Class 7 Assamese Chapter – 8 মিছাইল মানৱ Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 8 মিছাইল মানৱ Solution select needs one.
Assam Class 7 Assamese Chapter – 8 মিছাইল মানৱ Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.
SEBA Class 7 Assamese Chapter – 8 মিছাইল মানৱ
The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 8 মিছাইল মানৱ
মিছাইল মানৱ
পাঠ: ৮
ক— পাঠভিত্তিক ক্রিয়া
প্রশ্ন ১। উত্তৰ দিয়া
( ক )’মিছাইল মানৱ’ নামেৰে কাক জনা যায় ?
উত্তৰঃ ‘ মিছাইল মানৱ ’ নামেৰে ভাৰতৰত্ন এ. পি. জে. আব্দুল কালামক , জনা যায় ।
( খ ) সফলতাৰে ভাৰতৰ ভূমিত প্রথম উৎক্ষেপণ কৰা কৃত্রিম উপগ্ৰহটোৰ নাম কি ?
উত্তৰঃ সফলতাৰে ভাৰতৰ ভূমিত প্রথম উৎক্ষেপণ কৰা কৃত্রিম উপগ্ৰহটোৰ নাম হ’ল- ৰােহিণী উপগ্রহ ।
( গ ) আব্দুল কালামে শেষ নিশ্বাস কত ত্যাগ কৰিছিল ?
উত্তৰঃ আব্দুল কালামে ২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙত শেষ নিশ্বাস কত ত্যাগ কৰিছিল ।
( ঘ ) তেখেতৰ মতে শিশুৰ বাবে আদর্শ নায়ক কোন কোন ?
উত্তৰঃ তেখেতৰ মতে শিশুৰ ১৫ বছৰ বয়সলৈকে পিতৃ – মাতৃ , প্রাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদর্শ নায়ক ।
প্রশ্ন ২। উত্তৰ লিখা :
( ক ) “ সপােন দেখা , সপােন দেখা , সপােনেই চিন্তালৈ পৰিবৰ্তন হ’ব আৰু চিন্তাৰ ফলশ্রুতিয়েই হ’ল কাম — এই কথাষাৰি কোনে কাক কৈছিল ?
উত্তৰঃ “ সপােন দেখা , সপােন দেখা , সপােনেই চিন্তালৈ পৰিবৰ্তন হ’ব আৰু চিন্তাৰ ফলশ্রুতিয়েই হ’ল কাম — এই কথাষাৰি এ.পি.জে. আব্দুল কালামে অকণিহঁতক উপদেশ দিবলৈ গৈ এনেদৰে কৈছিল ।
( খ ) তেখেত কি বিষয়ত অনুৰাগী আছিল ?
উত্তৰঃ তেখেত বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ উপৰি সংগীত আৰু সাহিত্য বিষয়ত অনুৰাগী আছিল ।
( গ ) আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্রভাৱান্বিত কৰিছিল ?
উত্তৰঃ আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই প্রভাৱান্বিত কৰিছিল ।
( ঘ ) মনে – প্রাণে ভাৰতক তেখেতে কি হােৱাটো বিচাৰিছিল ?
উত্তৰঃ মনে – প্রাণে ভাৰতক তেখেতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্র হােৱাটো বিচাৰিছিল ।
প্রশ্ন ৩। শব্দৰ লগত অর্থ মিলােৱা —
উত্তৰঃ উৎপেক্ষণ :- প্রচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা ।
প্রজ্বলিত :- বৰকৈ জ্বলা ( জুই ) ।
আভ্যন্তৰীণ :- ভিতৰুৱা ।
বিচক্ষণ :- পাৰ্গত , উত্তম ।
অদম্য :- যাক দমাব বা বশ কৰিব নােৱাৰি ।
দিগন্ত :- দিগবলয় , আকাশৰ সীমা ।
ভূষণ :- অলংকাৰ ।
নিৰীক্ষণ :- দূৰৈৰ পৰা ভালকৈ চোৱা ।
খ — ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ )
প্রশ্ন ৪। তলত উল্লেখ কৰা শব্দবােৰত কি বিধিমতে ‘ণ’ আৰু ‘ষ’ ব্যৱহাৰ হৈছে কোৱা ।
প্রাণ , ভূষণ , ৰােহিণী , বিচক্ষণ , উৎক্ষেপণ , আভ্যন্তৰীণ ।
উত্তৰঃ
প্রাণ,আভ্যন্তৰীণ :- ৰ’ ৰ পিছত বহা কাৰণে মূর্ধন্য – ‘ণ ’ হৈছে ।
ভূষণ :- ‘ষ’ ৰ পিছত বহাৰ কাৰণে মূর্ধন্য – ‘ণ ’ হৈছে ।
ৰােহিণী , বিচক্ষণ আৰু উৎক্ষেপণ :- ঋ , ৰ , ষ আৰু ন-ৰ মাজত কোনাে স্বৰবৰ্ণ ; ক – বর্গ , প – বর্গ বা য , ৱ , হ , য় বা ‘্ ’ অনুস্বৰ থাকিলেও দন্ত্য ন মূর্ধন্য ‘ ণ ’ হৈছে ।
প্রশ্ন ৫। ণত্ববিধিৰ নিয়ম খটুৱাই তলৰ শব্দবােৰত ‘ণ’ বা ‘ন’ বহুৱাই পূৰ কৰা ৷
ৰ– , ধ –, তৃ– , বর্জ– , শ্ৰৱ– , কৃপ–, পঠ– , ৰঞ্জ– , ৰাৱ– , বিভীষ– , ৰামায় —, কীর্ত— ।
উত্তৰঃ ৰণ , ধন , তৃণ , বর্জন , শ্ৰৱণ , কৃপণ , পঠন , ৰঞ্জন , ৰাৱণ , বিভীষণ , ৰামায়ণ , কীর্তন ।
S.L. No. | Contents |
পাঠ-1 | তেজৰে কমলাপতি |
পাঠ-2 | কালিকা লগা পাট-কাপােৰ |
পাঠ-3 | আনন্দৰাম বৰুৱা |
পাঠ-4 | জনমভূমি |
পাঠ-5 | বিজ্ঞান আৰু আমাৰ |
পাঠ-6 | নোকোৱাৰ পৰিণাম |
পাঠ-7 | জতুৱাৰ জঁট |
পাঠ-8 | মিছাইল মানৱ |
পাঠ-9 | অসম |
পাঠ-10 | প্রত্যাহ্বান |
পাঠ-11 | গছ ভালপােৱা ককাৰ খং |
পাঠ-12 | নামৰ বেবেৰিবাং |
পাঠ-13 | প্ৰাকৃতিক দুৰ্যোগ |
পাঠ-14 | বিদ্যা |
পাঠ-15 | গড়গাঁও |
প্রশ্ন ৬। তলত দিয়া শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা ।
জাগ্রত , সফলতা , কৃত্রিম , উৎসাহ , সুপ্ত , অক্ষম ।
উত্তৰঃ
জাগ্রত | সুপ্ত । |
সফলতা | বিফলতা । |
কৃত্রিম | অকৃত্রিম । |
উৎসাহ | নিৰুৎসাহ । |
সুপ্ত | জাগ্রত । |
সক্ষম | সক্ষম । |
প্রশ্ন ৭। বাক্য ৰচনা কৰা
মনে – প্রাণে , শয়নে – সপােনে , আকাশী পথ , অদম্য ইচ্ছা , বিনিময় ।
উত্তৰঃ মনে – প্রাণে :- মনে – প্রাণে কৰিলেহে কামত সফলতা পাব পাৰি ।
শয়নে – সপােনে :- শয়নে – সপােনে চিন্তা কৰিলেহে ভাল কথাৰ সূত্ৰ উলিয়াব পাৰি ।
আকাশী পথ :- উৰা জাহাজবােৰ আকাশী পথেৰে চলাচল কৰে ।
অদম্য ইচ্ছা :- অদম্য ইচ্ছা আৰু চেষ্টা থাকিলেহে আশা কৰা ফল পাব পাৰি ।
বিনিময় :- কঠোৰ শ্ৰম কৰাৰ বিনিময়ত সি চাকৰিটো পালে ।
প্রশ্ন ৮। প্রশ্নত দিয়া মতে শব্দ গঠন কৰি নতুন শব্দটিৰ অৰ্থ লিখা ।
প্র + চেষ্টা উৎ + ক্ষেপণ প্র + ক্ষেপণ
উৎ + পীড়ন প্র + জ্বলিত উৎ + সাহ
উত্তৰঃ প্র + চেষ্টা = প্রচেষ্টা :- প্রয়াস , যত্ন ।
প্র + ক্ষেপণ = প্রক্ষেপণ :- জোৰেৰে দলিয়াই বা মাৰি পঠিওৱা ।
প্র + জ্বলিত = প্রজ্বলিত :- বৰকৈ জ্বলা ( জুই ) ।
উৎ + ক্ষেপণ = উৎক্ষেপণ :- প্রচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা ।
উৎ + পীড়ন = উৎপীড়ন :- অত্যাচাৰ , উপদ্ৰৱ ।
উৎ + সাহ = উৎসাহ :- আনন্দৰে কামলৈ আগবাঢ়ি যােৱা ভাব , উদ্যোগ ।
‘ গ ’ জ্ঞান সম্প্রসাৰণ
প্রশ্ন ৯। আব্দুল কালামৰ মতে পিতৃ – মাতৃ আৰু শিক্ষকসকল আদৰ্শৰ নায়ক । তােমাৰ নিজৰ আদৰ্শৰ নায়ক কোন ?
উত্তৰঃ মােৰ আদৰ্শৰ নায়ক হ’ল— মােৰ মা – দেউতা আৰু পূজনীয় শিক্ষাগুৰুসকল ।
প্রশ্নোত্তৰ ১০। ছবিখনলৈ ভালদৰে নিৰীক্ষণ কৰি আলােচনা কৰা আৰু লিখিবলৈ চেষ্টা কৰা ৷ প্রয়ােজনত শিক্ষক – শিক্ষয়িত্ৰীৰ পৰা সহায় ল’বা ।
প্রশ্ন ১১। তােমালােকে ব্যৱহাৰ কৰা ঘড়ী, কলম, ফোন, ৰেডিঅ’, দূৰদৰ্শন, বে’লগাড়ী, উৰাজাহাজ আদিৰ আৱিষ্কাৰকৰ তথ্য সংগ্রহ কৰি আৱিষ্কাৰক আৰু চন উল্লেখ কৰা –
উত্তৰঃ
সামগ্ৰীৰ নাম | আৱিষ্কাৰকৰ নাম | আৱিষ্কাৰৰ চন |
১. ঘড়ী | খ্রীষ্টিয়ান হাইজেনচ | ১৬৫৭ |
২. কলম | লুই এডছন ৱাটাৰমেন | ১৮৮৪ |
৩. ফোন | ছেমুৱেল আলেকজেণ্ডাৰ গ্রাহাম | ১৮৭৬ |
৪. ৰেডিঅ’ | গুগ্লিয়েলমা মাৰ্কিন | ১৮৯৫ |
৫. দূৰদৰ্শন | জন লােগি বেয়ার্ড | ১৯২৫ |
৬. ৰে’লগাড়ী | জেমছ ৱাট | ১৭৬৯ |
৭. উৰাজাহাজ | উইলবাৰ ৰাইট আৰু আৰভিল ৰাইট | ১৯০৩ |
৮. ছপা যন্ত্ৰ | যােহান গুটেনবার্গ | ১৪৫৫ |
৯. চিলাই কল | টমাছ ছেন্ট | ১৭৯০ |
১০. বাইচাইকেল | জন ডেনিছ | ১৮১৭-১৮ |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.