Class 11 Biology Chapter 8 কোষ: জীৱৰ একক

Class 11 Biology Chapter 8 কোষ: জীৱৰ একক Qustion answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Biology Chapter 8 কোষ: জীৱৰ একক and select needs one.

Class 11 Biology Chapter 8 কোষ: জীৱৰ একক

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 8 কোষ: জীৱৰ একক Solutions for All Subject, You can practice these here.

কোষ : জীৱৰ একক

পাঠ: ৮

তৃতীয় গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: নিম্নলিখিতসমূহ কোনটো শুদ্ধ নহয় ?

প্ৰশ্ন : (ক) ৰবাৰ্টব্ৰাউনে কোষ আৱিষ্কাৰ কৰিছিল ।

উত্তৰ : অশুদ্ধ ।

প্ৰশ্ন : (খ) শ্লেইডেন আৰু শ্বোৱানে কোষত্ব দাঙি ধৰিছিল ।

উত্তৰ : শুদ্ধ ।

প্ৰশ্ন : (গ) ভাৰশ্বোৱে ব্যাখ্যা কৰিছিল যে কোষবোৰ পূৰ্বস্থিত কোষৰ পৰা সৃষ্টি হয় ।

উত্তৰ : শুদ্ধ ।

প্ৰশ্ন : (ঘ) এটা এককোষী জীৱই এটা মাএ কোষৰ ভিতৰতে ইয়াৰ জীৱন প্ৰক্ৰিয়া চলায় ।

উত্তৰ : শুদ্ধ ।

প্ৰশ্ন ২: নতুন কোষ উৎপন্ন হয় ―

(ক) বেক্টেৰিয়াৰ কিন্বনৰ পৰা

(খ) পুৰণি কোষৰ পুনৰ উৎপত্তিৰ পৰা 

(গ) পূৰ্বস্থিত কোষৰ পৰা 

(ঘ) অজৈৱ পদাৰ্থৰ পৰা 

উত্তৰ : (গ) পূৰ্বস্থিত কোষৰ পৰা ।

প্ৰশ্ন ৩: নিম্নলিখিতসমূহ মিলাই লিখা ―

স্তম্ভ (ক)স্তম্ভ (খ)
(ক) ক্ৰিষ্টি(ক) ষ্ট্ৰ’মাৰ চেপেটা পাতৰ দৰে থলী 
(খ) কূণ্ডীয়(খ) মাইট’কান্ডিয়াৰ ভিতৰলৈ সোমাই যোৱা আৱৰণী
(গ) থাইলাকইড(গ) গলগি সংঘৰ থালৰ দৰে থলী ।

উত্তৰ :

স্তম্ভ (ক)স্তম্ভ (খ)
(ক) ক্ৰিষ্টি(খ) মাইট’কান্ডিয়াৰ ভিতৰলৈ সোমাই যোৱা আৱৰণী
(খ) কূণ্ডীয়(গ) গলগি সংঘৰ থালৰ দৰে থলী ।
(গ) থাইলাকইড(ক) ষ্ট্ৰ’মাৰ চেপেটা পাতৰ দৰে থলী ।

প্ৰশ্ন ৪: তলত দিয়া সমূহৰ কোনটো শুদ্ধ ―

প্ৰশ্ন : (ক) সকলো জীৱিত জীৱৰে কোষত কোষকেন্দ্ৰ থাকে ‌‌।

উত্তৰ : শুদ্ধ 

প্ৰশ্ন : (খ) প্ৰাণী আৰু উভয়কোষতে সুনিৰ্দিষ্ট কোষবেৰ থাকে ।

উত্তৰ : অশুদ্ধ ।

প্ৰশ্ন : (গ) প্ৰকোষকেন্দ্ৰীয় কোষত আৱৰণৰ দ্বাৰা আবৃত কোষাঙ্গ নাথাকে ।

উত্তৰ : শুদ্ধ ।

প্ৰশ্ন : (ঘ) কোষবোৰ অজৈৱ পদাৰ্থৰ পৰা নতুনকৈ গঠন হয় ।

উত্তৰ : অশুদ্ধ ।

প্ৰশ্ন ৫: প্ৰকোষকেন্দ্ৰীয় কোষৰ মেচ’জ’ম কি ? ইয়াৰ কাৰ্য উল্লেখ কৰা ।

উত্তৰ : কেতবোৰ প্ৰকোষকেন্দ্ৰীয় কোষৰ ভিতৰফালে জাপ খাই থকা কোষাৱৰণৰ অংশটোৰ মেচ’জ’ম বোলে । কাৰ্য : শ্বসন ক্ৰিয়া সম্পন্ন হয় ‌।

প্ৰশ্ন ৬: দুটা কোষাংগৰ নাম লিখা যি দুখন আৱৰণৰ দ্বাৰা বেষ্টিত । এই দুটা কোষাংগৰ বৈশিষ্ট্যবোৰ কি ? সিঁহতৰ কাৰ্য উল্লেখ কৰা আৰু উভয়ৰে চিহ্নিত চিত্ৰ আঁকা ।

উত্তৰ : মাইট’কন্দিয়া আৰু প্লাষ্টিড ।

বৈশিষ্ট্য :

(ক) মাইট’কন্দিয়াই কোষৰ শক্তিৰ ভৰাল ।

(খ) প্লাষ্টিডে উদ্ভিদক বিশেষ বৰণ প্ৰদান কৰে ।

কাৰ্য :

(ক) মাইট’কন্দিয়াই কোষৰ শ্বসন কাৰ্য সমাধা কৰে ।

(খ) প্লাষ্টিডে উদ্ভিদৰ দেহত শ্বেতসাৰ সৃষ্টি কৰে লগতে ফল পৰিপক্ক হোৱাত বিশেষ অৰিহনা যোগায় ।

                                                

                                                     

প্ৰশ্ন ৭: প্ৰকোষকেন্দ্ৰীয় কোষৰ বৈশিষ্ট‍্যসমূহ কি ?

উত্তৰ : (ক) কোষত প্ৰকৃত কোষকেন্দ্ৰ নাথাকে ।

(খ) মাইট’কন্দিয়া , গলগিলডি , প্লাষ্টিড , অন্তপ্ৰৰসীয় জালিকা , লাইছ’জ’ম ইত্যাদি কোষ অংগানুসমূহ নাথাকে ।

(গ) কোষবিভাজন দ্বিবিভাজন পদ্ধতিৰে সম্পন্ন হয় ।

(ঘ) কোষ প্ৰৰস স্থিৰ হৈ থাকে ।

প্ৰশ্ন ৮: কোষ হ’ল জীৱনৰ আধাৰ একক । চমুকৈ আলোচনা কৰা ।

উত্তৰ : কিয়নো কোষ সকলো  জীৱৰ দেহ গঠন আৰু জৈৱিক ক্ৰিয়াৰ স্বয়ংচালিত আৰু স্বতন্ত্ৰ একক । কোষৰ একক সংগঠনৰ বাবে বিভিন্ন জৈৱিক কাৰ্য সূচাৰূপে পৰিচালিত হয় আৰু এই কাৰ্যবোৰৰ সমন্বয়ৰ ফলত একোটা জীৱই নিজস্ব বৈশিষ্ট্য প্ৰকাশ কৰে । প্ৰত‍্যেক কোষেই জীৱনৰ মৌলিক জৈৱিক কাৰ্যসমূহ সম্পন্ন কৰে । সচৰাচৰ আমি দেখি থকা বহুকোষী উদ্ভিদ বা প্ৰাণীৰ পৰিপুষ্টি , শ্বসন , প্ৰজনন , বৃদ্ধি আদি জৈৱিক কাৰ্যসমূহ সু – সংহতভাৱে পৰিচালনা কৰাৰ বাবে বেলেগ বেলেগ কোষ লিপ্ত থাকে । কোষৰ এনে সংগঠন ভাঙি গ’লে কোষবোৰে জৈৱিক কাৰ্য পৰিচালনা কৰিব নোৱাৰে ।

প্ৰশ্ন ৯: কোষকেন্দ্ৰৰন্ধ কি ? সিহঁতৰ কাৰ্য্যৰ বিষয়ে লিখা ।

উত্তৰ : কোষকেন্দ্ৰৰ কেন্দ্ৰাৱৰণখনত ঠায়ে ঠায়ে কিছুমান অতি সূক্ষ্ম ৰন্ধ থাকে । এই ৰন্ধবিলাকক কোষকেন্দ্ৰীয় ৰন্ধ বোলে ।

কাৰ্য :

(ক) কোষৰ জৈৱিক ক্ৰিয়াত সহায় কৰে ।

(খ) কোষবিভাজন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

প্ৰশ্ন ১০: চিহ্নিত চিত্ৰৰ সহায়ত নিম্নলিখিত সমূহৰ গঠন বৰ্ণনা কৰা ।

(ক) কোষকেন্দ্ৰ ,

(খ) কেন্দ্ৰদেহ বা চেন্টজ’ম

উত্তৰ :  

                                 

(ক) কোষকেন্দ্ৰটো প্ৰধানকৈ চাৰিটা অংশৰে গঠিত ―

(১) কেন্দ্ৰাৱৰণ   

(২) কোষকেন্দ্ৰ প্ৰৰস

(৩) অতিকেন্দ্ৰ বা উপকেন্দ্ৰ 

(৪) কোষকেন্দ্ৰ জালিকা কেন্দ্ৰৱৰণখন একক আৱৰণ বিশিষ্ট দুতৰপীয়া আৱৰণে গঠিত ।এই কেন্দ্ৰাৱৰণে আৱৰি ৰখা অৰ্ধজুলীয়া , সমসত্ব ,স্বচ্ছ, দানাকাৰ পদাৰ্থখিনিক কোষকেন্দ্ৰ প্ৰৰস বোলে ।কোষকেন্দ্ৰ প্ৰৰসত স্পষ্ট বলায়াকাৰ , সমঘনত্ব এক অংগিকা দেখা যায় ইয়াক অতিকেন্দ্র বা উপকেন্দ্ৰ বোলে । কোষকেন্দ্ৰ প্ৰৰসত থকা ক্ৰমেটিন সূত্ৰবিলাক পৰস্পৰৰ মাজত ওপৰা – উপৰি হৈ এখন জালৰ সৃষ্টি কৰে । তাকে কোষকেন্দ্ৰ জালিকা বোলে ।

(খ) চন্ট’জ’ম এটা কোষাংগ য’ত সাধাৰণতে চেন্টিওল নামৰ চুঙাকৃতিৰ গাঁথনি অংশ থাকে । এইবোৰ আনিয়তাকাৰ পৰিতাৰক কেন্দ্ৰিক পদাৰ্থ নাইবা উপাদানৰ দ্বাৰা পৰিবেষ্টিত । চেন্ট’জ’মত দুটা চেন্টিওল থাকে । এই চেন্টিওলে চিলিয়া আৰু ফ্ৰেজেলাৰ আধাৰ ব’ডি আৰু প্ৰাণীকোষৰ কোষবিভাজনৰ সময়ত মহুৰা গঠন কৰে ।

প্ৰশ্ন ১১: চেন্টমিয়েৰ কি ? চেন্ট’মিয়াৰৰ স্থান অনুসৰি ক্ৰমজমবোৰৰ শ্ৰেণীবিভাজন কিদৰে হয় ? বিভিন্ন প্ৰকাৰৰ ক্ৰমজমত চেন্ট’মিয়াৰৰ স্থান দেখুৱাই চিত্ৰ আঁকি তোমাৰ উওৰটো প্ৰতিপন্ন কৰা ।

উত্তৰ : ক্ৰমেটিডৰ সংযুক্ত বিন্দুক চেন্টমিয়েৰ বোলে ।

চেন্টমিয়েৰৰ অৱস্থান অনুসৰি ক্ৰমজমক চাৰিটা ভাগত ভাগ কৰা হয়। সেইবোৰ ক্ৰমে ―

(ক) মধ‍্যকেন্দ্ৰিক বা মেটাচেন্টিক 

(খ) উপমধ্যকেন্দ্ৰক বা উপমেটাচেন্টিক

(গ) অগ্ৰকেন্দ্ৰিক বা এক্ৰ’চেন্টিক

(ঘ) অন্তঃকেন্দ্ৰিক বা টেল’চেনট্ৰিক মেটাচেন্টিক ক্ৰম’জ’মৰ চেন্টমিয়েৰটো মধ্যাংশ থাকে ।উপমেটাচেন্টিক ক্ৰম’জ’ম চেন্টমিয়েৰটো ক্ৰম’জ’ম মধ্যাংশৰ পৰা অলপ দূৰৈত থাকে ।এক্ৰচেন্টিক ক্ৰম’জ’মৰ চেন্টমিয়েৰটো এটা প্ৰান্তৰ যথেষ্ট ওচৰত থাকে ।আনহাতে টেল’চেন্টিক ক্ৰম’জ’মৰ চেন্ট’মিয়েৰটো প্ৰান্তৰ শীৰ্ষস্থানত থাকে ।

                                                                                         

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top