Class 7 Assamese Chapter – 10 প্রত্যাহ্বান Solution

Class 7 Assamese Chapter – 10 প্রত্যাহ্বান Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 10 প্রত্যাহ্বান Solution select needs one.

Join Telegram channel

Assam Class 7 Assamese Chapter – 10 প্রত্যাহ্বান Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 10 প্রত্যাহ্বান Solution

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 10 প্রত্যাহ্বান Solution

প্রত্যাহ্বান

পাঠ: ১০

‘ ক ’ পাঠভিত্তিক ক্রিয়া 

প্রশ্ন ১। পাঠটোৰ তিনিওটা খণ্ডৰ পৰা লােৱা তলৰ প্রশ্নবােৰৰ উত্তৰ দিয়া । 

( ক ) সৰু কালত প্রিন্সি গগৈয়ে ওচৰ – চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল ?

উত্তৰঃ সৰু কালত প্রিন্সি গগৈয়ে ওচৰ – চুবুৰীয়া আৰু সমাজৰ কিছুমানৰ পৰা সহমর্মিতা পাইছিল আৰু কিছুমানে তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল । 

( খ ) বিদ্যালয়ত নামভর্তি কৰোঁতে প্রিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল ? 

উত্তৰঃ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ যাওঁতে প্রিন্সি গগৈক এখন বিদ্যালয়ে নামভৰ্তি কৰিবলৈ দিয়া নাছিল । পিছত সােণাৰিৰ ৰজাটপ প্রাথমিক বিদ্যালয়ে তেওঁক নামভৰ্তি কৰাৰ সুবিধা দিছিল । 

( গ ) পঢ়া – শুনাৰ লগতে প্রিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছে ? 

উত্তৰঃ পঢ়া – শুনাৰ লগতে প্রিন্সি গগৈৰ ছবি আঁকা আৰু গান গােৱাত ৰাপ আছে । 

( ঘ ) দুর্ঘটনাত পতিত হােৱাৰ পাছত জুলী বৰুৱাৰ মনত কি ভাব জাগি উঠিছিল ? 

উত্তৰঃ দুর্ঘটনাত পতিত হােৱাৰ পাছত জুলী বৰুৱাৰ মনত হতাশ ভাব জাগি উঠিছিল । সীমাহীন বিষাদ – বেদনাই তেওঁক আৱৰি ধৰিছিল । 

( ঙ ) সংগ্রামজ্যোতিয়ে ক’ত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল ? 

উত্তৰঃ সংগ্রামজ্যোতিয়ে ‘ গুৱাহাটী আর্টিষ্ট গীল্ড’ত চিত্রকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল । 

( চ ) ‘আপােনাৰ দৰে মােৰাে দুখন হাত আছিল’ কবিতাটি কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ আপােনাৰ দৰে মােৰাে দুখন হাত আছিল’ কবিতাটি জুলীবৰুৱাই ৰচনা কৰিছিল । 

( ছ ) সংগ্রামজ্যোতি কি বিষয়ত পাৰদৰ্শী ? 

উত্তৰঃ সংগ্রামজ্যোতি চিত্রাংকন বিষয়ত পাৰদর্শী । 

২। উত্তৰ লিখাঃ 

( ক ) কোনখন বিদ্যালয়ে প্রিন্সি গগৈক আঁকোৱালি লৈছিল লৈছিল । 

উত্তৰঃ ‘ সােণাৰি’ৰ ৰজাটপ প্রাথমিক বিদ্যালয়ে প্রিন্সি গগৈক আঁকোৱালি লৈছিল ।

( খ ) এজোপা বৰগছ হৈ ছা দিব বিচাৰোঁ ।’— ইয়াত জুলী বৰুৱাই কাক আৰু কিয় ছাঁ দিব বিচাৰিছে ? 

উত্তৰঃ ইয়াত জুলী বৰুৱাই সমাজত অনাদৰ অৱহেলাৰ মাজত জীয়াই থকা দিব্যাংগসকলক ইতিবাচক কিবা এটা দিয়াৰ ছাঁ দিব বিচাৰিছে ? সেই ছাঁ হৈছে তেওঁলােকৰ বাবে অন্ন , বস্ত্ৰ আৰু আৱাস নিশ্চিত কৰা ।

প্রশ্ন ৩। সংগ্রাম জ্যোতিয়ে বর্ণময় আৰু প্ৰাণৱন্ত ৰূপত চিত্র অংকন কৰি নিজে কেনেকৈ সফলতা অর্জন কৰিলে , সেই বিষয়ে লিখা । 

উত্তৰঃ সংগ্রামজ্যোতিয়ে চিত্রাংকন প্রতি আগ্রহী হৈ গুৱাহাটী আর্টিষ্ট গীল্ড’ৰ পৰা পাঁচ বছৰীয়া ডিপ্লমা লাভ কৰাৰ পাছত নিজাব্বীয়াকৈ ‘চিত্রাংকন কলা কেন্দ্র’ খুলি তাত ব্যস্ত হৈ পৰে । তেওঁ এখনৰ পাছত আন এখন চিত্রবর্ণময় আৰু প্ৰাণৱন্তৰূপত অংকন কৰি নিজৰ বিৰল প্রতিভাৰ পৰিচয় দিয়ে । তেওঁ সৰ্বভাৰতীয় পর্যায়ত অনেক বঁটা পাবলৈ সক্ষম হৈছে । আনকি আন্তঃৰাষ্ট্ৰীয় পর্যায়তাে , বিশেষকৈ জাপান , ফ্রান্স আদি দেশতাে তেওঁ সমাদৰ পাবলৈ সক্ষম হৈছে ।  

‘খ’ ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ ) 

প্রশ্ন ৪। বিপৰীতার্থক শব্দ লিখা । 

এন্ধাৰ , সফল , স্বাভাৱিক , জাগ্রত , অমংগল , সক্ষম , আনুষ্ঠানিক । 

উত্তৰঃ

এন্ধাৰপােহৰ
সফলবিফল 
স্বাভাৱিকঅস্বাভাৱিক
জাগ্রতসুপ্ত
অমংগলমংগল
আনুষ্ঠানিকঅনানুষ্ঠানিক

প্রশ্ন ৫। যুৰীয়া শব্দবােৰ পাঠৰ পৰা বিচাৰি লিখাঃ 

উত্তৰঃ মুখামুখি , বাধা-বিবাদ , বাধা-বিঘিনি , বিষাদ-বেদনা , ধোঁৱা-কোৱা , লেখা-মেলা , কলা- কীর্তি , গতি-পথ । 

প্রশ্ন ৬। বাক্য ৰচনা কৰা : 

 আনুষ্ঠানিক , গতিপথ , প্রচেষ্টা , যন্ত্রণা , কর্তব্য , প্রশংসা । 

উত্তৰঃ

আনুষ্ঠানিক :- স্কুলীয়া শিক্ষাক আনুষ্ঠানিক শিক্ষা বােলে । 

গতিপথ :- দুর্ভাগ্যবশতঃ জুলী বৰুৱাই হাত দুখন হেৰুওৱাবলগীয়া হােৱাত তেওঁৰ জীৱনৰ গতিপথেই সলনি হৈ গ’ল ।

প্ৰচেষ্টা :- কর্মত একান্ত প্রচেষ্টা থাকিলে সফলকাম হ’ব পাৰি ।

যন্ত্ৰণা :- দিব্যাংগসকলৰ জীৱন নির্বাহৰ যন্ত্রণা সকলােৱে অনুভৱ কৰা উচিত । 

কৰ্তব্য :- নিজ কর্তব্যৰ প্রতি কেতিয়াও অৱহেলা কৰিব নালাগে । 

প্ৰশংসা :- ভাল কামত সমাজৰ পৰা প্রশংসা পায় । 

S.L. No.Contents
পাঠ-1তেজৰে কমলাপতি
পাঠ-2কালিকা লগা পাট-কাপােৰ
পাঠ-3আনন্দৰাম বৰুৱা
পাঠ-4জনমভূমি
পাঠ-5বিজ্ঞান আৰু আমাৰ
পাঠ-6নোকোৱাৰ পৰিণাম
পাঠ-7জতুৱাৰ জঁট
পাঠ-8মিছাইল মানৱ
পাঠ-9অসম
পাঠ-10প্রত্যাহ্বান
পাঠ-11গছ ভালপােৱা ককাৰ খং
পাঠ-12নামৰ বেবেৰিবাং
পাঠ-13প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14বিদ্যা
পাঠ-15গড়গাঁও

‘ গ ’ জ্ঞান সম্প্রসাৰণ 

প্রশ্ন ৭। আত্মাবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে , সেই কথা পাঠৰ সহায়ত বুজাই লিখা । 

উত্তৰঃ আত্মবিশ্বাস থাকিলে মানুহে হাজাৰ বিপদ আহিলেও , হাজাৰ সমস্যাই আগুৰি ধৰিলেও তাক সহজে অতিক্রম কৰি জীয়াই থকাৰ প্ৰেৰণা পাব পাৰে । পাঠত তিনিগৰাকী দিব্যাংগৰ উদাহৰণে এই কথা প্রতিপন্ন কৰিছে । 

প্রিন্সি গগৈৰ জন্মৰে পৰাই দুয়ােখন হাতেই নাছিল । ইয়াকে দেখি বহুতেই তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল । ইমানবােৰৰ মাজতাে গগৈয়ে জীয়াই থকাৰ সপােন দেখিছিল । সেইমর্মে একমাত্র আত্মবিশ্বাসৰ বলতেই ভৰিৰে লিখিবলৈ লৈ তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে । 

সেইদৰে জুলীৰুৱাই পঢ়ি থকা অৱস্থাতে দুর্ঘটনাত দুয়ােখন হাত হেৰুৱাই প্ৰথমতে হতাশাত ভাগি পৰিছিল যদিও একমাত্র আত্মবিশ্বাসত দৃঢ় থাকি কৃত্রিম হাতেৰে পঢ়া শুনা কৰি বৰ্তমান অসম চৰকাৰৰ তথ্য আৰু জনসংযােগ বিভাগত সহকাৰী গৱেষণ বিষয়া হিচাপে কাম কৰি আছে । 

সংগ্রামজ্যোতি চৌধুৰী এজন মূকবধিৰ ব্যক্তি । ইয়াৰ বাবে তেওঁ হতাশ নহৈ চিত্রাংকন বিদ্যাত একাণপতীয়াকৈ লাগি অসমতে নহয় ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে । এয়া সম্ভৱ হৈছে একমাত্র নিজৰ ওপৰত থকা আত্মবিশ্বাস , আত্ম প্রত্যয় । বিশ্বত এনে উদাহৰণ অনেক আছে । 

দিব্যাংগসকল সর্বাংগীন উন্নতিৰ বাবে অসম সর্বশিক্ষা অভিযান মিছনে লােৱা কেইটামান পদক্ষেপৰ বিষয়ে উল্লেখ কৰা হ’ল—

( ১ ) দিব্যাংগ বা বিশেষভাৱে সক্ষম শিশু চিনাক্তকৰণ ।

( ২ ) বিদ্যালয়ত নামভৰ্তিকৰণ ।

( ৩ ) সমল শিক্ষক নিয়ােগ ।

( ৪ ) বিশেষভাৱে সক্ষম ছাত্রীক বৃত্তি প্রদান ।

( ৫ ) দৃষ্টি বাধাগ্রস্তসকলৰ বাবে ব্রেইল পাঠ্যপুথি , ব্রেইল শিক্ষণ – শিকন সামগ্রী যােগান । আৰু

( ৬ ) সহায়ক সা – সঁজুলি , যেনে শ্ৰৱণ যন্ত্র , হুইলচেয়াৰ , তিনিচুকীয়া চাইকেল , ফেন ইত্যাদি বিতৰণ । 

প্রশ্ন ৮। বিশেষভাৱে সক্ষম বা দিব্যাংগসকলৰ প্ৰতি থকা অৱহেলাৰ ভাব আঁতৰ কৰিবলৈ তুমি কি কি কৰিবা ? 

উত্তৰঃ দিব্যাংগ বা বিশেষভাৱে সক্ষমসকল সমাজৰে অংগ আৰু সমাজত জীয়াই থকাৰ তেওঁলােকৰাে অধিকাৰ আছে । তেওঁলােক সাধাৰণ মানুহৰ দৰে সক্ষম নহ’লেও বিশেষ এক ধৰণে সক্ষম আৰু আত্মবিশ্বাসেৰে কৰ্ম কৰি জীয়াই থাকে । সেয়ে এনে লােকক মই যথেষ্ট আদৰ আৰু সন্মান কৰো । তেওঁলােকক মই ভাই – ভনীৰ দৰে মৰম – চেনেহ কৰিম আৰু প্ৰয়ােজনত যেনেভাবে পাৰোঁ তেনেভাৱে সহায় কৰিম । মই তেওঁলােকক কেতিয়াও অৱহেলা নকৰিম । আনকো অৱহেলা নকৰিবলৈ , মৰম চেনেহেৰে আঁকোৱালি ল’বলৈ বুজাম ।

ঘ – প্রকল্প 

[ প্রশ্ন ৯ আৰু ১০ ৰ মতে শিক্ষক – শিক্ষয়িত্ৰীৰ সহায় লৈ সাক্ষাৎকাৰৰ আহি প্রস্তুত কৰিবা আৰু তথ্য সংগ্রহ কৰি শ্ৰেণীকোঠাত পঢ়ি শুনাবা । ]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top