Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা

Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা and select needs one.

Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা Solutions for All Subject, You can practice these here…

১১) বিহুৰ উৎপত্তি আৰু বিহুনৃত্য সম্বন্ধে বিভিন্ন লোকৰ মন্তব্য চমুকৈ দাঙি ধৰা । 

উত্তৰঃ-পুৰণি অসমীয়া পুথিত কেতিয়াবা কৰবাত বিষুৱ আৰু বিহু শব্দৰ উল্লেখ থাকিলেও তাৰ বিস্তৃত বিৱৰণ কতো পোৱা নাযায় । সম্ভৱ সপ্তদশ শতিকাৰ এক মুছলমান ভ্ৰমনকাৰীয়ে থৈ যোৱা বৰ্ণনাই প্ৰথম বৰ্ণনা । এই ভ্ৰমনকাৰীজনে  ‘নওৰোজ’ বা নৱবৰ্ষত অসমৰ ৰাজধানীত পুৰুষ স্ত্ৰী উভয়ে নৃত্য আৰু গীতেৰে যি ৰং ধেমালি কৰিছিল তাৰ বিৱৰণ দিছে । তেওঁ ঢোল , পেঁপা , টকা আদি বাদ্যযন্ত্ৰৰ উল্লেখ কৰিছে । 

ঊনবিংশ শতিকাৰ লেখক হলিৰাম ঢেকিয়াল ফুকনে বিহু নৃত্য গীত অশোভন বুলিয়েই ঠাৱৰ কৰিছিল । ১৮৮৫ খ্ৰীষ্টাব্দত বলী নাৰায়ণ বৰাই  ‘আসাম বন্ধু’  কাকতত বিহুৰ বিষয়ে এটি মন্তব্য কৰিছিল । সেই মন্তব্যত তেওঁ বিহুক জাতীয় উৎসৱ ৰূপে মৰ্যাদা প্ৰদান কৰিছিল । তেওঁ অৱশ্যে বিহু নৃত্য গীতৰ আৰ্হিস্বৰূপে ভগৱানৰ অৱতাৰ শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলালৈহে আঙুলিয়াইছে । ১৮৯৬ চনত গৰ্ডন চাহবেও অসমীয়া মাইকী মানুহে বৃন্দাবনত গোপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায় বুলি মন্তব্য কৰিছিল ।

ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ  ‘মিৰি জীয়ৰী’  উপন্যাসতেই প্ৰথমে বিহুনাচ আৰু গীত সম্পৰ্কে অলপ বহন বৰ্ণনা আছে । কুৰি শতিকাৰ দ্বিতীয় দশক মানৰ পৰাহে শিক্ষিত মধ্যবিত্ত লোকসকলৰ বিহু সম্পর্কীয় ধাৰণা সলনি হবলৈ ধৰে । ১৯১৮ চনত গণেশ চন্দ্ৰ হাজৰিকাই  ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’  নামৰ পুস্তিকা এখন ছপাই প্ৰকাশ কৰি তাত অসমীয়া বিহুকেইটাৰ সবল বৰ্ণনা দিছে । এই সময়তে বেজবৰুৱাই  ‘বাঁহী’  কাকতৰ জৰিয়তে বিহুৰ সপক্ষে একাধিকবাৰ উকালতি কৰিছিল।এনেদৰে বিহুৰ উৎপত্তি আৰু বিহু নৃত্য সম্বন্ধে বিভিন্ন লোকে বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল । 

১২) বেজবৰুৱাই ‘বাঁহী’ৰ জৰিয়তে বিহুৰ সপক্ষে কেনেকৈ উকালতি কৰিছিল চমুকৈ লিখা ।

উত্তৰঃ- বিহুৰ নৃত্য – গীত সম্পৰ্কত এটা সময়ত বিভিন্ন লোকে বিভিন্ন ধৰণে মন্তব্য কৰিছিল । ঊনবিংশ শতিকাত হলিৰাম ঢেকিয়াল ফুকনে বিহু নৃত্য গীতক অশোভন বুলিয়েই ঠাৱৰ কৰিছিল । বলী নাৰায়ণ বৰাই  ‘আসাম বন্ধু’ত মন্তব্য কৰি বিহু নৃত্য গীতৰ আৰ্হিস্বৰূপে ভগৱানৰ অৱতাৰ শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলালৈহে আঙুলিয়াইছিল । ১৮৯৬  চনত গৰ্ডন চাহাবেও অসমীয়া মাইকী মানুহে বৃন্দাবনৰ অনুমোদনত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায় বুলি মন্তব্য কৰিছিল । আনকি বিহু সম্পৰ্কে সাধাৰণ মানুহৰো স্পষ্ট শুভ ধাৰণা নাছিল ।

এই সময়তে বেজবৰুৱাই  ‘বাঁহী’ কাকতৰ জৰিয়তে বিহুৰ সপক্ষে একাধিকবাৰ উকালতি কৰিছিল । তেওঁ স্বভাবসুলভ ব্যংগ সুৰত বিহু নৃত্য গীতক সেই চকুৰে চোৱাসকলক চোকা সমালোচনা কৰিছিল । বিহু নাচত যোগ দি বতৰৰ আনন্দ প্ৰকাশ কৰাৰ বাটত যি হেঙাৰ তালৈ বেজবৰুৱাই আঙুলিয়াই এইদৰে কৈছিল ― “নচাৰ বিপক্ষে এটা ডাঙৰ বিপদ এই যে বিহু নাচৰ থেকেৰা ফুল কেনেবাকৈ এঁৱা গাখীৰত পৰিব লাগিলে সি ততালিকে কুৰুচি ফাটিব আৰু ফাটিলেই সৰ্বনাশ । ফাটিলেই ধুম আৱাজ ! বোলো তেন্তে কি কৰা যায় । মাজতে বছৰেকৰ বিহুতো জানো বজা হবলৈ দিলে কিবা ভাল হব ? সেই দেখি কৃষ্ণক চিন্তা এই বাৰলৈ নানাচি বিহুৰ আন ৰং ধেমালিকে কৰি মনটো তাপৰা যাওক বুলিছোঁ , যি থাকে কপালত ।”

১৯১৭  খ্ৰীষ্টাব্দৰ  ‘বাঁহী’ত বেজবৰুৱাই লিখিছিল – ‘বিহুৱে কাকো দুখ নিদিয়ে , সকলোকে ৰং দিয়ে , সেই দেখি বিহুক লোকে হাঁহে , বেয়া পায়।’এনেদৰে বেজবৰুৱাই  ‘বাঁহী’ৰ জৰিয়তে বিহুৰ সপক্ষে অকাধিকবাৰ ওকালতি কৰিছিল – ব্যংগ আৰু চোকা ভাষাৰে ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

১৩) ‘বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয় , ― ই ঘাইকৈ জাতীয় উৎসৱ , অসমীয়া সংস্কৃতিৰ প্ৰতীক ।” ― ওপৰৰ কথাখিনিৰ আঁত ধৰি তোমাৰ মতামত যুক্তিসহকৰে আগবঢ়োৱা ।

উত্তৰঃ- প্ৰাচীন কালৰে পৰা ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে বিহু উৎসৱ এক ধৰ্মীয় অনুষ্ঠান হিচাপে পালন কৰি আহিছিল । বিহুৱে প্ৰাচীন ভাৰতৰ বিষুৱন দিনৰ পূজা পাতলৰ সোঁৱৰণ ৰক্ষা কৰিও আহিছে । ঘাইকৈ জীৱ জন্তু , খেতি বাতি নিজৰ আৰু আত্মীয় স্বজনৰ মংগল কামনা কৰি দেৱতা বা গোসাঁইক পূজা পাতল দিয়া হৈছিল । স্ত্ৰী পুৰুষ আটায়ে এই পূজা পাতল আৰু লগতে হোৱা নৃত্য গীতত সমানে ভাগ লৈছিল । আনকি এই উৎসৱত যাগ যজ্ঞৰো ব্যৱস্থা কৰা হৈছিল । বৰ্তমান সময়তো ঘাইকৈ অসমত মানুহে বিহুৰ সময়ত ঘৰ বাৰী সূচী বা নিকা কৰা , ন কাপোৰ পিন্ধা , গাই গাইৰ যতন লোৱা , দেৱতা বা গোসাঁইক পূজা কৰা , নৃত্য গীত গোৱা আদি কাম বৰ আন্তৰিকতাৰে কৰে । এইবিলাক লক্ষ্য কৰিলে প্ৰাচীন কালৰে পৰা ই এক ধৰ্মীয় উৎসৱ হিচাপেই চলি আহিছে ।

কিন্তু বৰ্তমান বিহু ধৰ্মীয় অনুষ্ঠান হৈ থকা নাই । অসমত এই বিহুটি অকল পূজা পাতল বা যাগ যজ্ঞ কৰা লোকসকলেই পালন নকৰে , অসমত বসবাস কৰা জাতি ধৰ্ম , বৰ্ণ নিৰ্বিশেষে সকলোৱেই এই উৎসৱ পালন কৰে । ই অসমৰ এক সামূহিক এতিয়া উৎসৱত পৰিণত হৈছে । অসমীয়া জাতিৰ ই প্ৰাণৰ উৎসৱ হৈ পৰিছে । মুক্তভাৱে ইয়াত সকলোৱে সমানে ভাগ লয় , নৃত্য গীত কৰে , খোৱা বোৱা কৰে , ইজনে সিজনক প্ৰীতি সম্ভাষণ যাচে , উপহাৰ যাচে , আটাইৰে মাজত ঐক্য সংহতি , মিলনৰ সেতু ৰচনা কৰে । ইয়াত আৰ্য অনাৰ্যৰ সংস্কৃতিৰ মিলন ঘটিছে।বিহুৰ সময়ত এনেবোৰ আনুষ্ঠানিক অনানুষ্ঠানিক কাৰ্যসমূহ অসমীয়াৰ এক সংস্কৃতিত পৰিণত হৈছে । দেশ – বিদেশত বিহুৰ এই কাৰ্যাৱলীসমূহে অসমীয়া জাতিক সভ্য জাতি হিচাপে পৰিচয় কৰি দি আহিছে । গতিকে বিহু এতিয়া ধৰ্মীয় উৎসৱ হৈ থকা নাই , ই অসমীয়া জাতিৰ প্ৰাণৰ জাতীয় উৎসৱ আৰু জাতীয় সংস্কৃতিৰ প্ৰতিকস্বৰূপ হৈ পৰিছে । 

১৪)  বিহু উৎসৱ সম্পৰ্কে কৰা কাৰ বৰ্ণনাই প্ৰথম বৰ্ণনা বুলি কোৱা হৈছে ? সেই বৰ্ণনাত কেনে ধৰণৰ কথা পোৱা যায় ?

নাইবা

সপ্তদশ শতিকাত  ‘এক মুছলমান ভ্ৰমনকাৰীয়ে’ অসমৰ বিহু উৎসৱ সম্বন্ধেকি বৰ্ণনা দি গৈছে ? 

উত্তৰঃ- পুৰণি অসমীয়া কিছুমান পুথিত কোনো কোনো বৰ্ণনাত বিষুৱ আৰু বিহু শব্দৰ উল্লেখ পোৱা যায় যদিও উৎসৱ হিচাপে ইয়াৰ বৰ্ণনা কতো পাবলৈ নাই । সম্ভৱ সপ্তদশ শতিকাত এক মুছলমান ভ্ৰমনকাৰীয়ে এই উৎসৱৰ বৰ্ণনা কৰিছিল , আৰু এই বৰ্ণনাই প্ৰথম বৰ্ণনা । এই বৰ্ণনাত তেওঁ লিখিছিল যে  ‘নওৰোজ’ বা নৱবৰ্ষত অসমৰ ৰাজনীতিত পুৰুষ স্ত্ৰী উভয়ে নৃত্য আৰু গীতেৰে ৰং ধেমালি কৰিছিল । ঢোল , পেঁপা , টকা আদি বাদ্য যন্ত্ৰও এইবোৰত ব্যৱহাৰ কৰিছিল বুলি বৰ্ণনাত উল্লেখ আছে । বৰ্ণনাত আৰু উল্লেখ কৰিছে যে ডেকা গাভৰুহতে এই উৎসৱতে মনৰ আদান প্ৰদানো কৰিছিল । সম্ভৱ আহোম ৰজাসকলে এই উৎসৱৰ পৰিপোষণ কৰি বিহুক এটি জাতীয় উৎসৱৰূপে গঢ় দিয়াত সহায় কৰিলে  ।

১৫ )  প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা । 

ক) “বিহুৰে কাকো দুখ নিদিয়ে , সকলোকে ৰং দিয়ে, সেই দেখি বিহুক লোকে হাঁহে , বেয়া পায় ।”

উত্তৰঃ- উদ্ধৃত কবিতাফাকি ড° প্ৰফুল্লদত্ত গোস্বামী ৰচিত  ‘ব’হাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰবন্ধটিৰ অন্তৰ্গত । 

বিহুক এটা সময়ত কিছুমান মানুহে বেয়া দৃষ্টিৰে চোৱাৰ কাৰণে লক্ষ্মীনাথ বেজবৰুৱাই মন্তব্য কৰি উক্ত কথাষাৰি হৈছিল ।

বেজবৰুৱাই কৈছে যে , বিহু আমাৰ সকলোৰে উৎসৱ । বিহু চাই মানুহে দুখৰ পৰিবৰ্তে আনন্দহে পাব লাগে । বিহু নৃত্য আৰু গীতৰ মাজত যি লয়লাস ভংগী আৰু সৰু লুকাই আছে সি সকলোকে আনন্দ দিয়ে । পিছে এটা সময়ত এই নৃত্য আৰু গীতৰ এনে লয়লাস ভংগী আৰু সুৰক কিছুমান মানুহে অশ্লীল , অসজালি বুলি ধাৰণা কৰি বেয়া চকুৰে চাইছিল ― উপলুঙা কৰি হাঁহিছিল । আনকি আহোম ৰাজত্বৰ সময়ত বিহুক অসমৰ জাতীয় উৎসৱ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰতো বিহু বুলিলে নাক কোচোৱা অনেক ছশ শিক্ষিত মানুহো আছিল । প্ৰকৃতপক্ষে বিহু যে আনন্দ আৰু সুখ শান্তিৰহে উৎসৱ এই কথা প্ৰতীয়মান কৰিবলৈ বেজবৰুৱাই এনেদৰে মন্তব্য কৰিছে ।

খ) “কিছুমান অঞ্চলত  ‘বিষু’  নুবুলি  ‘বৈশাখী’  বোলা হয় । “

উত্তৰঃ- উদ্ধৃত কথাফাকি ড° প্ৰফুল্লদত্ত গোস্বামী ৰচিত  ‘বহাগ বিহুৰ পৰম্পৰা’  নামৰ প্ৰবন্ধৰ অন্তৰ্গত ।

অসমৰ বাহিৰেও অন্যান্য ঠাইত বিহুক কি বুলি কোৱা হয় তাক কবলৈ গাওঁতে প্ৰবন্ধটিত এনেদৰে  উল্লেখ কৰিছে । 

বিষুৱ সংক্ৰান্তীৰ সময়ত অসমত পালন কৰা উৎসৱটিৰ অসমত বিহু বোলে হয় যদিও ভাৰতৰ বিভিন্ন ঠাইত এই উৎসৱক বেলেগ বেলেগ নামেৰে জনা হয় । দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক বিহু বোলে । হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো  ‘বিষু’ নামেৰে এই উৎসৱ পালন কৰে । মধ্যপ্ৰদেশৰ ওৰাওসকলে গ্ৰীষ্ম কালত  ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে । আকৌ কিছুমান অঞ্চলত  ‘বিষু’ উৎসৱকে  ‘বৈশাখী’ বুলিও কয় । কাৰণ এনে উৎসৱ বহাগ মাহতে পাতল কৰা হয়।

গ) ‘বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয় ।’

উত্তৰঃ- উদ্ধৃত কথাফাকি ড° প্ৰফুল্লদত্ত গোস্বামী ৰচিত ‘বহাগ বিহু পৰম্পৰা’ নামৰ প্ৰবন্ধৰ অন্তৰ্গত ।

অসমীয়া সমাজত বিহু আগতে কেনে আছিল আৰু বৰ্তমান ইয়াক কেনেভাবে গ্ৰহণ কৰা হৈছে তাক আলোচনা কৰোতে লেখকে এনেদৰে উল্লেখ কৰিছে । 

প্ৰাচীন কালত ধৰ্মীয় অনুষ্ঠান হিচাপে বিহু উৎসৱ পালন কৰা হৈছিল । ই কেৱল হিন্দু সমাজৰ জীৱ জন্তু , খেতি বাতি আদিৰ মংগলৰ কাৰণে কৰা পূজা পাৰ্বনত বিহু নৃত্য গীত আদি কৰা হৈছিল । কিন্তু কালক্ৰমত বৰ্তমান ই ধৰ্মমূলক উৎসৱ হৈয়েই থকা নাই । বৰ্তমান বিহু জাতি বৰ্ণ , ধৰ্ম নিৰ্বিশেষে অসমীয়া জাতিৰ বাপতি সাহোন , জাতীয় উৎসৱ , অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰতীক । বিহু উৎসৱৰ মাজেৰে অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ , আচাৰ নীতি , সুখ দুখ , হাঁহি কান্দোন , প্ৰেম প্ৰীতি , ঐক্য সংহতি আদিৰ স্বৰূপ প্ৰকাশ পায় ।

ঘ) ‘বিষুৱ সংক্ৰান্তীৰ সময়ত পালন কৰা এন মংগলদায়ক অনুষ্ঠানৰ সোঁৱৰণ যে ভাৰতৰ উত্তৰ পূৰ্ব চুকৰ অসমতে ৰৈছে এনে নহয় , ভাৰতৰ আন আন অঞ্চলতো সি লোপ পোৱা নাই ।’

অথবা

বিহু উৎসৱৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন আন ঠাইত দেখা যায়নে ? আলোচনা কৰা ।

উত্তৰঃ- উল্লিখিত বাক্যশাৰী  ড° প্ৰফুল্লদত্ত গোস্বামীদেৱৰ বহাগ  ‘বিহুৰ পৰম্পৰা’ শীৰ্ষৰ প্ৰবন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে । বিহু উছৱৰ লগত ভাৰতৰ বিভিন্ন অঞ্চলত পালন কৰা কিছুমান অনুষ্ঠানৰ ওচৰ সাদৃশ্যৰ প্ৰসংগত লেখকে এনেদৰে মন্তব্য দিছে । 

লেখক কৈছে  ‘বিহু’ শব্দটো সংস্কৃত বিষুৱ শব্দৰ পৰা হৈছে । বেদ , ব্ৰাহ্মণ আদি গ্ৰন্থত বিষুৱন যাগ যজ্ঞই কৰা এটা দিন । এনে যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে । বিষ্ণু পুৰাণত কোৱা হৈছে শৰৎ আৰু বসন্ত ঋতুৰ মাজত সূৰ্য তুলা নাইবা মেষ ৰাশিলৈ গলে বিষুৱ হয় আৰু এই সময়ত দিন ৰাতি সমান হয় । এনে পৱিত্ৰ সময়ত দেৱতা , ব্ৰাহ্মণ আৰু পিতৃসকলৰ উদ্দেশ্যে দান দক্ষিনা কৰিব লাগে । অসমতো প্ৰাচীন ৰজাসকলে এনে সময়তে ভূমিদান কৰিছিল । বিষুৱ সংক্ৰান্তীৰ সময়ত পালন কৰা এনে মংগলদায়ক অনুষ্ঠান সোঁৱৰণ ভাৰতৰ আন আন অঞ্চলতো ৰক্ষিত হৈছে । দক্ষিণ ভাৰতত নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক  ‘বিষু’  বোলে । সেইদৰেহিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো  ‘বিষু’ উৎসৱ  ( মেলা ) আছে । মধ্যপ্ৰদেশৰ ওৰাওসকলে গ্ৰীষ্ম কালত  ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে । কিছুমান অঞ্চলত আকৌ বিষু নুবুলি  ‘বৈশাখী’  বোলা হয় ।

ঙ) ‘আমাৰ জাতীয় জাগৰনেও বিহু উৎসৱৰ জনপ্ৰিয়তা বৰুৱাত সহায় কৰিলে ।’

উত্তৰঃ- উল্লিখিত কাব্যশাৰী ড° প্ৰফুল্লদত্ত গোস্বামী ৰচিত  ‘বহাগ বিহুৰ পৰম্পৰা’ শীৰ্ষক প্ৰবন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে । বিহু উৎসৱৰ জনপ্ৰিয়তা বৃদ্ধিত জাতীয় জাগৰনেও যে বিষয়ে ভূমিকা গ্ৰহণ কৰিছিল লেখকে সেই কথাকে কবৰ প্ৰয়াস কৰিছে । 

ঊনবিংশ শতিকাৰ অসমত শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৰ মাজত বিহু জনপ্ৰিয় নাছিল । দেশৰ স্বাধীনতা বিলুপ্তি আৰু বংদেশৰ গোড়া হিন্দুসকলৰ প্ৰভাৱত ফলত বিহু সকলোৰে ওচৰত সমানে আদৰণীয় আছিল । পিছে কুৰি শতিকাৰ আৰম্ভণিৰ পৰাই বেজবৰুৱা প্ৰমুখ্যে বিভিন্ন লেখকসকলৰ পৃষ্ঠপোষকতাত বিহুৱে পূৰ্বৰ হৃত গৌৰৱ পুনৰ ঘূৰাই পালে । কুৰি শতিকাটো সমগ্ৰ ভাৰততে জাতীয় জাগৰণৰ সময়ৰূপে চিহ্নিত । দ্বিতীয় মহাযুদ্ধৰ আগে আগে স্বাধীনতাৰ বাণীত উদ্ধৃত ভাৰতৰ জনসাধাৰণে জাতীয় সংস্কৃতিৰ পৰিচয়জ্ঞাপক সকলোবোৰ সামগ্ৰীৰ পুনৰুদ্ধাৰ কৰি সিবোৰৰ নৱ মূল্যায়নত যত্নপৰ হল । এনে জাতীয় জাগৰণৰ সুফল অসমতো ফলিল আৰু তাৰ ফলস্বৰূপেই বিহু উৎসৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সমৰ্থ হল । 

চ) ‘ইফালৰ পৰা চাবলৈ গলে বিহু এক ধৰ্মীয় অনুষ্ঠান ।’ 

উত্তৰঃ- উল্লিখিত বাক্যশাৰী ড° প্ৰফুল্লদত্ত গোস্বামী ৰচিত  ‘বহাগ বিহুৰ পৰম্পৰা’  শীৰ্ষক প্ৰবন্ধৰ পৰা উদ্ধৃত কৰা হৈছে । বিহুৰ লগত জড়িত ধৰ্মীয় আচাৰ অনুষ্ঠানৰ প্ৰসংগত মন্তব্য দি লেখকে এনেদৰে কৈছে ।

‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত লেখক ড° প্ৰফুল্লদত্ত গোস্বামীদেৱে বিহুৰ পৰম্পৰা নিৰ্দেশ কৰিবলৈ গৈ মন্তব্য দিছে যে বিহুৰ লগত জড়িত আচাৰ অনুষ্ঠানসমূহ ধৰ্মৰ লগত ব্ৰাহ্মণত বিষুৱনক যাগ যজ্ঞ কৰা এটা দিন বুলি কোৱা হৈছে । এই যাগ যজ্ঞই সূৰ্য্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে । অৰ্থাৎ খেতি বাতিৰ সু ব্যৱস্থাৰ বাবেই এই বিষুৱন দিনৰ যাগ যজ্ঞৰ আয়োজন কৰা হয় । অসমীয়া ভঠেলি অনুষ্ঠানত যেনেকৈ প্ৰাচীন ইন্দ্ৰধব্বজ পূজাৰ সোঁৱৰণ ৰক্ষিত হৈছে বিহু অনুষ্ঠানতো তেনেদৰে ভাৰতৰ বিষুৱন দিনৰ পূজা পাতলৰ সোঁৱৰণ ৰক্ষিত হৈছে । 

বৰ্তমান সময়ত আমি বিহুত যিবিলাক আচাৰ অনুষ্ঠান পালন কৰো ― যেনে ঘৰ বাৰী সূচী বা নিকা কৰা , ন কাপোৰ পিন্ধা , গৰু গাইৰ যতন লোৱা , দেৱতা বা গোসাঁইক পূজা কৰা , নৃত্য আৰু গীত এই সকলোবোৰ আৰ্য আৰু অনাৰ্য আচাৰৰ উদ্দেশ্য একেই । আটাইবিলাকৰ উদ্দেশ্য হল ৰাইজ , জীৱ জন্তু আৰু খেতি বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা । সেয়ে এই দিশৰ পৰা বিচাৰ কৰি চালে বিহুক এক ধৰ্মীয় অনুষ্ঠান বুলিয়েই অভিহিত কৰিব পাৰি । 

ছ) “বৰ্তমান শতিকা ভাৰতীয় জাতীয় জাগৰণৰ সময় ।”

উত্তৰঃ- উদ্ধৃত কথাফাকি লোক সংস্কৃতিৰ গৱেষক পণ্ডিত ড° প্ৰফুল্লদত্ত গোস্বামী ৰচিত ‘বহাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰবন্ধটিৰ অন্তৰ্গত ।

জাতীয় জাগৰনে বিহুক কিদৰে জনপ্ৰিয়তা অৰ্জন কৰাত সহায় কৰিছিল সেই কথা কবলৈ যাওঁতে এনেদৰে উল্লেখ কৰিছে । 

কুৰি শতিকাটো সমগ্ৰ ভাৰততে জাতীয় জাগৰণৰ স্ময়ৰূপে চিহ্নিত হৈছিল । দ্বিতীয় মহাযুদ্ধৰ আগে আগে স্বাধীতাৰ বাণীত উদ্ধৃত ভাৰতৰ জনসাধাৰণে জাতীয় সংস্কৃতিৰ পৰিচায়ক সমগ্ৰীবিলাকৰ পুনৰুদ্ধাৰ আৰু নৱমূল্যায়ন কৰিবলৈ উঠি পৰি লাগিছিল । তাৰ আগলৈকে অসমত বিহু সকলোৰে মাজত সমানে সমাদৃত আৰু আদৰণীয় নাছিল । এই জাগৰণৰ ফলতেই অসমৰ জাতীয় জীৱন আৰু সংস্কৃতিসম্বলিত বিহুক অসমীয়া মানুহে উদ্ধাৰ আৰু নৱমূল্যায়ন কৰিলে আৰু ইয়াৰ ফলতেই বিহু উৎসৱ সকলোৰে মাজৰ জনপ্ৰিয় হৈ পৰিল আৰু জাতীয় উৎসৱ হিচাপে পৰিগণিত হল । 

জ) ‘ইয়াত এফালে আৰ্য সংস্কৃতিৰ এটি সুঁতি জাহ গৈছে , আনহাতে অনাৰ্য অথবা প্ৰাক আৰ্য্য , প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ সুঁতিও লগ লাগিছে।’

উত্তৰঃ- উল্লিখিত কাব্যশাৰী ড° প্ৰফুল্লদত্ত গোস্বামীয়ে ৰচনা কৰা ‘বহাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰবন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে । কথাষাৰিৰ জৰিয়তে লেখক অসমৰ বিহু অনুষ্ঠান আৰ্য অনাৰ্য দুয়ো গোষ্ঠীৰে যে মিলনৰহে ফল সেই কথা নিৰ্দেশ কৰিছে । 

বিহু মূলতঃ কৃষিকেন্দ্ৰিক অনুষ্ঠান , বছৰৰ আৰম্ভণিতে কৃষিজীৱী মানুহে কিছুমান আচাৰ অনুষ্ঠান পুৰণি কালত পৃথিৱীৰ প্ৰায় সকলোতে পালন কৰিছিল । অসমতো প্ৰাচীন কালৰে পৰাই এনে আচাৰ অনুষ্ঠানৰ অন্তৰ্গত বিহুগীত আৰু বিহু নাচৰ প্ৰচলন আছিল । বিহু শব্দটোৰ উৎপত্তি সংস্কৃত বিষুৱন শব্দৰ পৰা অহা । প্ৰাচীন সংস্কৃত গ্ৰন্থত বিষুৱন শব্দৰ অৰ্থ হল যাগ যজ্ঞ কৰা দিন । খেতি বাতিৰ সুব্যৱস্থাৰ বাবেই বিষুৱন দিনত যাগ যজ্ঞ কৰা হৈছিল । এনেদৰে বিহুৰ মাজত আৰ্য্য  সংস্কৃতিৰ ৰূপ পৰিলক্ষিত হৈছিল । কিন্তু আৰ্য সুঁতিৰ লগত অনাৰ্য এটি সুঁতিও বিহুত লগ লাগিছে । কৃষিজীৱী লোকসলকে প্ৰাচীনকালৰে পৰা স্ত্ৰী পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য গীতে পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে বুলি বিশ্বাস কৰি আহিছে । বিহু নাচত যৌন মিলনৰ ইংগিত থকা যি সুঁতি দেখা যায় সিয়েই প্ৰাচীন এই উৰ্বৰা অনুষ্ঠানৰ কথা মনলৈ আনে।গতিকে বিহু অনুষ্ঠাসনৰ লগত আৰ্য আৰু অনাৰ্য দুয়োটা সুঁতিয়েই লগ লাগি আছে আৰু এই দুয়োটা সুঁতিৰ মিলনৰ ফলস্বৰূপেই বিহুৰ জন্ম হৈছে ।

ঝ) ‘সজ বিবেচকৰ কৰ্তব্য হৈছে সমাজৰ লাগতিয়াল পুৰণি বস্তুৰ পৰা সাৰ সংগ্ৰহ কৰি তাক বৰ্তমান সময় আৰু সমাজৰ উপযোগী কৰি তোলা আৰু সেই সমলৰেই বৰ্তমান সমাজৰ মংগল সাধন কৰা ।’

উত্তৰঃ- উল্লিখিত বাক্যশাৰী ড° প্ৰফুল্লদত্ত গোস্বামীদেৱে ৰচনা কৰা  ‘বহাগ বিহুৰ পৰম্পৰা’ শীৰ্ষক প্ৰবন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে । প্ৰবন্ধটোত লেখকে বিহুৰ বিষয়ে প্ৰথমে এখন পুথি ৰচনা কৰোতে স্বৰ্গীয় গণেশ চন্দ্ৰ হাজৰিকাৰ এটি মন্তব্য তুলি দিছে ।

ঊনবিংশ শতিকাৰ অসমীয়া মধ্যবিত্ত শিক্ষিত সমাজত বিহু অনুষ্ঠান কনমানো আদৰণীয় নাছিল । বিহু নাচক যৌন অভিব্যক্তিৰ প্ৰকাশ ঘটাৰ বাবেই বংদেশৰ গোড়া হিন্দুধৰ্মৰ দ্বাৰা প্ৰভাৱিত মানুহে বিহু নাচক অশোভনীয় বুলি মন্তব্য দিছিল । পিছে বৰ্তমান শতিকাৰ দ্বিতীয় দশকমানৰ পৰা অসমীয়া শিক্ষিত সমাজৰ বিহুৰ প্ৰতি থকা দৃষ্টিভংগীৰ সলনি হবলৈ ধৰে । ১৯১৮ চনত গণেশচন্দ্ৰ হাজৰিকাই  ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ এখন গ্ৰন্থ ৰচনা কৰি বিহুকেইটিৰ সৰল বৰ্ণনা দিছিল । হাজৰিকাই গ্ৰন্থখনৰ এঠাইত ওপৰত দিয়াৰ দৰে মন্তব্য দি কৈছিল যে পুৰণি বস্তু মানেই একেবাৰে অলাগতিয়াল বা মূল্যহীন নহয় । 

যিসকল সজ বিবেচক লোক তেওঁলোকে পুৰণি বস্তুসমূহৰ পৰা লাগতিয়াল সাৰ সংগ্ৰহ কৰি নতুনৰ লগত খাপ খুৱাই সমাজৰ হকে ব্যৱহাৰ কৰে । দেশৰ আৰু দহৰ উপকাৰৰ বাবেই এনে কৰা প্ৰয়োজন । হাজৰিকাই বিহুৰ ক্ষেত্ৰত এই মন্তব্য দিছিল আৰু এন মন্তব্য অশ্লীল আৰু অশোভন বুলি জনসমাজৰ মাজত থকা বিহু নাচত সমাজৰ উপযোগী কৈ খাপ খুৱাই হবলৈ পৰামৰ্শ দিছে । 

Sl. No.Contents
Chapter 1বৰ্ষা বৰ্ণন
Chapter 2মানৱ বন্দনা
Chapter 3 ই যে অগ্নি
Chapter 4মোৰ গাঁও
Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
Chapter 6অন্বেষণ
Chapter 7বুৰঞ্জীৰ দৌৰাত্ম্য
Chapter 8মাধৱদেৱ
Chapter 9ব’হাগ বিহুৰ পৰম্পৰা
Chapter 10কপিলীপৰীয়া সাধু
Chapter 11আমাৰ ছাৰ
Chapter 12হাতী
Chapter 13চুটি গল্প
Chapter 14উপন্যাস
Chapter 15অলংকাৰ
Chapter 16(ক) উপন্যাস সাহিত্য
Chapter 16(খ) চুটিগল্প সাহিত্য

১৬) ‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধৰ লেখক ড° প্ৰফুল্লদত্ত গোস্বামীৰ জীৱন আৰু সাহিত্য কৰ্মৰ আভাস দিয়া ।

উত্তৰঃ- ড° প্ৰফুল্লদত্ত গোস্বামী অসমীয়া সাহিত্যত এজন বিশিষ্ট গৱেষকৰূপে পৰিচিত । লোক সাহিত্যৰ চৰ্চা আৰু গৱেষণাত যিকেইজন ব্যক্তিয়ে অসমীয়া সাহিত্যত একোখন বিশিষ্ট আসন লাভ কৰিছে সেইসকলৰ ভিতৰত ড° প্ৰফুল্লদত্ত গোস্বামীৰ নাম আমি প্ৰথমেই লব লাগিব । বৃত্তিত শিক্ষক ড° প্ৰফুল্লদত্ত গোস্বামীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত ভালেমান বছৰ অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰিছিল । ইংৰাজী ভাষা সাহিত্যৰ অধ্যাপক ড° প্ৰফুল্লদত্ত গোস্বামীয়ে পৰৱৰ্তী কালত অসমীয়া সংস্কৃতিৰ অধ্যয়ন আৰু গৱেষণাত মনোনিবেশ কৰি এই দিশটোত বিশেষ কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল । 

অসমীয়া ভাষা সাহিত্য – সংস্কৃতিলৈ গোস্বামীৰ অৱদান লেখত লবলগীয়া । জন সাহিত্য আৰু লোক সাহিত্য বিষয়ক তেওঁ কেইবাখনো মৌলিক গ্ৰন্থ অসমীয়া আৰু ইংৰাজী ভাষাত ৰচনা কৰিছে । লোক সাহিত্য – সংস্কৃতি বিষয়ক ড° প্ৰফুল্লদত্ত গোস্বামীৰ উল্লেখযোগ্য গ্ৰন্থসমূহ  হল ― অসমীয়া জন সাহিত্যি , ballads and Teles of Assam , Folk Literature of Assam , Bihu Songs of Assam , The Springtime Bihu of Assam ইত্যাদি । 

ড° প্ৰফুল্লদত্ত গোস্বামী এজন সাৰ্থক ঐপন্যাসিক আৰু গল্পকাৰ । কেঁচা পাতৰ কঁপনি তেওঁৰ উপন্যাস আৰু নিতে নৱ ৰূপ তাৰ’ তেওঁৰ গল্প সংকলন । এইসমূহ গ্ৰন্থৰ উপৰি ড° প্ৰফুল্লদত্ত গোস্বামীয়ে মানিকচন্দ্ৰ বৰুৱা আৰু তেওঁৰ যোগ , এটা জীয়া কাহিনী , বীৰ এজন পৰিল , ইউৰোপৰ মনীষী পাঁচগৰাকী আদি জীৱনী , সাহিত্য আৰু জীৱন আলোচনা গ্ৰন্থ , বিলাতত সাত মাহ আদি ভ্ৰমণ – কাহিনী আৰু বিলাতী হোজা আদি শিশুপুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে ।

প্ৰকাশিত এইসমূহ গ্ৰন্থৰ উপৰি অসমৰ প্ৰায় সকলোবোৰ আলোচনীত আৰু অসমৰ বাহিৰৰ ভালেমান গৱেষণা পত্ৰিকাত ড° প্ৰফুল্লদত্ত গোস্বামীয়ে ভালেমান প্ৰবন্ধ লিখিছে । মৃত্যুৰ আগমুহূৰ্তলৈকে ড° প্ৰফুল্লদত্ত গোস্বামীয়ে ভাষা সাহিত্য – সংস্কৃতি বিষয়ক প্ৰবন্ধ পাতি ৰচনা কৰিছিল । 

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top