⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ

Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ Solution select needs one.

Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ Solution

কালিকা লগা পাট-কাপােৰ

Chapter – 2

ক-পাঠভিত্তিক ক্রিয়া

১। পাঠটো শুদ্ধ উচ্চাৰণ আৰু যতি, বিৰাম চিহ্নসমূহৰ প্রতি লক্ষ্য ৰাখি কেইবাবাৰো পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

২। উত্তৰ দিয়া।

(ক) চহকী মানুহজন কোন দেশৰ আছিল?

উত্তৰঃ চহকী মানুহজন আচিক দেশৰ আছিল।

(খ) চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?

উত্তৰঃ চহকী মানুহজনৰ ছােৱালীজনীৰ দেখনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল।

(গ) ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল?

উত্তৰঃ ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু এখন কালিকা লগা বনকৰা পাট- কাপোৰ দিছিল।

(ঘ) কালিকালগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল?

উত্তৰঃ কালিকা লগা কাপােৰখন দিওঁতে দেউতাকে এটা মন্ত্র উচ্চাৰণ নকৰাকৈ কাপােৰখনত কোনােবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপােৰখন চৰাইৰ নেজ আৰু পাখি হৈ পৰিব’–বুলি কৈছিল।

(ঙ) আচিক সম্প্রদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

উত্তৰঃ আচিক সম্প্রদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী ছােৱালী হয়।

(চ) ছোৱালীজনীয়ে কাপোৰখন ৰ’দত মেলি দি ক’লৈ গৈছিল?

উত্তৰঃ ছােৱালীয়ে কাপােৰখন ৰ’দত মেলি দি মাছ মাৰিব গৈছিল।

(ছ) কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ’ল?

উত্তৰঃ কাপােৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশােভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈছিল।

৩। চমু উত্তৰ লিখা।

(ক) বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাট-কাপোৰখনৰ বিশেষত্ব কি আছিল?

উত্তৰঃ বাপেকে ছোৱালীজনীক দিয়া বনকৰা কপোৰখনৰ বিশেষত্ব হ’ল- এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।

(খ) গিৰিয়েকজন কিদৰে সুশোভিত চিতৰী চৰাই লৈ ৰূপান্তৰিত হৈছিল?

উত্তৰঃ গিৰিয়েকে ঘৈণীয়েকৰ কথা পাহৰিলে আৰু কাপোৰখন সামৰি আনিবলৈ গৈ তাত হাত দিলে। ততালিকে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া জন্মকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই (চিতৰী) হৈ পৰিল।

(গ) গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ’ল?

উত্তৰঃ গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে মন্ত্রষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে।

৪। তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা।

সুসজ্জিত, ধনী, সুঠাম আৰু দেখিবলৈ ধুনীয়া, বহুত, চলি থকা
শব্দঅৰ্থ
প্ৰচলিত
দেখনিয়াৰ
চহকী
সুশোভিত
সৰহ

উত্তৰঃ

শব্দঅৰ্থ
প্ৰচলিতচলি থকা
দেখনিয়াৰসুঠাম আৰু দেখিবলৈ ধুনীয়া
চহকীধনী
সুশোভিতসুসজ্জিত
সৰহবহুত
খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

৫। তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি, বিৰাম চিহ্ন বহুওৱা।

এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্রষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম’ৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম’ৰা চৰাই মতাটোৰ পাখি বেছি জকমকীয়া কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল।

উত্তৰঃ এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্রষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’ বুলি চিঞৰ মাৰি কাপােৰখনত হাত দিলে। লগে লগে তায়াে এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰে পৰা গিৰিয়েকজনী হৈ পৰিল মতা ম’ৰা চৰাই; আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম’ৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া। কাৰণ, সেই কাপােৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল।

জানো আহা-

– জীয়েক-জোঁৱায়েকে কাপোৰখন সযত্নে ৰাখিলে।

– এটা মন্ত্র নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব।

– জীয়েক আৰু জোঁৱায়েক ঘৰৰ গৰাকী হ’ল।

ওপৰৰ বাক্য কেইটাত ডাঙৰ হৰফৰ পদকেইটাই কিবা কাম (কার্য) হোৱা বা কৰা বুজাইছে।

এনেদৰে-

যি পদে কোনো কাম (কার্য) সম্পাদন কৰা বা নকৰা বুজায় তাক ক্রিয়াপদ বোলে।

ক্রিয়াপদ দুবিধ: সমাপিকা আৰু অসমাপিকা ক্রিয়া।

যি ক্রিয়াই বাক্য সম্পূর্ণ কৰে, তাক সমাপিকা ক্রিয়া বোলে। যেনে-

(১) জীয়েক-জোঁৱায়েকে কাপোৰখন সযত্নে ৰাখিলে।

(২) এটা মন্ত্র নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব।

ওপৰৰ বাকাটোত ডাঙৰ হৰফেৰে লিখা ‘নপঢ়াকৈ‘ আৰু ‘দিলে‘ পদ দুটাই সম্পূর্ণ অর্থ প্রকাশ কৰিব পৰা নাই।

এনেদৰে, যি ক্রিয়াই বাক্যৰ অর্থ সম্পূর্ণ কৰিব নোৱাৰে, সেই ক্রিয়াক অসমাপিকা ক্রিয়া বোলে।

৬। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্রিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা।

সমাপিকা ক্ৰিয়াঅসমাপিকা ক্ৰিয়া
(i) আচিক দেশত এজন বৰ চহকী মানুহ আছিল। (i) এদিন ছােৱালীজনীয়ে কাপােৰখন পেৰাৰ পৰা উলিয়াই ৰ’দত মেলি দিলে।
(ii) পৰ্বতীয়া জাতিসমূহৰ ভিতৰত কেতবােৰ মাতৃপ্রধান জাতি আছে৷(ii) কিন্তু তাই আহি পােৱাৰ আগতে শিল–বৰষুণ আহিল।

৭। তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্রিয়া বাছি উলিয়াই তলৰ বাকচত লিখা।

মই ঘৰলৈ যাম।

ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ।

পুৱা শুই উঠি মই বকুল ফুল বুটলিম।

মা-দেউতাই সদায় খবৰ কাগজ পঢ়ে।

স্কুলৰ পৰা আহি মই কিছুপৰ টি ভি চাওঁ।

উত্তৰঃ 

সমাপিকা ক্ৰিয়াঅসমাপিকা ক্ৰিয়া
যামউঠি
নাযাওঁআহি
বুটলিম
পঢ়ে
গ- জ্ঞান সম্প্ৰসাৰণ

জানো আহা-

পাঠত থকা ‘আচিক’, ‘চিতৰী‘ আৰু ‘চেকে’ শব্দ তিনিটা গাৰো শব্দ। আচিকৰ অৰ্থ পাহাৰীয়া লোক, চিতৰীৰ অৰ্থ ম’ৰা চৰাই আৰু চেকে শব্দটোৰ অৰ্থ জাকৈ।


⇒ আমাৰ অসমত বিভিন্ন ধৰণৰ মাছ মৰা সঁজুলি আছে। এই সঁজুলিবোৰৰ বিভিন্ন নাম। যেনে- জাকৈ, বৰশী, চেপা, পল, জাল, খোকা আদি। তেনেদৰে মাছ থ’বলৈ ব্যৱহৃত সঁজুলি খালৈ। বেছিভাগ সঁজুলিৱেই বাঁহেৰে নির্মিত। অসমত অঞ্চলভেদে এই সঁজুলিবোৰৰ নাম বেলেগ বেলেগ হয়।

৮। পুৰণি কালত তোমাৰ ককা-আইতাৰাহঁতে কাপোৰ-কানি, বাচন-বর্তন পেৰাত ভৰাই থৈছিল। তোমালোকে কাপোৰ-কানি, বাচন-বর্তন ক’ত থোবা, তাৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ 

কাপোৰ কানি থোৱা ঠাইবাচন-বর্তন থোৱা ঠাই
অলমাৰীৰেক
বাকচডিভান
চুটকেচবাকচ
গড্ৰেচ

৯। ছবিখনত দিয়া সঁজুলিকেইবিধৰ নাম লিখি সেইবোৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ লিখা।

উত্তৰঃ বৰশী, জাকৈ, খালৈ।

বৰশী: বৰশী আমি মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ।

জাকৈ: আমি জাকৈৰে মাছ ধৰোঁ।

খালৈ: খালৈ মাছ মাৰি মাছ খিনি থবলৈ ব্যৱহাৰ কৰোঁ।

১০। বাতৰি কাকতৰ শিশু পৃষ্ঠা/শিশু আলোচনী/গল্প পুথি পঢ়ি তাৰ পৰা এটা গল্প স্পষ্ট আখৰেৰে কাগজত লিখিবা। লগতে গল্পটোৰ পৰা কি শিকিলা সেই বিষয়ে লিখি ডাঠ কাগজত লগাই শ্রেণী কক্ষত আৰি থোৱা। গল্পটোৰ লগত সংগতি থকা দুটামান চিত্রও লগাই দিবা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১১। অসমৰ শিপিনীয়ে তাঁতশালত কি কি কাপােৰ বয় এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ অসমৰ শিপিনীয়ে তাতশালত বােৱা কাপােৰৰ তালিকা হ’ল-  

১। মেখেলা।

২। চাদৰ।

৩৷ গামােচা।

৪। দখনা।

৫। দোপাট্টা।

৬। ধুতী।

৭। আঁঠুৱাৰ কাপােৰ।

৮। ৰুমাল।

৯। বিছনা চাদৰ।

১০। পর্দা।

১১। স্কার্ফ।

১২। উত্তৰ–পূব ভাৰতৰ মাতৃপ্রধান জাতিসমূহৰ এখন তালিকা প্রস্তুত কৰা। 

উত্তৰঃ উত্তৰ–পূব ভাৰতৰ মাতৃপ্রধান জাতিসমূহ হ’ল— খাচীয়া আৰু গাৰাে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

4 thoughts on “Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ”

  1. Dear sir you can publish note also in english because most school are english medium
    assamese medium school have add English medium

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top