Class 7 Assamese Chapter – 13 প্ৰাকৃতিক দুৰ্যোগ

Class 7 Assamese Chapter – 13 প্ৰাকৃতিক দুৰ্যোগ Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 13 প্ৰাকৃতিক দুৰ্যোগ Solution select needs one.

Join Telegram channel

Assam Class 7 Assamese Chapter – 13 প্ৰাকৃতিক দুৰ্যোগ Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 13 প্ৰাকৃতিক দুৰ্যোগ Solution

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 13 প্ৰাকৃতিক দুৰ্যোগ Solution

প্ৰাকৃতিক দুৰ্যোগ

পাঠ: ১৩

ক – পাঠভিত্তিক ক্রিয়া 

 প্রশ্ন ১। উত্তৰ দিয়া :

( ক ) অসমত প্রলংকৰী ভূমিকম্প হােৱা চন দুটা কি কি ? 

উত্তৰঃ অসমত প্রলংকৰী ভূমিকম্প হােৱা চন দুটা হ’ল – ১৮৯৭ চন আৰু ১৯৫০ চন । 

( খ ) ১৮৯৭ চনত অসমত হােৱা ভূমিকম্পৰ উৎপত্তি স্থল ক’ত আছিল ? 

উত্তৰঃ ১৮৯৭ চনত অসমত হােৱা ভূমিকম্পৰ উৎপত্তি স্থল – খাচীয়া – জয়ন্তীয়া পাহাৰ আছিল । 

( গ ) ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল ? 

উত্তৰঃ ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত ভূমিকম্প হৈছিল ।

( ঘ ) কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্রকোপ বাঢ়িল ? 

উত্তৰঃ ১৯৫০ চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্রকোপ বাঢ়িল ।

২। তলৰ প্রশ্ন কেইটি আলােচনা কৰি উত্তৰ দিয়াঃ 

( ক ) চানডুবি বিল কেনেকৈ সৃষ্টি হ’ল ? 

উত্তৰঃ ১৮৯৭ চনৰ ভূইকপতেই কেইবাখনাে পাহাৰ তললৈ বহি গৈ চানডুবি বিলৰ সৃষ্টি হৈছিল । 

( খ ) ১৯৫০ চনৰ ভূমিকম্পৰ ফলত অসমত কি কি পৰিবর্তন হৈছিল ? 

উত্তৰঃ ১৯৫০ চনৰ ভূমিকম্পৰ ফলত গছ – গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল । ফলত অসমত প্রলয়ংকৰী বানপানী হৈছিল আৰু বহুত নদীৰ গতিপথ সলনি হৈছিল ।

( গ ) ছুনামি কি ? 

উত্তৰঃ সাগৰত হােৱা ভূমিকম্প , আগ্নেয়গিৰি উদৰ্গীৰণ আৰু সমুদ্রগর্ভৰ আলােড়নৰ কাৰণে পানীৰ ওচৰত সৃষ্টি হােৱা প্রবল ঢৌক ছুনামি বুলি কোৱা হয় । 

( ঘ ) ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্রভাৱ পেলাইছিল ? 

উত্তৰঃ ভাৰতবৰ্ষত ২০০৪ চনৰ ২৬ ডিচেম্বৰত ভাৰত মহাসাগৰত হােৱা ছুমিয়ে শ্রীলংকা , ইণ্ডোনেছিয়া আদি দেশৰ লগতে ভাৰতবৰ্ষৰ তামিলনাড়ু , আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি অঞ্চলত প্ৰভাৱ পেলাইছিল । 

খ – ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ )

প্রশ্ন ৩। তলৰ শব্দকেইটাৰে বাক্য সাজা :

 পাহাৰ , আনন্দ , বনভােজ , আতংক , চানডুবি বিল , ভূমিকম্প 

উত্তৰঃ

পাহাৰ :- অসমত বহুতাে পাহাৰ আছে । 

আনন্দ :- উৎসৱত সকলােৱে আনন্দ কৰে । 

বনভােজ :- প্রতিবছৰে ছাত্ৰ – ছাত্ৰীসকলে বনভােজ খাবলৈ যায় । 

আতংক :- ভূমিকম্পৰ তীব্র জোকাৰণিয়ে আতংকৰ সৃষ্টি কৰে ।

চানডুবি বিল :- ১৮৯৭ চনৰ ভূমিকম্পৰ ফলত পাহাৰবােৰ তললৈ বহি গৈ চানডুবি বিলৰ সৃষ্টি হৈছিল । 

ভূমিকম্প :- ভূমিকম্পৰ ফলত অনেক ক্ষয় – ক্ষতি হয় ।

প্রশ্ন ৪। উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অভিধান চাই অর্থ জানি লােৱা । 

উত্তৰঃ 

সাৱধান + তা = সাৱধানতাঅর্থ – সতর্কতা , তৎপৰতা
বিচ্ছিন্ন + তা = বিচ্ছিনতাঅর্থ— বেলেগ , এৰা এৰি 
বিভিন্ন + তা = বিভিন্নতাঅর্থ – নানানতা
বিশাল + তা = বিশালতাঅর্থ – বিস্তৃতি , বৃহত্তম 
প্ৰসাৰ + তা = প্ৰসাৰতাঅর্থ – বিস্তাৰিত

প্রশ্ন ৫। তলৰ বাক্য কেইটাৰ পৰা অব্যয় পদবােৰ বাছি উলিয়াই লিখা । 

উত্তৰঃ 

হেৰা মনু , তুমি কেনেকৈ যাবা ?সম্বােধনবােধক ।
বাছ বা ৰিস্কাৰে যামবিয়ােজক অব্যয় । 
পিছে মই এতিয়া নাযাওঁ দিয়াসময়সূচক অব্যয় ।
উঃ আজি যে কি গৰম !ভাববােধক অব্যয় ।
মােক ঠাণ্ডা পানী এগিলাচ দিবা নে ?প্রশ্নবােধক অব্যয় । 
হয় , দিছোঁ ৰবাসন্মতিসূচক অব্যয় । 
তুমি কাৰ লগত বজাৰলৈ যাবা ? প্রশ্নবােধক অব্যয় ।
মই আৰু শেৱালি একেলগে যামসংযােজক অব্যয় ।

প্রশ্ন ৬। পাঠত থকা যুৰীয়া শব্দবােৰ বিচাৰি লিখা । 

উত্তৰঃ পাঠত থকা যুৰীয়া শব্দবােৰ হ’ল— চহৰ – নগৰ , ঘৰ – দুৱাৰ , হাজাৰ – হাজাৰ , লাহে লাহে , জম্মু – কাশ্মীৰ , মুখে মুখে , উঠা নমা , ক্ষয় – ক্ষতি , আলৈ – আহুকাল । 

S.L. No.Contents
পাঠ-1তেজৰে কমলাপতি
পাঠ-2কালিকা লগা পাট-কাপােৰ
পাঠ-3আনন্দৰাম বৰুৱা
পাঠ-4জনমভূমি
পাঠ-5বিজ্ঞান আৰু আমাৰ
পাঠ-6নোকোৱাৰ পৰিণাম
পাঠ-7জতুৱাৰ জঁট
পাঠ-8মিছাইল মানৱ
পাঠ-9অসম
পাঠ-10প্রত্যাহ্বান
পাঠ-11গছ ভালপােৱা ককাৰ খং
পাঠ-12নামৰ বেবেৰিবাং
পাঠ-13প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14বিদ্যা
পাঠ-15গড়গাঁও

গ জ্ঞান সম্প্ৰসাৰণ 

উত্তৰ দিয়াঃ 

প্রশ্ন ৭। তােমালােকে ভূমিকম্প , বানপানী আৰু ধুমুহা – বতাহ আদিৰ পৰা পােৱা অভিজ্ঞতা সমূহ কোৱা । 

উত্তৰঃ আমি ডাঙৰ ভূমিকম্প পােৱা নাই যদিও সৰু আৰু মধ্যম ধৰণৰ ভূমিকম্প পাইছোঁ । ভূমিকম্প হলে আমি ভয়তে ঘৰৰ ভিতৰৰ পৰা ওলাই আহি মা – দেউতাহঁতৰ ওচৰত খালী ঠাইত ৰওঁহি । মা – দেউতাহঁতে ভগবানৰ নাম লােৱা দেখিলে আমি ভয়তে ভগৱানৰ নাম লওঁ । কিছুমানে আকৌ হৰি বােল হৰি বোল বুলি হৰিধ্বনি দিয়া শুনাে , —নামঘৰত নাগাৰাতাে কোবাই শব্দ কৰা শুনাে । 

বানপানীয়ে গােটেইবােৰ ঠাই , ঘৰ – চোতাল , বাট – পথ বুৰাই পেলালে আমাৰ তেতিয়াও ভয় লাগে । মানুহ আৰু পােহনীয়া জীৱ – জন্তুৰ বিলাই – বিপত্তি দেখিলে বৰ দুখ লাগে । বান সাহায্যৰ ক্ষেত্ৰতাে খেলিমেলি হােৱা দেখিলে খঙো উঠে , বেয়াও লাগে । সাহায্য পাব লগা বিলাকে নাপায় , নাপাবলগীয়াবােৰে পােৱাতহে ইয়াৰ গুৰি ধৰোঁতা সকললৈ ঘৃণা ওপজে । 

বতাহ – ধুমুহা আহিলে জীৱটো বুকুত লৈ ঘৰৰ ভিতৰত সােমাই থাকো যদিও আমাৰ , মানুহবােৰৰ সাধাৰণ ঘৰ – দুৱাৰবােৰ উৰুৱাই নিনিবলৈ ভগৱানৰ ওচৰত প্রার্থনা জনাওঁ । প্ৰৱল ধুমুহা বতাহে ভাগি থৈ যােৱা গছ – গছনি আৰু ঘৰ দুৱাৰবােৰ দেখিবৰ দুখ লাগে । 

প্রশ্ন ৮। ভূমিকম্পৰ সময়ত মাৰা – দেউতাৰাই তােমালােকক কি কি কৰিবলৈ কয় ? 

উত্তৰঃ ভূমিকম্পৰ সময়ত মা – দেউতাই আমাক তুৰন্তে ঘৰৰ বাহিৰ হৈ আহি মুকলি ঠাইত বহি থাকিবলৈ কয় । দৌৰা – দৌৰি নকৰিবলৈ আৰু ওখ অট্টালিকা , গছ গছনিৰ ওচৰলৈ নাযাবলৈ কয় । লাইটৰ , চিলিণ্ডাৰৰ চুইচ বন্ধ কৰিবলৈ , জুই থাকিলে তৎক্ষণাত পানী ঢালি নুমাই থবলৈ কয় । 

প্রশ্ন ৯। তলৰ ছবিখন চাই তাৰ আলমত পাঁচশাৰী বাক্য লিখি ছবিখনৰ নামকৰণ কৰা । 

উত্তৰঃ [ ছবিখন পাঠ্যপুথিত চাই লােৱা । (পাঠ্যপুথি) ] 

ছবিখনৰ নামকৰণ— “ কৃত্রিম বান ” পাঁচশাৰী বাক্য– 

( ১ ) ল’ৰা ছােৱালীবােৰ স্কুললৈ যােৱাৰ সময়তেই প্রবল ধাৰে বৰষুণ আহিল । 

( ২ ) ফলত গােটেই চহৰখনৰ বাটপথ বুৰি গ’ল । 

( ৩ ) গাড়ী – মটৰবােৰাে চকা ডুবি যােৱাত চলাব নােৱাৰি ঠায়ে ঠায়ে ৰৈ থাকিল । 

( ৪ ) আলৰ বুঢ়া – বুঢ়ী দুগৰাকীয়ে টোকন ধৰি এজনী সৰু – ছােৱালীৰ হাতত ধৰি কোনাে কমে লাহে লাহে পানী আৰু বৰষুণৰ মাজেৰে গৈ আছে । 

( ৫ ) মাকহঁতে ল’ৰা – ছােৱালীৰ বেগবােৰ এহাতে লৈ আনহাতেৰে সিহঁতক ধৰি তিতি বুৰি পানীৰ মাজেৰে যাবলৈ চেষ্টা কৰিছে । 

প্রশ্ন ১০।ভূমিকম্পৰ ধ্বংসলীলা বা বানপানীৰ ধ্বংসলীলা সম্পর্কে বর্ণনা কৰি প্রত্যেকেই একোটা গল্প , কবিতা , বা দফা প্রস্তুত কৰা । 

উত্তৰঃ বানপানীৰ ধ্বংসলীলাৰ বিষয়ে এটি দফা 

     বানপানী প্রবল হলে তাৰ ধ্বংসলীলাও প্রবল হয় । বানপানীয়ে পথাৰৰ খেতি বাতি সমূলি নষ্ট কৰে । খেতিয়কৰ হাহাকাৰ লাগে । ঘৰ – দুৱাৰ ভাঙি লৈ যায় । ঘৰৰ সা – সম্পত্তি , ভঁৰালৰ ধান এইবােৰাে নষ্ট হয় । বাৰীৰ পাণ সমূদায় মাৰি পেলায় । পাচলি , অমিতা , হালধি আদা আদি নিমিষতে নষ্ট কৰি পেলায় । ৰাস্তা পদূলি নষ্ট কৰি , দলং আদি ভাঙি উটুৱাই নি যাতায়াত একেবাৰে বন্ধ কৰি পেলায় । নৈৰ মথাউৰি ভাঙি খেতি পথাৰ নষ্ট কৰাৰ উপৰি অনেকৰ ঘৰ – দুৱাৰ উটুৱাই লৈ যায় । পােহনীয়া , আৰু বনৰীয়া জীৱ – জন্তুৰ নানান অথন্তৰ ঘটাৰ লগতে মৃত্যুৰ মুখতাে পৰে । আশ্রয় শিবিৰত মানুহ আৰু পােহনীয়া জীৱ – জন্তুৱে আশ্রয় ল’বলগীয়া হয় । খাদ্যৰ হাহাকাৰ হয় । বানপানী কমি যােৱাৰ পিচত নানান বেমাৰ মহামাৰিয়ে দেখা দিয়ে । 

প্রশ্ন ১১। প্রশ্নত দিয়া বিষয়ৰ ওপৰত আকস্মিক বক্তৃতা প্রতিযােগিতাত তাংশ গ্রহণ কৰা । প্রয়ােজন হলে শিক্ষকৰ সহায় লব । 

ঘূর্ণীবতাহঃ ঘূর্ণীবতাহে এক প্ৰকাৰ প্রাকৃতিক দুর্যোগ । ভাৰত মহাসাগৰৰ জলপৃষ্ঠৰ ওপৰত বিশাল আকাৰৰ ঘূর্ণী বতাহ মাজে মাজে হৈ থাকে । সাগৰৰ জলপৃষ্ঠত বায়ুমণ্ডলৰ বেছি নিম্নচাপ থকা অঞ্চলক কেন্দ্ৰ কৰিয়েই ঘূর্ণী বতাহৰ সৃষ্টি হয় । পৰিবেশ বিজ্ঞানৰ মতে চক্ৰকাৰে জলপৃষ্ঠৰ ওপৰত ই আৰম্ভ হৈ ১০ মিটাৰমান ওপৰলৈ উঠি তীব্রগতিৰে ঘূৰি ঘূৰি সাগৰীয় উপকূলৰ ফালে গতি কৰে । ‘ ফণী ’ ( Fani ) ও এবিধ ঘূর্ণী বতাহ । ২০১৯ চনৰ ২৬ এপ্রিলত আৰম্ভ হােৱা এই , ঘূর্ণীবতাহটো যথেষ্ট শক্তিশালী আছিল । ইয়াৰ বাবে ক্ষতিগ্রস্ত হােৱা ঠাইসমূহ হৈছে বাংলাদেশ , শ্রীলংকা , পূর্ব ভাৰত । ফণীয়ে ভাৰতৰ ওড়িশাত যথেষ্ট ক্ষতি সাধন কৰিছে । “ বিশ্ববতৰ সংস্থা’ ই ঘূর্ণী বতাহৰ আগজাননী পােৱা মাত্রেই নির্দিষ্ট এলেকালৈ বাতৰি পঠিয়ায় । ইয়াৰ আগজাননী পােৱাৰ লগে লগে চৰকাৰে উপযুক্ত ব্যৱস্থা লয় আৰু তেতিয়া ক্ষয় – ক্ষতিৰ পৰিমাণ হ্রাস পায় । 

ঘ – প্রকল্প

প্রশ্ন ১২। চাৰি / পাঁচজনীয়া দলত লগ হৈ প্রাকৃতিক দুর্যোগৰ ছবিসমূহ ( পুৰণি আলােচনী , বাতৰি কাকতৰপৰা ) সংগ্রহ কৰি এখন চার্ট প্রস্তুত কৰা আৰু শ্ৰেণীকোঠাত আৰি থােৱা । 

উত্তৰঃ [ তােমালােকে নিজে চেষ্টা কৰা । ]

প্রশ্ন ১৩।প্রাকৃতিক দুর্যোগ ( বানপানী / ভূমিকম্প ) ৰ সময়ত ল’ব লগা সাৱধানতাৰ সম্পর্কে লিখি পােষ্টাৰ প্ৰস্তুত কৰা । 

উত্তৰঃ ( ১ ) বানপানীৰ সময়ত :- বানপানী আহিলে ঘৰৰ বয় – বস্তু ওখ ঠাইত থোৱাৰ বা নিৰাপদ ঠাইলৈ নি ৰখাৰ ব্যৱস্থা কৰক । মানুহ আৰু পােহনীয়া জীৱ জন্তুকো ওখ আৰু নিৰাপদ ঠাইলৈ লৈ থকা – মেলা আৰু খােৱা – বােৱাৰ ব্যৱস্থা কৰক । নিঃসহায় আৰু বৃদ্ধ , বেমাৰীলােকক নিৰাপদ ঠাইলৈ যােৱাত বা লৈ যােৱাত সহায় কৰক । বানপানী শেষ হােৱাৰ পিছতাে য’তে ত’তে যাকে তাকে নাখাব , – ৰােগত ভুগিব পাৰে । আঁঠুৱা তৰি শুব । য’তে ত’তে শৌচ – প্রস্বাৱ নকৰিব । 

( ২ ) ভূমিকম্পৰ সময়ত :- ঘৰত ভিতৰত সােমাই নাথাকি মুকলি ঠাইত বহি ৰওক । ঘৰৰ ভিতৰত থাকিলে ঘৰৰ চুক , পালেং মেজ আদিৰ তলত আশ্রয় ল’ব । গছৰ তল আৰু ওখ দালানৰ ওচৰত আশ্রয় নলব । হতাশ নহ’ব , ভয়ত দৌৰা – দৌৰি নকৰিব ।

1 thought on “Class 7 Assamese Chapter – 13 প্ৰাকৃতিক দুৰ্যোগ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top