Class 7 Assamese Chapter – 11 গছ ভালপােৱা ককাৰ খং

Class 7 Assamese Chapter – 11 গছ ভালপােৱা ককাৰ খং Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 11 গছ ভালপােৱা ককাৰ খং Solution select needs one.

Join Telegram channel

Assam Class 7 Assamese Chapter – 11 গছ ভালপােৱা ককাৰ খং Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 11 গছ ভালপােৱা ককাৰ খং Solution

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 11 গছ ভালপােৱা ককাৰ খং Solution

গছ ভালপােৱা ককাৰ খং

পাঠ: ১১

কবি – ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ( ১৯৩২-২০০৩ )

 ‘ক ’ পাঠভিত্তিক ক্রিয়া

[ প্রশ্ন ১ আৰু ২। প্রশ্নত কোৱামতে কবিতাটো স্পষ্ট শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা । ] 

প্রশ্ন ৩। কোৱা আৰু লিখা :

( ক ) কবিতাটোত কাৰ বিয়াৰ কথা কৈছে ? 

উত্তৰঃ কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে । 

( খ ) আমলখি গছজোপা কিয় কাটিলে ? 

উত্তৰঃ ৰভাখন দিবলৈকে আমলখি গছজোপা কাটিলে 

( গ ) কোনে আহি ঘৰখন পূৰাবহি বুলি কোৱা হৈছে ? 

উত্তৰঃ বােৱাবী আহি ঘৰখন পূৰাবহি বুলি কোৱা হৈছে । 

( ঘ ) সহজে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে ? 

উত্তৰঃ আমলখি গছজোপা সহজে ঘূৰাই নাপাব বুলি ককাই কৈছে । 

প্রশ্ন ৪। কোৱা আৰু লিখা :

( ক ) বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল ? 

উত্তৰঃ ৰভা দিবলৈকে আমলখি গছজোপা ৰঘুনাথে কটাৰ কাৰণে বিয়া খাবলৈ আহি ককাৰ খং উঠিছিল । 

( খ ) বিয়াঘৰত ককাই কিয় একো নাখালে ? 

উত্তৰঃ আমলখি গছজোপা কটাৰ বাবে খং কৰি বিয়াঘৰত ককাই একো নাখালে ।

( গ ) খং উঠাৰ পিছতো ককাই দৰাক কি দিব বিচাৰিছে ? 

উত্তরঃ এজোলোকা  আশীর্বাদ দিব বিচাৰিছে । 

প্রশ্ন ৫। তলৰ কবিতাফাকি গদ্যৰূপত লিখা । 

          “ আলহী – অতিথি যাব 

            ৰভা নাইকিয়া হচব 

            বােৱাৰীয়ে ঘৰখন 

                    দিবহিপূৰাই 

            পিছে কোৱাচোন ৰঘুনাথ 

                    আমলখি গছজোপা 

            সহজতে পাবানে ঘূৰাই ? ” 

উত্তৰঃ আলহী – অতিথি যােৱাৰ পাছত ৰভাখন নাইকিয়া হ’ব । বােৱাৰী আহি ঘৰখন পূৰাই দিবহি । পিছে ৰঘুনাথ কোৱাচোন , সহজতে আমলখি গছজোপা আৰু ঘূৰাই পাবানে ? 

প্রশ্ন ৬। কবিতাটোৰ মূলভাব লিখা । 

উত্তৰঃ ৰঘুনাথে পুতেকৰ বিয়া পাতিবলৈ লৈ ৰভাপতাৰ অসুবিধাৰ কাৰণে ৰভা ঠাইত থকা অতি প্রয়ােজনীয় আৰু মূল্যৱান আমলখি গছজোপা কাটি পেলালে । বিয়ালৈ কবিকো ৰঘুনাথে নিমন্ত্রণ জনাইছিল । ৰঘুনাথে পুতেকৰ বিয়ালৈ মাতাত কবিয়ে ভাল পালে যদিও বিয়ালৈ আহি আমলখি গছজোপা কটা দেখি তেওঁ বেয়া পালে আৰু খঙো কৰিলে । বিয়াৰ পিছত আলহী – অতিথিবােৰ ঘৰাঘৰি গুচি যাব ; ৰভাখনাে ভঙা যাব। ন – বােৱাৰী আহি ঘৰখন শুৱাব , পূৰাব ; কিন্তু এই যে আমলখি গছজোপা কাটি পেলালে তাক জানাে ঘূৰাই পাব ? বিয়ালৈ কবি আহিল যদিও দৰাক আশীর্বাদ কৰি গছজোপা কাটি পেলােৱাৰ দুখ আৰু খঙত তেওঁ বিয়াত একো নাখাওঁ বুলি কৈ গুচি গ’ল । 

কবিতাটিত কবিৰ গছ – গছনিৰ প্রতি মােহ , প্রকৃতি প্রেমৰ মনােভাব প্রকাশ পাইছে । সেই কাৰণেই কবিতাটিৰ নামো দিয়া হৈছে ‘ গছ ভাল পােৱা ককাৰ খং ‘ । প্রকৃতি , গছ গছনিৰ প্রতি সকলােৰে এনে প্রেম থকা উচিত ।

খ— ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ ) 

প্রশ্ন ৭। বাক্য ৰচনা কৰা : 

এজোলােকা , আলহী – অতিথি ,  সহজতে , ৰভা । 

উত্তৰঃ    এজোলােকা :- বিয়ালৈ গৈ কবিয়ে দৰাক এজোলােকা আশীর্বাদ দিলে । 

           আলহী – অতিথি :- বিয়া – সবাহত ঘৰখন আলহী – অতিথিৰে ভৰি পৰে । 

           সহজতে :- হেৰাই যােৱা সুবিধা সহজতে ঘূৰাই পােৱা নাযায় । 

           ৰভা :- বিয়া – সবাহত গাঁও অঞ্চলত একোখন ৰভা দিয়া হয় । 

প্রশ্ন ৮। ‘ক’- অংশৰ লগত।   ‘খ’- অংশৰ অৰ্থৰ মিল থকা শব্দবােৰ লিখা । 

‘ক’-অংশ‘খ’-অংশ
১. ৰভাদৰব
২. দৰাবৃক্ষ
৩. গছবৰ
৪. ঔষধকোনাে অনুষ্ঠানৰ বাবে অস্থায়ীভাৱে নির্মাণ কৰা চালি ।

উত্তৰঃ

‘ক’-অংশ‘খ’-অংশ
১. ৰভাকোনাে অনুষ্ঠানৰ বাবে অস্থায়ীভাৱে নির্মাণ কৰা চালি । 
২. দৰাবৰ 
৩. গছবৃক্ষ
৪. ঔষধদৰব 
‘ গ ’ জ্ঞান সম্প্রসাৰণ 

প্রশ্ন ৯। তােমাৰ পৰিয়ালৰ অন্য সদস্যসকলক বা ওচৰ – চুবুৰীয়াক গছ – গছনি নাকাটিবলৈ কেনেদৰে বুজাবা কোৱা । 

উত্তৰঃ মানুহে কোনাে চিন্তা নকৰাকৈ জধে – মধে গছ – গছনি কাটে অথবা সেই অনুপাতে গছ ৰােপণ নকৰে । ইয়াৰ ব্যতিক্রম হয়তাে মােৰ পৰিয়ালৰ অন্য সদস্য বা ওচৰ – চুবুৰীয়াও নহ’ব । গতিকে তেওঁলােকক গছ – গছনি নাকাটিবলৈ এই বুলি বুজাম যে গছ নহ’লে পৃথিৱীত মানুহকে ভিতৰ কৰি কোনাে প্রাণী জীয়াই থাকিব নােৱাৰে । তাৰােপৰি গছ – গছনিয়ে বায়ুমণ্ডলৰ বতৰ ঠিককৈ ৰাখে । গছৰ ফল – মূল মানুহ আৰু আন প্রাণীৰাে খাদ্য । গছ একেবাৰে নাথাকিলে পৃথিৱীখন মৰুভূমিত পৰিণত হ’ব । গতিকে গছ – গছনি কেতিয়াও কাটিব নালাগে । প্রয়ােজনত কাটিলেও এজোপা গছৰ সলনি দহ জোপা গছ ৰুব লাগে । গছ ৰুলেই নহয় , তাৰ প্রতিপালাে কৰিব লাগে , ৰক্ষণাবেক্ষণ দিব লাগে । তেহে ৰােৱা গছ মৰি নাযায় । 

প্রশ্ন ১০। “ কেৱল বৃক্ষৰােপণ কৰিলেই নহয় , তাৰ প্ৰতিপালন কৰাটোও আমাৰেই দায়িত্ব । ” — কথাষাৰ দলীয়ভাৱে আলােচনা কৰা আৰু দলৰ এজনে বর্ণনা কৰা ৷ 

উত্তৰঃ কথাষাৰ দলীয়ভাৱে আলােচনা কৰি এনেধৰণেৰে বৰ্ণনা কৰিব পাৰি— গছৰ সংখ্যা যিমানেই বৃদ্ধি হয় সিমানেই সকলাে প্রাণীৰ সমানে মংগল হয় । কিয়নাে গছ অবিহনে কোনাে প্রাণীয়েই পৃথিৱীত জীয়াই থাকিব নােৱাৰে । সেই কাৰণে গছ গছনি জধে – মধে কাটিব নালাগে । বৰ গছ ৰুব লাগে । যিদৰে বৃক্ষৰােপণ কৰিব লাগে তেনেদৰে তাক প্রতিপালনাে আমিয়েই কৰিব লাগে । বৃক্ষ ৰোপণৰ পিছত তাক ৰক্ষণাবেক্ষণ দিয়া অর্থাৎ পুলিটো গৰু , ম’হ , ছাগলী আদি জন্তুৱে খাব নােৱৰাকৈ , গা ঘহাই ভাঙিব নােৱৰাকৈ ভালদৰে বেৰ দি ৰাখিব লাগে পুলিটো ডাঙৰ হৈ নিৰাপদ নােহােৱা পর্যন্ত । যদি এনেদৰে ৰক্ষণাবেক্ষণ দিয়া অথবা প্রতিপালন কৰা নহয় , বৃক্ষৰােপণৰ কাম অথলে যাব । 

প্রশ্ন ১১। শিক্ষকৰ সহায় লৈ বিষয়টোলৈ মন কৰি তর্ক প্রতিযােগিতাত অংশ গ্রহণ কৰা । 

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে উত্তৰটো কৰিবলৈ যত্ন কৰিবা।

প্রশ্ন ১২। আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য পাঁচবিধ ফলৰ নাম লিখা । 

উত্তৰঃ আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য পাঁচবিধ ফলৰ নাম হ’ল- ( ১ ) শিলিখা , ( ২ ) আম , ( ৩ ) কল , (৪) কঁঠাল , ( ৫ ) কমলা । 

S.L. No.Contents
পাঠ-1তেজৰে কমলাপতি
পাঠ-2কালিকা লগা পাট-কাপােৰ
পাঠ-3আনন্দৰাম বৰুৱা
পাঠ-4জনমভূমি
পাঠ-5বিজ্ঞান আৰু আমাৰ
পাঠ-6নোকোৱাৰ পৰিণাম
পাঠ-7জতুৱাৰ জঁট
পাঠ-8মিছাইল মানৱ
পাঠ-9অসম
পাঠ-10প্রত্যাহ্বান
পাঠ-11গছ ভালপােৱা ককাৰ খং
পাঠ-12নামৰ বেবেৰিবাং
পাঠ-13প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14বিদ্যা
পাঠ-15গড়গাঁও

প্রশ্ন ১৩। কিছুমান গছৰ ফল – মূল , ডাল – পাত , গা – গছ আদি আটাইবােৰ অংশই আমাৰ বাবে অতি উপকাৰী । কলগছ তেনে এবিধ উপকাৰী গছ । কলগছৰ উপকাৰিতাৰ বিষয়ে তলত দিয়া ধৰণে লিখা— 

 গছৰ নাম      ফল       ফুল       পাত       গা-গছ 

১.কলগছ 

উত্তৰঃ কলগছ : 

ফল :- কলগছৰ ফলক কল বােলা হয় । বহু প্রকাৰৰ কল আছে । আঠিয়া বা ভীমকল কেঁচুৱাকে ধৰি সকলাে লােকৰে বৰ পুষ্টিকৰ । বাকী সকলাে কলেই মানুহকে ধৰি অন্য জন্তুৰাে পুষ্টিকৰ খাদ্য । প্রসাদ হিচাপেও কল পুজা – পার্বণ আদিত ব্যৱহাৰ কৰা হয় । কাছকল তৰকাৰী কৰিও খােৱা হয় । কলৰ বাকলিৰ খাৰ উত্তম খাৰ । 

ফুল :-  কলগছৰ ফুলক কলফুল তথা কলডিল বােলে । ই অতি ভিটামিনযুক্ত পাচলি ৷ ইয়াক ভাজি , খাৰ কৰি আৰু অন্যভাৱেও সিদ্ধ কৰি খাব পাবি । 

পাত :- কলপাত সকলাে সকাম – নিকাম আৰু ব্যক্তিগত কামত ব্যৱহাৰ কৰা হয় । আগলতি কলপাত গােসাই থাপনাত আৰু বাকীপাত থালৰ সলনি খাদ্যৰ সময়ত ব্যৱহাৰ কৰা হয় । জীৱ – জন্তুৰ ই একপ্রকাৰ খাদ্যও । বস্তু বাহানি মেৰিয়াই বান্ধিব কাৰণেও ইয়াক ব্যৱহাৰ কৰা হয় । কলপাতৰ ৰভা গাঁও অঞ্চলত বৰ আদৰৰ ।

গা – গছ :- কলগছ বৰ উপকাৰী । হাতীৰ ই প্রধান খাদ্য । আনহাতে পুলি কলগছ পচলা হিচাপে মানুহে ৰান্ধি খােৱাৰ উপৰি ইয়াৰ মূৰা আৰু গা – গছ ফালি ৰ’দত শুকাই পুৰি কলাখাৰ তৈয়াৰ কৰে । সকাম নিকামত ইয়াৰ দোনা বা পটুৱা খাদ্য খােৱাৰ আৰু শৰাই আদি আপনাত আগবঢ়োৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় । বিয়া – সবাহ আদিত বাট চ’ৰাত মংগলসূচক দুডালকৈ কলপুলি পােতা হয় , গােসাঁই বেদীৰ চাৰিকোণে চাৰিটা সৰু কলপুলি পােতা হয় । মাংগলিক কার্যত চাকি জ্বলাবলৈও ঘৰৰ সমুখত কলপুলি ৰােৱা হয় । নাৱৰ সলনি কলগছৰ ভেল সাজি মানুহ , বয় – বস্তু আনকি গৰু – পােৱালি , ছাগলী , কুকুৰ – মেকুৰী আদি বানপানীৰ সময়ত অনা – নিয়া , পাৰ কৰা আদিত ব্যৱহাৰ কৰা হয় ।

প্রশ্ন ১৪। সাঁথৰ ভাঙা 

( ক ) খাল – বিল শুকাই গ’ল , 

        গছৰ আগত পানী ৰ’ল । 

উত্তৰঃ নাৰিকল ।

( খ ) ৰজাৰ লাঠি 

       ঘন ঘন গাঁঠি , 

উত্তৰ কুঁহিয়াৰ । 

প্রশ্ন ১৫। যিকোনাে শুভ কার্য বা অনুষ্ঠানৰ শুভাৰম্ভ গছপুলি ৰােপণৰে কৰিব পাৰি । তােমালােকে জন্ম দিনৰ দিনাও একোটিকৈ গছপুলি ৰােপণ কৰিবা । জন্মদিন বাহিৰে আৰু কি কি শুভ দিনত গছপুলি ৰােপণ কৰিব পাৰি । দলত আলােচনা কৰি এখন আঁচনি ( পৰিকল্পনা ) প্রস্তুত কৰা । 

                                            

গছপুলি ৰােপণ কৰা আঁচনি

 তাৰিখউৎসৱ বা উপলক্ষ
১. জানুৱাৰীবিদ্যালয়ৰ প্রতিষ্ঠা দিৱসত
২. …………..…………………………………
৩. …………..…………………………………
৪. ………….. …………………………………

উত্তৰঃ 

গছপুলি ৰােপণ কৰা আঁচনি

 তাৰিখউৎসৱ বা উপলক্ষ
১. 2 জানুৱাৰীবিদ্যালয়ৰ প্রতিষ্ঠা দিৱসত
২. ২১মাৰ্চবিশ্ব বন দিৱসত ।
৩. ২২ এপ্ৰিলধৰিত্ৰী দিৱস ।
৪. ৫ জুনবিশ্ব পৰিৱেশ দিৱস ।

                                                          

ইয়াৰ বাহিৰেও সংঘ , সাহিত্য সভা বা যিকোনাে অনুষ্ঠানৰ অধিবেশন সভা আদিৰ শুভাৰম্ভত গছপুলি ৰুব পাৰি । 

‘ ঘ ’ প্রকল্প 

প্রশ্ন ১৬। তুমি থকা ঠাইৰ ওচৰে – পাজেৰে থকা গছ – গছনিবােৰৰ নাম তালিকা এখনি প্রস্তুত কৰা । 

উত্তৰঃ আম , জাম , নাৰিকল , তামােল , কঁঠাল , কলগছ , পনিয়ল , আমলখি , শিলিখা , লেচু , মহানিম , নিম , পটল টেঙা , ৰবাব টেঙা , কমলা টেঙা , কাজী নেমু , গােল নেমু , নাহৰ , পাকৰি , চিৰিচ গছ , নৰসিংহ , আহত , বকুল , খেজুৰ , বনচোম তিতাচপা ইত্যাদি । 

প্রশ্ন ১৭। গছ সংৰক্ষণৰ বাবে পাঁচটা শ্লোগান প্রস্তুত কৰা । 

উত্তৰঃ শ্লোগান পাচটা হল— 

( ১ ) গছ সংৰক্ষণ কৰক । 

( ২ ) গছ ৰােপণ কৰক । 

( ৩ ) গছ থাকিলেহে মানুহ থাকিব ।

( ৪ ) এজোপা গছ কাটিলে দহজোপা গছ ৰােৱক । 

( ৫ ) সকলাে গছেই মূল্যবান ।

প্রশ্ন ১৮। ডঃ ভৱেন্দ্ৰ নাথ শইকীয়াই ৰচনা কৰা শিশু – সাহিত্যসমূহ আৰু তেওঁ পৰিচালনা কৰা কথাছবিৰ নাম সংগ্রহ কৰি এখন তালিকা প্রস্তুত কৰা । 

উত্তৰঃ ডঃ ভৱেন্দ্ৰ নাই শইকীয়াই ৰচনা কৰা শিশু সাহিত্য : 

( ১ ) মৰমৰ দেউতা । 

( ২ ) তােমালােকৰ ভাল হওক । 

( ৩ ) মৰম 

( ৪ ) শান্ত-শিষ্ট – হৃষ্ট – পুষ্ট – মহাদুষ্ট আদি ।

ডঃ ভৱেন্দ্ৰ নাই শইকীয়াই পৰিচালনা কৰা কথাছবি :

( ১ ) সন্ধ্যাৰাগ । 

( ২ ) অনির্বাণ । 

( ৩ ) অগ্নিস্নান । 

( ৪ ) কোলাহল । 

( ৫ ) সাৰথি । 

( ৬ ) আৱর্তন । 

( ৭ ) ইতিহাস 

( ৮ ) কালসন্ধ্যা ( হিন্দীত )।

2 thoughts on “Class 7 Assamese Chapter – 11 গছ ভালপােৱা ককাৰ খং”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top