Class 7 Assamese Chapter – 4 জনমভূমি

Class 7 Assamese Chapter – 4 জনমভূমি Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 4 জনমভূমি Solution select needs one.

Join Telegram channel

Assam Class 7 Assamese Chapter – 4 জনমভূমি Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 4 জনমভূমি

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 4 জনমভূমি

জনমভূমি

পাঠ: ৪

-নলিনীবালা দেৱী(১৮৯৮-১৯৭৭)

‘ ক ’ পাঠভিত্তিক ক্রিয়া 

ক্রিয়াকলাপ :

প্রশ্ন ১ , ২ ত উল্লেখ কৰা মতে ছাত্র – ছাত্রীসকলেসকলে  নিজেই  অভ্যাস কৰিব । 

প্রশ্ন ৩। উত্তৰ দিয়া 

( ক ) কবিয়ে কাৰ কোলাত প্রথমে চকু মেলাৰ কথা কৈছে ? 

উত্তৰঃ কবিয়ে জনমভূমিৰ কোলাত প্রথমে চকু মেলাৰ কথা কৈছে ।

( খ ) কবিৰ ভাগৰুৱা আত্মাই কোনঠাইত শেষ জিৰণি ল’বলৈ ইচ্ছা প্রকাশ কৰিছে ? 

উত্তৰঃ কবিৰ ভাগৰুৱা আত্মাই জনমভূমিৰ ছায়াত শেষ জিৰণি ল’বলৈ ইচ্ছা প্রকাশ ।

( গ ) কবিয়ে হিমালয় পর্বতৰ ক’ত আৰু কি হৈ ৰ’ব বুলি কৈছে ? 

উত্তৰঃ কবিয়ে হিমালয় পর্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ৰব বুলি কৈছে । 

৪। প্রশ্নত দিয়া মতে কবিতাটো চাই তাৰ পৰা অন্ত্যমিল থকা শব্দবােৰ বাছি লিখিবলৈ ছাত্ৰ-ছাত্ৰীয়ে নিজেই চেষ্টা কৰিবা । 

প্রশ্ন ৫। তলৰ শব্দবােৰ অর্থ মিলাই লিখা : 

উত্তৰঃ 

পখী চৰাই ।
শীতলীচেঁচা, শীতল ।
সােণােৱালীসােণ বৰণীয়া ।
মৰমচেনেহে ।
প্রথমআদি ।
টিংপৰ্বতৰ আগ বা ওখ ভাগ ।

প্রশ্ন ৬। গদ্য ৰূপত লিখা 

( ক ) সােণােৱালী মেঘ হৈ 

             ৰঙা হাঁহি বিৰিঙাম 

                  শেঁতা পৰা দুখনি ওঁঠত । 

উত্তৰঃ সােণােৱালী মেঘ হৈ শেতা পৰা দুখনি ওঁঠত ৰঙা হাঁহি বিৰিঙাম । 

( খ ) আকাশৰ তৰা হৈ 

             ৰ লাগি চহি ৰ’ম 

                 সেউজীয়া শুৱনি জেউতি । 

উত্তৰঃ আকাশৰ তৰা হৈ সেউজীয়া শুৱনি জেউতি ৰ লাগি চাই ৰম ।

প্রশ্ন ৭। পাঠত থকা জনমভূমি’ কবিতাংশৰ মূলভাব লিখা । 

উত্তৰঃ কবি নলিনীবালা দেৱীয়ে কৈছে যে তেওঁ যিখন ঠাইত জন্মগ্রহণ কৰিছে সেইখন ঠাইতেই মৃত্যুবৰণাে কৰিব । মৰাৰ পিছতাে তেওঁৰ আত্মাই আহি এইখন ঠাইৰ শীতলী কোলাত আৰু ছায়াতেই জিৰণি ল’বহি । মৰাৰ পিছত পখী হৈ জন্মভূমিৰ গছ – বিৰিখতে বাহ ল’বহি , পুৱতি নিশা সুমধুৰ গীত গাই মাতৃ জনমভূমিক জগাবহি । আকাশত তৰা হৈ জনমভূমিৰ সেউজীয়া শুৱনি জেউতি একেথৰে চাইথাকিব , জোনাকত জনমভূমিৰে আৰতি গাব । হিমালয় পর্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুল হৈ ফুলি তাৰ সুবাস জনমভূমিৰ বুকুত ছটিয়াই দিবহি । মলয়া বতাহত পাৰিজাত ফুলৰ ৰেণু আনি জনমভূমিৰ চৰণত ঢুলাব । নদী হৈ জনমভূমিৰ চৰণ পখালিব আৰু মাটি হৈ তেওঁৰ বুকুতে মিলি যাব । সােণােৱালী মেঘ হৈ তেওঁৰ শেতাপৰা ওঁঠত ৰঙা হাঁহি বিৰিঙাব । 

কবিতাটিৰ মাজেৰে কবিৰ ওপজা ঠাইখনক জীৱনে – মৰণে ভাল পােৱাৰ কথা প্রকাশ পাইছে । 

৮। কবিতাটো ভালদৰে চাই যথাস্থানত যতি চিহ্ন প্রয়ােগ কৰি কবিতা ফাকি ছাত্ৰ-ছাত্ৰীয়ে নিজেই লিখিবা । 

প্রশ্ন ৯। তলৰ শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা 

জনম ……….     ওখ………….       শেষ………..

ৰাতি …………     ছাঁ ………….      দুখীয়া ………

উত্তৰঃ 

জনম    –   মৰণ

ওখ      –    চাপ । 

শেষ    –   আদি,আৰম্ভণি

ৰাতি   –    দিন । 

 ছাঁ       –   পোহৰ

দুখীয়া   –    ধনী, সুখীয়া ।

 প্রশ্ন ১০। ( ক ) ছবিসমূহৰ তলত দিয়া শব্দবােৰৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা– 

উত্তৰঃ  ছবিত দিয়া মতে এনে হ’ব 

ৰঙা জবা , সেউজীয়া পাত , মেলা ছাতি ।

( খ ) তলত দিয়া শব্দবােৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবােৰ বাছি ভাগে ভাগে লিখা । 

ভাল , ল’ৰা , ক’লা , কাউৰী , নীলা , আকাশ , লেতেৰা , সৰু , মাছ , পানী , গাখীৰ , বগা । 

উত্তৰঃ

বিশেষ্যবিশেষণ 
 ল’ৰাভাল
কাউৰীকলা 
আকাশনীলা 
মাছলেতেৰা
পানীসৰু
গাখীৰবগা
S.L. No.Contents
পাঠ-1তেজৰে কমলাপতি
পাঠ-2কালিকা লগা পাট-কাপােৰ
পাঠ-3আনন্দৰাম বৰুৱা
পাঠ-4জনমভূমি
পাঠ-5বিজ্ঞান আৰু আমাৰ
পাঠ-6নোকোৱাৰ পৰিণাম
পাঠ-7জতুৱাৰ জঁট
পাঠ-8মিছাইল মানৱ
পাঠ-9অসম
পাঠ-10প্রত্যাহ্বান
পাঠ-11গছ ভালপােৱা ককাৰ খং
পাঠ-12নামৰ বেবেৰিবাং
পাঠ-13প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14বিদ্যা
পাঠ-15গড়গাঁও

‘ গ ’ জ্ঞান সম্প্রসাৰণ 

প্রশ্ন ১১।কবিয়ে আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে । তুমি আকাশত উৰিব পাৰিলে কি চাবলৈ বিচাৰিবা , লিখা । 

উত্তৰঃ ময়াে আকাশত উৰিব পাৰিলে মােৰ জনমভূমিৰ মনােমােহা ৰূপ চাবলৈ বিচাৰিম । 

১২। প্রশ্নত কোৱা মতে ছাত্ৰ-ছাত্ৰীয়ে সংগ্রহ কৰি নিজেই  আবৃত্তি কৰিবা ।  

প্রশ্ন ১৩। তুমি তােমাৰ অঞ্চলৰ বাবে কেনেধৰণৰ ভাল কাম কৰিবলৈ বিচৰা , লিখা ।

উত্তৰঃ মই এতিয়াও বয়সত সৰু , পঢ়ি থকা ছাত্র । পঢ়ি – শুনি ডাঙৰ হ’লে এজন ভাল মানুহ হৈ অঞ্চলৰ সকলাে প্ৰকাৰৰ উন্নতিৰ বাবে দেহেকেহে ভাল কাম কৰিম বুলি মনত দৃঢ় ভাব লৈছোঁ । এতিয়া পঢ়ি থকা ছাত্র হিচাপে পঢ়া – শুনা আৰু স্বভাৱ চৰিত্ৰৰে এজন ভাল ল’ৰা হ’বলৈ যত্ন কৰিম যাতে মােৰ সমনীয়া , আৰু ল’বা ছােৱালীয়ে মােৰ আদর্শ গ্রহণ কৰি সিহঁতে ভাল মানুহ হৈ উঠিব পাৰে । সকলােৰে মাজত মিলা – প্ৰীতিৰ ভাব জগাই তুলিম । এনেদৰে অঞ্চলৰ ল’ৰা – ছােৱালীখিনি ভাল হৈ উঠিলে অঞ্চলৰ মানুহখিনিয়ে শান্তিৰে আৰু নিশ্চিন্ত মনে নিজৰ ল’ৰা , ছােৱালীবিলাক পঢ়া – শুনা কৰাত আৰু আগলৈ উন্নতি কৰাত সহায় কৰিব পাৰিব । অঞ্চলৰ মানুহৰ মাজত এনেদৰে মিলা – প্রীতি থাকিলে অঞ্চলৰ উন্নতি হােৱাত সহায়ক হ’ব । এনেদৰে অঞ্চলৰ ভাল কাম কৰিবলৈ মই বিচাৰোঁ ।

‘ ঘ ’ প্রকল্প 

১২। প্রশ্নত কোৱা মতে দেশপ্রেমিক পাঁচগৰাকীৰ ছবি সংগ্রহ কৰি তেওঁলােকৰ কৰ্মৰাজিৰ বিষয়ে চমুকৈ লিখিবলৈ  ছাত্ৰ-ছাত্ৰীয়ে নিজেই  যত্ন কৰিবা । প্রয়ােজন হলে ছাৰ বাইদেউসকলৰ সহায় ল’বা ।

1 thought on “Class 7 Assamese Chapter – 4 জনমভূমি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top