Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা

Join Telegram channel

Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Advance Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা and select needs one.

Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা Solutions for All Subject, You can practice these here…

ব’হাগ বিহুৰ পৰম্পৰা – ড° প্ৰফুল্ল দত্ত গোস্বামী

পাঠ:

গদ্যাংশ

চমু প্ৰশ্ন

১) ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটোৰ যোগেদি অসমত ব’হাগ বিহুৰ ঐতিহাসিক দিশ আলোচনা কৰা ।অথবা ,  ‘ব’হাগ বিহুৰ পৰম্পৰা’ পাঠটিত বিহু শব্দৰ উৎপত্তিৰ বিষয়ে কি কথাৰ উল্লেখ আছে , বিৱৰি লিখা ।

উত্তৰঃ- নৱবৰ্ষৰ নতুন দিনবোৰত কৃষিজীৱী গাঁৱৰ মানুহবোৰে কেতবোৰ আচাৰ নিয়ম মানি চলা কথা সকলো দেশতে চলি আছে । এই নিয়মবোৰৰ বিশেষকৈ নৃত্য – গীত , পূজা – পাতল ইত্যাদি । তালৈ চাই কব লাগিব যে অসমৰ বহাগ বিহুৰ এটা পৰম্পৰা প্ৰাচীন কালৰ পৰা চলি আহিছে । অসমৰ জনজাতীয় লোকসকলেও এই উৎসৱ মানি চলে । পৰম্পৰাৰ ইতিহাস ফঁহিয়াই চোৱা যাওক ―

পণ্ডিতসকলৰ মতে  ‘বিহু’ শব্দ সংস্কৃত ‘বিষুৱ’ শব্দৰ পৰা ওলোৱা বুলি কোৱা হয় । অথৰ্ববেদ আদিৰ মতে বিষুৱন যাগ যজ্ঞ কৰা এটা দিনৰ নাম । এই যজ্ঞত সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে। বিষ্ণুপুৰাণ , স্মৃতিশাস্ত্ৰতো এনে পবিত্ৰ দিনত দান – দক্ষিনা কৰাৰ কথা কোৱা হৈছে । পুৰণি অসমত বলবৰ্মা আদি ৰজাসকলে দান দক্ষিণা দিয়াৰ উদাহৰণ আছে ।

দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক  ‘বিষু’ বোলে । মধ্যপ্ৰাদেশত  ‘বিষু’ চিকাৰ প্ৰথা আছে । কোনো কোনো অঞ্চলত বৈশাখি উৎসৱ বুলি কোৱা হয় ।

বিহুত আৰ্য আৰু অনাৰ্য দুই প্ৰকাৰৰ সংস্কৃতিৰ সুঁতি লগ লাগিছে । বিহু নৃত্যত থকা স্ত্ৰী – পুৰুষৰ মিলনৰ ইংগিত কৃষিভিত্তিক উৰ্বৰা অনুষ্ঠানৰ কথাই সূচায় । বৰ্তমান প্ৰচলিত ঘৰ বাৰী সূচী কৰা , ন – কাপোৰ পিন্ধা, গৰু গাইৰ যত্ন লোৱা , গোসাঁইৰ পূজা কৰা , নৃত্য আৰু গীত ― এই আৰ্য আৰু অনাৰ্যৰ উদ্দেশ্য হল খেতি বাতিৰ মংগল সাধন কৰা । সেই ফালৰ পৰাই একপ্ৰকাৰ ধৰ্মানুষ্ঠান ।

প্ৰাচীন অসমীয়া পুথিত  ‘বিষুৱ’ আৰু ‘বিহু’ শব্দ আছে , উৎসৱ শব্দটো পোৱা নাযায় । সপ্তম শতিকাত মুছলমান ভ্ৰমণকাৰী এজনে নৱবৰ্ষত অসমৰ ৰাজধানীত পুৰুষ স্ত্ৰী উভয়ে নৃত্য আৰু গীতেৰে ৰং ধেমালি কৰা ঢোল , পেঁপা আদি বাদ্য যন্ত্ৰৰ ব্যৱহাৰৰ কথা লিখি গৈছে । বিদেশী ভ্ৰমণকাৰীয়ে নৱবৰ্ষৰ বৰ্ণনা দিয়া এয়েই প্ৰথম । এই ভ্ৰমণকাৰীজনে 

সম্ভৱত :-  ‘চিয়াবুদ্দিন’ নামৰ ভ্ৰমনকাৰীয়ে হব । এওঁ মিৰজুমলাৰ আক্ৰমণৰ সময়ত আহিছিল । এই উৎসৱত ডেকা গাভৰুৰ মনৰ আদান প্ৰদান হয় বুলি লিখিছে । এই কথাৰ দ্বাৰা প্ৰতিপন্ন হয় যে আহোম ৰজাসকলে পৃষ্ঠপোষকতা কৰা বাবে বিহু অসমৰ জাতীয় উৎসৱ হিচাপে পৰিগণিত হল ।

তদুপৰি নৱবৰ্ষত নৃত্য গীত কৰা পৰম্পৰা আহোমসকলে শ্বাস বা চীন দেশৰ পৰা লৈ আহে বুলি কব পাৰি । কিয়নো চীন দেশত বছৰৰ আৰম্ভণিত নৈৰ পাৰত ডেকা গাভৰুৱে নাচ গান কৰিছিল , উত্তৰ প্ৰত্যুত্তৰমূলক গীত গাইছিল । এনে উৎসৱৰ তাৎপৰ্য আছিল কৃষিৰ উন্নতি সাধন কৰা । আহোমসকলে হয়তো চীন দেশৰ পৰা আৰ্হি লৈ আহে ।

পিছলৈ ঊনবিংশ শতিকাৰ ফালে আহোম শাসন লোপ পাবলৈ ধৰাত আৰু বঙ্গদেশৰ প্ৰভাৱত হিন্দুধৰ্মৰ বিধি ব্যৱস্থাই ঠাই ললে । সেয়েয়ে হবলগা  ১৮২৯  চনত হলিৰাম ঢেকিয়াল ফুকনৰ নৃত্য গীত অশোভন বুলি  ঠাৱৰ কৰে । 

১৮৮৫  চনত  ‘আসাম বন্ধু’  কাকতত বলীনাৰায়ণ বৰাই বিহুৰ নৃত্য গীতক শ্ৰীকৃষ্ণৰ বৃন্দাবন লীলাৰ কথা বুলি উনুকিয়াইছে । 

উল্লেখযোগ্য যে সেই কালৰ দুই এজন লোকৰ বিবেচনাত বিহুৰ বেয়া লক্ষণবোৰেই বিহুৰ প্ৰয়োজনীয় সামগ্ৰী হল । প্ৰাচীন ভাৰতৰ খেতি বাতৰি উন্নতিৰ হকে কৰা পূজা পাতল , যাগ – যজ্ঞৰ পৰিৱৰ্তে অসমত চলিল নৃত্য গীত , উদ্দেশ্য দুয়োটাৰে একেই । 

১৮৯৫  চনত ৰজনীকান্ত বৰদলৈৰ  ‘মিৰি জীয়ৰীত’ বিহু নাচৰ বৰ্ণনা আছে । ১৯১৮ চনত গণেশচন্দ্ৰ হাজৰিকা নামৰ এজন লিখকে  ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ শীৰ্ষৰ সৰু পুথি এখন লিখে । তেওঁ  ‘পুৰণি বস্তুৰ পৰা সাৰভাগহে সমাজৰ উপযোগী’  কৰি তোলাত গুৰুত্ব দিয়ে । লক্ষ্মীনাথ বেজবৰুৱাই  ‘বাঁহী’ কাকতত বিহু উৎসৱৰ হকে সমৰ্থন জনাই একাধিকবাৰ লিখে । ১৯৩১ চনত গুৱাহাটীত ৰাজহুৱা ভাৱে ৰং ধেমালি , খোৱা বোৱাৰে বিহু পতা হয় । সাম্প্ৰতিক কালত , ভাৰতীয় জাতীয় জাগৰণৰ সময়ৰ জাতীয় সংস্কৃতিৰ প্ৰতীকস্বৰূপ । বিভিন্ন খেল আৰু বিভিন্ন ভাষাৰ মিলনৰ ক্ষেত্ৰ হিচাপে বিহু সাংস্কৃতিক সমন্বয়ৰো প্ৰতীক । 

২) ‘বিহু উৎসৱত অৱশ্যে কেবাটাও উপাদান লগ লাগিছে ।’ ― এই উপাদানসমূহ কি কি বুজাই লিখা ।

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামীদেৱে ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত মত প্ৰকাশ কৰি কৈছে যে অসমৰ বিহুৰ অনুষ্ঠান বিভিন্ন উপাদানৰ সংমিশ্ৰিত ৰূপ । বিহু শব্দটোৰ উৎপত্তি সংস্কৃত  ‘বিষুৱন’ শব্দৰ পৰা । বেদ ব্ৰাহ্মণ আদি প্ৰাচীন গ্ৰন্থত বিষুৱন হল যাগ যজ্ঞ কৰা এটা দিনৰ নাম । এনে যাগ যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি বীজৰ গজালি ওলোৱাত সহায়তা কৰে । বিষ্ণুপুৰাণত  আছে শৰৎ আৰু বসন্ত ঋতুৰ মধ্যত দিন ৰাতি সমান হয় । এই পৱিত্ৰ সময়ত দেৱতা , ব্ৰাহ্মণ আৰু পিতৃসকলৰ উদ্দেশ্যে সংযত চিত্তে দান কৰিব লাগে । স্মৃতি শাস্ত্ৰতো দান দক্ষিণা কৰাৰ কথা উল্লেখ আছে । প্ৰাচীন বিষুৱন দিনৰ পূজা – পাতলৰ সোঁৱৰণ অসমীয়া বিহু উৎসৱত লক্ষ্য কৰা যায় ।

বিহু উৎসৱৰ এনেদৰে আৰ্য উপাদানৰ লগত জড়িত হৈ আছে ভালেমান প্ৰাক আৰ্য বা অনাৰ্য উপাদান । কৃষিজীৱী লোকৰ মাজত পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াবৰ বাবে স্ত্ৰী পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য গীতৰ ব্যৱস্থা প্ৰাচীন কালৰে পৰাই প্ৰচলন আছিল । বিহু নাচত যৌন মিলনৰ ইংগিত থকা যি মুদ্ৰা লক্ষ্য কৰিব পাৰি সি এই প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ কথাই মনলৈ আনে । বৰ্তমানে আমাৰ বিহুত যিবিলাক আচাৰ লক্ষ্য কৰা যায় যেনে ― ঘৰ বাৰী সূচী কৰা , নতুন কাপোৰ পিন্ধা , গৰু গাইৰ যতন লোৱা , দেৱতা বা গোসাঁইক পূজা কৰা , নৃত্য আৰু গীত  ― এই আচাৰবোৰ আৰ্য আৰু অনাৰ্য সকলোৰে আৰু ইহঁতৰ উদেশ্য একেটাই আৰু সেয়া হৈছে ৰাইজ , জীৱ জন্তু আৰু খেতি বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা কৰা । এনেদৰে বিহুত আৰ্য অনাৰ্য বিভিন্ন উপাদানৰ সংমিশ্ৰণ ঘটিছে । 

৩) ‘এই ফালৰ পৰা চাবলৈ গলে বিহু এক ধৰ্মীয় অনুষ্ঠান ।’ ― লেখকৰ মন্তব্য মুক্তিসহ বিচাৰ কৰা ।অথবা , ‘বিহু এক ধৰ্মীয় অনুষ্ঠান’ ― বিহুক ধৰ্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা বিচাৰ কৰা । 

উত্তৰঃ- ‘ব’হাগ বিহুৰ পৰম্পৰা’  প্ৰবন্ধত লেখক ড° প্ৰফুল্লদত্ত গোস্বামীদেৱে বিহুৰ পৰম্পৰা নিৰ্দেশ কৰিবলৈ গৈ মন্তব্য দিয়ে যে বিহুৰ লগত জড়িত আচাৰ অনুষ্ঠানসমূহ ধৰ্মৰ লগত জড়িত । বিহু শব্দটোৰ উৎপত্তি হৈছে সংস্কৃত  ‘বিষুৱন’ শব্দৰ পৰা । অথৰ্ববেদ আৰু ঐতৰিয় ব্ৰাহ্মণত বিষুৱন যাগ – যজ্ঞ কৰা এটা দিন বুলি কোৱা হৈছে । এই যাগ যজ্ঞই সূৰ্য্যৰ গতি নিয়ন্ত্ৰণ কৰিব শস্যৰ বীজ গজাত সহায় কৰে । অর্থ্যাৎ খেতি বাতিৰ সু ব্যৱস্থাৰ বাবেই এই বিষুৱন দিনৰ যাগ যজ্ঞৰ আয়োজন কৰা হয় । অসমীয়া ভঠেলি অনুষ্ঠানত যেনেকৈ প্ৰাচীন ইন্দ্ৰধ্বজ পূজাৰ সোঁৱৰণ ৰক্ষিত হৈছে , বিহু অনুষ্ঠানতো তেনেদৰে ভাৰতৰ বিষুৱন দিনৰ পূজা – পাতলৰ সোঁৱৰণ ৰক্ষিত হৈছে । বৰ্তমান সময়ত আমি বিহুত যিবিলাক আচাৰ – অনুষ্ঠান পালন কৰো । ― যেনে ঘৰ ― বাৰী সূচী বা নিকা কৰা , ন – কাপোৰ পিন্ধা , গৰু – গাইৰ যতন লোৱা , দেৱতা বা গোসাঁইক পূজা কৰা , নৃত্য আৰু গীত ― এই সকলোবোৰ আৰ্য আৰু অনাৰ্য আচাৰৰ উদ্দেশ্য একেই । আটাইবিলাকৰ উদ্দেশ্য হল ৰাইজ , জীৱ জন্তু আৰু খেতি বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা কৰা । সেয়ে এই দিশৰ পৰা বিচাৰ কৰি চালে বিহুক এক ধৰ্মীয় অনুষ্ঠান বুলিয়েই অভিহিত কৰিব পাৰি ।

৪) ‘কিন্তু এই ধাৰণা শুদ্ধ নহয় যেন লাগে ।’ ― লেখকে কোনটো ধাৰণাৰ কথা কৈছে ? এই ধাৰণা শুদ্ধ নহয় বুলি কিয় কৈছে ? 

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামীয়ে ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত বৰ্তমান কালত হিন্দুধৰ্মৰ প্ৰভাৱত পূৰ্বৰ পৰা চলি অহা নৃত্য আৰু গীতবিলাক অমাৰ্জিত বুলি কৰা ধাৰণা নিৰ্ভুল নহয় বুলি মন্তব্য দিছে । বিহুৰ লগত জড়িত নৃত্য আৰু গীতসমূহ বহুতে শুভনীয়ে নহয় বুলি মত প্ৰকাশ কৰে । গোড়া হিন্দুধৰ্মী লোকসকলে পুৰণি নৃত্য আৰু গীতক নিজৰ ভিতৰত সুমুৱাই লব নোৱাৰিলে । লোৱা হলে অসমীয়া হিন্দুধৰ্মৰ এটি সতেজ আৰু আকৰ্ষণীয় ৰূপ লক্ষ্য কৰিব পৰা হলহেঁতেন । সেয়ে হিন্দুধৰ্মৰ প্ৰভাৱত গঢ় লৈ উঠা এই ধাৰণাটো অৰ্থাৎ বিহু নৃত্য গীতক অমাৰ্জিত বুলি ভবা ধাৰণাটো শুদ্ধ নহয় । 

বিহুগীতত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰাত বিহু নৃত্য আৰু গীত অমাৰ্জিত হোৱা নাই । হিন্দু ধৰ্মৰ এনে নৃত্য- গীতক ধৰ্মৰ ভিতৰুৱা কৰি লব নোৱাৰাটো দুৰ্ভাগ্যৰ কথাহে । বৰ্তমানে অৱশ্যে বিহুগীত বিশেষকৈ হুঁচৰিত হিন্দু ধৰ্মৰ প্ৰভাৱ ছেগা চোৰোকাকৈ নপৰাকৈ থকা নাই । নৃত্যৰ পিছে এই প্ৰভাৱ নপৰিল । 

৫) বিহু অসমীয়াৰ জাতীয় উৎসৱ হিচাপে কেতিয়াৰ পৰা পৰিগণিত হল ? বিহুৰ নৃত্য – গীতক অশোভনীয় বুলি কোনে ঠাৱৰ কৰিছিল ? বলীনাৰায়ণ বৰাই জাতীয় উৎসৰ্বস্বৰূপে বিহুৰ প্ৰতি অনুমোদন জনাই কোনখন কাকতত মন্তব্য দিছিল ? বিহুৰ বিষয়ে গণেশ চন্দ্ৰ হাজৰিকা আৰু লক্ষ্মীনাথ বেজবৰুৱাই কোৱা কথাখিনি তোমাৰ ভাষাত লিখা । 

উত্তৰঃ- ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত লেখক  ড° প্ৰফুল্লদত্ত গোস্বামীদেৱে অসমত বহাগ বিহুৰ যে এক পৰম্পৰা আছে , বহাগ বিহুৰ যে এটা ইতিহাস আছে তাকে বিভিন্ন যুক্তিৰে প্ৰতিপন্ন কৰিছে । লেখকৰ মতে অসমৰ পৰ্বত ভৈয়াম নিৰ্বিশেষে সকলোতে অতীজৰে পৰা পালন কৰি অহা এটা বহাগ বিহুক সম্ভৱতঃ আহোম স্বৰ্গদেৱসকলে পৰিপোষণ কৰি ইয়াক এটি জাতীয় উৎসৱত গঢ় দিয়াত সহায় কৰিলে । গতিকে আহোম স্বৰ্গদেৱসকলেই বিহুক এক অভিজাত্য প্ৰদান কৰি জাতীয় উৎসৱত পৰিণত কৰিলে । 

ঊনবিংশ শতিকাৰ অসমৰ নৱজাগৰণৰ অন্যতম প্ৰবক্তা স্বৰ্গীয় আনন্দৰাম ঢেকিয়াল ফুকন দেৱে বিহু নৃত্য গীতক অশোভন বুলি ঠাৱৰ কৰিছিল । যিহেতু ঢেকিয়াল ফুকন আছিল বংগদেশৰ লগত সম্পৰ্ক ৰখা গোড়া হিন্দু । সেয়ে তেওঁ এনে ধাৰণা কৰিছিল ।

বিহুক জাতীয় উৎস্বৰূপে অনুমোদন জনাই পোনপ্ৰথমে বলীনাৰায়ণ বৰাই মত প্ৰকাশ কৰিছিল । ১৮৮৫ খ্ৰীষ্টাব্দত ‘আসাম বন্ধু’  কাকতত বলীনাৰায়ণ বৰাই বিহুক অনুমোদন জনাই মত প্ৰকাশ কৰি কৈছিল যে  ‘ক্ৰমে সূৰ্যৰ তেজ বৃদ্ধি হয় , তাৰ লগে লগে প্ৰকৃতিৰো শোভা বৃদ্ধি হয় । ভগৱানে স্বৰূপ ধৰিও বৈকুণ্ঠৰ শোভা পাহৰি পাৰ্থিৱ প্ৰকৃতিৰ লগত ধূলি – মাটি পানীৰে গীত পদ গাই ধেমালি কৰিলে । আন মানুহৰ কি পাৰ্থক্য ? সকলোৱে এইৰূপে গীত পদ গাই ধেমালি কৰিলে ইত্যাদি ।’

এই শতিকাৰ দ্বিতীয় দশকমানৰ পৰা শিক্ষিত মধ্যবিত্ত লোকৰ বিহু সম্পৰ্কীয় ধাৰণা সলনি হবলৈ আৰম্ভ কৰে । গণেশচন্দ্ৰ হাজৰিকাই ১৯১৮  চনত ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামেৰে পুস্তিকা এখন ছপাই তাত অসমীয়া বিহুকেইটিৰ এটি সৰল বৰ্ণনা দিছিল । হাজৰিকাই পুস্তিকাখনিত বিহুৰ বিষয়ে মন্তব্য কৰি কৈছিল ― ‘সজ বিবেচকৰ কৰ্তব্য হৈছে সমাজৰ লাগতিয়াল পুৰণি বস্তুৰ পৰা সাৰ সংগ্ৰহ কৰি তাক বৰ্তমান সময় আৰু সমাজৰ উপযোগী কৰি তোলা আৰু সেই সম্বলৰেই বৰ্তমান সমাজৰ মংগল সাধন কৰা ।’ 

লক্ষ্মীনাথ বেজবৰুৱাই  ১৯১৭ খ্ৰীষ্টাব্দত বাঁহী কাকতত বিহুৰ বিষয়ে মত প্ৰকাশ কৰি লিখিছিল :  ‘বিহুৱে কাকো দুখ নিদিয়ে , সকলোকে ৰং দিয়ে , সেই দেখি বিহুক লোকে হাঁহে , বেয়া পায় । বেজবৰুৱাই বাঁহী কাকতত বিহুৰ সপক্ষে চোকা আৰু ব্যংগ সুৰত একাধিকবাৰ ওকালতি কৰিছিল ।

৬)  ‘আসাম বন্ধু’ত বলীনাৰায়ণ বৰাই জীয়াই উৎসৱস্বৰূপে বিহুৰ প্ৰতি অনুমোদন জনাই লিখা কথাখিনি ‘ব’হাগ বিহুৰ পৰম্পৰা’ত প্ৰবন্ধ লিখকে যিদৰে তুলি দিছে , সেই কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা।

অথবা

১৮৮৫ খ্ৰীষ্টাব্দত বলীনাৰায়ণ বৰাই আসাম বন্ধুত যি মন্তব্য কৰিছিল তাত জাতীয় উৎসৱস্বৰূপে বিহুৰ প্ৰতি অনুমোদন লক্ষ্য কৰিব পাৰি । ― বলীনাৰায়ণ বৰাই বিহু সম্পৰ্কে লিখা কথাখিনি তোমাৰ পাঠ্যপুথিত উল্লেখ থকা মতে লিখা ।

উত্তৰঃ- স্বৰ্গীয় বলীনাৰায়ণ বৰাই  ১৮৮৫ খ্ৰীষ্টাব্দত  ‘আসাম বন্ধু’ কাকতত বিহুৰ বিষয়ে লিখা টোকাটোত কৈছিল ― ক্ৰমে সূৰ্য্যৰ তেজ বৃদ্ধি হয় , তাৰ লগে লগে প্ৰকৃতিৰ শোভা বৃদ্ধি হল । ভগৱানে স্বৰূপ ধৰিও বৈকুণ্ঠৰ শোভা পাহৰি পাৰ্থিৱ প্ৰাকৃতিৰ লগত ধূলি মাটি , পানীৰে গীত পদ গাই ধেমালি কৰিলে । আন মানুহ কি পদাৰ্থ ? সকলোৱে সেইৰূপে গীত পদ গাই ধেমালি কৰিবলৈ ধৰিলে । নানা গীত লোকে নানা মতে নাচিবলৈ ধৰিলে । প্ৰেমিকৰ প্ৰেম , ভক্তৰ ভক্ত উদয় হল । সেইৰূপে আপোনাৰ মনৰ ভাব প্ৰকাশিত হবলৈ ধৰিলে । ভাৰতবৰ্ষৰ সকলো ঠাইলৈকে চোৱা , এইৰূপ দেখিবা । 

কোনো ঠাইত হোলি , কোনো ঠাইত কাৰ্তিক পূজা , কোনো ঠাইত মদৰ চতুৰ্দশী বা মদৰ কামৰ বাশ মহাউৎসৱ । স্বাভাৱিক অৱস্থাত যাক অশ্লীলতা বোলা যায় এই অৱস্থাত তাৰ ভাব ঢিলা । সংহতি কাৰ্য সাধিকাৰ ৰূপত মূৰ্তিৰ পূজাত আৰ্যৱৰ্ত্ত প্ৰৱাহিনী হৈ যায় । ক্ৰমে মীন ৰাশি এৰি সূৰ্য মেঘলৈ গতি কৰিবলৈ ধৰে । লোকৰ নাচ বাজ , গীত বাজনাৰ বৃদ্ধি হল । কোনো ঠাইত চড়ক , কোনো ঠাইত আন প্ৰকাৰৰ ধেমালি । 

চতৰ ২৯ তাৰিখে উৰুকা বা বিহুৰ অধিবাস । বুঢ়া – বুঢ়ী , ডেকা – ডেকেৰী কোনোৱে ৰংগে মাছ মাৰিবলৈ গল । বোৱাৰী – জীয়ৰীৰে কাপোৰ ধুই ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিলে । লৰাই গৰু – গাই বিচাৰিলে । ৰাত্রি প্ৰভাত হল । দেশ উৎসাহত পূৰ্ণ । মাহ – হালধীৰে গৰুৰ স্নান সমাপন কৰি লাউ , বেঙেনা , হালধি গাত ছটিয়াই এৰি দিয়া হল । গধূলি ন – পঘা পালে । লোকসকলে গা ধুই নাম – কীৰ্তন কৰি অৱস্থা অনুসাৰে বস্তু খালে । পিতা – মাতা গুৰুজনক সেৱা – ভক্তি কৰিলে । ৩০ চতত পুৰণি বছৰ গল , গৰুৰ বিহু গল । পিছদিনা নৱবৰ্ষৰ প্ৰৱেশ। দেহত মহা আনন্দ । মিতিৰ – কুটুমৰ ঘৰলৈ  যোৱা , গোঁসাই ঘৰলৈ যোৱা , প্ৰিয়জনক কাপোৰ দিয়া , আদৰ সন্মান কৰা সম্পূৰ্ণ আমোদ । বিশেষকৈ ডেকা – ডেকেৰীৰ নাচ – গীতৰ প্ৰভাৱ বাঢ়িল । এনেদৰে বলীনাৰায়ণ বৰাই  ‘আহোম বন্ধু’ কাকতত বিহুৰ বৰ্ণনা দিছিল ।

৭) বিহু সম্পৰ্কে গণেশ চন্দ্ৰ হাজৰিকাই লিখা কিতাপখন কি ? তেওঁ বিহুৰ বিষয়ে কি মন্তব্য দিছিল ?

উত্তৰঃ- ঊনবিংশ শতিকাৰ শিক্ষিত মধ্যবিত্ত সম্প্ৰদায়ে বিহু অনুষ্ঠানৰ প্ৰতি সহানুভূতি সূচক দৃষ্টিভঙ্গী প্ৰকাশ কৰা নাছিল । হলিৰাম ঢেকিয়াল ফুকনে বিহু নৃত্য গীতক অশোভন বুলিয়েই ঠাৱৰ কৰিছিল । কিন্তু কুৰি শতিকাৰ দ্বিতীয় দশকমানৰ পৰা অসমৰ শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৰ বিহু সম্পৰ্কত দৃষ্টিভংগীৰ সলনি হবলৈ আৰম্ভ কৰে । তাৰে প্ৰথম নিদর্শন পোৱা যায়  ১৯১৮ চনত গণেশ চন্দ্ৰ হাজৰিকাই ৰচনা কৰা  ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ পুস্তিকাখনিত । সেই কালত বিহুৰ বিষয়ে গ্ৰন্থ ৰ ৰচনা কৰি হাজৰিকাই এটি উল্লেখযোগ্য কাম কৰিছিল । গ্ৰন্থখনিত তেওঁ অসমৰ বিহু সহজ সৰল বৰ্ণনা দিছে ।

গন্থখনিৰ এঠাইত বিবোৰ বিষয়ে মন্তব্যব দি হাজৰিকাই কৈছে ―  ‘সহজ বিবেচকৰ কৰ্তব্য হৈছে  সমাজৰ লাগতিয়াল পুৰণি বস্তুৰ পৰা সাৰ সংগ্ৰহ কৰি তাক বৰ্তমান সময়ৰ আৰু সমাজৰ উপযোগী কৰি 

তোলা আৰু সেই সম্বলেৰেই বৰ্তমান সমাজৰ মংগল সাধনা কৰা ।

৮) ‘বিহুৱে কাকো দুখ নিদিয়ে , সকলোকে ৰং দিয়ে , সেই দেখি বিহুক লোকে হাঁহে , বেয়া পায় ।’ – এই মন্তব্য কাৰ ? এই সন্দৰ্ভত তোমাৰ মতামত দিয়া ।

উত্তৰঃ- উল্লিখিত মন্তব্যটো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ । ১৯১৭  খ্ৰীষ্টাব্দৰ  ‘বাঁহী’ আলোচনীত বেজবৰুৱাই এই মন্তব্য দিছিল । আমাৰ প্ৰবন্ধকাৰ ড° প্ৰফুল্লদত্ত গোস্বামীয়ে ‘ব’হাগ বিহুৰ পৰম্পৰা’  প্ৰবন্ধত বেজবৰুৱাৰ মন্তব্যটো ব্যৱহাৰ কৰিছে । 

বেজবৰুৱাই কৈছে বিহু আমাৰ সকলোৰে মাজত যি লয়লাস ভংগী আৰু সুৰ লুকাই আছে যি সকলোকে আনন্দ দিয়ে । পিছে এনে এটা সময় আছিল যিটো আময়ত বিহুক নগ্ন অশ্লীল গীত নৃত্য বুলি অভিহিত কৰা হৈছিল । আহোম ৰাজত্বকালত জাতীয় উৎসৱৰূপে স্বীকৃতি পোৱা এই উৎসৱক ইংৰাজী শিক্ষাৰে শিক্ষিত এচামে হয় দৃষ্টিৰে চাইছিল । বিহু বুলিলে নাক কোচোৱা মানুহ বেজবৰুৱাৰ সময়তো আছিল । সেইসকল লোকৰ প্ৰতি কটাক্ষ কৰিয়েই বেজবৰুৱাই এনে মন্তব্য দিছিল ।

৯)  ‘অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গোপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায় ।’ ― কোনে এনে মন্তব্য দিছিল ? এই মন্তব্য তুমি শুদ্ধ বুলি ভাবানে ?

উত্তৰঃ- এই মন্তব্য ইংৰাজ প্ৰশাসক গৰ্ডন চাহাবে ১৮৯৬ চনত দিছিল । গৰ্ডন চাহাবৰ এই মন্তব্য অৱশ্যে শুদ্ধ বুলি কব পৰা নাযায় । ইংৰাজ চাহাবজনে বিহু নৃত্য গীত লক্ষ্য কৰি তাৰ লগত বৃন্দাবনৰ গোপীসকলৰ নৃত্যৰ তুলনা বিচাৰি পাইছে ।

পূৰ্বে পথাৰত মুকলি অঞ্চলত বিহু মৰাৰ প্ৰথা আছিল । কেৱল নাৰীৰ মাজত প্ৰচলিত জেং বিহু মুকলি ঠাইত অনুষ্ঠিত হৈছিল । এনে বিহু এতিয়াও উজনি অসমৰ স্থান বিশেষে প্ৰচলন আছে । বিহু উৎসৱত ডেকা গাভৰু উভয়েই ৰঙত মতলীয়া হয় । গাভৰুহঁতে মনৰ স্বতঃ স্ফূৰ্ত আনন্দ নাচৰ জৰিয়তে প্ৰকাশ কৰে । গৰ্ডন চাহাবে এনে গাভৰু বিহু দেখি হয়তো বৃন্দাবনৰ গোপিনীসকলৰ কৃষ্ণ বিৰহত যমুনাৰ পাৰে পাৰে কৃষ্ণক বিচাৰি ঘূৰি ফুৰা দৃশ্যৰ ছবি কল্পনা কৰিছিল । শ্ৰীকৃষ্ণৰ প্ৰাণ মতলীয়া কৰা বাঁহীৰ সুৰত য’ৰে বন ত’তে এৰি গোপীসকল বৃন্দাবনলৈ ঢপলিয়াই গৈছিল । গোপীনীসকলৰ এনে আনন্দৰ প্ৰকাশ গৰ্ডন চাহাবে অসমৰ গাভৰুসকলৰ বিহুৰ ক্ষেত্ৰত দেখি এনে মন্তব্য কৰিছিল । প্ৰসংগ ভিন্ন হলেও দুয়োক্ষেত্ৰতে আনন্দ প্ৰকাশৰ স্বতঃস্ফূৰ্ততাতে এনে সাদৃশ্য লক্ষ্য কৰিব পাৰি ।

১০) ‘বিহুৰ পৰম্পৰা প্ৰাচীন বুলি কলেই নহয় । ই যে সঁচাকৈয়ে প্ৰাচীন তাৰ আন কিবা প্ৰমাণ ওলাইনে ?’ ― এই প্ৰশ্নৰ উত্তৰত  ড° প্ৰফুল্লদত্ত গোস্বামীয়ে বিহু সম্পৰ্কে লিখা কথাখিনিৰ চমু বৰ্ণনা দিয়া ।

উত্তৰঃ- লোক – সংস্কৃতিৰ গৱেষক পণ্ডিত ড° প্ৰফুল্লদত্ত গোস্বামীয়ে তেওঁৰ ‘ব’হাগ বিহুৰ পৰম্পৰা’  নামৰ  প্ৰৱন্ধত বিহুৰ পৰম্পৰা যে প্ৰাচীন এই কথা উল্লেখ কৰি তাৰ প্ৰমানস্বৰূপে কৈছে যে পণ্ডিতসকলে ঠাৱৰ কৰা মতে বিহু শব্দটোৰ উৎপত্তি সংস্কৃত বিষুৱন শব্দৰ পৰা হৈছে।অথৰ্ব বেদ , ঐতিৰিয় ব্ৰাহ্মণ আদিত বিষুৱন যাগ যজ্ঞ কৰা এয়া দিনৰ নাম । এনে যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে । বিষ্ণুপুৰাণত আকৌ আছে , শৰৎ আৰু বসন্ত ঋতুৰ মাজত সূৰ্য তোলা বা মেষ ৰাশিলৈ গলে বিষুৱ হয় আৰু সেই সময়তে দিন ৰাতি সমান হয় । 

এনে পবিত্ৰ সময়তে দেৱতা , ব্ৰাহ্মণ আৰু পিতৃসকলৰ উদ্দেশ্যে সংযত চিত্ত হৈ দান দক্ষিণা কৰিব লাগে । বিষুৱ সংক্ৰান্তীৰ সময়ত পালন কৰা এনে মংগলদায়ক অনুষ্ঠানৰ সোঁৱৰণ কেৱল ভাৰতৰ উত্তৰ পূব চুকতে নহয় , ভাৰতৰ আন আন অঞ্চলতো ৰক্ষিত হৈ আছে । দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক  ‘বিষু’ বোলে । সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো  ‘বিষু’ উৎসৱৰ প্ৰচলন আছে । মধ্যপ্ৰাদেশৰ ওৰাওসকলে গ্ৰীষ্মকালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে – আমি যেনেকৈ মাঘ বিহুৰ সময়ত মাছ মৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰো , কিছুমান অঞ্চলত  ‘বিষু’ নুবুলি  ‘বৈশাগী’ বুলিও কয় । 

অসমীয়া উঠেলিয়ে যেনেকৈ প্ৰাচীন ইন্দ্ৰধব্বজ পূজাৰ সোঁৱৰণ কৰায় , সেইদৰে বিহুৱেও উপাদান লগ লাগিছে । ইয়াত এফালে আৰ্য সংস্কৃতিৰ এটা সুঁতি জাহ গৈছে , আনফালে অনাৰ্য আৰু নৃত্য – গীতো পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াবৰ এক প্ৰাচীন ব্যৱস্থা , বিশেষকৈ কৃষি কাৰ্য কৰা লোকসকলৰ বাবে । বিহু নাচত যৌন মিলনৰ ইংগিত থকা যি মুদ্ৰা লক্ষ্য কৰিব পাৰি সি এই প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ কথাকে মনলৈ আনে ।

বৰ্তমান আমাৰ বিহুত যিবিলাক আচাৰ লক্ষ্য কৰোঁ যেনে ― ঘৰ বাৰী সূচী কৰা , নিকা বা ন কাপোৰ পিন্ধা , গৰু গাইৰ যতন লোৱা , দেৱতা বা গোসাঁইক পূজা পাতল দিয়া , নৃত্য বা গীত আদি এনে আৰ্য আৰু অনাৰ্য আচাৰ সমূহৰ উদ্দেশ্য একেই । এই আটাইবিলাকৰ উদ্দেশ্য হল , খেতি বাতিৰ মংগল কামনা কৰা বা মংগলৰ হকে ব্যৱস্থা লোৱা । এই ফালৰ পৰা চাবলৈ গলে বিহু এক ধৰ্মীয় অনুষ্ঠান আৰু এই অনুষ্ঠান প্ৰাচীন কালৰে পৰা পৰম্পৰাগতভাৱে চলি আহিছে ।

প্ৰাচীন অসমীয়া পুথিসমূহৰ কৰবাত বিহু শব্দ উল্লেখ থাকিলেও তাৰ বহল বিৱৰণ পোৱা নাযায় । সপ্তদশ শতিকাত অসমলৈ অহা এজন মুছলমান ভ্ৰমণকাৰীয়ে  ‘নওৰোজ’  বা  নৱবৰ্ষত অসমৰ ৰাজধানীত স্ত্ৰী পুৰুষ উভয়ে কৰা নৃত্যৰ আৰু ৰং ধেমালিৰ বৰ্ণনা আছে । সেই বৰ্ণনাত ঢোল , পেঁপা , টকা আদি বাদ্য যন্ত্ৰৰ উল্লেখ কৰিছে । সম্ভৱতঃ আহোম ৰজাসকলে এই উৎসৱৰ পৰিপোষণ কৰি আৰু অৰ্থাৎ শাসকসকলৰ অনুমোদন পাই ই জাতীয় উৎসৱ ৰূপে স্বীকৃতি লাভ কৰিলে ।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top