Class 7 Assamese Chapter – 7 জতুৱাৰ জঁট

Class 7 Assamese Chapter – 7 জতুৱাৰ জঁট Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 7 জতুৱাৰ জঁট Solution select needs one.

Join Telegram channel

Assam Class 7 Assamese Chapter – 7 জতুৱাৰ জঁট Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 7 জতুৱাৰ জঁট

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 7 জতুৱাৰ জঁট

জতুৱাৰ জঁট 

পাঠ: ৭ 

-গগণ চন্দ্র অধিকাৰী

ক – পাঠভিত্তিক ক্রিয়া 

প্রশ্নোত্তৰ -১ , ২। প্রশ্নমতে যতি , বিৰামলৈ লক্ষ্য ৰাখি কবিতাটি শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা । 

প্রশ্ন ৩। কোৱা আৰু লিখা 

( ক ) কবিতাটোৰ মতে আকাশত চাং কোনে পাতে ? 

উত্তৰঃ আকাশত চাং পাতে নপতা ফুকনে । 

( খ ) অহুকাণে – পহুকাণে মানে কি ? 

উত্তৰঃ অহুকাণে – পন্থকাণে মানে হ’ল আৰ তাৰ পৰা ঘুনুক – ঘানাককৈ । 

( গ ) মিটমিট আন্ধাৰত কি দেখে ? 

উত্তৰঃ ঘিটমিট আন্ধাৰত ভূত দেখে ।

( ঘ ) কোনবােৰ লােকে বৰ ভয় খায় ? 

উত্তৰঃ অলপ – ধতুৱাবোৰে বৰ ভয় খায় । 

( ক ) কবিয়ে কাক বুধিত টোকোনা বুলি কৈছে ? 

উত্তৰঃ ফকৰা – যােজনা নজনা , নিশিকা লােকবিলাক বুধিত টোকোনা বুলি কবিয়ে  কৈছে । 

প্রশ্ন ৪। পাঠৰ আলমত চমুকৈ লিখা । 

( ক ) মৈত উঠিলে সহজে কাক নমাব নােৱাৰি ? 

উত্তৰঃ অঁকৰা মৈত উঠিলে সহজে নমাব নােৱাৰি । কাৰণ অকৰাই কাৰো কথা শুনিব বা মানিব নােখােজে । নিজৰ কথাত লাগি থাকে আৰু নিজৰ ইচ্ছামতে চলিব খােজে । তেনে লােক মৈত উঠিলে নিজে ইচ্ছা কৰি নামি নাহিলে আনে টানি – ধুহি নমাই আনিব খুজিলেও সহজে সি নামি নাহে । 

( খ ) আঁঠুৱাৰ তলৰ মহৰ কি অৱস্থা হয় ? 

উত্তৰঃ আঁঠুৱাৰ তলৰ মহ কম ঠাইত আৱদ্ধ হয় আৰু তাৰ পৰা ওলাই আহিব খুজিলেও ওলাই আহিব নােৱাৰে । তাৰ এই দুৰৱস্থাৰ কথা নাভাবি আঁঠুৱাৰ ভিতৰত থকা মানুহক সি কামুৰিবলৈ বিচাৰে আৰু অনবৰতে কাণৰ কাষত উৰি থাকি কুনুকুনাই থাকে । ফলত মানুহৰ হাতত সি সহজতে মৃত্যুৰ মুখত পৰে । 

( গ ) ফকৰা – যােজনা নাজানিলে বা নিশিকিলে কি হয় ? 

উত্তৰঃ ফকৰা – যােজনা হ’ল ভাষাৰ অলংকাৰ । ইয়াক প্ৰয়ােগ কৰিলে ভাষা সুন্দৰ , ৰসাল , গাম্ভীর্যপূর্ণ হয় । গতিকে ইয়াক নাজানিলে বা নিশিকিলে সি টোকোনা হয় । অর্থাৎ সি কম বুদ্ধিৰ হয় । 

S.L. No.Contents
পাঠ-1তেজৰে কমলাপতি
পাঠ-2কালিকা লগা পাট-কাপােৰ
পাঠ-3আনন্দৰাম বৰুৱা
পাঠ-4জনমভূমি
পাঠ-5বিজ্ঞান আৰু আমাৰ
পাঠ-6নোকোৱাৰ পৰিণাম
পাঠ-7জতুৱাৰ জঁট
পাঠ-8মিছাইল মানৱ
পাঠ-9অসম
পাঠ-10প্রত্যাহ্বান
পাঠ-11গছ ভালপােৱা ককাৰ খং
পাঠ-12নামৰ বেবেৰিবাং
পাঠ-13প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14বিদ্যা
পাঠ-15গড়গাঁও

খ— ভাযা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ ) 

প্রশ্ন ৫। পাঠত বিচাৰি তলৰ শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা । 

পােহৰ , অসাধ্য , নির্লোভ , জটিল , বেছি , মিছা । 

উত্তৰঃ বিপৰীত অর্থ বুজোৱা শব্দ— 

পােহৰএন্ধাৰ  ।
অসাধ্যসাধ্য ।
নির্লোভলোভ ।
জটিলসহজ, সৰল ।
বেছিকম ।
মিছসঁচা ।

প্রশ্ন ৬৷ পাঠত তােমালােকে ‘ হুৰা- দুৱা লাগে , বৰষুণ সৰে , চাং পাতে , কথা শুনে’ আদি জতুৱা ঠাচৰ ক্ৰিয়াবােৰ পাইছা । ইয়াৰ আলমত তলৰ শব্দবােৰৰ লগত খাপখােৱা শুদ্ধ ক্রিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা । 

উত্তৰঃ 

কলম ( ধৰে / লয় )কলম ধৰে ।
চেপা ( মাৰে / পাতে )চেপা পাতে ।
চেঁকী ( বান্ধ / দিয়ে )চেঁকী দিয়ে ।
পাচি ( গঢ়ে / সাজে )পাচি সাজে ।
খেল ( কৰে / খেলে )খেল খেলে ।
মৰম ( লাগে / ধৰে )মৰম লাগে ।

প্রশ্ন ৭। ‘জতুৱাৰ জট’ কবিতাটোৰ পৰা পাঁচটা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজা । 

উত্তৰঃ আকাশত চাং পতা :-  আকাশত চাং পতা কথা কৈ ফুৰা মানুহক কোনেও বিশ্বাস নকৰে । 

অহু কাণে – পহু কাণে :- পুতেকৰ কু – স্বভাৱৰ কথা দেউতাকে অহুকাণে পহুকাণে শুনি বৰ দুখ পালে । 

আলাসৰ লাড়ু :-  ঘৰখনৰ একেজনী ছােৱালী কাৰণে তাই সকলােৰে আলাসৰ লাভু হৈ পৰিছে । 

আটোম-টোকাৰি :- সু – গৃহিণীয়ে একোখন ঘৰ বৰ আটোম টোকাৰিকৈ সজাই – পৰাই ৰাখে । 

গাই বাই চা :- নিজৰ দোষ ক্ষমা কৰিবলৈ সমাজৰ মানুহৰ ওচৰত গাই বাই চা । 

প্রশ্ন ৮। এটা শব্দত প্ৰকাশ কৰা – 

উত্তৰঃ আনৰ ভাল দেখিব নােৱাৰা – পৰশ্রীকাতৰ ।

ঘুনুক – ঘানাককৈ যি কথা শুনা যায় – অহুকাণে – পনহুকাণে , কাণ বাগৰা । 

 যি নিয়মমতে খৰচ কৰে – মিতব্যয়ী ।

প্রশ্ন ৯। জতুৱা ঠাচৰ অর্থ জানাে আহা – 

উত্তৰঃ

জতুৱা ঠাঁচঅৰ্থ
১. কুন্দত কটাধুনীয়া , নিপােটল ।
২. খােলাকটিৰ তালকোনাে কামত নহা ।
৩. চুঙা বাদুলিসংসাৰৰ বিষয়ে একো নজনা লােক , অনভিজ্ঞ ।
৪. কথা চহকীবেছিকৈ কথা কোৱা । 
৫. বুকুৰ কুটুমঅতি আপােনজন নিজৰ ঘৰ এৰি কলৈকো নোযোৱা ।
. বগলী ভকতভণ্ড ।

গ জ্ঞান সম্প্রসাৰণ । প্রশ্নোত্তৰ 

 প্ৰশ্ন১০। কথােপকথনখিনি পঢ়িতাত থকা জতুৱা ঠাচসমূহৰ এনেদৰেঅর্থবােৰ জানি লােৱা । 

উত্তৰঃ

কান – সমনীয়াসমবয়সীয়া ।
হাত – দীঘলক্ষমতাশালী ।
হাত-সাৰমুক্ত হােৱা ।
হাত – লৰচোৰ ।
হাড়ে – ছলে লগালেৰেলা, ক্ষীণ ।
চকু – মুদামৃত্যু হােৱা ।
নাম – জ্বলাবিখ্যাত ।
হাত-টানকৃপণ ।
হাত – ধােআশা এৰ ।
হাড়ক মাটি কৰকঠিন শ্ৰম কৰা ।

প্রশ্ন১১। তৰা-নৰা ছিঙি , আলৈ – আথানি , বাট ল’লে , আলাসৰ লাডু , এই জতুৱা ঠাচকেইটা ব্যৱহাৰ কৰি এটা দফা প্রস্তুত কৰা । 

উত্তৰঃ শেৱালী মাক – দেউতাকৰ একমাত্র সন্তান কাৰণে তাই মাক – দেউতাকৰ বৰ আলাসৰ লাড় আছিল । এদিন তাই মােমায়েকৰ ঘৰলৈ বুলি খােজ কাঢ়ি অকলে বাট ল’লে । এনেতে কুকুৰপ এটাই ভুকি তাইলৈ খেদি অহাত ভয়তে তাই তৰা – নৰা ছিঙি ঘৰলৈ দৌৰি আহোঁতে বৰ আলাই – আথানি হ’ল ।

প্রশ্ন ১২। তলৰ যােজনা দুফাকি অর্থ বুজাই লিখা – 

( ক ) আপদৰ মাত , অকালৰ ভাত 

উত্তৰঃ আকাল অর্থাৎ দুর্ভিক্ষৰ সময়ত এমুঠি ভাত এজন মানুহৰ প্ৰাণ ৰক্ষাত সহায় কৰে ; ভাত মুঠি খাই তেওঁ প্রাণ পােৱা যেন পায় । আকালত সেই ভাত মুঠিয়েই তেওঁৰ মহান উপকাৰ সাধন কৰে । 

আপদত পৰা মানুহক সহানুভূতিৰে দিয়া আনৰ মাত এষাৰেই তেওঁৰ কাৰণে ডাঙৰ সহায় , মনােবলৰ ডাঙৰ প্রেৰণা । আপদত ধৈর্য ধৰি আপদৰ মুখামুখি হ’বলৈ সেই মাতষাৰেই তেওঁক সাহস দিয়ে ।

( খ ) কথাতে বঁটা পায় , কথাতে কটা যায় । 

উত্তৰঃ মানুহে কথা ক’ব জানিলে মানুহৰ পৰা প্রশংসা আনকি বঁটা বাহনাে পায় । সৎ আৰু সুন্দৰ কথা ক’ব জনা মানুহে সমাজত আদৰ – সন্মান পায় । কিন্তু কথা ক’ব নাজানিলে , ক’ব নলগীয়া কথা য’তে – ত’তে ক’লে মানুহে কওঁতাজনক বেয়া পায় , আনকি তেনে কিছুমান কথাৰ কাৰণে তেওঁ ৰাইজ , সমাজৰ পৰা গৰিহণা পােৱাৰ উপৰি মৃত্যুৰ মুখত পৰাৰ দৰে পৰিস্থিতিৰাে অৱস্থা হয় । 

গতিকে কথা কওঁতে সদায় উচিত সময়ত , উচিত ঠাইত , উচিত ব্যক্তিক ভাবি চিন্তি ক’ব লাগে । 

ঘ – প্রকল্প 

প্রশ্ন ১৩ ৰ সম্পৰ্কতঃ প্রশ্নত কোৱা মতে কথাৰ ঠাচ বা শৈলী সংগ্রহ কৰি পঢ়ি শুনাবলৈ আৰু অর্থ বুজাই ক’বলৈ যত্ন কৰা । প্রয়ােজনত শিক্ষকৰ পৰা সহায় ল’বা ।

1 thought on “Class 7 Assamese Chapter – 7 জতুৱাৰ জঁট”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top