Class 7 Assamese Chapter – 5 বিজ্ঞান আৰু আমাৰ মানসিকতা

Class 7 Assamese Chapter – 5 বিজ্ঞান আৰু আমাৰ মানসিকতা Solution to each chapter is provided in the list so that you can easily browse throughout different chapter Class 7 Assamese Chapter – 5 বিজ্ঞান আৰু আমাৰ মানসিকতা Solution select needs one.

Join Telegram channel

Assam Class 7 Assamese Chapter – 5 বিজ্ঞান আৰু আমাৰ মানসিকতা Solution Assam Board All subjects are available on our website for your convenience, you can provide all the material in PDF format as well as you can download the button for all classes with one click.

SEBA Class 7 Assamese Chapter – 5 বিজ্ঞান আৰু আমাৰ মানসিকতা

The SCERT book is recommended by education experts and teachers to help students prepare for all subjects to help the CBSE class. SCERT books are primarily used by students preparing for their civil service exams and students preparing for UPSC, APSC, and other state civil service exams. Assam Board Class 7 Assamese Chapter – 5 বিজ্ঞান আৰু আমাৰ মানসিকতা

বিজ্ঞান আৰু আমাৰ মানসিকতা

পাঠ: ৫

‘ ক ’ পাঠভিত্তিক ক্রিয়া

১। ছাত্র – ছাত্রীসকলে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ চেষ্টা কৰিবা । 

প্রশ্ন ২। উত্তৰ দিয়া 

( ক ) ছিটা সম্পর্কে প্ৰচাৰ হােৱা উৰা বাতবিটো কি মাধ্যমৰ যােগেদি প্ৰচাৰ হৈছিল ? 

উত্তৰঃ ছিটা সম্পর্কে উৰা বাতৰিটো ভ্রাম্যভাষ ( ম’বাইল ) ৰ যােগেদি প্রচাৰ হৈছিল । 

( খ ) বুধবাৰে ছাত্র ছাত্রীসকল স্কুললৈ কিয় অহা নাছিল ? 

উত্তৰঃ বুধবাৰে ছিটা দিয়া মানুহে ধৰি নি ছিটা দিব বুলি ভয়তে ছাত্র – ছাত্রীসকল স্কুললৈ অহা নাছিল ।

( গ ) বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ কোন আহিছিল ? 

উত্তৰঃ বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ চিকিৎসক ৰতন পায়েং আহিছিল । 

প্রশ্ন ৩। চমু উত্তৰ লিখা :

( ক ) ভ্রাম্যভাষ’ত অহা উৰা বাতৰিটোত ছিটা ল’লে কি হ’ব বুলি কৈছিল ? 

উত্তৰঃ ভ্রাম্যভাষ’ত অহা উৰা বাতৰিটোত ছিটা ল’লে ছিটা ল’লে শিশুসকলৰ ভীষণ অপকাৰ হ’ব বুলি কৈছিল । 

( খ ) জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিবেশ আনদিনাতকৈ কি বেলেগ দেখিছিল ? 

উত্তৰঃ জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়লৈ গৈ দেখিলে ছিটা লােৱাৰ ভয়ত কোনাে ল’ৰা – ছােৱালী বিদ্যালয়লৈ অহা নাই । আনদিনা ল’ৰা – ছােৱালীৰে ভর্তি হৈ থকা বিদ্যালয়খন একেবাৰে খালী হৈ থকা দেখিছিল । 

( গ ) সংক্রামক ৰােগ আৰু প্রতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কি কৈছিল ? 

উত্তৰঃ সংক্রামক ৰােগ আৰু প্ৰতিৰােধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কৈছিল— “ অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্রৱেশ কৰে । কিছুমান শক্তিশালী বীজাণুয়ে পলিঅ’, জলাতংক, ইনফ্লুয়েঞ্জা, হেপাটাইটিছ আদি ৰােগৰ সৃষ্টি কৰে । সেইবােৰ বীজাণুৱে মানুহৰ দেহৰ ৰােগ প্ৰতিৰােধ ক্ষমতা সহজে হ্রাস কৰে । ছিটা প্রয়ােগ কৰি এই ভয়ানক বীজাণুবােৰৰ সংক্রমণ ৰােধ কৰিব পাৰি । উপযুক্ত সময়ত শৰীৰত ছিটা প্রয়ােগ কৰি আমাৰ শিশুসকলৰ ৰােগ প্ৰতিৰােধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্রয়ােজন । 

( ঘ ) উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিবেশ সলনি কৰিছিল ? 

উত্তৰঃ ছিটা ল’লে শিশুসকলৰ অপকাৰ হ’ব , এই উৰা বাতৰিটোৱে ৰতনপুৰ গাৱৰ শিশুসকলক বৰ ভয় খুৱাই ছিল আৰু ল’ৰা – ছােৱালীৰ পিতৃ – মাতৃ , অভিভাৱকসকলে বুধবাৰে ছিটা দিয়া মানুহ স্কুললৈ আহিব বুলি নিজৰ নিজৰ ল’ৰা ছােৱালীক সেইদিনা স্কুললৈ নপঠোৱাৰ সিদ্ধান্ত লৈছিল । ৰতনপুৰ গাঁওখনত উৰা বাতৰিটো কাৰণে ভয়ৰ পৰিবেশ এটা বিয়লি পৰিছিল ।

( ঙ ) প্রধান শিক্ষক মহােদয়ে ছিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল ? 

উত্তৰঃ প্রধান শিক্ষক মহােদয়ে ছিটাৰ বিষয়ে জনাবলৈ চিকিৎসকজনৰ লগত আলােচনা কৰি সেইদিনাখনেই আবেলি পৰত বিদ্যালয় চৌহদতে এখন জৰুৰী সভা পতাৰ ব্যৱস্থা কৰিছিল । 

৪। উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত এনেদৰে অর্থ মিলােৱা হ’ল- 

হাট  –  নির্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা – বেচা কৰা ঠাই । 

প্ৰাংগণ  – চোতাল । 

বীজাণু  – ৰােগ সৃষ্টিকাৰী ক্ষুদ্র জীৱাণু । 

সংক্রামক  – এজনৰ গাৰ পৰা আন এজনৰ গালৈ যােৱা , সোঁচৰা । 

প্ৰতিৰােধ  –  বাধা । 

পুস্তিকা  –  সৰু কিতাপ । 

প্রশ্ন ৫। শংকৰ , তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হােৱা নাই কিয় ?

উত্তৰঃ কথাষাৰ জংকীয়ে সহপাঠী শংকৰক কৈছিল । জংকী বিদ্যালয়লৈ গৈ বিদ্যালয়ত কোনাে ল’ৰা – ছােৱালী নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ  ঘৰলৈ গৈ শংকৰেও বিদ্যালয়লৈ যাবলৈ তেতিয়াও সাজু নহৈ খেলি থকা দেখি জংকীয়ে শংকৰক এনেদৰে কৈছিল । 

প্রশ্ন ৬। উৰাবাতৰিসমূহ সমাজৰ বাবে একপ্রকাৰ সোঁচৰা ৰােগ ।’— কথাষাৰৰ বিষয়ে দলত আলােচনা কৰি নিজৰ নিজৰ মতামত প্রকাশ কৰা ৷ 

উত্তৰঃ কথাষাৰৰ বহল তার্থ এনেকুৱা— সোঁচৰা ৰােগবােৰৰ প্ৰতিবােধ নকৰিলে এজনৰ গাৰ পৰা আন এজনৰ গালৈ যায় । এইদৰেই সকলাে মানুহৰ মাজতেই এইৰােগ বিয়পি পৰে । ঠিক তেনেদৰে উৰাবাতৰিবােৰো এজনৰ কাণৰ পৰা আন এজনৰ কাণলৈ যায় আৰু সেই মিছা তথা উৰাবাতৰিটোকে সঁচা বুলি ভাবি বা পতিয়ন গৈ গােটেই গাঁও , অঞ্চলতে বিয়পি পৰে । সোঁচৰা ৰােগে যিদৰে সকলােকে অন্যায় কৰিব পাৰে , মাৰিব পাৰে , সেইদৰে মৃত্যুৰ মুখতাে পেলাব পাৰে । উৰাবাতৰিয়ে ব্যক্তি আৰু সমাজৰ দাৰণ অপকাৰ কৰিব পাৰে , – আনকি কাবােবাক মৃত্যুৰ মুখতো পেলাব পাৰে ।

S.L. No.Contents
পাঠ-1তেজৰে কমলাপতি
পাঠ-2কালিকা লগা পাট-কাপােৰ
পাঠ-3আনন্দৰাম বৰুৱা
পাঠ-4জনমভূমি
পাঠ-5বিজ্ঞান আৰু আমাৰ
পাঠ-6নোকোৱাৰ পৰিণাম
পাঠ-7জতুৱাৰ জঁট
পাঠ-8মিছাইল মানৱ
পাঠ-9অসম
পাঠ-10প্রত্যাহ্বান
পাঠ-11গছ ভালপােৱা ককাৰ খং
পাঠ-12নামৰ বেবেৰিবাং
পাঠ-13প্ৰাকৃতিক দুৰ্যোগ
পাঠ-14বিদ্যা
পাঠ-15গড়গাঁও

‘ খ ’ ভাষা অধ্যয়ন ( ব্যৱহাৰিক ব্যাকৰণ ) 

 প্রশ্ন৭। তলৰ  দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা– 

দলং ,  ৰং ,   কলং ,   শিং 

উত্তৰঃ 

দলং :  ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং আছে । 

ৰং : ৰং দিয়া মিঠাই নাখাবা । 

কলং : কলং এখনি নদীৰ নাম । 

 শিং : গৰুৰ শিং আছে । 

প্রশ্ন ৮। এটা শব্দত প্ৰকাশ কৰা 

( ক ) যি একেলগে পঢ়ে ……………….। 

( খ ) যি জানিবলৈ ইচ্ছা কৰে ……………..।

( গ ) গাঁৱৰ মুখিয়াল ………………। 

( ঘ ) কাৰাে পক্ষ নােলােৱা ……………..।

( ঙ ) এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যােৱা ৰােগ …………..     । 

উত্তৰঃ ( ক ) যি একেলগে পঢ়ে  –  সহপাঠী । 

( খ ) যি জানিবলৈ ইচ্ছা কৰে  –  জিজ্ঞাসু । 

( গ ) গাঁৱৰ মুখিয়াল  –  গাঁওবুঢ়া । 

( ঘ ) কানাে পক্ষ নােলােৱা  –  নিৰপেক্ষ । 

( ঙ ) এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যােৱা ৰােগ  – সংক্রামক । 

প্রশ্ন ৯। বিপৰীতার্থক শব্দ লিখা— 

আৰম্ভ …………           

উপস্থিত ………….

অপকাৰ ……….         

বাদ ……………..

দিন ……………

উত্তৰঃ   আৰম্ভ  –  শেষ , সামৰণ ।

           উপস্থিত  –  অনুপস্থিত ।

          অপকাৰ  –  উপকাৰ ।

          বাদ  –  বিবাদ ।

          দিন   –   ৰাতি ।

          মান্তি  –  অমান্তি ।

১০। প্রশ্নত দিয়া মতে ( পাঠ্যপুথিত ) ছবি চাই , দফাটো পঢ়ি ‘ং ’আৰু ‘ঙ’ৰ ব্যৱহাৰ শিকি লােৱা ।

প্রশ্ন ১১। তােমাললাকে পাঠত পাইছা যে ৰতনপুৰ গাৱত বুধবাৰে সাপ্তাহিক হাট বহে । তােমালােকে জনা এনে হাটৰ বিষয়ে পাঁচশাৰী লিখা । 

উত্তৰঃ ছিপাঝাৰৰ বৰদৌলগুৰিত মঙলবাৰে সাপ্তাহিক হাট বহে । তালৈ ওচৰৰ গাঁও আৰু চৰ – চাপৰিৰ পৰা সতেজ শাক – পাচলি বিক্ৰী কৰিবলৈ মানুহ আহে। ইয়াত সকলাে ধৰণৰ বস্তু বেচা – কিনা হয় । বাঁহ – বেতৰ সামগ্ৰীও পোৱা যায় । হাটখন ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে ।  

প্রশ্ন ১২। চিকিৎসক পায়েঙে ছিটা প্রয়ােগ কৰাৰ উপকাৰিতাৰ বিষয়ে কোৱা কথাখিনি তুমি তােমাৰ অভিভাৱকৰ আগত কেনেদৰে প্ৰকাশ কৰিবা , দলত আলােচনা কৰি লিখা । 

উত্তৰঃ চিকিৎসক পায়েঙে ছিটা প্রয়ােগ কৰাৰ উপকাৰিতাৰ বিষয়ে ৰাইজক এনেদৰে কৈছিল— “অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্রৱেশ কৰে । কিছুমান শক্তিশালী বীজাণুৱে পলিঅ’, জলাতংক, ইনফ্লুয়েঞ্জা, হেপাটাইটিছ আদি ৰােগৰ সৃষ্টি কৰে । সেইবােৰ বীজাণুৱে মানুহৰ দেহৰ ৰােগ প্ৰতিৰােধ কৰা ক্ষমতা সহজে হ্রাস কৰে । ছিটা প্রয়ােগ কৰি সেই ভয়ানক বীজাণুবােৰৰ সংক্রমণ ৰােধ কৰিব পাৰি । উপযুক্ত সময়ত শৰীৰত ছিটা প্রয়ােগ কৰি আমাৰ শিশুসকলৰ ৰােগৰ প্ৰতিৰােধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্রয়ােজন । 

          এইখিনি কথাকে মনত ৰাখি আমাৰ অভিভাৱকক কম যে আমি ছিটা ল’লে আমাৰ গাত হ’ব পৰা ভয়ানক ৰােগবিলাক প্রতিৰােধ কৰাত শক্তি পাব আৰু সেইবােৰ ৰােগৰ বীজাণু সহজে ধ্বংস হ’ব । 

প্রশ্ন ১৩। তােমাৰ অঞ্চলৰ যিকোনাে এটা সমস্যাৰ বিষয়ে বর্ণনা কৰি বাতৰিকাকতত প্ৰকাশৰ বাবে সম্পাদকলৈ এখন চিঠি লিখা । 

উত্তৰঃ মাননীয় সম্পাদক মহােদয় , 

           আমাৰ অঞ্চলটো বিভিন্ন সমস্যাৰে জৰ্জৰিত । ঘাইকৈ ইয়াৰ বাট – পথৰ সমস্যাই অঞ্চলটোক সততে জুৰুলা কৰি আহিছে ৷ কেতিয়াবা দুই – এটা বাট – পথ বিভাগীয় কর্তৃপক্ষই মেৰামতি কৰা দেখুৱায় যদিও কাম কৰা সকলে সামান্য কাম কৰি ধন আত্মসাৎ কৰি আঁতৰি যায় । ৰাস্তা – পদূলিৰ এই সমস্যাৰ কাৰণে সকলাে ৰাইজৰে চলা – ফুৰা , যাতায়াত কৰাত ভীষণ অসুবিধা হৈ পৰিছে । খলা – বমা ৰাস্তাত গাড়ী , বাইক , চাইকেল প্রায়ে বাগৰি মানুহ আঘাতপ্রাপ্ত হােৱাৰ উপৰি দুই – চাৰি আৰােহী আৰু পথচাৰীৰ মৃত্যুও হৈছে । বিভাগীয় কর্তৃপক্ষক আবেদন – নিবেদন কৰা হৈছে যদিও এতিয়ালৈ ৰাস্তা – পদূলিবােৰ ভাল কৰিবলৈ কোনাে কাম হাতত লােৱা দেখা নাই । 

      এইক্ষেত্ৰত বিহিত ব্যবস্থা গ্রহণ কৰিব আপােনাৰ জনপ্রিয় বাতৰি কাকতৰ জৰিয়তে বিভাগীয় কর্তৃপক্ষৰ দৃষ্টি আকষর্ণ কৰিলোঁ । 

 ভুক্তভােগী এজন ছাত্র । 

প্রশ্ন ১৪। তুমি যদি কেতিয়াবা উৰা বাতৰিৰে প্রৰোচিত হােৱা তেনেহ’লে তাৰ পৰা পৰিত্ৰাণ পাবলৈ কি উপায় ল’বা ? 

উত্তৰঃ উৰা বাতৰিৰ পৰা পৰিত্ৰাণ পাবলৈ ধৈর্যসহকাৰে সেই বাতৰিৰ সত্যাসত্য বিচাৰিম আৰু ৰাইজকো ইয়াত বিচলিত নহ’বলৈ আৰু কোনাে সঁচা – মিছা নজনাকৈ বিশ্বাস নকৰিবলৈ আহ্বান জনাম ।

১৫। পাঠ্যপুথিত দিয়া ছবি চাই কাহিনীটো লিখিলে এনে হ’ব— 

      কিবা কাৰণত বিদ্যুৎ প্রবাহিত হৈ থকা তাৰ ছিঙি মাটিত পৰি আছে । ই এটা ভয়ানক বিপদৰ কথা । কোনােবাই যদি ক’ব নােৱাৰি সেই পিনে আহি সেই তাৰ স্পর্শ কৰে তেনেহ’লে মৃত্যু মুখত পৰিব । সেই দুটি ল’ৰা – ছােৱালী আহি বিদ্যুৎ প্রবাহিত এই তাৰ দুডাল দেখি ভীষণ ভয় খাইছে আৰু বিদ্যুৎ বিভাগত কামকৰা চৌধুৰী খুড়াকক কথাটো ক’বলৈ ওলাইছে । বৰ ভাল চিন্তা কৰিছে ল’ৰা – ছােৱালী দুটিয়ে । এনে পৰিস্থিতিত তানেও ওচৰৰ বিদ্যুৎ কর্মীক তৎক্ষণাত খবৰ দিব লাগে । বিদ্যুৎ কর্মী আহি নােপােৱা পর্যন্ত জনা মানুহ এজন তাত ৰখীয়া হৈ থাকিব লাগে যাতে আন কোনােৱে আহি তাত বিপদত নপৰে । 

‘ ঘ ’ প্রকল্প 

প্রশ্ন১৬। উৰাবাতৰি সম্পর্কে সমাজত সজাগতা সৃষ্টিৰ বাবে অভিজ্ঞ ব্যক্তি সহায় লৈ বাটৰ নাট এখন প্রদর্শন কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে চেষ্টা কৰিবা । 

প্রশ্ন১৭৷ তলত দিয়া আৰ্হিৰ দৰে উৰা বাতৰি সম্পৰ্কত সমাজত সজাগতা সৃষ্টিৰ বাবে প্রত্যেকেই দুটামান শ্লোগান লিখা । 

উত্তৰঃ পাঠ্যপুথিত দিয়া আৰ্হি মতে উৰা বাতৰি সম্পৰ্কত এনেধৰণৰ শ্লোগান , লিখিব পৰা যায়- 

          উৰা বাতৰিক বিশ্বাস নকৰিবা । 

          উৰা বাতৰিৰ সত্যাসত্য বিচাৰি কৰি চোৱা । 

          উৰা বাতৰিয়ে সমাজৰ অন্যায় কৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top