Class 7 Assamese Chapter – 12 নামৰ বেবেৰিবাং

Class 7 Assamese Chapter – 12 নামৰ বেবেৰিবাং Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 12 নামৰ বেবেৰিবাং Solution select needs one.

Join Telegram channel

Assam Class 7 Assamese Chapter – 12 নামৰ বেবেৰিবাং Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 12 নামৰ বেবেৰিবাং Solution

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 12 নামৰ বেবেৰিবাং Solution

নামৰ বেবেৰিবাং

পাঠ: ১২

– অতুল চন্দ্র হাজৰিকা ( ১৯০৩-১৯৮৬ )

‘ ক ’ পাঠভিত্তিক ক্রিয়া 

[ প্রশ্ন ১ আৰু ২ প্রশ্নত দিয়ামতে পাঠটো নাটকীয় ভংগীৰে পঢ়িবলৈ আৰু সংলাপখিনি ভগাই ভগাই ক’বলৈ চেষ্টা কৰিবা । ]

প্রশ্ন ২। পাঠটো পঢ়ি কাহিনীটো চমুকৈ কোৱা । 

উত্তৰঃ সােণাপুৰ গাঁৱত নিধনী নামৰ মানুহ এজন আছিল । গাঁওখনৰ নাম সােণাপুৰ হ’লেও তাৰ বেছিভাগ মানুহেই ডাল – দৰিদ্ৰ আছিল । নামটো নিধনী যদিও তেওঁ কিন্তু ধনে – ধানে , সা – সম্পত্তিৰে ধনীহে আছিল । সেয়ে লােকে তেওঁক নিধনী বুলি মাতিলে তেওঁ মনত বৰ দুখ পাইছিল । 

মনৰ দুখত এদিন তেওঁ ক’ৰবালৈ ওলাই যাওঁতে এঠাইত দেখিলে এডাল মৰি থকা গছ মানুহ এজনে কাটি আছে । তেওঁ মানুহজনক কি গছ কাটিছে বুলি সােধাত অমৰা গছ কটা বুলি ক’লে । নিধনীয়ে ভাবিলে মৰা গছ ডাল আকৌ অমৰা গছ বুলি মানুহজনে কিয় ক’লে । তাৰ পিছত নিধনী গৈ থাকোতে এটি পানী বৈ থকা জানৰ ওচৰত ল’ৰা – ছােৱালী কিছুমানে খেলি থকা দেখি তেওঁ সিহঁতক জানটোৰ কথা সােধাত নিজৰা বুলি ক’লে । তেতিয়াও তেওঁ ভাবিলে এইটো দেখােন জিৰজিৰকৈ পানী জৰি গৈ আছে । ইহঁতে দেখােন নিজৰা বুলি ক’লে । 

তাকে ভাবি ভাবি নিধনী গৈ থাকোতে এজন মানুহে হাল বাই থকাত হালােৱাজনৰ নামটো সুধিলে । হালােৱজনে নিজৰ নামটো মৰা বুলি ক’লে । নিধনী আচৰিত হৈ ভাবিলে নামটো ‘মৰা’ যদি মই কেনেকৈ জীয়া মানুহৰ দৰে হালবাই থাকিব পাৰে । তাৰ পৰাও আৰু কিছুদূৰ গৈ দেখিলে ফটা – ছিটা কাপােৰ কানি পিন্ধি এজনী ছােৱালীয়ে মাছ মাৰি আছে । নিধনীয়ে তাইৰ নামটো সােধাত লখিমী বুলি ক’লে । তেতিয়াও নিধনীয়ে ভাবিলে লখিমী যদি ইমান চিঙা – ফটা কাপােৰ পিন্ধিছে কিয় ? তাই ইমান দুখীয়া অথচ নামটো লখিমী । 

শেষত নিধনীৰ মনত জ্ঞান উপজি ভাবিলে অমৰাও মৰে , নিজৰাও জৰে , মৰাই আকৌ হালবাই , লখিমীয়ে ফটা – কানি পিন্ধে , গতিকে মই ধনী হলেও মােৰ নাম নিধনী হােৱাতনাে কিয় মনত বেজাৰ পাব লাগে ! 

প্রশ্ন ৪ তলৰ শব্দসমূহৰ অৰ্থ কাড় চিন দি মিলােৱা । 

উত্তৰঃ

শব্দঅর্থ
নুটুটে নকমে ।
ৰৰৈয়ানদন – বদন , ধনে – ধানে পরিপূর্ণ ।
ডাল – দৰিদ্রঅতি দুখীয়া ।
বেজবেজাইডাকি যােৱাকৈ , বিজবিজনি অনুভৱ কৰা । 
 সুৰসুৰকৈকোনাে শব্দ বা ওজৰ – আপত্তি নকৰাকৈ ।
মৰ – চেৰেলাশুকাই – ক্ষীণাই মৰাৰ নিচিনা হােৱা । 
জকাইজাকৈ ( বাঁহেৰে সজা মাছ ধৰা তিনি কোণীয়া সঁজুলি ) ।
পেটাৰিজঁপা , কাপােৰ – কানি ৰখা বেতেৰে তৈয়াৰী ঢাকনি থকা এবিধ যতন । 

প্রশ্ন ৫৷ উত্তৰ দিয়া :

( ক ) নিধনীৰামৰ ঘৰ ক’ত আছিল ? 

উত্তৰঃ নিধনীৰামৰ ঘৰ সােণাপুৰ গাঁৱত আছিল ৷ 

( খ ) নিধনীৰাম অভাৱী আছিল নেকি ? 

উত্তৰঃ নিধনীৰাম আভাৱী নাছিল । ধনে – জনে তেওঁৰ ৰৰৈয়া গৃহস্থী আছিল । 

( গ ) মানুহজনে কাটি থকা গছজোপাৰ নাম কি আছিল ? 

উত্তৰঃ মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা গছ আছিল । 

( ঘ ) হালােৱা মানুহজনৰ নাম কি ? 

উত্তৰঃ হালােৱা মানুহজনৰ নাম ‘মৰা’ আছিল । 

প্রশ্ন ৬। কোনে , কাক কৈছিল কোৱা 

( ক ) “ এইজোপা কি গছহে ককাই ? ” 

উত্তৰঃ কথাষাৰি গছকাটি থকা মানুহজনক নিধনীয়ে কৈছিল । 

( খ ) “ পাৰোঁতােন …… নিজৰা । ” 

উত্তৰঃ নিধনীয়ে পানীডৰাৰ নামটো কি তােমালােকে ক’ব পাৰানে বুলি খেলি থকা ল’ৰা – ছােৱালীবােৰক সােধাত সিহঁতে তেওঁক এনেদৰে কৈছিল । 

( গ ) “ মােৰ নাম মৰা ” 

উত্তৰঃ হালােৱাজনে নিধনীক কৈছিল । 

( ঘ ) “ বােলো কোৱা কি ? তুমি দেখােন জীয়া । মৰা হ’লা কেনেকৈ ? ” 

উত্তৰঃ নিধনীয়ে হালােৱাজনক নামটো সােধাত তাৰ নাম মৰা বুলি কোৱাত নিধনী আচৰিত হৈ হালােৱাজনক এনেদৰে কৈছিল ।

( ঙ ) “ জকাই বাইছোঁহে বাইছো , খলিহা – পুঠি এটাও পােৱা নাই দেউতা । ” 

উত্তৰঃ নিধনীয়ে , যেতিয়া জকাই বাই থকা ছােৱালীজনীক মাছ পাইছে নে নাই আৰু তাইৰ নামটো কি বুলি সুধিছিল তেতিয়া ছােৱালীজনীয়ে নিধনীক এনেদৰে কৈছিল । 

প্রশ্ন ৭। নিধনীৰামক গাঁৱৰ মানুহে নিধনীৰাম বুলি মাতিলে কিয় তাৰ গা বেজবেজায় লিখা । 

উত্তৰঃ নিধনী মানে ধনহীন , দুখীয়া । নিধনীৰামৰ নাম নিধনী হলেও তেওঁৰ ধনে – জনে ৰৰৈয়া গৃহস্থালি । গােহালিত গৰু , পুখুৰীত মাছ , ভঁৰালত ধান , পেটাৰিত ধন , কোনাে ফালেই তেওঁৰ অভাৱ নাই । তেনে স্থলত মানুহে তেওঁক নিধনী বুলি মাতিলে বিছাই ডাকাৰ দৰে গাটো বেজবেজাই গৈছিল । 

প্রশ্ন ৮। নিধনীৰামে শেষত ভবা যােজনা ফাকি অর্থ কি ? 

উত্তৰঃ মানুহৰ নামটোৱেই আচল পৰিচয় নহয় । গছ – গছনি , মানুহকে ধৰি সকলাে প্রাণীয়েই যিহেতু মৰে , গতিকে ইয়াৰ লগত নামৰ কোনাে গুৰুত্ব নাথাকে । গছ যিহেতু মৰেই গতিকে অমৰা নামৰ গছো মৰে , জীয়া মানুহৰ নাম ‘ মৰা ’ হলেও সি সেই সময়ত মৰি থকা নাই , নিজৰি , নিজৰি পানী বৈ থকা কাৰণেই পানীদৰাৰ নাম নিজৰা । সেইদৰে অতি দুখীয়া মানুহৰ ছােৱালীয়ে ধন – সম্পত্তিৰ গৰাকী ‘লখিমী’ নাম আৰু অতি ধনী মানুহেও নিধনী নাম ল’ব পাৰে । লখিমী নাম ললে দুখীয়া ছােৱালীজনী ধন – সম্পত্তিৰ গৰাকী হ’ব নােৱাৰে বা নিধনী বুলিলেই ধনীলােক নিধনীৰাম দুখীয়া বা ধনহীন বুলি জনা নাযাব । কাহিনীটোৰ শেষৰ যােজনাটোৰ অৰ্থ এয়াই । 

প্রশ্ন ৯। তলৰ ‘ক’ অংশৰ লগত  ‘খ’ অংশ মিলাই লিখা । 

উত্তৰঃ।

‘ক’ অংশ‘খ’ অংশ
গােহালিতগৰু ।
পুখুৰীতমাছ । 
 ভঁৰালতধান ।
বাৰীত তামােল – পাণ ।
শাকনিতশাক ।
চালতকোমোৰা ।
ফুলনিতফুল ।

প্রশ্ন নং ১০ ৰ ছবি চাই লিখা ।

উত্তৰঃ গছ গছনি , ঘৰ – দুৱাৰ , আলি – পদূলি আৰু খেতি পথাৰেৰে ভৰা এখনি শুৱনি গাঁৱৰ ছবি । গাঁওখনৰ মাজেৰে এটি বহল আলিবাট বহুদূৰলৈ গৈছে । আলিবাটটোৰ একাষে খেতি পথাৰ ; তাত সৰু সৰু আলি দিয়া আছে । আনফালে দুটা ঘৰৰ সমুখত বহল খেল পথাৰ।আলিবাটৰ একাষে বহল পদূলিৰে দুটা ঘৰ , এজোপা ভৰা নাৰিকলেৰে নাৰিকল গছ , দুজোপা তামােল গছ , ঘৰৰ পিছপিনে কলগছ , আৰু অন্যান্য গছ – গছনি । দূৰণিত চাৰিজোপা গছ থিয় হৈ আছে । এজোপা ডাঙৰ গছৰ কাষতে এটা ঘৰ । গৰখীয়া এজনে ঘাঁহনিত দুজনী গাই চৰাই আছে । কাষতে দুজনী ছাগলীয়ে ঘাঁহ বিচাৰি ফুৰিছে । এগৰাকী মহিলাই আলি বাটটো খােজকাঢ়ি গৈ আছে । আকাশ ফৰকাল । 

S.L. No.Contents
পাঠ-1তেজৰে কমলাপতি
পাঠ-2কালিকা লগা পাট-কাপােৰ
পাঠ-3আনন্দৰাম বৰুৱা
পাঠ-4জনমভূমি
পাঠ-5বিজ্ঞান আৰু আমাৰ
পাঠ-6নোকোৱাৰ পৰিণাম
পাঠ-7জতুৱাৰ জঁট
পাঠ-8মিছাইল মানৱ
পাঠ-9অসম
পাঠ-10প্রত্যাহ্বান
পাঠ-11গছ ভালপােৱা ককাৰ খং
পাঠ-12নামৰ বেবেৰিবাং
পাঠ-13প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14বিদ্যা
পাঠ-15গড়গাঁও

‘ খ ’ ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ ) 

প্রশ্ন ১১। পাঠটোত মাক-বাকে , ল’ৰা – ছােৱালী আদি কেইবাটাও সম্বন্ধবাচক যুৰীয়া শব্দ আছে । ‘ক’ অংশৰ লগত ‘খ’ অংশৰ শব্দ লগ লগাই উদাহৰণত দিয়াৰ দৰে যুৰীয়া শব্দ গঠন কৰা । 

উদাহৰণ ককা – আইতা 

উত্তৰঃ ভাই – ভনী , আই – বােপাই , পেহা – পেহী , জী – জোঁৱাই , শাহু – শহুৰ , তাৱৈ আমৈ । 

প্রশ্ন ১২। তলৰ শব্দবােৰৰ বিপৰীত অর্থ প্রকাশক শব্দ লিখা । 

উত্তৰঃ         

ভালবেয়া ।
নেলাগেলাগে ।
জীয়ামৰা ।
 টুটুটেটুটে ।
 নিধনীধনী ।
নােৱাৰেপাৰে । 
নিজৰাজৰা ।
নেমাতিলেমাতিলে ।

‘ গ ’ জ্ঞান সম্প্রসাৰণ 

প্রশ্ন ১৪। আনে তােমাৰ বিষয়ে কোৱা কোনবােৰ কথাই তােমাৰ গা বেজবেজাই যায় , লিখা । 

উত্তৰঃ নােহােৱা কথাৰ অপবাদ বা বদনাম দিলে , গুৰুজন , সন্মানীয় আৰু মহৎলােকৰ প্রতি কোনােবাই কুৎসা ৰটনা কৰিলে , অসন্মান কৰিলে গা বেজবেজাই যায় । 

প্রশ্ন ১৫। অসমৰ খাল – বিল , নৈত মাছ উভয়নদী হৈ আছে । সেইবােৰত উৎসৱ পার্বণ উপলক্ষে ৰাইজে সমূহীয়াকৈ মাছ মাৰে । তুমি দেখা তেনেকুৱা মাছ ধৰা উৎসৱৰ বিষয়ে লিখা ( নিজ চকুৰে দূৰদৰ্শনত / তথ্য চিত্র আদিত ) । 

উত্তৰঃ দূৰদৰ্শনত দেখিছিলোঁ বিখ্যাত জোনবিল মেলা উপলক্ষে জোনবিল নামৰ বিলখনত সেই অঞ্চলৰ সকলাে ৰাইজে অতি আনন্দ , উৎসাহ উলাহেৰে মাছ মাৰিবলৈ লয় । কোনােৱে পল’, কোনােৱে চাৰিটনীয়া ঘন জাল , কোনােৱে টনা জাল আৰু কোনােৱে খেউলী জাল লৈ মাছ মাৰিবলৈ লাগি যায় । পুৰুষ – মহিলা , ডেকা – গাভৰু সকলােৱে লগ লাগি এনে মাছ মৰা বা মাছধৰা দৃশ্য অতি মনােৰম আৰু আকর্ষণীয় হৈ পৰে । এই দৃশ্য চাবলৈ তাত শ শ লােক সমাগম হয় আৰু পাৰত ৰৈ থাকি দৃশ্য উপভােগ কৰে । মাছ খােৱাতকৈ মাছ ধৰা বা মাছ মৰাৰ আনন্দ বহুত বেছি । 

প্রশ্ন ১৬। লখিমীৰ চুলিকোছা জটলী আৰু অবিন্যস্ত আছিল । তােমালােকেও তেনেকৈ ৰাখা নেকি ? যদি নাৰাখা , তেনেহ’লে তােমালােকে চুলি , দাঁত , ছাল আদি শৰীৰৰ অংগ – প্রত্যংগবােৰৰ কেনেধৰণৰ যত্ন লােৱা দলত আলােচনা কৰি লিখা ।

উত্তৰঃ লখিমীৰ দৰে আমাৰ চুলিকোছা জটলী আৰু অবিন্যস্ত কৰি নাৰাখো । তেনেকৈ ৰাখিলে নিজকে বৰ জধলা যেন লাগে । সেয়ে চুলিত ধূলি – মাকতি যাতে লাগি নাথাকে , গা ধুওঁতে ভালদৰে মূৰ – চুলি আদিও ধােওঁ । তাৰ পিছত মূৰৰ অর্থাৎ চুলিৰ পানীবােৰ গুচাই চুলিত প্রয়ােজনীয় তেল অলপ চুলিত সানি সুন্দৰকৈ ফণিয়াই লওঁ । সেইদৰে খােৱা খাদ্য লাগি থাকি যাতে দাঁতৰ গুৰিবােৰ নষ্ট কৰিব নােৱাৰে , অকালতে দাঁতবােৰ সৰি নাযায় , তাৰ বাবে ৰাতিপুৱা আৰু ৰাতি শােৱাৰ আগে আগে দাঁত ভালদৰে ব্রাচ কৰি ধুই লওঁ । কিবা কাৰণত দাঁতৰ সমস্যা আহিলে অভিজ্ঞ দাঁতৰ ডাক্তৰক দেখুৱাই কৰিব লগীয়াখিনি কৰি লওঁ । তাৰ পিছত ছালৰ ক্ষেত্ৰতাে গাত যাতে ময়লা ( ওখল ) জমা নহয় তাৰ বাবে গা ভালদৰে ঘঁহি – পিহি ধুই লওঁ।গা নােধােৱাকৈ এদিনাে নাথাকো । অলপ মিঠাতেল আৰু বড়ী অইল কিছু ছালত মালিচ কৰাে । এনেকৈয়ে মই চুলি , দাঁত আৰু ছালৰ যত্ন লওঁ । 

প্রশ্ন ১৭।পুৰণি আমাৰ খেতিয়কসকলে গৰুৰে হালবাই খেতি কৰিছিল । কিন্তু এতিয়া কি কি উপায়েৰে  হালবােৱা , মৰণা মৰা আদি কাম কৰে ? 

উত্তৰঃ আগৰ হালবােৱাৰ সলনি ট্রেক্টৰেৰে আজিকালি মাটি চহ কৰি খেতিয়কে খেতি কৰিবলৈ গৈছে । ধান মাৰিবলৈও আজিকালি গৰুৰে মৰণা মাৰাৰ ব্যৱস্থাৰ সলনি বহলকৈ বহুত ধানৰ মুঠি পেলাই থৈ তাৰ ওপৰত ট্ৰেক্টৰ ঘূৰাই বা অন্য হাত মেচিন , পেডেল মেচিন অথবা যন্ত্রচালিত মেচিনেৰে ধান মাৰিবলৈ লৈছে । ট্রেক্টৰেৰে একে সময়তে বহু মাটি বাব পাৰি।সেইদৰে মেচিনৰেও বহুত বেচি ধান একেলগে মাৰিব পাৰি । 

 ঘ-প্রকল্প 

প্রশ্ন ১৮। প্রশ্নমতে সঁজুলিসমূহৰ ছবি সংগ্রহ কৰি এলবাম প্রস্তুত কৰা ৷

( ক ) প্রশ্নৰ ছবিসমূহৰ নাম আৰু ব্যৱহাৰ লিখা হ’ল । 

উত্তৰঃ ১ ম ছবি জাকৈ বা জকাই – এইখন তিনিকোণীয়াকৈ বাঁহ বেতেৰে তৈয়াৰী । তলৰ পানীত মুখখন অলপ হেঁচি ধৰি চোচৰাই টানি আনি দাঙি লােৱা হয় । এনেকৈ তাত মাছ উঠে আৰু তাক ধৰা হয় । 

২ য় ছবিখন খালৈ – ইয়াক মাছুৱৈ সকলে প্ৰায়ে কঁকালত বান্ধি লয় । মাছ ধৰি ইয়াত ভৰাই লােৱা হয় । খালৈ বাঁহেৰে সজোৱা হয় ।

৩ য় ছবিখন পল ’ – বাঁহ – বেতেৰে ইয়াক তৈয়াৰ কৰা হয় । দ বা তৰ পানীত চবিয়াই ইয়াৰ দ্বাৰা মাছ ধৰা হয় । 

৪ র্থ ছবিখন চেপা – ইয়াক বাঁহ বেতেৰে তৈয়াৰ কৰা হয় । চেপাটোত মাজতে এখন বা দুখন মুখ কোল দি সজোৱা হয় যাতে তাত সােমােৱা মাছ ওলাই যাব নােৱাৰে । চেপাটো তল নােযােৱা , অলপ বৈ থকা পানীত এই চেপাটো মুখ দুখন তলৰ ফালে ধৰি পতা হয় । ইয়াত মাছ সােমালে ওলাব নােৱাৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top