Class 7 Assamese Chapter – 15 গড়গাঁও Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 15 গড়গাঁও Solution select needs one.
Assam Class 7 Assamese Chapter – 15 গড়গাঁও Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.
SEBA Class 7 Assamese Chapter – 15 গড়গাঁও Solution
The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 15 গড়গাঁও Solution
গড়গাঁও
পাঠ:১৫
-ধ্বনি কবি বিনন্দচন্দ্ৰ বৰুৱা (১৯০১-১৯৯৪)
ক – পাঠভিত্তিক ক্রিয়া
প্রশ্ন ১,২,৩ নম্বৰত দিয়া মতে শুদ্ধকৈ পঢ়া আৰু আবৃত্তি কৰা ।
প্রশ্ন ৪। উত্তৰ দিয়া
( ক ) ‘গড়গাঁও’ কবিতাটি কোনে ৰচনা কৰিছিল ?
উত্তৰঃ ‘গড়গাঁও’ কবিতাটি ধ্বনি কবি বিনন্দচন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল ।
( খ ) ‘গড়গাঁও’ কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায় ?
উত্তৰঃ ‘গড়গাঁও’ কবিতাটিৰ ৰচকজনক ‘ধ্বনি কবি ’ বুলি জনা যায় ।
( গ ) ‘মাৰ নাও’ বুলিলে কি বুজা ?
উত্তৰঃ ‘মাৰ – নাও’ বুলিলে যােৰ নাও বুলি বুজা ।
( ঘ ) কবিতাটিত বর্ণনা কৰামতে ৰজাৰ আদেশত হােৱা কেইটামান কামৰ উল্লেখ কৰা ।
উত্তৰঃ ৰজাৰ আদেশত হােৱা কেইটামান কাম হ’ল— বিলত নগৰ হয় , নগৰত নৈ বয় , ধােদে ৰাজ আলি বান্ধে , হাঁহ কণীৰে দেও ইটাৰে কাৰেংঘৰ বান্ধে , গড় বান্ধে , বৰনাও মাৰে ।
( ঙ ) গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে ?
উত্তৰঃ আহােম ৰজাই গড়গাঁৱত কাৰেং ঘৰ আদি নির্মাণ কৰি এনে সুন্দৰকৈ সজাই – পৰাই তুলিছিল , যে তাৰ কীৰ্তিবােৰৰ কথা শুনিলে আনন্দ আৰু গৌৰৱত আত্মহাৰা হৈ পৰিবলগীয়া হয় ।
প্রশ্ন ৫। চমু উত্তৰ দিয়া—
( ক ) “ দিখৌৰ সোঁতত যােৱা , ভটীয়নী বল পােৱা , উভতিব খােজে মাৰনাও । ” —মাৰ নাও উভতিব খােজাৰ কাৰণ কি ?
উত্তৰঃ গড়গাঁৱৰ কীর্তি আৰু ৰূপ সৌন্দর্য চাবলৈকেই ভটীয়নী সোঁতত বৰ জোৰেৰে ভটিয়াই গৈ থকা মাৰ নাওবােৰাে উভতি আহিব খােজে ।
( খ ) “ নাই দিন , নাই ৰাতি , নাই পানী , নাই মাটি , আদেশ মাথােন হয় “ সাজ ” — কবিতাফাকিত থকা সাজ’শব্দই কি বুজাইছে ?
উত্তৰঃ কাৰেংঘৰ , অন্যান্য ঘৰ – দুৱাৰ , ৰাজধানী সুৰক্ষিত কৰিবলৈ বাজধানী চাৰিওফালৰ গড় আদি নির্মাণ কৰা বুজাইছে ।
( গ ) “ ওলট – পালত দেশ , কথাৰ নহয় শেষ , কটাৰীৰো ডাবে তাৰ কাটে ” — বুলি কি বুজাব খুজিছে ?
উত্তৰঃ আহােম ৰজাৰ দেশখন ৰজাসকলৰ প্ৰচেষ্টাত আজি এক ৰূপ কালি এক ৰূপ এনে হৈছিল আৰু ইয়াৰ কীর্তি – কাহিনী কৈ শেষ কৰিব নােৱাৰা ধৰণৰ আছিল । কটাৰীৰ ডাৱে কটাটো যেনে সম্ভৱ তেনে ইয়াৰ সকলাে মানুহৰ কাৰণেই সকলাে কাম কৰাটো সম্ভৱ আছিল ।
( ঘ ) “ অহা – যােৱা নাই তাত শেষ ;
জনে জনে ভিন ভিন বেশ । ” —এই কথাফাকিৰ মাজেৰে কবিয়ে কি বুজাব খুজিছে ?
উত্তৰঃ গড়গাঁৱৰ কীর্তি কাহিনী আৰু মনােৰম ৰূপে দৃশ্য চাবলৈ নানানধৰণৰ বেশ ভুষাৰে অনবৰত মানুহ তালৈ অহা – যােৱা কৰি আছিল । মানুহৰ সোঁতৰ অন্ত নপৰিছিল ।
প্রশ্ন ৬। কবিতাটিৰ মূল কথাখিনি গদ্যত প্ৰকাশ কৰা ।
উত্তৰঃ গড়গাঁৱৰ অতীত কীর্তি আৰু গৌৰৱময় ঐতিহ্য আছে । এই কীর্তি আৰু ঐতিহ্যই ‘গড়গাঁও’ কবিতাটিত প্রকাশ পাইছে ।
গড়গাঁৱৰ কীর্তি – কাহিনী আৰু গৌৰৱৰ কথা শুনি দিখৌৰ সোঁতত তীব্র বেগেৰে ভটিয়াই যােৱা মাৰ – নাওবােৰো গড়গাঁওখনে এবাৰ চাবলৈ উভতি আহিব খােজে । ইয়াত শত্রু – মিত্ৰৰ , ভেদাভেদৰ কোনাে চিন নাই । বাঘে গৰুৱে শান্তিৰে একে ঘাটে পানী খােৱাৰ দৰে শত্রু – মিত্র সকলাে মিলা – প্ৰীতিৰে থাকি কাম কৰি আছে । ইয়াৰ মানুহবােৰ সদায় স্বাধীনচিতীয়া , শিৰ সদায় উচ্চ । তাকে দেখি বিদেশীয়ে আচৰিত হয় । গড়গাঁৱৰ কীর্তি – কাহিনী আৰু গৌৰৱৰ কথা কৈ শেষ কৰিব নােৱাৰি । ইয়াত সৌন্দর্য আৰু কীৰ্তিবােৰ চাবলৈ অহৰহ মানুহ আহিয়েই আছে , গৈয়েই আছে ।
ইয়াৰ মানুহবােৰ অতি কর্মী । কাম নকৰি বহি থাকিবলৈ বৰ লাজ পায় । ৰজাৰ আদেশ তগৰ – চহৰ , গড় আদি নির্মাণ কার্যত মানুহবােৰ দিন – ৰাতি অনবৰত ব্যস্ত হৈ থাকে । লানি নিছিগা বনুৱাই হাঁহকণীৰ আঠাৰে চটা চটা ইটাৰে কাৰেংঘৰ আদি নির্মাণ কৰি আছে । মানুহবােৰৰ গাত অপাৰ শক্তি । বঠা নহ’লেও হাতেৰেই নাও বায় , অস্ত্র । নহ’লেও দাঁতেৰেই অস্ত্ৰৰ কাম কৰে । এই বিলাক কথা শুনি কৰি গৌৰৱত আত্মহাৰা হৈ পৰে ।
প্রশ্ন ৭ তলৰ দফাত থকা খালী ঠাই পূৰ কৰা
( ক ) বিদেশীৰ চকুথিৰ …………ওখ শিৰ ,
…………… মানুহৰ দেশ ;
উজুটিত ভাগে ………… , কোঢ়ালত হৰে মাত ,
অহা যােৱা নাই………. শেষ ;
জনে জনে ………………..বেশ ।
উত্তৰঃ বিদেশীৰ চকুথিৰ , স্বদেশীৰ ওখ শিৰ ,
দেও-লগা মানুহৰ দেশ ;
উজুটিত ভাগে দাঁত , কোঢ়ালত হৰে মাত ,
অহা যােৱা নাই তাত শেষ ;
জনে জনে ভিন ভিন বেশ ।
( খ ) সকলােৰে আছে ……….. নােহােৱা নাই নাম ,
………….সদা পায় লাজ ;
নাই দিন , নাই …….., নাই পানী ……. , মাটি
আদেশ ………..হয় “ সাজ ”
ইচ্ছা………. , স্বর্গ মহাৰাজ ।
উত্তৰঃ সকলােৰে আছে কাম , নােহােৱাৰ নাই নাম ,
কাপুৰুষে সদায় পায় লাজ ;
নাই দিন , নাই ৰাতি , নাই পানী , নাই মাটি ,
আদেশ মাথােন হয় “ সাজ ”
ইচ্ছা যেনে স্বর্গ মহাৰাজ ।
প্রশ্ন ৮। পাঠৰ পৰা অন্ত্যধ্বনিৰ মিল থকা শব্দবােৰ লিখা ।
উত্তৰঃ পাঠত থকা অন্ত্যধ্বনিৰ মিল থকা শব্দবােৰ –
গড়গাঁও | তল যাওঁ । |
মাৰ-নাও | গড়গাঁও । |
হালে হালে | পানী খালে । |
থিৰ | শিৰ । |
যােৱা | পােৱা । |
দেশ | শেষ , বেশ । |
ঘাটে | বাটে । |
কাম | নাম । |
লাজ | সাজ , মহাৰাজ । |
ৰাতি | মাটি । |
হয় | বয় । |
আলি | ফালি , লালী । |
সকলোটি | মাটি । |
বৰনাও | গড়গাঁও , তলয়াওঁ । |
হাত | দাঁত । |
S.L. No. | Contents |
পাঠ-1 | তেজৰে কমলাপতি |
পাঠ-2 | কালিকা লগা পাট-কাপােৰ |
পাঠ-3 | আনন্দৰাম বৰুৱা |
পাঠ-4 | জনমভূমি |
পাঠ-5 | বিজ্ঞান আৰু আমাৰ |
পাঠ-6 | নোকোৱাৰ পৰিণাম |
পাঠ-7 | জতুৱাৰ জঁট |
পাঠ-8 | মিছাইল মানৱ |
পাঠ-9 | অসম |
পাঠ-10 | প্রত্যাহ্বান |
পাঠ-11 | গছ ভালপােৱা ককাৰ খং |
পাঠ-12 | নামৰ বেবেৰিবাং |
পাঠ-13 | প্ৰাকৃতিক দুৰ্যোগ |
পাঠ-14 | বিদ্যা |
পাঠ-15 | গড়গাঁও |
প্রশ্ন ৯। ‘ক’ অংশত দিয়া শব্দবােৰ ‘খ’ অংশৰ অৰ্থৰ লগত মিলােৱা ।
‘ ক ’ অংশ | ‘ খ ’ অংশ |
১. ভটিয়নি | শক্তি পােরা । |
২. বল | তল ওপৰ হোৱা বা কৰা । |
৩. মাৰ-নাও | বহুলােকে একেলগে কৰাহাই-উৰুমি । |
৪. ওলট – পালট | নির্মাণ কৰা , প্রস্তুত কৰা । |
৫. বিদেশী | নৈৰ ভাটি বা নামনিলৈ বৈ থকা । |
৬. শিৰ | পৰ দেশৰ , যিটো নিজৰ দেশৰ নহয় । |
৭. কোঢ়াল | এলেহুৱা , বন বাৰী নকৰি বহি থকা মানুহ । |
৮. সাজ। | এখনৰ দাঁতিত আন এখন বান্ধিলােৱা যােৰ নাও । |
৯. ধোদ | মূৰ । |
উত্তৰঃ
‘ ক ’ অংশ | ‘ খ ’ অংশ |
১. ভটিয়নি | নৈৰ ভাটি বা নামনিলৈ বৈ থকা । |
২. বল | শক্তি পােৱা । |
৩. মাৰ-নাও | এখনৰ দাঁতিত আন এখন বান্ধিলােৱা যােৰ নাও । |
৪. ওলট – পালট | তল ওপৰ হােৱা বা কৰা । |
৫. বিদেশী | পৰ দেশৰ , যিটো নিজৰ দেশৰ নহয় । |
৬. শিৰ | মূৰ । |
৭. কোঢ়াল | বহুলােকে একেলগে কৰা হাই -উৰুমি । |
৮. সাজ। | নির্মাণ কৰা , প্রস্তুত কৰা । |
৯. ধোদ | এলেহুৱা , বন বাৰীনকৰি বহি থকা মানুহ । |
খ-ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ )
প্রশ্ন ১০। উদাহৰণটোৰ দৰে বিশেষ্যৰ পৰা বিশেষণ পদলৈ নিয়া—
বিশেষ্য | বিশেষণ | বিশেষ্য | বিশেষণ |
বিদেশ | বিদেশী | কঁপাহ | …………. |
স্বদেশ | …………. | আকাশ | …………. |
দেশ | …………. | গােলাপ | …………. |
পৰদেশ | …………. | বাদাম | …………. |
দুখ | …………. | দুখ | …………. |
উত্তৰঃ
বিশেষ্য | বিশেষণ | বিশেষ্য | বিশেষণ |
বিদেশ | বিদেশী | কঁপাহ | কপাহী |
স্বদেশ | স্বদেশী | আকাশ | আকাশী |
দেশ | দেশী | গােলাপ | গোলামী |
পৰদেশ | পৰদেশী | বাদাম | বাদমী |
দুখ | সুখী | দুখ | দুখী |
প্রশ্ন ১১। বাক্য ৰচনা কৰা–
বাৰ ( সপ্তাহৰ বাৰ )
পাৰ ( নদীৰ পাৰ )
টকা ( টকা – পইচা )
বাৰ ( অ ) ( সংখ্যা )
পাৰ ( অ ) চৰাই
টকা ( বাঁহৰ এবিধ বাদ্য )
উত্তৰঃ বাৰ ( সপ্তাহৰ বাৰ ) :- সপ্তাহৰ প্রতিটো বাৰৰ নাম বেলেগ বেলেগ ।
বাৰ ( অ ) ( সংখ্যা ) :- বাৰ মাহে এবছৰ হয় ।
পাৰ ( নদীৰ পাৰ ) :- পানীৰ ঢৌত নদীৰ পাৰ খহি যায় ।
পাৰ ( অ ) চৰাই :- পাৰ এবিধ পােহনীয়া চৰাই ।
টকা ( টকা – পইচা ) :– টকা – পইচা থাকিলেই মানুহ সুখী হ’ব নােৱাৰে ।
টকা ( বাঁহৰ এবিধ বাদ্য ) :- বিহুত ঢােল , পেপা , টকা আদি বজায় ।
প্রশ্ন ১২। দলত আলােচনা কৰি কোৱা–
( ক ) জলপৰিবহণৰ ক্ষেত্ৰত নাৱে আমাক কেনেদৰে সহায় কৰে ?
উত্তৰঃ জলপৰিবহণৰ ক্ষেত্ৰত নাৱে আমাক নদী ইপাৰ – সিপাৰ হােৱাত সহায় কৰে । এঠাইৰ পৰা আন এঠাইলৈ যােৱাত সহায় কৰে । বেপাৰ – বাণিজ্যৰ ক্ষেত্ৰতাে মাল – বস্তু অনা – নিয়া , বেচা – কিনাত সহায় কৰে । তাৰােপৰি বানপানীৰ সময়ত মানুহ , জন্তু , বস্তু আদি উদ্ধাৰ কার্যত বৰ সহায়ক হয় ।
( খ ) তলত দিয়া ছবিবােৰ কি কি দেখিছা ?
উত্তৰঃ ছবিবােৰ চাই দেখা গ’ল –
১ নং ছবিত নাৱেৰে মানুহ এজনে দুজন মতা মানুহ আৰু দুগৰাকী মহিলাক এঠাইৰ পৰা আন এঠাইলৈ লৈ গৈ আছে ।
২ নম্বৰ ছবিত এখন মটৰ – বােটত কেইজনমান মানুহ উঠি থাকি কিবা বস্তু বােটখনত তুলিবলৈ চেষ্টা কৰি আছে । ওচৰত এজন মানুহে পানীত নামি বাটখনত কিবা বস্তু উঠাবলৈ দি আছে ।
৩ নম্বৰ ছবিত এখন ডাঙৰ নাও পাৰ লগাই লৈ চাৰিজন মানুহে ছাগলী উঠোৱা নমােৱা কৰি আছে । দুটা পােৱালিৰে সৈতে এজনী মাইকী ছাগলী নাৱত আছে ।
৪.নম্বৰ ছবিখনত চাৰিজন মানুহে মাছ মাৰি থকা যেন লাগিছে ।
প্রশ্ন ১৩। তােমালােকৰ ওচৰে – পাজৰে খাল – বিল পুতি পাহাৰ কাটি মানুহে ঘৰ দুৱাৰ সজাৰ ফলত কি কি সুবিধা – অসুবিধা হােৱা দেখিছা , দলত আলােচনা কৰি লিখা ।
উত্তৰঃ খাল – বিল পুতি ঘৰ – দুৱাৰ সজাৰ ফলত বৰষুণৰ সময়ত ওখ ঠাইৰ পৰা পানী বৈ গৈ পৰিবলৈ ঠাই নােহােৱা হৈছে । ফলত কোনাে পানী নুঠা ঠাইত , ঘৰ দুৱাৰ আদি , ৰাস্তা – পদূলি কৃত্রিম বানত ডুব যায় , থকা – মেলা , খােৱা – বােৱা আৰু যাতায়াতত হঠাতে মানুহৰ নগুৰ – নাগতি হৈ পৰে । পাহাৰবােৰ কাটাৰ ফলত ভূমিস্খলন হৈ তলত থকা ঘৰ – দুৱাৰ পুতি পেলায় , মানুহৰ মৃত্যু ঘটায় । তাৰােপৰি গৰমৰ প্রকোপ বাঢ়ে , বৰষুণৰ পৰিমাণ সেই অঞ্চলত কমি যায় ।
ঘ – প্রকল্প ।
প্রশ্ন ১৪ আৰু ১৫ নম্বৰত উল্লেখ থকা মতে এলবাম প্রস্তুত কৰা আৰু কবিতা সংগ্ৰহ কৰি কবিতাৰ নাম আৰু কবিৰ পৰিচয় লিখিবা ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.