Class 12 Adv Assamese Chapter 3 ই যে অগ্নি – বীণাৰ তান

Class 12 Adv Assamese Chapter 3 ই যে অগ্নি – বীণাৰ তান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Advance Assamese Chapter 3 ই যে অগ্নি – বীণাৰ তান and select needs one.

Class 12 Adv Assamese Chapter 3 ই যে অগ্নি – বীণাৰ তান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 3 ই যে অগ্নি – বীণাৰ তান Solutions for All Subject, You can practice these here…

ই যে অগ্নি – বীণাৰ তান – আগম্বিকাগিৰী ৰায়চৌধুৰী

পাঠ:

পদ্যাংশ

চমু প্ৰশ্ন

১) কবিতাটোত প্ৰকাশ পোৱা দেশপ্ৰেমৰ আভাস দাঙি ধৰা ।

উত্তৰঃ- ‘অসম কেশৰী’ কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ ই যে অগ্নিবীণাৰ তান নামৰ কবিতাটোত স্বদেশপ্ৰেমৰ ভাব সুন্দৰভাৱে প্ৰকাশ পাইছে । স্বদেশৰ হকে আন্দোলন কৰি অকাধিকবাৰ কাৰাবাস খটা কবি― অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰায়বোৰ লিখনিত তেওঁৰ স্বদেশপ্ৰেমৰ নিদৰ্শন পোৱা যায় ।

‘ই যে অগ্নি – বীণাৰ তান’ কবিতাটিত প্ৰকাশ পোৱা মতে কবিৰ অন্তৰ এটি ‘অগ্নি বীণা’ৰ অৰ্থাৎ উত্তপ্ত সুৰ এটি বাজিছে।এই সুৰ স্বদেশ প্ৰেমৰ।এই সুৰ  ‘হাঁহি – টামাচাৰ ভাগৰ জুৰোৱা গান’ৰ  সুৰ নহয় । এই সুৰ হৈছে স্বদেশৰ হকে মৰণপন কৰাৰ সুৰ । এই সুৰত অনুৰণিত হৈছে প্ৰাধিনতাৰ শত অপমান , লাঞ্ছনা – গঞ্জনা আৰু আত্মবেদনা । ইয়াৰ প্ৰচ্ছন্ন তাপে যেন তেওঁৰ অন্তৰ অগ্নিদগ্ধ কৰিব লাগিছে । অমৃতৰ কাৰণে দেৱ দানৱে যিদৰে সাগৰ মন্থন কৰিছিল , মৃত্যুঞ্জয় পদ পাবলৈ শিৱই যিদৰে হলাহল পাণ কৰিছিল , সেইদৰে কবিয়েও দেশ মাতৃক উদ্ধাৰৰ বাবে কঠোৰ যাতনা ভুগিছে অন্তৰত উত্তপ্ত জুইশিখা বহন কৰিছে । 

সেয়ে দেশ মাতৃৰ চৰণ পূজিবলৈ হৃদয়ৰ ৰক্তদান কৰি সকলো এক হবলৈ তেওঁৰ অন্তৰ বীণা বাজি উঠিছে । সকলো ভয় – শংকা , নিশ্চতা , হীনমন্যতা মনৰ পৰা দলিয়াই পেলাই সকলোকে দেশৰ হকে আগবাঢ়িবলৈ তেওঁৰ অগ্নি – বীণাই আহ্বান জনাইছে । স্বদেশ স্বজাতি মহামানৱতা মূৰ্চ্চিত কৰি ঘোৰ অপমান , উৎপীড়ন কৰা সেই গৰ্বীসকলৰ গৰ্বক চুৰমান কৰি মানৱৰ অধিকাৰ সাব্যস্ত কৰিবলৈ এই গীতৰ তানে অহৰহ তেওঁক সকীয়াই আছে ।

ভাৰতৰ লাঞ্ছিত জনতাৰ এই ঘৃণনীয় ইতিহাস মচি দিবলৈ  ‘মানৱতা অৱমাননাকাৰীক নিঃশেষ কৰি দিবলৈ , মাতৃৰ বুকুত সিঁচৰতি হৈ থকা ৰক্ত ধুই নিব পৰা মহা প্লাৱনৰ সৃষ্টি কৰিবলৈ আৰু মাতৃৰ হকে প্ৰাণ বলিদান দিৱলৈ আগবাঢ়ি আহিবলৈ এই অগ্নি – বীণাৰ তানে সকলোকে  আহ্বান জনাইছে  । 

এই কবিতাটিৰ মাজেৰে এনেদৰেই কবিৰ স্বদেশ প্ৰেমৰ ভাব প্ৰকাশ পাইছে । 

২) ই যে মাতৃৰ আদেশ সন্তান প্ৰাণ দিবলকে বলিদান ।’ ― কথাষাৰৰ ভিত্তিত কবিতাটিৰ সাৰমৰ্ম বুজাই লিখা ।

উত্তৰঃ- স্বদেশপ্ৰেমী কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ  ‘ই যে অগ্নি – বীণাৰ তান’  নামৰ কবিতাটিৰ অন্তিমফাকি কবিতা ই যে মাতৃৰ আদেশ সন্তান প্ৰাণ দিবলকে বলিদান’ শৰীৰ মাজেৰে এক উদাত্ত স্বদেশপ্ৰেমৰ ভাব প্ৰকাশ পাইছে । এইফাকি কবিতাৰ মাজেৰেই গোটেই কবিতাটিৰ ভাবাৰ্থত প্ৰকাশিত হৈছে ।

নিজ মাতৃ – ভূমি পৰাধীন অৱস্থাত থকা সময়ত গৰ্বিত শাসক – শোষকসকলে স্বদেশৰ জনতাৰ ওপৰত কৰা অত্যাচাৰ , অপমান , লাঞ্ছনা আদিত কবি অতিকে মৰ্মাহত । তেওঁৰ অন্তৰত যেন স্বদেশ – স্বজাতিৰ উদ্ধাৰৰ চিন্তাত উত্তপ্ত অগ্নিশিখা জ্বলিব লাগিছে । স্বদেশৰ জনতাক সকলো  ‘হীনতা , নীচতা , ভীৰুতা – দীনতা জোকাৰি’ দলিয়াই পেলাই ঐক্যবদ্ধভাৱে স্বদেশৰ হকে ওলাই আহিবলৈ তেওঁৰ অন্তৰ বীণাই আহ্বান জনাইছে । অমৃত লাভৰ বাবে দেৱ – দানৱে যিদৰে কঠোৰ পৰিশ্ৰম কৰি সাগৰ মন্থন কৰিছিল ― যিদৰে মৃত্যুঞ্জয়ী হবলৈ হলাহল প্ৰাণ কৰিছিল ― ঠিক তেনে মৰণপন কৰি স্বদেশৰ জনতাৰ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস মুচি পেলাবলৈ শাসক – শোষকৰ ঘৃণিত গৰ্ব খৰ্ব কৰিবলৈ , মাতৃ – ভূমিৰ বন্ধ শিকলি ছিঙি পেলাবলৈ , সন্তানৰ ৰক্তেৰে ৰঞ্জিত হোৱা মাতৃৰ বুকুৰ ৰঙা তেজ ধুই নিবলৈ , মহাপ্লাৱনৰ সৃষ্টি কৰিবলৈ নৰনাৰায়ণ স্বৰূপ জনতাক কবিয়ে আহ্বান জনাইছে । কবিয়ে কৈছে মাতৃৰ বাবে সন্তানক আত্মবলিদান দিবলৈ দেশ – মাতৃৰো এয়া কৰুণ আহ্বান ।

৩) প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ―

ক) ‘এইতো নহয় হাঁহি – তামাচাৰ ভাগৰ জুৰোৱা গান 

      ই যে জীৱন – মৰণ একাকাৰ কৰা অগ্নি – বীণাৰ তান ।’ 

উত্তৰঃ- উদ্ধৃত কবিতাফাকি স্বদেশপ্ৰেমী কবি অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত  ‘ই যে অগ্নি – বীণাৰ তান’  নামৰ কবিতাটিৰ অন্তৰ্গত ।

কবিৰ অন্তৰত অহৰহ বাজি থকা স্বদেশপ্ৰেমৰ কথাকেই কবিতাফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে । শুনিলে মনত আনন্দ লাগে , দুখ – কষ্ঠৰ বাগৰ জুৰ পাৰে । কিন্তু কৰিব অন্তৰত যি সুৰ বাজিব লাগিছে সেই সুৰ  ‘হাঁহি – তামাচাৰ ভাগৰ জুৰোৱা  ‘সুৰ নহয়, সেই সুৰ হৈছে জীৱন – মৰণ একাকাৰ কৰা অগ্নি – বীণাৰ’  সুৰ , অৰ্থাৎ জীৱন – পণ কৰি মাতৃভূমিক উদ্ধাৰ কৰাৰ , স্বদেশ – স্বজাতিৰ বাবে এক হৈ সকলোকে ওলাই আহিবলৈ কৰা আহ্বানৰ এক উদাত্ত আৰু উত্তপ্ত সুৰ ।

খ)  ‘ই যে শত আঘাতৰ ৰক্ত ধুউৱা শ্ৰাৱনৰ মহাবান ,

      ই যে মাতৃ আদেশ , সন্তান – প্ৰাণ দিবলকে বলিদান ।’

উত্তৰঃ – উদ্ধৃত কবিতাফাকি স্বজাতিপ্ৰাণ কবি অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত  ‘ই যে অগ্নি – বীণাৰ তান’  নামৰ কবিতাটিৰ অন্তৰ্গত ।

কবিতাফাকিৰ জৰিয়তে কবিৰ অন্তৰত জাগি থকা স্বদেশপ্ৰেমৰ উত্তপ্ত ভাব সুন্দৰভাৱে প্ৰতিফলন ঘটিছে । 

স্বদেশৰ পৰাধীন অৱস্থাত গৰ্বিত শাসক – শোষকৰ স্বদেশ আৰু স্বজাতিৰ প্ৰতি কৰা লাঞ্ছনা – গঞ্জনা , অত্যাচাৰ – অপমানত কবি অতিকে ম্ৰিয়মান । সেয়ে কবিয়ে মাতৃভূমিৰ বন্দীত্বৰ পৰা উদ্ধাৰ কৰি জনতাৰ ঘৃণিত ইতিহাস মুচি পেলাবলৈ জনতাক উদাত্ত আহ্বান জনাইছে । কবিয়ে কৈছে শোষকৰ শত আঘাতত ৰক্তৰে ৰঞ্জিত হোৱা মাতৃৰ বুকু ধুৱাই নিব পৰা মহাপ্লাৱনৰ সৃষ্টি কৰিবলৈ আইমাতৃয়েও সন্তানসকলক আত্মবলিদান দিবলৈ কৰুণ আহ্বান জনাইছে । মাতৃ – ভূমিৰ কাৰণে সন্তানসকলৰ এয়া এক মহান কৰ্তব্য বুলি কবিয়ে স্বদেশৰ জনতাক সোৱৰাই দিছে । 

৪) চমু উত্তৰ দিয়া ।

ক) ‘এইতো নহয় হাঁহি  – তামাচাৰ ভাগৰ জুৰোৱা গান’  বুলি কবিয়ে কিয় কৈছে , বুজাই লিখা ।

উত্তৰঃ- হাঁহি – তামাচাৰে মানুহে গান গায় । গান শুনিলে মানুহৰ মনত আনন্দ লাগে , অন্তৰৰ দুখ ভাগৰ আঁতৰি যায় , তাপিত হৃদয় জুৰ পৰে। কবিৰ অন্তৰতো এটি সুৰ বাজি আছে । এই সুৰে কিন্তু কাকো হঁহুৱাই তামাচা নিদিয়ে , কাৰো ভাগৰো নুজুৰায় । এই গানৰ সুৰ হল স্বদেশপ্ৰেমৰ সুৰ , এই সুৰ স্বদেশ – স্বজাতিক , জনগণক দেশৰ হকে যুঁজিবলৈ , দেশৰ হকে প্ৰাণ বলিদান দিবলৈ জগাই তোলাৰ এক উত্তপ্ত সুৰ । কবিয়ে এই সুৰক সেই কাৰণে আখ্যা দিছে ―  ‘ই যে অগ্নি – বীণাৰ তান’ ― যি তান বা সুৰে মানুহৰ অন্তৰত স্বদেশপ্ৰেমৰ জুই জ্বলাব পাৰে ।

খ)  ‘ই যে নৰনাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস’ ―

     এই ‘ভয়াৱহ ইতিহাস’ কি ― বুজাই লিখা ।

উত্তৰঃ- এটা সময়ত আমাৰ দেশ পৰাধীন  হৈ আছিল । এই পৰাধীন অৱস্থান শাসক – শোষকৰ হাতত দেশৰ জনতা লাঞ্ছিত , অপমানিত আৰু পীড়িত হবলগীয়া হৈছিল । এই নৰনাৰায়ণ অৰ্থাৎ স্বদেশৰ জনতাৰ ঘৃণিত ইতিহাস এক  ‘ভয়াৱহ ইতিহাস’ । ইয়ে বিশ্বৰ জনসাধাৰণৰ মাজত আমাক পদদলিত ঘৃণিত জাতি হিচাপে চিনাকি দিব । সেয়ে ভয়াৱহ ইতিহাস বিনষ্ট কৰি এক উন্নত স্বাধীনচিতীয়া জাতি হিচাপে পৰিচয় দিবলৈ কবিয়ে দেশৰ জনসাধাৰণক উদাত্ত আহ্বান জনাইছে ।

গ) ‘ই যে মানৱতা অৱমাননাকাৰীক মর্দিত কৰা ধ্যান ।’ ― ‘মানৱতা অৱমাননাকাৰী’ কোন , বুজাই লিখা ।

উত্তৰঃ- মানৱতাই সকলো মানুহকে মৰম – চেনেহেৰে , শান্তি – সম্প্ৰীতিৰে , ভাতৃত্বৰ মনোভাৱেৰে , সহায় সহানুভূতিৰে , মুক্তভাৱে আৰু ঐক্যবদ্ধভাৱে জীয়াই থকাৰ অধিকাৰ দিয়ে । কিন্তু এটা সময়ত আমাৰ দেশ পৰাধীন হৈ থকাত এই অধিকাৰসমূহৰ পৰা জনসাধাৰণ বঞ্চিত হৈছিল , ভাৰতত মানৱতাক অৱমাননা কৰা হৈছিল শাসক – শোষকৰ দ্বাৰা । দেশৰ জনসাধাৰণে মুক্তভাৱে কথা কব নোৱাৰিছিল । নিজ ইচ্ছাৰে ঐক্যবদ্ধভাৱে কাম কৰিব পৰা নাছিল , ভাই – ভাইৰ ভিতৰত কন্দলৰ সৃষ্টি কৰা হৈছিল , দেশত শান্তি – সম্প্ৰীতি হেৰাই গৈছিল এই শাসক – শোষকসকলৰ কাৰণেই । সেই শাসক – শোষকসকলক মানৱতা অৱমাননাকাৰী বোলা হৈছে । 

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

৫)  অতি চমু উত্তৰ দিয়া ―

ক) ‘ই যে অগ্নি – বীণাৰ তান’ কবিতাটিৰ ৰচক কোন ?

উত্তৰঃ – অম্বিকাগিৰী ৰায়চৌধুৰী ।

খ) অসমীয়া সাহিত্য জগতত অম্বিকাগিৰী ৰায়চৌধুৰীক কি হিচাপে জনা যায় ?

উত্তৰঃ- ‘অসম কেশৰী’ হিচাপে ।

গ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰথম প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ- ‘তুমি’ ।

ঘ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ গীতৰ পুথিখনৰ নাম কি ?

উত্তৰঃ- ‘চেতনাৰ কণ্ঠ’ ।

ঙ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ খনক নাটকৰ নাম লিখা ।

উত্তৰঃ- ‘জয়দ্ৰথ বধ’ ।

চ) ‘আহুতি গদ্য পুথিখনৰ লেখক কোন ?

উত্তৰঃ- অম্বিকাগিৰী ৰায়চৌধুৰী ।

ছ) কোনখন গ্ৰন্থৰ বাবে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সাহিত্য অকাডেমি বঁটা মৰণোত্তৰভাৱে লাভ কৰিছিল ?

উত্তৰঃ- ‘বেদনাৰ উল্কা’ গ্ৰন্থৰ বাবে ।

জ) কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল ?

উত্তৰঃ- ১৯৫০  চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ একবিংশতিতম অধিৱেশনত । 

ঝ) সুধাৰ কাৰণে কোনে সিন্ধু – মঠন গান গাইছিল ?

উত্তৰঃ- দেৱ – দানৱে ।

ঞ) ‘ ই যে অগ্নি – বীণাৰ তান’ কবিতাটিত কি ভাব প্ৰকাশ পাইছে ?

উত্তৰঃ- দেশপ্ৰেমৰ ভাব ।

ট) ‘ই যে অগ্নি – বীণাৰ তান’ কবিতাটি কোন শ্ৰেণীৰ কবিতা ?

উত্তৰঃ- দেশপ্ৰেম শ্ৰেণীৰ কবিতা ।

ঠ) অসমীয়া সাহিত্যত  ‘অসম কেশৰী’ আখ্যা কাক দিয়া হৈছে ?

উত্তৰঃ- অম্বিকাগিৰী ৰায়চৌধুৰীক ।

ড) ‘চেতনা’ আলোচনীখন কোনে সম্পাদনা কৰিছিল ?

উত্তৰঃ- অম্বিকাগিৰী ৰায়চৌধুৰী দেৱে ।

৬) শব্দাৰ্থ :-

উত্তৰঃ- তান ― সুৰ 

অনল ― জুই

সিন্ধু ― সাগৰ , 

হলাহল ― গৰল ,বিষ 

সুধা ― অমৃত 

নিনাদ ― শব্দ 

ৰক্ত ― তেজ

শ্ৰাৱণ ― শাউণ

অভিলাষ ― ইছচা, হেঁপাহ ।

1 thought on “Class 12 Adv Assamese Chapter 3 ই যে অগ্নি – বীণাৰ তান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top