Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু

Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Advance Assamese Chapter 10 কপিলীপৰীয়া সাধু and select needs one.

Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু Solutions for All Subject, You can practice these here…

কপিলীপৰীয়া সাধু – নৱকান্ত বৰুৱা

পাঠ: ১০

উপন্যাস

চমু প্ৰশ্ন

১) কপিলী নদী আৰু কপিলীপৰিয়া মানুহৰ জীৱন সম্পৰ্কে এটি আভাস দিয়া । অথবা , ‘কপিলীপৰিয়া সাধু’ উপন্যাসত প্ৰকৃতিৰ সৈতে মানৱ জীৱনৰ নিবিড় সম্পৰ্ক কেনেদৰে প্ৰকাশ পাইছে , আলোচনা কৰা ।

অথবা

‘কপিলীপৰিয়া সাধু’ত বৰ্ণিত বানপানীৰ দৃশ্য তোমাৰ ভাষাৰে বিৱৰি লিখা । অথবা , “কপিলী দুখৰো চকুলো ― আনন্দৰো চকুলো” ― এই উক্তিৰ আধাৰত ‘কপিলীপৰিয়া সাধু’ উপন্যাসৰ এটি আলোচনা আগবঢ়োৱা ।

উত্তৰঃ- পশ্চিম নগাঁৱৰ মাজেৰে বৈ যোৱা কপিলী এখনি জীয়া নৈ । খাচিয়া , জয়ন্তীয়া আৰু মিকিৰ পাহাৰৰ পৰা বিভিন্ন জান – জুৰিয়ে  শিলদল ভাঙি বৈ অহা প্ৰচুৰ পানীৰে পৰিপুষ্ট হয় এই নৈখনি । বাৰিষা  তিনিওখন পাহাৰে যোগোৱা পানীৰে কপিলী উপচি পৰে । কপিলীৰ পৰা বাগৰে । পথাৰ বুৰ যায় । একাঠু , এককাল , তামোল – টেঙাৰ বাৰীত এবুকু পানী হয় । পানীয়ে চোতাল চোৱে , – চোতালত ঢোৰাসাপে কিলকিলায় । মজিয়াত উজাই অহা কাৱৈ মাছৰ লানি । ৰাতিপুৱা চোতালত একাঠু , আবেলিলৈ এবুকু , ― ৱেৰৰ মাৰি পানীত চপৰাচপৰে খহে । গধূলি পানী বাঢ়ি গৈ পানীয়ে ৰুৱা – মাৰলী চোৱেগৈ । পশ্চিম নগাঁও এখন অথাই সমুদ্ৰ হয় । মাজে মাজে ওলাই থাকে মাত্ৰ কেইখনমান গাঁও । গৰু গাই উটি যায় । মানুহে আশ্ৰয় লয় দ্বীপ হৈ পৰা ওখ ঠাইবোৰত । মানুহ আৰু আন আন জীৱ জন্তু মৰে ― পানীত , মাটিত , ― বেমাৰত আৰু অনাহাৰত ।

ৰিলিফৰ নাও আহি মানুহবোৰৰ মাজত দিনে আধাপোৱা চাউল , দুৰ্দিনত এক ছটাক দাইল , সপ্তাহটোত আধা ছটাক তেল , কিছু কাপোৰ কানি , ― দুগজ মাৰ্কিন , এফাল কম্বল আদি বিলায় । বেমাৰ ভাল কৰিবলৈ ডাক্তৰ আহে , কুইনাইন আদি সামান্য ঔষধ পাতি দিয়েহি । 

আকৌ কপিলী শুকায় । কপিলীয়ে পলস পেলোৱা সাৰুৱা মাটিত প্ৰচুৰ শালি ধান হয় । ছেদেলি ভেদেলি হোৱা গাওঁবোৰ লাহে লাহে পুনৰ ঠন ধৰিবলৈ ধৰে । মানুহে দুখৰ কথা পাহৰি যায় । 

বাতৰিকাকতে লিখা মতে কপিলী নগাঁৱৰ চকুলো । কপিলীপৰিয়া মানুহে জানে তেওঁলোকৰ কপিলীৰ পানীয়েই তেওঁলোকৰ মাটিত পলস পেলাই সাৰুৱা কৰে , জীপ দিয়ে । কপিলীৰ নিৰ্মল পানীয়েই তেওঁলোকৰ পিয়াহ গুচায় । কপিলীৰ বুকুৱেদিয়েই তেওঁলোকৰ বেহা – বেপাৰ চলে ৰজাদিনৰে পৰা । গোভা , নেলী , ডিমৰুৱাত ৰজা , গোৱালীবোৰৰ ৰাজ্য বোৰ কপিলী পাৰৰে । আহোম – জয়ন্তীযাৰ বিবাদৰ কেইবাখনো যুদ্ধৰ থলী কপিলীৰ পাৰ । জয়ন্তীয়াৰ ধেমেলীয়া কটকী কপিলীয়ে দি আহি জাগীৰ চকীত পত্ৰ সন্দেশ দিছিল । এনেদৰে কপিলীয়েই কপিলীপৰিয়া মানুহৰ জীৱন ।

২) গায়ন – বায়নৰ ঘুলিটোৰ লগত জড়িত কাহিনীটো বৰ্ণনা কৰা । 

উত্তৰঃ- বৰপানী কপিলীৰে লগলগা ঠাইডোখৰৰ পাকটোৰ ওচৰতে গায়ন বায়নৰ ঘুলিটো । এই আগ নবঢ়োৱাকৈ নাও নেমাৰে । কাহিনী তথা জনশ্ৰুতি মতে তাত হেনো জলকোঁৱৰৰ তলাতল ঘৰ আছে তাতে কমলা কুঁৱৰী জলকোঁৱৰী হৈ আছে । কমলা কুঁৱৰী আগেয়ে মানুহ আছিল । দেশৰ মংগলৰ কাৰণে জলকোঁৱৰক বৰিলে । মানুহৰ জীয়ৰী হোৱাৰ কাৰণেই কমলা কুঁৱৰীয়ে ছবিৰ মানুহৰ মুখ চাবলৈ বিয়াকুল হৈ পৰে । সেই কাৰণেই জলকোঁৱৰে কপিলীৰ পৰা পাৰৰ শইচবোৰে সেউজীয়াৰ পৰা সোণালী ৰূপ লবলৈ ধৰে । ঘূণীয়া মানুহক কিন্তু কেতিয়াবা ধৰি নিলেও জলকোঁৱৰে এৰি দিয়ে , নামাৰে । অৱশ্যে ঘুলিটোৰ নাম গায়ন বায়ন কিয় হল ― এই সম্পৰ্কে একো জনা নাযায়। আজো ককাৰ দিনৰে পৰা মানুহৰ মুখে মুখে এই নামেৰেই চলি আহিছে । 

৩)  গোৱালপৰীয়াৰ এৰাবাৰী আৰু সন্তোষ বঙালৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ- গায়ন বায়নৰ ঘুলিটোত জলকুঁৱৰী কমলা কুঁৱৰীৰ সন্তুষ্টিৰ কাৰণেই ছবিৰ দুখনকৈ নাও ডুব যায় । নাৱত যোৱা মানুহ দুনুহ পানীত তল গৈ মৃত্যুমুখত পৰে । সেই কাৰণেই বেপাৰী নাওবোৰে পানীত জলকোঁৱৰলৈ সভক্তিৰে পাণ – তাপোল আগবঢ়াইহে নাও মেলে । জলকোঁৱৰৰ দেশলৈ যি এৰাব যায় সি আৰু উভতি নাহে । 

কিন্তু জলকোঁৱৰৰ দেশৰ পৰা উভতি অহা মানুহো আছে । তেওঁলোকক গোৱালপৰীয়াৰ ঘৰ বুলি কয় । গোৱালপাৰাৰ নাও এখন কাজলিয়েদি উজাই আহিছিল বৈঠালাংচুৰ পৰা লা আৰু কপাহ বিনলৈ । জলকুঁৱৰীৰ অশান্ত মন শান্ত কৰিবলৈ জলকোঁৱৰে নাৱে সৈতে গোৱালপৰীয়াক টানি লৈ গল । লগৰ মানুহ দুনুহ সকলো মৰিল । কিন্তু গোৱালপৰীয়াক হেনো ঘুনিয়া বুলি এৰি দিলে । তাৰ সোঁ চকুটো ফুলপৰা । গোৱালপৰীয়া কপিলীৰ বালিতে পৰি আছিল । গৰখীয়া লৰাই পাই সন্তোষ বঙালৰ খেৰণিতে থৈছিলহি । 

সন্তোষ বঙাল কেতিয়াৰ মানুহ গঞাই নাজানে । সি হেনো পাণ্ডুৱাৰ বেপাৰী আছিল । শেষত দিমৰুৱাৰ ৰজাই বৰুৱা পাতি থৈছিল । পিছত সিহঁতৰ সতী – সন্ততি কলৈ গল কোনোৱে কব নোৱাৰে । ঢাপ মৰা বাৰী এডোখৰ আছে , – এতিয়া চৰণীয়া পথাৰ । সেয়াই সন্তোষ বঙালৰ টোল।

গোৱালপৰীয়া ভাল হল  , কিন্তু কমলা কুঁৱৰীৰ খবৰ মানুহক কয়হি বুলি জলকোঁৱৰে হেনো তাক বলিয়া কৰি ৰাখিলে । গোৱালপৰীয়া গোৱালপাৰা লৈ উভতি নগল । তাতেই আৰ – তাৰ বন কৰি থাকিল । কিছুদিনৰ পিছত ফুটুকিবাইৰ কালৰী নাতিনিয়েক সোণতৰাৰ লগত লেঠা হল । গাঁৱৰ লৰবোৰে ধৰি এজাউৰী দিলে । দেশত সোণতৰালৈকে সি চাপিল । সেইবোৰ বহুদিনীয়া কথা ।

গোৱালপৰীয়াৰ এৰাবাৰীখন এতিয়াও আছে । গৰখীয়া লৰাই পৰা আমলখি বিচাৰি যায় । গোৱালপৰীয়াৰ ঘৰ ইংৰাজ  ‘জাৰমন’ৰ ধেৱাই পিছত হোৱা ইফালে জ্বৰ মৰকত ভেটি উচন হল । ঠাইডোখৰ চুৱা হল। সেই কাৰণে গোৱালপৰীয়াৰ এৰাবাৰীখন কপিলীয়ে নোচোৱে । সন্তোষ বঙালৰ বাৰীৰ ঢাপকেইটা মাথাউৰিৰ দৰে ওখ  । তাতো কপিলীৰ পানী নোসোমায় ।

৪) ভকতধূলি বৈৰাগীক কপিলীয়ে কি সপোন দেখুৱাইছিল ?

উত্তৰঃ- কপিলী পাৰৰ গাওঁবোৰ বছৰি পানীত তল যায় । তথাপি গাওঁবোৰ তাৰ পৰা উঠি নাযায় ।  ‘ৰজা পোৱালী’ মনচিং এবাৰ উঠি যাব খুজিছিল ক্ষেত্ৰীয় পিনে । কপিলীয়ে সেইবোৰ তেওঁৰ হালৰ বলদহাল লৈ গল । ৰাতি ভকতধূলি বৈৰাগীক কপিলীয়ে সপোন দেখুৱালে – ৰজা পোৱালী ঘৰৰ লৰা যদি কপিলীৰ পাৰৰ পৰা উঠি যায় , ময়ো পিছে পিছে যাম । চুলি মেলা , আউলী বাউলী চকু দুটা জোৰ দুটাৰ দৰে জ্বলিছে , – মাতটো ঢেৰেকণীৰ দৰে । এই সপোনৰ কথা শুনি গঞাই মনচিঙ্ক হাক দিলে । মনচিঙেও ভয় খালে । ৰাইজে কপিলীয়ে নিয়া বলদহালৰ কাৰণে বৰঙণি তুলি দিলে । ফুলগুৰিৰ হাটৰ পৰা পুতেক বিৰচিঙৰ লগত গৈ মনচিঙে তিনি দাঁতিয়া বলদ এহাল কিনি আনিলেগৈ। 

৫) ৰূপাই কোন ? ৰূপাইক বেথাৰাম পণ্ডিতে কিয় আৰু কেনে ধৰণৰ শাস্তি দিছিল ?

উত্তৰঃ- ৰূপাই ‘ৰজা পোৱালী’ মনচিং ৰজাৰ নাতি আৰু ধীৰচিং ৰজাৰ পুতেক বুলি সকলোৱে জানে যদিও সি ধীৰচিংৰ তোলনীয়া পুতেকহে । 

ৰূপাই পঢ়া  ‘পাতচেলা স্কুলৰ পণ্ডিত আছিল বেথাৰাম পণ্ডিত । তেওঁৰ আচল ঘৰ আছিল জাগীত , ― বনুৱাবৰাৰ সৰু ঠালৰ । লৰাবোৰে গৰু ৰাখিব আৰু হাট বাট কৰিব লাগে কাৰণেই স্কুল বহে ৰাতিপুৱা  । ৰূপায়ে তিনি দিনৰ মূৰত স্কুললৈ আহিছে । সেইবাবেই সি অনুপস্থিত থকা দিনকেইটাত বেথাৰাম পণ্ডিতে ছাত্ৰসকলক শিকোৱা মিশ্ৰ বিয়োগ অংক ৰূপায়ে নোৱাৰাত শাস্তি হিচাপে তাক এচুকত এঠেঙীয়া বগলী হৈ থিয় দি থাকিবলৈ দিছিল । স্কুললৈ সেইকেইদিন কিয় অহা নাছিল বুলি ধমক দি বেথাৰাম পণ্ডিতে ৰূপাইক সোধাত পেট চলা বুলি সি আসৈ মতাত আৰু তাৰ লগৰে নোমলে সি কপিলীত মাছ মৰা চাবলৈ গৈছিল বুলি কোৱাত বেথাৰাম পণ্ডিতে তাৰ শাস্তিটো বঢ়াই দি তাক দলি চপৰা এটা লৈ লাৰুৱা গোপাল হৈ থাকিবলৈ দিছিল ।

৬) ৰূপাই নিশা বিছনাৰ পৰা নোহোৱা হোৱা আৰু দাদায়েকৰ মৃত্যু সম্পৰ্কীয় কথা খিনি চমুকৈ লিখা ।

উত্তৰঃ- ৰাতি বুঢ়ীমাকে সাৰ পাই উঠি দুৱাৰ খেপিয়াই ৰূপাইক বিছনাত নাপাই সৰু পুতেক অৰ্থাৎ ৰূপাইৰ দদায়েকক ৰূপাই বিছনাত নোহোৱাৰ কথাটো কলে । দদায়েকে জাপ মাৰি উঠি আহি  ‘হেৰৌ ৰূপাই’ বুলি চিঞৰি মাতিলে , কিন্তু ৰূপাইৰ কোনো শুংসূত্ৰ নাপালে । ৰূপাইৰ মাক ৰাংলীয়ে কান্দিবলৈ ধৰিলে । ৰূপাইৰ দেউতাক ধীৰচিঙে ৰাঙলীক কন্দা কটাখন নকৰিবলৈ কৈ ভাঙোৰী ভকতৰ লগত দীঘলদৰীলৈ ভাওনা চশবলৈ হয়তো ৰূপাই গৈছে বুলি সান্তনা দিবলৈ আৰু নিজেও সান্তনা লভিবলৈ চেষ্টা কৰিলে ।

ইতিমধ্যে ৰূপাই দেউতাক ধীৰচিঙে দুই – এটা মানুহ লগত লৈ আৰু মিনাৰাম দোকানীৰ পৰা লেমটো লৈ ৰূপাইক বিচাৰি গল । দদায়েকেও ইতিমধ্যে অকলেই কপিলী নৈৰ পাৰলৈ ৰূপাইক বিচাৰি গল ।

ৰূপাইৰ পুতাক ধীৰচিঙে পোনে পোনেই ভাঙুৰী ভকতৰ তালৈ গৈ দেখিলে ভাঙোৰী ভকত শুই আছে । তেওঁক জগাই ৰূপাই নোহোৱা হোৱাৰ কথাটো কোৱাত ভকতো তেওঁলোকৰ লগতে কপিলীৰ পাৰত ৰূপাইক বিচাৰি গল ।

কপিলী পাৰত উই হাফলু এটাৰ ওপৰত ৰূপাইক অকলে বহি থকা দেখি মানুহবোৰে দেও ভূত বুলি প্ৰথমে ভয়েই খাইছিল । সেই কাৰণেই জোনৰ পোহৰত ৰূপাইৰ ছাঁ মাৰিত পৰিছে নে নাই চাই ললে । কাৰণ তেওঁলোকৰ বিশ্বাস  , দেও ভূতৰ ছাঁ নাথাকে । তদুপৰি ভাঙুলী ভকতে  ৰূপাইক   ‘ৰাম’ বুলিবলৈও কলে । দেও ভূতে হেনো  ‘ৰাম’ বুলিব নোৱাৰে । ৰূপাইৰ ছাঁ দেখি আৰু ৰূপায়ে  ‘ৰাম’ বুলি কোৱাটো সি যে সঁচাকৈয়ে  ৰূপাই এই কথা  মানি লৈ পিতাক ধীৰচিঙে এই ৰাতি খন কিয় কপিলীৰ পাৰলৈ আহিছিল বুলি ধমক দিলে । কিয় তেনেকৈ কপিলীৰ পাৰলৈ আহিল ৰুপায়ে হেনো নিজেই কব নোৱাৰে ।

তেনেতে দদায়েক  তিতি বুৰী সেইখিনি পালেহি । দদায়েকে নৈত কিবা এটা উটি যোৱা দেখি সন্দেহ কৰি সাঁতুৰী ধৰিবলৈ গৈছিল , পিছে কাঠ এচটাহে  । তাৰ পৰা লেমন পোহৰ দেখি তেওঁ এৰাবাৰীৰ মাজৰ বাটটোৰে এইখিনি ওলালহি । দদায়েক তেনেকৈ তিতি বুৰী অহাত ভূতে- চুতে ধৰা বুলিহে মানুহবিলাকে ভাবিছিল ।

পিছদিনাৰ পৰাই দাদায়েকৰ জ্বৰ । তেওঁৰ উদফাইৰ দোষ টোও চৰি আহিল । ভূতে চুতে ধৰা বুলি জাৰিলে , ফুকিলে , জলকীয়া পুৰি ধোৱা দিলে । ভূত গল । ভূত যোৱাৰ চিন হিচাপে বাৰীৰ চুকৰ ৰবাব টেঙাজোপাৰ ডাল এটা ভঙা অৱস্থাত ৰাইজে দেখিলে । ৰূপাইৰ কিন্তু সন্দেহ হল । ডালটো কটাহে , – ভঙা নহয় । তথাপি দদায়েক নাবাচিল। তিনি  ‘পাত’ পুহৰক লগাই দদায়েক মৰিল । 

৭) ৰূপাই বৃত্তি পৰীক্ষা দিবলৈ গৈ কাৰ ঘৰত আছিল ? তেওঁ ৰূপাইক পৰীক্ষা সম্পৰ্কে কি কি সুধিছিল ? প্ৰথমদিনা পৰীক্ষা দি আহোঁতে সি কাৰ কাৰণে যি আনিছিল , – তাৰ এটি বিৱৰণ দিয়া ।

অথবা

উকিলৰ ঘৰত থকা কালচোঁৱাত ৰূপাই কি কি ঘটনাৰ সন্মুখীন হৈছিল , এটি চমু বিৱৰণ দিয়া ।

উত্তৰঃ- ৰূপাই বৃত্তি পৰীক্ষা দিবলৈ গৈ নগৰত দিনবন্ধু উকিলৰ ঘৰত আছিল । দিনবন্ধু উকিলে সি বৃত্তি পাবলৈ বুলি সোঁধাত  ‘পাম আইগা’  বুলি কৈছিল । তাৰ পিছত তাৰ পঢ়া – শুনাৰ পৰীক্ষা কৰিবলৈকে তাক  ‘চাতক’ কিহৰ বাবে বিখ্যাত , যোজক কাক বোলে আদি প্ৰশ্ন সোধাত ৰূপায়ে যথাযথ শুদ্ধ উত্তৰ দিয়াত দিনবন্ধু উকীল সন্তুষ্ট হৈছিল । 

পৰীক্ষাৰ প্ৰথম দিনা সি আধা ঘণ্টাৰ ছুটিতে ফুলৰী খালে । আবেলি উভতি আহোঁতে বাটত মিঠাইৱালাৰ দোকানত সোমাই দুপইচাৰ নকুলদানা কিনিলে । দুপইচাত দোকানীয়ে তাক বহুতখিনি নকুলদানা দিলে ― ত্ৰিছ পঞ্চাছ ― এশ ছকুৰি মানেই হব কিজানি ! সি তাৰ আধাৰখিনি বেলেগাই কাগজেৰে বান্ধি জেপত ভৰাই ললে উকিলৰ কীয়েকক দিবলৈ বুলি । 

সি পদূলিমুখ পাওঁতেই উকিলৰ জীয়েকে তাক দেখিয়েই মাত দিলে  ― ‘কি পৰীক্ষা কেনে দিলি ?’ কথাৰ ধৰণটো হুটা যদিও মাতটো সি বৰ মিঠা পালে । সি কি কব ভাবি নাপালে । তাৰ কান দুখন ৰঙা পৰি উঠিল । জেপত হাত ভৰাই সি নকুলদানাৰ টোপোলাটো চিকুটিবলৈ ধৰিলে । কাগজ ফুটি নকুলদানাবোৰ ওলাই তাৰ জেপ ভৰি গল । সি একো উত্তৰ নিদিয়াকৈ তাৰে এমুঠি উলিয়াই তাইলৈ আগবঢ়াই দিলে । ছোৱালীজনীয়ে চালে । কোনো আগ্ৰহ নেদেখুৱাই কলে ― ‘ছি:  আমি এইবোৰ নাখাও , কলেৰা হব ।’ কলেৰা বা হাইজা । সি স্বাস্থ্য সমাচাৰত পঢ়িছে । ভেদবমি হয় । শিৰামুৰী ধৰে । গেলা মাখি পৰা বা বাহি বস্তু খালে কলেৰা হয় । ৰূপায়ে বৰ লাজ পালে । 

৮) কলং পাৰৰ সন্ন্যাসী আৰু সেই সন্ন্যাসীজনৰ ওচৰলৈ ৰূপাই যোৱাৰ কাহিনীটো চমুকৈ লিখা ।

উত্তৰঃ- বৃত্তি পৰীক্ষা শেষ হোৱাৰ পিছত আজৰি পাই ৰূপায়ে চহৰৰ ইফালে সিফালে এনেয়ে ঘূৰি চাই চিতি কেছাৰীঘাটৰ দলংখন পাৰ হৈ হয়বৰ গাঁৱৰ পিনে আহিব খুজিছিল । দলং পাৰ হৈ যাব খুজোঁতেই দলং পাৰ হোৱা লোকৰ পৰা পইচা লোৱা মানুহ এজনে তাক পইচা খুজিলে । পঢ়া লৰাৰ পৰা পইচা নলয় বুলি সি উকিলৰ ৰান্ধনী হৰিয়াৰ পৰা জানিছিল । কিন্তু সি তাৰে পঢ়া লৰা নহয় , আৰু বৃত্তি পৰীক্ষা দিবলৈহে সি তালৈ আহিছে বুলি জানি মানুহজনে তাক পইচাৰ পৰা ৰেহাই নিদিলে।সি মানুজনক পইচা এটা দি দলংখন পাৰ হল । 

দলংখন পাৰ হৈ আগবাঢ়ি যাওঁতেই সি দেখিলে এজোপা আহত গছৰ তলত বৰ ডাঙৰ ধুনি এটা জ্বলাই এজন সন্ন্যাসী বহি আছে । চাৰিওফালে বহুতো মানুহ , ― মতা , তিৰোতা । মাজতে এখন তামৰ থাল । তাত সিকি , দুৱানী , চৰতিয়া পইচা । আধলিও দুই এটা আছে । গছজোপাৰ গাত টিঙৰ পাত এচলা মৰা আছে , তাত লেখা আছে  ‘ডাক্তৰ বেনাৰ্জীৰ ফিবাৰিন । জ্বৰেৰ যম । সৰ্বত্ৰ পাওয়া যায় ।’

ৰূপায়ে মানুহ জুমৰ ওচৰলৈ গৈ দেখিলে সন্ন্যাসীজনে ধুনিৰ ছাইৰে মানুহবোৰৰ কপালত ফোঁট দি পিঠিত চপৰিয়াই কৈছে –  ‘চব ঠিক হো যায়গা বাবা কেদাৰবদ্ৰীকো ধ্যান কৰো । 

ৰূপায়ে ওচৰৰ মানুহবোৰৰ পৰা সন্ন্যাসীৰ বিষয়ে কিছু তথা সংগ্ৰহ কৰিলে । বাবা বোলে বদ্ৰীকাশ্ৰমৰ পৰা আহিছে । সকলোৰে ভূত ভৱিষ্যত সকলো কথা কব পাৰে , আনকি পূৰ্বজন্মৰ কথাও । তেওঁৰ বয়স হেনো এশ , ― কোনোৱে কয় দুশ , কোনোৱে এহাজাৰ বুলিও কয়। তেওঁ পিঠিত ঢকা এটা মাৰিলে বোলে সকলো বেমাৰ ভাল হয় ।

সি বৃত্তি পাবনে নাপায় তাৰ জানিবৰ মন গল । মানুহৰ ভিৰ হাতেৰে ঠেলি যি বাবৰ সন্মুখত গৈ পইচা এটা জনকংম কৰে থালত পেলাই দি বহি সি সুধিলে  ‘বাবা , মই বৃত্তি পামনে ?

আন মানুহক দিয়াৰ দৰে বাবাই তাৰ কপালতো ফোঁট দি পিঠিত চপৰিয়াই কলে  ,  ‘চব ঠিক হো যায়গা ‘ ৰূপায়ে ভাবিলে বাবাই তাৰ কথা বুজি পোৱা নাই । সি আকৌ বা বাবাক সি বৃত্তি পাবনে নাপায় এই কথা সোধাত বাবাই ৰঙা চকু দুটাৰ তালৈ চালে , ভাবটো এই যে এক পইচাত ইমান খবৰ বিচবাৰিবলৈ তই কোন ? সি ভয় খাই তাৰ পৰা আঁতৰি আহিল । 

৯) ৰূপায়ে  কিয় ভলণ্টিয়াল দলত সোমাইছিল , ― এই বিষয়ে বহলাই বুলাই লিখা ।

উত্তৰঃ- আৰ্থিক দুৰৱস্থাৰ কাৰণে ধীৰচিঙে পুতেক ৰূপাইক বৃত্তি পৰীক্ষা দিয়াৰ পিছত পঢ়াবলৈ ইচ্ছা কৰা নাছিল যদিও ভাঙোৰী ভকতৰ উপদেশ মতে নগৰত দিনবন্ধু উকিলৰ ঘৰতে ৰাখি পঢ়ুৱাৰ ব্যৱস্থা কৰিলে । উকিলেউ ধীৰচিঙক কৈছিল তেওঁৰ ঘৰতে ৰূপাই থাকি পঢ়ক । থকা খোৱা বোৱা , মাচুল আদি তেৱেঁই বহন কৰিব । সি মাথোঁ আজৰি পৰত তেওঁৰ দুই এটা কাম বন কৰি দিব ।

ৰূপাইক বাপেকে জিলাত ( নগৰত ) উকিলৰ ঘৰত থৈ অহা কেইবাবছৰো হল । সি প্ৰথমে কৰ পথাৰৰ মাজত থকা দচন ইচকুলতে পৰিছিল । পিছে উকিলৰ ঘৰত সকলো সময়তে কাম বন কৰি থাকিবলগীয়া হোৱাত সি অকণো পঢ়িবকে সময় নাপায় । সেয়ে সি ফেল কৰিলে । উকিলেও মাচুল নিদিয়া হল । তাত তাৰ নাম কটা গল । 

বঙলা স্কুলত মাচুল কম কাৰণে এইবাৰ তাক সেই স্কুলত নাম লগাই দিলে । তাত পঢ়া সময়তো বজাৰ কৰা , খৰি ফলা আদি সকলো কাম কৰোতে গোটেই বছৰটোতে সি কিতাপ আগত লবলৈ সময়কে নাপায় ।

এদিন উকিলৰ ৰান্ধনি হৰিয়ে বজাৰৰ পইচাৰে বিড়ি আনিবলৈ কলে । সি ঘৰৰ অন্যান্য বজাৰ কৰাৰ লগতে হৰিৰ কাৰণে বিড়িও আনিলে । বজাৰ কৰা হিচাবৰ কাগজখন উকিলনীক দিব লাগে । ৰূপায়ে কাগজ দিয়াত বিড়ি কিনাৰ কথা দেখি বাবুৱনীয়ে তাক ঠাঁচ কৰে চৰ এটা মাৰি কলে –  ‘চোৱাৰ বাচ্চা , ইচকুলেৰ ছেলে হয়ে তুই বিড়ি খাচ , তাৰ উপৰি আবাৰ বজাৰেৰ পইচা চুৰি কৰে ? সি থোতা মোজাকৈ কলে – মই বিড়ি নাখাও মাই , – হৰি কাকায়ে  আনিবলৈ দিছিল , – তেওঁৰ কাৰণেহে আনিছিলোঁ । ‘

তেতিয়া বাবুৱনীয়ে হৰিক মাতি আনি বৰ ধমক দিলে । হৰিয়ে বৰ লাজ আৰু অপমান পাই গধূলি তাৰ কাণ দুখনত ধৰি মূৰটো ঘটালি দি কলে – ‘তোক বিড়ি আনবাহে কৈছিলোঁ , – হিচাপত লিখিব কুনি কৈছিল ? ‘ 

অথনি বাবুৱনীয়ে তাক ছোৱালীটিৰ আগতে চৰ মাৰিলে । এতিয়া হৰিয়াইও কাণত ধৰিলে । ইতিমধ্যে মহাত্মা গান্ধীয়ে চলোৱা ‘চৰাজ’  আন্দোলনে চাৰিওফালে গা কৰি উঠিছে । ৰাস্তাই ৰাস্তাই আন্দোলনকাৰীৰ শুভাযাত্ৰা সি বহুত বাৰ দেখিছে । মনৰ দুখত পলাই গৈ ৰূপায়ে পূৰ্ণ উকিলৰ ভলণ্টিয়াৰ দলত সোমাইছিল । গান্ধী টুপী পিন্ধি মদৰ দোকানৰ আগত পিকেটিং কৰোতে তাক মাতাল মেতৰ এটাই নাল লগোৱা বাঢ়নিডালেৰেই খোচা এটা মাৰিলে । তাৰো খং উঠিছিল – একেপাত চৰতে কৰ মাতাল কলৈ যায় ঠিক নাই । পিছে তাক লীলা মাষ্টৰৰ পুতেকে হাক দিয়াত জানিবা নামাৰিলে । গান্ধী মহাৰাজে হেনো মাৰ খাবলৈহে কৈছে , – মাৰিবলৈ কোৱা নাই ।

১০) ৰূপাইৰ জেল জীৱনৰ কথা চমুকৈ বৰ্ণনা কৰা ।অথবা , জেলত থকা সময়চোৱাত ৰূপায়ে লাভ কৰা অভিজ্ঞতা সমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ- ৰূপায়ে পূৰ্ণ উকিলৰ ভলণ্টিয়াৰ দলত সোমাই আন আন ভলণ্টিয়াৰৰ লগত ‘পছেছন’  কৰোঁতে এদিন চিপাহীয়ে সিহঁতক ধৰি লৈ গৈ জেলত ভৰালে । জেলত সোমাই বুজিলে বন্দী মানুহৰ মাজতো উকীল, মহৰী , খেতিয়ক , বনুৱাৰ ভাগ আছে । হোৱা বোৱাও বেলেগ বেলেগ ।

এটা মস্ত ঘৰত চোৰ , ডকাইত সকলো ৰকমৰ কয়েদিৰ লগত সিহঁতক থাকিবলৈ দিয়া হৈছিল । অন্যান্য কয়দিবোৰে অপৰাধৰ বৰ্ণনা বোৰ সিহঁতে বৰ গৌৰৱেৰে কৈছিল । সিহঁতক প্ৰত্যেককে বিভিন্ন কামত খটুৱায় । তাত আনাৰসৰ খেতি আছে । বনপাত গুচাই ৰখাৰ ভাৰ সিহঁতৰ ওপৰত । এদিন তাৰ লগত কয়েদি এটাই তাৰ ভাগত পৰা আনাৰস এজোপাৰ শিপা কটাত গছজোপা মৰি থাকিল । মেতৰটোৱে ধৰি তাক চৰ কেইটামান মাৰিলে । মেতৰটোও এটা খুনী কয়েদিয়েই । সেই মেতৰটোৱে আন কয়দীক বৰ অত্যাচাৰ কৰিছিল ।

আবেলি পাঁচ বজাতেই সিহঁতক ঘৰৰ ভিতৰত সুমুৱাই থৈছিল কাৰণে সি বৰ আমনি পাইছিল । সি ওৱাৰ্ডাৰক চালাম দি আপত্তি কৰিছিল যদিও কোনো ফল নধৰিলে । ওৱাৰ্ডাৰে তাক হাঁহি মাৰি উপলুঙা কৰি কৈছিল– ‘কয়েদিৰ বাচ্চা কয়েদি , – চচুৰ বাৰীৰ আৰাম চাওঁ ? ‘ 

ৰূপাইৰ আৰু একো কবলৈ সাহক নহল । সি মনে মনে গৈ কম্বলৰ তলত শুই থাকে । ৰাতিপুৱা শুই উঠাত দেৰি হলে ওৱাৰ্ডাৰে   ‘বেটা নবাব’ বুলি বুটৰ গোৰেৰেহে সিহঁতক জগায় । সি ধৰমৰকৈ উঠি লপচী খাই কামত ধৰেগৈ ।

এদিন মেতৰটোৱে ৰূপাইৰ লগত ভলণ্টিয়াৰ কেইটামানক গুৰিয়ালে । চালা খুনী আচামীৰ ইমান সাহ । গান্ধী মহাৰাজৰ সত্যাগ্ৰহীৰ গাত হাত তোলে । তাৰ সেইদিনা খং উঠি মেতৰটোক দুটামান লপা থপাও দিলে । আগৰে পৰা মেতৰটোক বেয়া পায় থকা মৈমনশিঙিয়া এটাই মেতৰটোক বগৰাই তাৰ বুকুৰ ওপৰত বহি নেলু চেপি ধৰিলে । ৰূপাইহঁতে তাক এৰুৱাই দিবলৈ যাওঁতে পুলিচ চপাহী আহি সিহঁতক যধেমধে কোবাবকৈ ধৰিলে । কাৰো কাৰোবাৰ হাত ভৰি মূৰ আদি ভাঙিল । কাৰোবাক চঙীত তুলি লৈ গল । ডাক্তৰ আহি পটি বান্ধি দিলে । তাৰ বেছি জখম হোৱা নাছিল – মূৰত অলপ দুখ পাইছিল ।

পিছদিনা এই মাৰ পিটৰ শাস্তি হিচাপে তাক অকণমান কোঠা এটাত সুমুৱাই লৈ হাত দুখন ওপৰলৈ তুলি বান্ধি থলে , – গোটেই দিনটো । ভৰিৰ আগটোৰে কোনোমতেহে মজিয়াখন চুই থাকিব পাৰিছিল । সি অসহ্য যন্ত্ৰণা পালে । পিছত আগৰ থকা ঠাইলৈকে তাক লৈ আহিল । 

কিছুদিন জেল চাবলৈ অহা এচাম চাহাবক লীলা মাষ্টৰৰ পুতেকে আৰু বাৰপুজিয়াৰ ভলণ্টিয়াৰে ইংৰাজীতে কিবা কোৱাত সত্যাগ্ৰহীবোৰক বেলেগে একেলগে থাকিবলৈ দিলে । তাতেই বৰভগীয়াৰ তুলাৰাম গায়ন আৰু গেলা পোতনিৰ তিলক গোসাঁইৰ লগত তাৰ চিনাকি হল । তিলক গোঁসায়ে গান্ধীজীৰ আদৰ্শৰ কথা , অহিংসাৰ কথাবোৰ সিহঁতক বৰ সুন্দৰকৈ বুজায় কলে । মহাত্মা গান্ধীয়েও হেনো আফ্ৰিকাৰ পুলিচৰ গোৰ খাইছিল । বন্দুকৰ কুন্দাত তেওঁৰ আগদাঁত ভাঙি গৈছিল । তথাপি তেওঁ সিহঁতক টান কথা কোৱা নাছিল । তেওঁহে আচল সত্যাগ্ৰহী । সাঁচৰ কাৰণে প্ৰাণ দিব , কিন্তু কেতিয়াও অন্যায় কৰোঁতাক হিংসা নকৰে । সত্যৰ প্ৰতি যাৰ আগ্ৰহ তেওঁহে সত্যাগ্ৰহী । 

মহাত্মা গান্ধীৰ সম্পৰ্কে তিলক গোঁসায়ে আৰু বহুত কথা কৈছিল । ৰূপায়ে তিলক গোসাঁইৰ কথাবোৰ শুনি তেওঁৰ প্ৰতি ভক্তিত গদগদ হৈ পৰিছিল । মেতৰটোক মৰাৰ কাৰণে সি বৰ লাজ পালে ।

বিলাতী কাপোৰ কিয় পিন্ধিব নালাগে এই সম্পৰ্কেও তিলক গোঁসায়ে বুজাই কলে । কেনেকৈ আমাৰ দেশৰ কপাহবোৰ বিলাতলৈ যায় , কেনেকৈ তাৰ পৰা কাপোৰ হৈ আহে , সেই সকলো পইচা কেনেকৈ বিলাতলৈ যায় সেই কাৰণেই আমাৰ দেশখন ইমান দুখীয়া , বিলাতী কাপোৰ নিপিন্ধিলে দেশৰ ধন দেশতে ৰব , দেশ নদনবদন হব , – এইবোৰ কথা গোঁসায়ে সুন্দৰকৈ আটাইকে বুজালে ।

ৰূপায়ে ইমানদিনে ইমানবোৰ কথা কেতিয়াও বুজা নাছিল । সি ভাবিলে, জেলৰ পৰা ওলাই গৈ সিও গাঁৱৰ মানুহবোৰক , এই কথাবোৰ বুজাই কব । 

এদিন ৰেলেৰে তাক আন এজনৰ লগত গুৱাহাটী জেললৈ চালান দিলে । বহু দিনৰ মূৰত বাহিৰৰ মুকলি বতাহ আৰু কপিলীখন দেখা পোৱাৰ আশাত তাৰ মনটো বৰ ভাল লাগিছিল । তিলক গোঁসাইৰ দৰে ঈশ্বৰতুল্য লোকজনক এৰি আহিবলগীয়া হোৱাত অৱশ্যে তাৰ বৰ বেয়াও লাগিছিল । 

গুৱাহাটী জেলত সি চুধংচু বাবুৱেও মহাত্মা গান্ধীৰ অহিংসা নীতিৰ বিষয়ে বিৱৰি কৈছিল । তদুপৰি তেওঁ  ‘সাতাৱান চাল’ৰ কথা , হিন্দু – মুছলমানৰ মিলৰ কথা , তান্তিয়া টুপী , নানা চাহাব আদিৰ কথা কৈছিল।এইবোৰ শুনি শুনি ৰূপায়ে নিজকে বৰ জনা যেন লাগিল । মনটো কিবা ফৰকাল হৈ যোৱা যেন লাগিল । তাৰ কাৰণে জেলকানাখন তীৰ্থক্ষেত্ৰ যেন লাগিল ।হঠাৎ কিবা এটা হল । গান্ধী আৰু বৰলাটে হেনো কিবা মকামিলা কৰাত সিহঁত আটাইকে মুকলি কৰি দিলে । জেলৰ দুৱাৰমুখত আহি লৰা ছোৱালী কিছুমানে সিহঁতক মালা পিন্ধালে । পিছত ফটোও তুলিলে । 

See Next Page No Below…

5 thoughts on “Class 12 Adv Assamese Chapter 10 কপিলীপৰীয়া সাধু”

  1. Sir কপিলী পৰিয়া সাধু short question answer nai aase jadi diyakn ???but .. thanks you so much sir ans dibolo thanks…………………?

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top