🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 7 Assamese Chapter – 4 জনমভূমি

Class 7 Assamese Chapter – 4 জনমভূমি Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 4 জনমভূমি Solution select needs one.

Assam Class 7 Assamese Chapter – 4 জনমভূমি Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 4 জনমভূমি

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 4 জনমভূমি

জনমভূমি

Chapter – 4

ক-পাঠভিত্তিক ক্রিয়া

১। শুদ্ধ উচ্চাৰণেৰে ‘জনমভূমি’ কবিতাংশ আবৃত্তি কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

২। কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৩। উত্তৰ দিয়া।

(ক) কবিয়ে কাৰ কোলাত প্রথমে চকু মেলাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে জনমভূমিৰ কোলাত প্রথমে চকু মেলাৰ কথা কৈছে।

(খ) কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল’বলৈ ইচ্ছা প্রকাশ কৰিছে?

উত্তৰঃ কবিৰ ভাগৰুৱা আত্মাই জনমভূমিৰ ছায়াত শেষ জিৰণি ল’বলৈ ইচ্ছা প্রকাশ কৰিছে।

(গ) কবিয়ে পখী হৈ ক’ত বাহ ল’ম বুলি কৈছে?

উত্তৰঃ কবিয়ে পখী হৈ উখ বিৰিখত বাহ ল’ম বুলি কৈছে।

(ঘ) কবিয়ে হিমালয় পর্বতৰ ক’ত আৰু কি হৈ ৰ’ব বুলি কৈছে?

উত্তৰঃ কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসি বিলত ফুলি ৰ’ব বুলি কৈছে।

৪। উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্ত্যমিল থকা শব্দবোৰ বাছি লিখা।

উদাহৰণ: পুৱাত  – সন্ধিয়াত

উত্তৰঃ

জেউতিআৰতি
কোলাতছায়াত
হৈৰৈ

৫। তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা।

শব্দঅৰ্থ
পখীআদি
শিতলীচেনেহ
সোণোৱালীচৰাই
মৰমপৰ্বতৰ আগ বা ওখ ভাগ
প্ৰথমচেঁচা, শীতল
টিংসোণ-বৰণীয়া

উত্তৰঃ

শব্দঅৰ্থ
পখীআদি
শিতলীচেনেহ
সোণোৱালীচৰাই
মৰমপৰ্বতৰ আগ বা ওখ ভাগ
প্ৰথমচেঁচা, শীতল
টিংসোণ-বৰণীয়া

৬। ‘মুদিম আকৌ চকু

তোমাৰ কোলাতে শুই

জীৱনৰ শেষ সিন্ধীয়াত’।

ওপৰৰ কবিতাফাকিৰ গদ্যৰূপ হ’ল – জীৱনৰ শেষ সিন্ধীয়াত’ তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাকি গদ্য ৰূপত লিখা।

(ক) সোণোৱালী মেঘ হৈ

ৰঙা হাঁহি বিৰিঙাম 

শেঁতা পৰা দুখনি ওঁঠত।

উত্তৰঃ সােণােৱালী মেঘ হৈ শেতা পৰা দুখনি ওঁঠত ৰঙা হাঁহি বিৰিঙাম।

(খ) আকাশৰ তৰা হৈ 

ৰ লাগি চাই ৰ’ম

সেউজীয়া শুৱনি জেউতি।

উত্তৰঃ আকাশৰ তৰা হৈ সেউজীয়া শুৱনি জেউতি ৰ লাগি চাই ৰম।

৭। পাঠত থকা ‘জনমভূমি’ কবিতাংশৰ মূলভাব লিখা।

উত্তৰঃ কবিতাটো হৈছে জীৱন আৰু আধ্যাত্মিকতাৰ মাজেৰে এক চিন্তাশীল যাত্ৰা, যি প্ৰকৃতিৰ উজ্জ্বল প্ৰতিচ্ছবিৰ সৈতে বিশ্ৰাম, শান্তি আৰু অতিক্ৰমৰ বিষয়বস্তুৰ মিশ্ৰণ কৰে। ই জীৱনৰ চক্ৰ, প্ৰকৃতিৰ আলিঙ্গনত শান্তিৰ মুহূৰ্তবোৰৰ ওপৰত প্ৰতিফলিত কৰে, আৰু জীৱনৰ শেষৰ বাহিৰত আধ্যাত্মিক পৰিপূৰ্ণতাৰ দিশত যাত্ৰাৰ ইংগিত দিয়ে।

৮। উপযুক্ত স্থানত যতি চিহ্ন প্রয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা।

পুৱতিৰ লগে লগে 

জগাম তোমাক নিতে

বনৰীয়া সুবদি গীতত

আকাশৰ তৰা হৈ

ৰ লাগি চাই ৰ’ম

সেউজীয়া শুৱনি জেউতি

জোনাকত মিল হৈ

বিমান পথত ৰৈ

ওৰে ৰাতি কৰিম আৰতি

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৯। তলৰ শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা।

শব্দবোৰবিপৰীত অৰ্থ
জনম
শেষ
ছাঁ
ওখ
ৰাতি
দুখীয়া

উত্তৰঃ 

শব্দবোৰবিপৰীত অৰ্থ
জনমমৰণ
শেষআৰম্ভণি
ছাঁপোহৰ
ওখসাপৰ
ৰাতিদিন
দুখীয়াধনী

১০। (ক) ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালীঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা –

____জবা             ____পাত              ____ছাতি

উত্তৰঃ ৰঙা জবা, সেউজীয়া পাত, কলা ছাতি।

(খ) বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। (ভাল, ল’ৰা, ক’লা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা।)

উত্তৰঃ 

বিশেষ্য
লৰাভাল
কাউৰীকলা
আকাশনীলা
মাছলেতেৰা
পানীসৰু
গাখীৰবগা

১১। কবিয়ে আকাশৰ তৰা হৈ পৃথিবীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে। তুমি আকাশত উৰিব পাৰিলে কি চাবলৈ বিচাৰিবা, লিখা।

উত্তৰঃ আকাশত উৰিব পাৰিলে মই ওপৰৰ পৰা আমাৰ পৰিবেশ চালোঁ হেতেন আৰু চৰাইৰ দৰে উৰি ফুৰি থাকিলোঁ হয় আৰু লগতে মােৰ জনমভূমিৰ মনােমােহা ৰূপ চাবলৈ বিচাৰিম।

১২। জনমভূমিৰ দৰে স্বদেশপ্রেমমূলক কবিতা এটা সংগ্রহ কবি আবৃত্তি কৰা। 

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১৩। তুমি তোমাৰ অঞ্চলৰ বাবে কেনেধৰণৰ ভাল কাম কৰিবলৈ বিচৰা, লিখা।

উত্তৰঃ পঢ়া-শুনা কৰি ডাঙৰ হ’লে এজন ভাল মানুহ হৈ অঞ্চলৰ সকলাে প্ৰকাৰৰ উন্নতিৰ বাবে  ভাল কাম কৰিম বুলি মনত দৃঢ় ভাব লৈছোঁ। বাসকলােৰে মাজত মিলা – প্ৰীতিৰ ভাব জগাই তুলিম। এনেদৰে অঞ্চলৰ ল’ৰা – ছােৱালীখিনি ভাল হৈ উঠিলে অঞ্চলৰ মানুহখিনিয়ে শান্তিৰে আৰু নিশ্চিন্ত মনে নিজৰ ল’ৰা , ছােৱালীবিলাক পঢ়া – শুনা কৰাত আৰু আগলৈ উন্নতি কৰাত সহায় কৰিব পাৰিব। অঞ্চলৰ মানুহৰ মাজত এনেদৰে মিলা – প্রীতি থাকিলে অঞ্চলৰ উন্নতি হােৱাত সহায়ক হ’ব। এনেদৰে অঞ্চলৰ ভাল কাম কৰিবলৈ মই বিচাৰোঁ।

লগে-ভাগে গাওঁ আহা-

মই অসমীয়া

জীবনে মৰণে মই চিৰদিন অসমীয়া

অসমীয়া দেহে প্রাণে মই, 

জীয়াই থাকোঁতে মই অসমৰে অসমীয়া 

মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ। 

অসমৰ হকে খুঁজি অসমৰ হকে মৰোঁ 

ধৰ্ম মোৰ জাতি মোৰ 

অসমীয়া প্ৰাণৰ আপোন 

অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ 

অসম প্রকৃতিয়ে ৰচা 

চিনি পাম বুজি পাম 

আমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া।

চৈয়দ আব্দুল মালিক (১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেখেতৰ জন্মস্থান আছিল গোলাঘাট জিলাৰ নাহৰণিত। তেখেত ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। ‘অঘৰী! আত্মাৰ কাহিনী’ নামৰ উপন্যাসৰ বাবে তেখেতে ‘সাহিত্য অকাডেমি’ বঁটা লাভ কৰিছিল।। ইয়াৰ উপৰি ‘অসম উপত্যকা বঁটা’, ‘শংকৰদেৱ বঁটা’ আৰু পদ্মশ্রী, পদ্মভূষণ সন্মানেৰে তেখেত সন্মানিত হৈছিল।
ঘ- প্রকল্প

১৪। তুমি জনা পাঁচগৰাকী দেশপ্রেমিকৰ নাম ছবিসহ সংগ্ৰহ কৰি তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে চমুকৈ লিখা। (সহায়ক উৎস হিচাপে পুথিভঁৰাল, বাতৰি কাকত, আলোচনী, বৈদ্যুতিন মাধ্যমৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা)।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 7 Assamese Chapter – 4 জনমভূমি”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top