Class 7 Assamese Chapter – 1 তেজৰে কমলাপতি Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 1 তেজৰে কমলাপতি Solution select needs one.
Class 7 Assamese Chapter – 1 তেজৰে কমলাপতি Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.
SEBA Class 7 Assamese Chapter – 1 তেজৰে কমলাপতি Solution
The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 1 তেজৰে কমলাপতি Solution
পাঠ :১ তেজৰে কমলাপতি
( পুৱা গােৱা বৰগীত )
ৰাগ-শ্যাম
-শ্রী শ্রীমাধৱদেৱ
‘ ক ’ পাঠভিত্তিক ক্রিয়া
ক্রিয়া-কলাপঃ
প্রশ্ন ১। বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাওঁ আহ ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ২। বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
প্রশ্ন ৩। তলৰ প্রশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা
( ক ) বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি ?
উত্তৰঃ বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ’ল- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্রীমাধৱদেৱ ।
( খ ) ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটোৰ ৰচক কোন ?
উত্তৰঃ ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটোৰ ৰচক হ’ল- শ্রীশ্রীমাৱধৱ ।
( গ ) ‘তিমিৰ ফেৰিয়া ’ কি বাজ হয় ?
উত্তৰঃ ‘তিমিৰ ফেৰিয়া ’ কি বাজ ৰবিৰ কিৰণ হয় ।
( ঘ ) যশােদাই কৃষ্ণক পুৱা কিয় জগাইছিল ?
উত্তৰঃ যশােদাই কৃষ্ণক পুৱা সুৰভি চৰাবলৈ যাবৰ কাৰণে জগাইছিল ।
প্রশ্ন ৪। তলত দিয়া পদ দুশাৰীত কোনে কাক কি কৈছে , নিজৰ কথাৰে লিখা ।
নন্দ গৈল বাথানে গােৱাল গেল পাল ।
সুৰভি চাৰিতে লাগে উঠৰে গােপাল ।
উত্তৰঃ মাক যশােদাই শুই থকা শিশু কৃষ্ণক কৈছে যে নন্দ বাথানলৈ , অর্থাৎ গৰু ম’হ ৰখা ঠাইলৈ গ’ল , গােৱালবিলাকেও চৰাবলৈ গৰুৰ পাল লৈ গ’ল । গতিকে গােপাল তুমিও সুৰভি গাইজনীক চৰাবলৈ নিব লাগে , উঠা ।
প্রশ্ন ৫। তলৰ শব্দবােৰৰ অৰ্থ লিখা ।
কমলাপতি , শতপত্র , তিমিৰ , ভ্ৰমৰ , ডাকে , ত্রিজগত , ব্রজবধু , ৰয়নী
উত্তৰঃ
কমলাপতি | শ্রীকৃষ্ণ। |
শতপত্র | পদুম । |
তিমিৰ | আন্ধাৰ । |
ভ্রমৰ | ভোমোৰা । |
ডাকে | মাতে । |
ত্রিজগত | স্বর্গ , মর্ত্য , পাতাল এই তিনি জগত । |
ব্রজবধু | ব্রজধামৰ বােৱাৰী । |
ৰয়নী | ৰজনী , নিশা । |
প্রশ্ন ৬। বৰগীতটোত প্রকাশ পােৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বর্ণনা দিয়া ।
উত্তৰঃবৰগীতটিত মাক যশােদাই শুই থকা শিশু শ্রীকৃষ্ণক জগাওতে ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা এনেদৰে দিছে ।
আন্ধাৰ আঁতৰাই চাৰিও দিশ পােহৰাই সূৰ্যৰ কিৰণ ওলাই আহিছে । পদুম ফুল ফুলি উঠাত তাত ভােমােৰাই গুণ গুণ কৰি উৰিছে । শ্রীকৃষ্ণনাম – গুণ গাই ব্রজধামৰ বােৱাৰীসকলে দধি মথিব লাগিছে । শ্রীকৃষ্ণৰ বন্ধু দাম – সুদাম আদি গৰখীয়াসকলে তেওঁৰ নাম ধৰি মাতিব লাগিছে । দাদাক বলৰাম ইতিমধ্যে বিছনাৰ পৰা উঠিছে । ৰজা নন্দও গৰু ৰখা ঠাইলৈ গ’ল । গােৱালবিলাকেই গৰুৰ পাল লৈ চৰাবলৈ গ’ল । শ্রীকৃষ্ণও সুৰভী গাইজনী চৰাবলৈ নিব লাগে , গতিকে সােনকালে উঠিব লাগে । সােনকালে উঠি ক্ষীৰ – লৱণু , শিঙা , বেত , বেণু লৈ যাব লাগে বুলি যশােদাই শ্রীকৃষ্ণক কৈছে ।
[ প্রশ্ন ৭ বউত্তৰ— শিক্ষকে ছবিখনি ভালদৰে ছাত্ৰ – ছাত্ৰীক চাবলৈ দি বুজাই দিব । ]
S.L. No. | Contents |
পাঠ-1 | তেজৰে কমলাপতি |
পাঠ-2 | কালিকা লগা পাট-কাপােৰ |
পাঠ-3 | আনন্দৰাম বৰুৱা |
পাঠ-4 | জনমভূমি |
পাঠ-5 | বিজ্ঞান আৰু আমাৰ |
পাঠ-6 | নোকোৱাৰ পৰিণাম |
পাঠ-7 | জতুৱাৰ জঁট |
পাঠ-8 | মিছাইল মানৱ |
পাঠ-9 | অসম |
পাঠ-10 | প্রত্যাহ্বান |
পাঠ-11 | গছ ভালপােৱা ককাৰ খং |
পাঠ-12 | নামৰ বেবেৰিবাং |
পাঠ-13 | প্ৰাকৃতিক দুৰ্যোগ |
পাঠ-14 | বিদ্যা |
পাঠ-15 | গড়গাঁও |
‘ খ ’ ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ )
প্রশ্ন ৮। ( ক ) তলৰ শব্দৰ আগত ত্রি’ শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অর্থ লিখা ।
জগত – ত্রিজগত ভুজ – ………
কাল – …………. শূল – ………..
কোন – ……………. নয়ন – …………..
উত্তৰঃ জগত = ত্রিগজত : স্বর্গ , মর্ত্য ,পাতাল এই তিনিজগত ।
ভুজ = ত্রিভুজ : তিনিটা বহু থকা ক্ষেত্র ; তিনিডাল সৰল ৰেখাৰে আগুৰা ক্ষেত্র ।
কাল = ত্রিকাল : ভূত , ভৱিষ্যৎ আৰু বর্তমান এই তিনি কাল ।
শূল = ত্রিশূল : মূল তিনিটা জোং থকা এবিধ অস্ত্র ।
কোণ = ত্রিকোণ : তিনিটা কোন থকা ক্ষেত্র ।
নয়ন = ত্রিনয়ন : তিনিটা চকু থকা , শিৱ ।
( খ ) তলত দিয়া শব্দবােৰৰ আগত ‘ বি ’ পূর্ণর্সর্গ লগ লগাই সেইবােৰেৰে অর্থ প্রকাশক একোটা বাক্য ৰচনা কৰা ।
সুখ দূৰ কিৰণ নন্দ
উত্তৰঃ মুখ = বিমুখ : ভিক্ষাৰীক কেতিয়াও বিমুখ নকৰিবা ।
দূৰ = বিদূৰ : আত্মীয় মানুহ বিদূৰত থাকিলে বৰকৈ মনত পৰে ।
কিৰণ = বিকিৰণ : ৰাতিপুৱা সূর্যৰ পােহৰ চাৰিওফালে বিকিৰণ হৈছে ।
নন্দ = বিনন্দ : সদায় বিনন্দ মনেৰে থাকিব লাগে ।
প্রশ্ন ৯। ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা ।
( ক ) ৰয়নী বিদূৰ দিশ ধৱলী বৰণ ।
( খ ) শতপত্র বিকশিত ভ্ৰমৰ উৰায় ।
( গ ) দাম – সুদাম ডাকে তেৰি লৈয়া নাম
( ঘ ) ক্ষীৰ লৱণু লৈয়া শিঙা , বেত , বেণু ।
উত্তৰঃ ( ক ) এন্ধাৰ আঁতৰি গৈ চাৰিওদিশে পােহৰ হ’ল ।
( খ ) পদুম ফুলবােৰ ফুলি উঠাত তাত ভােমােৰাবােৰ উৰিব লাগিছে ।
( গ ) দাম – সুদামে তােমাৰ নাম ধৰি মাতিব লাগিছে ।
( ঘ ) ক্ষীৰ – লৱণু আৰু শিঙা , এচাৰি , বাঁহী লৈ সুৰভী চৰাবলৈ যােৱা ।
প্রশ্ন ১০। এটা শব্দত প্ৰকাশ কৰা
গৰু বন্ধা ঠাই , যিয়ে ৰাতি নেদেখে , যিজনে সকলাে জানে , যি সকলােৰে মাজত প্রিয় , যাক সহজে লাভ কৰিব নােৱাৰি , যিজনে বিষ্ণুক উপাসনা কৰে ।
উত্তৰঃ গৰু বন্ধা ঠাই – গােহালি , বাথান ।
যিয়ে ৰাতি নেদেখে – কুকুৰীকণা ।
যিজনে সকলাে জানে – সর্বজান ।
যি সকলােৰে মাজত প্রিয় – জনপ্রিয় ।
যাক সহজে লাভ কৰিব নােৱাৰি – দুর্লভ ।
যিজনে বিষ্ণুক উপাসনা কৰে – বৈষ্ণৱ ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.