Class 7 Assamese Chapter – 9 অসম

Class 7 Assamese Chapter – 9 অসম Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 9 অসম Solution select needs one.

Join Telegram channel

Assam Class 7 Assamese Chapter – 9 অসম Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 9 অসম Solution

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 9 অসম

অসম

পাঠ:-৯ 

-লক্ষ্মীনাথ বেজবৰুৱা

ক— পাঠভিত্তিক ক্রিয়া 

প্রশ্ন ১। কোৱা 

( ক ) লেখকে কোনখন ঠাইক স্বৰ্গতো অধিক জনম ভূমি ’ বুলি কৈছে ? 

উত্তৰঃ লেখকে অসমখনক স্বৰ্গতাে অধিক জনম ভূমি ’ বুলি কৈছে । 

( খ ) প্রাচীন কালত আমাৰ ৰাজ্যৰ কোনছােৱাক সৌমাৰপীঠ বােলা হৈছিল ? 

উত্তৰঃ প্রাচীন কামৰূপ ৰাজ্যৰ উজনি ছােৱাক সৌমাৰপীঠ বােলা হৈছিল ।

( গ ) ইতিহাসৰ মতে কাৰ ৰাজত্বকালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহম হ’ল ? 

উত্তৰঃ আহােমসকলৰ ৰাজত্বকালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহম হ’ল ।

( ঘ ) আমাৰ সকলাে শক্তি কিহৰ সেৱাত লগাব লাগিব ? 

উত্তৰঃ আমাৰ সকলাে শক্তি স্বদেশৰ সেৱাত লগাব লাগিব । 

( ঙ ) ইংৰাজ গৱৰ্ণমেন্টে প্রথমে এই দেশৰ নাম কি বুলি লিখিছিল ? 

উত্তৰঃ ইংৰাজ গৱৰ্ণমেন্টে প্রথমে এই দেশৰ নাম ‘ASAM ‘ বুলি লিখিছিল । 

( চ ) অসমক কোনে ‘ অসমৰ দেশ ‘ বুলি কৈছিল ? 

উত্তৰঃ অসমক মুছলমান বুৰঞ্জী লেখকে ‘ অসমৰ দেশ ’ বুলি কৈছিল । 

প্রশ্ন ২। উত্তৰ দিয়া । 

( ক ) প্রাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তৃত আছিল ? 

উত্তৰঃ প্রাচীন কামৰূপৰ দক্ষিণ সীমা বঙ্গোপসাগৰলৈকে বিস্তৃত আছিল । 

( খ ) সৌম্য ৰাজ্যত থকা আর্য সন্তানসকলক কি বােলা হৈছিল ? 

উত্তৰঃ সৌম্য ৰাজ্যত থকা আর্য সন্তানসকলক সৌম্য বা সোম বােলা হৈছিল । 

( গ ) সৌমাৰৰ সােমসকলে স্বান জাতীয় লােকলক কি বুলি মাতিছিল ? 

উত্তৰঃ সৌমাৰৰ সােমসকলে স্বান জাতীয় লােকসকলক ‘ আসােম ’ বা ‘ অসম ‘ বুলি মাতিছিল । 

( ঘ ) চুকাফা ৰজাই কি পর্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল ? 

উত্তৰঃ চুকাফা ৰজাই পাটকাই পর্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল । 

প্রশ্ন ৩ ৷ ‘ ক ’ অংশৰ বাকচত থকা শব্দ কেইটাৰ অৰ্থ ‘ গ ’অংশৰ বাকচত আছে । এতিয়া তাৰ পৰা উপযুক্ত অর্থ বিচাৰি ‘ খ ’অংশৰ বাকচত লিখা । 

উত্তৰঃ 

‘ক’ অংশ‘গ’ অংশ
চিৰস্মৰণীয়সদায় মনত ৰাখিবৰ যােগ্য । 
কীর্তি-কলাপভাল কামৰ পৰিচয়মূলক কার্যাৱলী ।
আহােপুৰুষাৰ্থপ্রাণপণ চেষ্টা ।
তানুসন্ধানগভীৰভাৱে তথ্য বিচাৰি চোৱা , অন্বেষণ ।
স্বতন্ত্ৰস্বাধীন ।
সন্তোষআনন্দ , হৰ্ষ । 

উহ :- মাটিৰ তলৰ পৰা পানী ওলােৱাৰ বাট বা বিন্ধা । 

প্রশ্ন ৪। উত্তৰ লিখা 

( ক ) অসম নামৰ উৎপত্তি কেনেকৈ হ’ল ? 

উত্তৰঃ স্বান জাতীয় চুকাফা ৰজাই পাটকাই পর্বত পাৰ হৈ আহি উজনিৰ সৌম্যৰাজ্য অধিকাৰ কৰে । সৌম্য ৰাজ্যৰ সােমবিলাকে স্বান জাতীয় মানুহবিলাকক ‘আসােম’ বা ‘অসম’ বুলিছিল । ‘আসােম’ বা ‘অসম’ শব্দ পিছত ‘আহােম’ বা ‘অসম’লৈ ৰূপান্তিত হ’ল । আহােম বা অসম জাতিয়ে অধিকাৰ কৰা ৰাজ্যখনৰ নামাে অসম বুলি জনাজাত হ’ল । এইদৰেই অসম নামৰ উৎপত্তি হল । 

( খ ) বর্তমান অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে ? 

উত্তৰঃ আর্য আৰু অনাৰ্যৰ সংমিশ্রণত , অনেক জাতি আৰু উপজাতি মিলি বর্তমান অসমীয়া জাতিটো গঠিত হৈছে । 

( গ ) অসমীয়া জাতিক এটা আদর্শ জাতিৰূপে গঢ়িবলৈ আমি কি কি কৰা উচিত ? 

উত্তৰঃ অসমীয়া জাতিক এটা আদর্শ জাতিৰূপে গঢ়িবলৈ আমি প্রথমতে আমাৰ ভাষা আৰু সাহিত্যৰ উন্নতি সাধন কৰিব লাগিব ; সাধাৰণ শিক্ষাৰ সোঁত প্রবলভাৱে বােৱাই দিব লাগিব আৰু ধর্মনীতিৰ বিমল কিৰণেৰে গােটেই দেশক আলােকিত কৰিব লাগিব । 

( ঘ ) অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কি কাম কৰিব লাগিব ? 

উত্তৰঃ অসমৰ ভাষা – সাহিত্য – সংস্কৃতিৰ পূর্ণ বিকাশ ঘটাবলৈ অহােপুৰুৰ্থ কৰিব লাগে । বিভিন্ন জাতি – জনগােষ্ঠীৰ বাসস্থান অসমত ঐক্য – সংহতিৰে শান্তি – সম্প্রীতি বজাই ৰাখিবলৈ সচেষ্ট হ’ব লাগিব । শিক্ষা আৰু ধর্মনীতিৰ বিমল কিৰণেৰে তাসমক আলােকিত কৰিব লাগিব । তেতিয়াহে অসমৰ গৌৰৱ বাঢ়িব , দেশে তথা বিদেশত অসমৰ সুনাম , খ্যাতি বাঢ়িব । 

প্রশ্ন ৫। বিভিন্ন কালত অসমক কি কি নামেৰে জনা গৈছিল ,  ‘ক’ অংশৰ লগত ‘খ’অংশ মিলােৱা ।

 ‘ক’ অংশ‘ খ ’ অংশ’ 
১. ইংৰাজ শাসনতঅসমৰ দেশ
২. বৈদিক যুগত কামৰূপ
৩. পৌৰাণিক যুগতঅসম
৪. তান্ত্রিক যুগত প্ৰাকী দেশ
৫. বর্তমান যুগতপ্ৰাগজ্যোতিষপুৰ
৬. মুছলমানৰশাসন কালতASAM

উত্তৰঃ

 ‘ক’ অংশ‘ খ ’ অংশ’ 
১. ইংৰাজ শাসনতASAM দেশ 
২. বৈদিক যুগত প্ৰাকী দেশ
৩. পৌৰাণিক যুগতপ্ৰাগজ্যোতিষপুৰ
৪. তান্ত্রিক যুগত কামৰূপ
৫. বর্তমান যুগতঅসম
৬. মুছলমানৰশাসন কালত‘অসমৰ দেশ’

প্রশ্ন ৭ তলৰ কথাকেইশাৰীৰ তাৎপর্য বহলাই লিখো আহা— 

( ক ) “ আগেয়ে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰ নৈৰ নিচিনা বেগৱতী কৰিব পাৰিলে নিজৰাই নিজে গৈ সাগৰৰ লগত মিলিব লাগিব । ” 

উত্তৰঃ নিজৰ জন্মভূমিৰ কিদৰে বিকাশ আৰু গৌৰৱ বঢ়াব পাৰি তাকে ক’বলৈ যাওঁতে লেখকে তুলনামূলকভাৱে এই কথাষাৰি উল্লেখ কৰিছে । ক্ষুদ্ৰ নিজৰা এটি বৰ নৈৰ দৰে সাগৰলৈ বেগেৰে বৈ যাব নােৱাৰে । বৈ গৈ হয়তাে ক’ৰবাত বৈ যায় বা নিঃচিহ্ন হৈ যায় । সেই নিজৰাটি তেনেকৈ ৰৈ নাযাবলৈ বা নিঃচিহ্ন নহ’বলৈ বৰনৈৰ দৰে বেগেৰে গৈ সাগৰত পৰিবলৈ বিশেষ যত্নেৰে লােৰ কাটি বােৱাই নিব লাগিব । তেতিয়া ক্ষুদ্র নিজৰাটিয়েও বৰ নৈৰ গতিতে সাগৰ পাবগৈ । 

ঠিক সেইদৰে বিশ্বৰ কথা চিন্তা কৰাৰ আগত প্রথমেই নিজৰ জন্মভূমিৰ কথাহে চিন্তা কৰিব লাগিব । নিজ জন্মভূমিৰ উন্নতি কৰিব পাৰিলেই তাৰ দ্বাৰাই বিশ্বৰাে উন্নতি হ’ব । জন্মভূমিৰ উন্নতিয়েই দেশৰ উন্নতি , দেশৰ উন্নতিয়েই বিশ্বৰ উন্নতি ।

( খ ) ‘সৰুটি হৈহে সংসাৰত সৰকিব পাৰি , ভেম আৰু আলাসেৰে উৰ্গতি কৰিব নােৱাৰি ।’ 

উত্তৰঃ মানুহে জীৱনত কেনেদৰে উন্নতি কৰিব পাৰে , এই কথা বুজাবলৈকে লেখকে কথাষাৰ উল্লেখ কৰে । 

 ‘সৰুটি হৈহে ’ মানে বিনয়ী , নম্র আৰু সহযােগী মনােভাবৰ কথা কৈছে । ভেম আৰু আলাহ মানে মিছা অহংকাৰ , মই আৰু এলেহুৱা মন আৰু স্বভাবৰ কথা বুজোৱা হৈছে । বিনয়ী , নম্র আৰু সহযােগী ভাবৰ মানুহক সকলােৱে আদৰ – সন্মান আৰু মৰম কৰে । তেনে লােকে সকলােৰে আদৰ – সন্মানত জীৱনত উদগতি কৰিবলৈ দাৰুণ প্ৰেৰণা পায় আৰু মানসিকভাৱে শক্তি পায় । কিন্তু ভেম আৰু আলাহ থকা ব্যক্তিক কোনেও ভাল নাপায় , সমাজেও তেনে লােকক ঘৃণা কৰে । যিকোনাে কথাতে তেওঁ বাধাৰ সন্মুখীন হয় । তেনে লােকে জীৱনত কেতিয়াও উতি কৰিব নােৱাৰে । 

S.L. No.Contents
পাঠ-1তেজৰে কমলাপতি
পাঠ-2কালিকা লগা পাট-কাপােৰ
পাঠ-3আনন্দৰাম বৰুৱা
পাঠ-4জনমভূমি
পাঠ-5বিজ্ঞান আৰু আমাৰ
পাঠ-6নোকোৱাৰ পৰিণাম
পাঠ-7জতুৱাৰ জঁট
পাঠ-8মিছাইল মানৱ
পাঠ-9অসম
পাঠ-10প্রত্যাহ্বান
পাঠ-11গছ ভালপােৱা ককাৰ খং
পাঠ-12নামৰ বেবেৰিবাং
পাঠ-13প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14বিদ্যা
পাঠ-15গড়গাঁও

প্রশ্ন ৭৷ ‘ অসম ’ পাঠটিৰ পৰা তলৰ শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দবােৰ বাছি উলিয়াই লিখা । 

পৰাধীন , অসন্তোষ , বিদেশ , অনুচিত , নিৰানন্দ , বর্জন 

উত্তৰঃ 

পৰাধীন :-     স্বাধীন  

অসন্তোষ :-   সন্তোষ 

বিদেশ :- স্বদেশ 

অনুচিত :- উচিত 

 নিৰানন্দ :- আনন্দ 

বর্জন :- গ্রহণ 

প্রশ্ন ৮। সন্ধি গঠন কৰা আৰু ভাঙা 

যথা + অর্থ ……….   দেৱালয় ,…………….

বিদ্যা + আলয়………….. নৰেন্দ্র ,…………….

উৎ + গতি …………..    উন্নতি ………………

উৎ + + যাপন ………….. উদ্ভৱ …………..

উত্তৰঃ  

যথা + অর্থ = যথার্থ

দেৱালয় = দেৱ + আলয় 

বিদ্যা + আলয় = বিদ্যালয় 

উৎ + গতি = উদগতি 

উন্নতি = উৎ + নতি 

উৎ + যাপন = উদযাপন 

উদ্ভৱ = উৎ + ভৱ, 

প্রশ্ন ৯। তলৰ শব্দকেইটাৰে একোটা বাক্য সাজা । 

উত্তৰঃ  অসম  :- আমাৰ ৰাজ্যখনৰ নাম অসম । 

 জনমভূমি :- অসম , আমাৰ জনমভূমি ।

জনাজাত :- আহােমসকলৰ দিনতে আমাৰ ৰাজ্যখনৰ নাম অসম বুলি জনাজাত হ’ল । 

অনুসন্ধান :- উৰাবাতৰিৰ সত্যাসত্য অনুসন্ধান নকৰাকৈ বিশ্বাস কৰিব নালাগে ।

সংগ্রহ :- সৎ কথাবােৰ সংগ্ৰহ কৰি লিখি থবা । 

সংসাৰ :- ক্ষুদ্র বুলি কোনাে কথাৰ প্রতি অৱহেলা কৰা অনুচিত ।

প্রশ্ন ১০। তলৰ শব্দকেইটাৰ প্রত্যেয়বােৰ ভাঙি দেখুওৱা — 

শাৰীৰিক , দৈহিক , মৌখিক , সামাজিক 

উত্তৰঃ  শাৰীৰিক = শৰীৰ + ইক । 

          দৈহিক  = দেহ + ইক ।

          মৌখিক = মুখ + ইক ।  

          সামাজিক = সমাজ + ইক ।

গ — জ্ঞান সম্প্রসাৰণ 

প্রশ্ন ১১। দেশত সেৱা কৰা মানে দেশৰ বাবে কৰা সকলাে সৰু – বৰ কাম । তােমালােকে বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী হিচাপে কেনেদৰে দেশৰ সেৱা কৰিবা ? 

উত্তৰঃ বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলেও দেশৰ সেৱা কৰিব পাৰে । সুশৃংখলতা , পৰিপাতি , নিয়মানুৱর্তিতা , কর্মতৎপৰ , কঠোৰ শ্ৰম , ভাতৃত্ববােধ , উদাৰতা আদি গুণ ছাত্ৰাৱস্থাতে শিক্ষক – শিক্ষয়িত্রী , পিতৃ – মাতৃ আৰু জ্যেষ্ঠজনৰ পৰা শিকি লােৱাৰ সময় । দেশৰ সু – নাগৰিকৰ এনেবােৰ গুণ অপৰিহার্য । এনে গুণৰ অধিকাৰী হ’লেহে দেশৰ সেৱা কৰিব পাৰি । প্রথমে আমি এনে গুণৰ অধিকাৰী হ’বলৈ চেষ্টা কৰিম । ভালদৰে । পঢ়া – শুনা কৰি দেশ তথা সমাজৰ সকলাে কামতে সহযােগ আগবঢ়াবলৈ চেষ্টা কৰিম । গাঁৱৰ মানুহক আমাৰ জ্ঞান আৰু সাধ্যানুসাৰে চাফ – চিকুণতা , আৰু মানুহৰ মাজত মিলা – প্রীতি , সহায় – সহযােগৰ কথা প্রচাৰ কৰিম । কিছুমান কাম নিজে কৰি দেখুৱাম । মানুহৰ কাৰণে মই এজন আদর্শ স্থানীয় ছাত্র হ’ব পাৰিলে সিয়াে হ’ব একপ্রকাৰ দেশ সেৱা ।

প্রশ্ন ১২। আহােম ৰজাৰ দিনৰ কি কি কীর্তি চিহ্ন আমি এতিয়াও দেখিবলৈ পাওঁ , নামবােৰ লিখা । 

উত্তৰঃ আহােম ৰজাৰ দিনৰ এতিয়াও দেখিবলৈ পােৱা কীৰ্তিচিহ্নবােৰ হ’ল ৰংঘৰ , কাৰেংঘৰ , তলাতল ঘৰ , শিৱসাগৰ , শিৱদৌল , জয়সাগৰ , জয়দৌল , চৰাইদেউৰ ৰাজমৈদাম , নামদাঙৰ শিলৰ সাঁকো , গৌৰীসাগৰ , মােমাই কটা গড় । 

প্রশ্ন ১৩। পাঠটোৰ আৰু “ অ ‘ মােৰ আপােনাৰ দেশ ’ গীতটিৰ লেখকজনৰ নাম লিখি তেখেতৰ দেশসেৱাৰ বিষয়ে কেইশাৰীমান বাক্য লিখা । 

উত্তৰঃ পাঠটোৰ আৰু “ অ ‘ মােৰ আপােনাৰ দেশ ’ গীতটিৰ লেখক হ’ল – সাহিত্যৰথী তথা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ।

লক্ষ্মীনাথ এগৰাকী দেশপ্রেমী লােক আছিল ; ঘাইকৈ তেখেতে নিজ জন্মভূমি অসমৰ কাৰণে যিখিনি সেৱা আগবঢ়াই গ’ল তাৰ তুলনা নাই । তেখেতে অসমৰ বাহিৰত বাধ্যত পৰি কৰ্মভূমি বাছি ল’বলগীয়া হ’লেও বঙালী নামী পৰিয়ালৰ ছােৱালী বিয়া কৰালেও তেখেতৰ অন্তত সততে মাতৃভূমি অসমৰ ছবিয়ে বিজিত হৈ আছিল । অসমীয়া ভাষা – সাহিত্যৰ সকলাে দিশত তেখেতে গ্রন্থ ৰচনা কৰি অসমীয়া ভাষা সাহিত্যক চহকী কৰি থৈ গৈছে ৷ তেখেতৰ প্ৰায়বােৰ ৰচনাতে , কবিতাই হওক , প্রবন্ধই হওক , সকলােতে দেশপ্রেমৰ ভাব ফুটি ওলাইছে । জন্মভূমিক ভাল পােৱা মানে দেশক ভাল পােৱা । তেখেতে লিখা ‘ অ ‘ মােৰ আপােনাৰ দেশ ’ এই গীতটি অসমৰ জাতীয় সংগীত । এই গীতটি দেশ প্রেমৰ তথা দেশ – সেৱাৰ অপূর্ব নিদর্শন ।

 [ প্রশ্নোত্তৰ ১৪ আৰু ১৫। প্রশ্নমতে নিজৰ জিলাৰ দৌল , দেৱালয় , মঠ - মন্দিৰৰ নামবােৰ সংগ্ৰহ কৰিবা আৰু পাঠ্যত থকা ছবিখনি চাই টোকা লিখিবা । প্ৰতিটো ক্ষেত্ৰতে শিক্ষক - শিক্ষয়িত্ৰীৰ সহায় ল’বা । ]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top