Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা

Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Advance Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা and select needs one.

Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা Solutions for All Subject, You can practice these here.

ব’হাগ বিহুৰ পৰম্পৰা

পাঠ:

গদ্যাংশ

চমু প্ৰশ্ন

১) ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটোৰ যোগেদি অসমত ব’হাগ বিহুৰ ঐতিহাসিক দিশ আলোচনা কৰা ।অথবা ,  ‘ব’হাগ বিহুৰ পৰম্পৰা’ পাঠটিত বিহু শব্দৰ উৎপত্তিৰ বিষয়ে কি কথাৰ উল্লেখ আছে , বিৱৰি লিখা ।

উত্তৰঃ- নৱবৰ্ষৰ নতুন দিনবোৰত কৃষিজীৱী গাঁৱৰ মানুহবোৰে কেতবোৰ আচাৰ নিয়ম মানি চলা কথা সকলো দেশতে চলি আছে । এই নিয়মবোৰৰ বিশেষকৈ নৃত্য – গীত , পূজা – পাতল ইত্যাদি । তালৈ চাই কব লাগিব যে অসমৰ বহাগ বিহুৰ এটা পৰম্পৰা প্ৰাচীন কালৰ পৰা চলি আহিছে । অসমৰ জনজাতীয় লোকসকলেও এই উৎসৱ মানি চলে । পৰম্পৰাৰ ইতিহাস ফঁহিয়াই চোৱা যাওক ―

পণ্ডিতসকলৰ মতে  ‘বিহু’ শব্দ সংস্কৃত ‘বিষুৱ’ শব্দৰ পৰা ওলোৱা বুলি কোৱা হয় । অথৰ্ববেদ আদিৰ মতে বিষুৱন যাগ যজ্ঞ কৰা এটা দিনৰ নাম । এই যজ্ঞত সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে। বিষ্ণুপুৰাণ , স্মৃতিশাস্ত্ৰতো এনে পবিত্ৰ দিনত দান – দক্ষিনা কৰাৰ কথা কোৱা হৈছে । পুৰণি অসমত বলবৰ্মা আদি ৰজাসকলে দান দক্ষিণা দিয়াৰ উদাহৰণ আছে ।

দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক  ‘বিষু’ বোলে । মধ্যপ্ৰাদেশত  ‘বিষু’ চিকাৰ প্ৰথা আছে । কোনো কোনো অঞ্চলত বৈশাখি উৎসৱ বুলি কোৱা হয় ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

বিহুত আৰ্য আৰু অনাৰ্য দুই প্ৰকাৰৰ সংস্কৃতিৰ সুঁতি লগ লাগিছে । বিহু নৃত্যত থকা স্ত্ৰী – পুৰুষৰ মিলনৰ ইংগিত কৃষিভিত্তিক উৰ্বৰা অনুষ্ঠানৰ কথাই সূচায় । বৰ্তমান প্ৰচলিত ঘৰ বাৰী সূচী কৰা , ন – কাপোৰ পিন্ধা, গৰু গাইৰ যত্ন লোৱা , গোসাঁইৰ পূজা কৰা , নৃত্য আৰু গীত ― এই আৰ্য আৰু অনাৰ্যৰ উদ্দেশ্য হল খেতি বাতিৰ মংগল সাধন কৰা । সেই ফালৰ পৰাই একপ্ৰকাৰ ধৰ্মানুষ্ঠান ।

প্ৰাচীন অসমীয়া পুথিত  ‘বিষুৱ’ আৰু ‘বিহু’ শব্দ আছে , উৎসৱ শব্দটো পোৱা নাযায় । সপ্তম শতিকাত মুছলমান ভ্ৰমণকাৰী এজনে নৱবৰ্ষত অসমৰ ৰাজধানীত পুৰুষ স্ত্ৰী উভয়ে নৃত্য আৰু গীতেৰে ৰং ধেমালি কৰা ঢোল , পেঁপা আদি বাদ্য যন্ত্ৰৰ ব্যৱহাৰৰ কথা লিখি গৈছে । বিদেশী ভ্ৰমণকাৰীয়ে নৱবৰ্ষৰ বৰ্ণনা দিয়া এয়েই প্ৰথম । এই ভ্ৰমণকাৰীজনে 

সম্ভৱত :-  ‘চিয়াবুদ্দিন’ নামৰ ভ্ৰমনকাৰীয়ে হব । এওঁ মিৰজুমলাৰ আক্ৰমণৰ সময়ত আহিছিল । এই উৎসৱত ডেকা গাভৰুৰ মনৰ আদান প্ৰদান হয় বুলি লিখিছে । এই কথাৰ দ্বাৰা প্ৰতিপন্ন হয় যে আহোম ৰজাসকলে পৃষ্ঠপোষকতা কৰা বাবে বিহু অসমৰ জাতীয় উৎসৱ হিচাপে পৰিগণিত হল ।

তদুপৰি নৱবৰ্ষত নৃত্য গীত কৰা পৰম্পৰা আহোমসকলে শ্বাস বা চীন দেশৰ পৰা লৈ আহে বুলি কব পাৰি । কিয়নো চীন দেশত বছৰৰ আৰম্ভণিত নৈৰ পাৰত ডেকা গাভৰুৱে নাচ গান কৰিছিল , উত্তৰ প্ৰত্যুত্তৰমূলক গীত গাইছিল । এনে উৎসৱৰ তাৎপৰ্য আছিল কৃষিৰ উন্নতি সাধন কৰা । আহোমসকলে হয়তো চীন দেশৰ পৰা আৰ্হি লৈ আহে ।

পিছলৈ ঊনবিংশ শতিকাৰ ফালে আহোম শাসন লোপ পাবলৈ ধৰাত আৰু বঙ্গদেশৰ প্ৰভাৱত হিন্দুধৰ্মৰ বিধি ব্যৱস্থাই ঠাই ললে । সেয়েয়ে হবলগা  ১৮২৯  চনত হলিৰাম ঢেকিয়াল ফুকনৰ নৃত্য গীত অশোভন বুলি  ঠাৱৰ কৰে । 

১৮৮৫  চনত  ‘আসাম বন্ধু’  কাকতত বলীনাৰায়ণ বৰাই বিহুৰ নৃত্য গীতক শ্ৰীকৃষ্ণৰ বৃন্দাবন লীলাৰ কথা বুলি উনুকিয়াইছে । 

উল্লেখযোগ্য যে সেই কালৰ দুই এজন লোকৰ বিবেচনাত বিহুৰ বেয়া লক্ষণবোৰেই বিহুৰ প্ৰয়োজনীয় সামগ্ৰী হল । প্ৰাচীন ভাৰতৰ খেতি বাতৰি উন্নতিৰ হকে কৰা পূজা পাতল , যাগ – যজ্ঞৰ পৰিৱৰ্তে অসমত চলিল নৃত্য গীত , উদ্দেশ্য দুয়োটাৰে একেই । 

১৮৯৫  চনত ৰজনীকান্ত বৰদলৈৰ  ‘মিৰি জীয়ৰীত’ বিহু নাচৰ বৰ্ণনা আছে । ১৯১৮ চনত গণেশচন্দ্ৰ হাজৰিকা নামৰ এজন লিখকে  ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ শীৰ্ষৰ সৰু পুথি এখন লিখে । তেওঁ  ‘পুৰণি বস্তুৰ পৰা সাৰভাগহে সমাজৰ উপযোগী’  কৰি তোলাত গুৰুত্ব দিয়ে । লক্ষ্মীনাথ বেজবৰুৱাই  ‘বাঁহী’ কাকতত বিহু উৎসৱৰ হকে সমৰ্থন জনাই একাধিকবাৰ লিখে । ১৯৩১ চনত গুৱাহাটীত ৰাজহুৱা ভাৱে ৰং ধেমালি , খোৱা বোৱাৰে বিহু পতা হয় । সাম্প্ৰতিক কালত , ভাৰতীয় জাতীয় জাগৰণৰ সময়ৰ জাতীয় সংস্কৃতিৰ প্ৰতীকস্বৰূপ । বিভিন্ন খেল আৰু বিভিন্ন ভাষাৰ মিলনৰ ক্ষেত্ৰ হিচাপে বিহু সাংস্কৃতিক সমন্বয়ৰো প্ৰতীক । 

২) ‘বিহু উৎসৱত অৱশ্যে কেবাটাও উপাদান লগ লাগিছে ।’ ― এই উপাদানসমূহ কি কি বুজাই লিখা ।

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামীদেৱে ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত মত প্ৰকাশ কৰি কৈছে যে অসমৰ বিহুৰ অনুষ্ঠান বিভিন্ন উপাদানৰ সংমিশ্ৰিত ৰূপ । বিহু শব্দটোৰ উৎপত্তি সংস্কৃত  ‘বিষুৱন’ শব্দৰ পৰা । বেদ ব্ৰাহ্মণ আদি প্ৰাচীন গ্ৰন্থত বিষুৱন হল যাগ যজ্ঞ কৰা এটা দিনৰ নাম । এনে যাগ যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি বীজৰ গজালি ওলোৱাত সহায়তা কৰে । বিষ্ণুপুৰাণত  আছে শৰৎ আৰু বসন্ত ঋতুৰ মধ্যত দিন ৰাতি সমান হয় । এই পৱিত্ৰ সময়ত দেৱতা , ব্ৰাহ্মণ আৰু পিতৃসকলৰ উদ্দেশ্যে সংযত চিত্তে দান কৰিব লাগে । স্মৃতি শাস্ত্ৰতো দান দক্ষিণা কৰাৰ কথা উল্লেখ আছে । প্ৰাচীন বিষুৱন দিনৰ পূজা – পাতলৰ সোঁৱৰণ অসমীয়া বিহু উৎসৱত লক্ষ্য কৰা যায় ।

বিহু উৎসৱৰ এনেদৰে আৰ্য উপাদানৰ লগত জড়িত হৈ আছে ভালেমান প্ৰাক আৰ্য বা অনাৰ্য উপাদান । কৃষিজীৱী লোকৰ মাজত পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াবৰ বাবে স্ত্ৰী পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য গীতৰ ব্যৱস্থা প্ৰাচীন কালৰে পৰাই প্ৰচলন আছিল । বিহু নাচত যৌন মিলনৰ ইংগিত থকা যি মুদ্ৰা লক্ষ্য কৰিব পাৰি সি এই প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ কথাই মনলৈ আনে । বৰ্তমানে আমাৰ বিহুত যিবিলাক আচাৰ লক্ষ্য কৰা যায় যেনে ― ঘৰ বাৰী সূচী কৰা , নতুন কাপোৰ পিন্ধা , গৰু গাইৰ যতন লোৱা , দেৱতা বা গোসাঁইক পূজা কৰা , নৃত্য আৰু গীত  ― এই আচাৰবোৰ আৰ্য আৰু অনাৰ্য সকলোৰে আৰু ইহঁতৰ উদেশ্য একেটাই আৰু সেয়া হৈছে ৰাইজ , জীৱ জন্তু আৰু খেতি বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা কৰা । এনেদৰে বিহুত আৰ্য অনাৰ্য বিভিন্ন উপাদানৰ সংমিশ্ৰণ ঘটিছে । 

৩) ‘এই ফালৰ পৰা চাবলৈ গলে বিহু এক ধৰ্মীয় অনুষ্ঠান ।’ ― লেখকৰ মন্তব্য মুক্তিসহ বিচাৰ কৰা ।অথবা , ‘বিহু এক ধৰ্মীয় অনুষ্ঠান’ ― বিহুক ধৰ্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা বিচাৰ কৰা । 

উত্তৰঃ- ‘ব’হাগ বিহুৰ পৰম্পৰা’  প্ৰবন্ধত লেখক ড° প্ৰফুল্লদত্ত গোস্বামীদেৱে বিহুৰ পৰম্পৰা নিৰ্দেশ কৰিবলৈ গৈ মন্তব্য দিয়ে যে বিহুৰ লগত জড়িত আচাৰ অনুষ্ঠানসমূহ ধৰ্মৰ লগত জড়িত । বিহু শব্দটোৰ উৎপত্তি হৈছে সংস্কৃত  ‘বিষুৱন’ শব্দৰ পৰা । অথৰ্ববেদ আৰু ঐতৰিয় ব্ৰাহ্মণত বিষুৱন যাগ – যজ্ঞ কৰা এটা দিন বুলি কোৱা হৈছে । এই যাগ যজ্ঞই সূৰ্য্যৰ গতি নিয়ন্ত্ৰণ কৰিব শস্যৰ বীজ গজাত সহায় কৰে । অর্থ্যাৎ খেতি বাতিৰ সু ব্যৱস্থাৰ বাবেই এই বিষুৱন দিনৰ যাগ যজ্ঞৰ আয়োজন কৰা হয় । অসমীয়া ভঠেলি অনুষ্ঠানত যেনেকৈ প্ৰাচীন ইন্দ্ৰধ্বজ পূজাৰ সোঁৱৰণ ৰক্ষিত হৈছে , বিহু অনুষ্ঠানতো তেনেদৰে ভাৰতৰ বিষুৱন দিনৰ পূজা – পাতলৰ সোঁৱৰণ ৰক্ষিত হৈছে । বৰ্তমান সময়ত আমি বিহুত যিবিলাক আচাৰ – অনুষ্ঠান পালন কৰো । ― যেনে ঘৰ ― বাৰী সূচী বা নিকা কৰা , ন – কাপোৰ পিন্ধা , গৰু – গাইৰ যতন লোৱা , দেৱতা বা গোসাঁইক পূজা কৰা , নৃত্য আৰু গীত ― এই সকলোবোৰ আৰ্য আৰু অনাৰ্য আচাৰৰ উদ্দেশ্য একেই । আটাইবিলাকৰ উদ্দেশ্য হল ৰাইজ , জীৱ জন্তু আৰু খেতি বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা কৰা । সেয়ে এই দিশৰ পৰা বিচাৰ কৰি চালে বিহুক এক ধৰ্মীয় অনুষ্ঠান বুলিয়েই অভিহিত কৰিব পাৰি ।

৪) ‘কিন্তু এই ধাৰণা শুদ্ধ নহয় যেন লাগে ।’ ― লেখকে কোনটো ধাৰণাৰ কথা কৈছে ? এই ধাৰণা শুদ্ধ নহয় বুলি কিয় কৈছে ? 

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামীয়ে ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত বৰ্তমান কালত হিন্দুধৰ্মৰ প্ৰভাৱত পূৰ্বৰ পৰা চলি অহা নৃত্য আৰু গীতবিলাক অমাৰ্জিত বুলি কৰা ধাৰণা নিৰ্ভুল নহয় বুলি মন্তব্য দিছে । বিহুৰ লগত জড়িত নৃত্য আৰু গীতসমূহ বহুতে শুভনীয়ে নহয় বুলি মত প্ৰকাশ কৰে । গোড়া হিন্দুধৰ্মী লোকসকলে পুৰণি নৃত্য আৰু গীতক নিজৰ ভিতৰত সুমুৱাই লব নোৱাৰিলে । লোৱা হলে অসমীয়া হিন্দুধৰ্মৰ এটি সতেজ আৰু আকৰ্ষণীয় ৰূপ লক্ষ্য কৰিব পৰা হলহেঁতেন । সেয়ে হিন্দুধৰ্মৰ প্ৰভাৱত গঢ় লৈ উঠা এই ধাৰণাটো অৰ্থাৎ বিহু নৃত্য গীতক অমাৰ্জিত বুলি ভবা ধাৰণাটো শুদ্ধ নহয় । 

বিহুগীতত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰাত বিহু নৃত্য আৰু গীত অমাৰ্জিত হোৱা নাই । হিন্দু ধৰ্মৰ এনে নৃত্য- গীতক ধৰ্মৰ ভিতৰুৱা কৰি লব নোৱাৰাটো দুৰ্ভাগ্যৰ কথাহে । বৰ্তমানে অৱশ্যে বিহুগীত বিশেষকৈ হুঁচৰিত হিন্দু ধৰ্মৰ প্ৰভাৱ ছেগা চোৰোকাকৈ নপৰাকৈ থকা নাই । নৃত্যৰ পিছে এই প্ৰভাৱ নপৰিল । 

৫) বিহু অসমীয়াৰ জাতীয় উৎসৱ হিচাপে কেতিয়াৰ পৰা পৰিগণিত হল ? বিহুৰ নৃত্য – গীতক অশোভনীয় বুলি কোনে ঠাৱৰ কৰিছিল ? বলীনাৰায়ণ বৰাই জাতীয় উৎসৰ্বস্বৰূপে বিহুৰ প্ৰতি অনুমোদন জনাই কোনখন কাকতত মন্তব্য দিছিল ? বিহুৰ বিষয়ে গণেশ চন্দ্ৰ হাজৰিকা আৰু লক্ষ্মীনাথ বেজবৰুৱাই কোৱা কথাখিনি তোমাৰ ভাষাত লিখা । 

উত্তৰঃ- ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত লেখক  ড° প্ৰফুল্লদত্ত গোস্বামীদেৱে অসমত বহাগ বিহুৰ যে এক পৰম্পৰা আছে , বহাগ বিহুৰ যে এটা ইতিহাস আছে তাকে বিভিন্ন যুক্তিৰে প্ৰতিপন্ন কৰিছে । লেখকৰ মতে অসমৰ পৰ্বত ভৈয়াম নিৰ্বিশেষে সকলোতে অতীজৰে পৰা পালন কৰি অহা এটা বহাগ বিহুক সম্ভৱতঃ আহোম স্বৰ্গদেৱসকলে পৰিপোষণ কৰি ইয়াক এটি জাতীয় উৎসৱত গঢ় দিয়াত সহায় কৰিলে । গতিকে আহোম স্বৰ্গদেৱসকলেই বিহুক এক অভিজাত্য প্ৰদান কৰি জাতীয় উৎসৱত পৰিণত কৰিলে । 

ঊনবিংশ শতিকাৰ অসমৰ নৱজাগৰণৰ অন্যতম প্ৰবক্তা স্বৰ্গীয় আনন্দৰাম ঢেকিয়াল ফুকন দেৱে বিহু নৃত্য গীতক অশোভন বুলি ঠাৱৰ কৰিছিল । যিহেতু ঢেকিয়াল ফুকন আছিল বংগদেশৰ লগত সম্পৰ্ক ৰখা গোড়া হিন্দু । সেয়ে তেওঁ এনে ধাৰণা কৰিছিল ।

বিহুক জাতীয় উৎস্বৰূপে অনুমোদন জনাই পোনপ্ৰথমে বলীনাৰায়ণ বৰাই মত প্ৰকাশ কৰিছিল । ১৮৮৫ খ্ৰীষ্টাব্দত ‘আসাম বন্ধু’  কাকতত বলীনাৰায়ণ বৰাই বিহুক অনুমোদন জনাই মত প্ৰকাশ কৰি কৈছিল যে  ‘ক্ৰমে সূৰ্যৰ তেজ বৃদ্ধি হয় , তাৰ লগে লগে প্ৰকৃতিৰো শোভা বৃদ্ধি হয় । ভগৱানে স্বৰূপ ধৰিও বৈকুণ্ঠৰ শোভা পাহৰি পাৰ্থিৱ প্ৰকৃতিৰ লগত ধূলি – মাটি পানীৰে গীত পদ গাই ধেমালি কৰিলে । আন মানুহৰ কি পাৰ্থক্য ? সকলোৱে এইৰূপে গীত পদ গাই ধেমালি কৰিলে ইত্যাদি ।’

এই শতিকাৰ দ্বিতীয় দশকমানৰ পৰা শিক্ষিত মধ্যবিত্ত লোকৰ বিহু সম্পৰ্কীয় ধাৰণা সলনি হবলৈ আৰম্ভ কৰে । গণেশচন্দ্ৰ হাজৰিকাই ১৯১৮  চনত ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামেৰে পুস্তিকা এখন ছপাই তাত অসমীয়া বিহুকেইটিৰ এটি সৰল বৰ্ণনা দিছিল । হাজৰিকাই পুস্তিকাখনিত বিহুৰ বিষয়ে মন্তব্য কৰি কৈছিল ― ‘সজ বিবেচকৰ কৰ্তব্য হৈছে সমাজৰ লাগতিয়াল পুৰণি বস্তুৰ পৰা সাৰ সংগ্ৰহ কৰি তাক বৰ্তমান সময় আৰু সমাজৰ উপযোগী কৰি তোলা আৰু সেই সম্বলৰেই বৰ্তমান সমাজৰ মংগল সাধন কৰা ।’ 

লক্ষ্মীনাথ বেজবৰুৱাই  ১৯১৭ খ্ৰীষ্টাব্দত বাঁহী কাকতত বিহুৰ বিষয়ে মত প্ৰকাশ কৰি লিখিছিল :  ‘বিহুৱে কাকো দুখ নিদিয়ে , সকলোকে ৰং দিয়ে , সেই দেখি বিহুক লোকে হাঁহে , বেয়া পায় । বেজবৰুৱাই বাঁহী কাকতত বিহুৰ সপক্ষে চোকা আৰু ব্যংগ সুৰত একাধিকবাৰ ওকালতি কৰিছিল ।

৬)  ‘আসাম বন্ধু’ত বলীনাৰায়ণ বৰাই জীয়াই উৎসৱস্বৰূপে বিহুৰ প্ৰতি অনুমোদন জনাই লিখা কথাখিনি ‘ব’হাগ বিহুৰ পৰম্পৰা’ত প্ৰবন্ধ লিখকে যিদৰে তুলি দিছে , সেই কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা।

অথবা

১৮৮৫ খ্ৰীষ্টাব্দত বলীনাৰায়ণ বৰাই আসাম বন্ধুত যি মন্তব্য কৰিছিল তাত জাতীয় উৎসৱস্বৰূপে বিহুৰ প্ৰতি অনুমোদন লক্ষ্য কৰিব পাৰি । ― বলীনাৰায়ণ বৰাই বিহু সম্পৰ্কে লিখা কথাখিনি তোমাৰ পাঠ্যপুথিত উল্লেখ থকা মতে লিখা ।

উত্তৰঃ- স্বৰ্গীয় বলীনাৰায়ণ বৰাই  ১৮৮৫ খ্ৰীষ্টাব্দত  ‘আসাম বন্ধু’ কাকতত বিহুৰ বিষয়ে লিখা টোকাটোত কৈছিল ― ক্ৰমে সূৰ্য্যৰ তেজ বৃদ্ধি হয় , তাৰ লগে লগে প্ৰকৃতিৰ শোভা বৃদ্ধি হল । ভগৱানে স্বৰূপ ধৰিও বৈকুণ্ঠৰ শোভা পাহৰি পাৰ্থিৱ প্ৰাকৃতিৰ লগত ধূলি মাটি , পানীৰে গীত পদ গাই ধেমালি কৰিলে । আন মানুহ কি পদাৰ্থ ? সকলোৱে সেইৰূপে গীত পদ গাই ধেমালি কৰিবলৈ ধৰিলে । নানা গীত লোকে নানা মতে নাচিবলৈ ধৰিলে । প্ৰেমিকৰ প্ৰেম , ভক্তৰ ভক্ত উদয় হল । সেইৰূপে আপোনাৰ মনৰ ভাব প্ৰকাশিত হবলৈ ধৰিলে । ভাৰতবৰ্ষৰ সকলো ঠাইলৈকে চোৱা , এইৰূপ দেখিবা । 

কোনো ঠাইত হোলি , কোনো ঠাইত কাৰ্তিক পূজা , কোনো ঠাইত মদৰ চতুৰ্দশী বা মদৰ কামৰ বাশ মহাউৎসৱ । স্বাভাৱিক অৱস্থাত যাক অশ্লীলতা বোলা যায় এই অৱস্থাত তাৰ ভাব ঢিলা । সংহতি কাৰ্য সাধিকাৰ ৰূপত মূৰ্তিৰ পূজাত আৰ্যৱৰ্ত্ত প্ৰৱাহিনী হৈ যায় । ক্ৰমে মীন ৰাশি এৰি সূৰ্য মেঘলৈ গতি কৰিবলৈ ধৰে । লোকৰ নাচ বাজ , গীত বাজনাৰ বৃদ্ধি হল । কোনো ঠাইত চড়ক , কোনো ঠাইত আন প্ৰকাৰৰ ধেমালি । 

চতৰ ২৯ তাৰিখে উৰুকা বা বিহুৰ অধিবাস । বুঢ়া – বুঢ়ী , ডেকা – ডেকেৰী কোনোৱে ৰংগে মাছ মাৰিবলৈ গল । বোৱাৰী – জীয়ৰীৰে কাপোৰ ধুই ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিলে । লৰাই গৰু – গাই বিচাৰিলে । ৰাত্রি প্ৰভাত হল । দেশ উৎসাহত পূৰ্ণ । মাহ – হালধীৰে গৰুৰ স্নান সমাপন কৰি লাউ , বেঙেনা , হালধি গাত ছটিয়াই এৰি দিয়া হল । গধূলি ন – পঘা পালে । লোকসকলে গা ধুই নাম – কীৰ্তন কৰি অৱস্থা অনুসাৰে বস্তু খালে । পিতা – মাতা গুৰুজনক সেৱা – ভক্তি কৰিলে । ৩০ চতত পুৰণি বছৰ গল , গৰুৰ বিহু গল । পিছদিনা নৱবৰ্ষৰ প্ৰৱেশ। দেহত মহা আনন্দ । মিতিৰ – কুটুমৰ ঘৰলৈ  যোৱা , গোঁসাই ঘৰলৈ যোৱা , প্ৰিয়জনক কাপোৰ দিয়া , আদৰ সন্মান কৰা সম্পূৰ্ণ আমোদ । বিশেষকৈ ডেকা – ডেকেৰীৰ নাচ – গীতৰ প্ৰভাৱ বাঢ়িল । এনেদৰে বলীনাৰায়ণ বৰাই  ‘আহোম বন্ধু’ কাকতত বিহুৰ বৰ্ণনা দিছিল ।

৭) বিহু সম্পৰ্কে গণেশ চন্দ্ৰ হাজৰিকাই লিখা কিতাপখন কি ? তেওঁ বিহুৰ বিষয়ে কি মন্তব্য দিছিল ?

উত্তৰঃ- ঊনবিংশ শতিকাৰ শিক্ষিত মধ্যবিত্ত সম্প্ৰদায়ে বিহু অনুষ্ঠানৰ প্ৰতি সহানুভূতি সূচক দৃষ্টিভঙ্গী প্ৰকাশ কৰা নাছিল । হলিৰাম ঢেকিয়াল ফুকনে বিহু নৃত্য গীতক অশোভন বুলিয়েই ঠাৱৰ কৰিছিল । কিন্তু কুৰি শতিকাৰ দ্বিতীয় দশকমানৰ পৰা অসমৰ শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৰ বিহু সম্পৰ্কত দৃষ্টিভংগীৰ সলনি হবলৈ আৰম্ভ কৰে । তাৰে প্ৰথম নিদর্শন পোৱা যায়  ১৯১৮ চনত গণেশ চন্দ্ৰ হাজৰিকাই ৰচনা কৰা  ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ পুস্তিকাখনিত । সেই কালত বিহুৰ বিষয়ে গ্ৰন্থ ৰ ৰচনা কৰি হাজৰিকাই এটি উল্লেখযোগ্য কাম কৰিছিল । গ্ৰন্থখনিত তেওঁ অসমৰ বিহু সহজ সৰল বৰ্ণনা দিছে ।

গন্থখনিৰ এঠাইত বিবোৰ বিষয়ে মন্তব্যব দি হাজৰিকাই কৈছে ―  ‘সহজ বিবেচকৰ কৰ্তব্য হৈছে  সমাজৰ লাগতিয়াল পুৰণি বস্তুৰ পৰা সাৰ সংগ্ৰহ কৰি তাক বৰ্তমান সময়ৰ আৰু সমাজৰ উপযোগী কৰি 

তোলা আৰু সেই সম্বলেৰেই বৰ্তমান সমাজৰ মংগল সাধনা কৰা ।

৮) ‘বিহুৱে কাকো দুখ নিদিয়ে , সকলোকে ৰং দিয়ে , সেই দেখি বিহুক লোকে হাঁহে , বেয়া পায় ।’ – এই মন্তব্য কাৰ ? এই সন্দৰ্ভত তোমাৰ মতামত দিয়া ।

উত্তৰঃ- উল্লিখিত মন্তব্যটো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ । ১৯১৭  খ্ৰীষ্টাব্দৰ  ‘বাঁহী’ আলোচনীত বেজবৰুৱাই এই মন্তব্য দিছিল । আমাৰ প্ৰবন্ধকাৰ ড° প্ৰফুল্লদত্ত গোস্বামীয়ে ‘ব’হাগ বিহুৰ পৰম্পৰা’  প্ৰবন্ধত বেজবৰুৱাৰ মন্তব্যটো ব্যৱহাৰ কৰিছে । 

বেজবৰুৱাই কৈছে বিহু আমাৰ সকলোৰে মাজত যি লয়লাস ভংগী আৰু সুৰ লুকাই আছে যি সকলোকে আনন্দ দিয়ে । পিছে এনে এটা সময় আছিল যিটো আময়ত বিহুক নগ্ন অশ্লীল গীত নৃত্য বুলি অভিহিত কৰা হৈছিল । আহোম ৰাজত্বকালত জাতীয় উৎসৱৰূপে স্বীকৃতি পোৱা এই উৎসৱক ইংৰাজী শিক্ষাৰে শিক্ষিত এচামে হয় দৃষ্টিৰে চাইছিল । বিহু বুলিলে নাক কোচোৱা মানুহ বেজবৰুৱাৰ সময়তো আছিল । সেইসকল লোকৰ প্ৰতি কটাক্ষ কৰিয়েই বেজবৰুৱাই এনে মন্তব্য দিছিল ।

৯)  ‘অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গোপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায় ।’ ― কোনে এনে মন্তব্য দিছিল ? এই মন্তব্য তুমি শুদ্ধ বুলি ভাবানে ?

উত্তৰঃ- এই মন্তব্য ইংৰাজ প্ৰশাসক গৰ্ডন চাহাবে ১৮৯৬ চনত দিছিল । গৰ্ডন চাহাবৰ এই মন্তব্য অৱশ্যে শুদ্ধ বুলি কব পৰা নাযায় । ইংৰাজ চাহাবজনে বিহু নৃত্য গীত লক্ষ্য কৰি তাৰ লগত বৃন্দাবনৰ গোপীসকলৰ নৃত্যৰ তুলনা বিচাৰি পাইছে ।

পূৰ্বে পথাৰত মুকলি অঞ্চলত বিহু মৰাৰ প্ৰথা আছিল । কেৱল নাৰীৰ মাজত প্ৰচলিত জেং বিহু মুকলি ঠাইত অনুষ্ঠিত হৈছিল । এনে বিহু এতিয়াও উজনি অসমৰ স্থান বিশেষে প্ৰচলন আছে । বিহু উৎসৱত ডেকা গাভৰু উভয়েই ৰঙত মতলীয়া হয় । গাভৰুহঁতে মনৰ স্বতঃ স্ফূৰ্ত আনন্দ নাচৰ জৰিয়তে প্ৰকাশ কৰে । গৰ্ডন চাহাবে এনে গাভৰু বিহু দেখি হয়তো বৃন্দাবনৰ গোপিনীসকলৰ কৃষ্ণ বিৰহত যমুনাৰ পাৰে পাৰে কৃষ্ণক বিচাৰি ঘূৰি ফুৰা দৃশ্যৰ ছবি কল্পনা কৰিছিল । শ্ৰীকৃষ্ণৰ প্ৰাণ মতলীয়া কৰা বাঁহীৰ সুৰত য’ৰে বন ত’তে এৰি গোপীসকল বৃন্দাবনলৈ ঢপলিয়াই গৈছিল । গোপীনীসকলৰ এনে আনন্দৰ প্ৰকাশ গৰ্ডন চাহাবে অসমৰ গাভৰুসকলৰ বিহুৰ ক্ষেত্ৰত দেখি এনে মন্তব্য কৰিছিল । প্ৰসংগ ভিন্ন হলেও দুয়োক্ষেত্ৰতে আনন্দ প্ৰকাশৰ স্বতঃস্ফূৰ্ততাতে এনে সাদৃশ্য লক্ষ্য কৰিব পাৰি ।

১০) ‘বিহুৰ পৰম্পৰা প্ৰাচীন বুলি কলেই নহয় । ই যে সঁচাকৈয়ে প্ৰাচীন তাৰ আন কিবা প্ৰমাণ ওলাইনে ?’ ― এই প্ৰশ্নৰ উত্তৰত  ড° প্ৰফুল্লদত্ত গোস্বামীয়ে বিহু সম্পৰ্কে লিখা কথাখিনিৰ চমু বৰ্ণনা দিয়া ।

উত্তৰঃ- লোক – সংস্কৃতিৰ গৱেষক পণ্ডিত ড° প্ৰফুল্লদত্ত গোস্বামীয়ে তেওঁৰ ‘ব’হাগ বিহুৰ পৰম্পৰা’  নামৰ  প্ৰৱন্ধত বিহুৰ পৰম্পৰা যে প্ৰাচীন এই কথা উল্লেখ কৰি তাৰ প্ৰমানস্বৰূপে কৈছে যে পণ্ডিতসকলে ঠাৱৰ কৰা মতে বিহু শব্দটোৰ উৎপত্তি সংস্কৃত বিষুৱন শব্দৰ পৰা হৈছে।অথৰ্ব বেদ , ঐতিৰিয় ব্ৰাহ্মণ আদিত বিষুৱন যাগ যজ্ঞ কৰা এয়া দিনৰ নাম । এনে যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে । বিষ্ণুপুৰাণত আকৌ আছে , শৰৎ আৰু বসন্ত ঋতুৰ মাজত সূৰ্য তোলা বা মেষ ৰাশিলৈ গলে বিষুৱ হয় আৰু সেই সময়তে দিন ৰাতি সমান হয় । 

এনে পবিত্ৰ সময়তে দেৱতা , ব্ৰাহ্মণ আৰু পিতৃসকলৰ উদ্দেশ্যে সংযত চিত্ত হৈ দান দক্ষিণা কৰিব লাগে । বিষুৱ সংক্ৰান্তীৰ সময়ত পালন কৰা এনে মংগলদায়ক অনুষ্ঠানৰ সোঁৱৰণ কেৱল ভাৰতৰ উত্তৰ পূব চুকতে নহয় , ভাৰতৰ আন আন অঞ্চলতো ৰক্ষিত হৈ আছে । দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক  ‘বিষু’ বোলে । সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো  ‘বিষু’ উৎসৱৰ প্ৰচলন আছে । মধ্যপ্ৰাদেশৰ ওৰাওসকলে গ্ৰীষ্মকালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে – আমি যেনেকৈ মাঘ বিহুৰ সময়ত মাছ মৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰো , কিছুমান অঞ্চলত  ‘বিষু’ নুবুলি  ‘বৈশাগী’ বুলিও কয় । 

অসমীয়া উঠেলিয়ে যেনেকৈ প্ৰাচীন ইন্দ্ৰধব্বজ পূজাৰ সোঁৱৰণ কৰায় , সেইদৰে বিহুৱেও উপাদান লগ লাগিছে । ইয়াত এফালে আৰ্য সংস্কৃতিৰ এটা সুঁতি জাহ গৈছে , আনফালে অনাৰ্য আৰু নৃত্য – গীতো পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াবৰ এক প্ৰাচীন ব্যৱস্থা , বিশেষকৈ কৃষি কাৰ্য কৰা লোকসকলৰ বাবে । বিহু নাচত যৌন মিলনৰ ইংগিত থকা যি মুদ্ৰা লক্ষ্য কৰিব পাৰি সি এই প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ কথাকে মনলৈ আনে ।

বৰ্তমান আমাৰ বিহুত যিবিলাক আচাৰ লক্ষ্য কৰোঁ যেনে ― ঘৰ বাৰী সূচী কৰা , নিকা বা ন কাপোৰ পিন্ধা , গৰু গাইৰ যতন লোৱা , দেৱতা বা গোসাঁইক পূজা পাতল দিয়া , নৃত্য বা গীত আদি এনে আৰ্য আৰু অনাৰ্য আচাৰ সমূহৰ উদ্দেশ্য একেই । এই আটাইবিলাকৰ উদ্দেশ্য হল , খেতি বাতিৰ মংগল কামনা কৰা বা মংগলৰ হকে ব্যৱস্থা লোৱা । এই ফালৰ পৰা চাবলৈ গলে বিহু এক ধৰ্মীয় অনুষ্ঠান আৰু এই অনুষ্ঠান প্ৰাচীন কালৰে পৰা পৰম্পৰাগতভাৱে চলি আহিছে ।

প্ৰাচীন অসমীয়া পুথিসমূহৰ কৰবাত বিহু শব্দ উল্লেখ থাকিলেও তাৰ বহল বিৱৰণ পোৱা নাযায় । সপ্তদশ শতিকাত অসমলৈ অহা এজন মুছলমান ভ্ৰমণকাৰীয়ে  ‘নওৰোজ’  বা  নৱবৰ্ষত অসমৰ ৰাজধানীত স্ত্ৰী পুৰুষ উভয়ে কৰা নৃত্যৰ আৰু ৰং ধেমালিৰ বৰ্ণনা আছে । সেই বৰ্ণনাত ঢোল , পেঁপা , টকা আদি বাদ্য যন্ত্ৰৰ উল্লেখ কৰিছে । সম্ভৱতঃ আহোম ৰজাসকলে এই উৎসৱৰ পৰিপোষণ কৰি আৰু অৰ্থাৎ শাসকসকলৰ অনুমোদন পাই ই জাতীয় উৎসৱ ৰূপে স্বীকৃতি লাভ কৰিলে ।

১১) বিহুৰ উৎপত্তি আৰু বিহুনৃত্য সম্বন্ধে বিভিন্ন লোকৰ মন্তব্য চমুকৈ দাঙি ধৰা । 

উত্তৰঃ-পুৰণি অসমীয়া পুথিত কেতিয়াবা কৰবাত বিষুৱ আৰু বিহু শব্দৰ উল্লেখ থাকিলেও তাৰ বিস্তৃত বিৱৰণ কতো পোৱা নাযায় । সম্ভৱ সপ্তদশ শতিকাৰ এক মুছলমান ভ্ৰমনকাৰীয়ে থৈ যোৱা বৰ্ণনাই প্ৰথম বৰ্ণনা । এই ভ্ৰমনকাৰীজনে  ‘নওৰোজ’ বা নৱবৰ্ষত অসমৰ ৰাজধানীত পুৰুষ স্ত্ৰী উভয়ে নৃত্য আৰু গীতেৰে যি ৰং ধেমালি কৰিছিল তাৰ বিৱৰণ দিছে । তেওঁ ঢোল , পেঁপা , টকা আদি বাদ্যযন্ত্ৰৰ উল্লেখ কৰিছে । 

ঊনবিংশ শতিকাৰ লেখক হলিৰাম ঢেকিয়াল ফুকনে বিহু নৃত্য গীত অশোভন বুলিয়েই ঠাৱৰ কৰিছিল । ১৮৮৫ খ্ৰীষ্টাব্দত বলী নাৰায়ণ বৰাই  ‘আসাম বন্ধু’  কাকতত বিহুৰ বিষয়ে এটি মন্তব্য কৰিছিল । সেই মন্তব্যত তেওঁ বিহুক জাতীয় উৎসৱ ৰূপে মৰ্যাদা প্ৰদান কৰিছিল । তেওঁ অৱশ্যে বিহু নৃত্য গীতৰ আৰ্হিস্বৰূপে ভগৱানৰ অৱতাৰ শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলালৈহে আঙুলিয়াইছে । ১৮৯৬ চনত গৰ্ডন চাহবেও অসমীয়া মাইকী মানুহে বৃন্দাবনত গোপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায় বুলি মন্তব্য কৰিছিল ।

ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ  ‘মিৰি জীয়ৰী’  উপন্যাসতেই প্ৰথমে বিহুনাচ আৰু গীত সম্পৰ্কে অলপ বহন বৰ্ণনা আছে । কুৰি শতিকাৰ দ্বিতীয় দশক মানৰ পৰাহে শিক্ষিত মধ্যবিত্ত লোকসকলৰ বিহু সম্পর্কীয় ধাৰণা সলনি হবলৈ ধৰে । ১৯১৮ চনত গণেশ চন্দ্ৰ হাজৰিকাই  ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’  নামৰ পুস্তিকা এখন ছপাই প্ৰকাশ কৰি তাত অসমীয়া বিহুকেইটাৰ সবল বৰ্ণনা দিছে । এই সময়তে বেজবৰুৱাই  ‘বাঁহী’  কাকতৰ জৰিয়তে বিহুৰ সপক্ষে একাধিকবাৰ উকালতি কৰিছিল।এনেদৰে বিহুৰ উৎপত্তি আৰু বিহু নৃত্য সম্বন্ধে বিভিন্ন লোকে বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল । 

১২) বেজবৰুৱাই ‘বাঁহী’ৰ জৰিয়তে বিহুৰ সপক্ষে কেনেকৈ উকালতি কৰিছিল চমুকৈ লিখা ।

উত্তৰঃ- বিহুৰ নৃত্য – গীত সম্পৰ্কত এটা সময়ত বিভিন্ন লোকে বিভিন্ন ধৰণে মন্তব্য কৰিছিল । ঊনবিংশ শতিকাত হলিৰাম ঢেকিয়াল ফুকনে বিহু নৃত্য গীতক অশোভন বুলিয়েই ঠাৱৰ কৰিছিল । বলী নাৰায়ণ বৰাই  ‘আসাম বন্ধু’ত মন্তব্য কৰি বিহু নৃত্য গীতৰ আৰ্হিস্বৰূপে ভগৱানৰ অৱতাৰ শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলালৈহে আঙুলিয়াইছিল । ১৮৯৬  চনত গৰ্ডন চাহাবেও অসমীয়া মাইকী মানুহে বৃন্দাবনৰ অনুমোদনত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায় বুলি মন্তব্য কৰিছিল । আনকি বিহু সম্পৰ্কে সাধাৰণ মানুহৰো স্পষ্ট শুভ ধাৰণা নাছিল ।

এই সময়তে বেজবৰুৱাই  ‘বাঁহী’ কাকতৰ জৰিয়তে বিহুৰ সপক্ষে একাধিকবাৰ উকালতি কৰিছিল । তেওঁ স্বভাবসুলভ ব্যংগ সুৰত বিহু নৃত্য গীতক সেই চকুৰে চোৱাসকলক চোকা সমালোচনা কৰিছিল । বিহু নাচত যোগ দি বতৰৰ আনন্দ প্ৰকাশ কৰাৰ বাটত যি হেঙাৰ তালৈ বেজবৰুৱাই আঙুলিয়াই এইদৰে কৈছিল ― “নচাৰ বিপক্ষে এটা ডাঙৰ বিপদ এই যে বিহু নাচৰ থেকেৰা ফুল কেনেবাকৈ এঁৱা গাখীৰত পৰিব লাগিলে সি ততালিকে কুৰুচি ফাটিব আৰু ফাটিলেই সৰ্বনাশ । ফাটিলেই ধুম আৱাজ ! বোলো তেন্তে কি কৰা যায় । মাজতে বছৰেকৰ বিহুতো জানো বজা হবলৈ দিলে কিবা ভাল হব ? সেই দেখি কৃষ্ণক চিন্তা এই বাৰলৈ নানাচি বিহুৰ আন ৰং ধেমালিকে কৰি মনটো তাপৰা যাওক বুলিছোঁ , যি থাকে কপালত ।”

১৯১৭  খ্ৰীষ্টাব্দৰ  ‘বাঁহী’ত বেজবৰুৱাই লিখিছিল – ‘বিহুৱে কাকো দুখ নিদিয়ে , সকলোকে ৰং দিয়ে , সেই দেখি বিহুক লোকে হাঁহে , বেয়া পায়।’এনেদৰে বেজবৰুৱাই  ‘বাঁহী’ৰ জৰিয়তে বিহুৰ সপক্ষে অকাধিকবাৰ ওকালতি কৰিছিল – ব্যংগ আৰু চোকা ভাষাৰে ।

১৩) ‘বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয় , ― ই ঘাইকৈ জাতীয় উৎসৱ , অসমীয়া সংস্কৃতিৰ প্ৰতীক ।” ― ওপৰৰ কথাখিনিৰ আঁত ধৰি তোমাৰ মতামত যুক্তিসহকৰে আগবঢ়োৱা ।

উত্তৰঃ- প্ৰাচীন কালৰে পৰা ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে বিহু উৎসৱ এক ধৰ্মীয় অনুষ্ঠান হিচাপে পালন কৰি আহিছিল । বিহুৱে প্ৰাচীন ভাৰতৰ বিষুৱন দিনৰ পূজা পাতলৰ সোঁৱৰণ ৰক্ষা কৰিও আহিছে । ঘাইকৈ জীৱ জন্তু , খেতি বাতি নিজৰ আৰু আত্মীয় স্বজনৰ মংগল কামনা কৰি দেৱতা বা গোসাঁইক পূজা পাতল দিয়া হৈছিল । স্ত্ৰী পুৰুষ আটায়ে এই পূজা পাতল আৰু লগতে হোৱা নৃত্য গীতত সমানে ভাগ লৈছিল । আনকি এই উৎসৱত যাগ যজ্ঞৰো ব্যৱস্থা কৰা হৈছিল । বৰ্তমান সময়তো ঘাইকৈ অসমত মানুহে বিহুৰ সময়ত ঘৰ বাৰী সূচী বা নিকা কৰা , ন কাপোৰ পিন্ধা , গাই গাইৰ যতন লোৱা , দেৱতা বা গোসাঁইক পূজা কৰা , নৃত্য গীত গোৱা আদি কাম বৰ আন্তৰিকতাৰে কৰে । এইবিলাক লক্ষ্য কৰিলে প্ৰাচীন কালৰে পৰা ই এক ধৰ্মীয় উৎসৱ হিচাপেই চলি আহিছে ।

কিন্তু বৰ্তমান বিহু ধৰ্মীয় অনুষ্ঠান হৈ থকা নাই । অসমত এই বিহুটি অকল পূজা পাতল বা যাগ যজ্ঞ কৰা লোকসকলেই পালন নকৰে , অসমত বসবাস কৰা জাতি ধৰ্ম , বৰ্ণ নিৰ্বিশেষে সকলোৱেই এই উৎসৱ পালন কৰে । ই অসমৰ এক সামূহিক এতিয়া উৎসৱত পৰিণত হৈছে । অসমীয়া জাতিৰ ই প্ৰাণৰ উৎসৱ হৈ পৰিছে । মুক্তভাৱে ইয়াত সকলোৱে সমানে ভাগ লয় , নৃত্য গীত কৰে , খোৱা বোৱা কৰে , ইজনে সিজনক প্ৰীতি সম্ভাষণ যাচে , উপহাৰ যাচে , আটাইৰে মাজত ঐক্য সংহতি , মিলনৰ সেতু ৰচনা কৰে । ইয়াত আৰ্য অনাৰ্যৰ সংস্কৃতিৰ মিলন ঘটিছে।বিহুৰ সময়ত এনেবোৰ আনুষ্ঠানিক অনানুষ্ঠানিক কাৰ্যসমূহ অসমীয়াৰ এক সংস্কৃতিত পৰিণত হৈছে । দেশ – বিদেশত বিহুৰ এই কাৰ্যাৱলীসমূহে অসমীয়া জাতিক সভ্য জাতি হিচাপে পৰিচয় কৰি দি আহিছে । গতিকে বিহু এতিয়া ধৰ্মীয় উৎসৱ হৈ থকা নাই , ই অসমীয়া জাতিৰ প্ৰাণৰ জাতীয় উৎসৱ আৰু জাতীয় সংস্কৃতিৰ প্ৰতিকস্বৰূপ হৈ পৰিছে । 

১৪)  বিহু উৎসৱ সম্পৰ্কে কৰা কাৰ বৰ্ণনাই প্ৰথম বৰ্ণনা বুলি কোৱা হৈছে ? সেই বৰ্ণনাত কেনে ধৰণৰ কথা পোৱা যায় ?

নাইবা

সপ্তদশ শতিকাত  ‘এক মুছলমান ভ্ৰমনকাৰীয়ে’ অসমৰ বিহু উৎসৱ সম্বন্ধেকি বৰ্ণনা দি গৈছে ? 

উত্তৰঃ- পুৰণি অসমীয়া কিছুমান পুথিত কোনো কোনো বৰ্ণনাত বিষুৱ আৰু বিহু শব্দৰ উল্লেখ পোৱা যায় যদিও উৎসৱ হিচাপে ইয়াৰ বৰ্ণনা কতো পাবলৈ নাই । সম্ভৱ সপ্তদশ শতিকাত এক মুছলমান ভ্ৰমনকাৰীয়ে এই উৎসৱৰ বৰ্ণনা কৰিছিল , আৰু এই বৰ্ণনাই প্ৰথম বৰ্ণনা । এই বৰ্ণনাত তেওঁ লিখিছিল যে  ‘নওৰোজ’ বা নৱবৰ্ষত অসমৰ ৰাজনীতিত পুৰুষ স্ত্ৰী উভয়ে নৃত্য আৰু গীতেৰে ৰং ধেমালি কৰিছিল । ঢোল , পেঁপা , টকা আদি বাদ্য যন্ত্ৰও এইবোৰত ব্যৱহাৰ কৰিছিল বুলি বৰ্ণনাত উল্লেখ আছে । বৰ্ণনাত আৰু উল্লেখ কৰিছে যে ডেকা গাভৰুহতে এই উৎসৱতে মনৰ আদান প্ৰদানো কৰিছিল । সম্ভৱ আহোম ৰজাসকলে এই উৎসৱৰ পৰিপোষণ কৰি বিহুক এটি জাতীয় উৎসৱৰূপে গঢ় দিয়াত সহায় কৰিলে  ।

১৫ )  প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা । 

ক) “বিহুৰে কাকো দুখ নিদিয়ে , সকলোকে ৰং দিয়ে, সেই দেখি বিহুক লোকে হাঁহে , বেয়া পায় ।”

উত্তৰঃ- উদ্ধৃত কবিতাফাকি ড° প্ৰফুল্লদত্ত গোস্বামী ৰচিত  ‘ব’হাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰবন্ধটিৰ অন্তৰ্গত । 

বিহুক এটা সময়ত কিছুমান মানুহে বেয়া দৃষ্টিৰে চোৱাৰ কাৰণে লক্ষ্মীনাথ বেজবৰুৱাই মন্তব্য কৰি উক্ত কথাষাৰি হৈছিল ।

বেজবৰুৱাই কৈছে যে , বিহু আমাৰ সকলোৰে উৎসৱ । বিহু চাই মানুহে দুখৰ পৰিবৰ্তে আনন্দহে পাব লাগে । বিহু নৃত্য আৰু গীতৰ মাজত যি লয়লাস ভংগী আৰু সৰু লুকাই আছে সি সকলোকে আনন্দ দিয়ে । পিছে এটা সময়ত এই নৃত্য আৰু গীতৰ এনে লয়লাস ভংগী আৰু সুৰক কিছুমান মানুহে অশ্লীল , অসজালি বুলি ধাৰণা কৰি বেয়া চকুৰে চাইছিল ― উপলুঙা কৰি হাঁহিছিল । আনকি আহোম ৰাজত্বৰ সময়ত বিহুক অসমৰ জাতীয় উৎসৱ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰতো বিহু বুলিলে নাক কোচোৱা অনেক ছশ শিক্ষিত মানুহো আছিল । প্ৰকৃতপক্ষে বিহু যে আনন্দ আৰু সুখ শান্তিৰহে উৎসৱ এই কথা প্ৰতীয়মান কৰিবলৈ বেজবৰুৱাই এনেদৰে মন্তব্য কৰিছে ।

খ) “কিছুমান অঞ্চলত  ‘বিষু’  নুবুলি  ‘বৈশাখী’  বোলা হয় । “

উত্তৰঃ- উদ্ধৃত কথাফাকি ড° প্ৰফুল্লদত্ত গোস্বামী ৰচিত  ‘বহাগ বিহুৰ পৰম্পৰা’  নামৰ প্ৰবন্ধৰ অন্তৰ্গত ।

অসমৰ বাহিৰেও অন্যান্য ঠাইত বিহুক কি বুলি কোৱা হয় তাক কবলৈ গাওঁতে প্ৰবন্ধটিত এনেদৰে  উল্লেখ কৰিছে । 

বিষুৱ সংক্ৰান্তীৰ সময়ত অসমত পালন কৰা উৎসৱটিৰ অসমত বিহু বোলে হয় যদিও ভাৰতৰ বিভিন্ন ঠাইত এই উৎসৱক বেলেগ বেলেগ নামেৰে জনা হয় । দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক বিহু বোলে । হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো  ‘বিষু’ নামেৰে এই উৎসৱ পালন কৰে । মধ্যপ্ৰদেশৰ ওৰাওসকলে গ্ৰীষ্ম কালত  ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে । আকৌ কিছুমান অঞ্চলত  ‘বিষু’ উৎসৱকে  ‘বৈশাখী’ বুলিও কয় । কাৰণ এনে উৎসৱ বহাগ মাহতে পাতল কৰা হয়।

গ) ‘বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয় ।’

উত্তৰঃ- উদ্ধৃত কথাফাকি ড° প্ৰফুল্লদত্ত গোস্বামী ৰচিত ‘বহাগ বিহু পৰম্পৰা’ নামৰ প্ৰবন্ধৰ অন্তৰ্গত ।

অসমীয়া সমাজত বিহু আগতে কেনে আছিল আৰু বৰ্তমান ইয়াক কেনেভাবে গ্ৰহণ কৰা হৈছে তাক আলোচনা কৰোতে লেখকে এনেদৰে উল্লেখ কৰিছে । 

প্ৰাচীন কালত ধৰ্মীয় অনুষ্ঠান হিচাপে বিহু উৎসৱ পালন কৰা হৈছিল । ই কেৱল হিন্দু সমাজৰ জীৱ জন্তু , খেতি বাতি আদিৰ মংগলৰ কাৰণে কৰা পূজা পাৰ্বনত বিহু নৃত্য গীত আদি কৰা হৈছিল । কিন্তু কালক্ৰমত বৰ্তমান ই ধৰ্মমূলক উৎসৱ হৈয়েই থকা নাই । বৰ্তমান বিহু জাতি বৰ্ণ , ধৰ্ম নিৰ্বিশেষে অসমীয়া জাতিৰ বাপতি সাহোন , জাতীয় উৎসৱ , অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰতীক । বিহু উৎসৱৰ মাজেৰে অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ , আচাৰ নীতি , সুখ দুখ , হাঁহি কান্দোন , প্ৰেম প্ৰীতি , ঐক্য সংহতি আদিৰ স্বৰূপ প্ৰকাশ পায় ।

ঘ) ‘বিষুৱ সংক্ৰান্তীৰ সময়ত পালন কৰা এন মংগলদায়ক অনুষ্ঠানৰ সোঁৱৰণ যে ভাৰতৰ উত্তৰ পূৰ্ব চুকৰ অসমতে ৰৈছে এনে নহয় , ভাৰতৰ আন আন অঞ্চলতো সি লোপ পোৱা নাই ।’

অথবা

বিহু উৎসৱৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন আন ঠাইত দেখা যায়নে ? আলোচনা কৰা ।

উত্তৰঃ- উল্লিখিত বাক্যশাৰী  ড° প্ৰফুল্লদত্ত গোস্বামীদেৱৰ বহাগ  ‘বিহুৰ পৰম্পৰা’ শীৰ্ষৰ প্ৰবন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে । বিহু উছৱৰ লগত ভাৰতৰ বিভিন্ন অঞ্চলত পালন কৰা কিছুমান অনুষ্ঠানৰ ওচৰ সাদৃশ্যৰ প্ৰসংগত লেখকে এনেদৰে মন্তব্য দিছে । 

লেখক কৈছে  ‘বিহু’ শব্দটো সংস্কৃত বিষুৱ শব্দৰ পৰা হৈছে । বেদ , ব্ৰাহ্মণ আদি গ্ৰন্থত বিষুৱন যাগ যজ্ঞই কৰা এটা দিন । এনে যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে । বিষ্ণু পুৰাণত কোৱা হৈছে শৰৎ আৰু বসন্ত ঋতুৰ মাজত সূৰ্য তুলা নাইবা মেষ ৰাশিলৈ গলে বিষুৱ হয় আৰু এই সময়ত দিন ৰাতি সমান হয় । এনে পৱিত্ৰ সময়ত দেৱতা , ব্ৰাহ্মণ আৰু পিতৃসকলৰ উদ্দেশ্যে দান দক্ষিনা কৰিব লাগে । অসমতো প্ৰাচীন ৰজাসকলে এনে সময়তে ভূমিদান কৰিছিল । বিষুৱ সংক্ৰান্তীৰ সময়ত পালন কৰা এনে মংগলদায়ক অনুষ্ঠান সোঁৱৰণ ভাৰতৰ আন আন অঞ্চলতো ৰক্ষিত হৈছে । দক্ষিণ ভাৰতত নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক  ‘বিষু’  বোলে । সেইদৰেহিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো  ‘বিষু’ উৎসৱ  ( মেলা ) আছে । মধ্যপ্ৰদেশৰ ওৰাওসকলে গ্ৰীষ্ম কালত  ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে । কিছুমান অঞ্চলত আকৌ বিষু নুবুলি  ‘বৈশাখী’  বোলা হয় ।

ঙ) ‘আমাৰ জাতীয় জাগৰনেও বিহু উৎসৱৰ জনপ্ৰিয়তা বৰুৱাত সহায় কৰিলে ।’

উত্তৰঃ- উল্লিখিত কাব্যশাৰী ড° প্ৰফুল্লদত্ত গোস্বামী ৰচিত  ‘বহাগ বিহুৰ পৰম্পৰা’ শীৰ্ষক প্ৰবন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে । বিহু উৎসৱৰ জনপ্ৰিয়তা বৃদ্ধিত জাতীয় জাগৰনেও যে বিষয়ে ভূমিকা গ্ৰহণ কৰিছিল লেখকে সেই কথাকে কবৰ প্ৰয়াস কৰিছে । 

ঊনবিংশ শতিকাৰ অসমত শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৰ মাজত বিহু জনপ্ৰিয় নাছিল । দেশৰ স্বাধীনতা বিলুপ্তি আৰু বংদেশৰ গোড়া হিন্দুসকলৰ প্ৰভাৱত ফলত বিহু সকলোৰে ওচৰত সমানে আদৰণীয় আছিল । পিছে কুৰি শতিকাৰ আৰম্ভণিৰ পৰাই বেজবৰুৱা প্ৰমুখ্যে বিভিন্ন লেখকসকলৰ পৃষ্ঠপোষকতাত বিহুৱে পূৰ্বৰ হৃত গৌৰৱ পুনৰ ঘূৰাই পালে । কুৰি শতিকাটো সমগ্ৰ ভাৰততে জাতীয় জাগৰণৰ সময়ৰূপে চিহ্নিত । দ্বিতীয় মহাযুদ্ধৰ আগে আগে স্বাধীনতাৰ বাণীত উদ্ধৃত ভাৰতৰ জনসাধাৰণে জাতীয় সংস্কৃতিৰ পৰিচয়জ্ঞাপক সকলোবোৰ সামগ্ৰীৰ পুনৰুদ্ধাৰ কৰি সিবোৰৰ নৱ মূল্যায়নত যত্নপৰ হল । এনে জাতীয় জাগৰণৰ সুফল অসমতো ফলিল আৰু তাৰ ফলস্বৰূপেই বিহু উৎসৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সমৰ্থ হল । 

চ) ‘ইফালৰ পৰা চাবলৈ গলে বিহু এক ধৰ্মীয় অনুষ্ঠান ।’ 

উত্তৰঃ- উল্লিখিত বাক্যশাৰী ড° প্ৰফুল্লদত্ত গোস্বামী ৰচিত  ‘বহাগ বিহুৰ পৰম্পৰা’  শীৰ্ষক প্ৰবন্ধৰ পৰা উদ্ধৃত কৰা হৈছে । বিহুৰ লগত জড়িত ধৰ্মীয় আচাৰ অনুষ্ঠানৰ প্ৰসংগত মন্তব্য দি লেখকে এনেদৰে কৈছে ।

‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত লেখক ড° প্ৰফুল্লদত্ত গোস্বামীদেৱে বিহুৰ পৰম্পৰা নিৰ্দেশ কৰিবলৈ গৈ মন্তব্য দিছে যে বিহুৰ লগত জড়িত আচাৰ অনুষ্ঠানসমূহ ধৰ্মৰ লগত ব্ৰাহ্মণত বিষুৱনক যাগ যজ্ঞ কৰা এটা দিন বুলি কোৱা হৈছে । এই যাগ যজ্ঞই সূৰ্য্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে । অৰ্থাৎ খেতি বাতিৰ সু ব্যৱস্থাৰ বাবেই এই বিষুৱন দিনৰ যাগ যজ্ঞৰ আয়োজন কৰা হয় । অসমীয়া ভঠেলি অনুষ্ঠানত যেনেকৈ প্ৰাচীন ইন্দ্ৰধব্বজ পূজাৰ সোঁৱৰণ ৰক্ষিত হৈছে বিহু অনুষ্ঠানতো তেনেদৰে ভাৰতৰ বিষুৱন দিনৰ পূজা পাতলৰ সোঁৱৰণ ৰক্ষিত হৈছে । 

বৰ্তমান সময়ত আমি বিহুত যিবিলাক আচাৰ অনুষ্ঠান পালন কৰো ― যেনে ঘৰ বাৰী সূচী বা নিকা কৰা , ন কাপোৰ পিন্ধা , গৰু গাইৰ যতন লোৱা , দেৱতা বা গোসাঁইক পূজা কৰা , নৃত্য আৰু গীত এই সকলোবোৰ আৰ্য আৰু অনাৰ্য আচাৰৰ উদ্দেশ্য একেই । আটাইবিলাকৰ উদ্দেশ্য হল ৰাইজ , জীৱ জন্তু আৰু খেতি বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা । সেয়ে এই দিশৰ পৰা বিচাৰ কৰি চালে বিহুক এক ধৰ্মীয় অনুষ্ঠান বুলিয়েই অভিহিত কৰিব পাৰি । 

ছ) “বৰ্তমান শতিকা ভাৰতীয় জাতীয় জাগৰণৰ সময় ।”

উত্তৰঃ- উদ্ধৃত কথাফাকি লোক সংস্কৃতিৰ গৱেষক পণ্ডিত ড° প্ৰফুল্লদত্ত গোস্বামী ৰচিত ‘বহাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰবন্ধটিৰ অন্তৰ্গত ।

জাতীয় জাগৰনে বিহুক কিদৰে জনপ্ৰিয়তা অৰ্জন কৰাত সহায় কৰিছিল সেই কথা কবলৈ যাওঁতে এনেদৰে উল্লেখ কৰিছে । 

কুৰি শতিকাটো সমগ্ৰ ভাৰততে জাতীয় জাগৰণৰ স্ময়ৰূপে চিহ্নিত হৈছিল । দ্বিতীয় মহাযুদ্ধৰ আগে আগে স্বাধীতাৰ বাণীত উদ্ধৃত ভাৰতৰ জনসাধাৰণে জাতীয় সংস্কৃতিৰ পৰিচায়ক সমগ্ৰীবিলাকৰ পুনৰুদ্ধাৰ আৰু নৱমূল্যায়ন কৰিবলৈ উঠি পৰি লাগিছিল । তাৰ আগলৈকে অসমত বিহু সকলোৰে মাজত সমানে সমাদৃত আৰু আদৰণীয় নাছিল । এই জাগৰণৰ ফলতেই অসমৰ জাতীয় জীৱন আৰু সংস্কৃতিসম্বলিত বিহুক অসমীয়া মানুহে উদ্ধাৰ আৰু নৱমূল্যায়ন কৰিলে আৰু ইয়াৰ ফলতেই বিহু উৎসৱ সকলোৰে মাজৰ জনপ্ৰিয় হৈ পৰিল আৰু জাতীয় উৎসৱ হিচাপে পৰিগণিত হল । 

জ) ‘ইয়াত এফালে আৰ্য সংস্কৃতিৰ এটি সুঁতি জাহ গৈছে , আনহাতে অনাৰ্য অথবা প্ৰাক আৰ্য্য , প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ সুঁতিও লগ লাগিছে।’

উত্তৰঃ- উল্লিখিত কাব্যশাৰী ড° প্ৰফুল্লদত্ত গোস্বামীয়ে ৰচনা কৰা ‘বহাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰবন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে । কথাষাৰিৰ জৰিয়তে লেখক অসমৰ বিহু অনুষ্ঠান আৰ্য অনাৰ্য দুয়ো গোষ্ঠীৰে যে মিলনৰহে ফল সেই কথা নিৰ্দেশ কৰিছে । 

বিহু মূলতঃ কৃষিকেন্দ্ৰিক অনুষ্ঠান , বছৰৰ আৰম্ভণিতে কৃষিজীৱী মানুহে কিছুমান আচাৰ অনুষ্ঠান পুৰণি কালত পৃথিৱীৰ প্ৰায় সকলোতে পালন কৰিছিল । অসমতো প্ৰাচীন কালৰে পৰাই এনে আচাৰ অনুষ্ঠানৰ অন্তৰ্গত বিহুগীত আৰু বিহু নাচৰ প্ৰচলন আছিল । বিহু শব্দটোৰ উৎপত্তি সংস্কৃত বিষুৱন শব্দৰ পৰা অহা । প্ৰাচীন সংস্কৃত গ্ৰন্থত বিষুৱন শব্দৰ অৰ্থ হল যাগ যজ্ঞ কৰা দিন । খেতি বাতিৰ সুব্যৱস্থাৰ বাবেই বিষুৱন দিনত যাগ যজ্ঞ কৰা হৈছিল । এনেদৰে বিহুৰ মাজত আৰ্য্য  সংস্কৃতিৰ ৰূপ পৰিলক্ষিত হৈছিল । কিন্তু আৰ্য সুঁতিৰ লগত অনাৰ্য এটি সুঁতিও বিহুত লগ লাগিছে । কৃষিজীৱী লোকসলকে প্ৰাচীনকালৰে পৰা স্ত্ৰী পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য গীতে পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে বুলি বিশ্বাস কৰি আহিছে । বিহু নাচত যৌন মিলনৰ ইংগিত থকা যি সুঁতি দেখা যায় সিয়েই প্ৰাচীন এই উৰ্বৰা অনুষ্ঠানৰ কথা মনলৈ আনে।গতিকে বিহু অনুষ্ঠাসনৰ লগত আৰ্য আৰু অনাৰ্য দুয়োটা সুঁতিয়েই লগ লাগি আছে আৰু এই দুয়োটা সুঁতিৰ মিলনৰ ফলস্বৰূপেই বিহুৰ জন্ম হৈছে ।

ঝ) ‘সজ বিবেচকৰ কৰ্তব্য হৈছে সমাজৰ লাগতিয়াল পুৰণি বস্তুৰ পৰা সাৰ সংগ্ৰহ কৰি তাক বৰ্তমান সময় আৰু সমাজৰ উপযোগী কৰি তোলা আৰু সেই সমলৰেই বৰ্তমান সমাজৰ মংগল সাধন কৰা ।’

উত্তৰঃ- উল্লিখিত বাক্যশাৰী ড° প্ৰফুল্লদত্ত গোস্বামীদেৱে ৰচনা কৰা  ‘বহাগ বিহুৰ পৰম্পৰা’ শীৰ্ষক প্ৰবন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে । প্ৰবন্ধটোত লেখকে বিহুৰ বিষয়ে প্ৰথমে এখন পুথি ৰচনা কৰোতে স্বৰ্গীয় গণেশ চন্দ্ৰ হাজৰিকাৰ এটি মন্তব্য তুলি দিছে ।

ঊনবিংশ শতিকাৰ অসমীয়া মধ্যবিত্ত শিক্ষিত সমাজত বিহু অনুষ্ঠান কনমানো আদৰণীয় নাছিল । বিহু নাচক যৌন অভিব্যক্তিৰ প্ৰকাশ ঘটাৰ বাবেই বংদেশৰ গোড়া হিন্দুধৰ্মৰ দ্বাৰা প্ৰভাৱিত মানুহে বিহু নাচক অশোভনীয় বুলি মন্তব্য দিছিল । পিছে বৰ্তমান শতিকাৰ দ্বিতীয় দশকমানৰ পৰা অসমীয়া শিক্ষিত সমাজৰ বিহুৰ প্ৰতি থকা দৃষ্টিভংগীৰ সলনি হবলৈ ধৰে । ১৯১৮ চনত গণেশচন্দ্ৰ হাজৰিকাই  ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ এখন গ্ৰন্থ ৰচনা কৰি বিহুকেইটিৰ সৰল বৰ্ণনা দিছিল । হাজৰিকাই গ্ৰন্থখনৰ এঠাইত ওপৰত দিয়াৰ দৰে মন্তব্য দি কৈছিল যে পুৰণি বস্তু মানেই একেবাৰে অলাগতিয়াল বা মূল্যহীন নহয় । 

যিসকল সজ বিবেচক লোক তেওঁলোকে পুৰণি বস্তুসমূহৰ পৰা লাগতিয়াল সাৰ সংগ্ৰহ কৰি নতুনৰ লগত খাপ খুৱাই সমাজৰ হকে ব্যৱহাৰ কৰে । দেশৰ আৰু দহৰ উপকাৰৰ বাবেই এনে কৰা প্ৰয়োজন । হাজৰিকাই বিহুৰ ক্ষেত্ৰত এই মন্তব্য দিছিল আৰু এন মন্তব্য অশ্লীল আৰু অশোভন বুলি জনসমাজৰ মাজত থকা বিহু নাচত সমাজৰ উপযোগী কৈ খাপ খুৱাই হবলৈ পৰামৰ্শ দিছে । 

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

১৬) ‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধৰ লেখক ড° প্ৰফুল্লদত্ত গোস্বামীৰ জীৱন আৰু সাহিত্য কৰ্মৰ আভাস দিয়া ।

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামী অসমীয়া সাহিত্যত এজন বিশিষ্ট গৱেষকৰূপে পৰিচিত । লোক সাহিত্যৰ চৰ্চা আৰু গৱেষণাত যিকেইজন ব্যক্তিয়ে অসমীয়া সাহিত্যত একোখন বিশিষ্ট আসন লাভ কৰিছে সেইসকলৰ ভিতৰত ড° প্ৰফুল্লদত্ত গোস্বামীৰ নাম আমি প্ৰথমেই লব লাগিব । বৃত্তিত শিক্ষক ড° প্ৰফুল্লদত্ত গোস্বামীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত ভালেমান বছৰ অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰিছিল । ইংৰাজী ভাষা সাহিত্যৰ অধ্যাপক ড° প্ৰফুল্লদত্ত গোস্বামীয়ে পৰৱৰ্তী কালত অসমীয়া সংস্কৃতিৰ অধ্যয়ন আৰু গৱেষণাত মনোনিবেশ কৰি এই দিশটোত বিশেষ কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল । 

অসমীয়া ভাষা সাহিত্য – সংস্কৃতিলৈ গোস্বামীৰ অৱদান লেখত লবলগীয়া । জন সাহিত্য আৰু লোক সাহিত্য বিষয়ক তেওঁ কেইবাখনো মৌলিক গ্ৰন্থ অসমীয়া আৰু ইংৰাজী ভাষাত ৰচনা কৰিছে । লোক সাহিত্য – সংস্কৃতি বিষয়ক ড° প্ৰফুল্লদত্ত গোস্বামীৰ উল্লেখযোগ্য গ্ৰন্থসমূহ  হল ― অসমীয়া জন সাহিত্যি , ballads and Teles of Assam , Folk Literature of Assam , Bihu Songs of Assam , The Springtime Bihu of Assam ইত্যাদি । 

ড° প্ৰফুল্লদত্ত গোস্বামী এজন সাৰ্থক ঐপন্যাসিক আৰু গল্পকাৰ । কেঁচা পাতৰ কঁপনি তেওঁৰ উপন্যাস আৰু নিতে নৱ ৰূপ তাৰ’ তেওঁৰ গল্প সংকলন । এইসমূহ গ্ৰন্থৰ উপৰি ড° প্ৰফুল্লদত্ত গোস্বামীয়ে মানিকচন্দ্ৰ বৰুৱা আৰু তেওঁৰ যোগ , এটা জীয়া কাহিনী , বীৰ এজন পৰিল , ইউৰোপৰ মনীষী পাঁচগৰাকী আদি জীৱনী , সাহিত্য আৰু জীৱন আলোচনা গ্ৰন্থ , বিলাতত সাত মাহ আদি ভ্ৰমণ – কাহিনী আৰু বিলাতী হোজা আদি শিশুপুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে ।

প্ৰকাশিত এইসমূহ গ্ৰন্থৰ উপৰি অসমৰ প্ৰায় সকলোবোৰ আলোচনীত আৰু অসমৰ বাহিৰৰ ভালেমান গৱেষণা পত্ৰিকাত ড° প্ৰফুল্লদত্ত গোস্বামীয়ে ভালেমান প্ৰবন্ধ লিখিছে । মৃত্যুৰ আগমুহূৰ্তলৈকে ড° প্ৰফুল্লদত্ত গোস্বামীয়ে ভাষা সাহিত্য – সংস্কৃতি বিষয়ক প্ৰবন্ধ পাতি ৰচনা কৰিছিল । 

১৭) এটা শব্দ বা বাক্যত উত্তৰ দিয়া :-

ক) দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বোলে ?

উত্তৰঃ- বিষু । 

খ) বিষুৱন কি ?

উত্তৰঃ- প্ৰাচীন কালত যাগ যজ্ঞ কৰা এটা দিন ।

গ) কোনখন উপন্যাসত বিহুনাচ আৰু গীত সম্পৰ্কে প্ৰথপ আভাস পোৱা যায় ?

উত্তৰঃ- মিৰি জীয়ৰী উপন্যাসত ।

ঘ) ‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটিৰ লেখক কোন ?

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামী ।

ঙ) লাইহাৰাওৱা কি ?

উত্তৰঃ- মণিপুৰৰ পুৰণি যৌনমূলক নৃত্য ।

চ) ‘অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গোপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায় ।’ ― এই মন্তব্য কোনে কৰিছিল ? 

উত্তৰঃ- ১৮৯৬ চনত গৰ্ডন চাহাবে ।

ছ) বলী নাৰায়ণ বৰুৱাই বিহুৰ বিষয়ে কত লিখিছিল ?

উত্তৰঃ- ‘আসাম বন্ধু’  কাকতত । 

জ) কাতি বিহুৰ সময়ত সূৰ্য কোন ৰাশিলৈ যায় ?

উত্তৰঃ- তুলা ৰাশিলৈ । 

ঝ)  দান দক্ষিণ কৰা কথাটো কত পোৱা যায় ?

উত্তৰঃ- ‘স্মৃতি শাস্ত্ৰ’ আৰু  ‘বিষ্ণু পুৰাণ’ত ।

ঞ) ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ পুথিখন কোনে লিখা ? এইখন কিমান চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ- গণেশ চন্দ্ৰ হাজৰিকাই । ১৯১৮ চনত । 

ট) ‘মিৰি জীয়ৰী’ কেতিয়া ছপা হৈছিল ?

উত্তৰঃ- ১৮৯৬ খ্ৰীষ্টাব্দত । 

ঠ) ইন্দ্ৰধব্বজ কি ?

উত্তৰঃ- প্ৰাচীন কালৰ পূজা ।

ড) হলিৰাম ঢেকিয়াল ফুকনে বিহুৰ নৃত্য গীত কি বুলি ঠাৱৰ কৰিছিল ?

উত্তৰঃ- অশোভন বুলি ।

ঢ) অসমৰ কোনখন নগৰত প্ৰথমে বিহু উৎসৱ পতা হৈছিল ?

উত্তৰঃ- গুৱাহাটী নগৰত । 

ণ) ‘ঐতিৰিয় ব্ৰাহ্মণ’ কি ?

উত্তৰঃ- এখনি পুৰণি শাস্ত্ৰ ।

ত)  ‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটিৰ লেখক কোন ?

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামী । 

থ) ‘বিহু’ শব্দৰ উৎপত্তি কিহৰ পৰা হোৱা বুলি পণ্ডিতসকলে ঠাৱৰ কৰে?

উত্তৰঃ- ‘বিষুৱন’ শব্দৰ পৰা ।

দ) শৰৎ কালত সূৰ্য তুলা ৰাশিলৈ যোৱা কথাটো কত আছে ?

উত্তৰঃ- বিষ্ণুপুৰাণত ।

ধ) মধ্যপ্ৰাদেশৰ ওৰাওসকলে কোন কালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে ?

উত্তৰঃ- গ্ৰীষ্ম কালত । 

ন) অসমীয়া কোনগৰাকী ঐপন্যাসিকৰ উপন্যাসত প্ৰথম বিহুৰ নাচ আৰু গীত সম্পৰ্কে বহল আলোচনা পায় ?

উত্তৰঃ- ৰজনীকান্ত বৰদলৈৰ উপন্যাসত ।

প) বিহু নাচ আৰু গীত সম্পৰ্কে বহল আলোচনা থকা প্ৰথম উপন্যাসখনৰ নাম কি ?

উত্তৰঃ- ‘মিৰি জীয়ৰী’ । 

ফ) ‘পৃথিৱীৰ চৌপাশে এপাহ’ গ্ৰন্থৰ লেখল কোন ?

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামী ।

১৭) তলৰ প্ৰতিটো প্ৰশ্নৰ লগতে বন্ধনীৰ মাজত একাধিক উত্তৰ দিয়া হৈছে । শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা :- 

ক) হলিৰাম ঢেকিয়াল ফুকনে বিহুৰ নৃত্য গীত কি বুলি ঠাৱৰ কৰিছিল ?(অশ্লীল / অশোভন / অসংস্কৃতল / কুৰুচিপূৰ্ণ / অসামাজিল )

উত্তৰঃ- অশোভন ।

খ) কোনখন উপন্যাস বিহুৰ নাচ আৰু গীত সম্পৰ্কে বহল বৰ্ণনা দিয়াৰ ক্ষেত্ৰত প্ৰথম ? ( পদুম কুঁৱৰী / ৰহদৈ লিগিৰী / মিৰি জীয়ৰী / জীৱনৰ বাটত / অপূৰ্ণ )

উত্তৰঃ- মিৰি জীয়ৰী ।

গ)  ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ পুথিখনি কোনে লিখা ?( লক্ষ্মীনাথ বেজবৰুৱাই  /ৰজনীকান্ত বৰদলৈয়ে / বলী নাৰায়ণ বৰাই / গণেশ চন্দ্ৰ হাজৰিকাই / ড° প্ৰফুল্লদত্ত গোস্বামীয়ে ) 

উত্তৰঃ- গণেশ চন্দ্ৰ হাজকিৰাই ।

ঘ)  অসমৰ কোনখন নগৰত প্ৰথমে বিহু উৎসৱ পতা হৈছিল ?

( ডিব্ৰুগড়ত / শিৱসাগৰত / গুৱাহাটীত / তেজপুৰত / যোৰহাটত ) 

উত্তৰঃ- গুৱাহাটীত । 

ঙ) কোনখন পুথিত প্ৰথম বিহু গীত নৃত্যৰ আভাস পোৱা যায় ?

( মনোমতী / মিৰি জীয়ৰী / ৰহদৈ লিগিৰী / নিৰ্মল ভকত / রঙ্গিলী )

উত্তৰঃ- মিৰি জীয়ৰী । 

চ) ইন্দ্ৰধব্বজ কি ?( প্ৰাচীন কালৰ ৰজা / প্ৰাচীন কালৰ পূজা / লোক অনুষ্ঠান / নৃত্য বিশেষ / ব্যক্তি বিশেষ )

উত্তৰঃ- প্ৰাচীন কালৰ পূজা । 

ছ) বিহু নৃত্য গীতক কোনে অশোভন বুলি ঠাৱৰ কৰিছিল ?( বলী নাৰায়ণ বৰাই / ৰজনীকান্ত বৰদলৈয়ে / গৰ্ডন চাহাবে / হলিৰাম ঢেকিয়াল ফুকনে / গণেশ হাজৰিকাই  )

উত্তৰঃ- হলিৰাম ঢেকিয়াল ফুকনে । 

জ) ঐতিৰিয় ব্ৰাহ্মণ কি ?( এখন পুৰণি শাস্ত্ৰ / এজন ব্যক্তি / এটা উৎসৱ/ এটা অনুষ্ঠান / এটা আখ্যান )

উত্তৰঃ- এখন পুৰণি শাস্ত্ৰ ।

ঝ) মিৰি জীয়ৰী কেতিয়া ছপা হৈছিল ?( ১৮৮৫ খ্ৰীষ্টাব্দত / ১৮৯৬ খ্ৰীষ্টাব্দত / ১৮৫০ খ্ৰীষ্টাব্দত / ১৮৯৫ খ্ৰীষ্টাব্দত / ১৯১৭ খ্ৰীষ্টাব্দত )

উত্তৰঃ- ১৮৯৫ খ্ৰীষ্টাব্দত ।

ঞ) দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বোলে ?

( বিষু / হুঁচৰি। / কাৰ্তিক পূজা / হলি / মদন চতুৰ্দশী )

উত্তৰঃ- বিষু ।

ট) ‘বিষুৱন’ কি ? ( এটা উৎসৱ / প্ৰাচীন কালত যাগ যজ্ঞ কৰা এটা দিন / এটা যজ্ঞ / এটা সংক্রান্তি )

উত্তৰঃ- প্ৰাচীন কালত যাগ যজ্ঞ কৰা এটা দিন  ।

ঠ) দান দক্ষিণা কৰা কথা কত পায় ?( অথৰ্ববেদত / ঐতৰিয় ব্ৰাহ্মণ / স্মৃতি শাস্ত্ৰত / বিষ্ণু পুৰাণত )

উত্তৰঃ- স্মৃতি শাস্ত্ৰত ( বিষ্ণু পুৰাণতো পোৱা যায় ) ।

ড) কাতি বিহুৰ সময়ত সূৰ্য কোন ৰাশিলৈ যায় ? ( তুলা ৰাশিলৈ / মেষ ৰাশিলৈ / মিথুন ৰাশিলৈ / কৰ্কট ৰাশিলৈ )

উত্তৰঃ- তুলা ৰাশিলৈ । 

ঢ) বিহু শব্দৰ উৎপত্তি কৰ পৰা হৈছে ?( বিষু শব্দৰ পৰা / বিষুৱন শব্দৰ পৰা / বৈশাখী শব্দৰ পৰা / সংক্ৰান্তী শব্দৰ পৰা )

উত্তৰঃ- বিষুৱন শব্দৰ পৰা । 

ণ) সূৰ্য তুলা ৰাশিলৈ গলে কি বিহু হয় ? ( বহাগ বিহু / কাতি বিহু / মাঘ বিহু )

উত্তৰঃ- কাতি বিহু । 

ত) হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজত কি উৎসৱ হয় ?

( বৈশাখী উৎসৱ / বিষুৱন উৎসৱ / দশহৰা উৎসৱ )

উত্তৰঃ- বিষুৱন উৎসৱ ।

থ)  মধ্যপ্ৰাদেশৰ ওৰাওসকলে গ্ৰীষ্ম কালত সমূহীয়াকৈ কি কৰে ?

( মাছ মাৰে / পহু চিকাৰ কৰে / বিষু চিকাৰ কৰে / বিহু নাচে )

উত্তৰঃ- বিষু চিকাৰ কৰে ।

দ)  বলীনাৰায়ণ বৰাই বিহুৰ বিষয়ে কত লিখিছিল ?( জোনাকী / অৰুনোদই / বাঁহী / আসাম বন্ধু )

উত্তৰঃ- আসাম বন্ধু ।

ধ) কোনখন উপন্যাসত বিহু নাচ আৰু গীত সম্পৰ্কে প্ৰথম আভাস পোৱা যায় ?

উত্তৰঃ- মিৰি জীয়ৰী উপন্যাসত ।

ন) ‘ ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটিৰ লেখক কোন ?

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামী ।

প) লাইহাৰাওৱা কি ?

উত্তৰঃ- মণিপুৰৰ পুৰণি যৌনমূলক নৃত্য । 

ফ) ‘অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গোপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায় ।’ – এই মন্তব্য কোনে কৰিছিল ?

উত্তৰঃ- ১৮৯৬ চনত গৰ্ডন চাহাবে ।

ব) ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ পুস্তিকাখনৰ ৰচক কোন ?

উত্তৰঃ- গণেশ চন্দ্ৰ হাজৰিকা ।

ভ) ‘কেঁচা পাতৰ কঁপনি’  উপন্যাস কোনে ৰচনা কৰিছিল ?

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামীয়ে । 

ম) ‘আসাম বন্ধু’ আলোচনীখন কেতিয়া প্ৰকাশ পায় ?

উত্তৰঃ- ইং  ১৮৮৫ – ৮৬ চনত । 

য) ‘অসমৰ স্কট’  ৰূপে কাক কোৱা হয় ?

উত্তৰঃ- ৰজনীকান্ত বৰদলৈক ।

ৰ) ‘বিলাতী হোজা’ গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামী ।

টোকা :-

ক) অথৰ্ববেদ :- চাৰিবেদৰ চতুৰ্থখন হল অথৰ্ববেদ । প্ৰাচীন কালত ইয়াক  ‘অথৰ্বাংগিৰসবেদ’ বোলা হৈছিল । যাজ্ঞবল্ক্য , গৌতম , মনু আদি স্মৃতিকাৰ সকলে উল্লেখ কৰিছে যে ৰজাৰ পক্ষে এই বেদ অধ্যয়ন অপৰিহাৰ্য । সেই কাৰণেই ইয়াৰ আন এটা নাম হল  ‘ক্ষাত্ৰ বেদ’ । অথৰ্ববেদৰ শাখা দুটা , পৈপ্ললাদ আৰু শৌনকীয় । 

খ) ঐতৰেয় ব্ৰাহ্মণ :- বৈদিক সাহিত্যৰ ব্ৰাহ্মণ গ্ৰন্থসমূহৰ ভিৰতৰ ই প্ৰাচীনতম ।গ্ৰন্থ । গ্ৰন্থখনি মূলতঃ পদ্যত ৰচিত হলেও কেইটামান আখ্যান গদ্যতো ৰচিত আছে । 

গ) বিষ্ণুপুৰাণ :- বৈষ্ণৱ সম্প্ৰদায়ৰ মূল গ্ৰন্থ বিষ্ণুপুৰাণ । ৰামানুচাৰ্যই তেওঁৰ বেদান্ত সূত্ৰৰ টিকাত এই কথা উল্লেখ কৰিছে । পুৰাণখনৰ বিষয়বস্তুৰ ধাৰাবাহিকতাই প্ৰমাণ কৰে যে ই এখন প্ৰাচীন পুৰাণ আৰু ইয়াৰ মূল ৰূপটো আজিলৈকে অপৰিৱৰ্তিত । পুৰাণৰ পঞ্চ লক্ষণ , যেনে সৰ্গ ( সৃষ্টি ) , প্ৰতিসৰ্গ ( সৃষ্টিৰ পিছত পুন : সৃষ্টি ) , বংশ ( দেৱতা বা ঋষি মুনি সকলৰ বংশ ) , মনন্তৰ ( মনুৰ অধিকাৰ ফল ) আৰু বংশানুচৰিত ( বংশোদ্ভৱ বিখ্যাত চৰিত্ৰ ) ― এই কেইটা ইয়াত বৰ্তমান।বৈষ্ণৱ সকলৰ প্ৰামান্য গ্ৰন্থ  হলেও ইয়াত বিষ্ণুৰ উদ্দেশ্যে কোনো যাগ – যজ্ঞানুষ্ঠানৰ কথা লিপিবদ্ধ হোৱা নাই । 

ঘ) ইন্দ্ৰধব্বজ পূজা :- ভাৰতবৰ্ষত ইন্দ্ৰধব্বজ পূজাৰ ইতিহাস প্ৰাচীন । ভাদ মাহৰ প্ৰথম পক্ষত পুৰণি কালত ৰজাসকলে বৰষুণৰ বাবে এই পূজা কৰিছিল । ‘কালিকা পুৰাণ’কে আদি কৰি প্ৰাচীন গ্ৰন্থত এই পূজাৰ উল্লেখ আছে । জনশ্ৰুতি মতে ইন্দ্ৰধব্বজ পূজা কৰা ৰজাসকলৰ ৰাজ্যত ৰোগ নাশ হয় , শস্য বৃদ্ধি হয় । 

ঙ) বাঁহী :-  ১৯০৯ চনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদনাত  ‘বাঁহী’ কাকতখন প্ৰথম প্ৰকাশ হয় । দশম বছৰৰ পৰা  ‘বাঁহী’  চন্দ্ৰকমল বেজবৰুৱাৰ সম্পাদনাত পোনতে ডিব্ৰুগড় আৰু তাৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশ পায় । 

চ) মিৰি জীয়ৰী :-  ‘উপন্যাস সম্ৰাট’ ৰজনীকান্ত বৰদলৈৰ দ্বাৰা মিছিং সমাজৰ আধাৰত ৰচিত ই এখনি বিখ্যাত সামাজিক উপন্যাস । মিছিং সকলৰ বিভিন্ন সামাজিক ৰীতি নীতিৰ উপৰি সেই সকলৰ মাজত প্ৰচলিত বিহু নৃত্য আৰু গীতৰো বহুল বিৱৰণ উপন্যাস খনত পোৱা যায় । 

ছ) আসাম বন্ধু :- অসমৰ প্ৰথম আলোচনী বাতৰি কাকত  ‘অৰুনোদই’  ( ১৮৪৬ ) প্ৰকাশৰ প্ৰায় দুকুৰি বছৰ পিছত  ১৮৮৫ চনত গুণাভিৰাম বৰুৱাৰ সম্পাদনাত  ‘আসাম বন্ধু’ নামৰ এই আলোচনীখন কলিকতাৰ পৰা প্ৰকাশ পায় । এই আলোচনীখন ১৮৯৪ চনলৈ প্ৰায় নও বছৰহে ই জীয়াই থাকিল । ইয়াত বিভিন্ন বা – বাতৰিৰ উপৰি অসমৰ সাহিত্য , বুৰঞ্জী তথা সমাজৰ নানান কথা প্ৰকাশ পাইছিল । 

জ) হলিৰাম ঢেকিয়াল ফুকন ( ১৮০২ – ১৮৩২ ) :- হলিৰাম ঢেকিয়াল ফুকনৰ পিতৃৰ নাম আছিল পৰশুৰাম বৰুৱা মাতৃৰ নাম কামেশ্বৰী । দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সতে তেওঁ হাদিৰাচকীত দুৱলীয়া বৰুৱা হয় । চন্দ্ৰকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে তেওঁক ঢেকিয়াল ফুকন পদবী দিয়ে । ইং  ১৮২৫ চনত কোম্পানীৰ আমোলত তেওঁ অসমৰ নামনি খণ্ডৰ কালেক্টৰী চিৰস্তাদাৰ পদত নিযুক্ত হয় – কিন্তু পিছত হোৱাইট চাহাবৰ সৈতে মতানৈক্য হোৱাত সেই পদ এৰি দিয়ে । ১৮৩২ চনত তেওঁ গুৱাহাটীত এচিষ্টেণ্ট মেজিষ্ট্ৰেট পদত নিযুক্ত হয় । ১৮২৯ চনত তেওঁ বঙলাভাষাত  ‘আসাম বুৰঞ্জী’  আৰু ১৮৩২  চনত সংস্কৃত ভাষাত  ‘তীৰ্থ যাত্ৰা পদ্ধতি’ ৰচনা কৰি প্ৰকাশ কৰে । বঙলা ভাষাত ৰচিত  ‘সমাচাৰ চন্দ্ৰিকা’ , ‘সমাচাৰ দৰ্পন’ আদি ভালেমান উল্লেখযোগ্য প্ৰবন্ধও প্ৰকাশ পায় । 

ঝ) বল বৰ্মা :- পুৰণি প্ৰাগজ্যোতিষ ৰাজ্যত বল বৰ্মা উপাধিকাৰী তিনিজন নৃপতিৰ নাম পোৱা যায় । তাৰে শালস্তম্ভবংশী তৃতীয় বল বৰ্মাদেৱে অখণ্ড প্ৰতাপেৰে প্ৰায় একুৰি পাঁচ বছৰ কাল ৰাজত্ব কৰি পৱিত্ৰ বিষুৱ সংক্রান্তি কালত ব্ৰাহ্মণ লৈ ভূমি দান কৰা একাধিক তামৰ ফলি উদ্ধাৰ হৈছে । 

ঞ) বলীনাৰায়ণ বৰা :- বলী নাৰায়ণ বৰাৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীত । পিতৃৰ নাম দত্তনাৰায়ণ বৰা । ১৮৬৮ চনত গুৱাহাটী চেমিনাৰীৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ  ১৮৭১ চনত এফ এ পৰীক্ষা পাছ কৰি গীলক্ৰাইষ্ট বৃদ্ধি লৈ বিলাতলৈ যায় । ১৮৭৭ চনত কুপাৰ কলেজৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙ সুখ্যাতিৰে পাছ কৰি ঘৰলৈ ঘূৰি আহে । নগাঁও , শিৱসাগৰ আৰু বঙ্গদেশৰো নানান ঠাইত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি ১৯০৭ চনত অধীক্ষক অভিযন্তাৰূপে অৱসৰ গ্ৰহণ কৰে।১৮৮৬ চনত তেওঁ  ‘মৌ’ নামৰ কাকত এখন সম্পাদনা কৰি উলিয়ায় । বৰাৰ ৰচিত গ্ৰন্থ হল – ‘A Geography of India’  ‘ভাৰতবৰ্ষৰ বুৰঞ্জী’ , ‘অসমীয়া প্ৰবচন’ আদি ।

ট) ৰজনীকান্ত বৰদলৈ :- অসমীয়া সাহিত্য জগতত  ‘উপন্যাস সম্ৰাট’ , ‘অসম স্কট’ ৰূপে খ্যাতি লাভ কৰা ৰজনীকান্ত বৰদলৈৰ জন্ম হয় গুৱাহাটীৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰে । তাৰ পিছত কলিকতাৰ মেট্ৰোপলিটান কলেজৰ পৰা ১৮৮৭ চনত এফ এ আৰু  ১৮৮৯ চনত বি এ পৰীক্ষাত উত্তীৰ্ণ হৈ  ১৮৯১ চনত উত্তৰ লক্ষীমপুৰত মাটিৰ হাকিম পদত নিযুক্ত হয় । ১৯১৮  চনত উপায়ুক্ত ৰূপে অৱসৰ গ্ৰহণ কৰে । 

বৰদলৈৰ ৰচিত উপন্যাসসমূহ হল ― ‘ৰহদৈ লিগিৰী’ , ‘মনোমতী’ , ‘মিৰি জীয়ৰী’ , ‘দন্দুৱাদ্ৰোহ’ , ‘নিৰ্মল ভকত’ , ‘তাম্ৰেশ্বৰী মন্দিৰ’ , ‘ৰাধা- ৰুক্মিণীৰ ৰণ’ আদি ।  ‘ভোলাই শৰ্মা’ ছদ্মনামেৰে  ‘বাঁহী’ আৰু  ‘আলোচনী’ কাকতত এলানি হাস্যৰসাত্মক প্ৰৱন্ধও লিখিছিল । ৰজনীকান্ত বৰদলৈ অসম সাহিত্য সভাৰ  ১৯২৫ চনত নগাঁৱত অনুষ্ঠিত অষ্টম অধিবেশনৰ সভাপতি আছিল ।

ঠ) গণেশ চন্দ্ৰ হাজৰিকা :- শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাত যোগনীয়া গাঁৱত জন্ম গ্ৰহণ কৰা গণেশ চন্দ্ৰ হাজৰিকাই  ‘বাঁহী’ , ‘আলোচনী’  আদি কাকতত ভালেকেইটা কবিতা আৰু প্ৰবন্ধ লিখিছিল । বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ ( ১৯১৮ ) হাজৰিকাৰ একমাত্ৰ প্ৰকাশিত গ্ৰন্থ ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top