Class 12 Adv Assamese Chapter 16 (খ) চুটিগল্প সাহিত্য

Class 12 Adv Assamese Chapter 16 (খ) চুটিগল্প সাহিত্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Advance Assamese Chapter 16 (খ) চুটিগল্প সাহিত্য and select needs one.

Class 12 Adv Assamese Chapter 16 (খ) চুটিগল্প সাহিত্য

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 16 (খ) চুটিগল্প সাহিত্য Solutions for All Subject, You can practice these here.

(খ) চুটিগল্প সাহিত্য

পাঠ: (খ)

সাহিত্যৰ বুৰঞ্জী  ( ১৮৮০ – ১৯৪০ )

চমু প্ৰশ্ন

১) অসমীয়া চুটিগল্পৰ উদ্ভৱ আৰু বিকাশ – এই সম্পৰ্কে এটি চমু আলোচনা কৰা ।

অথবা

জোনাকী যুগৰ অসমীয়া চুটিগল্পৰ বিষয়ে এটি আলোচনা দাঙি ধৰা ।

উত্তৰঃ- আধুনিক অসমীয়া চুটিগল্পৰ জন্ম পত্ৰিকা ৰচিত হৈছিল ‘জোনাকী’ কাকতত । ‘অৰুনোদয়’ কাকতত নৈতিক আখ্যান উপাখ্যান কিছুমান প্ৰকাশিত হলেও প্ৰকৃততে অসমীয়া চুটিগল্পৰ বুৰঞ্জী  ‘জোনাকী’ কাকতৰ পৰাহে আৰম্ভ হৈছে । অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা । বেজবৰুৱাৰ হাততেই আধুনিক অসমীয়া চুটিগল্পৰ প্ৰাণ প্ৰতিষ্ঠা হয় । বেজবৰুৱাই  ১৮৯৫ চনত ২৩ মাৰ্চত ‘ভদৰী’ গল্প ৰচনা কৰি আধুনিক অসমীয়া চুটিগল্পৰ পাতনি তৰি দিয়ে । অসমীয়া সাধুকথাৰ সংগ্ৰাহক বেজবৰুৱাই সাধুকথা আৰু চুটিগল্পৰ প্ৰত্যক্ষ বিভাগ নকৰিলেও আৰু চুটিগল্প শব্দটো ব্যৱহাৰ নকৰিলেও সাধুকথাৰ পুথি আৰু চুটিগল্পৰ পুথিসমূহতে আওপকীয়া বিভাজন এটা কৰি গৈছে । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

বেজবৰুৱাৰ গল্পত অসমীয়া ভেম , ভণ্ডামি , কুসংস্কাৰ , গোড়ামী , অন্ধ অনুকৰণ আদি সাৰ্থকভাৱে চিত্ৰিত হৈছে । অৱশ্যে বেজবৰুৱাৰ ভালেমান গল্প , সাধুকথা আৰু লঘু ৰচনাৰ পৰ্যায়ত থাকি গল । তথাপি এজন সমালোচকে কবৰ দৰে  ‘কৃপাবৰ’ হাস্যৰস আৰু ব্যংগৰ ‘প্ৰাধান্য থকা বেজবৰুৱা অসমীয়া চুটিগল্পৰ স্ৰষ্টা নহয় , সাৰ্থক দ্ৰষ্টাও । সমকালীন অসমীয়া সমাজৰ বৰ্ণ বৈচিত্ৰ্য বেজবৰুৱাৰ গল্পত অনুপমভাৱে ধৰা পৰে । 

অসমীয়া চুটিগল্পই বেজবৰুৱাৰ হাতত যি পেটাৰ্ণ লাভ কৰিছিল সেই পেটাৰ্ণৰ শেষৰকেইপাহ ফুল বেলেগ বেলেগ ৰঙেৰে ফুলি উঠিল । শৰৎচন্দ্ৰ গোস্বামী , হলিৰাম ডেকা , লক্ষ্মীনাথ ফুকন , দণ্ডীৰাম কলিতা আদি গল্পকাৰসকলৰ হাতত । বেজবৰুৱাৰ সমকালীন শৰৎচন্দ্ৰ গোস্বামীৰ গল্পত ৰোমান্টিক আবেগ কম , বাস্তৱধৰ্মীতাহে অধিক । সাধাৰণ শ্ৰেণীৰ মানুহৰ আশা আকাংক্ষা , দুখ দুৰ্দশা , সামাজিক নিপীড়ন আদিৰ প্ৰতিহে তেওৰ আকৰ্ষণ অধিক । বুদ্ধিদীপ্ত হাস্যৰস আৰু বক্ৰাঘাতৰ দ্বাৰা হলিৰাম ডেকা আৰু ব্যংগাত্মক ভংগীক অস্ত্ৰৰূপে লৈ মহীচন্দ্ৰ বৰাই কেইবাটাও অপূৰ্ব গল্প ৰচনা কৰে । এই দুজন গল্প লেখকৰ কথনভংগীৰ পৰা কিছু পৃথক লক্ষ্মীনাথ ফুকনৰ গল্পত পোৱা যায় সৰল হাস্যৰস আৰু বুদ্ধিদীপ্ত পৰ্যায়ত । চৰিত্ৰৰ অন্তৰ্মুখী বিৰোধ ফুকনে অতি সাৰ্থকভাৱে অংকন কৰিছে ।

অসমীয়া চুটিগল্পৰ দ্বিতীয়টো স্তৰৰ আৰম্ভণি ঘটে ১৯২৯ চনৰ পৰা প্ৰকাশ পোৱা ‘আৱাহন’ কাকতৰ লগে লগে । আৱাহনৰ পাততে অসমীয়া গল্পই লাভ কৰিলে এহাতে ব্যক্তি হৃদয়ৰ মুকলি প্ৰকাশ আৰু আনহাতে সামাজিক আদৰ্শ স্থাপনৰ আকাংক্ষা – এই দুটি গুনেৰে ৰোমান্টিক বিস্তাৰ । এই সময়ৰ লেখক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্প পৰম্পৰাগত নৈতিক মূল্যবোধৰ প্ৰতি আকৰ্ষণ , সামাজিক ঘটনা আৰু অৱস্থা , নিয়তি আৰু ঘটনাৰ পাপক চক্ৰই নিপীড়ন কৰা সাধাৰণ মানুহৰ সুখ দুখ , আশা আকাংক্ষাৰ প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ পাইছে । এই সময়ছোৱাৰ আন এজন গল্পকাৰ নকুল চন্দ্ৰ ভূঞাৰ গল্পত ঘটনাৰ চমৎকাৰিত্ব বা বৰ্ণনাৰ অভিনৱত্ব নাথাকিলেও তেওঁৰ গল্পসমূহত সাধাৰণ মানুহৰ প্ৰতি সহানুভূতি লক্ষ্য কৰা যায় । এই দুয়োজন লেখক  ‘আহ্বান’ যুগৰ হলেও তেওঁলোকৰ দৃষ্টিভংগী আৰু প্ৰকাশভংগীৰ ফালৰ পৰা দৰাচলতে তেওঁলোক  ‘আহ্বান’ পূৰ্ব যুগৰহে । 

আৱাহনৰ পাততে অসমীয়া চুটিগল্পই এক নিটোল ৰূপ পৰিগ্ৰহন কৰে । হৃদয় বৃত্তি আৰু আদৰ্শৰ মুক্ত প্ৰকাশে আৱাহন যুগক যি বৈশিষ্ট্য দান কৰিলে সেই বৈশিষ্ট্য বহু পৰিমাণে পাশ্চাত্য দৃষ্টিভংগী আৰু বিন্যাসভংগীৰ প্ৰভাৱত নকৈ গঢ়ি উঠিল । মনস্তত্ত্ব আৰু মনোদ্বন্দ্ব , জৈৱিক কামনা বাসনা আৰু আশা আকাংক্ষাৰ বিশ্লেষণত এহাতে চেকভ, মোপাঁচা গল্পকাৰ সম্ৰাটসকলৰ প্ৰভাৱ আৰু আনহাতে ফ্ৰয়েড , য়ুং , এডলাৰ আদি মনোবিজ্ঞানীৰ মনস্তাত্ত্বিক বিশ্লেষণৰ প্ৰভাৱ লক্ষ্য কৰা যায় । 

আৱাহন যুগৰ উল্লেখযোগ্য গল্পকাৰসকল হল ৰাম দাস , হলিৰাম ডেকা, লক্ষ্মীধৰ শৰ্মা , ৰাধিকা মোহন গোস্বামী , বীণা বৰুৱা , ত্ৰৈলোক্যনাথ গোস্বামী , মুনীন বৰকটকী , চৈয়দ আব্দুল মাকিল ইত্যাদি । শিক্ষিত নগৰীয়া মধ্যবিত্তৰ ৰোমান্টিক কল্পনা , অবৈধ বা পৰকীয়া প্ৰেম , জৈৱিক আকাংক্ষা আৰু অন্তৰ্দ্বন্দ্বৰ মুকলি প্ৰকাশেৰে বিষয় নিৰ্বাচনত আৰু অলংকাৰ প্ৰাচুৰ্য আৰু ৰোমান্টিক কল্পনাৰ প্ৰকাশভংগী ৰমা দাসৰ আৱিৰ্ভাৱ অসমীয়া চুটিগল্পৰ ইতিহাসত এটা উল্লেখযোগ্য পৰিবৰ্তনৰ সূচক । 

ৰমা দাসৰ পিছতে অসমীয়া চুটিগল্পৰ ইতিহাসলৈ বিচিত্ৰ স্বাদেৰে আটাইতকৈ সৰহ সংখ্যক গল্পেৰে অসংখ্য আৰু নিৰৱচ্ছিনভাৱে অৰিহণা যোগাই আহোঁতে চৈয়দ আব্দুল মালিকৰ গল্পৰ মাজত ৰোমান্টিক কল্পনা আৰু ভাৱাদৰ্শই প্ৰতিষ্ঠা লাভ কৰিলে । যুদ্ধপূৰ্ব আৰু যুদ্ধোত্তৰ যুগৰ সাকোস্বৰূপ মালিকৰ মাজত থকা আজন্ম ৰোমান্টিক আৰু গতিশীল মনে, জীৱনৰ বহল আৰু বিচিত্ৰ অভিজ্ঞতাই মনস্তাত্ত্বিক বিশ্লেষণ ক্ষমতা আৰু সমাজ সচেতন দৃষ্টিভংগীৰে মালিকৰ ৰচনাৰ বৰ্ণাঢ্য আৰু সময়ৰ সহযাত্ৰী কৰি তুলিছে । 

মানসিক সংঘাতৰ দিশলৈ লক্ষ্য ৰাখি এই সময়ত গল্প লিখা লেখকসকলৰ ভিতৰত মুনীন বৰকটকী আৰু কৃষ্ণ ভূঞা উল্লেখযোগ্য । মানসিক অন্তৰ্দ্বন্দ্ব আৰু সামাজিক চেতনাসম্ভূত আদৰ্শ – এই দুয়ো দিশৰ উষ্ময়কৰ প্ৰকাশ ঘটিছে লক্ষ্মীধৰ শৰ্মাৰ গল্পত । মাৰ্ক্স আৰু ফ্ৰেয়েডিয় চিন্তাৰ প্ৰভাৱ শৰ্মাৰ গল্পত লক্ষ্য কৰা যায় । ৰাধিকা মোহন গোস্বামীৰ গল্পত যৌৱন আৰু আদৰ্শৰ জয়গান নাই , তাৰ পৰিবৰ্তে  তেওঁৰ গল্পত জীৱনৰ সৰু সৰু বাস্তৱিক ঘটনা আৰু মনোদ্বন্দ্বৰ চিত্ৰণৰ লগতে মধ্যবিত্ত সমাজৰ আনন্দ হুমুনিয়াহৰ চিত্ৰ লক্ষ্য কৰা যায় । ত্ৰৈলোক্যনাথ গোস্বামীৰ গল্পত একোটা নৈতিক আদৰ্শ আৰু প্ৰমূল্যৰ ৰূপায়ণ লক্ষ্য কৰা যায় । তেওঁৰ বাস্তৱবোধ অতি তীব্ৰ । সমাজৰ নিপীড়ন , লাঞ্ছিত , শোষিত মানুহৰ প্ৰতি গোস্বামীৰ দৰদ গভীৰ আৰু আন্তৰিক । তেওঁৰ বাকভঙ্গী সৰল আৰু সংযত । এই সময়ৰে আন এজন গল্পকাৰ বীণা বৰুৱাৰ ( ড° বিৰিঞ্চি কুমাৰ বৰুৱা ) গল্পত সামাজিক পৰিবেশৰ নিখুঁত চিত্ৰ , কথ্য ভাষাৰ স্বাভাৱিক সংলাপ , বাস্তৱধৰ্মী চৰিত্রায়ন লক্ষণীয় । নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্পত কাহিনী দীঘলীয়া । এওঁৰ গল্পত সাধাৰণ মানুহৰ দুখ দুৰ্দ্দশা , অৰ্থনৈতিক অসাম্য – নিপীড়ন আদিৰ ছবি স্পষ্ট । 

দ্বিতীয় মহাযুদ্ধৰ পিছৰ পৰা অসমীয়া গল্প সাহিত্যত নতুন যোগ আৰম্ভ হল । মহাযুদ্ধ আৰু লগতে বিয়াল্লিছ চনৰ গণ আন্দোলনে অসমৰ বৌদ্ধিক জীৱনতো কোৱাই গল । চিন্তা – চৰ্চাৰ দিশত নতুন পৰিৱৰ্তন আহিল । ‘ৰামধেনু’ আলোচনীৰ আবিৰ্ভাৱ এই যুগৰ উল্লেখযোগ্য ঘটনা । ‘জয়ন্তী’ৰ পাতত আৰম্ভ হোৱা সামাজিক বাস্তৱবাদৰ ধাৰণায়ো এতিয়া এটা স্পষ্টৰূপ ধাৰণ কৰিলে । এই সময়ছোৱাৰ লেখকসকলৰ ক্ষেত্ৰত মাৰ্ক্স আৰু ফ্ৰয়েডৰ অধ্যয়ণৰ পৰিসৰ বৃদ্ধি পালে । তদুপৰি বিংশ শতিকাৰ আধুনিক ইউৰোপীয় লেখকসকলৰ চিন্তা আৰু সৃষ্টিৰ লগত আমাৰ শিক্ষিত শ্ৰেণীৰ পৰিচয় স্থাপিত হল ।

২)  ‘বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক’ – বেজবৰুৱাৰ গল্প প্ৰতিভাৰ বিচাৰ কৰি এটি আলচ কৰা ।

নাইবা

অসমীয়া চুটিগল্পৰ জন্মদাতা কোন ? তেওঁৰ ৰচিত গল্পপুথিসমূহৰ নাম লিখি লেখকগৰাকীৰ গল্প প্ৰতিভাৰ বিচাৰ কৰা ।

নাইবা

অসমীয়া চুটিগল্পৰ জনক কোন ? তেওঁৰ দুটি গল্পসম্পৰ্কে এটি আলোচনা কৰা । 

উত্তৰঃ- লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ জন্মদাতা । সুৰভি , জোনবিৰি , সাধুকথাৰ কুকি আদি গল্প পুথিৰে বেজবৰুৱাই অসমীয়া সাহিত্যত পোনপ্ৰথমে গল্প সৃষ্টি কৰাই নহয় , আধুনিক অসমীয়া গল্পৰ এক বিশিষ্ট ৰূপো প্ৰতিষ্ঠা কৰি গৈছে । 

বেজবৰুৱাৰ চুটিগল্পত কিছুমান সাধাৰণ বিশেষত্ব লক্ষ্য কৰা যায় । সমালোচকসকলৰ মতে বেজবৰুৱাৰ গল্পত সাধুকথাৰ লক্ষণ পায়ে দেখা যায় । সাধুকথা আৰু চুটিগল্পৰ মাজত বেজবৰুৱাই পাৰ্থক্য ৰাখিব খোজা নাছিল  । বেজবৰুৱাৰ গল্পসমূহ পৰ্যালোচনা কৰিলে দেখা যায় যে চুটিগল্পৰ কলা কৌশলৰ ক্ষেত্ৰত বেজবৰুৱাই বিশেষ শিল্প চাতুৰ্যৰ পৰিচয় দিবলৈ সক্ষম হোৱা নাছিল । পিছে কথনভংগীৰ বিশেষত্বৰ বাবেই বেজবৰুৱাৰ গল্পসমূহে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল । সাৱলীল কথনভংগীৰে বেজবৰুৱাই অসমীয়া গল্প সাহিত্যৰ ইতিহাসত এখনি বিশিষ্ট আসন লাভ কৰিবলৈ সক্ষম হৈছিল ।

হাস্য ব্যংগৰ প্ৰাধান্য বেজবৰুৱাৰ গল্পৰ আন এক প্ৰধান বিশেষত্ব । গল্পৰাজিৰ মাজত যেন কৃপাবৰ বৰবৰুৱা মূৰ দাঙি উঠিবৰ প্ৰয়াস কৰিছিল । অধিকাংশ গল্পত হাস্য ব্যংগৰ প্ৰাধান্য আৰু ইংৰাজী বঙলা হিন্দী ভাষাৰ প্ৰয়োগে আৰু কেতিয়াবা নিৰৰ্থক শব্দৰ প্ৰয়োগেৰে বেজবৰুৱাই গল্পৰ চৰিত্ৰসমূহৰ জৰিয়তে সমসাময়িক সমাজখনৰ দোষ ত্ৰুটিৰ সমালোচনা কৰিছিল । হাস্যৰস সৃষ্টিৰ মূলতে হল উপযুক্ত পৰিবেশত সাৰ্থক শব্দৰ প্ৰয়োগ আৰু বৰ্ণনানৈপূণ্য । কেতিয়াবা চৰিত্ৰৰ ভাব চিন্তা আৰু কাৰ্যৰ বিসংগতি প্ৰদৰ্শন কৰিও বেজবৰুৱাই হাস্যৰস সৃষ্টিৰ প্ৰচেষ্টা কৰিছে । 

বেজবৰুৱা আছিল এজন সমাজ সচেতন লেখক । সমসাময়িক সমাজখনিৰ দোষ ত্ৰুটি বেজবৰুৱাই গল্পৰ জৰিয়তে আলোচনালৈ আনিছে । সমাজৰ দোষ ত্ৰুটি বাস্তৱ ৰূপত প্ৰকাশ কৰি তেওঁ নিজেও হাঁহিছে আৰু আনকো হঁহুৱাইছে । কেতিয়াবা আকৌ তীক্ষ্ণ ব্যংগৰ শাণিত অস্ত্ৰৰে বাহিৰ শুৱনি জীৱনৰ আন্তঃসাৰশূন্যতা খণ্ড খণ্ডকৈ বিশ্লেষণ কৰি দেখুৱাইছে । ব্ৰিটিছ শাসনৰ লগে লগে কিছুমান অসমীয়া লোকে পৌৰাণিক ৰীতি নীতি , চাল চলন ত্যাগ কৰি পাশ্চাত্য আৰ্হি অনুকৰণ কৰিবলৈ গৈ সাধাৰণ মানুহক মানুহ যেনেই জ্ঞান নকৰিছিল । 

এনে লোকসকলৰ বাহ্যিকতা , অনুকৰণপ্ৰিয়তা  , ভেম ভণ্ডামি , অহংকাৰ আদি বেজবৰুৱাই গল্পৰ চৰিত্ৰৰ মাজেৰে সমালোচনা কৰিছিল।ভেমপুৰীয়া মৌজাদাৰ , ভোকেন্দ্ৰ বৰুৱা , ঘণ্টাকৰ্ণ শৰ্মা , নাঙলুচন্দ্ৰ দাস আদি চৰিত্ৰৰ জৰিয়তে বেজবৰুৱাই অসমীয়া সমাজত দেখা দিয়া দোষ ত্ৰুটি , ভেম ভণ্ডামি , বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰিৰ স্বৰূপটো ব্যংগ কৰি মনোমোহাকৈ উত্থাপন কৰিছে । বেজবৰুৱাৰ গল্পত চৰিত্ৰৰ মানসিক দ্বন্দ্বৰ বিশ্লেষণ বৰ চকুত নপৰিলেও ব্যংগ বক্ৰাঘাতৰ সহায়ত সৃষ্টি কৰা বৰ্ণনা চাতুৰ্যই তেওঁৰ গল্পক এক বিশেষত্ব প্ৰদান কৰিছে । 

হাস্যৰসেই বেজবৰুৱাৰ গল্পত একমাত্ৰ উপজীৱ্য নাছিল । কাৰণ ৰস সৃষ্টি আৰু মানুহৰ সহজাত প্ৰেম ভালপোৱাক কেন্দ্ৰ কৰিও বেজবৰুৱাই কেইবাটাও উৎকৃষ্ট গল্প ৰচনা কৰিছিল । ৰতন মুণ্ডা , কন্যা , সেউতী আদি গল্প এই প্ৰসংগত উল্লেখযোগ্য । ‘মৈদাম’ গল্পত বেজবৰুৱাই অতিপ্ৰকৃত পৰিবেশৰ সৃষ্টি কৰিছে যদিও সেই পৰিবেশ বিশ্বাসযোগ্য ৰূপত ফুটাই তুলিব পৰা নাই । নাৰীৰ  প্ৰত্যুৎপন্নমতিতা আৰু সাহসিকতাৰ সুন্দৰ প্ৰকাশ  ‘জয়ন্তী’ গল্পত লক্ষ্য কৰা যায় । বেজবৰুৱাৰ ‘ভদৰী’ গল্পত ভদৰীক ক্ষমা আৰু সহনশীলতাৰ প্ৰতিমূৰ্তিৰূপে অংকন কৰা হৈছে  । ‘চাইমন’ আৰু ‘আমালৈ নাপাহৰিব’  গল্পত দেশ আৰু জাতিৰ প্ৰতি থকা আন্তৰিক ভালপোৱা প্ৰকাশিত হৈছে । তদুপৰি ভালেমান গল্পত অসমৰ গ্ৰাম্য জীৱনৰ একোখনি নিখুঁত ছবি জীৱন্ত হৈ উঠা লক্ষ্য কৰা যায় ।

বেজবৰুৱাৰ গল্পত জৈৱিক আৰু ক্ষুদ্ৰ অৰ্থনৈতিক বিশ্লেষণৰ চেষ্টা নাই , নাই জীৱনৰ জটিলতা , মানৱৰ মহন্ত আৰু ক্ষুদ্ৰত্ব প্ৰকাশৰ আদৰ্শগত প্ৰচেষ্টা । তথাপি গল্পসমূহত ফল্গুৰ দৰে প্ৰৱাহিত হাস্যৰসৰ এক বিমল ধাৰাই বেজবৰুৱাৰ গল্পবোৰ উপভোগ্য কৰি তুলিছে । অৱশ্যে কিছুমান গল্পত প্ৰকাশিত লেখকৰ আক্ৰুসমূলক মনোভাব কৌতুকৰ আঁৰত লুকাই পৰিছে । লেখকে চোকা চোকা বাক্যবোৰেৰে সমাজৰ একশ্ৰেণীৰ লোকক থকা সৰকা কৰাৰ পৰিবৰ্তে তেওঁলোকৰ ভুল ত্ৰুটিৰ সৰল পৰিবেশত পৰিস্ফুট কৰি আৰু কেতিয়াবা অতিৰঞ্জনৰ সহযোগত উপদেয় পৰিবেশৰ সৃষ্টি কৰিছে  আৰু লগে লগে ভেম ভণ্ডামিৰ স্বৰূপো উদঘাটন কৰিছে । 

বেজবৰুৱাৰ কিছুমান গল্প অতিৰঞ্জন দোষদুষ্ট নোহোৱাকৈ থকা নাই আৰু ঠায়ে ঠায়ে গল্পত পৰিস্ফুট হাস্যৰস বহুৱালীৰ পৰ্যায়লৈকো অৱনমিত নোহোৱাকৈ থকা নাই । এনেবোৰ দোষ ত্ৰুটি থাকিলেও এটা কথা অনস্বীকাৰ্য যে বেজবৰুৱা কেৱল অসমীয়া চুটিগল্পৰ স্ৰষ্টাই নহয় , প্ৰকৃত দ্ৰষ্টাও । অসমীয়া সমাজ জীৱনৰ গইনা লৈ বেজবৰুৱাই যি গল্প সাহিত্যিৰ সৃষ্টি কৰিলে সেয়া অসমীয়া সাহিত্য জগত চিৰকাল মোলান নপৰাকৈ থাকিব । 

৩) তলৰ গল্পকাৰকেইজনৰ বিষয়ে একোটা চমু আলচ কৰা ।

ক) ৰমা দাস ।

খ) বীণা বৰুৱা।

গ) লক্ষ্মীধৰ শৰ্মা।

ঘ) ত্ৰৈলোক্যনাথ গোস্বামী।

ঙ) লক্ষ্মীনাথ ফুকন।

চ) শৰৎচন্দ্ৰ গোস্বামী 

ছ) নকুল চন্দ্ৰ ভূঞা।

জ) মহীচন্দ্ৰ বৰা ।

উত্তৰঃ- ৰমা দাস :  ৰমা দাস  ‘আহ্বান’ যুগৰ সবাতোকৈ সাৰ্থক গল্পকাৰ।আৱাহন আৰু অন্যান্য আলোচনীত সিঁচৰতি হৈ থকা দাসৰ গল্পসমূহৰ একমাত্ৰ সংকলন ‘ৰমা দাসৰ শ্ৰেষ্ঠ গল্প’ । তেওঁৰ গল্পসমূহত গল্প কোৱাৰ এক সুকীয়া ভংগীয়ে পাঠকক সহজে আকৰ্ষণ কৰে । অৱশ্যে অতিৰঞ্জনৰ ডাঠ প্ৰলেপেৰে কল্পিত জীৱনৰ খণ্ডিত অভিজ্ঞতাই তেওঁৰ গল্পক এক বিশেষ মোহনীয়তা প্ৰদান কৰিছে । ৰোমান্টিক কল্পনা, বিষয়বস্তু নিৰ্বাচনৰ দক্ষতা , অলংকাৰপূৰ্ণ ভাষা আৰু ৰোমান্টিক ভাবসমৃদ্ধ প্ৰকাশভংগীৰ ৰমনীয়তা ৰমা দাসৰ গল্পৰ সাধাৰণ বিশেষত্ব । তেওঁৰ গল্পসমূহত কল্পিত পৰিবেশ বা বাতাবৰণৰ মাজত যৌন প্ৰবৃত্তিৰ অবাধ অভিব্যক্তি সন্মোহনীয় ৰূপত অংকিত হৈছে। 

চৰিত্ৰ চিত্ৰণৰ ক্ষেত্ৰত দাসৰ কৃতিত্ব ৰোমান্টিক ভাৱবিলাসী চৰিত্ৰৰ অপূৰ্ণ চিত্ৰণত । জীৱনৰ আবেদনৰ ব্যাপকতা তেওঁৰ গল্পত অনুপস্থিত । গল্পবোৰত একে ধৰণৰ চৰিত্ৰ সৃষ্টি , একে ধৰণৰ সমস্যা উত্থাপন তেওঁৰ গল্পৰীতিৰ এক মনকৰিবলগীয়া বিশেষত্ব । যৌন প্ৰবৃত্তিৰ চিত্ৰনত ভাব প্ৰৱনতাৰ আধিপত্য বিস্তাৰে’ জীৱনৰ মহত্ব প্ৰকাশত বাধাৰ সৃষ্টি কৰিছে।এনেদৰে কল্পনাৰ সংলগ্নতা , বৰ্ণনাৰ মাধুৰ্য , নিখুঁত শব্দচয়ন , ভাষাৰ সাৱলীলতা  , মোহনীয়া প্ৰকাশভংগী আৰু বাসনাৰ মুক্ত প্ৰকাশ আদি বৈশিষ্ট্যৰে ৰমা দাসৰ গল্পবোৰে অসমীয়া গল্প সাহিত্যৰ বুৰঞ্জীত এখনি বিশেষ আসন অধিকাৰ কৰিছে । 

খ) বীণা বৰুৱা :- বীণা বৰুৱা  ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সাহিত্যিক ছদ্মনাম । বীণা বৰুৱা আৰু ৰাস্না বৰুৱা এই দুয়োটা ছদ্মনামেৰে ড° বৰুৱাই গল্প উপন্যাস ৰচনা কৰি অসমীয়া কথা সাহিত্যক সমৃদ্ধ কৰি গৈছে । ‘আহ্বান’ কাকতত প্ৰকাশিত বীণা বৰুৱাৰ গল্পই আলোড়নৰ সৃষ্টি কৰিছিল । তেওঁৰ গল্প – সংকলন দুটা হল  ‘আঘোণী বাই’ আৰু ‘পট পৰিৱৰ্তন’ । ‘পট পৰিৱৰ্তন’ৰ গল্পসমূহৰ অধিকাংশই কলেজীয়া ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰৰ অৱলম্বনত ৰচিত । নাৰী চৰিত্ৰৰ চাৰিত্ৰিক বৈশিষ্ট্য ফুটাই তোলাত লেখকৰ দক্ষতা প্ৰকাশ পালেও নাৰী চৰিত্ৰবোৰ বাস্তৱতকৈ পুৰুষে মনে গঢ়া চৰিত্ৰৰ অৱনমিত হোৱা লক্ষ্য কৰা যায় । বৰুৱাৰ প্ৰথম ভাগৰ গল্পসমূহত চিন্তাৰ গভীৰতা অনুভৱ কৰিব নোৱাৰি , ৰোমান্টিক প্ৰেমেই অধিকাংশ গল্পৰ বিষয়বস্তুৰূপে গৃহীত হৈছে। 

বীণা বৰুৱাৰ গল্পত কথাবস্তুৰ বিক্ষিপ্ততা প্ৰায়ে লক্ষ্য কৰা যায় । জৈৱিক বাসনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেও বাসনাৰ উৎকট প্ৰকাশ তেওঁৰ গল্পত লক্ষ্য কৰা নাযায় । সামাজিক জীৱনৰ প্ৰতিফলন তেওঁৰ গল্পৰ আন এক বিশেষত্ব । চৰিত্ৰ চিত্ৰণত আৰোপিত বাস্তৱতাই তেওঁৰ গল্পলৈ কঢ়িয়াই আনিছে এক সুকীয়া মাদকতা । চৰিত্ৰৰ অন্তৰ্দ্বন্দ্ব পৰিস্ফুটনত অৱশ্যে তেওঁ সচেতন নাছিল । প্ৰকাশভংগীৰ সৰলতা , সৰস বৰ্ণনা , অনাড়ম্বৰ সংলাপ তেওঁৰ গল্পৰীতিৰ বৈশিষ্ট্য । তেওঁৰ গল্প কোৱাৰ ভংগী সহজ সৰল আৰু আড়ম্বৰহীন । 

গ) লক্ষ্মীধৰ শৰ্মা :- লক্ষ্মীধৰ শৰ্মা  ‘আহ্বান’ যুগৰ এজন সাৰ্থক গল্পকাৰ। তেওঁৰ উল্লেখযোগ্য গল্প সংকলনটো হল  ‘ব্যৰ্থতাৰ দান’ । সংকলনত সন্নিবিষ্ট গল্পসমূহৰ উপৰি তেওঁৰ ভালেমান গল্প আলোচনীত সিঁচৰতি হৈ আছে । তেওঁৰ প্ৰতিটো গল্পই বহন কৰিছে শিল্পীমনৰ এক শৈল্পিক চাৰুতা । প্ৰায় সকলোবোৰ গল্পতে ফুটি উঠিছে এক সংস্কাৰকামী মনোভাব । জৈৱিক সমস্যাক কেন্দ্ৰ কৰিয়েই শৰ্মাৰ সৰহভাগ গল্প ৰচিত হৈছে । যৌন প্ৰবৃত্তিৰ প্ৰচণ্ডতা আৰু পৰিতৃপ্তিৰ মাদকতাৰ বৰ্ণনাৰে তেওঁৰ কিছুমান গল্প পৰিপূৰ্ণ । তেওঁ দুই এটা গল্পত সাম্প্ৰদায়িক সম্প্ৰীতিৰ ছবিও অংকন কৰিবলৈ প্ৰয়াস কৰিছে । এই সন্দৰ্ভত তেওঁৰ ‘চিৰাজ’ গল্পটো উল্লেখযোগ্য । নাৰীৰ ওপৰত কৰা সামাজিক অবিচাৰৰ সুন্দৰ বিশ্লেষণ গল্পটোত লক্ষ্য কৰা যায় । তেওঁৰ কোনো কোনো গল্পত বিধৱাৰ ব্যথাভাৰা অন্তৰ্দ্বন্দ্বৰ প্ৰকাশ লক্ষ্য কৰা যায় । 

লক্ষ্মীধৰ শৰ্মাৰ গল্পৰ প্ৰধান বিশেষত্ব সমাজ সচেতনতা আৰু সংস্কাৰকামী মনোভাব । পুৰণিকলীয়া এলান্ধুৱে আৱৰা সমাজৰ নীতি নিয়মক উপেক্ষা কৰি সংস্কাৰকামী মনোভাৱেৰে এখন নিকা সমাজ গঢ়াৰ স্বপ্ন শৰ্মাৰ প্ৰায়বোৰ গল্পত লক্ষ্য কৰিব পাৰি । চৰিত্ৰৰ মানসিক দ্বন্দ্বৰ  প্ৰতি শৰ্মাৰ সততে সচেতন আছিল । ফ্ৰেয়েডৰ মনস্তাত্ত্বিক বিশ্লেষণৰ প্ৰাধান্যৰ উপৰি শৰ্মাৰ গল্পত মাৰ্ক্সবাদী চিন্তাধাৰায়ো প্ৰভাৱ বিস্তাৰ কৰিছে । তেওঁৰ গল্পৰ ৰচনাৰীতি পোন আৰু প্ৰাঞ্জল । 

ঘ) ত্ৰৈলোক্যনাথ গোস্বামী :- স্বাধীনতা পূৰ্ব অসমীয়া গল্প লেখকৰ ভিতৰত ত্ৰৈলোক্যনাথ গোস্বামী অন্যতম । গোস্বামীৰ গল্পপুথি চাৰিখন – অৰুণা , মৰীচিকা , শিল্পীৰ জন্ম আৰু জীৱনৰ জীয়াজুই । এই সংকলনকেটাত অন্তৰ্ভূক্ত গল্পৰ উপৰি ভালেমান গল্প আলোচনীত সিঁচৰতি হৈ আছে । সমাজৰ দুখ দৈন্য , অনাচাৰ অবিচাৰৰ বুকুত নিষ্পেষিত স্ত্ৰী পুৰুষৰ চৰিত্ৰ গোস্বামীৰ গল্পত আছে । তীব্ৰ সমাজ – চেতনা তেওঁৰ গল্পত এক লক্ষণীয় বিশেষত্ব । গোস্বামীৰ গল্পত সামাজিক দ্বন্দ্বৰ ৰূপ অতি স্পষ্ট আৰু হৃদয়সংবাদী ৰূপত ফুটি উঠিছে । স্বকীয় বৈশিষ্ট্যৰে সমুজ্জ্বল হোৱা গল্পবোৰত অৰ্থনৈতিক শোষণ আৰু সামাজিক অন্যায়ৰ ছবি প্ৰতিফলিত হৈছে । 

গোস্বামীৰ গল্পৰ চৰিত্ৰ বাস্তৱ আৰু সৰল ।সমাজত থকা অসাম্যৰ কাৰণে কিছুমান চৰিত্ৰৰ জীৱন প্ৰকাশ পোৱা দুৰ্বহ । গোস্বামীৰ গল্পৰ মাজেদি জীৱনৰ মমতা আৰু উদণ্ডতা প্ৰকাশ পোৱা নাই । তেওঁৰ গল্পত বাকসংঘম বিশেষ লক্ষণীয় । ফলত কোনো কোনো ক্ষেত্ৰত গল্পৰ সৌন্দৰ্য ভালকৈ পৰিস্ফুট হব পৰা নাই । 

ঙ) লক্ষ্মীনাথ ফুকন :- আৱাহন যুগৰ গল্পকাৰসকলৰ ভিতৰত লক্ষ্মীনাথ ফুকন অন্যতম । তেওঁৰ গল্প সংকলন চাৰিখন – মালা , উফাইদাং , মৰমৰ মাধুৰি আৰু আনন্দে নধৰে হিয়া । এই গল্প সংকলনকেইটিৰ গল্পসমূহত মধ্যবিত্ত শ্ৰেণীৰ জীৱনৰ সুখ দুখৰ চিত্ৰ , ব্যংগ আৰু কৰুণ ৰসসিক্ত হাস্যৰসৰ যোগেদি চিত্ৰিত হৈছে । তেওঁৰ প্ৰায় সকলো গল্পতে সামাজিক আৰু হাস্যৰসাত্মক মনোভাব একোটা সোমাই আছে । সমাজৰ মুখা পিন্ধা বৰলোসকলৰ আন্তঃসাৰশূন্য ভিতৰখন প্ৰকাশ কৰাত ফুকন সিদ্ধহস্ত । 

ফুকনৰ হাস্যৰস বুদ্ধিদীপ্ত । চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত ফুকনৰ বৈশিষ্ট্য আছে । আধুনিক সভ্যতাৰ বুকুত জীপ লোৱা ধনী আৰু মধ্যবিত্ত এদল মতা তিৰোতাৰ বাহিৰ শুৱনি কিন্তু ভিতৰ ফোঁপালা জীৱনৰ ছবি তেওঁ যেনেকৈ আঁকিব পাৰিছে আনে তেনেকৈ পৰা নাই । ফুকনৰ গল্পৰ হাস্যৰসৰ ক্ষেত্ৰত এটা লক্ষ্য কৰিবলগীয়া  বিশেষত্ব এই যে শব্দ গাথঁনিৰ অসাম্যৰ যোগেদি তেওঁ হাস্যৰস সৃষ্টি কৰা নাই , চৰিত্ৰৰ অন্তৰ্দ্বন্দ্ব আৰু সিবোৰৰ কাৰ্য আৰু কথাৰ বৈষম্যৰ মাজেদিহে হাস্যৰস সৃষ্টি কৰিছে । তেওঁৰ গল্পৰ প্লট সৰলৰেখাৰ দৰে পোন । 

চ) শৰৎচন্দ্ৰ গোস্বামী :- অসমীয়া সাহিত্যত বেজবৰুৱাৰ পিছতে উল্লেখযোগ্য গল্পকাৰ শৰৎচন্দ্ৰ গোস্বামী । তেওঁৰ গল্পৰ পুথি চাৰিখন – গল্পাঞ্জলি , বাজীকৰ , ময়না আৰু পৰিদৰ্শন । তেওঁৰ গল্পৰ প্ৰধান বিশেষত্ব বিন্যাস ৰীতিৰ স্বাচ্ছন্দ্যতা আৰু সৰল বাকভংগী । তেওঁৰ গল্পত দীঘলীয়া বাক্যৰীতিৰ প্ৰয়োগ নাই । পীড়িতৰ প্ৰতি , অসহায়ৰ প্ৰতি আনকি সামান্য প্ৰাণীৰ প্ৰতিও এটা সহানুভূতিসূচক মনোভাব তেওঁৰ কেইবাটাও গল্পৰ মাজেদি প্ৰকাশিত হৈছে । ব্যংগোক্তি কৰুণতা তেওঁৰ গল্পত আছে কিন্তু এই কৰুণতা অকল চৰিত্ৰবোৰৰ ভুল ভ্ৰান্তিৰ পৰা উদ্ভৱ হোৱা নাই । কৰুণ ঘটনা সমষ্টিৰ মাজত যেন নিয়তিৰ পৰিহাস আৰু অদৃষ্টৰ বুজিব নোৱাৰা ক্ৰুৰতা আছে । তেওঁৰ কিছুমান গল্পত অবৈধ প্ৰণয়ন ছবি প্ৰকাশিত হৈছে । সমাজৰ অন্যায় অভিচাৰৰ প্ৰতি গোস্বামী সম্পূৰ্ণ সচেতন । বেজবৰুৱাৰ দৰে প্ৰচণ্ড বাক্য প্ৰবাহৰ বা মাৰলী তেওঁৰ গল্পত নাই । এনে গল্পবোৰত তেওঁ অন্যায় আৰু অবিচাৰৰ প্ৰতিবাদ কৰিছে । গাঁৱলীয়া পটভূমিত তেওঁৰ বেছিভাগ গল্প প্ৰতিষ্ঠিত । জীৱনৰ ৰহস্য আৰু বৈচিত্ৰ্যৰ বিভিন্ন কোন উদ্ঘাটনৰ প্ৰয়াস তেওঁৰ গল্পত লক্ষ্য কৰা যায় । তেওঁৰ গল্পত ৰেখাংকনৰ ঋজুতা আৰু বাকভংগীৰ সৰলতা মন কৰিবলগীয়া বিশেষত্ব । 

ছ) নকুল চন্দ্ৰ ভূঞা :- নকুল চন্দ্ৰ ভূঞাই  ‘আলোচনী’ , ‘চেতনা’ , ‘বাঁহী’ আৰু ‘আহ্বান’ কাকতত বৈশিষ্ট্যপূৰ্ণ গাঁৱলীয়া জীৱনক কেন্দ্ৰ কৰি কিছু গল্প লিখিছিল । তেওঁৰ গল্প পুথিসমূহ হল – ‘চোৰাংচোৱাৰ চ’ৰা’  ( ১৯১৮ ) , ‘জোনোৱালি’ ( ১৯৩৩ ) আৰু ‘গল্পৰ শৰাই’ ( ১৯৬২ ) ।

জ) মহীচন্দ্ৰ বৰা :- ‘আহ্বান’ , ‘জয়ন্তী’ আদি কাকতত গল্প লিখি সুপৰিচিত হৈ পৰা গল্পকাৰ মহীচন্দ্ৰ বৰাৰ উল্লেখযোগ্য গল্প সংগ্ৰহ হল  ‘উকীলৰ জন্ম ৰহস্য’ ( ১৯৭০ ) । গল্পবোৰত সামাজিক ব্যংগ আৰু হাস্য ৰসতকৈ ব্যক্তিকেন্দ্ৰিক হাস্যৰস আৰু ব্যংগ অধিকভাৱে পৰিস্ফুট হৈছে । গল্পবোৰৰ জৰিয়তে জীৱনৰ গভীৰ  দিশ উদঘাটনৰ পচেষ্টা লক্ষ্য কৰা নাযায় । বৰাৰ গল্পত আমোদজনক পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰাধান্য অন্যতম মন কৰিবলগীয়া বৈশিষ্ট্য । অতিশয়োক্তিও তেওঁৰ ৰচনাত নথকা নহয় । নিৰীহ – নিৰ্যাতিতৰ প্ৰতি সহানুভূতিও তেওঁৰ গল্পবোৰৰ লক্ষণীয় বিষয় ।

৪) ১৮৮০ চনৰ পৰা ১৯৪০ চনলৈ অসমীয়া চুটিগল্পৰ ধাৰা বিষয়ক চমু আলোচনা কৰা । 

উত্তৰঃ- উপন্যাসৰ দৰে অসমীয়া চুটিগল্পও পাশ্চাত্য সাহিত্য অধ্যয়নৰ অমৃতময় ফল । ইয়াৰ আগতে অসমীয়া সমাজত মুখে মুখে চলি অহা , আৰু পিছলৈ লিখিত ৰূপ লোৱা সাধুকথা , আখ্যান , উপাখ্যানসমূহ সাধাৰণতে অবাস্তৱ আৰু অবিশ্বাস্য কথা আৰু কাহিনীৰে পৰিপূৰ্ণ আছিল।সেইবোৰত গছ লতা , জীৱ – জন্তু , দেও – ভূহুও কথা কয় । কিন্তু চুটিগল্পসমূহ ঘাইকৈ বাস্তৱতাৰ ভিত্তিক মানৱ জীৱনৰ লগত উত:প্ৰোতভাৱে জড়িত । সেই কাৰণেই সাধুকথাসমূহক চুটিগল্পৰ পিতৃপুৰুষ বুলি কব নোৱাৰি । অসমীয়া সাহিত্যত চুটিগল্প পাশ্চাত্য সাহিত্যৰ ফল । 

আমাৰ আলোচ্য কালছোৱাতেই  ( ১৮৮০ – ১৯৪০ ) অসমীয়া চুটিগল্পই জন্ম লাভ কৰে । এই সম্পৰ্কে তলত আলোচনা কৰা হল , – 

লক্ষ্মীনাথ বেজবৰুৱা :- লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক। অসমীয়া সাহিত্যত চুটিগল্প তেৱেঁই প্ৰথমে লিখিবলৈ আৰম্ভ কৰে । তেওঁৰ হাততেই অসমীয়া চুটিগল্পই জন্ম লাভ কৰে । তেওঁৰ  ‘সাধুকথাৰ কুকি’  ( ১৯১০ ) ; ‘সুৰভি’  ( ১৯০৯ ) ; আৰু ‘জোনবিৰি’ ( ১৯১৩ ) অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্পৰ সংকলন । তেওঁৰ মৃত্যুৰ পিছত ওপৰত উল্লিখিত গল্প সংকলন তিনিখনত অন্তৰ্ভুক্ত নোহোৱা চৈধ্যটা গল্পৰে  ‘কেহোঁকলি’ নামৰ গল্প সংকলনটি প্ৰকাশ কৰা হয় । 

এই সংকলনত সন্নিবিষ্ট আটাইকেইটা ৰচনাই পূৰ্ণাংগ চুটিগল্পৰ সকলোবোৰ লক্ষণ পূৰ কৰিছে বুলি কব নোৱাৰি । কিছুমান ব্যংগ চিত্ৰ বা নক্সা , কিছুমান কাহিণীবিহীন চৰিত্ৰ আৰু কিছুমান সাধুকথায়ো সেইবোৰত ঠাই পাইছে । কিন্তু সৰহভাগতে চুটিগল্পৰ বিকাশ ঘটিছে । এইবোৰ গল্পত সাধাৰণতে প্ৰকাশ পাইছে ঊনবিংশ শতাব্দীৰ শেষ স্তৰৰ ভাঙনমুখী , আন্তঃসাৰশূন্য , আভিজাত্যৰ ধ্বজাবহনকাৰী নিম্ন – মধ্যবিত্ত শ্ৰেণী , ইংৰাজী আমোলৰ দুৰ্নীতিপৰায়ন আমোলা শ্ৰেণী আৰু অন্ধ সংস্কাৰত আকণ্ঠ নিমজ্জিত সমাজৰ কাৰ্য আৰু ব্যৱহাৰৰ প্ৰতিচ্ছবি। 

বেজবৰুৱাৰ গল্পসমূহৰ ভিতৰত  ‘মুক্তি’ , ‘পাটমুগী’ , ‘ভদৰী’ , ‘জলকোঁৱৰী’ , ‘কন্যা’ , ‘ধোঁৱা খোৱা’ আদি গল্প আবেদনশীল । ‘পুত্রবান পিতা’ , ‘লাওখোলা’ আদি গল্পৰ পটভূমি বঙালী সমাজ আৰু ‘কন্যা’ , ‘ৰতনমুণ্ডা’ আদি গল্প জনজাতীয় কোলমুণ্ডা সমাজৰ পটভূমিত ৰচিত ।

শৰৎ চন্দ্ৰ গোস্বামী :- এই কালছোৱাত লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতে গল্পকাৰ হিচাপে শৰৎচন্দ্ৰ গোস্বামীৰ নাম লব লাগিব । অসম সাহিত্য প্ৰতিষ্ঠাপক সম্পাদক গোস্বামীদেৱৰ  গল্প সংকলনসমূহ হল –  ‘গল্পাঞ্জলি’ ( ১৯১৪ ) , ‘ময়না’ ( ১৯২০ ) ; ‘বাজীকৰ’ আৰু ‘পৰিদৰ্শন’ । ‘পৰিদৰ্শন’ গল্প সংকলনটি তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশ কৰি উলিওয়া হয় । এই গল্পপুথিসমূহে তেওঁৰ কথা শিল্পৰ নিপুণতাৰ পৰিচয় দিয়ে ।

ব্যক্তিৰ দুখ দুখ , ভাগ্যৰ হাতত অসহায়তা , দুৰ্বলতা , সমাজৰ নিষ্ঠুৰতা তথা কৰুণ মানৱীয় ভাব অনুভূতিৰ চিত্ৰনে তেওঁৰ গল্পসমূহত প্ৰাধান্য লাভ কৰিছে । পীড়িতৰ প্ৰতি , অসহায়ৰ প্ৰতি , আনকি ইতৰ প্ৰাণীৰ প্ৰতিও সহানুভূতিসূচক মনোবৃত্তি তেওঁৰ সৰহভাগ গল্পত প্ৰকাশ পাইছে । গাঁৱলীয়া পটভূমিতেই তেওঁৰ বেছিভাগ গল্প প্ৰতিষ্ঠিত । 

লক্ষ্মীনাথ ফুলন :- লক্ষ্মীনাথ ফুকন এজন সফল গল্পকাৰ । ‘আসাম ত্ৰিবিউন’ কাকতৰ সম্পাদকৰূপে কাৰ্যনির্বাহ কৰি অৱসৰ গ্ৰহণ কৰা ফুকনদেৱে ‘মালা’  ( ১৯১৮ ) ; ‘ওফাইদাং’ ( ১৯৫১ ) ;  ‘মৰমৰ মধুৰী’ ( ১৯৬৩ ) ‘আনন্দে নধৰে হিয়া’ আদি গল্প সংকলন প্ৰকাশেৰে অসমীয়া গল্প সাহিত্যত বিশিষ্ট স্থান লাভ কৰি গৈছে । গল্পসমূহত সমাজৰ মধ্যবিত্ত শ্ৰেণীৰ জীৱনৰ সুখ দুখৰ চিত্ৰ ব্যংগ আৰু কৰুণ ৰসসিক্ত হাস্যৰসৰ মাজেদি চিত্ৰিত কৰিছে । ‘মালা’ৰ গল্পসমূহত ফুকনৰ স্বকীয় ৰচনাশৈলী ভালকৈ পৰিস্ফুট হোৱা নাই ; – ই ডেকা বয়সৰ হয়তো অভিজ্ঞতাৰ ফল । ‘ওফাইদাং’ৰ গল্পসমূহত সমাজৰ ভণ্ডামি আৰু উৎকেন্দ্ৰিক আচৰণ কৰুণ আৰু হাস্যৰসৰ মাজেৰে প্ৰকাশ পাইছে । 

সেই সময়ৰ অন্যতম গল্প লেখক হল নকুল চন্দ্ৰ ভূঞা । ‘আলোচনী’ ; ‘চেতনা’ ; ‘বাঁহী’ আৰু পিছত  ‘আহ্বান’তো বৈশিষ্ট্যপূৰ্ণ অসমীয়া গাঁৱলীয়া জীৱনক কেন্দ্ৰ কৰি তেওঁ কিছুসংখ্যক গল্প লিখিছিল । তেওঁৰ গল্প সংকলন হল – ‘চোৰাংচোৱাৰ চ’ৰা’  ( ১৯১৮ ) ;  ‘জোনোৱালি’ ( ১৯৩৩ ) ; ‘গল্পৰ শৰাই’ ( ১৯৬২ ) । মিত্ৰদেৱ মহন্ত অধিকাৰীৰ ‘চন্দ্ৰহাৰ’ ( ১৯২৪ ) ; দণ্ডীনাথ কলিতাৰ  ‘সাতসৰী’  ( ১৯২৫ ) আদি গল্প পুথিও সেই সময়ত প্ৰকাশ পাইছিল । জ্যোতিপ্রসাদ আগৰৱালা , থানেশ্বৰ হাজৰিকা আদি লেখকেও দুই চাৰিটা ভাল গল্প লিখি প্ৰকাশ কৰিছিল । 

ইংৰাজী ১৯২৯ চনত কলিতাৰ পৰা  ‘আৱাহন’ কাকত ওলোৱাৰ লগে লগে অসমীয়া গল্প সাহিত্যয়ো এক নতুন স্তৰত ভৰি দিয়ে । সেই সময়ত  ‘আৱাহন’ত নগেন্দ্ৰনাৰায়ণ চৌধুৰী , হলিৰাম ডেকা , লক্ষ্মীধৰ শৰ্মা , ৰমা দাস , বীণা বৰুৱা , ত্ৰৈলোক্য গোস্বামী , ৰাধিকা গোস্বামী , মহীচন্দ্ৰ বৰা , কৃষ্ণ ভূঞা , মুনীন বৰকটকী , নিৰ্মলা দেৱী , ইন্দীবৰ গগৈ , সদানন্দ দাস আদি নতুন গল্পকৰ সকলে গল্প লিখি প্ৰকাশ কৰিছিল । কল্পনাৰ মুক্তগতি , ৰোমান্টিক ভাব বিলাসৰ উন্মাদনা , ভাষাৰ সূক্ষ্ম ব্যঞ্জনা , মনস্তাত্ত্বিক বিশ্লেষণ আৰু প্ৰগতিশীল ৰীতি এইসকল গল্পকাৰৰ ৰচনাত প্ৰতিফলিত হোৱা দেখা গৈছিল । কোনো গল্পত যৌন ক্ষুধা বা ৰতি বাসনাই সামাজিক বন্ধন চিঙি যোৱাৰ চেষ্টা দেখা যায় যদিও ৰচনাভংগীৰ মাধুৰ্যই আৰু গল্প গাথঁনিৰ কাৰুকাৰ্যই শিল্প সুলভ সৌন্দৰ্য দান কৰি গল্পসমূহ সুখপাঠ্য কৰি তুলিছে । 

মহীচন্দ্ৰ বৰাৰ গল্পসমূহত আমোদজনক পৰিস্থিতি আৰু বাক চাতুৰ্য পৰিলক্ষিত হয় । এই সময়ছোৱাতে গল্প লিখিবলৈ ললেও তেওঁৰ গল্প সংকলন ‘উকীলৰ জন্ম ৰহস্য’ প্ৰকাশ হয় ১৯৭০ চনতহে । বৰাৰ গল্পত আমোদজনক পৰিবেশ , পৰিস্থিতি আৰু নিৰীহ নিৰ্যাতিতৰ প্ৰতি সহানুভূতিয়ে প্ৰাধান্য লাভ কৰিছে । বীণা বৰুৱাৰ গল্প সংকলন  ‘পট পৰিৱৰ্তন’ আৰু  ‘আঘোণী বাই’ – এই দুখনি যথাক্ৰমে ১৯৪৮ চন আৰু ১৯৫০ চনত প্ৰকাশ পালেও আলোচ্য কালছোৱাতেই তেওঁ গল্প ৰচনাৰে অসমীয়া গল্প সাহিত্যলৈ বিশেষ বৰঙণি আগ বঢ়াইছিল । ‘পট পৰিবৰ্তন’ৰ গল্পসমূহত কলেজীয়া ডেকা গাভৰুৰ তৰল যৌন জীৱনৰ কাল্পনিক পৰিবেশৰ প্ৰাধান্য দেখা যায় । সেইবোৰত প্ৰেমৰ গভীৰ অনুভূতিৰ প্ৰকাশ কম । ‘আঘোণী বাই’ৰ গল্পসমূহত গ্রাম্যজীৱনৰ সজীৱ আৰু সংঘত চিত্ৰ দেখা পোৱা যায় । 

ৰমা দাস সেই সময়ৰ অন্যতম গল্পকাৰ । ৰমা দাসৰ শ্ৰেষ্ঠ গল্প সংকলনটি তেওঁৰ বাচকৱনীয়া ৰসোত্তীৰ্ন গল্পৰ সমাহাৰ । কল্পিত পৰিবেশ বা বাতাবৰণৰ মাজত যৌন প্ৰবৃত্তিৰ অবাধ অভিব্যক্তি সন্মোহনীয় ৰূপত অংকিত হৈছে ৰমা দাসৰ গল্পসমূহত । ভাষাৰ লালিত্য আৰু বৰ্ণনাৰ মাধুৰ্য তেওঁৰ গল্পৰ বিশেষত্ব যদিও যৌৱনৰ বুভুক্ষা আৰু ইন্দ্ৰিয়াসক্তিৰ প্ৰাধান্যহে বেছিকৈ দেখা যায় । ৰমা দাসৰ গল্পৰ আকৰ্ষণ আছে , কিন্তু অন্তৰ্মুখি গভীৰ আবেদন নাই  ।

লক্ষ্মীধৰ শৰ্মাৰ প্ৰকাশিত গল্প সংকলন হল ‘ব্যৰ্থতাৰ দান,  ( ১৯৩৮ ) এই সংকলনটিত প্ৰকাশ পোৱা গল্পসমূহৰ বাহিৰেও  ‘আৱাহন’ কাকতত তেওঁৰ ভালেমান গল্প প্ৰকাশ হৈছিল । লক্ষ্মীধৰ শৰ্মাৰ গল্পসমূহত জৈৱিক আদিম প্ৰবৃত্তিৰ প্ৰভাৱ , সমাজৰ অন্ধ গোড়ামী আৰু ব্যক্তিৰ সুখ দুখৰ প্ৰতি সমাজৰ উদাসীনতা আদিৰ চৰিত্ৰ প্ৰতিফলিত হৈছে ।

‘আৱাহন’ কাকততেই গল্প ৰচনাৰ আৰম্ভণি কৰা গল্পকাৰ সমালোচক ত্ৰৈলোক্যনাথ গোস্বামীৰো গল্প পুথি প্ৰকাশ পায় এই কালছোৱাৰ পিছতহে। তেওঁৰ গল্প পুথি  ‘অৰুণা’  ( ১৯৪৮ ) , ‘মৰীচিকা’ আৰু  ‘শিল্পীৰ জন্ম’ ( ১৯৫৮ ) ; ‘জীৱনৰ জীয়া জুই ‘ ( ১৯৭০ ) । গোস্বামীৰ সৰহভাগ গল্পই কাহিনীমূলক । প্ৰকাশৰ বৈচিত্ৰ্যতাৰ অভাৱৰ কাৰণেই গল্পসমূহ বিশেষ আকৰ্ষনীয় হৈ উঠা নাই । অ – জটিল ৰেখা বন্ধনত গল্পবোৰ আবৃত্ত হৈছে । সমাজৰ দুৰ্নীতি , অন্যায় , অবিচাৰ , স্বার্থপৰতা আদিৰ চিত্ৰ তেওঁৰ গল্পসমূহত প্ৰতিফলিত হৈছে ।

হলিৰাম ডেকাৰ গল্পত বুদ্ধিদীপ্ত হাস্যৰস , বাক চাতুৰ্য আৰু মনোবিশ্লেষণ পোৱা যায় । কিন্তু তেওঁৰ গল্পৰীতি বা কথনভংগী সাধাৰণতে কিছু বিক্ষিপ্ত । নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্প সৰহভাগ  ‘আৱাহন’ কাকতত প্ৰকাশ হৈছিল । তাৰে বছা বছা কেইটামান গল্পৰে  ‘নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্প ‘ নামেৰে  ১৯৬৩ চনত এটি সংকলন প্ৰকাশ কৰা হৈছিল । তেওঁৰ সৰহভাগ গল্পতে প্ৰেমৰ প্ৰাধান্য , আকস্মিক সংযোগৰ বিশেষ ভূমিকা আৰু  সামাজিক বিধি নিষেধৰ অনাকাংক্ষতি প্ৰভাৱ আৰু ঘটনাৰ প্ৰভুত্ব দেখা যায় । 

‘জয়ন্তী’ আৰু ‘আৱাহন’ৰ পাতৰ মাজেদি চতুৰ্থ দশকত কেইবাগৰাকী জনপ্ৰিয় তথা খ্যাত অসমীয়া গল্পকাৰে ভুমুকি মাৰিবলৈ সুবিধা পালে ।  ‘আৱাহন’ যুগটোক অর্থ্যাৎ বিংশ শতিকাৰ চতুৰ্থ দশকটো গল্প সাহিত্যৰ অভ্যূদয় যুগ বুলিব পাৰি । মুঠতে ১৯৪০ চনৰ সীমা মূৰলৈকে অসমীয়া গল্প সাহিত্যই নিজৰ পৰিসৰ দিগন্তজোৰা কৰি লয় ।

নগেন্দ্ৰ নাৰায়ণ চৌধুৰী : – নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্প প্ৰায়ে আখ্যান প্ৰধান , উপন্যাসৰ পকেট সংস্কৰণ। চৌধুৰীৰ ৰচিত প্ৰায়খিনি গল্প ‘ আৱাহন ‘ মাহিলী কাকতত প্ৰকাশ পাইছিল । তাৰে বছা বছা কেইটিমান গল্পৰে ‘ নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ গল্প ‘ নামেৰে ১৯৬৩ চনত গল্প পুথি এখনি প্ৰকাশ কৰি উলিয়ায় । তেওঁ ‘   ‘ আৱাহন ‘কাকতৰ প্ৰতিষ্ঠাপক আছিল 

তেওঁৰ গল্পবোৰত জীৱনৰ চৰিত্ৰবোৰ বহুলভাৱে অঁকা হৈছে । সৰহভাগ গল্পতে প্ৰেমৰ প্ৰাধান্য , আকস্মিক সংযোগৰ বিশেষ ভূমিকা আৰু সামাজিক বিধিনিষেধৰ অনাকাংক্ষীত প্ৰভাৱ আৰু ঘটনাৰ প্ৰভুত্ব লক্ষ্য কৰা যায় ।

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

৫) ১৮৮০ – ১৯৪০ এই সময়চোঁৱাৰ যিকোনো এগৰাকী গল্পকাৰৰ বিষয়ে এটি নাতিদীর্ঘ টোকা যুগুত কৰা ।

উত্তৰঃ- নকুলচন্দ্ৰ ভূঞা :- নকুলচন্দ্ৰ ভূঞাই ‘ আলোচনী ‘ ,  ‘চেতনা ‘,  ‘ বাঁহী ‘ আৰু ‘ আৱাহন ‘ কাকতত বাই বৈশিষ্ট্য পূৰ্ণ গাঁৱলীয়া জীৱনক কেন্দ্ৰ কৰি কিছু গল্প লিখিছিল ।তেওঁৰ গল্প পুথিসমূহ হ ‘ ল- ‘ চোৰাংচোৱাৰ চ ‘ ৰা (১৯১৮) , ‘জোনোৱালি’  ( ১৯৩৩ ) আৰু ‘গল্পৰ শৰাই’ ( ১৯৬২ ) । 

৬) চমু উত্তৰ দিয়া ।

ক) অসমীয়া চুটিগল্পৰ উদ্ভৱ আৰু বিকাশ কোন কাকতৰ পৰা আৰম্ভ হৈছিল ?

উত্তৰঃ- ‘জোনাকী’ কাকতৰ পৰা ।

খ) অসমীয়া চুটিগল্পৰ জনক কাক কোৱা হয় ?

উত্তৰঃ- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক । 

গ) লক্ষ্মীনাথ বেজবৰুৱাৰ এখনি গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ- ‘সুৰভি’ । 

ঘ) ‘বাজীকৰ’ গল্প সংকলনৰ লিখক কোন ?

উত্তৰঃ- শৰৎ চন্দ্ৰ গোস্বামী ।

ঙ) শৰৎ চন্দ্ৰ গোস্বামীৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা গল্প পুথিখনৰ নাম কি ? 

উত্তৰঃ- ‘পৰিদৰ্শন’ ।

চ) গল্পকাৰ লক্ষ্মীনাথ ফুলন কোন কাকতৰ সম্পাদক আছিল ? 

উত্তৰঃ- ‘দ্য আসাম ত্ৰিবিউন’ নামৰ ইংৰাজী কাকত খনৰ । 

ছ) লক্ষ্মীনাথ ফুকনৰ দুখনি গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ- মালা আৰু ওফাইদাং ।

জ) ‘চোৰাংচোৱাৰ চ’ৰা’ নামৰ গল্প পুথিখনিৰ লেখক কোন ? 

উত্তৰঃ- নকুল চন্দ্ৰ ভূঞা ।

ঝ) সাহিত্যিক দণ্ডীনাথ কলিতাৰ গল্প পুথি এখনিৰ নাম লিখা ।

উত্তৰঃ- ‘সাতসৰী’ ।

ঞ) ‘চন্দ্ৰহাৰ’ গল্প পুথিখনি কাৰ ৰচনা ?

উত্তৰঃ- মিত্ৰদেৱ মহন্ত অধিকাৰীৰ ।

ট) ‘উকীলৰ জন্ম ৰহস্য’ গল্প পুথিখনিৰ গল্পকাৰ কোন ?

উত্তৰঃ- মহীচন্দ্ৰ  বৰা ।

ঠ) বীণা বৰুৱা – কাৰ ছদ্মনাম ?

উত্তৰঃ- বিৰিঞ্চি কুমাৰ বৰুৱাৰ ।

ড) বীণা বৰুৱাই ৰচনা কৰা দুখনি গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ- ‘পট পৰিৱৰ্তন’ আৰু ‘আঘোণী বাই’ ।

ঢ) লক্ষ্মীধৰ শৰ্মাৰ এখনি গল্প পুথিৰ নাম লিখা ।

উত্তৰঃ – ‘ব্যৰ্থতাৰ দান’ ।

ণ) ‘শিল্পীৰ জন্ম’ গল্প পুথিখনি কাৰ ৰচনা ?

উত্তৰঃ- ত্ৰৈলোক্যনাথ গোস্বামীৰ ৰচনা ।

ত) ‘মনোমতী’ উপন্যাস খন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ- ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰিছিল ।

থ) ‘অপূৰ্ণ’ উপন্যাস খনি কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ- দৈৱ চন্দ্ৰ তালুকদাৰে ৰচনা কৰিছিল ।

দ) ‘সাতসৰী’ গল্প পুথিখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ- দণ্ডীনাথ কলিতাই ৰচনা কৰিছিল  । 

ধ) নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্পৰ ঘাই বৈশিষ্ট্য কি ?

উত্তৰঃ- আখ্যান প্ৰধান , উপন্যাসৰ পকেট সংস্কৰণ । 

ন) অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট কাক বোলা হয় ?

উত্তৰঃ- ৰজনীকান্ত বৰদলৈক ।

প) ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্য জগতত কি উপাধীৰে জনা যায় ?

উত্তৰঃ- ‘উপন্যাস সম্ৰাট ‘উপাধিৰে জনা যায় । 

ফ ) অসমীয়া সাহিত্যত বুৰঞ্জীমূলক উপন্যাস লিখাৰ সূচনা কোনে কৰিছিল ?

উত্তৰঃ- ৰজনীকান্ত বৰদলৈয়ে ।

ব ) ৰজনীকান্ত বৰদলৈৰ সামাজিক উপন্যাস দুখনৰ নাম কি কি ?

উত্তৰঃ- ‘নিৰ্মল ভকত’ আৰু ‘মিৰিজীয়ৰী’ । 

ভ ) ৰজনীকান্ত বৰদলৈৰ উপন্যাস সমূহৰ প্ৰধান বৈশিষ্ট্য কি ? 

উত্তৰঃ- বুৰঞ্জীমূলক আৰু নায়িকা প্ৰধান । 

ম ) ‘সাধনা’ উপন্যাসখনিৰ ৰচনা কোন ? 

উত্তৰঃ- দণ্ডীনাথ কলিতা ।

য ) শৰৎ চন্দ্ৰ গোস্বামীৰ ঐতিহাসিক পটভূমিত ৰচনা কৰা উপন্যাসখনিৰ নাম কি ?

উত্তৰঃ- পানীপথ । 

ৰ) শৰৎ চন্দ্ৰ গোস্বামীৰ মৃত্যুৰ পিছত প্ৰকাশ হোৱা তেওঁৰ গল্প পুথি খনৰ নাম কি ?

উত্তৰঃ- পৰিদৰ্শন । 

ল)  ‘ময়না’ গল্প পুথিখনিৰ লেখক কোন ? 

উত্তৰঃ- শৰৎ চন্দ্ৰ গোস্বামী ।

ৱ) কোনখন কাকতৰ জৰিয়তে অসমীয়া গল্প সাহিত্যই নতুন স্তৰত ভৰি দিয়ে ?

উত্তৰঃ-‘আৱাহন’ কাকতৰ জৰিয়তে ।

শ) ‘ওফাইদাং’ গল্প সংকলন খন কাৰ ৰচনা ?

উত্তৰঃ- লক্ষ্মীনাথ ফুকনৰ ৰচনা । 

ষ) লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি ?

উত্তৰঃ- ‘পদুম কুঁৱৰী’ । 

স) ‘বাজীকৰ’ কাৰ ৰচনা ?

উত্তৰঃ- শৰৎ চন্দ্ৰ গোস্বামীৰ ৰচনা ।

হ) অ : ভা : উ : সা : সভা কিমান চনত স্থাপিত হৈছিল ? 

উত্তৰঃ ১৮৮৮ চনৰ ২৫ আগষ্টত ।

ক্ষ) ‘লাহৰী’ উপন্যাসৰ ৰচক কোন ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱা ।

ড়) ‘আৱাহন’ কাকতৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল ? 

উত্তৰঃ- ১৯২৯ চনত । 

ঢ়) ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰঃ – চন্দ্ৰ কুমাৰ আগৰৱালা । 

ৎ) ‘পদুম কুঁৱৰী’ কাৰ ৰচনা ?

উত্তৰঃ- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ।

অ) ‘ জোনাকী’ কাকত প্ৰথম প্ৰকাশ কিমান চনত হৈছিল ?

উত্তৰঃ- ইংৰাজী ১৮৮৯ চনত ।

আ) ‘ভানুমতী’ উপন্যাসৰ ৰচক কোন ?

উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱা ।

ই) ‘অপূৰ্ণ’ কোন শ্ৰেণীৰ ৰচনা ? 

উত্তৰঃ- উপন্যাস শ্ৰেণীৰ ।

ঈ) ৰজনীকান্ত বৰদলৈৰ জনজাতীয় জীৱনক লৈ ৰচনা কৰা উপন্যাসখনৰ নাম কি ? 

উত্তৰঃ – মিৰি জীয়ৰী ।

উ) শৰৎ চন্দ্ৰ গোস্বামীৰ এখন চুটিগল্পৰ পুথিৰ নাম লিখা । 

উত্তৰঃ- বাজীকৰ । 

ঊ) দণ্ডীনাথ কলিতা মুখ্যতঃ ঔপন্যাসিক নে গল্পকাৰ ? 

উত্তৰঃ- ঔপন্যাসিক । 

ঋ) ‘নিৰ্মল ভকত উপন্যাসখনি কোনে লিখিছিল ? 

উত্তৰঃ- ৰজনীকান্ত বৰদলৈয়ে 

এ) অসমীয়া সাহিত্যত প্ৰথম উপন্যাস কোনে ৰচনা কৰে ? 

উত্তৰঃ- পদ্মেশ্বৰী দেৱী ফুকননীয়ে । 

ঐ) পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা । 

উত্তৰঃ- ‘ভানুমতী’ । 

ও) ত্ৰৈলোক্য নাথ গোস্বামীৰ এখন গল্পপুথিৰ নাম লিখা ।

উত্তৰঃ- ‘অৰুণা’ ।

ঔ) “ৰহদৈ লিগিৰী ” উপন্যাসনৰ ৰচক কোন ?

উত্তৰঃ- ৰজনী কান্ত বৰদলৈ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top