Class 7 Assamese Chapter – 3 আনন্দৰাম বৰুৱা

Class 7 Assamese Chapter – 3 আনন্দৰাম বৰুৱা Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 3 আনন্দৰাম বৰুৱা Solution select needs one.

Join Telegram channel

Assam Class 7 Assamese Chapter – 3 আনন্দৰাম বৰুৱা Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 3 আনন্দৰাম বৰুৱা

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 3 আনন্দৰাম বৰুৱা Solution.

আনন্দৰাম বৰুৱা

পাঠ:৩

‘ ক ’ পাঠভিত্তিক ক্রিয়া 

ক্রিয়াকলাপ :

১। পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ ছাত্র – ছাত্রীসকলে অভ্যাস কৰিব । 

প্রশ্ন ২। উত্তৰ দিয়া 

( ক ) আনন্দৰাম বৰুৱাৰ জন্ম কত হৈছিল ? 

উত্তৰঃ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত ১৮৫০ চনৰ ২১ মে তাৰিখে আনন্দম বৰুৱাৰ জন্ম হৈছিল । 

( খ ) তেওঁৰ পিতৃ – মাতৃৰ নাম কি আছিল ?

উত্তৰঃ তেওঁৰ পিতৃৰ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুর্লভেশ্বৰী বৰুৱানী আছিল । 

( গ ) আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল ? 

উত্তৰঃ আনন্দৰাম বৰুৱাই কলকাতা প্রেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল । 

( ঘ ) “ আনন্দৰাম বৰুৱা ভাষা-কলা – সংস্কৃতি সংস্থা ” কিয় প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ স্মৃতি ৰক্ষাৰ বাবে ১৯৮৯ চনত অসম চৰকাৰে “ আনন্দৰাম বৰুৱা ভাষা – কলা – সংস্কৃতি সংস্থা প্রতিষ্ঠা কৰিছিল । ইয়াৰ ইংৰাজী নামটো হ’ল – Anundoram Borooah Institute of Language . Art and Culture , Assam , চমুকৈ ABILAC বুলি জনা যায় । 

প্রশ্ন ৩। ABILAC ৰ সম্পূর্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা । 

উত্তৰঃ ABILAC- ৰ সম্পূর্ণ নামটো ইংৰাজীত হ’ল— Anundoram Borooah Institute of Language , Art and Culture , Assam . অসমীয়াত হ’ল— “ আনন্দৰাম বৰুৱা ভাষা – কলা – সংস্কৃতি সংস্থা ” । 

প্রশ্ন ৪। তলত নাম লিখা পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ । বাছি উলিয়াই লিখা ।

● কৌটিল্যৰ অর্থশাস্ত্র ।

● উচ্চ সংস্কৃত ব্যাকৰণ ।

● প্রাচীন ভাৰতৰ ভূগােল ।

● সৰস্বতী কণ্ঠাহৰণ । 

● ভৱভূতিৰ মহাবীৰ চৰিত । 

● ভাগৱতৰ দশম স্কন্ধ । 

● ইংৰাজী – সংস্কৃত অভিধান । 

● সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ । 

● মহাভাৰত । 

● সংস্কৃত শিক্ষার্থী সহচৰ ।

উত্তৰঃ আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ হ’ল— 

( ১ ) প্রাচীন ভাৰতৰ ভূগােল ।

( ২ ) ভৱভূতিৰ মহাবীৰ চৰিত ।

( ৩ ) ইংৰাজী – সংস্কৃত অভিধান ।

( ৪ ) উচ্চ সংস্কৃত ব্যাকৰণ ।

( ৫ ) সৰস্বতী কণ্ঠাহৰণ ।

( ৬ ) সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ । 

( ৭ ) সংস্কৃত শিক্ষার্থীসহচৰ । 

প্রশ্ন ৫। আনন্দৰাম বৰুৱাই আই . চি . এছ . পৰীক্ষাত উত্তীর্ণ হােৱাৰ পিছত বিলাতত হােৱা বয়সৰ বিতৰ্কত মি . গ্রেন্ট ডাফে দিয়া মন্তব্যটি লিখা । 

উত্তৰঃ আই , ছি . এছ . পৰীক্ষাত উত্তীর্ণ বুলি ঘােষণা কৰাৰ বাবে বয়সৰ প্রয়ােজন আনন্দৰামৰ সেই বয়স হােৱা নাছিল । সেইহেতু পার্লিয়ামেণ্টত তুমুল বিতর্ক সৃষ্টি হােৱাত মি . গ্রেন্ট ডাফে এই মন্তব্যৰে বিতৰ্কৰ মােখনি মাৰিছিল— “ আমি এই সিদ্ধান্তত উপনীত হওঁতে আই , ছি , এছ , পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কাণ দিছে । যিজন ছাত্রই সুদূৰ ব্ৰহ্মপুত্র উপত্যকাৰ পৰা আহি ইমান প্রতিযােগীৰ মাজতাে সুখ্যাতিৰে এই পৰীক্ষাত উত্তীর্ণ হ’ব পাৰিছে তেওঁৰ আকাংক্ষাৰ বাটত আমি একো প্রতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ । 

প্রশ্ন ৬। আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা । 

উত্তৰঃ আই , ছি , এছ , পৰীক্ষা পাছ কাৰৰ পিছত স্বদেশলৈ উভতি আহি আনন্দৰাম বৰুৱাই প্রথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্রেট হিচাপে যােগদান কৰিছিল । তাৰ পিছত মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্রেট আৰু কলেক্টৰ হিচাপে চাকৰি কৰিছিল । বিভিন্ন জিলাত উচ্চপদস্থ বিষয় হিচাপে চাকৰি কৰি ১৮৮৪ চনত নােৱাখালি জিলাৰ মেজিষ্ট্রেট নিযুক্ত হৈছিল । সেই সময়ত তেওঁ বংগদেশৰ ভালেমান উন্নয়নমূলক কাম কৰিছিল । 

প্রশ্ন ৭। ‘ ক ‘ অংশত থকা শব্দৰ লগত ‘ খ ’ অংশত থকা অর্থবােৰ আঁচ টানি মিলােৱা ।

উত্তৰঃ

ক ’ অংশখ ’ অংশ
অধ্যৱসায়নেৰানেপেৰাকৈ লাগি থকা কার্য । 
মন্থনমথা বা ঘােটা কার্য ।
সুখ্যাতিসুনাম , যশস্যা । 
জাকতজিলিকাঅতি শুৱনি , বহুতৰ মাজত চকুত লকা ।
অৱদানবৰঙণি বা অৰিহণা ।
সংকল্পকোনাে কাম কৰিবলৈ দৃঢ় ইচ্ছা । 
অপ্ৰত্যাশিতআশা নকৰা । 
প্ৰতিযোগীপ্রতিদ্বন্দ্বী ।
 নিযুক্তকামত লগােৱা , কামত নিয়ােগ কৰা ।
মনীষীজ্ঞানী
S.L. No.Contents
পাঠ-1তেজৰে কমলাপতি
পাঠ-2কালিকা লগা পাট-কাপােৰ
পাঠ-3আনন্দৰাম বৰুৱা
পাঠ-4জনমভূমি
পাঠ-5বিজ্ঞান আৰু আমাৰ
পাঠ-6নোকোৱাৰ পৰিণাম
পাঠ-7জতুৱাৰ জঁট
পাঠ-8মিছাইল মানৱ
পাঠ-9অসম
পাঠ-10প্রত্যাহ্বান
পাঠ-11গছ ভালপােৱা ককাৰ খং
পাঠ-12নামৰ বেবেৰিবাং
পাঠ-13প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14বিদ্যা
পাঠ-15গড়গাঁও

‘খ’ ভাষা ( ব্যৱহাৰিক ব্যাকৰণ ) 

কাল কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি? প্ৰত্যকেৰে চমুকৈ লিখা ।

উত্তৰঃ ক্রিয়াৰ সময়কে কাল বােলে । কাল প্ৰধানকৈ  তিনিবিধ –বর্তমান কাল , অতীত কাল আৰু ভৱিষ্যৎ কাল ।

বর্তমান কাল : মই পঢ়িছোঁ— অর্থাৎ মই বর্তমান পঢ়ি আছোঁ । গতিকে পঢ়িছোঁ ক্ৰিয়াটো বর্তমান কালৰ ক্রিয়া । 

অতীত কাল : মই পঢ়িছিলোঁ — অর্থাৎ যােৱা কোনােবা সময় বা কালত পঢ়া কাম কৰিছিলোঁ । গতিকে ‘ পঢ়িছিলোঁ’ অতীত কালৰ ক্রিয়া । 

ভৱিষ্যৎকাল : মই পঢ়িম — অর্থাৎ ভৱিষ্যতৰ কোনােবা সময় বা কালত পঢ়া কাম কৰিম । গতিকে ‘পঢ়িম’ ভৱিষ্যৎ কালৰ ক্রিয়া । 

সেইদৰে তলৰ বাক্যকেইটালৈ মন কৰা :

১। আনন্দৰাম বৰুৱা সংস্কৃতৰ অগাধ পণ্ডিত আছিল । 

২। তেখেতে আই চি এছ পৰীক্ষাত সপ্তম স্থান লাভ কৰিছিল । 

৩। আনন্দৰাম বৰুৱাই লণ্ডনত বেবিষ্টাৰী পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ।

বাক্যকেইটাত ‘আছিল’,  ‘কৰিছিল’,  ‘হৈছিল’ — আদি ক্রিয়া পদবোৰে বহুদিনৰ আগতে কৰা বা হােৱা কাৰ্যৰ কথা প্রকাশ কৰিছে ; অর্থাৎ অতীতৰ কামৰ কথা বুজাইছে । সেয়ে এইবােৰ ক্ৰিয়াৰ সময়কে অতীত কাল বােলে । সেইদৰে যিটো ক্রিয়াই বর্তমান কৰি থকা বুজায় তাক বর্তমান কাল আৰু আগলৈ কামটো কৰা বুজালে ভৱিষ্যৎ কাল বােলে । 

প্রশ্নোত্তৰ ৮। প্রশ্নত কোৱামতে ছাত্র – ছাত্রীয়ে যত্ন কৰিব । প্রয়ােজন হলে শিক্ষক মহাশয়ৰ সহায় ল’ব । 

প্রশ্ন ৯। খালী ঠাই পূৰ কৰা 

( ক ) কালি মই গুৱাহাটীলৈ ……………

( খ ) কাইলৈ আমাৰ ঘৰলৈ ৰমেন…………….

( গ ) ল’ৰা বিলাকে খেলপথাৰত বল …………… 

উত্তৰঃ ( ক ) কালি মই গুৱাহাটীলৈ গৈছিলোঁ । ( অতীত কাল ) 

( খ ) কাইলৈ আমাৰ ঘৰলৈ ৰমেন আহিব । ( ভৱিষ্যৎ কাল ) 

( গ ) ল’ৰা বিলাকে খেলপথাৰত বল খেলিছে । ( বর্তমান কাল ) 

প্রশ্ন ১০। পাঠৰ পৰা বিশেষ্য , বিশেষণ আৰু ক্রিয়াপদ বিচাৰি উলিয়াই বহীত লিখা । 

উত্তৰঃ ছাত্ৰ – ছাত্ৰীসকলে নিজেই চেষ্টা কৰি লিখিব । প্রয়ােজন হলে শিক্ষক মহাশয়ৰ সহায় ল’ব । ) 

‘ গ ’ জ্ঞান সম্প্ৰসাৰণ 

প্রশ্ন ১১। ভাব বহলাই লিখা :

‘চেষ্টাৰ অসাধ্য একো নাই ।’

উত্তৰঃ কোনাে কামত কৃতকার্যতা লাভ কৰাৰ বাবে চেষ্টা বা যত্নৰ প্রয়ােজন । চেষ্টা নকৰাকৈ একো কাম কৰিব নােৱাৰি । দুখ কৰিলে মুখ ভৰে’বুলি এষাৰ কথা আছে । এই ‘দুখ কৰা মানে যত্ন বা চেষ্টা কৰা আৰু মুখ ভৰা ’ মানে সফল বা কৃতকার্য হােৱা । পৃথিৱীত যিসকল পুৰুষে নিজৰ নাম চিৰকাললৈ জিলিকাই থৈ গৈছে , সেইসকলে জীৱনত চেষ্টা , যত্ন , দুখ বা পৰিশ্ৰম কৰি গৈছে । পণ্ডিত আনন্দৰাম বৰুৱাই নিজৰ চেষ্টাৰ ফলত মুল প্রতিযােগিতামূলক আই . ছি , এছ , পৰীক্ষাত আনকি প্রয়ােজনীয় ন্যূনতম বয়স নৌহওঁতেই ৭ ম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছিল । পৃথিৱীত হােৱা ডাঙৰ কাম , আৱিষ্কাৰ আদিও চেষ্টাৰ ফলতেই হৈছিল । আমেৰিকা আৱিষ্কাৰ কৰা কলম্বাচৰ লগৰীয়া নাবিকসকল হতাশ হৈ উভতি আহিব খােজাতাে কলম্বাছে যত্ন কৰি আৰু দুদিন আগলৈ জাহাজ চলােৱাৰ বাবে নাবিকসকলক সৈমান কৰি চেষ্টা কৰাৰ ফলতেই আমেৰিকা আৱিষ্কাৰ হৈছিল । সেয়ে সৰু – বৰ সকলাে কামতে একান্ত চেষ্টাৰ প্রয়ােজন । চেষ্টা কৰিলে সকলাে কামেই সাধ্যৰ ভিতৰত আহি পৰে । 

প্রশ্ন ১২। কিছুমান লােকে ভালদৰে পঢ়া – শুনা কৰি , ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামাে উজ্জ্বল কৰে । তুমি নিজে তেনে এজন ব্যক্তি হ’বলৈ কি কৰিবা লিখা । 

উত্তৰঃ নিজৰ বংশৰ লগতে দেশৰ নাম উজ্জ্বল কৰিবলৈ ময়াে সৰুৰে পৰা দৃঢ় প্রতিজ্ঞ হম । বয়স আৰু শিক্ষা কম কাৰণে এতিয়াও ভাল – বেয়া বহুত কথা জনা হােৱা নাই । গতিকে ভাল সৎ ব্যক্তিৰ আদৰ্শত চলিবলৈ যত্ন কৰিম । – পিতৃ – মাতৃ , শিক্ষক গুৰুজন , জ্যেষ্ঠজনৰ কথা শুনি , মহৎ লােকৰ জীৱনী পঢ়ি তেনে গুণ আহৰণ কৰিবলৈ চেষ্টা কৰিম ৷ সৰুৰে পৰা পঢ়াত অতি মনােযােগী হলে শিক্ষা ল’ব পাৰি । মই পঢ়াত অতি মনােযােগী হম আৰু এজন ভাল , সৎ মানুহ হ’বলৈ সদায় যত্ন কৰিম । সৎ বন্ধুৰ সংগ লম । মানুহৰ প্রতি সন্তান আৰু মৰম কৰিবলৈ শিকিম । নিজৰ দেশক , সমাজক ভাল পাবলৈ শিকিম । কেতিয়াও স্বার্থপৰ নহবলৈ যত্ন কৰিম । এনেবােৰ গুণৰ অধিকাৰী হ’ব পাৰিলে ময়াে নিজৰ বংশৰ লগতে দেশৰ নাম উজলাব পাৰিম বুলি মােৰ । বিশ্বাস আছে ।

‘ ঘ ’ প্রকল্প 

প্রশ্ন ১৩। পাঠ্যপুথিত উল্লেখ কৰা মতে ছাত্র – ছাত্রীসকলে চেষ্টা কৰিব । প্রয়ােজন হলে শিক্ষকৰ সহায় ল’ব ।

প্রশ্ন ১৪। ভবিষ্যতে কোনে কি হ’বলৈ বিচৰা আৰু কিয় হব বিচৰা সেই বিষয়ে লিখা । 

উত্তৰঃ প্রথম কথা , ভৱিষ্যতে মই এজন ভাল মানুহ হ’ব বিচাৰোঁ । ভাল মানুহ হােৱাৰ উপৰি কর্মময় জীৱনত মই এজন ডাক্তৰ হ’ব বিচাৰোঁ । মানৱ সেৱাৰ মনােভাব এটা সদায় মই পুহি ৰাখিছোঁ । অনেক দুখীয়া , গৰীৱ ৰুগীয়া লােকে ধনৰ অভাৱত চিকিৎসা কৰাব নােৱাৰি দুখ লগা অৱস্থাত বেয়াকৈ একালতে মৰিব লগা হােৱাটো  মই সৰুৰে পৰা দেখি আহিছোঁ । এনে অৱস্থা হয় ঘাইকৈ গাঁও অঞ্চলত । সেয়ে মই কঠোৰ শ্ৰম কৰি পঢ়া – শুনা কৰিম যাতে নিষ্ঠাৰে এই বিদ্যা অধ্যয়ন কৰিম । আঁতি – গুৰি মাৰি বেমাৰ আৰু ঔষধ সম্পর্কীয় কথাবােৰ শিকি ল’ম যাতে ভবিষ্যতে চিকিৎসাৰ ক্ষেত্ৰত মােৰ কেতিয়াও ভুল নহয় । 

মানুহেকয় ৰােগীৰ কাৰণে ডাক্তৰসকল ভগৱান স্বৰূপ।মই ভগৱান হ’ব নােৱাৰোঁ ; কিন্তু ৰােগীসকলৰ সহায়কাৰী বন্ধু হ’ব পাৰো । ৰােগীক শুশ্রুষা কৰাটো অন্যতম সহায় । মানৱ সেৱা  চিকিৎসাত ৰােগীজন ভাল হৈ উঠিলে ডাক্তৰৰ ইয়াত ডাঙৰ আত্মতৃপ্তি একো নাই । এই সেৱাত দুটা লাভ হয় — প্রথম ৰোগীয়ে আৰােগ্য লাভ কৰে , আৰু দ্বিতীয়তে ডাক্তৰেও জীৱন নির্বাহ কৰিবলৈ সামান্য হলেও আর্থিক লাভ কৰে ।

1 thought on “Class 7 Assamese Chapter – 3 আনন্দৰাম বৰুৱা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top