Class 11 Advance Assamese Chapter 15 অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 15 অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় notes and select needs one.
Class 11 Advance Assamese Chapter 15 অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 15 অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় Solutions for All Subject, You can practice these here
৬। তলত দিয়া সকলৰ জীৱন আৰু সাহিত্য কৃতিৰ বিষয়ে চমুকৈ লিখা:
( ক ) আনন্দচন্দ্ৰ আগৰাৱালা ।
উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম হয় ১৮৭৪ খৃঃত তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ বিখ্যাত আগৰৱালা পৰিয়ালত । হাইস্কুলীয়া শিক্ষা তেজপুৰত সমাপ্ত কৰি কলিকতালৈ উচ্চ শিক্ষাৰ বাবে ১৮৯১ চনত যায় । তাতে এফ , এ পঢ়িবলৈ লয় ৷ কলিকতাত থাকোতে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু জোনাকী কাকতৰ অন্যতম পৃষ্ঠপোষক হয় । ফলত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নোলোৱাকৈ উভতি আহি পুলিচৰ চাকৰিত সোমায় আৰু শেষত আৰক্ষী অধ্যক্ষক পদৰ পৰা অৱসৰ লয় ৷ তেজপুৰতে ১৯৪০ খৃঃত মৃত্যু হয় ।
আনন্দচন্দ্ৰ আগৰৱালা জোনাকী যুগৰ এগৰাকী প্রতিভাশালী কবি আছিল । তেওঁৰ একমাত্ৰ কবিতা পুথিখন হ’ল ‘ জিলিকনি ’ ( ১৯২০ ) । শতবার্ষিকী জন্মোৎসৱত অপ্রকাশিত কবিতাৰ থুপ ‘ পদুমণি ’ প্ৰকাশ কৰা হয় । কবি আগৰৱালাৰ ৰচিত কবিতাৰ সংখ্যা সৰহ নহয় , মাত্র ডেৰকুৰি মানহে , আৰু তাৰে এটা অংশ ইংৰাজী কবিতাৰ সফল ভাঙনি।
আনন্দচন্দ্ৰ আগৰৱালাৰ মৌলিক কবিতাৰ সংখ্যা তাকৰ যদিও যি কেইটা আছে সেয়ে তেওঁৰ কবি প্রতিভাৰ পৰিচয় দিয়ে । তেওঁৰ ‘ পানেশৈ ’ , ‘ দেৱকন্যা মানৱী বেশেৰে ’ , ‘ তই ’ , ‘ বলম ’ আদি কবিতা কোমল মধুৰ প্ৰকাশ ভংগী , সবল অনুভূতি , আৰু মৃদুকল্পনাৰ সৌৰভে আকর্ষণীয় কৰি তুলিছে ৷ চন্দ্ৰকুমাৰ আগৰৱালাৰ সৈতে তেওঁৰ শব্দচয়ন আৰু প্ৰকাশ ভংগীৰ সাদৃশ্যমন কৰিবলগীয়া ৷ পুৰণি লোকগীতৰ প্ৰভাৱযুক্ত তেওঁৰ দুটি সুন্দৰ কবিতা হ’ল — পানেশৈ আৰু ফুলকোঁৱৰ ।
আনন্দচন্দ্ৰ আগৰৱালাৰ কবিতাত প্রেমে এক বিশিষ্ট স্থান লাভ কৰিছে । আখ্যানমূলক মালিতা সুৰীয়া কবিতা আৰু খণ্ড গীতি কবিতাত এই সুৰটোৱে নিমজ শব্দচয়ন আৰু চিত্ৰৰ যোগেদি আত্মপ্রকাশ কৰিছে । সৰহ ভাগ কবিতাতে এটি কৰুণ মৃদু সুৰ ধ্বনিত হৈছে ৷ আগৰৱালাৰ মৌলিক কবিতাতকৈ অনুবাদ কবিতাসমূহৰ জনপ্রিয়তা আৰু সফলতা বেছি ৷ অনুবাদ কবিতাই তেওঁৰ লেখনীৰ স্পৰ্শক দ্বিজত্ব লাভ কৰিছে । ‘ জীৱন সঙ্গীত ’ , ‘ সুখৰ ঠাই ’ ‘ চহা আৰু পণ্ডিত ’ , ‘ যোগী ’ আদি কবিতা অনুবাদ হলেও মৌলিক কবিতাৰ দৰেই উপভোগ্য ৷ অনুবাদ কবিতা ৰচনাত এই পাৰদৰ্শিতাৰ বাবেই অসমীয়া সাহিত্যত তেওঁ ‘ ভাঙনি কোৱৰ ’ ৰূপে পৰিচিত । সংখ্যাত তাকৰ হ’লেও অসমীয়া ৰোমাণ্টিক কবিতাৰ পৰম্পৰা সৃষ্টিত আনন্দচন্দ্ৰ আগৰৱালাৰ অৱদান গুৰুত্বপূর্ণ ।
কবিতাৰ উপৰি তেওঁ শিশু পাঠ কিছুমান আৰু বিবিধ গদ্য ৰচনাও কৰিছিল । তেওঁৰ গদ্যৰ চনাসমূহ অসমৰ পুৰাতত্ব , প্রাচীন অসমৰ নদ – নদী , পীঠ স্থানবিলাকৰ বিৱৰণ , অসমত আৰ্থ সংস্কৃতিৰ বিস্তাৰ আৰু প্রাচীনতা আদি লেখনীবোৰ পুৰাতাত্বিক তথ্যৰে পূৰ্ণ যদিও বৈজ্ঞানিক গৱেষণাৰ ভিত্তি প্রতিষ্ঠিত বুলি ক’ব নোৱাৰি ।
( খ ) যতীন্দ্ৰ নাথ দুৱৰা :- অসমীয়া ৰোমাণ্টিক কাব্যৰ ইতিহাসত কবি যতীন্দ্ৰ নাথ দুৱৰাৰ বিশেষ স্থান আছে । কবি দুৱৰাৰ জন্ম হয় ১৮৯২ খৃঃত শিৱসাগৰত । স্কুলীয়া শিক্ষা শিৱসাগৰত শেষ কৰি কলিকতাৰ পৰা বি , এ , পাছ কৰে । এম , এ আৰু বি , এল অধ্যয়ন কৰি শেষত পৰীক্ষাত নবহি কিছুদিন স্কটিছ চাৰ্চ স্কুলত শিক্ষকতা কৰে। পিছত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত অসমীয়াৰ অধ্যাপক ৰূপে কাম কৰি অৱসৰ লৈ শিৱসাগৰত স্বৰ্গী হয় ১৯৬৪ খৃঃত ।
যতীন্দ্ৰ নাথ দুৱৰাই কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰে ‘ ‘ বাঁহী ’ কাকতৰ জৰিয়তে । ‘ বাহী ’ কাকতৰ জৰিয়তে আত্মপ্রকাশ কৰা কবিসকলৰ ভিতৰত দুৱৰাৰ প্ৰতিষ্ঠা আৰু জনপ্রিয়তা আটাইতকৈ বেছি ৷ দুৱৰা স্কুলীয়া ছাত্ৰ অৱস্থাৰ পৰাই কবিতাৰ ৰসগ্ৰাহী । কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্য আৰু প্ৰেৰণাই দুৱৰাৰ সাহিত্যিক জীৱনত প্ৰভূত প্ৰভাৱ পেলায় । ইংৰাজ ৰোমাণ্টিক কবিসকলৰ কাব্যকৃতিৰ দ্বাৰাও তেওঁ প্ৰভাৱিত হৈছে ।
দুৱৰাৰ প্ৰথম কবিতাৰ পুথি হ’ল পাৰাস্যৰ ওমৰ খায়ামৰ বৰায়তৰ সুন্দৰ আৰু নিমজ অসমীয়া ভাঙনি ‘ ওমৰ তীৰ্থ ’ পুথি ৷ এওঁৰ অন্যান্য কাব্য হ’ল — আপোন সুৰ , বনফুল আৰু মৃত্যুৰ পাছত প্রকাশিত ‘ মৰমৰ – সুৰ ’ । ৰুছদেশীয়া কবি টুৰ্গেনিভৰ Poem in Prose ৰ আদৰ্শত ‘ কথা – কবিতা ’ নামৰ গদ্য কবিতা পুথিও প্ৰকাশ কৰিছিল ৷ ‘ বনফুল’ৰ বাবে তেওঁ সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল ১৯৫২ খৃঃত ।
ৰোমাণ্টিক ভাবাদৰ্শৰ গীতি কবিতাই পূর্ণ বিকাশ লাভ কৰে যতীন্দ্ৰ নাথ দুৱৰাৰ ৰচনাত । তেওঁৰ ‘ আপোন সুৰ ’ আৰু ‘ বনফুল’ৰ কবিতাসমূহত আত্মনিষ্ঠ গীতি কবিতাৰ প্ৰকৃতি পূৰ্ণ মাত্ৰাই প্ৰকাশ পাইছে । কাৰুণ্য দুৱৰাৰ কবিতাৰ অন্যতম বৈশিষ্ট্য । আত্মকেন্দ্ৰিক কবি দুৱৰাৰ এই কবিতাসমূহত ব্যক্তিগত হা – হুমুনীয়াহ ব্যর্থ প্ৰেমৰ কৰুণ স্মৃতি আৰু সাংসাৰিক দুখত অকলশৰীয়া ভাবৰ আৱেগৰে পৰিপূৰ্ণ । অকলশৰীয়া , সঙ্গীহীন জীৱন , আৰু লোক দৃষ্টিৰ অন্তৰালত জীৱন গীতি ৰচনা , পাহৰণিৰ সোঁতত আশ্ৰয় লৈ জীৱনৰী সোঁতত এৰি দিয়া এইকেইটা বৈশিষ্ট্য দুৱৰাৰ কবিতাৰ প্রধান লক্ষণ ।
দুৱৰাৰ কবিতাৰ বিষন্নতাৰ সুৰ কিছু পৰিমাণে স্বভাৱগত আৰু কিছু পৰিমাণে অভিজ্ঞতা লব্ধ । কবি শ্বেলীৰ দৰে তেৱোঁ সংসাৰৰ কাঁইটলিং পৰি ক্ষত বিক্ষত হৈ আৰ্তনাদ কৰিছে । তেওঁৰ কবিতাত শোকৰ বিননি আছে , সাংসাৰিক লাভত ভৰসা হেৰুৱাইছে , কিন্তু সেই বুলি সম্পূৰ্ণ নৈৰাশ্যবাদী বুলি ক’ব নোৱাবি । ভৱিষ্যৎ সম্পর্কে তেওঁ আস্থাহীন নহয়, দুৱৰাৰ কবিতাত কোনো সমসাময়িক সমস্যা বা সামাজিকভাৱে ভুমুকি মৰা নাই , কিন্তু অনুভৱৰ আন্তৰিকতাই , ভাৱৰ প্ৰকাশভঙ্গীৰ মাধুৰ্যই আৰু ছন্দৰ সাৱলীল গতিয়ে কবিতাসমূহ হৃদয় সংবাদী কৰিছে । তেওঁৰ অনুবাদ কাব্য পুথি ‘ ওমৰ তীৰ্থ ’ অনুবাদ হলেও মৌলিক কবিতাৰ দৰেই ৰসাল আৰু সহজ আৱেদনশীল ।
দুৱৰাৰ কবিতাত জীৱন জিজ্ঞাসা নাই , সমসাময়িক সমাজৰ প্ৰতিফলন নাই , জ্বলন্ত সমস্যাৰ প্রতি উদাসীন , তথাপি দুৱাৰৰ আত্মগত বেদনাৰ সুৰ মাধুৰ্য , সহজ আবেদন শীলতা , ছান্দিক সাৱলীলতা , আৰু অনুভৱৰ আন্তৰিকতাই কাব্য ৰসিকক পবিতৃপ্ত নকৰাকৈ নাথাকে ।
( গ ) অম্বিকাগিৰি ৰায়চৌধুৰী ( কবি হিচাপে ) :- অসমীয়া ৰোমাণ্টিক কাব্য সাহিত্যত বিপ্লবী কবিৰূপে পৰিচিত কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম হয় বৰপেটাৰ বিখ্যাত চৌধুৰী পৰিয়ালত ১৮৮৫ খৃঃত । স্কুলীয়া শিক্ষা বৰপেটা আৰু গুৱাহাটীত লাভ কৰে যদিও অষ্টমমানতে স্কুলীয়া শিক্ষা বিসর্জন দি স্বদেশী আন্দোলন ( ১৯০৫ ) আৰু সামাজিক উন্নয়নমূলক কার্যত যোগ দিয়ে । ১৯২৬ চনত ‘ অসম সংৰক্ষিণী সভা ’ স্থাপন কৰে আৰু তাকেই পিছত ‘ অসম জাতীয় মহাসভালৈ ৰূপান্তৰিত কৰে । এই দুইখন সভাৰ জৰিয়তে চৌধুৰীয়ে অসমীয়া জাতিক সুপ্রতিষ্ঠিত কৰিবলৈ চেষ্টা চলায় । জীৱনৰ প্ৰথমছোৱা কাল বিপ্লৱীৰূপে আৰু পাছৰ চোৱাকাল অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰবক্তা আৰু সংৰক্ষকৰূপে ৰায়চৌধুৰীয়ে গোটেই জীৱন যুদ্ধ কৰিয়ে কটালে ।
অম্বিকাগিৰিৰ সাহিত্য কৃতিৰ ভিতৰত কবিতা পুথি হ’ল– বীণা , তুমি , অনুভূতি , স্থাপন কৰ স্থাপন কৰ , বেদনাৰ উল্কা , আজি বন্দো কি ছন্দেৰে , গদ্য ৰচনা হ’ল – আহুতি আৰু ডেকা ডেকেৱীৰ বেদ ৷ জেলত থাকোতে ৰচনা কৰা জাতীয়তাবাদী গীতৰ ইংৰাজী অনুবাদ হ’ৱ ‘ Songs of the cell’ . কবি হিচাপে অম্বিকাগিৰি ৰায়চৌধুৰী অসমীয়া কাব্য সাহিত্যত বিশিষ্ট স্থান আছে । প্রকাশিত কাব্য গ্রন্থৰ মাজেৰে তেওঁৰ কবি ব্যক্তিত্বৰ দুটা বিপৰীত ধৰ্মী বৈশিষ্ট্যৰ অভিব্যক্তি দেখা যায়— এটা প্ৰেমৰ কোমল মধুৰ সুৰ , আনটো বিপ্লৱীৰ পৌৰুষব্যঞ্জক । প্ৰথমটো যৌৱনৰ দ্বিতীয়টো যৌৱন আৰু প্ৰৌঢ়তব সন্ধিক্ষণৰ যদিও সেইটোৱেই তেওঁৰ কাব্যৰ ব্যক্তিত্ব প্রকাশক স্থায়ী সুৰ । ‘ বীণা ‘ আৰু তুমি’ত প্ৰথমটো আৰু বাকীকেইখন কাব্যত দ্বিতীয় সুৰটো বাজি উঠিছে।
ৰায়চৌধুৰীৰ তুমি , বীণা আৰু অনুভূতিৰ কবিতাসমূহত প্ৰেমৰ সুৰ শুনিবলৈ পোৱা যায় । আৰু এই প্রেমে কোনো কোনো ক্ষেত্ৰত মানবীয় স্তৰৰ পৰা উন্নীত হৈ আধ্যাত্মিক প্ৰেমৰূপে পৰিণত হৈছে । তেওঁৰ ‘ তুমি’ কাব্য প্রিয়তমাৰ দৈহিক সৌন্দর্য আকৰ্ষণত আৰম্ভ হৈ শেষত বিশ্বসুন্দৰৰ বিশ্বব্যাপী সৌন্দৰ্য আৰু অতিন্দ্ৰীয় আকৰ্ষণত পৰিসমাপ্তি ঘটিছে । আনহাতে বিপ্লৱী আৰু জাতীয়তাবাদী কবিতাসমূহত নিষ্পেষণ, অত্যাচাৰৰ বিৰুদ্ধে তীব্র প্রতিবাদ , জীৱন যুদ্ধত সংগ্ৰাম আৰু ঘোৰ সংঘৰ্ষৰ মাজেৰে সকলো গ্লানি , নীচতা , ভণ্ডামি , হীনতা অতিক্ৰম কৰি মানৱতাৰ বিকাশ ঘটোৱাৰ কামনা আৰু মানুহৰ সম্ভাৱনাৰ প্ৰতি গভীৰ আস্থা এই কবিতাসমূহত প্রকাশ পাইছে । জাতীয়তাবাদী কবিতাৰ ওজস্বী শব্দচয়ন আৰু তান বা শ্বাসাঘাত প্রধান বলিষ্ঠ ছন্দৰ ব্যৱহাৰ মন কৰিবলগীয়া ।
অসমীয়া ৰোমাণ্টিক কবিতাৰ অতিন্দ্ৰীয়বাদী কবি হিচাপে , ৰোমাণ্টিক কোমলতাক বিপ্লৱীৰ পৌৰুষত্বৰ সুৰ প্ৰদান কৰোঁতা হিচাপে আৰু শ্বাসাঘাত যুক্ত বলিষ্ঠ ছন্দৰ ব্যৱহাৰ কৰোঁতা হিচাপে অসমীয়া কাব্য সাহিত্যত অঙ্গিকাগিৰি ৰায়চৌধুৰীৰ নাম চিৰস্মৰণীয় হৈ থাকিব ।
Sl. No. | Contents |
Chapter 1 | প্ৰহ্লাদ চৰিত্ৰ |
Chapter 2 | শিৱৰ কৃষি কর্ম |
Chapter 3 | প্রিয়তমাৰ চিঠি |
Chapter 4 | পানেশৈ |
Chapter 5 | পছোৱাৰ ডাক |
Chapter 6 | চামুৰাই |
Chapter 7 | শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত |
Chapter 8 | ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা |
Chapter 9 | অঙ্কীয়া নাটৰ ৰস বিচাৰ |
Chapter 10 | টিকেন্দ্রজিৎ |
Chapter 11 | যীশুখৃষ্টৰ ছবি |
Chapter 12 | ভ্ৰষ্টলগ্ন |
Chapter 13 | কবিতা |
Chapter 14 | নাটক |
Chapter 15 | অসমীয়া কবিতা আৰু নাটকৰ পৰিচয় |
Chapter 16 | ছন্দ |
( ঘ ) নলিনীৱালা দেৱী :- অসমীয়া কাব্য সাহিত্যত পৰিপূৰ্ণ অতিদ্ৰীয়বাদী কবি হিচাপে নলিনীৱালা দেৱীৰ নাম সকলোৰে ওপৰত । তেওঁ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ জ্যেষ্ঠ কন্যা । জন্ম হয় ১৮৯৮ খৃঃত। ঘৰখনৰ ঐতিহ্য সম্পন্ন আৰু ৰুচিশীল পৰিৱেশে নলিনীৱালা দেৱীৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠনত বিশেষভাৱে প্ৰভাৱিত কৰিছিল । কম বয়সতে বিয়া হোৱা নলিনীৱালাৰ জীৱনলৈ একেলগে কেবাটাও দুৰ্যোগ নামি আহিছিল । স্বামীৰ অকাল মৃত্যু , পুত্রসন্তানৰ বিয়োগত ভাগি পৰা শোক সন্তপ্তা নলিনীৱালা দেৱীক পিতৃ নবীনচন্দ্ৰ বৰদলৈৰে উৎসাহ আৰু অনুপ্ৰেৰণাই আধ্যাত্মিক বল আৰু সাহস যোগাইছিল ৷ ঘৰতে থাকি ভাৰতীয় দৰ্শনৰ মূল আধাৰ উপনিষদ আৰু গীতাৰ অধ্যয়ন , ৰবীন্দ্ৰনাথৰ কবিতা , অসমীয়া কীৰ্ত্তন , নামঘোষা আৰু বৰগীতৰ ধৰ্মীয় কথা আৰু সুৰে নলিনীৱালা দেৱীৰ ভাৱচিন্তা আৰু বিশ্বাসক গঢ় দিয়াত বৰঙণি যোগায় । আধ্যাত্মিক বলেৰে বলীয়ান হৈ পুত্ৰশোক , বৈধৱ্যৰ যন্ত্ৰণা সকলো ভগৱানৰ আশীষ নিৰ্ম্মালি বুলি গ্ৰহণ কৰি সান্ত্বনা লাভ কৰাৰ চেষ্টা কৰে ।
এনেদৰে কবিৰ ব্যক্তিগত দুখ বেদনা – বিচ্ছেদ আধ্যাত্মিক বিচ্ছেদলৈ উন্নীত হয় আৰু তাৰে ফলস্বৰূপে তেওঁৰ কাপৰ পৰা অতিন্দ্ৰীবাদী কবিতাৰ থুপ – সন্ধিয়াৰ সুৰ , সপোনৰ সুৰ , পৰশমণি , যুগ দেৱতা , জাগৃতি , আৰু অলকানন্দা এই ছখন কবিতাৰ পুথি প্রকাশ পায় । কবিতাৰ লগতে পিতৃ নবীনচন্দ্ৰ বৰদলৈৰ জীৱনীস্বৰূপ ‘ স্মৃতি তীৰ্থ ’ , ‘ চৰ্দাৰ পেটেল ’ , ‘ বিশ্বদীপা ’ – এই তিনিখন জীৱনী ৰচনা কৰে । ‘ এৰি অহা দিনবোৰ ’ তেওঁৰ আত্মজীৱনীমূলক পুথি আৰু প্ৰৱন্ধ গ্রন্থ হ’ল ‘ শান্তি পথ ’ । কবিয়ে অলকানন্দা কাব্যগ্ৰন্থৰ বাবে ১৯৬৮ খৃঃত সাহিত্য একডেমীৰ পুৰস্কাৰ লাভ কৰিছিল ৷
নলিনীৱালা দেৱীয়ে কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰে ‘ সন্ধিয়াৰ সুৰ ’ প্ৰকাশৰ লগে লগে । কবিৰ আপোন আৰু প্ৰধান সুৰটি এই কবিতাসমূহত প্ৰকাশ পাইছে । এই সুৰটি হৈছে আধ্যাত্মিকতাৰ সুৰ , অতিন্দ্ৰীয় ভাব – তন্ময়তাৰ সুৰ । নৈসর্গিক প্ৰকৃতিৰ বিশাল প্রাঙ্গনত প্ৰতিবিম্বিত হোৱা সনাতন সৌন্দর্যৰ আভাস কবিয়ে গছে পাতে , বিৰিখে – লতাই , আকাশে – বতাহে উপলব্ধি কৰিছে । জাগতিক বর্ণবৈচিত্র্যৰ অন্তৰালত আত্মগোপন কৰি থকা চিৰ সুন্দৰৰ অস্তিত্বৰ মৃদু শিহৰণ উপলব্ধি কৰিছে আৰু তেওঁৰ অন্বেষণ তথা তেওঁৰ সৈতে মিলনৰ ব্যাকুল আকাঙ্খা তেওঁৰ সৰহভাগ কবিতাৰ মূল বিষয়স্বৰূপে অনুৰণিত হৈছে । আধ্যাত্মিক বেদনাৰ কাৰুণ্যই তেওঁৰ কবিতাক স্নিগ্ধ সৌন্দৰ্য প্ৰদান কৰিছে ।
ভাৰতীয় বেদান্ত দর্শন , জন্মান্তৰবাদ , কর্মফলবাদ আৰু ভক্তিবাদে নলিনীৱালাৰ কবিতাক ভাৱপুষ্ট কৰিছে । ৰবীন্দ্ৰনাথৰ কবিতাৰ প্ৰভাৱ তেওঁৰ কাব্যত উপলব্ধি কৰা যায় । মুঠতে নলিনীৱালা দেৱীৰ কবিতাত সৌন্দৰ্যৰ সন্ধান অসীমৰ প্ৰতি আকৰ্ষণ , ধুনীয়া ধৰণীৰ ৰূপ – সৌন্দৰ্যৰ মুগ্ধতা , শব্দৰ মাধুৰ্য , ভাবৰ মধুৰতা আৰু ব্যঞ্জনা , ছন্দৰ সুষম লয় , আধ্যাত্মিক বিচ্ছেদ বেদনা , চিৰ সুন্দৰৰ মৃদু পৰশৰ অনুভৱ সাৱলীল ৰূপত প্ৰকাশ পাইছে ।
নলিনীৱালা দেৱীৰ কবিতাৰ অন্য এটি সুৰ হ’ল স্বদেশ প্রীতি । জনমভূমিৰ প্রত্যেক ধূলিকণা কবিৰ মনত পৱিত্ৰ । জনমভূমিৰ প্ৰতিটো ধূলিকণাতে বিশ্বনিয়ন্ত্ৰাৰ প্ৰতিবিম্ব প্রতিফলিত হোৱা অনুভৱ কৰি বাৰে বাৰে ইয়াত জন্ম ল’বলৈ হাবিয়াস কৰিছে । অসমীয়া কাব্য সাহিত্যৰ শ্ৰেষ্ঠ অতিন্দ্ৰীয়বাদী কবি হিচাপে নলিনীৱালা দেৱীৰ নাম চিৰ যুগমীয়া হৈ থাকিব ।
( ঙ ) ডিম্বেশ্বৰ নেওগ :- অসমীয়া সাহিত্যত একেধাৰে কবি , নির্ভীক সমালোচক আৰু গৱেষক ডিম্বেশ্বৰ নেওগৰ জন্ম হয় শিৱসাগৰৰ কমাৰদফীয়া গাঁৱত ১৮৯৯ খৃঃত । স্কুলীয়া শিক্ষা শিৱসাগৰত আৰু গুৱাহাটীৰ কটন কলেজৰ পৰা বি , এছ , চি পর্যন্ত পঢ়ি চৰকাৰী স্কুলৰ শিক্ষক হয় । পিছত এম . এ . মহলাত উত্তীৰ্ণ হৈ বিভিন্ন ঠাইত শিক্ষকতা কৰি শেষত যোৰহাটৰ পৰা অৱসৰ লয় । তেওঁৰ মৃত্যু হয় ১৯৬৬ চনত । বিজ্ঞানৰ ছাত্ৰ হোৱা স্বত্বেও নেওগ জন্মগত সাহিত্যিক প্ৰতিভাৰ অধিকাৰী আছিল । তেওঁ সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল ।
নেওগ ডাঙৰীয়াই বিভিন্ন বিষয়ক প্রায় ডেৰকুৰিগ্ৰন্থ প্ৰকাশ কৰিছিল । কবিতাৰ পুথিসমূহ হ’ল — মালিকা , থুপিতা , মালতী , ইন্দ্ৰধনু , মুকুতা, শ্বহীদ কাৰবালা , অসমা , বিচিত্রা , থাপনা আদি ৷ ‘ আকুল পথিক ’ , ‘ ভোগজৰা ’ লোকগীত সংগ্রহ । আধুনিক কবিতাৰ সঞ্চয়ন হ’ল কাব্য প্রতিভা সাহিত্যৰ বুৰঞ্জীবিষয়ক গ্রন্থ হ’ল — ‘ আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী ’ , ‘ অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভূমুকি ’ , ‘ অসমীয়া সাহিত্যৰ সংক্ষিপ্ত বুৰঞ্জী ’ , ‘ অসমীয়া সাহিত্যৰ বুৰঞ্জী উল্লেখযোগ্য ’ ৷ গ্রন্থসমূহত অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশ আলোচনা কৰিছে ৷ প্রাচীন অসমৰ সংস্কৃতি সম্পর্কে তেওঁৰ আলোচনাধর্মী গ্রন্থ হ’ল – বৈষ্ণৱ ধৰ্মৰ আতিগুৰি , বৈষ্ণৱ ধৰ্মৰ ক্ৰমবিস্তাৰ , প্ৰাক ঐতিহাসিক অসমা । তদুপৰি ইংৰাজীত লিখা অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰু ভাষা আৰু লিপি বিষয়ক গ্রন্থ দুখনৰ কথাও উল্লেখনীয় ।
ডিম্বেশ্বৰ নেওগৰ কবিতাসমূহ ঘাইকৈ ডেকাবয়সৰ ৰচনা । পৰিণত বয়সত তেওঁ কাব্য চৰ্চা এৰি সমালোচনাত আত্মনিয়োগ কৰিছিল । নেওগৰ সকলোবোৰ কবিতাই উচ্চস্তৰৰ নহয় ৷ তাৰ মাজতে কিছুমান কবিতাত ভাৱৰ গাম্ভীৰ্য , উচ্চ কল্পনা , প্রকাশভংগীৰ সৌষ্ঠৱ লক্ষ্য কৰা যায় । তেওঁৰ ‘ শাপমুক্তা ’ , ‘ যুগপুৰী ’ , ‘ মোৰ গাঁও ’ , ‘ বুৰঞ্জী লেখক’ আদি কবিতাৰ নাম এইক্ষেত্ৰত উল্লেখ কৰিব পাৰি । ডেকা বয়সৰ ৰচনা কাৰণেই কল্পনাৰ চঞ্চল বিলাস , স্বদেশ প্রীতিৰ উদ্দাম গতি , আৰু সবল আশাবাদ আছে । প্ৰেমৰ কবিতাতো দুখ বিৰহৰ বৰ্ণনা নাই ।
অসমীয়া সাহিত্যত ডিম্বেশ্বৰ নেওগ এগৰাকী কবি সমালোচক আৰু ভাষা , সাহিত্যৰ গৱেষক ৰূপে উল্লেখযোগ্য স্থান লাভ কৰি আছে ।
( চ ) বিনন্দচন্দ্ৰ বৰুৱা :- অসমীয়া কাব্য সাহিত্যৰ বুৰঞ্জীত ধ্বনি কবিৰূপে পৰিচিত বিনন্দ বৰুৱাৰ জন্ম হয় ১৯০১ চনত , যোৰহাটৰ টিয়কত । তেওঁৰ পিতৃৰ নাম গোপাল বৰুৱা । যোৰহাট চৰকাৰী হাইস্কুল , কটন কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা লাভ কৰে । জাঁজী হাইস্কুলত শিক্ষকতা কৰি তাতেই অৱসৰ লয় । তেওঁৰ মৃত্য হয় ২০০০ খৃঃত ৷ ১৯২৮-২৯ চনত অসম ছাত্ৰ সন্মিলনৰ মুখপত্র ‘ মিলন’ৰ এওঁ সম্পাদক আছিল ৷ ‘ বৰদৈচিলা ’ আলোচনীৰো এওঁ অন্যতম গুৰিয়াল আছিল । অসমীয়া সাহিত্যত বিনন্দচন্দ্ৰ বৰুৱাৰ প্ৰধান পৰিচয় কবি হিচাপে । তেওঁৰ প্ৰকাশিত কাব্যসংকলন তিনিখন হ’ল —– শৃংখধ্বনি , প্রতিধ্বনি আৰু জয়ধ্বনি । কবিতাৰ উপৰি দুখন গহীন নাট ৰচনা কৰিছিল — নাম ‘ শৰাইঘাট ’ আৰু ‘ পাৰ্থসাৰথি ’ । ৰাজস্থানৰ গল্প ‘ আৰু মহাৰাজ নৰনাৰায়ণ এই দুখন শিশু গ্রন্থ । তেওঁ দুখনমান জনপ্রিয় প্রহসনো ৰচনা কৰিছিল ৷ ‘ কেৰপাই শৰ্মা ‘ ছদ্মনামত ‘ বাঁহী ‘ কাকতত খুহুটীয়া প্ৰৱন্ধও লিখিছিল ।
কবি বিনন্দচন্দ্ৰ বৰুৱাৰ কবিতাৰ অন্যতম প্রধান বিষয় হ’ল কবিতাত উদ্দীপনাপূর্ণ জাতীয়ভাৱ আৰু অতীত গৌৰৱৰ যশগান কীৰ্ত্তন । অতীত অসমৰ ঘাইকৈ আহোম ৰাজত্বৰ গৌৰৱ গৰিমা , শৌর্য বীর্য , জাতীয় প্রেম বীৰ বীৰাঙ্গণাৰ কাৰ্যকলাপ তেওঁৰ কবিতাত মূৰ্তিমান হৈ উঠিছে । অতীতৰ প্রতি শ্রদ্ধাশীল মনোভাৱ তেওঁৰ কবিতাৰ ঘাই লক্ষণ । ইতিহাসৰ ঘটনাক তেওঁৰ কবিতাত সজীৱ আৰু স্পন্দনপূৰ্ণ ৰূপ দিয়াত তেওঁৰ অসামান্য দক্ষতা প্রকাশ পাইছে । এইক্ষেত্ৰত তেওঁৰ ‘ গড়গাঁও ’ , ‘ নজনা বীৰৰ মুৰ ’ , ‘ আগিয়াঠুটিৰ বীৰ’ আদি কবিতাৰ নাম উল্লেখ কৰিব পাৰি । অতীতৰ গৌৰৱ গৰিমা কৈ জাতীয় ভাৱৰ জাগৰণ অনাত তেওঁৰ অৱদান অনস্বীকাৰ্য ৷ তেওঁৰ কবিতাত পুৰণি যোজনা আৰু খণ্ডবাক্যৰ সুন্দৰ প্ৰয়োগ মনকৰিবলগীয়া । তেওঁৰ কবিতাত ভাষাৰ শক্তিসত্বা , ওজস্বিতাৰ শব্দধ্বনি অনস্বীকার্য , কিন্তু ভাৱৰ গভীৰতা সেই অনুপাতে কম ৷ অতীত ইতিহাসৰ সুন্দৰ ৰূপকাৰ হিচাপে তেওঁক ‘ ধ্বনি কবি ’ বা ‘ চাৰন ’ কবি আখ্যা দিয়া হৈছে ।
( ছ ) দুৰ্গেশ্বৰ শৰ্মা :- অসমীয়া সাহিত্যৰ বুৰঞ্জীত কবি আৰু নাট্যকাৰ ৰূপে পৰিচিত দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হয় ১৮৮২ খৃঃত যোৰহাটৰ পটীয়া গাঁৱত । তেওঁৰ পিতৃৰ নাম কমলচন্দ্ৰ শৰ্মা । মেধাবী ছাত্র শর্মাই ১৯০৩ চনত বি , এ , পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯০৬ চনত আইনৰ উপাধি লৈ আইন ব্যৱসায়ত যোগ দিয়ে । ১৯১১ চনত চৰকাৰী চাকৰিত সোমায় আৰু কৰ্তব্যনিষ্ঠা আৰু তীক্ষ্ণমেধাৰ ফলত উন্নতি লাভ কৰি শেষত ডিৰেক্টৰ অৱ লেণ্ড ৰেকৰ্ডচ আৰু আবকাৰী বিভাগৰ কমিচনাৰ পদৰ পৰা অৱসৰ লয় । অৱসৰৰ পাছত গুৱাহাটীতে স্থায়ীভাৱে থাকি ১৯৬১ চনত স্বৰ্গী হয় ।
দুৰ্গেশ্বৰ শৰ্মাৰ কবিতাৰ পুথি দুখন — অঞ্জলি আৰু নিবেদন । ইয়াৰ বাহিৰে আলোচনীৰ পাততো তেওঁৰ কিছুমান কবিতা সিচঁৰতি হৈ আছে। এইখিনি গোটাই মৰণোত্তৰ ৰচনাৱলীত ‘ উপাসনা ’ নাম দি প্ৰকাশ কৰা হৈছে । তেওঁৰ ৰচিত নাটক হ’ল ‘ পাৰ্থ – পৰাজয় ’ , ‘ চন্দ্ৰাৱলী ’ , ‘ বালীবধ ’ আৰু ‘ পদ্মাৱতী ’ ।
দুৰ্গেশ্বৰ শৰ্মাৰ কবি হিচাপে আত্মপ্রকাশ ঘটে গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা জোনাকী কাকতৰ পাতত ৷ শৰ্মাৰ কবিতাত অতিন্দ্ৰীয়ভাৱৰ মৃদু পৰশ আছে । আত্মাৰ অবিনশ্বৰতা , জন্মান্তৰবাদ , সর্বাত্মবাদ , এটি সংযত জীৱন উপভোগৰ আকাংক্ষা আৰু জাগতিক সৌন্দৰ্যৰ প্ৰতি মোহ শৰ্মাৰ কবিতাৰ বিশেষত্ব । তেওঁৰ কবিতাত পাৰমাৰ্থিক ভাৱনাৰ লগতে পাৰ্থিৱ জগতৰ মায়া মোহৰ কথাও প্রকাশ পাইছে । সহজ সৰল পৰিচিত চিত্ৰৰ জৰিয়তে দার্শনিক ভাৱৰাশিক প্ৰকাশ কৰিব পৰা দক্ষতা শৰ্মাৰ কবিতাত দেখা যায় । সহজ সৰল আৰু কম কথাৰে সৰল অনুভূতিৰ বৰ্ণনা শৰ্মাৰ কবিতাত পৰিলক্ষিত হয় । তেওঁৰ পেপা , গীত আৰু ছবি , ধূলিকণা মই ইত্যাদি কবিতাৰ কথা এই প্ৰসংগত উল্লেখযোগ্য ।
নাট্যকাৰ হিচাপে শৰ্মাৰ অৱদান উল্লেখযোগ্য । তেওঁৰ ‘ পাৰ্থ – পৰাজয়’ আৰু বালীবধ পৌৰাণিক নাটক আৰু ‘ চন্দ্ৰাৱলী ’ ছেক্সপীয়েৰৰ As you like it নাটৰ মুকলি অনুবাদ । তিনিওখন নাট সৰল অমিত্রাক্ষৰ ছন্দত ৰচিত । পৌৰাণিক আখ্যানৰ লগতে স্বকীয় কল্পনাৰ সংযোগেৰে নাট দুখন আকৰ্ষণীয় কৰিবলৈ চেষ্টা কৰিছে । তুলনামূলকভাৱে পাৰ্থপৰাজয় নাটকতকৈ বালীবধ নাটকত অধিক নাট্য কুশলতা প্ৰদৰ্শন কৰিছে । দুয়োখন নাট ট্রেজেডিৰ সলনি কমেডি ৰূপেহে পৰিণতি লাভ কৰিছে । নাট্যশ্ৰেষ , স্থানবিশেষে কবিত্বপূর্ণ বৰ্ণনা আৰু সংলাপ , নিয়তিৰ আমোঘ প্ৰভাৱ আদিৰে নাটদুখনত পৌৰাণিক পৰিৱেশ গঢ়ি তুলিছে । চন্দ্ৰাৱলী নাট খনিত বিদেশী কথাবস্তুক দেশীয় সাজপাৰ পিন্ধাই উপস্থাপন কৰাত নাট্যকাৰ আশাতীতভাৱে সফল হৈছে । অসমীয়া সাহিত্যৰ বুৰঞ্জীত দুৰ্গেশ্বৰ শৰ্মাৰ দাৰ্শনিক কবি হিচাপে আৰু নাট্যকাবৰূপে এটি বিশেষ স্থান আছে ।
( জ ) অতুলচন্দ্ৰ হাজৰিকা :- ( ১৯০৩-১৯৮৬ ) সু – সাহিত্যিক অতুলচন্দ্ৰ হাজৰিকাৰ জন্ম হয় ১৯০৩ খৃঃত নগাঁৱৰ উৰীয়া গাঁৱত । কলেজীয়া ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য ক্ষেত্ৰত অৱদান যোগাই আহিছে । গুৱাহাটীৰ কলেজিয়েট বিদ্যালয় , কটন কলেজ আৰু আৰ্ল ল কলেজত শিক্ষা লাভ কৰি কটন কলেজৰ অধ্যাপকৰ কামত যোগ দিয়ে আৰু শেষত অসমীয়া মূৰব্বী অধ্যাপকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ এওঁ ছাত্ৰ সন্মিলনৰ মুখপত্র ‘ মিলন’ব সম্পাদকো আছিল ৷
অতুলচন্দ্ৰ হাজৰিকা একেধাৰে কবি , নাট্যকাৰ , শিশু সাহিত্যিক , মঞ্চৰ বুৰঞ্জীলেখক । বহুমূখী প্ৰতিভাৰ আকৰ হাজৰিকাদেৱৰ চাৰিকুৰিৰো অধিক পুথি প্ৰকাশ পাইছে । ইমান সংখ্যক পুথি অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিষয়ত তেওঁৰ অৱদান একক । অৱশ্যে তেওঁৰ আটাইবোৰ ৰচনাই শ্রেষ্ঠ তেনে নহয় । কিন্তু সাহিত্যৰ ভড়াল চহকী কৰাত আৰু সাধাৰণ পাঠকৰ চাহিদা পূৰণ কৰাত যে এইবোৰৰ গুৰুত্বপূর্ণ ভূমিকা আছিল তাক উলায় কৰিব নোৱাৰি । তেওঁৰ ৰচিত পুথিৰ ভিতৰত ‘ নৰকাসুৰ ’ , ‘ কনৌজ কুঁৱৰী ’ , ‘ কুৰুক্ষেত্ৰ ’ , আদি কৰি কুৰিখন মান নাটক ; ‘ কথা – দশম ’ , ‘ কথাকীৰ্তন ’ , ‘ দিগ্বিজয়ী ’ , ‘ ল’বাৰ জাতক’, ‘ ইছপৰ সাধু ’ , ‘ গ্ৰীমছৰ সাধু’ আদি কৰি একুৰিৰো অধিক শিশু সাহিত্য ; দীপালী , তপোবন , মুকুতামালা , মণিমালা , পাঞ্চজন্য আদি খণ্ড কবিতাৰ পুথি ; মাণিকি – মাধুৰী আৰু ৰুণুক – জুনুক শিশু কবিতাৰ পুথি প্ৰকাশ পাইছে ।
তেওঁৰ সাহসৰ বাস্তৱ আলেখ্য । ইয়াৰ বাহিৰেও ‘ খনিকৰ ’ , ‘ নিমাতী কন্যা ’ নামৰ গীতি নাট্য এখনো ৰচনা কৰিছিল ।
তওঁৰ একমাত্ৰ কবিতাৰ পুথি হ’ল ‘ লুইতৰ পাৰৰ অগ্নিসুৰ ’ । জ্যোতি প্ৰসাদৰ কবিতাত বিপ্লৱীৰ সুৰ , জাতীয়তাবাদ , দেশৰ ঐতিহ্য ইতিহাসৰ সৈতে একাত্মবোধ , জনতাৰ প্রতি দায়বদ্ধতা , পৌৰুষত্ব , ভাষা আৰু শব্দ প্রয়োগৰ ওজস্বিতা কবিতাসমূহৰ বৈশিষ্ট্য । তেওঁৰ ৰচিত প্রায় তিনিশ মান গীতৰ সুৰৰ স্বকীয়তা আৰু কাব্যিকতা মন কৰিবলগীয়া ৷ গীতবোৰ সুৰ , ভাব আৰু অনুভূতিৰ অপূৰ্ব সম্বমদ্ধয় ।
অসমীয়া সাহিত্য – সংস্কৃতিৰ বুৰঞ্জীত জ্যোতিপ্ৰসাদ আগৰাৱালাৰ বহুমুখী অৱদানৰে এক সুকীয়া আৰু অসাধাৰণ স্থান লাভ কৰি আছে ।
( ঞ ) চন্দ্ৰধৰ বৰুৱা :- কবি নাট্যকাৰ আৰু হাস্যৰসিক চন্দ্ৰধৰ বৰুৱাৰ জন্ম হয় ১৮৭৪ খৃঃত ডেৰগাঁৱত । ১৮৯১ খৃঃত এণ্ট্ৰেন্স পাছ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় মাৰু বি , এ , মহলালৈ অধ্যয়ন কৰে , কিন্তু ডিগ্ৰী নোহোৱাকৈ উভতি আহি ওকালতি আৰম্ভ কৰে । পিছত ওকালতি এৰি চাহ বাগিছাত ধৰে ৷ তেওঁ ভাৰতীয় জাতীয় আন্দোলনৰ এগৰাকী কৰ্মী আছিল ৷ চন্দ্ৰধৰ বৰুৱাৰ মৃত্যু হয় ১৯৬১ খৃঃত ।
কবি নাট্যকাৰ আৰু হাস্যৰসিক ৰূপে পৰিচিত চন্দ্ৰধৰ বৰুৱাৰ কবিতাৰ পুথি এখনেই ‘ ৰঞ্জন ’ ১৯২৭ ) । এই পুথিত ধেমেলীয়া আৰু ব্যঙ্গাত্মক কবিতাৰ বাহিৰেও গহীন ভাৱৰ কবিতাও দুই চাৰিটা সন্নিৱিষ্ট হৈছে । প্রাচীন ৰক্ষণশীলতা , অন্ধ সংস্কাৰ , ভণ্ডামিক ব্যঙ্গ কৰি কবিতাসমূহ ৰচিত হৈছে ; কিন্তু এই ব্যঙ্গ আক্রোশহীন নিভাঁজ আৰু ৰসিকতাপূৰ্ণ । প্রকৃত কবিত্ব শক্তিৰ পৰিচায়ক কবিতা কিছুমানো আছে । এইক্ষেত্ৰত ‘ স্মৃতি ’ নামৰ প্ৰণয়াত্মক কবিতাটোৰ কথা উল্লেখ কৰিব পাৰি । কল্পনা আৰু বিশ্লেষণ শক্তিৰ সম্যক আভাস এই কবিতাটিয়ে দাঙি ধৰে ৷ ‘ কামৰূপ – জীয়াৰী ’ আৰু ‘ বিদ্যুবিকাশ ’ নামৰ দীঘলীয়া বৰ্ণনাত্মক কাব্য দুখন আৱাহনৰ পাতত ছোৱা ছোৱাকৈ প্ৰকাশ পাইছিল । প্ৰথমখন ‘ বেউলাৰ কাহিনী ’ দ্বিতীয়খন ‘ বৃত্ৰাসুৰ বধ ” ৰ কাহিনীৰে ৰচিত ।
চন্দ্ৰধৰ বৰুৱা এগৰাকী নাট্যকাৰো । তেওঁৰ ‘ মেঘানাদ বধ ’ , ‘ তিলোত্তমা সম্ভৱ ’ , ‘ ৰাজর্ষি ’ এই তিনিখন জনপ্রিয় পৌৰাণিক নাটক আৰু ‘ ভাগ্য পৰীক্ষা ’ ধেমেলীয়া নাটক । ইয়াৰ বাহিৰেও ‘ পুনৰ জন্ম ’ , ‘ মোগল বিজয় ’ , ‘ আহোম সন্ধ্যা ’ , ‘ বিয়াবিলৈ ’ – এই চাৰিখন নাট ‘ চন্দ্ৰধৰ বৰুৱা গ্ৰন্থাৱলীত নন্নিৱিষ্ট হৈছে । প্ৰথম পৌৰাণিক , পাছৰ দুখনে ঐতিহাসিক নাট । ‘ বিয়াবিলৈ ’ সামাজিক নাট ।
পৌৰাণিক নাটসমূহৰ ভিতৰত‘মেঘনাদ বধ ’ তেওঁৰ শ্ৰেষ্ঠ নাট । এইখন নাটকীয় গুণেৰে সমৃদ্ধ । ‘ মেঘনাদ বধ ’ আৰু ‘ তিলোত্তমা সম্ভৱ’ৰ বিষয়বস্তু নাট্যকাৰৰ নিজা নহয় , বঙ্গীয় কবি মাইকেল মধুসুদন দত্তৰ একে নামৰ কাব্যৰ নাট্যৰূপ । গতিকে বিষয়বস্তু আৰু চৰিত্ৰ সৃষ্টিত নাট্যকাৰৰ মৌলিকতা নাই ৷ নাট্যকাৰৰ কৃতিত্ব প্রকাশ পাইছে ছন্দোৱদ্ধ সংলাপৰ নিমজ আৰু সাৱলীল গতিত আৰু পৰিস্থিতি চিত্ৰণত । ‘ তিলোত্তমা সম্ভৱত ’ কাব্যগুণৰ আধিক্য লক্ষ্য কৰা যায় ৷ ‘ ভাগ্য পৰীক্ষা’ৰ বিষয়বস্তু আবৱ্য উপন্যাসব কাহিনী এটিৰ আধাৰত ৰচিত ধেমেলীয়া নাট । চৰিত্ৰ চিত্রণে নাটখনিক আকর্ষণীয় কৰিছে ।
( ট ) নকুলচন্দ্ৰ ভূঞা :- অসমীয়া সাহিত্যত গল্পলেখক আৰু নাট্যকাৰৰূপে পৰিচিত নকুলচন্দ্ৰ ভূঞাৰ জন্ম হয় ১৮৯৫ চনত চাৰিঙত।প্ৰৱেশিকা পর্যন্ত শিক্ষা লাভ কৰি বিভিন্ন চাকৰি কৰি শেষত চাহবাগিছাৰ মেনেজাৰ পদৰ পৰা অৱসৰ লয় । এওঁৰ মৃত্যু হয় ১৯৬৮ চনত । নকুলচন্দ্ৰ ভূঞা আৱাহন যুগৰ এগৰাকী আগশাৰীৰ গল্প লেখক। তেওঁৰ প্ৰকাশিত গল্প পুথি হ’ল— জোনাৱলী , গল্পৰ শৰাই , চোৰাং চোৱাৰ চৰা উল্লেখযোগ্য । তেওঁৰ গল্পবোৰ গাঁৱলীয়া জীৱন আৰু চৰিত্ৰৰ ভেটিত ৰচিত কাহিনী প্রধান ৰচনা । সামাজিক সমালোচনাও তেওঁৰ গল্পত নথকা নহয় ৷ ‘ মেধি ’ , ‘ বে বড়ে ভাই ’ তেওঁৰ উল্লেখযোগ্য গল্প ।
ভূঞা গল্পকাৰ হ’লেও নাট্যকাৰ ৰূপেহে বেছি জনপ্রিয় । তেওঁৰ নাটসমূহ হ’ল — বদন বৰফুকন ‘ , ‘ চন্দ্ৰকান্ত সিংহ ’ , ‘ বিদ্রোহী মৰাণ ’ আৰু শেহতীয়া ৰচনা ‘ নুমলী কোৱৰ ’ । প্রথম দুখনত মানৰ আক্ৰমণ আৰু বেলিমাবৰ কৰুণ ঘটনা আৰু ‘ বিদ্রোহী মৰাণ’ত মোৱামৰীয়া বিদ্ৰোহৰ বুৰঞ্জী সহানুভূতিৰে আক্ষেপ কৰিছে । ‘ নুমলী কোঁৱৰ ’ বুৰঞ্জীৰ এটি নাৰী চৰিত্ৰক কেন্দ্ৰকৰি ৰচিত যদিও যথেষ্ট স্বকীয়তা দেখা যায় । ভূঞাৰ নাটকেইখনৰ বিষয় বস্তু ইতিহাসৰ পৰা আঁতৰি যোৱা নাই , চৰিত্ৰসমূহ উজ্জ্বল কৰা কাৰণে পৰিৱেশ আৰু পৰিস্থিতি ৰচনাতহে স্বকীয় কল্পনা প্ৰয়োগ কৰিছে । ঐতিহাসিক ঘটনাৰ ভয়াবহতাৰ অন্তৰালত প্ৰেমৰ লীলাখেলাৰ চিত্ৰ আঁকি কোমল ভাৱৰ সঞ্চাৰ কৰিছে । কিন্তু ভূঞাৰ নাটকত আধুনিক ঠাঁচৰ সংলাপ আৰু উপযোগী ঐতিহাসিক বাতাবৰণৰ অভাৱ লক্ষ্য কৰা যায় ৷ তেওঁৰ চাৰিখন নাটকেই দুখাত্মক; কিন্তু ট্রেজেডি নাটকৰ মহিমা আৰু গাম্ভীর্য গভীৰভাৱে পৰিস্ফুট হোৱা নাই ।
৭। শেৱালি কবি বুলি কাক কোৱা হয় ?
উত্তৰঃ ৰত্নকান্ত বৰকাকতী ।
৮। দহিকতৰা পুথিখন কাৰ ৰচনা ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ ।
৯। প্ৰথম অসমীয়া ছনেটৰ ৰচক কোন ?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী ।
১০। মেঘনাদ বধ নাটকখন কোনে ৰচনা কৰিছিল ?
উত্তৰঃ চন্দ্ৰধৰ বৰুৱা ।
১১। হিতেশ্বৰ বৰবৰুৱাৰ কাব্যিক জীৱনৰ পৰিচয় দিয়া ৷
উত্তৰঃ হিতেশ্বৰ বৰবৰুৱাৰ প্রথম প্রকাশিত পুথি ঢোপাকলি ( ১৯০২ ) । ঢোপাকলিৰ কবিতাৰাজি ছনেট গঢ়ৰ । হিতেশ্বৰ বৰবৰুৱাই এখন সুকীয়া আসনত অধিষ্ঠিত হ’ব পাৰিছে তেওঁৰ এলানি কাব্যৰ বাবে । তেৱেঁই অসমীয়া কাব্য সাহিত্যত জোৱাৰ আনে । কমতাপুৰ ধ্বংস ( ১৯১২ ) , বিৰহিণী বিলাপ ( ১৯১৩ ) , তিৰোতাৰ আত্মদান বা জয়মতী ( ১৯১৩ ) , আভাস ( ১৯১৪ ) , যুদ্ধক্ষেত্ৰত আহোম ৰমণী বা মূলা – গাভৰু ( ১৯১৫ ) অঙ্গিলা আৰু ডেচডিমনা ( ১৯১৭ ) বৰবৰুৱাৰ ৰচিত কাব্য ৷
হিতেশ্বৰ বৰবৰুৱাৰ ‘ কমতাপুৰ ধ্বংস ’ প্ৰথম অসমীয়া বুৰঞ্জীমূলক কাব্য । ১৫ টি অধ্যায়ত ৰচিত ১৫৯ পৃষ্ঠাৰ কাব্যখনিৰ বিষয় বস্তু কমতাপুৰৰ ৰজা নীলাম্বৰৰ পতনৰ কাহিনী । কমতাপুৰ ধ্বংসৰ লগতে একেলগে প্রকাশ কৰা আন এখন কাব্য ‘ বিৰহিণী বিলাপ ’ ৷ ‘ তিৰোতাৰ আত্মদান ’ কাব্যৰ বিষয় – বস্তু মহাসতী জয়মতীৰ নিৰ্য্যাতনৰ কাহিনী। মহাসতী জয়মতীৰ কৰুণ কাহিনী কাব্যখিনিৰ প্ৰধান উপজীব্য যদিও কবিয়ে কাব্যখনিত বুৰঞ্জীৰ কল্পনাৰ ৰহণ সানিছে । কল্পনাৰ ৰহণে কাব্যখনি মনোৰম কৰিহে তুলিছে ।
হিতেশ্বৰ বৰবৰুৱাৰ কাব্যৰাজিৰ ভিতৰত ‘ যুদ্ধক্ষেত্ৰত আহোম ৰমণী’খনেই শ্রেষ্ঠ । কাব্যখিনিৰ ভাষা গাম্ভীৰ্য্যপূৰ্ণ আৰু বৰ্ণনা মনোৰম।
বৰবৰুৱাৰ আভাস কাব্য একুৰি এটা কবিতাৰ সমষ্টি । দেশ – বিদেশৰ প্রথিতযশা কেইগৰাকীমান নাৰীৰ জীৱনৰ কৰুণ কাহিনী ‘ আভাস ’ কাব্যৰ মাজেৰে প্ৰকাশ পাইছে ।
‘ ডেচডিমনা ’ আৰু ‘ অঙ্গিলা ’ বৰবৰুৱাৰ দুখন বিদেশী পুথিৰ আলমত ৰচনা কৰা কাব্য । চেক্সপিয়াৰৰ Othello আৰু গোল্ডস্মিথৰ Vicar of Wakefield কাব্যৰ আলমত উক্ত কাব্য দুখনি ৰচনা কৰিছিল । হিতেশ্বৰ বৰবৰুৱাৰ মালচ আৰু চকুলো ছনেটৰ পুথি । সন্ধালনিকৈ অসমীয়া সাহিত্যত ছনেটৰ জোৱাৰ আনে হিতেশ্বৰ বৰবৰুৱাই । মালচৰ কবিতাবোৰ কবিৰ জীৱনৰ বিচিত্ৰ ৰূপৰ প্ৰকাশ । কবিৰ মতে কবি উপজিছিল ‘ মূৰত জুইৰ চৰু লই ’ । আত্ম পৰিজন , পত্নী , পুত্র , ভগ্নী , ভাতৃ হেৰুৱা বিয়োগজনিত শোকৰ কাহিনী প্রকাশ পাইছে ।
হিতেশ্বৰ বৰবৰুৱাৰ ‘ চকুলোক থোৰতে এখনি খণ্ডকাব্য বুলি ক’ব পাৰি।একুৰি তেৰটা কবিতাৰ চকুলো কাব্য পুত্রশোকত শোকাতুৰ পিতৃ অস্তৰৰ গভীৰ বেদনাৰ অভিব্যক্তি । পুথিখনিৰ ভাষা সহজ সৰল আৰু সাৱলীল ছন্দত ৰচিত । পুথিখনিৰ মাজত এটি নিছিগা সুৰৰ ঢৌউ বাগৰি আছে । প্ৰতিটো কবিতাৰ স্বকীয় সৌন্দৰ্য্য আছে যদিও কবিতাৰাজিৰ সামুহিক সৌন্দৰ্য্যহে মনোগ্রাহী ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.