Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ

Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ Solution select needs one.

Join Telegram channel

Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ Solution

কালিকা লগা পাট-কাপােৰ

পাঠ:২ 

‘ ক ’ পাঠভিত্তিক ক্রিয়া

ক্রিয়া-কলাপ :

প্রশ্ন ১। পাঠটো শুদ্ধ উচ্চাৰণ আৰু যতি , বিৰাম চিহ্নসমূহৰ প্রতি লক্ষ্য ৰাখি কেইবাৰো পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱা । 

উত্তৰঃ ছাত্ৰ – ছাত্ৰীসকলে নিজে কৰা আৰু প্ৰয়োজনবোধে শিক্ষক মহাশয়ৰ সহায় লবা । 

প্রশ্ন ২। উত্তৰ দিয়া 

( ক ) চহকী মানুহজন কোন দেশৰ আছিল ? 

উত্তৰঃ চহকী মানুহজন আচিক দেশৰ আছিল ।

( খ ) চহকী মানুহজনৰ ছােৱালীজনীৰ কাৰ লগত বিয়া হৈছিল ? 

উত্তৰঃ চহকী মানুহজনৰ ছােৱালীজনীৰ দেখনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল । 

( গ ) ছােৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল ? 

উত্তৰঃ ছােৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাটৰ কাপােৰ দিয়া হৈছিল । 

( ঘ ) কালিকা লগা কাপােৰখন দিওঁতে দেউতাকে কি কৈছিল ? 

উত্তৰঃ কালিকা লগা কাপােৰখন দিওঁতে দেউতাকে এটা মন্ত্র উচ্চাৰণ নকৰাকৈ কাপােৰখনত কোনােবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপােৰখন চৰাইৰ নেজ আৰু পাখি হৈ পৰিব’–বুলি কৈছিল ৷

( ঙ ) আচিক সম্প্রদায়ত সম্পত্তিৰ অধিকাৰী কোন ? 

উত্তৰঃ আচিক সম্প্রদায়ত সম্পত্তিৰ অধিকাৰী ছােৱালী পিতৃ – মাতৃৰ সম্পত্তিৰ অধিকাৰী হয় । 

( চ ) ছােৱালীয়ে কাপােৰখন ৰ’দত মেলি দি কলৈ গৈছিল ? 

উত্তৰঃ ছােৱালীয়ে কাপােৰখন ৰ’দত মেলি দি মাছ মাৰিবলৈ গৈছিল । 

( ছ ) কাপােৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হৈছিল ? 

উত্তৰঃ কাপােৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশােভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈছিল । 

প্রশ্ন ৩। চমু উত্তৰ দিয়া 

( ক ) বাপেকে ছােৱালীজনীক দিয়া বনকৰা পাটৰ কাপােৰখনৰ বিশেষত্ব কি আছিল ? 

উত্তৰঃ বাপেকে ছােৱালীজনীক দিয়া বনকৰা পাটৰ কাপােৰখনৰ বিশেষত্ব কাপােৰখন আছিল কালিকা লগা । এটা মন্ত্র উচ্চাৰণ নকৰাকৈ কাপােৰখনত কোনােবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপােৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব । এয়াই আছিল বিশেষত্ব । 

( খ ) গিৰিয়েকজন কিদৰে সুশােভিত চিতৰী চৰাইলৈ ৰূপান্তৰিত হৈছিল ? 

উত্তৰঃ কালিকা লগা পাটৰ কাপােৰখন ৰ’দত মেলি দি ছােৱালীজনীয়ে গিৰিয়েকক কোনাে কাৰণতে কাপােৰখন নুচুবলৈ কৈ মাছ মাৰিবলৈ গৈছিল । এনেতে ধাৰাসাৰ বৰষুণ অহাত ঘৈণীয়েকক চিঞৰি মতাতাে নহাত গিৰিয়েকে সামৰি থ’বলৈ বুলি কাপােৰখনত ধৰোতেই তেওঁ সুশােভিত চিতৰী চৰাইলৈ ৰূপান্তৰিত হৈছিল ।

( গ ) গিৰিয়েকজনে কাপােৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হল ? 

উত্তৰঃ গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকেও মন্ত্রযাৰ উচ্চাৰণ কৰিবলৈ পাহৰি 

“ কি কৰিলা ঔ ” বুলি চিঞৰ মাৰি কাপােৰখনত হাত দিলে আৰু লগে লগে তায়াে এজনী চৰাইৰ ৰূপ পালে । 

প্রশ্ন ৪। তলৰ শব্দবােৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা । 

সুসজ্জিত , ধনী , সুঠাম আৰু দেখিবলৈ ধুনীয়া , বহুত , চলি থকা 

প্রচলিত ……..  দেখনিয়াৰ ……..    চহকী ……….

সুশােভিত………….     সৰহ ……………….

উত্তৰঃ

প্রচলিতচলিত থকা ।
দেখনিয়াৰসুঠাম আৰু দেখিবলৈ ধুনীয়া । 
চহকীধনী ।
সুশােভিতসুসজ্জিত । 
সৰহবহুত ।

‘ খ ’ ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ ) 

প্রশ্ন ৫। তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি , বিৰাম চিহ্ন বহুওৱা । 

    এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্রষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপােৰখনত হাত দিলে লগে লগে তায়ে এজনী চৰাইৰ ৰূপ পালে তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা মৰা চৰাই আৰু ঘৈণীয়েজনী হৈ পৰিল মাইকীম’ৰা চৰাই । মতাটোৰ পাখি বেছি জাকজমকীয়া কাৰণ সেই কাপােৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল । 

উত্তৰঃ এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্রষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ ‘ বুলি চিঞৰ মাৰি কাপােৰখনত হাত দিলে । লগে লগে তায়াে এজনী চৰাইৰ ৰূপ পালে । তেতিয়াৰে পৰা গিৰিয়েকজনী হৈ পৰিল মতা ম’ৰা চৰাই,আৰু ঘৈণীয়েকজনী হৈপবিল মাইকী ম’ৰা চৰাই । মতাটোৰ পাখি বেছি জকমকীয়া । কাৰণ , সেই কাপােৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল ।

প্রশ্ন ৬। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্রিয়াযুক্ত বাক্য লিখা— 

উত্তৰঃ 

সমাপিকা ক্রিয়াযুক্ত বাক্য :

( ১ ) আচিক দেশত এজন বৰ চহকী মানুহ আছিল । 

( ২ ) পৰ্বতীয়া জাতিসমূহৰ ভিতৰত কেতবােৰ মাতৃপ্রধান জাতি আছে ৷ 

 অসমাপিকা ক্রিয়াযুক্ত বাক্য : 

( ১ ) এদিন ছােৱালীজনীয়ে কাপােৰখন পেৰাৰ পৰা উলিয়াই ৰ’দত মেলি দিলে । 

( ২ ) কিন্তু তাই আহি পােৱাৰ আগতে শিল – বৰষুণ আহিল । 

প্রশ্ন ৭ তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্রিয়া বাছি উলিওৱা । 

উত্তৰঃ ( ১ ) মই ঘৰলৈ যাম । ( সমাপিকা ক্রিয়া ) 

         ( ২ ) ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ । ( সমাপিকা ক্রিয়া ) 

        ( ৩ ) পুৱা শুই উঠি মই বকুলফুল বুটলিম । ( অসমাপিকা ক্রিয়া ) 

        ( ৪ ) মা – দেউতাই সদায় খবৰ কাগজ পঢ়ে । ( সমাপিকা ক্রিয়া ) 

        ( ৫ ) স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ । ( অসমাপিকা ক্রিয়া )

S.L. No.Contents
পাঠ-1তেজৰে কমলাপতি
পাঠ-2কালিকা লগা পাট-কাপােৰ
পাঠ-3আনন্দৰাম বৰুৱা
পাঠ-4জনমভূমি
পাঠ-5বিজ্ঞান আৰু আমাৰ
পাঠ-6নোকোৱাৰ পৰিণাম
পাঠ-7জতুৱাৰ জঁট
পাঠ-8মিছাইল মানৱ
পাঠ-9অসম
পাঠ-10প্রত্যাহ্বান
পাঠ-11গছ ভালপােৱা ককাৰ খং
পাঠ-12নামৰ বেবেৰিবাং
পাঠ-13প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14বিদ্যা
পাঠ-15গড়গাঁও

‘ গ ’ জ্ঞান সম্প্রসাৰণ

প্রশ্ন ৮। পুৰণিকালত তােমাৰ ককা – আইতাহঁতে কাপােৰ – কানি , বাচন – বৰ্তন পেৰাত ভৰাই থৈছিল ৷ তােমালােকে কাপােৰ – কানি , বাচনবর্তন ক’ত থােৱা , তাৰ এখন তালিকা প্রস্তুত কৰা । 

উত্তৰঃ

কাপােৰ কানি থােৱা ঠাইবাচনবর্তন থােৱা ঠাই 
( ১ ) আলমিৰা( ১ ) আলমিৰা
( ২ ) আলনা( ২ ) ডিভান 
( ৩ ) বাকচ( ৩ ) ৰেক
( ৪ ) ছুটকেচ( 8 ) বাকচ
( ৫ ) ডিভান

 প্রশ্ন ৯ ৰ ছবিখন চাই উত্তৰটো নিজেই কৰিবা ।

নােৱাৰিলে শিক্ষক মহাশয়ৰ সহায় ল'বা ।

প্রশ্ন ১০। প্রশ্নত দিয়া মতে নিজেই অভ্যাস কৰিবা ।

প্রয়ােজন হলে শিক্ষকৰ সহায় লবা ।

প্রশ্ন ১১। অসমৰ শিপিনীয়ে তাঁতশালত কি কি কাপােৰ বয় এখন তালিকা প্ৰস্তুত কৰা ।

উত্তৰঃ অসমৰ শিপিনীয়ে তাতশালত বােৱা কাপােৰৰ তালিকা হ’ল ১। মেখেলা , ২। চাদৰ , ৩। শাৰী , ৪৷ গামােচা , ৫। দখনা , ৬। দোপাট্টা , ৭। ধুতী , ৮। আঁঠুৱাৰ কাপােৰ , ৯। ৰুমাল , ১০। বিছনা চাদৰ , ১১। পর্দা , ১২। স্কার্ফ , ১৩ । ধােচ ইত্যাদি । 

প্রশ্ন ১২। উত্তৰ – পূব ভাৰতৰ মাতৃপ্রধান জাতিসমূহৰ এখন তালিকা প্রস্তুত কৰা । 

উত্তৰুঃ উত্তৰ – পূব ভাৰতৰ মাতৃপ্রধান জাতিসমূহ হ’ল— ( ১ ) খাচীয়া , ( ২ ) গাৰাে ।

3 thoughts on “Class 7 Assamese Chapter – 2 কালিকা লগা পাট-কাপােৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top