Class 12 Adv Assamese Chapter 6 অন্বেষণ

Class 12 Adv Assamese Chapter 6 অন্বেষণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 6 অন্বেষণ and select needs one.

Class 12 Advance Assamese Chapter 6 অন্বেষণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 6 অন্বেষণ Solutions for All Subject, You can practice these here…

অন্বেষণ – সীতানাথ ব্ৰহ্মচৌধুৰী

পাঠ:

পদ্যাংশ

চমু প্ৰশ্ন

১) কবি পৰিচয় সহ ‘অন্বেষণ’ কবিতাটিৰ সাৰাংশ লিখা ।

উত্তৰঃ- কবি পৰিচয় :-  ‘অন্বেষণ’ কবিতাটিৰ কবি সীতানাথ ব্ৰহ্মচৌধুৰী।অসমীয়া ৰোমান্টিক কবিসকলৰ অন্যতম । ৰোমান্টিক ভাৱাদৰ্শ , প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে তেওঁৰ কবিতাসমূহত । কবিতাৰ ভাষা সহজ সৰল আৰু অতি পৰিপাটি । তেওঁৰ ৰচিত কাব্য গ্ৰন্থসমূহ হল  ‘কমল কলি’ , ‘আবেগ’ , ‘চকুলো’ আৰু  ‘ফুলেশ্বৰী দৈমাৰী’।  ‘গাঁও সংগঠন’  তেওঁৰ আন এখন পদ্য ৰচনা । অসম সাহিত্য সভাৰ ৪৮ তম তিনিচুকীয়া আৰু ৪৯ তম ডিফু অধিৱেশনত তেওঁ সভাপতিৰ আসনত অধিষ্ঠিত হৈছিল । 

সাৰাংশ :- কবিয়ে আগৰ জনমত লগ পোৱা কোনোবা প্ৰেয়সীক বিচাৰি ব্যাকুল হৈ পৰিছে । সিজন্মত যৌৱনৰ প্ৰথম লহৰীতে কবিয়ে তেওঁৰ প্ৰেমৰ ৰাণী , নিৰুপমা , সৌন্দৰ্য প্ৰতিমাত লগ পাইছিল । সেই প্ৰেমৰ ৰাণীৰ লৱনু দেহত সহস্ৰ বসন্তই লুকভাকু খেলি , তেওঁক প্ৰেমভাৰ চুমা আৰু আলিংগন দি তেওঁৰ উন্মও যৌৱনক আকুল অধীৰ কৰি তুলিছিল। পূৰ্বজন্মৰ জীৱনৰ সন্ধিয়া পৰত কবিৰ সতে ইঠাতে প্ৰেয়সীৰ এৰাএৰি হল যদিও এই জনমতো কবিয়ে তেওঁক পাহৰিব পৰা নাই । বিৰহ – কাতৰত , বিৰহ – বেদনাত কবি যদিও এই জনমতো কবিয়ে তেওঁক পাহৰিব পৰা নাই । বিৰহ – কাতৰত , বিৰহ – বেদনাত কবি দেহ পুৰি মৰিব লাগিছে । সেয়ে কবিয়ে তেওঁৰ সেই প্ৰাণ প্ৰিয়াৰ কত জনম ললে , কত কেনেকৈ আছে তাকে জানিবৰ বাবে প্ৰাণ প্ৰিয়াক বিচাৰি সমস্ত জগত ঘূৰি ফুৰিছে । 

২)  কবিৰ বিৰহৰ কাৰণ কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে লিখা ।

অথবা

‘বিৰহ কাতৰ মই বিৰহত মৰো দেই পুৰি ‘ ― কবিতাটোত উল্লেখ কৰা মতে কবিৰ বিৰহৰ কাৰণ কি ?

উত্তৰঃ-  ‘অন্বেষণ’ কবিতাটিৰ মাজেৰে কবিৰ বিৰহৰ কাৰণ আৰু তাৰ কাৰণে কবিৰ  ‘মানসিক অৱস্থা সুন্দৰভাৱে প্ৰকাশ পাইছে । এৰি অহা জীৱনৰ যৌৱনৰ প্ৰথম লহৰীতে কবিয়ে লগ পাইছিল তেওঁৰ  ‘প্ৰেমৰ ৰাণী , নিৰুপমা  , সৌন্দৰ্য প্ৰতিমা’ প্ৰাণপ্ৰিয়াক । প্ৰাণপ্ৰিয়াৰ লৱণু দেহত নাচি থকা সহস্ৰ বসন্তই , প্ৰেমভাৰ এটি চুমা আৰু আলিংগনে কবিৰ উন্মও যৌৱনক কৰি তুলিছিল অধীৰ আকুল । সেই জনমৰে সন্ধিয়া পৰত হঠাতেই দুয়োৰে এৰা এৰি হৈছিল , কিন্তু হলেও এই জনমতো কবিয়ে পূৰ্ব জনমতে তেওঁৰ প্ৰাণ উতলা কৰা প্ৰাণ প্ৰিয়াৰ এৰাৰো পাহৰিব পৰা নাই । এই জনমত তেওঁ কত জনম ললে , কত কেনেকৈ আছে এই কথা কবিয়ে নাজানে । এয়াই কবিৰ বিৰহৰ কাৰণ । এই বিৰহ – বেদনাই কবিক অতিষ্ঠ কৰি তুলিছে । সেয়ে কবিয়ে তেওঁৰ প্ৰাণ প্ৰিয়াৰ সন্ধান বিচাৰি সমস্ত জগত ঘূৰি ফুৰিছে । 

৩)  প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।

ক) ‘ক’তা সি লাহৰী মোৰ , যাৰ সেই লৱণু দেহাত

     সহস্ৰ বসন্ত নাচে , হালি – জলি ফুলে যত ফুল , 

     প্ৰেমভৰা এটি চুমা , এটি মাত্ৰ আলিংগনে যাৰ 

     উন্মত্ত যৌৱন আনি কৰি দিয়ে অধীৰ আকুল ।’ 

উত্তৰঃ- উদ্ধৃত কবিতাফাকি ৰোমান্টিক কবি সীতানাথ ব্ৰহ্মচৌধুৰী ৰচিত  ‘অন্বেষণ’ নামৰ কবিতাটিৰ অন্তৰ্গত । 

কবিতাফাকিৰ মাজেৰে কবিৰ পূৰ্বজনমৰ প্ৰাণ প্ৰিয়াৰ এটি ছবি দাঙি ধৰিছে আৰু তাৰ লগে প্ৰাণ প্ৰিয়াৰ প্ৰতি থকা তেওঁৰ প্ৰাণৰ তাৰনা প্ৰকাশ পাইছে ।

পূৰ্বজনমত লগ পোৱা কবিৰ প্ৰেয়সীৰ কথা চিন্তা কৰি কবি অধীৰ আকুল । প্ৰেয়সীৰ মোহনীয় ৰূপ – লাৱন্যই কবিক এতিয়াও উন্মত্ত কৰি তোলে । প্ৰেয়সীৰ লৱণু দেহাত সহস্ৰ বসন্তই নাচিছিল , তেওঁৰ প্ৰেম ভৰা এটি মাথোন চুমাই , এটি মাথোন আলিংগনে তেওঁৰ উন্মত্ত যৌৱনত আনি দিছিল সৰগীয় মুখ – সম্ভোগ । পূৰ্বজনমত লগ পোৱা তেনে এজনী প্ৰাণ প্ৰিয়াৰ লগত সিজনমতে এৰা এৰি হলেও এই জনমতো কবিয়ে তেওঁক এটা মুহুৰ্তৰ বাবেও পাহৰিব পৰা নাই । এই জনমতো সেই প্ৰেয়সীক বিচাৰি কবি সমস্ত জগত হাবাথুৰি খাই ঘূৰি ফুৰিছে ।

খ)  ‘বিৰহ কাতৰ মই , বিৰহত মৰো দেই – পুৰি ,

      অ’ মোৰ প্ৰাণৰ প্ৰিয়া , কত যাম তোমাক বিচাৰি ।’

উত্তৰঃ- উদ্ধৃত কবিতাফাকি ৰোমান্টিক কবি সীতানাথ ব্ৰহ্মচৌধুৰী ৰচিত  ‘অন্বেষণ’  কবিতাটিৰ অন্তৰ্গত ।

পূৰ্ব জনমত লগ পোৱা কবিৰ প্ৰাণধিক প্ৰেয়সীক এই জনমতো বিচাৰি কিদৰে হাবাথুৰি খাইছে তাকেই এই কবিতাফাঁকিৰ জৰিয়তে প্ৰকাশ পাইছে ।

কবিৰ পূৰ্ব জনমতে তেওঁৰ  ‘প্ৰেমৰ ৰাণী , নিৰুপমা , সৌন্দৰ্য – প্ৰতিমা’  স্বৰূপ প্ৰেয়সীৰ লগত মিলন ঘটিছিল । প্ৰেয়সীৰ লৱণু দেহাত শত সহস্ৰ বসন্তই নাচিছিল । তেওঁক প্ৰেমভৰা চুমা আৰু আলিংগনেৰে প্ৰেয়সীয়ে তেওঁৰ জীৱনলৈ উন্মত্ত যৌৱন আনি তেওঁক অধীৰ আকুল ৰি তুলিছিল। পূৰ্ব জনমত তেওঁৰ এই প্ৰাণ প্রিয়া এই জনমত কত জন্মিছে , কত কেনেকৈ আছে , এই কথা চিন্তা কৰি তেওঁক বিচাৰি সমস্ত জগত ঘূৰি ফুৰিছে । কবিয়ে প্ৰাণ প্ৰিয়া বিচাৰি নাপাই  ‘বিৰহ – কাতৰত নিজেই দেই – পুৰি মৰিব লাগিছে , তেওঁক কলৈ বিচাৰি যাব , তাৰ উৱাদিহ কবিয়ে পোৱা নাই । 

৪)  অতি চমু উত্তৰ দিয়া ।

ক) সীতানাথ ব্ৰহ্মচৌধুৰীৰ ৰচিত তিনিখন কাব্য পুথিৰ নাম লিখা ।

উত্তৰঃ- কমল কলি , আৱেগ আৰু চকুলো ।

খ) ‘অন্বেষণ’ কবিতাটিৰ কবি কোন ?

উত্তৰঃ – সীতানাথ ব্ৰহ্মচৌধুৰী ।

গ) সীতানাথ ব্ৰহ্মচৌধুৰীয়ে অসম সাহিত্য সভাৰ কোন কোন অধিৱেশনত সভাপতিত্ব কৰিছিল ?

উত্তৰঃ- ১৯৮২  চনত ৪৮ তম তিনিচুকীয়া অধিৱেশন আৰু  ১৯৮৩ চনত ৪৯ তম ডিফু অধিৱেশনত ।

ঘ) ‘সমস্ত জগত ঘূৰি নিজ মনে ফুৰিছোঁ বিচাৰি ‘ ― কবিয়ে কাক বিচাৰি ফুৰিছে ?

উত্তৰঃ- তেওঁৰ  ‘প্ৰেমৰ ৰাণী’ প্ৰেয়সীক বিচাৰি ফুৰিছে ।

ঙ) ‘অন্বেষণ’ কবিতাটি ভাবৰ কবিতা ?

উত্তৰঃ- প্ৰেম ভাবৰ কবিতা ।

চ) ‘অন্বেষণ’ কবিতাটি কোন শ্ৰেণীৰ কবিতা ?

উত্তৰঃ- ‘ছনেট’ শ্ৰেণীৰ কবিতা ।

ছ) ছনেট কবিতাত কেইটা শাৰী আৰু প্ৰতিটো শাৰীত কিমান আখৰ থাকে ?

উত্তৰঃ- ছনেট কবিতাত চৈধ্যটা শাৰী থাকে প্ৰতিটো শাৰীত চৈধ্য টা আখৰ থাকে ।

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

জ) ‘অন্বেষণ’ কবিতাটি ‘ছনেট’ কবিতা বুলিব পাৰিনে ?

উত্তৰঃ- ‘ছনেট’ কবিতা চৈধ্যটা শাৰীত পূৰ হয় । সেই ফালৰ পৰা  ‘অন্বেষণ’ কবিতাটি  ‘ছনেট’ কবিতা বুলিব পাৰি , কিন্তু একোটা শাৰীত চৈধ্যটা থাকিব লগা ‘ছনেট’ ৰ এই বৈশিষ্ট্য বা লক্ষণটো ইয়াত ৰক্ষিত হোৱা নাই । সেইফালৰ পৰা ইয়াক  ‘ছনেট’ কবিতা বুলি কোৱাত কিছু অসুবিধা আছে । 

ঝ) প্ৰথম আধুনিক কবিতাটোৰ নাম কি ? ইয়াৰ ৰচক কোন ?

উত্তৰঃ- ‘অন্বেষণ’ । ৰচক ― সীতানাথ ব্ৰহ্মচৌধুৰী ।

৫) ‘ছনেট’ কবিতা কাক বোলে ? ইয়াৰ সাধাৰণ লক্ষণসমূহ উল্লেখ কৰা।

উত্তৰঃ- ছনেট কবিতাক চতুৰ্দশ পদী কবিতাও বোলে । একেটা মাত্ৰ ভাব- কল্পনা বা অনুভূতিক যেতিয়া চৈধ্যশৰীয়া কবিতাৰ মাজেৰে প্ৰকাশ হয় , তেতিয়া তাক ছনেট কবিতা বোলা হয় । 

ছনেটক সাধাৰণতে দুটা ভাগত ভগোৱা হয় ― প্ৰথম আঠ শাৰীক অষ্টক ( octave ) আৰু পিছৰ ছয়শাৰীক ষষ্ঠক (  sestet ) বোলা হয়।অষ্টক আকৌ দুই ভাগত বিভক্ত ― প্ৰতিটো ভাগক চতুস্ক ( Quatrain ) বোলে । ষষ্ঠককো দুই ভাগত ভগোৱা হয় আৰু তাৰ প্ৰতিটো ভাগক ত্ৰিপাদিকা ( Tercet ) বোলে  ।

ছনেট কবিতাৰ সাধাৰণ লক্ষণসমূহ হল  ― 

ক) ই সাধাৰণতে চৈধ্য আখৰযুক্ত চৈধ্য শাৰীৰ কবিতা , 

খ) ইয়াত এটা মাত্ৰ ভাবৰ বিকাশ থাকে , 

গ) অষ্টক আৰু ষষ্ঠকৰ বিভাগ ৰক্ষা কৰা সনাতন ৰীতি যদিও বহুতো এই ৰীতি মানি চলা নাই । 

ঘ) ছনেটৰ ভাবত গাম্ভীৰ্য আৰু ভাষাত সৰলতা থাকিব লাগিব ।

উল্লেখযোগ্য যে , অসমীয়া সাহিত্যত হেমচন্দ্ৰ গোস্বামী প্ৰথম ছনেট লেখক । আনহাতে হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ আৰু চকলো’ৱেই প্ৰথম অসমীয়া ছনেটৰ পুথি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top