Class 7 Assamese Chapter – 1 তেজৰে কমলাপতি

Class 7 Assamese Chapter – 1 তেজৰে কমলাপতি Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 1 তেজৰে কমলাপতি Solution select needs one.

Join Telegram channel

Class 7 Assamese Chapter – 1 তেজৰে কমলাপতি Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 1 তেজৰে কমলাপতি

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 1 তেজৰে কমলাপতি Solution

তেজৰে কমলাপতি

Chapter – 1

ক-পাঠভিত্তিক ক্রিয়া

১। বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাওঁ আহা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

২। বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

৩। তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।

(ক) বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি?

উত্তৰঃ বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হল- শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ।

(খ) ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটোৰ ৰচক কোন?

উত্তৰঃ ‘তেজেৰে কোমলাপতি’ নামৰ বৰগীতটোৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ।

(গ) ‘তিমিৰ ফেৰিয়া’ কি বাজ হয়?

উত্তৰঃ ‘তিমিৰ ফেৰিয়া’ কি বাজ ৰবীৰ কিৰণ হয়।

(ঘ) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? 

উত্তৰঃ যশোদাই কৃষ্ণক পুৱা সুৰভি চাবলৈ জগাইছিল।

ব্যাখ্যা কেনেকৈ কৰিব লাগে জানি লোৱা

ব্যাখ্যা কৰোঁতে সাধাৰণতে তলৰ স্তৰ তিনিটা ৰক্ষা কৰিব লাগে।

প্রথম স্তৰ: প্রসংগ প্রসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে ৰচনা কৰা, কি পাঠৰ পৰা লোৱা হৈছে লিখিব লাগে। পাৰিলে মূল গ্রন্থৰ নাম উল্লেখ কৰিব লাগে।

দ্বিতীয় স্তৰ: সংগতি প্রসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে, কেতিয়া, কাক, কি প্রসংগত কৈছিল স্পষ্টকৈ লিখিব লাগে।

তৃতীয় স্তবঃ ব্যাখ্যা-এই স্তবত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনিৰ মূলভাব সহজ-সৰল ভাষাত বুজাই লিখিব লাগিব। পুৰণি অসমীয়া ভাষাৰ ব্যাখ্যা কৰিবলৈ দিলে ব্যাখ্যাৰ তলত কঠিন শব্দৰ অৰ্থ দিব লাগে।

ব্যাখ্যা কৰা (উদাহৰণ)- ‘কহয় মাধব মাই। কিন্তু তপসাইলা।

ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা’।।

প্রসংগ – উক্ত পদফাকি আমাৰ পাঠ্যপুথি ‘অংকুৰণ’ (সপ্তম ভাগ)ব ‘তেজৰে কমলাপতি’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ব্ৰজাৱলী ভাষাৰ এই বৰগীতৰ অংশটো শ্রীশ্রীমাধৱদেৱে ৰচনা কৰা।

সংগতি – ব্ৰজৰ শিশুসকলে পুবাই গৰু চৰাবলৈ ওলাইছে। শ্রীকৃষ্ণৰ বন্ধু দাম-সুদামেও।

শ্রীকৃষ্ণক মাতিবলৈ ধৰিছে। শ্রীকৃষ্ণ কিন্তু গভীৰ নিদ্রাত। দাম-সুদাম আদিয়ে কৃষ্ণক মতা বুলি কৈ মাক যশোদাই পুত্র কৃষ্ণক জগাবলৈ চেষ্টা কৰিছে। এই প্রসংগতে মহাপুৰুষ মাধৱদেৱে উদ্ধৃত কথাষাৰ কৈছে।

ব্যাখ্যা – ৰজা নন্দ আৰু যশোদাই ভগৱানক পুত্ররূপে পাবলৈ তপস্যা কৰিছিল। ভগবান ভক্তৰ অধীন। তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবে ত্ৰিজগতৰ পতি অর্থাৎ স্বর্গ, মর্ত্য, পাতালৰ গৰাকী ভগৱান বিষ্ণুরে শ্রীকৃষ্ণৰ ৰূপত নন্দ-যশোদাৰ ঘৰত পুত্ররূপে আছেহি। তেনে এজন শ্রীকৃষ্ণক মাতৃ যশোদাই আন গোপ-বালকসকলৰ লগত গৰু চৰাবলৈ পঠিয়াবলৈ বিচাৰিছে; মহাপুৰুষ মাধৱদেৱে কৈছে যে যিজন ভগৱান কৃষ্ণক পাবলৈ দেব-নব সকলোরে হাবিয়াস করে, সেই পৰমপুৰুষক যশোদাই গৰখীয়াৰূপে অশেষ তপস্যার ফলতহে লাভ কৰিছে। 

কঠিন শব্দৰ অৰ্থ-

ত্রিজগত – স্বর্গ, মর্ত্য, পাতাল।

বাখোৱাল – বখীয়া, গৰখীয়া।

৪। তলত দিয়া। পদ দুশাৰীত কোনে, কাক, কি কৈছে নিজৰ কথাৰে লিখা।

‘নন্দ গেল বাথানে গোবাল গেল পাল।

সুৰভী চাৰিতে লাগে উঠবে গোপাল।।’

উত্তৰঃ উক্ত কথাষাৰ মা যশোদাই শুই থকা শিশু কৃষ্ণক জগাইছে।

৫। শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।

শব্দঅর্থ
কমলাপাতি
শতপত্র
তিমিৰ
ভ্রমৰ
ডাকে
ত্ৰিজগত
ব্ৰজবধু
ৰয়নি

উত্তৰঃ 

শব্দঅর্থ
কমলাপাতিশ্ৰীকৃষ্ণ
শতপত্রপদুম
তিমিৰআন্ধাৰ
ভ্রমৰভোমোৰা
ডাকেমাতে
ত্ৰিজগতস্বর্গ, মর্ত্য, পাতাল এই তিনি জগত 
ব্ৰজবধুব্রজধামৰ বােৱাৰী
ৰয়নিৰজনী, নিশা

৬। বৰগীতটোত প্রকাশ পোৱা পূৱাৰ প্রাকৃতিক দৃশ্যৰ এটি বর্ণনা দিয়া।

উত্তৰঃ ৰাতিপুৱা বৰগীতৰ দৃশ্যপট নিশ্চিন্ত সৌন্দৰ্য্য আৰু প্ৰাকৃতিক শোভাৰে উন্মোচিত হয়। উচ্চ পাহাৰবোৰে ভোৰৰ কোমল ৰংবোৰত গা ধুই থিয় হৈ আছে, দীঘলীয়া ছাঁবোৰ পেলাইছে যিবোৰ সূৰ্য্য ওপৰলৈ উঠি যোৱাৰ লগে লগে লাহে লাহে পিছুৱাই যায়। শৃংগবোৰ সোণালী ৰঙৰ জিলিকনিৰে সজোৱা, যিয়ে আকাশখনক গোলাপী আৰু কমলা ৰঙৰ ছাঁত ৰং কৰা সূৰ্যৰ পোহৰৰ প্ৰথম ৰশ্মিবোৰ প্ৰতিফলিত কৰে। চাৰিওফালৰ প্ৰাকৃতিক দৃশ্যপট ৰসাল আৰু সতেজ, ঘন অৰণ্য আৰু ৰাতিপুৱাৰ পোহৰত জিলিকি থকা মেৰুকৰণ নৈৰ বিন্দু বিন্দু। বতাহখন কুটিল আৰু সতেজ, পাইন আৰু বনৰীয়া ফুলৰ মাটিৰ সুগন্ধি কঢ়িয়াই লৈ ফুৰে। চৰাইবোৰে সুৰীয়াকৈ চিঞৰি উঠে, শান্ত পৰিৱেশত প্ৰকৃতিৰ এক চিম্ফনী যোগ কৰে। বৰগীতত ৰাতিপুৱাৰ ৰূপ ধাৰণ কৰাৰ লগে লগে ই এক শান্ত আৰু চিত্ৰময় দৃশ্যৰ সৃষ্টি কৰে য’ত পাহাৰৰ মহিমাই প্ৰাকৃতিক পৰিৱেশৰ শান্তিৰ সৈতে মিলিত হয়, উশাহ লোৱাৰ দৰে সৌন্দৰ্য্যৰ মাজত দিনটোৰ শান্তিপূৰ্ণ আৰম্ভণি আগবঢ়ায়।

৭। তলৰ ছবিখন চোৱা আৰু তাত প্রকাশ পোবা কথাখিনি কোৱা।

উত্তৰঃ ছবিখনৰ মতে আমি প্ৰকাশ পাইছোঁ যে সূৰ্যাস্ত হোৱা সময় হৈছে আৰু আকাশত চৰাই-চিৰিকটিবোৰ উৰি ফুৰি আছে। ছবিৰ মতে আমি দেখিব পাইছোঁ যে নদীত পদুমবোৰ ধুনীয়াকৈ ফুলি আছে। এনেকৈয়ে আমি এখন সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখিবলৈ পালোঁ।

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

৮। (ক) শব্দৰ আগত ‘ত্রি’ শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অর্থ জানি লোৱা।

জগত
ভুজ
কাল
খুল
কোন
নয়ন

উত্তৰঃ

জগতত্ৰিজগত
ভুজত্ৰিভুজ
কালত্ৰিকাল
খুলত্ৰিখুল
কোনত্ৰিকোন
নয়নত্ৰিনয়ন

(খ) তলত দিয়া শব্দবােৰৰ আগত ‘বি’ পূর্ণর্সর্গ লগ লগাই সেইবােৰেৰে অর্থ প্রকাশক একোটা বাক্য ৰচনা কৰা। 

সুখ, দূৰ, কিৰণ, নন্দ 

উত্তৰঃ (i) মুখ – (বিমুখ): ভিক্ষাৰীক কেতিয়াও বিমুখ নকৰিবা। 

(ii) দূৰ – (বিদূৰ): আত্মীয় মানুহ বিদূৰত থাকিলে বৰকৈ মনত পৰে। 

(iii) কিৰণ – (বিকিৰণ): ৰাতিপুৱা সূর্যৰ পােহৰ চাৰিওফালে বিকিৰণ হৈছে। 

(iv) নন্দ – (বিনন্দ): সদায় বিনন্দ মনেৰে থাকিব লাগে।

৯। ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। 

(ক) ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।

উত্তৰঃ এন্ধাৰ আঁতৰি গৈ চাৰিওদিশে পােহৰ হ’ল। 

(খ) শতপত্র বিকশিত ভ্ৰমৰ উৰায়। 

উত্তৰঃ পদুম ফুলবােৰ ফুলি উঠাত তাত ভােমােৰাবােৰ উৰিব লাগিছে।

(গ) দাম – সুদাম ডাকে তেৰি লৈয়া নাম।

উত্তৰঃ দাম – সুদামে তােমাৰ নাম ধৰি মাতিব লাগিছে।

(ঘ) ক্ষীৰ লৱণু লৈয়া শিঙা , বেত , বেণু। 

উত্তৰঃ ক্ষীৰ – লৱণু আৰু শিঙা , এচাৰি , বাঁহী লৈ সুৰভী চৰাবলৈ যােৱা।

১০। এটা শব্দত প্ৰকাশ কৰা।

(i) গৰু বন্ধা ঠাই __________।

উত্তৰঃ গােহালি , বাথান। 

(ii) যিয়ে ৰাতি নেদেখে __________।

উত্তৰঃ কুকুৰীকণা। 

(iii) যিজনে সকলাে জানে _________।

উত্তৰঃ সর্বজান। 

(iv) যি সকলােৰে মাজত প্রিয় ________।

উত্তৰঃ জনপ্রিয়।

(v) যাক সহজে লাভ কৰিব নােৱাৰি ________।

উত্তৰঃ দুর্লভ।

(vi) যিজনে বিষ্ণুক উপাসনা কৰা ________।

উত্তৰঃ বৈষ্ণৱ।

১১। বৰগীতটোত চাৰিটা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি ‘বল’ বুজায় আৰু শেষৰ আখৰ দুটা মিলি ‘মানুহৰ নাম’ বুজায়। শব্দটো বিচাৰি উলিয়াই লিখা। প্রথম আখৰ দুটা মিলি বল হয়।

সেই শব্দটোৰ-

প্রথম আৰু তৃতীয়ই মিলি কি বুজায়?

দ্বিতীয় আৰু তৃতীয়ই মিলি কি বুজায়?

আৰু চতুর্থ আৰু দ্বিতীয়ই মিলি কি বুজায়?

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১২। ব্রজাবলী ভাষাত লিখা কথাখিনি পঢ়ি অভিনয় কৰা।

কথা:

গোপী বোল: আহে কানাই। তোহাক হামু উত্তৰে নাহি পাৰলো। আজু তোহাৰি মারক আগু সব কথা কহিয়ে হামো তোহাক যে জানো তা কৰব।

সূত্র:

ওহি বুলি গোপী পাৰাক গোপীসৱক ডাকিয়ে এক থানে হোবে সবহি গিয়া যশোদাক আগু কহল, তা দেখহ। 

কথা:

গোপী বোলঃ হে মাই যশোদে। তোহাবি বালক কানাই হামাক যে অপকাৰ কৰত তা শুনহ। হামাৰ গৃহে দধি দুগ্ধ লবনু বহয়ে নাহি। শ্রীকৃষ্ণ বানৰ সৱ সহিতে।সব নাশ কয়ল।

কথা:

অপৰ গোপী বোল: হে মাই। হামু ওহি কৃষ্ণক কথা কত কহব। হামাৰ সঞ্চিত লবন চুবি কৰি খাই জোখাক ভাণ্ড ভাঙ্গি পেলাবল।

(ওপৰৰ কথাখিনি শ্রীশ্রী মাধৱদের বিৰচিত ‘পিম্পৰা গুচোৱা’ নাটৰ পৰা তুলি দিয়া হৈছে।)

১৩। দুটা বৰগীত সংগ্ৰহ কৰি ৰচকৰ নাম আৰু পৰিচয় লিখি শ্রেণী কোঠাত পঢ়ি শুনোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১৪। বৰগীতত ব্যৱহাৰ কৰা বাদ্য-যন্ত্ৰৰ ছবি সংগ্ৰহ কৰি তালিকা প্রস্তুত কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

1 thought on “Class 7 Assamese Chapter – 1 তেজৰে কমলাপতি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top