Class 12 Adv Assamese Chapter 16 (ক) উপন্যাস সাহিত্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Advance Assamese Chapter 16 (ক) উপন্যাস সাহিত্য and select needs one.
Class 12 Adv Assamese Chapter 16 (ক) উপন্যাস সাহিত্য
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 16 (ক) উপন্যাস সাহিত্য Solutions for All Subject, You can practice these here.
(ক) উপন্যাস সাহিত্য
পাঠ: ১৬ (ক)
সাহিত্যৰ বুৰঞ্জী ( ১৮৮০ – ১৯৪০ )
চমু প্ৰশ্ন
১) উপন্যাস ৰচনাত পদ্মনাথ গোহাঞিবৰুৱাই কি দৰে কৃতকাৰ্যতা লাভ কৰিছে লিখা ।
উত্তৰঃ- অসমীয়া উপন্যাস সাহিত্যৰ শুভাৰম্ভ ঘটে পদ্মনাথ গোহাঞিবৰুৱাৰ হাততে । গোহাঞিবৰুৱাৰ উপন্যাস দুখন – ভানুমতী আৰু লাহৰী । ভানুমতী বিজুলী কাকতত ১৮৯০ চনত ছোৱা ছোৱাকৈ প্ৰকাশিত হৈছিল আৰু লাহৰী উপন্যাস ১৮৯২ চনত প্ৰকাশ পায় । এই দুখন উপন্যাসৰ জুৰিয়তে পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া সাহিত্যত বাটকটীয়াৰূপে নিজকে প্ৰতিষ্ঠা কৰি গল ।
ভানুমতী এখনি পাৰিবাৰিক উপন্যাস । উপন্যাসখনৰ কাহিনী সংস্থাপিত কৰিছে ঐতিহাসিক পটভূমিত । উপন্যাসখনিত দুগৰাকী প্ৰেমিকাই এজন যুৱকক আৰু তাৰ বিপৰীতে দুজন প্ৰতিদ্বন্দ্বী পুৰুষে এগৰাকী যুৱতীক লাভ কৰিবলৈ প্ৰায়স কৰাৰ চেষ্টা ৰূপায়িত হৈছে । কাহিনীটোৰ আৰম্ভণিৰ পৰা শেষলৈকে আৱেগত তীব্ৰতা , উৎকণ্ঠা , জটিল ঘটনাৰ উৎসুক্য প্ৰকাশৰ সুযোগ আছিল যদিও লেখকৰ কল্পনাই সেইবোৰ সম্যকভাৱে ঢুকি পোৱা নাই ।
গোহাঞিবৰুৱাৰ দ্বিতীয়খনি উপন্যাস লাহৰীও এখন পাৰিবাৰিক উপন্যাস । এইখনি উপন্যাসৰ কাহিনীও মানৰ আক্ৰমণৰ পটভূমিত অৰ্থাৎ ঐতিহাসিক পটভূমিতে সংস্থাপিত হৈছে । কাহিনী ভানুমতীতকৈ জটিল যদিও সুসংবদ্ধ নহয় । দুটা সমান্তৰাল প্ৰেম কাহিনী ক্ষীণ যোগসূত্ৰেৰে উপন্যাসখনিত গাঁথি থোৱা হৈছে ।
গোহাঞিবৰুৱাৰ এই দুয়োখন উপন্যাসৰ মাজত কেইটিমান সাধাৰণ বৈশিষ্ট্য চকুত পৰে । দুয়োখনি উপন্যাসৰ কাহিনীৰ পৃষ্ঠভূমি ঐতিহাসিক হলেও দৰাচলতে ইতিহাসৰ কোনো বিশেষ ঘটনাৰ লগত কাহিনী দুটাৰ ঘনিষ্ঠ সম্পৰ্ক নাই । ‘ভানুমতী’ত ৰজা শিৱসিংহৰ কাল আৰু ‘লাহৰী’ত মানৰ আক্ৰমণৰ শেষ কালছোৱাৰ পটভূমিত কাহিনী সংস্থাপন কৰিছে । কিন্তু ইতিহাসৰ লগত কাহিনীৰ সম্পৰ্ক বৰ ক্ষীন । উপন্যাস দুখনিত কাহিনী বিকাশৰ কৌশলৰ সাদৃশ্য ঠায়ে ঠায়ে লক্ষ্য কৰা যায় । উপন্যাস দুখনিৰ দুয়োজন নায়কেই সমধৰ্মী – তেওঁলোক নিষ্ক্ৰিয় , সামাজিক বিধি নিষেধ উলংঘা কৰিব নোখোজা যুৱক , দৈৱ মুখাপেক্ষী ।
গোহাঞিবৰুৱাৰ উপন্যাসৰ আলোচনা প্ৰসংগত এই কথা মনত ৰাখিব লাগিব যে উপন্যাস দুখনি ৰচনাৰ সময়ত লেখকৰ জীৱন অভিজ্ঞতা পুৰঠ নহয় , কেঁচা । বয়সো কোমল আৰু উপন্যাস সাহিত্য ৰচনাৰ সেয়া প্ৰথম প্ৰায়স । গতিকে এনে পৰিপ্ৰেক্ষিতত ৰচিত উপন্যাস দুৰ্বল আৰু ত্ৰুটিপূৰ্ণ হোৱা স্বাভাৱিক । পূৰ্বৱৰ্তী অসমীয়া উপন্যাস কোনো আৰ্হি নথকা অৱস্থাত গোহাঞিবৰুৱাই প্ৰকৃত উপন্যাসৰ আদৰ্শ সৃষ্টি কৰাত যি বৰঙণি আগবঢ়ালে তাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ ৰব ।
২) অসমীয়া উপন্যাস সাহিত্যলৈ দণ্ডীনাথ কলিতাৰ অৱদান সম্পৰ্কে এটি আলচ কৰা ।
অথবা
দণ্ডীনাথ কলিতাৰ প্ৰথম উপন্যাসখনৰ নাম কি ? ঔপন্যাসিক হিচাপে তেখেতৰ এটি পৰিচয় দিয়া ।
উত্তৰঃ- দণ্ডীনাথ কলিতাৰ প্ৰথম উপন্যাসখনৰ নাম ‘ফুল’ । এই উপন্যাসখনি ছাত্ৰৱস্থাতে ১৯০৮ চনত প্ৰকাশ পায় ।
অসমীয়া উপন্যাস সাহিত্যত ৰজনীকান্ত বৰদলৈৰ পিছত ঔপন্যাসিক সকলৰ ভিতৰত দণ্ডীনাথ কলিতা অন্যতম । কলিতাৰ উপন্যাসকেইখন হল – ফুল , পৰিচয় , গনবিপ্লৱ , সাধনা আৰু আৱিষ্কাৰ । তেওঁৰ এই উপন্যাসকেইখনত সামাজিক শ্ৰেণী বা স্তৰ বিশেষৰ ভণ্ডামি , ব্যভিচাৰ আৰু দুৰ্নীতিৰ চিত্ৰ প্ৰচুৰ । সমাজ সমালোচনাই তেওঁৰ উপন্যাসত প্ৰধান স্থান লাভ কৰিছে । বিদ্ধৰূপ বা ব্যংগই তেওঁৰ কাহিনীত বিশেষ গুৰুত্ব লাভ কৰিছে । লেখকৰ স্বকীয় আদৰ্শবাদৰ ধ্বজাবাদী নায়ক চৰিত্ৰৰ বাহিৰে উপন্যাসৰ সৰহভাগ চৰিত্ৰক ব্যংগ বিদ্ধৰূপৰ দৃষ্টিৰে তেওঁ অংকন কৰিছে ।
কলিতাৰ প্ৰথম উপন্যাস ফুল । স্কুলীয়া ছাত্ৰ অৱস্থাত ৰচনা কৰা কাৰণে কেঁচা হাতৰ স্থূল প্ৰলেপ উপন্যাসখনিত স্পষ্ট । মানৰ শেষ আক্ৰমণৰ সময়ৰ অৰাজকতা আৰু অস্থিৰ অৱস্থাৰ পটভূমিত উপন্যাসখনিত দুগৰাকী গাভৰুৰ নানা বিপদ আপদৰ পিছত প্ৰণয় পাত্ৰৰ লগত এই উপন্যাসত প্ৰদৰ্শিত হৈছে । মানৰ আক্ৰমণৰ পটভূমিত কাহিনী সংস্থাপিত হলেও প্ৰকৃততে ঐতিহাসিক ঘটনাৰ লগত উপন্যাসৰ কাহিনীৰ কোনো সম্পৰ্ক নাই ।
কলিতাৰ দ্বিতীয় উপন্যাস সাধনাই ১৯২৮ চনত সেই সময়ৰ শ্ৰেষ্ঠ সামাজিক উপন্যাস ৰূপে পুৰস্কাৰ লাভ কৰিছিল । তেওঁৰ উপন্যাসৰাজিৰ ভিতৰত এইখন উপন্যাসেই শ্ৰেষ্ঠ । উপন্যাসখনিৰ কেন্দ্ৰস্থ বিষয় হল ভণ্ড , প্ৰতিক্ৰিয়াশীল , স্বাৰ্থাম্বেষী গোষ্ঠীৰ সংস্কাৰগামী আদৰ্শ প্ৰয়াসীৰ সংঘৰ্ষ , এহাতে তথাকথিত আধুনিক শিক্ষাপ্ৰাপ্ত চহৰৰ মধ্যবিত্ত শ্ৰেণীৰ ইন্দ্ৰিয় লালসা পূৰণকামী ভণ্ডৰ দল আৰু আনহাতে সিহঁতৰ বিৰুদ্ধে নিৰ্ভীক ভাবে থিয় দিয়া এজন যুৱকৰ কাহিনী উপন্যাসখনিত বৰ্ণিত হৈছে ।
কলিতাৰ তৃতীয় উপন্যাস আৱিস্কাৰৰ কাহিনীভাগ গঢ়ি উঠিছে মাধৱ নামৰ এজন উৎকট আদৰ্শবাদী , সংস্কাৰ প্ৰয়াসী যুৱকৰ কাৰ্যকলাপৰ ভেটিত । উপন্যাসখনিৰ কাহিনীৰ আৰু চৰিত্ৰ সৃষ্টি দুয়োটাই দুৰ্বল । তেওঁৰ ‘গণবিপ্লৱ’ উপন্যাসখনি ঐতিহাসিক মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত ৰচিত হৈছে যদিও লেখকে মোৱামৰীয়া বিদ্ৰোহক আহোম ৰজাৰ স্বেচ্ছাচাৰিতা আৰু অত্যাচাৰৰ বিৰুদ্ধে সদৌ জনগণৰ বিদ্ৰোহ বুলি কৈছে , কাৰ্যত : কিন্তু জনতাৰ বিপ্লৱ বা বিদ্ৰোহলৈ লিখনিৰ তাক ৰূপান্তৰ কৰি দেখুৱাব পৰা নাই । কলিতাৰ শেষৰ উপন্যাস পৰিচয় । এই গ্ৰন্থখনি উপন্যাস হিচাপে সাৰ্থক হৈছে বুলি কব নোৱাৰি ।
দণ্ডীনাথ কলিতাৰ উপন্যাসৰ চাৰিত্ৰসমূহ সততে টাইপ চৰিত্ৰ । সাধনা আৰু আৱিস্কাৰত সমাজৰ দোষ ত্ৰুটি আৰু সমস্যাৰ বিশ্লেষণ আছে । উৎকট আদৰ্শবাদী আৰু সংস্কাৰকামী মনোবৃত্তিয়ে তেওঁৰ উপন্যাসক কলাৰ স্বাভাৱিক বিকাশত সহায়ক নহৈ প্ৰতিবন্ধক হৈ পৰা যেনহে লাগে।কৃত্ৰিম পৰিস্থিতি আৰু দীৰ্ঘ আলোচনাই আখ্যানৰ ৰস আস্বাদনত ব্যাঘাত জন্মইছে । সেয়ে তেওঁৰ উপন্যাসৰাজি ৰসোত্তীৰ্ন হৈছে বুলি কব নোৱাৰি ।
৩) অসমীয়া উপন্যাস সাহিত্যলৈ দৈৱচন্দ্ৰ তালুকদাৰৰ অৱদানৰ বিষয়ে এটি আলচ যুগুত কৰা ।
অথবা
ঔপন্যাসিক হিচাপে দৈৱচন্দ্ৰ তালুকদাৰৰ এটি চমু পৰিচয় দিয়া ।
উত্তৰঃ- ৰজনীকান্ত বৰদলৈৰ পিছত অসমীয়া ঔপন্যাসিক সকলৰ ভিতৰত দৈৱচন্দ্ৰ তালুকদাৰো অন্যতম । দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাস ছখন , সেইকেইখন হল – ধুৱলী – কুঁৱলী , অপূৰ্ণ , আগ্নেয়গিৰি , বিদ্ৰোহ, আদর্শপীঠ আৰু দুনীয়া । দৈৱচন্দ্ৰ তালুকদাৰৰ উদ্ভাৱৰ সময়ছোৱাত জাতীয় জাগৰণ আৰু স্বাধীনতা আন্দোলনৰ সময় , গতিকে সমাজ সংস্থাৰৰ আদর্শই আৰু জাতীয় উন্নতিৰ পৰিকল্পনাই আনসকল লেখকৰ দৰে দৈৱচন্দ্ৰ তালুকদাৰকো অনুপ্ৰাণিত কৰিছিল । দৈৱচন্দ্ৰ তালুকদাৰে তেওঁৰ উপন্যাসৰাজিৰ জৰিয়তে সমাজৰ আৱৰ্জনাৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰিছে আৰু সংস্কাৰ অটো উন্নতিৰ পৰিকল্পনাও উপন্যাসৰ যোগেদি দাঙি ধৰিছে ।
তেওঁৰ প্ৰথম উপন্যাস ধুৱলী কুঁৱলী ছাত্ৰ অৱস্থাৰ ৰচনা । কাহিনীটোত চপল কল্পনাৰ প্ৰগাঢ় অনুলেপন আছে । ডেকা বয়সৰ ৰোমান্টিক ভাব কল্পনাৰ স্বাক্ষৰ ইয়াত বৰ্তমান । দ্বিতীয় উপন্যাস আগ্নেয়গিৰিত বিধৱাৰ সমস্যা দাঙি ধৰা হৈছে । কাহিনীটোত বিশেষ অভিনৱত্ব বা জটিলতা নাই । এইখন উপন্যাসৰে দ্বিতীয় খণ্ড হল বিদ্রোহী । এইখনি উপন্যাসৰ চৰিত্ৰবোৰ লেখকৰ আদৰ্শবাদৰ পুতলা হৈ পৰিছে ।
দৈৱচন্দ্ৰ তালুকদাৰৰ চতুৰ্থ উপন্যাস – অপূৰ্ব অসহযোগ আন্দোলনৰ সময়ৰ ৰচনা । মাদক দ্ৰব্য আৰু বিদেশী বস্তু বৰ্জন , স্বাৱলম্বিতাৰ চেষ্টা, প্ৰচলিত শিক্ষানীতিৰ সমালোচনা , পাশ্চাত্য ধৰণ কৰণৰ নিৰৰ্থক অনুকৰণৰ প্ৰতি হেয় দৃষ্টি , প্ৰাচীন ভাৰতীয় জীৱনাদৰ্শত পুনৰ আস্থা আদি গান্ধীবাদী আদৰ্শৰ প্ৰতিফলন এই উপন্যাসত লক্ষ্য কৰা যায় । অৱশ্যে উপন্যাসখনিৰ কাহিনীৰ গঠনত কিছু পৰিমাণে কৃত্ৰিম হৈছে । তেওঁৰ পঞ্চম উপন্যাস ‘আদর্শপীঠ’ আৱাহন কাকতত ছোৱা ছোৱাকৈ প্ৰচাৰিত হৈছিল ; গ্ৰন্থৰূপত এতিয়াও প্ৰকাশ হোৱা নাই । এজন আদৰ্শবাদী যুৱকৰ সংস্কাৰ প্ৰচেষ্টা আৰু স্বাৱলম্বী উদ্যোগৰ শোকাৱহ পৰিণতি উপন্যাসখনিত দেখুৱাবৰ প্ৰয়াস কৰা হৈছে । উপন্যাসখনিৰ কাহিনীভাগ কিছু দুৰ্বল । দৈৱচন্দ্ৰ তালুকদাৰৰ শেহতীয়া উপন্যাস ‘দুনীয়া’ । লেখকৰ পৌঢ় বয়সৰ ৰচনা হলেও শিল্প সৌন্দৰ্যৰ দিশত এইখিনি উপন্যাসো বিশেষ আগবঢ়া বুলি কব নোৱাৰি । পূৰ্বৰ উপন্যাসকেইখনৰ দৰে আদৰ্শসন্ধানী ভাৱবিলাসী নায়কৰ বক্তৃতাধৰ্মী সমাজ সমালোচনা আৰু মন্তব্যৰ এইখন উপন্যাসো ভাৰাক্ৰান্ত । উপন্যাসখনিৰ কাহিনী বিক্ষিপ্ত আৰু পৰিসমাপ্তি কৃত্ৰিম ।
মুঠতে দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাসকেইখনিত আদৰ্শবাদৰ প্ৰচাৰ আৰু সমাজ সংস্কাৰৰ মনোভাব অতি প্ৰবল । উপন্যাসকেইখনি অপ্ৰয়োজনীয় বৰ্ণনা আৰু পৰিস্থিতিৰে পৰিপূৰ্ণ আৰু সেই কাৰণেই আখ্যান ৰচনাত শিথিলতা লক্ষ্য কৰা যায় । তেওঁৰ উপন্যাসত সমাজৰ এশ এটা সমস্যাই মূৰ দাঙি উঠিছে আৰু এনে সমস্যাৰ মেৰপাকত উপন্যাস কলাই বিস্তাৰ লাভ কৰিব পৰা নাই । তথাপি সমসাময়িক সামাজিক সমস্যাক উপন্যাসৰ মাধ্যমেৰে প্ৰতিফলিত কৰি এহাতে পাঠকক সাহিত্যৰ আস্বাদ দান কৰাত আৰু আনহাতে সামাজিক চৈতন্য হাজিৰ কৰাত দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাসকেইখনে কিছু পৰিমানে বৰঙণি নোযোগোৱাকৈ থকা নাই ।
৪) ‘অসমীয়া উপন্যাসে প্ৰতিষ্ঠা লাভ কৰে ৰজনীকান্ত বৰদলৈৰ হাতত ‘– এই মন্তব্য বিচাৰ কৰি এটি আলচ যুগুত কৰা ।
নাইবা
ৰজনীকান্ত বৰদলৈক কিয় উপন্যাস সম্ৰাট বোলা হয় আলোচনা কৰা ।
নাইবা
ৰজনীকান্ত বৰদলৈৰ উপন্যাস সম্পৰ্কে এটি টোকা লিখা ।
উত্তৰঃ- উপন্যাস সাহিত্যত পূৰ্ণাংগ উপন্যাসৰ সৃষ্টি হয় জোনাকী যুগত । ইয়াৰ আগতে যি কেইখন উপন্যাসধৰ্মী পুথি ৰচিত হৈছিল সেইকেইখনৰ মাজত উপন্যাসৰ জুমুঠিটো আছে সঁচা কিন্তু উপন্যাসৰ পূৰ্ণাংগ কলাত্মক ৰূপৰ অভাৱ এইবোৰত স্পষ্ট । ঊনবিংশ শতিকাৰ শেষ দশকত চাৰিখন উপন্যাস প্ৰকাশিত হয় । সেইকেইখন হৈছে পদ্মনাথ গোহাঞিবৰুৱাৰ ‘ভানুমতী’ আৰু ‘লাহৰী’ , লক্ষ্মীনাথ বেজবৰুৱাৰ ‘পদুম কুঁৱৰী’ আৰু ৰজনীকান্ত বৰদলৈৰ ‘মিৰিজীয়ৰী’ । এইকেইখন উপন্যাস অনভিজ্ঞ লেখকৰ প্ৰথম স্তৰৰ ৰচনা বুলিয়েই উপন্যাসৰ কলাৰ ফালৰ পৰা এইবোৰ ত্ৰুটি শূণ্য নোহোৱাটো স্বাভাৱিক । তথাপি এই চাৰিখনৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ মিৰিজীয়ৰী নিঃসন্দেহে শ্ৰেষ্ঠতম ৰচনা বুলি কব পৰা যায় ।
বৰদলৈয়ে মিৰিজীয়ৰীৰ পিছত আৰু সাতখন বুৰঞ্জীমূলক উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ভেটি দৃঢ় ৰূপত প্ৰতিষ্ঠিত কৰি গল । বৰদলৈ ৰচিত এই উপন্যাসমূহত হল – মিৰিজীয়ৰী ( ১৮৯৪ ) , মনোমতী ( ১৯০১ ), ৰঙিলী ( ১৯২৫ ) , ধাৰা- ৰুক্মিণী ( ১৯২৫ ) , নিৰ্মল ভকত ( ১৯২৫ ) , দন্দুৱা দ্রোহ ( ১৯২৮ ) , ৰহদৈ লিগিৰী ( ১৯৩০ ) আৰু তাম্ৰেশ্বৰী মন্দিৰ ( ১৯২৬ ) । মিৰিজীয়ৰী বাদ দি বাকী সাতখন বুৰঞ্জীমূলক উপন্যাস । তদুপৰি মণিপুৰ সাধুৰ অনুদিত ৰূপ ‘খাম্বা – থুইবীৰ সাধু’ও ১৯৩২ চনত প্ৰকাশিত হয় । অসমীয়া উপন্যাস সাহিত্যলৈ বৰদলৈৰ এই বিশিষ্ট অৱদানৰ বাবে তেওঁক ‘উপন্যাস সম্ৰাট’ বুলি অভিহিত কৰা হয় । যিটো সময়ত কলামোদীসকলে অসমীয়া উপন্যাসৰ ৰসাস্বাদন কৰাৰ সুবিধা পোৱা নাছিল আৰু যিটো সময়ত সামাজিক জীৱনৰ স্থৈৰ্য্য আৰু বৈচিত্ৰ্যহীনতাই উপন্যাস ৰচনাৰ বাট ৰুদ্ধ কৰা বুলি ভবা হৈছিল সেই সময়ত এখনৰ পিছত এখনকৈ নখন উপন্যাস ৰচনা কৰা বৰদলৈদেৱে এই সন্মানৰ যোগ্য অধিকাৰী ।
মিৰিজীয়ৰী বৰদলৈদেৱৰ প্ৰথম উপন্যাস । মিৰিজীয়ৰী এনে এটা সময়ত ৰচিত হৈছিল যি সময়ত অসমীয়া উপন্যাসৰ পুলিটো মাত্ৰ ৰোপন কৰা হৈছিল , পল্লৱিত হোৱা নাছিল । যি সময়ত জনজাতীয় জীৱনৰ সহানুভূতিপূৰ্ণ অধ্যয়নৰ ভেটিত কাহিনী ৰচনাৰ প্ৰচেষ্টা এক প্ৰকাৰৰ অভাৱনীয় আছিল । মিৰিজিয়েৰী প্ৰণয়ৰ ট্ৰেজেডি । উপন্যাসখিনিৰ কাহিনী সৰল । পিতৃ – মাতৃৰ অজ্ঞাত প্ৰণয় – পাশত আবদ্ধ হোৱা যুৱক – যুৱতী নিজ পিতৃ – মাতৃয়েই ডাঙৰ অন্তৰায় তাৰে এশ – এটা নিদৰ্শনৰ ভিতৰতে ইও এটা । মিৰিজীয়ৰী প্ৰথম অসমীয়া আঞ্চলিক উপন্যাস । মিৰিজিয়ৰীৰ বাদে বৰদলৈৰ আন সকলোবোৰ উপন্যাসেই বুৰঞ্জীমূলক । মিৰিজিয়ৰীৰ পিছত সামাজিক উপন্যাসৰ ক্ষেত্ৰ পৰিহাৰ কৰি বৰদলৈয়ে ঘটনা বৈচিত্ৰৰ বাবে অসমৰ অতীত জগতত প্ৰৱেশ কৰিলে । বুৰঞ্জীৰ কাহিনীৰ উপন্যাস ৰচনা কৰাৰ তেওঁ কেইবাটাও উদ্দেশ্য আছিল – সেই উদ্দেশ্যবোৰ হল –
(১) অতীতৰ অসমীয়া জাতিৰ সাহস , শৌৰ্য্য – বীৰ্য্যৰ নিদৰ্শন দাঙি ধৰি সমসাময়িক মুমূৰ্ষু ভীৰু অসমীয়াৰ প্ৰাণত দেখান্তবোধ জগাই মৃত প্ৰায় প্ৰাণত আদৰ্শ সঞ্জীৱনী ঢলা।
(২) এসময়ৰ স্বাধীনতিটিয়া বীৰ অসমীয়া জাতিৰ স্বাধীনতা লুপ্ত হোৱাৰ কাৰণ নিৰ্দেশ কৰা।
(৩) ইংৰাজৰ ৰাজত্ব পতনৰ অব্যৱহৃত পূৰ্বৱৰ্তী অসমীয়া সমাজৰ ৰীতি- নীতি , ধৰ্ম সংস্কাৰ, আচাৰ বিচাৰ, ৰাজ্যিক আৰু সামাজিক ব্যৱস্থা আদিৰ চিত্ৰ দাঙি ধৰা । আৰু
(৪) ঐতিহাসিক বা ৰাজনৈতিক ধুমুহাৰ অন্তৰালত প্ৰবাহিত জীৱনৰ চিৰন্তন সহজাত প্ৰবৃত্তিবোৰৰ ক্ৰিয়া – প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰা ।
বৰদলৈদেৱে বুৰঞ্জীৰ ঘটনাৱলী উপন্যাসসমূহত তিনিধৰণে প্ৰয়োগ কৰিছে । সেই দিশৰ পৰা তেওঁৰ বুৰঞ্জীমূলক উপন্যাসসমূহৰ তিনিটা শ্ৰেণী লক্ষ্য কৰা যায় –
(১) বুৰঞ্জীৰ ঘটনাৱলী আৰু পাত্ৰ – পাত্ৰীয়ে যি কাহিনীৰ উপজীৱ্য।
(২) বুৰঞ্জীৰ যত নায়ক নায়িকাৰ জীৱন তৰীৰ অগ্ৰগতিৰ জলস্ৰোতস্বৰূপ।
(৩) বুৰঞ্জীৰ ঘটনাৱলী যত নায়ক নায়িকাৰ জীৱন তৰিৰ অগ্ৰগতিৰ অনুকূল বায়ুস্বৰূপ । প্ৰথম শ্ৰেণীত ‘ দন্দুৱা – দ্ৰোহ ‘ আৰু ‘ ৰাধা ৰুক্মিণী’ , দ্বিতীয় শ্ৰেণীত ‘ মনোমতী’ ,’ ৰঙিলী’ , ‘নিৰ্মল ভকত’ আৰু তৃতীয় শ্ৰেণীত ‘ তাম্ৰেশ্বৰী মন্দিৰ ‘ আৰু ‘ ৰহদৈ লিগিৰী ‘ ক অন্তৰ্ভুক্ত কৰিব পৰা যায় ।
বৰদলৈৰ উপন্যাসৰ কিছুমান সাধাৰণ বৈশিষ্ট লক্ষ্য কৰা যায় । কাহিনী বিন্যাসত প্ৰেমৰ সংযোগ কেউখন উপন্যাসতে লক্ষ কৰা যায় । প্ৰেমৰ আকৰ্ষণ – বিকৰ্ষণ প্ৰদৰ্শন কৰোঁতে তেওঁ সততে সামাজিক বন্ধন আৰু পৰম্পৰাগত প্ৰথাৰ প্ৰতি সচেতন । কাহিনীৰ সংঘাত সৃষ্টি কৰাৰ ক্ষেত্ৰত বৰদলৈদেৱে ৰাজনৈতিক বিপর্যয় ,নায়ক নায়িকাৰ পিতৃ মাতৃৰ বিৰোধ আৰু তেওঁলোকৰ মাজত থকা পুৰণি শত্ৰুতাকে গ্ৰহণ কৰিছে । উপন্যাসসমূহৰ অধিকাংশই নায়িকাপ্ৰধান । পুৰুষ চৰিত্ৰসমূহ নাৰী চৰিত্ৰ সমূহৰ তুলনাত নিষ্প্ৰভ । উপন্যাসৰাজিত অতি প্ৰকৃত বা অলৌকিক উপাদানৰ প্ৰয়োগেৰে কাহিনী আগবঢ়াই নিয়াৰ প্ৰচেষ্টা লক্ষ কৰা যায় । উপন্যাসৰ কাহিনীসমূহত ৰাজনৈতিক ঘটনাৱলীৰ লগে লগে সামাজিক ৰীতি নীতি , ধৰ্ম বিশ্বাস আৰু আচৰণ সংযোগ কৰি কাহিনীৰ কলেবৰ পুষ্ট লক্ষ্য কৰা যায় ।
বৰদলৈৰ উপন্যাসৰাজিত ইংৰাজ ঔপন্যাসিক ৱাল্টাৰ স্কটৰ প্ৰভাৱ স্পষ্ট। স্কটৰ উপৰি বৰদলৈৰ ঔপন্যাসিক চেতনা গঢ় দিয়াত ঊনবিংশ শতিকাৰ কেইবাগৰাকীও বিদেশী কথা শিল্পৰ অনুপ্ৰেৰনাও লক্ষ্য কৰা যায় । এইক্ষেত্ৰত মেৰী কেলেৰী , ভিক্টৰ হিউগ , আলেকজেণ্ডাৰ ডুমা , চাৰ্লছ দিকেন্স , খেকাৰে আদি যোৱা শতিকাৰ খ্যাতনামা কাহিনীকাৰসকলৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ অনুমান কৰিব পাৰি ।
৫) ‘ মনোমতী’ উপন্যাস খনৰ অতি পৰিচয় দিয়া ।
উত্তৰঃ- অসমীয়া উপন্যাস জগতত “উপন্যালখ সম্ৰাট” উপাধিৰে পৰিচিত ৰজনীকান্ত বৰদলৈ “মিৰিজিয়েৰী” ( ১৮৯৫ ) ―এই সামাজিক উপন্যাসখনিৰ বাহিৰে বাকী আটাইকেইখন উপন্যাসেই বুৰঞ্জীমূলক উপন্যাস । তেঁওৰ বুৰঞ্জীমূলক উপন্যাসসমূহ হল – ‘মনোমতী’ ( ১৯০০ ) , ‘দন্দুৱাদ্ৰোহ’ ( ১৯০৯ ) ‘ৰঙিলী’ ( ১৯২৫ ) , ‘নিৰ্মল ভকত’ ( ১৯২৬ ) , ‘ৰহদৈ লিগিৰী’ ( ১৯৩০ ) আৰু ‘তাম্ৰেশ্বৰী মন্দিৰ’ ( ১৯৩৬ ) ।
‘মনোমতী’ হল বৰদলৈৰ প্ৰথম প্ৰকাশিত বুৰঞ্জীমূলক উপন্যাস । এই উপন্যাসত বৰপেটা সত্ৰৰ ভকতীয়া পৰিবেশ এটা চিত্ৰিত হৈছে । কাৰণ বৰদলৈয়ে বৰপেটা সত্ৰত বৈষ্ণৱ ধৰ্মত শৰণ লোৱাৰ পিছত তেওঁৰ উপন্যাস বোৰত সেই ধৰ্মৰ কিছু প্ৰভাৱ পৰিছে । বৰ ভূঁইকপৰ আগতে লিখা এই উপন্যাসখনিৰ পটভূমি বুৰঞ্জী । কাহিনী , ভাষা , চৰিত্ৰ আদিও উপন্যাসখনিত উন্নত হৈছে । শ্বেক্সপয়েৰৰ ‘ৰোমিঅ’ এণ্ড ‘জুলিয়েট’ নাটৰ প্ৰভাৱ এই উপন্যাসখনিত লক্ষ্য কৰা যায় ।
৬) তলৰ ঔপন্যাসিককেইজনৰ বিষয়ে একোটা চমু আলচ কৰা –
ক) দীননাথ শৰ্মা ,
খ) শৰৎচন্দ্ৰ গোস্বামী ,
গ) হৰিনাৰায়ন দত্তবৰুৱা ,
ঘ) দৈৱচন্দ্ৰ তালুকদাৰ ,
ঙ) দণ্ডীনাথ কলিতা ।
উত্তৰঃ- ক) দীননাথ শৰ্মা :- সংস্কাৰকামী মনোভাব বা ব্যংগাত্মক দৃষ্টিৰে সমাজৰ প্ৰতি দৃষ্টিপাত নকৰি দৰদী অন্তৰেৰে সমাজৰ নৰ নাৰীৰ বৈচিত্ৰ্যপূৰ্ণ অভিব্যক্তি , আচাৰ নীতি , জীৱনধাৰা আৰু সমস্যা বিশ্লেষণ কৰি উপন্যাস কলাক সৌন্দৰ্যৰ নতুন পৰিপ্ৰেক্ষিততে স্থাপন কৰাত অসমীয়া উপন্যাস সাহিত্যত দীননাথ শৰ্মাৰ নাম বিশেষভাবে উল্লেখযোগ্য । এই শতিকাৰ চতুৰ্থ দশকত আৱাহন কাকতত ঔপন্যাসিকৰূপে আত্মপ্ৰকাশ কৰা দীননাথ শৰ্মাৰ উপন্যাস চাৰিখন – ঊষা , সংগ্ৰাম , নদাই আৰু শান্তি ।
কাহিনীৰ বৈচিত্ৰ্যপূৰ্ণ অভিব্যক্তি , ঘটনাৰ চাঞ্চল্যজনক বিন্যাস নাইবা সংস্কাৰ কামনা আৰু পোহনীয়া আদৰ্শবাদ প্ৰচাৰ উপন্যাস ৰচনাৰ উদ্দেশ্যৰূপে নলৈ ব্যক্তি মানস , আৱেগ অনুভূতি আৰু অভিজ্ঞতাৰ সমীক্ষণ বিশ্লেষণকে প্ৰাধান্য দি উপন্যাস ৰচনা কৰিবলৈ শৰ্মাই প্ৰথমে প্ৰয়াস কৰে । সাম্প্ৰতিক কালৰ যি অভিব্যক্তি আমি দেখা পাওঁ শৰ্মাৰ ৰচনাতে সি প্ৰথমে পৰিস্ফুট হয় , সেই কাৰণে শৰ্মাৰ সাম্প্ৰতিক উপন্যাসৰীতিৰ বাটকটীয়া বুলি অভিহিত কৰিব পাৰি । গতানুগতিক গাঁথনি এওঁৰ প্ৰথম তিনিখন উপন্যাসত নাই । উপন্যাসকেইখনত ব্যক্তি বিশেষৰ বা নায়কৰ জীৱনৰ ধাৰাবাহিক অভিজ্ঞতা আৰু মানসিক ক্ৰিয়া প্ৰতিক্ৰিয়াকে সামাজিক পৰিপ্ৰেক্ষিতত সজাই পৰাই অস্বাদনীয় কৰাৰ প্ৰচেষ্টা লক্ষ্য কৰা যায় । দুটা বা ততোধিক বিৰুদ্ধ শক্তিৰ সংঘর্ষৰ যোগেদি কাহিনী আগবঢ়াই পৰিণতি দান কৰাৰ যি পৰম্পৰাগত প্লট ৰচনাৰীতি পূৰ্বৰ লেখকসকলৰ ৰচনাত আমি পাওঁ শৰ্মাৰ উপন্যাসত সেয়া দেখা নাযায় । তেওঁৰ উপন্যাসত উপস্থাপন কৰা সংঘৰ্ষ বহু পৰিমানে আত্মগত সংঘৰ্ষ আৰু কিছু পৰিমানে পাৰিপাৰ্শ্বিকতাৰ লগত সংঘৰ্ষ । শৰ্মাৰ ‘শান্তি’ উপন্যাসৰ বাহিৰে বাকী তিনিখন উপন্যাসত একক চৰিত্ৰৰ প্ৰাধান্য দেখা যায় । প্ৰথম দুখনি উপন্যাসত যি আৱেগ প্ৰৱণ স্পর্শকাতৰ আৰু লেহুকা মনৰ পৰিচয় পোৱা যায় , ‘নদাই’ আৰু ‘শান্তি’ত সেই মানসিক শিথিলতা আৰু স্পৰ্শকাতৰতাৰ পৰিৱৰ্তে সুস্থ আৰু সবল মনৰ স্বাক্ষৰ পোৱা যায় । প্ৰথম দুখনত নায়ক চৰিত্ৰক বিষন্নতাৰ ম্লান ছায়াই নিষ্প্ৰভ কৰিছে , কিন্তু নদাই পুৰুষৰ দীপ্তিৰে উদ্ভাসিত ।
খ) শৰৎচন্দ্ৰ গোস্বামী :- অসমীয়া চুটিগল্পৰ অন্যতম প্ৰতিষ্ঠাতা শৰৎচন্দ্ৰ গোস্বামীয়ে উপন্যাস ৰচনাৰ প্ৰচেষ্টা কৰি একমাত্ৰ উপন্যাস ‘পাণিপথ’ প্ৰকাশ কৰে । বাবৰ আৰু ইব্ৰাহিম লোডীৰ মাজত হোৱা প্ৰথম পাণিপথৰ যুদ্ধ , বাবৰ আৰু ৰানা সংগ্ৰাম সিংহৰ মাজত ঘটা ফতেপুৰ চিক্ৰিৰ যুদ্ধৰ পটভূমিত এই উপন্যাসখনিৰ কাহিনী সংস্থাপিত হৈছে । ঐতিহাসিক ঘটনাৰ পটভূমিত ৰচিত হলেও উপন্যাসখনিৰ কাহিনীৰ সৰহভাগ ঘটনা আৰু সমল কাল্পনিক , ইতিহাসৰ পটভূমিৰূপেহে ইয়াত কল্পিত হৈছে ।
ইতিহাসৰ ঘটনাত সংস্থাপিত হৈছে যদিও ইয়াক প্ৰকৃত ঐতিহাসিক উপন্যাস বুলিব নোৱাৰি । উপন্যাসখনিত বিন্যস্ত বিভিন্ন কথাবৃত্তৰ ভিতৰত কোনটো মুখ্য আৰু কোনটো গৌণ তাৰ কোনো স্পষ্ট ধাৰণা পাঠকৰ হোৱা নাই । উপন্যাসখনিত যি কেইটি ঐতিহাসিক চৰিত্ৰই দেখা দিয়ে তেওঁলোক বিশেষত্বহীন , তেওঁলোকৰ ব্যক্তিত্বৰ স্পৰ্শ ৰূপায়ণ হোৱা নাই । চৰিত্ৰ সৃষ্টিত লেখকৰ সাৰ্থকতা লক্ষ্য কৰা নাযায় । মুঠতে চুটিগল্প ৰচনাত গোস্বামীৰ কৃতকাৰ্যতা আমি তেওঁৰ একমাত্ৰ উপন্যাসখনিত লক্ষ্য কৰিব নোৱাৰোঁ ।
গ) হৰিনাৰায়ণ দত্তবৰুৱা :- হৰিনাৰায়ণ দত্তবৰুৱাৰ উপন্যাস ৰচনাৰ একমাত্ৰ আৰু শেষ প্ৰচেষ্টা ‘চিত্ৰদর্শন’ এই শতিকাৰ চতুৰ্থ দশকত প্ৰকাশ পায় । বিখ্যাত শৰাইঘাটৰ যুদ্ধ আৰু তাৰ অব্যৱহৃত পূৰ্বৰ খণ্ডযুদ্ধকেইখনৰ আবেষ্টনীত উপন্যাসখনিৰ কাহিনী প্ৰতিষ্ঠিত হৈছে । চৈয়দ চানা আৰু ফিৰোজৰ নেটৰুত্বত হোৱা আহোম মোগল সংঘর্ষত আৰম্ভ হৈ ৰামসিংহৰ সেনাপতিত্বত ঘটা দলিবাৰী পচৰীয়া আৰু শৰাইঘাটৰ যুদ্ধত কাহিনীৰ পৰিসমাপ্তি ঘটিছে । উপন্যাসখনিত পৰিবেশিত কাহিনী ঐতিহাসিক নহয় যদিও ঐতিহাসিক ঘটনা আৰু বিৱৰণ দিয়াত লেখকে অধিক শক্তি নিয়োজিত কৰিছে ।
দুটা প্ৰণয় কাহিনীৰ জৰিয়তে উপন্যাসখনৰ কাহিনী আগবাঢ়িছে । কাহিনীকেইটা ৰোমাঞ্চকৰ , চাঞ্চল্যজনক , আকস্মিকতাবহুল আৰু বিস্ময়াৱহ পথেদি আগবাঢ়ি একোটা পৰিণতি লাভ কৰিছে । উপন্যাসখনত ঐতিহাসিক ঘটনা আৰু কাল্পনিক ঘটনাৰ সংযোগসূত্ৰ দত্তবৰুৱাই দৃঢ়ভাৱে ৰচনা কৰিব পৰা নাই । মুঠতে চিত্ৰদর্শন উপন্যাসৰ কাহিনী আৰু চৰিত্ৰাৱলী কাল্পনিক যদিও ইতিহাসৰ ঘটনাগধূৰ বিৱৰণৰ হেঁচাত পাৰিবাৰিক জীৱনৰ মুক্ত বিকাশ সম্ভৱ হৈ উঠা নাই ।
ঘ) দৈৱচন্দ্ৰ তালুকদাৰ :– ৰজনীকান্ত বৰদলৈৰ পিছৰ অসমীয়া ঔপন্যাসিক সকলৰ ভিতৰত দৈৱচন্দ্ৰ তালুকদাৰ অন্যতম ।
ছাত্ৰৱস্থাৰ পৰাই সাহিত্য চৰ্চাত ৰত তালুকদাৰে উপন্যাসৰ উপৰি কবিতা আৰু নাটকো ৰচনা কৰিছিল । তেওঁৰ উপন্যাসকেইখন হৈছে ধুৱলী কুঁৱলী , অপূৰ্ণ , আগ্নেয়গিৰি , বিদ্রোহী , আদৰ্শপীঠ আৰু দুনীয়া । মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা ৰাজনৈতিক আৰু সামাজিক আন্দোলনে তালুকদাৰক প্ৰভাৱাম্বিত কৰিছিল । তেওঁৰ উপন্যাসসমূহত আদৰ্শবাদৰ প্ৰচাৰ আৰু সমাজ সংস্কাৰৰ মনোভাব অতি প্ৰবল । তেওঁৰ উপন্যাসৰ কাহিনীত শিথিলতা লক্ষ্য কৰা যায় । স্ত্ৰী শিক্ষাৰ প্ৰৱৰ্তন , বিধৱাৰ সমস্যা , কুটিৰ শিল্পৰ প্ৰচলন , শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদা , পাশ্চাত্য বিজ্ঞান আৰু প্ৰাচ্য আধ্যাত্মিকতাৰ লগত সমন্বয় সাধন , ব্যক্তিগত আৰু সামাজিক বদ অভ্যাসৰ সংস্কাৰ সাধন আদি তেওঁৰ উপন্যাসসমূহত অসংখ্য সমস্যাৰ উত্থাপন তেওঁ কৰিছে । সেয়ে অত্যধিক আদর্শপ্ৰৱনতাই তেওঁৰ উপন্যাসত সুসংহত কাহিনী আৰু চৰিত্ৰ সৃষ্টিত ব্যঘাত জন্মাইছে ।
ঙ) দণ্ডীনাথ কলিতা :- অসমীয়া উপন্যাস সাহিত্যৰ প্ৰথম ঔপন্যাসিক সকলৰ ভিতৰত দণ্ডীনাথ কলিতা অন্যতম । তেওঁৰ উপন্যাসকেইখন হল – ‘ফুল’ , ‘সাধনা’ , ‘আৱিষ্কাৰ’ আৰু ‘গণ – বিপ্লৱ’ । তেওঁৰ প্ৰথম উপন্যাস ‘ফুল’ ছাত্ৰৱস্থাতে ৰচনা কৰা । উপন্যাসখনিৰ কাহিনীভাগ মানৰ শেষ আক্ৰমণৰ সময়ৰ অৰাজক আৰু অস্থিৰ পটভূমিত সংস্থাপিত হৈছে । উপন্যাসখনিত কোমল বয়সৰ লেখকৰ কল্পনাৰ চপলতা আৰু ৰোমান্টিক ভাৱবিলাসৰ পৰিচয় সুস্পষ্ট ।
‘সাধনা’ কবিতাৰ দ্বিতীয় উপন্যাস আৰু এইখনিয়েই তেওঁৰ শ্ৰেষ্ঠ উপন্যাস । উপন্যাসখনিৰ কেন্দ্ৰস্থ বিষয় হল ভণ্ড , প্ৰতিক্ৰিয়াশীল , স্বাৰ্থাম্বেষী গোষ্ঠীৰ লগত সংস্কাৰকামী আদৰ্শ প্ৰয়াসীৰ সংঘৰ্ষ ।
উপন্যাসখনিত দুটি প্ৰধান চৰিত্ৰ দীনবন্ধু আৰু প্ৰভাতৰ জৰিয়তে সামাজিক সংস্কাৰৰ আদৰ্শ ঔপন্যাসিকে ৰূপায়িত কৰিছে । তেওঁৰ তৃতীয় উপন্যাস ‘আৱিষ্কাৰ’তো লেখকে আদৰ্শবাদৰ কথা কৈছে । পিছে কাহিনী আৰু চৰিত্ৰ দুয়োটা দিশৰ পৰা উপন্যাসখনি দুৰ্বল । কলিতাৰ চতুৰ্থ উপন্যাস ‘গণ – বিপ্লৱ’ ঐতিহাসিক মোৱামৰীয়া বিদ্রোহৰ পটভূমিত ৰচিত । ঔপন্যাসিকে মোৱামৰীয়া বিদ্রোহক আহোম ৰজাৰ স্বেচ্ছাচাৰিতা আৰু অত্যাচাৰৰ বিৰুদ্ধে জনগণৰ বিদ্ৰোহ বুলি কৈছে যদিও কাৰ্যত : জনতাৰ বিদ্ৰোহ বা বিপ্লবলৈ লিখনিৰে তাক ৰূপান্তৰ কৰি দেখুৱাব পৰা নাই । সেয়ে ই প্ৰকৃততে গল্পৰ চলেৰে প্ৰকাশিত ইতিহাস , উপন্যাসৰ স্তৰলৈ ই উন্নীত হোৱা নাই ।
এনেদৰে দণ্ডীনাথ কলিতাৰ উপন্যাসত সামাজিক সমালোচনাই প্ৰাধান্য লাভ কৰিছে আৰু বিদ্রোপ আৰু ব্যংগই তেওঁৰ কাহিনীত বিশেষ স্থান লাভ কৰিছে । কলিতাই তেওঁৰ উপন্যাসসমূহৰ যোগেদি সমাজৰ আৱৰ্জনাৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু সংস্কাৰ আৰু উন্নতিৰ পৰিকল্পনাও কাহিনীৰ জৰিয়তে দাঙি ধৰিছে ।
৭) বিৰিঞ্চি কুমাৰ বৰুৱাই কি কি ছদ্মনামত উপন্যাস লিখিছিল ? ঔপন্যাসিক হিচাপে তেওঁৰ চমু পৰিচয় দাঙি ধৰা ।
উত্তৰঃ- বিৰিঞ্চি কুমাৰ বৰুৱাই ‘বীণা বৰুৱা’ আৰু ‘ৰাস্না বৰুৱা’ এই দুটা ছদ্মনামত উপন্যাস লিখিছিল ।
বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া সাহিত্য জগতৰ পোনপ্ৰথমেই স্বীকৃতি লাভ কৰে ‘বীণা বৰুৱা’ এই ছদ্মনামত । চতুৰ্থ দশকত ‘আহ্বান’ কাকতত বীণা বৰুৱাৰ চুটিগল্পই এই আলোড়নৰ সৃষ্টি কৰিছিল । সেই গল্পসমূহেই যুদ্ধোত্তৰ কালত প্ৰকাশিত ‘আঘোণী বাঈ’ আৰু ‘পট পৰিৱৰ্তন’ত সন্নিবিষ্ট হৈছে । চুটিগল্পৰ লগতে কথাশিল্পীৰূপে প্ৰতিভাৰ স্বাক্ষৰ বহন কৰে বৰুৱাৰ ছদ্মনামত লিখা দুখন অনুপম উপন্যাসে । তেখেতৰ ‘বীণা বৰুৱা’ ছদ্মনামত লিখা ‘জীৱনৰ বাটত’ ( ১৯৪৫ ) যুদ্ধোত্তৰ কালছোৱাৰ উপন্যাস সাহিত্যৰ সিংহদুৱাৰস্বৰূপ । এই উপন্যাস অসমীয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ৰূপায়ন আৰু অসমীয়া গাঁৱলীয়া চৰিত্ৰ অধ্যয়নত , পাৰিবাৰিক জীৱনৰ প্ৰাত্যহিক চিত্ৰাংকনত আৰু চৰিত্ৰৰ মানসিক অভিব্যক্তি প্ৰকাশ কৰাত লেখকৰ দক্ষতা উজ্জ্বলভাৱে প্ৰকাশ পাইছে । সমস্ত সামাজিক উপন্যাসৰ ভিতৰত মানৱ জীৱনৰ প্ৰকৃত চিত্ৰণত এই উপন্যাসখনিৰ লগত ফোৰ মাৰিব পৰা দ্বিতীয় এখন উপন্যাস হয়তো উলিওৱা সহজ নহব ।
বিৰিঞ্চি কুমাৰ বৰুৱাই আন এটি ছদ্মনাম ‘ৰাস্না বৰুৱা’ নামত লিখা উপন্যাস ‘সেউজী পাতৰ কাহিনী’ ( ১৯৫৮ ) অসমৰ চাহ বাগানৰ জীৱনত সুন্দৰ আলেখ্য । ‘জীৱনৰ বাটত’ উপন্যাসত ৰূপায়িত হোৱা তগৰ আৰু ‘সেউজী পাতৰ কাহিনী’ৰ চনিয়া এই দুটা চৰিত্ৰ বৰুৱাৰ অনুপম সৃষ্টি । আনবোৰ চৰিত্ৰ সৃষ্টিতো তেখেতে সমানেই সফলতা অৰ্জন কৰিছে ।
| Sl. No. | Contents |
| Chapter 1 | বৰ্ষা বৰ্ণন |
| Chapter 2 | মানৱ বন্দনা |
| Chapter 3 | ই যে অগ্নি |
| Chapter 4 | মোৰ গাঁও |
| Chapter 5 | কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী |
| Chapter 6 | অন্বেষণ |
| Chapter 7 | বুৰঞ্জীৰ দৌৰাত্ম্য |
| Chapter 8 | মাধৱদেৱ |
| Chapter 9 | ব’হাগ বিহুৰ পৰম্পৰা |
| Chapter 10 | কপিলীপৰীয়া সাধু |
| Chapter 11 | আমাৰ ছাৰ |
| Chapter 12 | হাতী |
| Chapter 13 | চুটি গল্প |
| Chapter 14 | উপন্যাস |
| Chapter 15 | অলংকাৰ |
| Chapter 16 | (ক) উপন্যাস সাহিত্য |
| Chapter 16 | (খ) চুটিগল্প সাহিত্য |
৮) ১৮৮০ চনৰ পৰা ১৯৪০ চনলৈ অসমীয়া উপন্যাস সাহিত্যৰ ক্রম বিকাশৰ এটি ৰূপৰেখা প্ৰস্তুত কৰা ।
অথবা
জোনাকী যুগৰ অসমীয়া উপন্যাসৰ এটি চমু সমীক্ষা আগবঢ়োৱা ।
উত্তৰঃ- অসমীয়া সাহিত্যত উপন্যাস আৰু চুটিগল্পৰ সৃষ্টি পাশ্চাত্য সাহিত্য অধ্যয়নৰ প্ৰত্যক্ষ ফল । প্ৰাচীন সংস্কৃত সাহিত্যত গদ্য ৰচনা কৰা কাব্যধৰ্মী আখ্যায়িকাৰ লগত বৰ্তমানৰ উপন্যাসৰ কোনো সম্পৰ্ক নাই । সেইদৰে পৌৰাণিক সাহিত্যৰ পঞ্চতন্ত্ৰ , হিতোপদেশ বা জাতকমালাও আধুনিক চুটিগল্পৰ পিতৃপুৰুষ নহয় । সংস্কৃত সাহিত্যৰ সেইসমূহ ৰচনা আছিল বাস্তৱতাৰ লগতে অলৌকিকতা আৰু ধৰ্মীয় একদেশদৰ্শিতাৰে পৰিপূৰ্ণ । কিন্তু বৰ্তমানৰ উপন্যাস আৰু চুটিগল্প সেই অলৌকিকতা আৰু ধৰ্মীয় একদেশদৰ্শিতাৰ পৰা সম্পূৰ্ণ মুক্ত , বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু মানৱ জীৱনৰ ঐহিক সুখ দুখৰ কথাই ইয়াৰ প্ৰধান উপজীৱ্য ।
‘অৰুনোদই’ত প্ৰকাশ পোৱা বুনিয়নৰ ‘জাত্ৰিকৰ যাত্ৰা’ ( Pilgrim’s Progress ) অনুদিত লিখনি আৰু তাৰ পিছত মিছনাৰীসকলেই খ্ৰীষ্টধৰ্মী প্ৰচাৰৰ অৰ্থে , ‘ফুলমণি আৰু কৰুণা’ আৰু ‘কামিনিকান্ত’ নামৰ দুখন আখ্যানকেই অসমীয়া উপন্যাসৰ ধলফাট বুলিব পাৰি যদিও সি আছিল সম্পূৰ্ণ প্ৰচাৰধৰ্মী আৰু উপন্যাসৰ প্ৰকৃত বৈশিষ্ট্যৰহিত । ইয়াৰ পিছত ১৮৮০ চনত পদ্মাৱতী দেৱী ফুকননীৰ দ্বাৰা ৰচিত ‘সুধৰ্মাৰ উপাখ্যান’ খনিত কিন্তু প্ৰচাৰকামী মনোবৃত্তি নাই আৰু আখ্যানৰ এটি সহজ সৰল গতি আছে , তথাপি ই প্ৰকৃত বাস্তৱবাদী ভেটিত থিয় দিব পৰা নাছিল । তাৰ পিছত ৰচিত হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী’ক বাস্তৱ দৃষ্টিভংগী আৰু চৰিত্ৰ সৃষ্টিয়ে উপন্যাসৰ কিছু ওচৰ চপাই নিয়ে । অৱশ্যে আখ্যানৰ বিকাশ আৰু সৌন্দৰ্য ইয়াত বিশেষ পাবলৈ নাই ।
আমাৰ আলোচিত কালছোৱাত অৰ্থাৎ ১৮৮০ চনৰ পৰা ১৯৪০ চনলৈ এই কালছোৱাত অসমীয়া উপন্যাস সাহিত্যৰ বহুল সৃষ্টি হৈছিল বুলি কব নোৱাৰি যদিও যিসকল সাহিত্যকে কমসংখ্যক হলেও উপন্যাস ৰচনা কৰিছিল সেয়াই অসমীয়া উপন্যাস সাহিত্যৰ কালজয়ী পথ ৰচনা কৰি থৈ গল বুলি সকলোৱে স্বীকাৰ কৰিব লাগিব ।
তলত সেই কালছোৱাত ৰচিত উপন্যাস সাহিত্যৰ এটি সাধাৰণ পৰিচয় দিয়া হল –
পদ্মনাথ গোহাঞি বৰুৱা :- আধুনিক যুগৰ প্ৰকৃত উপন্যাসৰ ধাৰা আৰম্ভ হৈছে বুলি কব পাৰি পদ্মনাথ গোহাঞি বৰুৱাৰ ‘ভানুমতী’ ( ১৮৯৯ ) আৰু ‘লাহৰী’ ( ১৮৯২ ) এই দুখনি উপন্যাস ৰচনাৰে । এই দুয়োখন উপন্যাসেই প্ৰেমৰ চিত্ৰ । ‘ভানুমতী’ দুখাত্মক আৰু ‘লাহৰী’ মিলনাত্মক। দুয়োখন উপন্যাসেই নায়িকাপ্ৰধান । লিখকে দুয়োখন উপন্যাসকে আহোম যুগৰ শেষস্তৰৰ ঐতিহাসিক পটভূমিত ৰচনা কৰিছে যদিও ইতিহাসৰ ঘটনাই আখ্যানৰ বিকাশত বিশেষ সদায় কৰিছে বুলি কব নোৱাৰি । সেই কাৰণে উপন্যাস দুখনিক ঐতিহাসিক নুবুলি সামাজিক উপন্যাস বুলিহে কব পৰা যায় । উপন্যাস দুখনত চাঞ্চল্যকৰ ঘটনা আছে , কিন্তু চৰিত্ৰ সৃষ্টি আৰু মানসিক বিশ্লেষণ নাই । পৰিবেশ বা পৰিস্থিতিৰ বৰ্ণনা আছে , কিন্তু চৰিত্ৰৰ আভ্যন্তৰীণ বিশ্লেষণ নাই । তথাপি আখ্যান প্ৰধান উপন্যাস হিচাপে আৰু আধুনিক উপন্যাসৰ বাটকটীয়া হিচাপে উপন্যাস দুখনিৰ গুৰুত্ব আৰু জনপ্ৰিয়তা কোনেও নুই কৰিব নোৱাৰে ।
লক্ষ্মীনাথ বেজবৰুৱা :- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰচিত একমাত্ৰ উপন্যাস ‘পদুম কুঁৱৰী’ ( ৰচনা ১৮৯০ , প্ৰকাশ ১৯০৫ ) আধুনিক যুগৰ উপন্যাস ৰচনাৰ অন্যতম পথপদর্শক উপন্যাস । উপন্যাসখনিত ঐতিহাসিক দন্দুৱাদ্ৰোহে প্ৰধান অংশ গ্ৰহণ কৰিছে । কিন্তু অস্বাভাৱিক ঘটনা , চাঞ্চল্যকৰ পৰিণতি আৰু অপ্ৰয়োজনীয় তথা ঔচিত্যহীন বৰ্ণনাই উপন্যাসখনৰ গুৰুত্ব কমাইছে । কিন্তু লেখকৰ কৃতিত্ব এয়ে যে প্ৰেমাখ্যানটো ঐতিহাসিক ঘটনাৰ লগত অংগাংগীভাৱে জড়িত কৰিব পাৰিছে ।
ৰজনীকান্ত বৰদলৈ ( ১৮৬৯ – ১৯৪৯ ) :- অসমীয়া উপন্যাসে প্ৰতিষ্ঠা লাভ কৰে ৰজনীকান্ত বৰদলৈৰ কালজয়ী উপন্যাসসমূহৰ জৰিয়তে । চৰকাৰী চাকৰী কৰি বিভিন্ন ঠাইত ঘূৰি ফুৰোতে তেওঁ বিভিন্ন উপন্যাসৰ সমল সংগ্ৰহ কৰিছিল । ছাৰ ওৱাল্টাৰ স্কট , বংকিম চন্দ্ৰ চট্ৰোপাধ্যায় আদিৰ ঐতিহাসিক উপন্যাসসমূহে তেওঁক অসমীয়া উপন্যাস ৰচনা কৰিবলৈ ঘাইকৈ প্ৰেৰণা যোগায় । বৰদলৈদেৱে ১৮৯৪ চনত প্ৰথমখন উপন্যাস ৰচনা কৰে ‘মিৰিজীয়ৰী’ । মিৰি জনজাতিৰ ৰীতি নীতি , স্বভাৱ চৰিত্ৰৰ সহানুভূতিশীল অধ্যয়ন আৰু সৰল মিৰি ডেকা গাভৰুৰ একনিষ্ঠ প্ৰেমৰ কৰুণ চিত্রই উপন্যাসখনি সজীৱ কৰি ৰাখিছে । উপন্যাসখনি দুখাত্মক । ‘মিৰিজীয়ৰী’য়েই বৰদলৈদেৱৰ একমাত্ৰ সামাজিক উপন্যাস ।
বৰদলৈদেৱৰ বাকীকেইখন উপন্যাস আহোম ৰাজত্বৰ শেষ কালছোৱাৰ পটভূমিত ৰচিত । সেই উপন্যাসসমূহ হল – ‘মনোমতী ( ১৯০০ ) , ‘ৰঙ্গিলী’ ( ১৯২৫ ) , ‘নিৰ্মল ভকত’ ( ১৯২৬ ) , ‘ৰহদৈ লিগিৰী’ ( ১৯৩০ ) , তদুপৰি মানৰ আক্ৰমণৰ পটভূমিত ‘তাম্ৰেশ্বৰী মন্দিৰ’ , ‘হৰদত্ত – বীৰদত্তৰ বিদ্ৰোহৰ ভেটিত ‘নন্দুৱা দ্ৰোহ’ ( ১৯২৯ ) আৰু মোৱামৰীয়া বিদ্ৰোহৰ ভেটিত ‘ৰাধা ৰুক্মিণীৰ ৰণ’ তেওঁ ৰচনা কৰিছিল।
ৰজনীকান্ত বৰদলৈয়ে উপন্যাস ৰচনাৰ কৰিবলৈ লোৱাৰ সময়ত অসমীয়া সমাজ তেনেকৈ পংগু আৰু স্থিতিশীল অৱস্থাত । নতুন শিক্ষাৰ চকামকাকৈ পোহৰ পৰিলেও সমাজৰ সৰহভাগ লোক দৰিদ্ৰ , অশিক্ষিত, কু – সংস্কাৰাচ্ছন্ন আৰু স্থিবিৰ আছিল । সেই কাৰণেই তেনে এখন সমাজৰ পৰা তেওঁ উপন্যাসৰ সমল নিবিচাৰি ঐতিহাসিক পটভূমিকেই উপন্যাসৰ সমল হিচাপে গ্ৰহণ কৰিলে । ঐতিহাসিক পটভূমি গ্ৰহণ কৰাৰ তেওঁৰ উদ্দেশ্য আছিল –
ক) বৈচিত্ৰ্যপূৰ্ণ ঘটনাৰ সমাবেশ।
খ) অতীতৰ অসমীয়া জাতিৰ শৌর্য বীৰ্য্যৰ আদৰ্শ দাঙি ধৰা।
গ) অসমীয়া জাতিৰ স্বাধীনতা লুপ্ত হোৱাৰ কাৰণ নিৰ্দেশ কৰা।
ঘ) ইংৰাজ ৰাজত্বৰ আগৰ কালছোৱাৰ অসমীয়া ৰীতি নীতি , আচাৰ বিশ্বাস , ধৰ্মসংস্কাৰ আদিৰ চিত্ৰ দাঙি ধৰা।আৰু
ঙ) ঐতিহাসিক বা ৰাজনৈতিক ধুমুহাৰ অন্তৰালত প্ৰৱাহিত হৈ থকা জীৱনৰ চিৰন্তৰ আৰু আদিম প্ৰবৃত্তিবোৰৰ ক্ৰিয়া প্ৰক্ৰিয়া প্ৰদৰ্শন কৰা ।
বৰদলৈয়ে উপন্যাসসমূহ আদৰ্শাত্মক দৃষ্টি ভংগীৰে ৰচনা কৰিছে । এওঁৰ উপন্যাসসমূহ নায়িকাপ্ৰধান । তেওঁৰ উপন্যাসত প্ৰেম দেহজ স্তৰত আৰম্ভ হৈ আদৰ্শাত্মক অৱস্থাত পৰিণতি লাভ কৰিছে । সৰু বৰ , সৎ অসৎ সকলো চৰিত্ৰকে তেওঁ সহানুভূতিশীল দৃষ্টিৰে অংকন কৰিছে । চৰিত্ৰসমূহ সৰল , পোনপটীয়া , মানসিক দ্বন্দ্ব স্ত্ৰী পুৰুষ কোনো চৰিত্ৰতে নাই বুলিব পাৰি । মানৱীয় দুৰ্বলতা চৰিত্ৰত নথকা নহয় , কিন্তু লেখকৰ সহানুভূতিশীল চৰিত্ৰাংকনৰ ফলত তেনে চৰিত্ৰয়ো পাঠকৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ঘটনাবহুল বৈচিত্ৰ্যপূৰ্ণ আখ্যান , মানৱতাবাত , সৰল অকৃত্ৰিম চৰিত্ৰ সৃষ্টি আৰু সুস্থ দৃষ্টিভংগীয়ে তেওঁৰ উপন্যাসসমূহ অদ্যপি আকৰ্ষণীয় কৰি ৰাখিছে ।
অসমীয়া সাহিত্য জগতত বৰদলৈ এই কাৰণেই ‘উপন্যাস সম্ৰাট’ উপাধিৰে পৰিচিত ।
দণ্ডীনাথ কলিতা :- এই কালছোৱাৰ আন এগৰাকী উল্লেখযোগ্য ঔপন্যাসিক হল দণ্ডীনাথ কলিতা । ছাত্ৰৱস্থাত ৰচনা কৰা ‘ফুল’ ( প্ৰকাশ – ১৯০৮ ) কলিতাৰ প্ৰথম উপন্যাস । নিজম ভাষা আৰু সৰল বৰ্ণনাভংগী আৰু অ – জটিল চৰিত্ৰ সৃষ্টিৰে ৰচনা কৰা উপন্যাসখনিৰ পটভূমিত হল মানৰ দিনৰ অস্থিৰ অৱস্থা । উপযুক্ত মনোনিৱেশৰ অভাৱ অথবা অপৈনত বয়সত ৰচনা কৰাৰ কাৰণেই হয়তো উপন্যাসখনিত তেওঁৰ প্ৰতিভাই উৎকৰ্ষতা লাভ কৰিব পৰা নাই ।
কলিতাৰ আন দুখন উপন্যাস ‘পৰিচয়’ আৰু ‘গণ বিপ্লৱ’ ( ১৯৪৮ ) – ৰ উপন্যাস হিচাপে কোনো সাৰ্থকতা নাই বুলিব পাৰি । ‘গণ বিপ্লৱ’ক মোৱামৰীয়া বিদৰোহৰ বৰ্ণনামূলক আখ্যান বুলিলেহে ঠিক হব । কিন্তু তেওঁ পিছত ৰচনা কৰা ‘সাধনা’ ( ১৯২৯ ) আৰু ‘আৱিষ্কাৰ’ ( ১৯৫১ ) এই দুখন সামাজিক উপন্যাসে তেওঁৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে । এই দুয়োখনেই তেওঁৰ সাৰ্থক উপন্যাস আৰু দুয়োখনতে সমাজ সংস্কাৰৰ আদৰ্শ প্ৰতিফলিত হৈছে । ‘সাধনা’ৰ নায়ক দীনবন্ধু আৰু ‘আৱিষ্কাৰ’ৰ নায়ক মাধৱ আদৰ্শবাদী সংস্কাৰকামী যুৱক । নায়িকা ৰম্ভা আৰু প্ৰতিমাৰ যোগেদি সমাজৰ চকুত হেয় যুৱতী নাৰীৰ সমস্যা দাঙি ধৰিছে আৰু আনহাতে ঊষা আৰু মালৱিকা চৰিত্ৰই প্ৰাগতিকামী নাৰীক প্ৰতিনিধিত্ব কৰিছে । সেই কাৰণেই তেওঁৰ উপন্যাসৰ চৰিত্ৰসমূহক ‘টাইপ’ চৰিত্ৰ বোলা হয় ।
দৈৱচন্দ্ৰ তালুকদাৰ :- দৈৱচন্দ্ৰ তালুকদাৰো এই কালছোৱাত এজন সাৰ্থক ঔপন্যাসিক । তেওঁৰ উপন্যাস ‘ধুৱলী কুঁৱলী’ ( ১৯২২ ) , ‘অপূৰ্ণ’ ( ১৯৩০ – ৩১ ) , ‘আগ্নেয়গিৰি’ , ‘বিদ্রোহী’ , ‘আদৰ্শ পীঠ’ , ‘দুনীয়া’ ( ১৯৬২ ) আদিত আদৰ্শবাদৰ প্ৰচাৰ আৰু সমাজৰ সংস্কাৰৰ মনোভাৱ প্ৰকাশ পাইছে । তালুকদাৰৰ উপন্যাসসমূহৰ কাহিনী অপ্ৰয়োজনীয় বৰ্ণনা আৰু পৰিস্থিতিৰে পৰিপূৰ্ণ ; – সেই কাৰণে উপন্যাসৰ আখ্যানসমূহত শিথিলতা দেখা যায় । স্ত্ৰী শিক্ষাৰ প্ৰৱৰ্তন , বিধৱাৰ সমস্যা , কুটিৰ শিল্পৰ প্ৰচলন , শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদা , পাশ্চাত্য বিজ্ঞান আৰু প্ৰাচ্য আধাত্মিকতাৰ লগত সমন্বয় সাধন , সামাজিক আৰু ব্যক্তিগত বদ অভ্যাসৰ সংস্কাৰ সাধন আদি এক এটা সমস্যাই তেওঁৰ উপন্যাসত জুমুৰি দি ধৰিছে ।
তদুপৰি বাবৰ আৰু ইব্ৰাহীম লোডিৰ মাজত হোৱা পানিপথত প্ৰথম যুদ্ধৰ ভিত্তিত শৰৎ চন্দ্ৰ গোস্বামীয়ে ১৯৩০ চনত ৰচনা কৰা ‘পানিপথ উপন্যাসৰ পটভূমি ঐতিহাসিক হলেও প্ৰধান কাহিনী আৰু উপকাহিনীকেইটা কাল্পনিক ।
হৰিনাৰায়ণ দত্তবৰুৱাই ৰামসিংহৰ অসম আক্ৰমণ আৰু শৰাইঘাটৰ যুদ্ধৰ ঐতিহাসিক ঘটনাৰ পটভূমিত ১৯৩১ চনত ‘চিত্ৰ দৰ্শন’ নামৰ এখনি উপন্যাস ৰচনা কৰিছিল । উপন্যাসখনিত ঐতিহাসিক ঘটনাৰ প্ৰাবল্যৰ বাবে লেখকৰ কাল্পনিক চিন্তাধাৰাই বিশেষভাৱে প্ৰকাশ লাভ কৰা নাই । সেই সময়ছোৱাৰে লেখক হৰেশ্বৰ শৰ্মাৰ ‘কুসুম কুমাৰী’ ( ১৯০৫ ) , দণ্ডীধৰ সোনোৱালৰ ‘চপলা’ ( ১৯২০ ) , চিন্তাহৰণ পাটগিৰিৰ ‘সংসাৰ চিত্ৰ’ ( ১৯১১ ) , নবীন ভট্টাচাৰ্যৰ ‘চন্দ্ৰপ্ৰভা’ (১৯০৮ ) , স্নেহলতা ভট্টাচাৰ্যৰ ‘বেমেজালি’ আৰু ‘বীণা’ ( ১৯২৬ ) , দীননাথ শৰ্মাৰ ‘ঊষা’ ( ১৯৪০ ) আদি উল্লেখযোগ্য উপন্যাস প্ৰকাশ পায় । এই উপন্যাসসমূহত সাধাৰণতে পাৰিবাৰিক জীৱনৰ বিভিন্ন দিশ, যেনে – শাহু বোৱাৰীৰ সম্পৰ্ক , অসতী , সুন্দৰী পত্নীৰ ঘৰুৱা অশান্তি , দাম্পত্য প্ৰেম , বাল – বিধৱাৰ সমস্যা আদি ৰূপায়িত হৈছে । এইবোৰ উপন্যাসৰ উপৰি ১৮৯১ চনত ‘বিজুলী’ কাকতত ‘মেম’ নামৰ ঔপন্যাসিকা এখনি ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল । এইসমূহ উপন্যাস উচ্চস্তৰৰ নহয় যদিও সমসাময়িক সমাজৰ ছবিৰ প্ৰতিফলন ঘটনা আৰু সেই সময়ত উপন্যাস সৃষ্টিৰ পৰিবেশ গঢ়াত সেইবোৰে ভালেখিনি সহায় কৰিছিল ।
সেই সময়ছোৱাতে অসমীয়া ভাষালৈ কমসংখ্যক হলেও ঘাইকৈ ইংৰাজী ভাষাৰ উপন্যাসো অনুদিত হৈছিল । সেই অনুদিত উপন্যাসসমূহৰ হল – লক্ষেশ্বৰ শৰ্মাৰ ‘পম্পিয়াইৰ প্ৰলয় কাহিনী’ ( Last Days of Pompeii – Litone ) ; ‘মাতৃ’ ( Mother’ – Grazia Daleda ) : শান্তিৰাম দাসৰ ‘ছদ্মবেশী’ ( ‘ইষ্ট লিনি’ – শ্ৰীমতী হেনৰী উড ) ; ‘মিলন মন্দিৰ ‘ ( ক্লাইষ্টাৰ দ্য হাথ’ – চাৰ্লছ ৰীড ) ; ৰোহিনীকান্ত বৰুৱাৰ ‘পৰম ক্ষুধা’ ( ‘গ্ৰেট হাঙ্গাৰ’ – জন বোয়েৰ’ ) । ইয়াৰ বাহিৰেও ‘আহ্বান’ আলোচনীৰ পাতত সেই সময়ত প্ৰকাশ পোৱা তেনে অনুবাদ উপন্যাস হল – দয়ানন্দ বৰুৱা , হৰেন্দ্ৰ নাথ কলিতা , নলিনীকান্ত বৰুৱাই কৰা অনুবাদ মেক্সিম গ’ৰ্কীৰ ‘মাদাৰ’ , ডিকেন্সৰ ‘টে’ল অৱ টু চিটিজ’ , আনটোলা ফ্ৰাচৰ ‘থেইজ’ আৰু ‘অল কোৱায়েট ইন দ্য উৱেষ্টাৰ্ণ ফ্ৰণ্ট আদি ।
১৯৪০ চনলৈকে অসমীয়া উপন্যাসৰ ধাৰা লক্ষ্য কৰিলে দেখা যায় প্ৰথমছোৱাত ঐতিহাসিক সমলেৰে ৰচিত উপন্যাস আৰু পিছলৈ সমাজিক পটভূমিত ৰচিত উপন্যাসে বিকাশ লাভ কৰিছিল । তথাপি ঐতিহাসিক পটভূমিত উপন্যাস ৰচিবলৈ লোৱা উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ দৰে বাকীসমূহ লেখকে উপন্যাস ৰচনাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিছে বুলি কব নোৱাৰি । হলেও এইসমূহ উপন্যাস আৰু ঔপন্যাসিক অসমীয়া উপন্যাস ৰচকসকলৰ কাৰণে পিছলৈ প্ৰেৰণাৰ উৎস হৈ থাকিল ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


