতীটোক যি গুৰুত্ব দিছিল , যি মূল্যবান সম্পত্তি বুলি ভাবিছিল , আভিজাত্য আৰু প্ৰতিপত্তি , সন্মানৰ আহিলা বুলি ভাবিছিল , তেওঁ পিছৰ প্ৰজন্ম অৰ্থাৎ পুতেক হঁতৰ দিনত সেই হাতীটোৰ ঘৰখনৰ এক অদৰকাৰী প্ৰাণী , মূল্যহীন বিৰম্বনাৰ বস্তু বুলিহে পৰিগণিত হল ।
সেই কাৰণে বলোৰাম মেধিয়ে হাতীটোক যিদৰে মৰম কৰিছিল , আগৰ দৰেই হাতীটো প্ৰয়োজনীয়তা অনুভৱ কৰিছিল পুতেকহঁতে তাৰ বিপৰীতহে অনুভৱ কৰিছিল । প্ৰজন্মৰ এই ব্যৱধানৰ কাৰণেই পিতা পুত্ৰৰ মাজত সততে কাজিয়া আৰু অশান্তিৰ সৃষ্টি হৈছিল । প্ৰজন্মৰ ব্যৱধানে মূল্যবোধৰ অৱক্ষয়ত অৰিহণা যোগোৱাৰ কাৰণেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল ।
৩) এন্ধাৰত নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা প্ৰনীয়া যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে – দুয়ো আড়ষ্ট হৈ ৰল ।’ – ইয়াত ‘বুঢ়া’ বুলি কাৰ কথা কোৱা হৈছে ? বাপধন কোন ? এই সম্পৰ্কত দৃশ্যমান হোৱা পৰিস্থিতিটো বৰ্ণনা কৰা ।
উত্তৰঃ- ইয়াত ‘বুঢ়া’ বুলি ধনী আৰু প্ৰতিপত্তি শীল খেতিয়ক বলোৰাম মেধিৰ কথা কোৱা হৈছে । বাপধন হল বলোৰাম মেধিৰে অতি মৰমৰ পোহনীয়া হাতীটো ।
মৌজাটোৰ ভিতৰতে ধনে ধানে , সা সম্পত্তিৰে জাকত জিলিকা পঁচিছ বছৰীয়া বলোৰাম মেধিয়ে নিজৰ আৰু পতিপত্তি আৰু সন্মান বঢ়াবলৈ হাতী এটা কিনি আনিলে আৰু মৰমতে হাতীটোৰ নাম দিলে বাপধন । হাতীটো কিনাৰ পৰাই সঁচাকৈয়ে তেওঁৰ ঘৰৰ দোপতদোপে উন্নতি হবলৈ ধৰিলে , প্ৰতিপত্তি আৰু সন্মানো বাঢ়িল । সাতোটাকৈ পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে ঘৰ ভৰিল । জিলাৰ ইংৰাজ বৰ চাহাব আহি তেওঁৰ হাতীটোতহে উঠে , প্ৰশংসা কৰে , হাকিম – বিষয়া আহিলে তেওঁৰ ঘৰতহে আলহী হয় । তেওঁৰ কাৰণে হাটীটোৱেই তেওঁৰ ঘৰৰ লক্ষ্মী , মহান সম্পদ , মৰমৰ , প্ৰাণৰ জীউ ।
কিন্তু তেওঁৰ পুতেকসকল ডাঙৰ হোৱাত , যান্ত্ৰিক যুগৰ সৃষ্টি হোৱাত মটৰ গাড়ীৰ প্ৰচলন হোৱাত বলোৰাম মেধিৰ বাহিৰে ঘৰখনৰ কাৰোৰে হাতীটোৰ প্ৰতি মোহ নোহোৱা হল । সেইসকলৰ হাতীটো অৰ্থাৎ বাপধন অদৰকাৰী আৰু অনাহক বোজাস্বৰূপ হল । বাপধন সকলোৰে অৱজ্ঞা আৰু অৱহেলাৰ পাত্ৰ হল । পৰিয়ালৰ আনসকলে বাপধনক মৰমতো নকৰেই বলোৰাম বুঢ়ায়ো মৰম কৰিলে বেয়া পায় , ঠাট্টা মস্কৰা কৰে । পুতেকহতে হাতীৰ সলনি গাড়ী দৌৰায় । হলেও বুঢ়া বয়সতো এই পৰিস্থিতিতো বলোৰাম মেধিয়ে হাতীটো মৰম কৰে , শুৰডাল আঁকোৱালি লৈ কত কথা পাতে , বাপধনৰ লগত কিমান সময় এনেদৰে পাৰ কৰে ! বাপধনৰ লগত বলোৰাম বুঢ়াৰ এই মিতিৰালি বৰপুতেক বৰমইনাই অকণো ভাল নাপায় , তেওঁ দেউতাকৰ এয়া পাগলামি বুলি ভাবে । এই লৈ বাপেক পুতেকৰ মাজত প্ৰায়ে খকা খুন্দাও লাগে ।
এদিন সন্ধিয়া এন্ধাৰ নামি অহাৰ সময়তে মাউত ৰাতিয়াই বাপধনক পদূলিতে থৈ ঘৰৰ ভিতৰলৈ গলগৈ । তাতেই এন্ধাৰতে বলোৰাম বুঢ়া পিৰালিত জুপুকা মাৰি বহি আছিল । বাপধন অহাৰ গম পাই বুঢ়া আগবাঢ়ি যাওঁতেই বাপধনে শুৰডাল মেলি বুঢ়াৰ কপালখন স্পৰ্শ কৰিলে । বাপধনৰ সেই চিৰপৰিচিত স্নেহ স্পৰ্শত বুঢ়াৰ কংকালসাৰ দেহটো ভৰিৰ পৰা মুৰলৈকে এটা অদ্ভুত আৱেগত শিহৰিত হৈ উঠিল । হেৰোৱা মাণিক বিচাৰ পোৱাৰ দৰে খপ কৰে বাপধনৰ শুৰডালত ধৰি তেওঁ পৰম আৱেগেৰে হাত বুলাবলৈ ধৰিলে , – যেনে বহু দিনৰ মূৰত ঘৰলৈ ঘূৰি অহা পুতেক এটাকহে তেওঁ আদৰ কৰিছে । বুঢ়াই বাপধনৰ শুৰডালত হাত বুলাই বুলাই কবলৈ ধৰিলে – ‘ইস , তোৰ গাত এইবোৰ ঘা লাগিল কেনেকৈ ? ৰাতিয়াটো কম পাষণ্ড নহয় । সি নিশ্চয় তোক কৰবাত কাঁইটীয়া জংঘলত সুমুৱাই দিছিলগৈ । তাক মই ইমান কৈছোঁ , বাপধনৰ গাটো বৰ ভাল নহয় , এইকেইদিন তাক জংঘললৈ নিব নালাগে।নাই , মোৰ কথাক কথা বুলিয়েই কান নকৰে । ইহঁত গোটেই মখাৰে একে ষড়যন্ত্ৰ । এনেকুৱা নিমখ হাৰামী মানুহ আৰু মই দেখা নাই।বাবু , বাবু অ’ মোৰ বাপধন ।’ …..
ঠিক সেই সময়তেই হেডলাইটনৰ তীব্ৰ পোহৰত চোতালখন আলোকিত কৰি বলোৰাম বুঢ়াৰ বৰ পুতেক বৰমইনাৰ বিশাল মটৰ গাড়ীখন ঘৰৰ দুৱাৰমুখ আহি থিয় হল । এন্ধাৰত নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা কোনোবা প্ৰণয়ী যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো মৰমৰ আৱেগত বিভোৰ হৈ থকা অৱস্থাতেই লাইটৰ পোহৰ পৰাত দুয়ো অতি সংকুচিত দৃষ্টিৰে মটৰখনলৈ চালে আৰু কিংকৰ্তব্যবিমূঢ় হৈ দুয়ো আড়ষ্ট হৈ ৰল ।
৪) বাপধনক কেন্দ্ৰ কৰি বাপেক পুতেকৰ মাজত কেনে ধৰণৰ কাজিয়াৰ সূত্ৰপাত হৈছিল লিখা ।
উত্তৰঃ- বাপধনক কেন্দ্ৰ কৰি বাপেক পুতেকৰ মাজত কিছুদিন ধৰি বলোৰাম বুঢ়াৰ ঘৰত কাজিয়া আৰু তৰ্কা তৰ্কি এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছিল । কাজিয়াৰ সূত্ৰপাতৰ কাৰণ সামান্য । বলোৰাম বুঢ়াৰ ডেকা বয়সত অৰ্থাৎ আজিৰ পৰা প্ৰায় তিনিকুৰি বছৰ আগতে , আজিকালিৰ দৰে আলি পদূলিও নাছিল , মটৰ গাড়ীও নাছিল। একমাত্ৰ হাতী ঘোঁৰাই সেই বয়সত গাঁৱে ভূঞে অভিজাত বাহন বুলি বিবেচিত হৈছিল । বলোৰাম মেধি তেতিয়া পঁচিছ বছৰীয়া সফল ডেকা। সেই বয়সত তেওঁ হঠাৎ আৱিষ্কাৰ কৰিলে যে ধনে ধানে , মাটিয়ে বাৰীয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিছে , এই বয়সতে ঘৰৰ পদূলিত দঁতাল হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ আভিজাত্যৰ গৰিমা ষোলকলা পূৰ্ণ হয় । এই মতেই তেওঁ চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি হাতী এটা কিনি আনিলে আৰু আদৰতে তাৰ নাম থলে বাপধন । সেইদিন ধৰি বাপধনে তেওঁৰ হৃদয়ত বৰপুত্ৰৰ দৰেই আসন পাই আহিছে ।
বাপধনক বলোৰাম মেধিয়ে কোনোদিন ভাৰবাহী পশু হিচাপে ব্যৱহাৰ কৰা নাই । তেওঁৰ কাৰণে সি সংসাৰৰ এটা মহামূল্য অলংকাৰ । বাপধন অনাৰ পৰাই তেওঁৰ ঘৰৰ দোপতদোপে উন্নতি আৰু প্ৰতিপত্তি বাঢ়িবলৈ ধৰিলে । সাতোটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে তেওঁৰ ঘৰ ভৰি পৰিল । জিলাৰ ইংৰাজ বৰচাহাব আহোঁতেও তেওঁক আদৰিবলৈ বাপধনকেই পছন্দ কৰিছিল । জিলাৰ হাকিম বিষয়া আহিলেও তেওঁৰ ঘৰতেই আলহী হৈ ৰয় ।
এনে অভাৱনীয় প্ৰতিপত্তি আৰু সন্মানৰ কাৰণেই মানুহে কবলৈ ধৰিলে আৰু বলোৰামৰো বিশ্বাস হবলৈ ধৰিলে যে বাপধনৰ জহতেই এই সকলোবোৰ হৈছে , বাপধন বলোৰাম মেধিৰ ঘৰৰ লক্ষ্মী । বাপধনক তেওঁ নয়নৰ মণি যেন জ্ঞান কৰিবলৈ ধৰিলে । নিজে সদায় আগত থাকি তেওঁ তাৰ গা পা ধুৱাই দিয়ে , যত্ন কৰি আহাৰ খুৱায় , গধূলি সি ঘৰ সোমোৱাৰ লগে লগে তেওঁ তাৰ গা মূৰ পিটিকি আদৰ কৰি কথা পাতে । আচলতে এটা পুতেকতকৈ বাপধনৰ মূল্য তেওঁৰ চকুত কোনো গুণে কম নহয় । কাৰণ সিটো কেৱল এটা হাতী নহয় , কেৱল এটা অভিজাত বাহনো নহয় , সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক । সেই কাৰণেই তেওঁৰ হাতীটোৰ প্ৰতি ইমান মোহ , ইমান দৰদ ।
কিন্তু ধনী মহাজন আৰু খেতিয়ক বলোৰাম মেধিৰ লৰা বৰমইনাহঁত ডাঙৰ হৈ ধনী ঠিকাদাৰ আৰু ব্যৱসায়ী হল আৰু চাৰিটা মৌজাৰ ভিতৰতে আগতকৈয়ো জাকত জিলিকা হল । সেয়ে পদূলি মুখৰ গেৰেজত মটৰ এখন থিয় কৰাব পাৰিলেই সিহঁতৰ আভিজাত্যৰ গৰিমা আগতকৈয়ো বাঢ়িব । হাজাৰ টকা পইচা থাকক গাড়ী এখন নাথাকিলে কোনেও কাকো আচল ধনী বুলি নাভাবে বা সন্মান নকৰে । আজিৰ গাড়ীৰ যুগত ব্যৱহাৰিক প্ৰয়োজন নোহোৱা , আভিজাত্যৰ প্ৰতীক হিচাপে পুৰণিকলীয়া আৰু মূল্যহীন হৈ পৰা হাতীটো বেচি গাড়ী এখন লোৱাৰ কথা আটাইকেইজন পুতেকে বাপেকৰ আগত উলিয়াওঁতেই কাজিয়াৰ সূত্ৰপাত হল ।
বৰমইনাকে ধৰি আটাইকেইজন পুতেক আৰু ঘৰৰ আন পৰিয়াল সমন্বিতে সকলোৱে হাতীটোৰ প্ৰতি চৰম অৱজ্ঞাৰ আৰু অৱহেলাৰ ভাব অনবৰতে প্ৰদৰ্শন কৰাত বুঢ়াৰ মনত বৰ ক্ষোভ আৰু ঘাইকৈ বাপেক পুতেকৰ মাজত সততে তৰ্কা তৰ্কি , কাজিয়া আদি লাগি থাকে । বাপেকে বাপধনক ইমান মৰম কৰা দেখিবলৈ , তাৰ ওপৰত ইমান গুৰুত্ব দি ব্যস্ত হৈ পৰিলে বৰমইনাৰ একেবাৰে সহ্য নহয় । এবাৰ সহ্য কৰিব নোৱাৰি বৰ মইনাই বাপেকক এনেদৰে কৈয়েই পেলালে , ‘পিতা , সংসাতৰ বহুত ধৰণৰ পাগল আছে । কিন্তু এটা জানোৱাৰৰ কাৰণে যে মানুহ কিমান পাগল হব পাৰে , তোমাক নেদেখিলে সেই কথা কোনেও বিশ্বাসেই নকৰিব ।’
বৰমইনাই বাপেকক বাপধনক মৰম কৰিবলৈ মাত্ৰ আৰু এসপ্তাহ সময় দিয়াৰ কথা শুনাই কলে যে এসপ্তাহৰ পিছত হয় হাতীটো বেচি দিব নহয় শদিয়ালৈ কাঠ টানিবলৈ পঠিয়াই দিব । এই কথা শুনি বাপেকে আৰু সহ্য কৰিব নোৱাৰিলে । ঘৰখন থৰ হৰি কম্পমান কৰি তেওঁ গৰ্জি উঠিল , ‘কি ক’লি ? কি ক’লি পাষণ্ড ? বাপধনক তই বিক্ৰী কৰিবি , নহলে শদিয়াত কাঠ টানিবলৈ পঠাবি ? মই মৰিলো বুলি ভাবিচনেকি ? এনেদৰে বাপেক পুতেকৰ মাজত বাপধনক লৈ সততে কাজিয়াৰ সূত্ৰপাত হৈছিল ।
৫) বলোৰাম মেধি কোন ? তেওঁ কিয় হাতীটো কিনিছিল ? হাতীটো পিছত কি হল ?
উত্তৰঃ- বলোৰাম মেধি হল মৌজাখনৰ ভিতৰতে ধনে ধানে , মাটিয়ে বাৰীয়ে জাকত জিলিকা এগৰাকী ধনী আৰু প্ৰতিপত্তি শীল খেতিয়ক ।
বলোৰাম মেধি যেতিয়া পঁচিছ বছৰীয়া সফল ডেকা আছিল , তেতিয়া তেওঁ এদিন হঠাৎ নিজকে আৱিষ্কাৰ কৰিলে যে ধনে ধানে , মাটিয়ে বাৰীয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিছে । সেই সময়তে ঘৰৰ পদূলিত দঁতাল হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ আভিজাত্যৰ গৰিমা যোলকলা পূৰ্ণ হয় । কথাষাৰ মনত উদয় হোৱাৰ লগে লগেই এই কাৰণেই চাৰি কুঠলীয়া ভঁৰাল এটি বিক্ৰী কৰি তেওঁ হাতীটো কিনি আনিছিল ।
বলোৰাম মেধিয়ে হাতীটো কিনি আনিয়েই আদৰতে তাৰ নাম থলে বাপধন । সেইদিন ধৰি বাপধনে তেওঁৰ হৃদয়ত বৰ পুত্ৰৰ দৰেই আসন পাই আহিছে । কাৰণ সিতো কেৱল এটা হাতী নহয় , কেৱল এটা অভিজাত বাহনো নহয় , সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক । হাতীটোক তেওঁ কোনোদিন ভাৰবাহী পশু হিচাপে ব্যৱহাৰ কৰা নাই , তেওঁৰ কাৰণে সি সংসাৰৰ এটা মহামূল্য অলংকাৰ ।
এবাৰ জিলাৰ ইংৰাজ বৰ চাহাব মৌজালৈ আহিবলগীয়া হোৱাত তেওঁক আদৰি আনিবলৈ এই হাতীটোকেই বাছি লৈছিল । বৰ চাহাবেও তেওঁক আৰু হাতীটোক বৰ প্ৰশংসা কৰিছিল । হাতীটো কিনি অনাৰ পৰাই তেওঁৰ ঘৰৰ দোপতদোপে উন্নতি হবলৈ ধৰিলে , – বলোৰাম মেধিৰ চাৰিফালে প্ৰতিপত্তি আৰু সন্মান বাঢ়িল । জিলাৰ হাকিম বিষয়া মৌজালৈ আহিলে তেওঁৰ ঘৰতেই আলহী হয় । সাতোটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে তেওঁৰ ঘৰ ভৰি পৰিল । সেই কাৰণেই হাতীটো তেওঁৰ কাৰণে তেওঁৰ ঘৰৰ লক্ষ্মী ।
কিন্তু প্ৰজন্মৰ ব্যৱধানত তেনে এটি হাতীৰো মূল্যবোধৰ অৱক্ষয় ঘটিল। বলোৰাম মেধিৰ পুতেকহঁতৰ মানত মটৰ গাড়ীৰ দিনত হাতীটোৰ কোনো মূল্য নোহোৱা হল – প্ৰয়োজন নোহোৱা হল , ঘৰৰ অদৰকাৰী বস্তুত পৰিণত হল । সেয়ে পুতেক বৰ মইনাই হাতীটো বেচি দিয়া নাইবা ঘৰৰ পৰা আঁতৰ কৰি শদিয়াত কাঠ টানিবলৈ ঠিকাদাৰক দিয়াৰ কথা বাপেকক খাটাংভাৱে কলে । এই লৈ বাপেক পুতেকৰ মাজত কাজিয়াৰ সূত্ৰপাতো হল । তথাপি হাতীটো বলোৰাম বুঢ়াৰ মানত মহা মূল্যবান নয়নৰ মনিস্বৰূপে হৈ থাকিল । সাতোজন পুতেকৰ ছজনৰ বিয়াত হাতীটোৰ পিঠিত উঠিয়েই কইনাঘৰলৈ দৰা ছয়োজন গৈছিল । সৰু পুতেকৰ বিয়াতো তেওঁ হাতীটোৰ পিঠিত উঠিয়েই পুতেক বিয়া কৰাবলৈ যাব বুলি ভাবিছিল যদিও পুতেকহতে মটৰতহে দৰাক পঠিয়ালে । বুঢ়াই হাতীটো সজাই পৰাই ৰখাতে থাকিল । মনৰ ক্ষোভ আৰু বেদনাত হাতীটো মাউত ৰাতিয়াকে একেবাৰে নিবলৈ বুলি এনেদৰে কৈছিল – ‘ৰাতিয়া , এইখন ঘৰত আৰু এক মুহূৰ্তও বাপধনৰ থকা নচলিব । বাপধনক তোৰ হাতত মই দান কৰি দিলোঁ , আজিৰ পৰা তই বাপধনৰ মাউত নহয় , গৰাকী । যা , যা , সিহঁত ঘূৰি অহাৰ আগতেই তই বাপধনক লৈ তোৰ নিজৰ ঘৰলৈ গুচি যা ।’
শেষত এনেদৰেই বলোৰাম মেধিয়ে হাতীটো মাউত ৰাতিয়াক দান দিলে ।
৬) ‘সিতো কেৱল এটা হাতী নহয় , কেৱল এটা অভিজাত বাহনো নহয়, সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক ।’ – ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি কাৰ জীৱনৰ প্ৰসংগত কোৱা হৈছে ? কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা ।
উত্তৰঃ- ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি বলোৰাম মেধিৰ জীৱনৰ প্ৰসংগত কোৱা হৈছে ।
বলোৰাম মেধি যেতিয়া পঁচিছ বছৰীয়া সফল ডেকা , সেই সময়তে তেওঁ হঠাৎ এদিন আৱিষ্কাৰ কৰিলে যে ধনে ধানে , মাটিয়ে বাৰীয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিছে , এই সময়তে ঘৰৰ পদূলিমুখত দঁতাল হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ আভিজাত্যৰ গৰিমা ষোলকলা পূৰ্ণ হয় । কথাষাৰ মনত উদয় হোৱাৰ লগে লগেই চাৰিকুঠলিয়া ভঁৰাল এটা বিক্ৰী কৰি তেওঁ হাতী এটা কিনি আনিলে আৰু আদৰতে নাম থলে বাপধন । সেইদিন ধৰি বাপধনে তেওঁৰ হৃদয়ত বৰপুত্ৰৰ দৰেই এখন আসন পাই আহিছে । বাপথনক তেওঁ কোনোদিন ভাৰবাহী পশু হিচাপে ব্যৱহাৰ কৰা নাই ।
হাতীটো কিনাৰ পৰাই তেওঁৰ প্ৰতিপত্তি আৰু সন্মান বাঢ়িল । জিলাৰ বৰচাহাব এবাৰ মৌজালৈ আহোঁতে বাছি বাছি সুন্দৰ আৰু উপযুক্ত বুলি তেওঁৰ হাতীটোকে বৰচাহাবক আদৰিবলৈ নিছিল । বৰচাহাবেও হাতীটোক আৰু মালিক বলোৰাম মেধিক বৰ প্ৰশংসা কৰিছিল । জিলাৰ পৰা হাকিম বিষয়া মৌজালৈ আহিলে তেওঁৰ ঘৰতে আলহী হোৱা হল । লাহে লাহে বলোৰাম মেধিৰ ঘৰৰ অৱস্থা দোপতদোপে আৰু উন্নত হবলৈ ধৰিলে , সাতোটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে তেওঁৰ ঘৰ ভৰি পৰিল ।
এইবিলাক কাৰণতেই বলোৰাম মেধিয়ে আন্তৰিকতাৰে ভাবিলে হাতীটো কেৱল এটা হাতীয়ে নহয় , কেৱল এটা অভিজাত বাহনো নহয় , সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক , তেওঁৰ ঘৰৰ লক্ষ্মী । কথাষাৰি তাৎপৰ্য এয়াই ।
৭) ‘শূণ্য বিয়াঘৰৰ পদূলিমুখত স্তব্ধ স্তম্ভিত হৈ ৰল কেৱল বলোৰাম বুঢ়া আৰু বাপধন ।’ – বিয়া ঘৰৰ পদূলিমুখত বুঢ়া আৰু বাপধন অথৰ্ব হৈ বোৱাৰ কাৰণ কি ? তেওঁলোক কিয় বৰযাত্ৰী নহল ?
অথবা
“নতুনৰ শোভাযাত্ৰাত ঠাই নোপোৱা , প্ৰাচীন হৈ যাব ধৰা পৃথিৱীৰ দুটা অথৰ্ব প্ৰতিনিধি ।” – এই বাক্যটি কৰ পৰা উদ্ধৃত ? ইয়াত উল্লেখ কৰা অথৰ্ব প্ৰতিনিধি দুটা কোন কোন ?
উত্তৰঃ- বলোৰাম মেধিয়ে পঁচিছ বছৰ বয়সতে নিজৰ প্ৰতিপত্তি আৰু গৰিমা বঢ়াবলৈকে হাতী এটা কিনি আনিছিল আৰু আদৰতে তাৰ নাম থৈছিল বাপধন । বাপধনক ঘৰলৈ অহাৰ পৰাই সঁচাকৈয়ে তেওঁৰ প্ৰতিপত্তি আৰু সন্মান দুগুণে বাঢ়িল । জিলাৰ বৰচাহাব মৌজালৈ আহোঁতে তেওঁক আদৰিবলৈ বলোৰাম মেধিৰ হাতীটোকেই বাছি নিছিল। জিলাৰ ডা ডাঙৰীয়া , হাকিম বিষয়া আহিলেও তেওঁৰ ঘৰতে আলহী হয়।লাহে লাহে তেওঁৰ ঘৰৰ অৱস্থাৰ দোপতদোপে আৰু উন্নতি হবলৈ ধৰিলে , সাতোটা পুত্ৰ সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে তেওঁৰ ঘৰ ভৰি পৰিল । সাতোটা পুতেকৰ ছয় জনৰ বিয়াত প্ৰতিবাৰেই দৰা এই হাতীটোৰ পিঠিতে উঠি মহাপয়োভৰে কইনা ঘৰলৈ গৈছিল আৰু বিয়া কৰাই উভতি আহিছিল । সকলোৰে কি আনন্দ আৰু হাতীটোৰ প্ৰতি আদৰ । তেতিয়া হাতীটো আছিল ঘৰৰ অপৰিহাৰ্য অংগ আৰু মহামূল্য সম্পদ ।
কিন্তু প্ৰজন্মৰ আৰু সময়ৰ ব্যৱধানে এই হাতীটোক ঘৰখনৰ অপ্ৰয়োজনীয় আৰু মূল্যহীন কৰি পেলালে । গাড়ী মটৰৰ যুগত হাতীৰ মূল্য বা প্ৰয়োজনেই বা কত পুতেকহঁতৰ মনত এই ধাৰণা । সেয়ে সৰু পুতেকৰ বিয়াত পুতেকহতে হাতীটোৰ সলনি দৰাক মটৰত নিয়াৰ ব্যৱস্থা কৰিলে । বলোৰাম বুঢ়াই এই কথাত ঘোৰ আপত্তি কৰিলে । ছজন পুতেক এই হাতীটোৰ পিঠিত উঠি গৈয়েই বিয়া হল যেতিয়া সৰু পুতেকো হাতীটোৰ পিঠিত উঠিয়েই বিয়া হবলৈ যাব – বুঢ়াই এই জেদ ধৰিলে । সেয়ে বুঢ়াই নিজে মাউত ৰাতিয়াৰ হতুৱাই বিয়াৰ দিনা ৰাতিপূৱাতে নৈৰ ঘাটলৈ হাতীটোক লৈ গৈ নিজে আগত থাকি গা পা ধুৱালে , দিনটো শিল্পীসুলভ আবেগেৰে তেওঁৰ নিজ হাতে তাৰ কপালৰ কল্কা আঁকি দিলে , শৰীৰৰ অন্যান্য যথাস্থানত বিচিত্ৰ চিত্ৰ শোভাৰ সৃষ্টি কৰিলে , ভৰিত জুনুকা পিন্ধাই দিলে , তাৰ পিছত ৰাতিয়াৰ লগত আলোচনা কৰি দৰাৰ কাৰণে গাদীখন সজাবলৈ ধৰিলে ।
বিয়াৰ উখল মাখলত কোনে কি কৰিছিল , কাৰো খবৰ নাছিল । হঠাৎ এবাৰ বৰ মইনাৰ বুঢ়াৰ কাণ্ড কাৰখানাৰ ওপৰত চকু পৰিল । ব্যস্তভাৱে বাপেকৰ ওচৰলৈ আহি সুধিলে – ‘পিতা , তুমি এইবোৰ কি কৰিছা ? তাৰ পিছত যেতিয়া কলে দৰা গাড়ীতহে যাব বুলি তেতিয়া বুঢ়া গৰজি উঠিল , ‘তই কলেই হব নেকি , দৰা গাড়ীতহে যাব বুলি ? কণ মইনা হাতীতই যাব । তই মনে মনে থাক ।’
বিৰক্ত হৈ বৰ মইনা একো নামাতি গুচি গল । যথাসময়ত যাত্ৰাৰ লগ্ন আহি পালে । গায়ন বায়ন , বেণ্ডপাৰ্টী , আয়তীৰে দৰা পদূলিমুখ পালেহি। তোৰণৰ কাষতে বৰ মইনা এম্বেছেডৰখন সুসজ্জিত কৰি ৰাখি থোৱা আছিল , তাৰ ওচৰতে আৰু দহ বাৰখন অন্যান্য গাড়ী মটৰ । আনহাতে পদূলিমুখতে চকী এখনত বহি বুঢ়াই বাপধনক ওচৰতে সজাই ৰাখিছে । এনেতে দৰা আহি তোৰণ পৰা হৈ বাটত থিয় দিলেহি আৰু বুঢ়াই সৱ্যস্ত হৈ থি হৈ ৰাতিয়াক হুকুম দিলে – ‘ৰাতিয়া , হাতী বৈঠ কৰ। ‘ কিন্তু সেই মুহূৰ্ততে দৰা আগবাঢ়ি গৈ এম্বেছেডৰত উঠিলগৈ । ‘কণমইনা , তই মটৰৰ পৰা নামি আহ , তই হাতীতে যাব লাগিব । ‘
বুঢ়াৰ আটাহ চিঞৰ , লম্ফ – জম্ফ দেখি ভিৰৰ মাজতে কোনোৱাই ঠাট্টা মস্কৰা কৰি খিকিন্দালি কৰি উঠিল আৰু পিছ মুহূৰ্ততে দৰাৰ মটৰ ষ্টাৰ্ট দিলে । লগে লগে বাকী বৰযাত্ৰী বোৰেও , ওচৰতে ৰৈ থকা অন্যান্য মটৰ গাড়ীত উঠি দৰাৰ গাড়ী অনুসৰণ কৰি পাছে পাছে গুচি গল । বিয়াঘৰৰ পদূলি শূণ্য হৈ পৰিল । শূণ্য বিয়াঘৰৰ পদূলিত স্তব্ধ স্তম্ভতি হৈ থিয় হৈ ৰল কেৱল বলোৰাম বুঢ়া আৰু বাপধন নামৰ সেই হাতীটো । তেওঁলোক বৰযাত্ৰী হব নোৱাৰিলে বৰ্তমান পৰিৱৰ্তিত সময় আৰু প্ৰজন্মৰ ব্যৱধানৰ মূল্যবোধৰ অৱক্ষয়ৰ কাৰণে । তেওঁলোকৰ , হাতীটোৰ যেন কোনো মূল্যই নাই তেওঁলোক এই সমাজখনৰ কোনো লেখৰেই নহয় , এনে এটা অৱজ্ঞাৰ ভাৱতেই তেওঁ আৰু হাতীটো তাত ৰৈ গল ।
| Sl. No. | Contents |
| Chapter 1 | বৰ্ষা বৰ্ণন |
| Chapter 2 | মানৱ বন্দনা |
| Chapter 3 | ই যে অগ্নি |
| Chapter 4 | মোৰ গাঁও |
| Chapter 5 | কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী |
| Chapter 6 | অন্বেষণ |
| Chapter 7 | বুৰঞ্জীৰ দৌৰাত্ম্য |
| Chapter 8 | মাধৱদেৱ |
| Chapter 9 | ব’হাগ বিহুৰ পৰম্পৰা |
| Chapter 10 | কপিলীপৰীয়া সাধু |
| Chapter 11 | আমাৰ ছাৰ |
| Chapter 12 | হাতী |
| Chapter 13 | চুটি গল্প |
| Chapter 14 | উপন্যাস |
| Chapter 15 | অলংকাৰ |
| Chapter 16 | (ক) উপন্যাস সাহিত্য |
| Chapter 16 | (খ) চুটিগল্প সাহিত্য |
৮) চমু উত্তৰ দিয়া :-
ক) ‘তেওঁৰ মুখত সকলো সময়তে এটা অভিমানৰ ভাব লাগিয়েই থাকে।’– ইয়াত কাৰ কথা কোৱা হৈছে ? তেওঁৰ মুখত কিয় অভিমানৰ ভাৰ লাগি থাকে ?
উত্তৰঃ- ইয়াত বলোৰাম মেধিৰ কথা কোৱা হৈছে । বলোৰাম মেধি এতিয়া বুঢ়া হৈছে । তেওঁৰ বয়স চাৰিকুৰি পাৰ হৈ গৈছে । চকু কাণৰ শক্তি কমি আহিছে । কিবা এষাৰ কথা কব লাগিলে কাৰণ কাৰণ কাষত চিঞৰি কলেহে তেওঁ শুনে । সেই কাৰণে নিতান্ত দৰকাৰ নহলে কোনেও তেওঁৰ লগত কথা নাপাতে । বুঢ়াই সেই কাৰণেই মনে মনে নিজকে অৱহেলিত যেন অনুভৱ কৰে আৰু কোনেও তেওঁক মানুহ যেনেই নাপায় বুলি ভাবি তেওঁৰ মুখত সকলো সময়তে এটা অভিমানৰ ভাব লাগিয়েই থাকে ।
খ) ‘এনেকুৱা নিমখ হাৰামী মানুহ আৰু মই দেখা নাই ।’– কোনে , কি প্ৰসংগত এই কথাষাৰ কৈছিল , বুজাই লিখা ।
উত্তৰঃ- হাতীটোৰ গাত ঘা লগা দেখি বলোৰাম বুঢ়াই মাউতক গালি পাৰি এনেদৰে কৈছিল ।
এদিন সন্ধিয়া মাউত ৰাতিয়াই পদূলিৰ মুখতে বাপধন নামৰ বুঢ়াৰ হাতীটো ৰাখি থৈ সি ঘৰৰ ভিতৰলৈ গল । হাতীটো বুঢ়াৰ অতি মৰমৰ । হাতীটোৱেও বুঢ়াক অতি ভাল পায় । পদূলিতে এন্ধাৰত বহি থকা বুঢ়াক ওচৰতে পাই বাপধনে শুৰডাল মেলি বুঢ়াৰ কপালখন স্পৰ্শ কৰিলে । বুঢ়ায়ো হেৰোৱা মাণিক বিচাৰি পোৱাৰ দৰে হাতেৰে শুৰডাল ধৰি পৰম আবেগেৰে হাত বুলাবলৈ ধৰিলে , যেন বহু দিনৰ মূৰত ঘৰলৈ ঘূৰি অহা পুতেক এটাকহে তেওঁ আদৰ কৰিছে । বুঢ়াই শুৰডালত হাত বুলাই বুলাই কবলৈ ধৰিলে , ‘ইস , তোৰ গাত এইবোৰ ঘা লাগিল কেনেকৈ ? ৰাতিয়াটো কম পাষণ্ড নহয় । সি তোক কৰবাৰ কাঁইটীয়া জংঘলত সুমুৱাই দিছিলগৈ । তাক মই ইমানকৈ কৈছোঁ , বাপধনৰ গাটো ভাল নহয় , এইকেইদিন তাক জংঘললৈ নিব নালাগে । নাই মোৰ কথাক কথা বুলিয়েই কান নকৰে । ইহঁত গোটেইমখাৰে একে ষড়যন্ত্ৰ ।’ সেই কাৰণেই বুঢ়াই ‘এনেকুৱা নিমখ হাৰামী আৰু মই দেখা নাই বুলি কৈছিল ।
গ) ‘তোমাক আৰু এসপ্তাহ সময় দিলোঁ ‘ – বুলি কোনে , কাক কিয় কৈছিল বুজাই লিখা ।
উত্তৰঃ- বলোৰাম বুঢ়াৰ পুতেক বৰমইনাই বাপেকক উদ্দেশ্য কৰিয়েই এই কথাষাৰ কৈছিল ।
মটৰ গাড়ীৰ যুগত হাতী এটা ঘৰখনৰ বাবে মূল্য হীন আৰু অপ্ৰয়োজনীয় হৈ পৰিল , এই ভাব বলোৰাম বুঢ়াৰ পুতেকহঁতৰ । সেয়ে বৰমইনাই হাতীটোতকৈ গাড়ীৰ ওপৰতহে বেছি গুৰুত্ব দিছিল আৰু হাতীটোৰ প্ৰতি সততে অৱজ্ঞাৰ ভাব প্ৰদৰ্শন কৰিছিল । কিন্তু বলোৰাম বুঢ়াৰ জীৱনৰ সাফল্য আৰু সন্মান প্ৰতিপত্তিৰ প্রতীক আৰু ঘৰৰ লক্ষ্মীস্বৰূপ হাতীটোৰ মোহ এই বুঢ়া বয়সতে তেওঁ এৰিব নোৱাৰে । তেওঁৰ মানত এতিয়াও হাতীটো ঘৰৰ মহা মূল্য সম্পদ আৰু নয়নৰ মণি। সেয়ে কৰবাৰ পৰা আহি পালেই তেওঁ হাতীটো গা পা লাৰি বৰ মৰম আদৰ কৰে ।
ইয়াতে বৰমইনাই সহ্য কৰিব নোৱাৰি হাতীটো সোনকালেই বিক্ৰী কৰি দিয়া বা শদিয়ালৈ কাঠ টানিবলৈ ঠিকাদাৰক দি ঘৰৰ পৰা আঁতৰ কৰি পঠিয়াবলৈ বুলি ঠিক কৰি হাতীটোক মৰম কৰিবলৈ মাত্ৰ ‘এসপ্তাহ সময় দিলোঁ’ বুলি কৈছিল ।
ঘ) গাড়ীৰ যুগত হাতীটোৰ ব্যৱহাৰিক প্ৰয়োজন নাই আৰু মূল্যহীন বুলি বৰমইনাই কিয় ভাবিছিল ?
উত্তৰঃ- আগৰ দিনত ৰাস্তা পদূলি , মটৰ গাড়ী নোহোৱাৰ দিনত হাতীৰ ব্যৱহাৰিক প্ৰয়োজন আছিল অধিক আৰু ই হৈ পৰিছিল এখন ঘৰৰ অতি মূল্যবান সম্পদ । কিন্তু মটৰ গাড়ীৰ যুগত , চাৰিওফালে ৰাস্তা পদূলি হৈ উঠাৰ যুগত সেই হাতীৰ ব্যৱহাৰিক প্ৰয়োজন নোহোৱা হল , কাৰণ হাতীৰে এঘণ্টা কিমান বাট অতিক্ৰম কৰা যাব , গাড়ীৰে তাৰ বহুগুণ বেছি বাট অতিক্ৰম কৰিব পৰা যাব , হাতীৰে যি কাম কৰা যায় – তাতকৈ বহু বেছি কাম মটৰ গাড়ী বা যন্ত্ৰৰে কৰিব পৰা যায় । এনেক্ষেত্ৰত গাড়ীৰ যুগত ঘৰৰ অন্ন খাই বহি থকা এটা হাতীৰেই বা প্ৰয়োজন কি , ইয়াৰেই বা কি মূল্য আছে – এনে ভাব উদয় হৈছিল বৰমইনাৰ ।
ঙ) বুঢ়াই কণ মইনাৰ বিয়াৰ বাবে হাতীটো কেনেদৰে সজাইছিল – বুজাই লিখা ।
উত্তৰঃ- বিয়াৰ ৰাতিপুৱাই ৰাতিয়াক লগত লৈ নৈৰ ঘাটত হাতীটোক গা ধুৱাবলৈ গল । নিজে আগত থিয় হৈ থাকি প্ৰায় দুঘণ্টা সময় তেওঁ ৰাতিয়াৰ হতুৱাই হাতীটোৰ গাটো ধুৱালে । তাৰ পিছত ঘৰলৈ আহি বাৰমান বজাৰ পৰা হাতীটোক সজাবলৈ আৰম্ভ কৰিলে । শিল্পীসুলভ আবেগেৰে তেওঁ নিজ হাতে তাৰ কপালত কক্লা আঁকি দিলে , শৰীৰৰ অন্যান্য যথাস্থানত বিচিত্ৰ চিত্ৰ শোভাৰ সৃষ্টি কৰিলে , ভৰিত জুনুকা পিন্ধাই দিলে , তাৰ পিছত ৰাতিয়াৰ লগত পৰামৰ্শ কৰি দৰাৰ কাৰণে গাদীখন সুন্দৰকৈ সজালে ।
চ) বিয়া ঘৰৰ পদূলিমুখত বলোৰাম বুঢ়া আৰু বাপধন স্তব্ধ স্তম্ভিত হৈ ৰোৱাৰ কাৰণ কি আছিল ?
উত্তৰঃ- দৰাৰ সাজত কণমইনাই যেতিয়া বৰযাত্ৰী হৈ এম্বেছেডৰত উঠিবলৈ আগবাঢ়িল তেতিয়া বলোৰাম বুঢ়াই ‘কণমইনা , তই মটৰৰ পৰা নামি আহ , নামি আহ , তই হাতীতহে যাব লাগিব ।’ বুলি আটাহ চিঞৰ , লম্ফ জম্ফ কৰিবলৈ ধৰিলে তেতিয়া ভিৰৰ মাজতে কোনোৱাই ঠাট্টা মস্কৰা কৰি খিকিন্দালি কৰি উঠিল আৰু পিছ মুহূৰ্ততে দৰাৰ মটৰ ষ্টাৰ্ট দিলে । লগে লগে বাকী বৰযাত্ৰীবোৰেও ওচৰতে ৰৈ থকা অন্যান্য মটৰ গাড়ীত উঠি দৰাৰ গাড়ী অনুসৰণ কৰি পাছে পাছে গুচি গল । বিয়াঘৰৰ পদূলি শূণ্য হৈ পৰিল । শূণ্য বিয়াঘৰৰ পদূলিত স্তব্ধ স্তম্ভতি হৈ থিয় হৈ ৰল কেৱল বলোৰাম বুঢ়া আৰু বাপধন নামৰ হাতীটো । তেওঁলোক বৰযাত্ৰী হব নোৱাৰিলে বৰ্তমান পৰিৱৰ্তিত সময় আৰু প্ৰজন্মৰ ব্যৱধানৰ মূল্যবোধৰ অৱক্ষয়ৰ কাৰণে । তেওঁলোকৰ , হাতীটোৰ যেন কোনো মূল্যই নাই । তেওঁলোক এই সমাজখনৰ কোনো লেখৰেই নহয় , এনে এটা অৱজ্ঞাৰ ভাৱতেই বলোৰাম বুঢ়া আৰু বাপধন তাতে ৰৈ গল ।
৯) অতি চমু উত্তৰ দিয়া :-
ক) ‘হাতী’ গল্পটিৰ লিখক কোন ?
উত্তৰঃ- হোমেন বৰগোহাঞি ।
খ) হোমেন বৰগোহাঞিৰ এখন উপন্যাসৰ নাম লিখা ।
উত্তৰঃ- ‘পিতা – পুত্ৰ’ ।
গ) হোমেন বৰগোহাঞিৰ এখন গল্প পুথিৰ নাম লিখা ।
উত্তৰঃ- ‘বিভিন্ন কোৰাছ’ ।
ঘ) হোমেন বৰগোহাঞিয়ে কিমান চনত কোনখন গ্ৰন্থৰ বাবে অসম প্ৰকাশক পৰিষদ বঁটা লাভ কৰিছিল ?
উত্তৰঃ- ১৯৭৬ চনত ‘পিতা – পুত্ৰ’ উপন্যাস গ্ৰন্থখনৰ বাবে ।
ঙ) হোমেন বৰগোহাঞিয়ে কিমান চনত কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে ?
উত্তৰঃ- ১৯৭৮ চনত ‘পিতা – পুত্ৰ’ উপন্যাস গ্ৰন্থখনৰ বাবে ।
চ) হোমেন বৰগোহাঞিয়ে কোন চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে ?
উত্তৰঃ- ১৯৯২ চনত ।
ছ) বলোৰাম মেধিয়ে কিমান বয়সত হাতীটো কিনিছিল ?
উত্তৰঃ- তেওঁৰ পঁচিছ বছৰ বয়সত ।
জ) বলোৰাম মেধিয়ে হাতীটোৰ নাম কি ৰাখিছিল ?
উত্তৰঃ- বাপধন ।
ঝ) বাপধন কাৰ নাম ?
উত্তৰঃ- বলোৰাম মেধিৰ হাতীটোৰ নাম ।
ঞ) বলোৰাম মেধিৰ পুতেক কেইজন আৰু জীয়েক কেইগৰাকী ?
উত্তৰঃ- পুতেক সাতজন আৰু জীয়েক তিনিগৰাকী ।
ট) বৰমইনা কোন ?
উত্তৰঃ- বলোৰাম মেধিৰ ডাঙৰ পুতেক ।
ঠ) কণমইনা কোন ?
উত্তৰঃ- বলোৰাম মেধিৰ সৰু পুতেক ।
ড) ৰাতিয়া কোন ?
উত্তৰঃ- বলোৰাম মেধিৰ হাতীটোৰ মাউত ।
ঢ) বলোৰাম মেধিৰ হাতীটোৰ মাউতজনৰ নাম কি ?
উত্তৰঃ- ৰাতিয়া ।
ণ) বলোৰাম মেধিয়ে হাতী কিনিবলৈ কি বেচিছিল ?
উত্তৰঃ- তেওঁ চাৰি কুঠলীয়া এটি ধানৰ ভঁৰাল ।
ত) বলোৰাম মেধিয়ে শেষত হাতীটো কাক দান কৰিলে ?
উত্তৰঃ- মাউত ৰাতিয়াক ।
থ) ‘নতুনৰ শোভাযাত্ৰাত ঠাই নোপোৱা , প্ৰাচীন হৈ যাব ধৰা পৃথিৱীৰ দুটা অথৰ্ব প্ৰতিনিধি’ – ইয়াত কি নতুনৰ শোভাযাত্ৰাৰ কথা কোৱা হৈছে, আৰু তাত ঠাই নোপোৱাৰ প্ৰতিনিধি দুটা কোন কোন ?
উত্তৰঃ- মটৰ গাড়ীত দৰাক তুলি কন্যা ঘৰলৈ কৰা যাত্ৰাক নতুনৰ শোভা যাত্ৰা আৰু তাত ঠাই নোপোৱা বুঢ়া বলোৰাম মেধি আৰু বাপধন নামৰ হাতী এই দুটা হল ইয়াত উল্লেখ কৰা প্ৰতিনিধি ।
দ) হোমেন বৰগোহাঞিৰ এখন আত্মজীৱনী মূলক গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ- আত্মানুসন্ধান ।
ধ) হোমেন বৰগোহাঞি বিৰচিত একমাত্ৰ কাব্য শংকলনখনৰ নাম কি ?
উত্তৰঃ- ‘হৈমন্তী’ ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


THANK YOU SIR ❣️?
Question 6 and 7 ?